অসমৰ হস্ত-শিল্প কুইজ।Assam Handicraft Quiz

অসমৰ হস্ত শিল্প কুইজ 

প্রঃ ‘হস্তশিল্প’  বুলিলে কি বুজা ?

উঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে।

প্রঃ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ?

উঃ জাপি।

প্রঃ বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ?

উঃ শঙ্খৰ খাৰু।

প্রঃ অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ?

উঃ শৰাই।

প্রঃ ধাৰাৰ অসমীয়া স্থানীয় নাম কি ?

উঃ কঠ।

প্রঃ গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্রসিদ্ধ ?

উঃ মৃৎ শিল্পৰ বাবে।

প্রঃ অসমৰ গৌৰৱময় সূতাবিধ কি ?

উঃ মুগা।

প্রঃ অসমৰ দুটা পৰম্পৰাগত কুমাৰ সম্প্ৰদায়ৰ নাম কি ?

উঃ কুমাৰ আৰু হীৰা।

প্রঃ লণ্ডণত সংৰক্ষিত  অসমৰ তাঁতশালত বনোৱা বৃন্দাবনী বস্ত্ৰখন কোনে বনাইছিল ?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্রঃ অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

উঃ পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত।

প্রঃ কাঠৰ সুন্দৰ খোদন কাৰ্য কৰা শিল্পীসকলক কি বুলি কোৱা হয় ?

উঃ খনিকৰ।

প্রঃ অসমত কিমান প্রজাতিৰ বাঁহ পোৱা যায় ?

উঃ অসমত মুঠ ৫১ প্ৰজাতিৰ বাঁহ পোৱা যায়।

প্রঃ অসমৰ সৰ্থেবাৰী কিহৰ বাবে  প্রসিদ্ধ ?

উঃ কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে ।

প্রঃ ‘অসমৰ শিপিনীয়ে তাঁত শালত সপোন ৰচে।’ – কথাষাৰ কোনে কৈছিল ?

উঃ মহামানৱ মহাত্মা গান্ধীয়ে।

প্রঃ অসমীয়া মহিলাৰ গৌৰৱময় পোছাক কোনটো ?

উঃ মুগাৰ কােপাৰ।

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *