অন্তঃদ্বন্দ্ব।ৰাব্বি মছৰুৰ

অন্তঃদ্বন্দ্ব (কবিতা) ‘ব্যহত’ আৰু ‘অব্যহত’ শব্দ দুটিক লৈ বহুত দিন  মোৰ মনত চলি আছিল  খেলিমেলিৰ অন্তঃদ্বন্দ্ব।  বহু সময়ত ব্যৱহৃত  হৈছিল ‘ব্যহত’ৰ ঠাইত ‘অব্যহত’।  বহু সময়ত উচ্চাৰিত হৈছিল ‘অব্যহত’ৰ ঠাইত ‘ব্যহত’। পৰিণামত উদ্গীৰিত জ্বালামূখীয়ে চাৰিওদিশ ধোঁৱা, ছাই, লাভাৰে খেলিমেলি লগোৱাৰ দৰে   বিশৃঙ্খলতাৰে বিপৰ্যস্ত হৈ পৰিছিল মোৰ অহেতুক প্ৰেমৰ গল্প, কবিতাৰ কলি, গদ্য-ছন্দৰ সুশৃঙ্খল শব্দ বিন্যাস।  হুমুনিয়াই লৈছিল বিকৃত ৰূপ। ৰূপ হেৰুৱাই  অপৰূপত ধ’ৰা দিছিল মোৰ উষ্ণ অনুভুতিবোৰ । গঢ়া-খহনীয়াত উটুৱাই নিয়া সাগৰৰ […]

Read More

বৰ্ষা।ৰাব্বি মছৰুৰ

বৰ্ষা (কবিতা) শুকান ফাগুনৰ মধ্যাহ্নত  বৰ্ষা নামে মোৰ শব্দৰ পৃথিৱীত আনন্দাপ্লুত দুচকুত দোৰোল খাই পৰে সদ্য প্রস্ফুটিত  ফুল মোৰ আকাশৰ ইপাৰে-সিপাৰে ৰামধেনুৰ কাষে কাষে। বাজি উঠে, বাজি  উঠে মোৰ  নিঃসাৰ সত্ত্বাৰ বীণ নিশাৰ আঁৰে আঁৰে।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

আমাৰ এদল শিল্পীৰ  প্রয়োজন।ৰাব্বি মছৰুৰ

আমাৰ এদল শিল্পীৰ  প্রয়োজন (কবিতা) আমাৰ এদল শিল্পীৰ প্ৰয়োজন হৃদয়ত  শুভ্ৰতা  পৰিহিতা  এদল সঁচা শিল্পী চিৰা-চৰিত ৰুদ্ধদ্বাৰ চিৰদিনৰ বাবে  উন্মুক্ত কৰিবলে’।   আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন যিহঁতে মহা মাতঙ্গৰ শৌৰ্য-বীৰ্যৰে বলীয়ান হৈ  ওলাই আহিব সন্ত্ৰাসৰ বিৰুদ্ধে স্পৰ্ধাময় দুবাহু দাঙি  শান্তি-উন্মুত্ত  ৰণ শৃঙ্খল সজাবলে’।   আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন যিহঁতৰ চকুলোৰ দুকোল ঢকা বান চিৰ তিমিৰাচ্ছন্ন অন্ধকাৰৰ বিৰুদ্ধে গৰ্জি উঠিব।   আমাৰ সেইদল শিল্পীৰ প্ৰয়োজন ভণ্ড তপস্যীহঁতৰ দুৰ্দ্দান্ত মুণ্ড সহস্ৰ চূড়ান্ততাত কৰিব পণ্ড শোষণকাৰী, […]

Read More

প্ৰেমৰ স্তবক। ৰাব্বি মছৰুৰ

 প্ৰেমৰ স্তবক (কবিতা) প্ৰেমৰ মানেনো কি ….. নিশ্চয় শিলে শিলে ঘৰ্ষণ খাই জ্বলি উঠা অগ্নি-স্ফূলিঙ্গ  মূহুৰ্তৰ উত্তেজনাত উত্তাল  মাৰি ওফন্দি উঠা সাগৰৰ ঢৌ হয়তোবা ! পাহাৰৰ শিলদ’ল ভাগি নামি অহা জিৰ জিৰ নিজৰা।   সকলো আছে বাবেই  মই আছো অথবা  মই আছো বাবেই  সকলো আছে আছে শূন্যতাত আশাৰ সঁফুৰা আছে প্ৰেমৰ পথাৰ আছে সাগৰ  আছে¸ মাজ নিশাৰ জোন।  ০ ০ ০ …ৰাব্বি মছৰুৰ  

Read More

ফুল।ৰাব্বি মছৰুৰ

ফুল (কবিতা) এতিয়াও বাজি উঠা নাই বাঁহীটো কাইলৈ সূৰ্যোদয়ৰ দিন হয়তোবা স্বয়ংক্ৰিয়ভাবেই  উদ্গীৰিত হ’ব জ্বালামূখীটো শিল্পী হাতৰ তৰোৱালৰ চিকমিকনিত  মূৰ দাঙি ওলাই আহিব  আকাশ নীলা ৰামধেনু। কবিৰ হাতত অঞ্জলি ভৰ্তি ফুল।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

এজন কবিৰ কথাৰে।ৰাব্বি মছৰুৰ

এজন কবিৰ কথাৰে (কবিতা)  মই এজন সাধাৰণ কবি হাতত মোৰ শূন্যতা মই ৰাতিৰ আকাশৰ তলত   সুদাপেটে  থাকো নিৰ্জন নিশাৰ নক্ষত্ৰই শান্ত কৰে মোৰ হতাশাত ভাগি পৰা হৃদয়  মই নিশাৰ অন্ধকাৰত খেপিয়াই পোহৰ  ধৰো শূণ্য হৃদয়  ফুলাই তোলো কিছু নীৰৱ মূহুৰ্তৰে বতাহে কথা পাতে মোৰ স’তে বাতৰি কঢ়িয়াই   আনে সৰগৰ দেউতাৰ পৰা (দেউতা হেনো ভালে আছে কিমান যে নিঃস্ব নাছিল সি!)   মই পাৰ ভগা  নদীৰ বলিয়া বান পলসেৰে ভ’ৰাই তোলো দুয়োপাৰ মই কবি  শূন্যতাৰে […]

Read More

প্রেয়সী।ৰাব্বি মছৰুৰ

প্রেয়সী (কবিতা) মোৰ এজনী প্ৰেয়সী আছে তাইক তুমি সকলোতে পাবা তোমাৰ চাৰি আলিৰ চুকত ৰাতিৰ চাৰিওটা প্ৰহৰত শিল ভাঙি  থকা অথবা মাটিৰ চপৰা মূৰত লৈ বনুৱা কৰা। তুমি তাইক পাবা জুৱাৰ আড্ডাত, মদৰ ভাটিত মদ বাকি থকা ত্ৰিকোণী গিলাচত তাইৰ মুখত অকৃত্ৰিমভাৱে কৃত্ৰিম হাঁহিৰ সঁফুৰা। বুকুত তাইৰ আটলান্টিক মহাসাগৰৰ প্ৰকাণ্ড ঢৌ তোমাৰ নিজৰ বুকুত হাত থলেই শুনিবলৈ পাবা তাইৰ বুকুৰ স্পন্দন। তুমি তাইক পাবা বোলছবি গৃহত দূৰদৰ্শনৰ পৰ্দাত, যাত্ৰা পাৰ্টিৰ নায়িকাৰ ভূমিকাত […]

Read More

আজি ৰাতিটোৰ বাবে।ৰাব্বি মছৰুৰ

আজি ৰাতিটোৰ বাবে (কবিতা) আজি ৰাতিটোৰ বাবে  মোক দিয়া এপলক হেঙুল সময় হাওঁফাওঁত সুমুৱাই লওঁ বিশুদ্ধ বতাহ আতঁৰক বুকুৰ পৰা  হাহাকাৰ কৰি ফুৰা শ্বাস-শূণ্যতা।   মাথো আজি ৰাতিটোৰ বাবে   মোক দিয়া এপলক হেঙুল সময় শিথিল নিঃসাৰ আঙুলিত আন্দোলিত হওঁক হেৰাই যোৱা বাগ্ময়তা মোৰেই বিৰুদ্ধে  গৰ্জি উঠক মোৰেই প্ৰতীতি মোৰ শান্তি-উন্মুত্ত  চিৰন্ময়তা। ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

বিপ্লৱ।…ৰাব্বি মছৰুৰ

বিপ্লৱ (কবিতা) বিপ্লৱ মানে- সহস্ৰ মধুমক্ষিকাৰ গুণ গুণ গুঞ্জণ জোৰ কৰি জাপি দিয়া অন্ধকাৰ যামিনীৰ বিৰুদ্ধে এমুঠি পোহৰৰ  স্বতঃস্ফূর্ত  অভিযান ৰুৰোদ্যমান জনতাৰ তপত চকুলোৰ লেলিহান শিখা ৰক্তাপ্লুত দেহাৰ বিনিময়ত আলফুলকৈ সাঁচি ৰখা বুভুক্ষু জনতাৰ দুর্বিনীত  হাবিলাস।   বিপ্লুৱ মানে- বিমুক্ত মুক্তাৰ মুক্ত প্ৰেম, জনতাৰ বিহমুক্ত অম্লজান, ৰক্তিম ৰাতিৰ পিছত উদিত হোৱা লাৱণ্যময়ী ৰাতিপুৱাৰ আগজাননী শাণিত সময়ৰ সুবিমল সেঁতুময়তা, শত শত ৰক্তক্ষয়ী শ্বহীদৰ চিৰাকাঙ্খিত সপোনৰ  স-প্ৰতিভ বৰ্তমান।   বিপ্লৱ মানে- শত সহস্ৰ বীণাৰ তাঁৰত  প্রতিধ্বনিত  […]

Read More

সপোনত  তুমি।ৰাব্বি মছৰুৰ

সপোনত  তুমি (কবিতা) যোৱা ৰাতি মই তোমাক সপোনত  লগ পালো তুমি নতুনকৈ কইনা সাজিছা আৰু মই পুৰণি পোছাকযোৰ নতুনকৈ পিন্ধিছো। নতুন আলহীৰে ভৰি পৰিছে তোমাহঁতৰ ঘৰ লগত মোৰ একান্ত ব্যক্তিগত বন্ধুবোৰ  সকলোৰে ভয়- হয়তোবা খহি পৰে আকৌ আকাশৰ সূৰুয মই মাথোঁ পাল তৰিছো বতাহৰ স’তে কোনো আশা নাই, কোনো শংকা নাই সাগৰৰ অশান্ত উৰ্মিমালাই মোক  নচুৱাই আছে  মই নাচি আছো পোৱাৰ  আনন্দও জগা নাই হেৰোৱাৰ বেদনাও  মোৰ নাই।   পুৱাৰ সময়, তোমাৰ গালে-মুখে ছিটিকি […]

Read More