ইছলামী কুইজ

(ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ জ্ঞানৰ হাত পুথি)

 

 

 

সংকলন আৰু সম্পাদনা

ৰাব্বি  মছৰুৰ

 

 

 

গ্রোহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

Islami Quiz ( A Hand Book of General Knowledge For Students. Compiled & Edited by Rabbi Masrur

First Edition 2019

Published by Growhills Publishing

www.growhillsnet.com

Email: growhills@growhillsnet.com

All rights reserved with the Publisher

Price: Rs. ……………../-

D.T.P. by Growhills  D. T. P Operators.

……………………………………………………………………….

 

আগকথা

(১)

মানুহ শান্তি প্ৰয়াসী। মানুহে ব্যক্তি জীৱন, পৰিয়াল জীৱন আৰু সামাজিক জীৱন সকলোতে সুখ আৰু শান্তি বিচাৰে। কিন্তু শান্তিৰ সঠিক উপায় বা পথ বিচাৰি নাপাই জীৱনৰ প্ৰতিটো খোজতে উজুটি খাইছে, সুখৰ স্বপ্ন ভাঙি থানবান হৈছে, ৰক্তক্ষয়ী বিবাদ হৈছে, ধবংসাত্মক যুদ্ধ সংঘটিত হৈছে। পৰিণতিত মানৱ জাতিয়ে অবৰ্ণনীয় দুখ, যন্ত্ৰণা ভোগ কৰি আছে। শান্তি পথ অৰ্থাৎ মানৱ সমাজত দেখা দিয়া নানা সমস্যা, দুখ কষ্ট আদিৰ সমাধানৰ উপায় বিচাৰি সময়ে সময়ে বহুত চিন্তা-নায়কৰ আভিৰ্ভাৱ হৈছে যদিও জীৱনত পোৱা দুখ-যন্ত্ৰণা, অশান্তি আদি সমস্যাৰ কোনো স্থায়ী উপায় (সমাধান) বিচাৰি নাপাই হাবাথুৰি খাইছে। কিন্তু বিশ্ব সংসাৰৰ সৃষ্টিকৰ্তা পৰম আল্লাহই তেওঁৰ শ্রেষ্ঠ সৃষ্টি মানৱ জাতিক অতিকৈ ভাল পায়, মৰম কৰে। সেয়ে মানৱ সমাজত শান্তি প্রতিষ্ঠাৰ উদ্দেশ্যে সময়ে সময়ে আল্লাহই নিজৰ প্ৰতিনিধিস্বৰূপ নবী-ৰছুলসকলক শান্তিপূৰ্ণ জীৱন প্ৰণালীৰ বিধান (পথ বা উপায়)ৰ চিৰন্তন নিৰ্দ্দেশনা দি মানৱ সমাজলৈ পঠিয়াই দিছে। বহুত লোক সেই চিৰন্তন শান্তিময় জীৱন বিধান অনুসৰণ কৰি ইহকাল আৰু পৰকালৰ শান্তি আৰু কল্যাণৰ অধিকাৰী হৈছে আৰু বহুতেই সেই চিৰন্তন শান্তি পথ অগ্ৰাহ্য কৰি অনন্ত দুখ কষ্ট ভোগ কৰিছে আৰু ইহকাল-পৰকালৰ শান্তি আৰু কল্যাণ বিনষ্ট কৰিছে।

নবী-ৰছুলসকলে দেখুৱাই থৈ যোৱা জীৱন বিধানক ‘ধৰ্ম’ বুলি নামাকৰণ কৰা হৈছে। যেনে: জুদা ধৰ্ম, ইছাঈ ধৰ্ম (খৃষ্টান ধৰ্ম), জোৰষ্টাৰ ধৰ্ম, ইছলাম ধৰ্ম, হিন্দু ধৰ্ম ইত্যাদি। আমি যদি নিৰেপক্ষ দৃষ্টিভংগীত বিচাৰ কৰোঁ তেন্তে দেখিবলৈ পাম যে সময়ে সময়ে মানৱ সমাজলৈ আগমণ হোৱা নবী-ৰছুলসকলে দি থৈ যোৱা জীৱন বিধানৰ মাজত কোনো মৌলিক পাৰ্থক্য নাই। কিন্তু দুখৰ বিষয় যে এই ধর্মবোৰৰ সৰহভাগেই কালৰ সোঁতত বিকৃত হৈছে অৰ্থাৎ মূলনীতিৰ পৰা স্খলিত হৈ কলুষিত হৈছে। বৰ্তমানলৈ পৃথিৱীত অস্তিত্ব (জীয়াই) থকা ধর্মবোৰৰ ভিতৰত  ইছলাম ধৰ্মই হৈছে একমাত্ৰ ধৰ্ম যি আজিলৈকে অকলুষিত অৱস্থাত আছে। বিশেষ সুখৰ কথা যে ইছলাম ধৰ্মই হৈছে এনে এক  ধৰ্ম যিয়ে মানৱ জীৱনৰ সকলোবোৰ  বিষয়তে পূৰ্ণাঙ্গ বিধানৰ দিহা কৰিছে। অৰ্থাৎ ইছলাম হৈছে এনে এটা ধৰ্ম যি ধৰ্মই আমাৰ ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি বৃহত্তৰ সমাজ জীৱন, ৰাষ্ট্ৰ জীৱন আনকি আন্তৰাষ্ট্ৰীয় জীৱন ব্যৱস্থাৰ বিষয়েও স্পষ্ট বিধান আগবঢ়াইছে। এই ধৰ্মই আল্লাহৰ প্ৰতি থকা উপাসনা বিধি আৰু সামাজিক জীৱনত মানি চলিব লগা মানৱীয় আদেশ-নিষেধৰ নানান বিধান আগবঢ়োৱাৰ লগতে আমাৰ ব্যক্তিগত জীৱনটো সুন্দৰ আৰু সুশৃঙ্খল কৰিবলৈ প্ৰয়োজনীয় প্ৰতিটো সৰু-সুৰা বিষয়ৰো বিজ্ঞানসন্মত বিধি-বিধান দিছে । উদাহৰণস্বৰূেপ ইছলাম ধৰ্মই  আমাৰ হাতৰ আঙুলিৰ নখ কটা, চুলি কটা, থু পেলোৱা, প্ৰসাৱ-পায়খানা কৰা, পোছাক পৰিধান কৰা, পানী খোৱা, আহাৰ গ্ৰহণ কৰা ইত্যাদি  অতি সৰু বিষয়বোৰৰো সম্পূৰ্ণ বৈজ্ঞানিক নীতি-নিয়ম বান্ধি দিছে। অৰ্থাৎ সৰ্বযুগৰ মানুহৰ বাবে প্ৰয়োজনীয় আনকি ভৱিষ্যতে উদ্ভৱ হ’ব পৰা সমস্যাৰো সমাধানৰ বিধান ইছলাম ধৰ্মত আছে। ইছলাম ধৰ্মৰ পৱিত্ৰ পুথি ‘আল কোৰাণ’ আৰু হাদিছসমূহ বিশ্ব মানৱ জাতিৰ বাবে এক সাৰ্বজনীন বিতৰ্কহীন সংবিধানস্বৰূপ। মুঠতে ইছলাম ধৰ্ম হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে এক স্বৰ্গীয় অশীৰ্বাদস্বৰূপ। কিন্তু এতিয়া প্ৰশ্ন হ’ল বিশ্ব মানৱৰ বাবে  ইছলামৰ দৰে এক চিৰন্তন সাৰ্বজনীন বিজ্ঞান ভিত্তিক জীৱন বিধান থকা সত্বেও  মানৱ জাতিয়ে আজিও চিৰাকাঙ্খিত শান্তি লাভ কৰিব পৰা নাই কিয় ? বোধশক্তি থকা যিকোনো ব্যক্তিৰ বাবে  ইয়াৰ উত্তৰ অতি সহজ। 

প্ৰথমতে, আমি অলপ গমি চালেই দেখিম যে সৰ্বযুগৰ মানুহৰ বাবে প্ৰয়োজনীয় জীৱন বিধানসমূহ ইছলাম ধৰ্মৰ মূলগ্ৰন্থ কোৰাণ আৰু ¸হাদিছৰ মাজতে সন্নিবিষ্ট হৈ আছে। কিন্তু এই বিধানবোৰ  জানি বা বুজি গ্ৰহণ কৰিবলৈ মানুহৰ আগ্ৰহ আৰু আহৰি নাই।  মানৱ সমাজত দেখা দিয়া সমস্যাসমূহ সমাধানৰ উপায় কোৰাণ বা হাদিছত বিচাৰি নগৈ কিছুমান মানুহে মনে গঢ়া দৰ্শন (ইজম বা  মতবাদ) ৰ জন্ম দিছে, যি দৰ্শনে সাময়িকভাৱে পখিলাৰ দৰে অল্পায়ু লৈ কিছুদিন তোলপাৰ লগাই সমস্যাৰ কোনো স্থায়ী সমাধান কৰিব নোৱাৰি নতুন সমস্যাৰ সৃষ্টি কৰি মৰহি গৈছে। উদাহৰণস্বৰূেপ সমাজবাদ, সাম্যবাদ,  ধাৰণাবাদ, পুজিবাদ, সামন্তবাদ, সৰ্বহিতৈষীবাদ ইত্যাদি।

দ্বিতীয়তে, ইছলাম ধৰ্মৰ বহিৰ্ভূত অৰ্থাৎ অন্য ধৰ্মৰ মানুহে ইছলাম ধৰ্মক জানিবলৈ বা বুজিবলৈ চেষ্টা নকৰি ঈৰ্ষাৰ  দৃষ্টি নিক্ষেপ কৰি ইছলামত থকা চিৰন্তন জীৱন বিধানৰ পৰা বঞ্চিত হৈ আদৰ্শহীন বেপেৰুৱা জীৱন যাপন কৰিবলৈ লৈছে। ফলত  চিৰাকাঙ্খিত শান্তি  আৰু চিৰকল্যাণময় জীৱন ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে।

ইয়াতে আৰু এটি প্ৰশ্নৰ উদয় হয় যে ইছলামৰ দৰে পৱিত্ৰ, চিৰন্তন পূৰ্ণাঙ্গ ধৰ্ম (জীৱন বিধান) থকা সত্বেও আজি ইছলাম ধৰ্মৰ অনুগামীসকলে শান্তি পাইছে নে ? ইয়াৰ উত্তৰত আমি একাষাৰে নিৰ্দ্বিধাই  স্বীকাৰ কৰিব লাগিব যে ইছলামৰ দৰে পূৰ্ণাঙ্গ ধৰ্ম পায়ো ইয়াৰ অনুগামী বুলি দাবী কৰা মুছলমানসকলে সুখ, শান্তি, নিৰাপত্তা আদি পোৱা নাই। ইয়াৰ কাৰণ হ’ল নিজৰ ধৰ্ম ‘ইছলাম’ বুলি দাবী কৰা  শতকৰা ৯৯ জনৰ ইছলাম ধৰ্মৰ মূল  সংবিধান কোৰাণ আৰু হাদিছ সম্পৰ্কে কোনো জ্ঞান নাই। সিহঁত পৈত্ৰিক সূত্ৰে ইছলাম ধৰ্মাৱলম্বী। ইছলামৰ আহকাম বা আদৰ্শ সিহঁতৰ মাজত শূন্য। অৱশ্যে ইছলাম ধৰ্মী (মুছলমান) হিচাপে কলেমাটো উচ্চাৰণ কৰিব পাৰে যদিও ইয়াৰ অৰ্থ বুজি নাপায়। আনকি বহুতৰ উচ্চাৰণতো ভুল হয়। ফলত ইছলামী বিধান মতে জীৱন পৰিচালনা কৰিব নোৱাৰি অশান্তি ভোগ কৰি আছে। 

তাৰোপৰি বৰ্তমান ইছলাম ধৰ্ম বহুতো মাজহাব (বিভাগত) ভাগ হৈ পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি আছে। এইয়া অতি দুৰ্ভাগ্যৰ বিষয়। আমি ভাৱো সত্যৰ কোনো বিকল্প নাই। ইছলাম ধৰ্মটো আমি মহামানৱ হজৰত মহম্মদ (ছাঃ) ৰ পৰা পাইছোঁ। কোনো বিধানৰ মাজত পৰস্পৰ বৈপৰীত্য থকাটো নিজৰ মাজতে আত্মঘাতী অস্ত্ৰস্বৰূপ। মই ভাবো মাজহাববোৰে ইছলাম ধৰ্মীয়লোকসকলৰ মাজত শান্তি আৰু সংহতিৰ বাটত অন্তৰায়ৰ সৃষ্টি কৰিছে।

আমি লক্ষ্য কৰিলে দেখা পাম যে আজি বিশ্বত মুছলমানসকল অন্যান্য জাতি বা ধৰ্মাৱলম্বীসকলৰ হাতত অধিকভাৱে নিগ্ৰহিত আৰু লাঞ্ছিত হৈ আছে। ইছলামৰ নামত সন্ত্ৰাস বিপয়পাই আছে। ইয়াৰ কাৰণ কি বা ইয়াৰ বাবে  দায়ী কোন ?

ইয়াৰ উত্তৰত আমি স্বীকাৰ কৰিব লাগিব যে ইয়াৰ বাবে  প্ৰধানতঃ মুছলমানসকলেই দায়ী; অন্য জাতি বা অন্য ধৰ্মাৱলম্বীৰ লোকসকল নহয়। ইছলামধৰ্মী লোকসকলৰ বাহিৰে অন্য ধৰ্মৰ লোকে ইছলাম ধৰ্মক সমালোচনা কৰে ইছলাম ধৰ্মৰ পৱিত্ৰ পুথি আল কোৰাণ আৰু হাদিছ গ্ৰন্থ অধ্যয়ন নকৰি ইছলামধৰ্মী লোকসকলৰ জীৱন প্ৰণালী লক্ষ্য কৰিহে। সিহঁতে যেতিয়া ইছলামৰ বিধান মানি নচলা নামমাত্ৰ মুছলমানসকলৰ জীৱন প্ৰণালীত কোনো আদৰ্শ বিচাৰি পোৱাৰ বিপৰীতে নানান উশৃঙ্খল আৰু ধৰ্মীয় নীতি বহিৰ্ভূত জীৱন শৈলী দেখা পায় তেতিয়া সিহঁতে ইছলাম ধৰ্মৰ প্ৰতি এক ভুল ধাৰণা পোষণ কৰে। ফলত সিহঁতে ইছলাম ধৰ্ম বেয়া  বুলি ভূল ধাৰণাৰ বশৱৰ্তী হৈ ইছলামৰ বিৰোধিতা কৰিবলৈ লৈছে। আজি যদি মুছলমানসকলে নিজ ধৰ্মৰ নীতি-নিয়মবোৰ  সম্পূৰ্ণভাৱে মানি মহম্মদ (ছাঃ) য়ে দেখুৱাই থৈ যোৱা আদৰ্শমতে জীৱন শৈলী গঢ়ি  তুলিলেহেঁতেন তেন্তে ইছলাম ধৰ্মৰ প্ৰতি অন্য ধৰ্মৰ লোকসকলৰ মনত ভুল ধাৰণাৰ সৃষ্টি নহ’লহেতেঁন।

ইছলাম ধৰ্ম যে পৱিত্ৰ আৰু  অন্যান্য ধৰ্মৰ তুলনাত যে ই  শ্রেষ্ঠ  আৰু নিখুঁত সেয়া এই ধৰ্মৰ মূল গ্ৰন্থ কোৰাণ আৰু হাদিছ গ্ৰন্থ অধ্যয়ন কৰিলে সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হ’ব। অৱশ্যে এটা কথা স্বীকাৰ কৰিবই লাগিব যে পৱিত্ৰ বস্তুক চয়তানে বেয়া পায়। পৃথিৱীত এনেকুৱা কিছুমান লোক সদায়ে আছে অৰ্থাৎ আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব যিসকলে ভাল বা পৱিত্ৰ বস্তুৰ পৰা নিজকে দূৰত ৰাখিব। সিহঁতে ইছলাম ধৰ্ম যে পৱিত্ৰ আৰু পূৰ্ণাঙ্গ সেয়া জানিও  ইছলামৰ বিৰোধিতা কৰি থাকিব। অৱশ্যে তেনে লোকে ইছলামৰ কোনো ক্ষতি কৰিব নোৱাৰিব, যদিয়ে বিশ্বৰ মুছলমানসকলে নামধাৰী মুছলমান নহৈ ইছলামৰ বিধি-বিধান মানি চলি পৰিপূৰ্ণ মুছলমান হয়।

সেয়ে আমি ক’ব পাৰোঁ যে বৰ্তমান বিশ্বত চলি থকা সন্ত্ৰাস, হত্যা, দুৰ্নীতি, যুদ্ধ, হিংসা, আদি এশ এবুৰি অশান্তি নাশ কৰি শান্তি শৃঙ্খলা আনয়ন কৰিবলৈ হ’লে এই বিশ্বৰ মুছলমানসকল নামধাৰী মুছলমান নহৈ পৰিপূৰ্ণ ইছলামী জীৱন শৈলী গ্ৰহণ কৰিব লাগিব। কাৰণ বিশ্ব শান্তি স্থাপন কৰিবলৈ মানুহ ধৰ্মৰ অনুশীলন কৰিবই লাগিব, (ইয়াৰ কোনো বিকল্প নাই) আৰু এই কাম একমাত্ৰ এনে এক ধৰ্মৰ দ্বাৰাহে সম্ভৱ যি সম্পূৰ্ণভাৱেই বিজ্ঞানসম্মত, নিখুঁত আৰু স্বয়ং সম্পূৰ্ণ আৰু তেনে এক স্বয়ংসম্পূর্ণ  ধৰ্মটো হৈছে ইছলাম ধৰ্ম।

(২)

পৃথিৱীত কেইবাটাও ধৰ্মৰ অস্তিত্ব আছে যদিও সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হোৱা ধৰ্মটো হৈছে হজৰত মহম্মদ (ছাঃ) য়ে প্ৰৱৰ্তন কৰা ইছলাম ধৰ্ম। এই ধৰ্মৰ ওপৰতেই আজিলৈকে আটাইতকৈ বেছি কিতাপ ৰচিত হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু পৰিতাপৰ বিয়ষ যে আজিলৈকে অসমীয়া ভাষাত ইছলাম ধৰ্মৰ চৰ্চা হোৱা নাই। মাত্ৰ দুই এখন সৰু-সুৰা কিতাপ ৰচিত হৈছে যদিও সেইবোৰ এপাচি শাকত এটা জালুকৰ দৰে। ইয়াৰ উপৰি সেইবোৰ  কিতাপত ভাষা আৰু অৰ্থৰ বিসঙ্গতি লক্ষণীয়। অৱশ্যে মূল আৰবী কোৰাণ আৰু হাদিছ গ্ৰন্থৰ পৰা অসমীয়া কিতাপ প্ৰণয়ন কৰাটো এক জটিল কাম। কাৰণ আৰবী ভাষাটো বৰ্ণমালা, বাক্য প্ৰকৰণ, শব্দ গঠন আৰু ব্যাকৰণিক দিশত এক জটিল ভাষা। এই ভাষাৰ পৰা কোনো গ্ৰন্থ যিকোনো ভাৰতীয় ভাষালৈ অনুবাদ কাৰ্য অতিকৈ জটিল। সম্ভৱতঃ এনে জটিলতাৰ বাবেই আজিলৈকে অসমীয়া ভাষাত ইছলামী কিতাপৰ সংখ্যা অতি কম। এই অভাৱ লক্ষ্য কৰি আমি গ্রোহিলচ পাব্লিশ্বিঙৰ তৰফৰ পৰা অসমীয়া ভাষাত ইছলামী কিতাপ প্ৰণয়ন কৰিবলৈ এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছোঁ। এই অভিযানৰ প্ৰস্তুতিস্বৰূপ আমি কেইজনমান অসমীয়া আৰু আৰবী ভাষাত পাণ্ডিত্য অৰ্জন কৰা বিদ্বজনক লৈ এটি ইছলামী লিখক সমিতি গঠন কৰিছোঁ। আমি প্ৰণয়ণ কৰা গ্ৰন্থসমূহৰ ভাষা আৰু অনুবাদ যাতে নিখুঁত  হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ ইছলামী কিতাপসমূহৰ উৎস গ্ৰন্থ প্ৰধানকৈ মূল আৰবী কোৰাণ আৰু হাদিছসমূহ। 

আমাৰ আঁচনিৰ এক দুঃসাহসিক প্ৰচেষ্টা হিচাপে  আমি ‘ইছলামী কুইজ’ নামৰ¸ পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ। পুথিখনৰ মূল আধাৰ কোৰাণ আৰু হাদিচ গ্ৰন্থসমূহ যদিও আমি অন্যান্য বহুত গ্ৰন্থৰ পৰা সমল সংগ্ৰহ কৰিছোঁ। কিতাপখনত ইছলামৰ মৌলিক দিশবোৰ প্ৰশ্নোত্তৰৰ মাজদি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আমি আশাবাদী যে এই সৰু কলেবৰৰ কিতাপখন পঢ়ি  কৌতুহলী পাঠকে ইছলাম সম্পৰ্কে যথেষ্ট সাধাৰণ জ্ঞান লাভ কৰিব পাৰিব।

আমাৰ যৎপৰোনাস্তি সৎ প্ৰচেষ্টা থকা সত্বেও আমাৰ ভুল-ভ্ৰান্তি থাকি যাব পাৰে। সেয়ে আমি ইছলামী পণ্ডিত, ভাষাবিধ, গৱেষক আৰু পাঠক সমাজক আমাৰ ভুল-ভ্রান্তিবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান  জনালোঁ। ইতি

ৰাব্বি  মছৰুৰ

কমলপুৰ                                                

২০১৯ ইংৰাজী চন।

………………………………………………………………….   

                                                 

সূচীপত্ৰ

অধ্যায়  বিষয় 

১.  আল্লাহ

২.  ইছলাম

৩.  শৰিয়তৰ বিধান

৪.  নবী  আৰু ৰছুল

৫.  ফিৰিস্তা 

৬.  জ্বিন আৰু শয়তান

৭. কিয়ামত 

৮. বেহেস্ত আৰু দোজখ 

৯.  হজৰত আদম (আঃ) 

১০.  হজৰত ইদ্রিছ  (আঃ)

১১.  হজৰত নূহ (আঃ)

১২.  হজৰত হুদ (আঃ)

১৩.  হজৰত ছালেহ (আঃ)

১৪.  হজৰত ইব্রাহিম  (আঃ)

১৫.  হজৰত ইছমাইল (আঃ)

১৬.  হজৰত ইছহাক (আঃ)

১৭.  হজৰত ইয়াকুব (আঃ)

১৮.  হজৰত ইউছুফ (আঃ)

১৯.  হজৰত লুত (আঃ)

২০.  হজৰত আইউব (আঃ)

২১.  হজৰত শুৱাইব (আঃ)

২২.  হজৰত মুছা আৰু হজৰত হাৰুণ (আঃ)

২৩.  হজৰত ইউনুছ (আঃ)

২৪. হজৰত ইলিয়াছ (আঃ)

২৫.  হজৰত দাউদ (আঃ)

২৬.  হজৰত চুলেইমান (আঃ)

২৭.  হজৰত জাকাৰিয়া আৰু হজৰত ইয়াহহিয়া (আঃ)

২৮.  হজৰত ঈছা (আঃ)

২৯.  হজৰত মহম্মদ (ছাঃ)

৩০.  হজৰত মহম্মদ (ছাঃ)ৰ সহধৰ্মীনিসকল (ৰাঃ)

৩১.  হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকল

৩২.  হজৰত আবুবক্কৰ ছিদ্দিক (ৰাঃ)

৩৩.  হজৰত ওমৰ ফাৰুক (ৰাঃ)

৩৪.  হজৰত ওচমান গণি (ৰাঃ)

৩৫.  হজৰত আলি (ৰাঃ)

৩৬.  আল কোৰাণ

৩৭.  হাদিছ

৩৮.  আজান

৩৯.  নামাজ

৪০.  ৰোজা

৪১.  হজ 

৪২.  জাকাত

৪৩.  মছজিদ, মাদ্ৰাছা

৪৪.  বিজ্ঞান আৰু আৱিষ্কাৰ জগতত মুছলমান

৪৫.  ইছলামত প্ৰথম পুৰুষ

৪৬.  ইছলামত প্ৰথম নাৰী

৪৭.  বিশ্বত  প্ৰথম

 

………………………………………………………………………….

 

অধ্যায়- ১

আল্লাহ

 

প্ৰঃ ‘আল্লাহ’ কি ?

উঃ ‘আল্লাহ’ হৈছে গোটেই বিশ্বব্রহ্মাণ্ডৰ মহাশক্তিমান সৃষ্টিকৰ্তা, পালন কৰ্তা, ৰক্ষাকৰ্তা আৰু সংহাৰকৰ্তা। তেওঁ একক, চিৰন্তন, সৰ্বজান্তা, সৰ্ব প্ৰভাৱী একমাত্ৰ উপাস্য প্ৰভু।

প্ৰঃ ‘আল্লাহ’ শব্দৰ অৰ্থ কি ?

উঃ ‘আল্লাহ’ শব্দৰ যথাযথ প্ৰতিশব্দ কোনো ভাষাতে নাই। ‘আল্লাহ’ শব্দটি স্বয়ং আল্লাহই নিজৰ বাবে  নিজেই নিৰ্বাচন কৰিছে। ‘আল্লাহ’ শব্দৰ  বাহিৰে অইন কোনো বেলেগ শব্দৰ দ্বাৰা ইয়াৰ অৰ্থ যথাযথভাৱে বুজাব নোৱাৰি। সংক্ষেেপ এই শব্দটিয়ে গোটেই বিশ্বব্রহ্মাণ্ডৰ চিৰন্তন মহাশক্তিশালী, মহাপ্ৰভাৱী প্ৰতিদ্বন্দ্বীহীন একক সৃষ্টিকৰ্তাক বুজায়।

প্ৰঃ ‘আল্লাহ’ শব্দটি কি শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয় ?

উঃ ‘ইলা’ (ইলাহুন) শব্দৰ পৰা।

প্ৰঃ ‘ইছমে  আজম’ কি ?

উঃ ‘ইছমে আজম’ মানে সৰ্বশ্রেষ্ঠ  নাম। ‘ইছমে আজম’ৰ দ্বাৰা আল্লাহক বুজোৱা হয়।

প্ৰঃ আল্লাহক ফাৰচী ভাষাত কি বুলি কোৱা হয় ?

উঃ খোদা।

প্ৰঃ আল্লাহ  ক’ত আছে ?

উঃ সাত স্তৰ আকাশৰ ওপৰ (আৰশে আজীম) ত আছে।

প্ৰঃ ‘আল কোৰানত’ আল্লাহ শব্দটি কেইবাৰ আছে ?

উঃ ২,৫৮৪ বাৰ।

প্ৰঃ আল্লাহই পোন প্ৰথমতে কি সৃষ্টি কৰিছে ?

উঃ শেষ পয়গম্বৰ হজৰত মহম্মদ (ছাঃ)ৰ নূৰ বা জ্যোতি । (কিছুমানৰ মতে কলম)।

প্ৰঃ আল্লাহই নিজ হাতে কি কি বস্তু সৃষ্টি কৰিছে ?

উঃ কলম, আৰশ, জান্নাতুল আদন আৰু আদম (আঃ)। বাকী বস্তুবোৰ তেওঁ ‘কুন’ (হোৱা) শব্দৰ দ্বাৰা সৃষ্টি কৰিছে।

প্ৰঃ ‘শিৰক’ কি ?

উঃ আল্লাহৰ অংশীদাৰ আছে বুলি বিশ্বাস কৰাক ‘শিৰক’ বোলে । শিৰক মহাপাপ।

প্ৰঃ শিৰক কেই প্ৰকাৰ আৰু কি কি ?

উঃ শিৰক দুই প্ৰকাৰ, যেনে: শিৰক জলী (প্ৰকাশ্য শিৰক) আৰু শিৰক খফী (গোপন শিৰক)।

প্ৰঃ ‘বিদয়াত’ কি ?

উঃ ‘বিদয়াত’ মানে মনে গঢ়া  কথা বা কাম। যি কাম হজৰত মহম্মদ (ছাঃ) আৰু তেখেতৰ চাহাবীসকলে কৰা নাই, তেনে কাম শৰীয়তসন্মত বুলি ভাৱি কৰাৰ নামেই বিদয়াত।

প্ৰঃ ‘ক্কিয়াম’ কি ?

উঃ ‘ক্বিয়াম’ শব্দৰ অৰ্থ হ’ল থিয় হোৱা। নামাজত ক্কিয়াম কৰা (থিয় হোৱা) ফৰজ (অৱশ্য কৰণীয়) কিন্তু কিছুমানৰ মতে মিলাদ (গুণ-কীৰ্তন) ত হজৰত মহম্মদৰ নাম শুনি ভক্তিভাৱে থিয় হোৱা (ক্কিয়াম কৰা) বিদয়াত।

প্ৰঃ ঈমান কি ?

উঃ ইছলাম ধৰ্মৰ মৌলিক বিধানসমূহ অন্তৰে বিশ্বাস কৰা, মুখে স্বীকাৰ কৰা আৰু সেইবোৰ পালন কৰি চলাকেই ‘ঈমান’ বোলে। সংক্ষেেপ ঈমান মানে সৰ্বশক্তিমান প্ৰভু আল্লাহৰ একত্বত দৃঢ় বিশ্বাস কৰা।

প্ৰঃ কুফৰ কি ?

উঃ আল্লাহ আৰু তেওঁৰ ৰছুলক বিশ্বাস নকৰাক ‘কুফৰ’ বোলে।

প্ৰঃ পৃথিৱীত ‘আল্লাহৰ ঘৰ’ বুলিলে কোন স্থানক বুজায় ?

উঃ আৰব দেশৰ মক্কা নগৰত থকা কাবা শ্বৰীফক বুজায়।

প্ৰঃ আল্লাহই বিশ্বব্রহ্মাণ্ড কেইদিনত সৃষ্টি কৰিছে ?

উঃ ৬ দিনত।

প্ৰঃ আল্লাহৰ সৃষ্টি জীৱ বা বস্তু কিমান ?

উঃ ১৮ হাজাৰ।

প্ৰঃ ১৮ হাজাৰ মাখলুক (সৃষ্ট জীৱ) ক’ত ক’ত আছে ?

উঃ আকাশত ৬.০০০, স্থলত ৬,০০০ আৰু পানীত ৬,০০০।

প্ৰঃ বায়তুল্লাহ শৰিফ কাৰ অনুকৰণত তৈয়াৰী ?

উঃ সপ্তম আকাশত থকা ফিৰিস্তাসকলৰ উপাসনা গৃহ বায়তুল মামুৰৰ অনুকৰণত। 0 0 0 

 

 

অধ্যায়- ২

ইছলাম

 

প্ৰঃ ‘ইছলাম’ শব্দৰ অৰ্থ কি ?

উঃ ‘ইছলাম’ শব্দৰ অৰ্থ হ’ল শান্তি। ইয়াৰ আন এক অৰ্থ হ’ল সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা।

প্ৰঃ ‘ধৰ্ম’ মানে কি ?

উঃ আল্লাহ নিৰ্দেশিত এক জীৱন ব্যৱস্থা।

প্ৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন ?

উঃ প্ৰথম মানৱ হজৰত আদম (আঃ)।

প্ৰঃ কোনজন নবী (ৰাছুল) ৰ মাধ্যমত ইছলাম ধৰ্মই পৰিপূৰ্ণতা লাভ কৰে ?

উঃ হজৰত মহম্মদ (ছাঃ)ৰ মাধ্যমত।

প্ৰঃ ইছলাম ধৰ্মৰ মূল ভিত্তি কেইটা আৰু কি কি ?

উঃ ইছলামৰ মূল ভিত্তি  ৫ টা,  যেনে: কলেমা, নামাজ, ৰোজা, জাকাত আৰু হজ্ব।

প্ৰঃ ইছলামৰ মূল কথা কি ?

উঃ এক আল্লাহক বিশ্বাস কৰা।

প্ৰঃ ঈমান আৰু ইছলামৰ মাজত পাৰ্থক্য কি ?

উঃ আভিধানিক অৰ্থমতে ‘ঈমান’ মানে বিশ্বাস আৰু ইছলাম মানে ‘শান্তি’ বা ‘আত্মসমৰ্পন’। ঈমান হ’ল ৰুহ (আত্মা) আৰু ইছলাম হ’ল জিসম (শৰীৰ)। মুঠতে ঈমানৰ অৰ্থ হ’ল শৰীয়তৰ বিধানসমূহ অন্তৰত সত্য বুলি বিশ্বাস কৰা আৰু  ইছলাম হ’ল শৰীয়তৰ বিধি-বিধানসমূহ মানি চলা (কাৰ্যত পৰিণত কৰা)।

প্ৰঃ ইছলাম ধৰ্মৰ অনুসাৰীসকলক কি বোলে ?

উঃ মুছলমান।

প্ৰঃ ‘মুছলমান’ নামটো কোনে ৰাখিছে ?

উঃ হজৰত ইব্রাহিম  (আঃ)।

প্ৰঃ এজন মুছলমানৰ ওপৰত অন্য মুছলমানৰ নিম্ন পৰ্যায়ৰ হক (প্ৰাপ্য কৰ্তব্য) কি ?

উঃ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰা।

প্ৰঃ পৃথিৱীত মুছলমানৰ ওপৰত আল্লাহৰ পিনৰ পৰা কেইটা পৰীক্ষা হয় ?

উঃ প্ৰধানতঃ দুটা (ক) নিয়ামতৰ শোকৰ (আল্লাহৰ অনুগ্ৰহ স্বীকাৰ) আৰু (খ) বিপদত ধৈৰ্যধাৰণ।

প্ৰঃ ৰাছুল (ছাঃ) য়ে মুছলমানসকলক কি গছৰ লগত তুলনা কৰিছে ?

উঃ খেজুৰ গছৰ লগত।

প্ৰঃ মুছলামনসকলৰ সৰ্বশ্রেষ্ঠ সম্পদ কি ?

উঃ ঈমান (আল্লাহৰ একত্বত পূৰ্ণবিশ্বাস স্থাপন) আৰু আমল (ইছলামৰ বিধি-বিধান মতে কৰা কাৰ্য। 0 0 0 

 

 

অধ্যায়- 3

শৰীয়তৰ বিধান

 

প্ৰঃ ‘শৰীয়ত’ কি ?

উঃ ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ আল কোৰান আৰু হাদীছত মানৱ জাতিক উদ্দেশ্যি প্ৰণয়ন কৰা বিধি-বিধানমতে যাপন কৰিবলগা এক জীৱন ব্যৱস্থা।

প্ৰঃ শৰীয়তৰ বিধান মুঠ কেইটা আৰু কি কি ?

উঃ ইছলাম ধৰ্মমতে শৰীয়তৰ বিধান মুঠ আঠটা, যেনে: ফৰজ, ওৱাজিব, সুন্নত, মুস্তহাব, নফল, হাৰাম, হালাল আৰু মকৰুহ।

প্ৰঃ ‘ফৰজ’ কাক বোলে ?

উঃ যিবোৰ কাম কোৰান আৰু হাদিছ মতে প্ৰতিজন মুছলমানে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ফৰজ বোলে। ফৰজ কাম ত্যাগ কৰিলে গোনাহ বা পাপী হয় আৰু ফৰজক অস্বীকাৰ কৰোতাসকল কাফিৰ (অবিশ্বাসী) হয়।

প্ৰঃ ফৰজ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ ফৰজ দুই প্ৰকাৰৰ, যেনে: ফৰজে আইন আৰু ফৰজে কেফায়া।

প্ৰঃ ‘ফৰজে আইন’ মানে কি ?

উঃ ইছলামৰ যিবোৰ বিধি-বিধান প্ৰত্যেকজন প্ৰাপ্তবয়স্ক নৰ-নাৰীয়ে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ‘ফৰজে আইন’ বোলে। যেনে: পাঁচ ওৱাক্ত নামাজ, ৰমজান মাহৰ ৰোজা পালন, জাকাত প্রদান ইত্যাদি।

প্ৰঃ ‘ফৰজে কেফায়া’ কাক বোলে ?

উঃ ইছলাম ধৰ্মৰ যিবোৰ নীতি-নিয়ম, কাম-কাজ প্ৰতিজন মুছলমানে অৱশ্য কৰিবলগীয়া কিন্তু সকলোৰে হৈ কেইজনমান ব্যক্তিয়ে কৰিলেও আদায় হৈ যায় তাকে ‘ফৰজে কেফায়া’ বোলে। যেনে: জানাজাৰ নামাজ, ইছলাম ধৰ্ম প্ৰচাৰ।

প্ৰঃ ‘ওৱাজিব’ কাক বোলে ?

উঃ ইছলামৰ যিবোৰ  আদেশ পালন কৰিবলগীয়া কিন্তু হাদিছ আৰু কোৰাণত ফৰজ কাম বুলি সুস্পষ্টভাৱে উল্লেখ নাই, তেনে কামক ‘ওৱাজিব’ বোলে। ওৱাজিব ফৰজৰ ওচৰা-ওচৰি। ইয়াক অস্বীকাৰ কৰিলে ফাচেক হয়।

প্ৰঃ সুন্নত কাক বোলে ?

উঃ যিবোৰ কাম হজৰত মহম্মদ (ছাঃ) য়ে নিজে কৰিছে, চাহাবাসকলক কৰিবলৈ তাগিদ কৰিছে বা সমৰ্থন কৰিছে তেনে কামবোৰক  ‘সুন্নত’ বোলে।

প্ৰঃ সুন্নত কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ সুন্নত দুই প্ৰকাৰৰ, যেনে: সুন্নতে মুৱাককাদ্দাহ আৰু সুন্নতে গায়িৰ মুৱাককাদ্দাহ।

প্ৰঃ ‘সুন্নতে মুৱাককাদ্দাহ’ কাক কয় ?

উঃ যিবোৰ কাম হুজুৰ (ছাঃ) য়ে প্ৰতিনিয়ত পালন কৰিছে আৰু তেখেতৰ অনুগামী চাহাবাসকলেও কৰিছে আৰু কেতিয়াও বিনা কাৰণত ত্যাগ কৰা নাই, সেইবোৰ কাম-কাজকে সুন্নতে মুয়াকাকদ্দাহ বোলে। যেনে: ফজৰৰ দুই ৰাকাত সুন্নত নামাজ।

প্ৰঃ ‘সুন্নতে গায়েৰ মুৱাক্কাদাহ’ কাক বোলে ?

উঃ যিবোৰ  কাম হুজুৰ (ছাঃ) অধিকাংশ সময় কৰিছে  আৰু কেতিয়াবা কেতিয়াবা বিনা কাৰণত ত্যাগ কৰিছে, সেইবোৰ  কাম-কাজকে ‘সুন্নতে গায়েৰ মুৱাক্কাদাহ’ বোলে। যেনে: আচৰৰ চাৰি ৰাকাত সুন্নত নামাজ।

প্ৰঃ ‘মুস্তাহাব’ কাক Îবালে ?

উঃ যিবোৰ কাৰ্য কৰিলে পুণ্য হয়, কিন্তু নকৰিলে পাপা নহয় সেইবোৰ কামকে মুস্তাহাব বোলে।

প্ৰঃ ‘নফল’ কাক বোলে ?

উঃ নফল বুলিলে অতিৰিক্তি ইচ্ছাকৃত পুণ্যৰ কামক বুজায়। যেনে: চাছত আৰু  ইছৰাকৰ নামাজ।

প্ৰঃ ‘হাৰাম’ কাক বোলে ?

উঃ যিবোৰ কাম কাজ ইছলামী বিধি-বিধান বিৰোধী আৰু অবৈধ বুলি স্পষ্টভাৱে নিষেধ কৰা আছে, তেনে কামক ‘হাৰাম’ বোলে। যেনে: মদ পান কৰা, চুৰি কৰা, গিবত কৰা ইত্যাদি।

প্ৰঃ ‘হালাল’ কি ?

উঃ যিবোৰ কাম বা খাদ্য, পানীয় আদি গ্ৰহণ কোৰান আৰু হাদিছৰ দ্বাৰা স্পষ্টভাৱে অনুমোদিত বা বৈধ তাকে ‘হালাল’ বোলে। যেনে: গাখীৰ পান কৰা, মধুপান কৰা, ব্যৱসায় কৰা ইত্যাদি।

প্ৰঃ ‘মকৰূহ’ কাক বোলে ?

উঃ যিবোৰ কাম ত্ৰুটিপূৰ্ণ আৰু অপছন্দনীয় আৰু হাৰামৰ নিম্নস্তৰত নিষিদ্ধৰূপে গণ্য তাকে ‘মকৰূহ’ বোলে।

প্ৰঃ মকৰূহ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ মকৰূহ দুই প্ৰকাৰৰ যথা: (ক) মকৰূহ তানজিহী আৰু (খ) মকৰূহ তাহৰিমী। মকৰূহ তাহজিহী হালালৰ ওচৰা-ওচৰি, কৰিলে গুনাহ বা পাপ নহয়, কিন্তু নকৰা ভাল। আনহাতে মকৰূহ তাহৰিমী হাৰামৰ ওচৰা-ওচৰি, কৰিলে পাপ হয়।

প্ৰঃ গুনাহ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ গুনাহ দুই প্ৰকাৰৰ। যথা: সগীৰা গুনাহ (সৰু গুনাহ) আৰু কবীৰা গুনাহ (ডাঙৰ গুনাহ)। সগীৰা গুনাহ কৰি ভাল কাম কৰিলে মাফ হয়, কিন্তু কবীৰা গুনাহ তওবাহ নকৰিলে মাফ নহয়।

প্ৰঃ ‘ফিকাহ’ কাক বোলে ?

উঃ ইছলামী জীৱন ব্যৱস্থা সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা নিঃসৃত সিদ্ধান্তসমূহক ‘ফিকাহ’ বোলে।

প্ৰঃ আকায়েদ কাক বোলে ?

উঃ ধৰ্ম বিশ্বাস সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা যি নিঃসৃত হৈছে তাকে ‘আকাদেয়’  বা ইলমে কালাম বোলে।

প্ৰঃ নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) কি ?

উঃ যিবোৰ বস্তু বেয়া, অগ্ৰহণীয় বা গ্ৰহণ কৰা ক্ষতিকাৰক আৰু পাপ সেইবোৰক নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) বোলে। যেনে: মানুহৰ মল-মূত্ৰ, বীৰ্য, হায়েজ-নেফাছেৰ তেজ, প্ৰবাহমান তেজ, জন্তুৰ মল-মূত্ৰ, মদ প্ৰভৃতি নাজাছাতে গলিয়া।

প্ৰঃ নাজাছাতে খফিফা বা হাদাসে আছগাৰ (সৰু নাপাক)  কি ?

উঃ হালাল (বৈধ) জন্তুৰ প্ৰচাব আৰু সকলো প্ৰকাৰৰ চৰাইৰ বিষ্টা নাজাছাতে খফিফা বা হাদাসে আছগাৰ।

প্ৰঃ ‘তালাক’ কাক বোলে ?

উঃ তালাক শব্দৰ সাধাৰণ অৰ্থ হ’ল ত্যাগ কৰা বা মুক্ত কৰি দিয়া। ইছলাম ধৰ্মত শব্দটি স্বামীয়ে  স্ত্ৰীক ত্যাগ কৰা ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ইছলামী বিধান মতে স্বামী যদি  ধেমালীত বা খঙবশতঃ তেওঁৰ স্ত্ৰীক কয় যে ‘তুমি মুক্ত বা তোমাক ত্যাগ কৰিলো’  তেতিয়া তালাক হোৱা বুজায়। কথাষাৰ আনে শুনাকৈ কওঁক বা নিম্ন সুৰত কওঁক, স্ত্ৰীৰ উপস্থিতিত কওঁক বা অনুপস্থিতিত কওঁক সকলো অৱস্থাতে তালাক হৈ যাব বুলি কিছুমানে কয়  ।

প্ৰঃ তালাক কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ তালাক তিনি প্ৰকাৰৰ, যথা: (ক) তালাকে ৰেজয়ী, (খ) তালাকে বায়েন আৰু (গ) তালাকে মোগাল্লাযা।

প্ৰঃ তালাকে ৰাজয়ী কাক বোলে ?

উঃ স্বামীয়ে যদি স্ত্ৰীক একেলগে স্পষ্টভাৱে বা পৃথক দুই শব্দত স্ত্ৰীক উদ্দেশ্যি ‘তালাক’ শব্দটি দুইবাৰ উচ্চাৰণ কৰে, তেনে তালাকক ‘তালাকে ৰেজয়ী’ বোলে।  তালাকে ৰেজয়ীত বৈবাহিক সম্পৰ্ক ছিন্ন নহয়। ইচ্ছা কৰিলে স্বামী সেই স্ত্ৰীকে বিবাহ নদোহৰায়ো স্ত্ৰী হিচাপে ৰাখিব পাৰে।

প্ৰঃ ‘তালাকে বায়েন’ কাক বোলে ?

উঃ তালাকে বায়েন তালাকে ৰাজয়ীৰ ওপৰত। এনে তালাকত বৈবাহিক সম্পৰ্ক সম্পূৰ্ণভাৱে ছিন্ন হৈ যায়। এনে তালাক দিয়া স্ত্ৰীক স্বামীয়ে পুনৰাই গ্ৰহণ কৰিব বিচাৰিলে বিবাহ দোহৰাব লাগিব। অন্যথা সেই নাৰী তেওঁৰ বাবে বৈধ নহয়।

প্ৰঃ তালাকে মোগাল্লাযা কাক Îবালে ?

উঃ তিন তালাকক তালাকে মোগাল্লাযা বোলে। এনে তালাকত বৈবাহিক সম্পৰ্ক সম্পূৰ্ণৰূেপ ছিন্ন হৈ যায়। এনে তালাকত বিয়া দোহৰালেও সেই  স্ত্ৰীক ৰখা জায়েজ নহয়। 0 0 0 

 

 

অধ্যায়- ৪

নবী-ৰছুল

 

প্ৰঃ ‘নবী’ শব্দৰ অৰ্থ কি ?

উঃ জ্ঞাতকাৰী (কোনো খবৰ বা তথ্য জনাই দিয়া ব্যক্তি)।

প্ৰঃ ৰছুল মানে কি ?

উঃ সংবাদবাহক বা দূত।

প্ৰঃ ফাৰ্চী ভাষাত নবী বা ৰছুলসকল কি বোলে ?

উঃ পয়গম্বৰ বোলে। ‘পয়গাম’ মানে বাৰ্তা আৰু ‘বৰ’ মানে বাহক। অৰ্থাৎ বাৰ্তাবাহক।

প্ৰঃ কাক নবী বা ৰছুল বুলি কোৱা হয ?

উঃ যিসকল ব্যক্তি আল্লাহৰ মনোনীত প্ৰতিনিধি হিচাপে আল্লাহৰ পৰা অহি (দৈৱ বাণী) প্ৰাপ্ত হয় আৰু কোনো মানৱ গোষ্ঠীক  জ্ঞাত কৰোৱাৰ দায়িত্ব পায়, সেইসকল ব্যক্তিক নবী বা ৰছুল বোলে।

প্ৰঃ নবী আৰু ৰছুলসকলৰ দ্বাৰা সম্পন্ন কৰা অলৌকিক ঘটনাক কি বোলে ?

উঃ মাজেজা। যেনে: মুছা (আঃ) য়ে নিজৰ লাঠিক ডাঙৰ সাপত পৰিণত কৰিব পাৰিছিল। নবী কৰিম (ছাঃ) য়ে হাতৰ আঙুলিৰে ইংগিত দি পূৰ্ণচন্দ্ৰক দ্বিখণ্ডিত কৰিছিল।

প্ৰঃ অলিসকলে কৰা অলৌকিক ঘটনাক কি বোলে ?

উঃ কাৰামত বোলে। 

প্ৰঃ সাধু সন্নাসীসকল বা ধৰ্মদ্ৰোহীসকলে কৰা অলৌকিক ঘটনাকে কি বোলে ?

উঃ ইসতেদৰাজ।

প্ৰঃ নবী আৰু ৰছুলৰ মাজত পাৰ্থক্য কি ?

উঃ যিসকল প্ৰেৰিত পুৰুষৰ ওচৰত আল্লাহৰ পৰা ধৰ্মমতৰ বিধান সম্বলিত কোনো কিতাপ অৱতীৰ্ণ হৈছে সেইসকলক ৰছুল বোলে। আনহাতে যিসকল প্ৰেৰিত পুৰুষৰ ওপৰত আল্লাহৰ কোনো নতুন বিধান সম্বলিত কিতাপ অৱতীৰ্ণ হোৱা নাই, কিন্তু পূৰ্বৱৰ্তী ৰছুলৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাপ মতে ধৰ্ম প্ৰচাৰৰ আদেশ পাইছে সেইসকলক নবী বোলে।

প্ৰঃ নবুয়তৰ প্ৰধান চৰ্ত কি ?

উঃ আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) অৱতীৰ্ণ।

প্ৰঃ নবী আৰু ৰছুলসকলৰ সংখ্যা কিমান ?

উঃ নবী আৰু ৰছুলৰ সংখ্যা সম্বন্ধে মতেভদ আছে। মিছকাত শ্বৰিফৰ এক হাদিছ মতে নবী-ৰছুলৰ সংখ্যা ১ লাখ, ২৪ হাজাৰ।

প্ৰঃ কিমানজন নবী এতিয়াও জীৱিত আছে ?

উঃ হাদিছ মতে ৪ জন নবী এতিয়াও জীৱিত আছে, যথা: খিজিৰ (আঃ), ইদ্ৰিছ (আঃ), ইলিয়াছ (আঃ) আৰু ঈছা (আঃ)।

প্ৰঃ এতিয়াও জীৱিত থকা নবীসকল ক’ত আছে ?

উঃ ইদ্ৰিছ (আঃ) আৰু ঈছা আঃ) চতুৰ্থ আকাশত আৰু খিজিৰ (আঃ) আৰু ইলিয়াছ (আঃ) এই পৃথিৱীৰ ক’ৰবাত লোকচক্ষুৰ পৰা অদৃশ্য হৈ আছে।

প্ৰঃ কোন নবী আকৌ পৃথিৱীলৈ উভতি আহিব ?

উঃ এতিয়া কোনো নতুন নবী পৃথিৱীলৈ নাহে যদিও হজৰত ঈছা (আঃ) কিয়ামতৰ আগে আগে অত্যাচাৰী দাজ্জালক হত্যা কৰাৰ বাবে চতুৰ্থ আকাশৰ পৰা পুনৰ পৃথিৱীলৈ উম্মতী মহম্মদ হৈ অৱতীৰ্ণ হ’ব।

প্ৰঃ কোৰাণত কিমানজন নবী-ৰছুলৰ নাম  উল্লেখ আছে ?

উঃ কোৰাণত মুঠ ২৫ জন নবী-ৰছুলৰ নাম উল্লেখ আছে, যথা: আদম (আঃ), নূহ (আঃ), ইদ্রিস (আঃ), হুদ (আঃ), সালেহ (আঃ), ইব্রাহিম  (আঃ), লুৎ (আঃ), ইয়াকুব (আঃ), ইউছুফ (আঃ), শুৱায়েৰ (আঃ), মুছা (আঃ), হাৰুন (আঃ), ইউছা (আঃ), দাউদ (আঃ), সোলেইমান (আঃ), আইউব (আঃ), ইউনুছ (আঃ), জুলফিকৰ (আঃ), উজায়েৰ (আঃ), জাকাৰিয়া (আঃ), ইয়াহহিয়া (আঃ), ইলিয়াছ (আঃ),  আলইয়াস (আঃ), ইহছাক (আঃ), ইছমাইল (আঃ), ঈছা (আঃ) আৰু মুহাম্মদ ছাল্লালাহু আলাইহি ৱা ছালাম।

প্ৰঃ কোন কোন নবী-ৰছুলৰ কি কি পেছা আছিল ?

উঃ হজৰত আদম (আঃ): কৃষিকাৰ্য আৰু কােপাৰ বোঁৱা কাম।

হজৰত ইদ্ৰিছ (আঃ):  দৰ্জীৰ কাম।

হজৰত নূহ (আঃ):  কাঠ মিস্ত্ৰীৰ কাম।

হজৰত ছালেহ, হুদ আৰু লুত (আঃ): ব্যৱসায়।

শোৱায়েৰ আৰু মুছা (আঃ): ভেড়া-ছাগলী পালন।

ইব্রাহিম আৰু ইছমাইল (আঃ): কৃষিকাজ আৰু অট্টালিকা নিৰ্মাণ।

ইউছুফ (আঃ): কৃষিকাৰ্য।

হাৰুন (আঃ): তেজাৰতি (ব্যৱসায়) কাজ।

দাউদ (আঃ): বৰ্ম তৈয়াৰ কৰা আৰু কৰ্মকাৰৰ কাম।

ছুলেইমান (আঃ): বেগ আৰু পাখা তৈয়াৰ কৰা কাম।

ঈছা (আঃ): কাপোৰত ৰং দিয়া কাম।

হজৰত মহম্মদ (ছাঃ): ব্যৱসায়।

প্ৰঃ মুঠ আচমানী (স্বৰ্গীয়) কিতাপ আৰু ছহিফাৰ সংখ্যা কিমান ?

উঃ মুঠ আচমানী কিতাপৰ সংখ্যা ৪ টা আৰু ছহিফাৰ সংখ্যা ১০০ টা।

প্ৰঃ আচমানী কিতাপ কাক বোলে ?

উঃ বিশ্ব মানৱৰ হেদায়ত (শিক্ষা)ৰ উদ্দেশ্যে আল্লাহৰ পৰা নবী-ৰছুলসকলৰ ওচৰত হজৰত জিব্রাইল (আঃ)ৰ মাধ্যমত যি অহি বা  বাণী অৱতীৰ্ণ হৈছিল সেইবোৰক আচমানী কিতাপ (স্বৰ্গীয় গ্ৰন্থ) বোলে।

প্ৰঃ ছহিফা কাক বোলে ?

উঃ আচমানী কিতাপৰ ক্ষুদ্ৰ সংকলনক ছহিফা বোলে।

প্ৰঃ কোন কোন নবীৰ ওপৰত কিমান সংখ্যক ‘ছহিফা’ অৱতীৰ্ণ হৈছিল ?

উঃ হজৰত আদম (আঃ) ৰ ওচৰত ১০ টা।

হজৰত শীস (আঃ) ৰ ওপৰত ৫০ টা।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওপৰত ৩০ টা।

হজৰত ইব্রাহিম (আঃ) ৰ ১০ টা।

প্ৰঃ চাৰিটা আচমানী কিতাপ কি কি ভাষাত অৱতীৰ্ণ হৈছিল ?

উঃ হজৰত মুছা (আঃ) ৰ ওপৰত তাওৰাত, দাউদ (আঃ)ৰ ওপৰত জবুৰ, ঈছা (আঃ)ৰ ওপৰত ইনজিল: এই কিতাপকেইখন হিব্রু ভাষাত অৱতীৰ্ণ হৈছিল। আৰু সৰ্বশেষ ৰছুল হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত আৰবী ভাষাত ‘কোৰাণ’ অৱতীৰ্ণ হৈছিল।

প্ৰঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) পৰ্যন্ত নবীসকলৰ ব্যৱধান কিমান ?

উঃ হজৰত আদম (আঃ)ৰ পৰা হজৰত নূহ (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল ১২০০ বছৰ। হজৰত নূহ (আঃ)ৰ পৰা হজৰত ইব্রাহিম (আঃ) লৈকে  ২,১৪৩ বছৰ।  হজৰত ইব্রাহিম (আঃ)ৰ পৰা হজৰত ইউছুফ (আঃ)লৈকে সময়ৰ ব্যৱধান ৪৭৫ বছৰ। হজৰত ইউছুফ (আঃ)ৰ পৰা হজৰত মুছা (আঃ) লৈকে সময়ৰ ব্যৱধান আছিল  ৪০০ বছৰ। হজৰত মুছা (আঃ) ৰ পৰা  দাউদ (আঃ)লৈকে সময়কাল আছিল ৫৭৮ বছৰ। হজৰত দাউদ (আঃ) ৰ পৰা হজৰত ঈছা (আঃ) পৰ্যন্ত সময়কাল ১০৫ বছৰ। হজৰত ঈছা (আঃ) ৰ পৰা হজৰত মুহাম্মদ (ছাঃ) লৈকে ৫৭০ বছৰ।

প্ৰঃ ভণ্ড নবী কাক কয় ?

উঃ হজৰত মুহাম্মদ (ছাঃ) শেষ নবী (খাতিমুন নাবীয়িন) বুলি অকাট্য প্ৰমাণ থকা সত্বেও যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে  বা মানুহক বিভ্ৰান্ত কৰিবলৈ নিজকে নবী বুলি দাবী কৰে সেইসকলক ‘ভণ্ড নবী’ বোলে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ পিছত কিমানজন লোকে নিজকে নবী বুলি দাবী কৰিব ?

উঃ ৩০ জনে। ইতিমধ্যে ২৮ জন লোকে নিজকে নবী বুলি দাবী কৰিছে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালতে কোনে মিছাকৈয়ে নবী বুলি দাবী কৰিছিল ?

উঃ মোছায়লামা কাজজাব।

প্ৰঃ ভাৰতৰ কোনজন লোকে নিজকে নবী বুলি দাবী কৰিছে ?

উঃ পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ অন্তৰ্গত কাদিয়ান নামে ঠাইৰ  গোলাম আহম্মদ নামৰ এজন লোকে নিজকে নবী বুলি দাবী কৰিছে। তেওঁ এজন ভণ্ড নবী। ভণ্ড নবী মুছলমান নহয়। ইছলামৰ দৃষ্টিত তেওঁ কাফিৰ।

প্ৰঃ গোলাম আহমেদৰ অনুসাৰীসকল মুছলমান হয় নে ?

উঃ নহয়। ইয়াৰ প্ৰধান কাৰণ সিহঁতে হজৰত মুহাম্মদ (ছা:)ক শেষ নবী বুলি স্বীকাৰ নকৰি গোলাম আহমেদক নবী বুলি মানে আৰু ভৱিষ্যতেও আৰু নবী আহিব বুলি সিহঁতে বিশ্বাস কৰে। 0 0 0 

 

 

অধ্যায়- ৫

ফিৰিস্তা

 

প্ৰঃ আৰবী ভাষাত ফিৰিস্তাক কি বুলি কোৱা হয় ?

উঃ মালাক (বহুবচন ‘মালায়কা’)।

প্ৰঃ ‘ফিৰিস্তা’ শব্দটি কি ভাষাৰ শব্দ ?

উঃ ফাৰচী।

প্ৰঃ ফিৰিস্তাসকলক আল্লাহ তায়ালাই কিহৰ পৰা সৃষ্টি কৰিছে ?

উঃ আল্লাহৰ নূৰ বা জ্যোতিৰ পৰা।

প্ৰঃ ফিৰিস্তাসকলৰ প্ৰধান বৈশিষ্ট্য কি ?

উঃ ফিৰিস্তাসকল আল্লাহৰ সন্মানিত বান্দা। ইহঁতৰ কোনো লিঙ্গ নাই। সিহঁতে পাপ বা কোনো ভুল নকৰে।  ইহঁত  যিকোনো জৈৱিক প্ৰয়োজনৰ পৰা মুক্ত। ইহঁতৰ খোৱা, শুৱা, টোপনি যোৱা আদিৰ প্ৰয়োজন নাই। ইহঁত কিয়ামত পৰ্যন্ত জীৱিত থাকিব।

প্ৰঃ ফিৰিস্তাসকলে কি কি কামত নিযুক্ত ?

উঃ ফিৰিস্তাসকল আল্লাহৰ একান্ত বাধ্য কৰ্মী। ভিন ভিন ফিৰিস্তা ভিন ভিন কামত ন্যাস্ত আছে। সিহঁত এবাদতে নিমগ্ন থাকে, নবী-ৰছুল সকললৈ আল্লাহৰ পৰা অহি বহন কৰি আনে, বতৰ, জলবায়ু আদিৰ তদাৰক কৰে ইত্যাদি।

প্ৰঃ ফিৰিস্তাসকলৰ সংখ্যা কিমান ?

উঃ ফিৰিস্তাসকলৰ প্ৰকৃত সংখ্যা কিমান সেয়া একমাত্ৰ আল্লাহই জানে। অৱশ্যে হাদিছ মতে মানুহৰ সংখ্যাতকৈ ফিৰিস্তাসকলৰ সংখ্যা বহুত বহুত বেছি।

প্ৰঃ প্ৰধান ফিৰিস্তা কেইজন আৰু কি কি ?

উঃ প্ৰধান ফিৰিস্তা চাৰিজন, যথা: হজৰত জিব্রাইল (আঃ), হজৰত আজৰাইল (আঃ), হজৰত মিকৰাইল (আঃ) আৰু হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ কোন ফিৰিস্তা কি কি কামত নিযুক্ত আছে ?

উঃ হজৰত জিব্রাইল (আঃ) নবী-ৰছুলসকললৈ আল্লাহৰ অহি (প্ৰত্যাদেশ) কঢ়িয়াই  অনা কাৰ্যত নিযুক্ত আছে।

হজৰত আজ্ৰাইল (আঃ) মানুহ আৰু জীৱ-জন্তুৰ আত্মা হৰণ কৰা (মৃত্যু ঘটোৱা) কামত নিযুক্ত।

হজৰত মিকৰাইল আল্লাহৰ নিৰ্দেশ মতে বৰষুণ, বতৰ, জলবায়ু, শস্য, গছ-গছনি আদি দিশ চোৱা-চিতা কৰাৰ দায়িত্বত নিযুক্ত আছে।

প্ৰঃ হাৰত আৰু মাৰুত নামে দুই ফিৰিস্তাক আল্লাহই কিয় পৃথিৱীলৈ পঠাইছিল ?

উঃ যাদু বিদ্যাৰ অপকাৰিতা, অবৈধতা সম্পৰ্কে মানৱ জাতিক সতৰ্ক কৰাৰ উদ্দেশ্যে আল্লহই সিহঁতক মানৱৰূপে ইৰাকৰ বাবেল চহৰত প্ৰেৰণ কৰিছিল।

প্ৰঃ বেহেস্তৰ দাৰোৱান (দুৱাৰৰক্ষী) কোন ?

উঃ ‘ৰিজুৱান’ নামৰ ফিৰিস্তা।

প্ৰঃ দোজখৰ দাৰোৱান কোন ?

উঃ ‘মালিক’ নামৰ ফিৰিস্তা।

প্ৰঃ আজৰাইলৰ আন নাম কি ?

উঃ মালাকুল মউত।

প্ৰঃ জিব্রাইল  (আঃ) ক কোৰাণত কি কি নামত  উল্লেখ কৰা হৈছে ?

উঃ ৰূহুল কদ্দুুছ আৰু ৰূহুল আমিন।

প্ৰঃ জিব্রাইল  (আঃ) ৰ ঘোঁৰাৰ নাম কি ?

উঃ খাৰদাম।

প্ৰঃ জিব্রাইল  (আঃ) কোন নবীৰ ওচৰত কিমানবাৰ আহিছিল ?

উঃ হাদিছ মতে হজৰত আদম (আঃ) ৰ ওচৰত ১২ বাৰ।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওচৰত ৪ বাৰ।

হজৰত নূহ (আঃ) ৫০ বাৰ।

হজৰত ইব্রাহিম  (আঃ)ৰ ওচৰত ৪২ বাৰ।

হজৰত মুছা  (আঃ)ৰ ওচৰত ৪০০ বাৰ। 

হজৰত মহম্মদ (ছাঃ) ৰ ওচৰত ২৪, ০০০ বাৰ। 

প্ৰঃ ফিৰিস্তাসকলে কোন কোন ব্যক্তিক গা ধুৱাই দিছিল ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হানজালা (ৰাঃ) ক।

প্ৰঃ আল্লাহৰ নিৰ্দেশত আদম (আঃ)ক সন্মুখত ৰাখি ফিৰিস্তাসকলে কিমান বছৰ সিজদাত আছিল ?

উঃ ১০০ বছৰ।

প্ৰঃ ফিৰিস্তাসকলৰ উপাসনা গৃহ কোনটো ?

উঃ বায়তুল মা’মুৰ।

প্ৰঃ ফিৰিস্তাসকলৰ কেবলা কি ?

উঃ আল্লাহৰ আৰশ।

প্ৰঃ কোনে প্ৰথমতে ক’ত আজান দিছিল ?

উঃ জিব্রাইল  (আঃ), আকাশত।

প্ৰঃ কাবা শ্বৰিফ পোন  প্ৰথমতে কোনে তাওয়াফ (প্ৰদক্ষিণ) কৰিছিল ?

উঃ ফিৰিস্তাসকলে।

প্ৰঃ মুমিন (আল্লাহ বিশ্বাসীসকল)ৰ ৰূহ কবছ কৰা ফিৰিস্তাৰ নাম কি ?

উঃ নাছেতাত।

প্ৰঃ কাফিৰসকলৰ ৰূহ কবচ কৰে কোন ফিৰিস্তা ?

উঃ নাজেয়াত। 0 0 0 

 

 

অধ্যায়- ৬

জ্বিন আৰু চয়তান

 

প্ৰঃ ‘জ্বিন’ শব্দৰ অৰ্থ কি ?

উঃ আড়াল (পৰ্দাৰ ভিতৰত)।

প্ৰঃ জ্বিন কিহ’ৰ পৰা সৃষ্টি হৈছে ?

উঃ জুইৰ পৰা।

প্ৰঃ জ্বিনসকলৰ অস্তিত্বত অস্বীকাৰ কৰাসকলক কি বোলে  ?

উঃ হাদিছ মতে কাফেৰ।

প্ৰঃ জ্বিন জাতিৰ আদি পিতা কোন ?

উঃ সুমা। তেওঁক ‘আবুল জ্বিন’ বুলিও কোৱা হয়।

প্ৰঃ জ্বিন জাতিৰ মাজত কিমানজন নবী আহিছিল ?

উঃ ৪জন। যথা: সুমা, হিলিয়ানিছ, বিলকিয়া আৰু হামুছ।

প্ৰঃ জ্বিনসকলৰ বংশ বৃদ্ধি কেনেদৰে হয় ?

উঃ মানুহৰ দৰে জৈৱিক প্ৰক্ৰিয়াত।

প্ৰঃ জ্বিনসকলে কোনো আচমানী খবৰ (বাণী) পাব পাৰে নে ?

উঃ নহয়। শেষ নবী হজৰত মুহাম্মদ (ছাঃ)ৰ পিছত সিহঁতেও কোনো দৈৱ খবৰ (বাণী) পাব নোৱাৰে।

প্ৰঃ কোন জ্বিনক অভিশপ্ত বুলি কোৱা হয় ?

উঃ আজাজিল।

প্ৰঃ আজাজিলৰ পিতা-মাতাৰ নামকি ?

উঃ পিতাৰ নাম খবিছ আৰু মাকৰ নাম নালাবিছ।

প্ৰঃ আজাজিল অভিশপ্ত হোৱাৰ আগলৈ কি নামে অভিহিত কৰা হৈছিল ?

উঃ মোৱাল্লেমুল মালায়িকা (ফিৰিস্তাসকলৰ নেতা)।

প্ৰঃ ফিৰিস্তাসকলৰ নেতা হোৱা সত্বেও আজাজিল কিয় অভিশপ্ত হ’ল ?

উঃ আদম (আঃ)ক সিজদা কৰিব লাগে বুলি আল্লাহৰ আদেশ অমান্য কৰি।

প্ৰঃ চয়তানে একমাত্ৰ এজন মানুহৰ বাহিৰে সকলো মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে । সেইজন কোনে ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ চয়তানে কোন কোন দিন আটাইতকৈ বেছি কান্দিছিল ?

উঃ চয়তান তিনিদিন আটাইতকৈ অধিক কান্দিছিল।যথা: (ক) যিদিনা ফিৰিস্তাসকলক আকাশৰ পৰা পৃথক কৰিছিল। (খ) যিদিনা হজৰত মুহাম্মদ (ছাঃ) ৰ জন্ম হৈছিল। আৰু যিদিনা সুৰা ফাতিহা অৱতীৰ্ণ হৈছিল।

প্ৰঃ চয়তান কিমান ঠাইত আছে ?

উঃ দুই ঠাইত আছে, যথা: মানুহ থকা ঠাইত আৰু জ্বিন থকা ঠাইত। 0 0 0 

 

 

অধ্যায়- ৭

ক্বিয়ামত

প্ৰঃ ‘ক্বিয়ামত’ মানে কি ?

উঃ মহাপ্ৰলয় (সকলো ধবংস)।

প্ৰঃ ক্বিয়ামত কেতিয়া হ’ব ?

উঃ ক্বিয়ামত কেতিয়া হ’ব ইয়াৰ সঠিক উত্তৰ আল্লাহই ভালদৰে জানে। কিন্তু হাদিছ মতে যি সময়ত ‘আল্লাহ’ নাম কোৱা এজন মানুহ এই বিশ্বত নাথাকিব তেতিয়া পৰম শক্তিশালী আল্লাহই ক্বিয়ামত সংঘটিত কৰিব। সেই দিনটো হ’ব আৰৱী মহৰম মাহৰ ১০ তাৰিখ, শুক্ৰবাৰ দুপৰীয়া।

প্ৰঃ কিদৰে ক্বিয়ামত হ’ব ?

উঃ আল্লাহৰ আদেশত যিদিনা ইস্ৰাফিল (আঃ) য়ে শিঙ্গাত ফুঁ দিব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব ।

প্ৰঃ ইস্ৰাফিলৰ শিঙ্গা (বাঁশী)ৰ পৰিধি কিমান ?

উঃ সমগ্ৰ আকাশ আৰু পৃথিৱীৰ বৃত্তৰ সমান।

প্ৰঃ মহাপ্ৰলয়ৰ পিছত আল্লাহই সৰ্বপ্ৰথম কাক কাক পুনৰ জীৱিত কৰিব ?

উঃ যথাক্ৰমে হজৰত জিব্রাইল (আঃ), হজৰত মুহাম্মদ (ছাঃ) আৰু হজৰত ইস্ৰাফিল (আঃ)ক।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ) পুনৰ্জীৱিত হৈ কি কৰিব ?

উঃ আল্লাহৰ আদেশত দ্বিতীয়বাৰ শিঙ্গাত ফুঁ দিব। সেই শব্দত সমগ্ৰ প্ৰাণী জগত পুনৰ্জীৱিত হ’ব।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ)ৰ প্ৰথম ফুঁক  আৰু দ্বিতীয় ফুঁকৰ মাজত সময়ৰ ব্যৱধান কিমান ?

উঃ ৪০  বছৰ।

প্ৰঃ হাশৰৰ ময়দান (পথাৰ) ক’ত আৰু কি ধৰণৰ হ’ব ?

উঃ হাশৰৰ ময়দান বৰ্তমান আৰব দেশত থকা আৰাফত নামে ঠাইত হ’ব। উক্ত স্থানখন বগা, নিৰ্মল আৰু গোলাকৃতিৰ হ’ব।

প্ৰঃ হাশৰৰ ময়দানত মানুহ কিমান সময় অৱস্থান কৰিব ?

উঃ ৪০ বছৰ।

প্ৰঃ হাশৰৰ একদিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত কিমান হ’ব ?

উঃ হাশৰৰৰ এক দিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত ৫০ হাজাৰ বছৰৰ সমান হ’ব।

প্ৰঃ ক্বিয়ামতৰ দিন কিমান শ্ৰেণীৰ লোকে অধিকতৰ শাস্তি পাব ?

উঃ পাঁচ শ্ৰেণীৰ লোক, যথা: (ক) যি ব্যক্তি কোনো নবীক হত্যা কৰিছিল, (খ) যি ব্যক্তিক কোনো নবীয়ে হত্যা কৰিছিল, (গ) যি ব্যক্তিয়ে পিতা বা মাতাক হত্যা কৰিছিল, (ঘ) ছবি অংকনকাৰী বা প্ৰতিমা নিৰ্মাণকাৰী, আৰু (ঙ) যি ব্যক্তিৰ শিক্ষাৰ দ্বাৰা নিজৰ বা আনৰ উপকাৰ হোৱা নাছিল।

প্ৰঃ মিজান কি ?

উঃ তুলাদণ্ড। আল্লাহই হাশৰৰ মাঠত মানুহৰ পাপ-পুণ্যৰ বিচাৰৰ বাবে পূৰ্ব-পশ্চিম দিশৰ দৰে দীৰ্ঘ মিজান স্থাপন কৰিব। 

প্ৰঃ আমলনামা কিভাৱে দিয়া হ’ব ?

উঃ আমলনামাবোৰ উৰুৱাই দিয়া হ’ব। মু’মিন ব্যক্তিৰ আমালনামা সন্মুখৰ পৰা সোঁহাতত পাব আৰু পাপীসকলে পিছপিনৰ পৰা বাওঁ হাতত পাব। 0 0 0 

 

 

অধ্যায়- ৮

বিহিস্ত আৰু দোজখ

 

প্ৰঃ বিহিস্ত কি ?

উঃ পূণ্যবান মানৱ আৰু জ্বিন সলকৰ  বাবে  আল্লাহই সৃষ্টি কৰা অনন্ত সুখ আৰু  আনন্দৰ ঠাই।

প্ৰঃ কোৰানত বিহিস্ত (জান্নাত) ৰ বিষয়ে কিমানবাৰ উল্লেখ আছে ?

উঃ ১৫০ বাৰ।

প্ৰঃ জান্নাতে নহৰ (পানীৰ নদী বা ঝৰ্ণা) কেইটা আৰু কি কি ?

উঃ ৪টা, যথাঃ গাখীৰৰ নহৰ, মধুৰ নহৰ, নিশাহীন মদৰ নহৰ আৰু পানীৰ নহৰ।

প্ৰঃ জান্নাতৰ গছবিলাক কেনেকুৱা হ’ব ?

উঃ জান্নাত (বিহিস্ত)ৰ গছবিলাকৰ মূল (শিপা) ওপৰৰ পিনে থাকিব আৰু  শাখা-প্রশাখাবোৰ তলৰ পিনে থাকিব। ইয়াৰ পাত সৰি নপৰিব আৰু ফল কেতিয়াও শেষ নহ’ব। ফলবোৰ বিহিস্তবাসীসকলৰ হাতেৰে ঢুকি পাব পৰা অৱস্থাত থাকিব।

প্ৰঃ বিহিস্ত (জান্নাত) কেইটা আৰু কি কি ?

উঃ ৮টা, যথা: (ক) জান্নাতুল খুলদ, (খ)  জান্নাতুল দাৰুছ ছালাম, (গ) জান্নাতুল দাৰুল কাৰাৰ, (ঘ) জান্নাতুল আদন, (ã) জান্নাতুল মাওয়া, (চ) জান্নাতুল নাঈম, (ছ) জান্নাতুল ফিদা আৰু (জ) জান্নাতুল ফিৰদাউছ। 

প্ৰঃ সৰ্বপ্ৰথম কোনে বিহিস্ত পাব ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ নবীসকলৰ উম্মতৰ মাজত কোনজন সৰ্ব প্ৰথমে বিহিস্তত প্ৰৱেশ কৰিব ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ আল্লাহই বিহিস্তবাসীকসলক প্ৰথমে কি খাদ্যৰে আপ্যায়ন কৰিব ?

উঃ মাছৰ ভজা কলিজাৰে।

প্ৰঃ বিহিস্তবাসীসকলে কেইধৰণৰ পোছাক পিন্ধিব ?

উঃ ৭০ ধৰণৰ ৰেশমী  পোছাক।

প্ৰঃ জান্নাতত কোন বাৰ (দিন)ত বজাৰ হ’ব ?

উঃ শুক্ৰবাৰ।

প্ৰঃ বিহিস্তত কেইটি তখত   (পালেং) থাকিব ?

উঃ প্ৰতিজন পুৰুষৰ বাবে  ৭০ টি তখত (পালেং) থাকিব। প্ৰতিটি পালেঙত  কোমল শয্যা থাকিব আৰু প্ৰতিটো শৰ্য্যাত একোজনীকৈ অকল্পনীয়  ৰূপবান ষোড়শী গাভৰু থাকিব।

প্ৰঃ বিহিস্তবাসীকসলৰ শাৰীৰিক বৈশিষ্ট্য  কেনেকুৱা হ’ব ?

উঃ বিহিস্তবাসীসকল আদম (আঃ) ৰ দৰে ১২০ হাত দীঘল, ১৪ হাত প্ৰস্থ হ’ব; হজৰত ইউছুফ (আঃ)ৰ দৰে সুশ্ৰী হ’ব;  হজৰত ঈছা (আঃ)ৰ দৰে বয়স (৩৩ বছৰ ) হ’ব; হজৰত দাউদ (আঃ)ৰ দৰে অতি সুমধুৰ কণ্ঠস্বৰ হ’ব; হজৰত মুহাম্মদ (ছাঃ)ৰ দৰে ভাষা আৰবী হ’ব।

প্ৰঃ জান্নাতীসকল কিহত আটাইতকৈ বেছি তৃপ্তি পাব ?

উঃ আল্লাহক দৰ্শন কৰি।

প্ৰঃ কোন কোন বস্তু বা প্ৰাণী (মানুহৰ উপৰিও) বিহিস্ত পাব ?

উঃ হাদিছ মতে, হুজুৰ (ছাঃ)ৰ উষ্ট্ৰী, সখৰা পাথৰ (যি বায়তুল মুকাদ্দাছত জুলন্ত অৱস্থাত আছে), ইব্রাহিম (আঃ)ৰ গৰু পোৱালি, ইছমাইল (আঃ)ৰ দুম্বা, ইউনুছ (আঃ)ৰ  মাছ, ওৱাজেৰ (আঃ) আৰু ঈছা (আঃ)ৰ গাধ, চুলেইমান (আঃ)ৰ পিঁপৰা, বিলকিছ ৰাণীৰ হুদহুদ চৰাই, ইয়াকুব (ছাঃ)ৰ বাঘ, মুছা (আঃ)ৰ গাভী, হজৰত আলি (ৰাঃ)ৰ ঘোঁৰা, আবু হোৰাইৰা (ৰাঃ)ৰ মেকুৰী, বায়তুল্লা শ্বৰিফ (কাবা গৃহ), তুৰ পাহাৰ, হুজুৰ (ছাঃ) ৰ ৰওজা মোবাৰক, মছজিদে নববীৰ মধ্যৱৰ্তী স্থান।

প্ৰঃ সৰ্বশেষত যি ব্যক্তিয়ে বিহিস্ত পাব তেওঁ বিহিস্তত কিমান পৰিমাণৰ ঠাই পাব ?

উঃ ৫০ হাজৰ বছৰ দোজখত শাস্তি ভোগ কৰাৰ পিছত এজন ব্যক্তি সৰ্বশেষত বিহিস্ত পাব আৰু তেওঁ বিহিস্তত এই পৃথিৱীতকৈ  ১০ গুণ ডাঙৰ ঠাই পাব।

প্ৰঃ দোজখ কাক বোলে ?

উঃ আল্লাহৰ অবাধ্য (আল্লাহক অবিশ্বাস কৰা) অভিশপ্ত মানৱ আৰু জ্বিনসকলক অনন্ত সীমাহীন শাস্তি ভোগ  কৰাৰ ঠাইক দোজখ বোলে।

প্ৰঃ দোজখৰ ৰক্ষী কেইজন ?

উঃ প্ৰধান ১৯ জন।

প্ৰঃ জাহান্নাম (দোজখ)ৰ সকলোতকৈ কম শাস্তি কি ?

উঃ মাত্ৰ একযোৰ জুইৰ জোতা পৰিধান কৰোৱা হ’ব যাৰ প্ৰভাৱত মূৰৰ মগজু টগবগ কৰি থাকিব।

প্ৰঃ দোজখ (জাহান্নাম)ৰ জুই কেনেকুৱা ?

উঃ আল্লাই জাহান্নাম (দোজখ) জুইৰ দ্বাৰা সৃষ্টি কৰিছে। আল্লাহ-তায়ালাই জাহান্নামৰ জুই সৃষ্টি কৰি ইয়াক এক হাজাৰ বছৰ উত্তপ্ত কৰে। ফলত জুইৰ ৰং ৰঙা হয়। তাৰ পিছত আকৌ এক হাজাৰ বছৰ ইয়াক উত্তপ্ত কৰে। ফলত ইয়াৰ ৰঙ বগা হয়। তাৰ পিছত আকৌ এক হাজাৰ বছৰ উত্তপ্ত কৰে। ফলত ইয়াৰ ৰঙ সম্পূৰ্ণ ক’লা হৈ যায়। সেয়ে জাহান্নামৰ জুই অতিকৈ ভয়ানক আৰু অন্ধকাৰময়।

প্ৰঃ দোজখৰ খৰি কি ?

উঃ মানুহ আৰু পাথৰ।

প্ৰঃ জাহান্নামিসকলৰ শাৰীৰিক আকৃতি কেনেকুৱা হ’ব ?

উঃ পাপিষ্ঠ আৰু অভিশপ্ত লোকসকল গাহৰিৰ আকৃতি ধাৰণ কৰি দোজখত প্ৰৱেশ  কৰিব। সিহঁতৰ আকৃতি আৰব দেশৰ ওহুদ পাহাৰৰ সমান বিশাল হ’ব আৰু দেহৰ ছাল ৪২ হাত ডাঠ হ’ব।

প্ৰঃ মানুহ কিয় গাহৰিৰ আকৃতিত দোজখত নিক্ষেপিত হ’ব ?

উঃ আল্লাহপাক আৰবী অক্ষৰত ‘মুহাম্মদ’ আকৃতিতে মানুহক সৃষ্টি কৰিছে। ‘মুহাম্মদ’ নামৰ অৱমাননা হ’ব বুলিয়েই আল্লাহই কোনো লোককে মানুহৰ আকৃতিত দোজখত নিদি গাহৰিৰ আকৃতিত দিব।

প্ৰঃ জাহান্নাম কেইটা আৰু কোন জাহান্নাম কাৰ বাবে ?

উঃ জাহান্নাম সাতটি, যেনে:

(ক) হাবিয়া: কাফিৰ, মোনাফিক, ফেৰাউন, নমৰুদ আৰু ছাদ্দাদৰ বংশধৰসকল যাব।

(খ) ছায়ীৰ: সকলো মুছৰিকসকল এই দোজখত নিক্ষেপিত হ’ব।

(গ) ছাকাৰ: এই দোজখত মূৰ্তিপূজক আৰু খ্ৰীষ্টানসকল প্ৰৱেশ কৰিব।

(ঘ) জাহীম: চয়তান, তাৰ অনুগামীসকল আৰু অগ্নিপূজকসকল এই দোজখত প্ৰৱেশ  কৰিব।

(ã) হুতামা: এই দোজখ ইহুদীসকলৰ বাবে ।

(চ) লাজা: আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা ব্যক্তিসকল এই দোজখৰ বাবে  নিৰ্দ্দিষ্ট।

(ছ) ওজাইল বা জাহান্নাম: এই দোজখত সকলো পাপী মুছলমানসকলে (হজৰত মুহাম্মদ ছাল্লালাহু ৱালাইহি ৱা ছাল্লামৰ  অনুগামীসকল) প্ৰৱশ কৰিব। 

প্ৰঃ ইল্লিন ক’ত অৱস্থিত ?

উঃ সপ্তম আকাশত থকা আৰশৰ তলত অৱস্থিত।

প্ৰঃ ছিজ্জিন ক’ত অৱস্থিত ?

উঃ সপ্তম জমিনৰ তলত অৱস্থিত।

প্ৰঃ দোজখে বছৰত কেইবাৰ নিশ্বাস পৰিত্যাগ কৰে ?

উঃ বছৰত দুইবাৰ। ইয়াৰ এটা অগ্নিৰ আৰু আনটো বৰফৰ। ইয়াৰ ফলত পৃথিৱীত গ্ৰীষ্ম কাল আৰু শীত কাল হয়।

প্ৰঃ সৰ্বশেষ দোজখ আৰু বিহিস্তৰ মীমাংসা হোৱাৰ পিছত  আল্লাহই কি কৰিব ?

উঃ জাহান্নাম আৰু দোজখৰ মাজত দুম্বা বা ভেড়া এটিক জবেহ কৰি আল্লাহই  ঘোষণা কৰিব, ‘আজিৰ পৰা কাৰো মৃত্যু নহ’ব।’

প্ৰঃ উক্ত দুম্বা বা ভেড়া ৰূপী মৃত্যুক কোনে জবেহ কৰিব ?

উঃ হজৰত ইয়াহহিয়া (আঃ)।0 0 0 

 

 

অধ্যায়- ৯

হজৰত আদম (আঃ)

 

প্ৰঃ মানৱ জাতিৰ আদি পুৰুষ কোন ?

উঃ হজৰত আদম (আঃ)।

প্ৰঃ আল্লাহই  কি উদ্দেশ্যত আদম সৃষ্টি কৰিছে ?

উঃ খেলাফত (প্ৰতিনিধি) আৰু আল্লাহৰ দাসত্বৰ বাবে ।

প্ৰঃ আদমক কিহেৰে সৃষ্টি কৰা হৈছিল ?

উঃ মাটিৰে।

প্ৰঃ আদম সৃষ্টিৰ বাবে ক’ৰ পৰা কোনে মাটি লৈ গৈছিল ?

উঃ আদম সৃষ্টিৰ বাবে  আল্লাহৰ আদেশত হজৰত আজৰাইলে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি লৈ গৈছিল।

প্ৰঃ আদম (আঃ)ক কোনে গঢ়ি  দিছিল ?

উঃ হাদিছ   মতে আদমৰ দেহ আৰু অংগ-প্ৰত্যংগসমূহ ফিৰিস্তাসকলে আৰু মুখমণ্ডল আল্লাহ নিজ হাতে গঢ়ি  দিছে।

প্ৰঃ মানুহক মূখমণ্ডলত মাৰিবলৈ কিয় হাক দিছে ?

উঃ হজৰত মুহাম্মদ (ছাঃ) য়ে কৈছে যে মানুহৰ মুখমণ্ডলত মাৰিব নালাগে কাৰণ মানুহৰ মুখমণ্ডল আল্লাহই নিজ হাতে তৈয়াৰ কৰিছে।

প্ৰঃ হজৰত আদমক ক’ত সৃষ্টি কৰা হৈছিল ?

উঃ তায়েফৰ পথাৰত।

প্ৰঃ আদমৰ অৱয়ব তৈয়াৰ কৰাৰ কিমান বছৰ পিছত তাৰ শৰীৰত আত্মা দিয়া হয় ?

উঃ ১২০ বছৰ পিছত।

প্ৰঃ হজৰত আদম (আঃ)ৰ প্ৰথম বাক্য (কথা) কি আছিল ?

উঃ আলহামদুলিল্লাহ ( সকলো  প্রশংসা আল্লাহৰ বাবে )।

প্ৰঃ হজৰত আদম (আাঃ)ৰ জন্ম কোন সময় হৈছিল ?

উঃ শুক্ৰবাৰ আছৰৰ সময়ৰ পিছত। 

প্ৰঃ আদম (আঃ) কিমান বছৰ বিহিস্তত বাস কৰিছিল ?

উঃ ১০০ বছৰ।

প্ৰঃ আল্লাহই  আদমক সিজদা কৰিবলৈ ফিৰিস্তাসকলক নিৰ্দেশ দিয়াত কোন ফিৰিস্তাই প্ৰথমতে সিজদা কৰিছিল ? 

উঃ হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ আজাজিল (চয়তান)ৰ গলত লানত (অভিশাপৰ) ৰ তবক দেখি ফিৰিস্তাসকলে কি কৰিছিল ?

উঃ আজাজিলৰ ডিঙিত লানতৰ তবক  আৰু বিকট চেহেৰা দেখি ফিৰিস্তাসকল আল্লাহৰ ৰহমত (দয়া)ৰ মাজত আছে বুলি কৃতজ্ঞতাস্বৰূপ পুনৰাই আৰু একটি সিজদা দিয়ে। সেয়ে নামাজৰ প্ৰত্যেক ৰাকাতত দুটিকৈ সিজদা কৰিব লাগে।

প্ৰঃ আদমৰ সৃষ্টিৰ কিমান বছৰ পিছত  আল্লাহই হজৰত হাওৱা (আঃ) ক সৃষ্টি কৰিছিল ?

উঃ ৪০ বছৰ পিছত।

প্ৰঃ ‘আদম’ শব্দৰ অৰ্থ কি ?

উঃ মানৱ জাতিৰ পিতা।

প্ৰঃ ‘হাওৱা’ শব্দৰ অৰ্থ কি ?

উঃ অংশ।

প্ৰঃ হাওৱাৰ শৰীৰৰ ৰং কেনেকুৱা আছিল ?

উঃ শ্যামল বৰণৰ।

প্ৰঃ গন্ধম ফল খোৱাৰ ফলত আদম আৰু হাওৱা (আঃ)ৰ কি শাস্তি হয় ?

উঃ গন্ধম ফল খোৱাৰ পিছত আদম (আঃ) আৰু হাওৱা (আঃ)ৰ পৰিধানত থকা বিহিস্তি পোছাক খহি পৰে আৰু শাস্তিস্বৰূপ সিহঁতক বিহিস্তৰ পৰা পৃথিৱীলৈ নমাই দিয়ে।

প্ৰঃ গন্ধম ফল খোৱাৰ পিছত যেতিয়া আদম আৰু হাওৱা (আঃ)ৰ পৰিধানত থকা বস্ত্ৰ  খহি পৰে তেতিয়া সিহঁতে লজ্জা নিবাৰণৰ বাবে কি কৰিছিল ?

উঃ আদম (আঃ) তিনটি পেয়াৰা (আঞ্জৰ) গছৰ পাত আৰু হাওৱাই একে গছৰ পাঁচটা পাত পৰিধান কৰিছিল। সেই কাৰণে মানুহ মৰিলে পুৰুষৰ বাবে  তিনিটা আৰু মহিলাৰ বাবে  পাঁচোটা কােপাৰ দি দাফন কৰা হয় বুলি কোৱা  হয় ।

প্ৰঃ আদম (আঃ)  আৰু হাওৱাক পৃথিৱীৰ ক’ত নিক্ষেপ কৰা হৈছিল ?

উঃ আদম (আঃ)ক সিংহলত আৰু হাওৱাক জেদ্দাত পেলাই দিয়া হৈছিল।

প্ৰঃ বিহিস্তত থাকোঁতে আদম আৰু হাওৱাক কোনে গন্ধম খোৱাৰ বাবে প্ৰৰোচিত কৰিছল ?

উঃ চয়তানে। এই কাৰ্যত আৰু দুটি প্ৰাণীয়ে সহায় কৰিছিল। সেই প্ৰাণী দুটিৰ এটি সাপ আৰু আনটো ময়ুৰ।

প্ৰঃ আল্লাহই চয়তান, সাপ, আৰু ময়ুৰক ক’ত নিক্ষিপ্ত কৰিছিল ?

উঃ চয়তানক বসৰা নগৰত, ময়ুৰক কাবুলত আৰু সাপক স্পেইনত নিক্ষেপ কৰিছিল।

প্ৰঃ বিহিস্তৰ পৰা পৃথিৱীলৈ নিক্ষেপিত হোৱাৰ কিমান বছৰ পিছত আদম আৰু হাওৱা (আঃ) পুনৰ মিলিত হৈছিল ?

উঃ ৩০০ বছৰ পিছত আৰাফতৰ ময়দানত। 

প্ৰঃ পৃথিৱীত আদম আৰু হাওৱাই কি খাদ্য গ্ৰহণ কৰিছিল ?

উঃ গমৰ ৰুটি।

প্ৰঃ হজৰত আদম (আঃ)ৰ উপাধি কি আছিল ?

উঃ ছফিউল্লাহ আৰু আবুল বাশাৰ।

প্ৰঃ হজৰত হাওৱা কিমানবাৰ গৰ্ভ ধাৰণ কৰিছিল ?

উঃ ১২০ বাৰ। প্ৰতিবাৰতে এজনী কন্যা আৰু এজন পুত্ৰ সন্তান জন্ম গ্ৰহণ কৰিছিল। একমাত্ৰ শীস (আঃ) এককভাৱে জন্ম গ্ৰহণ কৰিছিল।

প্ৰঃ আদম আৰু হাওৱাৰ সন্তানসকলৰ মাজত প্ৰথম দুজন আৰু শেষ দুজনৰ নাম কি আছিল ?

উঃ প্ৰথম দুজনৰ নাম হ’ল হাবিল (পুত্ৰ) আৰু আকলিমা (কন্যা)। আৰু শেষ দুজনৰ নাম আছিল আব্দুল মুগিছ (পুত্ৰ)  আৰু উম্মুল মুগিছ (কন্যা)।

প্ৰঃ কাবিলে তেওঁৰ ককায়েক হাবিলক ক’ত হত্যা কৰিছিল ?

উঃ দামাষ্কৰ উত্তৰ দিশত থকা মাগাৰাত আদদাম নামে পৰ্বতৰ গুহাত।

প্ৰঃ হাবিলক হত্যা কৰি কাবিলে কিমান বছৰ ককায়েকৰ মৃতদেহ কান্ধত কঢ়িয়াই ফুৰিছিল ?

উঃ এক বছৰ।

প্ৰঃ পৃথিৱীত  সৰ্বপ্ৰথম কাৰ জানাজা অনুষ্ঠিত হয় ?

উঃ হাবিলৰ। হাবিলৰ মৃত্যু সংবাদ শুনি হজৰত আদম (আঃ) য়ে জিব্রাইলৰ নিৰ্দেশ অনুসাৰে হাবিলৰ মৃতদেহ কবৰৰ পৰা তুলি গা ধোৱাই কাফন পৰিধান কৰাই দাফন কৰে।

প্ৰঃ আদম (আঃ) জীৱন কালত কিমানজন বংশধৰ দেখি গৈছিল ?

উঃ ৪০,০০০।

প্ৰঃ আদম (আঃ) কিমান বছৰ পৃথিৱীত জীৱিত আছিল ?

উঃ ৯৬০ বছৰ।

প্ৰঃ আদম (আঃ)ৰ কবৰ ক’ত দিয়া হৈছিল ?

উঃ মক্কাৰ আবি কাবিছ পাহাৰৰ পদদেশৰ  ৰত্ন গুহাত।

প্ৰঃ নিজ ভাতৃক হত্যা কৰাৰ অপৰাধত কাবিলৰ কি শাস্তি হৈছিল ?

উঃ ভাতৃ হত্যাৰ শাস্তি স্বৰূপ আদম (আঃ)য়ে বিচাৰ কৰি কাবিলক  প্ৰাণদণ্ড দিছিল।

প্ৰঃ হাবিলৰ মৃত্যুৰ পিছত কাৰ জন্ম হয় ?

উঃ হজৰত শীস (আঃ)ৰ।

প্ৰঃ ‘শীস’ শব্দৰ অৰ্থ কি ?

উঃ আল্লাহৰ উপহাৰ।

প্ৰঃ হজৰত আদম (আঃ)ৰ পিছত কোনজন নবী হয় ?

উঃ হজৰত শীস আলাইহে ৱা ছালাম। 0 0 0 

 

অধ্যায়- ১০

হজৰত ইদ্ৰিছ (আঃ)

 

প্ৰঃ হজৰত আদম (আঃ) আৰু হজৰত শীস নবীৰ পিছত তৃতীয় নবী কোন হৈছিল ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোৰাণত হজৰত ইদ্ৰিছ (আঃ)ৰ নাম কেইবাৰ উল্লেখ কৰা আছে ?

উঃ দুই বাৰ।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ)ৰ পিতাৰ নাম কি ?

উঃ ইয়াৰাদ।

প্ৰঃ হজৰত ইদ্ৰিছ আলাইহে ৱা ছাল্লাম ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ইৰাকৰ বাবেল  অঞ্চলত।

প্ৰঃ কোন নবী জীৱন্ত অৱস্থাত জান্নাতত গৈছে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ) কিমান ভাষা জানিছিল ?

উঃ ৭২ টা।

প্ৰঃ সৰ্বপ্ৰথম কলমৰ ব্যৱহাৰ কোনে কৰিছিল ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ ‘জ্ঞান আত্মাৰ খোৰাক’: কথাষাৰ কোনে কৈছিল ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোনে সৰ্বপ্ৰথম বৰ্ণমালা সৃষ্টি কৰে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ ) য়ে কিমানখন চহৰ প্রতিষ্ঠা  কৰিছিল ?

উঃ ২০০ খন।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ) কিমান বছৰ পৃথিৱীত আছিল ?

উঃ ৩৬৫ বছৰ।

প্ৰঃ কোন নবীৰ ওপৰত সৰ্বপ্ৰথম ঔষধ সম্পৰ্কে অহি (স্বৰ্গীয় প্ৰত্যাদেশ) নাজিল হয় ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ পৃথিৱীত জ্যোতির্বিদ্যাৰ  প্ৰৱৰ্তক কোন ?

উঃ হজৰত ইদ্ৰিছ (আঃ)। 0 0 0 

 

 

অধ্যায়- ১১

হজৰত নূহ (আঃ)

 

প্ৰঃ নূহ শব্দৰ অৰ্থ কি ?

উঃ ক্ৰন্দনকাৰী।

প্ৰঃ হজৰত নূহ (আঃ)ৰ আন নাম কি ?

উঃ সাকিন বা সাকিম।

প্ৰঃ হজৰত নূহ (আঃ) ৰ পিতাৰ নাম কি ?

উঃ লমক।

প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে নূহ (আঃ)ৰ জন্ম হৈছিল ?

উঃ আনুমানিক ৪,৬০০  খ্ৰীষ্টপূৰ্বত।

প্ৰঃ হজৰত নূহ (আঃ) কিমান বছৰ বয়সত নবুৱত লাভ কৰিছিল ?

উঃ ১৬৬ বছৰ বয়সত।

প্ৰঃ নূহ (আঃ) য়ে কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল ?

উঃ ৯৫০ বছৰ।

প্ৰঃ নূহ (আঃ) মহাপ্লাৱনৰ পিছত কিমান বছৰ জীয়াই আছিল ?

উঃ ৩৫০ বছৰ।

প্ৰঃ নবীসকলৰ মাজত সকলোতকৈ বেছি বছৰ জীয়াই আছিল কোন নবী ?

উঃ নূহ (আঃ)।

প্ৰঃ হজৰত নূহ (আঃ) কি গছৰ কাঠ দি নৌকা তৈয়াৰ কৰিছিল ?

উঃ সেজ গছৰ।

প্ৰঃ গছটি কিমান বছৰত কিমান ডাঙৰ হৈছিল ?

উঃ ৪০ বছৰত ৬০০ গজ ওখ আৰু ৪০০ গজ প্ৰস্থ হৈছিল।

প্ৰঃ হজৰত নূহ (আঃ) য়ে নৌকা তৈয়াৰ কৰোঁতে কিমান  বছৰ সময় লৈছিল ?

উঃ ২ বছৰ।

প্ৰঃ নূহ (আঃ)ৰ নৌকাৰ আয়তন কিমান আছিল ?

উঃ ৩০০ হাত ৰ্দ্ঘ্যৈ, ৫০ হাত প্ৰস্থ, ২০ হাত ওখ আৰু তিন মহলা বিশিষ্ট আছিল।

প্ৰঃ মহাপ্লাৱনৰ  কেতিয়া আৰম্ভণি  আৰু কেতিয়া শেষ হৈছিল ?

উঃ আৰবী ৰজব মাহৰ ১০ তাৰিখত আৰম্ভ হৈছিল আৰু মহৰম মাহৰ ১০ তাৰিখে শেষ হৈছিল।

প্ৰঃ হজৰত নূহ (আঃ)ৰ নৌকাত কিমান সংখ্যক লোক উঠিছিল ?

উঃ ৮০ জন পুৰুষ, ৮০  জনী মহিলা।

প্ৰঃ নবী-ৰছুলসকলৰ ভিতৰত কোন নবীৰ স্ত্ৰী কাফিৰ (আল্লাহক অবিশ্বাসকাৰী) আছিল ?

উঃ হজৰত নূহ (আঃ)ৰ স্ত্ৰী ওয়েলা আৰু হজৰত লুত (আঃ)ৰ স্ত্ৰী নাহেলা।

প্ৰঃ কোৰানত নূহ (আঃ)ৰ নাম কিমানবাৰ আছে ? 

উঃ ৪৩ বাৰ।

প্ৰঃ নূহ নবী তাৰ অনুসাৰীসকলক লৈ কিমান দিনত নৌকাত অৱস্থান কৰিছিল ?

উঃ ১৫০ দিন।

প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ )য়ে প্ৰথম কি কাম কৰে ?

উঃ নৌকা ভাঙি সেই কাঠেৰে মছজিদ নিৰ্মাণ কৰে।

প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ) আৰু তেখেতৰ  অনুগামীসকলে ক’ত বসবাস কৰিবলৈ লয় ?

উঃ জুদীৰ পাদ দেশত। তাত সিহঁতে এখন গাওঁ গঢ়ি  তুলে।

প্ৰঃ হজৰত নূহ (আঃ) ক কিয় দ্বিতীয় আদম বুলি কোৱা হয় ?

উঃ নূহ (আঃ)ৰ দিনত যি বানপানী হয়, সেই বানপানীত নূহ নবীৰ নৌকাত আশ্ৰয় গ্ৰহণ কৰা তেওঁৰ অনুগামীসকলৰ বাহিৰে সকলো লোকৰ মৃত্যু ঘটাত বানপানীৰ পিছত অকল তেওঁৰ পুত্ৰ হাম, শাম আৰু ইয়াফেছ আৰু সিহঁতৰ বংশধৰসকলেই জীয়াই আছিল আৰু সিহঁতৰ পৰাই পৃথিৱীত দ্বিতীয়বাৰ জনবসতি আৰম্ভ হয় বাবে  হজৰত নূহ (আঃ)ক দ্বিতীয় আদম বুলি কোৱা হয়। আজি পৃথিৱীৰ সকলো মানুহেই নূহ (আঃ)ৰ বংশধৰ।

প্ৰঃ হজৰত নূহ (আঃ) ৰ পিছত কোন নবী হৈছিল ?

উঃ হজৰত হুদ (আঃ)।  0 0 0 

 

 

অধ্যায়- ১২

হজৰত হুদ (আঃ)

 

প্ৰঃ হজৰত হুদ (আঃ) ক’ত জন্ম গ্ৰহণ কৰে ?

উঃ য়েমেনত।

প্ৰঃ হজৰত হুদ (আঃ) কোন জাতিৰ বাবে নবী হিচাপে  প্ৰেৰিত হৈছিল ?

উঃ আদ জাতিৰ বাবে ।

প্ৰঃ আদ জাতিৰ বসতি স্থান ক’ত আছিল ?

উঃ য়েমেন (পূৰ্ব নাম ইৰম) ৰ মুগিছ উপত্যকাত।

প্ৰঃ আদ জাতিৰ বাদশা কোন আছিল ?

উঃ ছাদ্দাদ।

প্ৰঃ কোনে নিজকে খোদা (আল্লাহ) দাবী কৰি বিহিস্ত তৈয়াৰ কৰিছিল ?

উঃ য়েমেনৰ বাদশা ছাদ্দাদ।

প্ৰঃ কোন যুগত আদ জাতিৰ আধিপত্য আছিল ?

উঃ ৩৫০০ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ আদ জাতি একেশ্বৰবাদী আছিল নে মূৰ্তিপূজক আছিল ?

উঃ মূৰ্তি পূজক আছিল।

প্ৰঃ ছাদ্দাদৰ মৃত্যু কেনেদৰে হৈছিল ?

উঃ ছাদ্দাদ নিজে বনোৱা নকল বিহিস্তত প্ৰৱেশ কৰাৰ সময়ত।

প্ৰঃ হজৰত হুদ (আঃ) ধৰ্ম প্ৰচাৰ কৰি কেইজন লোকক নিজৰ অনুগামী কৰিব পাৰিছিল ?

উঃ ৪০ জন।

প্ৰঃ কোৰানত কিমান বাৰ হজৰত হুদ (আঃ) নাম উল্লেখ কৰা আছে ?

উঃ ৭ বাৰ।

প্ৰঃ হজৰত হুদ (আঃ)ৰ কওম (সম্প্ৰদায়)ৰ ধবংসৰ পিছত তেখেত কোন ঠাইলৈ হিজৰত (গমন) কৰিছিল ?

উঃ হাজাৰা মওত চহৰলৈ। 0 0 0 

 

 

অধ্যায়- ১৩

হজৰত ছালেহ (আঃ)

 

প্ৰঃ কোন নবীৰ পিছত হজৰত ছালেহ (আঃ) নবী হিচাপে পৃথিৱীলৈ আহিছিল ?

উঃ হজৰত হুদ (আঃ)ৰ পিছত।

প্ৰঃ হজৰত চালেহ (আঃ) ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ য়েমেনৰ ওৱাদিল কুৰা উপত্যকাত।

প্ৰঃ হজৰত ছালেহ (আঃ) ৰ মুজেজা কি আছিল ?

উঃ তেওঁ পাহাৰৰ পৰা এক গৰ্ভৱতী উট বাহিৰ কৰিছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ মাজেজা দেখি কেইজন লোকে ঈমান (আল্লাহৰ প্ৰতি বিশ্বাস) স্থাপন কৰিছিল ?

উঃ মাত্ৰ ১ জন।

প্ৰঃ আল্লাহৰ উটটোক সামুদ জাতিয়ে কাৰ সহায়ত হত্যা কৰিছিল ?

উঃ কাদাৰ বিন ছালেফ নামৰ এজন লোকৰ সহায়ত।

প্ৰঃ উটটিক মাৰি পেলোৱাৰ পিছত তাইৰ বাচ্চাটোৰ কি হৈছিল ?

উঃ চিৎকাৰ কৰি  পাহাৰলৈ গৈ অদৃশ্য হৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ক যিসকলে হত্যা কৰিবলৈ চেষ্টা কৰিছিল সিহঁতৰ কি হৈছিল ?

উঃ আল্লাহৰ নিৰ্দেশত ফিৰিস্তাসকলে বিশাল পাথৰ ওপৰত পেলাই সিহঁতক ধ্বংস  কৰিছিল।

প্ৰঃ সামুদ জাতিৰ ধ্বংসৰ পিছত হজৰত ছালেহ (আঃ) ক’লৈ গৈছিল ?

উঃ মক্কা আৰু তাৰ পৰা পেলেষ্টাইনলৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ নাম কোৰানত কেইবাৰ আছে ?

উঃ ৮ বাৰ।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ কেইজন অনুসাৰী আছিল ?

উঃ ১২০ জন। 0 0 0 

 

 

অধ্যায়- ১৪

হজৰত ইব্রাহিম  (আঃ)

 

প্ৰঃ হজৰত ইব্রাহিম (আঃ) কিমান বছৰ আগতে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ হজৰত ইব্রাহিম (আঃ) খ্ৰীষ্টপূৰ্ব ২১০০-২২০০ চনৰ ভিতৰত বেবিলনৰ ফাদ্দানে-আৰাম নামৰ উৰ নামে এক গাওঁত নূহ (আঃ)ৰ পুত্ৰ শামৰ আঠ পুৰুষ পিছত জন্ম গ্ৰহণ কৰিছিল।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ পিতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম তাৰেখ আজৰ আৰু মাকৰ নাম আছিল আদনা।

প্ৰঃ তাৰেখ আজৰৰ বৃত্তি  কি আছিল ?

উঃ মূৰ্তি নিৰ্মাণ কৰা।

প্ৰঃ নমৰুদৰ ভয়ত আজৰৰ স্ত্ৰী ক’ত কিমান বছৰ লুকাই আছিল ?

উঃ এক পৰ্বতৰ গুহাত, ৭ বছৰ।

প্ৰঃ কোৰানত কেইবাৰ হজৰত ইব্রাহিম (আঃ)ৰ নাম উল্লেখ আছে ?

উঃ ৬৭ বাৰ।

প্ৰঃ ইব্রাহিম (আঃ)ৰ দিনত কোনজন ৰজাই নিজকে খোদা দাবী কৰিছিল ?

উঃ বেবিলনৰ ৰজা নমৰুদ।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ইব্রাহিম (আঃ)ক  নমৰুদৰ নিৰ্দেশত প্ৰকাণ্ড অগ্নিকাণ্ডত পেলাই দিয়া হৈছিল ?

উঃ ১৬ বা ২৬  বছৰ বয়সত।

প্ৰঃ অগ্নিকাণ্ডত হজৰত ইব্রাহিম কিমান দিন আছিল ?

উঃ ৪০ দিন।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) অগ্নিকুণ্ডৰ পৰা বাহিৰ হৈ কাৰ লগত ক’লৈ হিজৰত কৰিছিল ?

উঃ স্ত্ৰী ছাৰা আৰু লুত নামেৰে ভাতৃপুত্ৰক লগত লৈ ফিলিষ্টাইনলৈ হিজৰত কৰিছিল।

প্ৰঃ নমৰুদ কিমান বছৰ ৰাজত্ব কৰিছিল ?

উঃ ১০০০ বছৰ।

প্ৰঃ নমৰুদৰ মৃত্যু কেনেদৰে হৈছিল ?

উঃ ম’হৰ কামোৰ আৰু জুতাৰ কোব  খাই।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কেইজন স্ত্ৰী আছিল ?

উঃ ৩ জনী।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কেইজন সন্তান আছিল ?

উঃ ৩জন, যথা: ইছহাক, ইছমাইল আৰু মিদয়ান।

প্ৰঃ কিয়ামতৰ পিছত পুনৰুত্থানৰ দিনা আল্লাহই পোন প্ৰথমতে কাক কাপোৰ  পিন্ধাব ?

উঃ হজৰত ইব্রাহিম (আঃ )ক।

প্ৰঃ সৰ্বপ্ৰথম কোনে খাতনা (পুৰুষাঙ্গৰ ছালৰ অগ্ৰভাগ ছেদন) কৰিছিল ?

উঃ হজৰত ইব্রাহিম আল্লাইহে ছাল্লাম।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) নবুয়ত পাই প্ৰথমতে কাক ইছলামলৈ আহ্বান  জনাইছিল ?

উঃ নিজৰ পিতা তাৰেখ আজৰক।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) ক’ত ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল ?

উঃ ইৰাক, মিছৰ, ছিৰিয়া, ফিলিষ্টাইন আৰু বহুতো ঠাইত।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কিমান বছৰ বয়সত ইছমাইল (আঃ) জন্ম গ্ৰহণ কৰে ?

উঃ ৮৬ বছৰ বয়সত।

প্ৰঃ হজৰত ইব্রাহিম আৰু তেখেতৰ স্ত্ৰী হজৰত ছাৰাৰ কিমান বছৰ বয়সত ইছহাক (আঃ)ৰ জন্ম হয় ?

উঃ যথাক্ৰমে ১০০ বছৰ আৰু ৯০ বছৰ।

প্ৰঃ কাবা গৃহ পুনঃ নিৰ্মাণৰ সময়ত ইব্রাহিম (আঃ) আৰু ইছমাইল (আঃ)ৰ বয়স কিমান আছিল ?

উঃ ইব্রাহিম আঃ) ৰ বয়স আছিল ১০৬ বছৰ আৰু ইছমাইল (আঃ)ৰ বয়স আছিল ২০।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ১৭৬ বছৰ। 

প্ৰঃ হজৰত ইব্রাহিম  (আঃ) ৰ কবৰ ক’ত আছে ?

উঃ বৰ্তমান পেলেষ্টাইনৰ খলিলিয়া চহৰত।।0 0 0 

 

 

অধ্যায়- ১৫

হজৰত ইছমাইল (আঃ)

 

প্ৰঃ হজৰত ইছমাইল (আঃ) ৰ উপাধি কি আছিল ?

উঃ জবিহুল্লাহ (আল্লাহৰ প্ৰতি উছৰ্গাকৃত)।

প্ৰঃ কিমান বছৰ বয়সত ইছমাইল (আঃ)ক পিতাক ইব্রাহিম (আঃ) য়ে কুৰবানী কৰিবলৈ লয় ?

উঃ ৭, ৯ বা ১৩ বছৰ বয়সত।

প্ৰঃ হজৰত ইছমাইল (আঃ) কিমান বছৰ বয়সত খাতনা হয় ?

উঃ ১৩ বছৰ বয়সত।

প্ৰঃ কোৰাণৰ কেই স্থানত হজৰত ইছমাইল (আঃ)ৰ নাম উল্লেখ আছে ?

উঃ ১২ স্থানত।

প্ৰঃ কোনে মক্কা নগৰ স্থাপন কৰে ?

উঃ ইছমাইল (আঃ)।

প্ৰঃ হজৰত ইছমাইল (আঃ)ৰ কিমানজন পুত্ৰ আছিল ?

উঃ ১২ জন।

প্ৰঃ ইছমাইল (আঃ)ৰ সমাধি ক’ত আছে ?

উঃ পেলেষ্টাইনত। 0 0 0

 

অধ্যায়- ১৬

হজৰত ইছহাক (আঃ)

 

প্ৰঃ ইছহাক শব্দৰ অৰ্থ কি ?

উঃ হিব্রু ভাষাত ‘ইছহাক’ শব্দৰ অৰ্থ ‘হাঁহি থকা’।

প্ৰঃ পবিত্ৰ কোৰানত হজৰত ইছহাক (আঃ)ৰ নাম কিমানবাৰ আছে ?

উঃ ১৭বাৰ।

প্ৰঃ হজৰত ইছহাক (আঃ)ক কিমান বছৰ বয়সত খাতনা কৰা হয় ?

উঃ জন্মৰ ৮ দিন পিছত।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ইছহাক (আঃ) বিবাহ কৰে ?

উঃ ৪০ বছৰ বয়সত।

প্ৰঃ হজৰত ইছহাক (আঃ)ৰ স্ত্ৰীৰ নাম কি ?

উঃ ৰিফকা ।

প্ৰঃ ৰিফ্কাৰ গৰ্ভত কেইজন সন্তান হয় ?

উঃ ২ জন।

প্ৰঃ আল্লাহৰ ভয়ত ক্ৰন্দনৰ ফলত কোন নবীৰ সুন্দৰ চেহেৰাত চকুৰ পানীৰ দাগৰ সৃষ্টি হয় ?

উঃ হজৰত ইছহাক (আঃ)

প্ৰঃ হজৰত ইছহাক (আঃ) কিমান বছৰ বয়সত ইন্তেকাল কৰে ?

উঃ ১৮০ বছৰ বয়সত। 0 0 0

 

অধ্যায়- ১৭

হজৰত ইয়াকুব (আঃ)

 

প্ৰঃ হজৰত ইয়াকুব (আঃ) কিমান বছৰ আগতে  জন্ম গ্ৰহণ কৰিছিল ?

উঃ আজিৰ পৰা প্ৰায় ৪,০০০ বছৰ আগতে।

প্ৰঃ হজৰত ইয়াকুব (আঃ)ৰ নাম কোৰানত কিমানবাৰ উল্লেখ আছে ?

উঃ ১৬ বাৰ।

প্ৰঃ হজৰত ইয়াকুব (আঃ)ৰ আন নাম কি আছিল ?

উঃ ইস্ৰাইল। ইব্রানী ভাষাত ‘ইস্ৰাইল’ শব্দৰ অৰ্থ আল্লাহৰ বান্দা। এই কাৰণে ইয়াকুবৰ বংশধৰসকলক বনী ইস্ৰাইল (আল্লাহৰ বান্দাৰ বংশধৰ) বুলি কোৱা হয়।

প্ৰঃ ইয়াকুব (আঃ)ৰ কিমানজন পুত্ৰ আছিল ?

উঃ ১২ জন।

প্ৰঃ ইয়াকুব (আঃ) য়ে তেখেতৰ কোন পুত্ৰক অধিক ভাল পাইছিল ?

উঃ হজৰত ইউছুফ (আঃ)ক।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ বয়সত পুত্ৰ ইউছুফৰ লগত দেখা কৰিবলৈ যায় ?

উঃ ১৩০ বছৰ বয়সত ৬৭  জন সংগী লগত লৈ।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ১৪৭ বছৰ।।

প্ৰঃ ইয়াকুব (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰে ?

উঃ কেনানত।

প্ৰঃ হজৰত ইয়াকুবৰ একমাত্ৰ কোন পুত্ৰ নবী হৈছিল ?

উঃ হজৰত ইউছুফ (আঃ)। 0 0 0

 

অধ্যায়- ১৮

হজৰত ইউছুফ (আঃ)

 

প্ৰঃ হজৰত ইউছুফ (আঃ)ৰ নাম পৱিত্ৰ কোৰাণত কেইবাৰ উল্লেখ আছে ?

উঃ ২৭ বাৰ।

প্ৰঃ হজৰত ইউছুফ (আঃ)ক তেখেতৰ পিতা ইয়াকুব (আঃ)য়ে অধিক ভালপোৱাৰ কাৰণ কি ?

উঃ ইউছুফৰ কপালত নূৰে নবুয়তৰ উজ্জ্বল আভা আছিল যি আন কোনো পুত্ৰৰ নাছিল। ইয়াৰ উপৰি ইউছুফ (আঃ) সৰুতেই মাতৃহাৰা হৈছিল। সেইবাবে পিতা ইয়াকুব (আঃ)য়ে ইউছুফক অতি মৰম কৰিছিল।

প্ৰঃ কিমান বছৰ বয়সত ইউছুফ (আঃ)ৰ ভায়েকসকলে ইউছুফ (আঃ)ক কূপ (নাদ)ত নিক্ষেপ কৰিছিল ?

উঃ ১২ অথবা ১৭ বছৰ বয়সত (জেৰুজালেমৰ এটি কূপত)।

প্ৰঃ ভাইসকলে ইউছুফ (আঃ)ক কূপত নিক্ষেপ কৰি পোছাকত কিহৰ তেজ সানি দেউতাক ইয়াকুব (আঃ)ক কৈছিল যে ইউছুফক বাঘে খাইছিল ?

উঃ ছাগলীৰ তেজ।

প্ৰঃ হজৰত ইউছুফ (আঃ)ক কোনে কূপৰ পৰা উদ্ধাৰ কৰিছিল  ?

উঃ সেই বাটেৰে যোৱা মিছৰৰ কেইজনমান ব্যৱসায়ীয়ে।

প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ কাৰাগাৰত আছিল ?

উঃ ১০ বছৰ।।

প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ বয়সত মিছৰৰ শাসন ক্ষমতা লাভ কৰে ?

উঃ ৩০ বছৰ বয়সত।

প্ৰঃ পৃথিৱীত সৰ্ব প্ৰথম কোনে ৰাষ্ট্ৰীয় কোষাগাৰৰ পৰা দুখীয়া লোকক দান দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে ?

উঃ হজৰত ইউছুফ (আঃ)।

প্ৰঃ হজৰত ইউছুফ (আঃ)ৰ কিমান বছৰ মিছৰৰ ক্ষমতাত অধিষ্ঠিত আছিল ?

উঃ ৮০ বছৰ।

প্ৰঃ পুত্ৰ হজৰত ইউছুফ (আঃ) ৰ শোকত পিতা ইয়াকুব (আঃ) অন্ধ হোৱাত কিভাৱে তেখেতৰ অন্ধত্ব দূৰ হয় ?

উঃ ইউছুফৰ পোছাক চকুত ঘঁহি।

প্ৰঃ কিমান বছৰ পিছত হজৰত ইউছুফ (আঃ)ৰ লগত তাৰ ভাই ইয়ামিনৰ লগত সাক্ষাৎ হয় ?

উঃ ২২ বছৰ পিছত।

প্ৰঃ কোন নাৰীৰ মিথ্যা চক্ৰান্তত ইউছুফ (আঃ) কাৰাগাৰত নিক্ষেপিত হয় ?

উঃ মিছৰৰ বাদশাৰ অৰ্থমন্ত্ৰী ফৌত্বিফাৰেৰ পত্নী জুলাইখাৰ চক্ৰান্তত।

প্ৰঃ হজৰত ইউছুফ (আঃ) তেখেতৰ বংশধৰসকলক কি অছিয়ত কৰি গৈছিল ?

উঃ ‘তোমালোকে যেতিয়া মিছৰ ত্যাগ কৰি গুচি যাবা তেতিয়া মোৰ মৃতদেহ কবৰৰ পৰা উঠাই তোমালোকৰ লগত লৈ যাবা।’

প্ৰঃ বৰ্তমান হজৰত ইউছুফ (আঃ) ৰ সমাধি ক’ত· ?

উঃ ফিলিষ্টাইনত। মুছা (আঃ) যেতিয়া বনী ইস্ৰাইলসকলক লৈ মিছৰ ত্যাগ কৰে তেতিয়া একজনী  বুঢ়ীৰ  কথামতে হজৰত ইউছুফ (আঃ)ৰ ফচিল (মৃতদেহ) বাকচ সহকাৰে নদী গৰ্ভৰ পৰা তুলি সিহঁতৰ লগত ফিলিষ্টাইনলৈকে লৈ আহে আৰু তাত পুনৰাই কবৰস্থ কৰে। 0 0 0

 

অধ্যায়- ১৯

হজৰত লুত (আঃ)

 

প্ৰঃ হজৰত লুত (আঃ) কোন জাতিৰ বাবে নবী নিৰ্বাচিত হৈছিল ?

উঃ সামুদ জাতিৰ।

প্ৰঃ হজৰত লুত (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰিছিল ?

উঃ জৰ্ডানৰ সামুদ নামে ঠাইত।

প্ৰঃ সামুদ জাতি কি অপকৰ্মত লিপ্ত আছিল ?

উঃ পুং মৈথুন (সমকাম)।

প্ৰঃ হজৰত লুত (আঃ)ৰ সম্প্ৰদায়ক শাস্তি দিবৰ বাবে  কিমানজন ফিৰিস্তা আহিছিল ?

উঃ ৩জন:  জিব্রাইল, মিকৰাইল আৰু ইস্ৰাফিল (আঃ)।

প্ৰঃ ফিৰিস্তাসকলে সামুদ জাতিক কি শাস্তি দিছিল ?

উঃ প্ৰস্তৰ বৃষ্টিৰ জৰিয়তে সম্পূর্ণ জমিন উলট-পালট কৰি দি সেই অঞ্চলটো সাগৰত পৰিণত কৰিছিল।

প্ৰঃ বৰ্তমান সেই  সাগৰৰ নাম কি ?

উঃ মৃত সাগৰ বা লুত সাগৰ।

প্ৰঃ লুত সাগৰৰ পৰিমাপ কিমান ?

উঃ দীঘ ৩০ মাইল, প্ৰস্ত ৯ মাইল, আৰু গভীৰতা ৪০০ মিটাৰ।

প্ৰঃ পৱিত্ৰ কোৰাণত হজৰত লুত (আঃ)ৰ নাম কিমানবাৰ উল্লেখ আছে ?

উঃ ২৭ বাৰ। 0 0 0

 

 

অধ্যায়-২০

হজৰত আইউব (আঃ)

 

প্ৰঃ আজিৰ পৰা কিমান বছৰ পূর্বে হজৰত আইউব (আঃ) য়ে জন্ম গ্ৰহণ কৰিছিল ?

উঃ আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূর্বে ছিৰিয়াৰ আছিফা নামে ঠাইত।

প্ৰঃ হজৰত আইউব (আঃ)ৰ পিতৃৰ নাম কি ?

উঃ মুস বিন ৰাজিহ।

প্ৰঃ হজৰত আইউব (আঃ)ৰ মাতা কোন আছিল ?

উঃ হজৰত লুত (আঃ)ৰ কন্যা।

প্ৰঃ কোৰাণত হজৰত আইউব  (আঃ)ৰ নাম কেইবাৰ আছে ?

উঃ ৪বাৰ।

প্ৰঃ হজৰত আইউব (আঃ)ক অতি ধৈৰ্যশীল নবী বুলি কিয় কোৱা হয় ?

উঃ হজৰত আইউব (আঃ) আল্লাহই পৰীক্ষাস্বৰূপ তেখেতক দিয়া কঠিন ৰোগত ১৮ বছৰ অতি ধৈৰ্য সহকাৰে কষ্ট ভোগ কৰিছিল বাবে ।

প্ৰঃ ৰহিমা বিবি কোন আছিল ?

উঃ হজৰত আইউব নবীৰ এজনী পত্নী। তাই ইউছুফ (আঃ)ৰ পুত্ৰ আফৰাহিমৰ কন্যা আছিল।

প্ৰঃ হজৰত আইউব (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ১৪০ বছৰ। 0 0 0

 

অধ্যায়- ২১

হজৰত শুৱাইব (আঃ)

 

প্ৰঃ হজৰত শুৱাইব কোন আছিল ?

উঃ মাদায়েনৰ অধিবাসী, হজৰত ইব্রাহিমৰ তৃতীয় স্ত্ৰী কাতুৰৰ গৰ্ভত জন্ম গ্ৰহণ কৰা মিদইয়ানৰ প্রপৌত্র আছিল।

প্ৰঃ মাদায়েন ক’ত অৱস্থিত ?

উঃ ফিলিষ্টাইন আৰু আৰবৰ মধ্যৱৰ্তী অঞ্চলত।

প্ৰঃ পৱিত্ৰ কোৰানত হজৰত শুৱাইব (আঃ)ৰ নাম কিমানবাৰ আছে ?

উঃ ১১ বাৰ।

প্ৰঃ হজৰত শুৱাইব (আঃ)ৰ দিনত মাদায়েনবাসীসকলে কাক পূজা কৰিছিল ? 

উঃ ‘আইকাৰ’ নামৰ এক ধৰণৰ গছক পূজা কৰিছিল। ইয়াৰ উপৰিও সিহঁতে ক্ৰয়-বিক্ৰয় কৰোতে ওজনত ফাঁকি দিছিল।

প্ৰঃ কিদৰে মাদায়েনৰ অধিবাসীসকল ধ্বংস হৈছিল ?

উঃ ভূমিকম্প আৰু অগ্নি বৃষ্টিত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে শুৱাইব সম্পৰ্কে কি কৈছিল ?

উঃ নবীসকলৰ বক্তা।

প্ৰঃ হজৰত শুৱাইব কিমান বছৰ বয়সত ক’ত ইন্তেকাল কৰে ?

উঃ ২২৫ বছৰ বয়সত, মক্কা নগৰত। 0 0 0

 

অধ্যায়- ২২

হজৰত মুছা আৰু হাৰুণ (আঃ)

 

প্ৰঃ হজৰত মুছা আৰু হাৰুণ (আঃ) আজিৰ পৰা কিমান বছৰ পূর্বে  জন্ম গ্ৰহণ কৰিছিল ?

উঃ ১৬০০ বা ১৭০০ খ্ৰীষ্টপূৰ্বত, হজৰত ইব্রাহিম (আঃ)ৰ পত্নী ছাৰাৰ গৰ্ভজাত পুত্ৰ ইছহাকৰ বংশত।

প্ৰঃ হজৰত মুছা আৰু হজৰত হাৰুণ (আঃ)ৰ মাকৰ নাম কি আছিল ?

উঃ ইউহান্না।

প্ৰঃ পৱিত্ৰ কোৰানত হজৰত মুছা (আঃ)ৰ নাম কিমানবাৰ আছে ?

উঃ ১৩৫ বাৰ।

প্ৰঃ মুছা শব্দৰ অৰ্থ কি ? 

উঃ পানীত ভাঁহি অহা।

প্ৰঃ হজৰত মুছাৰ সমসামিয়ক ফিৰাউন (মিছৰৰ বাদশা) ৰ প্ৰকৃত নাম কি আছিল ?

উঃ দ্বিতীয় ৰামাছিছ।

প্ৰঃ ফিৰাউনে কি সপোন  দেখিছিল ?

উঃ মুছা (আঃ) জন্ম গ্ৰহণ কৰাৰ আগে আগে ফিৰাউন এদিনাখন সপোনত দেখা পাইছিল যে জেৰুজালেমৰ পৰা এক অগ্নি শিখা উৎপন্ন  হৈ মিছৰলৈ আহি সকলো মিছৰীয়াসকলক পুৰি পেলালে কিন্তু ইস্ৰাইলসকলৰ কোনো ক্ষতি নকৰিলে।

প্ৰঃ সপোন  দেখি ফিৰাউনে কি কৰিলে ?

উঃ স্বপ্ন দেখা পাই ফিৰাউনে ইস্ৰাইলী সকলো শিশু পু্ত্ৰসকলক হত্যা কৰা আৰু  কন্যা সন্তানসকলক জীৱিত ৰখাৰ আদেশ জাৰি কৰিছিল। 

প্ৰঃ মুছা (আঃ) আৰু হাৰুণ (আঃ) কোন বছৰ জন্ম গ্ৰহণ কৰিছিল ?

উঃ সপোন দেখি ফিৰাউনে ইস্ৰাইল সম্প্ৰদায়ৰ সকলো নৱজাত শিশুক হত্যা কৰি যোৱাত এদিনাখন এজন মিছৰীয় লোক আহি ফিৰাউনক ক’লে যে যদি এইভাৱে  ইস্ৰাইল সম্প্ৰদায়ৰ শিশু সন্তানসকলক হত্যা কৰি থকা হয়, তেন্তে এটা সময়ত ইস্ৰাইল সম্প্ৰদায়ৰ কোনো অস্তিত্ব নাথাকিব। তেতিয়া মিছৰীয়া (অনা ইস্ৰাইল) সকলে চাকৰ বা দাসত্বৰ কাম কৰিব লাগিব। এই কথা শুনি ফিৰাউনে এক বছৰ হত্যা যজ্ঞ চলাই তাৰ পিছৰ বছৰ হত্যা যজ্ঞ বন্ধ কৰে। হত্যা যজ্ঞ বন্ধ কৰা বছৰত মুছা (আঃ) আৰু  তেওঁৰ ভাই হাৰুণৰ জন্ম হয়।

প্ৰঃ হজৰত মুছা  (আঃ)ফিৰাউনৰ ঘৰত কিমান বছৰ আছিল ?

উঃ ৩০ বছৰ।

প্ৰঃ এদিনাখন মুছা (আঃ) এক চৰ (থাপ্পৰ) মাৰি এজন মিছৰবাসীক মাৰি পেলাই ক’লৈ হিজৰত কৰিছিল ?

উঃ মিছৰৰ পৰা তিনিদিনৰ পথ মাদায়েনলৈ।

প্ৰঃ মুছা (আঃ) য়ে আল্লাহ পৰা পোৱা গ্ৰন্থখনৰ নাম কি ?

উঃ তৌৰাত (তাওৰাত)।

প্ৰঃ ‘তৌৰাত’ শব্দৰ অৰ্থ কি ?

উঃ আইন।

প্ৰঃ কেইজন মিছৰীয়াই হজৰত মুছা (আঃ)ৰ দ্বীন  (ধৰ্ম)ৰ প্ৰতি বিশ্বাস স্থাপন কৰিছিল ?

উঃ ফেৰাউনৰ স্ত্ৰী আছিয়া আৰু দুজন ব্যক্তি।

প্ৰঃ মুছা (আঃ) য়ে কিমানজন লোকক লৈ মিছৰ ত্যাগ কৰিছিল ?

উঃ ৬০,০০০। 

প্ৰঃ ইস্ৰাইলীসকল কিমান বছৰ মিছৰত আছিল ?

উঃ ৪২৬ বছৰ।

প্ৰঃ হজৰত মুছা  (আঃ)ৰ মাজিজা কেইটা আছিল ?

উঃ ৯ টা।

প্ৰঃ মুছা (আঃ)ৰ মাজিজাৰ ভিতৰত বিখ্যাত কোনটো আছিল ?

উঃ নিজৰ লাঠিটো সাপত পৰিণত কৰা।

প্ৰঃ মুছা (আঃ)ক লাঠিটো কোনে দিছিল ?

উঃ হজৰত শুৱাইৰ (আঃ)।

প্ৰঃ হজৰত মুছাৰ কোন ভাই নবী হৈছিল ?

উঃ হাৰুণ (আঃ)।

প্ৰঃ ছিনা বা তীহ নামে ঠাইত মুছা (আঃ) আৰু ইস্ৰাইলসকলে কিমান দিন অৱস্থান কৰিছিল ?

উঃ ৪০ বছৰ।

প্ৰঃ ‘তীহ’ শব্দৰ অৰ্থ কি ?

উঃ দিকভ্ৰান্ত হৈ ঘূৰি থকা।

প্ৰঃ ‘মান্না’ আৰু ‘ছালোৱা’ কি ?

উঃ ‘মান্না’ মানে জান্নাতী (স্বৰ্গীয়/আল্লাহ প্ৰদত্ত ) সুস্বাদু খাদ্য আৰু ‘ছালোৱা’ মানে চৰাই।

প্ৰঃ হজৰত মুছা  (আঃ) আৰু হাৰুণ (আঃ)ৰ মৃত্যু ক’ত হৈছিল ?

উঃ তাহ প্ৰান্তৰত অৱস্থান কালত হাৰুণৰ মৃত্যু হয় আৰু তাৰ দুই বছৰ পিছত একে ঠাইতে মুছা (আঃ) ইন্তেকাল কৰে।

প্ৰঃ কোন সম্প্ৰদায়ে দামুৰি পূজা কৰিছিল ?

উঃ চুমেৰীয়সকলৰ প্ৰৰোচনাত বনি ইস্ৰাইল সম্প্ৰদায়ে।

প্ৰঃ গো-পূজাৰীসকলৰ কিমান জন নিজৰ মাজত খুনাখুনি হৈ মৃত্যু বৰণ কৰিছিল ?

উঃ ৭০,০০০। অন্য মতে ৩,০০০ জন।

প্ৰঃ মুছা (আঃ) সোণৰ দামুৰিটোক কি কৰিছিল ?

উঃ ভষ্মীভূত কৰি সমুদ্ৰত নিক্ষেপ কৰিছিল।

প্ৰঃ হজৰত মুছা (আঃ)ৰ যুগত কোনজন ব্যক্তি শ্রেষ্ঠ ধনপতি আৰু কুখ্যাত কৃপণ আছিল ?

উঃ মুছা (আঃ)ৰ খুৰায়েকৰ এক পুত্ৰ।

প্ৰঃ ফিৰাউন  (দ্বিতীয় ৰামেছাছ)ৰ মৃতদেহ এতিয়া ক’ত আছে ?

উঃ কায়ৰোৰ যাদুঘৰত।

প্ৰঃ হুজুৰ (ছাঃ) য়ে কাক কালৰ ফেৰাউন বুলি কৈছিল ?

উঃ নিজৰ খুৰা আবু জাহিলক।

প্ৰঃ মুছা (আঃ) কাক লগত লৈ খিজিৰ (আঃ)ৰ সন্ধানত বাহিৰ হৈছিল ?

উঃ ইউশা বিন নূন বিন আফৰাহিম বিন ইউছুফ (আঃ)ক লগত লৈ। 0 0 0

 

অধ্যায়- ২৩

হজৰত ইউনুছ (আঃ)

 

প্ৰঃ হজৰত ইউনুছ  (আঃ) ৰ নাম কোৰাণত কিমান বাৰ আছে ?

উঃ ৪বাৰ।

প্ৰঃ হজৰত ইউছুফ (আঃ)ক ‘যুনযুন’ (মৎস্যালাৰ) নবী বুলি কিয় কোৱা হয় ?

উঃ তেখেতক টাইগ্ৰীছ নদীৰ মাছে গিলি পেলাইছিল বাবে ।

প্ৰঃ মাছৰ পেটত হজৰত ইউনুছ (আঃ) কিমান দিন আছিল ?

উঃ ৪০দিন। অন্য মতে ৩ দিন।

প্ৰঃ কোন দোৱাৰ বদৌলতত হজৰত ইউনুছ (আঃ) মাছৰ পেটৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ পাইছিল ?

উঃ ছুৰা ইউনুছ পঢ়ি । (লা-ইলাহা হল্লা আন্তা ছোবহানাকা ইন্নি কুনতু মিনাজ জালেমিন)। 0 0 0

 

অধ্যায়- ২৪

হজৰত ইলিয়াছ (আঃ)

 

প্ৰঃ হজৰত ইলিয়াছ (আঃ) কোন সম্প্ৰদায়ৰ বাবে নবী হিচাপে প্ৰেৰিত হৈছিল ?

উঃ ডামাস্কৰ পশ্চিমত থকা বা’লাবাক সম্প্ৰদায়ৰ বাবে ।

প্ৰঃ হজৰত  ইলিয়াছ (আঃ)ৰ নাম কোৰানত কিমানবাৰ উল্লেখ আছে ?

উঃ ২ বাৰ।

প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে হজৰত ইলিয়াছ (আঃ) পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ২৯০০ বছৰ আগতে।

প্ৰঃ বৰ্তমান তেখেত ক’ত আছে ?

উঃ হজৰত ইলিয়াছ (আঃ)ক তেখেতৰ সম্প্ৰদায়ে হত্যা কৰাৰ চেষ্টা কৰাত তেওঁ ৰহস্যজনকভাৱে অদৃশ্য হৈ যায়। কিছুমানে কয় যে তেখেত এতিয়াও পৃথিৱীত জীৱিত আছে। 0 0 0

 

অধ্যায়- ২৫

হজৰত দাউদ (আঃ)

 

প্ৰঃ হজৰত দাউদ (আঃ) ৰ পূৰ্বৰ নবী কোন আছিল ?

উঃ হজৰত ছেমুয়েল (আঃ)।

প্ৰঃ হজৰত দাউদ (আঃ)ৰ নাম কোৰানত কেইবাৰ আছে ?

উঃ ১৬ বাৰ।

প্ৰঃ ‘দাউদ’ শব্দৰ অৰ্থ কি ?

উঃ আত্মাৰ চিকিৎসক।

প্ৰঃ কোন নবীয়ে এক এছাৰ মাৰি এটা  সিংহ আৰু এটা ভালুকক হত্যা কৰিছিল ?

উঃ হজৰত দাউদ (আঃ)।

প্ৰঃ দুৰ্দ্ধৰ্ষ আমালেকা জাতিৰ অত্যাচাৰী শাসকক তেওঁ কিদৰে হত্যা কৰিছিল ?

উঃ বাটলু গুটিৰে।

প্ৰঃ তাবুতে ছকিনাহ বা শান্তিৰ সিন্ধুকত কি কি বস্তু আছিল ?

উঃ তৌৰাত গ্ৰন্থৰ মূল পাণ্ডুলিপি, হজৰত মুছা (আঃ)ৰ লাঠি, আৰু হজৰত হাৰুনৰ পোছাক।

প্ৰঃ জালুত হত্যাকাৰীক তালুত কি পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছিল ?

উঃ নিজৰ কন্যাক বিবাহ দিব আৰু ৰাজ্যৰ এক অংশ দান কৰিব বুলি ।

প্ৰঃ দাউদ (আঃ)ৰ ওপৰত কোন গ্ৰন্থ নাজিল হৈছিল ?

উঃ জবুৰ।

প্ৰঃ ‘জবুৰ’ শব্দৰ অৰ্থ কি ?

উঃ লিখিত বস্তু।

প্ৰঃ নবীসকলৰ মাজত কোনজনৰ অতি সুমধুৰ কণ্ঠস্বৰ আছিল ?

উঃ দাউদ (আঃ)।

প্ৰঃ হজৰত দাউদ (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল ?

উঃ ১০০ জনী।

প্ৰঃ দাউদ (আঃ)ৰ কবৰ ক’ত আছে ?

উঃ জেৰুজালেমত।

প্ৰঃ দাউদ (আঃ)ৰ পিছত কোন নবী হৈছিল ?

উঃ তেওঁৰ পুত্ৰ হজৰত চুলেইমান (আঃ)। 0 0 0

 

 

অধ্যায়- ২৬

হজৰত চুলেইমান (আঃ)

 

প্ৰঃ পবিত্ৰ কোৰানত চুলেইমান (আঃ)ৰ নাম কেইবাৰ আছে ?

উঃ ১৭ বাৰ।

প্ৰঃ ‘চুলেইমান শব্দৰ অৰ্থ  কি ?

উঃ সুস্থ আৰু হৃষ্ঠ-পুষ্ঠ ।

প্ৰঃ কিমান খ্ৰীষ্টপূৰ্বত চুলেইমান (আঃ) জেৰুজালেমৰ সিংহাসনত অধিষ্ঠিত  হয় ?

উঃ ৯৩৭ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ চুলেইমান (আঃ)য়ে কিমান বছৰ ৰাজত্ব কৰে ?

উঃ ৩৭ বছৰ।

প্ৰঃ কোন নবী সকলো জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতঙ্গৰ ভাষা বুজিব পাৰিছিল আনকি ক’বও পাৰিছিল ?

উঃ হজৰত চুলেইমান (আঃ)।

প্ৰঃ হজৰত চুলেইমান (আঃ)ৰ সৈন্য বাহিনীত কি সৈন্য আছিল ?

উঃ মানুহ, জ্বিন, পশু-পক্ষী ইত্যাদি।

প্ৰঃ পৰুৱাৰ নেতাই চুলেইমান (আঃ)ক নিমন্ত্ৰণ কৰি কিহেৰে আপ্যায়ন কৰিছিল ?

উঃ এক টিড্ডিৰ ঠেং ৰান্ধি সেইটোৰে সকলোকে আপ্যায়ন কৰিছিল। সকলোৱে ‘বিছমিল্লাহ’ কৈ খোৱাৰ পিছতো কিছু অংশ ৰাহি হৈছিল।

প্ৰঃ কাৰ দ্বাৰা চুলেইমান (আঃ)য়ে বাইতুল মোকাদ্দছ পুনঃনিৰ্মাণ কৰিছিল ?

উঃ মানৱ আৰু একদল জ্বিনৰ দ্বাৰা।

প্ৰঃ চুলেইমান (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল ?

উঃ ১০০০ জনী। ইয়াৰ ৭০০  জনী পত্নী আৰু ৩০০ জনী দাসী।

প্ৰঃ কোন পত্নীৰ ওচৰত তেখেতে হাতৰ আঙুঠি ৰাখিছিল ?

উঃ পত্নী আমিনাৰ ওচৰত।

প্ৰঃ কোনে চুলেইমান (আঃ)ৰ আঙুঠি হস্তগত কৰে আৰু কিদৰে সেইটো উদ্ধাৰ হয় ?

উঃ চুলেইমান (আঃ) নিজৰ হাতৰ আঙুঠিটো দুষ্ট জ্বিন চুলেইমানৰ ৰূপ ধাৰণ কৰি চুলেইমান (আঃ)ৰ পত্নী আমিনাৰ পৰা আঙুঠিটো হস্তগত কৰি জেৰুজালেমৰ সিংহাসন অধিকাৰ কৰে। ৪০ দিন পিছত এই ৰহস্যটো জনাৰ পিছত আঙুঠিটো নদীত পেলাই দিয়াত এক মাছে সেই আঙুঠিটো গিলি পেলায়। পিছত সেই মাছটো এজন মাছমৰীয়াৰ জালত উঠাত সি মাছটো চুলেইমান (আঃ)ৰ ওচৰত বিক্ৰী কৰে। শেষত মাছটোৰ পেটৰ পৰা আঙুঠিটো উদ্ধাৰ হয়।

প্ৰঃ য়েমেনৰ সাবা গোত্ৰৰ ৰাণী বিলকিছৰ খবৰ কোনে হজৰত চুলেইমানক দিয়ে ?

উঃ হুদ হুদ নামৰ এক চৰাইয়ে।

প্ৰঃ চুলেইমান (আঃ)ৰ ৰাজধানী জেৰুজালেমৰ পৰা বিলকিছ ৰাণীৰ ৰাজ্য কিমান দূৰত আছিল ?

উঃ ১৫০০ মাইল।

প্ৰঃ চুলেইমান (আঃ) কিমান বছৰ বয়সত কিদৰে  ইন্তেকাল কৰিছিল ?

উঃ ১৮০ বছৰ বয়সত লাঠিৰ ওপৰত ভৰ দি থিয় হৈ থকা অৱস্থাত ইন্তেকাল কৰিছিল আৰু  ইন্তেকালৰ পিছতো লাঠিৰ ওপৰত ভৰ দি এক বছৰ থিয় হৈ আছিল। ইয়াৰ কাৰণ হ’ল সেই সময়ত জেৰুজালেমৰ মছজিদৰ নিৰ্মাণ কাৰ্য চলি আছিল। তেওঁৰ উপস্থিতি লক্ষ্য কৰি কোনেও যাতে মছজিদ নিৰ্মাণৰ কামত অৱহেলা নকৰে সেই বাবে এনে হৈছিল। 

প্ৰঃ কোন নবীয়ে সমুদ্রৰ পৰা প্ৰথমতে মুকুতা সংগ্ৰহ কৰিছিল ?

উঃ হজৰত চুলেইমান (আঃ)। 0 0 0

 

অধ্যায়- ২৭

হজৰত জাকাৰিয়া আৰু হজৰত ইয়াহহিয়া (আঃ)

 

প্ৰঃ পবিত্ৰ কোৰানত জাকাৰিয়া (আঃ)ৰ নাম কেইবাৰ আছে ?

উঃ ৭ বাৰ।

প্ৰঃ হজৰত ইয়াহহিয়া (আঃ)ৰ নাম পৱিত্ৰ কোৰাণত কিমানবাৰ আছে ?

উঃ ৫ বাৰ।

প্ৰঃ হজৰত জাকাৰিয়া আৰু  মৰিয়ম (ঈছা আলাইহে ছাল্লামৰ মাতৃ)ৰ মাজত সম্পৰ্ক কি ?

উঃ হজৰত জাকাৰিয়া সম্পৰ্কত মৰিয়মৰ মহা (মাকৰ ভনীয়েকৰ স্বামী)।

প্ৰঃ জাকাৰিয়াৰ কোন পুত্ৰ নবী হৈছিল ?

উঃ হজৰত ইয়াহহিয়া (আঃ)।

প্ৰঃ হজৰত জাকাৰিয়া (আঃ)ৰ  মৃত্যু কেনেদৰে হৈছিল ?

উঃ ২০৮ বছৰ বসয়ত ইহুদীসকলে তেওঁক হত্যা কৰিছিল।

প্ৰঃ কোন দুই নবী অবিবাহিত আছিল ?

উঃ হজৰত ঈছা (আঃ) আৰু হজৰত ইয়াহহিয়া (আঃ)।

প্ৰঃ ‘ইয়াহিয়াহ’ শব্দৰ অৰ্থ কি ?

উঃ দীৰ্ঘজীৱি।

প্ৰঃ ইয়াহহিয়া (আঃ)ৰ মৃত্যু কিদৰে হয় ?

উঃ দামাস্কৰ ৰজা এবাৰ অবৈধভাৱে এজনী মহিলাক বিবাহ কৰিবলৈ লোৱাত হজৰত ইয়াহহিয়াহ (আঃ)য়ে বাধা দিয়ে। তেতিয়া মহিলাজনী ক্ৰদ্ধ হৈ এজন ঘাতকৰ হতুৱাই হজৰত ইয়াহহিয়া (আঃ)ক হত্যা কৰে। পিছত কটা মূৰ তাইলৈ পঠিয়াই দিয়াত মূৰটো দেখা মাত্ৰকে তাইৰ মৃত্য হয়। 0 0 0

 

অধ্যায়- ২৮

হজৰত ঈছা (আঃ)

 

প্ৰঃ হজৰত ঈছা (আঃ)ৰ পিতা আৰু মাতাৰ নাম কি ?

উঃ হজৰত ঈছা (আঃ) আল্লাহৰ ইচ্ছাত অলৌকিকভাৱে পিতা অবিহনেই মৰিয়মৰ গৰ্ভত জন্ম গ্ৰহণ কৰে।

প্ৰঃ মৰিয়মৰ পিতা আৰু মাতাৰ নাম কি ?

উঃ পিতাৰ নাম ইমৰান আৰু মাতাৰ নাম হেনা বা হান্নাহ।

প্ৰঃ হজৰত ঈছা (আঃ) ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ফিলিষ্টাইনৰ বায়তুল মুকাদ্দছ মছজিদৰ পৰা ৮ মাইল দূৰত  বায়তুল লাহাম (বেথেলহাম) নামে ঠাইত এক নিৰ্জন খেজুৰ গছৰ তলত ঈছা (আঃ)য়ে জন্ম গ্ৰহণ কৰিছিল।

প্ৰঃ হজৰত ঈছা (আঃ)ৰ উপাধি কি আছিল ?

উঃ ‘কলেমাতুল্লাহ’ (আল্লাহৰ বানী) বা ‘ৰুহুল্লাহ’ (আল্লাহৰ ৰুহ)।

প্ৰঃ হজৰত ঈছা (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ৩৩ বছৰ।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ঈছা (আঃ) নবুয়ত প্ৰাপ্ত হয় ?

উঃ ৩০ বছৰ বয়সত।

প্ৰঃ হজৰত ঈছা (আঃ)ক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল ?

উঃ ইহুদীসকলে।

প্ৰঃ বৰ্তমান হজৰত ঈছা (আঃ) ক’ত আছে ?

উঃ চতুৰ্থ আকাশত।

প্ৰঃ হজৰত ঈছা (আঃ) চতুৰ্থ আকাশত আৰোহন কৰাৰ কিমান বছৰ পাছত তেখেতৰ মাতৃ মৰিয়ম পৰলোক গমন কৰে ?

উঃ ৫ বছৰ পিছত।

প্ৰঃ হজৰত ঈছা (আঃ)ৰ ঐহী খাঞ্চা (খাদ্যৰ পাত্ৰ) ত প্ৰতিদন কিমান সংখ্যক লোকে আহাৰ কৰিছিল ?

উঃ ৭,০০০  লোকে। 

প্ৰঃ হজৰত ঈছা (আঃ)ৰ নিৰ্দেশ অমান্যকাৰীসকলৰ কি হৈছিল ?

উঃ বান্দৰ আৰু গাহৰিত পৰিণত হৈছিল।

প্ৰঃ সিহঁতৰ সংখ্যা কিমান আছিল আৰু সিহঁত কিমান দিন জীয়াই আছিল ?

উঃ ৩৩০ জন আৰু সিহঁত ৩ দিন জীয়াই আছিল।

প্ৰঃ হজৰত ঈছা (আঃ) কিয় দ্বিতীয়বাৰ পৃথিৱীলৈ আহিব ?

উঃ দামাস্কৰ মছজিদৰ পূৰ্বপ্ৰান্তত থকা গম্বুজত দুজন ফিৰিস্তাৰ কান্ধত ভৰ  দি চতুৰ্থ আকাশৰ পৰা অৱতৰণ কৰিব। তেওঁ পুনৰাই পৃথিৱীলৈ ঘূৰি অহাৰ উদ্দেশ্য হ’ল  দাজ্জালক হত্যা কৰা আৰু ইছলামী শাসন ব্যৱস্থা প্রতিষ্ঠা  কৰা। 0 0 0

 

অধ্যায়- ২৯

হজৰত মুহাম্মদ (ছাঃ)

 

প্ৰঃ পৰম আল্লাহই মানৱ জাতিলৈ প্ৰেৰণ কৰা সৰ্বশেষ নবী কোন ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) হজৰত আদম (আঃ)ৰ কিমানতম পুৰুষ আছিল ? 

উঃ ৯০ তম।

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত কেইজন নবীৰ জন্ম হৈছিল ?

উঃ এক জন।

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত জন্ম গ্ৰহণ কৰা একমাত্ৰ নবী (ৰছুল) জন কোন ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আব্দুল্লাহ আৰু মাতাৰ নাম আমিনা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্ম কেতিয়া হৈছিল ?

উঃ ৯ আগষ্ট, ৫৭০ খ্ৰীষ্টাব্দ (১২ ৰবিউল আউৱাল, সোমবাৰ) ফজৰৰ নামাজৰ সময়ত।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ ক’ত কোন বংশত  জন্ম গ্ৰহণ কৰিছিল ?

উঃ আৰবৰ মক্কা নগৰত, বিখ্যাত কোৰাইশ বংশত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পিতা আব্দুল্লাহ কিমান বছৰ বয়সত মৃত্যু বৰণ কৰে ?

উঃ ২৫ বয়সত হজৰত মুহাম্মদ (ছাঃ) জন্মৰ ৬ মাহ আগতে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ মাতৃ কেতিয়া ক’ত পৰলোক গমন কৰে ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ৬ বছৰ বয়সত মাতা আমিনাই লগত লৈ মদিনাত থকা নিজৰ পিতৃগৃহলৈ যায়। তাত স্বামী আব্দুল্লাহৰ কবৰ জিয়াৰত কৰি উভতি অহা পথত আবওৱা নামে স্থানত ইন্তেকাল কৰে। তেতিয়া সিহঁতৰ লগত থকা দাসী উম্মে আইমনে বালক মুহাম্মদক মক্কালৈ লৈ আহে।

প্ৰঃ নবীজীৰ মাতা কিমান বছৰ বয়সত মৃত্যু বৰণ কৰে ?

উঃ ৩০ বছৰ বয়সত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ককাদেউতা (পিতাৰ দেউতাক) আৰু আতা (মাকৰ দেউতাক) কোন কোন আছিল ?

উঃ যথাক্ৰমে আব্দুল মুত্তালিব  আৰু অহাব।

প্ৰঃ হজৰত মুহাম্মদ কাৰ কাৰ দুগ্ধ পান কৰিছিল ?

উঃ নিজ মাতৃ আমিনাৰ (৯ দিন), সুৱাইবিয়া, হালিমা আৰু উম্মে আইমনৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধমাতা হালিমাৰ স্বামীৰ নাম কি ?

উঃ আব্দুল উজজা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধ ভাতৃ আৰু ভনীৰ নাম কি ?

উঃ আব্দুল্লাহ, আনিসা হুজাইফা আৰু শ্বাইমা।

প্ৰঃ কোনে কিমান দিন পিছত মুহাম্মদ (ছাঃ)ৰ আকিকা কৰে ?

উঃ মুহাম্মদ (ছাঃ) জন্মৰ ৭ দিন পিছত তেওঁৰ ককাদেউতাক আব্দুল মুত্তালিবে ।

প্ৰঃ নবীজীৰ নাম কোনে ৰাখে ?

উঃ জন্মৰ সপ্তম দিনত ককাদেউতাক আব্দুল মুত্তালিবে নাম ৰাখে ‘মুহাম্মদ’ আৰু মাতৃ আমিনাই নাম ৰাখে ‘আহম্মদ’।

প্ৰঃ ‘মুহাম্মদ’ আৰু ‘আহম্মদ’ নামৰ অৰ্থ কি ?

উঃ যথাক্ৰমে চৰম প্ৰশংসিত আৰু চৰম প্ৰশংসাকাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্মৰ কিমান দিন পিছত দুগ্ধমাতা হালিমাৰ গৃহলৈ যায় ?

উঃ ২ সপ্তাহ পিছত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) দুগ্ধমাতা হালিমাৰ গৃহত কিমান দিন আছিল ?

উঃ ৫ বছৰ।

প্ৰঃ আব্দুল মুত্তালিব কিমান বছৰ বয়সত ইন্তেকাল কৰে ?

উঃ ৮২ বছৰ বয়সত।

প্ৰঃ আব্দুল মুত্তালিবৰ ইন্তেকালৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল ?

উঃ ৮ বছৰ, ২ মাহ, ১০  দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শ্বিনা চাক (বক্ষ বিদাৰণ) কেইবাৰ হৈছিল ?

উঃ ৪ বাৰ। প্ৰথমবাৰ ৪ বছৰ বয়সত হালিমাৰ গৃহত, দ্বিতীয়বাৰ ১২ বছৰ বয়সত, তৃতীয়বাৰ হীৰা গুহাত নবুয়ত প্ৰাপ্তিৰ প্ৰাকঃকালত আৰু চতু্ৰ্থবাৰ মি’ৰাজৰ ৰাতি।

প্ৰঃ হজৰত মুহাম্মদ সৰ্বপ্ৰথম কোন যুদ্ধত অংশ গ্ৰহণ কৰে ?

উঃ ১৫ বছৰ বয়সত হাৰবুল ফুজ্জাৰ যুদ্ধত।

প্ৰঃ সেই যুদ্ধখনক কিয় ‘হাৰবুল ফুজ্জাৰ’ বুলি কোৱা হয় ?

উঃ এই যুদ্ধ নিষিদ্ধ মাহত সংঘটিত হৈছিল, সেই কাৰণে কোৰাইশসকলে অনিচ্ছা সত্ত্বেও এই যুদ্ধত লিপ্ত হোৱাৰ বাবে  বাধ্য হৈছিল। সেয়ে এই যুদ্ধক ‘হাৰবুল ফুজ্জাৰ’ (পাপীসকলৰ বিৰুদ্ধে যুদ্ধ) বুলি কোৱা হয়।

প্ৰঃ তৰুণ বয়সত তেখেতে কি কি উপাধি পাইছিল ?

উঃ ‘আল-আমিন’ (বিশ্বাসী), আৰু ‘আছ ছাদিক’ (সত্যবাদী)।

প্ৰঃ হজৰত মুহাম্মদ কিমান বছৰ বয়সত ‘হলফুল ফজুল’ নামে সেৱা সংঘ প্রতিষ্ঠা কৰিছিল ?

উঃ ১৯ বছৰ বয়সত।

প্ৰঃ হলফুল ফজুলৰ (কল্যাণৰ শপত) প্রতিজ্ঞাবোৰ কি কি আছিল ?

উঃ (ক) নিঃস্ব দুৰ্গত সকলক সেৱা কৰা, (খ) অত্যাচাৰীসকলক প্ৰাণপণে বাধা দিয়া। (গ)  অত্যাচাৰিত হোৱা ব্যক্তিসকলক সহায় কৰা। (ঘ)  দেশৰ শান্তি শৃঙ্খলা ৰক্ষা কৰা। (ã) বিভিন্ন গোত্ৰৰ মাজত সম্প্ৰীতি স্থাপন কৰা।

প্ৰঃ সৰ্ব প্ৰথম হজৰত মুহাম্মদ (ছাঃ) য়ে কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল ?

উঃ ২৫ বছৰ বয়ত ৪০ বছৰ বয়স্কা বিধবা খাদিজাক বিবাহ কৰে।

প্ৰঃ সিহঁতৰ বিবাহ কোনে পঢ়াইছিল ?

উঃ খাদিজা (ৰাঃ)ৰ খুড়াদেউ আমৰ বিন আছাদ।

প্ৰঃ কোনে সিহঁতৰ বিবাহৰ খুৎবা পাঠ কৰিছিল ?

উঃ আবু তালিব।

প্ৰঃ ‘হাজৰে আসওৱাদ’ (ক’লা পাথৰ) স্থাপন কৰাৰ সময়ত হজৰত মুহাম্মদ (ছাঃ) ৰ বয়স কিমান আছিল ?  

উঃ ৩৫ বছৰ।

প্ৰঃ ‘মক্কাৰ পৰা তিনি মাইল দূৰত থকা হিৰা গুহাত হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ সাধনা (ধ্যান) কৰিছিল ?

উঃ ১৫ বছৰ।

প্ৰঃ জিব্রাইল (আঃ)ৰ লগত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া ক’ত পোন প্ৰথমবাৰ দেখা হয় ?

উঃ ৪০ বছৰ বয়সত, হিৰা গুহাত, ২৭ ৰমজান (১২ ফেব্ৰুৱাৰী, ৬১০  খ্ৰীষ্টাব্দ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত নাজিল (অৱতীৰ্ণ) হোৱা প্ৰথম ছুৰা কি আছিল ?

উঃ ছুৰা আলাক।

প্ৰঃ হিৰা গুহাত তেখেতে কি খাদ্য গ্ৰহণ কৰিছিল ?

উঃ গমৰ ছাতু আৰু পানী।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ  (আঃ) নবুৱত প্ৰাপ্তিৰ পিছত প্ৰকাশ্যে ইছলাম প্ৰচাৰ কৰিছিল নে ?

উঃ প্ৰথম তিনি বছৰ গোপনে ইছলাম প্ৰচাৰ কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ বয়সত নবুৱত পায় ?

উঃ ৪০ বছৰ বয়সত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শৰীৰৰ কোন স্থানত নবুৱতৰ চিহ্ন আছিল ?

উঃ দুই কান্ধৰ মাজত (নূৰানী গোলাকাৰ চিহ্ন)।

প্ৰঃ মোহৰে নূৰানীত কি লিখা আছিল ?

উঃ ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’  (আৰবীত)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দ্বাৰা প্ৰচাৰিত ইছলাম ধৰ্ম সৰ্ব প্ৰথম কোনে গ্ৰহণ কৰিছিল ?

উঃ যথাক্ৰমে খাদিজা (তেখেতৰ স্ত্ৰী), হজৰত আলি, হজৰত জায়েদ, হজৰত আবুবক্কৰ, হজৰত ওচমান, আবুবক্কৰৰ কন্যা আছমা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কিমান বছৰ বয়সত কোৰাইশসকলৰ উদ্দেশ্যি ভাষণ দিছিল ?

উঃ ৪০ বছৰ বয়সত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক’ত আটাইতকৈ বেছি নিষ্ঠুৰভাৱে অত্যাচাৰিত হৈছিল ?

উঃ তায়েফ নামে ঠাইত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) তায়েফত কিমান দিন আছিল ?

উঃ ১০ দিন।

প্ৰঃ কিমান বছৰ বয়সত হজৰত খাদিজা ইন্তেকাল কৰে ?

উঃ ৬৫ বছৰ বয়সত।

প্ৰঃ আবিচিনিয়াৰ খ্ৰীষ্টান বাদশা ইছলাম গ্ৰহণ কৰিছিল নে ?

উঃ হয়।

প্ৰঃ মিৰাজৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান হৈছিল ?

উঃ ৫১ বছৰ ৯ মাহ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক কোনে মিৰাজলৈ লৈ গৈছিল ?

উঃ হজৰত জিব্রাইল  (আঃ)।

প্ৰঃ মিৰাজৰ সময়ত ভিন ভিন আকাশত কাৰ কাৰ লগত হজৰত মুহাম্মদ (ছাঃ)ৰ সাক্ষাত হয় ?

উঃ ১ম আকাশত হজৰত আদম (আঃ), ২য়  আকাশত ইয়াহহিয়া (আঃ) আৰু ঈছা (আঃ),  ৩ য় আকাশত ইউছুফ (আঃ), ৪ৰ্থ আকাশত ইদ্ৰিছ (আঃ), ৫ম আকাশত হাৰুণ (আঃ), ৬ম  আকাশত মুছা (আঃ) আৰু ৭ম আকাশত হজৰত ইব্রাহিম (আঃ)। 

প্ৰঃ মিৰাজৰ পৰা হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ উম্মত (অনুসাৰী)ৰ বাবে কি উপহাৰ লৈ আহিছিল ?

উঃ দৈনিক ৫ ওৱাক্ত নামাজ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মিৰাজলৈ যোৱাৰ আগতে ফৰজ  নামাজ আছিল নে ?

উঃ হয়। ফজৰৰ ২ ৰাকাত আৰু আছৰৰ ২ ৰাকাত নামাজ ফৰজ আছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ চাহাবা (সঙ্গী)সকলৰ মাজত কেইজনে মিৰাজৰ ঘটনা বৰ্ণনা কৰিছে ?

উঃ ২৬ জনে। ২১  জন পুৰুষ, ৫ জনী মহিলা।

প্ৰঃ কাফেৰসকলৰ ভয়ত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া কলৈ হিজৰত কৰিছিল ?

উঃ ২৪ চেপ্তেম্বৰ, ৬২২ খ্ৰীষ্টাব্দত, মদিনালৈ।

প্ৰঃ ‘হিজৰত’ শব্দৰ অৰ্থ কি ?

উঃ নিজ দেশ ত্যাগ কৰি অন্য ঠাইলৈ যোৱা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)য়ে  হিজৰত কৰাৰ সময়ত লগত কোন আছিল ? 

উঃ আবু বক্কৰ।

প্ৰঃ হিজৰত কৰাৰ বাটত সওৰ পৰ্বত গুহাত নবী মুহাম্মদ (ছাঃ) কিমান দিন আত্মগোপন কৰি আছিল ?

উঃ ৩ দিন ৩  ৰাতি।

প্ৰঃ ১০০ উট লাভ কৰাৰ আশাত কোনে হজৰত মুহাম্মদ (ছাঃ) ক ধৰিবলৈ গৈছিল ?

উঃ সুৰাকা।

প্ৰঃ মদিনাত প্ৰৱেশ কৰি হজৰত মুহাম্মদ (ছাঃ) প্ৰথম ক’ত কিমান দিন অৱস্থান কৰিছিল ?

উঃ কোবা গাওঁত বনি আ’ম বংশৰ কুলসুমৰ ঘৰত ১২ দিন।

প্ৰঃ হুজুৰ (ছাঃ) য়ে সৰ্বপ্ৰথম জুমাৰ নামাজ ক’ত কিমানজন নামাজীক লগত লৈ আদায় কৰিছিল ?

উঃ বনি ছালিম মহল্লাত প্ৰায় ১০০ জন অনুগামীক লৈ।

প্ৰঃ মছজিদে নববীৰ দৈর্ঘ্য আৰু প্ৰস্থ কিমান আছিল ? 

উঃ ১০০ হাত দীঘল আৰু ১০০ হাত প্ৰস্থ্। ভেটি ৩ হাত ওখ আছিল।

প্ৰঃ ৰাছুলুল্লাহ (ছাঃ)ৰ জীৱনত সোমবাৰৰ তাৎপৰ্য কি ?

উঃ সোমবাৰ দিন জন্ম গ্ৰহণ কৰে, নবুয়ত পায়, হিজৰত কৰে, মিৰাজলৈ যায়, আৰু এই বাৰত ইন্তেকাল কৰে।

প্ৰঃ মদিনাত হজৰত মুহাম্মদ (ছাঃ) কি ধৰণৰ শত্ৰুৰ মুখামুখি হৈছিল ?

উঃ ত্ৰিমুখী। কুৰাইশ, ইহুদি আৰু মুনাফেকীসকলৰ।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আৰু জনগণনা কোনে কৰিছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সময়কালত মদিনাত কেইটা মছজিদ স্থাপন কৰা হৈছিল ?

উঃ ১০ টা।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদৰ ৰাষ্ট্ৰ পৰিচালনাৰ কেন্দ্ৰ ক’ত আছিল ?

উঃ মদিনা (মছজিদে নববী)।

প্ৰঃ কোনজন যাদুকৰে হজৰত মুহাম্মদ (ছাঃ)ক যাদু কৰিছিল ?

উঃ লবীদ ইবনে আছিম নামৰ এক ইহুদী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত উক্ত যাদুৰ প্ৰভাৱ কিমান দিন আছিল ?

উঃ ৬ মাহ।

প্ৰঃ কোনে হজৰত মুহাম্মদ (ছাঃ) খাদ্যত বিষ প্ৰয়োগ কৰিছিল ?

উঃ জয়নব নামৰ এক ইহুদী নাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ঘোঁৰাৰ নাম কি আছিল ?

উঃ নাহীফা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ খচ্চৰৰ নাম কি আছিল ?

উঃ দুলদুল আৰু তাইয়া।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কি ৰঙৰ পাগুৰী ব্যৱহাৰ কৰিছিল ?

উঃ ক’লা ৰãৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পছন্দনীয় ৰং কি আছিল ?

উঃ বগা আৰু সেউজীয়া।

প্ৰঃ উত্তৰাধিকাৰী সূত্ৰে পোৱা হুজুৰ (ছাঃ)ৰ তৰোৱালখনৰ নাম কি আছিল ?

উঃ মাছুৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ প্ৰথম বিবাহৰ উকালতি কোনে কৰিছিল ?

উঃ খাদিজাৰ সহচৰী নফিছা। তাই উভয় পক্ষৰ আত্মীয়া আছিল।

প্ৰঃ ‘দাৰুন নাদওৱা’ কি আৰু কোনে প্রতিষ্ঠা কৰিছিল ?

উঃ কুৰাইশসকলৰ জাতীয় সংসদ ভৱন। ইয়াক কুছাই’ নামৰ ব্যক্তি এজনে প্রতিষ্ঠা কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক হত্যা কৰিবৰ বাবে কিমানজন কাফেৰ নবীজীৰ ঘৰ ঘেৰাও কৰিছিল ?

উঃ ১৪ জন (২৭ ছফৰৰ ৰাতি)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মক্কাৰ পৰা মদিনালৈ হিজৰত কৰোঁতে কিমান দিন লাগিছিল ?

উঃ ১৪ দিন।

প্ৰঃ হজৰত মুহাম্মদ কিমান দিন বায়তুল মুকাদ্দছৰ পিনে মুখ কৰি নামাজ পঢ়াইছিল ?

উঃ ১৬ মাহ।

প্ৰঃ কোন ওৱাক্তৰ নামাজ পঢ়ি থকা সময়ত কিবলা (আল্লাহৰ ঘৰ) দিশ পৰিৱৰ্তন হয় ?

উঃ জোহৰৰ নামাজ পঢ়াকালীন তৃতীয় ৰাকাতৰ ৰুকুত থকা অৱস্থাত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে ?

উঃ ৪ বাৰ। 

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ আহম্মদ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে ?

উঃ ১ বাৰ।

প্ৰঃ কোৰাণত কিমান বাৰ আল্লাহ তায়ালাই নবীজীক ‘ইয়া আইজুহান নাবিয়ে’ (হে নবী) বুলি সম্বোধন কৰিছে ?

উঃ ১১ বাৰ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন (মছজিদত আজান দিওঁতা) কোন আছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কি ধাতুৰ আঙুঠি আছিল আৰু তাত কি লিখা আছিল ?

উঃ ৰূপাৰ। তাত ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’ লিখা আছিল।

প্ৰঃ হজৰত মুহাম্মদ (আঃ)ৰ আঙুঠিটো কি হৈছিল ?

উঃ হজৰত ওচমান (ৰাঃ) ৰ খিলাফত কালত ৬৫০ খ্ৰীষ্টাব্দত মুছাইকিবে নামৰ এজন চাহাবাৰ হাতৰ পৰা ‘আৰীস’ নামৰ এক জলাহত পৰি যায়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ শেষ বয়সত কিমান চুলি বগা হৈছিল ?

উঃ ১৮-২০ টা।

প্ৰঃ নবীজী ভূমিষ্ঠ  হোৱা বাৰীত এতিয়া কি কৰা হৈছে ?

উঃ বিশাল পুথি ভঁৰাল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ গাৰ বৰণ কেনেকুৱা আছিল ?

উঃ লাবণ্যময়, ৰক্তিম আভাযুক্ত, উজ্জ্বল গমৰ দৰে ৰংবিশিষ্ট।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মুঠ কিমান ঘন্টা পৃথিৱীত আছিল ?

উঃ ২২,৩৩০ দিন, ৬ ঘন্টা। নবী হিচাপে ৮,১৫৬ দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সমসাময়িক ভাৰতীয় ৰজা কোন আছিল ? 

উঃ হৰ্ষবৰ্ধন।

প্ৰঃ বিশ্বত কোন বিপ্লৱ সৰ্বকালৰ বাবে প্ৰযোজ্য ?

উঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ইছলামী বিপ্লৱ।

প্ৰঃ হুজুৰ (ছাঃ) য়ে জীৱনত কিমান যুদ্ধ অভিযান কৰিছিল ?

উঃ ২৪ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) নিজে কিমানটা যুদ্ধৰ সেনাপতি আছিল ?

উঃ ১৯ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)  আৰু কুৰেইশসকলৰ মাজত প্ৰথম যুদ্ধটো ক’ত হৈছিল আৰু কেতিয়া হৈছিল ?

উঃ বদৰ নামে ঠাইত, ৬২৪ খ্ৰীষ্টাব্দত।  

প্ৰঃ বদৰৰ যুদ্ধত নবীৰ পক্ষত কিমানজন আৰু কোৰায়েশসকলৰ পক্ষত কিমানজন সৈন্য আছিল ?

উঃ নবীৰ পক্ষত আছিল ৩১৩  জন আৰু কোৰাইশসলৰ পক্ষত আছিল ১০০০ জন।

প্ৰঃ বদৰৰ যুদ্ধত যুদ্ধবন্ধীসকলৰ লগত হজৰত মুহাম্মদ (ছাঃ) য়ে কেনে আচৰণ কৰিছিল ?

উঃ মুছলমান সৈনিকসকলক খোজকাঢ়ি যাবলৈ দি  যুদ্ধ বন্ধীসকলক উটৰ পিঠিত আৰোহণ কৰাই মদিনালৈ লৈ গৈছিল। পিছত সামান্য পৰিমাণৰ মুক্তিপণ লৈ সকলোকে মুক্ত কৰি দিছিল। যিসকলকৰ মুক্তিপণ দিয়াৰ কোনো সামৰ্থ নাছিল সিহঁতক দহজন নিৰক্ষৰ লোকক স্বাক্ষৰ কৰাৰ প্ৰতিশ্ৰুতি লৈ মুক্তি  দিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ লগত কাফেৰসকলৰ দ্বিতীয় যুদ্ধ কোনটো ?

উঃ উহুদৰ যুদ্ধ।

প্ৰঃ কোন যুদ্ধত সৰ্বপ্ৰথম মুছলমান মহিলাসকলে যোগদান কৰিছিল ?

উঃ উহুদৰ যুদ্ধত।

প্ৰঃ উহুদৰ যুদ্ধত হজৰত মুহাম্মদ (ছাঃ)ৰ কিমানটা দাঁত শ্বহীদ হৈছিল ?

উঃ তলৰ চাৰিটা দাঁত।

প্ৰঃ উহুদৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু এই যুদ্ধত উভয় পক্ষৰ সৈন্য সংখ্যা কিমান আছিল ?

উঃ ৬২৫ খ্ৰাষ্টাব্দত। ইছলামৰ সৈন্য সংখ্যা আছিল ৭০০, আৰু কাফেৰসকলৰ সৈন্য সংখ্যা আছিল ৩,০০০।

প্ৰঃ পৰিখা বা খন্দকৰ যুদ্ধ কেতিয়া হৈছিল ?

উঃ ৬২৭ খ্ৰীষ্টাব্দত।

প্ৰঃ হুদায়বিয়াৰ সন্ধি কেতিয়া হৈছিল ?

উঃ ৬২৮ খ্ৰীষ্টাব্দত।

প্ৰঃ খয়বৰৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?

উঃ ৬২৯ খ্ৰীষ্টাব্দত।

প্ৰঃ কিমান খ্ৰীষ্টাব্দত মক্কা বিজয় হৈছিল ?

উঃ ৬৩০ খ্ৰীষ্টাব্দত।

প্ৰঃ হুনাইন আৰু মুতাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উঃ ৬৩০ খ্ৰাষ্টাব্দত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনৰ শেষ যুদ্ধ কোনটো ?

উঃ তবুকৰ যুদ্ধ (নৱম হিজৰী)।

প্ৰঃ কোন চনত কিমান সংঙ্গী লগত লৈ হজৰত মুহাম্মদ (ছাঃ) বিদায় হজ পালন কৰে ?

উঃ ৬৩২ খ্ৰীষ্টাব্দত (দশম হিজৰী) ১ লাখ ২৪ হাজাৰ সংঙ্গী লগত লৈ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ জীৱন কালত কিমান পৰিমাণৰ ভূখণ্ড ইছলামৰ অধীনলৈ  আহিছিল ?

উঃ ১০ লাখ বৰ্গ কিঃমিঃ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনকালত ইছলামী ৰাষ্ট্ৰৰ কিমানখন প্ৰদেশ আছিল ?

উঃ ১২ খন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)মুঠ কিমান দিন ৰোগ যন্ত্ৰণাত ভোগে ?

উঃ ১২ দিন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষ কোন ওৱাক্তৰ নামাজ পঢ়োৱায়  ?

উঃ মগৰিবৰ ওৱাক্ত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শেষ কথা  (বাণী) কি আছিল ?

উঃ ‘আল্লাহই মোৰ শ্রেষ্ঠ বন্ধু ।’

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ইন্তেকাল কৰাৰ কিমান সময় পিছত কাফন দাফন কৰা হয় ?

উঃ ৩২ ঘন্টা পিছত, মঙ্গলবাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কোন খ্ৰীষ্টাব্দত ইন্তেকাল কৰে ?

উঃ ৬৩২ খ্ৰীষ্ট্ৰাব্দত।

প্ৰঃ হুজুৰ (ছাঃ)ক কোনে গোছল আৰু কাফন দিয়ে আৰু কোনে জানাজা পঢ়ায় ?

উঃ গোছল আৰু কাফন কৰিছিল হজৰত আলি (ৰাঃ) আৰু জানাজা পঢ়াইছিল আবু বক্কৰ। 0 0 0

 

অধ্যায়- ৩০

হজৰত মুহাম্মদ (ছাঃ)ৰ সহধৰ্মীনিসকল

 

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) জীৱনত কেইজনী সহধৰ্মীনি গ্ৰহণ কৰিছিল ?

উঃ সৰ্বমুঠ ১১ জনী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সহধৰ্মীনিসকলক আল্লাহতায়ালই কি বুলি অভিহিত কৰিছিল ? 

উঃ ‘উম্মহাতুল মুমিনিন’ (মুমিনসকলৰ মাতৃ)।

প্ৰঃ মেৰী আৰু ৰায়হানা কোন আছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ বান্দী (দাসী)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ মৃত্যুকালত কেইজনী স্ত্ৰী জীয়াই আছিল ?

উঃ ৯ জনী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালত কেইজনী স্ত্ৰী ইন্তেকাল কৰে ?

উঃ দুইজনী। হজৰত খাদিজা (ৰাঃ) আৰু হজৰত জয়নব বিন্তে খোজায়মা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ প্ৰথমা স্ত্ৰী খাদিজা (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম খোৱাইলিন বিন আসাদ আৰু মাতাৰ নাম ফাতিমা বিন্তে জায়িদ।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) ৰ কোন স্ত্ৰীৰ প্ৰতি স্বয়ং আল্লাহই ছালাম পঠিয়াইছিল ?

উঃ হজৰত খাদিজাৰ (ৰাঃ) ৰ প্ৰতি।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কোনজনী স্ত্ৰীৰ জানাজা হোৱা নাছিল ?

উঃ হজৰত খাদিজা (ৰাঃ)ৰ, কাৰণ তেতিয়ালৈকে জানাজা প্ৰথাৰ প্ৰৱৰ্তন হোৱা নাছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ঔৰষত হজৰত খাদিজাৰ গৰ্ভত কেইজন সন্তানৰ জন্ম হৈছিল ?

উঃ চাৰিজন পুত্ৰ, যথা: কাশেম, আব্দুল্লাহ, তৈয়িব আৰু তাহিৰ। চাৰি কন্যা, যথাঃ জয়নব, ৰুকাইয়া, উম্মে কুলছুম আৰু ফাতেমা।

প্ৰঃ নবীজীৰ আন কোন স্ত্ৰীৰ গৰ্ভত সন্তান হৈছিল ?

উঃ মেৰীৰ গৰ্ভত নবীজীৰ পঞ্চম পুত্ৰ ইব্রাহিমৰ জন্ম হৈছিল। (খাদিজা আৰু মেৰীৰ বাহিৰে অন্যান্য স্ত্ৰীসকলৰ গৰ্ভত কোনো সন্তান হোৱা নাছিল।)

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দ্বিতীয় বিবাহ কিমান বছৰ বয়সত কাৰ লগত হৈছিল ?

উঃ ৫০ বছৰ বয়সত, সওদা (ৰাঃ)ৰ লগত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কুমাৰী স্ত্ৰীৰ নাম কি আছিল ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কুমাৰী স্ত্ৰী হজৰত আয়েশা (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আবু বক্কৰ আৰু মাতাৰ নাম আছিল উম্মে ৰুমান।

প্ৰঃ মুহাম্মদ (ছাঃ)ৰ ইন্তেকালৰ সময়ত হজৰত আয়েশা (ৰাঃ)ৰ বয়স কিমান হৈছিল ?

উঃ ১৮ বছৰ।

প্ৰঃ কোন উম্মত জননীৰ সতীত্বৰ সাক্ষী কোৰাণ ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হজৰত আয়েশাই মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছে ?

উঃ ২,২১০ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চতুৰ্থ স্ত্ৰীৰ নাম কি ?

উঃ হজৰত হাফশা (ৰাঃ)।

প্ৰঃ হজৰত হাফশা (ৰাঃ)ৰ পিতাৰ আৰু মাতাৰ নাম কি ?

উঃ পিতাৰ নাম ওমৰ ফাৰুক আৰু মাকৰ নাম জয়নব বিন্তে মায়উন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)য়ে তেখেতৰ কোন স্ত্ৰীক এক তালাক দি আল্লাহৰ হুকুমত ঘূৰাই লৈছিল ?

উঃ হজৰত হাফশা (ৰাঃ)ক।

প্ৰঃ হজৰত হাফশাই সৰ্বমুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৬০ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)পঞ্চমা স্ত্ৰীৰ নাম কি ?

উঃ জয়নব বিন্তে খুজাইমাহ।

প্ৰঃ জয়নব (ৰাঃ) কিমান বছৰ  বয়সত মৃত্যু বৰণ কৰিছিল ?

উঃ ৩০ বছৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ স্ত্ৰীসকলৰ মাজত একমাত্ৰ কাৰ জানাজা পঢ়াইছিল ?

উঃ হজৰত জয়নব বিন্তে খুজাইমাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ ভিতৰত কোনজনী দীৰ্ঘায়ু আছিল আৰু সৰ্বশেষত ইন্তেকাল কৰিছিল ?

উঃ হজৰত উম্মে ছালমা (ৰাঃ), ৮৪ বছৰ বয়সত ইন্তেকাল কৰে।

প্ৰঃ জয়নব বিন্তে জাহাশৰ আচল নাম বৰ্ৰাহ ( বেজি ) সলনি কৰি কোনে জয়নব ৰাখিছিল ?

উঃ হুজুৰ মুহাম্মদ (ছাঃ)য়ে।

প্ৰঃ স্বয়ং আল্লাহই কোন জনী নাৰীক হুজুৰ (ছাঃ)য়ে বিবাহ কৰিব লাগে বুলি নিৰ্দেশ পঠাইছিল ?

উঃ হজৰত জয়নব বিন্তে জাহাশ (ৰাঃ) ক।

প্ৰঃ হজৰত জয়নব বিন্তে জাহাশৰ পূৰ্ব স্বামীৰ নাম কি আছিল ?

উঃ জায়েদ বিন হাৰিছাহ।

প্ৰঃ জয়নব বিন্তে হাৰিশ মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল ?

উঃ মুঠ ১১ টা।

প্ৰঃ হজৰত জুৱাইৰিয়া বিন্তে হাৰিছ কোন যুদ্ধত বন্দিনী হৈ আহিছিল ?

উঃ বানী মুস্তালিক যুদ্ধত।

প্ৰঃ হুজুৰ (ছাঃ) ৰ  নবমা স্ত্ৰী উম্মে হাবিবাৰ পিতাৰ নাম কি ?

উঃ কুৰাইছ চৰ্দাৰ আবু সুফিয়ান বিন হাৰব।

প্ৰঃ নবীজীৰ কোন স্ত্ৰী নিজৰ পিতাক মুছলমান নোহোৱা বাবে হুজুৰৰ বিছনাত বহিবলৈ দিয়া নাছিল ?

উঃ উম্মে হাবিবা (ৰাঃ)।

প্ৰঃ উম্মে হাবিবা (ৰাঃ) মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৬৫ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ  দশমা স্ত্ৰীৰ নাম কি আছিল ?

উঃ ছফিয়া (ৰাঃ)।

প্ৰঃ ছফিয়া কোন গোত্ৰৰ কন্যা আছিল ?

উঃ ইহুদি বংশৰ বনু নাজিৰ গোত্ৰৰ চৰ্দাৰ হুয়াইয়েৰ কন্যা আছিল।

প্ৰঃ ছফিয়া কোন যুদ্ধত মুছলমানসকলৰ হাতত বন্দিনী হৈ আহিছিল ?

উঃ খয়বৰ যুদ্ধত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষত কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল ?

উঃ ৫৯ বছৰ বয়সত, হজৰত মাইমুনা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সৰ্বশেষ পত্নী মাইমুনা (ৰাঃ)ৰ পিতাৰ নাম আৰু মাতাৰ কি আছিল ?

উঃ পিতাৰ নাম হাৰিশ বিন হাৰিশ আৰু মাতাৰ নাম  হিনদা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোন কোন স্ত্ৰী বিয়াৰ সময়ত ইছলাম গ্ৰহণ কৰিছিল ?

উঃ হজৰত ছফিয়া (ৰাঃ) আৰু হজৰত জুৱাইৰিয়া (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ বহু বিবাহৰ কাৰণ কি আছিল ?

উঃ (ক) আল্লাহৰ নিৰ্দেশ, (খ) ইছলাম প্ৰচাৰৰ সুবিধাৰ্থে, (গ) নাৰী জাতিৰ যথাৰ্থ স্বাধীনতা দিয়াৰ প্ৰমাণ স্বৰূপে , (ঘ) আৰবৰ বিভিন্ন গোত্ৰৰ সমন্বয়ৰ উদ্দেশ্যে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ বাবে বাৰ্ষিক কিমান পৰিমাণৰ খাদ্য নিৰ্দিষ্ট কৰা আছিল ?

উঃ ৪০০ মোণ (৪০ কেজিত এক মোণ) খেজুৰ আৰু ১০০ মোণ যব।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ পত্নীসকল বিশ্বৰ অন্যান্য নাৰীসকলৰ তুলনাত কি বিশেষ মৰ্যদাৰ অধিকাৰিনী আছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পত্নীগণ সকলো লোকৰ মাতৃৰ সমতুল্য। হজুৰ (ছাঃ)ৰ ইন্তেকালৰ পিছত সিহঁতৰ পুনঃবিবাহ হাৰাম।

প্ৰঃ জান্নাত (বিহিস্ত)ত হজৰত মুহাম্মদ (ছাঃ) য়ে কোন কোন ৰমনীক স্ত্ৰী হিচাপে লাভ কৰিব ?

উঃ ইমৰাণ কন্যা মাৰিয়াম, মুজাহিমৰ কন্যা আছিয়া, আৰু মুছা (আঃ)ৰ ভনী কুলছুম।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ মাজত কোন কোন স্ত্ৰী কোৰাইশ বংশীয় আছিল ?

উঃ খাদিজা (ৰাঃ), আয়েশা (ৰাঃ), হাফছা (ৰাঃ), উম্মে ছালমা (ৰাঃ), উম্মে হাবিবা (ৰাঃ), আৰু সওদা (ৰাঃ)। বাকীবোৰে  অকোৰাইশ বংশীয় আছিল। 0 0 0

 

অধ্যায়- ৩১

হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকল

 

প্ৰঃ ‘চাহাবা’ শব্দৰ আভিধানিক অৰ্থ কি ?

উঃ সঙ্গী বা সহচৰ (বহুবচন ‘আসহাব’)।

প্ৰঃ কোন ব্যক্তিসকলক হজৰত মুহাম্মদ (ছাঃ) ৰ চাহাবা বুলি কোৱা হয় ?

উঃ যিসকল লোকে হুজুৰ (ছাঃ)ৰ জীৱন কালত ইছলাম গ্ৰহণ কৰিছিল, নবীক নিজ চকুৰে দেখা পাইছিল আৰু ঈমান অৱস্থায় মৃত্যু বৰণ কৰিছিল সেইসকল লোকক হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবা বুলি কোৱা হয়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকল কেই ভাগত বিভক্ত ?

উঃ দুই ভাগত, যথা: মুহাজিৰ আৰু আনছাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোন চাহাবাসকলক ‘মুহাজিৰ’ বোলা হয় ?

উঃ হজুৰ মুহাম্মদ (ছাঃ)ৰ যিসকল চাহাবাই হজৰত মুহাম্মদ (ছাঃ) ক অনুসৰণ কৰি লগত বা পিছত মদিনালৈ হিজৰত কৰিছিল সেইসকলক ‘মুহাজিৰ’ বুলি কোৱা হয়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোনসকল চাহাবাক ‘আনছাৰ’ বুলি কোৱা হয় ?

উঃ যিসকল লোকে হজৰত মুহাম্মদ (ছাঃ) আৰু মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা চাহাবা (মুহাজিৰ)সকলক মদিনাত আশ্ৰয় দিছিল বা বিভিন্ন প্ৰকাৰে সহায় কৰিছিল সেইসকলক ‘আনছাৰ’ বোলে ।

প্ৰঃ কোনসকল লোকক ‘আছহাবে ছুুফফা’ বুলি কোৱা হয় ?

উঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সান্নিধ্য লাভৰ আশাত যিসকল লোকে (চাহাবাই) নিজৰ ঘৰ-বাৰী ত্যাগ কৰি মছদিনুন নববীতে দ্বীন ইছলাম শিক্ষাৰ উদ্দেশ্যে অৱস্থান কৰিছিল সেইসকলক ‘আছহাবে সুফফা’ বোলা  হয়।

প্ৰঃ কোন চহাবাসকলক ‘আছাৰায়ে মুবাছছৰা’ (দহ সুসংবাদপ্ৰাপ্ত) বোলা হয় ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকলৰ ভিতৰত যিকেইজনে আল্লাহৰ তৰফৰ পৰা বিহিস্ত পোৱাৰ নিশ্চিয়তা লাভ কৰিছিল সেইসকলক ‘আছাৰায়ে মুবাছছৰা’ বোলা হয়। সিহঁত হ’ল: আবু বক্কৰ (ৰাঃ), উমৰ ফাৰুক (ৰাঃ), উছমান গণি (ৰাঃ), হজৰত আলি (ৰাঃ), হজৰত তাহলা (ৰাঃ), হজৰত জুবায়েৰ (ৰাঃ),  আব্দুল ৰহমান বিন আউফ (ৰাঃ), ছায়াদ বিন আবি আক্কাছ (ৰাঃ),  ছাইদ বিন জায়েদ (ৰাঃ) আৰু আবু উবাইদা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকলৰ সংখ্যা কিমান আছিল ?

উঃ ১ লাখ ২৪ হাজাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দৰবাৰত কিমানজন কবি আছিল ?

উঃ তিনি জন। হজৰত আছহান বিন ছাবিত (ৰাঃ), হজৰত কায়াববিন (ৰাঃ),  হজৰত আব্দুল্লাহ বিন ৰাওৱাহা (ৰাঃ)।

প্ৰঃ জান্নাতুল বাকিত সৰ্বপ্ৰথম কোন চাহাবা কবৰস্থ হৈছিল ?

উঃ হজৰত উছমান বিন মাজউন  (ৰাঃ)।

প্ৰঃ মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে কাবা শ্বৰিফৰ ওপৰত উঠি আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ মৃত্যু সংবাদ শুনি কোনজন চাহাবাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে ?

উঃ হজৰত আব্দুল্লাহ বিন উলাইছ (ৰাঃ)।

প্ৰঃ ‘শ্বাইফুল্লাহ’ (আল্লাহৰ অশি) কাক কোৱা হয় ?

উঃ হজৰত খালিদ বিন ওৱালিদ (ৰাঃ)ক।

প্ৰঃ ‘আমিনুল উল্লাহ’ কাৰ উপাধি ?

উঃ হজৰত আবু উবাইদা বিন জাৰাহ (ৰাঃ)।

প্ৰঃ ‘হাকিমুল উম্মত’ কাক কোৱা হয় ?

উঃ হজৰত আবু দাৰদা (ৰাঃ)।

প্ৰঃ ‘ছোহেবুছ ছিৰ্ৰে’ কাৰ উপাধি ?

উঃ হজৰত হুজাইফা (ৰাঃ)।

প্ৰঃ কোন চাহাবা ‘খতীবে ৰছুল’ উপাধি পাইছিল ?

উঃ হজৰত ছাবিদ বিন কাইশ আনছাৰী (ৰাঃ)।

প্ৰঃ ‘হিব্রুল  উম্মত’ (উম্মতৰ  শ্রেষ্ঠ পণ্ডিত) কোন আছিল ?

উঃ হজৰত আব্দুল্লাহ ইবনে আব্বাস  (ৰাঃ)।

প্ৰঃ আব্দুল ইবনে আব্বাসৰ উপাধি কি আছিল ?

উঃ বাহাৰুল উলুম (বিদ্যাসাগৰ)।

প্ৰঃ বিধৰ্মীসকলৰ মাজত আতঙ্ক সৃষ্টিকাৰী কোন আছিল ?

উঃ হজৰত হামজা (ৰাঃ)।

প্ৰঃ হজৰত হামজা (ৰাঃ) কাৰ হাতত শ্বহীদ হয় ?

উঃ হাবছী গোলাম ওৱাহছী বিন হাৰেবৰ হাতত।

প্ৰঃ কোন সময় ওৱাহছী মুছলমান হৈছিল?

উঃ মক্কা বিজয়ৰ পিছত নবীজীৰ ওচৰত ক্ষমা খুজি মুছলমান হৈছিল।

প্ৰঃ কোনে হজৰত হামজা (ৰাঃ)ৰ কলিজা চোবাই নাক, কাণ কাটি মালা তৈয়াৰ কৰি ডিঙিত পৰিধান কৰিছিল ?

উঃ হিন্দা বিন্তে উৎবাহ।

প্ৰঃ কোন চাহাবা নিজকে মুনাফিক বুলি নবীজীৰ ওচৰত ক্ষমা খুজিছিল ?

উঃ হজৰত হালজালা বিন ৰবীই তামীমী (ৰাঃ)।

প্ৰঃ কোন চাহাবা শ্বহীদ হোৱাৰ পিছত ফিৰিস্তাসকলে তাৰ গা ধোৱাই দিছিল ?

উঃ হজৰত হানজালা বিন আমেৰ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ মৃত্যুত আৰশ কঁপি উঠিছিল, জানাজাৰ খাট ফিৰিস্তাসকলে বহন কৰিছিল আৰু ৭০ হাজাৰ ফিৰিস্তা জানাজাত অংশ গ্ৰহণ কৰিছিল ?

উঃ হজৰত ছায়াদ বিন মুয়াজ (ৰাঃ)।

প্ৰঃ কোন কোন চাহাবা মৃত্যুৰ পিছতো কথা কৈছিল ?

উঃ হজৰত ৰবীউ (ৰাঃ) আৰু উচমান গণি (ৰাঃ)।

প্ৰঃ দাজ্জালক কোন চাহাবাই দেখা পাইছিল ?

উঃ হজৰত তামীম দাৰী (ৰাঃ)।

প্ৰঃ কোন চাহাবা চয়তানক তিনি দিন বন্ধী কৰি ৰাখিছিল ?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত কাৰ মৰ্যদা কেনেকুৱা আছিল ?

উঃ মুহাজিৰ আৰু আনছাৰসকলৰ মাজত আহলে হুদায়বিয়া শ্রেষ্ঠ। আহলে হুদায়বিয়াতকৈ আহলে বদৰ শ্রেষ্ঠ। আহলে বদৰতকৈ খেলাফায়ে ৰাশেদীন শ্রেষ্ঠ। খেলাফায়ে ৰাশেদিনসকলৰ ভিতৰত হজৰত আবু বক্কৰ (ৰাঃ) শ্রেষ্ঠ ।

প্ৰঃ বদৰৰ যুদ্ধত সৰ্বপ্ৰথম কোন শ্বহীদ হৈছিল ?

উঃ হজৰত মাজাহ বিন সালেহ (ৰাঃ)।

প্ৰঃ ইছলাম প্ৰচাৰৰ কাৰণে সৰ্বপ্ৰথম কোন চাহাবা মদিনালৈ গৈছিল ?

উঃ হজৰত মুছআব বিন উমাইৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ মাজত কাক ‘ইউছুফ’ বোলা হয় ?

উঃ হজৰত জাৰিৰ বিন আব্দুল্লাহ আলবাজ্জালী (ৰাঃ)।

প্ৰঃ কোন চাহাবা সৰ্বপ্ৰথম অহি (প্ৰত্যাদেশ) লিখাৰ সৌভাগ্য লাভ কৰে ?

উঃ হজৰত খালিদ বিন ছায়ীদ (ৰাঃ)।

প্ৰঃ সৰ্বশেষ কোনে অহি লিখিছিল ?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ কোন চাহাবীদ্বয় জান্নাতত যুৱকসকলকৰ চৰ্দাৰ হ’ব ?

উঃ হজৰত হাছান (ৰাঃ) আৰু হজৰত হুছাইন (ৰাঃ)।

প্ৰঃ কোন চাহাবীৰ দাফন কৰাৰ আগত ৰাছুলুল্লাহ তাইৰ কবৰত শয়ন কৰিছিল ?

উঃ আবু তালেবৰ স্ত্ৰী হুজুৰ (ছাঃ)ৰ খুড়ী হজৰত ফাতিমা বিন্তে আছাদ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ আটাইতকৈ বেছি বয়সত মৃত্যু হৈছিল ?

উঃ হজৰত ছালমান ফাৰছী (প্ৰায় ৮০০ বছৰ জীয়াই আছিল। অন্য মতে ৩৪৯ বছৰ বয়সত মৃত্যু বৰণ কৰিছিল।

প্ৰঃ পৃথিৱীৰ পৰা কোনজন চাহাবা সৰ্বশেষত ইন্তেকাল কৰে ?

উঃ হজৰত আবু তোফয়েল আমিৰ (ৰাঃ) ১০০ হিজৰিত মক্কা নগৰত ইন্তেকাল কৰে। 0 0 0

 

অধ্যায়- ৩২

হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)

 

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ) ৰ বাল্য নাম কি আছিল ?

উঃ আব্দুল্লাহ।

প্ৰঃ ‘আবু বক্কৰ’ শব্দৰ অৰ্থ কি ?

উঃ তৰুণ উটৰ মালিক।

প্ৰঃ আবু বক্কৰ ছিদ্দিক (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আবু কাহাফা উছমান আৰু মাতাৰ নাম ছালমা।

প্ৰঃ ‘ছিদ্দিক’ উপাধিৰ বাহিৰে আবু বক্কৰৰ আন কি কি উপাধি আছে ?

উঃ আতীক, ইয়াৰেগাৰ, খলিফাতুৰ ৰাছুল।

প্ৰঃ কোনে কেতিয়া আবু বক্কৰ (ৰাঃ)ক ‘ছিদ্দিক’ উপাধি প্ৰদান কৰিছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ) য়ে। ৰাছুলুল্লাহ (ছাঃ)ৰ মিৰাজৰ ঘটনা শুনি কাফেৰসকলে যেতিয়া বিদ্ৰূপ কৰিছিল তেতিয়া হজৰত আবু বক্কৰ (ৰাঃ) বিনা দ্বিধাই মিৰাজৰ ঘটনাৰ সত্যতা স্বীকাৰ কৰি লৈছিল। তেতিয়া হজৰত মুহাম্মদ (ছাঃ)য়ে তেওঁক ‘ছিদ্দিক’ (বিশ্বাসী, সত্যবাদী) উপাধি প্ৰদান কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) জীৱিত অৱস্থাত আবু বক্কৰ (ৰাঃ) য়ে কিমান ৰাকাত নামাজ পঢ়া ইছিল ?

উঃ ১৭ ৰাকাত।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পুত্ৰ কেইজন আছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ তিন জন, যথাক্ৰমে: আব্দুল্লাহ, আব্দুৰ ৰহমান, আৰু মুহাম্মদ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ কিমানজনী কন্যা সন্তান আছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ ৩ জনী, যথাক্ৰমে: আছমা, আছিয়াহ আৰু উম্মে কুলছুম (ৰাঃ)। 

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)কি ব্যৱসায় কৰিছিল ?

উঃ কাপোৰৰ ব্যৱসায়।

প্ৰঃ মুছলমান হোৱাৰ সময়ত আবু বক্কৰ (ৰাঃ)ৰ হাতত কিমান নগদ অৰ্থ আছিল ?

উঃ ৪০ হাজাৰ দিৰহাম।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মত (অনুগামী)সকলৰ ভিতৰত কোনে সৰ্বপ্ৰথম বিহিস্তত প্ৰৱেশ কৰিব ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ খিলাফত কালৰ ডাঙৰ কীৰ্তি কি ?

উঃ কোৰাণ একত্ৰিতকৰণ, ধৰ্মত্যাগীসকলৰ বিৰুদ্ধে জিহাদ আৰু ভণ্ডনবী মুছায়লামা কাজ্জাবক হত্যা।

প্ৰঃ কোন পৰিয়ালৰ চাৰি পুৰুষ হজৰত মুহাম্মদৰ চাহাবা হোৱাৰ সৌভাগ্য হৈছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ। আবু বক্কৰৰ পিতা আবু কাহাফা (ৰাঃ), হজৰত আবু বক্কৰ (ৰাঃ) নিজে, তাৰ পুত্ৰ আব্দুৰ ৰহমান (ৰাঃ) আৰু আব্দুৰ ৰহমানৰ পুত্ৰ মুহাম্মদ (ৰাঃ)।

প্ৰঃ আবু কাহাফা কিমান বছৰ বয়সত ইন্তেকাল কৰে ?

উঃ ৯৭ বছৰ।

প্ৰঃ ইছলামৰ প্ৰথম খলিফা হজৰত আবু বক্কৰ (ৰাঃ) কিমান বছৰ ইছলামী সম্ৰাজ্য শাসন কৰে ?

উঃ মুঠ ২ বছৰ, ৩ মাহ (৬৩২- ৬৩৪ খ্ৰীঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ)ৰ খিলাফত কালত কোন কি দপ্তৰত আছিল ?

উঃ স্বৰাষ্ট্ৰ: হজৰত ওমৰ (ৰাঃ), অৰ্থ: আবু উবাইদা (ৰাঃ), যোগাযোগ: উছমান গণি (ৰাঃ) আৰু বিচাৰ বিভাগ: হজৰত আলি (ৰাঃ)।

প্ৰঃ কোন ব্যক্তি কোন ধৰণৰ যুক্তিতৰ্ক অবিহনেই ইছলাম কবুল (গ্ৰহণ) কৰিছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কোন খিলাফায়ে ৰাশিদীনৰ মৃত্যুত মক্কা কঁপি উঠিছিল ?

উঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ) কিমান বছৰ বয়সত কোন সময় ইন্তেকাল কৰে ?

উঃ ৬৩ বছৰ বয়সত, সোমবাৰ সৰ্যোদয়ৰ পিছত (২২ আগষ্ট ৬৩৪ খ্ৰীঃ)

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)ৰ কবৰ কোন ঠাইত ?

উঃ মদিনাত হুজুৰ (ছাঃ)ৰ কবৰৰ সোঁকাষত।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ জানাজাৰ নামাজ কোনে পঢ়াইছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)। 0 0 0

 

অধ্যায়- ৩৩

হজৰত ওমৰ ফাৰুক (ৰাঃ)

 

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ৫৮৩ খ্ৰীঃত বনু আদী গোত্ৰত।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম খাত্তাপ  বিন নুফাইল আৰু মাতাৰ নাম খানতানাহ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কোন খ্ৰীষ্টাব্দত কিদৰে ইছলাম গ্ৰহণ কৰে ?

উঃ ৬১৬ খ্ৰীষ্টাব্দত ৩৪ বছৰ বয়সত, সহোদৰ ভনী ফাতিমা (ৰাঃ)ৰ কণ্ঠত পৱিত্ৰ কোৰাণৰ বাণী শুনি মুগ্ধ হৈ।

প্ৰঃ কি পুৰস্কাৰৰ লোভত হজৰত ওমৰ ফাৰুক (ৰাঃ) হজৰত মুহাম্মদ (ছাঃ) ৰ মূৰ কাটিবলৈ গৈছিল ?

উঃ ১০০০ স্বৰ্ণমুদ্ৰা আৰু ১০০ উট লাভৰ আশাত।

প্ৰঃ কোনে কেইজন সঙ্গী লগতলৈ প্ৰকাশ্যে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰে ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) ২০ জন সঙ্গী লগত লৈ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ইন্তেকালৰ সময়ত হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ অৱস্থা কি হৈছিল ?

উঃ জ্ঞান হাৰা হৈছিল।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেইজনী স্ত্ৰী গ্ৰহণ কৰিছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ পাঁচ জনী, যথা: জয়নব, কাৰীবা, মালায়কা, জামিলা আৰু উম্মে কুলছুম।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) তেওঁৰ দ্বিতীয়া  পত্নী কাৰীবা আৰু তৃতীয়া পত্নী মালায়কাক কিয় তালাক দিছিল ?

উঃ ইছলাম গ্ৰহণ নকৰাৰ বাবে।

প্ৰঃ প্ৰথম স্ত্ৰী জয়নবৰ গৰ্ভত কেইজন সন্তান হৈছিল ?

উঃ দুইজন, যথা: আব্দুল্লাহ (ৰাঃ) আৰু হাফছা (ৰাঃ)।

প্ৰঃ সৰ্ব প্ৰথম ‘আমীৰুল মুমেনিন’ উপাধি কোনে পাইছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কিমান বছৰ খেলাফতৰ দায়িত্বত আছিল ?

উঃ ১০ বছৰ, ৬ মাহ, ৮ দিন (৬৩৪-৬৪৪ খ্ৰীঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) কাৰ হাতত শ্বহীদ হয় ?

উঃ ইৰানী ক্ৰীতদাস ফিৰোজ ওৰফে আবু লুলু মছজিদে নববীত ফজৰৰ নামাজ পঢ়াই থকা অৱস্থাত তৰোৱালৰ দ্বাৰা পিছৰ পৰা ছয়বাৰ আঘাত কৰি পিছত নিজে আত্মহত্যা কৰে।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ জানাজা কোনে পঢ়াইছিল ?

উঃ তেওঁৰ অছিহত অনুযায়ী মুক্ত দাস হজৰত সুহাইব ৰুমী (ৰাঃ)।

প্ৰঃ এবাৰ মদিনাত ভূমিকম্প হোৱাত কাৰ লাঠিৰ কোবৰ ভয়ত আজিলৈকে তাত ভূমিকম্প হোৱা নাই ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) ৰ দিনত কিমান মছজিদ নিৰ্মাণ হৈছিল ?

উঃ ৪,০০০ টা। ইয়াৰ ৯০০ জামে মছজিদ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ খেলাফত কালত কিমান চহৰ স্থাপন কৰা হৈছিল ?

উঃ ১০৩৬টা।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম গোয়েন্দা পুলিছ আৰু গুপ্তচৰ বিভাগ কোনে প্ৰৱৰ্তন কৰিছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুকৰ অমৰ কীৰ্তি কি কি ?

উঃ চৰকাৰী দপ্তৰৰ প্ৰৱৰ্তন, ভূমি জৰীপ, লোকগণনা, পেনচন প্ৰথাৰ প্ৰৱৰ্তন, ২০ ৰাকাত তাৰাবীৰ নামাজ জামাতত পঢ়াৰ ব্যৱস্থা, সৰ্বপ্ৰথম স্থায়ী সেনা বিভাগ স্থাপন, আদালত পন্থাৰ পৰিৱৰ্তন, আৰু দেশত্যাগী আইনৰ প্ৰৱৰ্তন।

প্ৰঃ হিজৰী চন কোনে কেতিয়া, প্ৰৱৰ্তন কৰে ?

উঃ হজৰত ওমৰ (ৰাঃ) ১৬ হিজৰীত।

প্ৰঃ খলিফায়ে ৰাশেদিনৰ মাজত সৰ্বপ্ৰথম কোনে শ্বাহাদত বৰণ কৰে ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) মৃত্যুৰ প্ৰাকঃকালত আব্দুল্লাহ বিন ওমৰ (ৰাঃ)ক খলিফা মনোনীত কৰাৰ প্ৰস্তাৱ কৰাত তেওঁ কি কৈছিল ?

উঃ তেওঁক খলিফা মনোনীত নকৰি খলিফা নিৰ্বাচন কৰা পৰামৰ্শ সভাৰ সভ্য কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছিল।

প্ৰঃ খলিফায়ে ৰাশ্বেদিনসকলৰ ভিতৰত কাৰ শাসন কালক ইছলামী হুকুমতৰ স্বৰ্ণযুগ বুলি কোৱা হয় ?

উঃ হজৰত  ওমৰ ফাৰুক (ৰাঃ)ৰ ।

প্ৰঃ খলিফা পদৰ পৰৱৰ্তী উত্তৰাধিকাৰ হিচাপে হজৰত ওমৰ (ৰাঃ) কোন ছয়জন ব্যক্তিক অছিয়ত কৰি থৈ যায় ?

উঃ যথাক্ৰমে: হজৰত আলি (ৰাঃ), হজৰত উচমান গণি (ৰাঃ), হজৰত আব্দুৰ ৰহমান বিন আউফ (ৰাঃ), হজৰত সা’দ (ৰাঃ), হজৰত জুবাইৰ (ৰাঃ) আৰু হজৰত তালহা (ৰাঃ)।0 0 0  

 

অধ্যায়- ৩৪

হজৰত ওচমান গণি (ৰাঃ)

 

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ৫৭৩ খ্ৰীঃত বনু উমাইয়া বংশত।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আফফান বিন আবিল আছ বিন উমাইয়া আৰু মাতাৰ নাম আৰবী বিন্তে কাবৰাজ।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) যেতিয়া মুছলমান হয় তেতিয়া মুছলমানসকলৰ সংখ্যা কিমান আছিল ?

উঃ ১৪ জন।

প্ৰঃ হজৰত ওচমান যেতিয়া ইছলাম গ্ৰহণ কৰিছিল তেতিয়া তেওঁৰ খুড়াই তাক কেনেদৰে উৎপীড়ন কৰিছিল ?

উঃ হাত ভৰি ৰচীৰে বান্ধি নিৰ্দয়ভাৱে কোবাইছিল।

প্ৰঃ সৰ্বপ্ৰথম সস্ত্ৰীক হিজৰত কৰিছিল কোনে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ হজৰত উচমান গণি (ৰাঃ) কিমান বছৰ আবিচিনিয়াত আছিল ?

উঃ ৯ বছৰ।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) ক কিয় ‘জিন্নুৰাইন’ বুলি কোৱা হয় ?

উঃ হজৰত উচমান গণি (ৰাঃ) য়ে হজৰত ৰুকিয়াৰ ইন্তেকালৰ পিছত হজৰত মুহাম্মদ (ছাঃ)ৰ অন্য এক কন্যা উম্মে কুলছুমক বিবাহ কৰে। সেয়ে তেওঁক ‘জিন্নুৰাইন’ (দুই ৰত্নৰ অধিকাৰী) বুলি কোৱা হৈছিল।

প্ৰঃ হজৰত ওচমান গণিৰ প্ৰধান মন্ত্ৰী কোন আছিল ?

উঃ মাৰোৱান।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কোন কোন দ্বীপ জয় কৰে ?

উঃ কাবৰাছ, ক্ৰেট, মালটা আদি।

প্ৰঃ কোন মুছলিম শাসক পোন প্ৰথমতে সেনাবাহিনী গঠন কৰি সামুদ্ৰিক অভিযান আৰম্ভ কৰে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ হজৰত ওচমান (ৰাঃ)ক কিয় ‘গণি’ বুলি কোৱা হয় ?

উঃ হজৰত ওচমান (ৰাঃ) আৰবৰ এজন বিখ্যাত অতি ধনী ব্যক্তি আছিল।  সেয়ে তেওঁক ‘গণি’ (ধনী) বুলি কোৱা হয়।

প্ৰঃ কোন চাহাবায়ে প্ৰতিদিন একজনকৈ দাস মুক্ত কৰি দিছিল ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে কাক তেখেতৰ উম্মতৰ মাজত অতি লজ্জাশীল বুলি অভিহিত কৰিছে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ ওচমান গণি (ৰাঃ)ক কিয় ‘জামিউল কোৰাণ’ (কোৰানৰ সন্নিবেশকাৰী) বোলা হয় ?

উঃ হজৰত ওচমান গণি (ৰাঃ) তিনিটা মূল কোৰাণৰ পৰা ৭ টা কপি কৰি সাতজন হাফিজক স্বৰ আৰু সুৰত অভ্যস্ত কৰি বিভিন্ন প্ৰদেশলৈ পঠাই দিছিল। সেয়ে তেওঁক ‘জামিউল কোৰাণ’ (কোৰাণ সন্নিবেশকাৰী) বুলি কোৱা হয়।

প্ৰঃ জুমাৰ দিন দুবাৰ আজান দিয়াৰ প্ৰথা কোনে প্ৰৱৰ্তন কৰে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ কোন খলিফাক  মুছলমানসকলে সৰ্বপ্ৰথম শ্বহীদ কৰে ?

উঃ হজৰত  ওচমন গণি (ৰাঃ)।

প্ৰঃ তেওঁৰ শাসনকালত অশান্তি বৃদ্ধিৰ কাৰণ কি ?

উঃ খলিফাৰ স্বজনপ্ৰীতি। 

প্ৰঃ কোনে হজৰত ওচমান গণি (ৰাঃ)ক কেনেদৰে হত্যা কৰিছিল ?

উঃ হজৰত ওচমান গণি (ৰাঃ)ৰ শাসনকালত কিছুমান লোকে খিলাফতৰ বিষয় লৈ তেওঁৰ বিৰোধিতা কৰি এবাৰ মদিনাত তেওঁৰ গৃহ অৱৰোধ কৰে। পিছত এদিন শুক্ৰবাৰ আছৰৰ পিছত কাতীৰাহ, মাওদান ইবনে হাৰবান আৰু গাফেয়ী নামৰ ব্যক্তি তিনিজনে খলিফা হজৰত ওচমান গণি (ৰাঃ)ৰ গৃহত প্ৰৱেশ কৰে। তেতিয়া হজৰত ওচমান গণি (ৰাঃ) কোৰাণ পঢ়ি আছিল। ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি কোৰাণ শ্বৰিফত লাথি মাৰি ওচমান গণি (ৰাঃ)ক মূৰত  লোহাৰ দণ্ড এডালেৰে আঘাত কৰে। তাৰ পিছত মাওদানে দুইবাৰ তৰোৱালৰ দ্বাৰা আঘাত কৰি হজৰত ওচমান গণি (ৰাঃ)ক শ্বহীদ কৰে।

প্ৰঃ কোনে কিমান দিন পিছত ওচমান গণি (ৰাঃ)ৰ জানাজা পঢ়াই কবৰস্থ কৰে ?

উঃ  দিন পিছত ১৭ জন মুছলমানৰ উপস্থিতিত জোবায়েৰ (ৰাঃ)ৰ ইমামতিত জানাজা পঢ়াই  জান্নাতুল বাকিত তেওঁক কবৰ দিয়া হয়। 0 0 0

 

অধ্যায়- ৩৫

হজৰত আলি (ৰাঃ)

 

প্ৰঃ হজৰত আলি (ৰাঃ) কোন আছিল ?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ খুড়া আবু তালিবৰ কনিষ্ঠ পুত্ৰ আছিল। তেওঁ সম্বন্ধত নবীজীৰ ভায়েক আছিল।

প্ৰঃ হজৰত আলিৰ (ৰাঃ)ৰ মাতাৰ নাম কি আছিল ?

উঃ মাকৰ নাম আছিল ফাতিমা বিন্তে আছাদ।

প্ৰঃ হজৰত আলি (ৰাঃ) ৰ অন্য নাম কি আছিল ?

উঃ হায়দাৰ (তেওঁৰ পিতা আবু তালেবে  ৰাখিছিল)।

প্ৰঃ হজৰত আলি (ৰাঃ) কিমান বছৰ বয়সত মুছলমান হয় ?

উঃ ১০ বছৰ বয়সত।

প্ৰঃ মদিনালৈ সৰ্বশেষ হিজৰতকাৰী কোন আছিল ?

উঃ হজৰত  আলি (ৰাঃ)।

প্ৰঃ হজৰত আলি হুজুৰ (ছাঃ)ৰ কোন কন্যাৰ পাণি গ্ৰহণ কৰিছিল ?

উঃ কনিষ্ঠা কন্যা ফাতিমা (ৰাঃ)।

প্ৰঃ হজৰত ফাতিমা কিমান বছৰ বয়সত  ইন্তেকাল কৰে ?

উঃ ২৮ বছৰ বয়সত। হুজুৰ (ছাঃ) ৰ ইন্তেকালৰ ৬ মাহ পিছত।

প্ৰঃ হজৰত ফাতিমা (ৰাঃ) ৰ গৰ্ভত কেইজন সন্তানৰ জন্ম হৈছিল আৰু সিহঁতৰ নাম কি ?

উঃ ৩ পুত্ৰ, যথা: হজৰত হাছান (ৰাঃ), হজৰত হুছাইন (ৰাঃ) আৰু মহছিন (ৰাঃ)। আৰু ২ কন্যা, যথা– জয়নব (ৰাঃ) আৰু উম্মে কুলছুম (ৰাঃ)।

প্ৰঃ হজৰত ফাতিমা (ৰাঃ)ৰ মৃত্যুৰ পিছত হজৰত আলি (ৰাঃ) কেইজনী মহিলাক বিয়া কৰাইছিল ?

উঃ ৯ জনী (বিভিন্ন সময়ত)।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ তৰোৱালৰ নাম কি আছিল ?

উঃ জুলফিকৰ। তৰোৱালটো আবু জেহেলৰ আছিল। বদৰ যুদ্ধত গণিমতৰ মাল হিচাপে তৰোৱালটো হজৰত মুহাম্মদ (ছাঃ) য়ে পাইছিল। পিছত উহুদৰ যুদ্ধত হজৰত আলি (ৰাঃ)ৰ বীৰত্বত সন্তুষ্ট হৈ হুজুৰ (ছাঃ)য়ে তৰোৱালটো তেওঁক পুৰস্কাৰ হিচাপে দিছিল।

প্ৰঃ ‘হুদাইবিয়াৰ সন্ধি’ ৰ লিখক কোন আছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ উপাধি কি আছিল ?

উঃ ‘আসাদুল্লাহ’ (আল্লাহৰ বাঘ) আৰু ‘আবু তুৰাব’ (মাটিৰ পিতা)।

প্ৰঃ হজৰত আলি সৰ্মমুঠ কিমান দিন খিলাফত পদত অধিষ্ঠিত  আছিল ?

উঃ ৪ বছৰ, ৮  মাহ, ২৪ দিন।

প্ৰঃ হজৰত আলি (ৰাঃ) য়ে মদিনাৰ পৰা ৰাজধানী ক’লৈ স্থানান্তৰিত কৰে ?

উঃ কুফালৈ।

প্ৰঃ খলিফায়ে ৰাশ্বেদ্বিনসকলৰ মাজত কাৰ শাসনকালত বেছি  বিশৃঙ্খলতাই দেখা দিছিল?

উঃ হজৰত আলি (ৰাঃ)ৰ শাসন কালত।

প্ৰঃ কোন খলিফাৰ যুগত খাৰেজী সম্প্ৰদায়ৰ উদ্ভৱ হয় ?

উঃ হজৰত আলি (ৰাঃ)ৰ শাসনকালত। ছিফফিনৰ যুদ্ধত হজৰত আলি (ৰাঃ)ৰ লগত সামান্য মতানৈক্যত ১২০০ সৈন্যৰ এটি দল হজৰত আলি (ৰাঃ)ৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। সেই দলত্যাগকাৰীসকলক ‘খাৰেজী’ বুলি কোা হয়।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ শাসন কলাত কিমান সংখ্যক লোক গৃহযুদ্ধত হতাহত হয় ?

উঃ ১লাখ, ২৩ হাজাৰ।

প্ৰঃ গৃহযুদ্ধ সৃষ্টি কৰাৰ মূল নেতা কোন আছিল ?

উঃ আব্দুল্লাহ ইবনে সাবা।

প্ৰঃ হজৰত আলি (ৰাঃ) এজন কবিও আছিল। তেওঁৰ কাব্য গ্ৰন্থখনৰ নাম কি ?

উঃ দিওৱানে আলি।

প্ৰঃ হজৰত আলি (ৰাঃ) মুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৫৮৬ টা।

প্ৰঃ হজৰত আলি (ৰাঃ) কেতিয়া ক’ত ঘাতকৰ হাতত নিহত হয় ?

উঃ ৬৬১ খ্ৰীষ্টাব্দত (হিজৰী ৪০, ১৭ ৰমজান) কুফাৰ জামে মছজিদত ফজৰৰ নামাজ পঢ়োৱাই থকা সময়ত পিছপিনৰ পৰা খাৰেজী গুপ্তঘাতক আব্দুৰ ৰহমান  বিন মুলজিমৰ বিষাক্ত তৰোৱালৰ আঘাতত তেওঁৰ মৃত্যু হয়।

প্ৰঃ ঘাতক আব্দুৰ ৰহমান বিন মুলজিমৰ পৰিণাম কি হৈছিল ?

উঃ হজৰত আলি (ৰাঃ)ৰ আদেশ অনুযায়ী হজৰত হাছান (ৰাঃ) একে ঘাপত তাক হত্যা কৰিছিল।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ সমাধি ক’ত অৱস্থিত ?

উঃ কুফাৰ জামে মছজিদৰ কাষত।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ পিছত কোন খলিফা হৈছিল ?

উঃ সকলোৰে অনুৰোধত হজৰত আলি (ৰাঃ)ৰ জ্যেষ্ঠ  পুত্ৰ হজৰত হাছান (ৰাঃ) খলিফা পদত অধিষ্ঠিত হয়। কিন্ত মাত্ৰ ৬ মাহ পিছত হজৰত মুৱাবিয়া (ৰাঃ)ৰ লগত এক চুক্তিত স্বেচ্ছাই খিলাফত এৰি দিয়ে। 0 0 0

 

 

অধ্যায়- ৩৬

আল কোৰাণ

 

প্ৰঃ ‘কোৰাণ’ কি?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত  অৱতীৰ্ণ হোৱা সৰ্বশেষ ঐহী গ্ৰন্থ।

প্ৰঃ ‘কোৰাণ’ শব্দৰ অৰ্থ কি?

উঃ কিতাপ।

প্ৰঃ পৱিত্ৰ কোৰানৰ ৰচয়িতা কোনে?

উঃ বিশ্বব্রহ্মাণ্ডৰ মহাশক্তিশালী সৃষ্টিকৰ্তা পৰম আল্লাহ তায়ালা।

প্ৰঃ কোৰাণ কাৰ জৰিয়তে (মাধ্যমত) অৱতীৰ্ণ হয়?

উঃ হজৰত জিব্রাইল (আঃ)ৰ জৰিয়তে।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ভাষা কি?

উঃ আৰবী।

প্ৰঃ কোৰাণৰ বৈশিষ্ট্য কি?

উঃ চিৰদিন (কিয়ামতলৈ) কোৰণখন অবিকৃত হৈ থাকিব।

প্ৰঃ ৰাছুলুল্লাহ (ছাঃ)ৰ জীৱনত কিমান মাজিজা সংঘটিত হৈছিল তাৰ ভিতৰত শ্ৰেষ্ট মাজিজা কি আছিল?

উঃ প্ৰায় ৩০০০, তাৰ ভিতৰত সৰ্বশ্রেষ্ষ্ঠ মাজিজা হ’ল ‘আল কোৰাণ’।

প্ৰঃ পৱিত্ৰ কোৰাণ অৱতীৰ্ণ হোৱাৰ আগতে ক’ত সংৰক্ষিত আছিল ?

উঃ লওহে মাহফুজত।

প্ৰঃ কোৰাণখন সংৰক্ষণৰ দায়িত্ব কাৰ হাতত ?

উঃ স্বয়ং আল্লাহৰ হাতত।

প্ৰঃ ‘কোৰাণ’ শব্দটোৰ উপৰিও ঐহী গ্ৰন্থখনৰ অন্য কেইটা নাম আছে আৰু সেইবোৰ কি কি ?

উঃ ৫৪টা, যথা— কিতাব, ফুৰকান, হাকিম, কৰিম, ৰহমত, কালাম, হুদা, যিকৰ, শিফা, নূৰ, মুবীন, মাজীদ, তানজিল, ইলম, ওহী সিৰাতুল মুস্তাকিম, মাসানী, নাজিৰ, মুছাদ্দিক, মুবাৰক, আলী, মাওবিয়া, হিকমত, মুহাইমিন, হাবল, কাওল, নাবয়িল আজিম, আহছানুল হাদিছ, কায়্যিম, মুতাশাবিহ, ৰুহ আৰাবী, বাছায়িৰ, বায়ান, হদী আজাব, তাজকিয়া, আল উৰুৱাতুল বুছকা, সিদক, আদাল, আমৰ, মুনাদী, জাবুৰ, বাশীৰ, আজিম, বালাগ, কাসাস, ছুহুব, মুকাৰৰম, মত্যহ্হাৰা আৰু ফাছল।

প্ৰঃ সৰ্বমুঠ কিমান দিনত কোৰাণখন অৱতীৰ্ণ হৈছিল ?

উঃ ২২ বছৰ ৫ মাহ, ১৪ দিনত।

প্ৰঃ কোৰাণ সৰ্বপ্ৰথম ক’ত কেতিয়া অৱতীৰ্ণ হয় ?

উঃ ১৮ ৰমজান, শুক্ৰবাৰ (১৭ আগষ্ট, ৬১০ খ্ৰীঃ) হিৰা পৰ্বতৰ গুহাত।

প্ৰঃ সৰ্বপ্ৰথম অৱতীৰ্ণ হোৱা কোৰাণৰ আয়াত কি আছিল?

উঃ ছুৰা আল আলাকৰ প্ৰথম ৫ আয়াত।

প্ৰঃ কোৰান নাজিল হোৱাৰ দিনত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল?

উঃ ৪০ বছৰ ৪১ দিন।

প্ৰঃ সৰ্বশেষ অহি কেতিয়া নাজিল হয় ?

উঃ ৰাছুলুল্লাহ (ছাঃ)ৰ ইন্তেকালৰ ৯ দিন আগত।

প্ৰঃ ছুৰা ‘আল আলাক’ৰ প্ৰথম ৫ আয়াত নাজিল হোৱাৰ পিছত কিমান দিন অহি অহা বন্ধ আছিল ?

উঃ ২ বছৰ ৬ মাহ।

প্ৰঃ দীৰ্ঘ ২ বছৰ ৬ মাহৰ  পিছত কোৰানৰ কোন ছুৰা নাজিল হয় ?

উঃ ছুৰা মুদ্দাছ্ছিৰ প্ৰথম পাঁচ আয়াত।

প্ৰঃ তৃতীয় বাৰ কোন ছুৰা নাজিল হয় ?

উঃ ছুৰা ওৱাদ্দুহা।

প্ৰঃ সকলোতকৈ সৰু আয়াত কোনটো ?

উঃ ওৱাদ্দুহা।

প্ৰঃ ‘আয়াত’ শব্দৰ অৰ্থ কি ?

উঃ শ্লোক, বাক্য, চিহ্ন।

প্ৰঃ কোৰানত মুঠ কিমান আয়াত (শ্লোক, বাক্য) আছে ?

উঃ ৬৬৬৬ টি·

প্ৰঃ কোৰানত সৰ্বমুঠ কিমান শব্দ আছে ?

উঃ ৮৩,৪৩০ টা।

প্ৰঃ কোৰানত কোনটো হৰফ (বৰ্ণ) আটাইতকৈ বেছি ব্যৱহৃত  হৈছে ?

উঃ আলিফ।

প্ৰঃ কোৰানত সৰ্বমুঠ কেইটা ছুৰা (অধ্যায়) আছে।

উঃ ১১৪টা।

প্ৰঃ পৱিত্ৰ কোৰাণ কিমান মনজিলত বিভক্ত ?

উঃ ৭ মনজিলত।

প্ৰঃ কোৰানত কেইটা ৰুকু (পৰিচ্ছেদ )আছে ?

উঃ ৫৪০ টা।

প্ৰঃ কোৰাণত ছিজদাহৰ আয়াত কেইটা ?

উঃ ১৪ টা।

প্ৰঃ মক্কাত অৱতীৰ্ণ ছুৰাৰ সংখ্যা কেইটা ?

উঃ ৯২ টা। মতান্তৰে ৮৪ টা।

প্ৰঃ মদিনাত অৱতীৰ্ণ হোৱা ছুৰাৰ সংখ্যা কেইটা ?

উঃ ২২ টা। মতান্তৰে ৩০ টা।

প্ৰঃ নাজিলকৃত সৰ্বপ্ৰথম পূৰ্ণাঙ্গ ছুৰা কোনটো ?

উঃ ছুৰা ফাতিহা।

প্ৰঃ মদিনাত পোন প্ৰথমতে কোন ছুৰা অৱতীৰ্ণ হয় ?

উঃ ছুৰা আৰ ৰহমান।

প্ৰঃ কোন ছুৰাক কোৰাণৰ মুকুট বুলি কোৱা হয় ?

উঃ ছুৰা আৰ ৰহমান।

প্ৰঃ উম্মুল কোৰাণ বা কোৰাণৰ জননী কোন ছুৰাক কোৱা হয় ?

উঃ ছুৰা ফাতিহা।

প্ৰঃ কোন ছুৰাক কোৰানৰ প্ৰাণ বুলি কোৱা হয় ?

উঃ ছুৰা ইয়াচিন।

প্ৰঃ পৱিত্ৰ কোৰাণৰ মূৰ কাক কোৱা হয় ?

উঃ ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম।’

প্ৰঃ কোনটো ছুৰাক কোৰাণৰ আৰশ বুলি কোৱা হয় ?

উঃ ছুৰা বাকাৰা।

প্ৰঃ কোন ছুৰাক ‘কোৰানৰ প্ৰদীপ’ বুলি কোৱা হয় ?

উঃ ছুৰা মূলক।

প্ৰঃ আয়তুল কুৰছিক কি বুলি কোৱা হয় ?

উঃ কোৰানৰ বন্ধু ।

প্ৰঃ কোৰাণৰ কোন ছুৰাক আলগণি বুলি কোৱা হয় ?

উঃ ছুৰা আল ওৱাকিয়াহ।

প্ৰঃ কোন ছুৰাত ‘তাছমিয়া’’ নাই ?

উঃ ছুৰা তওবা।

প্ৰঃ ছুৰা তওবাত ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ নাই কিয় ?

উঃ ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ৰ অৰ্থ হ’ল– ‘আল্লাহ পৰম কৰুণাময় আৰু দয়াশীল’। কিন্তু ছুৰা তওবাত আল্লাহ তায়ালাই বিধৰ্মী, কাফিৰ আৰু মুছৰিকসকলৰ বাবে আল্লাহৰ ভয়ঙ্কৰ কঠিন আজাবৰ বৰ্ণনা কৰিছে। সেয়ে ছুৰাটিত ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’ নাই।

প্ৰঃ কোৰাণৰ কোন ছুৰাত তাছমিয়াহ দুবাৰ আছে ?

উঃ ছুৰা নামল।

প্ৰঃ অহি লেখক চাহাবা কিমানজন আছিল ?

উঃ ৪০ জন।

প্ৰঃ কাৰ আদেশত কেইজন চাহাবাই সৰ্বপ্ৰথম কোৰানখন পুস্তক আকাৰত লিখে ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ আদেশত ৭৫ জন চাহাবাই।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ) পুস্তক আকাৰে লিখা কোৰাণখন কাৰ ওচৰত সংৰক্ষিত ৰাখে ?

উঃ উম্মুল মুমেনিন হজৰত হাফছা (ৰাঃ)ৰ ওচৰত।

প্ৰঃ কোৰাণ পাঠ সকলোৰে বাবে সহজ কৰিবলৈ সৰ্বপ্ৰথম হৰকত (জেৰ, জবৰ, পেশ) কোনে উদ্ভাৱন কৰে ?

উঃ হজৰত আছওৱাদ দুয়ালী নামৰ এজন লোকে।

প্ৰঃ কোৰাণত হৰকত সংযোজন  কাৰ আদেশত কিমান হিজৰীত কৰা হৈছিল ?

উঃ উমাইয়া শাসক আব্দুল মালিক বিন মাৰোৱানৰ ইৰাকী গভৰ্ণৰ হাজ্জাজ বিন ইউছুফৰ নিৰ্দেশত একদল পণ্ডিতে  ৮৬ হিজৰীত এই কাম সমাধা কৰে। 

প্ৰঃ ৰাছুলুল্লাহৰ ইন্তেকালৰ সময়ত কেইজন কোৰাণৰ হাফিজ আছিল ?

উঃ ২২ জন।

প্ৰঃ মহিলা ছাহাবীসকলৰ মাজত কোন কোন কোৰানৰ হাফিজ আছিল ?

উঃ হজৰত আয়েশা (ৰাঃ), হজৰত হাফছা (ৰাঃ) আৰু উম্মে ছালমা (ৰাঃ)।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন মহিয়সী নাৰীৰ নাম উল্লেখ আছে ?

উঃ হজৰত ঈছা (আঃ)ৰ মাতৃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন চাহাবাৰ নাম উল্লেখ আছে ?

উঃ হজৰত জায়েদ বিন হাৰেশা।

প্ৰঃ কোৰানত কোন নবীৰ বিষয়ে সৰ্বাধিক আলোচিত হৈছে ?

উঃ হজৰত মুছা (আঃ) । 

প্ৰঃ কোৰানত মুঠ কেইজন নবীৰ নাম উল্লেখ আছে ?

উঃ ২৫ জন।

প্ৰঃ কোৰানত কেইজন ফিৰিস্তাৰ নাম উল্লেখ আছে ?

উঃ  জন,যথা— জিব্রাইল, মিকৰাইল, হাৰুত আৰু মাৰুত (আঃ)।

প্ৰঃ কোৰাণত কিমানজন কাফিৰৰ নাম উল্লেখ আছে ?

উঃ জন, যথা– আবু লাহাব, ফিৰাউন, হামান, কাৰুন, সামেৰি, আজৰ আৰু ইবলিছ।

প্ৰঃ কোৰানত কিমান দেৱ-দেৱীৰ নাম উল্লেখ আছে ?

উঃ ৮ টা, যথা– লাত, উজজা, মানাত, ওৱাদ, সুওজা, ইয়াগুছ, ইয়াউক আৰু নাসৰ।

প্ৰঃ কলিমা তৈয়বাহ কোৰাণত কেইবাৰ আছে ?

উঃ কোৰানৰ ক’তো সম্পূৰ্ণ কলিমাৰ উল্লেখ নাই। অৱশ্যে দুই স্থানত ‘লা-ইলাহা ইল্লাল্লাহ’ আৰু অন্য এক স্থানত ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’ উল্লেখ আছে।

প্ৰঃ সৰ্বপ্ৰথম পূৰ্ণাঙ্গ কোৰান কোনে কি ভাষাত অনুবাদ কৰে ?

উঃ ১৫৪৩ চনত ৰবাৰ্ট ক্যেটেননিসা, লেটিন ভাষাত।

প্ৰঃ বাংলা ভাষাত পুস্তকাকাৰে সৰ্বপ্ৰথম পূৰ্ণ কোৰাণ কোনে অনুবাদ কৰে ?

উঃ গিৰিশ চন্দ্ৰ সেন, ১৮৮৬ চনত।

প্ৰঃ বিশ্বৰ কোন ভাষাত সৰ্বাধিকবাৰ কোৰাণখন অনুবাদ হৈছে ?

উঃ উৰ্দু  ভাষাত।

প্ৰঃ কোৰানত বৰ্ণিত দুজন বৈজ্ঞানিকৰ নাম কি ?

উঃ লুকমান আৰু জুলকাৰনাইন।

প্ৰঃ সৰ্বপ্ৰথম কোৰানৰ হাফিছ কোন আছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত সৰ্বশ্রেষ্ঠ কাৰী কোন আছিল ?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ বিশ্বৰ সৰ্বপ্ৰথম কোন ব্যক্তি অকলেই আঠোটি ভাষাত কোৰাণৰ ব্যাখ্যা লিখি উলিয়াইছে ?

উঃ হামিদুল্লাহ আনছাৰী (হায়দৰাবাদ, ভাৰত)।

প্ৰঃ কোৰানত কোনটো মছজিদক পৃথিৱীৰ প্ৰাচীনতম মছজিদ বুলি কৈছে ?

উঃ কাবা শ্বৰিফ।

প্ৰঃ কোৰানত উল্লেখিত মছজিদসমূহৰ নাম কি কি ?

উঃ মাছজিদুল হাৰাম, মাছজিদুল আকছা, মাছজিদে কুবা, মছজিদে নকবী আৰু মছজিদে জেৰাৰ।

প্ৰঃ কোৰাণত কিমান সংখ্যক পাহাৰৰ নাম উল্লেখ আছে ?

উঃ ৫ টা, যথাঃ তুৰ, ছাফা, মাৰওৱা, আৰাফাত আৰু জুদী।

প্ৰঃ কোৰানত কিমান কীট-পতংগৰ নাম উল্লেখ আছে ?

উঃ  মৌমাখি, পৰুৱা আৰু মকৰাৰ নাম উল্লেখ আছে।

প্ৰঃ পৰৱৰ্তী লোকসকলৰ বাবে নিদৰ্শনস্বৰূপ কি কি বস্তু আল্লাহতায়ালা এই পৃথিৱীত সংৰক্ষিত ৰাখিছে বুলি কোৰাণত উল্লেখ আছে ?

উঃ ফিৰাউনৰ মৃতদেহ আৰু নূহ নবীৰ নৌকা।

প্ৰঃ কোৰানৰ সৰ্ববৃহৎ ছুৰা কোনটো ?

উঃ ছুৰা বাকাৰা।

প্ৰঃ কোৰাণত থকা আটাইতকৈ সৰু ছুৰা কোনটো ?

উঃ সুৰা কাওছাৰ (৩ টা আয়াত যুক্ত)। 

প্ৰঃ কোৰানৰ কোন ছুৰাৰ পাঠ শুনি হজৰত আবু বক্কৰ (ৰাঃ) বুজিব পাৰিছিল যে হুজুৰ (ছাঃ)ৰ পৰলোক গমনৰ দিন ওচৰ চাপি আহিছে ?

উঃ  সুৰা নছৰ।

প্ৰঃ কোৰানৰ আয়াতসমূহৰ হুকুম কি ?

উঃ ১ হাজাৰ আদেশৰ, ১ হাজাৰ নিষেধৰ, ১ হাজাৰ প্ৰশাসনৰ, ১ হাজাৰ নবী কাহিনী, ১ হাজাৰ উদাহৰণ, ১ হাজাৰ প্ৰতিশ্ৰুতি, ৫০০ হালাল আৰু হাৰামৰ।

প্ৰঃ কোৰানত হৰফ মকাত্তায়াত (পৃথক বৰ্ণ) কিমান ঠাইত আছে ?

উঃ মুঠ ৩০ টা ছুৰাৰ আৰম্ভণিত।

প্ৰঃ কোৰাণত থকা প্ৰতি হৰফ পঢ়িলে কিমান নেকী (পুণ্য) পোৱা যায় ?

উঃ নামাজত থিয় হৈ পঢ়িলে প্ৰতি হৰফত ১০০ নেকী, বহি পৰিলে ৫০ নেকী, নামাজ অবিহনে অজুৰ সহিত পঢ়িলে ২৫ নেকী আৰু বিনা অজুত পঢ়িলে ১০ টিকৈ নেকী পোৱা যায়। 0 0 0

 

অধ্যায়- ৩৭

হাদিছ 

 

প্ৰঃ হাদিছ কাক কয় ?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) য়ে ব্যক্তি জীৱন, সমাজ জীৱন, ৰাষ্ট্ৰীয় জীৱন সম্পৰ্কে যিবোৰ নীতি-নিয়ম, কাম-কাজ, আদেশ-নিষেধ, ভাল-বেয়া ইত্যাদি বিষয়ে কথা বা বাণী ব্যক্ত কৰিছে সেইবোৰকেই ‘হাদিছ’ বোলে। হাদিছবোৰ হজৰত মুহাম্মদ (ছাঃ)ৰ মুখৰ বাণী যদিও এইবোৰ কোৰাণৰ বিৰোধী নহয়। বৰং কোৰাণৰ সৰল ব্যাখ্যা বুলি ক’ব পাৰি।

প্ৰঃ ‘হাদিছ’ শব্দৰ অৰ্থ কি ?

উঃ বাণী বা সংবাদ।

প্ৰঃ কোৰাণ আৰু হাদিছৰ মাজত পাৰ্থক্য কি ?

উঃ কোৰাণ সৰ্বশক্তিমান বিশ্ব নিয়ন্তা আল্লাহৰ বাণী আৰু হাদিছ হৈছে সেই বাণীসমূহৰ বাস্তৱ আৰু সৰল ব্যাখ্যা।

প্ৰঃ হাদিছ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ হাদিছ চাৰি প্ৰকাৰৰ, যথা— কওলী, ফেলী, তাকৰীৰী আৰু কুদসী।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ভাষা কি ?

উঃ আৰবী।

প্ৰঃ হাফেজে হাদিছ (হাদিছ বিশাৰদ বা হাকিম) কাক কয় ?

উঃ যিজনে চনদ আৰু সমস্ত বৃত্তান্তসহ এক লাখ হাদিছ আয়ত্ব কৰে তাকে ‘হাফেজে হাদিছ’ (হাদিছ বিশাৰদ বা হাকিম) বোলে।

প্ৰঃ হুজুৰ ছাল্লাল্লাহু আলাইহে ৱাছাল্লামে হাদিছ লিখাৰ অনুমতি কোন কোন ছাহাবাক দিছিল ?

উঃ ৰাফে বিন খাদিজ (ৰাঃ), আৰু আব্দুল্লাহ বিন আমৰ বিন আস (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ সময়ছোৱাত যি হাদিছ গ্ৰন্থ সংকলিত হৈছিল তাৰ নাম কি? তাত কিমান হাদিছ বৰ্ণনা কৰা আছিল ?

উঃ সাদিকা, তাত ১০০০ হাদিছ বৰ্ণনা কৰা আছিল।

প্ৰঃ হুজুৰ (ছাঃ) ৰ হাদিছসমূহ সৰ্বপ্ৰথম কোনে একত্ৰিত কৰে ?

উঃ ইমাম ইবনে শিহাব জুহুৰী (ৰঃ)।

প্ৰঃ ইমাম ইবনে শিহাব জুহুৰী (ৰঃ) য়ে কাৰ নিৰ্দেশত হাদিছসমূহ সংগ্ৰহ কৰে ?

উঃ হজৰত ওমৰ বিন আব্দুল আজিজ (ৰাঃ)ৰ নিৰ্দেশত।

প্ৰঃ হাদিছ বৰ্ণনাকাৰী চাহাবীসকলৰ সংখ্যা কিমান ?

উঃ ৭৫০০ জন।

প্ৰঃ পুৰুষৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন ?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ নাৰীসকলৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ ১০০০ তকৈ অধিক হাদিছ বৰ্ণনাকাৰী কোন ?

উঃ ১০০০ তকৈ অধিক হাদিছ বৰ্ণনাকী চাহাবা বহুত আছে, যথা— হজৰত আব্দুল্লাহ বিন আববাছ, হজৰত আব্দুল্লাহ বিন ওমৰ (ৰাঃ), হজৰত আনাছ বিন মালিক (ৰাঃ), হজৰত জাৰিৰ বিন আব্দুল্লাহ (ৰাঃ), হজৰত আবু সাইদ খুদৰী (ৰাঃ)।

প্ৰঃ বিশুদ্ধতাৰ দিশৰ পৰা হাদিছ কেই ভাগত বিভক্ত ?

উঃ ৩ ভাগত, যেনে– সহীহ (বিশুদ্ধ), হাসান (উত্তম) আৰু জইফ (দুৰ্বল)।

প্ৰঃ ‘ছিহাহ-সিত্তাহ’ হাদিছ গ্ৰন্থ কোনবোৰ ?

উঃ বুখাৰী, মুছলিম, আবু দাউদ, তিৰমিজী, নাসায়ী আৰু ইবনে মাজাহ।

প্ৰঃ ছিহাহ ছিত্তাহ হাদিছসমূহৰ সংকলকসকলৰ নাম কি ?

উঃ (ক) বুখাৰী শ্বৰিফ: আবু আব্দুল্লাহ মুহাম্মদ বিন ইছমাইল বিন ইব্রাহিম বিন মুগীৰাহ বুখাৰী (ৰঃ)। তেখেতৰ জন্ম ২১ জুলাই, ৮১০ খ্ৰীঃ  আৰু মৃত্যু ৮৭২ খ্ৰীঃ।

(খ) মুছলিম শ্বৰিফ: আবুল হুছাইন  মুছলিম বিন হাজ্জাজ বিন ওৱাৰদ খোৰাছানী (৮১৭- ৮৭৫ খ্ৰীঃ)।

(গ) আবু দাউদ শ্বৰিফ: আবু দাউদ চুলেইমান বিন আগমাছ সিজিস্থানী (৮১৭-৮৮৯ খ্ৰীঃ)।

(ঘ) তিৰমিজী শ্বৰিফ: আবু ঈছা মুহাম্মদ বিন ঈছা তিৰমিজী (৮১৫-৮৯২ খ্ৰীঃ)।

(ã) নাসায়ী শ্বৰিফ: আবু আব্দুৰ ৰহমান আহমাদ বিন শুৱাইব নাসাৰী (৮৩০-৮৯১ খ্ৰী:)।

(চ) ইবনে মাজাহ শ্বৰিফ: আবু আব্দুল্লাহ মহম্মদ বিন ইয়াজিদ মাজাহ (কাজবিনী, ইৰান  ৮২৪ -৮৮৭ খ্ৰীঃ)।

প্ৰঃ ছিহাহ সিত্তাহৰ বাহিৰে অন্য কোনো হাদিছ আছে নে ?

উঃ আছে, যেনে: ইমাম মালিক (ৰঃ)ৰ ‘মুয়াত্তা’, ইমাম আহমদ  (ৰঃ)ৰ ‘মুছনাদ’, ইমাম চুলেইমান বিন তিবৰীন (ৰঃ)ৰ ‘ময়াজামুল কাবীৰ’ ইত্যাদি।

প্ৰঃ বুখাৰী শ্বৰিফত মুঠ কিমান হাদিছ আছে ?

উঃ ৭,২৭৫ টা।

প্ৰঃ মুছলিম শ্বৰিফত কেইটা হাদিছ আছে ?

উঃ ৪,০০০ টা।

প্ৰঃ আবু দাউদ শ্বৰিফত কেইটা হাদিছ  আছে ?

উঃ ৫,৪০০ টা।

প্ৰঃ তিৰমিজী শ্বৰিফত কিমান হাদিছ আছে ?

উঃ ৩,৮১২ টা।

প্ৰঃ নাসায়ী শ্বৰিফত কেইটা হাদিছ আছে ?

উঃ ৪,৪৮২ টা।

প্ৰঃ ইবনে মাজাহ শ্বৰিফত কেইটা হাদিছ আছে ?

উঃ ৪,৩৩৮ টা।

প্ৰঃ মহাদ্দিছ কাক বোলে ?

উঃ হাদিছ শাস্ত্ৰত পাৰদৰ্শী ব্যক্তিক।

প্ৰঃ ভাৰতবৰ্ষত হাদিছ শিক্ষাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ মুহাদ্দিছ আব্দুল হক দেহলভী (ৰঃ)।

প্ৰঃ ‘মুত্তাফাকুন আলাইহি হাদিছ’ কি ?

উঃ যিবোৰ হাদিছ একেজন চাহাবীৰ বৰ্ণনা সূত্ৰে বুখাৰী শ্বৰিফ আৰু মুছলিম শ্বৰিফত আছে তাকে মুত্তাফাকুন আলাইহি হাদিছ বোলে।

প্ৰঃ মুত্তাফাকুন আলাইহি হাদিছ কেইটা ?

উঃ ২,৩২৬ টা। 

প্ৰঃ মুহাদ্দিছৰ ৰজা কাক কোৱা হয় ?

উঃ ইমাম তিৰমিজী (ৰঃ)। 0 0 0

 

অধ্যায়- ৩৮

আজান

 

প্ৰঃ ‘আজান’ শব্দৰ অৰ্থ কি ?

উঃ আহ্বান কৰা, ঘোষণা কৰা।

প্ৰঃ শৰীয়তৰ পৰিভাষাত ‘আজান’ শব্দৰ অৰ্থ কি ?

উঃ নিৰ্দিষ্ট কেইটামান শব্দৰ জৰিয়তে নামাজলৈ আহ্বান কৰা।

প্ৰঃ সৰ্বপ্ৰথম কোনে ক’ত আজান দিছিল ?

উঃ হজৰত জীব্রাইল (আঃ) য়ে, আকাশত।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত ইব্রাহিম (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰাণত ‘আজান’ শব্দটো কিমানবাৰ উল্লেখ আছে ?

উঃ দুই বাৰ।

প্ৰঃ নামাজলৈ আহ্বান কৰিবলৈ আজান প্ৰথা কেতিয়া প্ৰৱৰ্তন হয় ?

উঃ প্ৰথম হিজৰিত।

প্ৰঃ সৰ্বপ্ৰথম হজৰত বিল্লাল (ৰাঃ) মছজিদে নববীত কোন ওৱাক্তৰ আজান দিয়ে ?

উঃ জোহৰ ওৱাক্ত।

প্ৰঃ কাবা শ্বৰিফত সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ), মক্কা বিজয়ৰ সময়ত (অষ্টম হিজৰিত)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ দিনত মছজিদে নববীৰ স্থায়ী মুৱাজ্জিন কোন আছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ ৰেকৰ্ড (যন্ত্ৰ)ৰ দ্বাৰা আজান দিয়া জায়েজ নে ?

উঃ নাজায়েজ (বিদাত)।

প্ৰঃ মছজিদৰ ভিতৰত আজান দিয়া জায়েজ নে ?

উঃ মকৰুহ তানজিহী।

প্ৰঃ মুৱাজ্জিনৰ পুৰস্কাৰ কি ?

উঃ হাদিছ মতে ৭ বছৰ মুৱাজ্জিনৰ কাম কৰিলে তেওঁ জাহান্নামৰ পৰা মুক্ত আৰু ১২ বছৰ আজান দিলে তাৰ বাবে বিহিস্ত ওৱাজেব।

প্ৰঃ পৃথিৱীৰ কোন কোন মছজিদত তাহাজ্জুদ নামাজৰ বাবেও আজান দিয়া হয় ?

উঃ মছজিদে হাৰাম আৰু মছজিদে নববীত। 0 0 0

 

অধ্যায়- ৩৯

নামাজ

 

প্ৰঃ ‘নামাজ’  কোন ভাষাৰ শব্দ ?

উঃ ফাৰচী ভাষাৰ।

প্ৰঃ ‘নামাজ’ শব্দটোৰ আৰবী প্ৰতিশব্দ কি ?

উঃ ছালাত।

প্ৰঃ মুছলমানসকলৰ প্ৰথম ফৰজ কি ?

উঃ নামাজ।

প্ৰঃ আল্লাহ তায়ালাৰ ওচৰত কোন আমল সৰ্বাধিক প্ৰিয় ?

উঃ সময়মতে আদায় কৰা নামাজ।

প্ৰঃ হাশৰৰ বিচাৰৰ দিনা আল্লাহতায়ালা কিহৰ হিচাপ আগতে ল’ব ?

উঃ নামাজৰ।

প্ৰঃ বিহিস্তৰ চাবি কি ?

উঃ নামাজ।

প্ৰঃ নামাজৰ চাবি কি ?

উঃ অজু।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্ত নামাজ কেতিয়াৰ পৰা ফৰজ হয় ?

উঃ মিৰাজৰ ৰাতি।

প্ৰঃ উম্মতে মুহাম্মদীৰ ওপৰত পাঁচ ওৱাক্ত নামাজ ফৰজ হোৱাৰ কাৰণ কি ?

উঃ আল্লাহ পাক সৰ্বপ্ৰথম হজৰত মুহাম্মদ (ছাঃ)ৰ নূৰ সৃষ্টি কৰি ছাৰাতুল ইয়াকিন নামে চাৰিটা কাণ্ড বিশিষ্ট এটি গছত ময়ুৰ আকৃতিত ৰাখে। সেই নূৰ তাত  ‘আলহামদুলিল্লাহ’ তছবিহ পাঠ কৰি থাকে সূদীৰ্ঘ ৭০ হাজাৰ বছৰ। তাৰ পিছত আল্লাহ পাক তাৰ সন্মুখত লজ্জাৰ দাপোণ স্থাপন কৰে। যেতিয়া ময়ুৰ আকৃতিত ৰখা সেই নূৰে  নিজৰ সুন্দৰ লাবণ্যময় মুখ দেখা পায় তেতিয়া লজ্জাত অৱতন মস্তকত পাঁচবাৰ সিজদা কৰে। সেইবাবে উম্মতে মুহাম্মদীৰ ওপৰত পাঁচ ওৱাক্ত নামাজ ফৰজ হৈছে।

প্ৰঃ ফজৰৰ দুই ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি ?

উঃ মানৱ জাতিৰ আদি পিতা হজৰত আদম (আঃ) আৰু হজৰত হাওৱাই গন্ধম ফল খোৱাৰ অপৰাধত সিহঁতক বিহিস্তৰ পৰা উলিয়াই দি ক্ৰমে শ্বৰণদ্বীপ আৰু জেদ্দাত নিক্ষেপ কৰে। সিহঁতে দীৰ্ঘ কেইবা শ বছৰ কন্দা-কাটা কৰাৰ পিছত হজৰত আদম (আঃ) আৰু হজৰত হাওৱা অৱশেষত মক্কাৰ আৰাফাত নামে ঠাইত সাক্ষাৎ হয়। তেতিয়া দুয়ো  আল্লাহৰ নামত কৃতজ্ঞতাস্বৰূপ দুই ৰাকাত নামাজ আদায় কৰে । তেতিয়াৰ পৰাই ফৰজ ওৱাক্তৰ নামাজ মানৱ জাতিৰ ওপৰত ফৰজ হয়।

প্ৰঃ জোহৰৰ চাৰি ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি ?

উঃ নমৰুদৰ অগ্নিকুণ্ডৰ পৰা হজৰত ইব্রাহিম  (আঃ) আল্লাহৰ ইচ্ছাত জোহৰৰ সময়ত বাহিৰ হয় হৈ কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা জোহৰৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ আছৰৰ চাৰি ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি ?

উঃ মাছৰ পেটৰ পৰা হজৰত ইউনুছ (আঃ) ৪০ দিন পিছত আছৰৰ সময়ত মুক্তি পাই আল্লাহ-তায়ালাৰ প্ৰতি কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা আছৰৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ মাগৰিবৰ তিনি ৰাকাত নামাজ কি কাৰণে ফৰজ হয় ?

উঃ ইহুদিসকলৰ হাতৰ পৰা  ঈছা (আঃ) ৰক্ষা পাই খোদাতায়ালাৰ প্ৰতি কৃতজ্ঞতাস্বৰূপ তিনি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা মাগৰিবৰ তিনি ৰাকাত নামাজ ফৰজ হয়। 

প্ৰঃ কি কাৰণত ঈশাৰ চাৰি ৰাকাত নামাজ ফৰজ হয় ?

উঃ হজৰত মুছা (আঃ) এক ৰাতি আল্লাহৰ নূৰৰ তাজল্লি (জ্যোতি) দেখা পাই কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ আদায় কৰিছিল । তেতিয়াৰ পৰা ঈশাৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ বেতেৰ নামাজ কেতিয়া কোন নবীয়ে কাৰ লগত প্ৰথমে আদায় কৰিছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)য়ে মিৰাজলৈ গৈ বিশিষ্ট চাৰিজন ফিৰিস্তাৰ লগত তিনি ৰাকাত বেতেৰ নামাজ আদায় কৰিছিল।

প্ৰঃ পৱিত্ৰ কোৰাণত নামাজৰ কথা কেইবাৰ উল্লেখ আছে ?

উঃ প্ৰত্যক্ষভাৱে ৮২ বাৰ আৰু পৰোক্ষভাৱে ৫০০ বাৰ।

প্ৰঃ জামাতত নামাজ পঢ়াৰ ফজিলত (তাৎপৰ্য, গুণ) কি ?

উঃ জামাতত নামাজ পঢ়িলে  ২৭ গুণ বেছি ছওৱাব (পুণ্য) পোৱা যায়। যি ব্যক্তি নামাজৰ শাৰী পূৰ্ণ কৰিব আল্লাহ তাৰ মাকছুদ (মনৰ আশা) পূৰ্ণ কৰিব। হজৰত মুহাম্মদ (ছাঃ) য়ে কৈছে যে যি ব্যক্তি  ফজৰৰ নামাজ জামায়েতৰ সৈতে আদায় কৰে সি যেন হজৰত আদম (আঃ)ৰ লগত কুৰিবাৰ (২০ বাৰ) হজ কৰিলে। যি ব্যক্তি জোহৰৰ নামাজ জামায়তৰ সৈতে আদায় কৰে সি যেন হজৰত ইব্রাহিম  (আঃ)ৰ লগত ৪০ বাৰ হজ কৰিলে। সেইদৰে আছৰৰ নামাজ আদায়কাৰী হজৰত ইউনুছ (আঃ)ৰ লগত ৬০ বাৰ হজ কৰিলে আৰু মাগৰিবৰ সময়ত হজৰত ঈছা (আঃ)ৰ লগত ৮০ বাৰ আৰু ঈশাৰ নামাজ আদায়কাৰীয়ে হজৰত মুহাম্মদ (ছাঃ)ৰ লগত ১০০ বাৰ হজ কৰাৰ ছোৱাব (পুণ্য) লাভ কৰে।

প্ৰঃ কোন কোন মছজিদত নামাজ পঢ়িলে আটাইতকৈ বেছি ছোৱাব পোৱা যায় ?

উঃ মচজিদে নববী আৰু বায়তুল মুকাদ্দছত নামজ পঢ়িলে অন্যান্য মছজিদত নামজ পঢ়াৰ তুলনাত ৫০ হাজাৰ গুণ বেছি ছওৱাব পোৱা যায়। কাবা শ্বৰিফত নামাজ পঢ়িলে প্ৰতি ৰাকাতত ১ লাখ গুণ ছওৱাব পোৱা যায়। অৱশ্যে তবলীগৰ ৰাস্তাত এক ৰাকাত নামাজত ৭ লাখৰ অধিক ছওৱাব পোৱা যায়।

প্ৰঃ তাকবিৰে উলাৰ ফজিলত কি ?

উঃ পৃথিৱীত যিবোৰ বস্তু আছে তাতকৈ উত্তম। এক হাদিছত আছে আল্লাহৰ ৰাস্তাত এক হাজাৰ উট ছদকা দিয়াতকৈ  উত্তম।

প্ৰঃ মহিলাসকল জামায়েতে নামাজ পঢ়িব পাৰে নে ?

উঃ পাৰে। কিন্তু পুৰুষৰ জামাতত নাৰীয়ে যোগ দিয়া মকৰুহ।

প্ৰঃ নামাজীসকলৰ হাশৰ কাৰ লগত হ’ব ?

উঃ নবী, শ্বহীদ আৰু অলিসকলৰ লগত।

প্ৰঃ বেনামাজীসকলৰ হাশৰ কাৰ লগত হ’ব ?

উঃ ফেৰাউন, হামান, ছাদ্দাদ ইত্যাদি পাপীসকলৰ লগত।

প্ৰঃ জুমা আৰু ঈদৰ খোতবা (বক্তব্য) পাঠ  আৰু শুনাৰ নিৰ্দেশ কি ?

উঃ জুমাৰ খোতবা পঢ়া  ফৰজ, ঈদৰ খোতবা পঢ়া সুন্নত। কিন্তু জুমাৰ খোতবা আৰু ঈদৰ খোতবা শুনা ওৱাজিব।

প্ৰঃ তায়াম্মুমৰ ফৰজ কেইটি আৰু কি কি ?

উঃ তিনিটা, যথা: নিয়ত কৰা, মুখমণ্ডল মছেহ কৰা, দুই হাত কনুুসহ মছেহ কৰা। 

প্ৰঃ গোছলৰ ফৰজ কেইটা আৰু কি কি ?

উঃ তিনিটা, যথা: গড়গড় কৰি কুলি কৰা, নাকৰ কোমল স্থানলৈকে পানী সোমোৱা আৰু গোটেই শৰীৰ উত্তমভাৱে ধোৱা।

প্ৰঃ অজুৰ ফৰজ কেইটা আৰু কি কি ?

উঃ অজুৰ ফৰজ চাৰিটা, যথাঃ মুখমণ্ডল ধৌত কৰা, দুই হাত কণুই সহ ধৌত কৰা, মূৰৰ চাৰিভাগৰ একভাগ মছেহ কৰা, দুই ভৰিৰ গাঁঠিলৈকে ধৌত কৰা।

প্ৰঃ মুদৰিক কাক কয় ?

উঃ যি ব্যক্তি ইমামৰ লগত প্ৰথমৰ পৰা শেষলৈকে নামাজ আদায় কৰে তাক ‘মুদৰিক’ বোলে ।

প্ৰঃ মছবুক কাক বোলে ?

উঃ যি ব্যক্তি জামাতত প্ৰথমৰ পৰা যোগ দিব নোৱাৰি নামাজৰ কিছু অংশ শেষ হোৱাৰ পিছত যোগ দিয়ে তাকে ‘মছবুক’ বোলে।

প্ৰঃ নামাজৰ ভিতৰত আৰু বাহিৰত ফৰজ কেইটা আৰু কি কি ?

উঃ নামাজৰ বাহিৰত ফৰজ ৬ টা, যেনে: শৰীৰ পাক (পৱিত্ৰ), পৰিধান কৰা কাপোৰ  পৱিত্ৰ, নামাজৰ স্থান পৱিত্ৰ, শৰীৰ ঢকা, কেৱলামুখী হোৱা, যথাযথ সময়ত (ওৱাক্ত অনুসৰি) নামাজ আদায় কৰা।

নামাজৰ ভিতৰত ফৰজ ৭ টা, যথা: তাকবীৰে তাহৰিমা কৰা, থিয় হৈ নামাজ পঢ়া,  কেৰাত পাঠ, ৰুকু কৰা, সেজদা কৰা, শেষ বৈঠকত বহা, ছালাম ফিৰাই নামাজ শেষ কৰা।

প্ৰঃ নামাজৰ মাজত ওৱাজিব কেইটা আৰু কি কি ?

উঃ নামাজৰ মাজত ওৱাজিব ১৪ টা। যেনে: সুৰা ফাতিহা পাঠ, সুৰা ফাতিহাৰ সৈতে অন্য এক সুৰা পাঠ কৰা, ৰুকুৰ পৰা পোন হৈ থিয় হোৱা, দুই সিজদাৰ মাজত এক তছবীহ পৰিমাণ বহা, দুই ৰাকাতত বহা, প্ৰতি বৈঠকত আত্যাহিয়াতো পঢ়া, বেতেৰৰ নামাজত দোৱা কুনুত পঢ়া, দুই ঈদৰ নামাজত অতিৰিক্ত ৬ তকবীৰ কোৱা, নামাজৰ ধাৰাবাহিকতা ৰক্ষা কৰা, তাদিলে আৰকান কৰা, মাগৰিব, ঈশা, ফজৰ, জুমা, ঈদ আৰু তাৰাবিৰ নামাজত জোৰে জোৰে কেৰাত পঢ়া  আৰু অন্যান্য নামাজত নীৰৱে কেৰাত পঢ়া, ইমামক অনুসৰণ কৰা, ভুল হলে ছাহু সিজদা কৰা, ‘আচ্ছালমুআলয়কুম ওৱা ৰহমাতুল্লাহ’ কৈ ছালাম ফিৰাই নামাজ শেষ কৰা। 0 0 0

 

অধ্যায়- ৪০

ৰোজা

 

প্ৰঃ ‘ৰোজা’ শব্দৰ অৰ্থ কি ?

উঃ ‘ৰোজা’ শব্দটি ফাৰছী শব্দ। ইয়াৰ অৰ্থ দহন কৰা (পোৰা)।

প্ৰঃ ‘ৰোজা’ শব্দটোৰ আৰবী প্ৰতিশব্দ কি ?

উঃ সওম। ইয়াৰ অৰ্থ ত্যাগ কৰা (বৰ্জন কৰা)।

প্ৰঃ ‘ৰোজা’ কাক কয় ?

উঃ আল্লাহৰ নামত ছুবহ ছাদিক (প্ৰভাত হোৱাৰ অলপ সময় আগৰ সময়)ৰ পৰা সূৰ্যাস্ত  লৈকে সৰ্বপ্ৰকাৰৰ পানাহাৰ আৰু যৌন মিলনৰ পৰা বিৰত থকাকে ‘ৰোজা’ বোলে।

প্ৰঃ আল্লাহ তায়ালা মানৱ জাতিৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰিছে কিয় ?

উঃ ৰমজানৰ ৰোজা ফৰজ হোৱাৰ কাৰণ কেইবাটাও আছে, যথা: আত্মশুদ্ধি কৰা, পৰোপকাৰ আৰু মনৰ মাজত আল্লাহভীতি বৃদ্ধি কৰা, শাৰীৰিক আৰু মানসিক কল্যাণ সাধন কৰা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ ওপৰত ৰোজা কেতিয়াৰ পৰা ফৰজ হয় ?

উঃ দ্বিতীয় হিজৰীৰ পৰা।

প্ৰঃ হুজুৰ (ছাঃ) য়ে ৰমজান  মাহক কাৰ মাহ বুলি কৈছে ?

উঃ  ছাহৰুল্লাহ (আল্লাহৰ মাহ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে জীৱনত কেইবছৰ ৰোজা পালন কৰিছিল ?

উঃ ৯ বছৰত ৯ মাহ।

প্ৰঃ আৰবী বাৰ মাহৰ ভিতৰত সৰ্বোত্তম  মাহ  আৰু সর্বোত্তম ৰাতি কোনটো ?

উঃ সর্বোত্তম  মাহ ৰমজান আৰু সর্বোত্তম  ৰাতি হ’ল ‘লাইলাতুল কদৰ’।

প্ৰঃ ৰোজা কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ ৰোজা ৪ প্ৰকাৰৰ, যথা: ফৰজ– ৰমজান মাহৰ ৰোজা। ওৱাজিব– কাফফাৰাৰ ৰোজা, মান্নতৰ ৰোজা, আৰু নফলৰ নিয়তত কৰা ৰোজা পালন কৰা ওৱাজিব। সুন্নতে আশুৰাৰ ৰোজা– প্ৰতি চন্দ্ৰ মাহৰ ১৩,১৪,১৫ তাৰিখৰ ৰোজা আৰু জিলহজ্জ মাহৰ ৯ তাৰিখৰ ৰোজা। নফল– শবে বৰাতৰ ৰোজা, শবে মিৰাজৰ ৰোজা, ফৰজ ৰোজা, ওৱাজিব ৰোজা আৰু সুন্নত ৰোজাৰ বাহিৰে সকলো বৈধ ৰোজা নফল হিচাপে পৰিগণিত। মকৰুহ— অকল আশুৰাৰ দিনৰ ৰোজা আৰু স্বামীৰ বিনা অনুমতিত স্ত্ৰীৰ ৰোজা ৰখা মকৰুহ। বছৰত পাঁচ দিন ৰোজা ৰখা হাৰাম, যেনে: দুই ঈদৰ দিনা আৰু জিলহজ্জ মাহৰ ১১, ১২, ১৩ তাৰিখত ৰখা ৰোজা।

প্ৰঃ ৰমজানৰ ৰোজা অমান্যকাৰীক কি বোলে ?

উঃ কাফিৰ, ইছলামৰ বহিৰ্ভূত।

প্ৰঃ ৰমজানৰ মাহত্ম্য কি ?

উঃ ৰমজানৰ প্ৰতি ৰাতি ৬ লাখ লোক দোজখৰ পৰা মুক্তি পায়।

প্ৰঃ আল্লাহ পাক কি কাৰণে ৰমজানৰ ৰোজা উম্মতে মোহাম্মদৰ ওপৰত ফৰজ কৰিলে ?

উঃ আদম (আঃ) বিহিস্তত খোৱা নিষিদ্ধ গন্ধম ফল খোৱাৰ প্ৰভাৱ তেওঁৰ মাজত ৩০ দিন স্থায়ী হৈছিল। ইয়াৰ প্ৰতিকাৰৰ বাবে আল্লাহতায়ালাই আদম সন্তানৰ ওপৰত ৩০ দিন  উপবাস (ৰোজা) কৰাৰ নিৰ্দেশ জাৰি (ফজৰ) হয়। 0 0 0

 

অধ্যায়- ৪১

হজ

 

প্ৰঃ ‘হজ’ শব্দৰ অৰ্থ কি ?

উঃ ইচ্ছা বা সংকল্প কৰা।

প্ৰঃ হজ কাক কয় ?

উঃ জিলহজ্জ মাহৰ ৯ তাৰিখত ইহৰাম বান্ধি হজৰ সকলো অনুষ্ঠান পালন কৰাকে ‘হজ’ বোলে।

প্ৰঃ উম্মতী মুহাম্মদীসকলৰ বাবে হজ কেতিয়া ফৰজ কৰা হয় ?

উঃ নৱম হিজৰীত।

প্ৰঃ আল্লাহ তায়ালা মানৱ জাতিৰ ওপৰত হজ ফৰজ কৰাৰ কাৰণ কি ?

উঃ বিশ্ব মুছলমানসকলৰ মাজত ঈমানী চেতনা, ঐক্য সংহতি আৰু ভাতৃত্ববোধ স্থাপনৰ বাবে আল্লাহতায়ালাই হজ ফৰজ কৰিছে।

প্ৰঃ হজ কাৰ ওপৰত ফৰজ কৰা হৈছে ?

উঃ আৰ্থিকভাৱে আৰু শাৰীৰিকভাৱে সামৰ্থবান ব্যক্তিৰ ওপৰত।

প্ৰঃ কেইবাৰ হজ কৰা ফৰজ ?

উঃ একবাৰ। বেছি কৰিলে নফল হ’ব।

প্ৰঃ হুজুৰ (ছাঃ) য়ে কেইবাৰ হজ কৰিছিল ?

উঃ ১বাৰ (৬৩২ খ্ৰীঃত)।

প্ৰঃ সৰ্বপ্ৰথম কোনে হজৰ ঘোষণা কৰে ?

উঃ হজৰত ইব্রাহিম (আঃ) কাবা ঘৰ নিৰ্মাণৰ কাম শেষ কৰি আল্লাহৰ আদেশত ওচৰৰ এক পাহাৰৰ ওপৰত উঠি মানুহক উদ্দেশ্যি হজৰ বাবে আহ্বান  জনায়।

প্ৰঃ সৰ্বপ্ৰথম হাজী কোন কোন ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)।

প্ৰঃ হজ আৰু উমৰাৰ ফজিলত কি ?

উঃ উভয় হজকাৰীৰ গোনাহসমূহ দূৰ কৰি দিয়ে আৰু বিহিস্ত ওৱাজিব হয়।

প্ৰঃ হজ নকৰাৰ শাস্তি কি ?

উঃ হুজৰ (ছাঃ) কৈছে যে যি ব্যক্তি সামৰ্থ থকা সত্বেও হজ নকৰে তেওঁৰ লগত আল্লাহৰ কোনো সংশ্ৰৱ নাই।

প্ৰঃ হজ কেইপ্ৰকাৰৰ আৰু কি কি ?

উঃ হজ তিনি প্ৰকাৰৰ যথা: ইফৰাদ, কিৰান আৰু তামাত্তু ।

প্ৰঃ ‘ইৰফাদ হজ’ কাক কয় ?

উঃ কেৱল মাত্ৰ হজৰ কাৰণে ইহৰাম বান্ধিলে সেই হজক ‘ইফৰাদ হজ’ বোলে।

প্ৰঃ কিৰান হজ কি ?

উঃ এক ইহৰামত হজ আৰু উমৰাৰ নিয়েত কৰিলে তাক ‘কিৰান হজ’ বোলে।

প্ৰঃ তামাত্তু  হজ কাক বোলে ?

উঃ অকল উমৰাৰ উদ্দেশ্যে ইহৰাম বন্ধাকে ‘তামাত্তু  হজ’ বোলে।

প্ৰঃ হুজুৰ (ছাঃ)কি হজ কৰিছিল ?

উঃ কিৰান হজ।

প্ৰঃ হজত ফৰজ কেইটা ?

উঃ তিনিটা, যথা: ইহৰাম বন্ধা, তাওয়াফে জিয়াৰত কৰা আৰু আৰাফাৰ ময়দানত উপস্থিত হোৱা।

প্ৰঃ হজৰ মাজত ওৱাজিব কেইটা আৰু কি কি ?

উঃ ছয় টা যেনে: সাফা আৰু মাৰওৱা পাহাৰত দৌৰা, মুজদালিফাত ৰাতি যাপন কৰা, শিল নিক্ষেপ কৰা, কুৰবানী কৰা, মস্তক মুণ্ডন কৰা, বিদায়ী তাওয়াফ কৰা।

প্ৰঃ ৰমল কাক বোলে ?

উঃ কাবা শ্বৰিফ তাওয়াফ  (প্ৰদক্ষিণ) কৰাৰ সময়ত দ্ৰুত খোজত যোৱাক ‘ৰমল’ বোলে।

প্ৰঃ ছায়ী কাক বোলে ?

উঃ সাফা আৰু মাৰওৱা  পাহাৰৰ মধ্যৱৰ্তী স্থানত দৌৰাক ‘ছায়ী’ বোলে।

প্ৰঃ ৰমী কাক বোলে ?

উঃ মিনাত চয়তানৰ উদ্দেশ্যে শিলগুটি দলিওৱাকে ‘ৰমী’ বোলে।

প্ৰঃ মিকাত কাক বোলে ?

উঃ বহিৰাগত হজযাত্ৰীসকলৰ বাবে যি স্থানৰ পৰা ইহৰাম বান্ধিব লাগে তাকে ‘মিকাত’ বোলে।

প্ৰঃ তাওয়াফ (প্ৰদক্ষিণ) কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ তিনি প্ৰকাৰৰ, যেনে: কুদুম, জিয়াৰত আৰু বিদা।

প্ৰঃ হাজীসকলে ক’ত কুৰবানী কৰিব লাগে ?

উঃ মিনাত।

প্ৰঃ কুৰবানীৰ আচল উদ্দেশ্য কি ?

উঃ লোভ, মোহ, সংসাৰাসক্তি আদি ত্যাগ কৰি অন্তৰত আল্লাহ ভীতি বৃদ্ধি কৰি আল্লাহৰ সন্তুষ্টি লাভ কৰা।

প্ৰঃ তাওৱাজ ক’ৰ পৰা কেনেদৰে আৰম্ভ  কৰা হয় ?

উঃ বায়তুল্লাহক বাওঁঁপিনে ৰাখি হাজৰে আছওৱাদৰ পৰা তাওৱাফ কৰিব লাগে। 

প্ৰঃ হাজৰে আসওৱাদ শব্দৰ অৰ্থ কি ?

উঃ ক’লা পাথৰ।

প্ৰঃ হাজৰে আসওৱাদ কোনে ক’ৰ পৰা আনিছিল ?

উঃ হজৰত আদম (আঃ) জান্নাতৰ পৰা এই পাথৰটো আনিছিল।

প্ৰঃ বৰ্তমান হাজৰে আসওৱাদ পাথৰটো কাবা শ্বৰিফৰ ক’ত আছে ?

উঃ কাবা শ্বৰিফৰ দক্ষিণ-পূৰ্ব কোণৰ দেৱালত গঁথা অৱস্থাত আছে।

প্ৰঃ সৰ্বপ্ৰথম মছজিদ কোনটো ?

উঃ কাবা শ্বৰিফ।

প্ৰঃ কাবা শ্বৰিফ কাৰ অনুকৰণত হৈছে ?

উঃ সপ্তম আকাশত থকা ফিৰিস্তাসকলৰ বায়তুল মামুৰৰ অনুকৰণত হৈছে।

প্ৰঃ প্ৰত্যহ আল্লাহ তায়ালা কাবা গৃহৰ ওপৰত কিমান কৰুণা অৱতীৰ্ণ কৰে ?

উঃ ১২০ টা ৰহমত (দয়া) অৱতীৰ্ণ কৰে। তাৰ ভিতৰত তাওয়াফকাৰীসকলৰ ওপৰত ৬০টা এতেকাফ আৰু নামাজত লিপ্ত ব্যক্তিসকলৰ ওপৰত ৪০ টা আৰু কাবাৰ প্ৰতি দৃষ্টিপাত কৰা সকলৰ প্ৰতি ২০ টা ৰহমত বৰ্ষণ হয়।

প্ৰঃ কোৰাণত কাবা ঘৰক কি বুলি কৈছে ?

উঃ  মাছজিদুল হাৰাম।

প্ৰঃ হাৰাম শ্বৰিফৰ মুঠ আয়তন কিমান ?

উঃ ৩ লাখ ৯০ হাজাৰ বৰ্গমিটাৰ।

প্ৰঃ সৰ্বপ্ৰথম কাবা গৃহত কোনে গিলাফ (চাদৰ) লগাইছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্মৰ এক হাজাৰ বছৰ আগতে য়েমেনৰ বাদশা আউৱাল হামিৰি দুই লাখ সৈনিক লৈ ভ্ৰমণ কৰিবলৈ আহি মক্কা শ্বৰিফ পায়। কিন্তু মক্কাৰ লোকসকলে বাহিৰলৈ ওলাই আহি বাদশাক সন্মান নজনোৱাত খং কৰি কাবা শ্বৰিফক ধবংস কৰা আৰু তাৰ অধিবাসীসকলক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰাত লগে লগে তাৰ নাক আৰু মুখ দি দুৰ্গন্ধময় পুঁজ  বাহিৰ হ’বলৈ  আৰম্ভ কৰে। কোনো চিকিৎসাই কাম নিদিয়াত, উলেমাসকলৰ পৰামৰ্শমতে তেওঁৰ কুঅভিপ্ৰায় (প্ৰতিজ্ঞা) ত্যাগ কৰি তওবা কৰে। ফলত লগে লগে তেওঁৰ নাক-মুখৰ পৰা পুঁজ নিৰ্গত হোৱা বন্ধ হয়। তেতিয়া কৃতজ্ঞতাস্বৰূপ বাদশাই অত্যন্ত শ্ৰদ্ধাৰ সৈতে বায়তুল্লাহ শ্বৰিফক ৰেশমী গিলাফ (চাদৰ) দি সজাই দিয়ে। সেই সময়ৰ পৰা প্ৰতি বছৰ কাবা শ্বৰিফক গিলাফ পৰিধান কৰোৱাৰ প্ৰথা প্ৰচলন হয়।

প্ৰঃ বছৰৰ কোন সময় কাবা শ্বৰিফক কি দি ধুই দিয়া হয় ?

উঃ হজৰ সময়ত গোলাপৰ নিৰ্যাস দি।

প্ৰঃ মাকামে ইব্রাহিম  কি ?

উঃ হজৰত ইব্রাহিম (আঃ) য়ে যি পাথৰৰ ওপৰত থিয় হৈ নতুন কাবা ঘৰ নিৰ্মাণ কৰিছিল সেই পাথৰৰ ওপৰত তাৰ ভৰিৰ ছাপ পৰে। সেই পদচিহ্ন সম্বলিত পাঁচ হাজাৰ বছৰৰ আগৰ পাথৰটোক ‘মাকামে ইব্রাহিম’ বোলে।

প্ৰঃ মাকামে ইব্রাহিম এতিয়া ক’ত আছে ?

উঃ কাবা গৃহৰ পূৱপিনে।

প্ৰঃ কোৰাণত মুযদালিফাক কি কোৱা হৈছে ?

উঃ মাছয়াৰুল হাৰাম। 0 0 0

 

 

অধ্যায়- ৪২

জাকাত

 

প্ৰঃ ‘জাকাত’ শব্দৰ অৰ্থ কি ?

উঃ পৱিত্ৰকৰণ।

প্ৰঃ শৰীয়তৰ বিধানমতে ‘জাকাত’ কাক কয় ?

উঃ শৰীয়তৰ বিধান অনুযায়ী ব্যক্তি এজনৰ সম্পদৰ যি অংশ আল্লাহৰ সন্তুষ্টিৰ বাবে হকদাৰসকলৰ মাজত বন্টন কৰা হয়, তাকে ‘জাকাত’ বোলে।

প্ৰঃ জাকাত কেতিয়া ফৰজ হয় ?

উঃ দ্বিতীয় হিজৰীত।

প্ৰঃ পৱিত্ৰ কোৰাণত জাকাতৰ বিষয়ে কেইবাৰ উল্লেখ আছে ?

উঃ ৫২ বাৰ।

প্ৰঃ কাৰ বাবে জাকাত ফৰজ (অৱশ্য পালনীয়) ?

উঃ যি ব্যক্তিৰ ৫২.২ তোলা ৰূপ বা ৭.৫ তোলা সোণ বা সমপৰিমাণ মূল্যৰ সম্পদ  আছে, যি সম্পদ  সম্পূৰ্ণ এক বছৰকাল স্থায়ী থাকে, তাৰ বাবে জাকাত ফৰজ।

প্ৰঃ ৰছুলুল্লাহই কেতিয়াবা জাকাত প্ৰদান কৰিছিল নে ?

উঃ ৰাছুলুল্লাহই কেতিয়াও সম্পদ সঞ্চয় কৰা নাছিল, সেয়ে তেখেতৰ ওপৰত জাকাত ফৰজ হোৱা নাছিল।

প্ৰঃ জাকাত দিয়াৰ ফজিলত (তাৎপৰ্য) কি ?

উঃ জাকাত প্ৰদান কৰিলে ইবাদত কবুল (মঞ্জুৰ) হয়, অমঙ্গলৰ ৭০ টা দৰজা বন্ধ হৈ যায়, জাকাত প্ৰদানকাৰীৰ ঘৰত ৰহমত (দয়া) ৰ ফিৰিস্তা অৱতীৰ্ণ হয় আৰু অপমৃত্যুৰ হাতৰ পৰা ৰক্ষা পায়।

প্ৰঃ জাকাত নিদিলে তাৰ কি শাস্তি হয় ?

উঃ জাকাত প্ৰদান নকৰিলে তাৰ কোনো ইবাদত মঞ্জুৰ নহয়, মহামাৰী, দুর্ভিক্ষ আদিয়ে দেখা দিয়ে আৰু মৃত্যুৰ পিছত যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰে।

প্ৰঃ জাকাত গ্ৰহণৰ প্ৰকৃত হকদাৰ কোন ?

উঃ গৰীব, নিকট আত্মীয়, ঋণগ্ৰস্থ ব্যক্তি, বিপদগ্ৰস্থ মুছাফিৰ আৰু তালিবে ইলম।

প্ৰঃ কোনসকল লোকে জাকাত গ্ৰহণ কৰিব নোৱাৰে বা কোনসকল লোকক জাকাত প্ৰদান কৰিব নালাগে ?

উঃ অমুছলমান, চৈয়দ বংশীয় লোক, ধনী ব্যক্তি, পিতা-মাতা, নানা-নানী,  পুত্ৰ-কন্যা আৰু স্বামী-স্ত্ৰী। 0 0 0

 

অধ্যায়- ৪৩

মছজিদ, মাদ্ৰাছা

 

প্ৰঃ ‘মছজিদ’ শব্দৰ অৰ্থ কি ?

উঃ আল্লাহক প্রার্থনা কৰা  গৃহ (সিজদাৰ স্থান)।

প্ৰঃ আল্লাহৰ ওচৰত সকলোতকৈ পৱিত্ৰ স্থান কি ?

উঃ মছজিদ।

প্ৰঃ মছজিদৰ ভিতৰত পাৰ্থিৱ বিষয়ে কথা-বতৰা পাতিব পাৰিনে ?

উঃ নহয়। আল্লাহ ৰাগাম্বিত হয় আৰু ফিৰিস্তাসকলে অভিসম্পাদ কৰি থাকে।

প্ৰঃ মছজিদে হাৰাম শব্দটো কোৰাণত কেইবাৰ আছে ?

উঃ ১৫ বাৰ।

প্ৰঃ কাবা ঘৰৰ সৰ্বশেষ সংস্কাৰক কোন ?

উঃ তুৰস্কৰ চুলতান চতুৰ্থ মুৰাদ (১১ তম)।

প্ৰঃ বৰ্তমান মছজিদুল হাৰামত একলগে কিমান সংখ্যক মানুহে নামাজ আদায় কৰিব পাৰে ?

উঃ ১৬ লাখ।

প্ৰঃ মছজিদুল হাৰাম নিৰ্মাণৰ কিমান বছৰ পাছত মছজিদুল আকছা নিৰ্মাণ কৰা হয় ?

উঃ ৪০ বছৰ পিছত।

প্ৰঃ হুজুৰ (ছাঃ) য়ে পুণ্যৰ আশাত কোন তিনিটা মছজিদলৈ ভ্ৰমণ কৰাৰ কথা কৈছে ?

উঃ মছজিদুল হাৰাম, মছজিদে আকসা আৰু মছজিদুল নববী।

প্ৰঃ আৰবৰ বাহিৰত সৰ্বপ্ৰথম কোনে মছজিদ নিৰ্মাণ কৰে ?

উঃ হজৰত উৎবাহ বিন গাজওৱান (ৰাঃ)য়ে বছৰাত, ৬৩৫ খ্ৰীঃত।

প্ৰঃ সৰ্বপ্ৰথম মিনাৰ নিৰ্মাণ কৰা হয় কোন মছজিদত ?

উঃ মিছৰৰ ফুছতাত, আমৰ বিন আছ মছজিদত, ৬৭৩ খ্ৰীঃত।

প্ৰঃ ভাৰতৰ বৃহৎ মছজিদ কোনটো ?

উঃ মোগল সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰা দিল্লীৰ জামে মছজিদ।

প্ৰঃ বিশ্বৰ কোন নগৰীক মছজিদ নগৰী বোলে হয় ?

উঃ ঢাকা নগৰীক।

প্ৰঃ বিশ্বৰ প্ৰথম মাদ্ৰাছা কোনটো ?

উঃ সাফা পাহাৰৰ পাদদেশত অৱস্থিত  দাৰে আৰকান মাদ্ৰাছা।

প্ৰঃ মধ্যযুগৰ বিখ্যাত মাদ্ৰাছাৰ নাম কি ?

উঃ বাগদাদৰ নিজামীয়া মাদ্ৰাছা।

প্ৰঃ বিশ্বৰ ডাঙৰ মাদ্ৰাছাখনৰ নাম কি ?

উঃ মিছৰৰ জামে আজহাৰ মাদ্ৰাছা।

প্ৰঃ ‘ওৱাকফ’ শব্দৰ অৰ্থ কি ?

উঃ  নিৰ্দিষ্টকৰণ।

প্ৰঃ ওৱাকফি সম্পদ  বুলিলে কি বুজায় ?

উঃ আল্লাহৰ সম্পদ । এনে সম্পদ কোনেও বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰে।

প্ৰঃ সৰ্বপ্ৰথম ওৱাকফ কোনে কৰিছিল ?

উঃ হজৰত ওচমান গণি (ৰাঃ)। তেওঁ ৩৫ হাজাৰ ৰূপৰ মুদ্ৰাৰে তোফাৰ গোত্ৰৰ পৰা ৰূমা নামে এক কুপ ক্ৰয় কৰি নবীজীৰ অনুমোদনক্ৰমে জনসাধাৰণৰ বাবে ওৱাকফ কৰি দিয়ে। 0 0 0

 

অধ্যায়- ৪৪

বিজ্ঞান আৰু আৱিষ্কাৰ জগতত মুছলমান

 

প্ৰঃ ‘মানুহৰ সৰ্বশেষ্ঠ  আৱিষ্কাৰ হৈছে আল্লাহক আৱিষ্কাৰ কৰা আৰু শ্ৰেষ্ঠ আৱিষ্কাৰক হৈছে সেইজন যিজনে আল্লাহক আৱিষ্কাৰ কৰিছে।’ কথাষাৰ কোনে কৈছিল ?

উঃ নবেল বঁটা বিজয়ী ভাৰতৰ বৈজ্ঞানিক চাৰ চন্দ্ৰশেখৰ।

প্ৰঃ ৰসায়ন বিজ্ঞানৰ জনক কোন ?

উঃ জাবিৰ ইবনে হাইয়ান।

প্ৰঃ বিজ্ঞান জগতলৈ জাবিৰ ইবনে হাইয়ানৰ অৱদান কি কি ?

উঃ ইস্পাত, মামৰ ৰোধক বাৰ্নিচ, চৰ্মৰঞ্জন, চুলিৰ কলপ, ছালফাউৰিক এছিড, নাইট্ৰিক এছিড, এলকোহল, বাৰুদ, বোমা আদিৰ আৱিষ্কাৰ।

প্ৰঃ তুলট কাগজ সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ইউছুফ বিন ওমৰ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে পানী বৰফলৈ ৰূপান্তৰ কৰা কৌশল উলিয়ায় ?

উঃ আৰ ৰাজী।

প্ৰঃ মেঙ্গানিজ ডাই অক্সাইডৰ পৰা কোনে সৰ্বপ্ৰথম কাঁচ তৈয়াৰ কৰে ?

উঃ আৰ ৰাজী।

প্ৰঃ সৰ্বপ্ৰথম মানৱ জাতিক কোনে অক্ষৰ জ্ঞান দিয়ে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম বিশ্বকোষ কোনে ৰচনা কৰে ?

উঃ আবু মুছা জাবিৰ ইবনে হাইহান।

প্ৰঃ জ্যামিতিৰ আৱিষ্কাৰক কোন ?

উঃ নাছিৰুদ্দিন তুসী।

প্ৰঃ বীজ গণিত আৰু গণিত বিজ্ঞানৰ জন্মদাতা কোন ?

উঃ আল খাওৱাৰিজমী।

প্ৰঃ অংক শাস্ত্ৰত শূন্যৰ আৱিষ্কাৰক কোন ?

উঃ আল খাওৱাৰিজমী।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীৰ আকৃতি গোলাকাৰ বুলি কোনে প্ৰমাণ কৰে ?

উঃ শাকিৰ বিন মুছা, নৱম শতিকা।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীৰ দীঘ আৰু প্ৰস্থ কোনে পৰিমাপ কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ কোনে  প্ৰথমে পৃথিৱীৰ মানচিত্ৰ অংকন কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ দিক নিৰ্ণয় যন্ত্ৰ (কম্পাচ) কোনে আৱিষ্কাৰ কৰে ?

উঃ আহমদ ইবনে মাজিদ।

প্ৰঃ দূৰবীণ কোনে আৱিষ্কাৰ কৰে ?

উঃ  আবুল হাছান, নৱম শতিকা।

প্ৰঃ কোনে সৰ্বপ্ৰথম বন্দুক তৈয়াৰ কৰে ?

উঃ হাছান অৰ ৰমৰাহ।

প্ৰঃ কেতিয়া ঘড়ী উদ্ভাৱন হয় ?

উঃ খলিফা অলিদৰ সময়ত, অষ্টম শতিকা। 

প্ৰঃ বিশ্বৰ সৰ্বপ্ৰথম ক’ত মান মন্দিৰ তৈয়াৰ হয় ?

উঃ আৰব জ্যোৰ্তিবিজ্ঞানী হাজ্জাজ বিন মাছাৰ আৰু হুছাইন বিন ইছহাক নামৰ দুজন বৈজ্ঞানিকে বাগদাদত মান মন্দিৰ তৈয়াৰ কৰে, নৱম শতিকাত।

প্ৰঃ কোনো ব্যক্তিৰ এবাৰ বসন্ত ৰোগ হ’লে তেওঁৰ জীৱন কালত দ্বিতীয়বাৰ এই ৰোগ নহয় বুলি কোনে আৱিষ্কাৰ কৰে ?

উঃ আৰ ৰাজী।

প্ৰঃ তাপ যন্ত্ৰ বা এয়াৰ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰে ?

উঃ আবু আলি ছীনা।

প্ৰঃ কোনে প্ৰথমে তেজ সঞ্চালনৰ ব্যাখ্যা আগবঢ়ায় ?

উঃ ইবনে নাফিল।

প্ৰঃ চিকিৎসা বিজ্ঞানৰ জনক কোন ?

উঃ আবু আলি ছীনা।

প্ৰঃ বৰ্গমূল আৰু ঘনমূলৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰে ?

উঃ ওমৰ খৈয়াম।

প্ৰঃ ৰাশিচক্ৰ আৰু ৩৬৫ দিনত যে এবছৰ হয় সেয়া কোনে আৱিষ্কাৰ কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ কোনে চুম্বক আৱিষ্কাৰ কৰে ?

উঃ হজৰত দাউদ (আঃ)। 0 0 0

 

অধ্যায়- ৪৫

ইছলামত প্ৰথম পুৰুষ

 

প্ৰঃ বয়স্কসকলৰ মাজত প্ৰথম কোনে ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিশোৰসকলৰ মাজত প্ৰথম ইছলাম গ্ৰহণ কৰে কোনে ?

উঃ হজৰত আলি (ৰাঃ), দহ বছৰ বয়সত।

প্ৰঃ পৃথিৱীৰ একমাত্ৰ কোনজন ব্যক্তি কাবা ঘৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ কোনজন দাস (গোলাম) য়ে প্ৰথম ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত জায়েদ (ৰাঃ)।

প্ৰঃ উম্মতে মুহাম্মদীৰ মাজত সৰ্বপ্ৰথম কোনে বিহিস্ত পাব ?

উঃ আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিয়ামতৰ পিছত আল্লাহ সৰ্বপ্ৰথম কাক জীৱিত কৰিব ?

উঃ হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ ইছলামৰ ইতিহাসত সৰ্বপ্ৰথম পতাকা তুলিছিল কোনে ?

উঃ হজৰত বাৰীদাহ আছলামী (ৰাঃ)।

প্ৰঃ ইছলাম জগতত সৰ্বপ্ৰথম তীৰ নিক্ষেপকাৰীৰ নাম কি ?

উঃ হজৰত ছাদ বিন আবি আক্কাছ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ সৰ্বপ্ৰথম অহি লেখক কোন আছিল ?

উঃ খালিদ বিন ছাইদ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন কোন ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ যুগত সৰ্বপ্ৰথম হিজৰত কোনে ক’লৈ কৰিছিল ?

উঃ হজৰত উচমান গণি (ৰাঃ), আবিছিনিয়ালৈ।

প্ৰঃ ইছলামৰ সৰ্বপ্ৰথম স্বহীদ কোন ?

উঃ হাৰছ বিন আবি হালা।

প্ৰঃ হিজৰতৰ পিছত সৰ্বপ্ৰথম কোনে ইন্তেকাল কৰিছিল ?

উঃ হজৰত উচমান বিন মাছউন (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন পৰিয়ালৰ আটাইবোৰ সদস্যই ইছলাম গ্ৰহণ কৰিছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পৰিয়াল।

প্ৰঃ সৰ্বপ্ৰথম কোনে ‘ছুফী’ নামে পৰিচিত হয় ?

উঃ আবু হাশেম ছুফী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনী সৰ্বপ্ৰথম কোনে লিখে ?

উঃ  ইবনে ইছহাক (উমাইয়া শাসন কালত)।

প্ৰঃ ইছলামৰ প্ৰথম জাতীয় বীৰ কোন ?

উঃ হজৰত খালিদ বিন অলিদ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ মাজত ‘আমিন’ কাক কোৱা হয় ?

উঃ হজৰত আবু উবাইদা (ৰাঃ)।

প্ৰঃ কোনে প্ৰথমতে ইছলাম ত্যাগ কৰি ধৰ্মত্যাগী হয় ?

উঃ উবাইদুল্লাহ বিন জাহাছ।

প্ৰঃ পৃথিৱীৰ সৰ্বপ্ৰথম নৰহত্যাকাৰী কোন ?

উঃ কাবিল (হজৰত আদম আলাইহে ৱাছাল্লামৰ পুত্ৰ। তেওঁ তেওঁৰ ডাঙৰ ভাই হাবিলক হত্যা কৰিছিল।)

প্ৰঃ কোন চাহাবী কাবা ঘৰত উচ্চ স্বৰত কালিমা পাঠ কৰাৰ বাবে মাৰ খাইছিল ?

উঃ হজৰত ছালমান ফাৰছী।

প্ৰঃ ইছলামত খিলাফত ব্যৱস্থাৰ অৱসান কৰি কোনে সৰ্বপ্ৰথম ৰাজতন্ত্ৰৰ পাতনি মেলে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কাৰ দাফন কাপন কৰা হৈছিল ?

উঃ আদম (আঃ) ৰ পুত্ৰ হাবিলৰ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম খাতনা (লিঙ্গৰ অগ্ৰছাল ছেদন) হৈছিল ?

উঃ হজৰত ইব্রাহিম  (আঃ)।

প্ৰঃ কোন ইহুদি পণ্ডিত সৰ্বপ্ৰথম ইছলাম কবুল কৰিছিল ?

উঃ হজৰত আব্দুল্লাহ বিন ছালাম। 

প্ৰঃ কাবা শ্বৰিফত প্ৰথম কোনে গিলাফ (চাদৰ) পৰিধান কৰাৰ প্ৰচলন কৰে ?

উঃ ইয়ামনৰ বাদশা আউৱাল হামিৰী।

প্ৰঃ মছজিদে নববীৰ প্ৰথম সম্প্ৰসাৰণ আৰু সংস্কাৰ কোনে কৰিছিল ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে মুছলমান হয় ?

উঃ আবু সুফিয়ান (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) সৰ্বপ্ৰথম কোন কবিক পুৰস্কৃত কৰে ?

উঃ কায়াব বিন মুহাইৰ।

প্ৰঃ কোন সম্ৰাট প্ৰথমতে হুজুৰ (ছাঃ)লৈ  বাদশাহী নজৰানা (উপহাৰ) প্ৰেৰণ কৰে ?

উঃ সম্ৰাট নাজ্জাছী।

প্ৰঃ ইছলামী শিক্ষক হিচাপে হুজুৰ (ছাঃ)য়ে সৰ্বপ্ৰথম কাক মদিনালৈ প্ৰেৰণ কৰে ?

উঃ হজৰত মাছআব ইবনে উমাইৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কাৰ লগত সৰ্বপ্ৰথম বিদেশ ভ্ৰমণ কৰে ?

উঃ নিজৰ খুড়া আবু তালিবৰ লগত ছিৰিয়া ভ্ৰমণ কৰে।

প্ৰঃ কোন নবীয়ে পৃথিৱীৰ সকলোকে ভোজ সভালৈ নিয়ন্ত্ৰণ জনাইছিল ?

উঃ হজৰত চুলেইমান (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন গোলাম সেনাপতি হয় ?

উঃ হজৰত দাহিয়া কলবী (ৰাঃ)।

প্ৰঃ কোন চাহাবী যুদ্ধক্ষেত্ৰত ভুলবশতঃ কোন মুছলমান ভাইক শ্বহীদ কৰে ?

উঃ হজৰত উবাদাহ বিন ছামিত (ৰাঃ) য়ে ভুল বশতঃ হিছাম বিন উছাবাহ (ৰাঃ) ক শ্বহীদ কৰিছিল।

প্ৰঃ সৰ্বপ্ৰথম কোন খলিফাই  মুদ্রাত  নিজৰ নাম অঙ্কিত কৰে ?

উঃ আব্দুল্লাহ বিন মাৰোৱান।

প্ৰঃ সৰ্বপ্ৰথম বায়তুল মালৰ প্রতিষ্ঠাতা  কোন ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিনৰ দৰমহা দিয়াৰ ব্যৱস্থা কোনে কৰে ?

উঃ তৃতীয় খলিফা হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ভয়ৰ বাবে ছালাতুল খৌফ কেতিয়া পঢ়া হৈছিল ?

উঃ আছদান যুদ্ধত।

প্ৰঃ সৰ্বপ্ৰথম কোন যুদ্ধত  নামাজ কাজা হৈছিল ?

উঃ খন্দক (পৰিখা) ৰ যুদ্ধত।

প্ৰঃ কাবা শ্বৰিফৰ ওপৰত উঠি সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)। 0 0 0

 

অধ্যায়- ৪৬

ইছলামত প্ৰথম নাৰী

 

প্ৰঃ মানৱ জাতিৰ প্ৰথম নাৰী কোন ?

উঃ হজৰত হাওৱা।

প্ৰঃ কোন নাৰীৰ জন্ম পিতৃ-মাতৃ অবিহনে হয় ?

উঃ হজৰত হাওৱা।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰীৰ নাক, কাণ ছিদ্ৰ কৰা হয় ?

উঃ হজৰত ইব্রাহিম  (আঃ)ৰ দ্বিতীয়া পত্নী হাজেৰাৰ।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী স্বয়ং পাক কোৰাণ ?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী তাইৰ ৪০ দিনৰ শিশু পুত্ৰ ?

উঃ হজৰত মৰিয়ম (ঈছা আলাইহে ৱাছাল্লামৰ মাতৃ)।

প্ৰঃ কোন পুণ্যময়ী নাৰীৰ গৃহত কোৰাণৰ ছুৰা অৱতীৰ্ণ হৈছিল ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ কোন নাৰী বিহিস্তত নাৰীসকলৰ নেতৃ  হ’ব ?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ কঠোৰ বিপদতো পতিব্রতা  আছিল ?

উঃ হজৰত আয়ুব (আঃ)ৰ কিনষ্ঠা স্ত্ৰী হজৰত ৰহিমা।

প্ৰঃ কোন নাৰী প্ৰথম ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত খাদিজা (ৰাঃ)।

প্ৰঃ কোন নাৰী প্ৰথম খন্দক যুদ্ধৰ সময়ত একজন অভিশপ্ত ইহুদীক হত্যা কৰে ?

উঃ হজুৰ (ছাঃ)ৰ পেহী হজৰত ছুফিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মহিলা শ্বহীদ কোন·

উঃ ছুমাইয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰী কাবা গৃহত ৰেশমী চাদৰ লগাইছিল ?

উঃ হজৰত আব্বাছ  (ৰাঃ)ৰ মাতৃ নাতলা বিন্তে হিব্বান (ৰাঃ)।

প্ৰঃ কোন পুণ্যৱতী নাৰীৰ কাৰণে তায়াম্মুমৰ আয়াত অৱতীৰ্ণ হয় ?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

প্ৰঃ কোন নাৰী লাঠিৰে আঘাত কৰি আবু লাহাবৰ মূৰ  দুফাল কৰিছিল ?

উঃ হজৰত আব্বাছ (ৰাঃ)ৰ পত্নী উম্মুল ফজল (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে মাতৃ আমিনাৰ পিছত সৰ্বপ্ৰথম কাৰ বুকুৰ গাখীৰ পান কৰিছিল ?

উঃ আবু লাহাবৰ দাসী সুবাইয়াৰ।

প্ৰঃ হজৰত ফাতিমাৰ দাসীৰ নাম কি আছিল ?

উঃ হজৰত ফিজজাহ (ৰাঃ)।

প্ৰঃ কোন নাৰী হজৰত আবু তালহাকে ইছলাম গ্ৰহণৰ চৰ্তত বিবাহ কৰে ?

উঃ হজৰত উম্মে সুলাইমা (ৰাঃ)।

প্ৰঃ আবু লাহাবৰ কোন কন্যা ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত দুৰ্ৰাহ বিন্তে আবু লাহাব (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ জীৱনত হায়েজ-নেফাজ হোৱা নাছিল ?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সন্তান হৈছিল কিন্তু নেফাজ হোৱা নাছিল ?

উঃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ কোন মৃতা নাৰীৰ গোছল অছিহত অনুযায়ী তাৰ স্বামীয়ে দিছিল ?

উঃ হজৰত ফাতিমা (ৰাঃ)। 0 0 0

 

অধ্যায়- ৪৭

পৃথিৱীত প্ৰথম

 

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে সংবিধান ৰচনা কৰে ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ পৃথিৱীত কোনে প্ৰথমতে ৰাষ্ট্ৰৰ লোক গণনা কৰে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্রতিষ্ঠাতা কোন ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ইছলামী মুদ্ৰা আৰু চেক প্ৰথাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেচন কাৰ্ডৰ প্ৰচলন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম প্ৰেমজনিত কাব্য ৰচনা নিষিদ্ধ কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পেঞ্চন আৰু প্ৰতিবন্ধীসকলৰ বাবে  ভাট্টা দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ উমাইয়া বংশৰ প্রতিষ্ঠাতা  কোন ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ আব্বাচীয়া বংশৰ  প্রতিষ্ঠাতা  কোন ?

উঃ আবু আব্বাছ আছছাহফ্ফাহ (৭৫০-১২৫৮ খ্ৰীঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেজিষ্ট্ৰি আইনৰ প্ৰচলন কৰে কোনে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম আঙুৰ বাগান তৈয়াৰ কৰে কোনে ?

উঃ হজৰত নূহ (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীত কোন ফলৰ গছ জন্মিছিল ?

উঃ খেজুৰ গছ।

প্ৰঃ কোন নবী সৰ্বপ্ৰথম চাবোন তৈয়াৰ কৰে ?

উঃ হজৰত ছালেহ (আঃ)।

প্ৰঃ কোন ৰজাই সৰ্বপ্ৰথম নিজকে প্ৰভু বুলি দাবী কৰিছিল ?

উঃ বাদশা নমৰুদ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম জাহাজ নিৰ্মাণৰ কাৰখানা স্থাপন কৰে কোনে ?

উঃ আমিৰ মুৱাবিয়া।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম জেলখানা স্থাপন কৰে কোনে ?

উঃ হজৰত ওমৰ  (ৰাঃ)।

প্ৰঃ পৃথিৱীৰ কোন সেনাপতিৰ কোনো যুদ্ধতেই পৰাজয় হোৱা নাছিল ?

উঃ খালিদ বিন ওৱালিদ (ৰাঃ)।

প্ৰঃ কোন ব্যক্তিৰ জীৱনত কোনো দিন স্বপ্নদোষ হোৱা নাছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম সামুদ্ৰিক যুদ্ধ জাহাজ কোনে নিৰ্মাণ কৰে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম হাস্পাতাল নিৰ্মাণ কৰে কোনে ?

উঃ খলিফা হাৰুণ অল ৰাশিদ।

প্ৰঃ মুছলমানসকলে পৃথিৱীত সৰ্বপ্ৰথম ক’ত বিশ্ববিদ্যালয় স্থাপন কৰে ?

উঃ কৰ্ডোভাত।

প্ৰঃ মুছলমান জগতৰ সৰ্বপ্ৰথম ইতিহাসবিদ কোন ?

উঃ ইবনে খালদুন।

প্ৰঃ ভূগোল শাস্ত্ৰৰ জনক কোন ?

উঃ আবু আব্দুল্লাহ ইয়াকুব।

প্ৰঃ সমাজ বিজ্ঞানৰ  জনক কোন ?

উঃ ইবনে খালদুন।

প্ৰঃ মুচলমান জগতৰ শ্রেষ্ঠ দাৰ্শনিক কোন ?

উঃ আল কিনদি।

প্ৰঃ ৰাষ্ট্ৰ বিজ্ঞানৰ জনক কোন ?

উঃ আল মাৱাৰ্দী।

প্ৰঃ কোন ঐতিহাসিকবিদক আৰবৰ হেৰোডটাছ বুলি কোৱা হয় ?

উঃ আল মাছউদীক।

প্ৰঃ কোন মুছলমান বৈজ্ঞানিকে প্ৰথমতে নবেল বঁটা লাভ কৰে ?

উঃ আব্দুছ ছালাম (পাকিস্থান, ১৯৭৯ খ্ৰীঃ)।

প্ৰঃ সাহিত্যত কোনজন মুছলমান সাহিত্যিকে প্ৰথম নবেল বঁটা লাভ কৰে ?

উঃ মিছৰৰ নাজিৰ মাহফুজ।

প্ৰঃ আধুনিক ইছলামী নাটকৰ অগ্ৰদূত কোন ?

উঃ নাজিৰ আল কালিন।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কাপোৰ তৈয়াৰ কৰে কোনে ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)।

প্ৰঃ কোন নবীৰ যুগত সৰ্বপ্ৰথম মূৰ্তিপূজা আৰম্ভ হয় ?

উঃ হজৰত ইদ্ৰিছ (আঃ)ৰ যুগত।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে কোৰবাণী কৰিছিল ?

উঃ হজৰত আদম (আঃ)ৰ প্ৰথম পুত্ৰ হাবিল আৰু দ্বিতীয় পুত্ৰ কাবিল।

প্ৰঃ বিশ্বৰ শ্রেষ্ঠ  মুছলমান মহাকবি কোন ?

উঃ ফিৰদৌছি (কাব্যগ্ৰন্থৰ নাম ‘ছাহনামা’)।

প্ৰঃ ইছলামী ৰাষ্ট্ৰৰ প্ৰথম ৰাজধানীৰ নাম কি ?

উঃ মদিনা।

প্ৰঃ পৃথিৱীৰ শ্রেষ্ঠতম কূপ কি ?

উঃ বিখ্যাত জমজমকূপ (মক্কা)। 0 0 0

Refe: Quiz Miscellany

 

সমাপ্ত 

 

 

One Comment

  1. Pingback: কোৰাণ আৰু হাদিছ কুইজ। Quran and Hadith Quiz - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *