প্ৰণয় বৰদলৈ। Pranay Bordoloi

প্ৰণয় বৰদলৈ–চমু পৰিচয় প্ৰণয় বৰদলৈ (১৯৬৪- ) এজন সাংবাদিক, কাকতৰ সম্পাদক,  পৰিৱেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু সুলেখক। তেখেতৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ  পৰা লেখা-মেলাত মনোনিৱেশ কৰে।  তেখেত ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক পদত থকাৰ উপৰিও ‘আজিৰ অসম‘, ‘আজিৰ বাতৰি’, আমাৰ অসম’, ‘জনসাধাৰণ’ আদি কাকতৰ উপসম্পাদক তথা কাৰ্যনিৰ্বাহক সম্পাদক হিচাপে  কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্ৰিয়া-কলাপৰ […]

Read More

সুবোধ  মল্ল বৰুৱা । Subudh Malla Baruah

সুবোধ  মল্ল বৰুৱা–চমু পৰিচয় সুবোধ  মল্ল বৰুৱা (১৯৬৩- ) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক সুলেখক।  তেওঁৰ জন্ম হয় ১৯৬৩ চনত ।  তেওঁৰ দেউতাকৰ নাম পৰেশ মল্ল বৰুৱা। গুৱাহাটীৰ কটন কলেজিয়েট আৰু আৰ্য বিদ্যাপীঠত শিক্ষা লাভ কৰি ভাৰতৰ ক্ৰীড়া সাংবাদিকতাৰ জগতলৈ প্রৱেশ  কৰে। ১৯৮৭ চনৰ পৰা তেখেতে ‘আজিৰ অসম‘ আৰু ‘নতুন দৈনিক’ কাকতৰ উপসম্পাদক হিচাপে  কাম কৰে। ১৯৯১ চনত ‘দৈনিক অসম’ কাকতত যোগদান কৰে। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় […]

Read More

উপেন্দ্র  নাথ গোস্বামী। Upendra Nath Goshwami

উপেন্দ্র  নাথ গোস্বামী–চমু পৰিচয় ড০ উপেন্দ্র নাথ গোস্বামী (১৯২৩- ২০০০) এজন অসমীয়া ভাষাবিদ, গৱেষক আৰু সমালোচক। তেখেতৰ জন্ম হয় নলবাৰী সত্ৰত। প্ৰথমতে তেওঁ কানৈ মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে। পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ  অসমীয়া বিভাগত যোগদান কৰে আৰু বিভাগীয় মুৰব্বী  অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে ভাষা সম্পৰ্কীয় কেইবাখনো গৱেষণামূলক গ্ৰন্থ ৰচনা কৰে। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল: A Study on Kamrup, A Dialect of Assamese, An Introduction to Assamese। তেখেতে […]

Read More

বিৰিঞ্চি কুমাৰ বৰুৱা Birinchi Kumar Baruah

ড০ বিৰিঞ্চি কুমাৰ বৰুৱা –চমু পৰিচয় ড০ বিৰিঞ্চি কুমাৰ বৰুৱা (১৯১০-১৯৬৪) একেধাৰে এজন গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।  তেওঁৰ জন্ম হয় নাগাওঁত। পালি ভাষাত ব্যুৎপত্তি থকা এইজন সাহিত্যিকৰ শিক্ষা আৰু কৰ্মজীৱন অতি বিচিত্ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰশাসনীয় কাম কৰাৰ উপৰিও তেখেতে অসমীয়া বিভাগতো অধ্যাপনা কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা A Cultural History of Assam শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাতে তেখেতে কেইখনমান অতি মূল্যৱান গ্ৰন্থ ৰচনা […]

Read More

কালিৰাম মেধি। Kaliram Medhi

কালিৰাম মেধি–চমু পৰিচয় কালিৰাম মেধি (১৮৭৮-১৯৫৪) এজন অসমীয়া শিক্ষাবিদ, ভাষাবিদ, ব্যাকৰণবিদ, আলোচনী সম্পাদক আৰু গৱেষক আছিল। হাজোৰ ওচৰত ৰামদিয়া নামৰ গাওঁত তেওঁৰ জন্ম হয়। কলিকতাৰ চিটি কলেজৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উপ-প্ৰতি সমাহৰ্তাৰূপে  চাকৰি জীৱন আৰম্ভ কৰে।  তেওঁৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে  ই. এল. চি. পদলৈ উন্নীত হৈছিল। চৰকাৰী চাকৰিৰৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিেবশ কৰিছিল। তেওঁ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদিও অসমীয়া […]

Read More

বাণীকান্ত কাকতি। Banikanta Kakati

ড০ বাণীকান্ত  কাকতি–চমু পৰিচয় ড০ বাণীকান্ত কাকতি (১৮৯৪-১৯৫২) একেধাৰে এজন ভাষাবিদ, গৱেষক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বৰপটোৰ বাতিকুৰিহা নামৰ গাওঁ এখনত ১৮৯৪ চনত। সৰু কালৰে পৰা কাকতিয়ে শিক্ষাৰ ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিবলৈ  সক্ষম হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি প্ৰথমে কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি পিছলৈ অধ্যক্ষৰ পদত অধিষ্ঠিত  হয়। শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধান অধ্যাপকৰ পদত নিযুক্ত পায় […]

Read More

সত্যনাথ বৰা । Satyanath Bora

সত্যনাথ বৰা–চমু পৰিচয় সত্যনাথ বৰা (১৮৬০-১৯২৫) এজন অসমীয়া বলিষ্ঠ গদ্য লিখক আছিল ।  তেওঁৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। গুৱাহাটীত স্কুলীয়া শিক্ষা লাভ কৰি ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষা পাচ কৰে। সাময়িকভাৱে তেখেতে আৰ্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰে যদিও পিছত গুৱাহীটীত ওকালতি কৰিবলৈ লয়। সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন হ’ল ‘গীতাৱলী’। কেন্দ্ৰসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি  আদি তেখেতৰ প্ৰৱন্ধ আৰু সমালোচনামূলক পুথি। তেখেতে ৰচনা কৰা ‘আকাশ ৰহস্য’ […]

Read More

হোমেন ববৰগোহাঁই। Homen Borgohain

হোমেন ববৰগোহাঁই–চমু পৰিচয় হোমেন বৰগোহাঁই (১৯৩২-) অসমৰ এজন আগশাৰীৰ কবি, গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী, সাংবাদিক আৰু বুদ্ধিজীৱি। তেওঁৰ জন্ম হয় ঢকুৱাখানাত।  ১৯৫৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন শিক্ষকতা কৰে আৰু ১৯৫৫ চনৰ পৰা ১৯৬৮ চনলৈ এ. চি. এচ. বিষয়া হিচাপে  কাৰ্য নিৰ্বাহ কৰে। কিন্তু পিছলৈ তেওঁ সাংবাদিকতা আৰু লিখা- মেলাত নিজকে আত্মনিয়োগ কৰে।  তেওঁ যথেষ্ট সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা উপন্যাসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান […]

Read More

হৰকান্ত সদৰামিন। Harkanta Shadaramin

হৰকান্ত  সদৰামিন–চমু পৰিচয় হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাই   ১৮১৫-১৯০২) এজন বুৰঞ্জীবিদ আছিল। তেওঁ  নকল-নবীচ হিচাপে বৃটিছৰ কাছাৰীত সোমাই সদৰামিন ৰূপে  গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ, নগাওঁ আদি ঠাইত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছিল। বুৰঞ্জী চৰ্চাত তেওঁৰ ৰাপ আছিল। তেওঁ  কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’খন বহলকৈ লিখি উলিয়াইছিল।

Read More

যোগেশ দাস। Yogesh Das

যোগেশ দাস–চমু পৰিচয় যোগেশ দাস (১৯২৮-১৯৯৯) এজন অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ।  তেওঁৰ জন্ম হয় ডুমডুমাৰ হাঁহচৰা বাগিছাত। চাহ বাগিছাৰ বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৯ চনত অসমীয়া বিভাগত  স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰি ডুমডুমা হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। ১৯৫৩ চনত তেওঁ গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে  নিযুক্ত হয় আৰু সেই বিভাগৰ মুৰববী অধ্যপকৰূপে  অৱসৰ গ্ৰহণ কৰে। অধ্যাপনা কৰাৰ লগে লেগ যোগেশ দাসে  ‘নতুন অসমীয়া’, কাকতৰ উপসম্পাদক, […]

Read More