ৰসায়ন বিজ্ঞান কুইজ 

 

প্রঃ পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে ?

উঃ ১১৮ বিধ।

প্রঃ পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল ?

উঃ জন ডেল্টন।

প্রঃ পৰমাণুৰ কোনটো উপাদান (কণিকাই) পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে ?

উঃ ইলেক্ট্রন ।

প্রঃ আটাইতকৈ গধুৰ মৌলবিধ কি ?

উঃ ইউৰেনিয়াম।

প্রঃ পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি ?

উঃ এলুমিনিয়াম।

প্রঃ কোনবিধ গেছক নিক্ৰিয় গেছ বুলি কোৱা হয় ?

উঃ আৰ্গন গেছক।

প্রঃ আটাইতকৈ সক্ৰিয় ধাতু কি ?

উঃ পটাছিয়াম।

প্রঃ কাক অধাতু মৌল বুলি কোৱা হয় ?

উঃ কাৰ্বন মৌলক।

প্রঃ আটাইবোৰ সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটো কি ?

উঃ কাৰ্বন।

প্রঃ আটাইতকৈ পাতল মৌলটো কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ লোত মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয় ?

উঃ অক্সিজেন আৰু পানী।

প্রঃ বিশ্বব্রহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটোৰ নাম কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ দহনত সহায়কাৰী বায়ুৰ উপাদানটো কি ?

উঃ অক্সিজেন।

প্রঃ কিহৰ উপস্থিতিৰ বাবে মাটিৰ বৰণ ৰঙা  হয় ?

উঃ আইৰণ।

প্রঃ অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি ?

উঃ কাৰ্বন-ডাই- অক্সাইড ।

প্রঃ উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি ?

উঃ ডুৰ এলুমিন।

প্রঃ কাৰ্বন  পৰমাণুবোৰ  পৰস্পৰে পৰস্পৰক শৃংখলযুক্ত কৰাৰ ক্ষমতাক কি বোলে ?

উঃ কেটিনেছন।

প্রঃ পানীত অদ্ৰৱনীয় যৌগটো কি ?

উঃ নেফ্থেলিন।

প্রঃ বায়ুমণ্ডলৰ চাপ হঠাতে কমি যোৱাটোৱে কি সূচায় ?

উঃ ধুমুহা বতাহ।

প্রঃ পৰমাণু নিউক্লিয়াছত কি থাকে ?

উঃ নিউট্ৰ’ন আৰু প্ৰ’টন।

প্রঃ পেট্ৰ’লিয়াম গেছৰ মুখ্য উপাদান কি ?

উঃ বিউটেন।

প্রঃ মটৰ গাড়ী আৰু ৰেলৰ ডবাৰ খিড়িকীত কোনবিধ কাচ ব্যৱহাৰ কৰা হয় ?

উঃ নিৰাপদ কাচ।

প্রঃ নাইট্ৰ’জেন অণু আৰু নাইট্ৰ’জেন পৰমাণুৰ ভিতৰত কোনটো বেছি সুস্থিৰ ?

উঃ নাইট্ৰ’জেন অণু।

প্রঃ আটাইতকৈ বেছি বিদ্যুৎ ধণাত্মক মৌলটো কি ?

উঃ ফ্লৰিন ।

প্রঃ শিখাৰ কোনটো মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে ?

উঃ দীপ্তিহীন মণ্ডলে।

প্রঃ কমেও এটা ত্ৰি-বান্ধনি থকা হাইড্ৰ’কাৰ্বনক কি বুলি কোৱা হয় ?

উঃ এল কাইন।

প্রঃ উচ্চ আণৱিক ভৰৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি ভঙা প্ৰক্ৰিয়াক কি  বুলি কোৱা হয় ?

উঃ ক্ৰেকিন।

প্রঃ নাইট্ৰ’জেনৰ অণুৰ কি বান্ধনি থাকে ?

উঃ ত্ৰি সহযোগী বান্ধনি।

প্রঃ হহুঁৱা গেছৰ ৰাসায়নিক সংকেত কি ?

উঃ N2O।

প্রঃ কেলছিয়াম ক্ল’ৰ’হাইপ’ক্ল’ৰাইটক সাধাৰণতে কি বুলি জনা যায় ?

উঃ ব্লিচিং পাউডাৰ।

প্রঃ মুক্ত শৃংখল সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰক কি বুলি কোৱা হয় ?

উঃ পেৰাফিন।

প্রঃ বগা ৰঙৰ প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰা যৌগটো কি ?

উঃ শুকান চূণ।

প্রঃ TNT  সচৰাচৰ কি হিচাপে ব্যৱহাৰ কৰা হয় ?

উঃ বিষ্ফোৰক ।

প্রঃ এম’নিয়াৰ পণ্য উৎপাদনত ব্যৱহৃত  গেছ বিধৰ নাম কি ?

উঃ শুকান চূণ।

প্রঃ প্ৰডিউচাৰ গেছৰ দুটা প্ৰধান উপাদান কি কি ?

উঃ নাইট্ৰ’জেন আৰু কাৰ্বন মন’অক্সাইড ।

প্রঃ প্ৰ’টিনৰ পুনৰাবৃত্ত  এককক কি বোলা হয় ?

উঃ এমাইড বা পেপ্টাইড্।

প্রঃ ডাঠ বেৰিয়াম ক্ৰাউন কাচত কি থাকে ?

উঃ বেৰিয়াম অক্সাইড, জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ।

প্রঃ এল. জি. পি. ক কিহত সংৰক্ষণ কৰা হয় ?

উঃ উচ্চ চাপত।

প্রঃ পেট্ৰ’লৰ এটা গুৰুত্বপূৰ্ণ উপাদান কি ?

উঃ অক্টেন ।

প্রঃ জিংক অক্সাইডৰ পৰা জিংক ধাতু বিজাৰণৰ পদ্ধতিটোক কি বোলা হয় ?

উঃ থিয়ৰিটৰ্ট পদ্ধতি।

প্রঃ ঔদ্যোগিক গেচ হিচাপে কোনবিধ গেছৰ পোষকতা কৰা হয় ?

উঃ হাইড্ৰ’জেন গেছ।

প্রঃ বহু নিযুত বছৰ আগতে মাটিৰ তলত উদ্ভিদ আৰু প্ৰাণী পোত গৈ কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

উঃ অংগাৰীকৰণ।

প্রঃ জৈৱ গেছত মুখ্য উপাদান কি ?

উঃ মিথেন।

প্রঃ সাধাৰণতে কোনবিধ ইন্ধনৰ কেলৰি মান আটাইতকৈ কম ?

উঃ গোটা ইন্ধনৰ।

প্রঃ পাৰাৰ অন্য নাম কি ?

উঃ কুইক ছিলভাৰ।

প্রঃ বিদ্যুৎ বৈশ্লেষিক পদ্ধতিৰে কোনটো ধাতু শোধন কৰা হয় ?

উঃ তাম।

প্রঃ তাপৰ সুপৰিবাহী অধাতুটো কি ?

উঃ হাইড্ৰ’জেন।

প্রঃ মিথেন কি ?

উঃ এবিধ বৰনহীন, গোন্ধহীন গেছ। ই পানীত অদ্ৰৱনীয় আৰু বায়ুতকৈ পাতল।

প্রঃ মুক্ত অৱস্থাত পোৱা ধাতুটোৰ নাম কি ?

উঃ গ’ল্ড।

প্রঃ কোনবিধ বৰ্গৰ মৌলবোৰ  আটাইতকৈ ধাতবীয় ?

উঃ ১ বৰ্গৰ।

প্রঃ ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ কম সক্ৰিয় ধাতুটোৰ নাম কি ?

উঃ প্লেটিনাম।

প্রঃ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কি ?

উঃ পাৰা।

প্রঃ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?

উঃ ছডিয়াম ক্লৰাইড।

প্রঃ আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ কোন ?

উঃ এন্টনি লেভয়চিয়েৰ।

প্রঃ আটাইতকৈ পাতল গেছ হাইড্ৰ’জেন কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ হেনৰী কেভিণ্ডিছে। (১৭৭৬ চনত)

প্রঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ? 

উঃ গেলিলিঅ’য়ে।

প্রঃ ১৮ কেৰেট সোণৰ কিমান শতাংশ বিশুদ্ধ সোণ থাকে ?

উঃ ৭৫ %।

প্রঃ ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহী কোনটো ?

উঃ ছিলভাৰ।

প্রঃ পিতল কি ধাতুৰ সমষ্টি ?

উঃ তাম আৰু দস্তা।

প্রঃ অক্সিজেনৰ উতলাংক কিমান থাকে ?

উঃ ১৮২.৯৭৬ ডিগ্রী  ছেন্টিগ্ৰেড।

প্রঃ মানুহে এবাৰ নিশাহত কিমান পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড  গেছ এৰি দিয়ে ?

উঃ প্ৰায় ৩.৭ ভাগ।

প্রঃ আটাইতকৈ বিষাক্ত গেছবিধ কি ?

উঃ কাৰ্বন মনো’অক্সাইড ।

প্রঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি ?

উঃ লেকটিক  এচিড।

প্রঃ আদিতে ৰাসায়নিক শাস্ত্ৰ চৰ্চাক কি নামেৰে জনা গৈছিল ?

উঃ এলকেমি।

প্রঃ সোণ গলাব পৰা এচিড দুবিধৰ নাম কি ?

উঃ নাইট্ৰিক এচিড আৰু হাইড্ৰ’ক্লৰিড এচিড।

প্রঃ কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক কোন ?

উঃ ছাৰ হামফ্রে  ডেভি।

প্রঃ খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থবোৰৰ নাম কি ?

উঃ পটেছিয়াম নাইেট্ৰট, এঙাৰ আৰু ছালফাৰ।

প্রঃ ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্য বিধৰ নাম কি ?

উঃ আয়োডিন।

প্রঃ কোঁৱৰ  ধাতুক ‘কিং মেটাল’ বুলি কোৱা হয় ?

উঃ সোণ, পাৰা আৰু প্লেটিনাম ।

প্রঃ জুইশলা বাকচৰ দুয়োপিনে থকা প্ৰলেপ কিহেৰে প্ৰস্তুত কৰা হয় ?

উঃ ৰঙা ফছফৰাছ আৰু এন্টিমনি-ছালফাইডৰ প্ৰলেপ।

প্রঃ কাৰ্বন-ডাই অক্সাইড  গেছৰ আৱিষ্কাৰক কোন ?

উঃ ভন হেলমোঁ।

প্রঃ কৰ্পূৰৰ ৰাসায়নিক সংকেত কি ?

উঃ C10 H16O

প্রঃ কিমান ডিগ্ৰী ছেন্টিগ্ৰেডত সোণ গলাব পাৰি ?

উঃ প্ৰায় ১০৬৩ ডিগ্রী  ছেন্টিগ্ৰেডত।

প্রঃ ছ’ডা পানীত কি এচিড থাকে ?

উঃ কাৰ্বলিক এচিড।

প্রঃ বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙ তিনিটাৰ কোন বিধে বিপদ সংকেত বুজায় ?

উঃ হালধীয়া ৰঙে ।

প্রঃ স্বচ্ছ কাঁচক সেউজীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় ?

উঃ কপাৰ অক্সাইড ।

প্রঃ কাপোৰ  ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি ?

উঃ ছডিয়াম কাৰ্বনেট।

প্রঃ এছিড আৰু পাৰাৰ বিক্ৰিয়াত কি সৃষ্টি হয় ?

উঃ পানী আৰু নিমখ।

প্রঃ ফছফৰাছ পুৰিলে ওলোৱা বগা ৰঙৰ ধোৱা বিধৰ নাম কি ?

উঃ ফছফৰাছ পেন্ট’অক্সাইড ।

প্রঃ ক্ল’ৰফৰ্মৰ আৱিষ্কাৰক কোন ?

উঃ চিম্পচন।

প্রঃ চেনি কি ?

উঃ এক প্ৰকাৰৰ কাৰ্ব’হাইড্ৰেট।

প্রঃ কি কি উপাদানৰ পৰা কাঁচ তৈয়াৰ কৰা হয় ?

উঃ বালি, চূণ আৰু ছোডা মিহলাই।

প্রঃ বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয় ?

উঃ ডিটাৰজেন্ট।

প্রঃ চিমন্টেত কিমান ভাগ চূণ থাকে ?

উঃ শতকৰা ৬২.০ ভাগ।

প্রঃ বৰণ আৰু গোন্ধ নথকা গেছবিধ কি ?

উঃ অক্সিজেন ।

প্রঃ ৰূপৰ উতলাংক কিমান ?

উঃ ৯৬০.৫ ডিগ্রী ছেন্টিগ্ৰেড।

প্রঃ কোনে কেতিয়া নাইট্ৰ’জেন গেছ আৱিষ্কাৰ কৰিছিল ?

উঃ ডেনিয়েল ৰুবাৰ ফৰ্ডে, ১৭৭২ চনত।

প্রঃ পানী, গাখীৰ, কেৰাচিন তেল, তাৰ্পিন তেল: এই কেইটাৰ ভিতৰত কোন বিধত অ’জন গেছ সহজে দ্ৰৱীভূত হয় ?

উঃ তাৰ্পিন তেলত।

প্রঃ স্বচ্ছ কাঁচক বেঙুনীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় ?

উঃ মেংগানিজ অক্সাইড ।

প্রঃ গন্ধক কিহত দ্ৰৱীভূত হয় ?

উঃ কাৰ্বন ডাই ছালফাইডত।

প্রঃ তৰল অক্সিজেনৰ ৰং কেনেকুৱা ?

উঃ ঈষৎ নীলা।

প্রঃ কোনে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল ?

উঃ জোছেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কিলি।

প্রঃ সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে ?

উঃ মেগনেছিয়াম ছিলিকেট।

প্রঃ ভিনেগাৰ কি ?

উঃ এছিটিক এছিডৰ জুলীয়া দ্ৰৱণ।

প্রঃ থাৰ্মোমিটাৰৰ নলীডাল কি কাঁচেৰে সজা হয় ?

উঃ বোৰো ছিলিকেট কাঁচেৰে।

প্রঃ চিন্টেথিক ৰবৰত কি থাকে ?

উঃ পলিমাৰ বুটা ডাইন আৰু ষ্টাইৰিন।

প্রঃ অতি উজ্জ্বল হোৱা সত্বেও হীৰাক ধাতু নুবুলি অধাতু বোলা হয় কিয় ?

উঃ হীৰাই কেতিয়াও ইলেক্ট্রন বৰ্জন কৰি আয়নৰ সৃষ্টি নকৰে বাবে ।

প্রঃ ক্ল’ৰ’ফৰ্ম কি ?

উঃ ইথাইল এলক’হল আৰু ব্লিচিং পাউডাৰৰ মিশ্ৰণ।

প্রঃ পানীতকৈ পাতল ধাতুবিধ কি ?

উঃ ছ’ডিয়াম।

প্রঃ পলিয়েষ্টাৰ দৰাচলতে কি ?

উঃ এলকহল আৰু এছিডৰ সংযোগ।

প্রঃ বাযুত শতকৰা কিমান ভাগ অক্সিজেন  মিহলি হৈ থাকে ?

উঃ শতকৰা ২১ ভাগ।

প্রঃ কিমান ডিগ্ৰী উত্তাপত বায়ুক জুলীয়া অৱস্থালৈ নিব পাৰি ?

উঃ ২০০ ডিগ্রী ছেন্টিগ্ৰেড উত্তাপত।

প্রঃ তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু বেছি গধুৰ ?

উঃ ৰূপ।

প্রঃ নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হয় ?

উঃ ৰঙা ।

প্রঃ তামোল-পাণৰ দোকানবোৰত  পাণ ৰঙা কাপোৰেৰে ৰে ঢাকে কিয় ?

উঃ পানবোৰ সতেজ কৰিবলৈ কাৰণ ৰঙা  ৰঙৰ ৰাসায়নিক বিক্ৰিয়া অইন ৰঙাতকৈ বহু গুণে কম।

প্রঃ সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হোৱা ‘টিটিংছাৰ আয়োডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা ?

উঃ এলক’হলত আয়োডিনৰ দ্ৰৱ মিহলাই।

প্রঃ প্ৰাকৃতিক ৰবৰ কি গছৰ আঠাৰ পৰা প্ৰস্তুত কৰা হয় ?

উঃ হিভিয়া নামৰ গছৰ আঠাৰ পৰা।

প্রঃ ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ, নেজৰ অংশ দুটাৰ বিশেষ নাম আছে। নাম দুটা কি ?

উঃ ডিটাৰজেন্ট অনু এটাৰ মূৰৰ অংশৰ নাম হাইড্ৰ’ফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্ৰ’ফ’ৰিক নেজ।

প্রঃ প্লাষ্টিকৰ মূল ভাগ দুটা কি কি ?

উঃ থাৰ্মো প্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক।

প্রঃ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয় ?

উঃ নিকেল, লো আৰু ক্ৰ’মিয়ামৰ সংমিশ্ৰণ কৰি  নিষ্কলংক তীখা প্ৰস্তুত কৰা হয়।

প্রঃ ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ?

উঃ গন্ধক।

প্রঃ চেলুলয়েড কিদৰে তৈয়াৰ কৰা হয় ?

উঃ নাইট্ৰাচেলুলুজ আৰু কৰ্পূৰ মিহলাই।

প্রঃ মেথিলেটেড স্পিৰিট কি ?

উঃ ইথাইল এলক’হল আৰু মিথাইল এলক’হলৰ মিশ্ৰণ।

প্রঃ গেলি-পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলায় কিয় ?

উঃ পচনৰ ফলত মাছ আৰু কণীত ছালফাৰ H2S উৎপন্ন হয়। সেইবাবে বেয়া গোন্ধ ওলায়।

প্রঃ ৰেফ্রিজাৰেটৰ কম্পেছাৰত ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি ?

উঃ ফ্রিওন।

প্রঃ ডিটাৰজেন্টেৰে কাপোৰ  ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুত শক্তিৰ সৃষ্টি হয় যিয়ে কােপাৰৰ মলি দূৰ কৰে। বিদ্যুত বিধ কি ?

উঃ স্থিৰ বিদ্যুত।

প্রঃ কফি গছে কিমান বছৰলৈ ফল দিয়ে ?

উঃ তিনি বছৰলৈ।

প্রঃ ছিন্থেটিক ডিটাৰজেন্ট কিহেৰে তৈয়াৰ কৰা হয় ?

উঃ এলকিন বেনজিনৰ পৰা।

প্রঃ চিমেন্টত থকা বিভিন্ন পদাৰ্থসমূহ কি কি ?

উঃ চিমেন্টত ছিলিকা ২২ শতাংশ, আইৰণ অক্সাইড ২.৫ শতাংশ, এলুমিনা ২.৫ শতাংশ আৰু চূণ ৬২.০ শতাংশ থাকে।

প্রঃ ভালকানাইজড ৰাবাৰ কি ?

উঃ ৰবৰ গছৰ আঠাৰ লগত চালফাৰ মিহলাই ভালকানাইজড ৰাবাৰ প্ৰস্তুত কৰা হয়।

প্রঃ হালধীৰ ৰং হালধীয়া কিয় ?

উঃ হালধীত ‘কাৰকুমিন’ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থকা বাবে হালধীৰ ৰঙ হালধীয়া হয়।

প্রঃ কি ৰাসায়নিক পদাৰ্থ থকা বাবে  গোলাপ ফুল ইমান সুগন্ধি হয় ?

উঃ গোলাপ ফুলৰ পাপৰিত ফিনাইল ইথাইল এলক’হল নামৰ ৰাসায়নিক পদাৰ্থ থকা বাবে।

প্রঃ জীৱৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতিবেঙুনী ৰশ্মি কি কাঁচৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে ?

উঃ ক্ৰ’ক কাঁচৰ মাজেৰে।

প্রঃ টেৰিলিন কাপোৰ  কিহেৰে তৈয়াৰী ?

উঃ গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন কাপোৰ তৈয়াৰ কৰা হয়।

প্রঃ আদা জ্বলা লাগে কিয় ?

উঃ আদাত জিনগেৰ’ল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে  ই জ্বলা লাগে।

প্রঃ চাগুদানা উৎপন্ন কৰা গছবিধৰ নাম কি ?

উঃ ট্যাপিওকা।

প্রঃ কি কি ৰাসায়নিক পদাৰ্থৰ সংযোগত নাইলন তৈয়াৰ কৰা হয় ?

উঃ পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই- এমিনৰ সংযোগত।

প্রঃ কৰ্পূৰ গছৰ কোন অংশৰ পৰা কৰ্পূৰ তৈয়াৰ কৰা হয় ?

উঃ কৰ্পূৰ গছৰ যিকোনো অংশৰ পৰা।

প্রঃ মুখ চোৱা দাপোণৰ পিছফালে কিহেৰে প্ৰলেপ দিয়া হয় ?

উঃ ৰেড লিড নামৰ ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ।

প্রঃ তৰল পদাৰ্থ অথবা গেছত পানী থকা বা নথকা জানিবলৈ কি ব্যৱহাৰ কৰা হয় ?

উঃ অনাৰ্দ্ৰ কপাৰ ছালফেট।

প্রঃ এমোনিয়া গেছৰ নামাকৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ প্ৰিষ্টলি।

প্রঃ কাঁচত ছবি আঁকিবলৈ কি এছিড ব্যৱহাৰ কৰা হয় ?

উঃ হাইড্ৰ’ক্ল’ৰিক এছিড।

প্রঃ আয়োডিনক বাষ্পলৈ ৰূপান্তৰিত কৰিলে তেনে বাষ্পৰ ৰং কেনেকুৱা হয় ?

উঃ বেঙুনীয়া। 0 0 0 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *