ভাৰতৰ সহিত্য কুইজ 

 

প্রঃ ভাৰতবৰ্ষত মুঠ কেইটা ভাষা  আছে ?

উঃ ১,৬৩৫ টা।

প্রঃ ভাৰতৰ চৰকাৰী ভাষা কি ?

উঃ হিন্দী।

প্রঃ কেতিয়া সংস্কৃত ভাষাৰ উদ্ভৱ হয় ?

উঃ আনুমানিক ৩০০০ খ্ৰীষ্টপূৰ্বত।

প্রঃ ভাৰতীয় ভাষাবোৰ  কোন ভাষা গোষ্ঠীৰ অন্তর্ভুক্ত ?

উঃ ইণ্ডো-এৰিয়ান আৰু দ্ৰাবিড়িয়ান ভাষা গোষ্টীৰ অন্তৰ্ভূক্ত ?

প্রঃ অন্ধ্ৰপ্রদেশৰ ৰাজ্যিক ভাষা কি ?

উঃ তেলেগু, উৰ্দু।

প্রঃ ছত্তিশগড়ৰ ৰাজ্যিক ভাষা কি ?

উঃ হিন্দী।

প্রঃ গোৱাৰ ৰাজ্যিক ভাষা কি ?

উঃ কঙ্কনী আৰু মাৰাঠী।

প্রঃ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?

উঃ ভট্টদেৱ।

প্রঃ ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?

উঃ কথা গীতা।

প্রঃ প্রথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?

উঃ আমেৰিকান মিচনেৰী মাইকেল ব্রঞ্চন চাহাবে  ১৮৬৭ চনত।

প্রঃ অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ?

উঃ ৬০ % লোকে।

প্রঃ শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বোলে ?

উঃ অংকীয়া নাটক।

প্রঃ কোনজন ভাৰতীয় লিখকে প্রথমতে সাহিত্যত নবেল বঁটা লাভ কৰে ?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰে (বাংলা সাহিত্যত)।

প্রঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন পুথিৰ বাবে  নবেল বঁটা লাভ কৰে ?

উঃ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখনৰ বাবে (১৯১৩ চনত)।

প্রঃ সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?

উঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

প্রঃ প্রথম অসমীয়া উপন্যাস কোনখন ?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

প্রঃ মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ ‘মোৰ সত্য অন্বেষনৰ কাহিনী’ ।

প্রঃ ভাৰতৰ কোনজন কবিক ‘কবিগুৰু’ বুলি অভিহিত কৰা হৈছে ?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰক।

প্রঃ ‘দ্য ইনহেৰিটেন্স অফ লছ’  নামৰ গ্রন্থখনৰ লিখক কোন ?

উঃ কিৰণ দেশাই।

প্রঃ ভাৰতৰ পুৰণি মহাকাব্যখনৰ নাম কি ?

উঃ ৰামায়ণ।

প্রঃ ‘গীত গোবিন্দ’ পুথিখনৰ ৰচক কোন ?

উঃ জয়দেৱ।

প্রঃ ‘পঞ্চতন্ত্ৰ’ পুথিখনৰ ৰচকজন কোন ?

উঃ বিষ্ণু শৰ্মা।

প্রঃ সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উঃ মাধৱ কন্দলিয়ে।

প্রঃ সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উঃ ৰাম স্বৰস্বতীয়ে।

প্রঃ হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ  কোনখন ?

উঃ চিত্ৰ ভাগৱত।

প্রঃ ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্রঃ ‘দ্য ৰিভেন্যু স্টাম্প’ কোনজন ভাৰতীয় লেখকৰ আত্মজীৱনী ?

উঃ অমৃতা প্ৰীতম।

প্রঃ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?

উঃ হিউয়েনচাং।

প্রঃ ‘ইন্ডিয়া উইনচ ফ্রিডম’ গ্রন্থখনৰ ৰচক কোন ?

উঃ মৌলানা আবুল কালাম আজাদ।

প্রঃ কোনে ‘ৰামচৰিত মানস’ ৰচনা কৰিছিল ?

উঃ তুলসী দাস ।

প্রঃ ‘অৰ্থশাস্ত্ৰ’ গ্রন্থ খন কোনে ৰচনা কৰিছিল ?

উঃ কৌটিল্যই।

প্রঃ ‘সূৰ্য সিদ্বান্ত’ পুথিখনৰ ৰচক কোন ?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্রঃ ‘দ্য গড অফ স্মল থিংনচ’ নামৰ গ্রন্থখনৰ ৰচক কোন ?

উঃ অৰুন্ধতী ৰয়।।

প্রঃ ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ জীৱনৰ ওপৰত তেওঁৰ ভায়েক অজিত তেণ্ডুলকাৰে ৰচনা কৰা জীৱনীমূলক গ্রন্থখনৰ নাম কি ?

উঃ ‘দ্য মেকিং অফ এ ক্ৰিকেটাৰ’।

প্রঃ  অসমীয়া ভাষাত ছপা হোৱা প্রথম পুথিখনৰ নাম কি ?

উঃ ধৰ্ম পুস্তক।

প্রঃ ‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন ?

উঃ চন্দনা গোস্বামী।

প্রঃ অসমীয়া ভাষাত কোনে প্রথম সাধু কথাৰ পুথি ৰচনা কৰে ?

উঃ এলিজা ব্রাউন, ১৮৫০ চনত।

প্রঃ ‘ইগনাইটেড মাইণ্ড’ গ্রন্থখনৰ ৰচিয়তা কোন ?

উঃ এ পি জে আব্দুল কালাম।

প্রঃ কোনজন ভাৰতীয় লিখকক ইংৰাজ কবি উইলিয়াম শ্বেক্সপীয়েৰৰ লগত তুলনা কৰা হয় ?

উঃ কালিদাস।

প্রঃ ‘শকুন্তলা’ নাটকখন কোনে ৰচনা কৰিছিল ?

উঃ কালিদাসে।

প্রঃ হৰিনাৰায়ণ আপ্তে কোন ভাষাৰ সাহিত্যিক ?

উঃ মাৰাঠী।

প্রঃ অসমীয়া ভাষাত ৰচিত প্রথম চনেট পুথি কোনখন ?

উঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।

প্রঃ জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

প্রঃ অসমৰ পৰা প্রকাশিত প্রথম দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উঃ ‘দ্য আসাম ট্ৰিবিউন’।

প্রঃ মহিলাসকলৰ বাবে প্রকাশিত প্রথম অসমীয়া আলোচনীখনৰ নাম কি ?

উঃ ঘৰ জেউতি।

প্রঃ প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি ?

উঃ ভানুমতী।

প্রঃ অমৃতা প্রীতম কোন ভাষাৰ সাহিত্যিক ?

উঃ পঞ্জাৱী।

প্রঃ ‘ক্ৰিকেট মাই স্টাইল’ নামৰ আত্মজীৱনীখন কাৰ ৰচনা ?

উঃ কপিল দেৱ।

প্রঃ ‘মধুশালা’ গ্রন্থখনৰ ৰচক কোন ?

উঃ হৰি বংশ ৰায় বচ্চন।

প্রঃ ‘কীৰ্তন ঘোষা’ গ্রন্থখনৰ ৰচক কোন ?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্রঃ প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উঃ দৈনিক বাতৰি।

প্রঃ কবি মনকৰে কি গ্রন্থ ৰচনা কৰিছিল ?

উঃ পদ্ম পুৰাণৰ অংশ।

প্রঃ আহোম যুগৰ শ্রেষ্ঠ কবি কোন ?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্রঃ কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ?

উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩  চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

প্রঃ ভাৰতৰ ‘জাতীয় সঙ্গীত’ কোনে ৰচনা কৰে ?

উঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। 

প্রঃ ‘এ প্রিন্সেস ৰিমেম্বাৰ’ নামৰ আত্মজীৱনীখন কাৰ ?

উঃ মহাৰাণী গায়ত্ৰী দেৱী।

প্রঃ অসমৰ প্রথম বাতৰি কাকত কোনখন ?

উঃ অৰুনোদই।

প্রঃ মহম্মদ  ইকবাল কোন ভাষাৰ কবি আছিল ?

উঃ উৰ্দু ভাষাৰ।

প্রঃ প্রথম ভাৰতীয় ইংৰাজী কবি কোন ?

উঃ হেনৰী ডেৰ’জিঅ’।

প্রঃ ভাৰতৰ কোনজন ইংৰাজী লিখকক ‘মালগুডি’ৰ লিখক বুলি কোৱা হয় ?

উঃ আৰ. কে. নাৰায়ণক।

প্রঃ কম্পিউটাৰত কোনে প্রথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল ?

উঃ দিলীপ কুমাৰ দত্তই।

প্রঃ ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত প্রথম অসমীয়া সাহিত্যিকজনৰ নাম কি ?

উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *