অসমীয়া নাট্য উদ্যোগ কুইজ । Assamese Theatre Quiz

অসমীয়া নাট্য উদ্যোগ কুইজ  

 

প্রঃ অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন ? 

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্রঃ শ্ৰীমন্ত  শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয় ?

উঃ অংকীয়া নাট।

প্রঃ অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি ?

উঃ সূত্ৰধাৰ।

প্রঃ অসমৰ থিয়েটাৰৰ মূল ভেটি কি ?

উঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল Îভটি।

প্রঃ লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন ?

উঃ কালিদাসৰ ‘শকুন্তলা’।

প্রঃ কামৰূপ নাট্য পৰিষদৰ প্রথম সম্পাদক গৰাকী কোন আছিল ?

উঃ ৰঘুনাথ চৌধাৰী।

প্রঃ কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্রথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ  কৰিছিল ?

উঃ হেমন্ত মিশ্ৰই  (আমেৰিকাত)।

প্রঃ ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতি প্রসাদ আগৰৱালাৰ কোনখন নাটকে শ্রেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে ?

উঃ শোণিত কুঁৱৰী।

প্রঃ ১৯৬৩ চনত দিল্লীত অনু্িঠত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্রেষ্ঠ  নাটৰ বঁটা লাভ কৰিছিল ?

উঃ ‘জুইয়ে পোৰা সোণ’ (ৰচক ফণী শৰ্মা)।

প্রঃ অসমৰ সৰ্বপ্রথম ভ্ৰাম্যমান নাট্যদল কোনটো ?

উঃ  নটৰাজ থিয়েটাৰ।

প্রঃ প্রথম অসমীয়া সামাজিক নাটক কোনখন ?

উঃ গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা ‘ৰাম নৱমী’।

প্রঃ গুৱাহাটী অনাতঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্রথম অসমীয়া নাট কোনখন ?

উঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ (ৰচক: সত্য প্ৰসাদ বৰুৱা)।

প্রঃ  সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্রথম অসমীয়াজন কোন ?

উঃ লম্বোদৰ বৰা।

প্রঃ কোনটো নাট্যদলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে ‘লেডী ডায়েনা’ মঞ্চস্থ কৰিছিল ?

উঃ  আৱাহন থিয়েটাৰ।

প্রঃ কোনখন থিয়েটাৰ মঞ্চত ব্রজনাথ শৰ্মাই এজন অভিনেতা হিচাপে  আত্ম প্রকাশ কৰিছিল ?

উঃ ডুমডুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত।

প্রঃ ‘টাইটানিক’ নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উঃ  কহিনুৰ থিয়েটাৰে।

প্রঃ অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক’ত অবস্থিত?

উঃ তেজপুৰত।

প্রঃ কোন গৰাকী ব্যক্তিয়ে ‘লেডী ডায়েনা’ৰ  নাট্যৰূপ দিছিল ?

উঃ সেৱাব্রত   বৰুৱা।

প্রঃ ব্রজনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম কি ?

উঃ কহিনুৰ অপেৰা পাৰ্টি।

প্রঃ ‘লেডী ডায়েনা’ কোখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ  কৰিছিল ?

উঃ  আৱাহন থিয়েটাৰে।

প্রঃ ‘নটৰাজ থিয়েটাৰ’ দল কোন চনত গঠিত হয় ?

উঃ  ১৯৬৩ চনত।

প্রঃ কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনাও কৰিছিল ?

উঃ হেমন্ত দত্ত।

প্রঃ অসমৰ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। এইজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘একলব্য’ নামৰ নাটকখন ৰচনা কৰিছিল। ব্যক্তিজন কোন ?

উঃ  লক্ষ্যধৰ চৌধুৰী।

প্রঃ ‘বেন্ডিত কুইন’ কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উঃ  হেঙুল থিয়েটাৰ।

প্রঃ তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত ‘নাট্যভূষণ বঁটা’ লাভ কৰে ?

উঃ ১৯৯৮ চনত।

প্রঃ অসমীয়া নাটক বাণীবদ্ধ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?

উঃ  প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

প্রঃ ‘লেডি ডায়েনা’ নাটকখন কোনে পৰিচালনা কৰিছিল ?

উঃ  তপন দাসে।

প্রঃ ‘অনামিকা যুৱ শিল্পী সমাজে’ এজন ব্যক্তিক মৰণোত্তৰভাৱে ‘অভিনায়াচাৰ্য’ উপাধি প্রদান কৰিছিল। ব্যক্তিজন কোন ?

উঃ ব্র জনাথ শৰ্মা।

প্রঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটকখনৰ ৰচক কোন ?

উঃ  সত্যপ্ৰসাদ বৰুৱা।

প্রঃ ‘কাঠমাণ্ডুৰ দেৱযানী’ কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উঃ  ভাগ্যদেৱী থিয়েটাৰ।

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *