ভাৰত বুৰঞ্জী কুইজ  

 

প্রঃ আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০  মাজত।

প্রঃ প্রাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয় ?

উঃ সিন্ধু সভ্যতা।

প্রঃ মৌৰ্য সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে ?

উঃ খ্ৰীষ্টপূর্ব ৩২১ চনত ।

প্রঃ মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উঃ ৩২৭ খ্ৰীষ্টপূৰ্বত।

প্রঃ  চানক্যই ৰচনা কৰা বিখ্যাত গ্রন্থখনৰ নাম কি ?

উঃ অৰ্থশাস্ত্ৰ।

প্রঃ চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজনৰ নাম কি আছিল ?

উঃ মেগাস্থেনিচ।

প্রঃ অশোকৰ শিলালিপিবোৰ  কোন ভাষাত লিখা হৈছি ?·

উঃ প্ৰাকৃত ভাষাত।

প্রঃ গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল ?

উঃ পাটলিপুত্ৰ।

প্রঃ মগধ সাম্ৰাজ্যৰ প্রতিষ্ঠাতা  কোন ?

উঃ বিম্বিসাৰ।

প্রঃ শ্রেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ কোনে সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল ?

উঃ উপগুপ্ত নামৰ এজন বৌদ্ধ সন্নাসীয়ে।

প্রঃ কোনে ‘শকাব্দ’ নামৰ চনৰ প্রচলন কৰিছিল ?

উঃ কণিষ্কই।

প্রঃ কণিষ্ক কোন বংশৰ লোক আছিল ?

উঃ কুষাণ বংশৰ।

প্রঃ গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ  ‘নেপোলিয়ন’ বুলি কোৱা হয় ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?

উঃ দ্বিতীয় চন্দ্ৰগুপ্ত।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয় ?

উঃ গুপ্ত যুগক।

প্রঃ কোনজন চীনা পৰিব্রাজক  হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল ?

উঃ হিউৱেন-চাং।

প্রঃ ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আবাসিক আন্তঃৰাষ্ট্রীয়  বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয় ?

উঃ নালন্দা বিশ্ববিদ্যালয়।

প্রঃ ভাৰতত কেতিয়া ‘বিক্ৰমী যুগ’ আৰম্ভ হয় ?

উঃ খ্ৰীষ্টপূৰ্ব ৫৮।

প্রঃ কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ৪৮৭।

প্রঃ কোনে ভাৰতত পাল বংশ প্রতিষ্ঠা কৰে ?

উঃ ৰজা গোপালে।

প্রঃ গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰত আক্ৰমণ কৰিছিল ?

উঃ  শূূণ জাতিয়ে।

প্রঃ গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি ?

উঃ অজন্তা গুহা চিত্ৰ।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ বুলি কোৱা হয় ?

উঃ  গুপ্তযুগক।

প্রঃ ভাৰতৰ প্রাচীনতম ৰাজবংশটোৰ নাম কি ?

উঃ মৌৰ্য বংশ।

প্রঃ গুপ্ত যুগত ভাৰতত কোন ধৰ্মই  প্ৰভাৱ বিস্তাৰ   কৰিছিল ?

উঃ হিন্দু ধৰ্ম।

প্রঃ কোনজন ভাৰত শাসকক ‘অমিত্ৰঘাত’ (শত্ৰুনিধক) আখ্যা দিয়া হৈছে ?

উঃ বিন্দুসাৰ।

প্রঃ মহেঞ্জোদাৰো ক’ত অৱস্থিত ?

উঃ পাকিস্থানৰ সিন্ধু প্ৰদেশত।

প্রঃ সিন্ধু উপত্যকাৰ সভ্যতা ধবংশ হোৱাৰ প্রধান কাৰণ কি আছিল ?

উঃ বানপানী আৰু ধুমুহা।

প্রঃ কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্রচলন হয় ?

উঃ গুপ্ত বংশ।

প্রঃ তৰাইনৰ প্রথম যুদ্ধ কিমান চনত হৈছিল ?

উঃ ১১৯১ খ্ৰীষ্টাব্দত।

প্রঃ তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?

উঃ ১১৯২ খ্রিষ্টাব্দত ।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল ?

উঃ চেলিউকছ।

প্রঃ বুদ্ধদেৱে সর্বপ্রথম  ধৰ্মোপদেশ ক’ত দিছিল ?

উঃ ‘সাৰনাথ’ নামে ঠাইত।

প্রঃ ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

প্রঃ কেতিয়া ভাৰতৰ ইতিহাসত মধ্য যুগ আৰম্ভ হোৱা বুলি কোৱা  হয় ?

উঃ ১২০৬ খ্ৰীষ্টাব্দত, কুতুবুদ্দিন আইবাকে দাস বংশ প্রতিষ্ঠা কৰাৰ লগে লগে।

প্রঃ ভাৰতত কোনে দাস বংশ প্রতিষ্ঠা কৰিছিল ?

উঃ কুতুবুদ্দিন আইবাকে।

প্রঃ কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা ৰাজবংশটোক কিয় ‘দাস’ বংশ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ এজন দাস আছিল বাবে  তেওঁ স্থাপন কৰা ৰাজবংশক ইতিহাসত ‘দাস বংশ’ বুলি কোৱা হয়।

প্রঃ কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল ?

উঃ ৪ বছৰ।

প্রঃ দাস বংশৰ কোনজন চুলতানক ‘লাখ বক্স’ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন আইবাকক ‘লাখবক্স’ বুলি কোৱা হৈছিল কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল।

প্রঃ কুতুবুদ্দিনৰ পিছত কোনে দিল্লীৰ সিংহাসনত  বহে ?

উঃ কুতুবুদ্দিনৰ পুত্ৰ আৰাম ছাহ।

প্রঃ দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি ?

উঃ ইলতুৎমিছ।

প্রঃ কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্রদান কৰিছিল ?

উঃ ইলতুৎমিছক ।

প্রঃ ভাৰতত কোনে সর্বপ্রথম ৰূপৰ আৰু তামৰ মুদ্ৰা প্রচলন কৰে ?

উঃ ইলতুৎমিছে।

প্রঃ ইতিহাস প্রসিদ্ধ ‘কুতুব মিনাৰ’ৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰে আৰু কোনে সমাপ্ত কৰে ?

উঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে ইলতুৎমিচে।

প্রঃ কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল ?

উঃ ইলতুৎমিছ কুতুবুদ্দিনৰ জোঁৱায়েক আছিল।

প্রঃ দাস বংশৰ শ্রেষ্ঠ  চুলতান (ৰজা) জন কোন আছিল ?

উঃ ইলতুৎমিছ।

প্রঃ কাৰ ৰাজত্ব কালত চেঙ্গিজ খাঁই ভাৰত আক্ৰমণ কৰিছিল ?

উঃ দিল্লীৰ চুলতান ইলতুৎমিছৰ ৰাজত্ব কালত।

প্রঃ চেঙ্গিজ খাই কিমান চনত ভাৰত আক্ৰমণ কৰিছিল ?

উঃ ১২২১ খ্ৰীষ্টাব্দত।

প্রঃ দিল্লীৰ সিংহাসনত বহা প্রথমজনী মহিলা কোন আছিল ?

উঃ চুলতানা ৰাজিয়া।

প্রঃ দাস বংশৰ কোনজন চুলতানে নিজ হাতে কোৰাণ নকল কৰি সেই ধনেৰে হাত খৰচ মোকলাইছিল ?

উঃ চুলতান নাচিৰুদ্দিন মাহমুদে।

প্রঃ কোনে ভাৰতত ‘খিলিজি ৰাজবংশ’ প্রতিষ্ঠা  কৰে ?

উঃ জালালুদ্দিন খিলিজিয়ে।

প্রঃ জালালুদ্দিন খিলিজিয়ে কেতিয়া ‘খিলিজি’ বংশ প্রতিষ্ঠা কৰে ?

উঃ  ১২৯৯ খ্ৰীঃত ।

প্রঃ আমিৰ খশ্ৰু কোন আছিল ?

উঃ আলাউদ্দিন খিলিজিৰ ৰাজকবি আছিল।

প্রঃ কোনে ‘আলাই দৰওৱাজা’ নিৰ্মাণ কৰে ?

উঃ দিল্লীৰ চুলতান আলাউদ্দিন খিলিজিয়ে।।

প্রঃ বিখ্যাত ‘ৰণথম্বোৰ দুৰ্গ’ কোনে জয় কৰে ?

উঃ আলাউদ্দিন খিলিয়িে ১২৯৯ চনত।

প্রঃ কোনজন দিল্লীৰ চুলতানে সৈনিকসকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে বেতন দিয়াৰ নিয়ম প্রৱৰ্তন কৰে ?

উঃ আলাউদ্দিন খিলিজিয়ে।

প্রঃ টোগলক ৰাজবংশৰ প্রতিষ্ঠাতা কোন ?

উঃ গিয়াচুদ্দিন টোগলক।

প্রঃ কিমান চনত গিয়াচুদ্দিন টোগলক দিল্লীৰ ৰাজপাটত উঠে ?

উঃ ১৩২০ চনত।

প্রঃ ‘টোগলকবাদ নগৰ’ কোনে নিৰ্মাণ কৰে ?

উঃ গিয়াচুদ্দিন টোগলকে।

প্রঃ দিল্লীৰ কোনজন চুলতানক ‘গাজী মালিক’ বুলি জনা যায় ?

উঃ গিয়াচুদ্দিন টোগলকক।

প্রঃ গিয়াচুদ্দিন টোগলকৰ মৃত্যুৰ পিছত কোনে দিল্লীৰ ৰাজসিংহাসনত বহে ?

উঃ গিয়াচুদ্দিনৰ পুত্ৰ মহম্মদ বিন টোগলকে।

প্রঃ কোনজন দিল্লীৰ চুলতানক ‘ইতিাসহৰ বিচিত্ৰ পৰুষ’ আৰু ‘সৃষ্টিৰ পৰম বিষ্ময়’  বুলি কোৱা হয় ?

উঃ মহম্মদ বিন টোগলকক।

প্রঃ কোনজন দিল্লীৰ চুলতানে ৰাজধানী ‘দেৱনাগিৰি’লৈ স্থানান্তৰিত কৰিছিল ?

উঃ মহম্মদ বিন টোগলকে।

প্রঃ কোনজন দিল্লীৰ চুলতানে দেশত তামৰ মু্দ্ৰাৰ প্রচলন কৰিছিল ?

উঃ মহম্মদ বিন টোগলকে।

প্রঃ কোনজন ভাৰত সম্ৰাটে পোন প্রথমে ইৰাক আক্ৰমণৰ পৰিকল্পনা কৰিছিল ?

উঃ মহম্মদ বিন টোগলকে।

প্রঃ কোনজন দিল্লীৰ চুলতানক ‘জ্ঞানী-মূৰ্খ’ চুলতান বুলি কোৱা হয় ?

উঃ মহম্মদ বিন টোগলকক।

প্রঃ ‘চফৰ নামা’ পুথিখন কোনে ৰচনা কৰিছিল ?

উঃ ইবন বতুটাই।

প্রঃ কোনজন বিদেশী আক্ৰমণকাৰীৰ ভাৰত আক্ৰমণ ভাৰতবাসীৰ বাবে ‘ভগবানৰ অভিশাপ’ আছিল বুলি কোৱা হয় ?

উঃ চমৰখণ্ডৰ আমীৰ টাইমূৰৰ ভাৰত আক্ৰমণ ।

প্রঃ কোনজন দিল্লীৰ সম্ৰাটে দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কর্মসংস্থাপন বিভাগ স্থাপন  কৰিছিল ?

উঃ ফিৰোজ ছাহ টোগলকে।

প্রঃ কিমান চনত চমৰখণ্ডৰ আমীৰ টাইমূৰে ভাৰত আক্ৰমণ কৰে ?

উঃ ১৩৯৮ চনত।

প্রঃ খিজিৰ খাঁই প্রতিষ্ঠা  কৰা বংশটোক কিয় ‘চৈয়দ বংশ’ বুলি কোৱা হয় ?

উঃ খিজিৰ খাঁই নিজকে ইছমাল ধৰ্মৰ প্রতিস্থাপক হজৰত মহম্মদৰ বংশধৰ বুলি পৰিচয় দিছিল বাবে  তেওঁ প্রতিষ্ঠা কৰা বংশটোক ইতিহাসত ‘চৈয়দ বংশ’ বুলি কোৱা হয় ?

প্রঃ দিল্লীত কোনে চৈয়দ ৰাজবংশ প্রতিষ্ঠা কৰে ?

উঃ খিজিৰ খাঁই (১৪১৪ খ্ৰীঃত)।

প্রঃ ভাৰতত কোনে ‘লোডী ৰাজ বংশ’ প্রতিষ্ঠা কৰে ?

উঃ পঞ্জাৱৰ শাসনকৰ্তা বাহলুল লোডীয়ে (১৪৫১ চনত) ।

প্রঃ কোনে বিজয় নগৰ ৰাজ্য প্রতিষ্ঠা কৰে ?

উঃ সংগম বংশৰ হৰিহৰ আৰু বুক্ক নামৰ দুজন ভাই-ককাইয়ে তুঙ্গভদ্ৰা নদীৰ দক্ষিণ পাৰত ১৩৩৬ চনত বিজয় নগৰ ৰাজ্য প্রতিষ্ঠা  কৰে।

প্রঃ বাহমনি ৰাজ্যৰ প্রতিষ্ঠাতা  কোন ?

উঃ আলাউদ্দিন বাহমন ছাহ।

প্রঃ ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰে ?

উঃ জাহিৰুদ্দিন মহম্মদ বাবৰ নামৰ এজন আফগান নেতাই।

প্রঃ মোগলসকল কোনজন মংগোল  নেতাৰ সতি-সন্ততি  বুলি কোৱা হয় ? 

উঃ চেঙ্গিজ খাঁৰ ।

প্রঃ ‘বাবৰ’ শব্দৰ অৰ্থ কি ?·

উঃ তুৰ্কী ভাষাত ‘বাবৰ’ শব্দৰ অৰ্থ ‘বাঘ’।

প্রঃ পানীপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

উঃ ১৫২৬ খ্ৰীঃত।

প্রঃ পানীপথৰ প্রথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?

উঃ দিল্লীৰ চুলতান ইব্রাহিম লোডী আৰু আফগান নেতা জাহিৰুদ্দিন বাবৰৰ মাজত।

প্রঃ জাহিৰুদ্দিন মহম্মদ  বাবৰে লিখা আত্মজীৱনীখনৰ নাম কি ?

উঃ ‘তুজুক-ই-বাবৰি’।

প্রঃ বাবৰৰ পিছত কোনে দিল্লীৰ সিহাসনত উঠে ?

উঃ বাবৰৰ পুত্ৰ হুমায়ুনে।

প্রঃ ‘হুমায়ুন’ শব্দৰ অৰ্থ কি ?

উঃ ভাগ্যবান।

প্রঃ কোনজন মোগল সম্ৰাট হিন্দুসকলৰ প্রতি অতি উদাৰ নীতি গ্ৰহন কৰিছিল ?

উঃ সম্ৰাট আকবৰে।

প্রঃ কোন দুৰ্গক ‘পূৱ-ভাৰতৰ দ্বাৰ’ বুলি কোৱা হৈছিল ?

উঃ আগ্ৰা দুৰ্গক।

প্রঃ মোগল সম্ৰাট আকবৰৰ জন্ম ক’ত হৈছিল ?

উঃ ‘অমৰ কোট’ নামে ঠাইত (১৫৪২ চনত)।

প্রঃ হুমায়ুনৰ মৃত্যুৰ পিছত মোগল সম্ৰাট আকবৰৰ অভিভাৱক কোন হৈছিল ?

উঃ বৈৰাম খাঁ।

প্রঃ পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংগটিত হৈছিল ?

উঃ ১৫৫৬ চনত।

প্রঃ ভাৰতত কোনে মনচবদাৰী প্রথা প্রৱৰ্তন কৰিছিল ?

উঃ মোগল সম্ৰাট আকবৰে।

প্রঃ  কোনে ‘দিন-ইলাহী’ ধৰ্ম  প্রৱৰ্তন  কৰিছিল ?

উঃ মোগল সম্ৰাট আকবৰে।

প্রঃ ‘হুমায়ুন নামা’ গ্রন্থখন কোনে ৰচনা কৰিছিল ?

উঃ মোগল সম্ৰাট হুমায়ুনৰ ভনী গুলবদন বেগমে।

প্রঃ কোনে মোগল সম্ৰাট আকবৰক ‘অশুচি বিদেশী’  বুলি উপহাস কৰিছিল ?

উঃ মেৱাৰৰ ৰাণাই।

প্রঃ  আকবৰৰ মৃতুৰ পিছত কোনে মোগল সাম্ৰাজ্যৰ সিংহাসনত বহিছিল ?

উঃ আকবৰৰ পুত্ৰ যুৱৰাজ চেলিমে ‘জাহাঙ্গীৰ’ নাম লৈ সিংহাসনত বহিছিল।

প্রঃ ‘জাহাঙ্গীৰ’ শব্দৰ অৰ্থ কি ?

উঃ বিশ্ব বিজয়ী।

প্রঃ জাহাঙ্গীৰে কাক নিকাহ কৰাইছিল ?

উঃ মেহেৰুনিচ্ছা (নুৰজাহান)।

প্রঃ কোনজন ইংৰাজ দূতে মোগল সম্ৰাট জাহাঙ্গীৰৰ পৰা ভাৰতত বেপাৰ-বাণিজ্য কৰাৰ অনুমতি আদায় কৰে ?

উঃ টমাচ ৰো।

প্রঃ জাহাঙ্গীৰৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ তুজুক-ই জাহাঙ্গীৰি।

প্রঃ জাহাঙ্গীৰৰ পিছত কোন মোগল সাম্ৰাজ্যৰ সম্ৰাট হয় ?

উঃ ছাহজাহান।

প্রঃ ‘নুৰজাহান’ শব্দৰ অৰ্থ কি ?

উঃ বিশ্ব সুন্দৰী।

প্রঃ নুৰজাহানৰ পূৰ্বৰ নাম কি আছিল ?

উঃ মেহেৰুন্নিচা।

প্রঃ ছাহজাহান’ শব্দৰ অৰ্থ কি ?

উঃ বিশ্ব সম্ৰাট।

প্রঃ ছাহজাহানে কাক বিয়া কৰাইছিল ?

উঃ আৰজুমন্দ ভানু বেগমক ‘মমতাজ মহল’ নাম দি বিয়া কৰাইছিল।

প্রঃ মমতাজমহল’ শব্দৰ অৰ্থ কি ?

উঃ প্ৰসাদৰ অলংকাৰ।

প্রঃ বিশ্বৰ সপ্তম আশ্চৰ্য ‘তাজমহল’ কোনে নিৰ্মাণ কৰিছিল ?

উঃ সম্ৰাট ছাহজাহানে।

প্রঃ ছাহজাহানৰ পূৰ্বৰ নাম কি আছিল ?

উঃ খুৰম।

প্রঃ তাজমহলৰ নক্সা কোনে তৈয়াৰ  কৰিছিল ?

উঃ ওস্তাদ ইছা খাঁই।

প্রঃ বিশ্ব বিখ্যাত ‘ময়ূৰ সিংহাসন’ কোনজন  শিল্পীয়ে  নিৰ্মাণ কৰিছিল ?

উঃ শিল্পী বেবাদল খাঁই (সাত বছৰ পৰিশ্ৰম কৰি)।

প্রঃ দেৱান-ই-খাচ আৰু দেৱান-ই-আম কোনে নিৰ্মাণ কৰিছিল ?

উঃ মোগল সম্ৰাট ছাহজাহানে।

প্রঃ ছাহজাহানৰ পিছত কোনে মোগল সিংহাসনত বহিছিল ?

উঃ ঔৰংজেৱ।

প্রঃ জামে-মছজিদ, জুমা মছজিদ আৰু মতি মছজিদ কোনে নিৰ্মাণ  কৰিছিল ?

উঃ মোগল সম্ৰাট ছাহজাহানে।

প্রঃ ঔৰংজেৱে কি নাম লৈ সিংহাসনত উঠিছিল ?

উঃ আলমগীৰ পাদশাহ গাজী।

প্রঃ কোনজন মোগল সম্ৰাটে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ ধাৰ্য কৰিছিল ?

উঃ মোগল সম্ৰাট ঔৰংজেৱে।

প্রঃ কোনজন মোগল সম্ৰাটক ‘জিন্দাপীৰ’ আখ্যা দিছিল ?

উঃ কোৰাণৰ ওপৰত পৰম আস্থা থকা বাবে সম্ৰাট ঔৰংজেৱক মানুহে ‘জিন্দাপীৰ’ বুলি আখ্যা দিছিল।

প্রঃ ‘আলমগীৰ পাদশাহ গাজী’ শব্দৰ অৰ্থ কি ?

উঃ পৃথিৱী বিজয়ী ধৰ্মযোদ্ধা সম্ৰাট।

প্রঃ কোনজন মোগল সম্ৰাটৰ দিনত মীৰজুমলাই অসম আক্ৰমণ কৰিছিল ?

উঃ মোগল সম্ৰাট ঔৰংজেৱৰ সময়ত।

প্রঃ শিৱাজীৰ মন্ত্ৰীসভাক কি বুলি কোৱা হৈছিল ?

উঃ অষ্ট প্ৰধান।

প্রঃ কোনজন মোগল সম্ৰাটৰ দিনত মোগল সাম্ৰাজ্যই সৰ্বাধিক বিস্তাৰ লাভ কৰিছিল ?

উঃ সম্ৰাট ঔৰংজেৱৰ সময়ত।

প্রঃ ঔৰংজেৱৰ মৃত্যুৰ পিছত কোন মোগল সাম্ৰাজ্যৰ সম্ৰাট হয় ?

উঃ ঔৰংজেৱৰ জ্যেষ্ঠ পুত্ৰ মুৱাজ্জমে ‘প্ৰথম বাহাদুৰ ছাহ’ নাম লৈ মোগল সিংহাসনত উঠে। তেওঁ ‘প্ৰথম ছাহ আলম’ নামেও পৰিচিত।

প্রঃ কিমান চনত পাৰস্য সম্ৰাট নাদিৰ ছাহে ভাৰত আক্ৰমণ কৰে ?

উঃ ১৭৩৯ চনত।

প্রঃ মই কোন আৰু মই কিয় এই পৃথিৱীলৈ আহিছিলোঁ, মই নেজানো। মই মোৰ দেশ আৰু প্রজাৰ বাবে একো কৰি যাব নোৱাৰিলোঁ। মোৰ জীৱন অথলে গ’ল।’- কথাষাৰ কোনজন মোগল সম্ৰাটৰ অন্তিম  বাণী ?

উঃ মোগল সম্ৰাট ঔৰংজেৱৰ।

প্রঃ কোনজন বিদেশী আক্ৰমণকাৰীয়ে সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰা ‘ময়ূৰ সিংহাসন’খন লুট কৰি লৈ গৈছিল ?

উঃ পাৰস্য সম্ৰাট নাদিৰ ছাহে।

প্রঃ পানীপথৰ তৃতীয় যুদ্ধ কিমান চনত সংগঠিত হৈছিল ?

উঃ ১৭৬১ চনত।

প্রঃ আইনী- ই আকবৰী’ গ্রন্থখন কোনে ৰচনা কৰিছিল ?

উঃ মোগল সম্ৰাট আকবৰৰ সভা কবি আবুল ফজলে।

প্রঃ আকবৰৰ ৰাজত্ব কালত কোনজন ইংৰাজ পৰ্যটক ভাৰতলৈ আহিছিল ?

উঃ ৰালফ ফিটচ্।

প্রঃ ঔৰংজেৱৰ দিনত কোনজন ফৰাচী পৰ্যটক ভাৰতলৈ আহে ?

উঃ  বাৰ্নিয়াৰ (Bernier)।

প্রঃ ইটালীৰ পৰ্যটক মানুচী (Monucci)  কোনজন মোগল সম্ৰাটৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল ?

উঃ ঔৰংজেৱৰ দিনত।

প্রঃ কোনজন চুলতানে অশোকৰ স্তম্ভ  দিল্লীলৈ স্থানান্তৰিত  কৰিছিল ?

উঃ ফিৰোজছাহ টোগলক।

প্রঃ জাহাঙ্গীৰৰ ৰাজত্ব কালত ভাৰতলৈ অহা পৰ্তুগীজ পৰ্যটকজনৰ নাম কি ?

উঃ ফ্রাঞ্চিসকো পেলসাৰ্ট (Francisco Pelsaert)।

প্রঃ কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?

উঃ ১৬১৫ চনত।

প্রঃ ছাহজাহানৰ ৰাজত্ব কালত কোনজন ফৰাচী বণিক আৰু পৰ্যটক ভাৰতলৈ আহিছিল ?

উঃ ট্ৰাভাৰ্নিয়েৰ (Travernier)।

প্রঃ আলাউদ্দিন খিলিজিৰ ৰাজত্বকালত মোগল সাম্ৰাজ্য ভ্ৰমণ কৰা আফ্রিকাৰ পৰ্যটকজনৰ নাম কি ?

উঃ ইবন বটুতা।

প্রঃ দিল্লীৰ প্রথমজন আফগান চুলতান কোন আছিল ?

উঃ বাহল’ল লোডী।

প্রঃ সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল ?

উঃ ছাহজাহানবাদ।

প্রঃ কোন চনত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত  কৰিছিল ?

উঃ ১৬৪৮ খ্ৰীঃত।

প্রঃ শিৱাজীক ঔৰংজেৱে আটক কৰা অবস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল ?

উঃ জয় সিং।

প্রঃ ভাস্ক-ডা-গামাই কেতিয়া ভাৰত অভিমূখী সাগৰীয় পথ আৱিস্কাৰ কৰিছিল ?

উঃ ১৪৯৮ খ্ৰীঃত।

প্রঃ কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল ৰাজত্বৰ ‘সোণালী যুগ’ বুলি কোৱা হয় ?

উঃ ছাহজাহান।

প্রঃ কোনজন মধ্য যুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছে ?

উঃ আবুল ফজল।

প্রঃ আগ্ৰাৰ ওচৰৰ কোনখন ঠাই চিকন্দৰ লোডীৰ নামেৰে নামাকৰণ কৰা হয়·

উঃ চিকন্দৰবাদ।

প্রঃ  বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে প্রথমে ভাৰতৰ ক’ত সিহঁতৰ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল ?

উঃ ‘চুৰাট’ নামে ঠাইত।

প্রঃ নিজৰ জীয়েকক মোগল সম্ৰাট আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল ?

উঃ অম্বৰৰ ৰজা বিহাৰীমল।

প্রঃ ভাৰতত কোনে প্রথমে তামৰ মুদ্ৰাৰ প্রচলন কৰিছিল ?

উঃ টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলক।

প্রঃ বাবৰে প্রথমবাৰ ভাৰত আক্ৰমণ কৰা সময়ত দিল্লীৰ চুলতান কোন আছিল ?

উঃ ইব্রাহিম লোডী।

প্রঃ ‘ৰাম চৰিত মানস’ গ্রন্থখনৰ লিখক কোন ?

উঃ  তুলসী দাস।

প্রঃ ময়ূৰ সিংহাসনত বহা অন্তিম মোগল সম্ৰাটজনৰ নাম কি আছিল ?

উঃ মহম্মদ ছাহ।

প্রঃ কোনজন মোগল সম্ৰাটৰ ৰাজত্বকাল চলি থকা সময়ত তুলসী দাসে ‘ৰাম চৰিত মানস’ পুথিখন ৰচনা কৰিছিল ?

উঃ মোগল সম্ৰাট আকবৰ।

প্রঃ ভাৰতৰ কোনজন শাসকে ঐতিহাসিক ‘গ্ৰেণ্ড ট্ৰাংক ৰোড’ নিৰ্মাণ কৰিছিল ?

উঃ ছেৰ ছাহ ।

প্রঃ ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ কোনজন মোগল সম্ৰাটে অনুমতি প্রদান কৰিছিল ?

উঃ জাহাঙ্গীৰ।

প্রঃ কোনজন মোগল সম্ৰাট নিৰক্ষৰ আছিল ?

উঃ সম্ৰাট আকবৰ।

প্রঃ মোগল সম্ৰাট আকবৰৰ ৰাজহ মন্ত্ৰীজনৰ নাম কি আছিল ?

উঃ টোডৰমল।

প্রঃ কোনজন মোগল সম্ৰাটে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ ধাৰ্য কৰিছিল ?

উঃ ঔৰংজেৱে।

প্রঃ মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল ?

উঃ  বাহাদুৰ ছাহ জাফৰ।

প্রঃ ‘দাগ’ প্রথা মানে কি ?

উঃ দিল্লীৰ চুলতানসকলৰ দিনত মনচবদাৰ সকলে উৎকৃষ্ট আৰু প্ৰশিক্ষণপ্ৰাপ্ত ঘোঁৰা ৰখাৰ নিয়ম আছিল। এই প্ৰথাকেই ‘দাগ’ প্ৰথা বুলি কোৱা হয়।

প্রঃ ভাৰতত কোনে প্রথমতে ‘দাগ’ প্রথা প্রৱৰ্তন কৰিছিল ?

উঃ আলাউদ্দিন খিলিজিয়ে।

প্রঃ তাজমহল ভাৰতৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

উঃ যমুনা নদীৰ পাৰত।

প্রঃ ভাৰতলৈ নতুন সামুদ্ৰিক পথ আৱিষ্কাৰ কৰাৰ ক্ষেত্রত ইউৰোপৰ কোন জাতি অগ্ৰণী আছিল ?

উঃ  পৰ্তুগীজসকল।

প্রঃ ভাস্কো-ডা-গামাই ভাৰতৰ কোনখন বন্দৰত আহি উপস্থিত হৈছিল ?

উঃ ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত ‘কালিকট’ নামৰ বন্দৰত।

প্রঃ কোনজন ভাৰতীয় ৰজাই ভাস্কো-ডা- গামাক অভ্যৰ্থনা জনাইছিল ?

উঃ  কালিকটৰ ৰজা জামোৰিণে (Zamorin)।

প্রঃ ভাৰতত কোনজন পৰ্তুগীজ লোক প্রথমতে ভাৰতত শাসনকৰ্তা নিযুক্ত হৈছিল ?

উঃ ফ্রাঞ্চিসকো দ -আলমাইদা (Francisco-de Almaida)।

প্রঃ কিমান চনত পৰ্তুগীজসকল প্রথমে ভাৰতলৈ আহে ?

উঃ  ১৪৯৮ চনত।

প্রঃ কোন চনত পৰ্তুগীজ নাৱিক ভাস্কো-ডা-গামাই ভাৰতলৈ আহে ?

উঃ  ১৪৯৮ চনত।

প্রঃ কোনজন পৰ্তুগীজ  শাসনকৰ্তা ভাৰতত পৰ্তুগীজ  শক্তিৰ প্রকৃত প্রতিষ্ঠাতা আছিল ?

উঃ  আলফোনচো আলবুকাৰ্ক।

প্রঃ কিমান চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ মহাৰাণীৰ পৰা ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অনুমতি পায় ?

উঃ ১৬০০ চনত।

প্রঃ ১৭০৯ চনত ইংলণ্ডৰ ইষ্ট -ইণ্ডিয়া কোম্পানী আৰু ‘নিউ-ইণ্ডিয়া’ কোম্পানী মিলিত হৈ এটি নতুন সংগঠনৰ জন্ম হয়। সেই নতুন বাণিজ্যিক সংগঠনটোৰ নাম কি ?

উঃ ‘দি অনাৰেবল ইষ্ট-ইণ্ডিয়া কোম্পানী’ (চমুকৈ ‘ইষ্ট-ইণ্ডিয়া কোম্পানী’)

প্রঃ ইংৰাজসকলৰ পিছত কোন জাতি ভাৰতবৰ্ষলৈ বেপাৰ কৰিবলৈ আহে ?

উঃ  ফৰাচীসকল।

প্রঃ কিমান চনত ইংলণ্ডৰ পাৰ্লিয়ামেন্টে ইংলণ্ডৰ সকলো লোককে ভাৰতত বেপাৰ কৰিবলৈ এখন চনদ  জাৰি কৰে ?

উঃ  ১৬৯৮ খ্ৰীঃত।

প্রঃ ভাৰতবৰ্ষলৈ অহা ফৰাচী ব্যৱসায়ী সংগঠনটোৰ  নাম কি আছিল ?

উঃ ‘ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী’।

প্রঃ ফৰাচী ইষ্ট-ইন্ডিয়া কোম্পানী’ কোন চনত গঠন হয় ?

উঃ  ১৬৬৪ চনত।

প্রঃ কিমান চনত পলাচী যুদ্ধ সংগঠিত হয় ?

উঃ  ১৭৫৭ চনত।

প্রঃ পলাচীৰ যুদ্ধত বংগৰ নবাব চিৰাজ-উদ-দৌলাক কোনে বিশ্বাসঘাতকতা কৰিছিল ?

উঃ  সেনাপতি মীৰজাফৰে।

প্রঃ ভাৰতত ইংৰাজ আৰু ফৰাচীসকলৰ মাজত শেষ যুদ্ধখন ক’ত হৈছিল ?

উঃ  ৱান্দিৱাছ (Wandiwash) ত, ১৭৬০ চনত।

প্রঃ কিমান চনত ওৱাৰেণ হেষ্টিংচে  বঙ্গদেশৰ গৱৰ্ণৰ জেনেৰেল হয় ?

উঃ  ১৭৭২ চনত।

প্রঃ কিমান চনত ইংলণ্ডৰ সংসদে ‘ৰেগুলেটিং এক্ট’ (নিয়ন্ত্ৰণ বিধি) নামৰ এখন আইন প্রণয়ন কৰে ?

উঃ  ১৭৭৩ চনত।

প্রঃ বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী’টো এটা চৰকাৰী সংগঠন আছিলনে ?

উঃ নহয়, ই এটা বেচৰকাৰী সংগঠন আছিল।

প্রঃ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী’এটা চৰকাৰী সংগঠন আছিলনে ?

উঃ  হয়।

প্রঃ কিমান চনত ‘পিটৰ ইন্ডিয়া এক্ট’ প্রণয়ন কৰা হয় ?

উঃ  ১৭৮৪ চনত।

প্রঃ কিমান চনত ‘ৰোহিলা যুদ্ধ’ হৈছিল ?

উঃ  ১৭৭৪ চনত।

প্রঃ কিমান চনত শ্ৰীৰঙ্গপট্টমৰ সন্ধি সংঘটিত হৈছিল ?

উঃ  ১৭৯২ চনত।

প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে ভাৰতত ‘বশ্যতামূলক মিত্ৰতা নীতি’ (Policy of Subsidiary Alliance) গ্ৰহণ কৰিছিল ?

উঃ  লৰ্ড ওৱেলেচলী।

প্রঃ কোনখন যুদ্ধৰ পিছত মহীশূৰ ৰাজ্যৰ পতন হয় ?

উঃ  চতুৰ্থ মহীশূৰৰ যুদ্ধৰ পিছত।

প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেল ভাৰতবৰ্ষত ৰাজনৈতিক দিশত নিৰপেক্ষ Ž নীতিৰ সমৰ্থক আছিল ?

উঃ  চাৰ জন ছোৰ।

প্রঃ কিমান চনত মাৰ্কুইচ ডুপ্লে  পণ্ডিচেৰীৰ শাসনকৰ্তা হৈ আহে ?

উঃ  ১৭৪২ চনত।

প্রঃ কিমান চনত মহীশূৰৰ চতুৰ্থ যুদ্ধ সংগটিত হৈছিল ?

উঃ  ১৭৯৯ চনত।

প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰে মধ্যভাৰতৰ লুণ্ঠণকাৰী দল ‘পিণ্ডাৰী’সকলক দমন কৰিছিল ?

উঃ  লৰ্ড হেষ্টিংচে ।

প্রঃ Annals and Antiquitis of Rajasthan’ গ্রন্থখন কোনে ৰচনা কৰিছিল ?

উঃ  জে’মচ টড (James Tod)।

প্রঃ বৃটিছ ভাৰতবৰ্ষত কোনে ‘চিৰস্থায়ী বন্ধবস্ত’ ব্যৱস্থা কৰিছিল ?

উঃ  লৰ্ড কৰ্ণৱালিচ।

প্রঃ কিমান চনত লৰ্ড কৰ্ণৱালিচে’চিৰস্থায়ী বান্ধবস্ত’ কৰিছিল ?

উঃ  ১৭৮৯ চনত।

প্রঃ কোনে প্ৰতিবেশী ৰাজ্যবিলাকৰ পৰা ‘চৌথ’ আৰু ‘সৰদেশমূখী কৰ’ আদায় কৰিছিল ?

উঃ   মাৰাঠাসকলে।

প্রঃ কোন জন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে কলিকতাত মেডিকেল কলেজ স্থাপন কৰে ?

উঃ লৰ্ড উইলিয়ামবে বেন্টিংকে।

প্রঃ কিমান চনত ‘অমৃতস্বৰৰ সন্ধি’ সংঘটিত হৈছিল ?

উঃ  ১৮০৯ চনত।

প্রঃ  কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলৰ শাসনকাল বিভিন্ন সংস্কাৰৰ বাবে বিখ্যাত ?

উঃ লৰ্ড উইলিয়াম বেন্টিংক।

প্রঃ ভাৰতত কোনে ‘সতীদাহ প্রথা’ নিবাৰণ কৰে ?

উঃ লৰ্ড উইলিয়াম বেন্টিংকে।

প্রঃ ভাৰতত কোনে ‘ঠগ’সকলক দমন কৰে ?

উঃ লৰ্ড উইলিয়াম বেন্টিংকে।

প্রঃ কোনজন বিদেশী পৰ্যটকে শিখসকলৰ নেতা ৰণজিৎ সিংহক ‘নেপোলিয়ন বোনাপাৰ্টৰ ক্ষুদ্র  সংস্কৰণ’ (Little Napoleon Bonapart ) বুলি কৈছিল ?

উঃ  ফৰাচী পৰ্যটক জেকোমোৱে (Jaquemont )।

প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে ভাৰতত প্রথমে ডাক বিভাগ স্থাপন  কৰে ?

উঃ  লৰ্ড ডেলহাউচি।

প্রঃ কোনে প্রথমতে ভাৰতত বিজুলী ডাকৰ প্রচলন কৰে ?

উঃ লৰ্ড ডেলহাউচিয়ে।

প্রঃ কিমান চনত ডেলহাউচিয়ে বিজুলী ডাকৰ প্রচলন কৰে ?

উঃ  ১৮৫৪ চনত ।

প্রঃ কাক ‘সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা প্রদানকাৰী’ বুলি জনা যায় ?

উঃ  লৰ্ড চাৰ্লছ মেটকাফ

প্রঃ কোনে ভাৰতত প্রথম ৰেলপথ নিৰ্মাণ কৰে ?

উঃ  লৰ্ড ডেলহাউচিয়ে।

প্রঃ কোনে ভাৰতত ‘স্বত্ব বিলোপ নীতি’ প্রৱৰ্তন কৰিছিল ?

উঃ  লৰ্ড ডেলহাউচি।

প্রঃ লৰ্ড ডেলহাউচিয়ে সৰ্বপ্রথমে ‘স্বত্ব বিলোপ নীতি’ কোনখন ভাৰতীয় ৰাজ্যৰ ওপৰত প্রয়োগ কৰিছিল ?

উঃ  চাতাৰা ৰাজ্য।

প্রঃ কিমান চনত ভাৰতত প্রথম ৰেলপথ নিৰ্মাণ কৰা হয় ?

উঃ  ১৮৫৩ চনত ।

প্রঃ ভাৰতত ইংৰাজ  শাসনৰ বিৰুদ্ধে প্রথম কিমান চনত বিদ্ৰোহ হয় ?

উঃ  ১৮৫৭ চনত  (চিপাহী বিদ্ৰোহ)।

প্রঃ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল ?

উঃ  এনফিল্ড ৰাইফলৰ ব্যৱহাৰ।

প্রঃ কানপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উঃ  নানা চাহেেব।

প্রঃ মধ্য ভাৰতত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উঃ  ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

প্রঃ কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ইংলণ্ডৰ সংসদৰ হাতলৈ যায় ?

উঃ  ১৮৫৮ চনৰ পৰা।

প্রঃ চিপাহী বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কাক ভাৰত সম্ৰাট বুলি ঘোষণা কৰে ?

উঃ  মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ ছাহক।

প্রঃ ‘চিপাহী বিদ্ৰোহ’ৰ প্রথম শ্বহীদ কোন ?

উঃ  মঙ্গল পাণ্ডে।

প্রঃ মণিপুৰৰ সেনাপতি ট্ৰিকেন্দ্ৰজিতক ইংৰাজে কিমান চনত ফাঁচী দিয়ে ?

উঃ  ১৮৯১ চনত।

প্রঃ ১৮৫৮ চনৰ ‘ভাৰত শাসন আইন অনুসৰি’ ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি উপাধি প্রদান কৰা হয় ?

উঃ ‘ভাইচৰয়’ (ৰাজপ্ৰতিনিধি)।

প্রঃ বৃটিছ ৰাজত্ব কালত কোনখন চহৰ ভাৰতৰ গ্রীষ্মকালীন ৰাজধানী হিচাপে ব্যৱহাৰ কৰা হৈছিল ?

উঃ  ছিমলা।

প্রঃ কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ?

উঃ  ১৯১১ চনত।

প্রঃ কিমান চনত ‘ভাৰত পৰিষদ আইন’ প্রণয়ন কৰা হয় ?

উঃ ১৮৬১ চনত (ভাইচৰয় লৰ্ড কেনিঙৰ দিনত)।

প্রঃ কোনজন ভাইচৰয়ে ভাৰতত ‘ভাৰ্নেকুলাৰ প্রেস এক্ট’ প্রৱৰ্তন কৰিছিল?

উঃ  ভাইচৰয় লৰ্ড লিটনে (১৮৭৮ চনত)।

প্রঃ কিমান চনত ইংলণ্ডৰ মহাৰাণী ভিক্তোৰিয়াই ‘কাইজাৰ-ই-হিন্দ’ (ভাৰত সম্ৰাজ্ঞী) উপাধি গ্ৰহণ কৰে ?

উঃ  ১৮৭৬ চনত।

প্রঃ কিমান চনত ‘উডৰ ঘোষণা পত্ৰ’ প্রণয়ন কৰা হয় ?

উঃ  ১৮৫৮ চনত।

প্রঃ কিমান চনত ‘হান্টাৰ আয়োগ’ গঠন কৰা হয় ?

উঃ  ১৮৮২ চনত।

প্রঃ কোনজন ইংৰাজ ভাইচৰয়ে ভাৰতত ‘বিভাজনৰ জড়িয়তে শাসন’ নীতি গ্ৰহণ কৰিছিল ?

উঃ  লৰ্ড কাৰ্জন।

প্রঃ বৃটিছ ভাৰতবৰ্ষত কিমান চনত ‘ভাৰত শাসন আইন’ প্রৱৰ্তন কৰা হয় ?

উঃ  ১৮৫৮ চনত।

প্রঃ ভাৰতত ইংৰাজ ভাইচৰয়সকলৰ ভিতৰত কোনজন ভাৰতবাসীৰ স্বাৰ্থৰ প্রতি অতি উদাৰ আছিল ?

উঃ  লৰ্ড ৰিপন।

প্রঃ কিমান চনত ভাৰতবৰ্ষত ‘কাৰখানা আইন’ প্রৱৰ্তন কৰা হয় ?

উঃ  ১৮৮১ চনত (লৰ্ড ৰিপনৰ দিনত)।

প্রঃ কিমান চনত মহাৰাণী ভিক্তোৰিয়াৰ মৃত্যু হয় ?

উঃ  ১৯০১ চনত।

প্রঃ কোনজন ইংৰাজ ভাইচৰয়ে ভাৰতত ‘বিশ্ববিদ্যালয় আইন’ প্রৱৰ্তন কৰে ?

উঃ  লৰ্ড কাৰ্জনে (১৯০৪ চনত)।

প্রঃ কিমান চনত বংগ বিভাজন হয় ?

উঃ  ১৯০৫ চনত (লৰ্ড কাৰ্জনৰ দিনত)।

প্রঃ কাক ভাৰতৰ ‘ৰাজনৈতিক আন্দোলনৰ জনক’ বুলি কোৱা হয় ?

উঃ  ৰাজা ৰামমোহন ৰায়।

প্রঃ ভাৰতৰ প্রথম ৰাজনৈতিক সংগঠনটোৰ নাম কি ?

উঃ ‘জমিদাৰ সভা’ (১৮৩৭ চনত বংগ দেশৰ দ্বাৰকানাথ ঠাকুৰ আৰু প্ৰসন্ন কুমাৰ ঠাকুৰে প্রতিষ্ঠা কৰে)।

প্রঃ কিমান চনত ‘ইণ্ডিয়ান এচ’চিয়েচন’ গঠন কৰা হয় ?

উঃ ১৮৭৫ চনত।

প্রঃ কোনজন ইংৰাজ ভাইচৰয়ে কলিকতাত ‘ভিক্তোৰিয়া মেমোৰিয়েল হল’  নিৰ্মাণ কৰায় ?

উঃ  লৰ্ড কাৰ্জনে।

প্রঃ ভাৰতীয় জাতীয় কংগ্ৰেছ’ কিমান চনত গঠন কৰা হয় ?

উঃ  ১৮৮৫ চনত।

প্রঃ কোনে ‘ব্রহ্ম সভা’ (পিছলৈ ‘ব্রহ্ম  সমাজ’) প্রতিষ্ঠা  কৰে ?

উঃ  ৰাজা ৰামমোহন ৰায়ে (১৮১৯ চনত)।

প্রঃ কোনে ‘আৰ্য সমাজ’ প্রতিষ্ঠা কৰে ?

উঃ  দয়ানন্দ স্বৰস্বতীয়ে (১৮৭৫ চনত)।

প্রঃ কোনে ‘ৰামকৃষ্ণ মিচন’ প্রতিষ্ঠা কৰে ?

উঃ স্বামী বিবেকানন্দই (১৮৯৭ চনত, ভেলোৰত)।

প্রঃ কোনে ‘মহম্মদান  এংলো অ’ৰিয়েন্টল কলেজ’ (পিছলৈ ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়) স্থাপন  কৰে ?

উঃ  চৈয়দ আহম্মদ খাঁই ১৮৭৫ চনত।

প্রঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম অধিৱেশন  ক’ত অনুষ্ঠিত  হৈছিল ?

উঃ  বম্বেত (১৮৮৫ চনত )।

প্রঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম অধিবেশনত কোনে সভাপতিত্ব কৰিছিল ?

উঃ উমেশচন্দ্ৰ বেনাৰ্জী।

প্রঃ কিমান চনত প্রথম মহাসমৰ (প্রথম বিশ্বযুদ্ধ) আৰম্ভ হয় ?

উঃ  ১৯১৪ চনত।

প্রঃ কিমান চনত ‘হোম ৰোল লীগ’ গঠন কৰা হয় ?

উঃ  ১৯১৬ চনত।

প্রঃ কোনজন ভাৰতীয়ই কৈছিল, ‘ভেকুলীৰ দৰে বছৰত এবাৰ টোৰটোৰাই আমি আমাৰ শ্ৰমৰ কোনো সফলতা অৰ্জন কৰিব নোৱাৰিম’ ?

উঃ  লোকমান্য বাল গংগাধৰ তিলকে।

প্রঃ কিমান চনত ‘অল ইণ্ডিয়া মুছলিম লীগ’ গঠন কৰা হয় ?

উঃ  ১৯০৬ চনত।

প্রঃ স্বৰাজ মোৰ জন্ম স্বত্ব’- কথাষাৰ কোনে কৈছিল ?

উঃ  লোকমান্য বাল গংগাধৰ তিলকে।

প্রঃ ৰাউলাট আইন’ কিমান চনত প্রৱৰ্তন কৰা হয় ?

উঃ  ১৯১৯ চনত।

প্রঃ কিমান চনত ‘জালিৱানৱালাবাগৰ হত্যাকাণ্ড’ সংঘটিত হয় ?

উঃ ১৯১৯ চনত।

প্রঃ জালিৱানৱালাবাগ’ৰ হত্যাকণ্ডৰ বাবে দায়ী কোন আছিল ?

উঃ  বৃটিছ জেনেৰেল ডায়াৰ।

প্রঃ ইংৰাজসকলে মহাত্মা গান্ধীক দিয়া পদকটোৰ নাম কি ?

উঃ ‘কাইজাৰ-ই- হিন্দ’।

প্রঃ কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?

উঃ  ১৯২১ চনত।

প্রঃ প্রিন্স  অফ ৱেলচ’ কিমান চনত ভাৰতলৈ আহে ?

উঃ  ১৯২১ চনত।

প্রঃ কিমান চনত কংগ্ৰেছৰ কিছুমান নেতাই কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি ‘স্বৰাজ্য দল’ নামৰ এটি নতুন দল গঠন কৰে ?

উঃ  ১৯২৩ চনত।

প্রঃ   ‘জালিৱানৱালাবাগৰ হত্যাকাণ্ড’ৰ প্রতিক্ৰিয়া হিচাপে কোনজন বঙালী সাহিত্যিকে ইংৰাজসকলে প্রদান কৰা ‘নাইট’  উপাধি প্রত্যাখ্যান কৰিছিল ?

উঃ  কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্রঃ কিমান চনত গান্ধীজীয়ে বুৰঞ্জী প্রসিদ্ধ ‘দাণ্ডিযাত্ৰা’ আৰম্ভ কৰে ?

উঃ  ১৯৩০ চনৰ ১২ মাৰ্চ  তাৰিখে।

প্রঃ ‘দাণ্ডিযাত্ৰা’ত মহাত্মা গান্ধীৰ কিমানজন অনুগামী আছিল ?

উঃ ৭৮ জন।

প্রঃ কংগ্ৰেছৰ কোনখন অধিৱেশনত মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰিছিল ?

উঃ ১৯২৪ চনত, বেলগাম অধিৱেশনত।

প্রঃ কোনজন নেতাক সৰোজিনী নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্রদূত’ বুলি অভিহিত কৰিছিল ?

উঃ  মহম্মদ আলি জিন্নাক।

প্রঃ চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উঃ  ১৯২১ চনত।

প্রঃ কোনজন বৃটিছ গৱৰ্ণৰ জেনেৰেলৰ কালছোৱাত ‘ভাৰতীয় অসামৰিক সেৱা’ প্রৱৰ্তন কৰা হৈছিল ?

উঃ  লৰ্ড কৰ্ণৱালিচৰ সময়ছোৱাত।

প্রঃ গান্ধীজীয়ে ক’ৰ পৰা ‘দাণ্ডি যাত্ৰা’ আৰম্ভ কৰিছিল ?

উঃ  সবৰমতী আশ্ৰমৰ পৰা।

প্রঃ কিমান চনত ‘প্রথম ঘূৰণীয়া মেজমেল’ বহিছিল ?

উঃ  ১৯৩১ চনত।

প্রঃ কাক ‘সীমান্ত গান্ধী’ বুলি জনা যায় ?

উঃ  খান আব্দুল গফুৰ খান।

প্রঃ ৰাষ্ট্রসংঘ পৰিষদত সভাপতিত্ব কৰা প্রথমজন ভাৰতীয় লোক কোনজন?

উঃ  বিজয় লক্ষ্মী পণ্ডিত।

প্রঃ  কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰে ?

উঃ  লৰ্ড আৰউইন।

প্রঃ মাৰ্গাৰেট এলিজাবেথ নবেলক  কোনে ‘নিবেদিতা’ আখ্যা দিছিল ?

উঃ স্বামী বিবেকানন্দ। 

প্রঃ স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্রসিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল ?

উঃ আমেৰিকাৰ ‘চিকাগো’  চহৰত।

প্রঃ ইংৰাজসকলক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ কোনজন ভাৰতীয় ৰজাই ফৰাচী নায়ক নেপোলিয়নৰ সহায় বিচাৰিছিল ?

উঃ  টিপু চুলতান।

প্রঃ বৃটিছ ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল ?

উঃ লৰ্ড মাউন্ট বেটেন।

প্রঃ কিমান চনত ‘গান্ধী-আৰউইন চুক্তি’ কৰা হৈছিল ?

উঃ  ১৯৩১ চনত।

প্রঃ তিনিওটা ‘ঘূৰণীয়া মেজমেল’ত উপস্থিত  থকা ব্যক্তিজন কোন আছিল ?

উঃ  ভীমৰাও আম্বেদকাৰ।

প্রঃ কোনে ‘ফৰৱাৰ্ড ব্লক’ নামে এটি দল গঠন কৰে ?

উঃ  সুভাষ চন্দ্ৰ বসুই (১৯৩৯ চনত)।

প্রঃ কোনে ‘আজাদ হিন্দ ফৌজ’ (ইণ্ডিয়ান নেচনেল আৰ্মি) গঠন কৰে ?

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসুয়ে।

প্রঃ আজাদ হিন্দ ফৌজ’ৰ শ্লোগান কি আছিল ?

উঃ ‘জয় হিন্দ’।

প্রঃ কোনজন  ভাৰতীয় নেতাই কৈছিল, ‘তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম’ ?·

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসু।

প্রঃ গান্ধীজীয়ে কেতিয়া প্রথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে ?

উঃ  ১৯১৭ চনত।

প্রঃ ভাৰতৰ প্রথম মহিলা বিশ্ববিদ্যালয় কিমান চনত স্থাপন  কৰা হয় ?

উঃ  ১৯১৬ চনত (পুনেত)।

প্রঃ দিল্লী চলো’ শ্লোগানটো কাৰ আছিল ?

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসুৰ।

প্রঃ ভাৰতত উচ্চ শিক্ষাৰ মাধ্যম হিচাপে  কোনে ইংৰাজী ভাষাৰ পোষকতা কৰিছিল ?

উঃ  লৰ্ড মেকলে।

প্রঃ কোন চনত জৱাহৰলাল নেহৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল ?

উঃ  ১৯৩৬ চনত।

প্রঃ কিমান চনত ভাৰতবৰ্ষই ইংৰাজৰ হাতৰ পৰা স্বাধীনতা অৰ্জন কৰে ?

উঃ  ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা।

প্রঃ সংবিধান অনুসৰি স্বাধীন ভাৰতত কিমান চনত প্রথমটো নিৰ্বাচন অনুষ্ঠিত  কৰা হৈছিল ?

উঃ  ১৯৫২ চনত।

প্রঃ সংবিধান সভা’ৰ সভাপতি কোন আছিল ?

উঃ  ড০ ৰাজেন্দ্ৰ প্ৰসাদ।

প্রঃ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল ?

উঃ  ড০ ভীমৰাও আম্বেদকাৰ।

প্রঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত ইংলণ্ডৰ প্রধানমন্ত্ৰী কোন আছিল ?

উঃ  ক্লিমেন্ট এটলি।

প্রঃ স্বাধীন ভাৰতৰ প্রথম শিক্ষা  মন্ত্ৰী কোন আছিল ?

উঃ  মৌলানা আবুল কালাম আজাদ।

প্রঃ স্বাধীন ভাৰতৰ প্রথম উপৰাষ্ট্ৰপতি  কোন আছিল ?

উঃ  সবৰ্বপল্লী ৰাধাকৃষ্ণণ।

প্রঃ জনতা দলৰ পৰা কোনে প্রথমতে ভাৰতৰ প্রধান মন্ত্ৰী হয় ?

উঃ মোৰাৰজী দেশাই (১৯৭৭ চনত)।

প্রঃ স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্ৰী কোন আছিল ?

উঃ  পণ্ডিত জৱাহৰলাল নেহৰু।

প্রঃ স্বাধীন ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি কোন আছিল ?

উঃ  ফখৰুদ্দিন আলি আহম্মেদ।  

প্রঃ ১৯৫১ চনত ভাৰতৰ জনসংখ্যা কিমান আছিল ?

উঃ  ৩৬ কৌটি ১০ লাখ।

প্রঃ কিমান চনত চিকিমক ভাৰত যুক্তৰাষ্ট্রৰ অন্তর্ভুক্ত কৰা হয় ?

উঃ  ১৯৭৫ চনত।

প্রঃ স্বাধীন ভাৰতৰ প্রথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উঃ চক্রৱৰ্তী ৰাজা গোপালাচাৰী । 0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *