দীপজ্যোতি বৰপূজাৰী । Deepjoyti Barpuzari

দীপজ্যোতি বৰপূজাৰী–চমু পৰিচয় দীপজ্যোতি বৰপূজাৰী এজন শিক্ষাবিদ আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৭৪ চনত নলবাৰী জিলাৰ অন্তৰ্গত বেলশৰ (দেউৰীপাৰী) গাঁৱত। পিতৃৰ নাম কনক শৰ্মা আৰু মাতৃ সৰলা দেৱী।স্কুলীয়া  শিক্ষা স্থানীয় শিক্ষানুষ্ঠানত লাভ কৰে। পাছত উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যায়। গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত ভৰ্তি হয়। তাৰ পৰাই সংস্কৃত (দৰ্শন শাখা) বিষয়ত এম. এ  উপাধি লাভ কৰে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ পৰা […]

Read More

হেমচন্দ্ৰ গোস্বামী । Hemchandra Goshwami

হেমচন্দ্ৰ গোস্বামী–চমু পৰিচয় হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ একনিষ্ঠা গৱেষক । হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় গোলাঘাটৰ ঢেকিয়াল গাঁৱত। পিতৃৰ নাম ডম্বৰুধৰ আৰু মাতৃ ঘনকান্তী। স্কুলীয়া  শিক্ষা অসমতে সম্পূৰ্ণ কৰি পাছত উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ পৰা উভতি আহি গুৱাহাটীৰ সোণাৰাম স্কুলৰ শিক্ষক হয়। তাৰ পাছত এছ. ডি. ছি. পদ গ্ৰহণ কৰি শ্বিলঙলৈ যায়। পৰৱৰ্তী কালত পদোন্নতি লাভ কৰি ই. এ. চি. ৰূপে ১৯২৬ চনত […]

Read More

ৰাজেন্দ্ৰনাথ ডেকা । Rajendranath Deka

ৰাজেন্দ্ৰনাথ ডেকা–চমু পৰিচয় ৰাজেন্দ্ৰনাথ ডেকা এজন গৱেষক আৰু লিখক।  তেওঁৰ জন্ম হয় কামৰূপৰ দ-গাঁৱত ১৯৭৭ চনত। পিতৃৰ নাম পদ্মৰাম আৰু মাতৃ সুমিত্ৰা।স্কুলীয়া  শিক্ষা দ-গাওঁ আৰু পুঠিমাৰীত লাভ কৰি কলেজীয়া শিক্ষা গ্ৰহণ কৰে ৰঙিয়া মহাবিদ্যালয়ত। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকচ এণ্ড কমিউনিকেচন টেকন’লজিত এম. এচ. চি. আৰু ইলেকট্ৰনিকচ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিঙত এম. টেক. উপাধি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰায়োগিক বিজ্ঞান শাখাৰ জ্যেষ্ঠ কাৰিকাৰী নিৰ্দেশক পদত নিযুক্ত হৈ […]

Read More

সৰ্বেশ্বৰ কটকী । Sharbeshqar Kataki

সৰ্বেশ্বৰ কটকী–চমু পৰিচয় সৰ্বেশ্বৰ কটকী (১৮৯২-১৯৪৬) আছিল এজন অসমীয়া কবি, গৱেষক  আৰু  শিক্ষাবিদ। তেওঁৰ  জন্ম হয় গুৱাহাটীত।  পিতৃৰ নাম  যোগেশ্বৰ কটকী  আৰু মাতৃৰ নাম  দ্ৰৌপদী। স্কুলীয়া শিক্ষা কটন ক’লেজিয়েট হাই স্কুলত  আৰু ক’লেজীয়া শিক্ষা কটন কলেজত লাভ কৰে। ১৯২১ চনৰ  পৰা কটন ক’লেজিয়েট হাই স্কুলত শিক্ষক হিচাপে কর্ম জীৱনৰ পাতনি মেলি  জীৱনৰ শেষলৈকে ইয়াতে থাকে।সৰ্বেশ্বৰ কটকীয়ে  ‘আবাহন’, ‘চেতনা’, ‘বাঁহী’ আদি কাককত প্ৰবন্ধ-পাতি লিখিছিল। তেওঁ ৰচিত  গ্রন্থসমূহ হ’ল: ‘মূৰলী’ (১৯২১)‘তত্ত্ব আৰু তথ্য’ […]

Read More

ধৰ্মেশ্বৰী দেৱী বৰুৱানী । Dharmeshwari Devi Baruahni

ধৰ্মেশ্বৰী দেৱী বৰুৱানী–চমু পৰিচয় ধৰ্মেশ্বৰী দেৱী বৰুৱানী (১৮৯২-১৯৬০) এজনী অসমীয়া কবি আছিল । তাইৰ  জন্ম হয় গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত। পিতৃৰ নাম যজ্ঞোৰাম শৰ্মা আৰু মাতৃৰ নাম ৰম্ভাপ্ৰিয়া দেৱী। সাংসাৰিক জীৱন বৰ দুখৰ আছিল। তাইৰ  ৰচিত কবিতা-পুথিসমূহ হ’ল: ‘ফুলৰ শৰাই’, ‘প্ৰাণৰ পৰশ’, ‘অশ্ৰুধাৰ’ আৰু ‘জীৱনতৰী’। প্ৰেম হৈছে তাইৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। অসম সাহিত্য সভাই  তাইক ‘কাব্যভাৰতী’ সন্মানেৰে সন্মানিত কৰিছিল।

Read More

জয়ন্ত কুমাৰ গোস্বামী । Jayanta Kumar Goshwami

ডাঃ জয়ন্ত কুমাৰ গোস্বামী–চমু পৰিচয় ডাঃ জয়ন্ত কুমাৰ গোস্বামী এজন প্ৰখ্যাত চিকিৎসক আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৫৮ চনত শ্বিলঙত। গুৱাহাটীৰ  চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি ক্ৰমে এম. বি. বি. এছ. আৰু এম. এছ. (চাৰ্জাৰী) উপাধি গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান (এইম্‌চ)-ৰ পৰা এম. চি. এইচ. (পেডিয়াট্ৰিক চাৰ্জাৰী) ডিগ্রী লাভ কৰে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু-শল্য চিকিৎসা বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে অসমীয়া সাহিত্যলৈ গল্প, উপন্যাস, […]

Read More

অনুৰাধা শৰ্মা পূজাৰী । Anuradha Sharma Pujari

অনুৰাধা শৰ্মা পূজাৰী–চমু পৰিচয় অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ আৰু আলোচনী সম্পাদক। তেখেতৰ জন্ম হয় ১৯৬৪ চনত যোৰহাটত। তেখেত  যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰি যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেখেতে সমাজশাস্ত্ৰ বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টচ এণ্ড মেনেজমেন্টত সাংবাদিকতাৰ ডিপ্লমা লয়। অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ […]

Read More

জ্ঞাননাথ বৰা । Jyannath Bora

জ্ঞাননাথ বৰা–চমু পৰিচয় জ্ঞাননাথ বৰা (১৮৯০-১৯৬৮) এজন অসমীয়া প্ৰৱন্ধকাৰ আৰু সাহিত্য সমালোচক আছিল। তেওঁৰ জন্ম হয় গুৱাহাটীত। পিতৃৰ নাম সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুৱন মোহিনী। পিতৃ লিখক সত্যনাথ বৰাৰ অনুপ্ৰেৰণাতেই তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লৈছিল। কটন ক’লেজৰ পৰা বি. এ. আৰু আৰ্ল ল কলেজৰ পৰা বি. এল. পাছ কৰি প্ৰথমে গুৱাহাটীত ওকালতি কৰি পিছত বিশ বছৰ কাল কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰে। তেওঁ ৰচনা কৰা পুথিসমূহ হ’ল: ‘অসমত বিদেশী’, ‘যুগতত্ত্ব’, […]

Read More

হিতেশ্বৰ বৰবৰুৱা । Hiteshwar Barbaruah

হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯) এজন খ্যাতনামা অসমীয়া কবি আছিল । তেওঁৰ জন্ম হয় যোৰহাটৰ ওচৰৰ সৰু চৰাইবাহীত। জন্মস্থান যোৰহাটতেই স্কুলীয়া  শিক্ষা লাভ কৰি শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল।  পিছত চাহ-বাগিছাৰ কামত সোমাইছিল। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হ’ল: ‘ঢোপাকলি’, ‘তিৰোতাৰ আত্মদান’, ‘আত্মদান’, ‘ডেচডিমোনা’, ‘যুদ্ধক্ষেত্ৰত আহোম ৰমণী’ ‘আহোমৰ দিন’ আদি। ১৯২৪ চনত নগাঁৱত বহা অসম সাহিত্য সভা অধিৱেশনৰ হিতেশ্বৰ বৰবৰুৱা বুৰঞ্জী শাখাৰ সভাপতি আছিল।

Read More

দুৰ্গেশ্বৰ শৰ্মা । Durgeshwar Sharma

দুৰ্গেশ্বৰ শৰ্মা (১৮৮৪-১৯৬১)  এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ জন্ম হয় যোৰহাটৰ পটীয়া গাঁৱত। পিতাকৰ নাম হ’ল কমলেশ্বৰ। স্কুলীয়া  শিক্ষা যোৰহাটত গ্ৰহণ কৰি কোচবিহাৰ কলেজৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰে। নানা চৰকাৰী উচ্চ পদস্থ বিষয়া হিচাপে কৰ্ম-জীৱন অতিবাহিত কৰি শেষত কানি নিবাৰণ আবকাৰী কমিচনাৰ হিচাপে ১৯০৩ চনত অৱসৰ লয়। এগৰাকী নাট্যকাৰ আৰু কবি হিচাপে শৰ্মাই ভালেমান গ্ৰন্থ ৰচনা কৰে। ৰচিত আৰু অনূদিত নাটক: ‘পাৰ্থ পৰাজয়’(১৯০৯), ‘চন্দ্ৰাৱলী’(১৯১০), ‘পদ্মাৱতী’ আৰু ‘বালিবধ’(১৯২২) আদি । কবিতা-পুথি: ‘অঞ্জলি’ (১৯১০) আৰু ‘নিবেদন’(১৯১৫) । দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাত দাৰ্শনিক ভাৱৰ প্ৰাধান্য থকা বাবে  তেওঁ ‘দাৰ্শনিক কবি’ বুলি জনাজাত।

Read More