মহৎ লোকৰ  বাণী

(ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্রেৰণাদায়ক জ্ঞানৰ হাত পুথি)

 

সংকলন আৰু সম্পাদনা

ৰাব্বি মছৰুৰ

 

 

 

 

 

 

 

 

 

গ্রোহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

 

……………………………………………………………………………………………….

 

Mahat Lokar Bani (A Hand Book of General Knowledge For Students) Compiled & Edited by Rabbi Masrur

 

 

First Edition 2019

 

 

 

Published by Growhills Publishing

www.growhillsnet.com

Email:growhillsngo@gmail.com

 

 

All rights reserved with the Publisher

D.T.P. Growhills Publishing D. T. P. Operators.

 

……………………………………………………………………………………………..

 

সূচনা

যিজন ব্যক্তিয়ে নিজৰ কৰ্ম বা আদৰ্শৰ দ্বাৰা কোনো এক অঞ্চল, দেশ, জাতি  বা কোনো এক মানৱ সম্প্ৰদায়লৈ বিশেষ অৱদান আগবঢ়ায়  বা কোনো বিশেষ সেৱাৰ  দ্বাৰা মানৱ সমাজত দীৰ্ঘদিনৰ বাবে  প্ৰভাৱ বিস্তাৰ কৰে, সেইজন  ব্যক্তিক ‘মহান ব্যক্তি’ বুলি কোৱা হয়।  মানৱ সভ্যতাৰ সূচনাৰ পৰাই সময়ে সময়ে মানৱ সমাজত মহান ব্যক্তিৰ আভিৰ্ভাৱ হৈ আছে আৰু সিহঁতে মানৱ সভ্যতাৰ উত্তৰোত্তৰত অৱদান আগবঢ়াই আছে। মহান ব্যক্তিসকলে বাস্তৱ জীৱনৰ পৰাই বহু কথা শিকি সিহঁতৰ অভিজ্ঞতাৰ কিছু অংশ উত্তৰ পুৰুষলৈ বাণী আকাৰে থৈ যায়, যি বাণীয়ে বহুজনক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ  প্ৰেৰণা দিয়ে। সাধাৰণতে মহান ব্যক্তিৰ বাণীসমূহ মানৱ প্ৰকৃতি  বা মানুহৰ সামাজিক জীৱনৰ লগত জড়িত যদিও সৰহসংখ্যক মহান ব্যক্তিৰ বাণী  সিহঁতৰ নিজ নিজ কৰ্মক্ষেত্ৰ সম্পৰ্কীয়। উদাহৰণ স্বৰূেপ যীশু খ্ৰীষ্ট, বুদ্ধদেৱ, হজৰত মহম্মদ, গুৰু নানক, শংকৰদেৱ আদি ব্যক্তিসকলৰ বাণীসমূহ মানৱ প্ৰেম আৰু ধৰ্মৰ লগত জড়িত। আনহাতে জন ডিউ, ৰুছো, পাৰ্চি নান আদি ব্যক্তিসকলৰ বাণীসমূহ শিশু আৰু শিক্ষাৰ লগত জড়িত। সেইদৰে শ্বেক্সপীয়েৰ, জন কীটচ্  ৰবীন্দ্ৰনাথ ঠাকুৰ,  ড০ জনচন আদি ব্যক্তিসকলৰ বাণীসমূহ সাহিত্য আৰু মানৱ আচৰণৰ লগত জড়িত। আকৌ চক্ৰেটিছ, প্লেটো, এৰিষ্টটল, চানক্য আদি ব্যক্তিসকলৰ বাণীসমূহ দৰ্শন সম্পৰ্কীয়। মহান ব্যক্তিসকলৰ বাণীসমূহ সিহঁতৰ নিজস্ব লিখনি বা আনে সিহঁতৰ ওপৰত লিখা কিতাপৰ পাতত লিপিবদ্ধ হৈ আছে। সেই বাণীসমূহৰ কিছুমান  ইমানেই শাশ্বত যে সেইবোৰ সময়ৰ সোঁতত প্ৰৱচন বা পটন্তৰৰ মৰ্যদা পাই  মানুহৰ মুখে মুখে চলি আছে। উদাহৰণ স্বৰূেপ গ্ৰীক কবি ভাৰ্জিলৰ বাণী, “প্ৰেমে সকলোকে জয় কৰে”: শতাব্দীৰ পৰা শতাব্দী জুৰি মানুহে  শাশ্বত সত্য বুলি স্বীকাৰ কৰি  পটন্তৰ হিচাপে মানুহৰ  মুখে মুখে চলি আছে।

আমি আমাৰ পূৰ্ব বা অগ্ৰজ প্ৰভাৱশীল মহান ব্যক্তিসকলৰ মহান বাণীসমূহ অধ্যয়ন কৰাৰ বিশেষ তাৎপৰ্য আছে। কাৰণ, মহান ব্যক্তিসকলৰ বাণীসমূহ সিহঁতৰ জীৱন-অভিজ্ঞতাৰ নিৰ্যাস। সিহঁতে বাস্তৱ কৰ্মময় জীৱনত বিভিন্ন ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত যি চিৰন্তন সত্যৰ উপলব্ধি কৰে বা জীৱন সম্পৰ্কে যি অভিজ্ঞতা লাভ কৰে, সেইবোৰ  সিহঁতৰ মুখেদি স্বতঃস্ফূর্তভাবে বহিঃপ্ৰকাশ ঘটে। সেই বাণীসমূহ আমি থোৰতে পঢ়ি কোনো কষ্ট নোহোৱাকৈ সহজে জ্ঞান লাভ কৰিব পাৰো আৰু আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰি সফলতা লাভ কৰিব পাৰো। অৰ্থাৎ মহৎ লোকৰ বাণীসমূহ থুপাই থোৱা ধনৰ ভঁৰালৰ দৰে।

আমি সাধাৰণ পঢ়োৱৈসকলে বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কেইজনমান মহান ব্যক্তিৰ কিছুসংখ্যক নিৰ্বাচিত বাণী বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি  ‘মহান ব্যক্তিৰ  বাণী’ শিৰোনামেৰে পুথি আকাৰে প্ৰকাশ কৰিলোঁ। আমি আশাবাদী যে পুথিখন অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে মহৎ লোকৰ মূল্যৱান বাণীৰ দ্বাৰা অনুপ্ৰাণিত হৈ জীৱনৰ বাটত আগবাঢ়ি  যাব পাৰিব। 

শেষত মূল্যবান ধানত পতান থকাৰ দৰে আমাৰ এই আঁচনিতো কিবা ভুল-ভ্ৰান্তি থাকিব পাৰে। কোনো  শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদসকলে আমাৰ ভূল-ত্রুটিবোৰ  আঙুলিয়াই দি দিহা পৰামৰ্শ আগবঢ়ালে  আমি পৰৱৰ্তী সংস্কৰণসমূহ অধিক সৰ্বাঙ্গসুন্দৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

কমলপুৰ, বৰেপটা                                                                      ৰাব্বি মছৰুৰ

২০১৯                                                                                 

………………………………………………………………………………………………………………

 

মহৎ লোকৰ  বাণী

 

বিলাসী জীৱন যাপনত অভ্যস্ত হৈ পৰাটো হৈছে জীৱনৰ আটাইতকৈ দুখঃজনক ঘটনা।— চাৰ্লি চেপলিন

নিজৰ ওপৰত বিশ্বাস নথকাজনে কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰে।— নেপোলিয়ন  বোনাপাৰ্ট

মানুহৰ প্ৰতি ঘৃণা কৰাতকৈ মানুহৰ প্ৰতি উদাসীন হৈ থকাটো বেছি ডাঙৰ পাপ।— জৰ্জ বাৰ্ণাড শ্ব

তুমি জীৱনত হয় আনন্দ পাবা, নহয় ক্ষমতা পাবা। জীৱনত দুয়োটা বস্তু কেতিয়াও একেলগে পাব নোৱাৰা।— ৰাফল্ ওৱালড’ এমাৰ্ছন

নভবা-নিচিন্তাকৈ কেতিয়াও প্ৰতিশ্ৰুতি নিদিবা। কাৰণ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি হ’লেও তাক ৰক্ষা কৰিব লাগে।মহাত্মা গান্ধী

যিজন মানুহে নিজকে নিজে একো শিকোৱা নাই তেওঁক আন কোনেও একো প্ৰয়োজনীয় কথা শিকাব নোৱাৰে।ছাৰ জশুৱা ৰেণ্ডলচ্

নিজকে নিজে উপদশে দিব পৰাজনেই জীৱনত উন্নতি কৰিব পাৰে।স্বামী ৰাম তীৰ্থ

আনৰ নিন্দা শুনিও শান্ত আৰু নীৰৱ হৈ থাকিব পৰা জনেই জ্ঞানী লোক।— টমাছ এ. কেম্পিছ

মূৰ্খলোকে সুন্দৰ পোছাক পিন্ধি জ্ঞানীৰ সভাতো স্থান পায়। কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ কথা নকয়।— চানক্য

১০

কিতাপ হ’ল যৌৱনৰ খাদ্য, বৃদ্ধকালৰ আনন্দ, সমৃদ্ধিৰ অলংকাৰ, বিপদৰ সময়ত সান্ত্বনা আৰু ঘৰৰ বাহিৰত উত্তম  ভ্ৰমণ-সংগী।— চিচাৰো।

১১

আনন্দই মুখ উজ্জ্বল কৰে; শোকে অন্তৰ ধ্বংস কৰে।— লক্ষ্মীনাথ বেজবৰুৱা

১২

সুকুমাৰ কলা হ’ল এনে এবিধ বস্তু যাক সৃষ্টি কৰিবলৈ মানুহৰ হাত, হৃদয় আৰু মগজুৱে একেলগে কাম কৰিব লগা হয়।— জন ৰাস্কিন

১৩

তুমি যদি মানুহ এজনক পৰীক্ষা কৰিব বিচৰা, তেন্তে তেওঁক অলপ ক্ষমতা দি চাব পাৰা।—- আব্রাহাম  লিংকন

১৪

সৎ লোকেই সুখী লোক, কাৰণ সৎ হ’লেই সুখী হ’ব পাৰি।— প্লেটো

১৫

মই প্ৰতিভাবান লোকৰ দৰে চিন্তা কৰোঁ, বিশিষ্ট ব্যক্তিৰ দৰে লিখো আৰু শিশুৰ দৰে সঁচা কথা কওঁ।— ব্লাদিমিৰ  নবোকভ 

১৬

এশ বছৰ জীয়াই থকা অসৎ আৰু অসংযত লোকৰ জীৱনতকৈ, চৰিত্ৰপৰায়ণ লোকৰ এদিনেই শ্ৰেয়।— গৌতম বুদ্ধ

১৭

উচ্চ বংশত জন্মি কি হ’ব যদি বিদ্যাহীন হয়। নীচ কুলত জন্ম লাভ কৰি যদি শাস্ত্ৰজ্ঞ হয়, তেন্তে দেৱতাসকলেও পূজা কৰে।— চানক্য

১৮

আমাৰ বহুতো সম্পদ আছিল সেয়া গৌৰৱৰ কথা। যি আছিল তাক বঢ়াব পৰা নাই সেয়া দুখৰ কথা। কিন্তু যি আছিল তাক লোপ পাবলৈ দিয়াটো শোক আৰু লাজৰ কথা।—দেশভক্ত তৰুণ ৰাম ফুকন

১৯

একমাত্ৰ পৰিশ্ৰমেৰেহে সকলো জয় কৰিব পাৰি।— মহাকবি হোমাৰ

২০

কাৰো মৃত্যু উৰি যোৱা গংগা চিলনীৰ সৰি পৰা পাখি আৰু কাৰো মৃত্যু খহি পৰা পৰ্বতৰ চূড়া।— হেমাঙ্গ বিশ্বাস

২১

ঈশ্বৰ বিশ্বাসীসকল পৰস্পৰে পৰস্পৰৰ ভাই-ভনী।— হজৰত মহম্মদ

২২

এনে সময় আছে যেতিয়া একো কোৱা উচিত নহয়। আকৌ এনে সময় আছে যেতিয়া কিছু কোৱা উচিত। কিন্তু এনেকুৱা কোনো সময় নাই যেতিয়া সকলো কোৱা উচিত।— লেটিন পটন্তৰ

২৩

ঈশ্বৰৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰিব পৰাটোৱেই হৈছে জীৱনৰ শ্রেষ্ঠ  কাম।— হজৰত মহম্মদ

২৪

মানুহে জন্মতে ভাল হৈয়ে জন্মে, কিন্তু সমাজে তেওঁক বেয়া কৰে।— ৰুচো

২৫

পোহৰ ঈশ্বৰৰ ছাঁ।— প্লেটো

২৬

তোমাৰ দুখৰ কাৰণ যিয়েই নহওঁক কিয় তাৰ বাবে  কেতিয়াও আনক আঘাত নকৰিবা। — গৌতম বুদ্ধ

২৭

ৰাজনীতি মাত্ৰ এটা মূহুৰ্তৰ বাবে, কিন্তু সমীকৰণ হ’ল শাশ্বত কালৰ বাবে । — এলবাৰ্ট আইনষ্টাইন

২৮

পৃথিৱীৰ আটাইতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা।— ৰামকৃষ্ণ পৰমহংস

২৯

কাম কৰি যোৱাই হ’ল জীৱন। আনন্দ উপেভাগ কৰা আৰু যন্ত্ৰণা তাৰ ফল।— গ্যেটে

৩০

সংঘাত নোহোৱাকৈ কোনো নাটক নহয়।— পটন্তৰ

৩১

ব্যক্তিত্ব আৰু ব্যক্তিস্বাৰ্থ চৰিতাৰ্থৰ বাবে  দল সৃষ্টি কৰোতাজন সমাজ আৰু দেশৰ জঘন্য শত্ৰু। — মৌলনা আবুল কালাম আজাদ

৩২

বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। — সত্যনাথ বৰা

৩৩

মুখ জপাই থাকিবলৈ সমৰ্থ হ’লে পানীৰ তলৰ মাছো বিপদত নপৰে।– কেৰিয়ান পটন্তৰ

৩৪

কৰ্মই উপাসনা আৰু হাঁহিয়েই জীৱন। যিজনে জীৱনত সুখ আৰু দুখক হাঁহিমুখে গ্ৰহণ কৰিব পাৰে, তেওঁহে জীৱনৰ সৌন্দৰ্য উপেভাগ কৰিব পাৰে।— চৰ্দাৰ ভল্লৱ ভাই পেটেল

৩৫

দুজন ব্যক্তিৰ মাজত থকা আটাইতকৈ কম দূৰত্বকেই হাঁহি বোলে।— ভিক্টৰ  বৰ্গ

৩৬

শ্ৰম নকৰি আহাৰ খোৱা, চোৰ কৰি আহাৰ খোৱাৰ দৰে।— যীশু খ্ৰীষ্ট

৩৭

শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে।— এৰিষ্টটল

৩৮

কুলি চৰাইৰ সৌন্দৰ্য মাতত, পত্নীৰ সৌন্দৰ্য বিশ্বাসত, কুৰূপৰ সৌন্দৰ্য জ্ঞানত আৰু সাধুৰ সৌন্দৰ্য ক্ষমাত।— চানক্য

৩৯

সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে।— স্বামী বিবেকানন্দ

৪০

সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। — জন কীটচ্

৪১

বিদ্যাৰ সমান বন্ধু নাই, পুত্ৰ-স্নেহৰ সমান স্নেহ নাই আৰু  দৈৱৰ সমান বল নাই।— চানক্য

৪২

আচলতে শিক্ষানুষ্ঠান হ’ল একোখন সৰু সমাজ। এনে সমাজৰ এক সুস্থ সবল পৰিৱেশত থাকি ছাত্ৰ-ছাত্ৰীসকলে যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি সকলোৱে চকু দিয়া উচিত।— জন ডিউই

৪৩

যাৰ যোগ্যতা যিমানে কম তেওঁৰ অহংকাৰ সিমানে বেছি।— ৰবীন্দ্ৰনাথ ঠাকুৰ

৪৪

তোমাৰ তিনিখন মুখমণ্ডল আছে। ইয়াৰ প্ৰথমখন পৃথিৱীয়ে দেখিবলৈ পায়, দ্বিতীয়খন তোমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে দেখিবলৈ পায় আৰু তৃতীয়খন তুমি কাকো নেদেখুওৱা। ই হৈছে তুমি প্ৰকৃততে কি তাৰ প্ৰতিফলন।— জাপানী পটন্তৰ

৪৫

এজন ভাল মানুহে হেজাৰজনী তিৰোতাক ভাল নেপায়। তেওঁ এজন নাৰীকে হেজাৰ ধৰণে ভাল পায়।— পাশ্চাত্য প্ৰৱচন

৪৬

তুমি তোমাৰ খং, অসন্তুষ্টি, দোষ আৰু আনক দোষাৰূপ কৰা এৰি দিয়া, দেখিবা তোমাৰ স্বাস্থ্য আৰু জীৱনৰ বহুত উন্নতি হৈছে।— চাৰ্লচ গ্লাচমেন

৪৭

মই পৰিপূৰ্ণ জীৱন নিবিচাৰোঁ। মই মাত্ৰ সুখী হ’ব বিচাৰোঁ সেইসকল বন্ধু-বান্ধৱীৰ সৈতে যিসকলে মোক ভাল পায় মোৰ গুণৰ কাৰণে।— স্পিৰিট চায়েন্স

৪৮

তুমি যদি সুখী হ’ব বিচৰা তেন্তে সেই সকলৰ লগত থাকা যিসকলে তোমাক হঁহুৱায়।— চীনদেশীয় প্ৰৱচন

৪৯

তোমাৰ ভৱিষ্যত তোমাৰ সন্মুখত আছে বৰফেৰে পৰিপূৰ্ণ পথাৰৰ দৰে। তুমি তোমাৰ প্ৰতিটো খোজ বৰ সাৱধানে দিবা কাৰণ তোমাৰ প্ৰতিটো খোজৰ চিন থাকি যাব।— জাপানী পটন্তৰ

৫০

কোনো জাতি বা ৰাষ্ট্ৰ সফল হ’ব নোৱাৰে যদিহে ইয়াৰ শাসনভাৰ কোনো নাৰীৰ হাতত থাকে।— হজৰত মহম্মদ

৫১

খঙে মানুহৰ সুখ চোৰ কৰে।— ইংলিচ প্ৰৱচন

৫২

তুমি তোমাৰ মাকৰ লগত উচ্চ সুৰত কথা নাপাতিবা কাৰণ তোমাৰ মাকে তোমাক কথা ক’বলৈ শিকাইছে।— হজৰত আলী

৫৩

আমাৰ শৰীৰত এনে এক অংগ আছে যি নষ্ট হ’লে সমস্ত শৰীৰ আৰু মন নষ্ট হৈ যায়, সি হ’ল আমাৰ অন্তৰ।— হজৰত মহম্মদ

৫৪

অসমৰ যি কৃষ্টি-সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব। যি নতুন আহিছে তাক অসমীয়া ঠাঁচত সজাই পৰাই গঢ়ি ল’ব লাগিব। তেতিয়াহে আমাৰ অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই পূৰ্ণতা পাব আৰু অসমীয়া জাতি জীয়াই থাকিব।— কলাগুৰু বিষ্ণু ৰাভা

৫৫

আমি দুখীয়া হ’ব পাৰোঁ কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।— মাওঁ চে তুং

৫৬

কোনো মানুহইে ভাবিব নালাগে যে সমাজত তেওঁৰ কোনো প্ৰভাৱ নাই। তেওঁ এজন নগন্য মানুহ হ’ব পাৰে। কিন্তু তেওঁ যদি চিন্তা কৰে তেন্তে তেওঁ এটা শক্তিত পৰিণত হয়। তেওঁ আনৰ বাট পোহৰাব পাৰে।— হেনৰী জৰ্জ

৫৭

যিসকলে অতীতক মনত ৰাখিব নোৱাৰে, তেওঁলোকে ভুলকেই কৰি থাকে।— জৰ্জ মন্টানা

৫৮

মই এনেকুৱা বিদ্যা আৰু সাহিত্য কামনা কৰোঁ, যিয়ে মানুহৰ অন্তৰ প্ৰফুল্ল কৰিব পাৰে।— মহাত্মা গান্ধী

৫৯

কোনো কাম সুচাৰুৰূপে কৰাটোৱেই হৈছে সেই কামৰ পুৰস্কাৰ।— উইলিয়াম শ্বেক্সপীয়েৰ

৬০

যি সমাজত মুক্ত নিৰ্ভীক সমাজ সচেতন বুদ্ধিজীৱিৰ সংখ্যা বেছি, সেই সমাজৰ ভৱিষ্যতৰ সম্ভাৱনা উজ্জ্বলতৰ।— হোমেন বৰগোহাঞি

৬১

ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰেই ক্ষন্তেকীয়া।— হেম বৰুৱা

৬২

যেতিয়ালৈকে লক্ষ লক্ষ মানুহ অনাহাৰ আৰু অজ্ঞানতাত ডুব গৈ থাকিব, তেতিয়ালৈকে মই প্ৰত্যেকজন মানুহকে বিশ্বাসঘাতক বুলি ক’ম।— স্বামী বিবেকানন্দ

৬৩

অসমৰ প্ৰাণ হৈছে শংকৰগুৰু। তেওঁৰ ধৰ্ম, শিক্ষা, দীক্ষা, উচ্চ আদৰ্শ অসমীয়া জাতিয়ে গ্ৰহণ কৰক। তেহে অসম উধাব। বাহিৰা আদৰ্শ আৰু ধৰ্মই আমাক কেতিয়াও আগনবঢ়ায়  ।– লক্ষ্মীনাথ বেজবৰুৱা

৬৪

মানুহে কিতাপ পঢ়িব লাগে দুটা কৰণত: এটা আত্মাৰ শান্তিৰ কাৰণে আৰু আনটো মনক সংযত কৰি ৰাখিবৰ কাৰণে।— হেম বৰুৱা

৬৫

যিজনে ঈশ্বৰক ভাল নেপায়, তুমি তেওঁৰ পৰা সাৱধানে থাকিবা। কাৰণ তেওঁ নিশ্চিতভাৱে কাকো ভাল পাব নোৱাৰে।—ইমাম শাফি

৬৬

চাৰিটা বস্তুয়ে মানুহক উন্নত কৰে, সেয়া হ’ল: বিদ্যা, দয়া, ধৈৰ্য আৰু সদ্ব্যৱহাৰ।— হজৰত মহম্মদ

৬৭

যিসকলে মোক ভালৰি বুলাবলৈ ছলনা কৰে সেই সকল ব্যক্তিৰ লগত থকাতকৈ মই অকলে থাকিবলৈ ভাল পাওঁ।— অজ্ঞাত

৬৮

এজনী পৰ্দাহীন নাৰীৰ কাৰণে চাৰিজন পুৰুষ যথা: তাইৰ দেউতা, ককায়েক, স্বামী আৰু ডাঙৰ পুত্ৰ নৰকলৈ যাব।—হজৰত মহম্মদ

৬৯

যিসকল লোকে গোচ (উৎকোচ) গ্ৰহণ কৰে সিহঁতে টকা পালে হাতৰ তলুৱাত হাগিবলৈ দিয়ে।—অধ্যাপক দিলীপ দাস

৭০

প্ৰেমত বিবেক অনুপস্থিত থাকে।— অজ্ঞাত

৭১

তিনিটা বস্তু তুমি জীৱনত পুনৰাই পাব নোৱাৰাঃ মুখৰ পৰা ওলাই যোৱা মাত, পাৰ হৈ যোৱা সময় আৰু তোমাৰ যৌৱন।— ফৰাচী প্ৰৱচন

৭২

সাধুতা হৈছে বৰ মূল্যৱান উপহাৰ। নীচ মানুহৰ পৰা ইয়াক আশা নকৰিবা।— স্পিৰিট চায়েন্স

৭৩

মাথো মৰা মাছহে সোঁতত ভাঁহি যায়।— স্পিৰিট চায়েন্স

৭৪

প্ৰেম কৰিবৰ কাৰণে মানুহৰ জন্ম হৈছে আৰু ব্যৱহাৰ কৰিবৰ বাবে বস্তুৰ সৃষ্টি কৰা হৈছে, কিন্তু মানুহে বস্তুক প্ৰেম কৰে আৰু মানুহক ব্যৱহাৰ কৰে।— স্পিৰিট চায়েন্স

৭৫

প্ৰশান্তভাৱে যন্ত্ৰণা সহ্য কৰিব পৰাটোৱেই হৈছে জীৱনৰ প্ৰধান গুণ।— মহাকবি বাল্মীকি

৭৬

প্ৰাৰ্থনা কৰি মই ঈশ্বৰক বিৰক্ত কৰিব নোখোজো।— অৰ্চন ওৱেলচ্

৭৭

সদায় সত্য কথা ক’বা, সমগ্ৰ মানৱ জাতিক ভাল পাবা আৰু সিহঁতৰ মাজত পাৰ্থক্য নিবিচাৰিবা।— শ্ৰীমন্ত শংকৰদেৱ

৭৮

পৰীক্ষাত নকল কৰাটো যিমান দোষ আনজনৰ পৰা চাই লিখাটোও সিমানে দোষ।— ড০ জনচন

৭৯

ঈশ্বৰক ভক্তি কৰাত জাতি অজাতি কোনো বিচাৰ নাই, কৃষ্ণক ভক্তি কৰাত সকলোৰে অধিকাৰ আছে।— শ্ৰীমন্ত শংকৰদেৱ

৮০

যেতিয়া কোনোবা এজন মানুহ অধিক ভোকাতুৰ হয়, তেওঁ খুব ভাল আৰু সুস্বাদু খাদ্যৰ বাবে অপেক্ষা  কৰিব নোৱাৰে।– ফ্রেঞ্চ কাফকা

৮১

এটা জাতিৰ সমূহীয়া শিক্ষা কিতাপৰ ওপৰত নিৰ্ভৰ কৰে। চিন্তাৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চাৰণৰ বাবে কিতাপেই একমাত্ৰ মাধ্যম।— ৰোজাৰ্চ

৮২

আধ্যাত্মিক জীৱন হ’ল মৃত্যুক গ্ৰহণ কৰা প্ৰশিক্ষণ মাত্ৰ।— আৰ্থাৰ কোৱেষ্টলাৰ

৮৩

শিক্ষা হৈছে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা।— প্লেটো

৮৪

আমাৰ মুখৰ ৰুটি যদি কোনোৱাই কাঢ়ি  লয় তেন্তে তেওঁৰ ডিঙিত আঙুলি সোমাই সেয়া উলিয়াই অনা আমাৰ কৰ্তব্য।— প্ৰেম চান্দ

৮৫

নৈতিকতাই হৈছে ধৰ্মৰ মূলমন্ত্ৰ। ইয়াৰ বাহিৰে কোনো ধৰ্ম থাকিব নোৱাৰে।— বি. আৰ. আম্বেদকাৰ

৮৬

ইতিহাস দৰাচলতে মানৱ জাতিৰ অপৰাধ, মূৰ্খতাৰ তালিকাৰ বাহিৰে আন একো নহয়।–এডৱাৰ্ড গিবন

৮৭

জীৱনত কৃতকাৰ্যতা লাভ কৰাটো গৌৰৱৰ কথা নহয়। অকৃতকাৰ্যতাৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰোটোহে ডাঙৰ কথা।— কাৰ্লাইল

৮৮

মানুহ এজন নমৰালৈকে কেতিয়াও সুখী বুলি নক’বা। খুব বেছি তেওঁ এজন ভাগ্যবান মানুহ বুলি ক’ব পাৰা।— ছোলন

৮৯

প্ৰতিটো কিতাপৰ আঁৰত এজন মানুহ থাকে। মানুহজনৰ আঁৰত একোটা জাতি থাকে। জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক বাতাবৰণ থাকে। আচলতে এই সকলোবোৰৰ প্ৰভাৱ একোটা কিতাপত প্ৰতিফলিত হয়।— উইলিয়াম জে. লং

৯০

তুমি নঞাৰ্থক মানুহৰ লগত যিমানেই কম মিলা-মিছা কৰিবা সিমানেই তোমাৰ জীৱনটো শান্তিপূৰ্ণ হ’ব।— স্পিৰিট চায়েন্স

৯১

এজন মানুহ যেতিয়া কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়, তেতিয়া সি প্ৰায় সকলো মানুহকে ভয় পাবলৈ ধৰে।— স্পিৰিট চায়েন্স

৯২

যিজন মানুহ তোমাৰ প্ৰতি যত্নবান, তেওঁক কেতিয়াও দূৰলৈ ঠেলি নিদিবা কাৰণ সি পুনৰাই তোমাৰ ওচৰলৈ নাহে।— কিউৰিঅ’ ডট কম

৯৩

প্ৰতিজন ব্যক্তিৰে  আনক সুখী কৰাৰ সামৰ্থ আছে। কিছুমানে ঘৰৰ ভিতৰলৈ সোমাই সুখী কৰে আন কিছুমানে ঘৰৰ পৰা ওলাই সুখী কৰে।— কিউৰিঅ’ ডট কম

৯৪

মই সুখী কাৰণ মই যি নহওঁ তাৰ ভাও নিদিওঁ।— মনোনিম মেনোনিমাচ

৯৫

কাৰোবাৰ পৰা সুখ পোৱাটোৱেই সম্পৰ্ক নহয়। সম্পৰ্ক হ’ল তোমাৰ সুখ ভগাই লোৱা ব্যক্তিসকলৰ লগতহে।— অসমীয়া প্ৰৱচন

৯৬

সুখী হ’বৰ বাবে কোনো চমু বাট নাই। সুখী হোৱাৰ বাটত কিছু কষ্ট আৰু যন্ত্ৰণা থাকে।— স্পিৰিট চায়েন্স

৯৭

যিসকলে পৰকালত বিশ্বাস ৰাখে তেওঁ যেন ভাল কথা কয়, নহয় নীৰৱ থাকে।— বোখাৰী শ্বৰিফ

৯৮

নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে।— প্লেটো

৯৯

সপোন দেখি ছবি আঁকি থকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়। নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আাঁকিব পৰা শিল্পীহে আমাক লাগে।— জ্যোতিপ্ৰসাদ আগৰৱালা

১০০

মোৰ শ, শ, হাজাৰ, হাজাৰ লোক ধ্বংস হৈ যাওঁক, তথাপি সত্যৰ জয় হওঁক।— মহাত্মা গান্ধী।

১০১

দেশৰ দৰিদ্ৰতা, অজ্ঞানতা, গুচাবৰ প্ৰধান উপায় শিক্ষা। শাৰীৰিক, মানসিক, আৰু আৰ্থিক উন্নতিৰ উপায় হ’ল শিক্ষা।— আনন্দচন্দ্ৰ আগৰৱালা

১০২

সুন্দৰ, ঘৃণিত, উদাৰ বা নীচ উগ্ৰ চিত্তপ্ৰসাৰী গহন বা বিকৃত বস্তু এনেকি অবস্তুত এনে একো নাই  যিটো কবিৰ ভাৱনাৰ দ্বাৰা ভাৱিত হৈ লোক সমাজত ৰস ৰূপে  প্ৰতীত নহয়।— আচাৰ্য ধনঞ্জয়

১০৩

অকল মানসিক বা বুদ্ধি-জ্ঞান চৰ্চাত আবদ্ধ থাকিলেই প্ৰকৃত শিক্ষা নহয়। শিক্ষা নৈতিক আৰু দৈনিক জীৱনৰ লাগতিয়াল অৰ্থাৎ আধ্যাত্মিক আৰু সাংসাৰিক জীৱন যাত্ৰাৰ কার্য্যবোৰৰ সহায়ক হ’ব লাগে।— লক্ষ্মীনাথ বেজবৰুৱা

১০৪

বৰ্বৰ জাতিৰ বাহিৰে সমগ্ৰ ভূমণ্ডলৰ মানৱ জাতিক পৰিচালনা কৰে কিতাপে।—  ভলটেয়াৰ

১০৫

যাৰ দুই চকু ফুটিল  তেওঁ প্ৰকৃত অন্ধ নহয়, যি নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেঁৱেই প্ৰকৃত অন্ধ।— মহাত্মা গান্ধী

১০৬

বেলি মাৰ যায়, কিন্তু গ্ৰহ-উপগ্ৰহই তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক বাট দেখুৱায়। কোনো ব্যক্তি পৃথিৱীত নাইকীয়া হয়, কিন্তু তেওঁৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ জাতিক পোহৰ দি থাকে।— ড০ বাণীকান্ত কাকতি

১০৭

প্ৰচুৰ ধন-সম্পদৰ মাজত কোনো সুখ নাই। মনৰ সন্তুষ্টিৰ মাজত প্ৰকৃত সুখ নিহিত হৈ আছে।— হজৰত মহম্মদ

১০৮

মানুহক অধ্যয়ন কৰিব জানিলেই প্ৰকৃত জ্ঞান লাভ হয় আৰু সেই উপলব্ধিয়েই প্ৰকৃত সাহিত্য সৃৃষ্টিৰ উপাদান।— মেক্সিম গোৰ্কী

১০৯

যিয়ে মানৱ জীৱনৰ সুখ, শান্তি আৰু আনন্দ যোগান ধৰি আনন্দৰ পৰা আনন্দলৈ লৈ যায় সিয়েই প্ৰকৃত সংস্কৃতি।— জ্যোতিপ্ৰসাদ আগৰৱালা

১১০

প্ৰেমে যদি বেদনাও আনে তথাপি তাত আস্থা ৰাখিবা।— ৰবীন্দ্ৰ নাথ ঠাকুৰ

১১১

মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।— নেতাজী সুভাষ চন্দ্ৰ বসু

১১২

মদ্যপান অস্থায়ী আত্মহত্যাৰ লেখীয়া, সি যি সুখ কঢ়িয়াই  আনে সি প্ৰকৃততে দুখহে।— বাৰ্টাণ্ড ৰাছেল

১১৩

সেইজনলৈ ভয় কৰিবা যিজনে ঈশ্বৰক ভয় নকৰে।— আব্দুল কাদেৰ

১১৪

মানুহে তোমাক নেজানে বুলি দুখ নকৰিবা। তুমি এনে কাম কৰি যোৱা যেন সেই কামে তোমাক মানুহে জনাৰ যোগ্য কৰে।— কনফুচিয়াচ

১১৫

ভয়ক জয় কৰিব পৰাটোৱেই হ’ল মানুহৰ প্ৰধান কৰ্তব্য।— কাৰ্লাইল

১১৬

তুমি নোপোৱা বস্তুৰ কাৰণে অসন্তুষ্ট নহ’বা আৰু যি পাইছা তাক লৈ অহংকাৰ নকৰিবা।—- আল কোৰাণ

১১৭

মানুহৰ ভুল-ভ্ৰান্তিৰ পৰা তেওঁৰ চৰিত্ৰ জানিব পাৰি।— কনফুচিয়াচ

১১৮

অহিংসাই পৰম ধৰ্ম।— মহাত্মা গান্ধী

১১৯

নিজকে কেতিয়াও ভয় নকৰিবা। জীৱন-যাপন প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক আনৰ মঙ্গলৰ কাৰণে সম্পূৰ্ণৰূপে  বিকশিত কৰি তুলিবা।— হেমাৰ শ্বল্ড

১২০

তুমি যি হ’ব বিচৰা তাৰ বাবে সাধনা কৰি যোৱা, তোমাৰ সাধনাৰ দীপ্তিত পোহৰ বিচাৰি মানুহ তোমাৰ ওচৰলৈ আহিবই।— স্পিৰিট চায়েন্স

১২১

তুমি যদি জীৱনত জ্ঞানী হ’বলৈ ইচ্ছা কৰা তেনেহ’লে প্ৰথমে জিভাক শাসন কৰা।—লেভষ্টাৰ

১২২

চিগাৰেটৰ এটা মূৰত জুই থাকে আৰু আনটো মূৰত থাকে এজন মূৰ্খ।— জৰ্জ বাৰ্ণাড শ্ব

১২৩

আশা আছে বাবেই পৃথিৱীখন  ইমান ধুনীয়া।— হেম বৰুৱা

১২৪

কথা কোৱাৰ আগতে শুনি ল’বা। লিখাৰ আগতে ভাবিবা। খৰচ কৰাৰ আগতে উপাৰ্জন কৰিবা। সমালোচনা কৰাৰ আগতে সকলোকে ক্ষমা কৰিবা। মৃত্যুৰ আগতে সমাজক যি পাৰা দি যাবা।— উইলিয়াম আৰ্থাৰ ৱাৰ্ড

১২৫

শত্ৰুৰ চুম্বনতকৈ বন্ধুৰ  আঘাতো শ্ৰেয়।— টমাচ বেকেট

১২৬

আশা থাকিলে বিৰহ-বেদনাকো সহ্য কৰিব পাৰি।— মহাকবি কালিদাস

১২৭

মই পৃথিৱীত নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজো কাৰণ মই নিজৰ দোষবোৰ যিমান জানো আন কাৰো দোষ সিমান ভালকৈ নাজানো।— উইলিয়াম শ্বেক্সপীয়েৰ

১২৮

প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভাল পোৱাটো। প্ৰকৃত জ্ঞান হৈছে লগৰ মানুহক জনাটো।— কনফুচিয়াচ

১২৯

কালিৰ কথাত শোক কৰি থাকিলে আজিও হেৰাব, বৰ্তমানৰ সদ ব্যৱহাৰ কৰা।—লক্ষ্মীনাথ বেজবৰুৱা

১৩০

নিজৰ সুখেই যাৰ লক্ষ্য, তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটো যাৰ লক্ষ্য তেওঁ এজন দুৰ্বল লোক, আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক।— লিও টলষ্টয়

১৩১

প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন। এই প্ৰেম উঠা-নমা কৰি আটাইবোৰ  সীমা আৰু সীমান্ত অতিক্ৰম কৰি সমগ্ৰ জগতকে আগুৰি ধৰে।— মহাত্মা গান্ধী

১৩২

ভৱিষ্যত ভাবি বৰ্তমানটো ধ্বংস কৰা মূৰ্খামী, যি বৰ্তমান সেয়াহে সত্য।— ওমৰ খৈয়াম

১৩৩

জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা কামেৰে, বছৰেৰে নহয়।— লক্ষ্যধৰ চৌধুৰী

১৩৪

হাঁহিমুখে পৰাজয় বৰণ কৰোঁতাজনহে বিজেতা।— এলবাৰ্ট হুৱ

১৩৫

ভাগ্যক নহয়, বিশ্বাস কৰিবা তোমাৰ শক্তিক।— লক্ষ্মীনাথ বেজবৰুৱা

১৩৬

সমাজৰ অৰ্দ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ কৰি কোনো জাতিয়েই প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে।— লেলিন

১৩৭

ঘৰ সাজিবলৈ ওখ ভেঁটি কৰি ল’ব লাগে। সেইদৰে কথা প্ৰকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰা উচিত।— ইভান বুনিল

১৩৮

পাৰিম বুলি যিজনে বিশ্বাস কৰিব পাৰে তেঁৱেই জয়লাভ কৰিব পাৰে।— ভাৰ্জিল

১৩৯

নিঃসঙ্গ জীৱন আৰু নিৰানন্দ সময়ৰ বাবে কিতাপেই মানুহৰ একমাত্ৰ বিশ্বস্ত সঙ্গী।— হোমেন বৰগোহাঞি

১৪০

এহেজাৰ বন্দুকৰ গুলিতকৈ মই এখন বাতৰি কাকতকহে বেছি ভয় কৰোঁ।— নেপোলিয়ন বোনাপাৰ্ট

১৪১

জ্ঞানী মানুহে মূৰ্খৰ পৰাও বহু কথা শিকে কিন্তু মূৰ্খই জ্ঞানীৰ পৰা একো কথা শিকিব নোৱাৰে। জ্ঞানীয়ে মূৰ্খই কৰা ভুলবোৰ পৰিহাৰ কৰি চলে, কিন্তু মূৰ্খই জ্ঞানীৰ কৃতকাৰ্যতাক অনুসৰণ কৰি চলে।— কটো এলভাৰ

১৪২

লিখা-পঢ়া  শিকি অকল নিজে শিক্ষিত হ’লেই নহ’ব, নিজে পোৱা শিক্ষাৰ মহান আদৰ্শ আনকো বিলাই দিব লাগিব।— ভল্টেয়াৰ

১৪৩

অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে পোৱা যায়।— নেপোলিয়ন বোনাপাৰ্ট

১৪৪

নিজক অজৰ-অমৰ বুলি বিদ্যা আৰু ধন উপাৰ্জনৰ চিন্তা কৰিব লাগে আৰু মৃত্যুয়ে চুলিত ধৰি আছে বুলি জানি ধৰ্মাচৰণ কৰিব লাগে।— চানক্য

১৪৫

আঁঠকাঢ়ি  জীয়াই থকাতকৈ মৃত্যুয়েই শ্ৰেয়।— মাও চে টুং

১৪৬

খং নকৰিবা নিজেই সৰ্বনাশ হ’বা। অহংকাৰ নকৰিবা পতন হ’বা। কাকো ঘৃণা নকৰিবা নিজেও ঘৃণিত হ’বা। ফাঁকি নিদিবা ফাঁকত পৰিবা।— স্বামী বিবেকানন্দ

১৪৭

মানুহৰ লগত হাঁহিমুখে কথা কোৱাটোও এক প্ৰকাৰৰ উপাসনা।— হজৰত আলি

১৪৮

সাজ-পোছাকেই হ’ল তিৰোতাৰ একমাত্ৰ ঔষধি যিয়ে তাইৰ অপকাৰতকৈ বেছি উপকাৰ কৰে।— ৰিচটাৰ

১৪৯

জীৱটো পৰিপূৰ্ণ কৰিবলৈ তিনিটা বস্তুৰ দৰকাৰ: জ্ঞান, ক্ষমতা আৰু প্ৰাৰ্থনা।— এফ. এমিয়েল

১৫০

এজন প্ৰেমিক নথকা যুৱতী বিচাৰি পোৱা সহজ, কিন্তু এজনী যুৱতী বিচৰা টান যাৰ এজনেই প্ৰেমিক।— লা ৰুচফুকো

১৫১

অতি দৰ্পৰ কাৰণে ৰাৱণ মৰিল। অভিমানৰ কাৰণে কৌৰৱসকলৰ বিনাশ হ’ল। অতি দানৰ কাৰণে বালিয়ে পাতাললৈ গ’ল। গতিকে সকলোৰে অতিমাত্ৰা গৰ্হিত আৰু নিন্দনীয়।— চানক্য

১৫২

পণ্ডিত লোক এজনৰ চিয়াহী শ্বহিদৰ তেজতকৈয়ো পৱিত্ৰ।— হজৰত মহম্মদ

১৫৩

আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাটো যেতিয়া ঘটে তেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাওঁ।— এবাৰ ছন

১৫৪

আমিয়েই আমাৰ ভাগ্যৰ গৰাকী।— মহাত্মা গান্ধী

১৫৫

সেইজনেই শিক্ষক যিজনে অতি কঠিন বিষয় অতি সহজকৈ বুজাব পাৰে।— ৰালফ ওৱালড’ এমাৰচন

১৫৬

তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা যে তুমি কেতিয়াও অকৃতকাৰ্য নোহোৱা।— উইলিয়াম শ্বেক্সপীয়েৰ

১৫৭

কথা সংক্ষেপে  কোৱাটোৱেই বুধিয়কৰ কাম।— উইলিয়াম শ্বেক্সপীয়েৰ

১৫৮

কথা কমকৈ ক’বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সৎ লোকৰ উপদেশ বেছিকৈ শুনিবা।— চক্ৰেটিছ

১৫৯

ভোকাতুৰ মানুহ এজন ৰাজনীতিৰ ভাল উপদেষ্টা হ’ব নোৱাৰে।— এলবাৰ্ট আইনষ্টাইন

১৬০

সৰস্বতী পূজা কৰি জ্ঞানী হ’বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়া বেছি ভাল।— হেম বৰুৱা

১৬১

মাতৃভাষাৰ সেৱাই আমাৰ দেশৰ সেৱা, আমাৰ ৰাষ্ট্ৰীয় জীৱনৰ বিজয় পতাকাৰ লুপ্ত গৌৰৱ উদ্ধাৰেই আমাৰ জীৱনৰ কৰ্তব্যৰ শিৰত মুকুট।— লক্ষ্মীনাথ বেজবৰুৱা

১৬২

যি মানুহে বিপদক ভয় কৰে, তেনে মানুহক বিপদে কেতিয়াওঁ লগ এৰা নিদিয়ে।— জৰ্জ বাৰ্ণাড শ্ব

১৬৩

যেতিয়া এটা জাতিয়ে দেখ-দেখকৈ ঈশ্বৰক পিঠি দিয়ে আৰু সাংসাৰিক সুখ উন্নতিত লিপ্ত থাকে তেতিয়া ই ধ্বংসৰ মুখত পৰে।— ড০ সবৰ্বপল্লী ৰাধাকৃষ্ণন

১৬৪

সততাৰ সংজ্ঞা দিয়াতকৈ তাক চিনি পোৱাটো বেছি সহজ।— এইচ অভেন 

১৬৫

বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাম নাইকীয়া হোৱাও ভাল।— কালিৰাম মেধি

১৬৬

জীৱন বিচিত্ৰ। বিচিত্ৰ জীৱন আৰু জীৱন ধাৰাৰ অভিজ্ঞতাই হৈছে সৃষ্টিৰ সমান। সৃষ্টিৰ বাবে প্ৰয়োজন প্ৰেৰণাৰ।— হেম বৰুৱা

১৬৭

ঈশ্বৰ মন্দিৰত নাই, ঈশ্বৰ আছে মানুহৰ অন্তৰত। বিচাৰিব জানিলেই হ’ল।— তুলসী দাস

১৬৮

জীৱিত মানুহক আমি সন্মান কৰা উচিত। কিন্তু মৃতকৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা উচিত নহয়।— ভলটেয়াৰ

১৬৯

নিজকে সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমন্তৰ কাৰণেহে এই জগতখন, দুৰ্বলীৰ বাবে নহয়।— এমাৰছন

১৭০

পৃথিৱীত কিবা ডাঙৰ কাম কৰিব খুজিলে জীৱনৰ আগডোখৰত সাধনা কৰিবই লাগিব আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা।— ড০ বাণীকান্ত কাকতি

১৭১

দুৰ্বলীয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্ৰ শক্তিমন্তৰ পক্ষেহে ক্ষমা কৰাটো সম্ভৱ।— মহাত্মা গান্ধী

১৭২

সঙ্গীতে মনক আনন্দ দিয়ে আৰু শান্তি দিয়ে যি স্বাস্থ্যৰ বাবে  উপকাৰী।—ভিক্টৰ  হাগো

১৭৩

মুনিৰো মতিভ্ৰম হয়।— প্ৰৱচন

১৭৪

প্ৰাকৃতিক দৃশ্য উপেভাগ কৰিলেহে জীৱনৰ সঞ্জীৱনী শক্তি বাঢ়ে  আৰু মন পবিত্ৰ হয়।— হেম বৰুৱা

১৭৫

আৱশ্যকীয় ব্যৱহাৰ, উচিত পৰিচালনা আৰু অনুশীলন নহ’লে সকলো কামতে মামৰে ধৰে।— অম্বিকাগিৰি ৰায় চৌধুৰী

১৭৬

এই ধাৰণা ভুল যে সুযোগ দ্বিতীয় বাৰৰ বাবেও আহিব।— চাম ফোৰ্ট

১৭৭

এশ মূৰ্খ পুত্ৰতকৈ এজন গুণবান পুত্ৰ ভাল। এটা মাত্ৰ চন্দ্ৰই অন্ধকাৰ নাশ কৰে। অগণন তৰায়ো নোৱাৰে।— চানক্য

১৭৮

পাপৰ পৰিণাম প্ৰকাশ নোহোৱালৈকে পাপীয়ে পাপক কল্যাণ বুলিলেই ভাৱে, কিন্তু পৰিণাম স্পষ্ট হ’লে দুখ ভোগ কৰে।— গৌতম বুদ্ধ

১৭৯

বন্ধুৰ পৰা অনবৰতে সজ উপদেশ শুনি থাকিব লগা হ’লে বন্ধুত্ব টিকি থকা টান হৈ পৰে।—- ৰবাৰ্ট লীণ্ড

১৮০

যিজনে নিজকে জ্ঞানী বুলি ভাৱে, তেওঁতকৈ মূৰ্খলোক পৃথিৱীত দ্বিতীয়জন নাই।— ভলটেয়াৰ

১৮১

আত্মসংযমৰ অনুশীলনেই হ’ল সভ্যতা।— ডব্লিউ. বি. ইয়েটচ

১৮২

সদায় এনে কাম কৰিবলৈ চেষ্টা কৰা যিটো কাম কৰিবলৈ তুমি ভয় কৰা।— এমাৰ্ছন

১৮৩

হৃদয়ৰ এনে কিছু নিজস্ব যুক্তি আছে যিবোৰ মগজুয়ে কেতিয়াও বুজি নাপায়।— ব্রেইজ পাস্কেল

১৮৪

অৰ্থহীন জীৱন মৃত্যুৰ নামান্তৰ।— গ্যেটে

১৮৫

যি মানুহ নিজেই নিজৰ আটাইতকৈ ভাল বন্ধু  তেওঁ নিঃসঙ্গতা ভাল পায়। যি মানুহ নিজেই নিজৰ ডাঙৰ শত্ৰু তেওঁ নিঃসঙ্গতাক ভয় কৰে।— এৰিষ্টটল

১৮৬

বৰ্তমান যুগত প্ৰায় প্ৰতিজন মানুহেই পঢ়িব পাৰে, কিন্তু মুষ্টিমেয় মানুহেহে চিন্তা কৰিব পাৰে।— এলফেডো অ’ট্ৰভিয়ান

১৮৭

যিবোৰ  মানুহৰ ধৰ্ম আছে আৰু সেই ধৰ্মত বিশ্বাস আছে, সেইজন মানুহ ভাগ্যৱান।— এন. ফ্রাঙ্ক 

১৮৮

স্কুল-কলেজত শিকা সকলো কথা পাহৰি যোৱাৰ পিছত যিখিনি কথা মনত থাকি যায় সেইখিনিয়েই হ’ল প্ৰকৃত শিক্ষা।— বি. এফ. স্কিনাৰ

১৮৯

মূৰ্খই ক্ষমাও নকৰে, নাপাহৰেও। সৰল স্বভাৱৰ অজলা মানুহে ক্ষমাও কৰে, পাহৰেও। জ্ঞানীয়ে ক্ষমা কৰে কিন্তু নাপাহৰে।— টমাছ চাজ

১৯০

প্ৰত্যেক মানুহেই ভাৱে যে ঈশ্বৰ তেওঁৰ পক্ষত আছে। — জা আনুই

১৯১

মানুহৰ যিবোৰ অনুভূতি প্ৰকাশ কৰা অসম্ভৱ, সেইবোৰক সামান্যভাৱে হ’লেও প্ৰকাশ কৰিব পাৰে মাত্ৰ দুটা বস্তুয়ে: প্ৰথমটো হ’ল নীৰৱতা আৰু দ্বিতীয়টো হ’ল সংগীত।— অল্ডছ হালী

১৯২

মুখৰ সৌন্দৰ্যৰ লগত অন্তৰৰ সৌন্দৰ্যৰ মিল নাথাকিলে কোনো নাৰীয়েই সুন্দৰ হ’ব নোৱাৰে।— জৰ্জ বাৰ্ণাড শ্ব

১৯৩

ঈশ্বৰে সেইসকলক ঘিণ কৰে যিসকলে নিজৰ প্ৰশংসা গাই ফুৰে।— ক্লিমেন্ট

১৯৪

তগৰ আৰু চন্দনৰ গোন্ধ অতি সামান্য। কিন্তু চৰিত্ৰবান লোকৰ গোন্ধ অতি উত্তম । সেই সুগন্ধ দেৱতাসকলৰ মাজতো প্ৰৱাহিত হয়।— গৌতম বুদ্ধ

১৯৫

শিশু হ’ল এখন কিতাপ যাৰ প্ৰতিটো পৃষ্ঠা  শিক্ষকে অধ্যয়ন কৰিব লাগিব।— ৰুছো

১৯৬

যিজন লোকে নিজৰ মূৰ্খতা, শক্তিহীনতা, ক্ষুদ্ৰতা উপলব্ধি কৰিব পাৰে তেঁৱেই প্ৰকৃত জ্ঞানী।— লক্ষ্মীনাথ বেজবৰুৱা

১৯৭

স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ সিংহ-দুৱাৰ হৈছে মাতৃভাষা।— পি. বি. শ্যেলী

১৯৮

জুয়ে যেনেকৈ খৰি পুৰি ছাই কৰি দিয়ে সেইদৰে হিংসাই মানুহৰ সৎগুণবোৰ নাইকীয়া কৰে।— হজৰত মহম্মদ

১৯৯

যিজন মানুহক তুমি ভাল নোপোৱা সেইজনৰ বিষয়ে ভাবি এক মূহুৰ্ত সময়ো নষ্ট নকৰিবা।— আইজেনহাৱাৰ

২০০

এটা সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায়, তেনেকৈ সৰু-সুৰা কথাৰ মাজেদি মানুহৰ চৰিত্ৰ প্ৰকাশ পায়।— লৰ্ড এভেৰেৰী

২০১

সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়।— কৃষ্ণকান্ত সন্দিকৈ

২০২

পাৰিলে সজ কথা আলোচনা কৰিবা, নহ’লে মনে মনে থাকিবা।— পাইথাগোৰাচ

২০৩

সকলো কিতাপকে দুটা ভাগত ভগাব পাৰি: এঘন্টাৰ কিতাপ আৰু সৰ্বকালৰ কিতাপ।— জন ৰাস্কিন

২০৪

অন্যায় শেষ কৰা কিন্তু নিজক শেষ কৰি নহয়।— প্ৰেম চান্দ

২০৫

এটা বন্দুকৰ গুলিতকৈ এটোপাল চিয়াঁহীৰ মূল্য বেছি।— মাদাৰ টেৰেছা

২০৬

নাৱত উঠাৰ আগতে নাওঁখন আৰু বঠাপাত চাই ল’ব লাগে। নির্বুদ্ধিতাৰ বাহিৰে আন কোনো পাপ নাই। — অস্কাৰ ওৱাইল্ড

২০৭

শব্দবোৰ মানুহৰ কন্যা, কিন্তু বস্তুবোৰ  ঈশ্বৰৰ সন্তান।— চেমুৱেল মেডেল

২০৮

যি হাঁহিব নেজানে তেওঁ হয় দেৱতা, নহয় চয়তান।— উইলিয়াম শ্বেক্সপীয়েৰ

২০৯

মানুহ যিমানে পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।— পণ্ডিত জৱাহৰলাল নেহৰু

২১০

এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি।— জৰ্জ হাৰ্বাট

২১১

শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত।— মহাত্মা গান্ধী

২১২

শিষ্টাচাৰৰ দ্বাৰা প্ৰত্যেক মানুহেই জীৱনত উন্নতি কৰিব পাৰে।— উইলিয়াম শ্বেক্সপীয়েৰ

২১৩

কোনো মানুহকে সম্পূৰ্ণৰূপে  অনুসৰণ নকৰিবা। প্ৰত্যেক মানুহৰে সৎগুণ যেনেকৈ আছে, তেনেকৈ অসৎ গুণো আছে। অসৎখিনি বাদ দি সৎখিনি বাছি ল’ব পৰাটোতহে মানৱতাৰ কৃতিত্ব।— হেম বৰুৱা

২১৪

নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।— সত্যনাথ বৰা

২১৫

আনে  তোমাক সহায় কৰিব নোৱাৰে। তুমি নিজেই তোমাৰ সহায় হোৱা।— গৌতম বুদ্ধ

২১৬

ক্ষমতাই মানুহক দুৰ্নীতিপৰায়ণ নকৰে। মূৰ্খইহে ক্ষমতাক কলুষিত কৰে।— জৰ্জ বাৰ্ণাড শ্ব

২১৭

শত্ৰুক ভাল পাবলৈ শিকা।— যীশু খ্ৰীষ্ট

২১৮

তুমি সাহসী হোৱা কাৰোবাক হত্যা কৰিবলৈ নহয়, তুমি ঘিণ কৰাজনক প্ৰেমেৰে আকোঁৱালি ল’বলৈহে। প্ৰেমে কাৰো মাজত বিভাজন নানে; বৰং ই ঈশ্বৰৰ সৈতে আমাক সাঙুৰেহে।—  মাদাৰ টেৰেছা

২১৯

অন্তৰ পৰিষ্কাৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ ভক্তি আৰু প্ৰেম।— গুৰু নানক

২২০

ব্রাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান।— গুৰু নানক

২২১

বন্ধুত্ব  হৈছে দুটা দেহত বাস কৰা এটা আত্মা।— এৰিষ্টটল

২২২

এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ।— তিৰুক কুৰাল

২২৩

কিবা বস্তু নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বস্তুটো বিচাৰি পাবলৈ কৰা সংগ্ৰাম এৰি দিয়াটোৱেই প্ৰকৃত ব্যৰ্থতা।— জৰ্জ ইলিয়াছ

২২৪

প্ৰেমহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে।— মহাত্মা গান্ধী

২২৫

অৰ্থহীন হেজাৰ বাক্যতকৈ অৰ্থপূৰ্ণ এটি বাক্যও ভাল।— গৌতম বুদ্ধ

২২৬

পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন।— ৰবীন্দ্ৰ নাথ ঠাকুৰ

২২৭

মানুহৰ অতি প্ৰিয় সম্পদ হ’ল জীৱনটো। সেয়ে সি জীয়াই থকাৰ সময়ত এনেদৰে জীয়াই থাকিব লাগে যাতে মৃত্যুৰ সময়ত সি ক’ব পাৰে, “মই মোৰ সমগ্ৰ জীৱন নিয়োজিত কৰিছো মানৱ জাতিৰ মুক্তিৰ সংগ্ৰামৰ কাৰণে।”— লেলিন

২২৮

কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।— বিষ্ণুপ্ৰসাদ ৰাভা

২২৯

অধ্যয়নে মানুহক পূৰ্ণ কৰি তোলে আৰু লিখাৰ অভ্যাসে মানুহক মানৱীয় মৰ্যদা প্ৰদান কৰে।— ৰুছো

২৩০

আইন-শৃঙ্খলা অবিহনে সমাজ তিষ্ঠিব নোৱাৰে।— ৰাছেল

২৩১

তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা অকৃতকাৰ্য হোৱা নাই।— উইলিয়াম শ্বেক্সপীয়েৰ

২৩২

ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে আন কাৰ্যত ভাগ ল’ব নালাগে।— বাইেবল

২৩৩

জ্ঞান যদি জীৱনৰ লগত মিলিব নোৱাৰে, কিতাপ যদি মনৰ ভিতৰত সোমাব নোৱাৰে, তেনেহ’লে সেই শিক্ষা ব্যৰ্থ।— ৰবীন্দ্ৰ নাথ ঠাকুৰ

২৩৪

প্ৰতিভাৰ নিৰানব্বৈ  ভাগেই অধ্যাৱসায়।— টমাচ আলভা এডিছন

২৩৫

সত্যই হ’ল সবাতেকৈ শক্তিশালী যুক্তি।—ছফোকলছ

২৩৬

অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যাৱসায় জন্মে।— সত্যনাথ বৰা

২৩৭

এখন ভাল কিতাপ সকলো বন্ধুতকৈ শ্রেষ্ঠ, কাৰণ বন্ধুসকল আঁতৰি যাব কিন্তু কিতাপখন চিৰকাল থাকি যায়।— ইংলিচ প্ৰৱচন

২৩৮

ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।— চক্ৰেটিছ

২৩৯

সততাই হ’ল দেশৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু।— এ. পি. জে. আব্দুল কালাম

২৪০

বৃদ্ধাৱস্থাৰ যন্ত্ৰণাটো বুঢ়া হোৱাৰ বাবে নহয়; তেওঁ যে এদিন ডেকা আছিল তাৰ বাবেহে। — অস্কাৰ ওৱাইল্ড

২৪১

আনৰ ওচৰত জ্ঞানী হোৱা অতি সহজ। নিজৰ ক্ষেত্ৰত জ্ঞানী হোৱাটোহে আচল কথা।—লা ৰছক কাৰ্ল্ড

২৪২

শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়। নতুন কথা শিকি থাকিলেহে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ কাম।—হেনৰী ফৰ্ড

২৪৩

ভুল পথেৰে যোৱা এজন দৌৰবিদতকৈ শুদ্ধ পথেৰে যোৱা এজন খোৰা মানুহে জীৱনত বেছি দূৰ আগুৱাই যাব পাৰে।— ফ্রেঞ্চিছ বেকন

২৪৪

সংসাৰত যিজনে চিন ৰাখি থ’ব বিচাৰে তেওঁ অনবৰত কাম কৰি যাবই লাগিব। ইয়াৰ অন্যথা তেওঁ একো কৰিব নোৱাৰে।— লিউৱেন হুক

২৪৫

প্ৰথম চেষ্টাত কোনো কাম হৈ নুঠিলে দ্বিতীয়বাৰ চেষ্টা কৰা, দ্বিতীয়বাৰ হৈ নুঠিলে তৃতীয়বাৰ কৰিবা, তৃতীয়বাৰত হৈ নুঠিলে আকৌ চেষ্টা কৰিবা, দেখিবা শেষত তোমাৰ চেষ্টা সফল হ’বই।— লক্ষ্মীনাথ  বেজবৰুৱা

২৪৬

যিটো কাম আজিইে শেষ কৰিব পাৰা, সেই কাম কাইলৈৰ বাবে পেলাই নথবা।— লৰ্ড চেষ্টাৰফিল্ড

২৪৭

সকলো কৃতকাৰ্যতাৰ মূল কথা হ’ল ধৈৰ্য। কণীবোৰ ভঙাই পেলাই তাৰ পৰা পোৱালি পাব নোৱাৰি। পোৱালি পোৱাৰ একমাত্ৰ উপায় হ’ল কণীত উমনি দিয়া।— আনৰ্ল্ড গ্লাছো

২৪৮

সকলোকে ভাল পাবা, কিন্তু সকলোকে বিশ্বাস নকৰিবা। বিশ্বাস নকৰিবা বুলিয়েই কাৰো প্ৰতি অহিতকৰ কাম নকৰিবা।— উইলিয়াম শ্বেক্সপীয়েৰ

২৪৯

জ্ঞান সাধনা হৈছে এটা ব্ৰত; ই জীৱনৰ এটা ৰূপ। পাৰ্থিৱ খ্যাতি নিশ্বাস-প্ৰশ্বাসৰ বাহিৰে আন একো নহয়।—কৃষ্ণকান্ত সন্দিকৈ

২৫০

হতাশাক প্ৰশ্ৰয় নিদিবা। এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব।— মহাত্মা গান্ধী

২৫১

পশু জীৱন বচোৱাৰ অৰ্থ হৈছে মানৱ জাতিক সেৱা কৰা।— মেনকা গান্ধী

২৫২

মহানগৰবোৰ কংক্ৰীটৰ জঙ্গল নহয়। এইবোৰ হ’ল মানুহৰ চিৰিয়াখানা।— ডেমেণ্ড মৰিচ

২৫৩

ইতিহাস হ’ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস।— এডমাণ্ড বাৰ্ক

২৫৪

কিছুমান মানুহে এন্দুৰৰ দৰে জীয়াই থাকে, কিছুমান শিয়ালৰ দৰে, কিছুমান কুকুৰনেচীয়া বাঘৰ দৰে, আন কিছুমানে গাহৰিৰ দৰে। খুব কম মানুহেহে জীয়াই থাকে মানুহৰ দৰে।— হাৰখান  হ্যেচ

২৫৫

জিভাৰ লোভ দমন কৰি ৰাখিব পাৰিলে মনটো সংযত কৰি ৰখা বেছি সহজ।— মহাত্মা গান্ধী

২৫৬

সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ’ল ফুল কিন্তু তাৰ শিপাবোৰ থাকে মাটি আৰু গোবৰত।— ডি. এইছ. লৰেঞ্চ

২৫৭

মূৰ্খ আৰু ¸অজ্ঞানীয়ে সত্য কি বস্তু সেয়া নাজানে।— বুদ্ধদেৱ

২৫৮

আনক শিক্ষা দিয়া মানে নিজে দুবাৰকৈ শিকা।— জোৱাৰ্ট

২৫৯

বন্ধুত্বৰ  ডাঙৰ কাম হ’ল বন্ধুৰ  দোষবোৰ  আঙুলিয়াই দিয়াটো।— লা ৰোজফুকো

২৬০

মানুহৰ স্বভাৱ হ’ল মানুহে উদাহৰণৰ পৰা শিকিব নোখোজে। মানুহে শিকিব খোজে নিজৰ ভুলৰ পৰা।— ফ্রেড হইল

২৬১

মাত্ৰ কেইটামান ঝিলিৰ চিয়ঁৰত পথাৰখন ৰজন-জনাই থকাৰ কাৰণে নাভাবিবা যে সিহঁতেই পথাৰখনৰ একমাত্ৰ অধিকাৰী।— এডমাণ্ড বাৰ্ক

২৬২

সুখী মানুহৰ জগতখন আৰু অসুখী মানুহৰ জগতখন সম্পূৰ্ণ বেলেগ।— এল. ডব্লিউ ষ্টেইন

২৬৩

একমাত্ৰ পৰিশ্ৰমেহে সকলোকে বিজয়ী কৰিব পাৰে।— মহাকবি হোমাৰ

২৬৪

মানুহৰ প্ৰতি দয়া প্ৰদৰ্শন আৰু মানুহক ভাল পোৱাই মোৰ ধৰ্ম।— দালাই লামা

২৬৫

সকলো মানুহক তোমাৰ হৃদয়খন খুলি নেদেখুৱাবা।— বাইেবল

২৬৬

জীৱনটো এক সংগ্ৰামৰ পথাৰ, ইয়াত সাহসী আৰু কৰ্মপটুজনেহে জয়লাভ কৰিব পাৰে।—নেপোলিয়ন বোনাপার্ট

২৬৭

কিতাপ এখন নি ওভতাই  নিদিয়াটো শিক্ষা জগতৰ এক কলংক।— চক্ৰেটিছ

২৬৮

যি মানুহে নিজকে ভাল পাব আৰু প্ৰশংসা কৰিব জানে, তেওঁ কেতিয়াও অকলশৰীয়া হ’ব নোৱাৰে।— থিয়ওডৰ ৰিক

২৬৯

ভুল স্বীকাৰ কৰিবলৈ কেতিয়াও লাজ পোৱা উচিত নহয়। কাৰণ ভুল স্বীকাৰ কৰি তেওঁ এই কথা প্ৰমাণ কৰে যে তেওঁ আগতকৈ ভাল হৈছে।— আলেকজেণ্ডাৰ পোপ

২৭০

এই জগতত তিনিবিধ প্ৰাণী অকাৰণতে বৈৰী হ’ব লগা হয়: পহু, মাছ আৰু সাধুলোক।— শ্ৰী মাধৱদেৱ

২৭১

মানসিক অস্থিৰতাই হ’ল জীৱনৰ লক্ষণ।— লাৰ্ক মেনিজাৰ

২৭২

ইতিহাস বুলি কোনো বস্তু নাই, আছে কেৱল জীৱনী।— এমাৰ্ছন

২৭৩

পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে মানুহক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা।— হেম বৰুৱা

২৭৪

প্ৰতিভাৰ এটা লক্ষণ হ’ল এই যে কৃতকাৰ্যতাই তাক কেতিয়াও নষ্ট কৰিব নোৱাৰে।— মাৰ্টিন এছলিন

২৭৫

উন্নতি অধঃপতনৰ নামান্তৰ মাত্ৰ।— হেভনক এলিছ

২৭৬

জ্ঞান অনন্ত, মানুহে ইয়াৰ এটা অংশহে পায়।—স্বামী বিবেকানন্দ

২৭৭

প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে ।— জাকিৰ হুছেইন।

২৭৮

জ্ঞান মানুহৰ উমৈহতীয়া বিভূতি। ই পশু জীৱনত দুৰ্লভ। জ্ঞানৰ কাৰণেহে মানুহে মানুহ নাম পায়।— সত্যনাথ বৰা

২৭৯

নজনাটো লাজৰ কথা নহয়। জানিব নিবিচৰাটোহে লাজৰ কথা।— বেঞ্জামিন ফ্রেঙ্কলিন 

২৮০

তুমি যি ভাল পোৱা সেইটো পাবলৈ যত্ন কৰা, নহ’লে যিটো পাইছা তাকেই ভাল পাবলৈ বাধ্য হৈ পৰিবা।— অজ্ঞাত

২৮১

দৰিদ্ৰতা, অজ্ঞানতা গুচাবৰ প্ৰধান উপায় হৈছে শিক্ষা। শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু আৰ্থিক উন্নতিৰ উপায় হৈছে শিক্ষা। সাধাৰণ শিক্ষা বিস্তাৰেই জ্ঞানৰ বিস্তাৰ। জ্ঞানতকৈ পবিত্ৰ ক্ষমতাবন্ত বস্তু জগতত আন একো নাই।— আনন্দচন্দ্ৰ আগৰৱালা

২৮২

আত্ম ৰক্ষাৰ ব্যৱস্থা নৰখাকৈ মুকলি পথাৰত অকলশৰে যুঁজিব পৰাজন মহাৰথী।—শ্ৰী মাধৱদেৱ

২৮৩

কথা দি কথা নৰখা মানুহবোৰৰ কথাবোৰ ধুনীয়া ফুলৰ দৰে, কিন্তু ই গন্ধহীন আৰু ফলহীন।— বুদ্ধদেৱ

২৮৪

দেহৰ কাৰণে যেনেদৰে খাদ্যৰ প্ৰয়োজন, তেনেদৰে প্ৰাৰ্থনাত আত্মাৰ প্ৰয়োজন।— মহাত্মা গান্ধী

২৮৫

এটা জাতি কিমান সভ্য তাক বুজিব পাৰি সেই জাতিয়ে শিক্ষক, সাহিত্যিক, শিল্পীক কেনে ব্যৱহাৰ কৰে তাৰ ওপৰত।— যজ্ঞেশ্বৰ শৰ্মা

২৮৬

উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত যদি শিথিলতা নাথাকে, ব্যৰ্থতা আহিবই নোৱাৰে।—জৰ্জ বাৰ্ণাড শ্ব

২৮৭

যি শিক্ষাই মানুহক নিজৰ মাজতে আটাইতকৈ সুখী কৰে, সেই একে শিক্ষাই মানুহক সমাজ সেৱাৰ কাৰণেও বেছি উপযোগী কৰি তোলে।— জন ৰাস্কিন

২৮৮

সাহিত্য সাধনা এটি মহৎ আৰু পবিত্ৰ কাম। ইয়াৰ ফলত অন্তদৃষ্টিৰ সৃষ্টি হয়। ই বাহিৰ আৰু ভিতৰৰ সকলো প্ৰকাৰৰ অন্ধকাৰ দূৰ কৰে।— পাৰ্ল এচ. কাৰ্ক

২৮৯

সকলো নিয়মৰ মৃত্যু হয়, মাথো মৃত্যু নহয় কিতাপৰ।— বুলবাৰ লিটন

২৯০

শিলৰ দেৱালে কাৰাগাৰ নিৰ্মাণ নকৰে। লোৰ শিকলিয়েও সজা তৈয়াৰ নকৰে। যিসকল সৰল আৰু শান্তিপ্ৰিয় লোক তেওঁলোকে ইয়াক আশ্ৰম বুলিহে জ্ঞান কৰে।— এমাৰ্ছন

২৯১

কৰ্মই আটাইতকৈ মহৎ। বিলাসৰ জীৱন দেৱতাসকলৰো  অপ্ৰিয়।— কাৰ্লাইল

২৯২

উন্নতিৰ বাবে শান্তিৰ প্ৰয়োজন।— স্বামী বিবেকানন্দ

২৯৩

আটাইতকৈ সুখী মানুহ  সেইজন যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হয়।— চক্ৰেটিছ

২৯৪

বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি।— মাদাৰ টেৰেছা

২৯৫

স্মৃতি হৈছে সকলো জ্ঞানৰ মাতৃ।— স্কাইলাৰ্চ

২৯৬

জাগ্ৰত চেতনাবোধেই  স্বাধীনতাৰ ৰক্ষা কৱচ।—আব্রাহাম লিংকন

২৯৭

ভুল কৰা কিন্তু এটা ভুল দুবাৰ নকৰিবা। — মাও চে তুং

২৯৮

উদ্দেশ্যবিহীন জীৱনৰ অন্য নাম আগতীয়া অপমৃত্যু।— গ্যেটে

২৯৯

আইনে মহিলাক যিমানখিনি ক্ষমতা দিছে তাতকৈ বেছি দিছে প্ৰকৃতিয়ে।— ছেমুৱেল জনছন

৩০০

মন যেতিয়া বিপথগামী হয় তেতিয়া কাণৰ শ্ৰৱণশক্তি অৰ্থহীন হৈ পৰে।— হজৰত মহম্মদ

৩০১

তুমি নিজে যেনেকৈ আনৰ পৰা ভাল ব্যৱাহৰ আশা কৰা আনকো তেনে ব্যৱহাৰ কৰা।— কনফুচিয়াচ

৩০২

ধনৰ দ্বাৰা মানুহে নিজকে ৰক্ষা কৰিব নোৱাৰে।— মাৱিৰ

৩০৩

ঘটি যোৱা ঘটনােবাৰে আমাক এনে কিছুমান কাম কৰিবলৈ বাধ্য কৰে, যিবোৰ ঘটনাই আমাৰ জীৱনটোক গঠন কৰি  গৈ থাকে। ফলস্বৰূপে আমি নিজে জীৱনটোক যিভাৱে গঠন কৰিব বিচাৰো তেনেকৈ কেতিয়াও গঠন কৰিব নোৱাৰো।— ইউজিন অ’নিল

৩০৪

গ্ৰন্থৰ আন নাম প্ৰেৰণা।— এমাৰ্ছন

৩০৫

যিজন সত্যবাদী তেওঁৰ অভিশাপ অথলে নাযায়।—- চানক্য

৩০৬

মানুহ ধ্বংস হ’ব পাৰে, কিন্তু পৰাজিত নহয়।— আৰ্নেষ্ট হেমিংৱে

৩০৭

অপ্ৰয়োজনীয় আৰু আড়ম্বৰপূৰ্ণ ঘৰে মানুহৰ মনলৈ অহংকাৰ ভাৱ আনিব পাৰে যদিও মানুহে এয়া অনুভৱ কৰিব নোৱাৰে।— হজৰত মহম্মদ

৩০৮

আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো, কিন্তু ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই।— মাৰ্টিন লুথাৰ কিং

৩০৯

ভাষা হৈছে সাহিত্যৰ সাজপাৰ মাথোন। ভাৱ হৈছে তাৰ দেহ আৰু আদৰ্শ হৈছে তাৰ প্ৰাণ।— হেমচন্দ্ৰ গোস্বামী

৩১০

সংসাৰত গাৰ বলেৰে বা শক্তিৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তু হ’ল জ্ঞান। জ্ঞান অৰ্জন কৰিবলৈ  নীৰৱে পুথি অধ্যয়নৰ প্ৰয়োজন।— ড০ জনছন

৩১১

মানুহৰ স্বভাৱ এনেকুৱা যে আন বহুতক জ্ঞানী, বুদ্ধিমান আৰু বাগ্মী পুৰুষ বুলি স্বীকাৰ কৰাৰ পাছতো আনক নিজতকৈ জ্ঞানী বুলি স্বীকাৰ কৰিবলৈ টান পায়।— টমাছ হবছ

৩১২

জীৱনটো হ’ল কষ্ট–ইয়াক সহ্য কৰা। জীৱনটো এক কৰ্তব্য–ইয়াক পালন কৰা। জীৱনটো এটা মুকুট–ইয়াক পিন্ধি লোৱা।— এ. ৰেয়ম।

৩১৩

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি পায়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু নিজৰ ভৰিত থিয় দি স্বাৱলম্বী হ’ব পাৰি।— স্বামী বিবেকানন্দ 

৩১৪

শিক্ষাৰ ঘাই শিপাডাল আৰু গা-গছডাল বৰ তিতা। ইয়াৰ ফল কিন্তু বৰ মিঠা।— মহাত্মা গান্ধী

৩১৫

নিৰক্ষতা মানে জ্ঞানহীন নহয়। — ৰবীন্দ্ৰ নাথ ঠাকুৰ

৩১৬

বিদ্যালয়বোৰে  ল’ৰা-ছোৱালীবোৰক কেতিয়াও সভ্য কৰিব নোৱাৰে যদিহে বিদ্যালয়ৰ পৰা বাহিৰলৈ আহি ৰাস্তাত ভৰি দিয়া মাত্ৰকে পুনৰ অসভ্য কৰিবলৈ পৃথিৱীখন সাজু হৈ থাকে।— জন ৰাস্কিন

৩১৭

শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ বিলায়।— নেতাজী সুভাষ চন্দ্ৰ বসু

৩১৮

ভাগ্য হ’ল নিজে নিজে গঢ়ি লোৱা এক ধাৰণাহে।— ষ্টিভ জবছ

৩১৯

আত্ম-বিশ্লেষণেই হৈছে আত্মাৰ ঔষধ।— ভাৰতীয় প্ৰবচন

৩২০

সকলো বস্তু সহজ হোৱাৰ আগতে কঠিন থাকে।— অসমীয়া প্ৰবচন

৩২১

মানুহক অধ্যয়ন কৰিলেহে মানুহ হ’ব পাৰি।— আলেকজেণ্ডাৰ পোপ

৩২২

মই এজন মানুহ, কোনো মানুহেই মোৰ বাবে বিদেশী নহয়।— টৰেনচ্

৩২৩

মানুহ হৈছে মাত্ৰ এটা খাগৰিহে। কিন্তু খাগৰিটোৰ চিন্তা কৰিবলৈ শক্তি আছে।— ব্লেইচ পাস্কেল

৩২৪

কিতাপ হ’ল এখন বাগিছাৰ দৰে যিটো তুমি নিজৰ পকেটত কঢ়িয়াই লৈ ফুৰিব পৰা। কিন্তু দুখৰ বিষয় যে আমাৰ মাজৰ বহুতৰে বাগিছাখন কঢ়িয়াই  লৈ ফুৰিবলৈ পকেট নাই।— আৰবীয় পটন্তৰ।

৩২৫

মাকৰ ওচৰত ৰজায়ো এজন পুত্ৰহে।— ভাৰতীয় প্ৰবচন

৩২৬

তোমাৰ যদি ভাল সন্তান আছে তেন্তে টকাৰ প্ৰয়োজন নাই।— চীন দেশীয় প্ৰবচন

৩২৭

চোৰ এজনে ভাৱে যে সকলোৱে চোৰ।— ডেনীচ প্ৰবচন

৩২৮

বগা গোলাপৰো ছাঁ ক’লা হয়।— হাঙ্গেৰীয় প্ৰবচন

৩২৯

সুদৰ টকা খোৱা, মৃত ভায়েকৰ মঙহ খোৱাৰ সমান।— হজৰত মহম্মদ

৩৩০

চতুৰালি জ্ঞান নহয়।— বাংলা প্ৰবচন

৩৩১

তুমি যিমানেই বিলাবা সিমানেই মহান হ’বা, তাৰে নাম সঁচা উদাৰতা।—মাদাৰ টেৰেছা

৩৩২

নিজৰ মাকক ভাল পোৱা মানে আনৰ মাকক বেয়া পোৱা নুবুজায়।— ড০ ভূপনে হাজৰিকা

৩৩৩

তুমি যদি তিৰোতা হোৱা তোমাক যিকোনো পুৰুষে সহজে জয় কৰিব পাৰে।— উইলিয়াম শ্বেক্সপীয়েৰ

৩৩৪

জীৱনটো হৈছে মূৰ্খই কোৱা গল্পৰ দৰে যি ডাঙৰ ডাঙৰ শব্দৰে কোৱা হয় যদিও কোনো অৰ্থ নাই।— উইলিয়াম শ্বেক্সপীয়েৰ

৩৩৫

তিৰোতাৰ কাৰণে জন্মৰ পৰা ওঠৰ বছৰ বয়সলৈ পিতৃ-মাতৃৰ ভাল তদাৰকৰ প্ৰয়োজন, ওঠৰ বছৰ বয়সৰ পৰা পয়ত্ৰিশ বছৰ বয়সলৈ ভাল সৌন্দৰ্যৰ প্ৰয়োজন, পয়ত্ৰিশৰ পৰা পঁচপন্ন বছৰ বয়সলৈ ভাল ব্যক্তিত্বৰ প্ৰয়োজন আৰু ইয়াৰ পিছৰ সময়ছোৱাত টকাৰ প্ৰয়োজন।— ছফি টাকাৰ

৩৩৬

নিজে নিজে শিকিবলৈ চেষ্টা কৰা।— চক্ৰেটিছ

৩৩৭

জ্ঞানতকৈ কল্পনাৰ বেছি প্ৰয়োজন।— এলবাৰ্ট আইনষ্টাইন

৩৩৮

অভিজ্ঞতা শ্রেষ্ঠ শিক্ষক।— প্ৰবচন

৩৩৯

প্ৰেমে সকলো জয় কৰে।— ভাৰ্জিল

৩৪০

আমি যদি পৰিৱৰ্তন বিচাৰো তেন্তে আমি নিজেই পৰিৱৰ্তন হ’ব লাগিব।— মহাত্মা গান্ধী

৩৪১

তোমাৰ অনুমতি অবিহনে কোনেও তোমাক নীচ সজাব নোৱাৰে।— ইলিনৰ ৰুজভেল্ট 

৩৪২

কৃতকাৰ্যতা হৈছে জীৱনৰ এক অন্তহীন ভ্ৰমণ।—বেন  চুইটলেণ্ড

৩৪৩

শ্রেষ্ঠ আৰু আটাইতকৈ সুন্দৰ বস্তু আমি চাবও নোৱাৰো আৰু স্পৰ্শও কৰিব নোৱাৰো; ইয়াক অনুভৱ কৰিব লাগে।— হেলেন কেলাৰ

৩৪৪

জীৱনটো হয় এক দুঃৰূহ অভিযান অথবা একো নহয়।— হেলেন কেলাৰ

৩৪৫

আমি যি পাওঁ তাৰ দ্বাৰা জীৱন নিৰ্বাহ কৰোঁ আৰু যি দিও তাৰ দ্বাৰা জীৱন গঠন কৰোঁ।–উইনষ্ট’ন চাৰ্চিল

৩৪৬

এজন সফল ব্যক্তি আৰু এজন অসফল ব্যক্তিৰ মাজত থকা পাৰ্থক্য শক্তি নাইবা  জ্ঞানত নহয়, সিহঁতৰ মাজত থকা পাৰ্থক্যটো হ’ল ইচ্ছাশক্তিৰ।— ভিনছ লম্বাৰ্ডি

৩৪৭

আমি বাৰে বাৰে যি কৰোঁ সেয়াই হওঁ।—এৰিষ্টটল

৩৪৮

তুমি যিহকে নোহোৱা কিয় এজন ভাল মানুহ হোৱা।— আব্রাহাম লিংকন

৩৪৯

এজন মানুহক তুমি যদি মাছ এটি দিয়া সি এদিন খাব, কিন্তু তুমি যদি তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া সি গোটেই জীৱন খাই থাকিব।— চীন দেশীয় প্ৰবচন

৩৫০

তুমি এনেভাৱে সপোন দেখা যেন তুমি চিৰদিন জীয়াই থাকিবা আৰু এনেদৰে জীৱন যাপন কৰা যেন আজিয়েই মৰি যাবা।— জেমচ্ ডীন

৩৫১

সাহসত প্ৰতিভা, শক্তি আৰু যাদু আছে। ইয়াক এতিয়াই আৰম্ভ কৰা।— গ্যেটে

৩৫২

তুমি মোৰ আগে আগে খোজ কাঢ়ি নাযাবা কাৰণ মই তোমাক অনুসৰণ নকৰিব পাৰোঁ, তুমি মোৰ পিছে পিছেও খোজ নাকাঢ়িবা  কাৰণ মই তোমাক আগুৱাই লৈ নাযাব পাৰোঁ, তুমি মোৰ কাষে কাষে খোজ কাঢ়ি  যোৱা আৰু মোৰ বন্ধু হোৱা।— এলবাৰ্ট কেমু

৩৫৩

পৃথিৱীৰ কাৰণে তুমি এজন মাত্ৰ ব্যক্তি হ’ব পাৰা, কিন্তু কোনোবা এজন ব্যক্তিৰ বাবে তুমি গোটেই পৃথিৱীখন হ’ব পাৰা।— অজ্ঞাত

৩৫৪

আমি সকলোৱেই নৰ্দমাত পৰি আছো, কিন্তু ইয়াৰ কিছুমানে নৰ্দমাৰ পৰাই আকাশৰ নক্ষত্ৰবোৰ  পর্যবেক্ষণ  কৰি আছে।— অস্কাৰ ওৱাইল্ড

৩৫৫

সিহঁতেই সফল হ’ব পাৰে যিসকলে ভাৱে যে সিহঁত সফল হ’বই।— ভাৰ্জিল

৩৫৬

যি সুস্বাস্থ্যৰ অধিকাৰী তাৰ আশা আছে আৰু যাৰ আশা আছে তাৰ সকলো আছে।— অজ্ঞাত

৩৫৭

জীৱনৰ আনন্দ আছে সেইটো কামত, যি কাম তুমি নোৱাৰিবা বুলি মানুহে ভাৱে।—ওৱাল্টাৰ বেগহুট

৩৫৮

মই অকৃতকাৰ্য হোৱা নাই। মই মাথো প্ৰমাণ কৰিলো যে এই দহ হেজাৰ প্ৰকাৰে কামটো নহ’ব।—  টমাচ আলভা এডিচন

৩৫৯

যিসকলে ডাঙৰকৈ অসফল হ’বলৈ সাহস কৰে সিহঁতেই মহান কৃতিত্ব অৰ্জন কৰে।— ৰবাৰ্ট এফ. কেনেডি

৩৬০

উদ্যমহীনভাৱে আজিলৈকে কোনো মহান কাম সংঘটিত হোৱা নাই।— এমাৰ্ছন

৩৬১

সৰু-সুৰা সুযোগবোৰ হৈছে ডাঙৰ উদ্যমৰ আৰম্ভণি।—  ডেমচথেনেছ

৩৬২

জটিলতাৰ মাজতেই সুযোগ নিহিত আছে।— এলবাৰ্ট আইনষ্টাইন

৩৬৩

তুমি আঘাত কৰিব বিচৰা ইস্পাট টুকুৰা গৰম হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। তুমি আঘাত কৰি কৰি ইস্পাট টুকুৰা গৰম কৰা।— ডব্লিউ  বি. স্প্ৰেগ’

৩৬৪

ঘাঁহ-বন বেগাই গজে।— অসমীয়া পটন্তৰ

৩৬৫

চোৰক যদি তুমি ফাঁচীকাঠৰ পৰা বচোৱা সি প্ৰথমেই তোমাৰ ডিঙিটো কাটিবলৈ সুযোগ বিচাৰিব।— অজ্ঞাত

৩৬৬

চিন্তা অতি জটিল কাম, সেয়ে খুব কম সংখ্যক মানুহে চিন্তা কৰে।— এলবাৰ্ট আইনষ্টাইন

৩৬৭

ভাল চিন্তাবিদ হ’বলৈ তুমি চিন্তা কৰাৰ পদ্ধতিৰ প্ৰতি সচেতন হ’ব লাগিব। তুমি নিজকে প্ৰতিদিন তোমাৰ চিন্তাক পুনঃপুনঃ সজাই পৰাই তুলিব লাগিব। মনত ৰাখিবা যে চিন্তা কৰাটো হৈছে এক প্ৰকাৰৰ অনুশাসন।— জন মেক্সৱেল

৩৬৮

লিখিবলৈ শিকাটোৱেই ভাবিবলৈ শিকায়।— এছ. আই. হাইৱাকাৱা

৩৬৯

সফলতাৰ ক্ষেত্ৰত মানুহক ইঞ্চি, টকা, শিক্ষা বা পৰিয়ালৰ পটভূমিৰে জোখা নহয়; ইয়াক জোখা হয় চিন্তা কৰাৰ প্ৰকৃতি আৰু আকাৰৰ ওপৰত।— ডেভিড ছৱাৰ্টছ

৩৭০

যিজন সকলোতে থাকিব খোজে তেওঁ ক’তো নাথাকে।— থমাচ ফুলাৰ

৩৭১

সমাজে মানুহক বাকচৰ ভিতৰত থকাটো বিচাৰে।— জন মেক্সৱেল

৩৭২

ভাল ধাৰণা এটি মহান ধাৰণা হ’ব পাৰে যদিয়ে ইয়াৰ বাবে সময় দিয়া হয়।— জন মেক্সৱেল

৩৭৩

সৃষ্টিশীল মানুহসকল ধাৰণা সৃষ্টি কৰা মানুহ।— এনেট মজাৰ ওৱেলমেন

৩৭৪

আমাৰ আনন্দ নিহিত থাকে সৃষ্টিশীল কৰ্মত, নেতৃত্বত নহয়।— ভিনচেন্ট লম্বাৰ্ড

৩৭৫

উদ্বিগ্নতা হৈছে সকলো বৌদ্ধিক  আৰু কলাসুলভ সৃষ্টিশীলতাৰ পূৰ্বচৰ্ত।—  চাৰ্লচ ফ্রাঙ্কেল 

৩৭৬

সৃষ্টিশীলতা আৰু নতুনত্ব সদায় হাতে হাত ধৰা-ধৰিকৈ আগবাঢ়ে ।— জন মেক্সৱেল

৩৭৭

সৃষ্টিশীলতা হৈছে দুটা বা ততোধিক চলিত ধাৰণাৰ যুক্তিসংগত সমিলমিল যিয়ে নতুন ধাৰণাৰ জন্ম দিয়ে।— জন মেক্সৱেল

৩৭৮

সপোন  দেখোতাসকল হৈছে সভ্যতাৰ ৰক্ষাকৱচ।— জেমচ এলেন

৩৭৯

তুমি চিন্তা কৰাৰ আগতে তোমাৰ চিন্তাক লেকাম লগোৱা।— মেৰী ওৱেব

৩৮০

তুমি যিটো নোৱাৰা সেইটো আনে কৰা দেখিলে তোমাক বিবুদ্ধিত পেলায়।—  ছাম ইৱিং

৩৮১

সৰহ সংখ্যক মানুহেই গৰমৰ বন্ধ কিদৰে অতিবাহিত কৰিব তাৰ বাবে পৰিকল্পনা কৰে, সিহঁতে কিদৰে জীৱন-যাপন কৰিব তাৰ পৰিকল্পনা কৰিব নোৱাৰে।— অজ্ঞাত

৩৮২

বয়স বাঢ়ি যোৱাৰ লগে লগে জ্ঞানী মানুহসকল পৰিৱৰ্তন হয়।— জন মেক্সৱেল

৩৮৩

তুমি কোনো সন্মিলন বা সভাৰ পৰা ঘূৰি আহি যি শুনিলা তাৰ ওপৰত চিন্তা কৰা আৰু কাৰ্যত পৰিণত কৰা দেখিবা তোমাৰ জীৱনৰ ৰূপ পৰিৱৰ্তন হৈছে।— জন মেক্সৱেল

৩৮৪

তুমি যদি সফল হ’ব বিচৰা তেন্তে যি শ্রেষ্ঠ সেয়া চিন্তা কৰা, যি জনপ্ৰিয় সেয়া নহয়।— জন মেক্সৱেল

৩৮৫

একে ক্ষেত্ৰত চিন্তা কৰা দুজন মানুহৰ চিন্তা উত্তম  হোৱাৰ সম্ভাৱনা অধিক।— অজ্ঞাত

৩৮৬

ভাল চিন্তাবিদসকলৰ চিন্তা যেতিয়া একেলগ কৰা হয়, তেতিয়া তাত মানৱ প্ৰমূল্য যোগ হয়।— জন মেক্সৱেল

৩৮৭

আমি নিজৰ বাট অন্ধকাৰ ৰাখি আন মানুহৰ বাট পোহৰাব নোৱাৰো।— বেন চুইটলেণ্ড

৩৮৮

তুমি যদি তোমাৰ পৃথিৱীক উন্নত কৰিব বিচৰা তেতিয়া আনক সহায় কৰিবলৈ  আগবাঢ়ি যোৱা।— অজ্ঞাত

৩৮৯

মই প্ৰতিদিন ৰাতিপুৱা টোপনিৰ পৰা উঠি ভাবো, “মই আজি কিমান ভাল হ’ব পাৰোঁ।” — বেঞ্জামিন ফ্রেঙ্কলিন

৩৯০

এজন ব্যক্তিয়ে প্ৰতিদিন যি ভাৱি থাকে তাৰ দ্বাৰাই তেওঁৰ জীৱনটো গঠন হয়।— ৰালফ্ ওৱাল্ড’ ইমাৰ্ছন

৩৯১

মানুহে কৰা কাম-কাজবোৰ  সিহঁতে কৰা চিন্তাবোৰৰ  ব্যাখ্যা।— জন লক

৩৯২

মানুহৰ ভাল কামবোৰ  বিচাৰি উলিওৱাতকৈ ভুলবোৰ  বিচাৰি উলিওৱা সহজ।— ডেল কৰ্নেগী

৩৯৩

আনৰ সমালোচনা শুনি যিজনে নিজৰ চিন্তা-চৰ্চা এৰি দিয়ে আচলতে তেওঁ কোনো চিন্তাই নকৰে।— মেনোনিম মেনোনিমাচ

৩৯৪

তুমি সেইসকল শত্ৰুক ভয় নকৰিবা যিসকলে তোমাক আক্ৰমণ কৰে বৰং সেইসকল বন্ধুক  ভয় কৰা যিসকলে তোমাক ভালৰি বোলায়।— এলবাৰ’ আব্রেগন

৩৯৫

আত্ম-প্ৰকাশেই মানুহৰ প্ৰধান প্ৰকৃতি।— উইলিয়াম উইন্টাৰ

৩৯৬

তুমি যদি কোনো মানুহৰ বিশ্বাস অৰ্জন কৰিব বিচৰা তেন্তে তেওঁ কৰা ভাল কামৰ প্ৰশংসা কৰা।— মেনোনিম মেনোনিমাচ

৩৯৭

ভাল অথবা বেয়া বুলি কোনো কথা নাই, মাথো আমাৰ চিন্তাইহে বস্তুক ভাল বা বেয়া কৰে।— উইলিয়াম শ্বেক্সপীয়েৰ

৩৯৮

তুমি যদি তোমাৰ অধীনস্থ কৰ্মীসকলৰ আস্থা আৰু আনুগত্য লাভ কৰিব বিচৰা প্ৰতিজনৰে নাম মনত ৰাখিবা।— ৩য় নেেপালিয়ন

৩৯৯

আমি যিমানেই তৰ্ক কৰো সিমানেই আঁকোৰগোঁজ স্বভাৱৰ হওঁ।— ডেল কাৰ্নেগী

৪০০

তুমি কোনো মানুহকে একো শিকাব নোৱাৰা, তুমি মাথো মানুহজনৰ ভিতৰত থকা শক্তিক বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰা।— গেলিলিও গেলিলি

৪০১

তুমি তোমাৰ প্ৰতিপক্ষৰ লগত যিমান পাৰা সিমান সোনকালে একমত হোৱা।— যীশু খ্ৰীষ্ট

৪০২

তুমি যদি কিবা প্ৰমাণ কৰিবলৈ গৈ আছা, তেন্তে কাকো ইয়াৰ বিষয়ে অকনো ভূ-পাবলৈ নিদিবা। তুমি এনে নিখুঁত আৰু নিপুণতাৰে তোমাৰ কাম কৰি যোৱা যেন তুমি একোৱেই নকৰা।— আলেকজেণ্ডাৰ পোপ

৪০৩

খুব কমসংখ্যক মানুহহে জীৱনত সফল হয় কাৰণ সৰহ সংখ্যক মানুহে কথাৰ দ্বাৰাহে সফলতা বিচাৰে, কৰ্মৰ দ্বাৰা নহয়।— মেনোনিম  মেনোনিমাচ

৪০৪

তুমি যদি শত্ৰু বিচৰা তোমাৰ প্ৰতিভাৰে তোমাৰ বন্ধুসকলক চেৰ পেলোৱা আৰু যদি বন্ধু বিচৰা তেন্তে তোমাৰ বন্ধু সকলক তোমাতকৈ আগুৱাই যাবলৈ দিয়া।— লা ৰচেফকাল্ড

৪০৫

তুমি যদি বন্ধু বিচৰা তেন্তে প্ৰশংসা কৰিবলৈ শিকা।— অজ্ঞাত

৪০৬

মানুহৰ মৰ্যদাক আঘাত কৰাটো এক অপৰাধ।— পটন্তৰ

৪০৭

তুমি খোজা তোমাক দিয়া হ’ব, তুমি বিচৰা তুমি পাবা, তুমি টুকুৰিওৱা দৰজাটো খুলিব।— বাইেবল

৪০৮

প্ৰতিটো চাহিদাৰ যোগান আছে।– ফ্লৰেঞ্চ স্কুভেল শ্বিন

৪০৯

মানুহে মাত্ৰ সেইটোহে লাভ কৰে যিটো সি পাই আছে বুলি ভাবে ।— বাইেবল

৪১০

তোমাৰ ভিতৰ যেনে বাহিৰ তেনে।— অজ্ঞাত

৪১১

তুমি যদি তোমাৰ মনক নিয়ন্ত্ৰণ নকৰা, তেন্তে আনে নিয়ন্ত্ৰণ কৰিব।– অজ্ঞাত

৪১২

ৰুগীয়া মানুহে ৰোগৰ ছবি আঁকে, দুখীয়া মানুহে দৰিদ্ৰতাৰ ছবি আঁকে আৰু ধনী মানুহে ধনৰ ছবি আঁকে। অৰ্থাৎ আমি যি ছবি আঁকো বা কল্পনা কৰো আমি সেয়াই হওঁ।— মেনোনিম মেনোনিমাচ

৪১৩

আনক সফলতা অৰ্জন কৰাৰ বাবে  সহায় কৰাজনৰ সফলতা অতি সহজেই অৰ্জন হয়।— ফ্লৰেঞ্চ স্কুভেল শ্বিন

৪১৪

প্ৰতিজন মানুহেই তেওঁ ব্যক্ত কৰা কথাৰ দ্বাৰা নিজৰ বাবে  আইন তৈয়াৰ কৰে।—  ফ্লৰেঞ্চ স্কুভেল শ্বিন

৪১৫

জীৱনটো হৈছে এখন আৰ্চী। আমি নিজকে তাত প্ৰতিফলিত হোৱা দেখা পাওঁ।—ফ্লৰেঞ্চ স্কুভেল শ্বিন

৪১৬

ঈশ্বৰৰ প্ৰতি কৰা ভয়ৰ পৰাই জ্ঞানৰ আৰম্ভণি হয়।— বাইেবল

৪১৭

হে সামান্য বিশ্বাসী মানুহসকল, কিয় ভয় কৰা, যিসকল বিশ্বাসী সিহঁতৰ বাবে সকলো সম্ভৱ।— যীশু খ্ৰীষ্ট

৪১৮

কোনো মানুহেই তোমাৰ শত্ৰু নহয়, কোনো মানুহেই তোমাৰ বন্ধু  নহয়, সকলোৱে তোমাৰ শিক্ষক।— গ্ৰীক প্ৰবচন

৪১৯

বিশ্বাস হৈছে ইচ্ছাৰ প্ৰচেষ্টা।— ফ্লৰেঞ্চ স্কুভেল শ্বিন

৪২০

চাহৰ কেটলিত উতলি থকা পানীৰ ভাপত মই ভাপ-জাহাজ দেখা পাইছিলোঁ।— ৰবাৰ্ট ফুলটন

৪২১

তুমি কোনো এক সময়ৰ সকলো মানুহক মূৰ্খ সজাব পাৰা অথবা তুমি সকলো যুগৰ কিছুসংখ্যক মানুহক মূৰ্খ সজাই ৰাখিব পাৰা কিন্তু তুমি সকলো যুগৰ সকলো মানুহক মূৰ্খ সজাব নোৱাৰা।— লেলিন

৪২২

যাৰ ঈশ্বৰত বিশ্বাস নাই, তেওঁ পাপত আছে।— পটন্তৰ

৪২৩

গ্ৰন্থ অধ্যয়ন কৰি আমি বিদ্যা অৰ্জন কৰিব পাৰো। কিন্তু অতি প্ৰয়োজনীয় বিদ্যা অৰ্জন কৰিব পাৰি মানুহক অধ্যয়ন কৰি।— লৰ্ড ছেষ্টাৰফিল্ড

৪২৪

মানুহৰ প্ৰতিটো অংগী-ভংগীয়েই একো-একোটা শব্দ।— গেৰাৰ্ড নিৰেনবাৰ্গ

৪২৫

মানুহৰ চকুৱেও কথা পাতে, কিন্তু খুব কম মানুহেহে তাক বুজিব পাৰে।— ৰালফ ওৱালড’ ইমাৰ্ছন

৪২৬

পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে; ই নিজকে নিজৰ ওচৰত প্ৰকাশহে কৰে।— জেমছ এলেন

৪২৭

মানুহে যি অৰ্জন কৰে আৰু অৰ্জন কৰোতে যি অকৃতকাৰ্য হয় সেইসকলোবোৰ তেওঁৰ চিন্তাৰ পৰিণাম।— জেমছ এলেন

৪২৮

সকলো প্ৰকাৰৰ কৃতিত্বই প্ৰচেষ্টাৰ মুকুট আৰু চিন্তাৰ বাস্তৱ প্ৰতিফলন।–  ইংলিচ প্ৰবচন

৪২৯

সপোন  হৈছে বাস্তৱৰ বীজ।— ভাৰতীয় পটন্তৰ

৪৩০

প্ৰত্যাহ্বান  ভাল আৰু শ্রেষ্ঠৰ  মাজত হোৱা উচিত; বেয়া আৰু ভালৰ মাজত নহয়।—মেনোনিম  মেনোনিমাচ

৪৩১

তুমি তোমাৰ আচৰণ পৰিৱৰ্তন কৰিব নোৱাৰা যদিহে তোমাৰ চিন্তাৰ গতি পৰিবৰ্তন নকৰা।— জেমছ এলেন

৪৩২

আমি একে সময়ৰ চিন্তাৰ মাপ-কাঠিৰে আজিৰ সমস্যা সমাধান কৰিব নোৱাৰো যি সময়ৰ চিন্তাৰ স্তৰে সমস্যা এটাৰ সৃষ্টি কৰিছিল।— এলবাৰ্ট আইনষ্টাইন

৪৩৩

বতাহে পতাকা এটিৰ দিশ পৰিবৰ্তন কৰাৰ দৰে তোমাৰ চিন্তাই তোমাৰ মনক পৰিবৰ্তন কৰে।—আৰ. ছেছন

৪৩৪

যেতিয়া তোমাৰ চিন্তা, অনুভূতি আৰু মনৰ অৱস্থা সুস্থিৰ হয় আৰু তোমাৰ বাধ্য থাকে, তেতিয়ালৈ তোমাৰ জীৱনো তোমাৰ বাধ্য থাকে।— আৰ. ছেছন

৪৩৫

সুখ তোমাৰ দৃষ্টিভংগী আৰু আভ্যন্তৰীণ জীৱনৰ ওপৰত নিৰ্ভৰ কৰে, বাহিৰা পৰিস্থিতিৰ ওপৰত নহয়।— আৰ. ছেছন

৪৩৬

বিদ্যুতে বৈদ্যুতিক সা-সৰঞ্জাম কাৰ্যক্ষম কৰি তোলাৰ দৰে তোমাৰ আবেগ আৰু অনুভূতিয়ে তোমাৰ চিন্তা আৰু কৰ্মশক্তিক কাৰ্যক্ষম কৰি তোলে।— আৰ. ছেছন

৪৩৭

আমাৰ মনটো বনৰীয়া জন্তুৰ দৰে। ইয়াক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আত্ম-অনুশাসন আৰু আনুগত্য শিকাব পাৰি।— আৰ. ছেছন

৪৩৮

কিছুমান গ্ৰন্থ আছে যিবোৰ ভিজাত দি সোৱাদ চাব পাৰি, কিছুমান গলধকৰণ কৰিব পাৰি আৰু অতি কম সংখ্যক গ্ৰন্থ আছে যিবোৰ চোবাই খাব পাৰি আৰু জীণ নিয়াব পাৰি। — ফ্রাঞ্চিচ  বেকন

৪৩৯

গ্ৰন্থই জীৱনৰ জ্ঞান দিয়ে। কিন্তু সমস্যাটো হ’ল গ্ৰন্থই অন্য এনে মানুহৰ জীৱন কথা কয় যি কথা তোমাৰ নিজৰ নহয়।– জুলিয়ান বাৰ্নেছ

৪৪০

ডাঙৰ কলেবৰৰ গ্রন্থবোৰক সদায় অতিমাত্ৰা প্ৰশংসা কৰা হয় এই কাৰণেই যে পঢ়ুৱৈ এজনে পতিয়ন নিয়াব বিচাৰে যে তেওঁ কিতাপখন পঢ়িছে ।— ই. এম. ফৰষ্টাৰ

৪৪১

গ্ৰন্থ হৈছে সকলো যুগৰ আটাইতকৈ বেছি পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি চলা মাধ্যম। তুমি ইয়াৰ বাক্যবোৰৰ  তলেদি আঁচ টানিব পাৰা, মাৰ্জিনত লিখিব পাৰা, পৃষ্ঠা ভাঁজ কৰি ৰাখিব পাৰা, কোনো পৃষ্ঠা  মাজত এৰি আগুৱাই যাব পাৰা আৰু ইয়াক লৈ তুমি য’তে ইচ্ছা ত’তে যাব পাৰা।— মিখাইল লিন্টন

৪৪২

সকলোবোৰ  গ্ৰন্থই হয় সপোন  অথবা তৰোৱাল। তুমি ইয়াৰে কাটিব পাৰা অথবা নিচাগ্ৰস্ত হ’ব পাৰা।— এমি লৱেল

৪৪৩

কিতাপতকৈ বেছি মোহনীয় কোনো আচৱাব নাই।– চিডনী স্মিথ

৪৪৪

ধ্ৰুপদী গ্রন্থবোৰ হৈছে এনে গ্ৰন্থ যিবোৰ  সকলোৱে প্রশংসা কৰে কিন্তু খুব কম সংখ্যক লোকেহে পঢ়ে ।— মাৰ্ক টৱেইন

৪৪৫

ভালকৈয়ে লিখা হওঁক বা বেয়াকৈয়ে লিখা হওঁক কিতাপ কিতাপেই ।— অস্কাৰ ওৱাইল্ড

৪৪৬

বেছি  বিক্ৰী হোৱা কিতাপবোৰ  হৈছে মধ্যমীয়া প্ৰতিভাৰ ৰহণ লগোৱা কবৰ।— এল. পি স্মিথ

৪৪৭

গছত পাত অহাৰ দৰে কবিতা যদি স্বতঃস্ফূর্তভাৱে নাহে, তেন্তে কবিতা সৃষ্টি নকৰাই ভাল।— জন কীটচ্

৪৪৮

এজন মানুহে তেওঁ অনুভৱ কৰা সুখহে উপেভাগ কৰে, এজন তিৰোতাই নিজে আনক দিয়া সুখহে উপেভাগ কৰে। — পি. চি. ডি. লাক’লচ

৪৪৯

সকলো কবিয়েই পাগল।— ৰবাৰ্ট বাৰ্টন

৪৫০

কান্দি থকা মানুহৰ বাহিৰে সকলো মানুহেই মুখা পিন্ধি থাকে।—  ডেনি এবছি

৪৫১

পুৰুষৰ সঙ্গৰ পৰা বঞ্চিত তিৰোতাসকল দুখী হয় আৰু নাৰীৰ সঙ্গৰ পৰা বঞ্চিত পুৰুষসকল মূৰ্খ হয়।— এন্টন চেখভ 

প্রসঙ্গ পুথি : মহৎ লোকৰ অমৰ  বাণী 

 

০ ০ ০ 

 

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *