অসমীয়া সাহিত্য কুইজ । Assamese Literature Quiz

অসমীয়া ভাষা আৰু সাহিত্য কুইজ  

 

প্রঃ  অসমীয়া ভাষাৰ মূল ভাষা কি ? 

উঃ সংস্কৃত।

প্রঃ কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ?

উঃ নৱম আৰু দশম শতিকাত।

প্রঃ অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ?

উঃ হয়।

প্রঃ অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ?

উঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত।

প্রঃ পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ?

উঃ কামৰূপী ভাষা।

প্রঃ অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উঃ শ্ৰীমন্ত শংকৰদেৱক।

প্রঃ অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্রঃ শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল ?

উঃ অসমীয়া, বঙালী  আৰু সংস্কৃত ভাষা মিশ্ৰিত ‘বজ্ৰাৱলী’ নামে এক কৃত্ৰিম ভাষাত।

প্রঃ কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ?

উঃ ১৯৬০ চনত।

প্রঃ অসমীয়া চুটিগল্পৰ  পিতৃস্বৰূপ কোন ?

উঃ লক্ষ্মীনাথ বেজবৰুৱা।

প্রঃ অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?

উঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি।

প্রঃ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?

উঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।

প্রঃ ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?

উঃ কথা গীতা।

প্রঃ প্রথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?

উঃ আমেৰিকান মিচনেৰী মাইকেল ব্রঞ্চন চাহােব ১৮৬৭ চনত।

প্রঃ অসমীয়া ভাষালৈ অনুবাদ কৰা প্রথম ইংৰাজী নাটক কোনখন ?

উঃ উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।

প্রঃ কোনে ইংৰাজী বাইলেৰ প্রথম অসমীয়া ভাঙনি কৰে ?

উঃ আত্মৰাম শৰ্মাই ১৮৩৩ চনত।

প্রঃ অসমীয়া ভাষা লিখনিত কোনে প্রথমে ‘শ্বৰ্ট হেণ্ড’ (Short Hand) পদ্ধতি প্রৱৰ্তন কৰে ?

উঃ ফণী শৰ্মাই।

প্রঃ প্রথম অসমীয়া উপন্যাস কোনখন ?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

প্রঃ অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ?

উঃ ৬০ % লোকে।

প্রঃ  শংকৰদেৱৰ  দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বুলি কোৱা হয় ?

উঃ অংকীয়া নাটক।

প্রঃ  ‘জ্ঞানপীঠ বঁটা’ লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?

উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃতুঞ্জয়’ নামৰ উপন্যাসখন।

প্রঃ ‘মৃতুঞ্জয়’ উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে ?

উঃ ১৯৭৯ চনত।

প্রঃ সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?

উঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

প্রঃ বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে ?

উঃ ১৯৫৫ চনত।

প্রঃ অসমত মঞ্চস্থ হোৱা প্রথম ভাওনা বা অংকীয়া নাটক কোনখন ?

উঃ শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।

প্রঃ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি ?

উঃ অসম সাহিত্য সভা।

প্রঃ অসম সাহিত্য সভাই প্রকাশ কৰা প্রথম অসমীয়া অভিধান কোনখন ?

উঃ চন্দ্ৰকান্ত অভিধান।

প্রঃ কোনে ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখন অসমীয়ালৈ  অনুবাদ কৰে ?

উঃ যতীন্দ্ৰনাথ দুৱৰাই।

প্রঃ সংগীতৰ ওপৰত ৰচনা কৰা প্রথম অসমীয়া পুথি কোনখন ?

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।

প্রঃ ‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন ?

উঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

প্রঃ হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ কোনখন ?

উঃ চিত্ৰ ভাগৱত।

প্রঃ ‘উত্তৰাকাণ্ড  ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্রঃ অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন ?

উঃ ৰঞ্জু  হাজৰিকা।

প্রঃ ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?

উঃ হিউয়েনচাং।

প্রঃ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্রথম অসমীয়া নাটক কোনখন ?

উঃ বীণ বৰাগী।

প্রঃ সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উঃ মাধৱ কন্দলিয়ে।

প্রঃ Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?

উঃ নাথান ব্রাউন ।

প্রঃ অসমীয়া ভাষাত ৰচিত প্রথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?

উঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।

প্রঃ সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উঃ ৰাম সৰস্বতী।

প্রঃ ‘চৰিত পুথি’ কি ?

উঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি’ বুলি কোৱা হয়।

প্রঃ ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন ?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্রঃ ‘সন্ধিয়াৰ সুৰ’ নামৰ কাব্য পুথিখন কোনে ৰচনা কৰিছিল।

উঃ নলিনীৱালা দেৱী।

প্রঃ  অসমীয়া ভাষাত ছপা হোৱা প্রথম পুথিখনৰ নাম কি ?

উঃ ধৰ্ম পুস্তক।

প্রঃ ‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন ?

উঃ চন্দনা গোস্বামী।

প্রঃ ‘ধন্য নৰ তনু ভাল’ নামৰ পুথিখনৰ ৰচক কোন ?

উঃ চৈয়দ আব্দুল মালিক।

প্রঃ অসমৰ প্রথম বাতৰি কাকত কোনখন ?

উঃ অৰুনোদই।

প্রঃ অসমৰ প্রথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্রথম প্রকাশিত হৈছিল ?

উঃ ১৮৪৬ চনত।

প্রঃ ‘জোনাকী’ কাকত কেতিয়াৰ পৰা প্রকাশ আৰম্ভ হৈছিল ?

উঃ ১৮৮৯ চন, কলিকতাৰ পৰা।

প্রঃ ইংৰাজী ভাষাৰ পৰা প্রথম অসমীয়ালৈ অনুদিত হোৱা উপন্যাস কোনখন ?

উঃ জন বনিয়নৰ ‘Pilgrim’s Progress’  নামৰ উপন্যাসখন ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে অসমীয়া ভাষাত অনুদিত হোৱা প্ৰথম উপন্যাস।

প্রঃ অসমীয়া ভাষাত কোনে প্রথম সাধু কথাৰ পুথি ৰচনা কৰে ?

উঃ এলিজা ব্রাউন, ১৮৫০ চনত।

প্রঃ জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন ?

উঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

প্রঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ  প্রথম অধিৱেশন  কেতিয়া ক’ত হৈছিল ?

উঃ ১৮৮৮ চনত, কলিকতাত।

প্রঃ কোনে কেতিয়া বিষ্ণু প্রসাদ ৰাভাক ‘কলাগুৰু’ উপাধি দিয়ে ?

উঃ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সবৰ্বপল্লী ৰাধাকৃষ্ণনে, ১৯৪০ চনত।

প্রঃ ‘কীৰ্তন ঘোষা’ গ্রন্থখনৰ ৰচক কোন ?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্রঃ ‘নামঘোষা’ গ্রন্থ খনৰ ৰচক কোন ?

উঃ শ্ৰী মাধৱদেৱ।

প্রঃ অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোনখন ?

উঃ জনমভূমি।

প্রঃ কম্পিউটাৰত কোনে প্রথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল ?

উঃ দিলীপ কুমাৰ দত্তই।

প্রঃ শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰিছল ?

উঃ ৬ খন।

প্রঃ প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি ?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ ‘ভানুমতী’।

প্রঃ মাধৱদেৱৰ শ্রেষ্ঠ  ৰচনাখনৰ নাম কি ?

উঃ নামঘোষা।

প্রঃ কোনখন গ্রন্থক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ?

উঃ ‘নামঘোষা’ক।

প্রঃ মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায় ?

উঃ ‘ঝুমুৰা’ বুলি জনা যায়।

প্রঃ ‘কাণখোৱা’ গ্রন্থখন কোনে ৰচনা কৰে ?

উঃ শ্ৰীধৰ কন্দলিয়ে।

প্রঃ কবি মনকৰে কি গ্রন্থ  ৰচনা কৰিছিল ?

উঃ পদ্ম পুৰাণৰ অংশ।

প্রঃ আহোম যুগৰ শ্রেষ্ঠ  কবি কোন ?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্রঃ ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত প্রথম অসমীয়া সাহিত্যিকজনৰ নাম কি ?

উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

প্রঃ প্রথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি ?

উঃ ৰুক্মিণী হৰণ।

প্রঃ কোনখন আলোচনী ওলোৱা সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয় ?

উঃ জোনাকী কাকত।

প্রঃ প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উঃ দৈনিক বাতৰি।

প্রঃ অসমৰ পৰা প্রকাশিত প্রথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উঃ দ্য আসাম ট্ৰিবিউন।

প্রঃ মহিলাসকলৰ বাবে প্রকাশিত প্রথম অসমীয়া আলোচনীখনৰ নাম কি ?

উঃ ঘৰ জেউতি।

প্রঃ অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্রচলিত আছিল ?

উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩  চনলৈ।

প্রঃ কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ?

উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩  চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

প্রঃ আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকল কেতিয়া অসমলৈ আহে ?

উঃ ১৮৩৬ চনত।

প্রঃ গুৱাহাটীলৈ অহা প্রথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি ?

উঃ জেমছ ৰে (James Ray) ।

প্রঃ অৰুনোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা ?

উঃ আনন্দৰাম ঢেকিয়াল ফুকন।

প্রঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় ?

উঃ ‘বনকুঁৱৰী’ কবিতাৰে।

প্রঃ লক্ষ্মীনাথ  বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উঃ কদমকলি।

প্রঃ অসমীয়া ভাষাত ৰচিত প্রথম চনেট পুথি কোনখন ?

উঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।

প্রঃ জ্যোতি প্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

প্রঃ বিষ্ণু প্রসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি ?

উঃ সোণপাহি।

প্রঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উঃ ‘সাগৰ দেখিছা’।

প্রঃ অসমীয়া ভাষাৰ প্রথম চুটিগল্প  কোনটো ?

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’।

প্রঃ কাক ‘অসমীয়া বেকন’ বুলি কোৱা হয় ?

উঃ সত্যনাথ বৰাক।

প্রঃ প্রথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ?

উঃ পদ্মনাথ গোহাঞি বৰুৱা।

প্রঃ চৈয়দ আব্দুল মালিক কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিেবশনত সভাপতিত্ব কৰিছিল ?

উঃ ১৯৭৭  চনত, অভয়াপুৰী।

প্রঃ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ গীতটোৰ ৰচক কোন ?

উঃ লক্ষ্মীনাথ বেজবৰুৱা।

প্রঃ দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যখনৰ নাম কি ?

উঃ অসম সন্ধ্যা।

প্রঃ ‘জ্ঞান-মালিনীৰ কবি’ কোন ?

উঃ মফিজুদ্দিন হাজৰিকা।

প্রঃ ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি?

উঃ নৱমল্লিকা।

0 0 0

3 Comments

  1. Pingback: অসমীয়া সাহিত্য সোপান-১ - Growhills Publishing

  2. Pingback: অসমীয়া সাহিত্য সোপান-২ - Growhills Publishing

  3. Pingback: অসমীয়া সাহিত্য সোপান-৩ - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *