ভাৰত ভূগোল কুইজ

 

প্রঃ ভৌগোলিক অৱস্থান  অনুসৰি ভাৰত কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ  বিস্তৃত  ?

উঃ ভৌগোলিকভাবে  ভাৰত ৮.৪ ডিগ্ৰি উত্তৰ  অক্ষাংশৰ পৰা ৩৭.৬ ডিগ্ৰি উত্তৰ  অক্ষাংশলৈ বিস্তৃত।

প্রঃ ভৌগোলিক অৱস্থান  অনুসৰি ভাৰত কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ  বিস্তৃত ?

উঃ ভৌগোলিকভােব ভাৰত ৬৮.৭ ডিগ্ৰি পূৱ দ্ৰাঘিমা ৰেখাৰ পৰা ৯৭.২৫ পূৱ দ্ৰাঘিমাংশলৈ বিস্তৃত।

প্রঃ  ভাৰতৰ ৰাজধানী ক’ত ?

উঃ  নতুন দিল্লীত।

প্রঃ  আমাৰ দেশখনৰ নাম কেনেদৰে ভাৰতবৰ্ষ হ’ল ?

উঃ  প্ৰাচীন কালত এই দেশত  ‘ভৰত’ নামেৰে এজন ৰজাই এখন ডাঙৰ সাম্ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ নাম অনুসাৰে দেশখনৰ নাম ‘ভাৰতবৰ্ষ’ হয় বুলি কোৱা হয়।

প্রঃ  ভাৰতৰ মাটিকালি কিমান ?

উঃ  ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ।

প্রঃ  ভাৰতৰ প্রাকৃতিক বিভাগ কেইটা ?

উঃ  ভাৰতৰৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যথাঃ (ক) হিমালয় পাৰ্বত্য অঞ্চল (খ) গংগা-সিন্ধু  সমভূমি অঞ্চল (গ) উপকূলীয় অঞ্চল আৰু (ঘ) দক্ষিণ সমভূমি অঞ্চল।

প্রঃ  ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান ? 

উঃ  ২৯ খন।

প্রঃ  ভাৰতৰ মুঠ কেন্দীয় শাসিত ৰাজ্যৰ সংখ্যা কেইখন ?

উঃ  ৭ খন।

প্রঃ  জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্র  ৰাজ্য কোনখন ?

উঃ  চিকিম।

প্রঃ  কিমানখন দ্বীপ লগলাগি ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ গঠিত হৈছে ?

উঃ  ৫০০ খন।

প্রঃ  ভাৰতৰ উচ্চতম দূৰদৰ্শন স্তম্ভ কোনটো ?

উঃ  প্ৰিতমপুৰ দূৰদৰ্শন স্তম্ভ, নতুন দিল্লী।

প্রঃ  ভাৰতৰ কোনখন ৰাজ্য খনিজ পদাৰ্থত অতিকৈ চহকী ?

উঃ  ঝাৰখণ্ড।

প্রঃ  ভাৰতবৰ্ষৰ উচ্চতম প্রৱেশদ্বাৰ কোনটো ?

উঃ  বুলন্দ দৰৱজা (আগ্ৰা)।

প্রঃ   ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা কোনখন ?

উঃ  জ’লজিকেল গাৰ্ডেন (ক’লকাতা)।

প্রঃ   ভাৰতৰ কেনখন চহৰক ‘পিংক চিটি’ বুলি জনা যায় ?

উঃ  জয়পুৰ।

প্রঃ  ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে ?

উঃ  গোদাবৰী।

প্রঃ  ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে ?

উঃ  কৰ্ণাটক।

প্রঃ   বিশ্বৰ দীৰ্ঘতম তুষাৰ নদীখনৰ নাম কি ?

উঃ  চিয়াছেন হিমবাহ (ভাৰত-পাকিস্থান সীমান্তত অৱস্থিত)।

প্রঃ  ভাৰতৰ চেন্নাইত অৱস্থিত  দীৰ্ঘতম সমুদ্ৰ তীৰ (বীচ্চ) টোৰ নাম কি ?

উঃ  মেৰীনা বীচ্চ।

প্রঃ   শিৱমুদ্ৰম জলপ্রপাত  ক’ত অবস্থিত ?

উঃ  কােবৰী নদীত।

প্রঃ   ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে ?

উঃ  মধ্যপ্ৰদেশ।

প্রঃ   মাটিকালিৰ ভিত্তিত  ভাৰতৰ কোন ৰাজ্য সৰ্ববৃহৎ ?

উঃ  ৰাজস্থান।

প্রঃ   ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি ?

উঃ  গ্ৰেণ্ড ট্ৰাংক ৰোড।

প্রঃ কাঞ্চীপুৰম ঠাইডোখৰ কোনখন ৰাজ্যত অৱস্থিত  ?

উঃ  তামিলনাডু।

প্রঃ   ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ?

উঃ  কৰ্কটক্ৰান্তি ৰেখা।

প্রঃ  ভাৰতৰ সৰ্ববৃহৎ মৰুভূমি ক’ত অৱস্থিত ?

উঃ  ৰাজস্থানত (থৰ মৰুভূমি)।

প্রঃ  এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য কোনখন ?

উঃ  জম্বু আৰু কাশ্মীৰ।

প্রঃ  ভাৰতৰ বৃহত্তম  মানৱ-সৃষ্ট হ্রদ   কোনটো ?

উঃ   গোবিন্দ সাগৰ হ্রদ  (ভাক্ৰা নাঙল)।

প্রঃ  বিশ্বৰ উচ্চতম বান্ধটো ক’ত অৱস্থিত ?

উঃ  ভাৰতৰ হিমাচল প্ৰদেশত।

প্রঃ  ভাৰতৰ উচ্চতম বান্ধটোৰ নাম কি ?

উঃ  ভাক্ৰা নাঙল (৭৮১ ফুট)।

প্রঃ  মাটিকালিৰ ভিত্তিত  ভাৰতৰ ক্ষুদ্রতম  ৰাজ্য কোনখন ?

উঃ  গোৱা  (৩৭০২ বৰ্গ কিলোমিটাৰ)।

প্রঃ  ভাৰতৰ দীৰ্ঘতম কেনেল (খাল) টোৰ নাম কি ?

উঃ ইন্দিৰা গান্ধী কেনেল (ৰাজস্থান)।

প্রঃ  ভাৰতৰ প্রাচীনতম পৰ্বতমালাৰ নাম কি ?

উঃ  আৰাৱলী পৰ্বতমালা।

প্রঃ   ভাৰতবৰ্ষৰ বৃহত্তম  লুনীয়া পানীৰ হ্রদটোৰ নাম কি ?

উঃ  চিল্কা হ্রদ ।

প্রঃ   ভাৰতৰ কোনখন চহৰক ভাৰতৰ ‘অক্সফোৰ্ড আৰু কেমব্রিজ’ বোলা হয় ?

উঃ  পুনে।

প্রঃ   ভাৰতৰ সর্বোচ্চ বিমানঘাটি কোনখন ?

উঃ  চাশ্বাল (লাডাখ)।

প্রঃ   ভাৰতৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্র ক্ষেত্র অৱস্থিত ?

উঃ  গুজৰাট।

প্রঃ   ভাৰতৰ উচ্চতম জলপ্রপাতটোৰ নাম কি ?

উঃ  জগ্ জলপ্ৰপাত।

প্রঃ   ম্যানমাৰ আৰু বাংলাদেশ উভয়ৰ সীমাৰ লগত ভাৰতৰ কোনখন ৰাজ্য সংলগ্ন  হৈ আছে ?

উঃ  মিজোৰাম।

প্রঃ   ভাৰতৰ ভূ-গৰ্ভত থকা আগ্নেয়গিৰি বিশিষ্ট  দ্বীপ দুটাৰ নাম কি ?

উঃ  নাৰকোণ্ডম আৰু বেৰেন।

প্রঃ   ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্রখনৰ নাম কি ?

উঃ  ম্যানমাৰ।

প্রঃ   ভাৰতৰ কোনখন হ্রদৰ পানী আটাইতকৈ বেছি লুনীয়া ?

উঃ  সম্ভাৰ হ্রদ ।

প্রঃ   ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক’ত অৱস্থিত ?

উঃ বেৰেণ দ্বীপত (আন্দামান নিকোবৰ দ্বীপপুঞ্জ)।

প্রঃ   বিশ্বৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ভাৰতৰ ঠাইখনৰ নাম কি ?

উঃ  মৌচিনৰাম (মেঘালয়)।

প্রঃ   ভাৰতৰ ক্ষুদ্রতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি ?

উঃ  লাক্ষাদ্বীপ (৩২ বৰ্গ কিলোমিটাৰ)।

প্রঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ কোনখনে ভাৰতবৰ্ষৰ লগত দীৰ্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে ?

উঃ  চীন।

প্রঃ   ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক চহৰ আছে ?

উঃ উত্তৰ  প্ৰদেশ।

প্রঃ ভাৰতৰ কোনখন ঠাইক ‘আলফেনচো’ আমৰ গৃহ বুলি কোৱা হয় ?

উঃ  ৰত্নগিৰি (মহাৰাষ্ট্ৰ)।

প্রঃ  ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি ?

উঃ  হীৰাকুঁদ বান্ধ (উৰিষ্যা)।

প্রঃ  ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্য কোনখন ?

উঃ উত্তৰ  প্ৰদেশ।

প্রঃ  বংগোপ সাগৰ, ভাৰত মহাসাগৰ আৰু আৰব সাগৰৰ পানী কোনখন ঠাইত লগ লাগিছে ?

উঃ  কন্যাকুমাৰীত।

প্রঃ ব্রহ্মপুত্ৰ নদীৰ মুঠ দৈর্ঘ  কিমান ?

উঃ  ২৯০০ কিলোমিটাৰ।

প্রঃ প্রাক -ঐতিহাসিক যুগত  ভাৰত কোনখন চুপাৰ মহাদেশৰ অংশ আছিল ?

উঃ  গ’নৱানালেণ্ড।

প্রঃ কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে ?

উঃ ছেমায়ুং ডং।

প্রঃ  ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰবৰ উৎপাদন কৰে ?

উঃ  কেৰেলা।

প্রঃ ভাৰতৰ সৈতে কেইখন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে ?

উঃ  সাতখন।

প্রঃ মৌচুমী বতাহৰ দ্বাৰা বেছি প্রভাৱিত হোৱা ভাৰতৰ ৰাজ্যখনৰ নাম কি ?

উঃ  তামিলনাডু।

প্রঃ  কোনখন নদী এলাহাবাদত গংগা নদীৰ লগত মিলিত হৈছে ?

উঃ  যমুনা।

প্রঃ ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্রদ অৱস্থিত   ?

উঃ  ৰাজস্থান।

প্রঃ  ভাৰতীয় মানসময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত পাৰ্থক্য কিমান ?

উঃ  ৫ ঘন্টা ৩০ মিনিট।

প্রঃ  ভাৰত আৰু শ্ৰীলংকাক বিভাজিত কৰা প্রণালীটোৰ নাম কি ?

উঃ  পক-প্ৰণালী।

প্রঃ ভাক্ৰা নাঙল বান্ধটো কোনখন নদীত অৱস্থিত ?

উঃ  ছুটলেজ।

প্রঃ কোনখন নদীক ‘বংগৰ দুখ’ বুলি কোৱা হয় ?

উঃ  দামোদৰ নদী।

প্রঃ ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয় ?

উঃ  যোদপুৰ।

প্রঃ  ভাৰতৰ অংগৰাজ্য অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান ?

উঃ  ১০০০ মিটাৰৰ পৰা ১২০০ মিটাৰ।

প্রঃ ভাৰতৰ কোনখন ঠাইক ‘ভূ-স্বৰ্গ’ বুলি কোৱা হয় ?

উঃ  কাশ্মীৰ।

প্রঃ  ভাৰতত মুঠ গাওঁৰ সংখ্যা কিমান ?

উঃ  ৬,৩৮,৫৮৮ খন।

প্রঃ  ভাৰতত মুঠ চহৰৰ সংখ্যা কিমান ?

উঃ  ৭,৯৩৫ খন। 0 0 0

উৎস গ্রন্থ:ভাৰতকুইজ / ৰাব্বি মছৰুৰ

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *