ভাৰতৰ ক্ৰীড়া কুইজ 

 

প্রঃ ভাৰতীয় ফুটবল ফেডাৰেচন কেতিয়া প্রতিষ্ঠা কৰা  হৈছিল ?

উঃ ১৯৩৭ চনত। 

প্রঃ কোনগৰাকী ভাৰতীয় এথলিটক ‘সোণৰ ছোৱালী’ বুলি জনা যায় ?

উঃ পি টি ঊষা।

প্রঃ বিশ্ব অপেচাদাৰী বিলিয়াৰ্ড খিতাপ অৰ্জন কৰা প্রথমগৰাকী ভাৰতীয় কোন ?

উঃ উইলচন জনচ।

প্রঃ ১৯৮৯ চনত সুনীত লাহা কোনবিধ খেলত সৰ্বপ্রথম ভাৰতীয় বিশ্ব চেম্পিয়ন হৈছিল ?

উঃ ভাৰ উত্তোলন ।

প্রঃ ভাৰতৰ কোনজন বিখ্যাত হকী খেলুৱৈৰ উপনাম ‘হকীৰ যাদুকৰ’ ?

উঃ ধ্যানচান্।

প্রঃ  ‘গ্ৰেণ্ডমাষ্টাৰ’   উপাধি পোৱা  ভাৰতৰ  প্রথম  দবা খেলুৱৈজনৰ নাম কি ?

উঃ বিশ্বনাথন আনন্দ।

প্রঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে পোন প্রথমবাৰৰ বাবে ১০০ টা উইকেট দখল কৰিছিল ?

উঃ কপিল দেৱ।

প্রঃ কোনবিধ খেলত লিয়েণ্ডাৰ পেজৰ মাতৃ জেনিফাৰ পেজে ভাৰতক প্রতিনিধিত্ব কৰিছিল ?

উঃ বাস্কেট বল।

প্রঃ ৰণথীৰ সিং নামৰ এজন ভাৰতীয় খেলুৱৈয়ে১৯৭৬ চনত অনুষ্ঠিত এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ কোনবিধ খেলত এই পদক পাইছিল ?

উঃ শ্বুটিং।

প্রঃ লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ?

উঃ ১৯৫২ চনত।

প্রঃ ভলীবলৰ দল এটাত কিমানজন খেলুৱৈ থাকে ?

উঃ ৬ জন।

প্রঃ কোনজন ভাৰতীয় দবা খেলুৱৈয়ে মাত্ৰ বাৰটা মুভত খেল শেষ কৰি বিশ্ব অভিলেখ ভঙ্গ কৰে ?

উঃ বিশ্বনাথন আনন্দ।

প্রঃ ‘ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্রথম ব্যক্তিজন কোন ?

উঃ নুৰুল আমিন।

প্রঃ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?

উঃ আৰ. জি. বৰুৱা।

প্রঃ এদিনীয়া আন্তর্জাতিক  ক্ৰিকেট প্রতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্রথমজন অসমীয়া ব্যক্তি কোন ?

উঃ সুৰেণৰাম ফুকন।

প্রঃ ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক  উপন্যাসখনৰ লিখক কোন ?

উঃ শ্যামা প্ৰসাদ শৰ্মা।

প্রঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্রতিযোগিতাত জয় লাভ কৰা অসমৰ প্রথম খেলুৱৈ কোনজন ?

উঃ চুচেন দাস।

প্রঃ ভাৰত ‘এ’ দলত অন্তর্ভুক্ত  হোৱা অসমৰ প্রথম ক্ৰিকেটাৰ কোন ?

উঃ জাবেদ জামান।

প্রঃ ভাৰতীয় ফুটবল দলক অলিম্পিকত প্রতিনিধিত্ব কৰা অসমৰ প্রথম ফুটবলাৰ কোন ?

উঃ বীৰেন বড়ো।

প্রঃ কোন তাৰিখত অসমত  ‘ক্ৰীড়া দিৱস’ উদযাপন কৰা হয় ?

উঃ ১৭ অক্টোবৰ ।

প্রঃ ‘বৰদলৈ ট্ৰফী প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?

উঃ ১৯৯৩ চনত।

প্রঃ কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত  হৈছিল ?

উঃ ১৯৮৩ চনত।

প্রঃ ভাৰতৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ?

উঃ জীয়া ভৰলীত (অসম)।

প্রঃ প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?

উঃ বাবুল বাৰ্মিজ।

প্রঃ গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত  হৈছিল ?

উঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

প্রঃ অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?

উঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

প্রঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈ গৰাকী কোন ?

উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

প্রঃ উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?

উঃ উইলিয়াম মেগৰ দ্বাৰা।

প্রঃ বিশ্ব টেবুল টেনিচ প্রতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক  প্রতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উঃ পল্লৱী পৰাশ।

প্রঃ  ভাৰতৰ বক্সিং দলত জয়  লাভ কৰা অসমৰ প্রথম গৰাকী খেলুৱৈ কোন ?

উঃ বিতোপন শইকীয়া।

প্রঃ ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্রতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন ?

উঃ এলভিছ আলী হাজৰিকা।

প্রঃ  অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্রথম খেলুৱৈ গৰাকী কোন ?

উঃ টালিমেৰণ আও (১৯৪৮ চন)।

প্রঃ  অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?

উঃ এলভিচ আলী হাজৰিকা।

প্রঃ ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্রথম পদক অৰ্জন কৰিছিল ?

উঃ মানস দাস (১৯৮৯ চন)। 

প্রঃ ১৯৮৫ চনত ৰাষ্ট্ৰীয়  সাঁতোৰ প্রতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন ?

উঃ মিঠু বৰুৱা।

প্রঃ এছিয়ান গেমচত সোণৰ পদক পোৱা প্রথম অসমীয়া খেলুৱৈ কোন ?

উঃ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন)।

প্রঃ অসমৰ কোন গৰাকী প্রসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ?

উঃ নিপ বৰুৱা।

প্রঃ ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?

উঃ অংশুমান দত্ত  (১৪ বছৰ বয়সত)।

প্রঃ ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উঃ দীপাংকৰ ভট্টাচাৰ্য।

প্রঃ ১৯৮৫ চনত বেংককত অনুষ্ঠিত ফুটবল প্রতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্রতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?

উঃ ফ্রান্সিচ বৰুৱা।

প্রঃ ভাৰতীয় টেবুল টেনিচ দলক প্রতিনিধিত্ব কৰা অসমৰ প্রথম গৰাকী খেলুৱৈ কোন ?

উঃ নন্দিনী বৰুৱা। 0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *