অসমৰ ভৌগোলিক তথ্য

 

প্র: ‘অসম’ শব্দৰ অৰ্থ কি? 

উঃ অসমান।

প্র:  কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়? 

উঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।

প্র:  অসমৰ অতি প্রাচীন নাম কি আছিল?

উঃ প্ৰাগজ্যোতিষপুৰ।

প্র: মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে?

উঃ প্ৰাগজ্যোতিষপুৰ।

প্র: ‘প্রাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি?

উঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।

প্র: প্রাচীন অসমৰ কোনখিনি সময়ক  ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?

উঃ চতুৰ্থ শতিকা।

প্র:  অসমৰ প্রাচীন নাম কি আছিল?

উঃ কামৰূপ।

প্র: ভৌগোলিক অবস্থান অনুসৰি অসম কিমান ডিগ্ৰী  অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ  বিস্তৃত ?

উঃ ২৪ ডিগ্ৰি উত্তৰ  অক্ষাংশৰ পৰা ২৮ ডিগ্ৰি উত্তৰ  অক্ষাংশলৈ বিস্তৃত।

প্র:  অসমৰ প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?

উঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনেঃ ব্রহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কার্বি আংলং উপত্যকা আৰু  উত্তৰ  কাছাৰ পাহাৰীয়া অঞ্চল।

প্র: ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ  বিস্তৃত ?

উঃ ৯০ ডিগ্ৰি পূৱ দ্ৰাঘিমাৰ পৰা ৯৫ ডিগ্ৰী পূৱ দ্ৰাঘিমালৈ বিস্তৃত।

প্র:  অসমৰ উত্তৰে  কোনখন ভাৰতীয় প্রদেশ অৱস্থিত ?

উঃ অৰুণাচল প্ৰদেশ।

প্র:  অসমৰ দক্ষিণে থকা ভাৰতীয় প্রদেশ কেইখন কি কি?

উঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।

প্র:  ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উঃ ২.৪ শতাংশ ।

প্র:  মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান  কিমান?

উঃ দ্বাদশ।

প্র:  বৰ্তমান অসমৰ ৰাজধানী কত ?

উঃ গুৱাহাটীৰ দিছপুৰত।

প্র:  অসমত মুঠ কেইখন উন্নয়ন খণ্ড  আছে?

উঃ ২১৯খন।

প্র:  অসমৰ মুঠ গাওঁ পঞ্চায়ত  কেইখন?

উঃ ২২০২ খন।

প্র:  অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?

উঃ ২৬,৩৯৫ খন।

প্র:  অসমত মুঠ স্টেটেটৰি  নগৰ  কেইখন?

উঃ ৮৮ খন।

প্র:  অসমত মুঠ পিয়ল নগৰ  কেইখন ?

উঃ ১২৬ খন।

প্র:  অসমত মুঠ নগৰৰ সংখ্যা কেইখন ?

উঃ ২১৪ খন।

প্র:  অসমত মুঠ পুলিচ থানা কেইখন ?

উঃ ১২৬ খন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা  কিমান ?

উঃ ৩,১১,৬৯,২৭২ জন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা   কিমান ?

উঃ ১,৫৯,৫৪,৯২৭ জন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা  কিমান ?

উঃ ১,৫২,১৪,৩৪৫ জন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব  কিমান ?

উঃ ৩৯৭ জন প্ৰতিবৰ্গ কিলো মিটাৰত।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা  কিমান ?

উঃ ৯৫৪ জন।

প্র:  ২০০১- ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ  কিমান ?

উঃ ১৬.৯৩ %।

প্র:  অসমৰ মুঠ জিলা কেইখন ?

উঃ ৩২ খন।

প্র:  অসমৰ  মুঠ মহকুমা কেইখন ?

উঃ ৬৫ খন।

প্র:  অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে ?

উঃ ১৮৪ খন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ  কিমান ?

উঃ ৭৩.১৮ %।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান ?

উঃ ৬৭.২৭ %।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে ?

উঃ ১৪ %।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে ?

উঃ ৮৬ %।

প্র:   অসমৰ প্ৰধান নৈ কি কি ?

উঃ ব্রহ্মপুত্ৰ আৰু বৰাক।

প্র:   অসমৰ  বৃহত্বম নদী-দ্বীপটো কি ?

উঃ মাজুলী। 

প্র:   অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান ?

উঃ ৩ টা।

প্র:   অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক ?

উঃ গোৱালপাৰা।

প্র:   অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে ?

উঃ গোলাঘাট জিলাত।

প্র:   বিশ্বৰ সর্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত  অৱস্থিত  ?

উঃ যোৰহাট জিলাত।

প্র: বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত ?

উঃ কৰিমগঞ্জ জিলাত।

প্র:   অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ?

উঃ ৭ জন।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক ?

উঃ ১২.৪১ %।

প্র:  ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক ?

উঃ ৬.৮৫ %।

প্র:   অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন ?

উঃ নগাওঁ।

প্র:   অসমত শীতকালত গড় তাপমাত্ৰা কিমান ?

উঃ ৫০০ ছেঃ ৰ পৰা ১২০ছেঃ।

প্র:   অসমত গ্রীষ্ম কালত গড় তাপমাত্ৰা কিমান ?

উঃ ৩০০ ছেঃ ৰ পৰা ৩৩০ ছেঃ।

প্র:   অসমৰ সর্বোচ্চ শৃঙ্গ কোনটো ?

উঃ নাম্চা বুৰৱা।

প্র:   অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয় ?

উঃ ১৭৮ ছেঃ মিঃ ৰ পৰা ৩০৫ছেঃ মিঃ।

প্র:   বিশ্বৰ ভিতৰত সর্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান ?

উঃ প্ৰায় ৮৮৬ বৰ্গ কিলোমিটাৰ।

প্র:   অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ?

উঃ ২৭,৬৯২ বৰ্গ কিলো মিটাৰ।

প্র:   অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত ?

উঃ প্ৰায় ৭৯.৫ মিটাৰ।

প্র:   অসমক কি নদীৰ দেশ বুলি কোৱা হয় ?

উঃ ৰঙা  নদীৰ দেশ।

প্র:   অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয় ?

উঃ নীলা পাহাৰৰ দেশ।

প্র:   অসমৰ দীৰ্ঘতম নদী দলং কোনখন ?

উঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ‘কলিয়ােভামোৰা’ দলংখন।

প্র:   অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো ?

উঃ লিডু-লেখাপানী।

প্র:   অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত ?

উঃ চান্দডুবি।

প্র:  উত্তৰ  কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত ?

উঃ বৰাইল পাহাৰত।

প্র:  ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে ?  

উঃ বৰাইল পাহাৰে।

প্র:   অসমত জহকালি হোৱা প্রৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয়  নাম কি ?

উঃ বৰদৈচিলা।

প্র:   অসমৰ প্রধান নদী ব্রহ্মপুত্ৰৰ মূল সুঁতিটো কি ?

উঃ তমচুক খামবাব।

প্র:  ব্রহ্মপুত্ৰ নদীৰ আন নাম কি ?

উঃ  লুইত।

প্র:   অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান ?

উঃ  ১০০০ মিটাৰৰ পৰা ১২০০ মিটাৰ।

প্র:   অসমত১৮৬৯ চনৰ ১০  জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা ১৫  ফুট তললৈ নামি গৈছিল ?

উঃ  বৰাক উপত্যকা।

প্র:  ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান ?

উঃ  ২৯০০ কিলোমিটাৰ।

প্র:  ব্রহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন ?

উঃ  সোৱণশিৰি।

প্র:   অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান ?

উঃ  লংকা-হোজাই।

প্র:   অসমৰ দ্বিতীয়খন প্রধান নদী বৰাকৰ ৰ্দ্ঘৈ কিমান কিলোমিটাৰ ?

উঃ ৯০০ কিলোমিটাৰ।

প্র:   কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে ?

উঃ  ছেমায়ুং ডং।

প্র:   অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে ?

উঃ  বৰাইল পাহাৰৰ পৰা।

প্র:   গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

উঃ ব্র হ্মপুত্ৰ।

প্র:  ব্রহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত ?

উঃ  হিমালয় পৰ্বতমালা।

প্র:   অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা ?

উঃ  সেমেকা।

প্রঃ  অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন ?

উঃ হাফলং।

প্রঃ অসমৰ  ক্ষুদ্রতম জিলা কোনখন ?

উঃ হাইলাকান্দি।

প্রঃ অসমৰ বৃহৎ জিলা কোনখন ?

উঃ কার্বি  আংলং।

উৎস গ্রন্থ: অসম কুইজ / ৰাব্বি মছৰুৰ

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *