কাশীনাথ ফুকন । Kashinath Phukan

কাশীনাথ ফুকন–চমু পৰিচয় শিৱসাগৰৰ কাকতি বংশত জন্ম গ্ৰহণ কৰা পুৰন্দৰ সিংহৰ ৰাজসভাৰ বিষয়া কাশীনাথ দ্বিজ তামুলী ফুকনে ৰাধানাথ বৰবৰুৱা আৰু আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত  ‘আসাম বুৰনজি পুথি’ ৰচনা কৰিছিল। ইংৰাজৰ দিনত তেওঁ শিৱসাগৰৰ কাছাৰীৰ মুন্সিফ হৈছিল।কাশীনাথ ফুকনৰ বিষয়ে অধিক কথা জনা  নাযায়।

Read More

বলীনাৰায়ণ বৰা।Balinarayan Bora

বলীনাৰায়ণ বৰা–চমু পৰিচয় বলীনাৰায়ণ বৰা (১৮৫২-১৯২৭)  এজন অসমীয়া অভিযন্তা আৰু লিখক আছিল। তেওঁ উত্তৰ  গুৱাহাটীত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম দত্ত  নাৰায়ণ বৰা। তেওঁ ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ  হৈ ১৮৭১ চনত এফ. এ. পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰি এবছৰ পিছত গীলক্ৰাইষ্ট বৃত্তি  লৈ বিলাতলৈ যায়। ১৮৭৭ চনত কুপাৰ হিলচ কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰি দেশলৈ উভতি আহে।  পিছত বংগদেশ, নগাওঁ, শিৱসাগৰ আদি ঠাইত কাৰ্য নিৰ্বাহ […]

Read More

গণেশচন্দ্ৰ হাজৰিকা. Ganesh Chandra Hazarika

গণেশচন্দ্ৰ হাজৰিকা–চমু পৰিচয় গনেশচন্দ্র  হাজৰিকা এজন অসমীয়া কবি আৰু প্ৰৱন্ধকাৰ আছিল।  শিৱসাগৰৰ ওচৰৰ কোঁৱৰপুৰ মৌজাৰ যোগনীয়া গাওঁত তেওঁৰ জন্ম হয়।  তেওঁ ‘বাঁহী’,  ‘আলোচনী’ আদি কাকতত কবিতা আৰু  প্ৰৱন্ধ লিখিছিল। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ গনেশচন্দ্র হাজৰিকাৰ একমাত্ৰ প্ৰকাশিত বিহু সম্পৰ্কীয়  প্ৰৱন্ধ পুথি।

Read More

ৰজনীকান্ত বৰদলৈ।Rajanikanta Bordoloi

ৰজনীকান্ত বৰদলৈ–চমু পৰিচয় ৰজনীকান্ত বৰদলৈ  অসমীয়া সাহিত্যত ‘উপন্যাস সম্ৰাট’ আৰু ‘অসমৰ স্কট’ হিচাপে পৰিচিত। তেওঁ গুৱাহাটীৰ কুকুৰমূতা (হেদায়েতপুৰ)ত জন্ম গ্ৰহণ কৰে।  তেওঁ ল’ৰালি কাল উত্তৰ গুৱাহাটীত থকা মোমায়েকৰ ঘৰত অতিবাহিত কৰি গুৱাহাটীৰ চৰকাৰী হাই স্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ  হয়। ১৮৮৭ চনত কলিকতাৰ মেট্ৰ’পলিটান কলেজৰ পৰা এফ. এ. আৰু  বি. এ. পাছ কৰি লক্ষীমপুৰত মাটিৰ হাকিমৰূপে  চাকৰিত যোগদান কৰি ১৯১৮ চনত জিলাধিপতিৰূপে  অৱসৰ গ্ৰহণ কৰে। তেওঁ ৰচনা কৰা উপন্যাসমূহ হ’ল: ৰহেদৈ […]

Read More

হলিৰাম ঢেকিয়াল ফুকন।Haliram Dekiyal Phukan

হলিৰাম ঢেকিয়াল ফুকন–চমু পৰিচয় হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লিখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ  চিৰস্তাদাৰ নিযুক্ত হোৱাৰ পিছত ইংৰাজ চাহাব এজনৰ  লগত মতানৈক্য হোৱাত তেওঁ […]

Read More

প্রফুল্ল চন্দ্ৰ গোস্বামী।Prafulla Chandra Goshwami

ড০ প্রফুল্ল চন্দ্ৰ গোস্বামী–চমু পৰিচয় ড০ প্ৰফুল্ল চন্দ্ৰ গোস্বামী (১৯১৯-১৯৯৪) একেধাৰে এজন শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্য ৰচয়িতা , জীৱনীকাৰ আৰু সম্পাদক আছিল। তেওঁৰ জন্ম হয় দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। তেওঁৰ পিতৃ সিংহদত্ত  দেৱ অধিকাৰী এজন বিশিষ্ট কবি আছিল। ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰীলৈ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৪৫ […]

Read More

লক্ষ্মীধৰ শৰ্মা।Laxmidhar Sharma। Lakhmidhar Sharma

লক্ষ্মীধৰ শৰ্মা–চমু পৰিচয় লক্ষ্মীধৰ শৰ্মা (১৮৯৭- ১৯৩৪) এজন অসমীয়া দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী আৰু প্ৰগতিশীল লিখক আছিল ।  তেওঁৰ জন্ম হয় শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাওঁত। প্ৰাথমিক  শিক্ষা  তেজপুৰত গ্ৰহণ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজিীয়েট স্কুলৰ পৰা অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ  কৰি প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হয়। তেওঁ কটন কলেজৰ পৰা বি. এ. আৰু  কলিকতাৰ পৰা ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ক প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম. এ. পাছ কৰে। […]

Read More

সীতানাথ ব্রহ্মচৌধুৰী। Sitanatha Brahmam Chaudhuri

সীতানাথ ব্রহ্মচৌধুৰী–চমু পৰিচয় সীতানাথ ব্রহ্মচৌধুৰী (১৯০৮- ১৯৮২) অসমীয়া ৰমন্যাসবাদী কবিসকলৰ ভিতৰত এজন অন্যতম  কবি। তেওঁৰ জন্ম হয় গোৱালপাৰৰ ভালুকমাৰীত।  তেওঁ নিচেই সৰু কালৰপৰাই কাব্য চৰ্চা কৰিবলৈ লয়। তেওঁৰ কাব্য কীর্তিসমুহ হ’ল কমলকলি, আৱেগ, চকুলো  আৰু ফুলেশ্বৰী দৈমাৰী । তেওঁ গাওঁ সংগঠন নামৰ আন এখন গ্ৰন্থও ৰচনা কৰি থৈ গৈছে। প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম আৰু সৌন্দৰ্যৰ কীৰ্তন তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁ অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতিত্ব কৰিছিল।

Read More

চন্দ্ৰকুমাৰ আগৰৱালা।Chandrakumar Agrwala

চন্দ্ৰকুমাৰ আগৰৱালা–চমু পৰিচয় চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭- ১৯৩৮) এজন অসমীয়া গীতি-কবি আৰু কাকতৰ সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ  ব্রহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত  তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৭৭ চনত গুৱাহাটীৰ নিজ বাসগৃহত চন্দ্ৰকুমাৰ আগৰৱালাৰ  মৃত্যু হয়। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটিয়ে  অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ কৰে । জোনাকী […]

Read More

অম্বিকাগিৰি ৰায়চৌধুৰী। Ambikagiri Raychudhury

অম্বিকাগিৰি ৰায়চৌধুৰী—চমু পৰিচয় অম্বিকাগিৰি ৰায়চৌধুৰী (১৮৮৫- ১৯৬৭) এজন অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু স্বাধীনতা বিপ্লবী আছিল। বৰেপটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত তেওঁৰ জন্ম হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণকাৰী ৰায়চৌধুৰীৰ কবিতাত স্বদেশপ্ৰেম আৰু ৰহস্যবাদী প্ৰেমৰ সুৰ লক্ষণীয় বিষয়। তেওঁৰ কবিতাৰ ভাষা আৰু ছন্দত এক নিজস্ব ওজস্বিতা আছে। তেওঁৰ প্ৰকাশিত কবিতা পুথিসমূহ হ’ল – বীণা, তুমি, অনুভূতি, বেদনাৰ উল্কা, বন্দো কি ছন্দেৰে  আৰু গীতৰ পুথি চেতনাৰ কণ্ঠ । তেখেতে ‘চেতনা’ আৰু ‘ডেকা অসম’ […]

Read More