বিজ্ঞান কুইজ

(ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  সাধাৰণ জ্ঞানৰ হাত পুথি)

 

 

 

 

সংকলন আৰু সম্পাদনা

ৰাব্বি  মছৰুৰ

 

 

 

 

 

 

 

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

……………………………………………………………………………………………..

Science Quiz (A Hand Book of General Knowledge For Students.

 

First Edition 2019

 

 

Published by Growhills Publishing

 

All rights reserved with the Publisher

 

 

 

Price : Rs.  ……………… .

 

 

D.T.P. Growhills D. T. P Operators.

………………………………………………………………………………………………………

সূচনা

 

বৰ্তমানৰ এই  প্ৰতিযোগিতামূলক যুগত সাধাৰণ জ্ঞানৰ পুথিৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি গ্ৰুহিলচ্¸ লিখক সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ বিভিন্ন বিষয়ৰ ওপৰত এলানি সাধাৰণ জ্ঞানৰ পুথি প্ৰণয়ন কৰিবলৈ এক সাহসী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ তৃতীয় প্ৰচেষ্টা হিচাপে  আমি ‘বিজ্ঞান কুইজ’ নামৰ সাধাৰণ জ্ঞানৰ পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ। পুথিখনত সৰ্বাধুনিক নিখুঁত তথ্য সন্নিবিষ্ট কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমি আশাবাদী যে আমাৰ অন্যান্য পুথিসমূহৰ দৰে আমাৰ এই আঁচনিৰ পুথিবোৰেও ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠক সমাজৰ উষ্ণ সমাদৰ লাভ কৰিব। 

ৰাব্বি মছৰুৰ  

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা                                                                       

২০১৯ 

…………………………………………………………………………………………………………….

 

সূচী পত্র 

 

১ বিশ্বব্রহ্মাণ্ড। ১১

২ মহাকাশ অভিযান। ৬২    

৩ পৰিৱেশ  বিজ্ঞান। ৫৭  

৪ জীৱ বিজ্ঞান। ৪৪

৫ ৰসায়ন বিজ্ঞান। ১৯

৬ পদাৰ্থ বিজ্ঞান। ৩১

৭ শিক্ষা আৰু মনোবিজ্ঞান। ৬৭

৮ আৱিষ্কাৰ আৰু আৱিষ্কাৰক। ৭৫

…………………………………………………………………………………………………………….

 

পাঠ- ১

বিশ্বব্রহ্মাণ্ড

 

প্রঃ ‘বিজ্ঞান’ বুলিলে কি বুজা ?

উঃ ‘বিজ্ঞান’ বুলিলে কোনো এক বিষয়, বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্ৰ বা কাৰ্য প্ৰণালীৰ  ওপৰত প্ৰণালীবদ্ধ পৰ্যেবক্ষণ, পৰীক্ষা নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়। 

প্রঃ সৌৰজগত মানে কি ?

উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ আৰু  জোতিষ্কবোৰক একেলগে সৌৰ জগত বোলে ।

প্রঃ নক্ষত্ৰ কি ?

উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক  ‘নক্ষত্ৰ’ বুলি কোৱা হয়।

প্রঃ সূৰ্য কি ?

উঃ সূৰ্য মহাকাশত থকা  এটি নক্ষত্ৰ।

প্রঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা কি কি ?

উঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ ৮ টা, যেনেঃ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শণি, ইউৰেনাছ আৰু নেপচুন।

প্রঃ সূৰ্যৰ ব্যাস কিমান ?

উঃ ৮ লাখ ৮৮ হাজাৰ মাইল।

প্রঃ তাৰকা ৰাজ্য কি ?

উঃ মহাকাশত থকা কেইবা কৌটি নক্ষত্ৰৰ সমষ্টিক ‘তাৰকা ৰাজ্য’ বোলে ।

প্রঃ এক পাৰছেকত কিমান আলোকবৰ্ষ ?

উঃ ৩.২৬ আলোকবৰ্ষ।

প্রঃ আমাৰ পৃথিৱীখনৰ বয়স কিমান ?

উঃ প্ৰায় ৮০০ কোটি বছৰ।

প্রঃ বুধ গ্ৰহৰ উপগ্ৰহ আছেনে ?

উঃ নাই।

প্রঃ কোন গ্ৰহৰ কিমান উপগ্ৰহ আছে ?

উঃ পৃথিৱীৰ ১ টা, মংগলৰ ২ টা, বৃহস্পতিৰ ১৪ টা, শনিৰ ৩ টা।

প্রঃ কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয় ?

উঃ শুক্ৰ গ্ৰহ।

প্রঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ শুক্ৰ।

প্রঃ সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই ?

উঃ বুধ আৰু শুক্ৰ গ্ৰহৰ।

প্রঃ উপগ্ৰহ বুলিলে কি বুজা ?

উঃ কোনো গ্ৰহ এটাক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক  ‘উপগ্ৰহ’ বোলে ।

প্রঃ আমাৰ কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বুলি কোৱা হয় ?

উঃ শুক্ৰ গ্ৰহক।

প্রঃ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো ?

উঃ ইউৰেনাছ।

প্রঃ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ বুধ।

প্রঃ সূৰ্যৰ শক্তিৰ উৎস কি ?

উঃ নিউক্লিয় সংযোজন।

প্রঃ সূৰ্য পৃষ্ঠৰ উষ্ণতা কিমান ?

উঃ ৬০০০ ডিগ্রী ছেলছিয়াছ।

প্রঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?

উঃ ১৪কোটি ৩৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।

প্রঃ পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ ?

উঃ ১৩ লাখ গুণ।

প্রঃ সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি ?

উঃ বৃহস্পতি।

প্রঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ নেপচুন।

প্রঃ সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান ?

উঃ প্ৰায় ৯৯.৮৬ শতাংশ।

প্রঃ গ্ৰহৰ গতি সূত্ৰবোৰ  কোনে কৰিছিল ?

উঃ কেপ্লাৰে।

প্রঃ মহা আকাশৰ ৰঙা  গ্ৰহ কোনটো ?

উঃ মংগল গ্ৰহ।

প্রঃ ধুমকেতু কিহেৰে গঠিত ?

উঃ শীতল পানী, কাৰ্বনডাই- অক্সাইড আৰু মিথেন গেছেৰে।

প্রঃ ‘নেবুলাৰ প্ৰকল্প’ নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল ?

উঃ লেপ্লেছে।

প্রঃ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ?

উঃ ৮মিনিট ২০ চেকেণ্ড।

প্রঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান ?

উঃ ৩ লাখ ৪২ হাজাৰ কিলোমিটাৰ।

প্রঃ ধূমকেতু কি ?

উঃ ধূমকেতু হ’ল গ্রহবোৰৰ দৰে সূৰ্যক প্ৰদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ই সূৰ্যৰ ওচৰলৈ আহিলে সূৰ্যৰ তাপত গেছৰ আয়তন বাঢ়ি  নেজৰ সৃষ্টি কৰে।

প্রঃ আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয় ?

উঃ ফট’ছফিয়েৰ।

প্রঃ এতিয়ালৈকে চিনাক্ত কৰা নক্ষত্ৰপুঞ্জৰ সংখ্যা কিমান ?

উঃ ৮৮খন।

প্রঃ কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় ?

উঃ ৩ জুলাইত।

প্রঃ টাউৰাছ, সপ্তৰ্ষিমণ্ডল, অৰিয়ন আৰু চিৰিয়াছৰ কোনটো নক্ষত্ৰপুঞ্জ নহয় ?

উঃ চিৰিয়াছ।

প্রঃ হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল ?

উঃ ১৯৮৬ চনত।

প্রঃ পৃথিৱীৰ গতিবেগ কিমান ?

উঃ চেকেণ্ডত ১৮৫ মাইল।

প্রঃ আমাৰ পৃথিৱীখনৰ ব্যাস আৰু আয়তন কিমান ?

উঃ ব্যাস ৭৯৭২ মাইল আৰু আয়তন ১৯৬৫৫০ মাইল।

প্রঃ এণ্ডোমিতা বুলিলে কি বুজা ?

উঃ এণ্ডোমিতা হ’ল এটি নিহাৰিকাৰ নাম। ইয়াৰ ওজন সূৰ্যতকৈয়ো তিনি হাজাৰ গুণ বেছি।

প্রঃ কোনটো গ্ৰহ জভিয়ান গ্ৰহ নহয় ?

উঃ মংগল গ্ৰহ।

প্রঃ কোন গৰাকী বিজ্ঞানীয়ে জ্যোৰ্তিবিজ্ঞান সম্বন্ধীয় পৰ্যেবক্ষণত পোন প্ৰথমে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল ?

উঃ গেলিলিঅ’।

প্রঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান সময় লাগে ?

উঃ ২৭.৩ দিন।

প্রঃ সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ?

উঃ গেনিমেড।

প্রঃ ধ্ৰুৱতৰা কোন নক্ষত্ৰ মণ্ডলত অৱস্থিত ?

উঃ কাল-পুৰুষ মণ্ডলত।

প্রঃ আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কোন শ্ৰেণীৰ তাৰকা ৰাজ্য ?

উঃ সৰ্পিল তাৰকা ৰাজ্য।

প্রঃ শনিগ্ৰহৰ আঙুঠিবোৰ  কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ৱে।

প্রঃ চন্দ্ৰটোৰ ব্যাস কিমান ?

উঃ ২১৬২ মাইল।

প্রঃ কোনটো গ্ৰহ ভূ-গ্ৰহ নহয় ?

উঃ বৃহস্পতি।

প্রঃ মহাকাশৰ ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি ?

উঃ ক্ৰাক্চ এষ্ট’লিছ।

প্রঃ বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি  সম্বন্ধীয় ‘মহাবিস্ফোৰণবাদ’ নামৰ তত্ত্বটো কোনজন বিজ্ঞানীয়ে আগবঢ়াইছিল  ?

উঃ হাবল।

প্রঃ কোনজন জ্যোতির্বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল ?

উঃ জে. চেভাৰিয়াৰ।

প্রঃ খালী চকুৰে দেখিবলৈ পোৱা আটাইতকৈ দূৰৰ জ্যোতিষ্কটো  কি ?

উঃ এণ্ড্ৰ’মিডা তাৰকা ৰাজ্য।

প্রঃ সৌৰজগতৰ  নীলা গ্ৰহ কোনটো ?

উঃ পৃথিৱী।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া ?·

উঃ ইউৰেনাছ।

প্রঃ কিমান চনত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰা হৈছিল ?

উঃ ১৯৩০ চনত।

প্রঃ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো ?

উঃ বুধ গ্ৰহ।

প্রঃ কোন গ্ৰহ পানীত ওপঙাৰ সম্ভাৱনা আছে বুলি বৈজ্ঞানিকসকলে ভাৱে ?

উঃ শনি গ্ৰহ। কাৰণ ই  গেছেৰে গঠিত।

প্রঃ সূৰ্য পৃষ্ঠত  দাগ দেখা পোৱা প্ৰথম ব্যক্তিজন কোন আছিল ?

উঃ গেলিলিঅ’।

প্রঃ ‘লাইফ অন মাৰ্চ’ গ্ৰন্থখনৰ ৰচক কোন ?

উঃ ড০ থিয়ড’ৰ  ৰ’জবাৰি।

প্রঃ সৌৰজগতৰ কোনেবাৰ গ্ৰহৰ চাৰিওফালে আঙুঠি আছে ?

উঃ বৃহস্পতি, শনি আৰু ইউৰেনাছৰ।

প্রঃ মহাজাগতিক এককত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?

উঃ ১ এ ইউ।

প্রঃ পৃথিৱীৰ পৰা ‘প্রক্জিমা চেন্টাউৰি’ নামৰ নক্ষত্ৰটোৰ দূৰত্ব কিমান ?

উঃ প্ৰায় ৪.৩ আলোকবৰ্ষ।

প্রঃ নক্ষত্ৰ এটাৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ পৃষ্ঠ ভাগৰ উষ্ণতাৰ ওপৰত।

প্রঃ পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ কপাৰনিকাছে।

প্রঃ সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনজন বৈজ্ঞানিকে প্ৰথম দেখুৱাইছিল ?

উঃ কপাৰনিকাছে।

প্রঃ স্বচক্ষে পৰ্যেবক্ষণ কৰাৰ আগতে পূৰ্বানুমান কৰা গ্ৰহটোৰ নাম কি ?

উঃ ইউৰেনাছ।

প্রঃ চুপাৰ ন’ভা কি ?

উঃ এটা পপীয়া তৰাৰ নাম।

প্রঃ পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম ব্যক্তিজন কোন ?·

উঃ ইৰাট’স্থেনিছ।

প্রঃ আটাইতকৈ বিখ্যাত ধুমকেতু কোনটো ?

উঃ হেলিৰ ধুমকেতু।

প্রঃ উল্কাক সাধাৰণতে কি বুলি কোৱা হয় ?

উঃ শ্বুটিং ষ্টাৰ।

প্রঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হাৰ্চকেল নামৰ জ্যোতির্বিজ্ঞানীয়ে।

প্রঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে ?

উঃ বুধ গ্ৰহৰ।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰোতে প্ৰায় পৃথিৱীৰ সমান সময় লয় ?

উঃ মংগল গ্ৰহ।

প্রঃ বিশ্বব্রহ্মাণ্ড বাঢ়ি আছেনে নে টুটি আছে ?

উঃ বিশ্বব্রহ্মাণ্ডখন ১ চেকেণ্ড ১ মেগাপাৰচেকেণ্ডত ৪০ কি.মি. হাৰত বাঢ়ি আছে।

প্রঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে প্ৰতি মিনিটত  ইয়াৰ দ্ৰুতি কিমান ?

উঃ ১৫০০ কিঃ মিঃ।

প্রঃ ন’ভা কি ?

উঃ তাৰকা ৰাজ্য।

প্রঃ সৌৰজগতৰ আটাইতকৈ গধূৰ গ্ৰহ কোনটো ?

উঃ বৃহস্পতি।

প্রঃ সৰ্বাধুনিক তথ্যমতে বিশ্বব্রহ্মাণ্ডৰ বয়স কিমান ?

উঃ ১৩৭০ কোটি বছৰ।

প্রঃ মেৰু-নক্ষত্ৰৰ ভাৰতীয় নাম কি ?

উঃ মৰিষী।

প্রঃ ১৯৯৮ চনৰ ১৮ নৱেম্বৰ তাৰিখে কোনটো ধুমকেতুৰ পৰা প্ৰচণ্ডভাৱে উল্কাপাত হৈছিল ?

উঃ টেম্প’ল চাট’ল।

প্রঃ কোনজন বিজ্ঞানীক জ্যোতির্বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ?

উঃ কপাৰনিকাছ।

প্রঃ ধুমকেতুৰ নেজডাল সদায় কোন দিশে গতি কৰে ?

উঃ সূৰ্যৰ বিপৰীত দিশে। 0 0 0 

 

পাঠ- ২

মহাকাশ অভিযান

 

প্রঃ মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি ?

উঃ স্কাইলেব-১।

প্রঃ কোন চনত পোন প্ৰথমবাৰৰ বাবে  মানুহে মহাকাশত খোজ দিছিল ?

উঃ ১৯৬১ চনত।

প্রঃ ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল ?

উঃ ১৯ এপ্ৰিল, ১৯৭৫ চন।

প্রঃ ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল ?

উঃ ৩ এপ্ৰিল, ১৯৮৪ চন।

প্রঃ মহাকাশযানৰ প্ৰথম মহিলা পাইলট কোন আছিল ?

উঃ আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

প্রঃ বিশ্বত মহাকাশ যুগ কেতিয়া আৰম্ভ হয় ?

উঃ ১৯৫৭ চনৰ ৪ অক্ত’বৰত ৰাছিয়াই পোন প্ৰথমতে  মহাকাশত ‘স্পুটনিক’ নামৰ যান প্ৰেৰণ কৰি মহাকাশ যুগৰ শুভাৰম্ভ কৰিছিল।

প্রঃ বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ইউৰি গাগাৰিন।

প্রঃ চন্দ্ৰত অৱতৰণ কৰিবলৈ কোনখন দেশে প্ৰথম মহাকাশযান পঠাইছিল ?

উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্রঃ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?

উঃ আৰ্যভট্ট।

প্রঃ শ্ৰীহৰিকোটা কোন প্ৰদেশত অৱস্থিত ?

উঃ অন্ধ্ৰপ্ৰদেশ।

প্রঃ দুগৰাকী ভাৰতীয় মহাকাশচাৰীৰ নাম কোৱা ?

উঃ ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা।

প্রঃ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন)।

প্রঃ বিশ্বৰ কোনখন দেশে প্ৰথমে কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল ?

উঃ ছোভিয়েট ৰাছিয়া।

প্রঃ মহাকাশৰ প্ৰথম পৰ্যটকজন কোন আছিল ?

উঃ ডেনিছ টিট’।

প্রঃ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?

উঃ স্পুটনিক- ১।

প্রঃ মহাকাশত খোজ দিয়া প্ৰথম আমেৰিকান গৰাকী কোন ?

উঃ আলম বালেটি শ্বেফাৰ্ড।

প্রঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত প্রতিষ্ঠিত হৈছিল ?

উঃ ১৯৬৯ চনত।

প্রঃ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰগণ্য বিজ্ঞানীজন কোন আছিল ?

উঃ বিক্ৰম চাৰাভাই।

প্রঃ আমেৰিকাৰ ৰকেট বিদ্যাৰ পিতৃ কোন ?

উঃ ৰবাৰ্ট গডাৰ্ড।

প্রঃ সৰ্বপ্ৰথম কোনে চন্দ্ৰত অৱতৰণ কৰিছিল ?

উঃ আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে ভাৰতীয় সময়মতে ৰাতিপুৱা ৮ বাজি ২৬ মিনিটত।

প্রঃ কোন ঠাইৰ পৰা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ উৎক্ষেপন কৰা হৈছিল ?

উঃ ছোভিয়েট ৰাছিয়াৰ পৰা।

প্রঃ মহাকাশত স্থাপন কৰা প্ৰথম মহাকাশ ষ্টেচনটোৰ নাম কি ?

উঃ ‘চেলিউট’ (১৯৭১ চন)।

প্রঃ মুক্তবেগ কি ?

উঃ যি বেগত গ’লে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণক এৰাই যাব পাৰি তাকে ‘মুক্তবেগ’ বা ‘এচকেপ ভেলোচিটি’ বোলা হয়। মুক্ত বেগৰ মান ঘন্টাত ২৫০০০ মাইল।

প্রঃ মানৱযান পঠিওৱা পৃথিৱীৰ তৃতীয় দেশ কোনখন ?

উঃ চীন।

প্রঃ ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত কিমানখন দেশে অংশ গ্ৰহণ কৰিছে ?

উঃ ১৬ খন।

প্রঃ এতিয়ালৈকে কিমানজন মহাকাশচাৰীয়ে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে ?

উঃ ১২ জন।

প্রঃ কোন চনত ‘স্কাইলেব’ পৃথিৱীত পতিত হৈছিল ?

উঃ ১৯৭৯ চনত।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ ৰখা হৈছে ?

উঃ পৃথিৱী।

প্রঃ মহাকাশত নিহত হোৱা প্ৰথম মানুহজনৰ নাম কি আছিল ?

উঃ ব্লাডিমাৰ ক’মাৰভ।

প্রঃ লাইট ইয়েৰ (আলোকবৰ্ষ) কি ?

উঃ লাইট ইয়েৰ হ’ল পোহৰে এবছৰত গতি কৰিব পৰা দূৰত্ব। 

প্রঃ ৰাছিয়াৰ মহাকাশযান কেতিয়া শুক্ৰ গ্ৰহত অৱস্থান কৰে ?

উঃ ১৯৭০ চনত।

প্রঃ মহাকাশত আটাইতকৈ বেছিদিন কটোৱা ব্যক্তিজন কোন ?

উঃ ইউৰি ৰ’মানিকভ, (৩২৬ দিন)।

প্রঃ মহাকাশত খোজ কঢ়া  প্ৰথম ব্যক্তিজন কোন ?

উঃ ৰাছিয়াৰ আলেকচেল লিওনভ। 

প্রঃ শুক্ৰ গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযানখনৰ নাম কি ?

উঃ ভেনেৰা -৭।

প্রঃ মঙ্গল গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি ?

উঃ মেৰিণাৰ -৪।

প্রঃ বুধ গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি ?

উঃ মেৰিণাৰ -১০।

প্রঃ মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?

উঃ ‘লাইকা’ নামৰ কুকুৰ।

প্রঃ মহাজাগতিক ৰশ্মি কি ?

উঃ অতি ক্ষীণ বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ বিকীৰণ।

প্রঃ স্পেচ শ্বাটল কি ?

উঃ ‘স্পেচ শ্বাটল’ হ’ল বিশেষ ধৰণৰ মহাকাশ যান। ইয়াক মহাকাশত উৎক্ষেপন কৰাৰ পাছত আকৌ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি। 

প্রঃ প্ৰথম স্পেচ শ্বাটলখনৰ নাম কি আছিল ?

উঃ ‘কলম্বিয়া’।

প্রঃ জেট বিমান আৰু ৰকেটৰ মাজত পাৰ্থক্য কি ?

উঃ জেট বিমান অকল বায়ুমণ্ডল থকা ঠাইতহে উৰিব পাৰে। বায়ুত থকা অক্চিজেনে  জেটক ইন্ধন যোগায়। 

আনহাতে ৰকেট উৰিবলৈ বায়ুমণ্ডলৰ প্ৰয়োজন নাই। ইয়াৰ ইন্ধনৰ বাবে অক্চিজেন   যোগান ধৰিবলৈ ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে।

প্রঃ হাবল কি ?

উঃ হাবল হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই মহাকাশত স্থাপন কৰা বিশ্বৰ বৃহত্তম আৰু ভ্ৰাম্যমান এটা দূৰবীণ যন্ত্ৰ। 

প্রঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ  ) কি ?

উঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ)  হ’ল এটি অতি প্ৰাচীন মৃত নক্ষত্ৰ। এই মৃত নক্ষত্ৰটোৰ পদার্থবোৰ  ইমানেই ঘনীভূত যে ইয়াত অত্যন্ত শক্তিশালী মাধ্যাকৰ্ষণ বলৰ সৃষ্টি হয় । এই মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়া বাবে এনে নক্ষত্র এটি কল্পনাতীত বৃহৎ অন্ধকাৰ গহ্বৰ  হৈ পৰে । 

প্রঃ এজন মানুহে পোহৰৰ গতিবেগত মহাকাশত ২৪ ঘন্টা ভ্ৰমণ কৰিলে পৃথিৱীত সেই সময়খিনিত কিমান সময় পাৰ হৈ যাব ?

উঃ ১৮বছৰ। 0 0 0 

 

পাঠ- ৩

পৰিৱেশ  বিজ্ঞান

 

প্রঃ ‘পৰিৱেশ’ বুলিলে কি বুজা ?

উঃ ‘পৰিৱেশ’ বুলিলে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভৌতিক, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহক বুজায়।

প্রঃ জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক কি বুলি কোৱা হয় ?·

উঃ পৰিস্থিতিতন্ত্ৰ।

প্রঃ পৰিস্থিতিতন্ত্ৰত জীৱ এটাই পালন কৰা ভূমিকাক কি হিচাপে জনা যায় ?

উঃ নিট্চ্চ।

প্রঃ কোনবোৰ  সম্পদ নবীকৰণ সম্ভৱ নহয় ?

উঃ জীৱাষ্ম ইন্ধন।

প্রঃ আমাৰ দেশৰ কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে ?

উঃ ১৯ শতাংশ।

প্রঃ কিমান শতাংশ স্থলভাগ অৰণ্যই অধিকাৰ কৰিলে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য অব্যাহত থাকিব ?

উঃ ৩৩ শতাংশ।

প্রঃ উদ্ভিদ ৰোপনক কি বুলি কোৱা হয় ?

উঃ বনানীকৰণ।

প্রঃ পানী বা বতাহৰ দ্বাৰা ভূমি ভাগৰ শীৰ্ষৰ সাৰুৱা তৰপটো আতঁৰোৱা প্ৰক্ৰিয়াটোক কি বোলে ?

উঃ ভূমিক্ষয়।

প্রঃ আবাসিক অঞ্চলত কোলাহলৰ মাত্ৰা কিমান পৰিমাণৰ বেছি হ’ব নালাগে ?

উঃ ৭০ ডেচিবল।

প্রঃ শব্দ প্ৰদূষণৰ ফলত কি হ’ব পাৰে ?

উঃ কাণ নষ্ট হয়, বমিভাৱ হয় আৰু মূৰ ঘূৰায়।

প্রঃ শব্দৰ তীব্রতা কিমান ডেচিবলৰ ওপৰত হ’লে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে ?

উঃ ৮০ ডেচিেবল।

প্রঃ বায়ুৰ  পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা ?

উঃ এজমা, ব্রংকাইটিছ।

প্রঃ চেৰন বিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল ?

উঃ নিউক্লিয় ৰিয়েক্টৰৰ বিস্ফোৰণ ।

প্রঃ কোনে প্ৰথমতে পৰিস্থিতি বিজ্ঞানৰ সংজ্ঞা দিছিল ?

উঃ হেকেলে।

প্রঃ পৃথিৱীৰ জলভাগ থকা মণ্ডলক কি বুলি জনা যায় ?

উঃ হাইড্ৰ’স্পেয়াৰ   বা জল মণ্ডল।

প্রঃ বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় ?

উঃ মিলিবাৰ এককত।

প্রঃ কি বস্তু পেলোৱা বাবে ভাৰতৰ গংগা নদীৰ পানীত প্ৰদূষণ ঘটিছে ?

উঃ ঔদ্যোগিক বাহ্য পদাৰ্থ।

প্রঃ ভুপৃষ্ঠৰ  পৰা ৯০ কিঃমিঃ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয় ?

উঃ থাৰ্মোস্পেয়াৰ।

প্রঃ ‘নৰ্মদা উপত্যকা প্ৰকল্প’ত জড়িত ৰাজ্যবোৰ  কি কি ?

উঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট।

প্রঃ কাৰ নেতৃত্বত ‘চিপকো আন্দোলন’ গা কৰি উঠিছিল ?

উঃ সুন্দৰ লালা বহুগুণা।

প্রঃ এক গ্ৰাম জলীয় বাষ্প পানীলৈ পৰিৱৰ্তন হওঁতে কিমান কেল’ৰি তাপ উৎপন্ন হয় ?

উঃ ৫৪০ কেল’ৰি।

প্রঃ বিগত শতিকাৰ আটাইতকৈ উষ্ণ বৰ্ষ কোনটো আছিল ?

উঃ ১৯৩৮ চন।

প্রঃ বিজ্ঞানীসকলৰ মতে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-এক্সাইড পৰিমাণ কিমান হ’ব ?

উঃ ৫০০ পি. পি. এম. ৰ ওচৰা-ওচৰি।

প্রঃ অ’জন স্তৰৰ ক্ষয়ীভৱনৰ বাবে  দায়ী কোন ?

উঃ ক্ল’ৰফ্লু’ৰ কাৰ্বন।

প্রঃ বায়ুমণ্ডলৰ কিমান উচ্চতালৈ অজ’ন গেছৰ পৰিমাণ সৰ্বাধিক ?

উঃ ৩৫ কিঃমিঃলৈ।

প্রঃ ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছবিধৰ নাম কি ?

উঃ মিথাইল আইছ’চায়েনেট।

প্রঃ বায়ুবীয় জীৱবোৰ ক’ত পোৱা যায় ?

উঃ বায়ুমণ্ডলত।

প্রঃ মেট্ৰ’পলিটান মহানগৰবোৰত  বায়ু প্ৰদূষণৰ প্ৰধান উৎসটো কি ?

উঃ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা।

প্রঃ যান-বাহনৰ পৰা ওলোৱা ধোঁৱাত কি কি গেছ থাকে ?

উঃ কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন’অক্সাইড  আৰু নাইট্ৰিক অক্সাইড।

প্রঃ চাইক্ল’ন জাতীয় ধুমুহা সৃষ্টি হোৱা অঞ্চলত প্ৰচুৰ মেঘ জমা হয় কিয় ?

উঃ এনে অঞ্চলত নিম্ন চাপৰ মাত্ৰা অধিক হয়।

প্রঃ গঁড় থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?

উঃ কাজিৰঙা।

প্রঃ বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষণ কৰা অঞ্চলক কি বোলা হয় ?

উঃ ৰাষ্ট্ৰীয় উদ্যান।

প্রঃ কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে  বিখ্যাত ?

উঃ এশিঙ্গীয়া গঁড়ৰ বাবে।

প্রঃ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাই কি পৰিমাপ কৰে ?

উঃ জৈৱ ৰাসায়নিক বিয়োজন ঘটাবলৈ সুক্ষ্ম অনুজীৱক লগা দ্ৰবীভূত অক্সিজেন।

প্রঃ কোনটো শ্ৰেণীৰ মেৰুদণ্ডী প্ৰাণীত সৰ্বাধিক সংখ্যক বিপদাপন্ন  প্ৰজাতি আছে ?

উঃ স্তন্যপায়ী প্ৰাণী।

প্রঃ কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিম’গ্লবিনত ই অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰবীভূত হয় ?

উঃ কাৰ্বন মন’অক্সাইড।

প্রঃ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা ৰূপান্তৰিত হোৱা পৰিৱেশক কি বুলি কোৱা হয় ?

উঃ নৃতাত্ত্বিক পৰিৱেশ ।

প্রঃ পাৰিপাৰ্শ্বিক নিম্নীকৰণৰ এটা প্ৰভাৱ কি ?

উঃ জলবায়ুৰ অনিয়মীয়া পৰিৱৰ্তন।

প্রঃ বৰদৈচিলা, চাইক্ল’ন আদি ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?

উঃ ৰাডাৰ।

প্রঃ সমুদ্ৰ পৃষ্ঠৰ  তাপমাত্ৰা কিমান হ’লে বিধবংসী চাইক্ল’ন ধুমুহাৰ সৃষ্টি হয় ?

উঃ ২৭০ চেলছিয়াচ বা তাতোকৈ বেছি হ’লে।

প্রঃ বায়ুৰ চাপ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ বেৰ’মিটাৰ।

প্রঃ বায়ুস্তৰৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ থিওডেলাইট।

প্রঃ কোনো এখন নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলৰ হ্রস্বকালীন ধৰ্মক একেলগে কি বুলি কোৱা হয় ?

উঃ বতৰ।

প্রঃ ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে’ নীৰৱ উপত্যকা আন্দোলন কোন চনত আৰম্ভ কৰিছিল ?

উঃ ১৯৭৮ চনত।

প্রঃ জলভাগেৰে গঠিত পৃথিৱীৰ অংশটোক কি বুলি জনা যায় ?

উঃ জলমণ্ডল।

প্রঃ ‘জীৱমণ্ডল সুৰক্ষা প্ৰকল্প’ কিমান চনত আৰম্ভ কৰা হৈছিল ?

উঃ ১৯৮৬ চনত।

প্রঃ কিহৰ বাবে তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ?

উঃ ছালফাৰ-ডাই- অক্সাইডৰ বাবে ।

প্রঃ ষ্টেট’স্পেয়াৰত থকা অতি বেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে ?

উঃ অ’জন গেছে। 0 0 0

 

পাঠ- ৪

জীৱ বিজ্ঞান

 

প্রঃ বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি ?

উঃ জায়েন্টা ৰাফলেছিয়া।

প্রঃ অনুজীৱ বিদ্যা (Microbiology) ই কিহৰ বিষয়ে অধ্যয়ন কৰে ?

উঃ সুক্ষ্ম অনুজীৱ।

প্রঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাপবিধৰ নাম কি ?

উঃ আনাকণ্ডা।

প্রঃ পৃথিৱীৰ ক্ষুদ্ৰতম মাছ বিধৰ নাম কি ?

উঃ পাণ্ডাকা পিগ্মি।

প্রঃ আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন ?

উঃ বেটিছন।

প্রঃ বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণীবিধ কি ?

উঃ বিহকাঁড় ভেকুলী।

প্রঃ মাছৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ বিভাগটোৰ নাম কি ?

উঃ মৎস্য বিদ্যা (Ichthyology)।

প্রঃ মেৰুদণ্ডী প্ৰাণীৰ দেহত কিমানটা বৃক্ক থাকে ?

উঃ দুটা।

প্রঃ তেজত সৰ্বাধিক পৰিমাণে থকা কণিকাটি কি ?

উঃ নিউট্রোফিল ।

প্রঃ বৃক্কৰ ভিতৰৰ স্তৰক কি বোলে ?

উঃ মেডুলা।

প্রঃ বিশ্বৰ প্ৰথম ক্ল’নটো কি ?

উঃ ‘ডলি’ নামৰ এটি ভেড়া।

প্রঃ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গধুৰ স্তন্যপায়ী প্ৰাণীটোৰ নাম কি ?

উঃ নীলা তিমি মাছ।

প্রঃ মূত্ৰাশয় পেশী কেনেধৰণৰ পেশী ?

উঃ অনৈচ্ছিক পেশী।

প্রঃ একেবাৰে উৰিব নোৱাৰা চৰাইবিধ কি ?

উঃ ইমু।

প্রঃ প্ৰাণী দেহত লৌহৰ অভাৱ হ’লে কি হয় ?

উঃ এনিমিয়া।

প্রঃ তেজৰ তৰল অংশক কি বোলে ?

উঃ ৰক্তৰস।

প্রঃ কোষৰ আৱিষ্কাৰক কোন ?

উঃ ৰবাৰ্ট হুক।

প্রঃ কোনবিধ প্ৰাণীৰ আয়ুস আটাইতকৈ কম ?

উঃ মে’ ফ্লাই ।

প্রঃ ৰক্ত পৰিবহনৰ পিতৃ কোন ?

উঃ হােৰ্ভ।

প্রঃ আটাইতকৈ ওখ চৰাইবিধ কি ?

উঃ উট পক্ষী।

প্রঃ আমাৰ দেহত কিমান লিটাৰ তেজ থাকে ?

উঃ প্ৰায় ৫ লিটাৰ।

প্রঃ অস্ত্ৰোপাচাৰৰ পিছত জন্ম হোৱা শিশুক কি বোলে ?

উঃ চিজাৰিয়ান শিশু।

প্রঃ সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে ?

উঃ ৩০০ ডাল।

প্রঃ কোনবিধ প্ৰাণীৰ সৰ্বাধিক সংখ্যক কামিহাড় থাকে ?

উঃ সাপ।

প্রঃ বিশ্বৰ দ্ৰুততম ধাৱক প্ৰাণীবিধ কি ?

উঃ চিতা বাঘ।

প্রঃ জলাতংক ৰোগৰ প্ৰতিষেধক তৈয়াৰ কৰা ব্যক্তিজন কোন আছিল ?

উঃ লুই পাস্তৰ।

প্রঃ ক্ৰম’জ’মবোৰ বংশগতিৰ একক বা জিনৰ বাহক বুলি ভৱিষ্যতবাণী কৰা ব্যক্তিজন কোন ?

উঃ ডব্লিউ.  এছ.  কাটন।

প্রঃ জীৱন্ত জীৱাশ্ম কি ?

উঃ লিমুলাচ।

প্রঃ মূত্ৰৰ জৈৱ উপাদান এবিধৰ নাম লিখা।

উঃ ইউৰিয়া।

প্রঃ অস্থি কেনেধৰণৰ কলা ?

উঃ কঠিন যোগ কলা।

প্রঃ প্ৰাণীৰ বৃদ্ধিত সহায় কৰা হৰমোনবিধৰ নাম কি ?

উঃ চোমাটোট্ৰ’ফিক হৰম’ন।

প্রঃ বংশগতি সম্বন্ধে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখাটোক কি বোলে ?

উঃ জেনেটিক্স ।

প্রঃ ৰক্তপূৰ্ণ দেহ গহ্বৰক কি বোলে ?

উঃ হিমোচিল।

প্রঃ স্নায়ুকোষৰ ওলমি থকা অংশটোৰ নাম কি ?

উঃ স্নায়ুতন্ত্ৰ।

প্রঃ স্তন্যপায়ী প্ৰাণীৰ হৃদপেশী আৰু অস্থিপেশীত থকা লৌহ-প্ৰটিনযুক্ত শ্বাস ৰঞ্জক পদাৰ্থবিধৰ নাম কি ?

উঃ মায়োগ্লোবিন।

প্রঃ মেৰুদণ্ডী প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণকাৰী হ’ৰম’নটিৰ নাম কি ?

উঃ চোমোটোট্ৰফিন।

প্রঃ কোনবিধ প্ৰক্ৰিয়াৰ জৰিয়তে মাক-দেউতাকৰ বৈশিষ্ট্যসমূহ সন্তানলৈ সঞ্চাৰিত হয় ?

উঃ বংশগতি।

প্রঃ প্ৰাপ্ত বয়স্ক লোকৰ  কণিকাৰ সংখ্যা প্ৰতিঘন মিটাৰত কিমান ?

উঃ ৫০ লাখ।

প্রঃ তেজৰ চাপ জুখিবলৈ কি আহিলা ব্যৱহাৰ কৰা হয় ?

উঃ স্পিগমেম’মিটাৰ।

প্রঃ মানৱ দেহৰ বৃদ্ধিৰ ভাগ কেইটা ?

উঃ ৫টা।

প্রঃ টাইডাল ভলিউম কাক বোলে ?

উঃ এজন সুস্থ মানুহে স্বাভাৱিক শ্বাস-প্ৰশ্বাস কালত যি পৰিমাণৰ বায়ু গ্ৰহণ আৰু বৰ্জন কৰে তাক ‘টাইডাল ভলিউম’ বোলে।

প্রঃ এজন প্ৰাপ্তবয়স্ক মানুহে স্বাভাৱিক অৱস্থাত এক মিনিটত গঢ়ে কিমানবাৰ শ্বাস ক্ৰিয়া চলায় ?

উঃ ১৮ বাৰ।

প্রঃ হাড়ৰ ক্ষয় সাধন কৰা কোষবিধৰ নাম কি ?

উঃ অষ্টিওক্লাষ্ট।

প্রঃ হাড়ৰ বাহিৰৰ ফালে থকা আৱৰণক কি বোলে ?

উঃ পেৰিঅ’ষ্টিয়াম।

প্রঃ ক্ৰ’ম’জ’মত থকা ডি. এন. এ. ৰ সম্পূৰ্ণ নামটো কি ?

উঃ ডি অক্ৰিৰিব’ নিউক্লিক এছিড।

প্রঃ আমাৰ দেহত গতি কৰা বৈদ্যুতিক আবেগৰ বেগ কিমান ?

উঃ ২৫০ মিটাৰ প্রতি ঘন্টা।

প্রঃ মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান ?

উঃ ৩৭ ডিগ্রি ছেঃ।

প্রঃ এজন প্ৰাপ্ত বয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে ?

উঃ ২০৬ ডাল।

প্রঃ মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি ?

উঃ উৰ্বস্থি।

প্রঃ প্ৰাণীক শ্বাস প্ৰক্ৰিয়াত কিহে সহায় কৰে ?

উঃ মাইট’কন্দ্ৰিয়াই।

প্রঃ হৃদ স্পন্দন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি ?

উঃ ষ্টেথ’স্কোপ।

প্রঃ বৃদ্ধি বিপাক আৰু প্ৰজনন তথ্য ক’ত থাকে ?

উঃ ডি. এন. এ. ।

প্রঃ সৰ্ববৃহৎ অন্তঃস্ৰাৱী গ্ৰন্থিটো কি ?

উঃ থাইৰয়ড গ্ৰন্থি।

প্রঃ লালটিত থকা উৎসেচকটোৰ নাম কি ?

উঃ টায়ালিন।

প্রঃ এজন মানুহে সাগৰৰ উপকূলৰ পৰা এভাৰেষ্ট শৃংগলৈ গ’লে কি অনুভৱ কৰিব ?

উঃ তেওঁৰ শ্বাস-প্ৰশ্বাস আৰু হৃদ স্পন্দন বৃদ্ধি পাব।

প্রঃ জীৱকোষৰ জিনৰ আকস্মিক পৰিৱৰ্তনক কি বোলে ?

উঃ মিউটেশ্যন।

প্রঃ জীৱনৰ বহিৰাগত বৈশিষ্ট্যক কি বোলে ?

উঃ ফেনোটাইপ।

প্রঃ অতিৰিক্ত পৰিশ্ৰমৰ ফলত পেশীকলাত কি এছিড সঞ্চাৰিত হয় ?

উঃ লেক্টিক এছিড।

প্রঃ মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত থাকে ?

উঃ কেলছিয়াম।

প্রঃ অৰ্নিথিন চক্ৰ মানৱ দেহৰ কোনটো অংগত সংঘটিত হয় ?

উঃ যকৃতত।

প্রঃ শ্বসনত অংশ গ্ৰহণ নকৰা বায়ুক কি বোলে ?

উঃ নিষ্ক্ৰিয় বায়ু।

প্রঃ কোনবিধ হৰমোনে পাকস্থলীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ?

উঃ গেচট্রিনে ।

প্রঃ মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধ কি ?

উঃ দাঁতৰ এনামেল।

প্রঃ মানৱ দেহৰ আটাইতকৈ টান হাৰডাল কি ?

উঃ হনু অস্থি।

প্রঃ কোষ ¸তথ্য কোনে আগবঢ়াইছিল ?

উঃ শ্লেইডেন আৰু শ্লোৱান।

প্রঃ জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো কি ?

উঃ প্ৰজনন।

প্রঃ শৰীৰৰ কোনটো অংগক আদমৰ আপেল বুলি কোৱা হয় ?

উঃ লেৰিংছ বা স্বৰযন্ত্ৰ।

প্রঃ মানুহৰ দেহৰ কোনটো অংগই গোটেই জীৱন জুৰি নিৰবচ্ছিন্নভাৱে বৃদ্ধি হৈ থাকে ?

উঃ চকুৰ লেন্স।

প্রঃ মানুহৰ কাণে কিমানৰ পৰা কিমানৰ মাজৰ কম্পনাংক শুনিব পাৰে ?

উঃ ২০ হাৰ্জৰ পৰা ২০০০০ হাৰ্জলৈ।

প্রঃ প্ৰাপ্ত বয়স্ক লোকৰ স্বাভাৱিক নাড়ী স্পন্দন কিমান ?

উঃ ৭২ বাৰ (প্ৰতি মিনিটত)।

প্রঃ কোনে প্ৰথমে ভাইৰাছ আৱিষ্কাৰ কৰিছিল ?

উঃ ইভনেওস্কিয়ে।

প্রঃ মানুহৰ শৰীৰত সহজতে হোৱা ভেকুৰজনিত ৰোগবিধ কি ?

উঃ খৰ।

প্রঃ এতিয়ালৈকে আৱিষ্কৃত হোৱা মানৱ দেহৰ দুৰ্লভ ৰক্ত দল কি ?

উঃ এ-এইচ।

প্রঃ কোনবিধ চৰায়ে পোনে পোনে সূৰ্যৰ ফালে চাব পাৰে ?

উঃ ঈগল।

প্রঃ কোনবিধ চৰায়ে পিছফালে উৰিব পাৰে ?

উঃ হামিংবাৰ্ড।

প্রঃ কোনবিধ চৰায়ে দুবছৰৰ মূৰত এটা কণী পাৰে ?

উঃ এলবাট্ৰ’ছ।

প্রঃ পলিঅ’, ধনুষ্টংকাৰ, ডিপথেৰিয়া আৰু হুপিংকাহ: এইবোৰ কোনবিধ ভাইৰাচৰ পৰা হয় ?

উঃ পলিঅ’।

প্রঃ কিহৰ বাবে  দৈ গাখীৰৰ সোৱাদ টেঙা  হয় ?

উঃ এচেটিক এছিড উৎপন্ন হয় বাবে।

প্রঃ আহাৰ গুড়ি কৰিবলৈ কোন দাঁত ব্যৱহাৰ হয় ?

উঃ পেষক দাঁত।

প্রঃ মৌমাখি প্ৰতিপালনক কি বুলি কোৱা হয় ?

উঃ মৌ-পালন।

প্রঃ মৌমাখিয়ে কিহৰ সহায়ত যোগাযোগ কৰে ?

উঃ নৃত্য আৰু ফেৰ’ম’নৰ জৰিয়তে।

প্রঃ ঘেহুঁৰ ৰাষ্ট বেমাৰটো কিহে সৃষ্টি কৰে ?

উঃ ভেঁকুৰ।

প্রঃ পাট পলুৰ প্ৰজননক কি বুলি কোৱা হয় ?

উঃ ৰেচম শিল্প।

প্রঃ ৰোগ বিয়পাবৰ বাবে আটাইতকৈ বিপদজনক প্ৰাণীটো কি ?

উঃ মহ।

প্রঃ তিমি মাছ স্তন্যপায়ী শ্ৰেণীৰ অন্তৰ্ভূক্ত কিয় ?

উঃ ইহঁতে পোৱালি জন্ম দিয়ে বাবে।

প্রঃ ভাৰতৰ চেন্ট্রাল ড্ৰাগ ৰিচাৰ্ছ  ইনষ্টিটিউট ক’ত অৱস্থিত ?

উঃ লক্ষ্মৌত।

প্রঃ শৰীৰত হৰম’ন উৎপাদনকাৰী গ্ৰন্থিক কি নামেৰে জনা যায় ?

উঃ পিটুইটাৰী।

প্রঃ কি হৰম’নৰ অভাৱত ডাইবেটিছ  মেলাইটিছ ৰোগ হয় ?

উঃ ইনচুলিন।

প্রঃ তেজৰ গ্ৰুপ কেইটা আৰু কি কি ?

উঃ তেজৰ গ্ৰুপ চাৰিটা, যথা: A, B, O আৰু  AB

প্রঃ কোন গ্ৰুপৰ লোকে সকলো গ্ৰু¸পৰ তেজ ল’ব পাৰে ?

উঃ AB গ্ৰুপৰ লোকে।

প্রঃ তেজ কিয় ৰঙা  হয় ?

উঃ হিম’গ্লবিন থাকে বাবে ।

প্রঃ গাখীৰত থকা শৰ্কৰাবিধ কি ? 

উঃ লেকটজ ।

প্রঃ কি ভিটামিনৰ অভাৱৰ বাবে মানুহ কুকুৰীকণা হয় ?

উঃ ভিটামিন A -ৰ অভাৱৰ বাবে ।

প্রঃ কিহৰ দোষৰ বাবে বৰ্ণান্ধ ৰোগটো হয় ?

উঃ শঙ্কু (Cones).

প্রঃ কোন স্তৰত ক্ৰম’জমবোৰ  স্পষ্টভাৱে দেখা যায় ?

উঃ মধ্য স্তৰত।

প্রঃ মানুহৰ শৰীৰত শতকৰা কিমান ভাগ পানী থাকে ?

উঃ প্ৰায় ৯০ ভাগ।

প্রঃ কিৱি চৰাইবিধ বিশেষকৈ ক’ত পোৱা যায় ?

উঃ নিউজিলেণ্ডত।

প্রঃ কিহৰ পৰা কফি আহৰণ কৰা হয় ?

উঃ কফি গছৰ বীজৰ পৰা।

প্রঃ কি আৱিষ্কাৰৰ বাবে এফ. জি. বেটিঙে   নবেল বঁটা লাভ কৰিছিল ?

উঃ ইনচুলিন।

প্রঃ কোনবিধ হৰম’নৰ অভাৱত মানুহৰ চুলি পকে ?

উঃ মোলন’চাইট ষ্টিমুলেটিং হৰম’নৰ ক্ষৰণ কমি গ’লে।

প্রঃ পেংগুইন নামৰ চৰাইবিধ বিষেশকৈ ক’ত দেখা পোৱা যায় ?

উঃ এন্টাৰ্কটিকাত।

প্রঃ কি চৰায়ে উৰিব নোৱাৰে ?

উঃ এমু / উট চৰাই।

প্রঃ কোষৰ আটাইবোৰ ৰাইজ’ম ধবংস হ’লে কি হ’ব ?

উঃ প্ৰ’টিন গঠন হ’ব।

প্রঃ উদ্ভিদৰ বাবে কেনে ধৰণৰ মাটি উপযোগী ?

উঃ জৈৱ পদাৰ্থযুক্ত মাটি।

প্রঃ এছকৰি্বক এচিড কি ?

উঃ ভিটামিন ছি।

প্রঃ ‘Origin of Species’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উঃ চাৰ্লচ ডাৰউইনে।

প্রঃ কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল ?

উঃ আলেকজেণ্ডাৰ ফ্লেমিং।

প্রঃ প্ৰ’টিনৰ নিৰ্মাণ তন্ত্ৰ কি ?

উঃ এমিন’ এছিড।

প্রঃ কোনবিধ উদ্ভিদক ‘স্বৰ্গৰ উদ্ভিদ’ বুলি কোৱা হয় ?

উঃ নাৰিকল গছ।

প্রঃ উদ্ভিদ কোষত পৰ্যাপ্ত পৰিমাণে পোৱা পদাৰ্থটো কি ?

উঃ চেলুল’জ।

প্রঃ চৰাইৰ ভিতৰত কোনবিধ চৰাইৰ দৃষ্টিশক্তি আটাইতকৈ তীক্ষ্ণ  ?

উঃ শগুণৰ।

প্রঃ কোনবিধ প্ৰাণীয়ে শ্বসন অংগ নোহোৱাকৈ শ্বসন কাৰ্য সম্পন্ন কৰে ?

উঃ কেঁচু।

প্রঃ কি গছক ‘কল্পবৃক্ষ’ বুলি কোৱা হয় ?

উঃ নাৰিকল গছক।

প্রঃ প্ৰাণীদেহৰ সঞ্চিত খাদ্যসমূহ কি ৰূপত থাকে ?

উঃ গ্লাইক’জেন ৰূপত।

প্রঃ দেহত নীলা তেজ থকা মাছবিধ কি ?

উঃ লবষ্টাৰ।

প্রঃ মগজু নোহোৱা মাছবিধৰ নাম কি ?

উঃ তৰা মাছ।

প্রঃ কোষৰ অজৈৱ অংশটো কি ?

উঃ ৰিক্তিকা।

প্রঃ ক্ৰিকেট খেলৰ বেট তৈয়াৰ কৰিবলৈ কি কাঠ ব্যৱহাৰ কৰা হয় ?

উঃ উইল’।

প্রঃ কোনবিধ চৰাইৰ চকু আটাইতকৈ ডাঙৰ ?

উঃ জায়েন্ট স্কুইট। 0 0 0 

 

 

পাঠ- ৫

ৰসায়ন বিজ্ঞান

 

প্রঃ পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে ?

উঃ ১১৮ বিধ।

প্রঃ পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল ?

উঃ জন ডেল্টন।

প্রঃ পৰমাণুৰ কোনটো উপাদান (কণিকাই) পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে ?

উঃ ইলেক্ট্রন ।

প্রঃ আটাইতকৈ গধুৰ মৌলবিধ কি ?

উঃ ইউৰেনিয়াম।

প্রঃ পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি ?

উঃ এলুমিনিয়াম।

প্রঃ কোনবিধ গেছক নিক্ৰিয় গেছ বুলি কোৱা হয় ?

উঃ আৰ্গন গেছক।

প্রঃ আটাইতকৈ সক্ৰিয় ধাতু কি ?

উঃ পটাছিয়াম।

প্রঃ কাক অধাতু মৌল বুলি কোৱা হয় ?

উঃ কাৰ্বন মৌলক।

প্রঃ আটাইবোৰ সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটো কি ?

উঃ কাৰ্বন।

প্রঃ আটাইতকৈ পাতল মৌলটো কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ লোত মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয় ?

উঃ অক্সিজেন আৰু পানী।

প্রঃ বিশ্বব্রহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটোৰ নাম কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ দহনত সহায়কাৰী বায়ুৰ উপাদানটো কি ?

উঃ অক্সিজেন।

প্রঃ কিহৰ উপস্থিতিৰ বাবে মাটিৰ বৰণ ৰঙা  হয় ?

উঃ আইৰণ।

প্রঃ অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি ?

উঃ কাৰ্বন-ডাই- অক্সাইড ।

প্রঃ উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি ?

উঃ ডুৰ এলুমিন।

প্রঃ কাৰ্বন  পৰমাণুবোৰ  পৰস্পৰে পৰস্পৰক শৃংখলযুক্ত কৰাৰ ক্ষমতাক কি বোলে ?

উঃ কেটিনেছন।

প্রঃ পানীত অদ্ৰৱনীয় যৌগটো কি ?

উঃ নেফ্থেলিন।

প্রঃ বায়ুমণ্ডলৰ চাপ হঠাতে কমি যোৱাটোৱে কি সূচায় ?

উঃ ধুমুহা বতাহ।

প্রঃ পৰমাণু নিউক্লিয়াছত কি থাকে ?

উঃ নিউট্ৰ’ন আৰু প্ৰ’টন।

প্রঃ পেট্ৰ’লিয়াম গেছৰ মুখ্য উপাদান কি ?

উঃ বিউটেন।

প্রঃ মটৰ গাড়ী আৰু ৰেলৰ ডবাৰ খিড়িকীত কোনবিধ কাচ ব্যৱহাৰ কৰা হয় ?

উঃ নিৰাপদ কাচ।

প্রঃ নাইট্ৰ’জেন অণু আৰু নাইট্ৰ’জেন পৰমাণুৰ ভিতৰত কোনটো বেছি সুস্থিৰ ?

উঃ নাইট্ৰ’জেন অণু।

প্রঃ আটাইতকৈ বেছি বিদ্যুৎ ধণাত্মক মৌলটো কি ?

উঃ ফ্লৰিন ।

প্রঃ শিখাৰ কোনটো মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে ?

উঃ দীপ্তিহীন মণ্ডলে।

প্রঃ কমেও এটা ত্ৰি-বান্ধনি থকা হাইড্ৰ’কাৰ্বনক কি বুলি কোৱা হয় ?

উঃ এল কাইন।

প্রঃ উচ্চ আণৱিক ভৰৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি ভঙা প্ৰক্ৰিয়াক কি  বুলি কোৱা হয় ?

উঃ ক্ৰেকিন।

প্রঃ নাইট্ৰ’জেনৰ অণুৰ কি বান্ধনি থাকে ?

উঃ ত্ৰি সহযোগী বান্ধনি।

প্রঃ হহুঁৱা গেছৰ ৰাসায়নিক সংকেত কি ?

উঃ N2O।

প্রঃ কেলছিয়াম ক্ল’ৰ’হাইপ’ক্ল’ৰাইটক সাধাৰণতে কি বুলি জনা যায় ?

উঃ ব্লিচিং পাউডাৰ।

প্রঃ মুক্ত শৃংখল সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰক কি বুলি কোৱা হয় ?

উঃ পেৰাফিন।

প্রঃ বগা ৰঙৰ প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰা যৌগটো কি ?

উঃ শুকান চূণ।

প্রঃ TNT  সচৰাচৰ কি হিচাপে ব্যৱহাৰ কৰা হয় ?

উঃ বিষ্ফোৰক ।

প্রঃ এম’নিয়াৰ পণ্য উৎপাদনত ব্যৱহৃত  গেছ বিধৰ নাম কি ?

উঃ শুকান চূণ।

প্রঃ প্ৰডিউচাৰ গেছৰ দুটা প্ৰধান উপাদান কি কি ?

উঃ নাইট্ৰ’জেন আৰু কাৰ্বন মন’অক্সাইড ।

প্রঃ প্ৰ’টিনৰ পুনৰাবৃত্ত  এককক কি বোলা হয় ?

উঃ এমাইড বা পেপ্টাইড্।

প্রঃ ডাঠ বেৰিয়াম ক্ৰাউন কাচত কি থাকে ?

উঃ বেৰিয়াম অক্সাইড, জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ।

প্রঃ এল. জি. পি. ক কিহত সংৰক্ষণ কৰা হয় ?

উঃ উচ্চ চাপত।

প্রঃ পেট্ৰ’লৰ এটা গুৰুত্বপূৰ্ণ উপাদান কি ?

উঃ অক্টেন ।

প্রঃ জিংক অক্সাইডৰ পৰা জিংক ধাতু বিজাৰণৰ পদ্ধতিটোক কি বোলা হয় ?

উঃ থিয়ৰিটৰ্ট পদ্ধতি।

প্রঃ ঔদ্যোগিক গেচ হিচাপে কোনবিধ গেছৰ পোষকতা কৰা হয় ?

উঃ হাইড্ৰ’জেন গেছ।

প্রঃ বহু নিযুত বছৰ আগতে মাটিৰ তলত উদ্ভিদ আৰু প্ৰাণী পোত গৈ কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

উঃ অংগাৰীকৰণ।

প্রঃ জৈৱ গেছত মুখ্য উপাদান কি ?

উঃ মিথেন।

প্রঃ সাধাৰণতে কোনবিধ ইন্ধনৰ কেলৰি মান আটাইতকৈ কম ?

উঃ গোটা ইন্ধনৰ।

প্রঃ পাৰাৰ অন্য নাম কি ?

উঃ কুইক ছিলভাৰ।

প্রঃ বিদ্যুৎ বৈশ্লেষিক পদ্ধতিৰে কোনটো ধাতু শোধন কৰা হয় ?

উঃ তাম।

প্রঃ তাপৰ সুপৰিবাহী অধাতুটো কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ মিথেন কি ?

উঃ এবিধ বৰনহীন, গোন্ধহীন গেছ। ই পানীত অদ্ৰৱনীয় আৰু বায়ুতকৈ পাতল।

প্রঃ মুক্ত অৱস্থাত পোৱা ধাতুটোৰ নাম কি ?

উঃ গ’ল্ড।

প্রঃ কোনবিধ বৰ্গৰ মৌলবোৰ  আটাইতকৈ ধাতবীয় ?

উঃ ১ বৰ্গৰ।

প্রঃ ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ কম সক্ৰিয় ধাতুটোৰ নাম কি ?

উঃ প্লেটিনাম।

প্রঃ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কি ?

উঃ পাৰা।

প্রঃ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?

উঃ ছডিয়াম ক্লৰাইড।

প্রঃ আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ কোন ?

উঃ এন্টনি লেভয়চিয়েৰ।

প্রঃ আটাইতকৈ পাতল গেছ হাইড্ৰ’জেন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হেনৰী কেভিণ্ডিছে। (১৭৭৬ চনত)

প্রঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ? 

উঃ গেলিলিঅ’য়ে।

প্রঃ ১৮ কেৰেট সোণৰ কিমান শতাংশ বিশুদ্ধ সোণ থাকে ?

উঃ ৭৫ %।

প্রঃ ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহী কোনটো ?

উঃ ছিলভাৰ।

প্রঃ পিতল কি ধাতুৰ সমষ্টি ?

উঃ তাম আৰু দস্তা।

প্রঃ অক্সিজেনৰ উতলাংক কিমান থাকে ?

উঃ ১৮২.৯৭৬ ডিগ্রী  ছেন্টিগ্ৰেড।

প্রঃ মানুহে এবাৰ নিশাহত কিমান পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড  গেছ এৰি দিয়ে ?

উঃ প্ৰায় ৩.৭ ভাগ।

প্রঃ আটাইতকৈ বিষাক্ত গেছবিধ কি ?

উঃ কাৰ্বন মনো’অক্সাইড ।

প্রঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি ?

উঃ লেকটিক  এচিড।

প্রঃ আদিতে ৰাসায়নিক শাস্ত্ৰ চৰ্চাক কি নামেৰে জনা গৈছিল ?

উঃ এলকেমি।

প্রঃ সোণ গলাব পৰা এচিড দুবিধৰ নাম কি ?

উঃ নাইট্ৰিক এচিড আৰু হাইড্ৰ’ক্লৰিড এচিড।

প্রঃ কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক কোন ?

উঃ ছাৰ হামফ্রে  ডেভি।

প্রঃ খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থবোৰৰ নাম কি ?

উঃ পটেছিয়াম নাইেট্ৰট, এঙাৰ আৰু ছালফাৰ।

প্রঃ ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্য বিধৰ নাম কি ?

উঃ আয়োডিন।

প্রঃ কোঁৱৰ  ধাতুক ‘কিং মেটাল’ বুলি কোৱা হয় ?

উঃ সোণ, পাৰা আৰু প্লেটিনাম ।

প্রঃ জুইশলা বাকচৰ দুয়োপিনে থকা প্ৰলেপ কিহেৰে প্ৰস্তুত কৰা হয় ?

উঃ ৰঙা ফছফৰাছ আৰু এন্টিমনি-ছালফাইডৰ প্ৰলেপ।

প্রঃ কাৰ্বন-ডাই অক্সাইড  গেছৰ আৱিষ্কাৰক কোন ?

উঃ ভন হেলমোঁ।

প্রঃ কৰ্পূৰৰ ৰাসায়নিক সংকেত কি ?

উঃ C10 H16O

প্রঃ কিমান ডিগ্ৰী ছেন্টিগ্ৰেডত সোণ গলাব পাৰি ?

উঃ প্ৰায় ১০৬৩ ডিগ্রী  ছেন্টিগ্ৰেডত।

প্রঃ ছ’ডা পানীত কি এচিড থাকে ?

উঃ কাৰ্বলিক এচিড।

প্রঃ বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙ তিনিটাৰ কোন বিধে বিপদ সংকেত বুজায় ?

উঃ হালধীয়া ৰঙে ।

প্রঃ স্বচ্ছ কাঁচক সেউজীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় ?

উঃ কপাৰ অক্সাইড ।

প্রঃ কাপোৰ  ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি ?

উঃ ছডিয়াম কাৰ্বনেট।

প্রঃ এছিড আৰু পাৰাৰ বিক্ৰিয়াত কি সৃষ্টি হয় ?

উঃ পানী আৰু নিমখ।

প্রঃ ফছফৰাছ পুৰিলে ওলোৱা বগা ৰঙৰ ধোৱা বিধৰ নাম কি ?

উঃ ফছফৰাছ পেন্ট’অক্সাইড ।

প্রঃ ক্ল’ৰফৰ্মৰ আৱিষ্কাৰক কোন ?

উঃ চিম্পচন।

প্রঃ চেনি কি ?

উঃ এক প্ৰকাৰৰ কাৰ্ব’হাইড্ৰেট।

প্রঃ কি কি উপাদানৰ পৰা কাঁচ তৈয়াৰ কৰা হয় ?

উঃ বালি, চূণ আৰু ছোডা মিহলাই।

প্রঃ বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয় ?

উঃ ডিটাৰজেন্ট।

প্রঃ চিমন্টেত কিমান ভাগ চূণ থাকে ?

উঃ শতকৰা ৬২.০ ভাগ।

প্রঃ বৰণ আৰু গোন্ধ নথকা গেছবিধ কি ?

উঃ অক্সিজেন ।

প্রঃ ৰূপৰ উতলাংক কিমান ?

উঃ ৯৬০.৫ ডিগ্রী ছেন্টিগ্ৰেড।

প্রঃ কোনে কেতিয়া নাইট্ৰ’জেন গেছ আৱিষ্কাৰ কৰিছিল ?

উঃ ডেনিয়েল ৰুবাৰ ফৰ্ডে, ১৭৭২ চনত।

প্রঃ পানী, গাখীৰ, কেৰাচিন তেল, তাৰ্পিন তেল: এই কেইটাৰ ভিতৰত কোন বিধত অ’জন গেছ সহজে দ্ৰৱীভূত হয় ?

উঃ তাৰ্পিন তেলত।

প্রঃ স্বচ্ছ কাঁচক বেঙুনীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় ?

উঃ মেংগানিজ অক্সাইড ।

প্রঃ গন্ধক কিহত দ্ৰৱীভূত হয় ?

উঃ কাৰ্বন ডাই ছালফাইডত।

প্রঃ তৰল অক্সিজেনৰ ৰং কেনেকুৱা ?

উঃ ঈষৎ নীলা।

প্রঃ কোনে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল ?

উঃ জোছেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কিলি।

প্রঃ সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে ?

উঃ মেগনেছিয়াম ছিলিকেট।

প্রঃ ভিনেগাৰ কি ?

উঃ এছিটিক এছিডৰ জুলীয়া দ্ৰৱণ।

প্রঃ থাৰ্মোমিটাৰৰ নলীডাল কি কাঁচেৰে সজা হয় ?

উঃ বোৰো ছিলিকেট কাঁচেৰে।

প্রঃ চিন্টেথিক ৰবৰত কি থাকে ?

উঃ পলিমাৰ বুটা ডাইন আৰু ষ্টাইৰিন।

প্রঃ অতি উজ্জ্বল হোৱা সত্বেও হীৰাক ধাতু নুবুলি অধাতু বোলা হয় কিয় ?

উঃ হীৰাই কেতিয়াও ইলেক্ট্রন বৰ্জন কৰি আয়নৰ সৃষ্টি নকৰে বাবে ।

প্রঃ ক্ল’ৰ’ফৰ্ম কি ?

উঃ ইথাইল এলক’হল আৰু ব্লিচিং পাউডাৰৰ মিশ্ৰণ।

প্রঃ পানীতকৈ পাতল ধাতুবিধ কি ?

উঃ ছ’ডিয়াম।

প্রঃ পলিয়েষ্টাৰ দৰাচলতে কি ?

উঃ এলকহল আৰু এছিডৰ সংযোগ।

প্রঃ বাযুত শতকৰা কিমান ভাগ অক্সিজেন  মিহলি হৈ থাকে ?

উঃ শতকৰা ২১ ভাগ।

প্রঃ কিমান ডিগ্ৰী উত্তাপত বায়ুক জুলীয়া অৱস্থালৈ নিব পাৰি ?

উঃ ২০০ ডিগ্রী ছেন্টিগ্ৰেড উত্তাপত।

প্রঃ তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু বেছি গধুৰ ?

উঃ ৰূপ।

প্রঃ নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হয় ?

উঃ ৰঙা ।

প্রঃ তামোল-পাণৰ দোকানবোৰত  পাণ ৰঙা কাপোৰেৰে ৰে ঢাকে কিয় ?

উঃ পানবোৰ সতেজ কৰিবলৈ কাৰণ ৰঙা  ৰঙৰ ৰাসায়নিক বিক্ৰিয়া অইন ৰঙাতকৈ বহু গুণে কম।

প্রঃ সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হোৱা ‘টিটিংছাৰ আয়োডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা ?

উঃ এলক’হলত আয়োডিনৰ দ্ৰৱ মিহলাই।

প্রঃ প্ৰাকৃতিক ৰবৰ কি গছৰ আঠাৰ পৰা প্ৰস্তুত কৰা হয় ?

উঃ হিভিয়া নামৰ গছৰ আঠাৰ পৰা।

প্রঃ ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ, নেজৰ অংশ দুটাৰ বিশেষ নাম আছে। নাম দুটা কি ?

উঃ ডিটাৰজেন্ট অনু এটাৰ মূৰৰ অংশৰ নাম হাইড্ৰ’ফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্ৰ’ফ’ৰিক নেজ।

প্রঃ প্লাষ্টিকৰ মূল ভাগ দুটা কি কি ?

উঃ থাৰ্মো প্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক।

প্রঃ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয় ?

উঃ নিকেল, লো আৰু ক্ৰ’মিয়ামৰ সংমিশ্ৰণ কৰি  নিষ্কলংক তীখা প্ৰস্তুত কৰা হয়।

প্রঃ ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ?

উঃ গন্ধক।

প্রঃ চেলুলয়েড কিদৰে তৈয়াৰ কৰা হয় ?

উঃ নাইট্ৰাচেলুলুজ আৰু কৰ্পূৰ মিহলাই।

প্রঃ মেথিলেটেড স্পিৰিট কি ?

উঃ ইথাইল এলক’হল আৰু মিথাইল এলক’হলৰ মিশ্ৰণ।

প্রঃ গেলি-পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলায় কিয় ?

উঃ পচনৰ ফলত মাছ আৰু কণীত ছালফাৰ H2S উৎপন্ন হয়। সেইবাবে বেয়া গোন্ধ ওলায়।

প্রঃ ৰেফ্রিজাৰেটৰ কম্পেছাৰত ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি ?

উঃ ফ্রিওন।

প্রঃ ডিটাৰজেন্টেৰে কাপোৰ  ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুত শক্তিৰ সৃষ্টি হয় যিয়ে কােপাৰৰ মলি দূৰ কৰে। বিদ্যুত বিধ কি ?

উঃ স্থিৰ বিদ্যুত।

প্রঃ কফি গছে কিমান বছৰলৈ ফল দিয়ে ?

উঃ তিনি বছৰলৈ।

প্রঃ ছিন্থেটিক ডিটাৰজেন্ট কিহেৰে তৈয়াৰ কৰা হয় ?

উঃ এলকিন বেনজিনৰ পৰা।

প্রঃ চিমেন্টত থকা বিভিন্ন পদাৰ্থসমূহ কি কি ?

উঃ চিমেন্টত ছিলিকা ২২ শতাংশ, আইৰণ অক্সাইড ২.৫ শতাংশ, এলুমিনা ২.৫ শতাংশ আৰু চূণ ৬২.০ শতাংশ থাকে।

প্রঃ ভালকানাইজড ৰাবাৰ কি ?

উঃ ৰবৰ গছৰ আঠাৰ লগত চালফাৰ মিহলাই ভালকানাইজড ৰাবাৰ প্ৰস্তুত কৰা হয়।

প্রঃ হালধীৰ ৰং হালধীয়া কিয় ?

উঃ হালধীত ‘কাৰকুমিন’ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থকা বাবে হালধীৰ ৰঙ হালধীয়া হয়।

প্রঃ কি ৰাসায়নিক পদাৰ্থ থকা বাবে  গোলাপ ফুল ইমান সুগন্ধি হয় ?

উঃ গোলাপ ফুলৰ পাপৰিত ফিনাইল ইথাইল এলক’হল নামৰ ৰাসায়নিক পদাৰ্থ থকা বাবে।

প্রঃ জীৱৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতিবেঙুনী ৰশ্মি কি কাঁচৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে ?

উঃ ক্ৰ’ক কাঁচৰ মাজেৰে।

প্রঃ টেৰিলিন কাপোৰ  কিহেৰে তৈয়াৰী ?

উঃ গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন কাপোৰ তৈয়াৰ কৰা হয়।

প্রঃ আদা জ্বলা লাগে কিয় ?

উঃ আদাত জিনগেৰ’ল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে  ই জ্বলা লাগে।

প্রঃ চাগুদানা উৎপন্ন কৰা গছবিধৰ নাম কি ?

উঃ ট্যাপিওকা।

প্রঃ কি কি ৰাসায়নিক পদাৰ্থৰ সংযোগত নাইলন তৈয়াৰ কৰা হয় ?

উঃ পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই- এমিনৰ সংযোগত।

প্রঃ কৰ্পূৰ গছৰ কোন অংশৰ পৰা কৰ্পূৰ তৈয়াৰ কৰা হয় ?

উঃ কৰ্পূৰ গছৰ যিকোনো অংশৰ পৰা।

প্রঃ মুখ চোৱা দাপোণৰ পিছফালে কিহেৰে প্ৰলেপ দিয়া হয় ?

উঃ ৰেড লিড নামৰ ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ।

প্রঃ তৰল পদাৰ্থ অথবা গেছত পানী থকা বা নথকা জানিবলৈ কি ব্যৱহাৰ কৰা হয় ?

উঃ অনাৰ্দ্ৰ কপাৰ ছালফেট।

প্রঃ এমোনিয়া গেছৰ নামাকৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ প্ৰিষ্টলি।

প্রঃ কাঁচত ছবি আঁকিবলৈ কি এছিড ব্যৱহাৰ কৰা হয় ?

উঃ হাইড্ৰ’ক্ল’ৰিক এছিড।

প্রঃ আয়োডিনক বাষ্পলৈ ৰূপান্তৰিত কৰিলে তেনে বাষ্পৰ ৰং কেনেকুৱা হয় ?

উঃ বেঙুনীয়া। 0 0 0 

 

পাঠ- ৬

পদাৰ্থ বিজ্ঞান

 

প্রঃ কোন চনত অ’ৰষ্টেডে প্ৰমাণ কৰিলে যে বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা সম্পৰ্ক আছে ?

উঃ ১৮২০ চনত।

প্রঃ এক্সৰে -ৰশ্মি কিহেৰে গঠিত ?

উঃ আলফা কণাৰ দ্বাৰা।

প্রঃ ছি. জি. এছ. পদ্ধতিত কোনটো এককেৰে তৰল পদাৰ্থৰ আয়তন জোখা হয় ?

উঃ লিটাৰ।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ ক্ষেত্ৰফলৰ একক কি ?

উঃ বৰ্গফুট।

প্রঃ কোৱান্টাম সূত্ৰৰ আৱিষ্কাৰক কোন ?

উঃ মেক্স  প্লাংক।

প্রঃ বৈদ্যুতিক শক্তিৰ  এছ. আই. একক কি ?

উঃ কিলোৱাট    ঘন্টা।

প্রঃ দূৰদৃষ্টিজনিত চকুৰ দোষৰ চিকিৎসাত কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় ?

উঃ উত্তল লেন্স।

প্রঃ ওজন কিয় ভেক্টৰ ৰাশি ?

উঃ পৃথিৱীৰ মাধ্যাকৰ্ষণ ত্বৰণৰ দিশ নিৰ্দ্দিষ্ট বাবে ।

প্রঃ ১অশ্বশক্তি  কিমান ৱাট ?

উঃ ৭৪৬ ৱাট।

প্রঃ লেকট’ মিটাৰ কি কামত ব্যৱহাৰ কৰা হয় ?

উঃ গাখীৰৰ বিশুদ্ধতা জুখিবলৈ।

প্রঃ আমি আকাশখন নীলা দেখো কিয় ?

উঃ পোহৰৰ বিচ্ছুৰণৰ বাবে।

প্রঃ এম. কে. এছ .পদ্ধতিত আয়তনৰ একক কি ?

উঃ ঘন মিটাৰ।

প্রঃ ছি. জি. এছ. পদ্ধতিত তাপৰ একক কি ?

উঃ কেলৰি।

প্রঃ আলোকবৰ্ষ কিহৰ একক ?

উঃ মহাজাগতিক দূৰত্বৰ একক।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ ফুট-পাউণ্ড-চেকেণ্ড।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ আয়তনৰ প্ৰাথমিক একক কি ?

উঃ ঘনফুট।

প্রঃ পোহৰৰ তৰঙ্গৰ প্ৰকৃতি সম্বন্ধে কোনে প্ৰথমতে অভিমত প্ৰকাশ কৰিছিল ?

উঃ ক্ৰিষ্টিয়ান হাইজেনে।

প্রঃ বায়ুমণ্ডলীয় বিদ্যুৎ আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ বেঞ্জামিন ফ্রেঙ্কলিন।

প্রঃ ছি. জি. এছ. পদ্ধতিত ত্বৰণৰ একক কি ?

উঃ ছেঃ মিঃ চেকেণ্ড২।

প্রঃ কি সঁজুলিৰ সহায়ত সূৰ্যৰ উষ্ণতা জোখা হয় ?

উঃ পাইৰ’মিটাৰ।

প্রঃ শূন্য মাধ্যমত শব্দৰ গতিবেগ কিমান ?

উঃ শূন্য।

প্রঃ ফাৰেনহাইট স্কেলত বৰফৰ গলনাংক কিমান ?

উঃ ৩২ ডিগ্রী ফাৰেনহাইট।

প্রঃ ৱাট কিহৰ একক ?

উঃ ক্ষমতাৰ একক।

প্রঃ আদৰ্শ গেছ কি ?

উঃ যি গেছে গেছৰ সূত্ৰবোৰ  মানি চলে।

প্রঃ পৃথিৱীৰ কেন্দ্ৰত বস্তুৰ ওজন কিমান ?

উঃ শূন্য।

প্রঃ এক গেলনত  কিমান  লিটাৰ ?

উঃ ৪.৫৪

প্রঃ ক্ৰিয়া আৰু প্ৰক্ৰিয়াই কিহৰ ওপৰত ক্ৰিয়া কৰে ?

উঃ বিভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে।

প্রঃ প্ৰতিধবনি সৃষ্টিৰ মূল কাৰণ কি ?

উঃ শব্দৰ প্ৰতিফলন।

প্রঃ ৰঙা ৰশ্মিক কিয় বিপদৰ সংকেত বুলি কোৱা হয় ?

উঃ ৰঙা ৰশ্মিৰ তৰঙ্গ ৰ্দ্ঘ্যৈ সৰ্বাধিক।

প্রঃ বাষ্পীভৱন কাক বোলে ?

উঃ যি পদ্ধতিত যি কোনো উষ্ণতাত তৰল পদাৰ্থ বাষ্পীভূত হয়, তাকে ‘বাষ্পীভৱন’ বোলে।

প্রঃ সাধাৰণ তুলাৰে বস্তুৰ কি জোখা হয় ?

উঃ বস্তুৰ ভৰ।

প্রঃ বিদ্যুৎ প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা পৰিঘটনাটো পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ অ’ৰষ্টেডে।

প্রঃ ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়ত ট্রেইন এখনৰ বেগক কি বেগ বোলে ?

উঃ অসম বেগ।

প্রঃ ভৰ, সময়, দ্ৰুতি, ঘনত্ব আদি কি ৰাশি ?

উঃ স্কেলাৰ ৰাশি।

প্রঃ এম. কে. এছ. পদ্ধতিত বলৰ একক কি ?

উঃ নিউটন।

প্রঃ পৃথিৱীৰ সকলো শক্তিৰ উৎস কি ?

উঃ সূৰ্য।

প্রঃ বেৰোমিটাৰ আৰু মনোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ?

উঃ বায়ুৰ চাপ জুখিবলৈ।

প্রঃ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ ফাৰেনহাইট স্কেলত থাৰ্মোমিটাৰৰ উৰ্দ্ধ স্থিৰাংক কিমান ?

উঃ ২১২ ডিগ্রী ফাৰেনহাইট।

প্রঃ কি পদাৰ্থৰ গলনত আয়তন হ্রাস পায় ?

উঃ বৰফ।

প্রঃ পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি ?

উঃ প্লাজমা।

প্রঃ ৱাট মানে কি ?

উঃ এক চেকেণ্ডত এক জুল কাৰ্য কৰাৰ ক্ষমতাক ‘ৱাট’ বুলি কোৱা হয়।

প্রঃ ২ মল অক্সিজেনৰ ওজন কিমান ?

উঃ ৬৪ গ্ৰাম।

প্রঃ পদাৰ্থ বিজ্ঞানত নবেল  বঁটা পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানীজনৰ নাম কি ?

উঃ চন্দ্ৰশেখৰ ভেংকট ৰমন।

প্রঃ বৰ্তনীত বিদ্যুৎ প্ৰৱাহ ধৰা পেলাবলৈ ব্যৱহাৰ কৰা আহিলাটোক কি বোলা হয় ?

উঃ গেলেভন মিটাৰ।

প্রঃ ৰোধৰ বিপৰীত ৰাশিক কি বোলা হয় ?

উঃ পৰিবাহিতা।

প্রঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি ?

উঃ লেকটিক  এচিড।

প্রঃ চুম্বক ক্ষেত্ৰৰ এছ. আই. একক কি ?

উঃ টেছ্লা।

প্রঃ অতি পৰিবাহিতা নামৰ পৰিঘটনাটো পোন প্ৰথমতে কোনে পর্যবেক্ষণ কৰিছিল ?

উঃ এইছ. কে. ৱানছে।

প্রঃ মানুহৰ কাণৰ বাবে কম্পনাংকৰ শ্ৰাব্য সীমা কিমান ?

উঃ ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জলৈ।

প্রঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফেৰাডেই।

প্রঃ স্থিৰ বিদ্যুৎ বল কি ?

উঃ এটি ভেক্টৰ  ৰাশি।

প্রঃ কম্পনাংকৰ এছ. আই. একক কি ?

উঃ হাৰ্জ (Hz)

প্রঃ বায়ুত শব্দৰ বেগ কিমান ?

উঃ ৩৩০মিটাৰ চেকেণ্ড।

প্রঃ এটা তাপ ইঞ্জিনে কাক কিহলৈ ৰূপান্তৰ কৰে ?

উঃ তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্রঃ ১কেলৰিৰ মান কিমান ?

উঃ ৪.১৮৬ জুল।

প্রঃ এছ. আই. একক পদ্ধতিত আপেক্ষিক তাপৰ একক কি ?

উঃ জুল কিঃগ্ৰাঃ ০ ছেঃ।

প্রঃ কেতিয়া বাষ্পীভৱন ঘটে ?

উঃ সকলো উষ্ণতাতে।

প্রঃ ভাৰতবৰ্ষত সচৰাচৰ ব্যৱহাৰ হোৱা ঘৰুৱা বিদ্যুৎ শক্তি যোগানৰ পৰিমাণ কিমান ?

উঃ ২২০ ভল্ট, ১০০ হাৰ্জ।

প্রঃ ভন এলেন বিকীৰণ বলয় কোন চনত আৱিস্কৃত হৈছিল ?

উঃ ১৯৫৮ চনত।

প্রঃ বিদ্যুৎ উৎপাদকে কি পৰিৱৰ্তন কৰে ?

উঃ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ।

প্রঃ বৈদ্যুতিক মটৰে কি ৰূপান্তৰ কৰে ?

উঃ বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্রঃ বিদ্যুৎ চুম্বকৰ মজ্জাৰ বাবে কোনবিধ পদাৰ্থ অধিক উপযোগী ?

উঃ কোমল লোহা।

প্রঃ তাম, পানী, আইৰণ আৰু পাৰা কোনবিধ পদাৰ্থৰ আপেক্ষিক তাপ সৰ্বাধিক ?

উঃ পানী।

প্রঃ ছেলছিয়াছ আৰু ফাৰেনহাইট দুয়োবিধ স্কেলতে একেই মান থকা উষ্ণতাটো কিমান ?

উঃ ৪০ ডিগ্রী।

প্রঃ কয়লাৰ দহনত কি ধৰণে শক্তিৰ ৰূপান্তৰ ঘটে ?

উঃ ৰাসায়নিক শক্তি তাপ শক্তিলৈ।

প্রঃ এটা বস্তুত তাপ প্ৰয়োগ কৰিলে, ইয়াৰ কালি কমে নে বাঢ়ে   ?

উঃ বাঢ়ে ।

প্রঃ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা আহিলা বিধক কি বুলি কোৱা হয় ?

উঃ থাৰ্মোমিটাৰ।

প্রঃ নিউটনৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় ?

উঃ প্ৰথম সূত্ৰক।

প্রঃ ৰকেটৰ গতি নিউটনৰ কোনটো সূত্ৰৰ উদাহৰণ ?

উঃ তৃতীয় গতি সূত্ৰৰ।

প্রঃ যান্ত্ৰিক শক্তি আৰু তাপৰ মাজত সম্বন্ধ প্রতিষ্ঠা কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ জুল।

প্রঃ এটা বস্তুৰ আপেক্ষিক তাপ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ পদাৰ্থৰ ওপৰত।

প্রঃ তৰংগই এটা স্থানৰ পৰা আন এটা স্থানলৈ কি স্থানান্তৰ ঘটায় ?

উঃ শক্তি।

প্রঃ তৰংগ ৰ্দ্ঘ্যৈৰ বিপৰীত ৰাশিক কি বোলা হয় ?

উঃ তৰংগ সংখ্যা।

প্রঃ তাপৰ এছ. আই. একক কি ?

উঃ জুল।

প্রঃ এটা অন্তৰ্দহন ইঞ্জিনৰ কাৰ্য কিমানটা ষ্ট্ৰোকত সম্পূৰ্ণ হয় ?

উঃ চাৰিটা ষ্ট্ৰোকত।

প্রঃ মানৱ দেহৰ স্বাভাৱিক উষ্ণতা কিমান ?

উঃ ৩৭০ ডিগ্রী ছেঃ।

প্রঃ থাৰ্মোমিটাৰত কি পদাৰ্থ সচৰাচৰ ব্যৱহাৰ কৰা হয় ?

উঃ পাৰা।

প্রঃ বৰফ গলিলে ইয়াৰ উষ্ণতা বাঢ়ে নে কমে ?

উঃ একে থাকে।

প্রঃ বস্তু এটা চন্দ্ৰ পৃষ্ঠলৈ আনিলে কি পৰিৱৰ্তন হ’ব বাৰু ?

উঃ ইয়াৰ ওজন সলনি হ’ব।

প্রঃ পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান ?

উঃ শূন্য।

প্রঃ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান পোন প্ৰথমবাৰৰ বাবে নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ কেভেণ্ডিজ।

প্রঃ এজন  মানুহে পৃথিৱীত ১.৫ মিটাৰ ওপৰলৈ জপিয়াব পাৰে। তেওঁ চন্দ্ৰত কিমান জপিয়াব পাৰিব ?

উঃ ৯ মিটাৰ।

প্রঃ হেলনীয়া তলত বাগৰি যোৱা বল এটাই কি গতি সম্পন্ন কৰে ?

উঃ জটিল গতি।

প্রঃ সুষম বেগত গতি কৰা বস্তু এটাৰ ত্বৰণ গতি কি ?

উঃ শূন্য।

প্রঃ প্ৰাণীসমূহৰ চলনক কি বোলে ?

উঃ সঞ্চৰণ।

প্রঃ ৰৈ থকা বাছ এখনে হঠাৎ চলিবলৈ ধৰিলে থিয় হৈ থকা মানুহ এজন কোনফালে হালি যায় ?

উঃ পিছফালে।

প্রঃ মেৰুৰ পৰা বিষুৱ অঞ্চললৈ গতি কৰিলে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় ?

উঃ হ্রাস পায়।

প্রঃ দোলকৰ গতি সম্পৰ্কীয় সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ নিৰ্দিষ্ট উষ্ণতাত তৰলৰ সকলো অংশৰ পৰা বাষ্প নিৰ্গত হোৱা পদ্ধতিটোক কি বলে ?

উঃ স্ফুটন।

প্রঃ আকাশত উৰি  ফুৰা উৰাজাহাজৰ কি শক্তি থাকে ?

উঃ গতি শক্তি আৰু স্থিতি শক্তি দুয়োটাই থাকে।

প্রঃ বস্তু এটা ওপৰলৈ নিক্ষেপ কৰিলে ইয়াৰ গতি শক্তি কি হ’ব ?

উঃ ক্ৰমান্বয়ে হ্রাস পাব।

প্রঃ ত্বৰণ, সৰণ, বেগ আৰু দ্ৰুতি  ইয়াৰ কোনটো স্কেলাৰ ৰাশি ?

উঃ দ্ৰুতি।

প্রঃ যদি এটা বস্তুয়ে সুষম দ্ৰুতিৰে গতি কৰে, তেন্তে দূৰত্ব-সময় লেখ ডালক কি বুলি কোৱা হ’ব ?

উঃ এডাল সৰল ৰেখা।

প্রঃ বল প্ৰয়োগ কৰোঁতে প্ৰয়োগ বিন্দুত সৰণ নঘটিলে সম্পাদিত কাৰ্যৰ পৰিমাণ কি হয় ?

উঃ শূন্য।

প্রঃ যান্ত্ৰিকভাৱে সম্পাদিত কাৰ্য আৰু উৎপাদিত তাপৰ মাজত এক সঠিক সমতুল্যতা আছে বুলি কোনে প্ৰথমতে প্রতিষ্ঠা কৰিছিল ?

উঃ জুল।

প্রঃ বেৰ’মিটাৰৰ পাৰাৰ ওপৰৰ স্তৰটোত কি থাকে ?

উঃ বায়ুশূন্য স্থান।

প্রঃ ফটোগ্ৰাফি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফ্রান্সৰ নিপকে।

প্রঃ ১ লিটাৰ পানীৰ ভাৰ কিমান ?

উঃ ১ কিঃগ্ৰাঃ।

প্রঃ সৌৰ দিৱস, মাইক্ৰো চেকেণ্ড, লিপইয়েৰ কিহৰ একক ?

উঃ সময়ৰ একক।

প্রঃ অন্য এককৰ ওপৰত নিৰ্ভৰশীল এককক কি বোলে ?

উঃ লব্ধ একক।

প্রঃ চলন্ত বাছ এখনে ব্রেক  মাৰিলে বাছৰ গতিৰ কেনে পৰিৱৰ্তন হয় ?

উঃ কম্পনৰ সৃষ্টি হৈ স্থিৰ শক্তিলৈ গতি কৰে।

প্রঃ পৃথিৱীৰ বিষুৱ অঞ্চলত পদাৰ্থৰ ওজন কিমান হ’ব ?

উঃ সকলোতকৈ কম হ’ব।

প্রঃ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিহৰ সমানুপাতিক ?

উঃ বল।

প্রঃ চলন্ত বাছৰ পৰা নামিলে যাত্ৰীয়ে কিয় আগলৈ হালি পৰে ?

উঃ গতি জড়তাৰ বাবে ।

প্রঃ এক মাইলত  কিমান কিলোমিটাৰ ?

উঃ ১.৬০৯৩ কিঃমিঃ।

প্রঃ যি ৰাশিৰ মান আছে কিন্তু দিশ নাই, সেই ৰাশিক কি বোলে ?

উঃ স্কেলাৰ ৰাশি।

প্রঃ প্ৰবাহিত নদীৰ পানীত কি শক্তি থাকে ?

উঃ গতি শক্তি।

প্রঃ প্ৰথম পৰমাণু বোমাটো ক’ত কেতিয়া ফুটোৱা হৈছিল ?

উঃ নিউ মেক্সিকোৰ মৰুভূমিৰ মাজত ‘জিৰো হিল’ নামৰ পাহাৰৰ ওপৰত, ১৯৪৫ চনৰ ১৬ জুলাইত।

প্রঃ পেট্ৰাল, ইথাৰ, স্পিৰিট আদিৰ বাষ্পায়ন দ্ৰুত হোৱাৰ কাৰণ কি ?

উঃ এইবোৰ  উদ্বায়ী পদাৰ্থ বাবে।

প্রঃ মটৰৰ মূল নীতি কি ?

উঃ তড়িতবাহী তাঁৰৰ ওপৰত চুম্বকৰ ক্ৰিয়া।

প্রঃ এটা বস্তুৰ বেগ আধালৈ হ্রাস কৰিলে, ইয়াৰ গতিশক্তি কি হ’ব ?

উঃ এক চতুৰ্থাংশ হ’ব।

প্রঃ কাৰ্য সম্পাদনৰ হাৰক কি বুলি কোৱা হয় ?

উঃ ক্ষমতা।

প্রঃ এটা বস্তুৰ গতি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ ভৰ আৰু বেগৰ ওপৰত।

প্রঃ বস্তুৰ ওজন ক’ত সৰ্বাধিক হয় ?

উঃ ভূ-পৃষ্ঠত।

প্রঃ গৰিষ্ঠ  অনুভূমিক বিস্তাৰ পাবলৈ বস্তু এটা অনুভূমিক তলৰ পৰা কিমান ডিগ্ৰী কোণ কৰি নিক্ষেপ কৰিব লাগিব ?

উঃ ৪৫ ডিগ্রী ।

প্রঃ আটাইতকৈ গধুৰ মৌলিক পদাৰ্থবিধৰ নাম কি ?

উঃ আছমিয়াম।

প্রঃ মান আৰু দিশ দুয়োটাই থকা ৰাশিক কি বোলে ?

উঃ ভেক্টৰ ৰাশি।

প্রঃ সময় আৰু ৰ্দ্ঘৈৰ একক কোন শ্ৰেণীৰ একক ?

উঃ মৌলিক একক।

প্রঃ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰিবলৈ কি কৰিব লাগে ?

উঃ তৰলৰ ওপৰত চাপ কমাব লাগিব।

প্রঃ কাৰ্যৰ এছ. আই. একক কি ?

উঃ জুল।

প্রঃ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুলিলে কি বুজা ?

উঃ ভিন ভিন বস্তুৰ ওপৰত ক্ৰিয়া কৰাক বুজায়।

প্রঃ ফটোগ্ৰাফিৰ পোহৰ শক্তি কি শক্তিলৈ পৰিণত হয় ?

উঃ ৰাসায়নিক শক্তিলৈ ।

প্রঃ তৰংগ ৰ্দ্ঘ্যৈ বৃদ্ধি পালে শব্দৰ তীক্ষ্ণতাৰ কি পৰিৱৰ্তন হয় ?

উঃ হ্রাস পায়।

প্রঃ কোনটো মাধ্যমত শব্দৰ গতি সর্বোচ্চ হয় ?

উঃ কঠিন মাধ্যমত।

প্রঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ কি থাকিব পাৰে ?

উঃ শক্তি।

প্রঃ দেৱাল ঘড়ীৰ পেণ্ডুলামৰ কি শক্তিৰ প্ৰভাৱত দোলন হয় ?

উঃ স্প্ৰিঙৰ স্থিতি শক্তিৰ প্ৰভাৱত।

প্রঃ নিৰ্দিষ্ট চাপত এক নিৰ্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ কঠিন পদাৰ্থলৈ পৰিণত হ’লে তাক কি বোলে ?

উঃ হিমাংক।

প্রঃ কি পদাৰ্থৰ গলনৰ ফলত তাপমাত্ৰা বৃদ্ধি পায় ?

উঃ মমৰ।

প্রঃ সমদ্ৰুতি সম্পন্ন বস্তুৰ গতিত কি থাকে ?

উঃ সদায় স্থিৰ মানৰ ভৰবেগ  থাকে।

প্রঃ দ্ৰুতি, বেগ আৰু ত্বৰণ কিহৰ একক ?

উঃ ৰ্দ্ঘ্যৈ আৰু সময়ৰ তিনিটা মিশ্ৰ একক।

প্রঃ বাষ্পীভৱনৰ লীন তাপ কিমান ?

উঃ প্ৰতি গ্ৰামত ৫৪০ কেলৰি।

প্রঃ মৰীচিকা কিয় সৃষ্টি হয় ?

উঃ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে।

প্রঃ বোমা ফুটিলে কি শক্তি কিহলৈ ৰূপান্তৰিত হয় ?

উঃ যান্ত্ৰিক শক্তিৰ দ্বাৰা ৰাসায়নিক শক্তি তাপ, শব্দ আৰু আলোক শক্তিলৈ ৰূপান্তৰিত হয়।

প্রঃ পৃথিৱী পৃষ্ঠত  কোনো বস্তুৰ ওজন ৪৮ ডাইন হ’লে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব ?

উঃ ৮ ডাইন।

প্রঃ চলিনয়েড কাক বোলে ?

উঃ তড়িত প্ৰবাহ থকা অৱস্থাত কোনো পৰিবাহী তাঁৰৰ কুণ্ডলীক ‘চলিনয়েড’ বোলে ।

প্রঃ কিহৰ ওপৰত শব্দৰ তীক্ষ্ণতা নিৰ্ভৰ কৰে ?

উঃ শব্দৰ কম্পনাংকৰ ওপৰত।

প্রঃ চাপৰ বৃদ্ধি হ’লে তামৰ গলনাংকৰ কি পৰিৱৰ্তন হ’ব ?

উঃ বৃদ্ধি পাব।

প্রঃ বাহিৰৰ পৰা তাপ শক্তিৰ প্ৰয়োগ কৰিলে পদাৰ্থৰ কি পৰিৱৰ্তন হয় ?

উঃ পদাৰ্থৰ অণুুসমূহৰ স্থিতি আৰু গতি শক্তিৰ পৰিৱৰ্তন হয়।

প্রঃ উত্তল লেন্স কি ধৰণৰ লেন্স ?

উঃ অভিসাৰী।

প্রঃ বাষ্পৰ ঘনীভৱন হৈ তৰলত পৰিণত হ’লে কি হ’ব বাৰু ?

উঃ ই তাপ উৎপন্ন কৰে।

প্রঃ এটা সৰল দোলকৰ দোলনশীল বস্তুয়ে সাম্য অৱস্থানৰ পৰা কৰা গৰিষ্ঠ সৰণক কি বোলা হয় ?

উঃ বিস্তাৰ।

প্রঃ এটা বস্তুৰ ত্বৰণ ঘটিলে কি হয় বাৰু ?

উঃ এটা বলে সদায় ইয়াৰ ওপৰত ক্ৰিয়া কৰে।

প্রঃ বৰ্ণালীৰ কোনটো অংশত দৰ্শন ক্ষমতা শূন্য ?

উঃ ৰঙা  আৰু বেঙুনীয়া অংশত। 0 0 0

 

 

পাঠ- ৭

শিক্ষা আৰু মনোবিজ্ঞান

 

প্রঃ I. Q.-ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Intelligent Quotient.

প্রঃ Intelligent Quotient ক অসমীয়াত কি বোলে ?

উঃ বুদ্ধাংক।

প্রঃ আনন্দ আৰু  স্ফুর্তি কৰি থাকিলে কোনবিধ ৰোগৰ সম্ভাৱনা কমি যায় ?

উঃ কেন্সাৰ ৰোগৰ।

প্রঃ টেলিপেথী কি ?

উঃ ‘টেলিেপথী’ হ’ল যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ বহুদূৰৰ পৰা দুজন ব্যক্তিৰ মাজত মন সংযোগ কৰা কাৰ্য। 

প্রঃ জন্মৰ কিমান সময়ৰ পিছৰ পৰা শিশু এটাই আনক অনুকৰণ কৰে ?

উঃ জন্মৰ ৪২ মিনিট পিছৰ পৰা।

প্রঃ যিসকলৰ বুদ্ধাংক ৩৬ ৰ পৰা ৫০ হয়, তেওঁলোকৰ মানসিক বয়স কিমান ?

উঃ ৪ৰ পৰা ৫ বছৰ।

প্রঃ আমি ভয় খাই দৌৰ মাৰো নে দৌৰ মাৰিবলৈ ভয় খাওঁ ?

উঃ আমি ভয় খাই দৌৰ মাৰোঁ।

প্রঃ টোপনি যোৱাৰ কিমান সময় পিছৰ পৰা REM (Rapid Eye Movement) প্ৰক্ৰিয়াটো আৰম্ভ হয় ?

উঃ ১০ৰ পৰা ১৫ মিনিট পিছৰ পৰা।

প্রঃ মানসিকতা কিদৰে গঠন হয় ?

উঃ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱত।

প্রঃ প্ৰতিভা কি ?

উঃ নৱ উন্মেষশালী বুদ্ধি।

প্রঃ লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্ৰিয়া দায়ী ?

উঃ প্ৰতিবৰ্তী ক্ৰিয়া।

প্রঃ পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয় ?

উঃ খোৱাৰ সময়ত শৰীৰৰ বেছিভাগ তেজ অন্ত্ৰলৈ প্ৰবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি ধৰে।

প্রঃ পৰীক্ষাৰ আগে আগে বহুতৰ পেটৰ বিষ বা বমি হয় কিয় ?

উঃ মানসিক অস্বস্তিৰ ফলত ফ্লেনিক  নাৰ্ভডাল উত্তেজিত হোৱা বাবে ।

প্রঃ আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী দম্পতীহালৰ নাম কি ?

উঃ এলেন আৰু বিয়েত্ৰিচ গাৰ্ডিনাৰ।

প্রঃ ‘ফোবিয়া’ মানে কি ?

উঃ যুক্তিহীন অস্বাভাৱিক ভয়।

প্রঃ ৰাস্তা পাৰ হ’বলৈ ভয় কৰাক কি বোলে ?

উঃ এজাইও ফোবিয়া।

প্রঃ হিপ্পোফোবিয়া মানে কি ?

উঃ ঘোঁৰালৈ ভয়।

প্রঃ ৰাজহুৱা সভাত কথা ক’বলৈ ভয় কৰাটোক কি ফোবিয়া বোলে ?

উঃ লেলিও ফোবিয়া।

প্রঃ বমি কৰিবলৈ ভয় লগাক কি বোলে ?

উঃ এমিটফোবিয়া।

প্রঃ জুইলৈ ভয় কৰাক কি বোলে ?

উঃ পাইৰো ফোবিয়া।

প্রঃ অম্বফোবিয়া হ’লে কি হয় ?

উঃ বৰষুণলৈ ভয় লাগে।

প্রঃ কেতিয়া ভূতলৈ ভয় লাগে ?

উঃ ফাজমোফোবিয়া ৰোগ হ’লে।

প্রঃ চাইদাৰোড্ৰমো ফোবিয়া হ’লে কি হয় ?

উঃ ৰেল গাড়ীলৈ ভয় লাগে।

প্রঃ গেৰাচক ফোবিয়া হ’লে কিহৰ প্ৰতি ভয় লাগে ?

উঃ বৃদ্ধবয়সলৈ।

প্রঃ কিমান বছৰ বয়সত মানুহৰ বুদ্ধিৰ নক্সা  তৈয়াৰ হয় ?

উঃ ৭ বছৰ বয়সত।

প্রঃ মহিলা এগৰাকীয়ে কেতিয়া মানসিক প্ৰতিবন্ধী শিশু জন্ম দিব পাৰে ?

উঃ জিনৰ গণ্ডগোল হ’লে।

প্রঃ টোপনি অহাৰ সময়ত কোনোবাই সপোন  দেখিছে নে নাই তাক কেনেকৈ বুজিব পৰা যায় ?

উঃ টোপনিত থকা মানুহজনৰ যদি চকুৰ মণি লৰি থাকে তেনেহ’লে সপোন দেখি থকা বুলি বুজিব পাৰি।

প্রঃ এজন প্ৰাপ্ত বয়স্ক মানুহে নে এজন শিশুৱে সোনকালে ভাষা আয়ত্ব কৰিব পাৰে ?

উঃ শিশুৱে।

প্রঃ কুকুৰলৈ ভয় কৰাক কি বোলে ?

উঃ কাইনোফোবিয়া।

প্রঃ মনো ফোবিয়াই কিহলৈ ভয় কৰাক বুজায় ?

উঃ নিঃসংগতা।

প্রঃ কোনবিধ ফোবিয়া হ’লে নাৰীয়ে গৰ্ভাৱস্থালৈ ভয় কৰে ?

উঃ মেইজিয়ো ফোবিয়া।

প্রঃ ঘৰৰ মানুহ অসুস্থ হ’লে আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ ?

উঃ পাহাৰ, টিলা বা ওখ ঠাইৰ পৰা পৰি যোৱাৰ স্বপ্ন ।

প্রঃ খং বা বিৰক্তি অনুভৱ কৰিলে আমাৰ চকুৱে কেনেধৰণৰ আচৰণ কৰে ?

উঃ চকুৰ পলক পৰা কমি যায়।

প্রঃ শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে ?

উঃ নিউৰ’লজি।

প্রঃ শৰীৰৰ সকলোবোৰ  কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা স্নায়ুতন্ত্ৰৰ উচ্চতম কেন্দ্ৰক কি বোলে ?

উঃ গুৰু মস্তিষ্ক।

প্রঃ স্কুলত যোৱা শতকৰা কিমানজন শিশু জড় বুদ্ধিসম্পন্ন হৈ থাকে ?

উঃ শতকৰা ১০ জন।

প্রঃ কোনটো ক্ৰিয়াৰ বাবে মানুহ এজনে চিন্তা কৰি থকাৰ সময়ত তেওঁৰ হাত-ভৰি লৰি থাকে ?

উঃ প্ৰতিৱৰ্তী ক্ৰিয়াৰ বাবে ।

প্রঃ ইচ্ছা পূৰণৰ ক্ষেত্ৰত প্ৰেৰণাৰ ভূমিকা কি ?

উঃ ই কামৰ তাগিদা বৃদ্ধি কৰে ।

প্রঃ ৰাগিয়াল বস্তুৰ প্ৰতি থকা ভয়ক কি বোলে ?

উঃ পট’ ফোবিয়া।

প্রঃ সাপলৈ ভয় কৰাক কি বোলা  হয় ?

উঃ অফিও ফোবিয়া। 

প্রঃ শৰীৰৰ সমস্ত কাৰ্য-কলাপ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

উঃ স্নায়ুতন্ত্ৰৰ দ্বাৰা।

প্রঃ মহিলাৰ প্ৰতি থকা ভয়ক কি বোলে ?

উঃ গাইন’ফোবিয়া।

প্রঃ উৰিবলৈ ভয় কৰাক কি ফোবিয়া বুলি কোৱা হয় ?

উঃ এৰা ফোবিয়া।

প্রঃ পূৰ্ণিমাৰ পূৰ্ণ জোনটোৱে প্ৰাণীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় ?

উঃ ৰক্তচাপ আৰু হৃদ স্পন্দন বৃদ্ধি কৰে।

প্রঃ শিশু এটাই কিমান বছৰ বয়সৰ পৰা অৰ্থপূৰ্ণ শব্দ উচ্চাৰণ কৰিব পাৰে ?

উঃ একৰ পৰা দুই বছৰৰ ভিতৰত।

প্রঃ ‘শিক্ষাই  সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’:  কথাষাৰ কোনে কৈছিল·

উঃ এৰিষ্ট’টল।

প্রঃ অতিপাত উৎকণ্ঠা আৰু অহেতুক ভয় পোৱা কি ৰোগৰ লক্ষণ ?

উঃ নিউৰোছিচ।

প্রঃ শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব  আৰোপ কৰা হৈছে ?

উঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যত।

প্রঃ কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন ?

উঃ জাৰ্মানীৰ শিক্ষাবিদ ফ্রবেল ।

প্রঃ প্ৰাণীৰ আবেগক নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি ?

উঃ হাইপোথেলামাছ।

প্রঃ আমাৰ ভয়ৰ কাৰণ কি ?

উঃ বিপদৰ আশংকা।

প্রঃ কোনে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে ?

উঃ শিক্ষাবিদ চাৰ জন আদামচে।

প্রঃ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ গুৰি ধৰোতা কোন ?

উঃ পাৰ্চি নান।

প্রঃ ত্ৰিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয় ?

উঃ শিক্ষাৰ্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ।

প্রঃ কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা  অৰ্জনৰ ওপৰত গুৰত্ব দিছে ?

উঃ জন ডিউইয়ে।

প্রঃ শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায় ?

উঃ শিক্ষাবিদ জন ডিউইয়ে।

প্রঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?

উঃ কৈশোৰ কাল।

প্রঃ ‘Educare’  শব্দৰ অৰ্থ কি ?

উঃ প্ৰতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।

প্রঃ লেটিন শব্দ Educatum -ৰ অৰ্থ কি ?

উঃ শিক্ষাদান কৰা কাৰ্য।

প্রঃ ‘Emile’  গ্ৰন্থৰ ৰচক কোন ?

উঃ জে. জে. ৰুচো।

প্রঃ ‘Republic’  গ্ৰন্থৰ ৰচক কোন ?

উঃ প্লেটো।

প্রঃ UNESCO -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ United Nations Educational Scientific and Cultural Organisation

প্রঃ UNESCO কোন চনত গঠন কৰা হয় ?

উঃ ১৯৪৫  চনত।

প্রঃ NCERT-ৰ  সম্পূৰ্ণ ৰূপটো কি ?

উঃ National Council of Educational Research and Training.

প্রঃ DIET -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ District Institute of Educational Training.

প্রঃ C D ROM -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Compact Disk Read Only Memory.

প্রঃ ‘School’ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ গ্ৰীক ভাষাৰ Skhole শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।

প্রঃ ‘Curriculum’  শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ লেটিন ভাষাৰ ‘Currere’ শব্দৰ পৰা।

প্রঃ UGC  কিমান চনত স্থাপিত হয় ?

উঃ ১৯৫৩ চনত।

প্রঃ Website  ৰ প্ৰথম পেজটোক কি বুলি জনা যায় ?

উঃ Home Page।

প্রঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উঃ চাৰিটা।

প্রঃ শৈশৱ কালত কি শিক্ষা দিয়া হয় ?

উঃ প্ৰাক্-প্ৰাথমিক শিক্ষা।

প্রঃ বাল্যকালত কি শিক্ষা দিয়া হয় ?

উঃ প্ৰাথমিক শিক্ষা।

প্রঃ আনুষ্ঠানিক  শিক্ষাৰ প্ৰথম পৰ্যায়টো কি ?

উঃ প্ৰাথমিক শিক্ষা।

প্রঃ প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয় ?

উঃ ৬ বছৰ বয়সৰ পৰা।

প্রঃ জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয় ?

উঃ কৈশোৰ কালছোৱাক।

প্রঃ কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় ?

উঃ ১৯৮৫ চনত।

প্রঃ কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল ?

উঃ ১৯৬১চনত।

প্রঃ অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?

উঃ ১২০-১৪০।

প্রঃ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উঃ ১৪০ -ৰ উর্ধত । 

প্রঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?

উঃ ১১০-১২০।

প্রঃ শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত ?

উঃ বৰ্গাকাৰ হোৱা উচিত।

প্রঃ বিদ্যালয় প্রতিষ্ঠানৰ  মানৱ সম্পদ তিনিটাৰ নাম লিখা।

উঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।

প্রঃ বিদ্যালয় প্রতিষ্ষ্ঠানৰ বৈষয়িক  সম্পদ তিনিবিধৰ নাম লিখা।

উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।

প্রঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?

উঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।

প্রঃ ‘শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি  তোলা হয়’: কথাষাৰ কোনে কৈছিল ?

উঃ টি ৰেমন্ট। 0 0 0

 

পাঠ- ৮

আৱিষ্কাৰ আৰু আৱিষ্কাৰক

 

প্রঃ ফাউন্টেইন পেন কোনে উদ্ভাৱন কৰিছিল ?

উঃ লুই এডচন ৱাটাৰমেন (আমেৰিকা)।

প্রঃ বিজুলী বাতি কোনে উদ্ভাৱন কৰিছিল ?

উঃ থমাচ  আলভা এডিচন।

প্রঃ গ্ৰামোফোন কোনে উদ্ভাৱন কৰিছিল ?

উঃ ইমিল বাৰ্লিনাৰ (আমেৰিকা)।

প্রঃ চিলাই মেচিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ইলিয়াচ হাও (আমেৰিকা)।

প্রঃ ছেন্টিগ্ৰেড স্কেল কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এণ্ডাৰচন ছেলছিয়াচ (চুইডেন)।

প্রঃ ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জেমচ ৱাট (স্কটলেণ্ড)।

প্রঃ ফোনোগ্ৰাফ কোনে উদ্ভাৱন কৰিছিল ?

উঃ টমাচ আলভা এডিচন (আমেৰিকা)।

প্রঃ টেলিফোন কোনে উদ্ভাৱন কৰিছিল ?

উঃ আলেকজেণ্ডাৰ গ্ৰাহাম বেল (স্কটলেণ্ড)।

প্রঃ ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আলফ্রেড  নেবল (চুইডেন)।

প্রঃ ছপা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ যোহান গুটেনবাৰ্গ (জাৰ্মানী)।

প্রঃ ৰাইফল কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ যোছেফ কটাৰ (জাৰ্মানী)।

প্রঃ বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন ডেনিচ (ইংলণ্ড)।

প্রঃ ডায়নামো কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মাইকেল ফেৰাডে (ইংলণ্ড)।

প্রঃ শ্বৰ্টহেণ্ড কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আইজাক পিটমেন (ইংলণ্ড)।

প্রঃ অক্সিজেন কোনে উদ্ভাৱন কৰিছিল ?

উঃ যোচেফ প্ৰিছলি (বৃটেইন)।

প্রঃ ক্ল’ৰোফৰ্ম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জেমচ ইয়ং ছিমছন (স্কটলেণ্ড)।

প্রঃ টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এছ এফ ব্রিজ মৰ্চ (আমেৰিকা)।

প্রঃ বীজ গণিত কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ডিঅ’ফেন্টাছ (গ্ৰীচ)।

প্রঃ জ্যামিতি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ইউক্লিড (গ্ৰীচ)।

প্রঃ নিৰাপদ চাকি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হামফ্রে ডেভি (ইংলণ্ড)।

প্রঃ প্ৰেচাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ডেনিচ পেপিন (ফ্রাঞ্চ)।

প্রঃ পেণ্ডুলাম ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ খ্ৰীষ্টিয়ান হাইজেন (নেদাৰলেণ্ড)।

প্রঃ হাইড্ৰজেন কোনে উদ্ভাৱন কৰিছিল ?

উঃ হেনৰী  কেভেনডিচ (বৃটেইন)।

প্রঃ নাইট্ৰ’জেন কোনে উদ্ভাৱন কৰিছিল ?

উঃ ডেনিয়েল ৰাডাৰফৰ্ড (বৃটেইন)।

প্রঃ ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?

উঃ ৰুডলফ দেবেল (জাৰ্মানী)।

প্রঃ ৰিফ্রিজেৰেটৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফাৰ্দিনান্দ কাৰে (ফ্রাঞ্চ )।

প্রঃ ছেপটি পিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ৱাল্টাৰ হান্ট (আমেৰিকা)।

প্রঃ নিৰাপদ জুইশালা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন লেণ্ডষ্টৰ্ম, জন কেপিং (চুইডেন)

প্রঃ আধুনিক জুইশালা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন ৱাকাৰ (ইংলণ্ড)।

প্রঃ আধুনিক বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মেকমিলান (স্কটলেণ্ড)।

প্রঃ মাধ্যাকৰ্ষণ শক্তি কোনে উদ্ভাৱন কৰিছিল ?

উঃ আইজাক নিউটন (ইংলণ্ড)।

প্রঃ টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন লোগি বেয়াৰ্ড (স্কটলেণ্ড)

প্রঃ উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ উইলবাৰ ৰাইট আৰু অৰবিল ৰাইট (আমেৰিকা)

প্রঃ টেপ ৰেকৰ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ভালডেমাৰ পলচন (ডেনমাৰ্ক)।

প্রঃ চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ কাৰ্ণেলিচ ডেবেল (পৰ্তুগাল)

প্রঃ আধুনিক চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ডেভিড বুশ্বনেল (আমেৰিকা)

প্রঃ গ্ৰহৰ গতি সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জোহান কেপলাৰ (জাৰ্মানী)।

প্রঃ তললৈ গতি কৰা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ গেলিলি (ইটালী)।

প্রঃ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ গেলিলি (ইটালী)

প্রঃ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আলেকজেণ্ডাৰ ফ্লেমিং

প্রঃ জীৱ বিৱৰ্তনবাদ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ চাৰ্লচ ডাৰউইন (ইংলণ্ড)

প্রঃ সূৰ্য সৌৰজগতৰ কেন্দ্ৰ বুলি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ক’পাৰনিকাচ (পোলেণ্ড)।

প্রঃ ট্রেনজিষ্টৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন বাৰ্ডিন, ৱাল্টাৰ ব্রাটেইন (আমেৰিকা)।

প্রঃ নাইলন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ৱালেঞ্চ কেৰোদৰচ (আমেৰিকা)।

প্রঃ লগাৰিথিম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন নেপিয়াৰ (স্কটলেণ্ড)

প্রঃ টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হানছ লিপাৰছে (নেদাৰলেণ্ডছ)

প্রঃ নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জেমচ চেডউইক (বৃটেইন)

প্রঃ প্ৰট’ন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আৰ্নেষ্ট ৰাডাৰফ’ৰ্ড

প্রঃ আপেক্ষিকতাবাদ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।

প্রঃ ইউৰেনিয়াম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মাৰ্টিন ক্লপৰ্থ (জাৰ্মানী)।

প্রঃ অ’জন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ খ্ৰীষ্টিয়ান স্কনেবইন (জাৰ্মানী)।

প্রঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মাইকেল ফেৰাডে (বৃটেইন)।

প্রঃ এলুমিনিয়াম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হেনছ খ্ৰীষ্টিয়ান অষ্টেড (ডেনমাৰ্ক)।

প্রঃ কোনে  পোন প্ৰথমতে প্ৰতিফলক দূৰবীণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল ?

উঃ নিউটন।

প্রঃ ইউৰেনাচ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ উইলিয়াম হাৰ্চেল (বৃটেইন)।

প্রঃ ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মেৰী কুৰী, পিয়েৰী কুৰী (ফ্রাঞ্চ)।

প্রঃ ইলেক্ট্রন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ চাৰ জোছেফ টমছন (বৃটেইন)।

প্রঃ তেজক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এন্টোইন বেকাৰেল (ফ্রাঞ্চ)।

প্রঃ পোহৰৰ বিদ্যুৎ চুম্বকীযা তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মে’ৱেল।

প্রঃ হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ চিৰকস্কি।

প্রঃ এয়াৰ কণ্ডিশ্বনাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ কেৰিয়াৰ।

প্রঃ কোন জন বিজ্ঞানীয়ে পোহৰৰ তৰঙ্গ তত্ত্ব আগবঢ়াইছিল ?

উঃ খ্ৰীষ্টিয়ান হাইজেন।

প্রঃ কোনজন বিজ্ঞানীয়ে পোন প্ৰথমতে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল ?

উঃ লুই-ফিজাউ।

প্রঃ গেছ লাইট কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মাৰ্ড’ক।

প্রঃ মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আৰ. এ. মিলিকান।

প্রঃ সূৰ্যৰ পোহৰত সাতোটা ৰং  থাকে বুলি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ নিউটন।

প্রঃ ৰবট কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ কাৰ্ল কােপক।

প্রঃ লিফ্ট কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ই. আটিছ।

প্রঃ বজ্ৰপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ বেঞ্জামিন ফ্রেঙ্কলিন।

প্রঃ ৰঞ্জন ৰশ্মি কেনে আৱিষ্কাৰ কৰিছিল ?

উঃ ৰঞ্জন।

প্রঃ পাৰাযুক্ত থাৰ্মেমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফাৰেণ হাইট।

প্রঃ এন্টেনা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আলেকজেণ্ডাৰ প’পভ।

প্রঃ কোনে প্ৰথমে সেউজ গৃহৰ প্ৰভাৱ আৱিষ্কাৰ কৰিছিল ?

উঃ জোছেফ ফৰিয়াৰ।

প্রঃ ডি. ডি. টি. কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ পলমিলাৰ।

প্রঃ হহুঁৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জে. প্ৰিষ্টলী।

প্রঃ আধুনিক পাৰমাণৱিক তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন ডেল্টন।

প্রঃ ওপঙা বস্তুৰ সূত্ৰ কোনে  আৱিষ্কাৰ কৰিছিল ?

উঃ আৰ্কিমিডিছ।

প্রঃ চেলফোন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ চাৰ্লছ ক্ৰছ।

প্রঃ এককোষী প্ৰাণী কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এ. লিউয়েনহুক।

প্রঃ সোতৰ শতিকাৰ আৰম্ভণিতে মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হার্ভে কি আৱিষ্কাৰ কৰিছিল ?

উঃ ৰক্ত পৰিবহন।

প্রঃ মিছা কথা ধৰা  পেলোৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জন লাৰ্চেন।

প্রঃ অশ্ৰু গেছ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ডাঃ ভন টেপেন।

প্রঃ এ. চি. মটৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মিক’লা টেছলা।

প্রঃ কোকা কোলা কোনে উদ্ভাৱন কৰিছিল ?

উঃ ডাঃ জে. এছ. পেম্বাৰটন।

প্রঃ ‘জাইৰস্কপ’ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জিন ফকাল্ট।

প্রঃ গেছৰ গতি তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আৰ. বয়াল।

প্রঃ জলাতংক ৰোগৰ প্ৰতিষেধক বেজী কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ লুই পাস্তৰ।

প্রঃ বেলুন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ মন্টগলফাৰ ব্রদাৰ্চ।

প্রঃ ৰসায়ন বিজ্ঞানত পোন  প্ৰথমে কোনে নবেল বঁটা লাভ কৰে ?

উঃ জে. এইচ ভল্টহভ।

প্রঃ পেৰাচুট কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এফ ব্রনকাৰ্ড।

প্রঃ জেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এফ. হুইটলি।

প্রঃ লাউড স্পীকাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এণ্ডাৰছন।

প্রঃ হিলিয়াম গেছ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ লকাৰ।

প্রঃ পৰমাণু বোমা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ অট’হান।

প্রঃ বৈদ্যুতিক পাংখা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এছ. হুইলাৰ।

প্রঃ বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ নিক’লা টেছলা।

প্রঃ সৰু আইৰ ছিটা কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এডৱাৰ্ড জেনাৰ।

প্রঃ পানী যে এবিধ যৌগ, মৌল নহয়: সেয়া  কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এইচ. কেভিণ্ডিজ।

প্রঃ অতি বেঙুনীয়া ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জে. ডব্লিউ ৰিটাৰ।

প্রঃ অনুজীৱ বিদ্যাৰ জনক বুলি কাক কোৱা হয় ?

উঃ লুই পাস্তৰ।

প্রঃ আধুনিক হোমিঅ’পেথিক চিকিৎসা বিদ্যাৰ জনক কোন ?

উঃ হেনিমেন।

প্রঃ মধুমেহ ৰোগৰ চিকিৎসাত ইনচুলিনৰ প্ৰয়োজনীয়তা কোনে আৱিষ্কাৰ কৰে ?

উঃ বেন্টিং।

প্রঃ গেছ ষ্টোভ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ জেমছ শ্বাৰ্প।

প্রঃ ভিডিঅ’ গেম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ এন. বুশ্বনেল।

প্রঃ পাৰমাণৱিক ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ উইলিয়াম এফ. লিবিব।

প্রঃ জুই নুমুৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ডাঃ গডফ্রে ।

প্রঃ কাৰ্বন কাগজ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ আৰ. ৱেজউড। 0 0 0

Reference: Century Quiz

 

সমাপ্ত 

                                                           

One Comment

  1. Pingback: আৱিষ্কাৰ কুইজ। আৱিষ্কাৰক কুইজ। Discovery and Invention – Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *