অসম বুৰঞ্জী তথ্য

 

প্রঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?

উঃ  নজনা কথাৰ ভঁৰাল।

প্রঃ কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উঃ  ভগদত্ত ।

প্রঃ  কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ?

উঃ  পুষ্য বৰ্মণ।

প্রঃ  বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?

উঃ  ভাস্কৰ বৰ্মণ।

প্রঃ  যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

উঃ  ৪ ভাগত।

প্রঃ  কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উঃ  ৫৯৪ খ্ৰীষ্টাব্দত।

প্রঃ ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল·

উঃ  কামৰূপৰ ৰজা নৰশঙ্কৰে।

প্রঃ ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উঃ শালস্তম্ভ।

প্রঃ  শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?

উঃ  ৬৫০ খ্ৰীষ্টাব্দত।

প্রঃ ‘শালস্তম্ভ  বংশ’ৰ অন্তিম  ৰজাজনৰ নাম কি আছিল ?

উঃ  ত্যাগ সিংহ।

প্রঃ  শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উঃ  নেপালৰ।

প্রঃ  পালবংশৰ অন্ত পৰে কিমান চনত ?

উঃ  ১১১২ চনত।

প্রঃ  পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?

উঃ ব্রহ্মপাল।

প্রঃ  পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

উঃ  ৯৯০ চনত।

প্রঃ  মালিক উজবেকে  কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উঃ ১২৫৭ চনত।

প্রঃ  অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উঃ   চুকাফা

প্রঃ  চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উঃ  মাওলুং

প্রঃ ‘মুনডুং চুনখাম’ মানে কি ?

উঃ   সোণৰ বাগিছাৰে ভৰা দেশ।

প্রঃ জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উঃ  নৰিয়া ৰজা

প্রঃ  আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

উঃ  ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।

প্রঃ  কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

উঃ   চুডাংফা

প্রঃ  অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?

উঃ  চুডাংফা।

প্রঃ  কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?

উঃ  চুকামফা।

প্রঃ ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?

উঃ  চুহুংমুং।

প্রঃ  কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?

উঃ  চুহুংমুং।

প্রঃ  কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?

উঃ   চুক্লেংমুং।

প্রঃ  অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?

উঃ  কাঁহৰ বাচন।

প্রঃ  কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষžৱ’ ধৰ্ম  প্রচাৰ আৰম্ভ কৰে ?

উঃ  চুহুংমুং।

প্রঃ  কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?

উঃ  চুকামফা।

প্রঃ  কোনজন আহোম ৰজাই  ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?

উঃ  চুচেনফা।

প্রঃ  উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?

উঃ  কালাপাহাৰে।

প্রঃ  কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উঃ  চুতিনফা।

প্রঃ   পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?

উঃ আহোম জনজাতিৰ লোকে।

প্রঃ  কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?

উঃ ৰামধ্বজ  সিংহ।

প্রঃ  লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?

উঃ ভোটাই ডেকাই।

প্রঃ  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?

উঃ  চুখ্ৰামফা।

প্রঃ  অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

উঃ  চুৰামফা

প্রঃ  আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উঃ  জয়ধবজ সিংহ

প্রঃ  কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ  সৃষ্টি  কৰে ?

উঃ  চুচেনফা

প্রঃ প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উঃ  মোমাই তামুলী বৰবৰুৱা

প্রঃ  অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?

উঃ  চুচেনফা।

প্রঃ  অসমৰ কোনজন ৰজাক ‘কুঁজা  ৰজা’ বুলি কোৱা কোৱা হয় ?

উঃ  চুটিনফা।

প্রঃ  কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উঃ  শিৱ সিংহ ।

প্রঃ  বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উঃ শিৱ সিংহ।

প্রঃ প্র থম আহোম ‘বৰৰজা’ কোন আছিল ?

উঃ   ফুল্লেশ্বৰী।

প্রঃ  অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয়·

উঃ সর্বেশ্বৰীক ।

প্রঃ ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

উঃ  সুকুমাৰ বৰকাইথ।

প্রঃ  কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?

উঃ  ৰাজেশ্বৰ সিংহ।

প্রঃ  মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উঃ  ৰাজেশ্বৰ সিংহ।

প্রঃ ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?

উঃ  পুৰোষোত্তম বিদ্যানিধি।

প্রঃ  কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?

উঃ ১১৮৯ চনত।

প্রঃ  কিমান চনত কনকলতা শ্বহীদ হয় ?

উঃ  ১৯৪২ চনত।

প্রঃ  কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?

উঃ  ১৯৩৫ চনত।

প্রঃ  কিমান চনত পাণ্ডুত কংগ্ৰেছ  অধিৱেশন বহে ?

উঃ  ১৯২৬ চনত।

প্রঃ  বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উঃ  ৰাজেশ্বৰ সিংহই।

প্রঃ  ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?

উঃ  ৰমাকান্তক।

প্রঃ  কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?

উঃ  চুখ্ৰামফাই।

প্রঃ  কোনজন আহোম ৰজাৰ দিনত হৰদত্ত  আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?

উঃ  কমলেশ্বৰ সিংহ।

প্রঃ  কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ  ১৮১৭ চনত।

প্রঃ  কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ  ১৮১৮ চনত।

প্রঃ  কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উঃ  ১৮২০ চনত।

প্রঃ  যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?

উঃ  ১৮২১ চনত।

প্রঃ  ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উঃ  ১৬৯৬ চনত।

প্রঃ  কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উঃ  ১৮২৬ চনত।

প্রঃ  কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উঃ  ১৬৬২ চনত।

প্রঃ  অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ? 

উঃ  যোৰহাটত।

প্রঃ  স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উঃ  গোপীনাথ বৰদলৈ।

প্রঃ  অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?

উঃ  জগন্নাথ বৰুৱা।

প্রঃ  অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?

উঃ  ফখৰুদ্দিন আলি আহমেদ।

প্রঃ  কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উঃ  মহাৰাজ নৰনাৰায়ণ।

প্রঃ অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?

উঃ  গোপীনাথ বৰদলৈ।

প্রঃ  শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উঃ  লাচিত বৰফুকন।

প্রঃ  হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উঃ  কুমাৰ ভাস্কৰ বৰ্মন।

প্রঃ  কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?

উঃ  ১৯২১ চনত।

প্রঃ  অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?

উঃ  ১৯১৭ চনত।

প্রঃ  কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?

উঃ  ১৮৩৮ চনত।

প্রঃ  কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন  হয় ?

উঃ  ১৮৩৭ চনত।

প্রঃ  কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?

উঃ  ১৮৮৮ চনত।

প্রঃ  কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?

উঃ  ১৮৫৮ চনত।

প্রঃ  কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?

উঃ  ১৫১৫ চনত।

প্রঃ  ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?

উঃ  কুশল কোঁৱৰ।

প্রঃ  আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?

উঃ  চন্দ্ৰকান্ত সিংহ।

প্রঃ  হিউৱেনচাং কিমান চনত অসমলৈ আহে ?

উঃ  ৬২০ চনত।

প্রঃ  কিমান চনত চুকাফাৰ মৃত্যু হয় ?

উঃ  ১২৬৮ চনত।

প্রঃ  অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উঃ  গুৱাহাটীত।

প্রঃ  অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

উঃ  চৈয়দা আনোৱাৰা টাইমূৰ।

প্রঃ প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?

উঃ  নিধি লেভী ফাৰৱেল।

প্রঃ  কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?

উঃ  ৰেণুকা দেৱী বৰকটকী।

প্রঃ  কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?

উঃ ১২৫৩ চনত।

প্রঃ  আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?

উঃ  ১৬৮১ চনত।

প্রঃ  অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?

উঃ  ১৫৪৮ চনত।

প্রঃ  গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?

উঃ  ১৯৪৮ চনত।

প্রঃ  অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উঃ  ১৬৯৪ চনত।

প্রঃ  কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?

উঃ  ১৮২৩ চনত।

প্রঃ  অসম বিধান সভাৰ প্রথম অধ্যক্ষŽ কোন আছিল ?

উঃ  বসন্ত দাস।

প্রঃ  কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?

উঃ  ১৮৭৪ চনত।

প্রঃ  কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?

উঃ  ১২০৬ চনত।

প্রঃ  ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?

উঃ  খৰ্গেশ্বৰ তালুকদাৰ।

প্রঃ  কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?

উঃ  স্বৰ্গদেও ৰুদ্ৰসিংহক।

প্রঃ  কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?

উঃ  ১৮৭৪ চনত।

প্রঃ  অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?

উঃ  ১৮৬৬ চনত।

প্রঃ প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?

উঃ  ১৯৭৯ চনত।

প্রঃ  কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?

উঃ  ১৮৮৬ চনত।

প্রঃ ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?

উঃ  আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।

প্রঃ  আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?

উঃ  বশিষ্টাশ্ৰমত ।

প্রঃ  কোন চনত ‘অসম চুক্তি’ স্বাক্ষŽৰিত হৈছিল ?

উঃ  ১৯৮৫ চনত।

প্রঃ  অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?

উঃ  ১৯৭৪ চনত।

প্রঃ  কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?

উঃ  ১৯৭৯ চনত।

প্রঃ  অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?

উঃ  ১৯৬০ চনত।

প্রঃ  কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?

উঃ  ১৬১৫ চনত।

প্রঃ  কেতিয়া শ্ৰীমন্ত  শংকৰদেৱৰ জন্ম হৈছিল ?

উঃ  ১৪৪৯ চনত।

প্রঃ  কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?

উঃ  ১৫৭৫ চনত।

প্রঃ  অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?

উঃ  ১৮৯৬ চনত।

প্রঃ  অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?

উঃ  শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।

প্রঃ  স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ  কোন আছিল ?

উঃ  হৰেশ্বৰ গোস্বামী।

প্রঃ  অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?

উঃ  ক’লনেল কিটিং।

প্রঃ কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ  কৰিছিল ?

উঃ  ১৮২৮ চনত।

প্রঃ ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?

উঃ  ১৮৭৩  চনত।

প্রঃ ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?

উঃ  কনকলতাই।

প্রঃ প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?

উঃ  অমৃতপ্ৰভাক।

প্রঃ  অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?

উঃ  ৰুদ্ৰসিংহই, ১৭০৩ চনত।

প্রঃ ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল  বুলি কোৱা হয় ?

উঃ  দিহিং, দিবং আৰু লুইত নৈৰ।

প্রঃ  মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উঃ  ১৮ বাৰ।

প্রঃ  অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?

উঃ  ১৯১৬ চনত।

প্রঃ  শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?

উঃ  মাজুলী নদী-দ্বীপৰ বেলগুৰিত।

উৎস গ্রন্থ: অসম কুইজ /ৰাব্বি মছৰুৰ

0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *