ভাৰতৰ ধৰ্ম, উৎসৱ, লোকাচাৰ কুইজ 

 

প্রঃ  ভাৰতৰ প্রাচীনতম ধৰ্ম কি ?

উঃ হিন্দু ধৰ্ম।

প্রঃ  কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয় ?

উঃ দূৰ্গোৎসৱ।

প্রঃ দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় ?

উঃ হোলি উৎসৱ।

প্রঃ ভাৰতত উদ্ভৱ হোৱা দুটি ধৰ্মৰ নাম কোৱা ?

উঃ জৈন ধৰ্ম আৰু শিখ ধৰ্ম।

প্রঃ শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় ?

উঃ আহিন মাহৰ পূৰ্ণিমা তিথিত।

প্রঃ ভাৰতৰ কোনখন ঠাইত ‘দিলৱাৰা’ মন্দিৰ অৱস্থিত ?

উঃ মাউন্ট আবুত।

প্রঃ ভাৰতৰ সূৰ্য মন্দিৰ ক’ত অৱস্থিত ?

উঃ কোণাৰ্কত।

প্রঃ ভাৰতৰ প্রাচীনতম গীৰ্জা ঘৰটো ক’ত অৱস্থিত ?

উঃ কেৰালাৰ পালায়ুৰত।

প্রঃ ভাৰতত অৱস্থিত  ইহুদীসকলৰ প্রাচীনতম  উপাসনা গৃহটো ক’ত ?

উঃ কেৰালাৰ কোঁচিত।

প্রঃ এচিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক’ত অৱস্থিত ?

উঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত।

প্রঃ ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি  মঠ- মন্দিৰ আছে ?

উঃ হিমাচল প্ৰদেশত।

প্রঃ ভাৰতৰ কোনখন ঠাই স্নানঘাট, বিশ্ববিদ্যালয় আৰু ৰেচম কােপাৰৰ বাবে বিখ্যাত ?

উঃ বাৰাণসী।

প্রঃ বিখ্যাত লিঙ্গৰাজ মন্দিৰ ক’ত অৱস্থিত ?

উঃ ভূৱেনশ্বৰত।

প্রঃ মীনাক্ষি  মন্দিৰ ক’ত অৱস্থিত  ?

উঃ মাদুৰাইত।

প্রঃ ভাৰতৰ বৃহৎ মছজিদ কোনটো ?

উঃ  দিল্লীৰ জামা মচজিদ।

প্রঃ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গুৰুদ্বাৰটো ক’ত অৱস্থিত ?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

প্রঃ বিশ্বৰ প্রথমটো গ্ৰেনাইট মন্দিৰ ক’ত অৱস্থিত ?

উঃ তামিলনাডুৰ তাঞ্জাবুৰত থকা বৃহদেশ্বৰ মন্দিৰ।

প্রঃ এহেজাৰটা স্তম্ভযুক্ত ভাৰতৰ দীৰ্ঘতম মন্দিৰ কোনখন ?

উঃ তামিলনাডুৰ ৰামেশ্বৰমৰ ৰামানাথন স্বামী মন্দিৰ।

প্রঃ পদ্ম পুৰাণত শ্লোকৰ সংখ্যা কিমান ?

উঃ পঁচপন্ন হাজাৰ।

প্রঃ মাৰ্কণ্ডেয় পুৰাণত শ্লোকৰ সংখ্যা কিমান ?

উঃ ন হাজাৰ।

প্রঃ ‘জগন্নাথ মন্দিৰ’ ক’ত অৱস্থিত ?

উঃ পুৰীত।

প্রঃ শ্রীকৃষ্ণই  জন্ম লাভ কৰা ঠাইখনৰ নাম কি ?

উঃ মথুৰা।

প্রঃ ভাৰতৰ বৃহত্তম  গুহা  মন্দিৰ ক’ত অৱস্থিত ?

উঃ মহাৰাষ্ট্ৰৰ কাৰ্লি গাঁৱত।

প্রঃ ‘আলি- আই- লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি ?

উঃ গুমৰাগ নৃত্য।

প্রঃ বাৰাণসী ক’ত অৱস্থিত ?

উঃ উত্তৰ  প্ৰদেশত।

প্রঃ উজ্জয়িনী ক’ত অৱস্থিত ?

উঃ মধ্য প্ৰদেশত।

প্রঃ শ্ৰীৰংগম মন্দিৰ ক’ত অৱস্থিত ?

উঃ তামিলনাডুৰ তিৰোচিৰাপল্লীত।

প্রঃ জৈনসকলৰ শিখৰজী মন্দিৰ ক’ত অৱস্থিত ?

উঃ বিহাৰত।

প্রঃ ৰামেশ্বৰম মন্দিৰ ক’ত অৱস্থিত ?

উঃ তামিলনাডুত।

প্রঃ মহাকাল মন্দিৰ ক’ত অৱস্থিত ?

উঃ উজ্জয়িনীত।

প্রঃ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত ?

উঃ নীলাচল পাহাৰত (অসম)।

প্রঃ মহাবালিপুৰম মন্দিৰ ক’ত অৱস্থিত ?

উঃ মহাবালিপুৰমত।

প্রঃ কেদাৰনাথ মন্দিৰ ক’ত অৱস্থিত ?

উঃ উত্তৰাখণ্ডত।

প্রঃ বদৰিনাথ মন্দিৰ ক’ত অৱস্থিত ?

উঃ উত্তৰাখণ্ডত।

প্রঃ অমৰনাথ মন্দিৰ ক’ত অৱস্থিত ?

উঃ কাশ্মীৰত।

প্রঃ অযোধ্যা ক’ত অৱস্থিত ?

উঃ উত্তৰ  প্ৰদেশত।

প্রঃ বৗদ্ধ ধৰ্মৰ প্রৱৰ্তক কোন ?

উঃ  গৌতম বুদ্ধ।

প্রঃ কিমান চনত বুদ্ধদেৱৰ জন্ম হয় ?

উঃ  ৫৬৩ খ্ৰীষ্টপূৰ্বত।

প্রঃ তিৰোপতি মন্দিৰ ক’ত অৱস্থিত ?

উঃ অন্ধ্ৰপ্ৰদেশত।

প্রঃ সূৰ্য মন্দিৰ ক’ত অৱস্থিত ?

উঃ উৰিষ্যাৰ কোণাৰ্কত।

প্রঃ কঞ্চ মন্দিৰ ক’ত অৱস্থিত ?

উঃ ইন্দোৰত।

প্রঃ কৈলাশনাথ মন্দিৰ ক’ত  অৱস্থিত ?

উঃ কাঞ্চীপুৰমত।

প্রঃ শিখসকলৰ স্বৰ্ণ মন্দিৰ ক’ত অৱস্থিত ?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

প্রঃ বৗদ্ধ ধৰ্মৰ মূল ধৰ্ম গ্রন্থখনৰ নাম কি ?

উঃ ত্ৰি-পিটক।

প্রঃ বৗদ্ধ ধৰ্মৰ মূল ভাগ দুটা কি কি ?

উঃ মহাযান আৰু হীনযান।

প্রঃ কেতিয়া হিন্দু ধৰ্মৰ উদ্ভৱ হয় ?

উঃ ১৫০০ খ্ৰীষ্টপূৰ্বত।

প্রঃ জৈন ধৰ্মৰ প্রৱৰ্তক কোন ?

উঃ মহাবীৰ জৈন।

প্রঃ জৈন ধৰ্মৰ প্রধান দেৱতাৰ নাম কি ?

উঃ জৈন ধৰ্ম মতে কোনো দেৱতা নাই।

প্রঃ শিখ ধৰ্মৰ প্রৱৰ্তক কোন ?

উঃ গুৰু নানক।

প্রঃ গুৰু নানকৰ জন্ম কিমান চনত হয় ?

উঃ ১৪৬৯ চনত।

প্রঃ শিখ ধৰ্ম গ্রন্থখনৰ নাম কি ?

উঃ গুৰু গ্ৰন্থ চাহিব।

প্রঃ শিখ সকলৰ পৱিত্ৰ তীৰ্থস্থান  ক’ত ?

উঃ পঞ্জাৱৰ অমৃতস্বৰত।

প্রঃ হিন্দু ধৰ্মৰ মূল গ্রন্থ  কেইটা কি কি ?

উঃ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ চাৰিটা, যেনে- ঋক বেদ, যৰ্জু বেদ, সাম বেদ আৰু অথৰ্ব বেদ।

প্রঃ চাৰিখন বেদৰ সাৰকথা সন্নিবিষ্ট কৰি লিখা হিন্দুসকলৰ জনপ্রিয় ধৰ্ম পুথিখনৰ নাম কি ?

উঃ ভগৱৎ গীতা।

প্রঃ ভাৰতত উদ্ভৱ হোৱা হিন্দু ধৰ্ম কোনটো বিদেশী ধৰ্মৰ লগত ওচৰ সম্বন্ধ আছে ?

উঃ জোৰষ্টাৰ ধৰ্ম।

প্রঃ ভাৰতৰ কোন দুখন মহাকাব্যক ধৰ্ম গ্রন্থৰ মৰ্যদাৰে অধ্যয়ন কৰা হয় ?

উঃ ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’।

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী ?

উঃ ১৩.৪ % ।

প্রঃ ‘হিন্দুকা গুৰু, মুছলমানকা পীৰ’- কথাষাৰ ভাৰতৰ কোনজন ধৰ্ম প্রৱৰ্তকৰ ক্ষেত্ৰত  কোৱা হয় ?

উঃ গুৰু নানক।

প্রঃ পৰেশনাথ পাহাৰৰ মন্দিৰটো কোন ধৰ্মৰ মানুহৰ তীৰ্থস্থান ?

উঃ জৈন ধৰ্মৰ।

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক খ্রীষ্টান ধৰ্মাৱলম্বী ?

উঃ ২.৩%।

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক শিখ ধৰ্মাৱলম্বী ?

উঃ ১.৯ %।

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী ?

উঃ ০.৮ % ।

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক জৈন ধৰ্মাৱলম্বী ?

উঃ ০.৪ %। 

প্রঃ ২০০১ চনৰ লোক পিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক হিন্দু  ধৰ্মাৱলম্বী ?

উঃ ৮০.৫%। 

প্রঃ ভাৰতৰ উত্তৰ -পূৰ্বাঞ্চলত ধৰ্মীয় জাগৰণৰ সৃষ্টি  কৰা মহাপুৰুষজনৰ নাম কি ?

উঃ মহাপুৰুষ শংকৰদেৱ।

প্রঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাব্য গ্রন্থখনৰ নাম কি ?

উঃ মহাভাৰত।

প্রঃ কোন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল ?

উঃ বিশ্বামিত্ৰ।

প্রঃ প্রাচীনতম বেদ কোনখন ?

উঃ ঋক বেদ।

প্রঃ পুৰাণ প্রধানকৈ কেইখন ?

উঃ ১৮ খন।

প্রঃ ‘মহাভাৰত’ কোনে ৰচনা কৰিছিল ?

উঃ ব্যাসদেৱে।

প্রঃ ইছলাম ধৰ্মৰ প্রৱৰ্তক কোন ?

উঃ মহাপুৰুষ হজৰত মহম্মদ।

প্রঃ ইছলাম ধৰ্মী লোকসকলৰ প্রধান ধৰ্মীয় উৎসৱ কি ?

উঃ ঈদ।

প্রঃ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰেপক্ষ Žৰাষ্ট্ৰ  হয়নে ?

উঃ হয়।

প্রঃ বুদ্ধদেৱে যিখন গছৰ তলত ধ্যান কৰি পৰম জ্ঞান প্রাপ্ত হৈছিল সেইখন গছক কি বুলি কোৱা হয় ?

উঃ বোধিদ্ৰুম।

প্রঃ বুদ্ধদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ নেপালৰ কপিলাবস্তু নামে ঠাইত।

প্রঃ বুদ্ধদেৱে ক’ত তেওঁৰ প্রথম ধৰ্ম উপদেশ প্রচাৰ কৰে ?

উঃ সাৰনাথত।

প্রঃ কোনজন ভাৰতীয় ধৰ্মগুৰুক ‘এচিয়াৰ পোহৰ’ বুলি কোৱা হয় ?

উঃ বুদ্ধদেৱ। 0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *