ড০ লক্ষ্মী নন্দন বৰা–চমু পৰিচয়

ড০ লক্ষ্মীনন্দন বৰা (১৯৩১- ) এজন কাকতৰ সম্পাদক, শিক্ষাবিদ, সুপ্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্যাসিক । তেখেতৰ জন্ম হয় নগাওঁ জিলাৰ হাতীচোঙত। তেখেতে নগাওঁ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি কটন কলেজৰ পৰা স্নাতক হৈ ১৯৭৭ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেইবাখনো কলেজত অধ্যাপনা কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত মুৰববী অধ্যাপকৰূপে অৱসৰ লয়। ‘ৰামধেনু’ যুগত অসমীয়া সাহিত্য জগতত প্রতিষ্ঠা  লাভ কৰা ড০ লক্ষ্মীনন্দন বৰাৰ কেইবাখনো গল্পৰ পুথি আৰু উপন্যাস প্ৰকাশ পায়।  তেখেতৰ প্ৰকাশিত গল্প পুথিকেইখন হ’ল: দৃষ্টিৰূপা, সেই সুৰে উতলা, এই ৰূপ এই ছন্দ, এৰাবাৰীৰ লেছেৰি আদি। তেখেতৰ উপন্যাসসমূহ হ’ল: গঙা  চিলনীৰ পাখি, নিশাৰ পূৰৱী, যাকেৰি নাহিকে উপাম, সেহি গুণনিধি, পাতাল ভৈৰৱী  আদি।

‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে  তেখেতে ১৯৮৬ চনত সাহিত্য একোডেমী বঁটা লাভ কৰে। শেহতীয়াকৈ ‘কায়কল্প’ নামৰ উপন্যাসৰ বাবে বিৰলা ফাউণ্ডেচনৰ ‘সৰস্বতী’ সন্মানেৰে ভূষিত হয়। ড০ লক্ষ্মীনন্দন বৰা ১৯৯৬ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ  উপৰিও তেখেতে সাংবাদিকৰূপে কেইবাখনো কাকত সম্পাদনা কৰে আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ  অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *