ভট্টদেৱ।বৈকুণ্ঠ ৰাম  ভাগৱত ভট্টাচাৰ্য। Bhattadev

ভট্টদেৱ–চমু পৰিচয় অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱ (১৫৫৮-১৬৩৮ খ্ৰীঃ) ৰ সম্পূর্ণ নাম বৈকুণ্ঠ ৰাম  ভাগৱত ভট্টাচাৰ্য। তেওঁৰ জন্ম হৈছিল কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত। তেওঁৰ পিতৃৰ নাম আছিল চন্দ্ৰভাৰতী। পিতৃৰ নিৰ্দেশমতে তেওঁ শ্ৰীদামোদৰ দেৱৰ ওচৰত শৰণ লয়। ভাগৱতত বিশেষ বুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা ‘কবিৰত্ন’ আৰু ‘ভাগৱত ভট্টাচাৰ্য’  উপাধি লাভ কৰে। গুৰুৰ নির্দেশমতে সৰ্বসাধাৰণে বুজিব পৰাকৈ গদ্যত তেওঁ ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। ইয়াৰ উপৰিও অসমীয়া […]

Read More

শংকৰদেৱ। Shankardev। Shankardeva

শংকৰদেৱ–চমু পৰিচয় শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ  বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।  তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুড়ীমাক খেৰসুতিয়ে  শংকৰদেৱক তুলি-তালি ডাঙৰ -দীঘল কৰে।  বুড়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত […]

Read More

শ্ৰীধৰ  কন্দলি।Shridhar Kandali

শ্ৰীধৰ  কন্দলি–চমু পৰিচয় শ্ৰীধৰ  কন্দলি মহাপুৰুষ শংকৰদেৱৰ পাছৰ সময়ৰ এজন অসমীয়া বৈষ্ণৱ  কবি। তেওঁৰ কবিতাত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। ‘কাণখোৱা’ পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণু অৱতাৰৰ লীলা মাহাত্ম্য সহজ-সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত কৃষ্ণ টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে কৃষ্ণক […]

Read More

মাধৱ কন্দলি। Madhav Kandali

মাধৱ কন্দলি–চমু পৰিচয় মাধৱ কন্দলি প্ৰাক-শংকৰী যুগৰ এজন শ্রেষ্ঠ  কবি। তেওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা  লাভ কৰিছিল। আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলিয়েই প্ৰথমতে সংস্কৃত ৰাময়ণখন  অসমীয়ালৈ ভাঙনি  কৰে।  মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও ইয়াৰ মাত্ৰ পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্ৰমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি  কৰি কন্দলিৰ ৰামায়ণখন  সম্পূৰ্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্ৰতিভাক প্ৰশংসা কৰি ‘অপ্ৰমাদী’ অৰ্থাৎ ভ্ৰান্তিহীন […]

Read More