মহাকাশ অভিযান

 

প্রঃ মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি ?

উঃ স্কাইলেব-১।

প্রঃ কোন চনত পোন প্ৰথমবাৰৰ বাবে  মানুহে মহাকাশত খোজ দিছিল ?

উঃ ১৯৬১ চনত।

প্রঃ ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল ?

উঃ ১৯ এপ্ৰিল, ১৯৭৫ চন।

প্রঃ ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল ?

উঃ ৩ এপ্ৰিল, ১৯৮৪ চন।

প্রঃ মহাকাশযানৰ প্ৰথম মহিলা পাইলট কোন আছিল ?

উঃ আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

প্রঃ বিশ্বত মহাকাশ যুগ কেতিয়া আৰম্ভ হয় ?

উঃ ১৯৫৭ চনৰ ৪ অক্ত’বৰত ৰাছিয়াই পোন প্ৰথমতে  মহাকাশত ‘স্পুটনিক’ নামৰ যান প্ৰেৰণ কৰি মহাকাশ যুগৰ শুভাৰম্ভ কৰিছিল।

প্রঃ বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ইউৰি গাগাৰিন।

প্রঃ চন্দ্ৰত অৱতৰণ কৰিবলৈ কোনখন দেশে প্ৰথম মহাকাশযান পঠাইছিল ?

উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্রঃ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?

উঃ আৰ্যভট্ট।

প্রঃ শ্ৰীহৰিকোটা কোন প্ৰদেশত অৱস্থিত ?

উঃ অন্ধ্ৰপ্ৰদেশ।

প্রঃ দুগৰাকী ভাৰতীয় মহাকাশচাৰীৰ নাম কোৱা ?

উঃ ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা।

প্রঃ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল ?

উঃ ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন)।

প্রঃ বিশ্বৰ কোনখন দেশে প্ৰথমে কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল ?

উঃ ছোভিয়েট ৰাছিয়া।

প্রঃ মহাকাশৰ প্ৰথম পৰ্যটকজন কোন আছিল ?

উঃ ডেনিছ টিট’।

প্রঃ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?

উঃ স্পুটনিক- ১।

প্রঃ মহাকাশত খোজ দিয়া প্ৰথম আমেৰিকান গৰাকী কোন ?

উঃ আলম বালেটি শ্বেফাৰ্ড।

প্রঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত প্রতিষ্ঠিত হৈছিল ?

উঃ ১৯৬৯ চনত।

প্রঃ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰগণ্য বিজ্ঞানীজন কোন আছিল ?

উঃ বিক্ৰম চাৰাভাই।

প্রঃ আমেৰিকাৰ ৰকেট বিদ্যাৰ পিতৃ কোন ?

উঃ ৰবাৰ্ট গডাৰ্ড।

প্রঃ সৰ্বপ্ৰথম কোনে চন্দ্ৰত অৱতৰণ কৰিছিল ?

উঃ আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে ভাৰতীয় সময়মতে ৰাতিপুৱা ৮ বাজি ২৬ মিনিটত।

প্রঃ কোন ঠাইৰ পৰা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ উৎক্ষেপন কৰা হৈছিল ?

উঃ ছোভিয়েট ৰাছিয়াৰ পৰা।

প্রঃ মহাকাশত স্থাপন কৰা প্ৰথম মহাকাশ ষ্টেচনটোৰ নাম কি ?

উঃ ‘চেলিউট’ (১৯৭১ চন)।

প্রঃ মুক্তবেগ কি ?

উঃ যি বেগত গ’লে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণক এৰাই যাব পাৰি তাকে ‘মুক্তবেগ’ বা ‘এচকেপ ভেলোচিটি’ বোলা হয়। মুক্ত বেগৰ মান ঘন্টাত ২৫০০০ মাইল।

প্রঃ মানৱযান পঠিওৱা পৃথিৱীৰ তৃতীয় দেশ কোনখন ?

উঃ চীন।

প্রঃ ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত কিমানখন দেশে অংশ গ্ৰহণ কৰিছে ?

উঃ ১৬ খন।

প্রঃ এতিয়ালৈকে কিমানজন মহাকাশচাৰীয়ে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে ?

উঃ ১২ জন।

প্রঃ কোন চনত ‘স্কাইলেব’ পৃথিৱীত পতিত হৈছিল ?

উঃ ১৯৭৯ চনত।

প্রঃ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ ৰখা হৈছে ?

উঃ পৃথিৱী।

প্রঃ মহাকাশত নিহত হোৱা প্ৰথম মানুহজনৰ নাম কি আছিল ?

উঃ ব্লাডিমাৰ ক’মাৰভ।

প্রঃ লাইট ইয়েৰ (আলোকবৰ্ষ) কি ?

উঃ লাইট ইয়েৰ হ’ল পোহৰে এবছৰত গতি কৰিব পৰা দূৰত্ব। 

প্রঃ ৰাছিয়াৰ মহাকাশযান কেতিয়া শুক্ৰ গ্ৰহত অৱস্থান কৰে ?

উঃ ১৯৭০ চনত।

প্রঃ মহাকাশত আটাইতকৈ বেছিদিন কটোৱা ব্যক্তিজন কোন ?

উঃ ইউৰি ৰ’মানিকভ, (৩২৬ দিন)।

প্রঃ মহাকাশত খোজ কঢ়া  প্ৰথম ব্যক্তিজন কোন ?

উঃ ৰাছিয়াৰ আলেকচেল লিওনভ। 

প্রঃ শুক্ৰ গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযানখনৰ নাম কি ?

উঃ ভেনেৰা -৭।

প্রঃ মঙ্গল গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি ?

উঃ মেৰিণাৰ -৪।

প্রঃ বুধ গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি ?

উঃ মেৰিণাৰ -১০।

প্রঃ মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?

উঃ ‘লাইকা’ নামৰ কুকুৰ।

প্রঃ মহাজাগতিক ৰশ্মি কি ?

উঃ অতি ক্ষীণ বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ বিকীৰণ।

প্রঃ স্পেচ শ্বাটল কি ?

উঃ ‘স্পেচ শ্বাটল’ হ’ল বিশেষ ধৰণৰ মহাকাশ যান। ইয়াক মহাকাশত উৎক্ষেপন কৰাৰ পাছত আকৌ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি। 

প্রঃ প্ৰথম স্পেচ শ্বাটলখনৰ নাম কি আছিল ?

উঃ ‘কলম্বিয়া’।

প্রঃ জেট বিমান আৰু ৰকেটৰ মাজত পাৰ্থক্য কি ?

উঃ জেট বিমান অকল বায়ুমণ্ডল থকা ঠাইতহে উৰিব পাৰে। বায়ুত থকা অক্চিজেনে  জেটক ইন্ধন যোগায়। 

আনহাতে ৰকেট উৰিবলৈ বায়ুমণ্ডলৰ প্ৰয়োজন নাই। ইয়াৰ ইন্ধনৰ বাবে অক্চিজেন   যোগান ধৰিবলৈ ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে।

প্রঃ হাবল কি ?

উঃ হাবল হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই মহাকাশত স্থাপন কৰা বিশ্বৰ বৃহত্তম আৰু ভ্ৰাম্যমান এটা দূৰবীণ যন্ত্ৰ। 

প্রঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ  ) কি ?

উঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ)  হ’ল এটি অতি প্ৰাচীন মৃত নক্ষত্ৰ। এই মৃত নক্ষত্ৰটোৰ পদার্থবোৰ  ইমানেই ঘনীভূত যে ইয়াত অত্যন্ত শক্তিশালী মাধ্যাকৰ্ষণ বলৰ সৃষ্টি হয় । এই মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়া বাবে এনে নক্ষত্র এটি কল্পনাতীত বৃহৎ অন্ধকাৰ গহ্বৰ  হৈ পৰে । 

প্রঃ এজন মানুহে পোহৰৰ গতিবেগত মহাকাশত ২৪ ঘন্টা ভ্ৰমণ কৰিলে পৃথিৱীত সেই সময়খিনিত কিমান সময় পাৰ হৈ যাব ?

উঃ ১৮বছৰ। 0 0 0 

Leave a Reply

Your email address will not be published. Required fields are marked *