অসমৰ চাহ উদ্যোগ কুইজ। Assam Tea Industry Quiz

অসমৰ চাহ উদ্যোগ কুইজ 

 

প্রঃ অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ?

উঃ ১৮২৩ চনত।

প্রঃ চাহৰ বৈজ্ঞানিক নাম কি ?

উঃ কেমেলিয়া চিনেনচিছ।

প্রঃ  চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি  জানিব পাৰিছিল ?

উঃ চিংফৌসকলৰ পৰা।

প্রঃ  অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ?

উঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ ।

প্রঃ ‘ফিনাপ’ কি ?

উঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ?

প্রঃ  অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয় ?

উঃ ৪০০ মিলিয়ন কিলোগ্ৰাম।

প্রঃ ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টো কিমান চনত স্থাপন কৰা হয় ?

উঃ ১৯৭০ চনত।

প্রঃ ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টোৰ প্রতিষ্ঠাপক কোন ?

উঃ ধৰ্মানন্দ দাস।

প্রঃ   ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?

উঃ ৫৫ শতাংশ।

প্রঃ প্রথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন ?

উঃ জগন্নাথ বৰুৱা।

প্রঃ ‘অসম চাহ উৎসৱ’ কেতিয়া পালন কৰা হয় ?

উঃ প্ৰতি বছৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ ‘অসম চাহ উৎসৱ’ পালন কৰা হয়।

প্রঃ  বৰ্তমানলৈ অসমত সৰ্বমুঠ কিমানখন চাহ বাগিছা আছে ?

উঃ ১০১২ টা।

প্রঃ ‘গুডৰিক চাহ উদ্যোগ’টো ক’ত প্রতিষ্ঠিত হৈছিল ?

উঃ দৰং জিলাত।

প্রঃ ‘টোকলাই চাহ গৱেষণাগাৰ’ কোন চনৰ পৰা কাৰ্যকৰী কৰা হয় ?

উঃ ১৯১২ চনৰ পৰা।

প্রঃ  অসমৰ প্রথম চাহ উদ্যোগ কোনটো ?

উঃ দি আসাম কোম্পানী।

প্রঃ  ভাৰতৰ বৃহত্বম চাহ উদ্যোগ প্রতিষ্ঠান কোনটো ?

উঃ কাকজান চাহ উদ্যোগ।

প্রঃ  অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্রথমতে চাহ খেতিৰ প্রচলন কৰিছিল ?

উঃ চিংফৌসকলে (দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ)।

প্রঃ  কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল ?

উঃ মণিৰাম দেৱানে।

প্রঃ  পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি ?

উঃ উজনি অসম।

প্রঃ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক’ত অবস্থিত ?

উঃ যোৰহাটৰ টোকলাইত।

প্রঃ ব্রিটিছসকলে অসমত স্থাপন কৰা প্রথম চাহ উদ্যোগটোৰ নাম কি ?

উঃ চাবুৱা চাহ প্ৰপ্রতিষ্ঠান ।

প্রঃ  অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি ?

উঃ চি. টি. চি ( C.T.C.) আৰু অৰথ’ডক্স (Orthodox)।

প্রঃ  চি.টি.চি. সম্পূৰ্ণ নামটো কি ?

উঃ Cutting, Tearing and Curling.

প্রঃ ‘ইনস্টান্ট  টি’ (Instant Tea) কি ?

উঃ গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুৰিক ‘ইনষ্টান্ট টি’ বুলি কোৱা হয়।

প্রঃ  দি তেজপুৰ টি কোম্পানী কোন জিলাত ?

উঃ দৰং জিলাত।

প্রঃ  পৃথিৱীত মুঠ উৎপাদিত চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?

উঃ ১ ৬ ভাগ।

প্রঃ  পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এচিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি ?

উঃ টোকলাই চাহ গৱেষণা কেন্দ্ৰ (অসমৰ যোৰহাটত)।

প্রঃ  ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিছাখনৰ নাম কি আৰু ইয়াৰ মাটিকালি কিমান ?

উঃ কাকজান চাহ প্রতিষ্ঠান, ইয়াৰ মাটিকালিৰ পৰিমাণ ১৩৭৩ হেক্টৰ ।

প্রঃ ‘কাকজান চাহ  প্রতিষ্ঠান’ অসমৰ কোন জিলাত ?

উঃ শোণিতপুৰ জিলাত।

প্রঃ  আসাম ব্রুকচ কোম্পানী অসমৰ কোন জিলাত ?

উঃ দৰং জিলাত।

প্রঃ  ৱাৰেণ টি কোম্পানী কোন জিলাত ?

উঃ ডিব্ৰুগড় জিলাত।

প্রঃ  পৃথিৱীৰ সর্ববৃহৎ  চাহ নিলাম কেন্দ্ৰ কোনটো ?

উঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (স্থাপন কৰা হয় ১৯৭০ চনত)।

প্রঃ  অসম চাহ নিগম কেতিয়া গঠন কৰা হয় ?

উঃ ১৯৭৩ চনত।

প্রঃ বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত ?

উঃ দৰং জিলাত।

0 0 0 

Leave a Reply

Your email address will not be published. Required fields are marked *