অসমীয়া চলচিত্ৰ কুইজ।Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ 

 

প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?

উঃ জ্যোতি প্ৰসাদ আগৰৱালা।

প্রঃ প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ?

উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’।

প্রঃ অসমৰ প্রথম বোলছবি কোনখন ?

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)।

প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ?

উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?

উঃ ড০ বেজবৰুৱা।

প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?

উঃ আইদেউ সন্দিকৈ।

প্রঃ প্রথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?

উঃ ইটো সিটো বহুতো।

প্রঃ প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?

উঃ অবুজ বেদনা।

প্রঃ জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?

উঃ ইন্দ্ৰ মালতি (১৯৩৯)।

প্রঃ প্রথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী  কোন ?

উঃ আইদেউ সন্দিকৈ।

প্রঃ সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন ?

উঃ চন্দ্ৰা নাথ।

প্রঃ প্রথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন ?

উঃ জীৱন সুৰভি (১৯৮৪ চন)।

প্রঃ গুৱাহাটীত প্রতিষ্ঠিত সর্বপ্রথম চলচিত্ৰ গৃহ কোনখন ?

উঃ কেলভিন।

প্রঃ কোনখন চলচিত্ৰৰ ৫,৩০,০০০ সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল ?

উঃ ৰ’দালি।

প্রঃ অনা-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্রথম অসমীয়া পৰিচালকজন কোন ?

উঃ প্ৰমথেশ বৰুৱা (দেৱদাস)।

প্রঃ কোনজন অসমীয়া বোলছবি পৰিচালকে প্রথম ৰাষ্ট্ৰপতি পদক লাভ কৰে ?

উঃ নিপ বৰুৱা।

প্রঃ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয়  পুৰস্কাৰ লাভ কৰিছিল ?

উঃ অগ্নিস্নান (১৯৮৬ চন)।

প্রঃ একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী  কোন ?

উঃ জুবিন গাৰ্গ।

প্রঃ অসমৰ বাহিৰত (বাৰ্লিনত) প্রদৰ্শিত প্রথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?

উঃ পূৱেৰুণ।

প্রঃ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?

উঃ বিজয় চৌধুৰী।

প্রঃ কথাছবিত কলা নিৰ্দেশিকা হোৱা প্রথম অসমীয়া মহিলাগৰাকী কোন ?

উঃ এলি আহমেদ।

প্রঃ ১৯৯৩ চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্রেষ্ঠ  সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল ?

উঃ ভূপেন  হাজৰিকা।

প্রঃ ১৯৪৮ চনত কোনখন ছবিত বিষ্ণু প্রাসাদ  ৰাভাই সংগীত পৰিচালনা কৰিছিল ?

উঃ ‘চিৰাজ’ নামৰ ছবিখনত।

প্রঃ ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পূৰ্বৰ মুখ্য মন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচিত্ৰ ‘অল এলোন ইফ নিড বি’ ৰ পৰিচালক কোন আছিল ?

উঃ ৰণজিৎ দাস।

প্রঃ কোনখন অসমীয়া চলচিত্ৰই প্রথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?

উঃ চামেলি মেমচাব।

প্রঃ ১৯৯২ চনত ভূপেন হাজৰিকাই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?

উঃ ৰ’দালি।

প্রঃ ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল ?

উঃ ১৯৬৮ চনত।

প্রঃ শেখৰ কাপুৰ নিৰ্মিত চলচিত্ৰ ‘বণ্ডিত কুইন’ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?

উঃ সীমা বিশ্বাস।

প্রঃ ১৯৫৯ চনত ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?

উঃ জ্ঞানদা কাকতি।

প্রঃ অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-স্টেজ’ ক’ত অৱস্থিত ?

উঃ তেজপুৰত।

প্রঃ ২০০২ চনত শ্রেষ্ঠ  আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয়  চলচিত্ৰৰ বঁটা লাভ কৰা চলচিত্ৰ কোনখন ?

উঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ‘কণিকাৰ ৰামধেনু’।

প্রঃ ৰাষ্ট্ৰীয়  ৰজত কমল বঁটা বিজয়ী প্রতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি ?

উঃ হস্তীৰ কন্যা।

প্রঃ অসমীয়া চলচ্চিত্ৰৰ প্রথম পৰিচালক কোন ?

উঃ প্ৰমথেশ বৰুৱা।

প্রঃ যোগ্যতাৰ প্রমাণপত্ৰ পোৱা প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উঃ মৰীচিকা (১৯৭২ চন)।

প্রঃ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উঃ বৃষ্টি (১৯৪৭ চন)।

প্রঃ প্রথম অসমীয়া ডাবড্  চলচিত্ৰ কোনটো ?

উঃ ভাগ্য।

প্রঃ প্রথম অসমীয়া ৰঙীন  চলচিত্ৰ কোনখন ?

উঃ ভাইটি।

প্রঃ ‘স্বৰ্ণ কমল বঁটা’ বিজয়ী প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উঃ হালধীয়া চৰায়ে বাও ধান খায়। (১৯৮৭ চন)।

প্রঃ ১৯৯৬ চনত ছিঙ্গাপুৰত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্রদান কৰা হৈছিল ?

উঃ বিষ্ণু খাৰঘৰীয়াক ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে।

প্রঃ ফণী শৰ্মাই ‘জয়মতী’ চলচিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল ?

উঃ চাওদাং বৰুৱা।

প্রঃ ১৯৩৪ চনত বঙালী  চলচ্চিত্ৰ ‘দেৱদাস’ পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন ?

উঃ প্ৰমথেশ বৰুৱা।

প্রঃ কোনখন অসমীয়া কথাছবিয়ে  প্রথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল ?

উঃ মৰীচিকা।

প্রঃ প্রতিখন ছবিতে  শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন ?

উঃ ভবেন্দ্র  নাথ শইকীয়া।

প্রঃ কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্ৰীয়ে প্রথমে দ্বৈত চৰিত্ৰত অভিনয় কৰে ?

উঃ ‘মেঘমুক্তি’ নামৰ ছবিখনত মৃদুলা বৰুৱাই।

প্রঃ ১৯৯৯ চনত পঞ্চম কলকাতা চলচিত্ৰ মহোৎসৱত প্রদৰ্শিত মঞ্জু বৰাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰখনৰ নাম কি ?

উঃ বৈভৱ।

প্রঃ ভূপেন  হাজৰিকাৰ প্রথম বঙালী  ছবিখনৰ নাম কি ?

উঃ মাহুত বন্ধুৰে।

প্রঃ মলয়া গোস্বামীয়ে শ্রেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি ?

উঃ ফিৰিঙতি।

প্রঃ প্রমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল ?

উঃ ২১ খন।

প্রঃ ‘দেৱদাস’ নামৰ ছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ?

উঃ ১৯৩৪ চনত।

প্রঃ ‘দীনবন্ধু’ কথাছবিখন কোনে পৰিচালনা কৰিছিল ?

উঃ মুনিন বৰুৱাই।

প্রঃ ১৯৫৫ চনত ৰাষ্ট্ৰীয়  আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি ?

উঃ পিয়লি ফুকন।

প্রঃ পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ কোনখন চলচিত্ৰই ৰাষ্ট্রীয়  বঁটা লাভ কৰিছিল ?

উঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি ‘বনানি’ ?

প্রঃ অসমীয়া চলচিত্ৰৰ প্রথম কেমেৰামেন গৰাকী কোন ?

উঃ প্ৰতাপ বৰুৱা।

প্রঃ আন্তর্জাতিক  বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্রথম অসমীয়া ছবি কোনখন ?

উঃ পূৱেৰুণ ।

0 0 0

Leave a Reply

Your email address will not be published.