বিশ্বব্রহ্মাণ্ড কুইজ। মহাকাশ বিজ্ঞান কুইজ।Universe Quiz । Astronomy quiz

বিশ্বব্রহ্মাণ্ড

 

প্রঃ ‘বিজ্ঞান’ বুলিলে কি বুজা ?

উঃ ‘বিজ্ঞান’ বুলিলে কোনো এক বিষয়, বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্ৰ বা কাৰ্য প্ৰণালীৰ  ওপৰত প্ৰণালীবদ্ধ পৰ্যেবক্ষণ, পৰীক্ষা নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়। 

প্রঃ সৌৰজগত মানে কি ?

উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ আৰু  জোতিষ্কবোৰক একেলগে সৌৰ জগত বোলে ।

প্রঃ নক্ষত্ৰ কি ?

উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক  ‘নক্ষত্ৰ’ বুলি কোৱা হয়।

প্রঃ সূৰ্য কি ?

উঃ সূৰ্য মহাকাশত থকা  এটি নক্ষত্ৰ।

প্রঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা কি কি ?

উঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ ৮ টা, যেনেঃ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শণি, ইউৰেনাছ আৰু নেপচুন।

প্রঃ সূৰ্যৰ ব্যাস কিমান ?

উঃ ৮ লাখ ৮৮ হাজাৰ মাইল।

প্রঃ তাৰকা ৰাজ্য কি ?

উঃ মহাকাশত থকা কেইবা কৌটি নক্ষত্ৰৰ সমষ্টিক ‘তাৰকা ৰাজ্য’ বোলে ।

প্রঃ এক পাৰছেকত কিমান আলোকবৰ্ষ ?

উঃ ৩.২৬ আলোকবৰ্ষ।

প্রঃ আমাৰ পৃথিৱীখনৰ বয়স কিমান ?

উঃ প্ৰায় ৮০০ কোটি বছৰ।

প্রঃ বুধ গ্ৰহৰ উপগ্ৰহ আছেনে ?

উঃ নাই।

প্রঃ কোন গ্ৰহৰ কিমান উপগ্ৰহ আছে ?

উঃ পৃথিৱীৰ ১ টা, মংগলৰ ২ টা, বৃহস্পতিৰ ১৪ টা, শনিৰ ৩ টা।

প্রঃ কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয় ?

উঃ শুক্ৰ গ্ৰহ।

প্রঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ শুক্ৰ।

প্রঃ সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই ?

উঃ বুধ আৰু শুক্ৰ গ্ৰহৰ।

প্রঃ উপগ্ৰহ বুলিলে কি বুজা ?

উঃ কোনো গ্ৰহ এটাক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক  ‘উপগ্ৰহ’ বোলে ।

প্রঃ আমাৰ কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বুলি কোৱা হয় ?

উঃ শুক্ৰ গ্ৰহক।

প্রঃ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো ?

উঃ ইউৰেনাছ।

প্রঃ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ বুধ।

প্রঃ সূৰ্যৰ শক্তিৰ উৎস কি ?

উঃ নিউক্লিয় সংযোজন।

প্রঃ সূৰ্য পৃষ্ঠৰ উষ্ণতা কিমান ?

উঃ ৬০০০ ডিগ্রী ছেলছিয়াছ।

প্রঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?

উঃ ১৪কোটি ৩৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।

প্রঃ পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ ?

উঃ ১৩ লাখ গুণ।

প্রঃ সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি ?

উঃ বৃহস্পতি।

প্রঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ নেপচুন।

প্রঃ সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান ?

উঃ প্ৰায় ৯৯.৮৬ শতাংশ।

প্রঃ গ্ৰহৰ গতি সূত্ৰবোৰ  কোনে কৰিছিল ?

উঃ কেপ্লাৰে।

প্রঃ মহা আকাশৰ ৰঙা  গ্ৰহ কোনটো ?

উঃ মংগল গ্ৰহ।

প্রঃ ধুমকেতু কিহেৰে গঠিত ?

উঃ শীতল পানী, কাৰ্বনডাই- অক্সাইড আৰু মিথেন গেছেৰে।

প্রঃ ‘নেবুলাৰ প্ৰকল্প’ নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল ?

উঃ লেপ্লেছে।

প্রঃ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ?

উঃ ৮মিনিট ২০ চেকেণ্ড।

প্রঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান ?

উঃ ৩ লাখ ৪২ হাজাৰ কিলোমিটাৰ।

প্রঃ ধূমকেতু কি ?

উঃ ধূমকেতু হ’ল গ্রহবোৰৰ দৰে সূৰ্যক প্ৰদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ই সূৰ্যৰ ওচৰলৈ আহিলে সূৰ্যৰ তাপত গেছৰ আয়তন বাঢ়ি  নেজৰ সৃষ্টি কৰে।

প্রঃ আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয় ?

উঃ ফট’ছফিয়েৰ।

প্রঃ এতিয়ালৈকে চিনাক্ত কৰা নক্ষত্ৰপুঞ্জৰ সংখ্যা কিমান ?

উঃ ৮৮খন।

প্রঃ কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় ?

উঃ ৩ জুলাইত।

প্রঃ টাউৰাছ, সপ্তৰ্ষিমণ্ডল, অৰিয়ন আৰু চিৰিয়াছৰ কোনটো নক্ষত্ৰপুঞ্জ নহয় ?

উঃ চিৰিয়াছ।

প্রঃ হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল ?

উঃ ১৯৮৬ চনত।

প্রঃ পৃথিৱীৰ গতিবেগ কিমান ?

উঃ চেকেণ্ডত ১৮৫ মাইল।

প্রঃ আমাৰ পৃথিৱীখনৰ ব্যাস আৰু আয়তন কিমান ?

উঃ ব্যাস ৭৯৭২ মাইল আৰু আয়তন ১৯৬৫৫০ মাইল।

প্রঃ এণ্ডোমিতা বুলিলে কি বুজা ?

উঃ এণ্ডোমিতা হ’ল এটি নিহাৰিকাৰ নাম। ইয়াৰ ওজন সূৰ্যতকৈয়ো তিনি হাজাৰ গুণ বেছি।

প্রঃ কোনটো গ্ৰহ জভিয়ান গ্ৰহ নহয় ?

উঃ মংগল গ্ৰহ।

প্রঃ কোন গৰাকী বিজ্ঞানীয়ে জ্যোৰ্তিবিজ্ঞান সম্বন্ধীয় পৰ্যেবক্ষণত পোন প্ৰথমে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল ?

উঃ গেলিলিঅ’।

প্রঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান সময় লাগে ?

উঃ ২৭.৩ দিন।

প্রঃ সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ?

উঃ গেনিমেড।

প্রঃ ধ্ৰুৱতৰা কোন নক্ষত্ৰ মণ্ডলত অৱস্থিত ?

উঃ কাল-পুৰুষ মণ্ডলত।

প্রঃ আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কোন শ্ৰেণীৰ তাৰকা ৰাজ্য ?

উঃ সৰ্পিল তাৰকা ৰাজ্য।

প্রঃ শনিগ্ৰহৰ আঙুঠিবোৰ  কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ৱে।

প্রঃ চন্দ্ৰটোৰ ব্যাস কিমান ?

উঃ ২১৬২ মাইল।

প্রঃ কোনটো গ্ৰহ ভূ-গ্ৰহ নহয় ?

উঃ বৃহস্পতি।

প্রঃ মহাকাশৰ ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি ?

উঃ ক্ৰাক্চ এষ্ট’লিছ।

প্রঃ বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি  সম্বন্ধীয় ‘মহাবিস্ফোৰণবাদ’ নামৰ তত্ত্বটো কোনজন বিজ্ঞানীয়ে আগবঢ়াইছিল  ?

উঃ হাবল।

প্রঃ কোনজন জ্যোতির্বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল ?

উঃ জে. চেভাৰিয়াৰ।

প্রঃ খালী চকুৰে দেখিবলৈ পোৱা আটাইতকৈ দূৰৰ জ্যোতিষ্কটো  কি ?

উঃ এণ্ড্ৰ’মিডা তাৰকা ৰাজ্য।

প্রঃ সৌৰজগতৰ  নীলা গ্ৰহ কোনটো ?

উঃ পৃথিৱী।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া ?·

উঃ ইউৰেনাছ।

প্রঃ কিমান চনত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰা হৈছিল ?

উঃ ১৯৩০ চনত।

প্রঃ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো ?

উঃ বুধ গ্ৰহ।

প্রঃ কোন গ্ৰহ পানীত ওপঙাৰ সম্ভাৱনা আছে বুলি বৈজ্ঞানিকসকলে ভাৱে ?

উঃ শনি গ্ৰহ। কাৰণ ই  গেছেৰে গঠিত।

প্রঃ সূৰ্য পৃষ্ঠত  দাগ দেখা পোৱা প্ৰথম ব্যক্তিজন কোন আছিল ?

উঃ গেলিলিঅ’।

প্রঃ ‘লাইফ অন মাৰ্চ’ গ্ৰন্থখনৰ ৰচক কোন ?

উঃ ড০ থিয়ড’ৰ  ৰ’জবাৰি।

প্রঃ সৌৰজগতৰ কোনেবাৰ গ্ৰহৰ চাৰিওফালে আঙুঠি আছে ?

উঃ বৃহস্পতি, শনি আৰু ইউৰেনাছৰ।

প্রঃ মহাজাগতিক এককত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?

উঃ ১ এ ইউ।

প্রঃ পৃথিৱীৰ পৰা ‘প্রক্জিমা চেন্টাউৰি’ নামৰ নক্ষত্ৰটোৰ দূৰত্ব কিমান ?

উঃ প্ৰায় ৪.৩ আলোকবৰ্ষ।

প্রঃ নক্ষত্ৰ এটাৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উঃ ইয়াৰ পৃষ্ঠ ভাগৰ উষ্ণতাৰ ওপৰত।

প্রঃ পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ কপাৰনিকাছে।

প্রঃ সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনজন বৈজ্ঞানিকে প্ৰথম দেখুৱাইছিল ?

উঃ কপাৰনিকাছে।

প্রঃ স্বচক্ষে পৰ্যেবক্ষণ কৰাৰ আগতে পূৰ্বানুমান কৰা গ্ৰহটোৰ নাম কি ?

উঃ ইউৰেনাছ।

প্রঃ চুপাৰ ন’ভা কি ?

উঃ এটা পপীয়া তৰাৰ নাম।

প্রঃ পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম ব্যক্তিজন কোন ?·

উঃ ইৰাট’স্থেনিছ।

প্রঃ আটাইতকৈ বিখ্যাত ধুমকেতু কোনটো ?

উঃ হেলিৰ ধুমকেতু।

প্রঃ উল্কাক সাধাৰণতে কি বুলি কোৱা হয় ?

উঃ শ্বুটিং ষ্টাৰ।

প্রঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ গেলিলিঅ’ই।

প্রঃ ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হাৰ্চকেল নামৰ জ্যোতির্বিজ্ঞানীয়ে।

প্রঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে ?

উঃ বুধ গ্ৰহৰ।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰোতে প্ৰায় পৃথিৱীৰ সমান সময় লয় ?

উঃ মংগল গ্ৰহ।

প্রঃ বিশ্বব্রহ্মাণ্ড বাঢ়ি আছেনে নে টুটি আছে ?

উঃ বিশ্বব্রহ্মাণ্ডখন ১ চেকেণ্ড ১ মেগাপাৰচেকেণ্ডত ৪০ কি.মি. হাৰত বাঢ়ি আছে।

প্রঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে প্ৰতি মিনিটত  ইয়াৰ দ্ৰুতি কিমান ?

উঃ ১৫০০ কিঃ মিঃ।

প্রঃ ন’ভা কি ?

উঃ তাৰকা ৰাজ্য।

প্রঃ সৌৰজগতৰ আটাইতকৈ গধূৰ গ্ৰহ কোনটো ?

উঃ বৃহস্পতি।

প্রঃ সৰ্বাধুনিক তথ্যমতে বিশ্বব্রহ্মাণ্ডৰ বয়স কিমান ?

উঃ ১৩৭০ কোটি বছৰ।

প্রঃ মেৰু-নক্ষত্ৰৰ ভাৰতীয় নাম কি ?

উঃ মৰিষী।

প্রঃ ১৯৯৮ চনৰ ১৮ নৱেম্বৰ তাৰিখে কোনটো ধুমকেতুৰ পৰা প্ৰচণ্ডভাৱে উল্কাপাত হৈছিল ?

উঃ টেম্প’ল চাট’ল।

প্রঃ কোনজন বিজ্ঞানীক জ্যোতির্বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ?

উঃ কপাৰনিকাছ।

প্রঃ ধুমকেতুৰ নেজডাল সদায় কোন দিশে গতি কৰে ?

উঃ সূৰ্যৰ বিপৰীত দিশে। 0 0 0 

 

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *