পৰিৱেশ  বিজ্ঞান

 

প্রঃ ‘পৰিৱেশ’ বুলিলে কি বুজা ?

উঃ ‘পৰিৱেশ’ বুলিলে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভৌতিক, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহক বুজায়।

প্রঃ জীৱ আৰু পৰিৱেশৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াক কি বুলি কোৱা হয় ?·

উঃ পৰিস্থিতিতন্ত্ৰ।

প্রঃ পৰিস্থিতিতন্ত্ৰত জীৱ এটাই পালন কৰা ভূমিকাক কি হিচাপে জনা যায় ?

উঃ নিট্চ্চ।

প্রঃ কোনবোৰ  সম্পদ নবীকৰণ সম্ভৱ নহয় ?

উঃ জীৱাষ্ম ইন্ধন।

প্রঃ আমাৰ দেশৰ কিমান শতাংশ ভূমি অৰণ্যই অধিকাৰ কৰি আছে ?

উঃ ১৯ শতাংশ।

প্রঃ কিমান শতাংশ স্থলভাগ অৰণ্যই অধিকাৰ কৰিলে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য অব্যাহত থাকিব ?

উঃ ৩৩ শতাংশ।

প্রঃ উদ্ভিদ ৰোপনক কি বুলি কোৱা হয় ?

উঃ বনানীকৰণ।

প্রঃ পানী বা বতাহৰ দ্বাৰা ভূমি ভাগৰ শীৰ্ষৰ সাৰুৱা তৰপটো আতঁৰোৱা প্ৰক্ৰিয়াটোক কি বোলে ?

উঃ ভূমিক্ষয়।

প্রঃ আবাসিক অঞ্চলত কোলাহলৰ মাত্ৰা কিমান পৰিমাণৰ বেছি হ’ব নালাগে ?

উঃ ৭০ ডেচিবল।

প্রঃ শব্দ প্ৰদূষণৰ ফলত কি হ’ব পাৰে ?

উঃ কাণ নষ্ট হয়, বমিভাৱ হয় আৰু মূৰ ঘূৰায়।

প্রঃ শব্দৰ তীব্রতা কিমান ডেচিবলৰ ওপৰত হ’লে শব্দ প্ৰদূষণ বিপদজনক হৈ পৰে ?

উঃ ৮০ ডেচিেবল।

প্রঃ বায়ুৰ  পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা ?

উঃ এজমা, ব্রংকাইটিছ।

প্রঃ চেৰন বিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটো কি আছিল ?

উঃ নিউক্লিয় ৰিয়েক্টৰৰ বিস্ফোৰণ ।

প্রঃ কোনে প্ৰথমতে পৰিস্থিতি বিজ্ঞানৰ সংজ্ঞা দিছিল ?

উঃ হেকেলে।

প্রঃ পৃথিৱীৰ জলভাগ থকা মণ্ডলক কি বুলি জনা যায় ?

উঃ হাইড্ৰ’স্পেয়াৰ   বা জল মণ্ডল।

প্রঃ বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় ?

উঃ মিলিবাৰ এককত।

প্রঃ কি বস্তু পেলোৱা বাবে ভাৰতৰ গংগা নদীৰ পানীত প্ৰদূষণ ঘটিছে ?

উঃ ঔদ্যোগিক বাহ্য পদাৰ্থ।

প্রঃ ভুপৃষ্ঠৰ  পৰা ৯০ কিঃমিঃ উচ্চতাৰ ওপৰত বায়ুমণ্ডলৰ কোনটো স্তৰ আৰম্ভ হয় ?

উঃ থাৰ্মোস্পেয়াৰ।

প্রঃ ‘নৰ্মদা উপত্যকা প্ৰকল্প’ত জড়িত ৰাজ্যবোৰ  কি কি ?

উঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট।

প্রঃ কাৰ নেতৃত্বত ‘চিপকো আন্দোলন’ গা কৰি উঠিছিল ?

উঃ সুন্দৰ লালা বহুগুণা।

প্রঃ এক গ্ৰাম জলীয় বাষ্প পানীলৈ পৰিৱৰ্তন হওঁতে কিমান কেল’ৰি তাপ উৎপন্ন হয় ?

উঃ ৫৪০ কেল’ৰি।

প্রঃ বিগত শতিকাৰ আটাইতকৈ উষ্ণ বৰ্ষ কোনটো আছিল ?

উঃ ১৯৩৮ চন।

প্রঃ বিজ্ঞানীসকলৰ মতে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-এক্সাইড পৰিমাণ কিমান হ’ব ?

উঃ ৫০০ পি. পি. এম. ৰ ওচৰা-ওচৰি।

প্রঃ অ’জন স্তৰৰ ক্ষয়ীভৱনৰ বাবে  দায়ী কোন ?

উঃ ক্ল’ৰফ্লু’ৰ কাৰ্বন।

প্রঃ বায়ুমণ্ডলৰ কিমান উচ্চতালৈ অজ’ন গেছৰ পৰিমাণ সৰ্বাধিক ?

উঃ ৩৫ কিঃমিঃলৈ।

প্রঃ ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গমন হোৱা গেছবিধৰ নাম কি ?

উঃ মিথাইল আইছ’চায়েনেট।

প্রঃ বায়ুবীয় জীৱবোৰ ক’ত পোৱা যায় ?

উঃ বায়ুমণ্ডলত।

প্রঃ মেট্ৰ’পলিটান মহানগৰবোৰত  বায়ু প্ৰদূষণৰ প্ৰধান উৎসটো কি ?

উঃ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা।

প্রঃ যান-বাহনৰ পৰা ওলোৱা ধোঁৱাত কি কি গেছ থাকে ?

উঃ কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন’অক্সাইড  আৰু নাইট্ৰিক অক্সাইড।

প্রঃ চাইক্ল’ন জাতীয় ধুমুহা সৃষ্টি হোৱা অঞ্চলত প্ৰচুৰ মেঘ জমা হয় কিয় ?

উঃ এনে অঞ্চলত নিম্ন চাপৰ মাত্ৰা অধিক হয়।

প্রঃ গঁড় থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?

উঃ কাজিৰঙা।

প্রঃ বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষণ কৰা অঞ্চলক কি বোলা হয় ?

উঃ ৰাষ্ট্ৰীয় উদ্যান।

প্রঃ কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে  বিখ্যাত ?

উঃ এশিঙ্গীয়া গঁড়ৰ বাবে।

প্রঃ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাই কি পৰিমাপ কৰে ?

উঃ জৈৱ ৰাসায়নিক বিয়োজন ঘটাবলৈ সুক্ষ্ম অনুজীৱক লগা দ্ৰবীভূত অক্সিজেন।

প্রঃ কোনটো শ্ৰেণীৰ মেৰুদণ্ডী প্ৰাণীত সৰ্বাধিক সংখ্যক বিপদাপন্ন  প্ৰজাতি আছে ?

উঃ স্তন্যপায়ী প্ৰাণী।

প্রঃ কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিম’গ্লবিনত ই অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰবীভূত হয় ?

উঃ কাৰ্বন মন’অক্সাইড।

প্রঃ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা ৰূপান্তৰিত হোৱা পৰিৱেশক কি বুলি কোৱা হয় ?

উঃ নৃতাত্ত্বিক পৰিৱেশ ।

প্রঃ পাৰিপাৰ্শ্বিক নিম্নীকৰণৰ এটা প্ৰভাৱ কি ?

উঃ জলবায়ুৰ অনিয়মীয়া পৰিৱৰ্তন।

প্রঃ বৰদৈচিলা, চাইক্ল’ন আদি ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?

উঃ ৰাডাৰ।

প্রঃ সমুদ্ৰ পৃষ্ঠৰ  তাপমাত্ৰা কিমান হ’লে বিধবংসী চাইক্ল’ন ধুমুহাৰ সৃষ্টি হয় ?

উঃ ২৭০ চেলছিয়াচ বা তাতোকৈ বেছি হ’লে।

প্রঃ বায়ুৰ চাপ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ বেৰ’মিটাৰ।

প্রঃ বায়ুস্তৰৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?

উঃ থিওডেলাইট।

প্রঃ কোনো এখন নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলৰ হ্রস্বকালীন ধৰ্মক একেলগে কি বুলি কোৱা হয় ?

উঃ বতৰ।

প্রঃ ‘কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদে’ নীৰৱ উপত্যকা আন্দোলন কোন চনত আৰম্ভ কৰিছিল ?

উঃ ১৯৭৮ চনত।

প্রঃ জলভাগেৰে গঠিত পৃথিৱীৰ অংশটোক কি বুলি জনা যায় ?

উঃ জলমণ্ডল।

প্রঃ ‘জীৱমণ্ডল সুৰক্ষা প্ৰকল্প’ কিমান চনত আৰম্ভ কৰা হৈছিল ?

উঃ ১৯৮৬ চনত।

প্রঃ কিহৰ বাবে তাজমহলৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ?

উঃ ছালফাৰ-ডাই- অক্সাইডৰ বাবে ।

প্রঃ ষ্টেট’স্পেয়াৰত থকা অতি বেঙুনীয়া ৰশ্মি কিহে শোষণ কৰে ?

উঃ অ’জন গেছে। 0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *