অসমীয়া  লেখক পৰিচয়

(ইন্টাৰনেট সংস্কৰণ)

ৰাবিব মছৰুৰ

 

 

 

 

 

 

 

 

 

 

 

 

গ্ৰুহিলচ্‌ পব্লিশিং 

কমলপুৰ, বৰেপটা (অসম)

…………………………………………………………………………………………………………… 

 

Asomiya Lekhak Parichay (Introduction to Assamese Writers)   by Rabbi Masrur, Published by Growhills Publishing, Kamalpur, Barpeta (Assam)

 

 

First Edition: 2019

 

 

 

 

 

 

 

All rights reserved with the publisher.

 

 

 

 

 

 

D.T.P. by Growhills D. T. P. Operators.

 

 

 

…………………………………………………………………………………………………………

 

একাষাৰ

ভাৰতৰ প্ৰাদেশিক ভাষাবোৰৰ  ভিতৰত অসমীয়া ভাষা এক অন্যতম চহকী ভাষা।  এই ভাষাত মাধৱ কন্দলিৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে প্ৰায় এহেজাৰৰো অধিক কবি-সাহিত্যিকৰ জন্ম হৈছে। ইয়াৰ কিছুসংখ্যক সাহিত্যিকে সিহঁতৰ সৃষ্টিকৰ্মৰ গুণগত মানদণ্ডৰ বাবে  ইতিহাসৰ পাতত স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে আৰু অধিকসংখ্যকেই কালৰ বুকুত হেৰাই গৈছে। মাধৱ কন্দলিৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক হীৰেন ভট্টাচাৰ্যলৈকে সকলোবোৰ  কবি-সাহিত্যিকৰ চমু পৰিচয় লিখি উওিৱাৰ বাবে এক উদ্যোগ গ্ৰহণ কৰা হৈছিল যদিও সকলোবোৰ  লিখকৰ চমু পৰিচয় সংগ্ৰহ কৰাটো বিভিন্ন কাৰণত সম্ভৱ হৈ উঠা নাই।  অসমীয়া লেখক পৰিচয় গ্ৰন্থখনত মাত্ৰ কেইজনমান সাহিত্যিকৰ চমু পৰিচয় সন্নিবিষ্ট কৰা হ’ল। আশা ৰাখিছো প্ৰিয় পাঠকসমাজে কিতাপখনৰ পৰা জনদিয়েক অসমীয়া লেখকৰ পৰিচয় জানিবলৈ সক্ষম হ’ব।

শান্তি কানন                                                                                                        ৰাবিব মছৰুৰ

কমলপুৰ, বৰেপটা 

 

………………………………………………………………………………………………………………………………

 

সূচীপত্ৰ

 

মাধৱ কন্দলি

শ্ৰীধৰ কন্দলি

শ্ৰীমন্ত শংকৰদেৱ

ভট্টদেৱ

মাধৱদেৱ

আজান ফকিৰ 

কবিৰাজ চক্ৰৱর্তী 

ৰঘুনাথ চৌধাৰী

দেৱকান্ত  বৰুৱা 

হৰেকৃষ্ণ ডেকা

নীলমণি ফুকন

ডিম্বেশ্বৰ নেওগ  

হেম বৰুৱা

আব্দুছ ছাত্তাৰ  

বন্দিতা ফুকন 

 কুলেন্দু পাঠক

ৰথীন্দ্ৰনাথ গোস্বামী

লক্ষ্মীনাথ বেজবৰুৱা

জীনা বৰুৱা

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

যতীন্দ্ৰনাথ দুৱৰা

ফণী তালুকদাৰ 

ত্ৰৈলোক্যনাথ গোস্বামী¸

তীৰ্থনাথ শৰ্মা

ড০ ভবেন্দ্ৰনাথ শইকীয়া

ড০ দীনেশ চন্দ্ৰ গোস্বামী

মফিজুদ্দিন আহমদ হাজৰিকা

নলিনীবালা দেৱী

জ্যোতিপ্ৰসাদ আগৰৱালা

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত 

কেশৱ মহন্ত

ড০ নিৰ্মলপ্ৰভা বৰদলৈ

নৱকান্ত বৰুৱা

ড০ দুলুমণি গেীাস্বামী

ড০ স্বৰ্ণলতা দাস

অম্বিকাগিৰি ৰায়চৌধুৰী

চন্দ্ৰকুমাৰ আগৰৱালা

সীতানাথ ব্রহ্মচৌধুৰী

লক্ষ্মীধৰ শৰ্মা

ড০ প্ৰফুল্ল চন্দ্ৰ গোস্বামী

হলিৰাম ঢেকিয়াল ফুকন

ৰজনীকান্ত বৰদলৈ

গনেশচন্দ্র  হাজৰিকা

বলীনাৰায়ণ বৰা

কাশীনাথ ফুকন

যোগেশ দাস

 হৰকান্ত সদৰামিন

হোমেন বৰগোহাঞিž 

সত্যনাথ বৰা

ড০ বাণীকান্ত কাকতি

কালিৰাম মেধি 

ড০ বিৰিঞ্চি কুমাৰ বৰুৱা

ড০ উপেন্দ্র  নাথ গোস্বামী

সুবোধ  মল্ল বৰুৱা 

প্ৰণয় বৰদলৈ

ড০ লক্ষ্মীনন্দন বৰা

ড০  মদন মোহন শইকীয়া

ভৱানন্দ দত্ত 

উত্তম  বৰুৱা

ড০ সূৰ্যকুমাৰ ভূঞা

শীলভদ্ৰ

উৎপল দত্ত 

চৈয়দ আব্দুল মালিক

ড০ হেমন্ত কুমাৰ শৰ্মা

ড০ নবীন চন্দ্ৰ শৰ্মা

ৰত্নকান্ত বৰকাকতী

হীৰেন ভট্টাচাৰ্য

ভূপেন  হাজৰিকা

পদ্মনাথ গোহাঞিবৰুৱা 

এম ইব্ৰাহিম আলি

ৰঞ্জুমণি মহন্ত

ৰাজীৱ শৰ্মা

পংকজ দত্ত

বিনন্দচন্দ্ৰ বৰুৱা 

বৰ্ণালী ডেকা

দুৰ্গেশ্বৰ শৰ্মা

হিতেশ্বৰ বৰবৰুৱা

জ্ঞাননাথ বৰা

অনুৰাধা শৰ্মা পূজাৰী

ডাঃ জয়ন্ত কুমাৰ গোস্বামী

ধৰ্মেশ্বৰী দেৱী বৰুৱানী

সৰ্বেশ্বৰ কটকী 

ৰাজেন্দ্ৰনাথ ডেকা

হেমচন্দ্ৰ গোস্বামী

দীপজ্যোতি বৰপূজাৰী

চন্দ্ৰধৰ বৰুৱা 

ড০ জয়শ্ৰী গোস্বামী মহন্ত  

ড০ প্ৰণয়ী দত্ত  

………………………………………………………………………………………………………………………………

 

মাধৱ  কন্দলি

মাধৱ কন্দলি প্ৰাক-শংকৰী যুগৰ এজন শ্রেষ্ঠ  কবি। তেওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা  লাভ কৰিছিল। আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলিয়েই প্ৰথমতে সংস্কৃত ৰাময়ণখন  অসমীয়ালৈ ভাঙনি  কৰে।  মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও ইয়াৰ মাত্ৰ পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্ৰমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি  কৰি কন্দলিৰ ৰামায়ণখন  সম্পূৰ্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্ৰতিভাক প্ৰশংসা কৰি ‘অপ্ৰমাদী’ অৰ্থাৎ ভ্ৰান্তিহীন কবি বুলি অভিহিত কৰিছে।

 

শ্ৰীধৰ  কন্দলি

শ্ৰীধৰ  কন্দলি মহাপুৰুষ শংকৰদেৱৰ পাছৰ সময়ৰ এজন অসমীয়া বৈষ্ণৱ  কবি। তেওঁৰ কবিতাত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। ‘কাণখোৱা’ পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণু অৱতাৰৰ লীলা মাহাত্ম্য সহজ-সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত কৃষ্ণ টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে কৃষ্ণক জগাবলৈ যোৱাত তেওঁ অভিমানত নানা কথা কৈছে।

 

শংকৰদেৱ 

শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ  বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।  তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুড়ীমাক খেৰসুতিয়ে  শংকৰদেৱক তুলি-তালি ডাঙৰ -দীঘল কৰে। 

বুড়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত হৈ উঠে।

১৪৮১ চনত  তেওঁ ১৭ জন সঙ্গীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলায়। এই ভ্ৰমণ কালত তেওঁ উত্তৰ ভাৰতৰ প্ৰায়বোৰ  তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। সেই সময়ত অসমৰ সামাজিক আৰু ধৰ্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে তেওঁ ‘ভাগৱত গীতা’ৰ ভিত্তিত  এক নতুন ধৰ্মমতৰ পাতনি মেলে। সেই ধৰ্মক ‘নৱবৈষ্ণৱ ধৰ্ম’ বুলি কোৱা হয়। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ – হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্ৰ। তেওঁ তেওঁৰ ধৰ্মমত প্ৰচাৰৰ মাধ্যম হিচাপে  সাহিত্য ৰচনা কৰিবলৈ লয়।

তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি:

কাব্য: হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ  আদি।

ভক্তিমূলক পুথি: ভক্তি প্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন  আদি।

নাম প্ৰসঙ্গমূলক পুথি: কীৰ্তন ঘোষা, গুণমালা  আদি।

অনুবাদমূলক পুথি: ভাগৱত, আৰু  উত্তৰাকাণ্ড ৰামায়ণ।

অংকীয়া নাট: পত্নী প্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ  আৰু ৰাম বিজয়।

গীত: বৰগীত, ভটিমা।

শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক সৃষ্টিকর্মসমূহৰ কীৰ্তিস্তম্ভ স্বৰূপ।

শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান  আগবঢ়াই  অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে।

এইজন মহাপুৰুষে ১৫৬৮ চনত এশ ঊনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।

 

ভট্টদেৱ

অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱ (১৫৫৮-১৬৩৮ খ্ৰীঃ) ৰ সম্পূর্ণ নাম বৈকুণ্ঠ ৰাম  ভাগৱত ভট্টাচাৰ্য। তেওঁৰ জন্ম হৈছিল কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত। তেওঁৰ পিতৃৰ নাম আছিল চন্দ্ৰভাৰতী। পিতৃৰ নিৰ্দেশমতে তেওঁ শ্ৰীদামোদৰ দেৱৰ ওচৰত শৰণ লয়। ভাগৱতত বিশেষ বুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা ‘কবিৰত্ন’ আৰু ‘ভাগৱত ভট্টাচাৰ্য’  উপাধি লাভ কৰে। গুৰুৰ নির্দেশমতে সৰ্বসাধাৰণে বুজিব পৰাকৈ গদ্যত তেওঁ ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। ইয়াৰ উপৰিও অসমীয়া ভাষাত ‘শৰণ মালিকা’, ‘গুৰু বংশাৱলী’, প্ৰসঙ্গাৱলী’, আৰু সংস্কৃত ভাষাত ‘ভক্তিসাৰ’, আৰু ভক্তিবিবেক’ গ্ৰন্থ ৰচনা কৰে। ভট্টদেৱৰ পূর্বে কোনো উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচিত হোৱা নাছিল। ভট্টদেৱে অসমীয়া গদ্যত তত্ত্বগধূৰ কথা ৰচনাৰ আৰ্হি দেখুৱাই গ’ল। তেওঁৰ গদ্য অৱশ্যে বুৰঞ্জীৰ গদ্যৰ দৰে কথিত গদ্য নহয়। তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ গদ্যত বিদ্যমান।

 

 মাধৱদেৱ 

মাধৱদেৱ  হৈছে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ প্ৰধান শিষ্য আৰু এজন বৈষ্ণৱী সাহিত্যিক। তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত। তেওঁ গোটেই জীৱন চিৰকুমাৰী হিচাপে কটাই গুৰু শ্ৰী শংকৰদেৱৰ লগত ছায়াৰ দৰে থাকি অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। 

তেওঁৰ সাহিত্য কৰ্মৰ ভিতৰত ‘নামঘোষা’ গ্রন্থখন শ্রেষ্ঠ। তেওঁৰ আন আন ৰচনা সমূহ হ’ল:

আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।

তত্ত্বমূলক ৰচনা: নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য।

নাটক: অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি।

ইয়াৰ উপৰিও তেওঁ কেইবা কুৰি গীত ৰচনা কৰে যিবোৰক ‘বৰগীত’ বুলি কোৱা হয়। তেওঁৰ ৰচনাৰাজিত  সহজ-সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণ মহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ ৰচনা ৰাজিৰ প্ৰধান বিষয়। 

১৫৯৬ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

 

আজান ফকিৰ 

আজান ফকিৰ হৈছে এজন ইছলামধৰ্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰবদেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহে।  বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে  ৰূপাই দা-ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোমৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু কাড়ে । পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি  দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ইহলীলা সম্বৰণ কৰে। আজান ফকিৰক ‘শ্বাহ মিলান’ আৰু ‘শ্বাহ ফকিৰ’ নামেৰেও জনা যায়। জিকিৰ আৰু জাৰী তেওঁৰ ৰচনা বুলি কোৱা হয়। জিকিৰ আৰু জাৰীসমূহত বিশ্ব সংসাৰৰ অনিত্যতা আৰু পৰম আল্লাহৰ গুণানুকীৰ্তন আছে।

 

কবিৰাজ চক্ৰৱৰ্তী 

অষ্টাদশ শতিকাৰ এজন অসমীয়া কবি। কবিৰাজ চক্রৱৰ্তীয়ে ৰচনা কৰা ‘শকুন্তলা’ কাব্যত আত্ম পৰিচয় দিয়ে এই বুলি যে তেওঁ আহোম ৰজাসকলৰ সভা কবিসকলৰ ভিতৰত শ্রেষ্ঠ । তেওঁ আত্ম বিবৃতিত কন্বমুনিৰ বংশজাত বুলি উল্লেখ কৰিছে। তেওঁৰ পিতাকৰ নাম আছিল ৰমানন্দ আৰু মাতৃৰ নাম আছিল গোবিন্দ প্ৰিয়া। আত্ম বিবৃতিৰ এঠাইত তেওঁ নিজকে ‘বিষ্ণুৰ কিঙ্কৰ’ বুলি অভিহিত কৰিছে। ইয়াৰ পৰা জানিব পৰা যায় যে তেওঁ বিষ্ণুভক্ত ব্রাহ্মণ  আছিল। এওঁ আহোম ৰজা ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ সভাকবি হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্রৱৰ্তী। ‘কবিৰাজ’ তেওঁৰ এটি উপাধিহে। এই উপাধি তেওঁক কোনে দিয়ে জনা নাযায়। কিন্তু এই উপাধিয়ে তেওঁৰ কাব্যিক  পাণ্ডিত্য বা শ্রেষ্ঠত্বক নিৰ্দ্দেশ কৰে। এইজন কবিয়ে মহাৰাজ ৰুদ্ৰসিংহক শাস্ত্ৰজ্ঞান  দিছিল । ৰুদ্ৰসিংহৰ অনুৰোধমর্মে  তেওঁ ‘গীত গোবিন্দ’ৰ পদ অসমীায়লৈ ভাঙনি কৰে। ইয়াৰ পিছত ৰজা শিৱসিংহ আৰু ৰাণী ফুলেশ্বৰীৰ অনুৰোধক্রমে  ‘শকুন্তলা’ কাব্য ৰচনা কৰিছিল। এইবোৰৰ  উপৰিও তেওঁ ‘শংখচূড় বধ’ আৰু ‘ব্রহ্ম বৈৱৰ্ত’ পুৰাণৰ ‘কৃষ্ণ জন্মখণ্ড’ ৰচনা কৰিছিল।

 

ৰঘুনাথ চৌধাৰী 

ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৮) এজন অসমীয়া ৰমন্যাসবাদী (ৰোমাণ্টিক) কবি। তেওঁৰ জন্ম হয় নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা নামৰ গাঁৱত। পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতে ভৰিত দুখ পাই চিৰদিনৰ বাবে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ বাবে  সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথক  গুৱাহাটীলৈ লৈ গৈ বিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে। কিন্তু অষ্টম শ্ৰেণীলৈকে পঢ়া-শুনা কৰি শিক্ষকৰ কঠোৰ শাসন ভাল নাপাই স্কুলীয়া শিক্ষা তাতেই সাং কৰি ঘৰতে সংস্কৃত আৰু বাংলা সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰে যদিও সেয়াও এৰি দি খেতি-বাতি কৰিবলৈ লয় আৰু সাহিত্য চৰ্চা কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক আৰু ‘মইনা’, জয়ন্তী’, আৰু ‘সুৰভি’ নামৰ আলোচনী সম্পাদনা কৰে। তেওঁৰ কবিতা পুথিসমূহ হ’ল: ‘সাদৰি’ (১৯১০), কেতেকী (১৯১৮), ‘কাৰবালা (১৯২৩) ‘দহিকতৰা’ (১৯৩১), ‘নৱমল্লিকা’ (১৯৫৮) আৰু মৰণোত্তৰভাৱে ’মনাই বৈৰাগী’ আৰু ‘পচতীয়া’ নামেৰে দুখন  পুথি প্ৰকাশ পায় । তেওঁ প্ৰকৃতিৰ বিষয়-বস্তুক লৈ কবিতা ৰচনা কৰিছিল। তেওঁ চৰাই বিষয়ক কেইবাটাও সুন্দৰ- সুন্দৰ কবিতা ৰচনা কৰিছিল বাবে  তেওঁক ‘বিহগী, (চৰাইৰ) কবি’ বুলিও কোৱা হয়। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত  হোৱা অসম সাহিত্য সভা’ অধিবেশনৰ   সভাপতি নিৰ্বাচিত হৈছিল।

 

দেৱকান্ত  বৰুৱা

দেৱকান্ত  বৰুৱা (১৯১৪-১৯৯৬) এজন অসমীয়া ৰমন্যাসবাদী কবি, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় ডিব্রুগড়ত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা বি. এ. আৰু বি. এল পাছ¸ কৰে। ১৯৩১ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ কাৰাবাস খাটে। পিছলৈ  ৰাজনীতিত প্ৰৱেশ কৰি লোকসভালৈ নিৰ্বাচিত হয়। লগতে ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল আৰু ১৯৭২ চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে  কাৰ্যনিৰ্বাহ কৰে।

ৰাজনৈতিক ব্যক্তি  হোৱাৰ উপৰিও তেওঁ এজন কবি আৰু সাংবাদিক আছিল। তেওঁৰ একমাত্ৰ কবিতা পুথি ‘সাগৰ দেখিছা’ ১৯৪৮ চনত প্ৰকাশিত হয়। ‘জোনাকী’ আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰমন্যাসবাদী কবিতাৰ যাত্রা দেৱকান্ত বৰুৱাৰ কবিতাৰ মাজেদি ভাৱগধুৰ বিস্তাৰ লাভ কৰে। তেঁৱেই আধুনিক অসমীয়া কবিতাত প্ৰথম বাৰৰ বাবে  দৈনন্দিন জীৱনৰ কথিত ভাষাৰ সু-প্ৰয়োগ কৰে। তেখেতে কিছুমান কবিতাত ইংৰাজ কৰি ৰবাৰ্ট ব্রাউনিংৰ নাটকীয় স্বগতোক্তিৰ ব্যৱহাৰ কৰি  আধুনিক অসমীয়া কবিতাত এক নতুন মাত্ৰা সংযোজন কৰে। তেওঁ হৈছে ৰোমান্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ দুৱাৰদলিৰ কবি। সেয়ে তেওঁক ‘দোমোজাৰ কবি’ বুলি কোৱা হয়। স্বদেশপ্ৰেম, অতীতৰ জয় গাঁথা, নিস্বাৰ্থ মানৱ প্ৰেম আদি তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

 

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এজন অসমীয়া কবি, আলোচনী সম্পাদক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় তিনিচুকীয়াত। ১৯৬৫ চনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে আৰু পাছত প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে  অৱসৰ গ্ৰহণ কৰে।

তেওঁ কিছুদিন The Sentinel আৰু ‘গৰিয়সী’ আলোচনী সম্পাদনা কৰিছিল। চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতে তেওঁ সময় উলিয়াই সাহিত্য চৰ্চা কৰি কেইবাখনো পুথি ৰচনা কৰে। ‘ৰাতিৰ শোভাযাত্ৰা’, আন এজন, Sea-Scare আদি তেওঁৰ কবিতাৰ পুথি। তেওঁ এজন ভাল গল্পকাৰো। তেওঁৰ গল্প পুথিকেইখন হ’ল – ‘গল্প আৰু কল্প’, মধুসূদনৰ দলং’, মৃত্যুদণ্ড’ আদি। তেওঁৰ একমাত্ৰ উপন্যাস হ’ল ‘আগন্তুক’। ইয়াৰ উপৰিও তেওঁ কেইবাখনো ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰিছে।

তেওঁ ১৯৮৭ চনত ‘সাহিত্য একাডেমী বঁটা’ ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘আসাম ভেলী লিটাৰেৰী বঁটা’ লাভ কৰে।

 

 নীলমণি ফুকন

নীলমণি ফুকন (১৮৮০-১৯৭৮) এজন অসমীয়া কবি, বলিষ্ঠ  গল্পলেখক আৰু এজন সুবক্তা আছিল। তেওঁৰ জন্ম ডিব্ৰুগড়ত। পিতৃৰ নাম লম্বোদৰ ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়তেই সাং কৰি কোচবিহাৰ কলেজৰ পৰা বি. এ. পৰীক্ষা পাছ কৰে। তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ যোৰহাটৰ পৰা প্ৰকাশ পোৱা ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদক আছিল। তেওঁ ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে।

ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ বিশেষত্ব। তেওঁৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ’ল- ‘জ্যোতিকনা’, ‘মানসী’, ‘গুটিমালি’, ‘সন্ধানী’ ‘শতধাৰা’ আদি। ‘সাহিত্য-কলা’ আৰু ‘চিন্তমণি’ হ’ল তেওঁৰ গদ্য পুথি।

 

ডিম্বেশ্বৰ নেওগ

ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬) এজন অসমীয়া কবি, সমালোচক, গৱেষক আৰু বুৰঞ্জী প্ৰণেতা আছিল। তেওঁৰ জন্ম হয় শিৱসাগৰৰ কমাৰফদীয়া গাওঁত। পিতৃৰ নাম মানিক চন্দ্ৰ নেওগ। শিৱসাগৰত স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা বি. এছ. ছি. পাছ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। পাছলৈ এম. এ.  আৰু বি. টি. পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰ পৰা অৱসৰ লয়। কলেজীয়া সময়ৰ পৰাই ‘বাঁহী’ আলোচনীত কবিতা আৰু প্ৰৱন্ধ লিখিবলৈ লয় । তেওঁৰ কবিতা পুথিসমূহ হ’ল- মালিকা, থুপিতৰা,  মালতী, ইন্দ্ৰধনু, মুকুতা, শ্বহীদ কাৰবালা, থাপনা  আদি।  তেওঁৰ অন্যান্য গ্রন্থবোৰ হৈছে – আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰম:বিস্তাৰ,  গ্ৰুথ অফ দ্য এচামিচ লেংগুৱেজ  আদি। ইংৰাজী ভাষাতো তেওঁ কেইবাকনো আলোচনামূলক গ্ৰন্থ ৰচনা কৰিছিল।

১৯৬৫ চনত অনুষ্ঠিত  হোৱা অসম সাহিত্য সভাৰ অধিবেশনত  তেওঁ সভাপতিত্ব কৰিছিল।

 

হেম বৰুৱা

হেম বৰুৱা (১৯১৫- ১৯৭৭) এজন অসমীয়া ৰাজনীতিবিদ, কবি তথা সাহিত্যিক। তেওঁৰ জন্ম হয় তেজপুৰত। তেওঁ তেজপুৰ চৰকাৰী হাই স্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি, কটন কলেজৰ পৰা বি. এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ  পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে।  তেখেতে ‘পছোৱা’ আলোচনী আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক কাকত সম্পাদনা কৰছিল। তেওঁৰ সাহিত্যিক সষ্টিসমূহৰ ভিতৰত উল্লেখ উল্লেখযোগ্যবোৰ হ’ল- বালিচন্দা, আধুনিক সাহিত্য, এই গাওঁ এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি, সানমিহলি, ৰঙা  কৰবীৰ ফুল, কননড়ী, দ্য ৰেড ৰিভাৰ এন্ড দ্য  ব্লু হিল’ (ইংৰাজী) আদি।

 

আব্দুছ ছা ত্তাৰ

আব্দুছ ছাত্তাৰ   (১৯২২- ১৯৮৭) এজন অসমীয়া চিন্তাশীল গদ্য লিখক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হয় তিতাবৰত। তেওঁ বৃত্তিত শিক্ষক আছিল যদিও চিন্তাগধূৰ লিখনীৰে অসমীয়া সাহিত্য জগতত নিজকে প্রতিষ্ঠিত কৰিছিল। আব্দুছ ছাত্তাৰে কেইবাখনো পুথি ৰচনা কৰিছিল যেনে- কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসঙ্গ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি,  সহচৰ আদি। তেওঁৰ প্ৰতিখন পুথিয়েই উচ্চমান বিশিষ্ট। তেওঁ অসম সাহিত্য সভাৰ সম্পাদকো হৈছিল। 

 

বন্দিতা ফুকন

বন্দিতা ফুকন (১৯৪৮- ) এজন অসমীয়া শিশু সাহিত্যিক।পেশাত অভিযন্তা। তেওঁ  অসম গেছ কোম্পানীত চাকৰি কৰাৰ উপৰিও দুবছৰকাল আমেৰিকাত চাকৰি কৰিছিল। তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰে শিশু সাহিত্য ৰচনাৰে। তেওঁৰ ত্ৰিশখনতকৈয়ো অধিক শিশু উপন্যাস এতিয়ালৈকে প্ৰকাশ পাইছে। ‘জয়মতী’ বন্দিতা ফুকনৰ  ইংৰাজী ভাষাত ৰচিত এখন ধেমেলীয়া পুথি। তেওঁ  উত্তৰ-পূৱ ভাৰতৰ প্ৰথম কল্প বিজ্ঞান সাহিত্য ৰচয়িতা ।

তেওঁ তেওঁৰ ‘জুমি, ৰীমা আৰু সিহঁত’ গ্ৰন্থখনৰ বাবে  ‘অসম প্ৰকাশন  বঁটা’ লাভ কৰে। ২০১১ চনত তেওঁ  ‘সাহিত্য একাডেমী বঁটা’ আৰু অসম চৰকাৰৰ পৰা ‘সাহিত্য বঁটা’ লাভ কৰে।

 

 কুলেন্দু পাঠক 

কুলেন্দু পাঠক  এজন বিজ্ঞান বিষয়ক লিখক আৰু গৱেষক। তেওঁৰ জন্মস্থান নগৰেবৰা। ১৯৬৫ চনত কটন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। ‘নিউক্লিয় মৌলিক কণিকা বিজ্ঞান’ সম্পৰ্কীয় গৱেষণাৰ বাবে  তেওঁ ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট  ডিগ্ৰী লাভ কৰে।

বিজ্ঞানৰ অগ্ৰগতি, বিজ্ঞান শিক্ষা, পাৰিৱেশিক সমস্যা আদিৰ বিষয়ে তেওঁ বিভিন্ন আলোচনীত বহুতো জনপ্ৰিয়, তথ্যপূৰ্ণ আৰু  তত্ত্বগধূৰ প্ৰৱন্ধ লিখিছে। ‘বিজ্ঞান আৰু সভ্যতা’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), ‘অসমীয়া বিজ্ঞান সাহিত্য’ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।

কুলেন্দু পাঠক অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ  পৰিষদৰ  মূৰব্বীও  হৈছিল। কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু মুৰব্বী হিচাপে কাম কৰি ২০০২ চনত ডিব্রুগড়  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয় আৰু ২০০৭  চনত অৱসৰ গ্ৰহণ কৰে।

 

ৰথীন্দ্ৰনাথ গোস্বামী

ৰথীন্দ্ৰনাথ গোস্বামী (১৯৬৭- ) এজন অসমীয়া প্ৰৱন্ধ সাহিত্য লেখক।  তেওঁৰ জন্ম হয় যোৰহাটত। কটন কলেজৰ পৰা ১৯৮৭ চনত ভূতত্ত্ব বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে  যোগদান কৰি চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতাত্ত্বিক হিচাপে  যোগদান কৰে।

চাকৰি জীৱনৰ ব্যস্ততাৰ মজেদি তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ ৰচনাৰ সৰহভাগেই শিশু সাহিত্য। তেওঁ ৰচনা কৰা শিশু সাহিত্যসমূহ হ’ল- বিদেশী বন্ধুৰ দেশত, কিংকিনীৰ বিদ্ৰোহ, হবি, বিজ্ঞানে আনিব জোঁৱাৰ,  অংক জংক পংক, ৰথীন মামাৰ অংকৰ মজা  আদি। তেওঁ ভ্ৰমণ কাহিনী লিখাতো সিদ্ধহস্ত। তেওঁ লিখা ভ্ৰমণ কাহিনীসমূহ হ’ল- মহাসমুদ্ৰৰ সিপাৰে, সমুদ্ৰিকা, মুম্বাই সাগৰৰ সীমানাত ৰৈ, হৃদয় শিখৰৰ প্ৰতিধবনি, ঈশ্বৰৰ উপত্যকাত আদি। তেওঁ  ‘সংগ্ৰাম’ শিৰোনামাৰ চুটিগল্পৰ পুথিও প্ৰকাশ কৰিছে। ‘মহাসমুদ্ৰৰ সিপাৰে’ গ্ৰন্থখনৰ বাবে  তেওঁ হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।

 

লক্ষ্মীনাথ  বেজবৰুৱা 

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমূখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেঞ্চ পৰীক্ষাত উত্তীর্ণ  হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হয়। 

লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে।  ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্ৰকাশ পায়।  সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ  তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি:

ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল  আৰু চিকৰ-পতি-নিকৰপতি।

উপন্যাস: পদুম কুঁৱৰী।

কবিতা: কদমকলি।

গল্পপুথি: জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।

সাধু কথা: বুঢ়ী  আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাটক: জয়মতী, চক্ৰধবজ সিংহ,  বেলিমাৰ।

হাস্য-ব্যঙ্গ ৰচনা: কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি  আদি।

জীৱনী: ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

আত্মজীৱনী: মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্ৰন্থ: শ্ৰীকৃষ্ণ কথা আদি।

তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। তেওঁ  ১৯২৪ চনত গুৱাহীটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।

১৯৩৮ চনত তেওঁৰ দেহাবসান ঘটে ।

 

জীনা বৰুৱা 

জীনা বৰুৱা (১৯৬০- খ্ৰীঃ) এজনী অসমীয়া গল্পকাৰ আৰু কবি। গোলাঘাট জিলাত তাইৰ জন্ম হয় । গোলাঘাটত স্কুলীয়া শিক্ষা লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লৈ শিক্ষকতা বৃত্তি  গ্ৰহণ কৰে। বৰ্তমানলৈ তাইৰ প্ৰকাশিত পুথিসমূহ হ’ল- অভিমান, বন্ধন, (গল্প সংকলন), সুন্দৰ মনৰ প্ৰেৰণা  ইত্যাদি।

 

উপেন্দ্র  চন্দ্ৰ লেখাৰু 

উপেন্দ্র চন্দ্ৰ লেখাৰু (১৯০৫-১৯৭৯) আছিল এজন অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম পণ্ডিত। তেওঁ ‘অসমীয়া’ বিষয়ৰ উপৰিও ‘বাংলা’ বিষয়তো এম. এ. ডিগ্ৰী লাভ কৰিছিল। শিক্ষা শেষ কৰি পোন  প্ৰথমতে উত্তৰ  গুৱাহাটীৰ কমলদেৱ হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। পাছত কটন কলেজৰ অসমীয়া বিভাগত সুদীৰ্ঘকাল অধ্যাপনা কৰি বিভাগীয় মূৰব্বী  হিচাপে অৱসৰ গ্ৰহণ কৰে। উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ ‘কথা-গুৰু-চৰিত’ অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ। ‘অসমীয়া ৰামায়ণ সাহিত্য’, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ’, লক্ষ্মীনাথ বেজবৰুৱা’ আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। তেখেত অনুবাদ সাহিত্যলৈয়ো বিশিষ্ট  বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ অনুবাদ গ্ৰন্থ কেইখন হ’ল – শ্ৰীশ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধৰ্ম্মপদ, এনক আৰ্ডেন আদি। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ ভক্তি বিবেক আৰু কথা সাহিত্য উল্লেখযোগ্য সম্পাদিত গ্ৰন্থ।  তেওঁ ১৯৭০ চনত ধিঙত অনুষ্ঠিত  অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিবেশনত তেওঁ সভাপতিত্ব কৰে।

১৯৭৯ চনত লেখাৰুদেৱে পৰলোকগামী হয়।

 

যতীন্দ্ৰনাথ দুৱৰা 

যতীন্দ্ৰনাথ দুৱৰা (১৮৯২-১৯৬৪) আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্ৰথম কথা কবিতাৰ ৰচয়িতা। তেওঁৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত। ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা  প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হয়। উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভর্তি  হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা  বি. এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম. এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে।

ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত দুৱৰাই পোন  প্ৰথম শিক্ষকতা কৰিবলৈ লয়। পিছত স্কটিচ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলিকতা  বিশ্ববিদ্যালয়ৰ এম. এ. শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে  কাম কৰিছিল। ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমান বক্স সূৰজমল কানৈ কলেজ স্থাপন হোৱাত  দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ লাভ কৰে।

ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন  সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ । ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি। এইখন অসমীয়া ভাষাত প্ৰথম সাৰ্থক কথা কবিতাৰ পুথি।  ‘বনফুল’  কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী’ বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা লাভ কৰা তেঁৱেই হৈছে প্ৰথম অসমীয়া। তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুর্বিংশতম  অধিবেশনৰ  সভাপতি হৈছিল।

১৯৬৪ চনত শিৱসাগৰত যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হয়।

 

ফণী তালুকদাৰ 

ফণী তালুকদাৰ (১৯২১- ১৯৯৮) অসমৰ এগৰাকী সুদক্ষ বিষয়া, সংবাদসেৱী, নাট্যকাৰ, প্ৰৱন্ধকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ জন্ম হয় বৰেপটাত। ১৯৩৭ চনত বৰপেটা  চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাচ কৰি কটন কলেজৰ পৰা বি. এ. আৰু লক্ষনৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। 

তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহীৰূপে । ১৯৬৫ চনত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ‘দৈনিক অসম’ৰ সহকাৰী সম্পাদক আৰু অসম বাণী’, ‘অগ্ৰগতি’, ‘নৱদূত’ আদি কাকতৰ সম্পাদক আৰু ‘সাপ্তাহিক  সময়’ৰ মুখ্য সম্পাদক হিচাপে  কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁৰ প্ৰকাশিত গ্রন্থবোৰ  হ’ল –  আলোকৰ যাত্ৰী, পৃথিৱীৰ প্ৰেম  আৰু প্ৰমথেশ বৰুৱা । তেওঁ বাংলা, হিন্দী আৰু ইংৰাজীৰ পৰা কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰে। তেওঁৰ অনুবাদ গ্ৰন্থকেইখন হ’ল – অসম্পূৰ্ণ, প্ৰথম ৰজা, অঘৰী অৱতাৰ  আদি। তেওঁৰ অঘৰী অৱতাৰ  গ্ৰন্থখনৰ  বাবে তেওঁ সাহিত্য একাডেমী’ৰ অনুবাদ বঁটা লাভ কৰে। তেওঁ ‘জ্যোতি চিত্ৰবন’ৰ অধ্যক্ষ আৰু ‘অসম নাট্য সন্মিলন’ৰ সভাপতিও হৈছিল ।

১৯৯৮ চনত তেওঁৰ  মৃত্যু হয়।

 

ত্ৰৈলোক্যনাথ গোস্বামী 

ত্ৰৈলোক্যনাথ গোস্বামী¸ (১৯০৬-১৯৮৮) অসমৰ এজন বিশিষ্ট গল্পকাৰ আৰু সমালোচক। তেওঁৰ জন্ম হয় নলবাৰী সত্ৰত। তেওঁ শিক্ষা সাং কৰি নলবাৰী কলেজৰ অধ্যক্ষ হয়। তেওঁ ‘আৱাহন’ আলোচনীৰ পাতত গল্প লিখা আৰম্ভ কৰি কেইবাখনো গল্প পুথি প্ৰকাশ কৰে যেনে- অৰুণা, শিল্পীৰ জন্ম, জীৱনৰ জীয়া জুই আদি। তেওঁৰ গল্পসমূহত দাৰিদ্ৰপীড়িত  আৰু অৱহেলিত লোকৰ বেদনাৰ ছবি অংকিত হৈছে। ত্ৰৈলোক্যনাথ গোস্বামীদেৱৰ ভাষা সমৃদ্ধশালী।  তেওঁ কেইবাখনো তাত্ত্বিক আৰু সমালোচনাত্মক গ্ৰন্থও ৰচনা কৰিছে, যেনে- সাহিত্য আলোচনা, আধুনিক গল্প সাহিত্য, নন্দন তত্ত্ব, প্ৰাচ্য আৰু পাশ্চাত্য, সমুদ্ৰ মন্থন  আদি। 

এইজনা সাহিত্যিকে অসম সাহিত্য সভাৰ  সভাপতিৰ আসন অলংকৃত কৰাৰ উপৰিও ‘সাহিত্য একাডেমী বঁটা’ আৰু অসম প্ৰকাশনী বঁটা লাভ কৰে।

১৯৮৮ চনত তেওঁৰ  মৃত্যু হয়।

 

তীৰ্থনাথ শৰ্মা 

তীৰ্থনাথ শৰ্মা (১৯১১-১৯৮৬) অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ, কবি আৰু প্ৰৱন্ধকাৰ । পেশাত তেওঁ আছিল এজন অধ্যাপক আৰু গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্রতিষ্ঠাপক অধ্যক্ষ । অসমীয়া সাহিত্য জগতলৈ তেওঁ বিভিন্ন অৱদান আগবঢ়াইছে। তেওঁৰ বিবিধ বিষয়ৰ আলোচনা গ্রন্থবোৰ হ’ল – মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বেনুধৰ শৰ্মাৰ জীৱনী আদি। তেওঁ সংকলন কৰা গ্রন্থবোৰ  হ’ল- প্ৰৱেশিক্ষা কথা চানেকী, সাহিত্য সংগ্ৰহ, আৰু চানেকী পাঠ । ‘কামসেন্দুৰ’ নামৰ কবিতা পুথি  এখনো তেওঁ ৰচনা কৰিছিল। তেওঁ ছদ্ম নামত বহুতো গল্প ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ মাকুম অধিেবশনৰ (১৯৭১) তেওঁ সভাপতি হৈছিল।

১৯৮৬ চনত তেওঁৰ  মৃত্যু হয়।

 

ভবেন্দ্ৰনাথ শইকীয়া 

ড০ ভবেন্দ্ৰনাথ শইকীয়া (১৯৩২-২০০৩) অসমৰ এজন বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক, আলোচনী সম্পাদক আৰু চলচ্চিত্ৰ নিৰ্মাতা । তেওঁৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিৰে প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হৈ কটন কলেজ আৰু  গুৱাহীটী বিশ্ববিদ্যালয়ৰ পৰা ইন্টাৰমিডিয়েট আৰু স্নাতক উত্তৰ ডিগ্ৰি লাভ কৰে। ইয়াৰ পিছত ভবেন্দ্ৰনাথ শইকীয়াই লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট  আৰু লণ্ডণ ইস্পিৰিয়েল কলেজৰ পৰা টেকন’লজিৰ ডিপ্লমা লাভ কৰে।

বিজ্ঞানৰ ছাত্ৰ শইকীয়াই সৃষ্টিশীল ৰচনাসমূহৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰে। তেওঁৰ উল্লেখযোগ্য গল্প সংকলনসমূহ হ’ল- প্ৰহৰী, বৃন্দাবন, গহ্বৰ, শৃঙ্খল, তৰংগ, এই বন্দৰ এই আবেলি, আকাশ, উপকণ্ঠ¸ সান্ধ্যভ্ৰমণ আদি । তেওঁ উপন্যাস ৰচনাতো সিদ্ধহস্থ আছিল। তেওঁৰ উপন্যাসসমূহ হ’ল – আতংকৰ শেষত, অন্তৰীপ আৰু ৰম্যভূমি । তেওঁৰ শিশু সাহিত্যসম্ভাৰ সমূহ হ’ল- মৰমৰ দেউতা (উপন্যাস), শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট (গল্প/নাটক ৰেডিঅ’ যোগে প্ৰচাৰিত), তোমালোকৰ ভাল হওঁক (প্ৰৱন্ধ) আদি। তেওঁ ‘প্ৰান্তিক’  আৰু ‘সঁফুৰা’ নামৰ দুখন শিশু  আলোচনীৰো সম্পাদক আছিল। 

ভবেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিমূলক ৰচনাৰ স্বীকৃতি হিচাপে ‘অসম প্ৰকাশন পৰিষদ বঁটা’, সাহিত্য একাডেমী বঁটা’ আৰু ‘অসম উপত্যকা বঁটা লাভ কৰে।

২০০৩ চনত তেওঁৰ  মৃত্যু হয়।

 

দীনেশ চন্দ্ৰ গোস্বামী 

দীনেশ চন্দ্ৰ গোস্বামী  (১৯৪৯ – ) এজন অসমীয়া বিজ্ঞানী  আৰু বিজ্ঞান বিষয়ক  লিখক।

ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ জন্ম হয় ১৯৪৯ চনত। তেওঁ ৰঙিয়া  হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীৰ কটন কলেজত কলেজীয়া শিক্ষা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ  পৰা পদাৰ্থ বিজ্ঞানত  স্নাতকোত্তৰ   আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।  গুৱাহাটীৰ বি. বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা ড০ গোস্বামীয়ে পিছৰ কালছোৱা কটন কলেজত শিক্ষক হিচাপে, নতুন দিল্লীৰ বৈজ্ঞানিক আৰু উদ্দ্যোগিক গৱেষণা পৰষিদ আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰত বিজ্ঞানী হিচাপে সেৱা আগবঢ়ায়। আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে  ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

অসমীয়া বিজ্ঞান সাহিত্যলৈ দীনেশ চন্দ্ৰ গোস্বামীৰ বিশেষ অৱদান আছে। তেওঁ জনপ্ৰুিয় বিজ্ঞান আৰু কল্প বিজ্ঞান বিষয়ক প্ৰায় পঞ্চাশখন  গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত  উল্লেখযোগ্য গ্রন্থবোৰ হ’ল – বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, উষ্ণ প্ৰবাহ, মোহনীয় বিশ্বভ্ৰমাণ্ড আদি।  এইবোৰ  গ্ৰন্থৰ উপৰিও তেওঁৰ ১৭ খন অনুবাদ গ্ৰন্থও প্ৰকাশ পাইছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেখেত কেইবাবছৰো সম্পাদক আছিল।  অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ তিনিটা খণ্ডৰ তেওঁ মুখ্য সম্পাদক আছিল।

 

মফিজুদ্দিন আহমদ হাজৰিকা 

মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০- ১৯৫৮) হৈছে অসমীয়া ভাষাৰ  প্ৰথম চুফীবাদী দাৰ্শনিক কবি। তেওঁৰ জন্ম হয় ডিব্ৰুগড়ত । ১৮৯৬ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘জ্ঞানমালিনী’ প্ৰকাশ পায়। এই কবিতাপুথিৰ বাবেই  মফিজুদ্দিন হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ ৰূপে জনাজাত। ‘জ্ঞানমালিনী’ কাব্যপুথিৰ কবিতাসমূহ আধ্যাত্মিক ভাৱেৰে পুষ্ট। অসমীয়া ভাষাত তেওঁৰ কবিতাত  পোন প্ৰথমতে চুফী ভাবধাৰা প্ৰকাশ পায়। তেওঁৰ ৰচনা কৰা কবিতাৰ সংখ্যা তাকৰ। মৰণোত্তৰভাবে তেওঁৰ অপ্ৰকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব-পাৰিজাত’ নামেৰে তেওঁৰ আন এখন কবিতা পুথি প্ৰকাশ পায়।

১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। 

১৯৫৮ চনত তেওঁৰ মৃত্যু হয়।

 

নলিনীবালা দেৱী 

নলিনীবালা দেৱী (১৮৯৮- ১৯৭৭) হৈছে অসমীয়া ভাষাৰ এজনী অতিন্দ্ৰীয় ৰহস্যবাদী (আধ্যাত্মিক) কবি। তাইৰ জন্ম হয় অসমৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ৰ ঔৰষত গুৱাহাটীত। নিচেই সৰু কালতে তাইৰ বিয়া হয়। উনৈশ বছৰ বয়সত তাইৰ স্বামীৰ বিয়োগ হয়। ইয়াৰ পিছত দুটি সন্তানকো হেৰুৱায়। স্বামী আৰু সন্তান হেৰুৱা বেদনাত তাইৰ হৃদয়-মন ব্যথিত হৈ উঠাত তাই ঘৰতে বাংলা আৰু সংস্কৃত সাহিত্য অধ্যয়ন কৰিবলৈ লয় আৰু লগে লগে কাব্য সাধনাত ব্রতী হয়। তেওঁৰ সৰহভাগ কবিতাতে অতিন্দ্ৰীয় ৰহস্যবাদী সুৰ প্রতিধ্বনিত  হৈছে। তাই ৰচনা কৰা কাব্য পুথিবোৰ  হৈছে –সপোণৰ  সুৰ, সন্ধিয়াৰ সুৰ, পৰশমণি, অলকানন্দা, অন্তিমৰ সুৰ  আদি। স্মৃতিতীৰ্থ আৰু বিশ্বদীপা  তাইৰ আত্মজীৱনীমূলক গ্ৰন্থ। তাইৰ সৰহভাগ কবিতাই আত্ম মনৰ শোক, দুখ, বেদনা আৰু কাৰণ্যৰ কাব্যিক  ছন্দোময় অভিব্যক্তি।

১৯৬৮ চনত অলকানন্দা কবিতা পুথিৰ বাবে  তাই সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিবেশনৰ তাই সভানেত্ৰী আছিল। ১৯৫৮ চনত ভাৰত চৰকাৰে তাইক ‘পদ্মশ্ৰী’ উপাধি প্ৰদান কৰে।

১৯৭৭ চনত তাইৰ  মৃত্যু হয়।

 

জ্যোতিপ্রসাদ  আগৰৱালা 

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩- ১৯৫১) হৈছে অসমৰ এজন প্ৰখ্যাত সংজ্ঞীতজ্ঞ, কবি, বোলছবি পৰিচালক, নাট্যকাৰ আৰু স্বাধীনতা বিপ্লবী।

জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম হয় ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।  তেওঁ অসমতে হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯২৬ চনত ইংলণ্ডলৈ যায় যদিও কেনো ডিগ্ৰী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেওঁ জাৰ্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্ৰযোজনা বিষয়ত প্ৰশিক্ষণ  লয়। তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্ৰথম বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰে। ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে আৰু মত্যু বাহিনীৰ অধিনায়ক হৈ বহুদিন আত্মগোপন কৰিবলগীয়াত পৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ দ্বিতীয়খন  বোলছবি ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰে। তেওঁ অসমীয়া সংগীত জগতলৈ বহুতো সুন্দৰ-সুন্দৰ গীতিকবিতা উপহাৰ দি গৈছে। তেওঁৰ গীতি কবিতাবোৰৰ মাজেদি  স্বদেশপ্ৰেম, প্ৰকৃতিপ্ৰেম আৰু বিপ্লৱী সুৰ প্ৰকাশ পাইছে।  তেওঁ ৰচনা কৰা নাটকবোৰ  হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ । তেওঁৰ সাহিত্য কৰ্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে  অসমীয়া সাহিত্য-সংস্কৃতি জগতত তেওঁক ‘ৰূপকোঁৱৰ’ বুলি অভিহিত কৰা হৈছে। 

তেওঁ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজেদি অসমীয়া সাংস্কৃতিক জগতলৈ বহু অৱদান আগবঢ়াই ১৯৫১ চনত দুৰাৰোগ্য ব্যধিত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।

 

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত  

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত  (১৯১০-১৯৭২) অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া আৰু এজন কমিউনিষ্ট বিপ্লৱী।

ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ  জন্ম হয় কৰুণাটিং বাগিছাত। তেওঁৰ পিতৃৰ নাম ডাঃ শৰৎ চন্দ্ৰ দত্ত । সিহঁতৰ ঘৰ আছিল বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত। তাৰ পৰা অসমলৈ প্রব্রজন কৰি গোলাঘাটৰ বৰুৱা বামুণগাওঁত নিগাজীকৈ বসতি কৰিবলৈ লয়। জন্মভূমিৰ আহ্ববানত   ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই নিচেই তল শ্ৰেণীতে শিক্ষা শেষ কৰি দেশৰ কামত জপিয়াই পৰে। তেওঁ আছিল সাম্যবাদী আদৰ্শত বিশ্বাসী। তেওঁ কৃষক-বনুৱাৰ স্বাৰ্থত প্ৰকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে।

শ্ৰমজীৱি মানুহৰ কাৰুণ্য আৰু সংগ্ৰামৰ চিত্ৰ তেওঁৰ কবিতাত প্ৰতিভাত হৈ উঠিছে।

তেওঁ ১৯৭২ চনত  যোৰহাটৰ চিভিল হস্পিতালত ক্ষয়ৰোগত মৃত্যু বৰণ কৰে।

 

কেশৱ মহন্ত 

কেশৱ মহন্ত (১৯২৬-২০০৬) এজন অসমীয়া প্ৰগতিশীল কবি আৰু গীতিকাৰ। তেওঁ জামুগুৰিহাট হাই স্কুলত শিক্ষক হিচাপে কৰ্ম  জীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। তেওঁৰ প্ৰথম কবিতা পুথি ‘আমাৰ পৃথিৱী’। তেওঁৰ অন্যান্য কবিতা পুথিসমূহ হ’ল – আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাত কুঁহিপাত, ৰ’দ চিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বকুত এজাক ধুমুহা  আদি । ‘মোৰ যে কিমান হেঁপাহ‘ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন।  এই পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁ শিশু সাহিত্যও ৰচনা কৰিছিল। ওমলা ঘৰ  আৰু মা আমি শদিয়ালৈ যামেই  তেওঁৰ শিশু সাহিত্য পুথি।

২০০৬ চনত কেশৱ মহন্ত স্বৰ্গগামী হয়। 

 

 নিৰ্মলপ্রভা  বৰদলৈ

ড০   নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) এজনী অসমীয়া কবি, গীতিকাৰ আৰু গৱেষক। শিৱসাগৰত তাইৰ জন্ম হয়। তাই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা  এম এ. পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলি  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হয়। এই বিশ্ববিদ্যালয়ৰ পৰা তাই জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

 নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখন হ’ল – ‘বন ফিৰিঙৰ জুই’। তাইৰ অন্যান্য কবিতা পুথিবোৰ হৈছে – দিনৰ পাছত দিন, সমীেপষু,  অন্তৰঙ্গ, সুদীৰ্ঘ দিন আৰু ঋতুসোণবৰণীয়া আই  আৰু সুৰীয়া মাত তাইৰ দুখন গীতৰ পুথি। দেৱী, শিৱ  আৰু সূৰ্য্য  তাইৰ উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ। ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে  তাই সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯১ চনৰ অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত  তাই সভাপতিত্ব কৰিছিল।

২০০৪ চনত ড০ নিৰ্মলপ্ৰভা বৰদলৈ স্বৰ্গগামী হয়।

 

নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা (১৯২৬-২০০২) বিংশ শতাব্দীৰ এজন লেখতলবলগীয়া অসমীয়া কবি, ঔপন্যাসিক  আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম হয় গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাওঁত শেষ কৰি শান্তি নিকেতনৰ পৰা বি. এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নৱকান্ত বৰুৱাই শিক্ষা সমাপ্ত কৰি জগন্নাথ মহাবিদ্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীৰ্ঘ কাল অধ্যাপনা কৰি উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰে।

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি ঢালখোৱা নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য কাব্য পুথিসমূহ হ’ল – হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, সম্ৰাট, যতি আৰু কেইটিমান স্কেচ, দলঙত তামীঘৰ  আদি।  তেওঁ ৰচনা কৰা উপন্যাসসমূহৰ হ’ল – কপিলপৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ  আদি। শিশু আৰু চেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হ’ল- আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভু আদি। সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অৱদান স্মৰণীয়। 

২০০২ চনত নৱকান্ত বৰুৱা  স্বৰ্গগামী হয়। 

 

ড০  দুলুমণি গোস্বামী 

ড০ দুলুমণি গোস্বামী  এজন অসমীয়া শিক্ষাবিদ, প্ৰৱন্ধকাৰ আৰু গৱেষক। তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা বিভাগত সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ইয়াৰ আগতে উত্তৰ  কামৰূপ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। দুলুমণি গোস্বামীৰ কেইবাখনো গৱেষণা-পত্ৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনাচক্ৰত পঠিওৱা হৈছে। সম্প্ৰতি তেওঁ ইংৰাজীত লিখা Literacy and Development with Special Reference to North-East India  শীৰ্ষক গ্ৰন্থখন প্ৰকাশিত হৈছে।

 

ড০ স্বৰ্ণলতা দাস

ড০  স্বৰ্ণলতা দাস (১৯৪৯ – ) অসমৰ এজন শিক্ষাবিদ, পাঠ্যপুথি প্ৰণেতা, গৱেষক আৰু চিন্তাশীল প্ৰৱন্ধকাৰ। তাই এগৰাকী অধ্যাপিকা হিচাপে  গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ত শিক্ষকতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকাৰূপে  যোগদান কৰে। উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনাত জড়িত ড০  স্বৰ্ণলতা দাসৰ কুৰিখনতকৈয়ো অধিক গৱেষণাপত্ৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশিত হৈছে।

 

অম্বিকাগিৰি ৰায়চৌধুৰী

অম্বিকাগিৰি ৰায়চৌধুৰী (১৮৮৫- ১৯৬৭) এজন অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু স্বাধীনতা বিপ্লবী আছিল। বৰেপটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত তেওঁৰ জন্ম হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণকাৰী ৰায়চৌধুৰীৰ কবিতাত স্বদেশপ্ৰেম আৰু ৰহস্যবাদী প্ৰেমৰ সুৰ লক্ষণীয় বিষয়। তেওঁৰ কবিতাৰ ভাষা আৰু ছন্দত এক নিজস্ব ওজস্বিতা আছে। তেওঁৰ প্ৰকাশিত কবিতা পুথিসমূহ হ’ল – বীণা, তুমি, অনুভূতি, বেদনাৰ উল্কা, বন্দো কি ছন্দেৰে  আৰু গীতৰ পুথি চেতনাৰ কণ্ঠ । তেখেতে ‘চেতনা’ আৰু ‘ডেকা অসম’ নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল।

অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰী ‘অসম কেশৰী’ নামে জনা যায়। তেওঁ  ১৯৫০ চনৰ একবিংশতিতম অসম সাহিত্য সভা অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মৰণোত্তৰভাবে  ‘বেদনাৰ উল্কা’ নামৰ কাব্য পুথিৰ বাবে তেওঁক   সাহিত্য একাডেমীৰ বঁটা প্রদান কৰা  হয় ।

 

চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭- ১৯৩৮) এজন অসমীয়া গীতি-কবি আৰু কাকতৰ সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ  ব্রহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত  তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৭৭ চনত গুৱাহাটীৰ নিজ বাসগৃহত চন্দ্ৰকুমাৰ আগৰৱালাৰ  মৃত্যু হয়।

জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটিয়ে  অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ কৰে । জোনাকী যুগৰ সাহিত্যকি আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্ৰথম কাব্য পুথিখনৰ নাম  ‘প্ৰতিমা’। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্ৰসঙ্গত কৈছিল, “প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয়খন  কবিতা পুথি। প্ৰকৃতিত সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰেম,  ভৱিষ্যতৰ প্ৰতি আশাবাদ আৰু প্ৰকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।

 

সীতানাথ ব্রহ্মচৌধুৰী

সীতানাথ ব্রহ্মচৌধুৰী (১৯০৮- ১৯৮২) অসমীয়া ৰমন্যাসবাদী কবিসকলৰ ভিতৰত এজন অন্যতম  কবি। তেওঁৰ জন্ম হয় গোৱালপাৰৰ ভালুকমাৰীত। 

তেওঁ নিচেই সৰু কালৰপৰাই কাব্য চৰ্চা কৰিবলৈ লয়। তেওঁৰ কাব্য কীর্তিসমুহ হ’ল কমলকলি, আৱেগ, চকুলো  আৰু ফুলেশ্বৰী দৈমাৰী । তেওঁ গাওঁ সংগঠন নামৰ আন এখন গ্ৰন্থও ৰচনা কৰি থৈ গৈছে। প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম আৰু সৌন্দৰ্যৰ কীৰ্তন তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁ অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতিত্ব কৰিছিল।

 

লক্ষ্মীধৰ শৰ্মা

লক্ষ্মীধৰ শৰ্মা (১৮৯৭- ১৯৩৪) এজন অসমীয়া দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী আৰু প্ৰগতিশীল লিখক আছিল ।  তেওঁৰ জন্ম হয় শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাওঁত। প্ৰাথমিক  শিক্ষা  তেজপুৰত গ্ৰহণ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজিীয়েট স্কুলৰ পৰা অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ  কৰি প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হয়। তেওঁ কটন কলেজৰ পৰা বি. এ. আৰু  কলিকতাৰ পৰা ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ক প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম. এ. পাছ কৰে। একে সময়তে তেওঁ বি. এল. পৰীক্ষাতো উত্তীর্ণ হয়। লক্ষ্মীধৰ শৰ্মাই প্ৰথমে গুৱাহাটী আৰু তেজপুৰত ওকালতিৰে কৰ্ম জীৱন আৰম্ভ কৰে। 

তেওঁ কাৰ্লমাৰ্ক্স, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, মহাত্মা গান্ধী আদি ব্যক্তিসকলৰ চিন্তা আৰু দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয়। লক্ষ্মীধৰ শৰ্মা এজন প্ৰগতিশীল লিখক হিচাপে গল্প, নাটক তত্ত্বগধুৰ প্ৰৱন্ধ-পাতি লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেওঁ ‘আৱাহন’, ‘অসম হিতৈষী’, আদি কাকত আলোচনীত গল্প, প্ৰৱন্ধ, নাটক, জীৱনী আদি লিখি অসমীয়া সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ গ্ৰন্থসমূহ হ’ল: ব্যৰ্থতাৰ দান, অনাগত অভিশাপ (গল্পৰ  পুথি); নিৰ্মলা (নাটক); জীৱন স্মৃতি (আত্মজীৱনীমূলক) আদি । সাম্প্ৰদায়িক সংহতি, জাতীয় চেতনা, মানৱতাবাদ আদি তেওঁৰ লিখনিৰ মূল বিষয়।

 

ড০ প্রফুল্ল চন্দ্ৰ গোস্বামী

ড০ প্ৰফুল্ল চন্দ্ৰ গোস্বামী (১৯১৯-১৯৯৪) একেধাৰে এজন শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্য ৰচয়িতা , জীৱনীকাৰ আৰু সম্পাদক আছিল। তেওঁৰ জন্ম হয় দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। তেওঁৰ পিতৃ সিংহদত্ত  দেৱ অধিকাৰী এজন বিশিষ্ট কবি আছিল। ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰীলৈ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৪৫ চনত কটন মহাবিদ্যালয়লৈ বদলি হয়।আকৌ ১৯৪৮ চনত গুৱাহাটী বিশ্বদ্যিালয়ৰ বাণিজ্য আৰু বি. টি. বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে  নিযুক্তি পায়। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপন হোৱাত প্ৰফুল্ল চন্দ্ৰ গোস্বামীয়ে সেই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বীৰুপে  কাৰ্য নিৰ্বাহ কৰি ১৯৮১ চনত অৱসৰ লয়। ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন অধ্যাপনা কৰিছিল। ১৯৯৪ চনত এইজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতগৰাকীৰ দেহাৱসান ঘটে।

ড০ প্ৰফুল্ল চন্দ্ৰ গোস্বামীয়ে অসমীয়া আৰু ইংৰাজী ভাষাত ভালেমান গৱেষণামূলক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত অসমীয়া ভাষাত লিখা উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ’ল: এই যুগৰ সাহিত্য, সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য, বিলাতী হোজা, কেঁচা পাতৰ কঁপনি, ভেজাল সোণ, নিতে নৱ ৰূপ তাৰ, বিলাতত সাত মাহ, সোণ-ৰূপৰ নহয় সি দেশ, পৃথিৱীৰ চৌপাশে এপাক, মোৰ ৰাছিয়া ভ্ৰমণ, ইউৰোপৰ মনীষা, মাণিক চন্দ্ৰ বৰুৱা, এটি জীয়া কাহিনী, চৰাই বিনন্দীয়া, বুৰঞ্জী আৰু সংস্কৃতি আদি।

প্ৰফুল্ল চন্দ্ৰ গোস্বামীয়ে  ইংৰাজীত লিখা কেইখনমান  গৱেষণামূলক গ্ৰন্থ হ’ল: Assamese Drama, The Teaching in English, Folk Literature of Asssam, Bihu Songs of Assam, Ballalds and Tales of Assam, The Springtime Bihu of Assam.

 

হলিৰাম ঢেকিয়াল ফুকন

হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লিখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ  চিৰস্তাদাৰ নিযুক্ত হোৱাৰ পিছত ইংৰাজ চাহাব এজনৰ  লগত মতানৈক্য হোৱাত তেওঁ এই পদ এৰি দিয়ে। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিছটেন্ট মেজিছট্রেট  নিযুক্ত হয়।

তেওঁ এজন ভাল বাংলা গদ্য লিখকো আছিল। তেওঁ বাংলা ভাষাত ৰচনা কৰা কেইখনমান গ্ৰন্থ হ’ল: আসাম বুৰঞ্জী , তীৰ্থ যাত্ৰা পদ্ধতি, সমাচাৰ চন্দ্ৰিকা, সমাচাৰ দৰ্পণ আদি।

 

ৰজনীকান্ত বৰদলৈ 

ৰজনীকান্ত বৰদলৈ  অসমীয়া সাহিত্যত ‘উপন্যাস সম্ৰাট’ আৰু ‘অসমৰ স্কট’ হিচাপে পৰিচিত। তেওঁ গুৱাহাটীৰ কুকুৰমূতা (হেদায়েতপুৰ)ত জন্ম গ্ৰহণ কৰে।  তেওঁ ল’ৰালি কাল উত্তৰ গুৱাহাটীত থকা মোমায়েকৰ ঘৰত অতিবাহিত কৰি গুৱাহাটীৰ চৰকাৰী হাই স্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ  হয়। ১৮৮৭ চনত কলিকতাৰ মেট্ৰ’পলিটান কলেজৰ পৰা এফ. এ. আৰু  বি. এ. পাছ কৰি লক্ষীমপুৰত মাটিৰ হাকিমৰূপে  চাকৰিত যোগদান কৰি ১৯১৮ চনত জিলাধিপতিৰূপে  অৱসৰ গ্ৰহণ কৰে।

তেওঁ ৰচনা কৰা উপন্যাসমূহ হ’ল: ৰহেদৈ লিগিৰী, মিৰি জীয়ৰী, মনোমতী, দন্দুৱাদ্ৰোহ, নিৰ্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ, ৰাধা-ৰুক্মিণীৰ ৰণ আদি। তেওঁৰ ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখনৰ বাহিৰে বাকী আটাইবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস। ৰজনীকান্ত বৰদলৈদেবে  উপন্যাসৰ জৰিয়তে অতীত অসমৰ ইতিহাস সজীৱ ৰূপত উপস্থাপন কৰিছিল। তেওঁ কেইবাখনো সফল অসমীয়া উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা বাবে  তেওঁক ‘উপন্যাস সম্ৰাট’ উপাধিৰে বিভূষিত কৰা হয়।’ভোলাই শৰ্মা’ ছদ্ম নামেৰে তেওঁ ‘বাঁহী’ আৰু ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক প্ৰৱন্ধ লিখিছিল। ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ অষ্টম অধিবেশনৰ সভাপতি  আছিল।

 

গণেশচন্দ্ৰ হাজৰিকা 

গনেশচন্দ্র  হাজৰিকা এজন অসমীয়া কবি আৰু প্ৰৱন্ধকাৰ আছিল।  শিৱসাগৰৰ ওচৰৰ কোঁৱৰপুৰ মৌজাৰ যোগনীয়া গাওঁত তেওঁৰ জন্ম হয়।  তেওঁ ‘বাঁহী’,  ‘আলোচনী’ আদি কাকতত কবিতা আৰু  প্ৰৱন্ধ লিখিছিল। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ গনেশচন্দ্র হাজৰিকাৰ একমাত্ৰ প্ৰকাশিত বিহু সম্পৰ্কীয়  প্ৰৱন্ধ পুথি।

 

বলীনাৰায়ণ বৰা

বলীনাৰায়ণ বৰা (১৮৫২-১৯২৭)  এজন অসমীয়া অভিযন্তা আৰু লিখক আছিল। তেওঁ উত্তৰ  গুৱাহাটীত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম দত্ত  নাৰায়ণ বৰা। তেওঁ ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ  হৈ ১৮৭১ চনত এফ. এ. পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰি এবছৰ পিছত গীলক্ৰাইষ্ট বৃত্তি  লৈ বিলাতলৈ যায়। ১৮৭৭ চনত কুপাৰ হিলচ কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰি দেশলৈ উভতি আহে।  পিছত বংগদেশ, নগাওঁ, শিৱসাগৰ আদি ঠাইত কাৰ্য নিৰ্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে  অৱসৰ গ্রহণ  কৰে।

নগাওঁত চাকৰি কৰা কালত তেওঁ ‘মৌ’ নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিওৱাৰ পিছত কাকতখনৰ প্ৰকাশ  বন্ধ হয়। তেওঁ অসমীয়া আৰু ইংৰাজীত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ইংৰাজীত ৰচনা কৰা তেওঁৰ গ্ৰন্থৰ ভিতৰত A Geography of India উল্লেখযোগ্য। তেওঁৰ অসমীয়া গ্ৰন্থসমূহ  হ’ল: ভাৰতবৰ্ষৰ বুৰঞ্জী, অসমীয়া প্ৰৱচন আদি।

 

কাশীনাথ ফুকন 

শিৱসাগৰৰ কাকতি বংশত জন্ম গ্ৰহণ কৰা পুৰন্দৰ সিংহৰ ৰাজসভাৰ বিষয়া কাশীনাথ দ্বিজ তামুলী ফুকনে ৰাধানাথ বৰবৰুৱা আৰু আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত  ‘আসাম বুৰনজি পুথি’ ৰচনা কৰিছিল। ইংৰাজৰ দিনত তেওঁ শিৱসাগৰৰ কাছাৰীৰ মুন্সিফ হৈছিল।কাশীনাথ ফুকনৰ বিষয়ে অধিক কথা জনা  নাযায়।

 

যোগেশ দাস

যোগেশ দাস (১৯২৮-১৯৯৯) এজন অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ।  তেওঁৰ জন্ম হয় ডুমডুমাৰ হাঁহচৰা বাগিছাত। চাহ বাগিছাৰ বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৯ চনত অসমীয়া বিভাগত  স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰি ডুমডুমা হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। ১৯৫৩ চনত তেওঁ গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে  নিযুক্ত হয় আৰু সেই বিভাগৰ মুৰববী অধ্যপকৰূপে  অৱসৰ গ্ৰহণ কৰে।

অধ্যাপনা কৰাৰ লগে লেগ যোগেশ দাসে  ‘নতুন অসমীয়া’, কাকতৰ উপসম্পাদক, ‘দৈনিক অসম’ৰ সহকাৰী সম্পাদক, ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’ আলোচনীৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল । অসম সাহিত্য সভাৰ এক-পঞ্চাশতম অধিবেশনত যোগেশ দাসে সভাপতিত্ব কৰে ।  সাহিত্য চৰ্চাৰ স্বীকৃতি হিচাপে যোগেশ দাসে বহুতো বঁটা বাহন লাভ কৰিছিল।

তেওঁ বহুতো উপন্যাস আৰু গল্প ৰচনা কৰিছিল।  তেওঁৰ ‘ডাৱৰ আৰু নাই’ উপন্যাসখন বিখ্যাত সামাজিক উপন্যাস। ‘পৃথিৱীৰ অসুখ’ হৈছে তেওঁৰ এক বিলষ্ঠ  গল্প সংকলন। এই গল্প সংকলনখনৰ বাবে  তেওঁ সাহিত্য একাডেমীৰ বঁটা লাভ কৰে।

১৯৯৯ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

 

হৰকান্ত  সদৰামিন

হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাই   ১৮১৫-১৯০২) এজন বুৰঞ্জীবিদ আছিল। তেওঁ  নকল-নবীচ হিচাপে বৃটিছৰ কাছাৰীত সোমাই সদৰামিন ৰূপে  গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ, নগাওঁ আদি ঠাইত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছিল। বুৰঞ্জী চৰ্চাত তেওঁৰ ৰাপ আছিল। তেওঁ  কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’খন বহলকৈ লিখি উলিয়াইছিল।

 

হোমেন ববৰগোহাঁই  

হোমেন বৰগোহাঁই (১৯৩২-) অসমৰ এজন আগশাৰীৰ কবি, গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী, সাংবাদিক আৰু বুদ্ধিজীৱি। তেওঁৰ জন্ম হয় ঢকুৱাখানাত।  ১৯৫৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন শিক্ষকতা কৰে আৰু ১৯৫৫ চনৰ পৰা ১৯৬৮ চনলৈ এ. চি. এচ. বিষয়া হিচাপে  কাৰ্য নিৰ্বাহ কৰে। কিন্তু পিছলৈ তেওঁ সাংবাদিকতা আৰু লিখা- মেলাত নিজকে আত্মনিয়োগ কৰে। 

তেওঁ যথেষ্ট সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা উপন্যাসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: সুবালা, তান্ত্ৰিক, কুশীলৱ, হালধীয়া চৰায়ে বাও ধান খায়, পিতা-পুত্ৰ, তিমিৰ তীৰ্থ, অস্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায় আদি।  তেওঁৰ উল্লেখযোগ্য গল্প সংকলন কেইখনমান হ’ল: বিভিন্ন কোৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা  আদি।  তেওঁৰ একমাত্ৰ কবিতা সংকলনটি হ’ল ‘হৈমন্তী’। আত্মানুসন্ধান, আৰু মোৰ সাংবাদিক জীৱন হ’ল তেওঁৰ  আত্মজীৱনীমূলক গ্ৰন্থ।  ইয়াৰ উপৰিও তেওঁ বহু কেইখন গ্ৰন্থ সম্পাদনাও কৰিছে। সেইবোৰৰ  ভিতৰত বিংশ শতিকাৰ অসমীয়া সাহিত্য, অসমীয়া সাহিত্যৰ বুৰঞ্জী, গদ্যৰ সাধনা  আদি উল্লেখযোগ্য।

হোমেন বৰগোহাঁইয়ে ž সাহিত্য সাধনাৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা  লাভ কৰিছে।  ১৯৭৬ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’, ১৯৭৮ চনত ‘সাহিত্য একোডেমী বঁটা’ আৰু  ১৯৯২ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে। ২০০১ চনত তেওঁ অসমৰ সাহিত্য সভাৰ আসনো শুৱনি কৰে।

 

সত্যনাথ বৰা

সত্যনাথ বৰা (১৮৬০-১৯২৫) এজন অসমীয়া বলিষ্ঠ গদ্য লিখক আছিল ।  তেওঁৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। গুৱাহাটীত স্কুলীয়া শিক্ষা লাভ কৰি ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষা পাচ কৰে। সাময়িকভাৱে তেখেতে আৰ্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰে যদিও পিছত গুৱাহীটীত ওকালতি কৰিবলৈ লয়।

সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন হ’ল ‘গীতাৱলী’। কেন্দ্ৰসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি  আদি তেখেতৰ প্ৰৱন্ধ আৰু সমালোচনামূলক পুথি। তেখেতে ৰচনা কৰা ‘আকাশ ৰহস্য’ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থ। ‘বহল ব্যাকৰণ’ তেখেতে ৰচনা কৰা এক উল্লেখযোগ্য অসমীয়া ব্যাকৰণ। তেখেতৰ  গদ্য সহজ-সৰল আৰু অসমীয়া ঘৰুৱা আৰু জঁতুৱা ঠাঁচৰ সফল প্ৰয়োগৰ  দ্বাৰা সমৃদ্ধ। তেখেতে বহুতো খুহুটীয়া কবিতাও ৰচনা কৰিছিল। ১৯০১ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা অসমীয়া আলোচনী ‘জোনাকী’ কাকত তেখেতে সম্পাদনা কৰিছিল। 

১৯২৫ চনত গুৱাহাটীৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়। 

 

ড০ বাণীকান্ত  কাকতি

ড০ বাণীকান্ত কাকতি (১৮৯৪-১৯৫২) একেধাৰে এজন ভাষাবিদ, গৱেষক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বৰপটোৰ বাতিকুৰিহা নামৰ গাওঁ এখনত ১৮৯৪ চনত। সৰু কালৰে পৰা কাকতিয়ে শিক্ষাৰ ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিবলৈ  সক্ষম হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি প্ৰথমে কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি পিছলৈ অধ্যক্ষৰ পদত অধিষ্ঠিত  হয়। শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধান অধ্যাপকৰ পদত নিযুক্ত পায় । কটন আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শৈক্ষিক দিশত এইজনা পণ্ডিতে যথেষ্ট বৰঙণি আগবঢ়াই  গৈছে।

তেখেতে প্ৰাচ্য আৰু পাশ্চাত্য উভয় সাহিত্য অধ্যয়ন কৰি অসমীয়া গদ্যক সুসংহত ৰূপ দিয়ে।  বাণীকান্ত কাকতিৰ সাহিত্যকীর্তি বহুধা বিভক্ত। তেখেতে ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ ভিতৰত অসমীয়া পুৰণি সাহিত্য, সাহিত্য আৰু প্ৰেম, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, পখিলা, নতুন অসমীয়া সাহিত্য  আদি অন্যতম।

অসমীয়া ভাষাত উক্ত গ্রন্থবোৰ ৰচনা কৰাৰ ওপৰিও তেখেতে ইংৰাজী ভাষাতো কেইখনমান গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ ইংৰাজী গ্ৰন্থ প্ৰধানকৈ তিনিখন যথা: The Mother Goddess Kamakhaya, Visnuit Myths and Legends, Assamese: Its Formation and Development।  তেখেতে Assamese: Its Formation and Development গ্ৰন্থখন ৰচনা কৰি ডক্টৰেট  ডিগ্ৰী লাভ কৰে। উক্ত গ্ৰন্থখনৰ জৰিয়তে তেখেতে অসমীয়া ভাষাক এক প্ৰণালীবদ্ধ ৰূপ দান কৰি থৈ গৈছে। সমালোচনা সাহিত্যৰ দিশতো কাকতিদেৱে নতুন বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।

১৯৫২ চনত তেখেতে স্বৰ্গগামী হয়। 

 

কালিৰাম মেধি

কালিৰাম মেধি (১৮৭৮-১৯৫৪) এজন অসমীয়া শিক্ষাবিদ, ভাষাবিদ, ব্যাকৰণবিদ, আলোচনী সম্পাদক আৰু গৱেষক আছিল। হাজোৰ ওচৰত ৰামদিয়া নামৰ গাওঁত তেওঁৰ জন্ম হয়। কলিকতাৰ চিটি কলেজৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উপ-প্ৰতি সমাহৰ্তাৰূপে  চাকৰি জীৱন আৰম্ভ কৰে।  তেওঁৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে  ই. এল. চি. পদলৈ উন্নীত হৈছিল। চৰকাৰী চাকৰিৰৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিেবশ কৰিছিল। তেওঁ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদিও অসমীয়া ভাষাৰ হিতৰ হকে কাম কৰি গৈছিল। তেওঁ ‘অসমীয়া ভাষাৰ ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ গৱেষণাত্মক পুথি ৰচনা কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰৰূপ দাঙি ধৰিছিল। তেওঁ কেইবাখনো গ্ৰন্থ সম্পাদনাও কৰিছিল, যেনে: অংকাৱলী, প্রহ্লাদ  চৰিত, মহাপুৰুষ শংকৰদেৱৰ বাণী  আদি। ইংৰাজী ভাষাতো তেওঁ বহু কেইখন প্ৰৱন্ধ ৰচনা কৰিছিল। ১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰেপটা অধিবেশনত তেখেতে সভাপতিত্ব  কৰিছিল।

১৯৫৪ চনত তেখেত স্বৰ্গগামী হয়। 

 

ড০ বিৰিঞ্চি কুমাৰ বৰুৱা

ড০ বিৰিঞ্চি কুমাৰ বৰুৱা (১৯১০-১৯৬৪) একেধাৰে এজন গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।  তেওঁৰ জন্ম হয় নাগাওঁত। পালি ভাষাত ব্যুৎপত্তি থকা এইজন সাহিত্যিকৰ শিক্ষা আৰু কৰ্মজীৱন অতি বিচিত্ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰশাসনীয় কাম কৰাৰ উপৰিও তেখেতে অসমীয়া বিভাগতো অধ্যাপনা কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা A Cultural History of Assam শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাতে তেখেতে কেইখনমান অতি মূল্যৱান গ্ৰন্থ ৰচনা কৰে। ‘আৱাহন’ নামৰ আলোচনীৰ পাতত ‘বীণা বৰুৱা’ ছদ্ম নামত বহুত গল্প প্ৰকাশ কৰে।  ‘আঘোণী বাই’ আৰু ‘পট পৰিৱৰ্তন’ তেওঁৰ দুখন গল্প পুথি।  ‘বীণা বৰুৱা’ ছদ্ম নামত তেওঁ ‘জীৱনৰ বাটত’ নামৰ এখন উপন্যাস ৰচনা কৰে। আকৌ ‘ৰাস্না বৰুৱা’  ছদ্ম নামেৰে ‘সেউজী পাতৰ কাহিনী’ নামৰ আন এখন উপন্যাস ৰচনা কৰে। তেওঁ ‘চুইজাৰলেণ্ড ভ্ৰমণ’ আৰু ‘আমেৰিকাৰ চিঠি’ নামৰ দুখন ভ্ৰমণ কাহিনীও লিখিছিল। তেওঁৰ গৱেষণামূলক গ্ৰন্থসমূহৰ ভিতৰত অসমৰ লোক সংস্কৃতি, অসমীয়া কথা সাহিত্য, অসমীয়া ভাষা আৰু সংস্কৃতি আদি বিশেষ উল্লেখযোগ্য। তেখেতে ইংৰাজী ভাষাতো কেইখনমান গ্ৰন্থ ৰচনা কৰিছিল, যেনে: Assamese Literature, A History of Assamese Literature, Studies in Ancient Assamese Literature, Sankardev:  A Vaisnavite Saint of Assam। তেখেতে ’অসমৰ লোক সংস্কৃতি’ নামৰ গ্ৰন্থখনৰ বাবে  ১৯৬৪ চনত সাহিত্য একাডেমীৰ বঁটা লাভ কৰে। 

 

 উপেন্দ্র  নাথ গোস্বামী

ড০ উপেন্দ্র নাথ গোস্বামী (১৯২৩- ২০০০) এজন অসমীয়া ভাষাবিদ, গৱেষক আৰু সমালোচক। তেখেতৰ জন্ম হয় নলবাৰী সত্ৰত। প্ৰথমতে তেওঁ কানৈ মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে। পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ  অসমীয়া বিভাগত যোগদান কৰে আৰু বিভাগীয় মুৰব্বী  অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে ভাষা সম্পৰ্কীয় কেইবাখনো গৱেষণামূলক গ্ৰন্থ ৰচনা কৰে। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল: A Study on Kamrup, A Dialect of Assamese, An Introduction to Assamese। তেখেতে অসমীয়া ভাষাত ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল: ভাষা বিজ্ঞান, ভাষা আৰু সাহিত্য, অসমীয়া ভাষাৰ ৰূপকথা, অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া লিপি, অসমীয়া ভাষাৰ উদ্ভৱ, সমবৃদ্ধি  আৰু বিকাশ, বৈষ্ণৱ ভক্তি-ধাৰা আৰু সন্ত-কথা  আদি।

২০০০ চনত তেখেত স্বৰ্গগামী হয়।

 

সুবোধ  মল্ল বৰুৱা

সুবোধ  মল্ল বৰুৱা (১৯৬৩- ) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক সুলেখক।  তেওঁৰ জন্ম হয় ১৯৬৩ চনত ।  তেওঁৰ দেউতাকৰ নাম পৰেশ মল্ল বৰুৱা। গুৱাহাটীৰ কটন কলেজিয়েট আৰু আৰ্য বিদ্যাপীঠত শিক্ষা লাভ কৰি ভাৰতৰ ক্ৰীড়া সাংবাদিকতাৰ জগতলৈ প্রৱেশ  কৰে। ১৯৮৭ চনৰ পৰা তেখেতে ‘আজিৰ অসম‘ আৰু ‘নতুন দৈনিক’ কাকতৰ উপসম্পাদক হিচাপে  কাম কৰে। ১৯৯১ চনত ‘দৈনিক অসম’ কাকতত যোগদান কৰে। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ লগত জড়িত।

সুবোধ  মল্ল বৰুৱাৰ ক্ৰীয়া বিষয়ক বহুতো গ্ৰন্থ প্ৰকাশ পাইছে, যেনে: এথেন্সৰ পৰা শ্বিলঙলৈ, বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল, ওৱান ছিক্স ম’ৰ (ইংৰাজী)। তেখেতে কেইবাখনো ক্ৰীড়া বিষয়ক উপন্যাসিকা আৰু বহুতো ক্ৰীড়া বিষয়ক প্ৰৱন্ধ ৰচনা কৰিছে।

 

প্ৰণয় বৰদলৈ 

প্ৰণয় বৰদলৈ (১৯৬৪- ) এজন সাংবাদিক, কাকতৰ সম্পাদক,  পৰিৱেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু সুলেখক। তেখেতৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ  পৰা লেখা-মেলাত মনোনিৱেশ কৰে।  তেখেত ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক পদত থকাৰ উপৰিও ‘আজিৰ অসম‘, ‘আজিৰ বাতৰি’, আমাৰ অসম’, ‘জনসাধাৰণ’ আদি কাকতৰ উপসম্পাদক তথা কাৰ্যনিৰ্বাহক সম্পাদক হিচাপে  কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্ৰিয়া-কলাপৰ লগত জড়িত প্ৰণয় বৰদলৈয়ে বন্যপ্ৰাণী সংৰক্ষণতো আগভাগ লয়। এতিয়ালৈকে তেখেতৰ প্ৰকাশিত গ্ৰন্থকেইখন হ’ল: হিমালয়ৰ শিখৰে কন্দৰে, উত্তুঙ্গ  যোগীন  আদি।

 

ড০ লক্ষ্মী নন্দন বৰা

ড০ লক্ষ্মীনন্দন বৰা (১৯৩১- ) এজন কাকতৰ সম্পাদক, শিক্ষাবিদ, সুপ্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্যাসিক । তেখেতৰ জন্ম হয় নগাওঁ জিলাৰ হাতীচোঙত। তেখেতে নগাওঁ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি কটন কলেজৰ পৰা স্নাতক হৈ ১৯৭৭ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেইবাখনো কলেজত অধ্যাপনা কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত মুৰববী অধ্যাপকৰূপে অৱসৰ লয়। ‘ৰামধেনু’ যুগত অসমীয়া সাহিত্য জগতত প্রতিষ্ঠা  লাভ কৰা ড০ লক্ষ্মীনন্দন বৰাৰ কেইবাখনো গল্পৰ পুথি আৰু উপন্যাস প্ৰকাশ পায়।  তেখেতৰ প্ৰকাশিত গল্প পুথিকেইখন হ’ল: দৃষ্টিৰূপা, সেই সুৰে উতলা, এই ৰূপ এই ছন্দ, এৰাবাৰীৰ লেছেৰি আদি। তেখেতৰ উপন্যাসসমূহ হ’ল: গঙা  চিলনীৰ পাখি, নিশাৰ পূৰৱী, যাকেৰি নাহিকে উপাম, সেহি গুণনিধি, পাতাল ভৈৰৱী  আদি।

‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে  তেখেতে ১৯৮৬ চনত সাহিত্য একোডেমী বঁটা লাভ কৰে। শেহতীয়াকৈ ‘কায়কল্প’ নামৰ উপন্যাসৰ বাবে বিৰলা ফাউণ্ডেচনৰ ‘সৰস্বতী’ সন্মানেৰে ভূষিত হয়। ড০ লক্ষ্মীনন্দন বৰা ১৯৯৬ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ  উপৰিও তেখেতে সাংবাদিকৰূপে কেইবাখনো কাকত সম্পাদনা কৰে আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ  অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰে।

 

ড০ মদন মোহন শইকীয়া

ড০  মদন মোহন শইকীয়া এজন গৱেষক, শিক্ষাবিদ  আৰু লেখক। তেওঁৰ জন্ম হয় ১৯৩৫ চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম. এছ. চি. পাছ  কৰি অবিভক্ত ৰাছিয়াৰ ‘ইনষ্টিটিউট অব পেট্ৰ’লিয়াম এণ্ড কেমিষ্ট্ৰি’ৰ পৰা ১৯৬৫ চনত সন্মানীয় ডক্টৰেট  ডিগ্ৰী লাভ কৰে। শইকীয়াই ডেৰাডুনত থকা অ’ এন জি চিৰ ‘ইনষ্টিটিউট অব ৰিছাৰ্চ এণ্ড ট্রেইনিংত কিছুদিনৰ বাবে  সেৱা আগবঢ়াই যোৰহাট আঞ্চলিক গৱেষণাগাৰত যোগদান কৰে আৰু জিঅ’ছায়েন্স বিভাগৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰে। অৱসৰ গ্ৰহণৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ  বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক হিচাপে তিনি বছৰ সেৱা আগবঢ়ায়। পৰৱৰ্তী সময়ত তেখেতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ আসাম এডমিনিষ্টিটিভ ষ্টাফ কলেজৰ অন্তৰ্গত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ মুৰববী অধ্যাপক হিচাপে  কাম কৰে।

 

ভৱানন্দ দত্ত  

ভৱানন্দ দত্ত  (১৯১৮-১৯৫৯) এজন অসমীয়া প্ৰগতিবাদী কবি, সাহিত্য সমালোচক, মাৰ্ক্সবাদী চিন্তাবিদ আৰু শিক্ষাবিদ আছিল।  তেওঁৰ জন্ম হয় কামৰূপৰ ৰতনপুৰ গাওঁত।  তেওঁ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীত বি. এ. পাছ কৰি ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত এম. এ. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱক্তা হিচাপে সেৱা আগবঢ়ায় । ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা চৰ্চা কৰিবলৈ লয়। তেওঁ ৰচনা কৰা গ্রন্থবোৰ হ’ল:  ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, Philosophy of India  আদি। তেওঁৰ কবিতাত মাৰ্ক্সবাদী আদৰ্শ,  সমাজৰ কালিমা, ধনী-দুখীয়াৰ মাজত অৰ্থনৈতিক বৈষম্য, শোষিত-নিষ্পেষিত শ্ৰেণীৰ কাৰুণ্যময় দিশৰ প্ৰতিফলন গটিছে।  

১৯৫৯ চনত তেওঁৰ মৃত্যু হয়।

 

উত্তম  বৰুৱা

উত্তম  বৰুৱা (১৯৩৯-২০১১) এজন বিশিষ্ট  অসমীয়া প্ৰৱন্ধকাৰ আৰু নাট্যকাৰ। তেওঁৰ জন্ম হয় গুৱাহাটাৰ আজাৰাত। তেওঁৰ পিতৃৰ নাম চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা। 

ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা, নাটক আদি ৰচনা কৰি সকলোৰে দৃষ্টি আৰু প্ৰশংসা বুটলিছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ‘মহাপুৰুষৰ নামঘৰ’ নামৰ পুথি এখন ৰচনা কৰি সেই সময়ৰ বিশিষ্ট কবি বাগ্মীবৰ নীলমণি ফুকনৰ পৰা প্ৰশংসা লাভ কৰিছিল।  তেওঁৰ প্ৰথম নাটক ‘বৰ মানুহৰ দোলা’ ১৯৬০ চনত প্ৰকাশ পায়। ইয়াৰ পিছত তেওঁ ভালেমান সফল নাটক ৰচনা কৰে। সেইবোৰৰ  ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: বৰৰজা ফুলেশ্বৰী, হেংদাং, জেৰেঙাৰ সতী, চম্পকৰ সতী, লাচিত বৰ ফুকন, কুশল কোঁৱৰ, গোমধৰ কোঁৱৰ, লায়লা মজনু, মুলা-গাভৰু, পণ্ডিতৰ জীৱন, আজিৰ মানুহ, মধ্যবিত্তৰ সংসাৰ, মোমাই তামুলী বৰবৰুৱা, দৃষ্টিপাত, পৰিবাৰৰ বিয়া, চোৰ, দেৱদাসীৰ জীৱন জিজ্ঞাসা আদি। এইবোৰ  মঞ্চ সফল নাটকৰ উপৰিও উত্তম  বৰুৱাই  কেইখনমান অনাতাঁৰ নাটকো ৰচনা কৰিছিল।

নাটক ৰচনাৰ উপৰিও তেওঁ  নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত  তত্ত্ব গধুৰ প্ৰৱন্ধ লিখিছিল। উত্তম  বৰুৱাই  নিজৰ ৰচনাৰাজিৰ মাজেদি অতীত অসমৰ গৌৰৱ গাঁথাৰ জয়গান কৰাৰ লগতে অসমীয়া সমাজৰ কলুষ-কালিমবোৰ  উদঙাই দিছিল।  

তেওঁৰ নাট্যকৃতিৰ স্বীকৃতি হিচাপে বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্রেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে। তাৰোপৰি জ্যোতিৰূপাৰ পৰা ‘কৰ্মশ্ৰী বঁটা’  আৰু ৰাধাগোবিন্দ ক্ৰীড়া সংস্থাৰ পৰা সন্মান লাভ কৰে। তেওঁ কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্যও  মনোনীত হৈছিল। 

উত্তম  বৰুৱা গুৱাহাটীৰ পৌৰ  নিগমৰ অধীনস্থ  নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্রেৰীৰ গ্ৰন্থাগাৰিক আৰু পিছলৈ জন-সম্পৰ্কৰক্ষী বিষয়া হিচাপে  চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকি ২০১১ চনত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে।

 

ড০ সূৰ্যকুমাৰ ভূঞা

ড০ সূৰ্যকুমাৰ ভূঞা (১৮৯২-১৯৬৪)  আছিল অসমৰ এজন পণ্ডিত, গৱেষক, সাহিত্যিক আৰু ইতিহাসবিদ। তেওঁৰ জন্ম হয় নগাওঁত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ  হয় আৰু ভেক্টৰিয়া  মেম’ৰিয়েল স্বৰ্ণ পদক লাভ কৰে। সূৰ্যকুমাৰ ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে বি. এ. পাছ কৰে। ১৯১৬ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষকতাৰ চাকৰিত যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলে।  তাৰ দুবছৰ পিছত তেওঁ কটন কলেজৰ ইংৰাজী অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯৪৬ চনত তেওঁ কটন কলেজৰ অধ্যক্ষৰূপে  কাৰ্যভাৰ গ্ৰহণ কৰে। সূৰ্য কুমাৰ  ভূঞা আছিল কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ। গৱেষণা কাৰ্যত নিয়োজিত হোৱাৰ উদ্দেশ্যে তেওঁ ১৯৩৬ চনত ইংলণ্ডলৈ যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৫২  চনত তেওঁ একে বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি. লিট. ডিগ্ৰী লাভ কৰে। সেই বছৰতে তেওঁ গোৱালিয়ৰত অনুষ্ঠিত  ইণ্ডিয়ান হিষ্ট্ৰি কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি মনোনীত হয়। ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ সদস্য পদ আৰু ১৯৫৬ চনত ‘পদ্মশ্ৰী’ সন্মান লাভ কৰে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে সেৱা আগবঢ়ায়। তেওঁ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতিৰ আসনো অলংকৃত কৰে।

ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয়  দিয়া সূৰ্য কুমাৰ ভূঞাই প্ৰথমতে কবি হিচাপে আত্ম প্ৰকাশ কৰে যদিও তেওঁ ইতিহাসবিদ  হিচাপেহে  সুখ্যাতি লাভ কৰে। তেওঁ বহুতো মূল্যৱান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহনা যোগায়। তেওঁৰ একমাত্ৰ কবিতা পুথি হ’ল ‘নিৰ্মালি’। তেওঁ চুটি গল্পতো হাত দিছিল। তেওঁৰ একমাত্ৰ চুটি গল্প সংকলনৰ নাম হ’ল:  ‘পঞ্চমী’।  ‘ত্ৰিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্ৰৱন্ধ সংকলন। তেখেতে জীৱনীমূলক গ্ৰন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্ৰন্থসমূহ  হ’ল: গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী,  জোনাকী আৰু চানেকী । তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূৰ্ণ পুথি ৰচনা কৰিছিল, যথা: কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ, লাচিত বৰ ফুকন  আদি ।

অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্ৰন্থও ৰচনা কৰিছিল, যথা: An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borgohain and His Times, Men I have Met, London Memories.

ইয়াৰ উপৰিও সূৰ্যকুমাৰ ভূঞাই  কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। 

 

শীলভদ্ৰ 

শীলভদ্ৰ  (১৯২৪- ২০০৮)  এজন সুপ্ৰসিদ্ধ অসমীয়া গল্পকাৰ আছিল। তেওঁৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত  চৌধুৰী। ‘শীলভদ্ৰ’ তেওঁৰ ছদ্ম নাম। তেওঁৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰীপুৰত। প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হৈ শীলভদ্ৰই কটন কলেজত বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ  পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত তেওঁ কটন কলেজৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে। তাত দুবছৰ শিক্ষকতা কৰাৰ পিছত কিছুদিন ঠিকাদাৰ, সাংবাদিকতা আৰু চাহ বাগিছাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। ১৯৫৭ চনত তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পৰাই ১৯৮২ চনত অৱসৰ গ্ৰহণ কৰে।

শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্ৰকাশ পায়। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে  অধিক খ্যাতি অৰ্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱ’ প্ৰকাশ পায়। ইয়াৰ পাছত তেওঁ কুৰিখনৰো অধিক  গল্প সংকলন প্ৰকাশ কৰে। তাৰে কেইখনমান হ’ল: সমুদ্ৰ তীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহু দূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অনান্য গল্প ইত্যাদি। শীলভদ্ৰই ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’ নামৰ দুখন গ্ৰন্থ অনুবাদ কৰিছিল।

সাহিত্য কৰ্মৰ স্বীকৃতি হিচাপে শীলভদ্ৰই কেইবাটাও বঁটা আৰু সন্মন লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম সাহিত্য পৰিষদ বঁটা’ আৰু ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীৰ্ষক গল্প সংকলনৰ বাবে ‘ভাৰতীয় ভাষা পৰিষদৰ বঁটা’ লাভ কৰে। ১৯৯৪ চনত শীলভদ্ৰই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য একাডেমী বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্ৰলৈ শীলভদ্ৰৰ জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক ‘অসম উপত্যকা সাহিত্য বঁটা’ৰে সন্মানিত কৰা হয়।

 

উৎপল দত্ত 

উৎপল দত্ত  (১৯৬০- ) এজন অসমীয়া লেখক, অনুবাদক, তথ্যচিত্ৰ পৰিচালক  আৰু চলচিত্ৰ সমালোচক। ‘চলচ্চিত্ৰ’ আৰু টুৱেন্টিফ’ৰ ফ্রেমছ’ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ উপৰিও চলচিত্ৰ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ সম্পদনা কৰিছে আৰু তেনে দুখন গ্ৰন্থ তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰসংগ পুথি হিচাপে বিবেচিত হৈছে। উৎপল দত্তই তথ্যচিত্ৰ পৰিচালক হিচাপেও সুনাম অৰ্জন কৰিছে। তেওঁ পৰিচালনা  কৰা তথ্য চিত্ৰ দেশ-বিদেশৰ কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।তেওঁ শ্রেষ্ঠ তথ্যচিত্ৰৰ পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰেও সন্মানিত হৈছে। উৎপল দত্তই পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰ হ’ল: By Lane -2, Through Trust and Fear আৰু ‘বৰগীত- এটি ধ্ৰুপদী ৰত্ন’। 

 

চৈয়দ আব্দুল মালিক

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০): এজন প্ৰতিযশা অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত আবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত  এম. এ. পাছ কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। স্কুলীয়া সময়ৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লয়। তেওঁ ভালেমান উপন্যাস আৰু গল্প পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰে। তেওঁৰ গ্ৰন্থসম্ভাৰ হ’ল: পৰশমণি, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, মৰহা ফুল, সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো আদি। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিণী’  নামৰ উপন্যাসখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। তেওঁৰ লিখনিৰ মাজেদি অৱক্ষয়ী সমাজৰ চিত্ৰ, প্ৰেমৰ কাৰুণ্য আৰু মানৱতাৰ সুৰ প্ৰকাশ পাইছে। তেওঁৰ ভাষা সহজ-সৰল, ঘৰুৱা ব্যঞ্জনাৰে বৈশিষ্ট্যমণ্ডিত। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হৈছিল। 

২০০০ চনত এইগৰাকী স্বনামধন্য সাহিত্যিকৰ মৃত্যু হয়।

 

ড০ হেমন্ত কুমাৰ শৰ্মা

ড০ হেমন্ত কুমাৰ শৰ্মা (১৯৩২-১৯৯২) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক। তেওঁৰ জন্ম হয় নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাওঁত। তেওঁ অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত  অসমীয়া বিভাগত অধ্যপনা কৰিবলৈ লয়। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত জড়িত আছিল। ড০ হেমন্ত কুমাৰ শৰ্মাই একুৰিতকৈয়ো অধিক সংখ্যক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰি গৈছে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থকেইখন হ’ল: অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙনি, সাহিত্য বিচিত্ৰা, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃৃতিৰ পলাশ, সেই মালাধাৰি, ৰাখি বন্ধন, সন্ধ্যাৰাগ, জীৱনী সৌৰভ  ইত্যাদি। হেমন্ত কুমাৰ শৰ্মাই কেইবাখনো গ্ৰন্থ সংকলন আৰু সম্পাদনা কৰিছিল যেনে: কামৰূপী লোকগীতি সংগ্ৰহ, কিংবদন্তীৰ সাধু, অসমীয়া লোকগীতি সঞ্চয়ন  আদি।

১৯৯২ চনত চাকৰিকালীন অৱস্থাতেই তেওঁৰ দেহাৱসান ঘটে।

 

ড০ নবীন চন্দ্ৰ শৰ্মা

ড০ নবীন চন্দ্ৰ শৰ্মা (১৯৩৮- ) অসমৰ এজন লোক-সাহিত্য  আৰু সংস্কৃতিৰ গৱেষক আৰু বলিষ্ঠ  গদ্য লেখক। তেওঁৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰা গাওঁত। নিজ গাওঁত প্ৰাথমিক শিক্ষা লাভ কৰি  চিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰে। তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা  বি. এ. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লোক-সংস্কৃতি বিভাগত অধ্যাপনা কৰি এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। 

অসমৰ লোক সাহিত্য আৰু লোক-সংস্কৃতিৰ বিষয়ে তেওঁ গভীৰ জ্ঞান আয়ত্ব কৰি এই সম্পৰ্কে ভালেমান মূল্যবান গ্ৰন্থ ৰচনা কৰে। । তেওঁ ‘অসমৰ উজাপালি’ নামৰ গ্ৰন্থ প্ৰনয়ণ কৰি লোপ পাব ধৰা উজাপালি অনুষ্ঠানটোক  অসমৰ ৰাইজৰ আগত পুনৰুজ্জীৱিত কৰি তোলে। ড০ নবীন চন্দ্ৰ শৰ্মাই আমেৰিকাৰ কালিফোৰ্ণিয়ালৈ গৈয়ো লোক-সাহিত্যৰ  সন্ধান কৰিছিল। লোক সাহিত্য আৰু পুৰণি সাহিত্যকে ধৰি তেওঁ ৯৭ খন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰে। তেওঁ ৰচনা কৰা পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: অসমীয়া সাহিত্যৰ আলোক ৰেখা,  অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া পাচালি সাহিত্য,  অসমীয়া লোক-সংস্কৃতিৰ  আভাস, অসমৰ ওজাপালি আদি। নবীন চন্দ্ৰ শৰ্মাই  সম্পাদনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: দৰঙ্গ ৰাজবংশাৱলী, আদি দশম, শিৱ পুৰাণ, কালিকা পুৰাণ, অসমীয়া মদ্ভাগৱত পুৰাণ  আদি। 

নবীন চন্দ্ৰ শৰ্মাই সাহিত্য সেৱাৰ স্বীকৃতি হিচাপে দুৰ্গাবৰ বৰকটকী বঁটা, সীতানাথ ব্রহ্ম চৌধুৰী বঁটা, ভাৰতীয় ভাষা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ গবেষণা  বঁটা, শিল্পী গন্ধৰাম বায়ন বঁটা আদি লাভ কৰে। ইয়াৰ উপৰিও তেওঁ এমেৰিটাছ ফিল’ছিপ, অসম সাহিত্য সভাৰ সদস্য মহীয়ান, সাহিত্যিক পেঞ্চন আদি সন্মান লাভ কৰে।

 

ৰত্নকান্ত বৰকাকতী

ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩) এজন অসমীয়া কবি, সমালোচক আৰু প্ৰৱন্ধকাৰ। তেওঁৰ জন্ম হয় নগাঁৱৰ ধিঙত। তেওঁ স্থানীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি উচ্চ  শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও পড়া-শুনা ত্যাগ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। 

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিবলৈ লোৱা ৰত্নকান্ত বৰকাকতীয়ে উষা, বাঁহী, চেতনা  আদি আলোচনীত কবিতা প্ৰকাশ কৰে। ১৯৩২ চনত ৰত্নকান্ত বৰকাকতীৰ প্ৰথম কবিতা পুথি ‘শেৱালি’  প্ৰকাশ পায়। তেওঁ ৰচনা কৰা আন দুখন কবিতা পুথি হ’ল: ‘তৰ্পন’ আৰু ‘চন্দ্ৰহাৰ’ । তেওঁ ‘অলকা’  নামৰ এখন ভাৱপ্ৰধান নাটকো ৰচনা কৰিছিল। প্ৰকৃতিৰ সৌন্দর্য  আৰু প্ৰেম তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। 

 

হীৰেন ভট্টাচাৰ্য 

হীৰেন ভট্টাচাৰ্য (১৯৩২-২০১২) এজন অতি প্ৰভাৱশালী  আধুনিক অসমীয়া কবি, গীতিকাৰ, আলোচনী সম্পাদক আৰু শিশু সাহিত্য ৰচয়িতা। তেওঁৰ জন্ম হয় যোৰহাটত। পিতৃৰ নাম তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম স্নেহলতা ভট্টাচাৰ্য। তেওঁ ডিব্ৰুগড়ত প্ৰাথমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজিয়েট হাই স্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰে। ইয়াৰ পিছত গুৱাহাটীৰ বি. বৰুৱা কলেজৰ পৰা আাই. এ. পাছ কৰি আনুষ্ঠানিক  শিক্ষা জীৱনৰ অন্ত পেলাই জীৱিকা উপাৰ্জনৰ বাবে  নানান ধৰণৰ কাম কৰিবলৈ লয়। কিছুদিন তেওঁ ছপাশালত কাম কৰে আৰু  কিছুদিন শিক্ষকতা কৰে। সৰু কালৰ পৰাই তেওঁ ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হয় আৰু প্ৰগতিশীল চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হয়। ছাত্ৰ অৱস্থাৰ পৰাই লিখা-মেলা বিশেষকৈ কবিতা ৰচনাত হাত দিয়া হীৰেন ভট্টাচাৰ্যই বহুকেইখন কাব্য গ্ৰন্থ অসমীয়া কাব্যমোদী পাঠকক উপহাৰ দিয়ে। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ’ল:  ৰৌদ্ৰ কামনা (১৯৬৪), মোৰ দেশ মোৰ প্ৰেমৰ কবিতা (১৯৭২), বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৭), সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ (১৯৯১), ভালপোৱাৰ বোকামাটি (১৯৯৫), জোনালী মন আৰু অন্যান্য কবিতা (১৯৯৫), প্ৰিয় বৰ্নমালা  (১৯৯৫) আদি।

হীৰেন ভট্টাচাৰ্য এজন সফল গীতিকাৰো আছিল। ‘তোমাৰ গান’  তেওঁৰ প্ৰকাশিত গীতৰ পুথি। তেওঁ কেইখনমান শিশু গ্ৰন্থও ৰচনা কৰিছিল, যেনে: ল’ৰা ধেমালী (১৯৯২), আকৌ ধেমালী (১৯৯৩) আদি। হীৰেন ভট্টাচাৰ্যই  ‘শইচৰ পথাৰ মানুহ’ কাব্যগ্ৰন্থৰ বাবে  ১৯৯১ চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লভ কৰে।  তেওঁ চিত্ৰবন, আন্তৰিক, খনন  আদি আলোচনী সম্পাদনা কৰিছিল।

তেওঁৰ কবিতাৰ প্ৰাথমিক বিষয় হ’ল প্ৰেম: এই প্ৰেম দেশপ্ৰেম, মানৱপ্ৰেম আৰু প্ৰকৃতিপ্ৰেম। হীৰেন ভট্টাচাৰ্যৰ  কবিতাৰ ভাষা,  শব্দ চয়ন, কল্পচিত্ৰৰ সৃষ্টি আৰু প্ৰয়োগত অভিনৱত্বৰে ভৰপুৰ। তেওঁৰ সমসাময়িক আৰু অনুজ কবিসকল তেওঁৰ কাব্যিক আংগিক আৰু কল্পচিত্ৰৰ দ্বাৰা বহুলভাৱে প্ৰভাৱিত হৈছিল।

এইজন বহুল প্ৰভাৱশালী কবিয়ে  ২০১২ চনত মৃত্যু বৰণ কৰে।

 

ভূপেন  হাজৰিকা

ভূপেন  হাজৰিকা (১৯২৬-২০১১) অসমৰ এজন গীতিকবি, কণ্ঠশিল্পী, অভিনেতা, চলচিত্ৰ পৰিচালক, প্ৰৱন্ধকাৰ আৰু  আলোচনী সম্পাদক আছিল। তেওঁৰ জন্ম হয় শদিয়াত। তেজপুৰ হাই স্কুলৰ পৰা ১৯৪০ চনত প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা কলেজৰ পৰা আই. এ. পৰীক্ষাত উত্তীর্ণ  হৈ বাৰাণসী হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত পি. এইচ. ডি. ডিগ্রী আহৰণ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত পি. এইচ. ডি. কৰি থকা সময়ছোৱাত এজন ভাৰতীয় ব্যৱসায়ীৰ কন্যা  প্ৰিয়ম্বদা পাটিলৰ লগত চিনাকী হয় আৰু¸ শেষলৈ তাইৰ লগত বিবাহ পাশত আবদ্ধ হয়। সিহঁতৰ বৈবাহিক জীৱনৰ সাক্ষী স্বৰূপ এটি পুত্ৰ সন্তানৰ জন্ম হয়। পুত্ৰৰ নাম ৰাখে তেজ হাজৰিকা।  তেজৰ জন্ম হোৱাৰ পিছত পত্নীৰ লগত তেওঁৰ বিচ্ছেদ হয়। ইয়াৰ পিছত প্ৰথমে গুৱাহাটীৰ বি. বৰুৱা কলেজত অধ্যাপনা কৰিবলৈ লয়। তাৰ পিছত কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কিছুদিন আকাশবাণী কেন্দ্ৰতো সেৱা আগবঢ়ায় । কিন্তু শেষলৈ তেওঁ সংগীত জগতৰ লগত একাত্ম হৈ পৰে আৰু কণ্ঠশিল্পী, গীতিকাৰ, চলচিত্ৰ পৰিচালক, চলচিত্ৰত সংগীত পৰিচালক আদি কামত নিজকে আত্মনিয়োগ কৰে। ১৯৭০ ৰ দহকত কল্পনা লাজমী নামৰ এজন এজনী যুৱতীৰ লগত পৰিচয় হয় আৰু তেতিয়াৰ পৰা তাই ভূপেন  হাজৰিকাৰ আজীৱন সংগী হৈ থাকে।

ভূপেন  হাজৰিকাই পৰচালনা কৰা চলচিত্ৰসমূহ হ’ল: এৰাবাটৰ সুৰ (১৯৫৬), শকুন্তলা (১৯৬১), প্ৰতিধবনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), চিৰাজ (১৯৮৮) আদি।এইবোৰ অসমীয়া ছবি পৰিচালনা কৰাৰ লগতে ভূপেন  হাজৰিকাই কেইবাখনো হিন্দী আৰু বাংলা ছবিও পৰিচালনা কৰিছিল।

তেওঁ চলচিত্ৰ পৰিচলানা কৰাৰ লগতে কেইবাখনো ভাৰতীয় ভাষাৰ ছবিত সংগীত পৰিচলনা কৰিছিল। ইয়াৰ উপৰিও ন খনমান তথ্যচিত্ৰও পৰিচালনা কৰিছিল।

তেওঁ এজন প্ৰৱন্ধকাৰো আছিল। তেওঁ ৰচনা কৰা গ্ৰন্থৰ সংখ্যা মুঠ ৫০ খন। অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ লগতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁ আমাৰ প্ৰতিনিধি, বিন্দু, প্ৰতিধবনি  আদি আলোচনী সম্পদনা কৰিছিল।

ভূপেন  হাজৰিকাদেৱ ৰাজনীতিৰ সৈতেও জড়িত আছিল। তেওঁ ১৯৬৭ চনৰ পৰা  ১৯৭২ চনলৈকে নাওবৈছা সমষ্টিৰ পৰা নিৰ্দ্দলীয়া পদৰ পৰা বিধায়ক হিচাপে সেৱা আগবঢ়াইছিল।

সংগীত আৰু চলচিত্ৰ জগতলৈ দিয়া তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে  তেওঁ বহুত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা আৰু সন্মান  যেনে: ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদক, শ্রেষ্ঠ  সংগীত পৰচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে  বঁটা, পদ্মভূষণ, পদ্মশ্ৰী আদি বঁটা আৰু সন্মান লাভ কৰে। 

অসমৰ কলা সংস্কৃতিৰ জগতলৈ তেওঁৰ অৱদান জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাতকৈ অধিক। এইজন বহুল প্ৰতিভাধাৰী অসমীয়া কলা-সংস্কৃতিৰ সাধকজনে ২০১১ চনৰ ৫ নৱেম্বৰত  ইহলীলা সম্বৰণ কৰে।

 

পদ্মনাথ গোহাঞিবৰুৱা

পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১-১৯৪৬) হ’ল  নাট্যকাৰ আৰু তত্বমূলক  গ্ৰন্থ ৰচয়িতা আৰু প্ৰথম অসমীয়া ঔপন্যাসিক । তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নকাৰী গাঁৱত। তেখেতে শিৱসাগৰ আৰু কহিমাত প্রাথমিক  শিক্ষা শেষ কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে  কলকাতালৈ যায়। কিন্তু বিভিন্ন অসুবিধাৰ বাবে ডিগ্ৰী লাভ কৰিব নোৱাৰি অসমলৈ উভতি আহে। কলকাতাত থাকোতেই গোহাঞিবৰুৱাই  ‘বিজুলী’ নামৰ আলোচনী এখন সম্পাদনা কৰিবলৈ লয়। এই আলোচনীৰ পাততে তেওঁৰ ‘ভানুমতী’ আৰু ‘লাহৰী’ উপন্যাস ধাৰবাহিকভাৱে প্ৰকাশ পায়।

কলকাতাৰ পৰা উভতি আহি প্ৰথমে তেওঁ ঘৰতে থাকি সাহিত্য সেৱাত মনোনিেবশ কৰে। পিছত তেওঁ কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত তেওঁ ক্ৰমে তেজপুৰৰ নৰ্মাল স্কুলৰ প্ৰধান শিক্ষক, মংগলদৈৰ তহচিলদাৰ, কাউন্সিল সদস্য, অনাৰেৰী মেজিষ্ট্ৰেট আদি বিষয়-বাবত নিযুক্ত হয় ।

উচ্চ সাহিত্য প্ৰতিভাৰ অধিকাৰী পদ্মনাথ গোহাঞিবৰুৱাই কেইবাখনো মানবিশিষ্ট গ্ৰন্থ ৰচনা কৰে। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’লঃ

নাটক: গাওঁবুঢ়া,  টেটোন তামুলী, জয়মতী, গদাধৰ, সাধনী  আৰু লাচিত বৰফুকন

তত্ত্বমূলক গ্ৰন্থ: শ্ৰীকৃষ্ণ

আত্মজীৱনী: মোৰ সোঁৱৰণী 

উপন্যাস: ভানুমতী আৰু লাহৰী

‘বিজুলী’ আলোচনীখনৰ উপৰিও তেওঁ ‘আসাম বন্তি’ আৰু ’ঊষা’ নামৰ দুখন আলোচনী সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱা ১৯১৭ চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতিৰ পদ অলংকৃত কৰিছিল। শিৱসাগৰত অনুষ্ঠিত  হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনত  তেওঁ সভাপতিত্ব কৰিছিল ।

 

এম ইব্ৰাহিম আলি

এম ইব্ৰাহিম আলি (১৮১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত। পিতৃ হ’ল মৰহুম আবিদ আলি আৰু মাতৃ আমিনা খাতুন। মঙলদৈ হাই স্কুলৰ  অষ্টম শ্ৰেণীলৈকে পঢ়ি যোৰহাট নৰ্মাল স্কুলত নাম লগায়। পাছত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে এম. এ. ডিগ্ৰী লাভ কৰে। তেওঁৰ কৰ্মজীৱনো বিচিত্ৰ। শিক্ষক, বিদ্যালয়ৰ  উপ-পৰিদৰ্শক, সৈন্য বাহিনীৰ চাকৰি আদি নানা কৰ্মক্ষেত্ৰৰ সৈতে জড়িত। এম ইব্ৰাহিম আলিয়ে  কবিতা, জীৱনী, উপন্যাস, শিশু-উপন্যাস আদি সাহিত্যৰ নানান দিশত মূল্যৱান অহিৰণা আগবঢ়ায়। কবিতা পুথি: ‘চাহাৰা’ (১৯৪৭), ‘নিস্তব্ধ, বিষাদ’ (১৯৭৪)।  ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত তেওঁৰ শিশু-উপন্যাস হ’ল: ‘পৰী কুৱঁৱৰীৰ দেশত’ (১৯৫৫)। ‘কাঁচিজোন’ নামৰ শিশু-আলোচনী এখনো এম ইব্ৰাহিম আলিয়ে  সম্পদনা কৰি উলিয়াইছিল।

 

ৰঞ্জুমণি মহন্ত 

ৰঞ্জুমণি মহন্ত এজন অসমীয়া  শিক্ষাবিদ আৰু লিখক।ৰঞ্জুমণি মহন্তৰ জন্ম হয় ১৯৭৪ চনত গোলঘাট জিলাৰ মদাৰগুৰি সত্ৰত। পিতৃৰ নাম হ’ল নবীন চন্দ্ৰ মহন্ত আৰু মাতৃ মৃণালিনী মহন্ত।স্কৃলীয়া শিক্ষা গোলাঘাটতেই সম্পন্ন কৰে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ  পৰা  বি. এ. আৰু  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্রী লাভ কৰে। বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধ-পাতি প্ৰকাশ কৰাৰ  লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি ৰচনা আৰু সম্পাদনাৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছে। বৰ্তমান অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)-ৰ শৈক্ষিক বিষয়া। (Academic Officer) হিচাপে কাৰ্যনিৰ্বহ কৰি আছে।

 

ৰাজীৱ শৰ্মা 

ৰাজীৱ শৰ্মা এগৰাকী শিক্ষাবিদ আৰু লেখক। স্কুলীয়া শিক্ষা স্থানীয় বিদ্যালয়তে গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. ডিগ্রী  লাভ কৰে। বিগত প্ৰায় দুটা দশক জুৰি শিক্ষকতাৰ সৈতে জড়িত। ৰাজীৱ শৰ্মাই  কেইবাখনো গ্রন্থ ৰচনা কৰিছে, যেনে: ‘নতুন অসমীয়া অভিধান’ (২০১৫) আৰু ‘নতুন অসমীয়া শব্দকোষ’ (২০১৬)। ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পাদিত-ৰচিত পুথি: ‘আপোন পাঠ’ গ্ৰন্থমালা, ‘কুকুৰনেছীয়া আৰু ছাগলী’, ‘কথা কোৱা গুহা’, ‘ঘৰুৱা কাম কৰা মেকুৰী’, ‘বুঢ়া-বুঢ়ী আৰু শিয়াল’ আৰু ‘গীতে-মাতে আখৰ শিকোঁ’ আদি। সাহিত্য-সংস্কৃতি সম্পৰ্কীয় সম্পাদিত পুথি: ‘লোকসংস্কৃতিৰ সঁফুৰা’। ‘সাপ্তাহিক জিজ্ঞাস’ কাকতৰ সম্পদনাৰ সৈতেও ৰাজীৱ শৰ্মা জড়িত ।

 

পংকজ দত্ত 

পংকজ দত্ত এজন অসমীয়া শিক্ষক আৰু লিখক।পংকজ দত্তৰ জন্ম হয় নলবাৰী জিলাৰ অন্তৰ্গত হাৰিভাঙা গাঁৱত। স্থানীয়ভাৱে স্কুলীয়া লীয় শিক্ষা সম্পূৰ্ণ কৰি পাছত উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যায়। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত পদাৰ্থ বিজ্ঞান বিষয়টো মুখ্য বিষয় হিচাপে  লৈ বি. এছ. চি. পাছ কৰে। পংকজ দত্ত বিদ্যালয় পৰ্যায়ৰ কেইবাখনো পাঠ্যপুথিৰ ৰচনাৰ সৈতে জড়িত। এগৰাকী কৃতী শিক্ষক আৰু ৰাষ্ট্ৰীয় শিশু-বিজ্ঞান সমাৰোহৰ সৈতে এগৰাকী সমল-ব্যক্তি হিচাপে ওতঃপ্ৰোতভাৱে জড়িত। উদ্ভাৱনমূলক চিন্তাৰ অধিকাৰী এইগৰাকী শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰা কেইবাটাও বিজ্ঞান আৰ্হি, বিজ্ঞান-পৰীক্ষা আৰু বিজ্ঞান-প্ৰকল্পই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মান লাভ কৰিবলৈ সক্ষম হৈছে।

 

বিনন্দচন্দ্ৰ বৰুৱা

বিনন্দচন্দ্ৰ বৰুৱা (১৯০১-১৯৯৪) এজন অসমীয়া কবি, নাট্যকাৰ আৰু শিশু সাহিত্যিক আছিল।  তেওঁৰ জন্ম হয় টিয়কত। তেওঁৰ পিতাকৰ নাম গোপালচন্দ্ৰ বৰুৱা। টিয়ক আৰু যোৰহাটত স্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বুৰঞ্জী বিষয়ত সন্মানসহ বি. এ. উপাধি লয়। কলকাতালৈ গৈ এম. এ. আৰু আইন বিষয়ত ভৰ্তি হৈছিল; কিন্তু দুয়োটা বিষয় আধৰুৱাকৈ এৰি ঘৰলৈ উভতি আহে। বিনন্দচন্দ্ৰ বৰুৱাই জাঁজী হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ প্ৰধান শিক্ষক হিচাপে ১৯৬৭ চনত অৱসৰ লয়। বিনন্দচন্দ্ৰ বৰুৱা অসম সাহিত্য সভাৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ সভাৰ উত্তৰ লখিমপুৰ অধিৱেশনৰ সভাপতি হৈছিল। ‘ধ্বনি-কবি’ ৰূপে খ্যাত বৰুৱাদেৱে ভালেমান কবিতা-পুথিৰ উপৰিও নাটক, খুহুতীয়া ৰচনা, শিশু-গ্ৰন্থ আদি ৰচনা কৰিছিল। কবিতা-পুথি: ‘শংখধবনি’ (১৯২৫), ‘প্ৰতিধবনি’ (১৯৩৮), ‘জয়ধবনি’ (১৯৭৪) আৰু ‘শিশুধ্বনি’ (১৯৭৭) । নাটক: ‘পাৰ্থ সাৰথি’ আৰু ‘শৰাইঘাট’। খুহুতীয়া ৰচনা: ‘টি টি হেই হেই’, ‘বেঙেনাৰ ৰহস্য’ আদি । শিশু-গ্ৰন্থ: ‘মহাৰাজ নৰনাৰায়ণ’, ‘ল’ৰাৰ বেজবৰুৱা’, ‘অসম গৌৰৱ’, ‘আমাৰ গৌৰৱ’, ‘আমাৰ লক্ষ্মীনাথ’, ‘ৰাজস্থান গল্প’ ইত্যাদি।

 

বৰ্ণালী ডেকা

বৰ্ণালী ডেকাৰ জন্ম হয় ১৯৮৬ চনত গুৱাহাটীত। গুৱাহাটীতেই স্কুলীয়া  শিক্ষা আৰু উচ্চ শিক্ষা লাভ কৰি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৱেষক হিচাপে গৱেষণাৰত। ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ লিখা বৰ্ণালী ডেকাৰ গোটাদিয়েক ৰচনা ভিন ভিন কাকত-আলোচনীত প্ৰকাশ পাইছে।

 

দুৰ্গেশ্বৰ শৰ্মা

দুৰ্গেশ্বৰ শৰ্মা (১৮৮৪-১৯৬১)  এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ জন্ম হয় যোৰহাটৰ পটীয়া গাঁৱত। পিতাকৰ নাম হ’ল কমলেশ্বৰ। স্কুলীয়া  শিক্ষা যোৰহাটত গ্ৰহণ কৰি কোচবিহাৰ কলেজৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে। নানা চৰকাৰী উচ্চ পদস্থ বিষয়া হিচাপে কৰ্ম-জীৱন অতিবাহিত কৰি শেষত কানি নিবাৰণ আবকাৰী কমিচনাৰ হিচাপে ১৯০৩ চনত অৱসৰ লয়। এগৰাকী নাট্যকাৰ আৰু কবি হিচাপে শৰ্মাই ভালেমান গ্ৰন্থ ৰচনা কৰে। ৰচিত আৰু অনূদিত নাটক: ‘পাৰ্থ পৰাজয়’(১৯০৯), ‘চন্দ্ৰাৱলী’(১৯১০), ‘পদ্মাৱতী’ আৰু ‘বালিবধ’(১৯২২) আদি । কবিতা-পুথি: ‘অঞ্জলি’ (১৯১০) আৰু ‘নিবেদন’(১৯১৫) । দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাত দাৰ্শনিক ভাৱৰ প্ৰাধান্য থকা বাবে  তেওঁ ‘দাৰ্শনিক কবি’ বুলি জনাজাত।

 

হিতেশ্বৰ বৰবৰুৱা

হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯) এজন খ্যাতনামা অসমীয়া কবি আছিল । তেওঁৰ জন্ম হয় যোৰহাটৰ ওচৰৰ সৰু চৰাইবাহীত। জন্মস্থান যোৰহাটতেই স্কুলীয়া  শিক্ষা লাভ কৰি শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল।  পিছত চাহ-বাগিছাৰ কামত সোমাইছিল। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হ’ল: ‘ঢোপাকলি’, ‘তিৰোতাৰ আত্মদান’, ‘আত্মদান’, ‘ডেচডিমোনা’, ‘যুদ্ধক্ষেত্ৰত আহোম ৰমণী’ ‘আহোমৰ দিন’ আদি। ১৯২৪ চনত নগাঁৱত বহা অসম সাহিত্য সভা অধিৱেশনৰ হিতেশ্বৰ বৰবৰুৱা বুৰঞ্জী শাখাৰ সভাপতি আছিল।

 

জ্ঞাননাথ বৰা

জ্ঞাননাথ বৰা (১৮৯০-১৯৬৮) এজন অসমীয়া প্ৰৱন্ধকাৰ আৰু সাহিত্য সমালোচক আছিল। তেওঁৰ জন্ম হয় গুৱাহাটীত। পিতৃৰ নাম সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুৱন মোহিনী। পিতৃ লিখক সত্যনাথ বৰাৰ অনুপ্ৰেৰণাতেই তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লৈছিল। কটন ক’লেজৰ পৰা বি. এ. আৰু আৰ্ল ল কলেজৰ পৰা বি. এল. পাছ কৰি প্ৰথমে গুৱাহাটীত ওকালতি কৰি পিছত বিশ বছৰ কাল কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তেওঁ ৰচনা কৰা পুথিসমূহ হ’ল: ‘অসমত বিদেশী’, ‘যুগতত্ত্ব’, ‘অসমীয়া পুৰণি সাহিত্য’, ‘আধুনিক অসমীয়া সাহিত্য’ আদি। জ্ঞাননাথ বৰা ১৯৬৮  চনত তেজপুৰত বহা অসম সাহিত্য সভা  অধিৱেশনৰ সভাপতি আছিল।

 

অনুৰাধা শৰ্মা পূজাৰী–চমু পৰিচয়

অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ আৰু আলোচনী সম্পাদক।

তেখেতৰ জন্ম হয় ১৯৬৪ চনত যোৰহাটত। তেখেত  যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰি যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেখেতে সমাজশাস্ত্ৰ বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টচ এণ্ড মেনেজমেন্টত সাংবাদিকতাৰ ডিপ্লমা লয়। অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত ‘আৰ্টচ এণ্ড ফিল্ম এপ্ৰিছিয়েছন’ পাঠ্যক্ৰমো অধ্যয়ন কৰে। 

তেখেত  কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টচৰ অধীনত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেখেতে  ‘আমাৰ অসম’ কাকতৰ বাবে সাংবাদিকতাৰ কাম আৰম্ভ কৰে। তাই ‘সাদিন’ আৰু ‘সাতসৰী’ নামৰ আলোচনী দুখনো সম্পাদনা কৰি আছে । 

সাংবাদিকতাৰ দৰে ব্যস্ত কৰ্মৰ আঁৰতো অনুৰাধা শৰ্মা পূজাৰীয়ে বহুকেইখন উপন্যাস ৰচনা কৰিছে। তেখেতৰ  উল্লেখযোগ্য উপন্যাসমূহ হ’ল: হৃদয় এক বিজ্ঞাপন, চাহেব পুৰাৰ বৰষুণ, কাঞ্চন, নাহৰৰ নিৰিবিলি ছাঁ, ব’ৰাগী নদীৰ বাট, মেৰেং, সোণ হৰিণৰ চেকুৰ  ইত্যাদি। উপন্যাস ৰচনাৰ উপৰিও তেখেত গল্প ৰচনাতো সিদ্ধহস্ত। তেখেতৰ প্ৰকাশিত গল্প সংকলন কেইখনমান হৈছে: বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়গ্ৰাফী, কেথেৰীণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া, ন’ মেনচ লেণ্ড  আদি উল্লেখযোগ্য। 

অনুৰাধা শৰ্মা পূজাৰীয়ে কেইখনমান আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলনো প্ৰকাশ কৰিছে, যথা: কলিকতাৰ চিঠি, ডায়েৰি, অট’গ্ৰাফ আদি। ‘চাহেব পুৰাৰ বৰষুণ’  নামৰ উপন্যাসখনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। ২০১৩ চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপ তেখেতক  ‘ৰেনেছাঁ অসম বঁটা’ প্ৰদান কৰা হয়।সম্প্রতি তেখেত বিষ্ণু ৰাভা বঁটাও লাভ কৰিছে। 

 

ডাঃ জয়ন্ত কুমাৰ গোস্বামী

ডাঃ জয়ন্ত কুমাৰ গোস্বামী এজন প্ৰখ্যাত চিকিৎসক আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৫৮ চনত শ্বিলঙত। গুৱাহাটীৰ  চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি ক্ৰমে এম. বি. বি. এছ. আৰু এম. এছ. (চাৰ্জাৰী) উপাধি গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান (এইম্‌চ)-ৰ পৰা এম. চি. এইচ. (পেডিয়াট্ৰিক চাৰ্জাৰী) ডিগ্রী লাভ কৰে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু-শল্য চিকিৎসা বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে অসমীয়া সাহিত্যলৈ গল্প, উপন্যাস, আৰু প্রবন্ধ ৰচনাৰে লেখতল’বলগীয়া বৰঙণি আগবঢ়াইছে। তেওঁ ৰচনা কৰা গল্প-পুথিসমূহ হ’ল : ‘আনুবংশিক’ (২০১০), ‘পখিলামন’ (২০১১), ‘মৃত্যু উপত্যকা’ (২০১৩), ‘তালবাৰীৰ দিনবোৰ’ (২০১৩), ‘প্ৰতিবিম্ব’ (২০১৪), আৰু ‘কয়ান্তৰ’ (২০১৬)। তেওঁৰ উল্লেখযোগ্য প্ৰৱন্ধ-পুথিসমূহ হৈছে: ‘শিশুৰ অস্ত্ৰোপচাৰ’ (২০১১) আৰু  ‘বিজ্ঞান বৰ্ণালী’ (২০১১)। উপন্যাস: ‘মৃগতৃষ্ণা’ (২০১৩)। ডাঃ জয়ন্ত কুমাৰ গোস্বামী কল্পবিজ্ঞান চৰ্চাৰ প্ৰতি  বিশেষ আগ্ৰহী। অসমৰ প্ৰায়বোৰ প্ৰধান কাকত-আলোচনীলৈ তেওঁ নিয়মিত লেখা-মেলা কৰি কৰে।

 

ধৰ্মেশ্বৰী দেৱী বৰুৱানী

ধৰ্মেশ্বৰী দেৱী বৰুৱানী (১৮৯২-১৯৬০) এজনী অসমীয়া কবি আছিল । তাইৰ  জন্ম হয় গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত। পিতৃৰ নাম যজ্ঞোৰাম শৰ্মা আৰু মাতৃৰ নাম ৰম্ভাপ্ৰিয়া দেৱী। সাংসাৰিক জীৱন বৰ দুখৰ আছিল। তাইৰ  ৰচিত কবিতা-পুথিসমূহ হ’ল: ‘ফুলৰ শৰাই’, ‘প্ৰাণৰ পৰশ’, ‘অশ্ৰুধাৰ’ আৰু ‘জীৱনতৰী’। প্ৰেম হৈছে তাইৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। অসম সাহিত্য সভাই  তাইক ‘কাব্যভাৰতী’ সন্মানেৰে সন্মানিত কৰিছিল।

 

সৰ্বেশ্বৰ কটকী

সৰ্বেশ্বৰ কটকী (১৮৯২-১৯৪৬) আছিল এজন অসমীয়া কবি, গৱেষক  আৰু  শিক্ষাবিদ। তেওঁৰ  জন্ম হয় গুৱাহাটীত।  পিতৃৰ নাম  যোগেশ্বৰ কটকী  আৰু মাতৃৰ নাম  দ্ৰৌপদী। স্কুলীয়া শিক্ষা কটন ক’লেজিয়েট হাই স্কুলত  আৰু ক’লেজীয়া শিক্ষা কটন কলেজত লাভ কৰে। ১৯২১ চনৰ  পৰা কটন ক’লেজিয়েট হাই স্কুলত শিক্ষক হিচাপে কর্ম জীৱনৰ পাতনি মেলি  জীৱনৰ শেষলৈকে ইয়াতে থাকে।সৰ্বেশ্বৰ কটকীয়ে  ‘আবাহন’, ‘চেতনা’, ‘বাঁহী’ আদি কাককত প্ৰবন্ধ-পাতি লিখিছিল। তেওঁ ৰচিত  গ্রন্থসমূহ হ’ল: ‘মূৰলী’ (১৯২১)‘তত্ত্ব আৰু তথ্য’ (১৯২৬), ‘Antiquities of Assam’,  ‘Ancient Assamese Scripts’, ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ (১৯২৩), ‘সত্যনাথ বৰাৰ জীৱন চৰিত’ (১৯২৯)।  ‘ৰাস-ক্ৰীড়া’ আদি । সৰ্বেশ্বৰ কটকী দীর্ঘ দিন কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদক আছিল।

 

ৰাজেন্দ্ৰনাথ ডেকা

ৰাজেন্দ্ৰনাথ ডেকা এজন গৱেষক আৰু লিখক।  তেওঁৰ জন্ম হয় কামৰূপৰ দ-গাঁৱত ১৯৭৭ চনত। পিতৃৰ নাম পদ্মৰাম আৰু মাতৃ সুমিত্ৰা।স্কুলীয়া  শিক্ষা দ-গাওঁ আৰু পুঠিমাৰীত লাভ কৰি কলেজীয়া শিক্ষা গ্ৰহণ কৰে ৰঙিয়া মহাবিদ্যালয়ত। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকচ এণ্ড কমিউনিকেচন টেকন’লজিত এম. এচ. চি. আৰু ইলেকট্ৰনিকচ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিঙত এম. টেক. উপাধি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰায়োগিক বিজ্ঞান শাখাৰ জ্যেষ্ঠ কাৰিকাৰী নিৰ্দেশক পদত নিযুক্ত হৈ থকাৰ লগতে বৰ্তমান জৈৱিক ইন্ধন বিষয়ক গৱেষণাত ৰত হৈ আছে। ৰাজেন্দ্ৰনাথ ডেকাই বতর্মানলৈ ৰচনা কৰা পুথিসমূহ হ’ল: ‘মৌখিক আৰু বুদ্ধি-পৰীক্ষা’ আৰু ‘পদাৰ্থ বিজ্ঞানৰ দহটা শ্ৰেষ্ঠ পৰীক্ষা’।

 

হেমচন্দ্ৰ গোস্বামী

হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ একনিষ্ঠা গৱেষক । হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় গোলাঘাটৰ ঢেকিয়াল গাঁৱত। পিতৃৰ নাম ডম্বৰুধৰ আৰু মাতৃ ঘনকান্তী। স্কুলীয়া  শিক্ষা অসমতে সম্পূৰ্ণ কৰি পাছত উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ পৰা উভতি আহি গুৱাহাটীৰ সোণাৰাম স্কুলৰ শিক্ষক হয়। তাৰ পাছত এছ. ডি. ছি. পদ গ্ৰহণ কৰি শ্বিলঙলৈ যায়। পৰৱৰ্তী কালত পদোন্নতি লাভ কৰি ই. এ. চি. ৰূপে ১৯২৬ চনত অৱসৰ লয়। তেওঁ আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ একনিষ্ঠা গৱেষক। অসমৰ প্ৰথম চনেট ৰচোঁতা তেৱেঁই। কবিতা-পুথি: ‘ফুলৰ চাকি’ (১৯৭০)। শিশু-আলোচনী ‘অকণ’ আৰু বিখ্যাত ‘জোনাকী’ কাকত সম্পাদনা কৰিছিল। হেমচন্দ্ৰ গোস্বামীয়ে কেইবাখনো গ্রন্থ সম্পাদনা কৰিছিল, যেনে: ‘দৰং ৰাজ বংশাৱলী’ (১৯১৭), ‘কথাগীতা’ (১৯১৮), ‘পুৰণি অসম বুৰঞ্জী’ (১৯২২), কামৰূপ তন্ত্ৰ’ (১৯২৮)‘অসমীয়া সাহিত্যৰ চানেকি’ (১৯২৯) হেমচন্দ্ৰ  গোস্বামীদেৱৰ এক বিশেষ কীৰ্তি। ১৯০০ চনত তেওঁ আৰু কৰ্ণেল পি টি আৰ গৰ্ডনৰ প্ৰচেষ্টাত হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ অভিধানে প্ৰকাশৰ মুখ দেখিবলৈ পায়।

 

দীপজ্যোতি বৰপূজাৰী

দীপজ্যোতি বৰপূজাৰী এজন শিক্ষাবিদ আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৭৪ চনত নলবাৰী জিলাৰ অন্তৰ্গত বেলশৰ (দেউৰীপাৰী) গাঁৱত। পিতৃৰ নাম কনক শৰ্মা আৰু মাতৃ সৰলা দেৱী।স্কুলীয়া  শিক্ষা স্থানীয় শিক্ষানুষ্ঠানত লাভ কৰে। পাছত উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যায়। গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত ভৰ্তি হয়। তাৰ পৰাই সংস্কৃত (দৰ্শন শাখা) বিষয়ত এম. এ  উপাধি লাভ কৰে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ পৰা ন্যায় দৰ্শন বিষয়ত শাস্ত্ৰী উপাধিও পায়। বৰ্তমান উক্ত মহাবিদ্যালয়তেই অধ্যাপনা কাৰ্যত ৰত হৈ আছে।

 

চন্দ্ৰধৰ বৰুৱা

চন্দ্ৰধৰ বৰুৱা (১৮৭৪-১৯৬১) এজন অসমীয়া  নাট্যকাৰ, কবি আৰু গীতিকাৰ আছিল। তেওঁৰ জন্ম হয় যোৰহাটত। তেওঁৰ পিতৃৰ নাম  দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী। তেওঁ স্কুলীয়া  শিক্ষা যোৰহাটতে গ্ৰহণ কৰি ক’লেজীয়া শিক্ষা কলকাতাত লয়। পিছত আইন পঢ়ি ওকালতি কৰিবলৈ লয়। পিছলৈ  চাহৰ ব্যৱসায় আৰম্ভ কৰে। ‘সাৰ্বজনিক সভা’ আৰু ‘অসম এছোছিয়েছন’ৰ সৈতে চন্দ্ৰধৰ বৰুৱা ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৩০ চনত বিলাতত বহা ঘূৰণীয়া মেজমেলত তেওঁ  অসমক প্ৰতিনিধিত্ব কৰিছিল। চন্দ্ৰধৰ বৰুৱাই কেবাখনো নাট ৰচনা কৰিছিল, যেনে: ‘মেঘনাদ বধ’ (১৯০৪), ‘ভাগ্য পৰীক্ষা’ (১৯১৫), ‘তিলোত্তমা সম্ভৱ’ (১৯২৪), ‘ৰাজৰ্ষি’ (১৯৩৭) ইত্যাদি। তেওঁ এখন ধেমেলীয়া কবিতা পুথিও ৰচনা কৰিছিল। পুথিখনৰ নাম   ‘ৰঞ্জন’ (১৯২৭)। তেওঁ ‘শান্তি’ শিৰোনামেৰে এখন উপন্যাস আৰু  ভালেমান গীত ৰচনা কৰিছিল। ‘ৰত্নকোষ’ নামেৰে অসমীয়া খণ্ডবাক্য আৰু যোজনা আদিৰ কোষগ্ৰন্থ এখনো সংকলন কৰি উলিয়াইছিল। ১৯১৮ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনৰ সভাপতি আছিল। তেওঁ ‘সাহিত্য-ৰত্ন’ উপাধিৰে বিভূষিত হৈছিল।

 

ড০ জয়শ্ৰী গোস্বামী

ড০ জয়শ্ৰী গোস্বামী মহন্ত  অসমৰ এগৰাকী  বিশিষ্ট  শিক্ষাবিদ, সাহিত্যিক তথা ভূতপূৰ্ব সাংসদ। তেওঁৰ জন্ম হয় ১৯৬০ চনত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে  অৱসৰ গ্ৰহণ কৰে। ড০ জয়শ্ৰী গোস্বামী মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে  অসমক প্ৰতিনিধিত্ব কৰিছিল। 

ড০ জয়শ্ৰী গোস্বামী মহন্তই  বহুতো গল্প, উপন্যাস, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও বহুতো মননশীল প্ৰৱন্ধ ৰচনা কৰিছে। মহাকবি, গান্ধাৰী, চাণক্য  আদি তেওঁৰ প্ৰখ্যাত গৱেষণাধৰ্মী উপন্যাস। অন্য এক ৰত্নাকৰ, উঁৱলি যোৱা চাদৰ আদি তেওঁৰ গল্প সংকলন। অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰৱন্ধ সংকলন। চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্রেষ্ঠ সাধু আদি তেওঁৰ শিশু-কিশোৰ উপযোগী গ্ৰন্থ। তেওঁ ‘এদিনৰ সংবাদ’  নামৰ কাকত এখনৰো সম্পাদক আছিল।

২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী উপাধীৰে সন্মানিত কৰে।

 

ড০ প্ৰণয়ী দত্ত

ড০ প্ৰণয়ী দত্ত  এজন শিক্ষাবিদ আৰু গৱেষক।  শৈশৱৰ পৰা মেধাৰ পৰিচয় দিয়া প্ৰণয়ী দত্তই ১৯৭০ চনত গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীর্ণ হয়। ১৯৭৩  চনত পদাৰ্থ বিজ্ঞানত অনাৰ্চসহ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় হৈ বি. এচ. চি আৰু ১৯৭৫ চনত কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি  এম. এচ. চি. ডিগ্ৰী লাভ কৰে।  প্ৰথমে গুৱাহাটীৰৰ পাণ্ডু মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত কটন কলেজত প্ৰৱক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে। ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা  প্ৰফেচৰ কিশোৰী মোহন পাঠকৰ অধীনত ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. লাভ কৰে।  ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক এণ্ড কমিউনিকেচন টেকন’লজি বিভাগত মুৰব্বী অধ্যাপিকা হিচাপে যোগদান কৰি ২০১৩ চনলৈ এই পদত কাৰ্য নিৰ্বাহ কৰে।

ড০ প্ৰণয়ী দত্তৰ বহুসংখ্যক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্রিকা, জাপান, ৰাছিয়া, চীন আদি দেশত অনুষ্ঠিত  হোৱা কেইবাখনো সন্মিলনত তেওঁ অংশ গ্ৰহণ কৰিছে।

 

তালেবৰ ৰহমান

তালেবৰ ৰহমান (১৯৬০—) এজন অসমীয়া আদৰ্শ শিক্ষক, সক্ৰিয় সমাজকৰ্মীআৰু মানৱতাবাদী সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ বৰেপটা জিলাৰ বেতবাৰী গাওঁত এটি দুখীয়া কৃষক পৰিয়ালত। পিতাকৰ নাম আছিল কাজল মিয়া আৰু মাতৃৰ নাম আছিল আজিৰণ নেছা। আৰ্থিক দৈন্যতাৰ মাজত বহু কষ্টৰ মাজেদি ১৯৭৬ ভবানীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই স্কুলশিক্ষান্ত পৰীক্ষা পাচ কৰে।  ১৯৭৯ চনত বি. বি. কলেজৰ পৰা উচ্চতমৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ কমপলুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰিত সোমায়। কিন্তু উচ্চ শিক্ষাৰ প্ৰতি তেওঁৰ আগ্ৰহ থকাত চাকৰিৰ ব্যস্ততাৰ মাজতে পিছলৈ সমাজ বিজ্ঞানত এম এ. ডিগ্ৰী লাভ কৰে। 

ছাত্ৰ-অৱস্থাৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ থকা তালেবৰ ৰহমানে শিক্ষকতাৰ দৰে চাকৰিৰ ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা অব্যাহত ৰাখি আজিলৈকে কেইবাখনো পুথি ৰচনা কৰিছে। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: ‘আদৰ্শ মৎস্য প্ৰতিপালন’, ‘অৰণ্যৰোদন’ (কাব্য সংকলন), ‘অনুভূতি’ (কাব্য সংকলন), ‘হোটেল মেনেজাৰৰ সাক্ষাৎকাৰ’ (গল্প সংকলন), গীতি সংকলন’ ‘ৰহমানীয়া গজল’  আদি। ইয়াৰ উপৰিও তেওঁ বিভিন্ন কাকত-আলোচনীলৈ নিয়মীয়াকৈ লিখা-মেলা কৰি আছে। 

সমাজৰ কলুষ-কালিমাৰ প্ৰতি কটাক্ষ দৃষ্টি,  মানৱতাৰ অৱক্ষয়ৰ প্ৰতি আক্ষেপময় ব্যঙ্গোক্তি তেওঁৰ লিখনিৰ প্ৰতিপাদ্য বিষয়। তেওঁৰ ভাষা সহজ-সৰল আৰু নিৰলংকাৰ। ০ ০ ০

 

 অতুল চন্দ্ৰ বৰুৱা

অতুল চন্দ্ৰ বৰুৱা এজন অসমীয়া প্ৰৱন্ধকাৰ আৰু সাহিত্য সমালোচক। তেওঁৰ জন্ম হয় ১৯১৬ চনৰ ২৯ মে’ত দৰং জিলাৰ মাৰৈ গাঁৱত । পিতৃৰ  নাম  ভোগৰাম বৰুৱা আৰু মাতৃৰ নাম  প্ৰমিলা বৰুৱা। স্থানীয় বিদ্যালয় এখনত প্ৰাথমিক শিক্ষা লাভ কৰি কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে স্নাতক আৰু¸ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰি ক্ৰমে বিভিন্ন প্ৰশাসনিক পদত কাৰ্যনিৰ্বাহ কৰি ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। অতুল চন্দ্ৰ বৰুৱাই  প্ৰায় ডেৰকুৰি পুথি ৰচনা আৰু সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ কেইখনমান হ’ল: সাহিত্যৰ ৰূপৰেখা (১৯৫৭), প্ৰজাপতিৰ নিৰ্বন্ধ (১৯৫৭), সমালোচনা সাহিত্য (১৯৫৮), ভূমি আৰু জীৱন (১৯৫৮), সাহিত্য দৃষ্টি (১৯৬০), সন্ধিয়াৰ সাধু (১৯৬৩), সাহিত্য জীৱন (১৯৬৫), গল্প ভাৰতী (১৯৬৭), অসমীয়া কাব্যত প্ৰেমৰ বোঁৱতী সুঁতি (১৯৭০), মনসা কাব্য আৰু ওজাপালি (১৯৮৭), অসমীয়া অভিধান আৰু ভাষা (১৯৭৭) আদি। অতুল চন্দ্ৰ বৰুৱা ১৯৭৯ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। 

২০০১ চনৰ ২৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। ০ ০ ০

 

অমৃতভূষণ দেৱ অধিকাৰী

অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক আৰু সমাজকর্মী আছিল। তেওঁৰ জন্ম হয় ১৮৫৮ চনত গোৱালপাৰাৰ দলগোমাত। পিতৃৰ নাম কণ্ঠভূষণ দেৱ আৰু মাতৃৰ নাম আকাশীলতা দেৱী। স্নাতক মহলা পৰ্যন্ত পঢ়িছিল যদিও আৰ্থিক অনাটনৰ বাবে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰি যোৰহাটত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত শিক্ষকতা কৰি অৱসৰ লয়।  তেওঁ ‘বাঁহী’ আৰু ‘আৱাহন’ আলোচনীত  নিয়মীয়াকৈ লিখিছিল। তেওঁৰ  প্ৰকাশিত পুথি হ’ল: ‘শ্ৰীমদ্বনামঘোষা’। তদুপৰি ‘ভক্তি ৰত্নাৱলী’ নামৰ এখন গ্ৰন্থ অপ্ৰকাশিত হৈ ৰয়। গোৱালপাৰা জিলাৰ ভাষা, কৃষ্টি, ঐতিহ্য আদি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ বৰঙণি আগবঢ়াইছিল। তেওঁ  ১৯২৩ চনত অসম সাহিত্য সভাৰ সভাপতি হয়।  ১৯৪৪ চনত অমৃতভূষণ দেৱ অধিকাৰীয়ে ইহলীলা সম্বৰণ কৰে। ০ ০ ০

 

ইছমাইল হোছেইন

ইছমাইল হোছেইন এজন অসমীয়া প্ৰগতিবাদী কবি, সমালোচক, হিন্দু-মুছমান সংহতিৰ পৃষ্ঠপোষক, বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ গৱেষক আৰু এজন সুবক্তা।

ইছমাইল হোছেইনৰ জন্ম হয় ১৯৬৫ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ বৰপটো জিলাৰ বৃহত্বৰ কুয়াকুছি অঞ্চলৰ ভৌকামাৰী গাওঁৰ এটি দুখীয়া কৃষক পৰিয়ালত। পিতাকৰ নাম আছিল আব্দুচ কদ্দুছ আৰু মাকৰ নাম আছিল গোলাপজান নেচা। পিতৃ-মাতৃৰ এঘাৰজনীয়া সন্তানৰ ভিতৰত ইছমাইল হোছেইন আছিল পঞ্চম সন্তান। পিতৃ আব্দুছ কদ্দুচে আটাইবোৰ সন্তানকে বিদ্যালয়লৈ পঠিয়াইছিল যদিও দাৰিদ্ৰতাৰ বাবে মাত্ৰ প্ৰথম সন্তান ছিদ্দিকুৰ ৰহমান আৰু পঞ্চম পুত্ৰ ইছামইল হোছেইনে অতি কষ্টেৰে নিজৰ পঢ়া শুনাৰ খৰচ নিজে উলিয়াই উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল।

ইছমাইল হোছেইনে বনবাহাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি ক্ৰমে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুজাৰ পীঠ হাই স্কুল আদিত শিক্ষা লাভ কৰি হিলাপাকৰী হাই মাদ্ৰাছাৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীর্ণ  হয়। পিছত তেওঁ অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ‘ইলেকট্ৰনিকচ এণ্ড টেলিকমিউনিকেচন  ইঞ্জিনিয়ৰিঙ’ত স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ যোৰহাট পিন্স ওৱেলচ অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে কৰ্মৰত আছে।

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা ইছমাইল হোছেইনে বৰ্তমানলৈ ৮০ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতত নিজকে এজন প্ৰভাৱশালী সাহিতত্যিক, বুদ্ধিজীৱি আৰু প্ৰগতিবাদী চিন্তানয়ক হিচাপে প্রতিষ্ঠা  কৰিছে। 

কাব্য চৰ্চা আৰু কবিতা পুথি ৰচনাৰে লিখক হিচাপে আত্ম প্ৰকাশ কৰা ইছমাইল হোছেইনৰ প্ৰথম প্ৰকাশিত কাব্য গ্ৰন্থখন হ’ল ‘জীৱন আৰু মানুহ বিষয়ক’ (১৯৯৬)। ইয়াৰ পিছত তেওঁৰ আৰু দুখন কাব্য পুথি ‘বিজ্ঞাপন’ (২০০০)   আৰু ‘নৈপৰীয়া’ (২০০০) প্ৰকাশ পায়।

উক্ত  কাব্যপুথিকেইখনৰ বাহিৰে ইছমাইল হোছেইনৰ প্ৰকাশিত উল্লেখযোগ্য পুথি কেইখনমান হ’ল: জীৱন পথিক ৰাহুল সাংস্কৃত্যায়ন (১৯৯৪),  ছফদৰ হাচমী আৰু বাটৰ নাট (১৯৯৪),  হিন্দু-মুছলামান প্ৰশ্ন: সমন্বয় আৰু সংঘাত (১৯৯৪),  অসমৰ জাতীয় জীৱন আৰু অভিবাসী অসমীয়া মুছলমান (১৯৯৮),  সাহিত্যত সাম্প্ৰদায়িকতা আৰু ৰবীন্দ্ৰনাথ (১৯৯৮),  গো-হত্যা আৰু সাম্প্ৰদায়িকতা (১৯৯৮),  সংহতিৰ সন্ধানত (১৯৯৯),  বিষ্ণুৰাভাৰ জীৱন আৰু দৰ্শন (২০০০), কিতাপ আৰু সমালোচনা (২০০১),  ফাট বিহুৰ ইতিহাস আৰু ঐতিহ্য (২০০২), কবিতা আৰু আবৃতি (২০০৩), ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ, শ্ৰীমন্ত শংকৰদেৱ আৰু সমন্বয়ৰ ঐতিহ্য,  শঙ্কৰদেৱ বিশ্বশ্রেষ্ঠ নহ’ব কিয়,  আজান পীৰ আৰু জিকিৰ, শ্ৰীশঙ্কৰদেৱ আৰু চান্দসাই, শঙ্কৰী সাহিত্য বিচাৰ, সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামীদেৱৰ জীৱন আৰু দৰ্শন, ইছলামৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ, ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ, আমাৰ শংকৰদেৱ অভিযান, শৰণীয়া কছাৰী সমাজ,  আমি কিদৰে অসমীয়া হ’লো  ইত্যাদি। উক্ত গ্রন্থবোৰৰ উপৰিও তেওঁ ভালেকেইখন গ্ৰন্থ সম্পাদনাও কৰিছে।

ইছমাইল হোছেইনে বৰ্তমানলৈ নিয়মিত লিখা-মেলা কৰি থকাৰ লগতে বিভিন্ন সভা-সমিতি আৰু সমাজ সেৱামূলক কাম-কাজৰ লগত জড়িত হৈ আছে।

 

হাবিল উদ্দিন

হাবিল উদ্দিন হৈছে অসমৰ এজন নিৰক্ষৰ প্ৰতিবাদী কবি। তেওঁৰ জন্ম হয় ১৯৭০ চনত বৃহত্তৰ কলগাছীয়া অঞ্চলৰ গুনিয়ালগুৰি গাওঁত। পিতৃৰ নাম হবিবৰ ৰহমান আৰু মাতৃৰ নাম আকলিমা খাতুন। আৰ্থিক দৈন্যতাৰ বাবে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱা হাবিল উদ্দিনে সৰু কালৰ পৰাই মুখে মুখে কবিতা ৰচনা কৰি ভাল পায়। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাত কবিতা ৰচনা কৰে।

১৯৯৮ চনত তেওঁ মফিদা খাতুনৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান তেওঁ এজনী কন্যা আৰু এজন ল’ৰা সন্তানৰ পিতৃ। সৰু-সুৰা ব্যৱসায় কৰি তেওঁ পৰিয়াল পোহপাল দিয়ে।

ইতিমধ্যে তেওঁৰ পাঁচখনমান কবিতাপুথি প্ৰকাশ পাইছে, যথাঃ ‘কাৰ পাশে দাড়াই’ (বাংলা), ‘সমাধান ক’ত’ (অসমীয়া), ‘শ্ৰদ্ধাঞ্জলী’ (অসমীয়া), ‘জীৱন একটা কাঠগড়া’ (বাংলা), ‘হাতিয়াৰ নেহী কলম উঠাও’ (হিন্দী)।

স্বতঃস্ফূৰ্ত স্বদেশপ্ৰেম আৰু মানৱ প্ৰেমৰ লগতে সমাজৰ কলুষ-কালিমা, সাম্প্ৰদায়িকতা, ৰাজনৈতিক নেতাসকলৰ ভণ্ডামী, মানৱতাৰ অৱক্ষয় আদিৰ বিৰুদ্ধে প্ৰাগলভ প্ৰতিবাদ তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

নিৰক্ষৰ কবি হাবিল উদ্দিন ছন্দৰ প্ৰতি সচেতন নহয় যদিও তেওঁৰ কবিতাত ছন্দৰ আলোড়ণ আছে। ভাষা আৰু বানানৰ ক্ষেত্ৰত বিসংগতি আছে যদিও কবিজন নিৰক্ষৰ বাবে এই দোষ মাৰ্জনীয়। 

নিৰক্ষৰ হৈয়ো  হাবিল উদ্দিনে মুখে মুখে কবিতা ৰচনা কৰি অসমীয়া জাতিৰ প্ৰতি যি দায়বদ্ধতা পালন কৰি আছে সেয়া এক বিৰল আদৰ্শ।  ০ ০ ০

 

মানিক লাল ভৌমিক

মানিক লাল ভৌমিক অসমৰ বৰপেটাৰোড নিৱাসী এজন কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক।

মানিক লাল ভৌমিকৰ জন্ম হয় ১৯৫৯ চনৰ ৪ জানুৱাৰীত অসমৰ নগাওঁ জিলাৰ হোজাইত। পিতৃৰ নাম বিনোদ বিহাৰি ভৌমিক আৰু মাতৃৰ নাম সত্যভামা দেৱী। 

মানিক লাল ভৌমিক অসমৰ বিভিন্ন ঠাইত শিক্ষা লাভ কৰি ১৯৮১ চনত পাঠশালা নৱকল্প হাই স্কুলত শিক্ষকতাৰ চাকৰিত সোমায়। ইয়াৰ পিছত ১৯৮৫ চনত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত সোমাই বিভিন্ন ঠাইত বদলি হৈ বৰ্তমান ভাৰতীয় ষ্টেট বেংক, গুৱাহাটী, পানবাজাৰ শাখাত উপপ্ৰৱন্ধক হিচাপে কৰ্মৰত। ছাত্ৰ অৱস্থাৰ পৰাই লিখা-মেলাত অভ্যস্ত মানিক লাল ভৌমিকৰ বৰ্তমানলৈ অসমীয়া আৰু বাংলা ভাষাত বহুকেইখন গ্ৰন্থ প্ৰকাশ পাইছে, যথা: ‘সংঘাত’ (উপন্যাস), ‘মানৱতাৰ নগ্ন মিছাইল’ (অসমীয়া কাব্যগ্ৰন্থ),  ‘মেঘ ও বৃষ্টিৰ জাৰনাল’ (বাংলা কাব্যগ্ৰন্থ), ‘এন্ধাৰত এমুঠি জোনাক’ (অসমায়া কাব্যগ্ৰন্থ), ‘মানৱতা’ (বাংলা একাংকিকা নাটক), ‘অনুভৱৰ নিমিলা অংক’ (অসমীয়া কাব্যগ্ৰন্থ), ‘লুইতৰ বুকুত হুমুনিয়াহবোৰ’ (অসমীয়া কাব্যগ্ৰন্থ), ‘পথে ঘাটে’ (বাংলা কাব্যগ্ৰন্থ), অনুসন্ধান (অসমীয়া উপন্যাস)।

মানিক লাল ভৌমিক অনুবাদ কাৰ্যতো সিদ্ধহস্ত। তেওঁ অসমীয়া ভাষাৰ পৰা বাংলা ভাষালৈ অনুবাদ কৰা কেইখনমান গ্ৰন্থ হ’ল:  ‘সমস্ত দৰজা বন্ধ হবাৰ পৰ’ (কাব্যগ্ৰন্থ, মূলঃ পুৰন্ধৰ পাটগিৰি),  ‘আমি ফুল তৰা-নদী’ (কাব্যগ্ৰন্থ, মূলঃ গিৰিজা পাটগিৰি), ‘পদক্ষেপ’ (কাব্যগ্ৰন্থ, মূলঃ খোঁজ)।

ইয়াৰ উপৰিও তেওঁ কিঞ্চিত’ নামেৰে এখন বহুভাষিক বছৰেকীয়া আন্তৰাষ্ট্ৰীয় পত্ৰিকা সম্পাদনা কৰি আছে। ০ ০ ০

 

মানিকা  ভৌমিক

মানিকা ভৌমিক অসমৰ বৰপেটা জিলাৰ বৰপেটাৰোড নিৱাসী এজনী বঙালী কবি, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক।

তাইৰ জন্ম হয় ১৯৬৮ চনৰ ২ জানুৱাৰীত পশ্চিম বংগৰ কোচ বিহাৰ চহৰত। পিতৃৰ নাম ধীৰেন্দ্ৰ চৌধুৰী আৰু মাতৃৰ নাম ঊষাৰাণী চৌধুৰী।

তাইৰ বিয়া হয় অসমৰ বৰপেটাৰোডস্থ কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক মানিক লাল ভৌমিকৰ লগত।

তাই বিভিন্ন পত্ৰ-পত্ৰিকাত লিখা-মেলা কৰি ভাল পায়। ইতিমধ্যে তাইৰ দুখনমান কবিতা পুথি যথা- ‘প্ৰয়াস’ আৰু ‘জীৱনতো একটাই’ প্ৰকাশ পাইছে।  হেৰুৱা অতীত ৰোমন্থন, প্ৰেম, যান্ত্ৰিক সভ্যতাৰ কোলাহল, মানৱতাৰ অৱক্ষয়ৰ চিত্ৰ আদি তাইৰ কবিতাত অনুৰণিত হৈছে। 0 0 0

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

 

 

73 Comments

  1. Pingback: মাধৱ কন্দলি। Madhav Kandali – Growhills Publishing

  2. Pingback: শ্ৰীধৰ  কন্দলি।Shridhar Kandali – Growhills Publishing

  3. Pingback: শংকৰদেৱ। Shankardev। Shankardeva – Growhills Publishing

  4. Pingback: ভট্টদেৱ।বৈকুণ্ঠ ৰাম  ভাগৱত ভট্টাচাৰ্য. Bhattadev – Growhills Publishing

  5. Pingback: মাধৱদেৱ।Madavdev । Madabdev – Growhills Publishing

  6. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ - Growhills Publishing

  7. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ - Growhills Publishing

  8. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  9. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ - Growhills Publishing

  10. Pingback: হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা - Growhills Publishing

  11. Pingback: হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা - Growhills Publishing

  12. Pingback: ইছমাইল হোছেইনৰ কবিতা 'গাঁৱৰ কথা': এক  বিশ্লেষণ - Growhills Publishing

  13. Pingback: ইছমাইল হোছেইনৰ কবিতা 'জীৱন আৰু মানুহ বিষয়ক': এক বিশ্লেষণ - Growhills Publishing

  14. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  15. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃস্বপ্নৰ এবেলা' : এক বিশ্লেষণ - Growhills Publishing

  16. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আত্মপাঠ': এক  বিশ্লেষণ - Growhills Publishing

  17. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মোক আকোৱালি লোৱা': এক বিশ্লেষণ - Growhills Publishing

  18. Pingback: ইছমাইল হোছেইনৰ কবিতা 'চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি': এক বিশ্লেষণ - Growhills Publishing

  19. Pingback: ইছমাইল হোছেইনৰ কবিতা 'সখী': এক বিশ্লেষণ - Growhills Publishing

  20. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দৰিদ্ৰতা': এক বিশ্লেষণ - Growhills Publishing

  21. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মহানগৰ': এক  বিশ্লেষণ - Growhills Publishing

  22. Pingback: ইছমাইল হোছেইনৰ কবিতা 'অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু': এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  23. Pingback: তালেবৰ ৰহমান-চমু পৰিচয় - Growhills Publishing

  24. Pingback: - Growhills Publishing

  25. Pingback: অমৃতভূষণ দেৱ অধিকাৰী-চমু পৰিচয় - Growhills Publishing

  26. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় - Growhills Publishing

  27. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain - Growhills Publishing

  28. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  29. Pingback: ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব - Growhills Publishing

  30. Pingback: ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা - Growhills Publishing

  31. Pingback: ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ - Growhills Publishing

  32. Pingback: ইছমাইল হোছেইনৰ কবিতাত দৰ্শন - Growhills Publishing

  33. Pingback: ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  34. Pingback: ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ - Growhills Publishing

  35. Pingback: Ismail Hossain Photos - ইছমাইল হোছেইন - Growhills Publishing

  36. Pingback: হাবিল উদ্দিন - Growhills Publishing

  37. Pingback: মানিক লাল ভৌমিক - Growhills Publishing

  38. Pingback: মানিকা  ভৌমিক - Growhills Publishing

  39. Pingback: HSLC Exam Que Paper English 2016 - Growhills Publishing

  40. Pingback: HSLC Exam Que Paper English 2017 - Growhills Publishing

  41. Pingback: HSLC Exam Que Paper English 2018 - Growhills Publishing

  42. Pingback: HSLC Exam Que Paper English 2019 - Growhills Publishing

  43. Pingback: HSLC Exam Que Paper English 2015 - Growhills Publishing

  44. Pingback: H.S.L.C. Exam Que Paper Assamese 2015 - Growhills Publishing

  45. Pingback: HSLC Exam Que Paper Assamese 2016 - Growhills Publishing

  46. Pingback: HSLC Exam Que Paper Assamese 2017 - Growhills Publishing

  47. Pingback: HSLC Exam Que Paper Assamese 2018 - Growhills Publishing

  48. Pingback: HSLC Exam Que Paper Assamese 2019 - Growhills Publishing

  49. Pingback: HSLC Exam Que Paper Social Science 2017 - Growhills Publishing

  50. Pingback: HSLC Exam Que Paper Social Science 2018 - Growhills Publishing

  51. Pingback: HSLC Exam Que Paper Social Science 2019 - Growhills Publishing

  52. Pingback: আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা - Growhills Publishing

  53. Pingback: শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী  - Growhills Publishing

  54. Pingback: ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে - Growhills Publishing

  55. Pingback: HSLC Exam Que Paper Assamese 2020 - Growhills Publishing

  56. Pingback: HSLC Exam Que Paper Social Science 2020 - Growhills Publishing

  57. Pingback: HSLC Exam Que Paper Science 2015 - Growhills Publishing

  58. Pingback: HSLC Exam Que Paper  Science 2016 - Growhills Publishing

  59. Pingback: HSLC Exam Que Paper  Science 2017 - Growhills Publishing

  60. Pingback: HSLC Exam Que Paper  Science 2018 - Growhills Publishing

  61. Pingback: HSLC Exam Que Paper  Science 2019 - Growhills Publishing

  62. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

  63. Pingback: ড্রাফট - Growhills Publishing

  64. Pingback: অতুলানন্দ গোস্বামীৰ চুটি গল্প ‘বলিয়া হাতী’: এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  65. Pingback: কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  66. Pingback:  নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ - Growhills Publishing

  67. Pingback: ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা - Growhills Publishing

  68. Pingback: মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা - Growhills Publishing

  69. Pingback: লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  70. Pingback:  চৈয়দ আব্দুল মালিকৰ গল্প: ‘দুখন ভৰি’ - এক বিশ্লেষণ - Growhills Publishing

  71. Pingback: নিৰুপমা বৰগোহাঞিৰ চুটিগল্প: ‘এনথ্ৰপ’লজিৰ সপোনৰ  পিছত’- এক   সমালোচনাত্মক আলোচনা - Growhills Publishing

  72. Pingback: স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’  এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  73. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’- এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *