শিক্ষা আৰু মনোবিজ্ঞান কুইজ 

 

প্রঃ I. Q.-ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Intelligent Quotient.

প্রঃ Intelligent Quotient ক অসমীয়াত কি বোলে ?

উঃ বুদ্ধাংক।

প্রঃ আনন্দ আৰু  স্ফুর্তি কৰি থাকিলে কোনবিধ ৰোগৰ সম্ভাৱনা কমি যায় ?

উঃ কেন্সাৰ ৰোগৰ।

প্রঃ টেলিপেথী কি ?

উঃ ‘টেলিেপথী’ হ’ল যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ বহুদূৰৰ পৰা দুজন ব্যক্তিৰ মাজত মন সংযোগ কৰা কাৰ্য। 

প্রঃ জন্মৰ কিমান সময়ৰ পিছৰ পৰা শিশু এটাই আনক অনুকৰণ কৰে ?

উঃ জন্মৰ ৪২ মিনিট পিছৰ পৰা।

প্রঃ যিসকলৰ বুদ্ধাংক ৩৬ ৰ পৰা ৫০ হয়, তেওঁলোকৰ মানসিক বয়স কিমান ?

উঃ ৪ৰ পৰা ৫ বছৰ।

প্রঃ আমি ভয় খাই দৌৰ মাৰো নে দৌৰ মাৰিবলৈ ভয় খাওঁ ?

উঃ আমি ভয় খাই দৌৰ মাৰোঁ।

প্রঃ টোপনি যোৱাৰ কিমান সময় পিছৰ পৰা REM (Rapid Eye Movement) প্ৰক্ৰিয়াটো আৰম্ভ হয় ?

উঃ ১০ৰ পৰা ১৫ মিনিট পিছৰ পৰা।

প্রঃ মানসিকতা কিদৰে গঠন হয় ?

উঃ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱত।

প্রঃ প্ৰতিভা কি ?

উঃ নৱ উন্মেষশালী বুদ্ধি।

প্রঃ লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্ৰিয়া দায়ী ?

উঃ প্ৰতিবৰ্তী ক্ৰিয়া।

প্রঃ পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয় ?

উঃ খোৱাৰ সময়ত শৰীৰৰ বেছিভাগ তেজ অন্ত্ৰলৈ প্ৰবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি ধৰে।

প্রঃ পৰীক্ষাৰ আগে আগে বহুতৰ পেটৰ বিষ বা বমি হয় কিয় ?

উঃ মানসিক অস্বস্তিৰ ফলত ফ্লেনিক  নাৰ্ভডাল উত্তেজিত হোৱা বাবে ।

প্রঃ আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী দম্পতীহালৰ নাম কি ?

উঃ এলেন আৰু বিয়েত্ৰিচ গাৰ্ডিনাৰ।

প্রঃ ‘ফোবিয়া’ মানে কি ?

উঃ যুক্তিহীন অস্বাভাৱিক ভয়।

প্রঃ ৰাস্তা পাৰ হ’বলৈ ভয় কৰাক কি বোলে ?

উঃ এজাইও ফোবিয়া।

প্রঃ হিপ্পোফোবিয়া মানে কি ?

উঃ ঘোঁৰালৈ ভয়।

প্রঃ ৰাজহুৱা সভাত কথা ক’বলৈ ভয় কৰাটোক কি ফোবিয়া বোলে ?

উঃ লেলিও ফোবিয়া।

প্রঃ বমি কৰিবলৈ ভয় লগাক কি বোলে ?

উঃ এমিটফোবিয়া।

প্রঃ জুইলৈ ভয় কৰাক কি বোলে ?

উঃ পাইৰো ফোবিয়া।

প্রঃ অম্বফোবিয়া হ’লে কি হয় ?

উঃ বৰষুণলৈ ভয় লাগে।

প্রঃ কেতিয়া ভূতলৈ ভয় লাগে ?

উঃ ফাজমোফোবিয়া ৰোগ হ’লে।

প্রঃ চাইদাৰোড্ৰমো ফোবিয়া হ’লে কি হয় ?

উঃ ৰেল গাড়ীলৈ ভয় লাগে।

প্রঃ গেৰাচক ফোবিয়া হ’লে কিহৰ প্ৰতি ভয় লাগে ?

উঃ বৃদ্ধবয়সলৈ।

প্রঃ কিমান বছৰ বয়সত মানুহৰ বুদ্ধিৰ নক্সা  তৈয়াৰ হয় ?

উঃ ৭ বছৰ বয়সত।

প্রঃ মহিলা এগৰাকীয়ে কেতিয়া মানসিক প্ৰতিবন্ধী শিশু জন্ম দিব পাৰে ?

উঃ জিনৰ গণ্ডগোল হ’লে।

প্রঃ টোপনি অহাৰ সময়ত কোনোবাই সপোন  দেখিছে নে নাই তাক কেনেকৈ বুজিব পৰা যায় ?

উঃ টোপনিত থকা মানুহজনৰ যদি চকুৰ মণি লৰি থাকে তেনেহ’লে সপোন দেখি থকা বুলি বুজিব পাৰি।

প্রঃ এজন প্ৰাপ্ত বয়স্ক মানুহে নে এজন শিশুৱে সোনকালে ভাষা আয়ত্ব কৰিব পাৰে ?

উঃ শিশুৱে।

প্রঃ কুকুৰলৈ ভয় কৰাক কি বোলে ?

উঃ কাইনোফোবিয়া।

প্রঃ মনো ফোবিয়াই কিহলৈ ভয় কৰাক বুজায় ?

উঃ নিঃসংগতা।

প্রঃ কোনবিধ ফোবিয়া হ’লে নাৰীয়ে গৰ্ভাৱস্থালৈ ভয় কৰে ?

উঃ মেইজিয়ো ফোবিয়া।

প্রঃ ঘৰৰ মানুহ অসুস্থ হ’লে আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ ?

উঃ পাহাৰ, টিলা বা ওখ ঠাইৰ পৰা পৰি যোৱাৰ স্বপ্ন ।

প্রঃ খং বা বিৰক্তি অনুভৱ কৰিলে আমাৰ চকুৱে কেনেধৰণৰ আচৰণ কৰে ?

উঃ চকুৰ পলক পৰা কমি যায়।

প্রঃ শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে ?

উঃ নিউৰ’লজি।

প্রঃ শৰীৰৰ সকলোবোৰ  কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা স্নায়ুতন্ত্ৰৰ উচ্চতম কেন্দ্ৰক কি বোলে ?

উঃ গুৰু মস্তিষ্ক।

প্রঃ স্কুলত যোৱা শতকৰা কিমানজন শিশু জড় বুদ্ধিসম্পন্ন হৈ থাকে ?

উঃ শতকৰা ১০ জন।

প্রঃ কোনটো ক্ৰিয়াৰ বাবে মানুহ এজনে চিন্তা কৰি থকাৰ সময়ত তেওঁৰ হাত-ভৰি লৰি থাকে ?

উঃ প্ৰতিৱৰ্তী ক্ৰিয়াৰ বাবে ।

প্রঃ ইচ্ছা পূৰণৰ ক্ষেত্ৰত প্ৰেৰণাৰ ভূমিকা কি ?

উঃ ই কামৰ তাগিদা বৃদ্ধি কৰে ।

প্রঃ ৰাগিয়াল বস্তুৰ প্ৰতি থকা ভয়ক কি বোলে ?

উঃ পট’ ফোবিয়া।

প্রঃ সাপলৈ ভয় কৰাক কি বোলা  হয় ?

উঃ অফিও ফোবিয়া। 

প্রঃ শৰীৰৰ সমস্ত কাৰ্য-কলাপ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

উঃ স্নায়ুতন্ত্ৰৰ দ্বাৰা।

প্রঃ মহিলাৰ প্ৰতি থকা ভয়ক কি বোলে ?

উঃ গাইন’ফোবিয়া।

প্রঃ উৰিবলৈ ভয় কৰাক কি ফোবিয়া বুলি কোৱা হয় ?

উঃ এৰা ফোবিয়া।

প্রঃ পূৰ্ণিমাৰ পূৰ্ণ জোনটোৱে প্ৰাণীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় ?

উঃ ৰক্তচাপ আৰু হৃদ স্পন্দন বৃদ্ধি কৰে।

প্রঃ শিশু এটাই কিমান বছৰ বয়সৰ পৰা অৰ্থপূৰ্ণ শব্দ উচ্চাৰণ কৰিব পাৰে ?

উঃ একৰ পৰা দুই বছৰৰ ভিতৰত।

প্রঃ ‘শিক্ষাই  সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’:  কথাষাৰ কোনে কৈছিল·

উঃ এৰিষ্ট’টল।

প্রঃ অতিপাত উৎকণ্ঠা আৰু অহেতুক ভয় পোৱা কি ৰোগৰ লক্ষণ ?

উঃ নিউৰোছিচ।

প্রঃ শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব  আৰোপ কৰা হৈছে ?

উঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যত।

প্রঃ কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন ?

উঃ জাৰ্মানীৰ শিক্ষাবিদ ফ্রবেল ।

প্রঃ প্ৰাণীৰ আবেগক নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি ?

উঃ হাইপোথেলামাছ।

প্রঃ আমাৰ ভয়ৰ কাৰণ কি ?

উঃ বিপদৰ আশংকা।

প্রঃ কোনে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে ?

উঃ শিক্ষাবিদ চাৰ জন আদামচে।

প্রঃ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ গুৰি ধৰোতা কোন ?

উঃ পাৰ্চি নান।

প্রঃ ত্ৰিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয় ?

উঃ শিক্ষাৰ্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ।

প্রঃ কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা  অৰ্জনৰ ওপৰত গুৰত্ব দিছে ?

উঃ জন ডিউইয়ে।

প্রঃ শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায় ?

উঃ শিক্ষাবিদ জন ডিউইয়ে।

প্রঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?

উঃ কৈশোৰ কাল।

প্রঃ ‘Educare’  শব্দৰ অৰ্থ কি ?

উঃ প্ৰতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।

প্রঃ লেটিন শব্দ Educatum -ৰ অৰ্থ কি ?

উঃ শিক্ষাদান কৰা কাৰ্য।

প্রঃ ‘Emile’  গ্ৰন্থৰ ৰচক কোন ?

উঃ জে. জে. ৰুচো।

প্রঃ ‘Republic’  গ্ৰন্থৰ ৰচক কোন ?

উঃ প্লেটো।

প্রঃ UNESCO -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ United Nations Educational Scientific and Cultural Organisation

প্রঃ UNESCO কোন চনত গঠন কৰা হয় ?

উঃ ১৯৪৫  চনত।

প্রঃ NCERT-ৰ  সম্পূৰ্ণ ৰূপটো কি ?

উঃ National Council of Educational Research and Training.

প্রঃ DIET -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ District Institute of Educational Training.

প্রঃ C D ROM -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Compact Disk Read Only Memory.

প্রঃ ‘School’ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ গ্ৰীক ভাষাৰ Skhole শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।

প্রঃ ‘Curriculum’  শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ লেটিন ভাষাৰ ‘Currere’ শব্দৰ পৰা।

প্রঃ UGC  কিমান চনত স্থাপিত হয় ?

উঃ ১৯৫৩ চনত।

প্রঃ Website  ৰ প্ৰথম পেজটোক কি বুলি জনা যায় ?

উঃ Home Page।

প্রঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উঃ চাৰিটা।

প্রঃ শৈশৱ কালত কি শিক্ষা দিয়া হয় ?

উঃ প্ৰাক্-প্ৰাথমিক শিক্ষা।

প্রঃ বাল্যকালত কি শিক্ষা দিয়া হয় ?

উঃ প্ৰাথমিক শিক্ষা।

প্রঃ আনুষ্ঠানিক  শিক্ষাৰ প্ৰথম পৰ্যায়টো কি ?

উঃ প্ৰাথমিক শিক্ষা।

প্রঃ প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয় ?

উঃ ৬ বছৰ বয়সৰ পৰা।

প্রঃ জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয় ?

উঃ কৈশোৰ কালছোৱাক।

প্রঃ কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় ?

উঃ ১৯৮৫ চনত।

প্রঃ কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল ?

উঃ ১৯৬১চনত।

প্রঃ অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?

উঃ ১২০-১৪০।

প্রঃ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উঃ ১৪০ -ৰ উর্ধত । 

প্রঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?

উঃ ১১০-১২০।

প্রঃ শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত ?

উঃ বৰ্গাকাৰ হোৱা উচিত।

প্রঃ বিদ্যালয় প্রতিষ্ঠানৰ  মানৱ সম্পদ তিনিটাৰ নাম লিখা।

উঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।

প্রঃ বিদ্যালয় প্রতিষ্ষ্ঠানৰ বৈষয়িক  সম্পদ তিনিবিধৰ নাম লিখা।

উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।

প্রঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?

উঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।

প্রঃ ‘শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি  তোলা হয়’: কথাষাৰ কোনে কৈছিল ?

উঃ টি ৰেমন্ট। 0 0 0

 

Leave a Reply

Your email address will not be published. Required fields are marked *