পদাৰ্থ বিজ্ঞান কুইজ 

 

প্রঃ কোন চনত অ’ৰষ্টেডে প্ৰমাণ কৰিলে যে বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা সম্পৰ্ক আছে ?

উঃ ১৮২০ চনত।

প্রঃ এক্সৰে -ৰশ্মি কিহেৰে গঠিত ?

উঃ আলফা কণাৰ দ্বাৰা।

প্রঃ ছি. জি. এছ. পদ্ধতিত কোনটো এককেৰে তৰল পদাৰ্থৰ আয়তন জোখা হয় ?

উঃ লিটাৰ।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ ক্ষেত্ৰফলৰ একক কি ?

উঃ বৰ্গফুট।

প্রঃ কোৱান্টাম সূত্ৰৰ আৱিষ্কাৰক কোন ?

উঃ মেক্স  প্লাংক।

প্রঃ বৈদ্যুতিক শক্তিৰ  এছ. আই. একক কি ?

উঃ কিলোৱাট    ঘন্টা।

প্রঃ দূৰদৃষ্টিজনিত চকুৰ দোষৰ চিকিৎসাত কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় ?

উঃ উত্তল লেন্স।

প্রঃ ওজন কিয় ভেক্টৰ ৰাশি ?

উঃ পৃথিৱীৰ মাধ্যাকৰ্ষণ ত্বৰণৰ দিশ নিৰ্দ্দিষ্ট বাবে ।

প্রঃ ১অশ্বশক্তি  কিমান ৱাট ?

উঃ ৭৪৬ ৱাট।

প্রঃ লেকট’ মিটাৰ কি কামত ব্যৱহাৰ কৰা হয় ?

উঃ গাখীৰৰ বিশুদ্ধতা জুখিবলৈ।

প্রঃ আমি আকাশখন নীলা দেখো কিয় ?

উঃ পোহৰৰ বিচ্ছুৰণৰ বাবে।

প্রঃ এম. কে. এছ .পদ্ধতিত আয়তনৰ একক কি ?

উঃ ঘন মিটাৰ।

প্রঃ ছি. জি. এছ. পদ্ধতিত তাপৰ একক কি ?

উঃ কেলৰি।

প্রঃ আলোকবৰ্ষ কিহৰ একক ?

উঃ মহাজাগতিক দূৰত্বৰ একক।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ ফুট-পাউণ্ড-চেকেণ্ড।

প্রঃ এফ. পি. এছ. পদ্ধতিৰ আয়তনৰ প্ৰাথমিক একক কি ?

উঃ ঘনফুট।

প্রঃ পোহৰৰ তৰঙ্গৰ প্ৰকৃতি সম্বন্ধে কোনে প্ৰথমতে অভিমত প্ৰকাশ কৰিছিল ?

উঃ ক্ৰিষ্টিয়ান হাইজেনে।

প্রঃ বায়ুমণ্ডলীয় বিদ্যুৎ আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ বেঞ্জামিন ফ্রেঙ্কলিন।

প্রঃ ছি. জি. এছ. পদ্ধতিত ত্বৰণৰ একক কি ?

উঃ ছেঃ মিঃ চেকেণ্ড২।

প্রঃ কি সঁজুলিৰ সহায়ত সূৰ্যৰ উষ্ণতা জোখা হয় ?

উঃ পাইৰ’মিটাৰ।

প্রঃ শূন্য মাধ্যমত শব্দৰ গতিবেগ কিমান ?

উঃ শূন্য।

প্রঃ ফাৰেনহাইট স্কেলত বৰফৰ গলনাংক কিমান ?

উঃ ৩২ ডিগ্রী ফাৰেনহাইট।

প্রঃ ৱাট কিহৰ একক ?

উঃ ক্ষমতাৰ একক।

প্রঃ আদৰ্শ গেছ কি ?

উঃ যি গেছে গেছৰ সূত্ৰবোৰ  মানি চলে।

প্রঃ পৃথিৱীৰ কেন্দ্ৰত বস্তুৰ ওজন কিমান ?

উঃ শূন্য।

প্রঃ এক গেলনত  কিমান  লিটাৰ ?

উঃ ৪.৫৪

প্রঃ ক্ৰিয়া আৰু প্ৰক্ৰিয়াই কিহৰ ওপৰত ক্ৰিয়া কৰে ?

উঃ বিভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰে।

প্রঃ প্ৰতিধবনি সৃষ্টিৰ মূল কাৰণ কি ?

উঃ শব্দৰ প্ৰতিফলন।

প্রঃ ৰঙা ৰশ্মিক কিয় বিপদৰ সংকেত বুলি কোৱা হয় ?

উঃ ৰঙা ৰশ্মিৰ তৰঙ্গ ৰ্দ্ঘ্যৈ সৰ্বাধিক।

প্রঃ বাষ্পীভৱন কাক বোলে ?

উঃ যি পদ্ধতিত যি কোনো উষ্ণতাত তৰল পদাৰ্থ বাষ্পীভূত হয়, তাকে ‘বাষ্পীভৱন’ বোলে।

প্রঃ সাধাৰণ তুলাৰে বস্তুৰ কি জোখা হয় ?

উঃ বস্তুৰ ভৰ।

প্রঃ বিদ্যুৎ প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা পৰিঘটনাটো পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ অ’ৰষ্টেডে।

প্রঃ ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়ত ট্রেইন এখনৰ বেগক কি বেগ বোলে ?

উঃ অসম বেগ।

প্রঃ ভৰ, সময়, দ্ৰুতি, ঘনত্ব আদি কি ৰাশি ?

উঃ স্কেলাৰ ৰাশি।

প্রঃ এম. কে. এছ. পদ্ধতিত বলৰ একক কি ?

উঃ নিউটন।

প্রঃ পৃথিৱীৰ সকলো শক্তিৰ উৎস কি ?

উঃ সূৰ্য।

প্রঃ বেৰোমিটাৰ আৰু মনোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ?

উঃ বায়ুৰ চাপ জুখিবলৈ।

প্রঃ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ ফাৰেনহাইট স্কেলত থাৰ্মোমিটাৰৰ উৰ্দ্ধ স্থিৰাংক কিমান ?

উঃ ২১২ ডিগ্রী ফাৰেনহাইট।

প্রঃ কি পদাৰ্থৰ গলনত আয়তন হ্রাস পায় ?

উঃ বৰফ।

প্রঃ পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি ?

উঃ প্লাজমা।

প্রঃ ৱাট মানে কি ?

উঃ এক চেকেণ্ডত এক জুল কাৰ্য কৰাৰ ক্ষমতাক ‘ৱাট’ বুলি কোৱা হয়।

প্রঃ ২ মল অক্সিজেনৰ ওজন কিমান ?

উঃ ৬৪ গ্ৰাম।

প্রঃ পদাৰ্থ বিজ্ঞানত নবেল  বঁটা পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানীজনৰ নাম কি ?

উঃ চন্দ্ৰশেখৰ ভেংকট ৰমন।

প্রঃ বৰ্তনীত বিদ্যুৎ প্ৰৱাহ ধৰা পেলাবলৈ ব্যৱহাৰ কৰা আহিলাটোক কি বোলা হয় ?

উঃ গেলেভন মিটাৰ।

প্রঃ ৰোধৰ বিপৰীত ৰাশিক কি বোলা হয় ?

উঃ পৰিবাহিতা।

প্রঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি ?

উঃ লেকটিক  এচিড।

প্রঃ চুম্বক ক্ষেত্ৰৰ এছ. আই. একক কি ?

উঃ টেছ্লা।

প্রঃ অতি পৰিবাহিতা নামৰ পৰিঘটনাটো পোন প্ৰথমতে কোনে পর্যবেক্ষণ কৰিছিল ?

উঃ এইছ. কে. ৱানছে।

প্রঃ মানুহৰ কাণৰ বাবে কম্পনাংকৰ শ্ৰাব্য সীমা কিমান ?

উঃ ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জলৈ।

প্রঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফেৰাডেই।

প্রঃ স্থিৰ বিদ্যুৎ বল কি ?

উঃ এটি ভেক্টৰ  ৰাশি।

প্রঃ কম্পনাংকৰ এছ. আই. একক কি ?

উঃ হাৰ্জ (Hz)

প্রঃ বায়ুত শব্দৰ বেগ কিমান ?

উঃ ৩৩০মিটাৰ চেকেণ্ড।

প্রঃ এটা তাপ ইঞ্জিনে কাক কিহলৈ ৰূপান্তৰ কৰে ?

উঃ তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্রঃ ১কেলৰিৰ মান কিমান ?

উঃ ৪.১৮৬ জুল।

প্রঃ এছ. আই. একক পদ্ধতিত আপেক্ষিক তাপৰ একক কি ?

উঃ জুল কিঃগ্ৰাঃ ০ ছেঃ।

প্রঃ কেতিয়া বাষ্পীভৱন ঘটে ?

উঃ সকলো উষ্ণতাতে।

প্রঃ ভাৰতবৰ্ষত সচৰাচৰ ব্যৱহাৰ হোৱা ঘৰুৱা বিদ্যুৎ শক্তি যোগানৰ পৰিমাণ কিমান ?

উঃ ২২০ ভল্ট, ১০০ হাৰ্জ।

প্রঃ ভন এলেন বিকীৰণ বলয় কোন চনত আৱিস্কৃত হৈছিল ?

উঃ ১৯৫৮ চনত।

প্রঃ বিদ্যুৎ উৎপাদকে কি পৰিৱৰ্তন কৰে ?

উঃ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ।

প্রঃ বৈদ্যুতিক মটৰে কি ৰূপান্তৰ কৰে ?

উঃ বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ।

প্রঃ বিদ্যুৎ চুম্বকৰ মজ্জাৰ বাবে কোনবিধ পদাৰ্থ অধিক উপযোগী ?

উঃ কোমল লোহা।

প্রঃ তাম, পানী, আইৰণ আৰু পাৰা কোনবিধ পদাৰ্থৰ আপেক্ষিক তাপ সৰ্বাধিক ?

উঃ পানী।

প্রঃ ছেলছিয়াছ আৰু ফাৰেনহাইট দুয়োবিধ স্কেলতে একেই মান থকা উষ্ণতাটো কিমান ?

উঃ ৪০ ডিগ্রী।

প্রঃ কয়লাৰ দহনত কি ধৰণে শক্তিৰ ৰূপান্তৰ ঘটে ?

উঃ ৰাসায়নিক শক্তি তাপ শক্তিলৈ।

প্রঃ এটা বস্তুত তাপ প্ৰয়োগ কৰিলে, ইয়াৰ কালি কমে নে বাঢ়ে   ?

উঃ বাঢ়ে ।

প্রঃ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা আহিলা বিধক কি বুলি কোৱা হয় ?

উঃ থাৰ্মোমিটাৰ।

প্রঃ নিউটনৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় ?

উঃ প্ৰথম সূত্ৰক।

প্রঃ ৰকেটৰ গতি নিউটনৰ কোনটো সূত্ৰৰ উদাহৰণ ?

উঃ তৃতীয় গতি সূত্ৰৰ।

প্রঃ যান্ত্ৰিক শক্তি আৰু তাপৰ মাজত সম্বন্ধ প্রতিষ্ঠা কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ জুল।

প্রঃ এটা বস্তুৰ আপেক্ষিক তাপ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ পদাৰ্থৰ ওপৰত।

প্রঃ তৰংগই এটা স্থানৰ পৰা আন এটা স্থানলৈ কি স্থানান্তৰ ঘটায় ?

উঃ শক্তি।

প্রঃ তৰংগ ৰ্দ্ঘ্যৈৰ বিপৰীত ৰাশিক কি বোলা হয় ?

উঃ তৰংগ সংখ্যা।

প্রঃ তাপৰ এছ. আই. একক কি ?

উঃ জুল।

প্রঃ এটা অন্তৰ্দহন ইঞ্জিনৰ কাৰ্য কিমানটা ষ্ট্ৰোকত সম্পূৰ্ণ হয় ?

উঃ চাৰিটা ষ্ট্ৰোকত।

প্রঃ মানৱ দেহৰ স্বাভাৱিক উষ্ণতা কিমান ?

উঃ ৩৭০ ডিগ্রী ছেঃ।

প্রঃ থাৰ্মোমিটাৰত কি পদাৰ্থ সচৰাচৰ ব্যৱহাৰ কৰা হয় ?

উঃ পাৰা।

প্রঃ বৰফ গলিলে ইয়াৰ উষ্ণতা বাঢ়ে নে কমে ?

উঃ একে থাকে।

প্রঃ বস্তু এটা চন্দ্ৰ পৃষ্ঠলৈ আনিলে কি পৰিৱৰ্তন হ’ব বাৰু ?

উঃ ইয়াৰ ওজন সলনি হ’ব।

প্রঃ পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান ?

উঃ শূন্য।

প্রঃ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান পোন প্ৰথমবাৰৰ বাবে নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ কেভেণ্ডিজ।

প্রঃ এজন  মানুহে পৃথিৱীত ১.৫ মিটাৰ ওপৰলৈ জপিয়াব পাৰে। তেওঁ চন্দ্ৰত কিমান জপিয়াব পাৰিব ?

উঃ ৯ মিটাৰ।

প্রঃ হেলনীয়া তলত বাগৰি যোৱা বল এটাই কি গতি সম্পন্ন কৰে ?

উঃ জটিল গতি।

প্রঃ সুষম বেগত গতি কৰা বস্তু এটাৰ ত্বৰণ গতি কি ?

উঃ শূন্য।

প্রঃ প্ৰাণীসমূহৰ চলনক কি বোলে ?

উঃ সঞ্চৰণ।

প্রঃ ৰৈ থকা বাছ এখনে হঠাৎ চলিবলৈ ধৰিলে থিয় হৈ থকা মানুহ এজন কোনফালে হালি যায় ?

উঃ পিছফালে।

প্রঃ মেৰুৰ পৰা বিষুৱ অঞ্চললৈ গতি কৰিলে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় ?

উঃ হ্রাস পায়।

প্রঃ দোলকৰ গতি সম্পৰ্কীয় সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ নিৰ্দিষ্ট উষ্ণতাত তৰলৰ সকলো অংশৰ পৰা বাষ্প নিৰ্গত হোৱা পদ্ধতিটোক কি বলে ?

উঃ স্ফুটন।

প্রঃ আকাশত উৰি  ফুৰা উৰাজাহাজৰ কি শক্তি থাকে ?

উঃ গতি শক্তি আৰু স্থিতি শক্তি দুয়োটাই থাকে।

প্রঃ বস্তু এটা ওপৰলৈ নিক্ষেপ কৰিলে ইয়াৰ গতি শক্তি কি হ’ব ?

উঃ ক্ৰমান্বয়ে হ্রাস পাব।

প্রঃ ত্বৰণ, সৰণ, বেগ আৰু দ্ৰুতি  ইয়াৰ কোনটো স্কেলাৰ ৰাশি ?

উঃ দ্ৰুতি।

প্রঃ যদি এটা বস্তুয়ে সুষম দ্ৰুতিৰে গতি কৰে, তেন্তে দূৰত্ব-সময় লেখ ডালক কি বুলি কোৱা হ’ব ?

উঃ এডাল সৰল ৰেখা।

প্রঃ বল প্ৰয়োগ কৰোঁতে প্ৰয়োগ বিন্দুত সৰণ নঘটিলে সম্পাদিত কাৰ্যৰ পৰিমাণ কি হয় ?

উঃ শূন্য।

প্রঃ যান্ত্ৰিকভাৱে সম্পাদিত কাৰ্য আৰু উৎপাদিত তাপৰ মাজত এক সঠিক সমতুল্যতা আছে বুলি কোনে প্ৰথমতে প্রতিষ্ঠা কৰিছিল ?

উঃ জুল।

প্রঃ বেৰ’মিটাৰৰ পাৰাৰ ওপৰৰ স্তৰটোত কি থাকে ?

উঃ বায়ুশূন্য স্থান।

প্রঃ ফটোগ্ৰাফি কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ফ্রান্সৰ নিপকে।

প্রঃ ১ লিটাৰ পানীৰ ভাৰ কিমান ?

উঃ ১ কিঃগ্ৰাঃ।

প্রঃ সৌৰ দিৱস, মাইক্ৰো চেকেণ্ড, লিপইয়েৰ কিহৰ একক ?

উঃ সময়ৰ একক।

প্রঃ অন্য এককৰ ওপৰত নিৰ্ভৰশীল এককক কি বোলে ?

উঃ লব্ধ একক।

প্রঃ চলন্ত বাছ এখনে ব্রেক  মাৰিলে বাছৰ গতিৰ কেনে পৰিৱৰ্তন হয় ?

উঃ কম্পনৰ সৃষ্টি হৈ স্থিৰ শক্তিলৈ গতি কৰে।

প্রঃ পৃথিৱীৰ বিষুৱ অঞ্চলত পদাৰ্থৰ ওজন কিমান হ’ব ?

উঃ সকলোতকৈ কম হ’ব।

প্রঃ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিহৰ সমানুপাতিক ?

উঃ বল।

প্রঃ চলন্ত বাছৰ পৰা নামিলে যাত্ৰীয়ে কিয় আগলৈ হালি পৰে ?

উঃ গতি জড়তাৰ বাবে ।

প্রঃ এক মাইলত  কিমান কিলোমিটাৰ ?

উঃ ১.৬০৯৩ কিঃমিঃ।

প্রঃ যি ৰাশিৰ মান আছে কিন্তু দিশ নাই, সেই ৰাশিক কি বোলে ?

উঃ স্কেলাৰ ৰাশি।

প্রঃ প্ৰবাহিত নদীৰ পানীত কি শক্তি থাকে ?

উঃ গতি শক্তি।

প্রঃ প্ৰথম পৰমাণু বোমাটো ক’ত কেতিয়া ফুটোৱা হৈছিল ?

উঃ নিউ মেক্সিকোৰ মৰুভূমিৰ মাজত ‘জিৰো হিল’ নামৰ পাহাৰৰ ওপৰত, ১৯৪৫ চনৰ ১৬ জুলাইত।

প্রঃ পেট্ৰাল, ইথাৰ, স্পিৰিট আদিৰ বাষ্পায়ন দ্ৰুত হোৱাৰ কাৰণ কি ?

উঃ এইবোৰ  উদ্বায়ী পদাৰ্থ বাবে।

প্রঃ মটৰৰ মূল নীতি কি ?

উঃ তড়িতবাহী তাঁৰৰ ওপৰত চুম্বকৰ ক্ৰিয়া।

প্রঃ এটা বস্তুৰ বেগ আধালৈ হ্রাস কৰিলে, ইয়াৰ গতিশক্তি কি হ’ব ?

উঃ এক চতুৰ্থাংশ হ’ব।

প্রঃ কাৰ্য সম্পাদনৰ হাৰক কি বুলি কোৱা হয় ?

উঃ ক্ষমতা।

প্রঃ এটা বস্তুৰ গতি শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ ভৰ আৰু বেগৰ ওপৰত।

প্রঃ বস্তুৰ ওজন ক’ত সৰ্বাধিক হয় ?

উঃ ভূ-পৃষ্ঠত।

প্রঃ গৰিষ্ঠ  অনুভূমিক বিস্তাৰ পাবলৈ বস্তু এটা অনুভূমিক তলৰ পৰা কিমান ডিগ্ৰী কোণ কৰি নিক্ষেপ কৰিব লাগিব ?

উঃ ৪৫ ডিগ্রী ।

প্রঃ আটাইতকৈ গধুৰ মৌলিক পদাৰ্থবিধৰ নাম কি ?

উঃ আছমিয়াম।

প্রঃ মান আৰু দিশ দুয়োটাই থকা ৰাশিক কি বোলে ?

উঃ ভেক্টৰ ৰাশি।

প্রঃ সময় আৰু ৰ্দ্ঘৈৰ একক কোন শ্ৰেণীৰ একক ?

উঃ মৌলিক একক।

প্রঃ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰিবলৈ কি কৰিব লাগে ?

উঃ তৰলৰ ওপৰত চাপ কমাব লাগিব।

প্রঃ কাৰ্যৰ এছ. আই. একক কি ?

উঃ জুল।

প্রঃ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুলিলে কি বুজা ?

উঃ ভিন ভিন বস্তুৰ ওপৰত ক্ৰিয়া কৰাক বুজায়।

প্রঃ ফটোগ্ৰাফিৰ পোহৰ শক্তি কি শক্তিলৈ পৰিণত হয় ?

উঃ ৰাসায়নিক শক্তিলৈ ।

প্রঃ তৰংগ ৰ্দ্ঘ্যৈ বৃদ্ধি পালে শব্দৰ তীক্ষ্ণতাৰ কি পৰিৱৰ্তন হয় ?

উঃ হ্রাস পায়।

প্রঃ কোনটো মাধ্যমত শব্দৰ গতি সর্বোচ্চ হয় ?

উঃ কঠিন মাধ্যমত।

প্রঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ কি থাকিব পাৰে ?

উঃ শক্তি।

প্রঃ দেৱাল ঘড়ীৰ পেণ্ডুলামৰ কি শক্তিৰ প্ৰভাৱত দোলন হয় ?

উঃ স্প্ৰিঙৰ স্থিতি শক্তিৰ প্ৰভাৱত।

প্রঃ নিৰ্দিষ্ট চাপত এক নিৰ্দিষ্ট উষ্ণতাত তৰল পদাৰ্থ কঠিন পদাৰ্থলৈ পৰিণত হ’লে তাক কি বোলে ?

উঃ হিমাংক।

প্রঃ কি পদাৰ্থৰ গলনৰ ফলত তাপমাত্ৰা বৃদ্ধি পায় ?

উঃ মমৰ।

প্রঃ সমদ্ৰুতি সম্পন্ন বস্তুৰ গতিত কি থাকে ?

উঃ সদায় স্থিৰ মানৰ ভৰবেগ  থাকে।

প্রঃ দ্ৰুতি, বেগ আৰু ত্বৰণ কিহৰ একক ?

উঃ ৰ্দ্ঘ্যৈ আৰু সময়ৰ তিনিটা মিশ্ৰ একক।

প্রঃ বাষ্পীভৱনৰ লীন তাপ কিমান ?

উঃ প্ৰতি গ্ৰামত ৫৪০ কেলৰি।

প্রঃ মৰীচিকা কিয় সৃষ্টি হয় ?

উঃ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে।

প্রঃ বোমা ফুটিলে কি শক্তি কিহলৈ ৰূপান্তৰিত হয় ?

উঃ যান্ত্ৰিক শক্তিৰ দ্বাৰা ৰাসায়নিক শক্তি তাপ, শব্দ আৰু আলোক শক্তিলৈ ৰূপান্তৰিত হয়।

প্রঃ পৃথিৱী পৃষ্ঠত  কোনো বস্তুৰ ওজন ৪৮ ডাইন হ’লে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব ?

উঃ ৮ ডাইন।

প্রঃ চলিনয়েড কাক বোলে ?

উঃ তড়িত প্ৰবাহ থকা অৱস্থাত কোনো পৰিবাহী তাঁৰৰ কুণ্ডলীক ‘চলিনয়েড’ বোলে ।

প্রঃ কিহৰ ওপৰত শব্দৰ তীক্ষ্ণতা নিৰ্ভৰ কৰে ?

উঃ শব্দৰ কম্পনাংকৰ ওপৰত।

প্রঃ চাপৰ বৃদ্ধি হ’লে তামৰ গলনাংকৰ কি পৰিৱৰ্তন হ’ব ?

উঃ বৃদ্ধি পাব।

প্রঃ বাহিৰৰ পৰা তাপ শক্তিৰ প্ৰয়োগ কৰিলে পদাৰ্থৰ কি পৰিৱৰ্তন হয় ?

উঃ পদাৰ্থৰ অণুুসমূহৰ স্থিতি আৰু গতি শক্তিৰ পৰিৱৰ্তন হয়।

প্রঃ উত্তল লেন্স কি ধৰণৰ লেন্স ?

উঃ অভিসাৰী।

প্রঃ বাষ্পৰ ঘনীভৱন হৈ তৰলত পৰিণত হ’লে কি হ’ব বাৰু ?

উঃ ই তাপ উৎপন্ন কৰে।

প্রঃ এটা সৰল দোলকৰ দোলনশীল বস্তুয়ে সাম্য অৱস্থানৰ পৰা কৰা গৰিষ্ঠ সৰণক কি বোলা হয় ?

উঃ বিস্তাৰ।

প্রঃ এটা বস্তুৰ ত্বৰণ ঘটিলে কি হয় বাৰু ?

উঃ এটা বলে সদায় ইয়াৰ ওপৰত ক্ৰিয়া কৰে।

প্রঃ বৰ্ণালীৰ কোনটো অংশত দৰ্শন ক্ষমতা শূন্য ?

উঃ ৰঙা  আৰু বেঙুনীয়া অংশত। 0 0 0

Leave a Reply

Your email address will not be published. Required fields are marked *