অসম সংস্কৃতি কুইজ

 

প্রঃ  ধৰ্ম বুলিলে কি বুজা ?

উঃ ধৰ্ম হৈছে দৈৱ অনুপ্ৰাণিত ব্যক্তি বিশেষৰ  দ্বাৰা প্ৰনয়ণ কৰা এক জীৱন পদ্ধতি।

প্রঃ ‘পঞ্চতীৰ্থ’ কি ?

উঃ গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়।

প্রঃ  গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত ?

উঃ শুক্ৰেশ্বৰ মন্দিৰ।

প্রঃ গোপেশ্বৰ  দেৱালয় ক’ত অৱস্থিত ?

উঃ তেজপুৰত।

প্রঃ  বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত ?

উঃ নলবাৰীৰ বেলশৰ নামে ঠাইত।

প্রঃ ‘গোপেশ্বৰ  মন্দিৰ’ক আন কি নামেৰে জনা যায় ?

উঃ গুপ্তেশ্বৰ মন্দিৰ।

প্রঃ  অসমত কোন ধৰ্মৰ লোক বেছি ?

উঃ হিন্দু ধৰ্ম।

প্রঃ  মাধৱদেৱ কোন ?

উঃ শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক।

প্রঃ বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ  কি কি ?

উঃ সত্ৰ আৰু নামঘৰ।

প্রঃ  মহাপুৰুষ শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।

প্রঃ  মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উঃ ১৪৪৯ চনত।

প্রঃ  ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্রচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্রতিষ্ঠা কৰা হৈছিল ?

উঃ ১২ টা।

প্রঃ  অসমৰ প্রধান  ধৰ্ম সংস্কাৰকজনৰ নাম কি ?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্রঃ  শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি ?

উঃ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম।

প্রঃ  শংকৰদেৱে প্রচাৰ কৰা ধৰ্মৰ প্রধান মূলমন্ত্ৰ কি ?

উঃ ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।’

প্রঃ  হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পৱিত্ৰ তীর্থস্থান বুলি গণ্য কৰা হয় ?

উঃ হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ।

প্রঃ  অসমৰ কোনখন স্থানক  হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয় ?

উঃ হাজো।

প্রঃ  শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় ?

উঃ বৰগীত।

প্রঃ  আজান পীৰৰ দৰগাহ ক’ত অৱস্থিত ?

উঃ শিৱসাগৰৰ শৰাগুৰিত।

প্রঃ  শংকৰদেৱে ক’ত মহাপ্রয়াণ লাভ কৰিছিল ?

উঃ কোচবিহাৰত।

প্রঃ  বিহুৰ আগদিনাক কি বুলি কোৱা হয় ?

উঃ উৰুকা।

প্রঃ  কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে ?

উঃ বহাগ বিহুৱে।

প্রঃ  গাগনি কি ?

উঃ অসমীয়া সমাজত নৱজাতক এটিৰ জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসৱ।

প্রঃ  বহাগ বিহুৰ দ্বিতীয় দিনটোক কি বিহু বুলি কোৱা হয় ?

উঃ মানুহ বিহু।

প্রঃ  দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় ?

উঃ হোলি উৎসৱ।

প্রঃ  খেতিয়কসকলে কেতিয়া পথাৰত আকাশ বন্তি  জ্বলায় ?

উঃ কাতি বিহুত।

প্রঃ  ৰাভাসকলে পালন কৰা বসন্তঃ উৎসৱটোক কি উৎসৱ বুলি কোৱা হয় ?

উঃ বাইখো উৎসৱ।

প্রঃ  টুচু পূজা কি ?

উঃ ‘টুচু পূজা’ হৈছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা এক উল্লেখযোগ্য উৎসৱ।

প্রঃ  কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় ?

উঃ ভাদ মাহত।

প্রঃ  শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল ?

উঃ তৰোচা নদীৰ পাৰত।

প্রঃ শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ  উৎসৱটো কি ?

উঃ বিহু।

প্রঃ  শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় ?

উঃ আহিন মাহত পূৰ্ণিমা তিথিত।

প্রঃ  কোন বিহুক ৰঙালী  বিহু বুলি কোৱা হয় ?

উঃ বহাগ বিহুক।

প্রঃ কঙালী  বিহু কাক কোৱা হয় ?

উঃ  কাতি বিহুক।

প্রঃ ভোগালী বিহু কাক কয় ?

উঃ  মাঘ বিহুক।

প্রঃ ‘আলি- আই- লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি ?

উঃ  গুমৰাগ নৃত্য।

প্রঃ ৰঙালী  বিহুৰ প্রথম দিনাক কি বিহু বুলি কোৱা হয় ?

উঃ  গৰু বিহু।

প্রঃ  কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয় ?

উঃ  বহাগ বিহত।

প্রঃ  বহাগ বিহুৰ শেষ দিনটোত কি বিহু বুলি কোৱা হয় ?

উঃ  চেৰা বিহু।

প্রঃ  বড়ো-কছাৰীসকলে পালন কৰা ‘বৈশাগু’ উৎসৱৰ লগত জড়িত নৃত্য বিধৰ নাম কি ?

উঃ বৈশাগু নৃত্য।

প্রঃ  বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি ?

উঃ  দেওধানী নৃত্য।

প্রঃ  মেজি কি ?

উঃ  মাঘ বিহুৰ আগদিনা প্রীতিভোজ  খোৱাৰ বাবে  ৰাতি মানুহে একেলগ হৈ খেৰ- নৰাৰে এক ঘৰ সাজে ইয়াকে ‘মেজি’ বোলে।

প্রঃ ‘আলি-আই-লৃগাং’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উঃ  মিচিং জনগোষ্ঠীৰ ।

প্রঃ ‘ৰজনী গব্রা’ আৰু’ হাৰ্নি গব্রা’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উঃ  ডিমাচা জনগোষ্ঠীৰ ।

প্রঃ  ‘বৈশাগু’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উঃ  বড়ো আৰু কছাৰীসকলৰ।

প্রঃ ‘ৰংকাৰ’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উঃ কার্বি জনগোষ্ঠীৰ ।

প্রঃ ‘বাইখো’ কোন জনগোষ্ঠীৰ  উৎসৱ ?

উঃ  দেউৰীসকলৰ।

প্রঃ  চকলং অনুষ্ঠানত কেইটা বন্তি  জ্বলোৱা হয় ?

উঃ  ১০১ টা।

প্রঃ কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় অনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি ?

উঃ  অম্বুবাচী মেলা।

প্রঃ  কোনজন অসমীয়া চলচিত্ৰ নিৰ্মাতাই পোন প্রথমবাৰ বিহু পতাকা অংকন কৰিছিল ?

উঃ  নিপ বৰুৱাই।

প্রঃ  অসমৰ জাতীয় উৎসৱ কি ?

উঃ  বিহু।

প্রঃ  শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্রয়াণ কৰে ?

উঃ  ১১৯ বছৰ বয়সত।

প্রঃ  অসমীয়া সমাজত কোন জীৱক উৰ্বৰতাৰ প্রতীক হিচাপে  বিশ্বাস কৰে ?

উঃ  মাছক।

প্রঃ  অসমীয়া মানুহে কোন জন্তু বাটত দেখিলে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰে ?

উঃ  হাতী।

প্রঃ  অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি ?

উঃ  আজান পীৰ (আজান পীৰক ‘শ্বাহ আউলীয়া’ বুলিও কোৱা হয়।)

প্রঃ বশিষ্ঠাশ্রম  পুখুৰীত গা-ধোৱাৰ তাৎপৰ্য কি ?

উঃ  এই পুখুৰীত গা ধূলে দীৰ্ঘ জীৱন লাভ হয় বুলি বহুতে বিশ্বাস কৰে।

প্রঃ  তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্রতীক কি ?

উঃ  গামোচা।

প্রঃ  অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোছাক কি ?

উঃ  ধুতি-চুৰিয়া।

প্রঃ  অসমীয়া মহিলাৰ প্রধান সাজ-পোছাক  কি ?

উঃ  মেখেলা-চাদৰ।

প্রঃ  অসমীয়া সমাজত বিয়াৰ আগদিনা ৰাতি পালন কৰা অনুষ্ঠানটোৰ  নাম কি ?

উঃ  অধিবাস।

প্রঃ  আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয় ?

উঃ  চকলং।

প্রঃ  অসমীয়া সমাজত বিয়াৰ ‘জোৰোণ’ অনুষ্ঠানত  কইনালৈ দৰা ঘৰৰ পৰা গহণা আৰু কাপোৰৰ  সৈতে কি পঠোৱা হয় ?

উঃ  মাছ।

প্রঃ  নৃত্য পৰিবেশনৰ সময়ত অসমীয়া তিৰোতাই হাতত কি পিন্ধে ?

উঃ  গাম খাৰু।

প্রঃ  অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয়  স্বীকৃতি লাভ কৰে ?

উঃ  ২০০০ চনত।

প্রঃ  অসমৰ সৰ্বোচ্চ  শিৱ মন্দিৰ কোনটো ?

উঃ  শিৱসাগৰৰ শিৱদৌল।

প্রঃ পোৱা মক্কা ক’ত ? 

উঃ  হাজোত।

প্রঃ  হাজেত থকা পোৱা মক্কাৰ মছজিদটো কোনে প্রতিষ্ঠা  কৰিছিল ?

উঃ  গিয়াচ উদ্দিন আউলীয়া নামৰ এজন মুছলমান সাধুয়ে।

প্রঃ ‘নৱগ্ৰহ মন্দিৰ’ ক’ত অৱস্থিত ?

উঃ  গুৱাহাটীৰ চিত্ৰাচল পাহাৰত।

প্রঃ  কামাখ্যা মন্দিৰৰ আন নাম কি ?

উঃ  যোনী পীঠ।

প্রঃ   মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল ?

উঃ  বনাসুৰ নামে এজন ৰজাই।

প্রঃ  নটা গ্ৰহৰ মন্দিৰ কোনটো ?

উঃ  নৱগ্ৰহ মন্দিৰ।

প্রঃ  ভাৰতৰ সৰ্ববৃহৎ শিৱলিঙ্গটো কোন মন্দিৰত অৱস্থিত ?

উঃ  অসমৰ মহাভৈৰৱ মন্দিৰত।

প্রঃ  অসমৰ খাজুৰাহো কি ?

উঃ  অসমৰ কামাখ্যা মন্দিৰক ‘খাজুৰাহো’ বুলি কোৱা হয়।

প্রঃ  অসমৰ সৰ্ববৃহৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কোনটো ?

উঃ  কামাখ্যা মন্দিৰ।

প্রঃ  উমানন্দ এটা শিৱ মন্দিৰনে ?

উঃ  হয়।

প্রঃ  শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল অসমৰ ক’ত অৱস্থিত ?

উঃ  শিৱসাগৰত।

প্রঃ  অসমীয়া সমাজত ল’ৰা সন্তান  জন্ম হ’লে সন্তানৰ পিতৃ-মাতৃয়ে কোনবিধ খাদ্য বস্তু আশীৰ্বাদৰ কামনা হিচাপে  বিতৰণ কৰে ?

উঃ  মাছ।

প্রঃ  বিহুৰ গামোছাত তোলাৰঙা  ফুল কিহৰ প্রতীক ?

উঃ  উবৰ্বৰতাৰ  প্ৰতীক।

প্রঃ  অসমীয়া সমাজত দৰা ঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা, মাছ, কাপোৰ ইত্যাদি পঠিওৱাৰ নিয়মটোক কি বুলি কোৱা হয় ?

উঃ  জোৰোণ।

প্রঃ  অসমীয়া সমাজত পৰিয়ালৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয় ?

উঃ  গোত্ৰ।

প্রঃ  অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ-ভাত খুওৱা হয়। এই অনূষ্ঠানটোক  কি বুলি কোৱা হয় ?

উঃ  মৎস স্পৰ্শ।

প্রঃ ‘আঠ মঙলা’ কি ?

উঃ  ‘আঠ মঙলা’ হ’ল বিয়াৰ আঠ দিন পিছত কইনাক  দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান ।

প্রঃ ‘চিতি-পাতি’ কি ?

উঃ  ‘চিতি-পাতি’ হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ।

প্রঃ  অসমীয়া সমাজত অনুষ্ঠিত মৃতকৰ ক্ৰিয়া-কৰ্মসূচক অনুষ্ঠানটোক কি বুলি কোৱা হয় ?

উঃ  শ্ৰাদ্ধ।

প্রঃ  অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ এঘাৰ দিনৰ দিনা প্রথম বাহিৰলৈ উলিয়াই অনা উৎসৱটোক কি বুলি কোৱা হয় ?

উঃ  শুদ্ধি।

প্রঃ  উমানন্দ মন্দিৰটো ক’ত অৱস্থিত ?

উঃ  ভষ্মাচল পাহাৰত।

প্রঃ  উমানন্দ মন্দিৰটো কেতিয়া স্থাপন  কৰা হৈছিল ?

উঃ   ১৬৯৪ চনত।

প্রঃ  নামঘৰৰ মুখ্য ভেটি কি ?

উঃ  লাই-খুঁটা।

প্রঃ  কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ?

উঃ  ১৬৬৫ চনত।

প্রঃ  কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ?

উঃ  কোচ ৰজা মহাৰাজ নৰনাৰায়ণে।

প্রঃ  সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত ?

উঃ  গোৱালপাৰাত। 

প্রঃ  অশ্বক্লান্ত  মন্দিৰ ক’ত অৱস্থিত ?·

উঃ উত্তৰ  গুৱাহাটীত।

প্রঃ  কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত ?

উঃ  গুৱাহাটীৰ নীলাচল পাহাৰত।

প্রঃ  কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি ?

উঃ  সৌভাগ্য কুণ্ড।

প্রঃ  অসমৰ ক’ত ‘পঞ্চপীৰৰ দৰগাহ’ অৱস্থিত  ?

উঃ  ধুবুৰীত।

প্রঃ  গুৱাহাটীত নিৰ্মিত ভগৱান ভেঙ্কটেশ্বৰ মন্দিৰটোৰ নাম কি ?

উঃ  তিৰুপতি বালাজী মন্দিৰ।

প্রঃ  নামঘৰৰ তিনিটা অংশ কি কি ?

উঃ  পদূলি, হলঘৰ আৰু মণিকূট।

প্রঃ  উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত ?

উঃ  উমানন্দ মন্দিৰ।

প্রঃ  তাম্ৰেশ্বৰ মন্দিৰটো ক’ত অৱস্থিত ?

উঃ  শদিয়াত।

প্রঃ  শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হয় ?

উঃ  ১৭৪৪ চনত (প্রমত্ত  সিংহই নিৰ্মাণ কৰে)।

প্রঃ  উমানন্দ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

উঃ  গদাধৰ সিংহৰ দিনত।

প্রঃ  নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

উঃ  স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত।

প্রঃ  মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত ?

উঃ  তেজপুৰত।

প্রঃ  টুক্ৰেশ্বৰী দেৱালয় ক’ত অৱস্থিত ?

উঃ  গোৱালপাৰাত।

প্রঃ  গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক’ত অৱস্থিত ?

উঃ উত্তৰ  গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত।

প্রঃ  গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিঙ্গ স্থাপন  কৰা হৈছে ?

উঃ  ৯৯,৯৯৯ টা।

প্রঃ  শিৱদ’ল কিমান মিটাৰ ওখ ?

উঃ  ৩৭ মিটাৰ।

প্রঃ  ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি ?

উঃ  উমানন্দ মন্দিৰ।

প্রঃ গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্বোধন কৰে ?

উঃ  ১৯৪৬ চনত মহাত্মা গান্ধীয়ে।

0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *