কোৰাণ আৰু হাদিছ কুইজ

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  সাধাৰণ জ্ঞানৰ হাত পুথি

 

 

 

 

 

সংকলন আৰু সম্পাদনা

ৰাব্বি  মছৰুৰ 

 

 

 

 

 

 

 

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

 

Quran Aru Hadith Quiz ( A Hand Book of General Knowledge For Students. Compiled & Edited by Rabbi Masrur.

 

First Edition 2019

 

 

 

Published by Growhills Publishing

 

 

 

All rights reserved with the Publisher

 

 

 

 

Price: Rs.  ……………. ./-

 

 

 

D.T.P. by Growhills D. T. P Operators.

 

 

 

 আগকথা 

পৃথিৱীত কেইবাটাও ধৰ্মৰ অস্তিত্ব আছে যদিও সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হোৱা ধৰ্মটো হৈছে হজৰত মহম্মদ (ছাঃ) য়ে প্ৰৱৰ্তন কৰা ইছলাম ধৰ্ম। এই ধৰ্মৰ ওপৰতেই আজিলৈকে আটাইতকৈ বেছি কিতাপ ৰচিত হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু পৰিতাপৰ বিয়ষ যে আজিলৈকে অসমীয়া ভাষাত ইছলাম ধৰ্মৰ চৰ্চা হোৱা নাই। মাত্ৰ দুই এখন সৰু-সুৰা কিতাপ ৰচিত হৈছে যদিও সেইবোৰ এপাচি শাকত এটা জালুকৰ দৰে। ইয়াৰ উপৰি সেইবোৰ কিতাপত ভাষা আৰু অৰ্থৰ বিসঙ্গতি লক্ষণীয়। অৱশ্যে মূল আৰবী কোৰাণ আৰু হাদিছ গ্ৰন্থৰ পৰা অসমীয়া কিতাপ প্ৰণয়ন কৰাটো এক জটিল কাম। কাৰণ আৰবী ভাষাটো বৰ্ণমালা, বাক্য প্ৰকৰণ, শব্দ গঠন আৰু ব্যাকৰণিক দিশত এক জটিল ভাষা। এই ভাষাৰ পৰা কোনো গ্ৰন্থ যিকোনো ভাষালৈ অনুবাদ কাৰ্য অতিকৈ জটিল। সম্ভৱতঃ এনে জটিলতাৰ বাবেই আজিলৈকে অসমীয়া ভাষাত ইছলামী কিতাপৰ সংখ্যা অতি কম। এই অভাৱ লক্ষ্য কৰি আমি গ্রোহিলচ পাব্লিশ্বিংৰ তৰফৰ পৰা অসমীয়া ভাষাত ইছলামী কিতাপ প্ৰণয়ন কৰিবলৈ এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছোঁ। এই অভিযানৰ প্ৰস্তুতিস্বৰূপ আমি কেইজনমান অসমীয়া আৰু আৰবী ভাষাত পাণ্ডিত্য অৰ্জন কৰা বিদ্বজনক লৈ এটি ইছলামী লিখক সমিতি গঠন কৰিছোঁ। আমি প্ৰণয়ণ কৰা গ্ৰন্থসমূহৰ ভাষা আৰু অনুবাদ যাতে নিখুঁত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ ইছলামী কিতাপসমূহৰ উৎস গ্ৰন্থ প্ৰধানকৈ মূল আৰবী কোৰাণ আৰু হাদিছসমূহ। 

আমাৰ আঁচনিৰ এক উদ্যম হিচাপে আমি ‘কোৰাণ আৰু হাদিছ কুইজ’ নামৰ¸ পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ। পুথিখনৰ মূল আধাৰ কোৰাণ আৰু হাদিছ গ্ৰন্থসমূহ যদিও আমি অন্যান্য বহুত গ্ৰন্থৰ পৰা সমল সংগ্ৰহ কৰিছোঁ। পুথিখনৰ শিৰোনামা ‘কোৰাণ আৰু হাদিছ কুইজ’ দিয়া হৈছে যদিও আমি  ইছলামৰ অন্যন্য দিশেবাৰো যথাসম্ভৱ সাঙুৰি ল’বলৈ চেষ্টা কৰিছোঁ। আমি আশাবাদী যে এই সৰু কলেবৰৰ ‘কোৰাণ আৰু হাদিছ কুইজ’ নামৰ কিতাপখন পঢ়ি কৌতুহলী পাঠকে ইছলাম সম্পৰ্কে সাধাৰণ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব।

আমাৰ যৎপৰোনাস্তি সৎ প্ৰচেষ্টা থকা সত্বেও আমাৰ ভুল-ভ্ৰান্তি থাকি যাব পাৰে। সেয়ে আমি ইছলামী পণ্ডিত, ভাষাবিধ, গৱেষক আৰু পাঠক সমাজক আমাৰ ভুল-ভ্রান্তিবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান  জনালোঁ। ইতি

প্ৰকাশক

ৰাব্বি মছৰুৰ

কমলপুৰ, ২০১৯ ইংৰাজী চন।

…………………………………………………………………………………….

কোৰাণ আৰু হাদিছ কুইজ

প্ৰঃ কোৰাণ কি ?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত নাজিল হোৱা ঐহী গ্ৰন্থ।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ৰচয়িতা কোনে ?

উঃ বিশ্বব্রহ্মাণ্ডৰ মহাশক্তিশালী সৃষ্টিকৰ্তা পৰম আল্লাহ তায়ালা।

প্ৰঃ ‘কোৰাণ’ শব্দৰ অৰ্থ কি ?

উঃ কিতাপ।

প্ৰঃ কোৰাণ কাৰ জৰিয়তে (মাধ্যমত) অৱতীৰ্ণ হয় ?

উঃ  হজৰত জিব্রাইল (আঃ)ৰ জৰিয়তে।

প্ৰঃ কোৰাণৰ বৈশিষ্ট্য কি ?

উঃ চিৰদিন (কিয়ামতলৈ) কোৰাণখন অবিকৃত হৈ থাকিব।

প্ৰঃ পৱিত্ৰ কোৰাণ অৱতীৰ্ণ হোৱাৰ আগতে ক’ত সংৰক্ষিত আছিল ?

উঃ লওহে মাহফুজত।

প্ৰঃ কোৰাণখন সংৰক্ষণৰ দায়িত্ব কাৰ হাতত ?

উঃ স্বয়ং আল্লাহৰ হাতত।

প্ৰঃ পৱিত্ৰ কোৰাণৰ ভাষা কি ?

উঃ আৰবী।

প্ৰঃ সৰ্বমুঠ কিমান দিনত কোৰাণখন অৱতীৰ্ণ হৈছিল ?

উঃ ২২ বছৰ ৫ মাহ, ১৪ দিনত।

প্ৰঃ কোৰাণ সৰ্বপ্ৰথম ক’ত কেতিয়া অৱতীৰ্ণ হয় ?

উঃ  ১৮ ৰমজান, শুক্ৰবাৰ (১৭ আগষ্ট,৬১০ খ্ৰীঃ) হিৰা পৰ্বতৰ গুহাত।

প্ৰঃ সৰ্বপ্ৰথম অৱতীৰ্ণ হোৱা কোৰাণৰ আয়াত কি আছিল ?

উঃ ছুৰা আল আলাকৰ প্ৰথম ৫ আয়াত।

প্ৰঃ কোৰান নাজিল হোৱাৰ দিনত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল ?

উঃ ৪০ বছৰ ১১ দিন।

প্ৰঃ সৰ্বশেষ অহি কেতিয়া নাজিল হয় ?

উঃ ৰাছুলুল্লাহ (ছাঃ)ৰ ইন্তেকালৰ ৯ দিন আগত।

প্ৰঃ ছুৰা ‘আল আলাক’ৰ প্ৰথম ৫ আয়াত নাজিল হোৱাৰ পিছত কিমান দিন অহি অহা বন্ধ আছিল ?

উঃ ২ বছৰ ৬ মাহ।

প্ৰঃ দীৰ্ঘ দুবছৰ ছয় মাহ  পিছত কোৰানৰ কোন ছুৰা নাজিল হয় ?

উঃ ছুৰা মুদ্দাছ্ছিৰ প্ৰথম পাঁচ আয়াত।

প্ৰঃ তৃতীয় বাৰ কোন ছুৰা নাজিল হয় ?

উঃ ছুৰা ওৱাদ্দুহা।

প্ৰঃ সকলোতকৈ সৰু আয়াত কোনটো ?

উঃ ওৱাদ্দুহা।

প্ৰঃ ‘আয়াত’ শব্দৰ অৰ্থ কি ?

উঃ শ্লোক, বাক্য, চিহ্ন।

প্ৰঃ কোৰানত মুঠ কিমান আয়াত (শ্লোক, বাক্য) আছে ?

উঃ ৬৬৬৬ টি। 

প্ৰঃ কোৰানত সৰ্বমুঠ কিমান শব্দ আছে ?

উঃ ৮৬,৪৩০ টা।

প্ৰঃ কোৰানত কোনটো হৰফ (বৰ্ণ) আটাইতকৈ বেছি ব্যবহৃত হৈছে ?

উঃ আলিফ।

প্ৰঃ কোৰানত সৰ্বমুঠ কেইটা ছুৰা (অধ্যায়) আছে ?

উঃ ১১৪ টা।

প্ৰঃ পৱিত্ৰ কোৰাণ কিমান মনজিলত বিভক্ত ?

উঃ ৭ মনজিলত।

প্ৰঃ কোৰাণৰ কোন ছুৰাত তাছমিয়াহ দুবাৰ আছে ?

উঃ ছুৰা নামল।

প্ৰঃ অহি লেখক চাহাবা কিমানজন আছিল ?

উঃ ৪০ জন।

প্ৰঃ কাৰ আদেশত কেইজন চাহাবাই সৰ্বপ্ৰথম কোৰানখন পুস্তক আকাৰত লিখে ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ আদেশত ৭৫ জন চাহাবাই।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ) পুস্তক আকাৰে লিখা কোৰাণখন কাৰ ওচৰত সংৰক্ষিত ৰাখে ?

উঃ উম্মুল মুমেনিন হজৰত হাফছা (ৰাঃ)ৰ ওচৰত।

প্ৰঃ কোৰাণ পাঠ সকলোৰে বাবে সহজ কৰিবলৈ সৰ্বপ্ৰথম হৰকত (জেৰ, জবৰ, পেশ) কোনে উদ্ভাৱন কৰে ?

উঃ হজৰত আছওৱাদ দুয়ালী নামৰ এজন লোকে।

প্ৰঃ কোৰানত কেইটা ৰুকু (পৰিচ্ছেদ )আছে ?

উঃ ৫৪০ টা।

প্ৰঃ কোৰাণত ছিজদাহৰ আয়াত কেইটা ?

উঃ ১৪ টা।

প্ৰঃ মক্কাত অৱতীৰ্ণ ছুৰাৰ সংখ্যা কেইটা ?

উঃ ৯২ টা। মতান্তৰে ৮৪ টা।

প্ৰঃ মদিনাত অৱতীৰ্ণ হোৱা ছুৰাৰ সংখ্যা কেইটা ?

উঃ ২২ টা। মতান্তৰে ৩০ টা।

প্ৰঃ নাজিলকৃত সৰ্বপ্ৰথম পূৰ্ণাঙ্গ ছুৰা কোনটো ?

উঃ ছুৰা ফাতিহা।

প্ৰঃ মদিনাত পোন প্ৰথমতে কোন ছুৰা অৱতীৰ্ণ হয় ?

উঃ ছুৰা আৰ ৰহমান।

প্ৰঃ উম্মুল কোৰাণ বা কোৰাণৰ জননী কোন ছুৰাক কোৱা হয় ?

উঃ ছুৰা ফাতিহা।

প্ৰঃ কোন ছুৰাক কোৰানৰ প্ৰাণ বুলি কোৱা হয় ?

উঃ ছুৰা ইয়াচিন।

প্ৰঃ পৱিত্ৰ কোৰাণৰ মূৰ কাক কোৱা হয় ?

উঃ ‘বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম’।

প্ৰঃ কোনটো ছুৰাক কোৰাণৰ আৰশ বুলি কোৱা হয় ?

উঃ ছুৰা বাকাৰা।

প্ৰঃ কোন ছুৰাক কোৰানৰ প্ৰদীপ বুলি কোৱা হয় ?

উঃ ছুৰা মূলক।

প্ৰঃ আয়তুল কুৰছিক কি বুলি কোৱা হয় ?

উঃ কোৰানৰ বন্ধু।

প্ৰঃ  কোৰাণৰ কোন ছুৰাক আলগণি বুলি কোৱা হয় ?

উঃ ছুৰা আল ওৱাকিয়াহ।

প্ৰঃ কোন ছুৰাত ‘তাছমিয়াহ’ নাই ?

উঃ ছুৰা তওবা।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন মহিয়সী নাৰীৰ নাম উল্লেখ আছে ?

উঃ হজৰত ঈছা (আঃ)ৰ মাতৃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰানত একমাত্ৰ কোন চাহাবাৰ নাম উল্লেখ আছে ?

উঃ হজৰত জায়েদ বিন হাৰেশা।

প্ৰঃ কোৰানত কোন নবীৰ বিষয়ে সৰ্বাধিক আলোচিত হৈছে ?

উঃ হজৰত মুছা (আঃ) । 

প্ৰঃ কোৰাণত মুঠ কেইজন নবীৰ নাম উল্লেখ আছে ?

উঃ ২৫ জন।

প্ৰঃ কোৰানত কেইজন ফিৰিস্তাৰ নাম উল্লেখ আছে ?

উঃ ৪ জন,যথা: জিব্রাইল, মিকৰাইল, হাৰুত আৰু মাৰুত (আঃ)।

প্ৰঃ কোৰাণত কিমানজন কাফিৰৰ নাম উল্লেখ আছে ?

উঃ ৭ জন, যথা: আবু লাহাব, ফিৰাউন, হামান, কাৰুন, সামেৰি, আজৰ আৰু ইবলিছ।

প্ৰঃ কোৰানত কিমান দেৱ-দেৱীৰ নাম উল্লেখ আছে ?

উঃ ৮ টা, যথা: লাত, উজজা, মানাত, ওৱাদ, সুওজা, ইয়াগুছ, ইয়াউক আৰু নাসৰ।

প্ৰঃ কলিমা তৈয়বাহ কোৰাণত কেইবাৰ আছে ?

উঃ কোৰানৰ ক’তো সম্পূৰ্ণ কলিমাৰ উল্লেখ নাই। অৱশ্যে দুই স্থানত ‘লা-ইলাহা ইল্লাল্লাহ’ আৰু অন্য এক স্থানত ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’ উল্লেখ আছে।

প্ৰঃ সৰ্বপ্ৰথম পূৰ্ণাঙ্গ কোৰান কোনে কি ভাষাত অনুবাদ কৰে ?

উঃ ১৫৪৩ চনত ৰবাৰ্ট ক্যেটেননিসা, লেটিন ভাষাত।

প্ৰঃ বাংলা ভাষাত পুস্তকাকাৰে সৰ্বপ্ৰথম পূৰ্ণ কোৰাণ কোনে অনুবাদ কৰে ?

উঃ গিৰিশ চন্দ্ৰ সেন, ১৮৮৬ চনত।

প্ৰঃ বিশ্বৰ কোন ভাষাত সৰ্বাধিকবাৰ কোৰাণখন অনুবাদ হৈছে ?

উঃ উৰ্দু  ভাষাত।

প্ৰঃ কোৰানত বৰ্ণিত দুজন বৈজ্ঞানিকৰ নাম কি ?

উঃ লুকমান আৰু জুলকাৰনাইন।

প্ৰঃ সৰ্বপ্ৰথম কোৰানৰ হাফিছ কোন আছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত সৰ্বশ্রেষ্ঠ কাৰী কোন আছিল ?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ কোৰানত কোনটো মছজিদক পৃথিৱীৰ প্ৰাচীনতম মছজিদ বুলি কৈছে ?

উঃ কাবা শ্বৰিফ।

প্ৰঃ কোৰানত উল্লেখিত মছজিদসমূহৰ নাম কি কি ?·

উঃ মাছজিদুল হাৰাম, মাছজিদুল আকছা, মাছজিদে কুবা, মছজিদে নকবী আৰু মছজিদে জেৰাৰ।

প্ৰঃ কোৰাণত কিমান সংখ্যক পাহাৰৰ নাম উল্লেখ আছে ?

উঃ ৫ টা, যথাঃ তুৰ, ছাফা, মাৰওৱা, আৰাফাত আৰু জুদী।

প্ৰঃ কোৰানত কিমান কীট-পতংগৰ নাম উল্লেখ আছে ?

উঃ  মৌমাখি, পৰুৱা আৰু মকৰাৰ নাম উল্লেখ আছে।

প্ৰঃ পৰৱৰ্তী লোকসকলৰ বাবে নিদৰ্শনস্বৰূপ কি কি বস্তু আল্লাহতায়ালা এই পৃথিৱীত সংৰক্ষিত ৰাখিছে বুলি কোৰাণত উল্লেখ আছে ?

উঃ ফিৰাউনৰ মৃতদেহ আৰু নূহ নবীৰ নৌকা।

প্ৰঃ কোৰানত হৰফ মকাত্তায়াত (পৃথক বৰ্ণ) কিমান ঠাইত আছে ?

উঃ মুঠ ৩০ টা ছুৰাৰ আৰম্ভণিত।

প্ৰঃ কোৰাণত থকা প্ৰতি হৰফ পঢ়িলে  কিমান নেকী (পুণ্য) পোৱা যায় ?

উঃ নামাজত থিয় হৈ পঢ়িলে প্ৰতি হৰফত ১০০ নেকী, বহি পঢ়িলে ৫০ নেকী, নামাজ অবিহনে অজুৰ সহিত পঢ়িলে ২৫ নেকী আৰু বিনা অজুত পঢ়িলে ১০ টিকৈ নেকী পোৱা যায়। 

প্ৰঃ কোৰানৰ সৰ্ববৃহৎ ছুৰা কোনটো ?

উঃ ছুৰা বাকাৰা।

প্ৰঃ কোৰাণত থকা আটাইতকৈ সৰু ছুৰা কোনটো ?

উঃ সুৰা কাওছাৰ (৩ টা আয়াত যুক্ত)। 

প্ৰঃ কোৰানৰ কোন ছুৰাৰ পাঠ শুনি হজৰত আবু বক্কৰ (ৰাঃ) বুজিব পাৰিছিল যে হুজুৰ (ছাঃ)ৰ পৰলোক গমনৰ দিন ওচৰ চাপি আহিছে ?

উঃ  সুৰা নছৰ।

প্ৰঃ কোৰানৰ আয়াতসমূহৰ হুকুম কি ?

উঃ ১ হাজাৰ আদেশৰ, ১ হাজাৰ নিষেধৰ, ১ হাজাৰ প্ৰশাসনৰ, ১ হাজাৰ নবী কাহিনী, ১ হাজাৰ উদাহৰণ, ১ হাজাৰ প্ৰতিশ্ৰুতি, ৫০০ হালাল আৰু ৫০০ হাৰামৰ।  

প্ৰঃ হাদিছ কাক কয় ?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) য়ে ব্যক্তি জীৱন, সমাজ জীৱন, ৰাষ্ট্ৰীয় জীৱন সম্পৰ্কে যিবোৰ নীতি-নিয়ম, কাম-কাজ, আদেশ-নিষেধ, ভাল-বেয়া ইত্যাদি বিষয়ে কথা বা বাণী ব্যক্ত কৰিছে সেইবোৰকই ‘হাদিছ’ বোলে। 

প্ৰঃ ‘হাদিছ’ শব্দৰ অৰ্থ কি ?

উঃ বাণী বা সংবাদ।

প্ৰঃ কোৰাণ আৰু হাদিছৰ মাজত পাৰ্থক্য কি ?

উঃ কোৰাণ সৰ্বশক্তিমান বিশ্ব নিয়ন্তা আল্লাহৰ বাণী আৰু হাদিছ হৈছে সেই বাণীসমূহৰ হজৰত মহম্মদ (ছা:)য়ে  কৰা বাস্তৱ আৰু সৰল ব্যাখ্যা।

প্ৰঃ হাদিছ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ  হাদিছ চাৰি প্ৰকাৰৰ, যথা: কওলী, ফেলী, তাকৰীৰী আৰু কুদসী।

প্ৰঃ হাফেজে হাদিছ (হাদিছ বিশাৰদ বা হাকিম) কাক কয় ?

উঃ যিজনে চনদ আৰু সমস্ত বৃত্তান্তসহ এক লাখ হাদিছ আয়ত্ব কৰে তাকে ‘হাফেজে হাদিছ’ (হাদিছ বিশাৰদ বা হাকিম) বোলে।

প্ৰঃ পুৰুষৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন ?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ নাৰীসকলৰ মাজত সৰ্বাধিক হাদিছ বৰ্ণনাকাৰী কোন ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হুজুৰ ছাল্লাল্লাহু আলাইহে ৱাছাল্লামে হাদিছ লিখাৰ অনুমতি কোন কোন ছাহাবাক দিছিল ?

উঃ ৰাফে বিন খাদিজ (ৰাঃ) আৰু আব্দুল্লাহ বিন আমৰ বিন আস (ৰাঃ)।

প্ৰঃ ইবনে মাজাহ শ্বৰিফত কেইটা হাদিছ আছে ?

উঃ ৪,৩৩৮ টা।

প্ৰঃ মহাদ্দিছ কাক বোলে ?

উঃ হাদিছ শাস্ত্ৰত পাৰদৰ্শী ব্যক্তিক।

প্ৰঃ ভাৰতবৰ্ষত হাদিছ শিক্ষাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ মুহাদ্দিছ আব্দুল হক দেহলভী (ৰঃ)।

প্ৰঃ ‘মুত্তাফাকুন আলাইহি হাদিছ কি ?

উঃ যিবোৰ হাদিছ একেজন চাহাবীৰ বৰ্ণনা সূত্ৰে বুখাৰী শ্বৰিফ আৰু মুছলিম শ্বৰিফত আছে তাকে ‘মুত্তাফাকুন আলাইহি হাদিছ’ বোলে।

প্ৰঃ মুত্তাফাকুন আলাইহি হাদিছ কেইটা ?

উঃ ২,৩২৬ টা। 

প্ৰঃ মুহাদ্দিছৰ ৰজা কাক কোৱা হয় ?

উঃ ইমাম তিৰমিজী (ৰঃ)। 

প্ৰঃ হাদিছ বৰ্ণনাকাৰী চাহাবীসকলৰ সংখ্যা কিমান ?

উঃ  ৭,৫০০ জন।

প্ৰঃ বিশুদ্ধতাৰ দিশৰ পৰা হাদিছ কেই ভাগত বিভক্ত ?

উঃ ৩ ভাগত, যেনে: সহীহ (বিশুদ্ধ), হাসান (উত্তম) আৰু জইফ (দুৰ্বল)।

প্ৰঃ ছিহাহ সিত্তাহ হাদিছ গ্ৰন্থ কোনবোৰ ?

উঃ বুখাৰী, মুছলিম, আবু দাউদ, তিৰমিজী, নাসায়ী আৰু ইবনে মাজাহ।

প্ৰঃ মুছলিম শ্বৰিফত কেইটা হাদিছ  আছে ?

উঃ ৪,০০০ টা।

প্ৰঃ বুখাৰী শ্বৰিফত মুঠ কিমান হাদিছ আছে ?

উঃ ৭,২৭৫ টা।

প্ৰঃ ‘আল্লাহ’ শব্দটি কি শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয় ?

উঃ ‘ইলা’ (ইলাহুন) শব্দৰ পৰা।

প্ৰঃ আল্লাহ  ক’ত আছে ?

উঃ সাত স্তৰ আকাশৰ ওপৰ (আৰশে আজীম)ত আছে।

প্ৰঃ আল কোৰানত ‘আল্লাহ’ শব্দটি কেইবাৰ আছে ?

উঃ  ২,৫৮৪ বাৰ।

প্ৰঃ ‘ইছমে আজম’ কি ?

উঃ ‘ইছমে আজম’ মানে সৰ্বশ্রেষ্ঠ  নাম। ‘ইছমে আজম’ৰ দ্বাৰা আল্লাহক বুজোৱা হয়।

প্ৰঃ আল্লাহক ফাৰচী ভাষাত কি বুলি কোৱা হয় ?

উঃ  খোদা।

প্ৰঃ আল্লাহই পোন প্ৰথমতে কি সৃষ্টি কৰিছে ?

উঃ শেষ পয়গম্বৰ হজৰত মহম্মদ (ছাঃ)ৰ নূৰ (কিছুমানৰ মতে কলম)।

প্ৰঃ আল্লাহই নিজ হাতে কি কি বস্তু সৃষ্টি কৰিছে ?

উঃ কলম, আৰশ, জান্নাতুল আদন আৰু আদম (আঃ)। বাকী বস্তুবোৰ তেওঁ ‘কুন’ (হোৱা) শব্দৰ দ্বাৰা সৃষ্টি কৰিছে।

প্ৰঃ ‘ঈমান’ কি ?

উঃ  ইছলাম ধৰ্মৰ মৌলিক বিধানসমূহ অন্তৰে বিশ্বাস কৰা, মুখে স্বীকাৰ কৰা আৰু সেইবোৰ পালন কৰি চলাকেই ‘ঈমান’ বোলে। সংক্ষেেপ ঈমান মানে সৰ্বশক্তিমান প্ৰভু আল্লাহৰ একত্বত দৃঢ় বিশ্বাস কৰা।

প্ৰঃ ‘কুফৰ’ কি ?

উঃ আল্লাহ আৰু তেওঁৰ ৰছুলক বিশ্বাস নকৰাক ‘কুফৰ’ বোলে।

প্ৰঃ পৃথিৱীত ‘আল্লাহৰ ঘৰ’ বুলিলে কোন স্থানক বুজায় ?

উঃ আৰব দেশৰ মক্কা নগৰত থকা কাবা শ্বৰীফক বুজায়।

প্ৰঃ আল্লাহই বিশ্বব্রহ্মাণ্ড কেইদিনত সৃষ্টি কৰিছে ?

উঃ ৬ দিনত।

প্ৰঃ আল্লাহৰ সৃষ্টি জীৱ বা বস্তু কিমান ?

উঃ ১৮ হাজাৰ।

প্ৰঃ ১৮ হাজাৰ মাখলুক (সৃষ্টি জীৱ) ক’ত ক’ত আছে ?

উঃ আকাশত ৬০০০, স্থলত ৬০০০ আৰু পানীত ৬০০০।

প্ৰঃ বায়তুল্লাহ শৰিফ কাৰ অনুকৰণত তৈয়াৰী ?

উঃ সপ্তম আকাশত থকা ফিৰিস্তাসকলৰ উপাসনা গৃহ বায়তুল মামুৰৰ অনুকৰণত। 

প্ৰঃ  ‘শিৰক’ কি ?

উঃ আল্লাহৰ অংশীদাৰ আছে বুলি বিশ্বাস কৰাক শিৰক বোলে। শিৰক মহাপাপ।

প্ৰঃ শিৰক কেই প্ৰকাৰ আৰু কি কি ?

উঃ শিৰক দুই প্ৰকাৰ, যেনে: শিৰক জলী (প্ৰকাশ্য শিৰক) আৰু শিৰক খফী (গোপন শিৰক)।

প্ৰঃ ‘বিদয়াত’ কি ?

উঃ ‘বিদয়াত’ মানে মনে গঢ়া  কথা বা কাম। যি কাম হজৰত মহম্মদ (ছাঃ) আৰু তেখেতৰ চাহাবীসকলে কৰা নাই তেনে কাম শৰীয়তসন্মত ভাৱি কৰাৰ নামেই বিদয়াত।

প্ৰঃ ‘ক্কিয়াম’ কি ?

উঃ ‘ক্বিয়াম’ শব্দৰ অৰ্থ হ’ল থিয় হোৱা। নামাজত ক্কিয়াম কৰা (থিয় হোৱা) ফৰজ (অৱশ্য কৰণীয়) কিন্তু মিলাদ (গুণকীৰ্তন) ত হজৰত মহম্মদৰ নাম শুনি ভক্তিভাৱে থিয় হোৱা (ক্কিয়াম কৰা) বিদয়াত।

প্ৰঃ ধৰ্ম মানে কি ?

উঃ আল্লাহ নিৰ্দেশিত এক জীৱন ব্যৱস্থা।

প্ৰঃ ইছলাম শব্দৰ অৰ্থ কি ?

উঃ ইছলাম শব্দৰ অৰ্থ হ’ল শান্তি। ইয়াৰ আন এক অৰ্থ হ’ল সম্পূৰ্ণৰূপে  আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা।

প্ৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন ?

উঃ প্ৰথম মানৱ হজৰত আদম (আঃ)।

প্ৰঃ কোনজন নবী (ৰাছুল) ৰ মাধ্যমত ইছলাম ধৰ্মই পৰিপূৰ্ণতা লাভ কৰে ?

উঃ হজৰত মহম্মদ (ছাঃ)ৰ মাধ্যমত।

প্ৰঃ ইছলাম ধৰ্মৰ মূল ভিত্তি কেইটা আৰু কি কি ?

উঃ  ইছলামৰ মূল ভিত্তি ৫ টা। যেনে: কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ্ব।

প্ৰঃ পৃথিৱীত মুছলমানৰ ওপৰত আল্লাহৰ পিনৰ পৰা কেইটা পৰীক্ষা হয় ?

উঃ প্ৰধানতঃ দুটা (ক) নিয়ামতৰ শোকৰ (আল্লাহৰ অনুগ্ৰহ স্বীকাৰ) আৰু (খ) বিপদত ধৈৰ্যধাৰণ।

প্ৰঃ ৰাছুল (ছাঃ) য়ে মুছলমানসকলক কি গছৰ লগত তুলনা কৰিছে ?

উঃ খেজুৰ গছৰ লগত।

প্ৰঃ মুছলামনসকলৰ সর্বশ্রেষ্ষ্ঠ  সম্পদ কি ?

উঃ ঈমান (আল্লাহৰ একত্বত পূৰ্ণ বিশ্বাস স্থাপন) আৰু আমল (ইছলামৰ বিধি-বিধান মতে কৰা কাৰ্য। 

প্ৰঃ ইছলামৰ মূল কথা কি ?

উঃ এক আল্লাহক বিশ্বাস কৰা।

প্ৰঃ ইছলাম ধৰ্মৰ অনুসাৰীসকলক কি বোলে ?

উঃ মুছলমান।

প্ৰঃ ‘মুছলমান’ নামটো কোনে ৰাখিছে ?

উঃ হজৰত ইব্রাহিম (আঃ)।

প্ৰঃ এজন মুছলমানৰ ওপৰত অন্য মুছলমানৰ নিম্ন পৰ্যায়ৰ হক (প্ৰাপ্যকৰ্তব্য) কি ?

উঃ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰা।

প্ৰঃ শৰীয়ত কি ?

উঃ ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ আল কোৰান আৰু হাদীছত মানৱ জাতিক উদ্দেশ্যি প্ৰণয়ন কৰা বিধি-বিধানমতে যাপন কৰিবলগা এক জীৱন ব্যৱস্থা।

প্ৰঃ শৰীয়তৰ বিধান মুঠ কেইটা আৰু কি কি ?

উঃ ইছলাম ধৰ্মমতে শৰীয়তৰ বিধান মুঠ আঠটা, যেনে: ফৰজ, ওৱাজিব, সুন্নত, মুস্তহাব, নফল, হাৰাম, হালাল আৰু মকৰুহ।

প্ৰঃ ফৰজ কাক বোলে ?

উঃ যিবোৰ কাম কোৰান আৰু হাদিছ মতে প্ৰতিজন মুছলমানে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ফৰজ বোলে। ফৰজ কাম ত্যাগ কৰিলে গোনাহ বা  পাপী) হয় আৰু ফৰজক অস্বীকাৰ কৰোতাসকল কাফিৰ হয়।

প্ৰঃ ফৰজ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ ফৰজ দুই প্ৰকাৰৰ, যেনে: ফৰজে আইন আৰু ফৰজে কেফায়া।

প্ৰঃ ফৰজে কেফায়া কাক বোলে ?

উঃ ইছলাম ধৰ্মৰ যিবোৰ নীতি-নিয়ম, কাম-কাজ প্ৰতিজন মুছলমানে অৱশ্য কৰিবলগীয়া কিন্তু সকলোৰে হৈ কেইজনমান ব্যক্তিয়ে কৰিলেও আদায় হৈ যায় তাকে ‘ফৰজে কেফায়া’ বোলে। যেনে: জানাজাৰ নামাজ, ইছলাম ধৰ্ম প্ৰচাৰ।

প্ৰঃ ফৰজে আইন মানে কি ?

উঃ ইছলামৰ যিবোৰ বিধি-বিধান প্ৰত্যেকজন প্ৰাপ্তবয়স্ক নৰ-নাৰীয়ে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ‘ফৰজে আইন’ বোলে। যেনে: পাঁচ ওৱাক্ত নামাজ, ৰমজান মাহৰ ৰোজা পালন ইত্যাদি।

প্ৰঃ ‘ওৱাজিব’ কাক বোলে ?

উঃ  ইছলামৰ যিবোৰ আদেশ পালন কৰিবলগীয়া কিন্তু হাদিছ আৰু কোৰাণত ফৰজ কাম বুলি সুস্পষ্টভাৱে উল্লেখ নাই, তেনে কামক ‘ওৱাজিব’ বোলে। ওৱাজিব ফৰজৰ ওচৰা-ওচৰি। ইয়াক অস্বীকাৰ কৰিলে ফাচেক হয়।

প্ৰঃ সুন্নত কাক বোলে ?

উঃ যিবোৰ কাম হজৰত মহম্মদ (ছাঃ) য়ে নিজে কৰিছে, চাহাবাসকলক কৰিবলৈ তাগিদ কৰিছে বা সমৰ্থন কৰিছে তেনে কামবোৰক ‘সুন্নত’ বোলে।

প্ৰঃ সুন্নত কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ সুন্নত দুই প্ৰকাৰৰ, যেনে: সুন্নতে মুৱাককাদ্দাহ আৰু সুন্নতে গায়িৰ মুৱাককাদ্দাহ।

প্ৰঃ  সুন্নতে মুৱাককাদ্দাহ কাক কয় ?

উঃ যিবোৰ কাম হুজুৰ(ছাঃ) য়ে প্ৰতিনিয়ত পালন কৰিছে আৰু তেখেতৰ অনুগামী চাহাবাসকলেও কৰিছে আৰু কেতিয়াও বিনা কাৰণত ত্যাগ কৰা নাই সেইবোৰ কাম-কাজকে ‘সুন্নতে মুয়াকাকদ্দাহ’ বোলে। যেনে: ফজৰৰ দুই ৰাকাত সুন্নত নামাজ।

প্ৰঃ সুন্নতে গায়েৰ মুৱাক্কাদাহ কাক বোলে ?

উঃ যিবোৰ কাম হুজুৰ (ছাঃ) অধিকাংশ সময় কৰিছে  আৰু কেতিয়াবা কেতিয়াবা বিনা কাৰণত ত্যাগ কৰিছে, সেইবোৰ কাম-কাজকে সুন্নতে ‘গায়েৰ মুৱাক্কাদাহ’ বোলে। যেনে: আচৰৰ চাৰি ৰাকাত সুন্নত নামাজ।

প্ৰঃ মুস্তাহাব কাক বোলে ?

উঃ যিবোৰ কাৰ্য কৰিলে পুণ্য হয়, কিন্তু নকৰিলে পাপা নহয় সেইবোৰ কামকে ‘মুস্তাহাব’ বোলে।

প্ৰঃ নফল কাক বোলে ?

উঃ নফল বুলিলে অতিৰিক্তি ইচ্ছাকৃত পুণ্যৰ কামক বুজায়। যেনে: চাছত আৰ ইছৰাকৰ নামাজ।

প্ৰঃ হালাল কি ?

উঃ যিবোৰ কাম বা খাদ্য, পানীয় আদি গ্ৰহণ কোৰান আৰু হাদিছৰ দ্বাৰা স্পষ্টভাৱে অনুমোদিত বা বৈধ তাকে ‘হালাল’ বোলে। যেনে: গাখীৰ পান কৰা, মধুপান কৰা, ব্যৱসায় কৰা ইত্যাদি।

প্ৰঃ হাৰাম কাক বোলে ?

উঃ যিবোৰ কাম কাজ ইছলামী বিধি-বিধান বিৰোধী আৰু অবৈধ বুলি স্পষ্টভাৱে নিষেধ কৰা আছে, তেনে কামক হাৰাম বোলে। যেনে: মদ পান কৰা, চুৰি কৰা, গিবত কৰা ইত্যাদি।

প্ৰঃ মকৰূহ কাক বোলে ?

উঃ যিবোৰ কাম ত্ৰুটিপূৰ্ণ আৰু অপছন্দনীয় আৰু হাৰামৰ নিম্নস্তৰত নিষিদ্ধৰূপে গণ্য তাকে মকৰূহ বোলে।

প্ৰঃ মকৰূহ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ মকৰূহ দুই প্ৰকাৰৰ যথা: (ক) মকৰূহ তানজিহী আৰু (খ) মকৰূহ তাহৰিমী। মকৰূহ তাহজিহী হালালৰ ওচৰা-ওচৰি, কৰিলে গুনাহ বা পাপ নহয়, কিন্তু নকৰা ভাল। আনহাতে মকৰূহ তাহৰিমী হাৰামৰ ওচৰা-ওচৰি, কৰিলে পাপ হয়।

প্ৰঃ গুনাহ কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ গুনাহ দুই প্ৰকাৰৰ। যথা: সগীৰা গুনাহ (সৰু গুনাহ) আৰু কবীৰা গুনাহ ডাঙৰ গুনাহ)। সগীৰা গুনাহ কৰি ভাল কাম কৰিলে মাফ হয়,কিন্তু কবীৰা গুনাহ তওবাহ নকৰিলে মাফ নহয়।

প্ৰঃ  ফিকাহ কাক বোলে ?

উঃ ইছলামী জীৱন ব্যৱস্থা সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা নিঃসৃত সিদ্ধান্তসমূহক ফিকাহ বোলে।

প্ৰঃ আকায়েদ কাক বোলে ?

উঃ ধৰ্ম বিশ্বাস সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা যি নিঃসৃত হৈছে তাকে আকাদেয়  বা ইলমে কালাম বোলে।

প্ৰঃ নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) কি ?

উঃ যিবোৰ বস্তু বেয়া, অগ্ৰহণীয় বা গ্ৰহণ কৰা ক্ষতিকাৰক আৰু পাপ সেইবোৰকে নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) বোলে। যেনে: মানুহৰ মল-মূত্ৰ, বীৰ্য, হায়েজ নেফাছেৰ তেজ, প্ৰবাহমান তেজ, জন্তুৰ মল-মূত্ৰ, মদ প্ৰভৃতি নাজাছাতে গলিয়া।

প্ৰঃ নাজাছাতে খফিফা বা হাদাসে আছগাৰ (সৰু নাপাক)  কি ?

উঃ হালাল (বৈধ) জন্তুৰ প্ৰচাব আৰু সকলো প্ৰকাৰৰ চৰাইৰ বিষ্ঠা  নাজাছাতে খফিফা বা হাদাসে আছগাৰ।

প্ৰঃ নবী শব্দৰ অৰ্থ কি ?

উঃ জ্ঞাতকাৰী (কোনো খবৰ বা তথ্য জনাই দিয়া ব্যক্তি)।

প্ৰঃ ফাৰ্চী ভাষাত নবী বা ৰছুলসকল কি বোলে ?

উঃ পয়গম্বৰ বোলে। ‘পয়গাম’ মানে বাৰ্তা আৰু ‘বৰ’ মানে বাহক। অৰ্থাৎ বাৰ্তাবাহক।

প্ৰঃ কাক নবী বা ৰছুল বুলি কোৱা হয ?

উঃ যিসকল ব্যক্তি আল্লাহৰ মনোনীত প্ৰতিনিধি হিচাপে আল্লাহৰ পৰা অহি (দৈৱ বাণী) প্ৰাপ্ত হয় আৰু কোনো মানৱ গোষ্ঠীক  জ্ঞাত কৰোৱাৰ দায়িত্ব পায়, সেইসকল ব্যক্তিক নবী বা ৰছুল বোলে।

প্ৰঃ ৰছুল মানে কি ?

উঃ সংবাদবাহক বা দূত।

প্ৰঃ নবী আৰু ৰছুলসকলৰ দ্বাৰা সম্পন্ন কৰা অলৌকিক ঘটনাক কি বোলে ?

উঃ  মাজেজা। যেনে: মুছা (আঃ) য়ে নিজৰ লাঠিক ডাঙৰ সাপত পৰিণত কৰিব পাৰিছিল। নবী কৰিম (ছাঃ) য়ে হাতৰ আঙুলিৰে ইংগিত দি পূৰ্ণচন্দ্ৰক দ্বিখণ্ডিত কৰিছিল।

প্ৰঃ অলিসকলে কৰা অলৌকিক ঘটনাক কি বোলে ?

উঃ কাৰামত বোলে। 

প্ৰঃ সাধু সন্নাসীসকল বা ধৰ্মদ্ৰোহীসকলে কৰা অলৌকিক ঘটনাকে কি বোলে ?

উঃ ইসতেদৰাজ।

প্ৰঃ নবুয়তৰ প্ৰধান চৰ্ত কি ?

উঃ আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) অৱতীৰ্ণ।

প্ৰঃ  নবী আৰু ৰছুলসকলৰ সংখ্যা কিমান ?

উঃ নবী আৰু ৰছুলৰ সংখ্যা সম্বন্ধে মতেভদ আছে। মিছকাত শ্বৰিফৰ এক হাদিছ মতে নবী-ৰছুলৰ সংখ্যা ১ লাখ, ৪৪ হাজাৰ।

প্ৰঃ কিমানজন নবী এতিয়াও জীৱিত আছে ?

উঃ হাদিছ মতে ৪ জন নবী এতিয়াও জীৱিত আছে, যথা: খিজিৰ (আঃ), ইদ্ৰিছ (আঃ), ইলিয়াছ (আঃ) আৰু ঈছা (আঃ)।

প্ৰঃ এতিয়াও জীৱিত থকা নবীসকল ক’ত আছে ?

উঃ ইদ্ৰিছ (আঃ) আৰু ঈছা আঃ) চতুৰ্থ আকাশত আৰু খিজিৰ (আঃ) আৰু ইলিয়াছ (আঃ) এই পৃথিৱীৰ ক’ৰবাত লোকচক্ষুৰ পৰা অদৃশ্য হৈ আছে।

প্ৰঃ কোন নবী আকৌ পৃথিৱীলৈ উভতি আহিব ?

উঃ এতিয়া কোনো নতুন নবী পৃথিৱীলৈ নাহে যদিও হজৰত ঈছা (আঃ) কিয়ামতৰ আগে আগে অত্যাচাৰী দাজ্জালক হত্যা কৰাৰ বাবে চতুৰ্থ আকাশৰ পৰা পুনৰ পৃথিৱীলৈ উম্মতী মহম্মদ হৈ অৱতীৰ্ণ হ’ব।

প্ৰঃ মুঠ আচমানী (স্বৰ্গীয়) কিতাপ আৰু ছহিফাৰ সংখ্যা কিমান ?

উঃ মুঠ আচমানী কিতাপৰ সংখ্যা ৪ টা আৰু ছহিফাৰ সংখ্যা ১০০ টা।

প্ৰঃ আচমানী কিতাপ কাক বোলে ?

উঃ  বিশ্ব মানৱৰ হেদায়ত (শিক্ষা)ৰ উদ্দেশ্যে আল্লাহৰ পৰা নবী-ৰছুলসকলৰ ওচৰত হজৰত জিব্রাইল (আঃ)ৰ মাধ্যমত যি অহি বা  বাণী অৱতীৰ্ণ হৈছিল সেইবোৰকে আচমানী কিতাপ (স্বৰ্গীয় গ্ৰন্থ) বোলে।

প্ৰঃ ছহিফা কাক বোলে ?

উঃ আচমানী কিতাপৰ ক্ষুদ্ৰ সংকলনক ‘ছহিফা’ বোলে।

প্ৰঃ  কোন কোন নবীৰ ওপৰত কিমান সংখ্যক ছহিফা অৱতীৰ্ণ হৈছিল ?

উঃ হজৰত আদম (আঃ) ৰ ওচৰত ১০ টা।

হজৰত শীস (আঃ) ৰ ওপৰত ৫০ টা।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওপৰত ৩০ টা।

হজৰত ইব্রাহিম (আঃ) ৰ ১০ টা।

প্ৰঃ ভণ্ড নবী কাক কয় ?

উঃ হজৰত মুহাম্মদ (ছাঃ) শেষ নবী (খাতিমুন নাবীয়িন) বুলি অকাট্য প্ৰমাণ থকা সত্বেও যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মানুহক বিভ্ৰান্ত কৰিবলৈ নিজকে নবী বুলি দাবী কৰে সেইসকলক ভণ্ড নবী বোলে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ পিছত কিমানজন লোকে নিজকে নবী বুলি দাবী কৰিব ?

উঃ ৩০ জনে। ইতিমধ্যে ২৮ জন লোকে নিজকে নবী বুলি দাবী কৰিছে।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱন কালতে কোনে মিছাকৈয়ে নবী বুলি দাবী কৰিছিল ?

উঃ মোছায়লামা কাজজাব।

প্ৰঃ ভাৰতৰ কোনজন লোকে নিজকে নবী বুলি দাবী কৰিছে ?

উঃ  পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ অন্তৰ্গত কাদিয়ান নামে ঠাইৰ  গোলাম আহম্মদ নামৰ এজন লোকে নিজকে নবী বুলি দাবী কৰিছে। তেওঁ এজন ভণ্ড নবী। ভণ্ড নবী মুছলমান নহয়। ইছলামৰ দৃষ্টিত তেওঁ কাফিৰ।

প্ৰঃ গোলাম আহমেদৰ অনুসাৰীসকল মুছলমান হয় নে ?

উঃ নহয়। ইয়াৰ প্ৰধান কাৰণ সিহঁতে হজৰত মুহাম্মদ (ছা:)ক শেষ নবী বুলি স্বীকাৰ নকৰি গোলাম আহমেদক নবী বুলি মানে আৰু ভৱিষ্যতেও নবী আহিব বুলি সিহঁতে বিশ্বাস কৰে। 

প্ৰঃ ফিৰিস্তা শব্দটি কি ভাষাৰ শব্দ ?

উঃ ফাৰচী।

প্ৰঃ ফিৰিস্তাসকলক আল্লাহ তায়ালাই কিহৰ পৰা সৃষ্টি কৰিছে ?

উঃ আল্লাহৰ নূৰ বা জ্যোতিৰ পৰা।

প্ৰঃ দোজখৰ দাৰোৱান কোন ?

উঃ ‘মালিক’ নামৰ ফিৰিস্তা।

প্ৰঃ আজৰাইলৰ আন নাম কি ?

উঃ মালাকুল মউত।

প্ৰঃ বেহেস্তৰ দাৰোৱান (দুৱাৰৰক্ষী) কোন ?

উঃ ‘ৰিজুৱান’ নামৰ ফিৰিস্তা।

প্ৰঃ জিব্রাইল (আঃ) ক কোৰাণত কি কি নামত  উল্লেখ কৰা হৈছে ?

উঃ ৰূহুল কদ্দুুছ আৰু ৰূহুল আমিন।

প্ৰঃ জিব্রাইল (আঃ) ৰ ঘোঁৰাৰ নাম কি ?

উঃ খাৰদাম।

প্ৰঃ জিব্রাইল (আঃ) কোন নবীৰ ওচৰত কিমানবাৰ আহিছিল ?

উঃ হাদিছ মতে হজৰত আদম (আঃ) ৰ ওচৰত ১২ বাৰ।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওচৰত ৪ বাৰ।

হজৰত নূহ (আঃ) ৫০ বাৰ।

হজৰত ইব্রাহিম  (আঃ)ৰ ওচৰত ৪২ বাৰ।

হজৰত মুছা  (আঃ)ৰ ওচৰত ৪০০০ বাৰ। 

হজৰত মহম্মদ (ছাঃ) ৰ ওচৰত ২৪,০০০ বাৰ। 

প্ৰঃ ফিৰিস্তাসকলে কোন কোন  ব্যক্তিক গা ধুৱাই দিছিল ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হানজালা (ৰাঃ) ক।

প্ৰঃ আল্লাহৰ নিৰ্দেশত আদম (আঃ)ক সন্মুখত ৰাখি ফিৰিস্তাসকলে কিমান বছৰ সিজদাত আছিল ?

উঃ  ১০০ বছৰ।

প্ৰঃ কোনে প্ৰথমতে ক’ত আজান দিছিল ?

উঃ জিব্রাইল (আঃ), আকাশত।

প্ৰঃ কাবা শ্বৰিফ পোন প্ৰথমতে কোনে তাওয়াফ (প্ৰদক্ষিণ) কৰিছিল ?

উঃ ফিৰিস্তাসকলে।

প্ৰঃ মুমিন (আল্লাহ বিশ্বাসীসকল)ৰ ৰূহ কবছ কৰা ফিৰিস্তাৰ নাম কি ?

উঃ নাছেতাত।

প্ৰঃ কাফিৰসকলৰ ৰূহ কবচ কৰে কোন ফিৰিস্তা ?

উঃ নাজেয়াত। 

প্ৰঃ ফিৰিস্তাসকলৰ উপাসনা গৃহ কোনটো ?

উঃ বায়তুল মা’মুৰ।

প্ৰঃ  ফিৰিস্তাসকলৰ কেবলা কি ?

উঃ আল্লাহৰ আৰশ।

প্ৰঃ জ্বিন কিহ’ৰ পৰা সৃষ্টি হৈছে ?

উঃ জুইৰ পৰা।

প্ৰঃ জ্বিনসকলৰ অস্তিত্বত অস্বীকাৰ কৰাসকলক কি বোলে ?

উঃ হাদিছ মতে কাফেৰ।

প্ৰঃ জ্বিনজাতিৰ আদি পিতা কোন ?

উঃ সুমা। তেওঁক আবুল জ্বিন বুলিও কোৱা হয়।

প্ৰঃ জ্বিন জাতিৰ মাজত কিমানজন নবী আহিছিল ?

উঃ  ৪ জন। যথা: সুমা, হিলিয়ানিছ, বিলকিয়া আৰু হামুছ।

প্ৰঃ জ্বিনসকলৰ বংশ বৃদ্ধি কেনেদৰে হয় ?

উঃ মানুহৰ দৰে জৈৱিক প্ৰক্ৰিয়াত।

প্ৰঃ জ্বিনসকলে কোনো আচমানী খবৰ (বাণী) পাব পাৰে নে ?

উঃ নহয়। শেষ নবী হজৰত মুহাম্মদ (ছাঃ)ৰ পিছত সিহঁতেও কোনো দৈৱ খবৰ (বাণী) পাব নোৱাৰে।

প্ৰঃ কোন জ্বিনক অভিশপ্ত বুলি কোৱা হয় ?

উঃ আজাজিল।

প্ৰঃ আজাজিলৰ পিতা-মাতাৰ নাম কি ?

উঃ পিতাৰ নাম খবিছ আৰু মাকৰ নাম নালাবিছ।

প্ৰঃ  আজাজিল অভিশপ্ত হোৱাৰ আগলৈ কি নামে অভিহিত কৰা হৈছিল ?

উঃ মোৱাল্লেমুল মালায়িকা (ফিৰিস্তাসকলৰ নেতা)।

প্ৰঃ চয়তানে কোন কোন দিন আটাইতকৈ বেছি কান্দিছিল ?

উঃ চয়তান তিনিদিন আটাইতকৈ অধিক কান্দিছিল। যথা: (ক) যিদিনা ফিৰিস্তাসকলক আকাশৰ পৰা পৃথক কৰিছিল। (খ) যিদিনা হজৰত মুহাম্মদ (ছাঃ) ৰ জন্ম হৈছিল। আৰু যিদিনা সুৰা ফাতিহা অৱতীৰ্ণ হৈছিল।

প্ৰঃ চয়তান কিমান ঠাইত আছে ?

উঃ দুই ঠাইত আছে, যথা: মানুহ থকা ঠাইত আৰু জ্বিন থকা ঠাইত।

প্ৰঃ ‘ক্বিয়ামত’ মানে কি ?

উঃ মহাপ্ৰলয় (সকলো ধবংস)।

প্ৰঃ কিদৰে ক্বিয়ামত হ’ব ?

উঃ  আল্লাহৰ আদেশত যিদিনা ইস্ৰাফিল (আঃ) য়ে শিঙ্গাত ফুঁ দিব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব।

প্ৰঃ ইস্ৰাফিলৰ শিঙ্গা (বাঁশী)ৰ পৰিধি কিমান ?

উঃ সমগ্ৰ আকাশ আৰু পৃথিৱীৰ বৃত্তৰ  সমান।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ)ৰ প্ৰথম ফুঁক আৰু দ্বিতীয় ফুঁকৰ মাজত সময়ৰ ব্যৱধান কিমান ?

উঃ ৪০ বছৰ।

প্ৰঃ হাশৰৰ ময়দান (পথাৰ) ক’ত আৰু কি ধৰণৰ হ’ব ?

উঃ হাশৰৰ ময়দান বৰ্তমান আৰব দেশত থকা আৰাফত নামে ঠাইত হ’ব।উক্ত স্থানখন বগা, নিৰ্মল আৰু গোলাকৃতিৰ হ’ব।

প্ৰঃ হাশৰৰ ময়দানত মানুহ কিমান সময় অৱস্থান কৰিব ?

উঃ ৪০ বছৰ।

প্ৰঃ হাশৰৰ একদিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত কিমান হ’ব ?

উঃ হাশৰৰৰ এক দিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত ৫০ হাজাৰ বছৰৰ সমান হ’ব।

প্ৰঃ  মহাপ্ৰলয়ৰ পিছত আল্লাহই সৰ্বপ্ৰথম কাক কাক পুনৰ জীৱিত কৰিব ?

উঃ যথাক্ৰমে হজৰত জিব্রাইল (আঃ), হজৰত মুহাম্মদ (ছাঃ) আৰু হজৰত ইস্ৰাফিল (আঃ)ক।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ) পুনৰ্জীৱিত হৈ কি কৰিব ?

উঃ আল্লাহৰ আদেশত দ্বিতীয়বাৰ শিঙ্গাত ফুঁ দিব। সেই শব্দত সমগ্ৰ প্ৰাণী জগত পুনৰ্জীৱিত হ’ব।

প্ৰঃ মিজান কি ?

উঃ তুলাদণ্ড। আল্লাহই হাশৰৰ মাঠত মানুহৰ পাপ-পুণ্যৰ বিচাৰৰ বাবে  পূৰ্ব-পশ্চিম দিশৰ দৰে দীৰ্ঘ মিজান স্থাপন কৰিব। 

প্ৰঃ আমলনামা কিভাৱে দিয়া হ’ব ?

উঃ আমলনামা  উৰুৱাই দিয়া হ’ব। মু’মিন ব্যক্তিৰ আমালনামা সন্মুখৰ পৰা সোঁহাতত পাব আৰু পাপীসকলে পিছপিনৰ পৰা বাওঁ হাতত পাব। 

প্ৰঃ বিহিস্ত কি ?

উঃ পূণ্যবান মানৱ আৰু জ্বিনসলকৰ  বাবে  আল্লাহই সৃষ্টি কৰা অনন্ত সুখ আৰু  আনন্দৰ ঠাই।

প্ৰঃ কোৰানত বিহিস্ত (জান্নাত) ৰ বিষয়ে কিমানবাৰ উল্লেখ আছে ?

উঃ ১৫০ বাৰ।

প্ৰঃ জান্নাতে নহৰ (পানীৰ নদী বা ঝৰ্ণা) কেইটা আৰু কি কি ?

উঃ ৪ টা, যথাঃ গাখীৰৰ নহৰ, মধুৰ নহৰ, নিশাহীন মদৰ নহৰ আৰু পানীৰ নহৰ।

প্ৰঃ বিহিস্ত (জান্নাত) কেইটা আৰু কি কি ?

উঃ  ৮ টা, যথা: (ক) জান্নাতুল খুলদ, (খ)  জান্নাতুল দাৰুছ ছালাম, (গ) জান্নাতুল দাৰুল কাৰাৰ, (ঘ) জান্নাতুল আদন, (ঙ) জান্নাতুল মাওয়া, (চ) জান্নাতুল নাঈম, (ছ) জান্নাতুল ফিদা আৰু (জ) জান্নাতুল ফিৰদাউছ। 

প্ৰঃ সৰ্বপ্ৰথম কোনে বিহিস্ত পাব ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ নবীসকলৰ উম্মতৰ মাজত কোনজন সৰ্ব প্ৰথমে বিহিস্তত প্ৰৱেশ কৰিব ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ আল্লাহই বিহিস্তবাসীকসলক প্ৰথমে কি খাদ্যৰে আপ্যায়ন কৰিব ?

উঃ মাছৰ ভজা কলিজাৰে।

প্ৰঃ বিহিস্তবাসীসকলে কেইধৰণৰ পোছাক পিন্ধিব ?

উঃ  ৭০ ধৰণৰ ৰেশমী পোছাক।

প্ৰঃ  জান্নাতত কোন বাৰ (দিন)ত বজাৰ হ’ব ?

উঃ শুক্ৰবাৰ।

প্ৰঃ বিহিস্তত কেইটি তখ্ত (পালেং) থাকিব ?

উঃ প্ৰতিজন পুৰুষৰ বাবে ৭০ টি তখত (পালেং) থাকিব। প্ৰতিটি পালেঙত  কোমল শয্যা থাকিব আৰু প্ৰতিটো শৰ্য্যাত একোজনীকৈ অকল্পনীয় ৰূপবান ষোড়শী গাভৰু থাকিব।

প্ৰঃ জান্নাতীসকল কিহত আটাইতকৈ বেছি তৃপ্তি পাব ?

উঃ আল্লাহক দৰ্শন কৰি।

প্ৰঃ দোজখ কাক বোলে ?

উঃ আল্লাহৰ অবাধ্য (আল্লাহক অবিশ্বাস কৰা) অভিশপ্ত মানৱ আৰু জ্বিনসকলে অনন্ত সীমাহীন শাস্তি ভোগ কৰাৰ ঠাইক ‘দোজখ’ বোলে।

প্ৰঃ দোজখৰ ৰক্ষী কেইজন ?

উঃ  প্ৰধান ১৯ জন।

প্ৰঃ জাহান্নাম (দোজখ)ৰ সকলোতকৈ কম শাস্তি কি ?

উঃ মাত্ৰ একযোৰ জুইৰ জোতা পৰিধান কৰোৱা হ’ব যাৰ প্ৰভাৱত মূৰৰ মগজু টগবগ কৰি থাকিব।

প্ৰঃ দোজখৰ খৰি কি ?

উঃ মানুহ আৰু পাথৰ।

প্ৰঃ  জাহান্নামিসকলৰ শাৰীৰিক আকৃতি কেনেকুৱা হ’ব ?

উঃ পাপী আৰু অভিশপ্ত লোকসকল গাহৰিৰ আকৃতি ধাৰণ কৰি দোজখত প্ৰৱেশ কৰিব। সিহঁতৰ আকৃতি আৰব দেশৰ ওহুদ পাহাৰৰ সমান বিশাল হ’ব আৰু দেহৰ ছাল ৪২ হাত ডাঠ হ’ব। 

প্ৰঃ ইল্লিন ক’ত অৱস্থিত ?

উঃ সপ্তম আকাশত থকা আৰশৰ তলত অৱস্থিত।

প্ৰঃ ছিজ্জিন ক’ত অৱস্থিত ?

উঃ সপ্তম জমিনৰ তলত অৱস্থিত।

প্ৰঃ মানৱ জাতিৰ আদি পুৰুষ কোন ?

উঃ হজৰত আদম (আঃ)।

প্ৰঃ আদমক কিহেৰে সৃষ্টি কৰা হৈছিল ?

উঃ মাটিৰে।

প্ৰঃ আল্লাহই  কি উদ্দেশ্যত আদম সৃষ্টি কৰিছে ?

উঃ খেলাফত (প্ৰতিনিধি) আৰু আল্লাহৰ দাসত্বৰ বাবে ।

প্ৰঃ হজৰত আদমক ক’ত সৃষ্টি কৰা হৈছিল ?

উঃ তায়েফৰ পথাৰত।

প্ৰঃ আদমৰ অৱয়ব তৈয়াৰ কৰাৰ কিমান বছৰ পিছত তাৰ শৰীৰত আত্মা দিয়া হয় ?

উঃ ১২০ বছৰ পিছত।

প্ৰঃ হজৰত আদম (আঃ)ৰ প্ৰথম বাক্য (কথা) কি আছিল ?

উঃ  আলহামদুলিল্লাহ।

প্ৰঃ  হজৰত আদম (আাঃ)ৰ জন্ম কোন সময় হৈছিল ?

উঃ শুক্ৰবাৰ আছৰৰ সময়ৰ পিছত। 

প্ৰঃ আদম (আঃ) কিমান বছৰ বিহিস্তত বাস কৰিছিল ?

উঃ ১০০ বছৰ।

প্ৰঃ  আল্লাহই  আদমক সিজদা কৰিবলৈ ফিৰিস্তাসকলক নিৰ্দেশ দিয়াত কোন ফিৰিস্তাই প্ৰথমতে সিজদা কৰিছিল ? 

উঃ হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ আদমৰ সৃষ্টিৰ কিমান বছৰ পিছত  আল্লাহই হজৰত হাওৱা (আঃ) ক সৃষ্টি কৰিছিল?

উঃ ৪০ বছৰ পিছত।

প্ৰঃ ‘আদম’ শব্দৰ অৰ্থ কি ?

উঃ মানৱ জাতিৰ পিতা।

প্ৰঃ ‘হাওৱা’ শব্দৰ অৰ্থ কি ?

উঃ অংশ।

প্ৰঃ হাওৱাৰ শৰীৰৰ ৰং কেনেকুৱা আছিল ?

উঃ শ্যামল বৰণৰ।

প্ৰঃ আদম (আঃ)  আৰু হাওৱাক পৃথিৱীৰ ক’ত নিক্ষেপ কৰা হৈছিল ?

উঃ আদম (আঃ)ক সিংহলত আৰু হাওৱাক আৰব দেশৰ জেদ্দাত পেলাই দিয়া হৈছিল।

প্ৰঃ  বিহিস্তত থাকোঁতে আদম আৰু হাওৱাক কোনে গন্ধম খোৱাৰ বাবে  প্ৰৰোচিত কৰিছিল ?

উঃ চয়তানে। এই কাৰ্যত আৰু দুটি প্ৰাণীয়ে সহায় কৰিছিল। সেই প্ৰাণী দুটিৰ এটি সাপ আৰু আনটো ময়ুৰ।

প্ৰঃ আল্লাহই চয়তান, সাপ, আৰু ময়ুৰক ক’ত নিক্ষিপ্ত কৰিছিল ?

উঃ চয়তানক বসৰা নগৰত, ময়ুৰক কাবুলত আৰু সাপক স্পেইনত নিক্ষেপ কৰিছিল।

প্ৰঃ বিহিস্তৰ পৰা পৃথিৱীলৈ নিক্ষেপিত হোৱাৰ কিমান বছৰ পিছত আদম আৰু হাওৱা (আঃ) পুনৰ মিলিত হৈছিল ?

উঃ ৩০০ বছৰ পিছত আৰাফতৰ ময়দানত। 

প্ৰঃ পৃথিৱীত আদম আৰু হাওৱাই কি খাদ্য গ্ৰহণ কৰিছিল ?

উঃ গমৰ ৰুটি।

প্ৰঃ হজৰত আদম (আঃ)ৰ উপাধি কি আছিল ?

উঃ ছফিউল্লাহ আৰু আবুল বাশাৰ।

প্ৰঃ হজৰত হাওৱা কিমানবাৰ গৰ্ভ ধাৰণ কৰিছিল ?

উঃ ১২০ বাৰ। প্ৰতিবাৰতে এজনী কন্যা আৰু এজন পুত্ৰ সন্তান জন্ম হৈছিল। একমাত্ৰ শীস (আঃ) এককভাৱে জন্ম গ্ৰহণ কৰিছিল।

প্ৰঃ আদম আৰু হাওৱাৰ সন্তানসকলৰ মাজত প্ৰথম দুজন আৰু শেষ দুজনৰ নাম কি আছিল ?

উঃ প্ৰথম দুজনৰ নাম হ’ল হাবিল (পুত্ৰ) আৰু আকলিমা (কন্যা)। আৰু শেষ দুজনৰ নাম আছিল আব্দুল মুগিছ (পুত্ৰ)  আৰু উম্মুল মুগিছ (কন্যা)।

প্ৰঃ কাবিলে তেওঁৰ ককায়েক হাবিলক ক’ত হত্যা কৰিছিল ?

উঃ দামাষ্কৰ উত্তৰ দিশত থকা মাগাৰাত আদদাম নামে পৰ্বতৰ গুহাত।

প্ৰঃ হাবিলক হত্যা কৰি কাবিলে কিমান বছৰ ককায়েকৰ মৃতদেহ কান্ধত কঢ়িয়াই ফুৰিছিল ?

উঃ  এক বছৰ।

প্ৰঃ আদম (আঃ) জীৱনকালত কিমানজন বংশধৰ দেখি গৈছিল ?

উঃ ৪০,০০০।

প্ৰঃ আদম (আঃ) কিমান বছৰ পৃথিৱীত জীৱিত আছিল ?

উঃ ৯৬০ বছৰ।

প্ৰঃ আদম (আঃ)ৰ কবৰ ক’ত দিয়া হৈছিল ?

উঃ মক্কাৰ আবি কাবিছ পাহাৰৰ পদদেশত ৰত্ন গুহাত।

প্ৰঃ নিজ ভাতৃক হত্যা কৰাৰ অপৰাধত কাবিলৰ কি শাস্তি হৈছিল ?

উঃ ভাতৃ হত্যাৰ শাস্তি স্বৰূপ আদম (আঃ)য়ে বিচাৰ কৰি কাবিলক  প্ৰাণদণ্ড দিছিল।

প্ৰঃ হাবিলৰ মৃত্যুৰ পিছত কাৰ জন্ম হয় ?

উঃ হজৰত শীস (আঃ)ৰ।

প্ৰঃ ‘শীস’ শব্দৰ অৰ্থ কি ?

উঃ আল্লাহৰ উপহাৰ।

প্ৰঃ হজৰত আদম (আঃ) আৰু হজৰত শীস নবীৰ পিছত তৃতীয় নবী কোন হৈছিল ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোৰাণত হজৰত ইদ্ৰিছ (আঃ)ৰ নাম কেইবাৰ উল্লেখ কৰা আছে ?

উঃ দুই বাৰ।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ)ৰ পিতাৰ নাম কি ?

উঃ ইয়াৰাদ।

প্ৰঃ হজৰত ইদ্ৰিছ আলাইহে ৱা ছাল্লাম ক’ত জন্ম গ্ৰহণ কৰিছিল·

উঃ ইৰাকৰ বাবেল  অঞ্চলত।

প্ৰঃ কোন নবী জীৱন্ত অৱস্থাত জান্নাতত গৈছে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ হজৰত ইদ্ৰিছ (আঃ) কিমান ভাষা জানিছিল ?

উঃ ৭২ টা।

প্ৰঃ সৰ্বপ্ৰথম কলমৰ ব্যৱহাৰ কোনে কৰিছিল· ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ ‘জ্ঞান আত্মাৰ খোৰাক’ : কথাষাৰ কোনে কৈছিল ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ কোনে সৰ্বপ্ৰথম বৰ্ণমালা সৃষ্টি কৰে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে নূহ (আঃ)ৰ জন্ম হৈছিল ?

উঃ আনুমানিক  ৪,৬০০ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ হজৰত নূহ (আঃ) কিমান বছৰ বয়সত নবুৱত লাভ কৰিছিল ?

উঃ ১৬৬ বছৰ বয়সত।

প্ৰঃ নূহ (আঃ) য়ে কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল ?

উঃ ৯৫০ বছৰ।

প্ৰঃ নূহ (আঃ) মহাপ্লাৱনৰ পিছত কিমান বছৰ জীয়াই আছিল ?

উঃ ৩৫০ বছৰ।

প্ৰঃ নবীসকলৰ মাজত সকলোতকৈ বেছি বছৰ জীয়াই আছিল কোন নবী ?

উঃ নূহ (আঃ)।

প্ৰঃ হজৰত নূহ (আঃ) কি গছৰ কাঠেৰে  নৌকা তৈয়াৰ কৰিছিল ?

উঃ  সেজ গছৰ।

প্ৰঃ গছটি কিমান বছৰত কিমান ডাঙৰ হৈছিল ?

উঃ ৪০ বছৰত ৬০০ গজ ওখ আৰু ৪০০ গজ প্ৰস্থ হৈছিল।

প্ৰঃ হজৰত নূহ (আঃ) য়ে নৌকা তৈয়াৰ কৰোঁতে কিমান  বছৰ সময় লৈছিল ?

উঃ ২ বছৰ।

প্ৰঃ  নূহ (আঃ)ৰ নৌকাৰ আয়তন কিমান আছিল ?

উঃ ৩০০ হাত ৰ্দ্ঘ্যৈ, ৫০ হাত প্ৰস্থ, ২০ হাত ওখ আৰু তিন মহলা বিশিষ্ট আছিল।

প্ৰঃ মহাপ্লাৱনৰ  কেতিয়া আৰম্ভণি  আৰু কেতিয়া শেষ হৈছিল ?

উঃ  আৰবী ৰজব মাহৰ ১০ তাৰিখত আৰম্ভ হৈছিল আৰু মহৰম মাহৰ ১০ তাৰিখে শেষ হৈছিল।

প্ৰঃ হজৰত নূহ (আঃ)ৰ নৌকাত কিমান সংখ্যক লোক উঠিছিল ?

উঃ ৮০ জন পুৰুষ, ৮০ জনী মহিলা।

প্ৰঃ নবী-ৰছুলসকলৰ ভিতৰত কোন নবীৰ স্ত্ৰী কাফিৰ (আল্লাহক অবিশ্বাসকাৰী) আছিল ?

উঃ হজৰত নূহ (আঃ)ৰ স্ত্ৰী ওয়েলা আৰু হজৰত লুত (আঃ)ৰ স্ত্ৰী নাহেলা।

প্ৰঃ কোৰানত নূহ (আঃ)ৰ নাম কিমানবাৰ আছে ? 

উঃ ৪৩ বাৰ।

প্ৰঃ নূহ নবী তাৰ অনুসাৰীসকলক লৈ কিমান দিনত নৌকাত অৱস্থান কৰিছিল ?

উঃ ১৫০ দিন।

প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ)য়ে প্ৰথম কি কাম কৰে ?

উঃ নৌকা ভাঙি সেই কাঠেৰে মছজিদ নিৰ্মাণ কৰে।

প্ৰঃ নৌকাৰ পৰা নামি নূহ (আঃ) আৰু তেখেতৰ  অনুগামীসকলে ক’ত বসবাস কৰিবলৈ লয় ?

উঃ  জুদীৰ পাদদশত। তাত সিহঁতে এখন গাওঁ গঢ়ি তুলে।

প্ৰঃ আদ জাতিৰ বাদশা কোন আছিল ?

উঃ ছাদ্দাদ।

প্ৰঃ কোনে নিজকে খোদা (আল্লাহ) দাবী কৰি বিহিস্ত তৈয়াৰ কৰিছিল ?

উঃ য়েমেনৰ বাদশা ছাদ্দাদ।

প্ৰঃ কোন যুগত আদ জাতিৰ আধিপত্য আছিল ?

উঃ ৩৫০০ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ আদ জাতি একেশ্বৰবাদী আছিল নে মূৰ্তিপূজক আছিল ?

উঃ মূৰ্তি পূজক আছিল।

প্ৰঃ ছাদ্দাদৰ মৃত্যু কেনেদৰে হৈছিল ?

উঃ ছাদ্দাদ নিজে বনোৱা নকল বিহিস্তত প্ৰৱেশ কৰাৰ সময়ত।

প্ৰঃ হজৰত হুদ (আঃ) ধৰ্ম প্ৰচাৰ কৰি কেইজন লোকক নিজৰ অনুগামী কৰিব পাৰিছিল ?

উঃ ৪০ জন।

প্ৰঃ কোৰানত কিমান বাৰ হজৰত হুদ (আঃ) নাম উল্লেখ কৰা আছে ?

উঃ ৭ বাৰ।

প্ৰঃ হজৰত হুদ (আঃ)ৰ কওম (সম্প্ৰদায়)ৰ ধবংসৰ পিছত তেখেত কোন ঠাইলৈ হিজৰত (গমন) কৰিছিল ?

উঃ হাজাৰা মওত চহৰলৈ। 

প্ৰঃ কোন নবীৰ পিছত হজৰত ছালেহ (আঃ) নবী হিচাপে পৃথিৱীলৈ আহিছিল ?

উঃ হজৰত হুদ (আঃ)ৰ পিছত।

প্ৰঃ হজৰত চালেহ (আঃ) ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উঃ য়েমেনৰ ওৱাদিল কুৰা উপত্যকাত।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ মাজেজা কি আছিল ?

উঃ তেওঁ পাহাৰৰ পৰা এক গৰ্ভৱতী উট বাহিৰ কৰিছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ মাজেজা দেখি কেইজন লোকে ঈমান (আল্লাহৰ প্ৰতি বিশ্বাস) স্থাপন কৰিছিল ?

উঃ মাত্ৰ ১ জন।

প্ৰঃ আল্লাহৰ উটটোক সামুদ জাতিয়ে কাৰ সহায়ত হত্যা কৰিছিল ?

উঃ কাদাৰ বিন ছালেফ নামৰ এজন লোকৰ সহায়ত।

প্ৰঃ উটটিক মাৰি পেলোৱাৰ পিছত তাইৰ বাচ্চাটোৰ কি হৈছিল ?

উঃ  চিৎকাৰ কৰি  পাহাৰলৈ গৈ অদৃশ্য হৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ক যিসকলে হত্যা কৰিবলৈ চেষ্টা কৰিছিল সিহঁতৰ কি হৈছিল ?

উঃ আল্লাহৰ নিৰ্দেশত ফিৰিস্তাসকলে বিশাল পাথৰ ওপৰত পেলাই সিহঁতক ধবংস কৰিছিল।

প্ৰঃ সামুদ জাতিৰ ধবংসৰ পিছত হজৰত ছালেহ (আঃ) ক’লৈ গৈছিল ?

উঃ মক্কা আৰু তাৰ পৰা পেলেষ্টাইনলৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ নাম কোৰানত কেইবাৰ আছে ?

উঃ  ৮ বাৰ।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ কেইজন অনুসাৰী আছিল ?

উঃ ১২০ জন।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ পিতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম তাৰেখ আজৰ আৰু মাকৰ নাম আছিল আদনা।

প্ৰঃ  তাৰেখ আজৰৰ বৃত্তি কি আছিল ?

উঃ মূৰ্তি নিৰ্মাণ কৰা।

প্ৰঃ নমৰুদৰ ভয়ত আজৰৰ স্ত্ৰী ক’ত কিমান বছৰ লুকাই আছিল ?

উঃ এক পৰ্বতৰ গুহাত, ৭ বছৰ।

প্ৰঃ ইব্রাহিম (আঃ)ৰ দিনত কোনজন ৰজাই নিজকে খোদা দাবী কৰিছিল ?

উঃ বেবিলনৰ ৰজা নমৰুদ।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ইব্রাহিম (আঃ)ক  নমৰুদৰ নিৰ্দেশত প্ৰকাণ্ড অগ্নিকাণ্ডত পেলাই  দিয়া হৈছিল ?

উঃ ১৬  বা ২৬ বছৰ বয়সত।

প্ৰঃ অগ্নিকাণ্ডত হজৰত ইব্রাহিম কিমান দিন আছিল ?

উঃ ৪০ দিন।

প্ৰঃ নমৰুদ কিমান বছৰ ৰাজত্ব কৰিছিল ?

উঃ ১০০০ বছৰ।

প্ৰঃ নমৰুদৰ মৃত্যু কেনেদৰে হৈছিল ?

উঃ ম’হৰ কামোৰ আৰু জুতাৰ কোৱ খাই।

প্ৰঃ  হজৰত ইব্রাহিম (আঃ)ৰ কেইজন স্ত্ৰী আছিল ?

উঃ ৩ জনী।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কেইজন সন্তান আছিল ?

উঃ ৩ জন। যথা: ইছহাক, ইছমাইল আৰু মিদয়ান।

প্ৰঃ কিয়ামতৰ পিছত পুনৰুত্থানৰ দিনা আল্লাহই পোন প্ৰথমতে কাক কাপোৰ পিন্ধাব ?

উঃ হজৰত ইব্রাহিম (আঃ)ক।

প্ৰঃ সৰ্বপ্ৰথম কোনে খাতনা (পুৰুষাঙ্গৰ ছালৰ অগ্ৰভাগ ছেদন) কৰিছিল ?

উঃ হজৰত ইব্রাহিম আল্লাইহে ছাল্লাম।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) নবুয়ত পাই পোন  প্ৰথমতে কাক ইছলামলৈ আহ্বান জনাইছিল ?

উঃ নিজৰ পিতা তাৰেখ আজৰক।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) ক’ত ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল ?

উঃ ইৰাক, মিছৰ, ছিৰিয়া, ফিলিষ্টাইন আৰু বহুতো ঠাইত।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কিমান বছৰ বয়সত ইছমাইল (আঃ) জন্ম গ্ৰহণ কৰে ?

উঃ ৮৬ বছৰ বয়সত।

প্ৰঃ হজৰত ইব্রাহিম আৰু তেখেতৰ স্ত্ৰী হজৰত ছাৰাৰ কিমান বছৰ বয়সত ইছহাক (আঃ)ৰ জন্ম হয় ?

উঃ যথাক্ৰমে ১০০ বছৰ আৰু ৯০ বছৰ।

প্ৰঃ হজৰত ইছমাইল (আঃ) ৰ উপাধি কি আছিল ?

উঃ জবিহুল্লাহ (আল্লাহৰ প্ৰতি উছৰ্গাকৃত)।

প্ৰঃ কিমান বছৰ বয়সত ইছমাইল (আঃ)ক পিতাক ইব্রাহিম (আঃ )য়ে কুৰবানী কৰিবলৈ লয় ?

উঃ ৭, ৯ বা ১৩ বছৰ বয়সত।

প্ৰঃ হজৰত ইছমাইল (আঃ) কিমান বছৰ বয়সত খাতনা হয় ?

উঃ ১৩ বছৰ বয়সত।

প্ৰঃ কোৰাণৰ কেই স্থানত হজৰত ইছমাইল (আঃ)ৰ নাম উল্লেখ আছে ?

উঃ ১২ স্থানত।

প্ৰঃ কোনে মক্কা নগৰ স্থাপন কৰে ?

উঃ ইছমাইল (আঃ)।

প্ৰঃ ইছহাক শব্দৰ অৰ্থ কি ?

উঃ হিব্রু  ভাষাত ‘ইছহাক; শব্দৰ অৰ্থ ‘হাঁহি থকা’।

প্ৰঃ আল্লাহৰ ভয়ত ক্ৰন্দনৰ ফলত কোন নবীৰ সুন্দৰ চেহেৰাত চকুৰ পানীৰ দাগৰ সৃষ্টি হয় ?

উঃ হজৰত ইছহাক (আঃ)।

প্ৰঃ ইয়াকুব (আঃ)ৰ কিমানজনপুত্ৰ আছিল ?

উঃ ১২ জন।

প্ৰঃ ইয়াকুব (আঃ) য়ে তেখেতৰ কোন পুত্ৰক অধিক ভাল পাইছিল ?

উঃ হজৰত ইউছুফ (আঃ)ক।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ বয়সত পুত্ৰ ইউছুফৰ লগত দেখা কৰিবলৈ যায় ?

উঃ ১৩০বছৰ বয়সত ৬৭ জন সংগী লগত লৈ।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ১৪৭ বছৰ।।

প্ৰঃ ইয়াকুব (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰে ?

উঃ কেনানত।

প্ৰঃ হজৰত ইয়াকুবৰ একমাত্ৰ কোন পুত্ৰ নবী হৈছিল ?

উঃ  হজৰত ইউছুফ (আঃ)।  

প্ৰঃ কিমান বছৰ বয়সত ইউছুফ (আঃ)ৰ ভায়েকসকলে ইউছুফ (আঃ)ক কূপ (নাদ)ত নিক্ষেপ কৰিছিল ?

উঃ ১২ অথবা ১৭ বছৰ বয়সত (জেৰুজালেমৰ এটি কূপত)।

প্ৰঃ ভাইসকলে ইউছুফ (আঃ)ক কূপত নিক্ষেপ কৰি পোছাকত কিহৰ তেজ সানি দেউতাক ইয়াকুব (আঃ)ক কৈছিল যে ইউছুফক বাঘে খাইছিল ?

উঃ ছাগলীৰ তেজ।

প্ৰঃ হজৰত ইউছুফ (আঃ)ক কোনে কূপৰ পৰা উদ্ধাৰ কৰিছল।

উঃ সেই বাটেৰে যোৱা মিছৰৰ কেইজনমান ব্যৱসায়ীয়ে।

প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ কাৰাগাৰত আছিল ?

উঃ ১০ বছৰ।।

প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ বয়সত মিছৰৰ শাসন ক্ষমতা লাভ কৰে ?

উঃ ৩০ বছৰ বয়সত।

প্ৰঃ পৃথিৱীত সৰ্ব প্ৰথম কোনে ৰাষ্ট্ৰীয় কোষাগাৰৰ পৰা দুখীয়া লোকক দান দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে ?

উঃ  হজৰত ইউছুফ (আঃ)।

প্ৰঃ হজৰত ইউছুফ (আঃ)ৰ কিমান বছৰ মিছৰৰ ক্ষমতাত অধিষ্ঠিত  আছিল ?

উঃ ৮০ বছৰ।

প্ৰঃ কিমান বছৰ পিছত হজৰত ইউছুফ (আঃ)ৰ লগত তাৰ ভাই ইয়ামিনৰ লগত সাক্ষাৎ হয় ?

উঃ ২২ বছৰ পিছত।

প্ৰঃ কোন নাৰীৰ মিথ্যা চক্ৰান্তত ইউছুফ (আঃ) কাৰাগাৰত নিক্ষেপিত হয় ?

উঃ মিছৰৰ বাদশাৰ অৰ্থমন্ত্ৰী ফৌত্বিফাৰেৰ পত্নী জুলাইখাৰ চক্ৰান্তত।

প্ৰঃ হজৰত লুত (আঃ) কোন জাতিৰ বাবে নবী নিৰ্বাচিত হৈছিল ?

উঃ সামুদ জাতিৰ।

প্ৰঃ হজৰত লুত (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰিছিল ?

উঃ জৰ্ডানৰ সামুদ নামে ঠাইত।

প্ৰঃ সামুদ জাতি কি অপকৰ্মত লিপ্ত আছিল ?

উঃ পুং মৈথুন (সমকাম)।

প্ৰঃ হজৰত লুত (আঃ)ৰ সম্প্ৰদায়ক শাস্তি দিবৰ বাবে  কিমানজন ফিৰিস্তা আহিছিল ?

উঃ ৩ জন: জিব্রাইল, মিকৰাইল আৰু ইস্ৰাফিল (আঃ)।

প্ৰঃ ফিৰিস্তাসকলে সামুদ জাতিক কি শাস্তি দিছিল ?

উঃ প্ৰস্তৰ বৃষ্টিৰ জৰিয়তে সম্পূর্ণ  জমিন উলট-পালট কৰি দি সেই অঞ্চলটো সাগৰত পৰিণত কৰিছিল।

প্ৰঃ বৰ্তমান সেই  সাগৰৰ নাম কি ?

উঃ মৃত সাগৰ বা লুত সাগৰ।

প্ৰঃ লুত সাগৰৰ পৰিমাপ কিমান ?

উঃ  দীঘ ৩০ মাইল, প্ৰস্ত ৯ মাইল, আৰু গভীৰতা ৪০০ মিটাৰ।

প্ৰঃ কোৰাণত হজৰত আইউব  (আঃ)ৰ নাম কেইবাৰ আছে ?

উঃ ৪ বাৰ।

প্ৰঃ হজৰত আইউব (আঃ)ক অতি ধৈৰ্যশীল নবী বুলি কিয় কোৱা হয় ?

উঃ হজৰত আইউব (আঃ) আল্লাহই পৰীক্ষাস্বৰূপ তেখেতক দিয়া কঠিন ৰোগত ১৮ বছৰ অতি ধৈৰ্য সহকাৰে কষ্ট ভোগ কৰিছিল বাবে ।

প্ৰঃ ৰহিমা বিবি কোন আছিল ?

উঃ হজৰত আইউব নবীৰ এজনী পত্নী। তাই ইউছুফ (আঃ)ৰ পুত্ৰ আফৰাহিমৰ কন্যা আছিল।

প্ৰঃ হজৰত আইউব (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ  ১৪০ বছৰ। 

প্ৰঃ হজৰত শুৱাইব কোন আছিল ?

উঃ মাদায়েনৰ অধিবাসী, হজৰত ইব্রাহিমৰ তৃতীয় স্ত্ৰী কাতুৰৰ গৰ্ভত জন্ম গ্ৰহণ কৰা মিদইয়ানৰ প্রপৌত্র  আছিল।

প্ৰঃ মাদায়েন ক’ত অৱস্থিত ?

উঃ ফিলিষ্টাইন আৰু আৰবৰ মধ্যৱৰ্তী অঞ্চলত।

প্ৰঃ পৱিত্ৰ কোৰানত হজৰত শুৱাইব (আঃ)ৰ নাম কিমানবাৰ আছে ?

উঃ ১১ বাৰ।

প্ৰঃ হজৰত শুৱাইব (আঃ)ৰ দিনত মাদায়েনবাসীসকলে কাক পূজা কৰিছিল ? 

উঃ ‘আইকাৰ’ নামৰ এক ধৰণৰ গছক পূজা কৰিছিল। ইয়াৰ উপৰিও সিহঁতে ক্ৰয়-বিক্ৰয় কৰোতে ওজনত ফাঁকি দিছিল।

প্ৰঃ কিদৰে মাদায়েনৰ অধিবাসীসকল ধবংস হৈছিল ?

উঃ ভূমিকম্প আৰু অগ্নি বৃষ্টিত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে শুৱাইব সম্পৰ্কে কি কৈছিল ?

উঃ নবীসকলৰ বক্তা।

প্ৰঃ হজৰত শুৱাইব কিমান বছৰ বয়সত ক’ত ইন্তেকাল কৰে ?

উঃ ২২৫বছৰ বয়সত, মক্কা নগৰত। 

প্ৰঃ হজৰত মুছা আৰু হাৰুণ (আঃ) আজিৰ পৰা কিমান বছৰ পূৰ্বে  জন্ম গ্ৰহণ কৰিছিল ?

উঃ ১৬০০ বা ১৭০০ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ হজৰত মুছা আৰু হজৰত হাৰুণ (আঃ)ৰ মাকৰ নাম কি আছিল ?

উঃ ইউহান্না।

প্ৰঃ পৱিত্ৰ কোৰানত হজৰত মুছা (আঃ)ৰ নাম কিমানবাৰ আছে ?

উঃ ১৩৫ বাৰ।

প্ৰঃ ‘মুছা’ শব্দৰ অৰ্থ কি ? 

উঃ পানীত ভাঁহি অহা।

প্ৰঃ হজৰত মুছা  (আঃ)ফিৰাউনৰ ঘৰত কিমান বছৰ আছিল ?

উঃ ৩০ বছৰ।

প্ৰঃ এদিনাখন মুছা (আঃ) এক চৰ (থাপ্পৰ) মাৰি এজন মিছৰবাসীক মাৰি পেলাই ক’লৈ হিজৰত কৰিছিল ?

উঃ মিছৰৰ পৰা তিনিদিনৰ পথ মাদায়েনলৈ।

প্ৰঃ মুছা (আঃ) য়ে আল্লাহ পৰা পোৱা গ্ৰন্থখনৰ নাম কি ?

উঃ তৌৰাত (তাওৰাত)।

প্ৰঃ ‘তৌৰাত’ শব্দৰ অৰ্থ কি ?

উঃ আইন।

প্ৰঃ কেইজন মিছৰীয়াই হজৰত মুছা (আঃ)ৰ দ্বীন  (ধৰ্ম)ৰ প্ৰতি বিশ্বাস স্থাপন কৰিছিল ?

উঃ  ফেৰাউনৰ স্ত্ৰী আছিয়া আৰু দুজন ব্যক্তি।

প্ৰঃ মুছা (আঃ) য়ে কিমানজন লোকক লৈ মিছৰ ত্যাগ কৰিছিল ?

উঃ ৬০,০০০। 

প্ৰঃ ইস্ৰাইলীসকল কিমান বছৰ মিছৰত আছিল ?

উঃ ৪২৬ বছৰ।

প্ৰঃ হজৰত মুছা  (আঃ)ৰ মাজিজা কেইটা আছিল ?

উঃ ৯ টা।

প্ৰঃ মুছা (আঃ)ৰ মাজিজাৰ ভিতৰত বিখ্যাত কোনটো আছিল ?

উঃ  নিজৰ লাঠিটো সাপত পৰিণত কৰা।

প্ৰঃ মুছা (আঃ)ক লাঠিটো কোনে দিছিল ?

উঃ হজৰত শুৱাইৰ (আঃ)।

প্ৰঃ হজৰত মুছাৰ কোন ভাই নবী হৈছিল ?

উঃ হাৰুণ (আঃ)।

প্ৰঃ ছিনা বা তীহ নামে ঠাইত মুছা (আঃ) আৰু ইস্ৰাইলসকলে কিমান দিন অৱস্থান কৰিছিল ?

উঃ ৪০ বছৰ।

প্ৰঃ ‘তীহ’ শব্দৰ অৰ্থ কি ?

উঃ দিকভ্ৰান্ত হৈ ঘূৰি থকা।

প্ৰঃ ‘মান্না’ আৰু ‘ছালোৱা’ কি ?

উঃ ‘মান্না’ মানে জান্নাতী (স্বৰ্গীয় বা আল্লাহ প্রদত্ত ) সুস্বাদু খাদ্য আৰু ‘ছালোৱা’ মানে চৰাই।

প্ৰঃ হজৰত মুছা  (আঃ) আৰু হাৰুণ (আঃ)ৰ মৃত্যু ক’ত হৈছিল ?

উঃ তাহ প্ৰান্তৰত অৱস্থান কালত হাৰুণৰ মৃত্যু হয় আৰু তাৰ দুই বছৰ পিছত একে ঠাইতে মুছা (আঃ) ইন্তেকাল কৰে।

প্ৰঃ কোন সম্প্ৰদায়ে দামুৰি পূজা কৰিছিল ?

উঃ চুমেৰীয়সকলৰ প্ৰৰোচনাত বনি ইস্ৰাইল সম্প্ৰদায়ে।

প্ৰঃ গো-পূজাৰীসকলৰ কিমান জন নিজৰ মাজত খুনাখুনি হৈ মৃত্যু বৰণ কৰিছিল ?

উঃ ৭০,০০০। অন্য মতে ৩,০০০ জন।

প্ৰঃ মুছা (আঃ) সোণৰ দামুৰিটোক কি কৰিছিল ?

উঃ ভষ্মীভূত কৰি সমুদ্ৰত নিক্ষেপ কৰিছিল।

প্ৰঃ হজৰত মুছা (আঃ)ৰ যুগত কোনজন ব্যক্তি শ্রেষ্ঠ  ধনপতি আৰু কুখ্যাত কৃপণ আছিল ?

উঃ মুছা (আঃ)ৰ খুৰায়েকৰ এক পুত্ৰ।

প্ৰঃ ফিৰাউন (দ্বিতীয় ৰামেছাছ)ৰ মৃতদেহ এতিয়া ক’ত আছে ?

উঃ কায়ৰোৰ যাদুঘৰত।

প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে হজৰত ইলিয়াছ (আঃ) পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ২৯০০ বছৰ আগতে।

প্ৰঃ বৰ্তমান তেখেত ক’ত আছে ?

উঃ হজৰত ইলিয়াছ (আঃ)ক তেখেতৰ সম্প্ৰদায়ে হত্যা কৰাৰ চেষ্টা কৰাত তেওঁ ৰহস্যজনকভাৱে অদৃশ্য হৈ যায়। কিছুমানে কয় যে তেখেত এতিয়াও পৃথিৱীত জীৱিত আছে।

প্ৰঃ মাছৰ পেটত হজৰত ইউনুছ (আঃ) কিমান দিন আছিল ?

উঃ ৪০ দিন। অন্য মতে ৩ দিন।

প্ৰঃ কোন দোৱাৰ বদৌলতত হজৰত ইউনুছ (আঃ) মাছৰ পেটৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ পাইছিল ?

উঃ ছুৰা ইউনুছ পঢ়ি । (লা-ইলাহা ইল্লা আন্তা ছোবহানাকা ইন্নি কুনতু মিনাজ জালেমিন)।

প্ৰঃ হজৰত দাউদ (আঃ) ৰ পূৰ্বৰ নবী কোন আছিল ?

উঃ হজৰত ছেমুয়েল (আঃ)।

প্ৰঃ হজৰত দাউদ (আঃ)ৰ নাম কোৰানত কেইবাৰ আছে ?

উঃ ১৬ বাৰ।

প্ৰঃ ‘দাউদ’ শব্দৰ অৰ্থ কি ?

উঃ আত্মাৰ চিকিৎসক।

প্ৰঃ কোন নবীয়ে এক এছাৰ মাৰি এটা সিংহ আৰু এটা ভালুকক হত্যা কৰিছিল ?

উঃ হজৰত দাউদ (আঃ)।

প্ৰঃ দাউদ (আঃ)ৰ ওপৰত কোন গ্ৰন্থ নাজিল হৈছিল ?

উঃ জবুৰ।

প্ৰঃ ‘জবুৰ’ শব্দৰ অৰ্থ কি ?

উঃ লিখিত বস্তু।

প্ৰঃ নবীসকলৰ মাজত কোনজনৰ অতি সুমধুৰ কণ্ঠস্বৰ আছিল ?

উঃ  দাউদ (আঃ)।

প্ৰঃ হজৰত দাউদ (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল ?

উঃ ১০০ জনী।

প্ৰঃ  দাউদ (আঃ)ৰ কবৰ ক’ত আছে ?

উঃ জেৰুজালেমত।

প্ৰঃ  দাউদ (আঃ)ৰ পিছত কোন নবী হৈছিল ?

উঃ তেওঁৰ পুত্ৰ হজৰত চুলেইমান (আঃ)। 

প্ৰঃ পবিত্ৰ কোৰানত চুলেইমান (আঃ)ৰ নাম কেইবাৰ আছে ?

উঃ ১৭ বাৰ।

প্ৰঃ ‘চুলেইমান’ শব্দৰ অৰ্থ  কি ?

উঃ সুস্থ আৰু হৃষ্ট-পুষ্ঠ ।

প্ৰঃ কিমান খ্ৰীষ্টপূৰ্বত চুলেইমান (আঃ) জেৰুজালেমৰ সিংহাসনত অধিষ্ঠিত  হয় ?

উঃ ৯৩৭ খ্ৰীষ্টপূৰ্বত।

প্ৰঃ চুলেইমান (আঃ) য়ে কিমান বছৰ ৰাজত্ব কৰে ?

উঃ ৩৭ বছৰ।

প্ৰঃ কোন নবী সকলো জীৱ-জন্তু, চৰাই, চিৰিকতি, কীট-পতঙ্গৰ ভাষা বুজিব পাৰিছিল আনকি ক’বও পাৰিছিল ?

উঃ  হজৰত চুলেইমান (আঃ)।

প্ৰঃ হজৰত চুলেইমান (আঃ)ৰ সৈন্য বাহিনীত কি সৈন্য আছিল ?

উঃ মানুহ, জ্বিন, পশু-পক্ষী ইত্যাদি।

প্ৰঃ পৰুৱাৰ নেতাই চুলেইমান (আঃ)ক নিমন্ত্ৰণ কৰি কিহেৰে আপ্যায়ন কৰিছিল ?

উঃ এক টিড্ডিৰ ঠেং ৰান্ধি সেইটোৰে সকলোকে আপ্যায়ন কৰিছিল। সকলোৱে ‘বিছমিল্লাহ’ কৈ খোৱাৰ পিছতো কিছু অংশ ৰাহি হৈছিল।

প্ৰঃ কাৰ দ্বাৰা চুলেইমান (আঃ) য়ে বাইতুল মোকাদ্দছ পুনঃনিৰ্মাণ কৰিছিল ?

উঃ মানৱ আৰু একদল জ্বিনৰ দ্বাৰা।

প্ৰঃ চুলেইমান (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল ?

উঃ ১০০০ জনী। ইয়াৰ ৭০০ জনী পত্নী আৰু ৩০০ জনী দাসী।

প্ৰঃ  য়েমেনৰ সাবা গোত্ৰৰ ৰাণী বিলকিছৰ খবৰ কোনে হজৰত চুলেইমানক দিয়ে ?

উঃ হুদ হুদ নামৰ এক চৰাইয়ে।

প্ৰঃ  চুলেইমান (আঃ)ৰ ৰাজধানী জেৰুজালেমৰ পৰা বিলকিছ ৰাণীৰ ৰাজ্য কিমান দূৰত আছিল ?

উঃ ১৫০০ মাইল।

প্ৰঃ কোন দুই নবী অবিবাহিত আছিল ?

উঃ হজৰত ঈছা (আঃ) আৰু হজৰত ইয়াহহিয়া (আঃ)।

প্ৰঃ ‘ইয়াহিয়াহ’ শব্দৰ অৰ্থ কি ?

উঃ দীৰ্ঘজীৱি।

প্ৰঃ মৰিয়মৰ পিতা আৰু মাতাৰ নাম কি ?

উঃ পিতাৰ নাম ইমৰান আৰু মাতাৰ নাম হেনা বা হান্নাহ।

প্ৰঃ হজৰত ঈছা (আঃ)ৰ উপাধি কি আছিল ?

উঃ কলেমাতুল্লাহ (আল্লাহৰ বানী) বা ৰুহুল্লাহ (আল্লাহৰ ৰুহ)।

প্ৰঃ হজৰত ঈছা (আঃ) কিমান বছৰ জীয়াই আছিল ?

উঃ ৩৩ বছৰ।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ঈছা (আঃ) নবুয়ত প্ৰাপ্ত হয় ?

উঃ ৩০ বছৰ বয়সত।

প্ৰঃ হজৰত ঈছা (আঃ)ক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল ?

উঃ ইহুদীসকলে।

প্ৰঃ বৰ্তমান হজৰত ঈছা (আঃ) ক’ত আছে ?

উঃ চতুৰ্থ আকাশত।

প্ৰঃ  হজৰত ঈছা (আঃ) চতুৰ্থ আকাশত আৰোহন কৰাৰ কিমান বছৰ পাছত তেখেতৰ মাতৃ মৰিয়ম পৰলোক গমন কৰে ?

উঃ ৫ বছৰ পিছত।

প্ৰঃ হজৰত ঈছা (আঃ)ৰ ঐহী খাঞ্চা (খাদ্যৰ পাত্ৰ) ত প্ৰতিদন কিমান সংখ্যক লোকে আহাৰ কৰিছিল ?

উঃ ৭,০০০ লোকে। 

প্ৰঃ  হজৰত ঈছা (আঃ)ৰ নিৰ্দেশ অমান্যকাৰীসকলৰ কি হৈছিল ?

উঃ  বান্দৰ আৰু গাহৰিত পৰিণত হৈছিল।

প্ৰঃ  সিহঁতৰ সংখ্যা কিমান আছিল আৰু সিহঁত কিমান দিন জীয়াই আছিল ?

উঃ ৩৩০ জন আৰু সিহঁত ৩ দিন জীয়াই আছিল।

প্ৰঃ  হজৰত ঈছা (আঃ) কিয় দ্বিতীয়বাৰ পৃথিৱীলৈ আহিব ?

উঃ দামাস্কৰ মছজিদৰ পূৰ্বপ্ৰান্তত থকা গম্বুজত দুজন ফিৰিস্তাৰ কান্ধত ভৰ  দি চতুৰ্থ আকাশৰ পৰা অৱতৰণ কৰিব। তেওঁ পুনৰাই পৃথিৱীলৈ ঘূৰি অহাৰ উদ্দেশ্য হ’ল  দাজ্জালক হত্যা কৰা আৰু ইছলামী শাসন ব্যৱস্থা প্রতিষ্ঠা  কৰা। 

প্ৰঃ পৰম আল্লাহই মানৱ জাতিলৈ প্ৰেৰণ কৰা সৰ্বশেষ নবী কোন ?

উঃ  হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) হজৰত আদম (আঃ)ৰ কিমানতম পুৰুষ আছিল ? 

উঃ ৯০ তম।

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত কেইজন নবীৰ জন্ম হৈছিল ?

উঃ এক জন।

প্ৰঃ ইছমাইল (আঃ)ৰ বংশত জন্ম গ্ৰহণ কৰা একমাত্ৰ নবী (ৰছুল) জন কোন ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আব্দুল্লাহ আৰু মাতাৰ নাম আমিনা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্ম কেতিয়া হৈছিল ?

উঃ ৯ আগষ্ট, ৫৭০ খ্ৰীষ্টাব্দ ( ১২ ৰবিউল আউৱাল, সোমবাৰ) ফজৰৰ নামাজৰ সময়ত।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ ক’ত কোন বংশত  জন্ম গ্ৰহণ কৰিছিল ?

উঃ আৰবৰ মক্কা নগৰত, বিখ্যাত কোৰাইশ বংশত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ককাদেউতা (পিতাৰ দেউতাক) আৰু আতা (মাকৰ দেউতাক) কোন কোন আছিল ?

উঃ যথাক্ৰমে আব্দুল মুত্তালিব আৰু অ’হাব।

প্ৰঃ  হজৰত মুহাম্মদ কাৰ কাৰ দুগ্ধ পান কৰিছিল ?

উঃ নিজ মাতৃ আমিনাৰ (৭ দিন), সুৱাইবিয়া, হালিমা আৰু উম্মে আইমনৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধমাতা হালিমাৰ স্বামীৰ নাম কি ?

উঃ আব্দুল উজজা।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ দুগ্ধ ভাতৃ আৰু ভনীৰ নাম কি ?

উঃ আব্দুল্লাহ, আনিসা, হুজাইফা আৰু শ্বাইমা।

প্ৰঃ কোনে কিমান দিন পিছত মুহাম্মদ (ছাঃ)ৰ আকিকা কৰে ?

উঃ মুহাম্মদ (ছাঃ) জন্মৰ ৭ দিন পিছত তেওঁৰ ককাদেউতাক আব্দুল মুত্তালিব ।

প্ৰঃ নবীজীৰ নাম কোনে ৰাখে ?

উঃ জন্মৰ সপ্তম দিনত ককাদেউতাক আব্দুল মুত্তালিবে নাম ৰাখে ‘মুহাম্মদ’ আৰু মাতৃ আমিনাই নাম ৰাখে ‘আহম্মদ’।

প্ৰঃ ‘মুহাম্মদ’ আৰু ‘আহম্মদ’ নামৰ অৰ্থ কি ?

উঃ যথাক্ৰমে চৰম প্ৰশংসিত আৰু চৰম প্ৰশংসাকাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্মৰ কিমানদিন পিছত দুগ্ধমাতা হালিমাৰ গৃহলৈ যায় ?

উঃ ২ সপ্তাহ পিছত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) দুগ্ধমাতা হালিমাৰ গৃহত কিমান দিন আছিল ?

উঃ ৫ বছৰ।

প্ৰঃ আব্দুল মুত্তালিব  কিমান বছৰ বয়সত ইন্তেকাল কৰে ?

উঃ ৮২ বছৰ বয়সত।

প্ৰঃ আব্দুল মুত্তালিবৰ ইন্তেকালৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান আছিল ?

উঃ ৮ বছৰ, ২ মাহ, ১০ দিন।

প্ৰঃ হজৰত মুহাম্মদ সৰ্বপ্ৰথম কোন যুদ্ধত অংশ গ্ৰহণ কৰে ?

উঃ ১৫ বছৰ বয়সত হাৰবুল ফুজ্জাৰ যুদ্ধত।

প্ৰঃ তৰুণ বয়সত তেখেতে কি কি উপাধি পাইছিল ?

উঃ ‘আল-আমিন’ (বিশ্বাসী), আৰু ‘আছ ছাদিক’ (সত্যবাদী)।

প্ৰঃ  হজৰত মুহাম্মদ কিমান বছৰ বয়সত ‘হলফুল ফজুল’ নামে সেৱা সংঘ প্রতিষ্ঠা কৰিছিল ?

উঃ  ১৯ বছৰ বয়সত।

প্ৰঃ  সৰ্ব প্ৰথম হজৰত মুহাম্মদ (ছাঃ) য়ে কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল ?

উঃ ২৫ বছৰ বয়ত ৪০ বছৰ বয়স্কা বিধবা খাদিজাক বিবাহ কৰে।

প্ৰঃ  সিহঁতৰ বিবাহ কোনে পঢ়াইছিলি ?

উঃ খাদিজা (ৰাঃ)ৰ খুড়াদেউ আমৰ বিন আছাদ।

প্ৰঃ কোনে সিহঁতৰ বিবাহৰ খুৎবা পাঠ কৰিছিল ?

উঃ  আবু তালিব।

প্ৰঃ ‘হাজৰে আসওৱাদ’ (ক’লা পাথৰ) স্থাপন কৰাৰ সময়ত হজৰত মুহাম্মদ (ছাঃ) ৰ বয়স কিমান আছিল ?  

উঃ ৩৫ বছৰ।

প্ৰঃ ‘মক্কাৰ পৰা তিনি মাইল দূৰত থকা হিৰা গুহাত হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ সাধনা (ধ্যান) কৰিছিল ?

উঃ ১৫ বছৰ।

প্ৰঃ জিব্রাইল  (আঃ)ৰ লগত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া ক’ত পোন প্ৰথমবাৰ দেখা হয় ?

উঃ ৪০ বছৰ বয়সত, হিৰা গুহাত, ২৭ ৰমজান (১২ ফেব্ৰুৱাৰী, ৬১০ খ্ৰীষ্টাব্দ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত নাজিল (অৱতীৰ্ণ) হোৱা প্ৰথম ছুৰা কি আছিল ?

উঃ ছুৰা আলাক।

প্ৰঃ হিৰা গুহাত তেখেতে কি খাদ্য গ্ৰহণ কৰিছিল ?

উঃ গমৰ ছাতু আৰু পানী।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ  (আঃ) নবুৱত প্ৰাপ্তিৰ পিছত প্ৰকাশ্যে ইছলাম প্ৰচাৰ কৰিছিল নে ?

উঃ প্ৰথম তিনি বছৰ গোপনে ইছলাম প্ৰচাৰ কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কিমান বছৰ বয়সত নবুৱত পায় ?

উঃ ৪০ বছৰ বয়সত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শৰীৰৰ কোন স্থানত নবুৱতৰ চিহ্ন আছিল ?

উঃ  দুই কান্ধৰ মাজত (নূৰানী গোলাকাৰ চিহ্ন)।

প্ৰঃ মোহৰে নূৰানীত কি লিখা আছিল ?

উঃ ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’  (আৰবীত)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ দ্বাৰা প্ৰচাৰিত ইছলাম সৰ্ব প্ৰথম কোনে গ্ৰহণ কৰিছিল ?

উঃ যথাক্ৰমে খাদিজা (তেখেতৰ স্ত্ৰী), হজৰত আলি, হজৰত জায়েদ, হজৰত আবুবক্কৰ, হজৰত ওচমান, আবুবক্কৰৰ কন্যা আছমা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কিমান বছৰ বয়সত কোৰাইশসকলৰ উদ্দেশ্যি ভাষণ দিছিল ?

উঃ ৪০ বছৰ বয়সত।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ) ক’ত আটাইতকৈ বেছি নিষ্ঠুৰভাৱে অত্যাচাৰিত হৈছিল ?

উঃ তায়েফ নামে ঠাইত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) তায়েফত কিমান দিন আছিল ?

উঃ ১০ দিন।

প্ৰঃ কিমান বছৰ বয়সত হজৰত খাদিজা ইন্তেকাল কৰে ?

উঃ ৬৫ বছৰ বয়সত।

প্ৰঃ আবিচিনিয়াৰ খ্ৰীষ্টান বাদশা ইছলাম গ্ৰহণ কৰিছিল নে ?

উঃ হয়।

প্ৰঃ  মিৰাজৰ সময়ত হজৰত মুহাম্মদ (ছাঃ)ৰ বয়স কিমান হৈছিল ?

উঃ ৫১ বছৰ ৯ মাহ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক কোনে মিৰাজলৈ লৈ গৈছিল ?

উঃ  হজৰত জিব্রাইল (আঃ)।

প্ৰঃ মিৰাজৰ পৰা হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ উম্মত (অনুসাৰী)ৰ বাবে  কি উপহাৰ লৈ আহিছিল ?

উঃ দৈনিক ৫ ওৱাক্ত নামাজ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মিৰাজলৈ যোৱাৰ আগতে ফৰজ  নামাজ আছিল নে ?

উঃ হয়। ফজৰৰ ২ ৰাকাত আৰু আছৰৰ ২ ৰাকাত নামাজ ফৰজ আছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ চাহাবা (সঙ্গী)সকলৰ মাজত কেইজনে মিৰাজৰ ঘটনা বৰ্ণনা কৰিছে ?

উঃ ২৫ জনে। ২১ জন পুৰুষ, ৫ জনী মহিলা।

প্ৰঃ কাফেৰসকলৰ ভয়ত হজৰত মুহাম্মদ (ছাঃ) কেতিয়া ক’লৈ হিজৰত কৰিছিল ?

উঃ ২৪ চেপ্তেম্বৰ, ৬২২ খ্ৰীষ্টাব্দত, মদিনালৈ।

প্ৰঃ ‘হিজৰত’ শব্দৰ অৰ্থ কি ?

উঃ নিজ দেশ ত্যাগ কৰি অন্য ঠাইলৈ যোৱা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ )য়ে  হিজৰত কৰাৰ সময়ত লগত কোন আছিল ? 

উঃ আবু বক্কৰ।

প্ৰঃ হিজৰত কৰাৰ বাটত সওৰ পৰ্বত গুহাত নবী মুহাম্মদ (ছাঃ) কিমান দিন আত্মগোপন কৰি আছিল ?

উঃ ৩ দিন ৩ ৰাতি।

প্ৰঃ মছজিদে নববীৰ দৈর্ঘ্য  আৰু প্ৰস্থ কিমান আছিল ? 

উঃ ১০০ হাত দীঘল আৰু ১০০ হাত প্ৰস্থ্। ভেটি ৩ হাত ওখ আছিল।

প্ৰঃ ৰাছুলুল্লাহ (ছাঃ)ৰ জীৱনত সোমবাৰৰ তাৎপৰ্য কি ?

উঃ সোমবাৰ দিন জন্ম গ্ৰহণ কৰে, নবুয়ত পায়, হিজৰত কৰে, মিৰাজলৈ যায়, আৰু এই বাৰত ইন্তেকাল কৰে।

প্ৰঃ মদিনাত হজৰত মুহাম্মদ (ছাঃ) কি ধৰণৰ শত্ৰুৰ মুখামুখি হৈছিল ?

উঃ  ত্ৰিমুখী। কুৰাইশ, ইহুদি আৰু মুনাফেকীসকলৰ।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আৰু জনগণনা কোনে কৰিছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সময়কালত মদিনাত কেইটা মছজিদ স্থাপন কৰা হৈছিল ?

উঃ ১০ টা।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদৰ ৰাষ্ট্ৰ পৰিচালনাৰ কেন্দ্ৰ ক’ত আছিল ?

উঃ মদিনা (মছজিদে নববী)।

প্ৰঃ কোনজন যাদুকৰে হজৰত মুহাম্মদ (ছাঃ)ক যাদু কৰিছিল ?

উঃ লবীদ ইবনে আছিম নামৰ এক ইহুদী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ওপৰত উক্ত যাদুৰ প্ৰভাৱ কিমান দিন আছিল ?

উঃ  ৬ মাহ।

প্ৰঃ কোনে হজৰত মুহাম্মদ (ছাঃ) খাদ্যত বিষ প্ৰয়োগ কৰিছিল ?

উঃ জয়নব নামৰ এক ইহুদী নাৰী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ ঘোঁৰাৰ নাম কি আছিল ?

উঃ নাহীফা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ প্ৰথম বিবাহৰ উকালতি কোনে কৰিছিল ?

উঃ খাদিজাৰ সহচৰী নফিছা। তাই উভয় পক্ষৰ আত্মীয়া আছিল।

প্ৰঃ ‘দাৰুন নাদওৱা’ কি আৰু কোনে প্রতিষ্ঠা কৰিছিল ?

উঃ কুৰাইশসকলৰ জাতীয় সংসদ ভৱন। ইয়াক কুছাই নামৰ ব্যক্তি এজনে প্রতিষ্ঠা কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ক হত্যা কৰিবৰ বাবে  কিমানজন কাফেৰ নবীজীৰ ঘৰ ঘেৰাও কৰিছিল ?

উঃ ২৪ জন (২৭ ছফৰৰ ৰাতি)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) মক্কাৰ পৰা মদিনালৈ হিজৰত কৰোঁতে কিমান দিন লাগিছিল ?

উঃ ১৪ দিন।

প্ৰঃ হজৰত মুহাম্মদ কিমান দিন বায়তুল মুকাদ্দছৰ পিনে মুখ কৰি নামাজ পঢ়াইছিল  ?

উঃ ১৬ মাহ।

প্ৰঃ কোন ওৱাক্তৰ নামাজ পঢ়াই   থকা সময়ত কিবলা (আল্লাহৰ ঘৰ) দিশ পৰিৱৰ্তন হয় ?

উঃ জোহৰৰ নামাজ পঢ়াকালীন তৃতীয় ৰাকাতৰ ৰুকুত থকা অৱস্থাত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে ?

উঃ ৪ বাৰ। 

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ‘আহম্মদ’ নাম পবিত্ৰ কোৰাণত কেইবাৰ আছে ?

উঃ ১ বাৰ।

প্ৰঃ কোৰাণত কিমান বাৰ আল্লাহ তায়ালাই নবীজীক ‘ইয়া আইজুহান নাবিয়ে’ (হে নবী) বুলি সম্বোধন কৰিছে ?

উঃ ১১ বাৰ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন (মছজিদত আজান দিওঁতা) কোন আছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ কি ধাতুৰ আঙুঠি আছিল আৰু তাত কি লিখা আছিল ?

উঃ ৰূপৰ। তাত ‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’ লিখা আছিল।

প্ৰঃ  হজৰত মুহাম্মদ (আঃ)ৰ আঙুঠিটো কি হৈছিল ?

উঃ হজৰত ওচমান (ৰাঃ) ৰ খিলাফত কালত ৬৫০ খ্ৰীষ্টাব্দত মুছাইকীব নামৰ এজন চাহাবাৰ হাতৰ পৰা ‘আৰীস’ নামৰ এক জলাহত পৰি যায়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ শেষ বয়সত কিমান চুলি বগা হৈছিল ?

উঃ ১৮-২০টা।

প্ৰঃ  নবীজী ভূমিষ্ঠ  হোৱা বাৰীত এতিয়া কি কৰা হৈছে ?

উঃ বিশাল পুথি ভঁৰাল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ গাৰ বৰণ কেনেকুৱা আছিল ?

উঃ  লাবণ্যময়, ৰক্তিম আভাযুক্ত, উজ্জ্বল গমৰ দৰে ৰংবিশিষ্ট।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) নিজে কিমানটা যুদ্ধৰ সেনাপতি আছিল ?

উঃ ১৯ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)  আৰু কুৰেইশসকলৰ মাজত প্ৰথম যুদ্ধটো ক’ত হৈছিল আৰু কেতিয়া হৈছিল ?

উঃ বদৰ নামে ঠাইত, ৬২৪ খ্ৰীষ্টাব্দত।  

প্ৰঃ বদৰৰ যুদ্ধত নবীৰ পক্ষত কিমানজন আৰু কোৰায়েশসকলৰ পক্ষত কিমানজন সৈন্য আছিল ?

উঃ নবীৰ পক্ষত আছিল ৩১৩ জন আৰু কোৰাইশসলৰ পক্ষত আছিল ১০০০ জন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ লগত কাফেৰসকলৰ দ্বিতীয় যুদ্ধ কোনটো ?

উঃ  উহুদৰ যুদ্ধ।

প্ৰঃ কোন যুদ্ধত সৰ্বপ্ৰথম মুছলমান মহিলাসকলে যোগদান কৰিছিল ?

উঃ উহুদৰ যুদ্ধত।

প্ৰঃ উহুদৰ যুদ্ধত হজৰত মুহাম্মদ (ছাঃ)ৰ কিমানটা দাঁত শ্বহীদ হৈছিল ?

উঃ তলৰ চাৰিটা দাঁত।

প্ৰঃ  উহুদৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু এই যুদ্ধত উভয় পক্ষৰ সৈন্য সংখ্যা কিমান আছিল ?

উঃ ৬২৫ খ্ৰাষ্টাব্দত। ইছলামৰ সৈন্য সংখ্যা আছিল ৭০০, আৰু কাফেৰসকলৰ সৈন্য সংখ্যা আছিল ৩০০০।

প্ৰঃ পৰিখা বা খন্দকৰ যুদ্ধ কেতিয়া হৈছিল ?

উঃ ৬২৭ খ্ৰীষ্টাব্দত।

প্ৰঃ হুদায়বিয়াৰ সন্ধি কেতিয়া হৈছিল ?

উঃ ৬২৮  খ্ৰীষ্টাব্দত।

প্ৰঃ খয়বৰৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?

উঃ ৬২৯ খ্ৰীষ্টাব্দত।

প্ৰঃ কিমান খ্ৰীষ্টাব্দত মক্কা বিজয় হৈছিল ?

উঃ ৬৩০ খ্ৰীষ্টাব্দত।

প্ৰঃ হুনাইন আৰু মুতাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উঃ ৬৩০ খ্ৰাষ্টাব্দত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনৰ শেষ যুদ্ধ কোনটো ?

উঃ তবুকৰ যুদ্ধ (নৱম হিজৰী)।

প্ৰঃ কোন চনত কিমান সংঙ্গী লগত লৈ হজৰত মুহাম্মদ (ছাঃ) বিদায় হজ পালন কৰে ?

উঃ ৬৩২ খ্ৰীষ্টাব্দত (দশম হিজৰৰী) ১ লাখ ২৪ হাজাৰ সংঙ্গী লগত লৈ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ জীৱন কালত কিমান পৰিমাণৰ ভূখণ্ড ইছলামৰ অধীনলৈ  আহিছিল ?

উঃ ১০ লাখ বৰ্গ কিঃমিঃ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনকালত ইছলামী ৰাষ্ট্ৰৰ কিমানখন প্ৰদেশ আছিল ?

উঃ ১২ খন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষ কোন ওৱাক্তৰ নামাজ পঢ়াইছিল ?

উঃ মগৰিবৰ ওৱাক্ত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ শেষ কথা  (বাণী) কি আছিল ?

উঃ ‘আল্লাহই মোৰ শ্রেষ্ঠ  বন্ধু’।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ইন্তেকাল কৰাৰ কিমান সময় পিছত কাফন দাফন কৰা হয় ?

উঃ ৩২ ঘন্টা পিছত, মঙ্গলবাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কোন খ্ৰীষ্টাব্দত ইন্তেকাল কৰে ?

উঃ  ৬৩২ খ্ৰীষ্ট্ৰাব্দত।

প্ৰঃ  হুজুৰ (ছাঃ)ক কোনে গোছল আৰু কাফন দিয়ে আৰু কোনে জানাজা পঢ়াইছিল  ?

উঃ গোছল আৰু কাফন কৰিছিল হজৰত আলি (ৰাঃ) আৰু জানাজা পঢ়াইছিল আবু বক্কৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) জীৱনত কেইজনী সহধৰ্মীনি গ্ৰহণ কৰিছিল ?

উঃ সৰ্বমুঠ ১১ জনী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সহধৰ্মীনিসকলক আল্লাহতায়ালই কি বুলি অভিহিত কৰিছিল ? 

উঃ ‘উম্মহাতুল মুমিনিন’ (মুমিনসকলৰ মাতৃ)।

প্ৰঃ মেৰী আৰু ৰায়হানা কোন আছিল ?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ বান্দী (দাসী)।

প্ৰঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) ৰ কোন স্ত্ৰীৰ প্ৰতি স্বয়ং আল্লাহই ছালাম পঠিয়াইছিল ?

উঃ হজৰত খাদিজাৰ (ৰাঃ) ৰ প্ৰতি।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কোনজনী স্ত্ৰীৰ জানাজা হোৱা নাছিল ?

উঃ হজৰত খাদিজা (ৰাঃ)ৰ, কাৰণ তেতিয়ালৈকে জানাজা প্ৰথাৰ প্ৰৱৰ্তন হোৱা নাছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ একমাত্ৰ কুমাৰী স্ত্ৰীৰ নাম কি আছিল ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কুমাৰী স্ত্ৰী হজৰত আয়েশা (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আবু বক্কৰ আৰু মাতাৰ নাম আছিল উম্মে ৰুমান।

প্ৰঃ  মুহাম্মদ (ছাঃ)ৰ ইন্তেকালৰ সময়ত হজৰত আয়েশা (ৰাঃ)ৰ বয়স কিমান হৈছিল ?

উঃ ১৮ বছৰ।

প্ৰঃ কোন উম্মত জননীৰ সতীত্বৰ সাক্ষী কোৰাণ ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ হজৰত আয়েশাই মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছে ?

উঃ ২,২১০ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চতুৰ্থ স্ত্ৰীৰ নাম কি ?

উঃ হজৰত হাফশা (ৰাঃ)।

প্ৰঃ হজৰত হাফশা (ৰাঃ)ৰ পিতাৰ আৰু মাতাৰ নাম কি ?

উঃ  পিতাৰ নাম ওমৰ ফাৰুক আৰু মাকৰ নাম জয়নব বিন্তে মায়উন।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে তেখেতৰ কোন স্ত্ৰীক এক তালাক দি আল্লাহৰ হুকুমত ঘূৰাই লৈছিল ?

উঃ হজৰত হাফশা (ৰাঃ)ক।

প্ৰঃ হজৰত হাফশাই সৰ্বমুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৬০ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)পঞ্চমা স্ত্ৰীৰ নাম কি ?

উঃ জয়নব বিন্তে খুজাইমাহ।

প্ৰঃ জয়নব (ৰাঃ) কিমান বছৰ  বয়সত মৃত্যু বৰণ কৰিছিল ?

উঃ ৩০ বছৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে নিজৰ স্ত্ৰীসকলৰ মাজত একমাত্ৰ কাৰ জানাজা পঢ়াইছিল ?

উঃ হজৰত জয়নব বিন্তে খুজাইমাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ স্ত্ৰীসকলৰ ভিতৰত কোনজনী দীৰ্ঘায়ু আছিল আৰু সৰ্বশেষত ইন্তেকাল কৰিছিল ?

উঃ হজৰত উম্মে ছালমা (ৰাঃ), ৮৪ বছৰ বয়সত ইন্তেকাল কৰে।

প্ৰঃ জয়নব বিন্তে জাহাশৰ আচল নাম বৰ্ৰাহ বেজী) সলনি কৰি কোনে জয়নব ৰাখিছিল ?

উঃ  হুজুৰ মুহাম্মদ (ছাঃ) য়ে।

প্ৰঃ স্বয়ং আল্লাহই কোন জনী নাৰীক হুজুৰ (ছাঃ) য়ে বিবাহ কৰিব লাগে বুলি নিৰ্দেশ পঠাইছিল ?

উঃ হজৰত জয়নব বিন্তে জাহাশ (ৰাঃ) ক।

প্ৰঃ হজৰত জয়নব বিন্তে জাহাশৰ পূৰ্ব স্বামীৰ নাম কি আছিল ?

উঃ জায়েদ বিন হাৰিছাহ।

প্ৰঃ  জয়নব বিন্তে হাৰিশ মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল ?

উঃ মুঠ ১১ টা।

প্ৰঃ হজৰত জুৱাইৰিয়া বিন্তে হাৰিছ কোন যুদ্ধত বন্দিনী হৈ আহিছিল ?

উঃ  বানী মুস্তালিক যুদ্ধত।

প্ৰঃ হুজুৰ (ছাঃ) ৰ  নবমা স্ত্ৰী উম্মে হাবিবাৰ পিতাৰ নাম কি ?

উঃ কুৰাইছ চৰ্দাৰ আবু সুফিয়ান বিন হাৰব।

প্ৰঃ নবীজীৰ কোন স্ত্ৰী নিজৰ পিতাক মুছলমান নোহোৱা বাবে হুজুৰৰ বিছনাত বহিবলৈ দিয়া নাছিল ?

উঃ উম্মে হাবিবা (ৰাঃ)।

প্ৰঃ উম্মে হাবিবা (ৰাঃ) মুঠ কিমানটা হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৬৫ টা।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ  দশমা স্ত্ৰীৰ নাম কি আছিল ?

উঃ ছফিয়া (ৰাঃ)।

প্ৰঃ ছফিয়া কোন গোত্ৰৰ কন্যা আছিল ?

উঃ ইহুদি বংশৰ বনু নাজিৰ গোত্ৰৰ চৰ্দাৰ হুয়াইয়েৰ কন্যা আছিল।

প্ৰঃ ছফিয়া কোন যুদ্ধত মুছলমানসকলৰ হাতত বন্দিনী হৈ আহিছিল ?

উঃ খয়বৰ যুদ্ধত।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) সৰ্বশেষত কিমান বছৰ বয়সত কাক বিবাহ কৰাইছিল ?

উঃ ৫৯ বছৰ বয়সত, হজৰত মাইমুনা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ সৰ্বশেষ পত্নী মাইমুনা (ৰাঃ)ৰ পিতাৰ নাম আৰু মাতাৰ কি আছিল ?

উঃ পিতাৰ নাম হাৰিশ বিন হাৰিশ আৰু মাতাৰ নাম  হিনদা।

প্ৰঃ ‘চাহাবা’ শব্দৰ আভিধানিক অৰ্থ কি ?

উঃ সঙ্গী বা সহচৰ (বহুবচন ‘আসহাব’)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকলৰ সংখ্যা কিমান আছিল ?

উঃ ১ লাখ ২৪ হাজাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দৰবাৰত কিমানজন কবি আছিল ?

উঃ তিনি জন। হজৰত আছহান বিন ছাবিত (ৰাঃ), হজৰত কায়াব (ৰাঃ),  হজৰত আব্দুল্লাহ বিন ৰাওৱাহা (ৰাঃ)।

প্ৰঃ জান্নাতুল বাকিত সৰ্বপ্ৰথম কোন চাহাবা কবৰস্থ হৈছিল ?

উঃ হজৰত উছমান বিন মাজউন  (ৰাঃ)।

প্ৰঃ  মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে কাবা শ্বৰিফৰ ওপৰত উঠি আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ মৃত্যু সংবাদ শুনি কোনজন চাহাবাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে ?

উঃ হজৰত আব্দুল্লাহ বিন উলাইছ (ৰাঃ)।

প্ৰঃ ‘শ্বাইফুল্লাহ’ (আল্লাহৰ অশি) কাক কোৱা হয় ?

উঃ হজৰত খালিদ বিন ওৱালিদ (ৰাঃ) ক।

প্ৰঃ ‘আমিনুল উল্লাহ’ কাৰ উপাধি ?

উঃ হজৰত আবু উবাইদা বিন জাৰাহ (ৰাঃ)।

প্ৰঃ  ‘’হাকিমুল উম্মত’ কাক কোৱা হয় ?

উঃ হজৰত আবু দাৰদা (ৰাঃ)।

প্ৰঃ ‘ছোহেবুছ ছিৰ্ৰে’ কাৰ উপাধি ?

উঃ হজৰত হুজাইফা (ৰাঃ)।

প্ৰঃ কোন চাহাবা ‘খতীেব ৰছুল’ উপাধি পাইছিল ?

উঃ হজৰত ছাবিদ বিন কাইশ আনছাৰী (ৰাঃ)।

প্ৰঃ হিব্রুল  উম্মত’ (উম্মতৰ শ্রেষ্ঠ পণ্ডিত) কোন আছিল ?

উঃ হজৰত আব্দুল্লাহ ইবনে আববাছ (ৰাঃ)।

প্ৰঃ আব্দুল ইবনে আববাছৰ উপাধি কি আছিল ?

উঃ বাহাৰুল উলুম (বিদ্যাসাগৰ)।

প্ৰঃ বিধৰ্মীসকলৰ মাজত আতঙ্ক সৃষ্টিকাৰী কোন আছিল ?

উঃ হজৰত হামজা (ৰাঃ)।

প্ৰঃ হজৰত হামজা (ৰাঃ) কাৰ হাতত শ্বহীদ হয় ?

উঃ হাবছী গোলাম ওৱাহছী বিন হাৰেবৰ হাতত।

প্ৰঃ কোন সময় ওৱাহছী মুছলমান হৈছিল ?

উঃ মক্কা বিজয়ৰ পিছত নবীজীৰ ওচৰত ক্ষমা খুজি মুছলমান হৈছিল।

প্ৰঃ কোনে হজৰত হামজা (ৰাঃ)ৰ কলিজা চোবাই নাক, কাণ কাটি মালা তৈয়াৰ কৰি ডিঙিত পৰিধান কৰিছিল ?

উঃ হিন্দা বিন্তে উৎবাহ।

প্ৰঃ কোন চাহাবা নিজকে মুনাফিক বুলি নবীজীৰ ওচৰত ক্ষমা খুজিছিল ?

উঃ হজৰত হালজালা বিন ৰবীই তামীমী (ৰাঃ)।

প্ৰঃ কোন চাহাবা শ্বহীদ হোৱাৰ পিছত ফিৰিস্তাসকলে তাৰ গা ধোৱাই দিছিল ?

উঃ হজৰত হানজালা বিন আমেৰ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ মৃত্যুত আৰশ কঁপি উঠিছিল, জানাজাৰ খাট ফিৰিস্তাসকলে বহন কৰিছিল আৰু ৭০ হাজাৰ ফিৰিস্তা জানাজাত অংশ গ্ৰহণ কৰিছিল ?

উঃ হজৰত ছায়াদ বিন মুয়াজ (ৰাঃ)।

প্ৰঃ কোন কোন চাহাবা মৃত্যুৰ পিছতো কথা কৈছিল ?

উঃ হজৰত ৰবীউ (ৰাঃ) আৰু উচমান গণি (ৰাঃ)।

প্ৰঃ দাজ্জালক কোন চাহাবাই দেখা পাইছিল ?

উঃ হজৰত তামীম দাৰী (ৰাঃ)।

প্ৰঃ কোন চাহাবা চয়তানক তিনি দিন বন্ধী কৰি ৰাখিছিল ?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত কাৰ মৰ্যদা কেনেকুৱা আছিল ?

উঃ  মুহাজিৰ আৰু আনছাৰসকলৰ মাজত আহলে হুদায়বিয়া শ্রেষ্ঠ। আহলে হুদায়বিয়াতকৈ আহলে বদৰ শ্রেষ্ঠ। আহলে বদৰতকৈ খেলাফায়ে ৰাশেদীন শ্রেষ্ঠ। খেলাফায়ে ৰাশেদিনসকলৰ ভিতৰত হজৰত আবু বক্কৰ (ৰাঃ) শ্রেষ্ঠ।

প্ৰঃ বদৰৰ যুদ্ধত সৰ্বপ্ৰথম কোন শ্বহীদ হৈছিল ?

উঃ হজৰত মাজাহ বিন সালেহ (ৰাঃ)।

প্ৰঃ ইছলাম প্ৰচাৰৰ কাৰণে সৰ্বপ্ৰথম কোন চাহাবা মদিনালৈ গৈছিল ?

উঃ হজৰত মুছআব বিন উমাইৰ (ৰাঃ)।

প্ৰঃ সৰ্বশেষ কোনে অহি লিখিছিল ?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ কোন চাহাবীদ্বয় জান্নাতত যুৱকসকলকৰ চৰ্দাৰ হ’ব ?

উঃ হজৰত হাছান (ৰাঃ) আৰু হজৰত হুছাইন (ৰাঃ)।

প্ৰঃ কোন চাহাবীৰ দাফন কৰাৰ আগত ৰাছুলুল্লাহ তাইৰ কবৰত শয়ন কৰিছিল ?

উঃ আবু তালেবৰ স্ত্ৰী হুজুৰ (ছাঃ)ৰ খুড়ী হজৰত ফাতিমা বিন্তে আছাদ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ আটাইতকৈ বেছি বয়সত মৃত্যু হৈছিল ?

উঃ হজৰত ছালমান ফাৰছী (প্ৰায় ৮০০ বছৰ জীয়াই আছিল। অন্য মতে ৩৪৯ বছৰ বয়সত মৃত্যু বৰণ কৰিছিল।

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ) ৰ বাল্য নাম কি আছিল ?

উঃ আব্দুল্লাহ।

প্ৰঃ আবু বক্কৰ শব্দৰ অৰ্থ কি ?

উঃ তৰুণ উটৰ মালিক।

প্ৰঃ ‘ছিদ্দিক’ উপাধিৰ বাহিৰে আবু বক্কৰৰ আন কি কি উপাধি আছে ?

উঃ আতীক, ইয়াৰেগাৰ, খলিফাতুৰ ৰাছুল।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পুত্ৰ কেইজন আছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ তিন জন, যথাক্ৰমে: আব্দুল্লাহ, আব্দুৰ ৰহমান আৰু মুহাম্মদ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)কি ব্যৱসায় কৰিছিল ?

উঃ কাপোৰৰ  ব্যৱসায়।

প্ৰঃ মুছলমান হোৱাৰ সময়ত আবু বক্কৰ (ৰাঃ)ৰ হাতত কিমান নগদ অৰ্থ আছিল ?

উঃ ৪০ হাজাৰ দিৰহাম।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মত (অনুগামী)সকলৰ ভিতৰত কোনে সৰ্বপ্ৰথম বিহিস্তত প্ৰৱেশ কৰিব ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ খিলাফতকালৰ ডাঙৰ কীৰ্তি কি ?

উঃ কোৰাণ একত্ৰিতকৰণ, ধৰ্মত্যাগীসকলৰ বিৰুদ্ধে জিহাদ আৰু ভণ্ডনবী মুছায়লামা কাজ্জাবক হত্যা।

প্ৰঃ কোন পৰিয়ালৰ চাৰি পুৰুষ হজৰত মুহাম্মদৰ চাহাবা হোৱাৰ সৌভাগ্য হৈছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ। আবু বক্কৰৰ পিতা আবু কাহাফা (ৰাঃ), হজৰত আবু বক্কৰ (ৰাঃ) নিজে, তাৰ পুত্ৰ আব্দুৰ ৰহমান (ৰাঃ) আৰু আব্দুৰ ৰহমানৰ পুত্ৰ মুহাম্মদ (ৰাঃ)।

প্ৰঃ আবু কাহাফা কিমান বছৰ বয়সত ইন্তেকাল কৰে ?

উঃ ৯৭ বছৰ।

প্ৰঃ  ইছলামৰ প্ৰথম খলিফা হজৰত আবু বক্কৰ (ৰাঃ) কিমান বছৰ ইছলামী সাম্ৰাজ্য শাসন কৰে ?

উঃ মুঠ ২ বছৰ, ৩ মাহ (৬৩২- ৬৩৪ খ্ৰীঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ)ৰ খিলাফত কালত কোন কি দপ্তৰত আছিল ?

উঃ স্বৰাষ্ট্ৰ: হজৰত ওমৰ (ৰাঃ), অৰ্থ: আবু উবাইদা (ৰাঃ), যোগাযোগ: উছমান গণি (ৰাঃ) আৰু বিচাৰ বিভাগ: হজৰত আলি (ৰাঃ)।

প্ৰঃ কোন ব্যক্তি কোন ধৰণৰ যুক্তিতৰ্ক  অবিহনেই ইছলাম কবুল (গ্ৰহণ) কৰিছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কোন খিলাফায়ে ৰাশিদীনৰ মৃত্যুত মক্কা কঁপি উঠিছিল ?

উঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ) কিমান বছৰ বয়সত কোন সময় ইন্তেকাল কৰে ?

উঃ ৬৩ বছৰ বয়সত, সোমবাৰ সৰ্যোদয়ৰ পিছত (২২ আগষ্ট ৬৩৪ খ্ৰীঃ)

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)ৰ কবৰ কোন ঠাইত ?

উঃ মদিনাত হুজুৰ (ছাঃ)ৰ কবৰৰ সোঁকাষত।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ জানাজাৰ নামাজ কোনে পঢ়াইছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ৫৮৩  খ্ৰীঃত বনু আদী গোত্ৰত।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম খাত্তাব  বিন নুফাইল আৰু মাতাৰ নাম খানতানাহ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কোন খ্ৰীষ্টাব্দত কিদৰে ইছলাম গ্ৰহণ কৰে ?

উঃ ৬১৬ খ্ৰীষ্টাব্দত ৩৪ বছৰ বয়সত, সহোদৰ ভনী ফাতিমা (ৰাঃ)ৰ কণ্ঠত পৱিত্ৰ কোৰাণৰ বাণী শুনি মুগ্ধ হৈ।

প্ৰঃ কি পুৰস্কাৰৰ লোভত হজৰত ওমৰ ফাৰুক (ৰাঃ) হজৰত মুহাম্মদ (ছাঃ) ৰ মূৰ কাটিবলৈ গৈছিল ?

উঃ ১০০০ স্বৰ্ণমুদ্ৰা আৰু ১০০ উট লাভৰ আশাত।

প্ৰঃ কোনে কেইজন সঙ্গী লগতলৈ প্ৰকাশ্যে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰে ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) ২০ জন সঙ্গী লগত লৈ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) ৰ ইন্তেকালৰ সময়ত হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ অৱস্থা কি হৈছিল ?

উঃ জ্ঞান হাৰা হৈছিল।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কেইজনী স্ত্ৰী গ্ৰহণ কৰিছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ পাঁচ জনী, যথা: জয়নব, কাৰীবা, মালায়কা, জামিলা আৰু উম্মে কুলছুম।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) তেওঁৰ দ্বিতীয় পত্নী কাৰীবা আৰু তৃতীয়া পত্নী মালায়কাক কিয় তালাক দিছিল ?

উঃ ইছলাম গ্ৰহণ নকৰাৰ বাবে ।

প্ৰঃ প্ৰথম স্ত্ৰী জয়নবৰ গৰ্ভত কেইজন সন্তান হৈছিল ?

উঃ দুইজন, যথা: আব্দুল্লাহ (ৰাঃ) আৰু হাফছা (ৰাঃ)।

প্ৰঃ সৰ্ব প্ৰথম ‘আমীৰুল মুমেনিন’ উপাধি কোনে পাইছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ) কিমান বছৰ খেলাফতৰ দায়িত্বত আছিল ?

উঃ ১০ বছৰ, ৬ মাহ, ৮ দিন (৬৩৪-৬৪৪ খ্ৰীঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) কাৰ হাতত শ্বহীদ হয় ?

উঃ ইৰানী ক্ৰীতদাস ফিৰোজ ওৰফে আবু লুলু মছজিদে নববীত ফজৰৰ নামাজ পঢ়াই থকা অৱস্থাত তৰোৱালৰ দ্বাৰা পিছৰ পৰা ছয়বাৰ আঘাত কৰি পিছত নিজে আত্মহত্যা কৰে।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ জানাজা কোনে পঢ়াইছিলি ?

উঃ তেওঁৰ অছিহত অনুযায়ী মুক্ত দাস হজৰত সুহাইব ৰুমী (ৰাঃ)।

প্ৰঃ এবাৰ মদিনাত ভূমিকম্প হোৱাত কাৰ লাঠিৰ কোবৰ ভয়ত আজিলৈকে তাত ভূমিকম্প হোৱা নাই ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) ৰ দিনত কিমান মছজিদ নিৰ্মাণ হৈছিল ?

উঃ ৪,০০০ টা। ইয়াৰ ৯০০ জামে মছজিদ।

প্ৰঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ খেলাফত কালত কিমান চহৰ স্থাপন কৰা হৈছিল ?

উঃ ১০৩৬ টা।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম গোয়েন্দা পুলিছ আৰু গুপ্তচৰ বিভাগ কোনে প্ৰৱৰ্তন কৰিছিল ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হিজৰী চন কোনে কেতিয়া, প্ৰৱৰ্তন কৰে ?

উঃ হজৰত ওমৰ (ৰাঃ) ১৬ হিজৰীত।

প্ৰঃ খলিফায়ে ৰাশেদিনৰ মাজত সৰ্বপ্ৰথম কোনে শ্বাহাদত বৰণ কৰে ?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)।

প্ৰঃ হজৰত ওমৰ (ৰাঃ) মৃত্যুৰ প্ৰাকঃকালত আব্দুল্লাহ বিন ওমৰ (ৰাঃ)ক খলিফা মনোনীত কৰাৰ প্ৰস্তাৱ কৰাত তেওঁ কি কৈছিল ?

উঃ তেওঁক খলিফা মনোনীত নকৰি খলিফা নিৰ্বাচন কৰা পৰামৰ্শ সভাৰ সভ্য কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছিল।

প্ৰঃ খলিফায়ে ৰাশ্বেদিনসকলৰ ভিতৰত কাৰ শাসন কালক ইছলামী হুকুমতৰ স্বৰ্ণযুগ বুলি কোৱা হয় ?

উঃ হজৰত  ওমৰ ফাৰুক (ৰাঃ)ৰ ।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কেতিয়া কোন গোত্ৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ ৫৭৩ খ্ৰীঃত বনু উমাইয়া বংশত।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল ?

উঃ পিতাৰ নাম আফফান বিন আবিল আছ বিন উমাইয়া আৰু মাতাৰ নাম আৰবী বিন্তে কাবৰাজ।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) যেতিয়া মুছলমান হয় তেতিয়া মুছলমানসকলৰ সংখ্যা কিমান আছিল ?

উঃ ১৪ জন।

প্ৰঃ হজৰত ওচমান যেতিয়া ইছলাম গ্ৰহণ কৰিছিল তেতিয়া তেওঁৰ খুড়াই তাক কেনেদৰে উৎপীড়ন কৰিছিল ?

উঃ হাত ভৰি ৰচীৰে বান্ধি নিৰ্দয়ভাৱে কোবাইছিল।

প্ৰঃ সৰ্বপ্ৰথম সস্ত্ৰীক হিজৰত কৰিছিল কোনে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ হজৰত উচমান গণি (ৰাঃ) কিমান বছৰ আবিচিনিয়াত আছিল ?

উঃ ৯ বছৰ।

প্ৰঃ হজৰত ওচমান গণিৰ প্ৰধান মন্ত্ৰী কোন আছিল ?

উঃ মাৰোৱান।

প্ৰঃ হজৰত ওচমান গণি (ৰাঃ) কোন কোন দ্বীপ জয় কৰে ?

উঃ কাবৰাছ, ক্ৰেট, মালটা আদি।

প্ৰঃ কোন মুছলিম শাসক পোন প্ৰথমতে সেনাবাহিনী গঠন কৰি সামুদ্ৰিক অভিযান আৰম্ভ কৰে ?

উঃ হজৰত ওচ্মান গণি (ৰাঃ)।

প্ৰঃ হজৰত ওচমান (ৰাঃ)ক কিয় ‘গণি’ বুলি কোৱা হয় ?

উঃ হজৰত ওচমান (ৰাঃ) আৰবৰ এজন বিখ্যাত ধনী ব্যক্তি আছিল।  সেয়ে তেওঁক গণি (ধনী) বুলি কোৱা হয়।

প্ৰঃ কোন চাহাবায়ে প্ৰতিদিন একজনকৈ দাস মুক্ত কৰি দিছিল ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে কাক তেখেতৰ উম্মতৰ মাজত অতি লজ্জাশীল বুলি অভিহিত কৰিছে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ জুমাৰ দিন দুবাৰ আজান দিয়াৰ প্ৰথা কোনে প্ৰৱৰ্তন কৰে ?

উঃ হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ কোন খলিফাক  মুছলমানসকলে সৰ্বপ্ৰথম শ্বহীদ কৰে ?

উঃ হজৰত  ওচমন গণি (ৰাঃ)।

প্ৰঃ তেওঁৰ শাসনকালত অশান্তি বৃদ্ধিৰ কাৰণ কি ?

উঃ খলিফাৰ স্বজনপ্ৰীতি। 

প্ৰঃ হজৰত আলি (ৰাঃ) কোন আছিল ?

উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ খুড়া আবু তালিবৰ কনিষ্ঠ পুত্ৰ আছিল। তেওঁ নবীজীৰ সম্বন্ধত ভায়েক আছিল।

প্ৰঃ হজৰত আলিৰ (ৰাঃ)ৰ মাতাৰ নাম কি আছিল ?

উঃ মাকৰ নাম আছিল ফাতিমা বিন্তে আছাদ।

প্ৰঃ হজৰত আলি (ৰাঃ) ৰ অন্য নাম কি আছিল ?

উঃ হায়দাৰ (তেওঁৰ পিতা আবু তালেব ৰাখিছিল)।

প্ৰঃ হজৰত আলি (ৰাঃ) কিমান বছৰ বয়সত মুছলমান হয় ?

উঃ ১০ বছৰ বয়সত।

প্ৰঃ মদিনালৈ সৰ্বশেষ হিজৰতকাৰী কোন আছিল ?

উঃ হজৰত  আলি (ৰাঃ)।

প্ৰঃ হজৰত আলি হুজুৰ (ছাঃ)ৰ কোন কন্যাৰ পাণি গ্ৰহণ কৰিছিল ?

উঃ কনিষ্ঠা  কন্যা ফাতিমা (ৰাঃ)।

প্ৰঃ হজৰত ফাতিমা কিমান বছৰ বয়সত  ইন্তেকাল কৰে ?

উঃ ২৮ বছৰ বয়সত। হুজুৰ (ছাঃ) ৰ ইন্তেকালৰ ৬ মাহ পিছত।

প্ৰঃ হজৰত ফাতিমা (ৰাঃ) ৰ গৰ্ভত কেইজন সন্তানৰ হৈছিল আৰু সিহঁতৰ নাম কি ?

উঃ ৩ পুত্ৰ,যথা: হজৰত হাছান (ৰাঃ), হজৰত হুছাইন (ৰাঃ) আৰু মহছিন (ৰাঃ)। আৰু ২ কন্যা, যথা: জয়নব (ৰাঃ) আৰু উম্মে কুলছুম (ৰাঃ)।

প্ৰঃ হজৰত ফাতিমা (ৰাঃ)ৰ মৃত্যুৰ পিছত হজৰত আলি (ৰাঃ) কেইজনী মহিলাক বিয়া কৰাইছিল ?

উঃ ৯ জনী (বিভিন্ন সময়ত)।

প্ৰঃ ‘হুদাইবিয়াৰ সন্ধি’ ৰ লিখক কোন আছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ উপাধি কি আছিল ?

উঃ ‘আসাদুল্লাহ’ (আল্লাহৰ বাঘ) আৰু ‘আবু তুৰাব (মাটিৰ পিতা)।

প্ৰঃ হজৰত আলি সৰ্মমুঠ কিমান দিন খিলাফত পদত অধিষ্ঠিত  আছিল ?

উঃ ৪ বছৰ, ৮ মাহ, ২৪ দিন।

প্ৰঃ হজৰত আলি (ৰাঃ) য়ে মদিনাৰ পৰা ৰাজধানী ক’লৈ স্থানান্তৰিত কৰে ?

উঃ কুফালৈ।

প্ৰঃ খলিফায়ে ৰাশ্বেদ্বিনসকলৰ মাজত কাৰ শাসনকালত বেছি  বিশৃঙ্খলতাই দেখা দিছিল ?

উঃ হজৰত আলি (ৰাঃ)ৰ শাসন কালত।

প্ৰঃ হজৰত আলি (ৰাঃ)ৰ শাসন কলাত কিমান সংখ্যক লোক গৃহযুদ্ধত হতাহত হয় ?

উঃ ১ লাখ, ২৩ হাজাৰ।

প্ৰঃ গৃহযুদ্ধ সৃষ্টি কৰাৰ মূল নেতা কোন আছিল ?

উঃ আব্দুল্লাহ ইবনে সাবা।

প্ৰঃ হজৰত আলি (ৰাঃ) এজন কবিও আছিল। তেওঁৰ কাব্য গ্ৰন্থখনৰ নাম কি ?

উঃ দিওৱানে আলি।

প্ৰঃ হজৰত আলি (ৰাঃ) মুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল ?

উঃ ৫৮৬ টা।

প্ৰঃ ‘আজান’ শব্দৰ অৰ্থ কি ?

উঃ আহ্বান কৰা, ঘোষণা কৰা।

প্ৰঃ শৰীয়তৰ পৰিভাষাত ‘আজান’ শব্দৰ অৰ্থ কি ?

উঃ নিৰ্দিষ্ট কেইটামান শব্দৰ জৰিয়তে নামাজলৈ আহ্বান কৰা।

প্ৰঃ সৰ্বপ্ৰথম কোনে ক’ত আজান দিছিল·

উঃ হজৰত জিব্রাইল (আঃ) য়ে, আকাশত।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত ইব্রাহিম  (আঃ)।

প্ৰঃ পৱিত্ৰ কোৰাণত ‘আজান’ শব্দটো কিমানবাৰ উল্লেখ আছে ?

উঃ দুই বাৰ।

প্ৰঃ নামাজলৈ আহ্বান কৰিবলৈ আজান   প্ৰথা কেতিয়া প্ৰৱৰ্তন হয় ?

উঃ প্ৰথম হিজৰিত।

প্ৰঃ সৰ্বপ্ৰথম হজৰত বিল্লাল (ৰাঃ) মছজিদে নববীত কোন ওৱাক্তৰ আজান দিয়ে ?

উঃ জোহৰ ওৱাক্ত।

প্ৰঃ কাবা শ্বৰিফত সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ), মক্কা বিজয়ৰ সময়ত (অষ্টম হিজৰিত)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ দিনত মছজিদে নববীৰ স্থায়ী মুৱাজ্জিন কোন আছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ ৰেকৰ্ড (যন্ত্ৰ)ৰ দ্বাৰা আজান দিয়া জায়েজ নে ?

উঃ নাজায়েজ (বিদাত)।

প্ৰঃ মছজিদৰ ভিতৰত আজান দিয়া জায়েজ নে ?

উঃ মকৰুহ তানজিহী।

প্ৰঃ ‘নামাজ’  কোন ভাষাৰ শব্দ ?

উঃ ফাৰচী ভাষাৰ।

প্ৰঃ ‘নামাজ’ শব্দটোৰ আৰবী প্ৰতিশব্দ কি ?

উঃ ছালাত।

প্ৰঃ মুছলমানসকলৰ প্ৰথম ফৰজ কি ?

উঃ নামাজ।

প্ৰঃ আল্লাহ তায়ালাৰ ওচৰত কোন আমল সৰ্বাধিক প্ৰিয় ?

উঃ সময়মতে আদায় কৰা নামাজ।

প্ৰঃ হাশৰৰ বিচাৰৰ দিনা আল্লাহতায়ালা কিহৰ হিচাপ আগতে ল’ব ?

উঃ নামাজৰ।

প্ৰঃ বিহিস্তৰ চাবি কি ?

উঃ নামাজ।

প্ৰঃ নামাজৰ চাবি কি ?

উঃ অজু।

প্ৰঃ পৱিত্ৰ কোৰাণত নামাজৰ কথা কেইবাৰ উল্লেখ আছে ?

উঃ প্ৰত্যক্ষভাৱে ৮২ বাৰ আৰু পৰোক্ষভাৱে ৫০০ বাৰ।

প্ৰঃ তাকবিৰে উলাৰ ফজিলত কি ?

উঃ পৃথিৱীত যিবোৰ আছে তাতকৈ উত্তম। এক হাদিছত আছে আল্লাহৰ ৰাস্তাত এক হাজাৰ উট ছদকা দিয়াতকৈ  উত্তম।

প্ৰঃ মহিলাসকল জামায়েতে নামাজ পঢ়াব পাৰে নে ?

উঃ পাৰে। কিন্তু পুৰুষৰ জামাতত নাৰীয়ে যোগ দিয়া মকৰুহ।

প্ৰঃ নামাজীসকলৰ হাশৰ কাৰ লগত হ’ব ?

উঃ নবী, শ্বহীদ আৰু অলিসকলৰ লগত।

প্ৰঃ তায়াম্মুমৰ ফৰজ কেইটি আৰু কি কি ?

উঃ তিনিটা, যথা: নিয়ত কৰা, মুখমণ্ডল মছেহ কৰা, দুই হাত কনুুসহ মছেহ কৰা। 

প্ৰঃ গোছলৰ ফৰজ কেইটা আৰু কি কি ?

উঃ তিনিটা, যথা: গড়গড় কৰি কুলি কৰা, নাকৰ কোমল স্থানলৈকে পানী সোমোৱা আৰু গোটেই শৰীৰ উত্তমভাৱে ধোৱা।

প্ৰঃ অজুৰ ফৰজ কেইটা আৰু কি কি ?

উঃ অজুৰ ফৰজ চাৰিটা, যথাঃ মুখমণ্ডল ধৌত কৰা, দুই হাত কণুই সহ ধৌত কৰা, মূৰৰ চাৰিভাগৰ একভাগ মছেহ কৰা, দুই ভৰিৰ গাঁঠিলৈকে ধৌত কৰা।

প্ৰঃ মুদৰিক কাক কয় ?

উঃ যি ব্যক্তি ইমামৰ লগত প্ৰথমৰ পৰা শেষলৈকে নামাজ পঢ়ে  তাক মুদৰিক বোলে ।

প্ৰঃ মছবুক কাক বোলে ?

উঃ যি ব্যক্তি জামাতত প্ৰথমৰ পৰা যোগ দিব নোৱাৰি নামাজৰ কিছু অংশ শেষ হোৱাৰ পিছত যোগ দিয়ে তাকে ‘মছবুক’ বোলে ।

প্ৰঃ ৰোজা’ শব্দৰ অৰ্থ কি ?

উঃ ‘ৰোজা’ শব্দটি ফাৰছী শব্দ। ইয়াৰ অৰ্থ দহন কৰা (পোৰা ) ।

প্ৰঃ ‘ৰোজা শব্দটোৰ আৰবী প্ৰতিশব্দ কি ?

উঃ সওম। ইয়াৰ অৰ্থ ত্যাগ কৰা (বৰ্জন কৰা)।

প্ৰঃ ৰোজা কাক কয় ?

উঃ আল্লাহৰ নামত ছুবহ ছাদিক (প্ৰভাত হোৱাৰ অলপ সময় আগৰ সময়)ৰ পৰা সূৰ্যাস্ত  লৈকে সৰ্বপ্ৰকাৰৰ পানাহাৰ আৰু যৌন মিলনৰ পৰা বিৰত থকাকে ‘ৰোজা’ বোলে ।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ ওপৰত ৰোজা কেতিয়াৰ পৰা ফৰজ হয় ?

উঃ দ্বিতীয় হিজৰীৰ পৰা।

প্ৰঃ হুজুৰ (ছাঃ) য়ে ৰমজান  মাহক কাৰ মাহ বুলি কৈছে ?

উঃ  ছাহৰুল্লাহ (আল্লাহৰ মাহ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে জীৱনত কেইবছৰ ৰোজা পালন কৰিছিল ?

উঃ ৯ বছৰত ৯ মাহ।

প্ৰঃ আৰবী বাৰ মাহৰ ভিতৰত সর্বোত্তম মাহ  আৰু সর্বোত্তম ৰাতি কোনটো ?

উঃ সর্বোত্তম  মাহ ৰমজান আৰু সর্বোত্তম ৰাতি হ’ল ‘লাইলাতুল কদৰ’।

প্ৰঃ ৰমজানৰ ৰোজা অমান্যকাৰীক কি বোলে  ?

উঃ কাফিৰ, ইছলামৰ বহিৰ্ভূত।

প্ৰঃ ৰমজানৰ মাহত্ম্য কি ?

উঃ ৰমজানৰ প্ৰতি ৰাতি ৬ লাখ লোক দোজখৰ পৰা মুক্তি পায়।

প্ৰঃ ‘হজ’ শব্দৰ অৰ্থ কি ?

উঃ ইচ্ছা বা সংকল্প কৰা।

প্ৰঃ হজ কাক কয় ?

উঃ জিলহজ্জ মাহৰ ৯ তাৰিখৰ ইহৰাম বান্ধি হজৰ সকলো অনুষ্ঠান পালন কৰাকে হজ বোলে ।

প্ৰঃ উম্মতী মুহাম্মদীসকলৰ বাবে হজ কেতিয়া ফৰজ কৰা হয় ?

উঃ নৱম হিজৰীত।

প্ৰঃ আল্লাহ তায়ালা মানৱ জাতিৰ ওপৰত হজ ফৰজ কৰাৰ কাৰণ কি ?

উঃ বিশ্ব মুছলমানসকলৰ মাজত ঈমানী চেতনা, ঐক্য সংহতি আৰু ভাতৃত্ববোধ স্থাপনৰ বাবে  আল্লাহতায়ালাই হজ ফৰজ কৰিছে।

প্ৰঃ  হজ কাৰ ওপৰত ফৰজ কৰা হৈছে ?

উঃ আৰ্থিকভাৱে আৰু শাৰীৰিকভাৱে সামৰ্থবান ব্যক্তিৰ ওপৰত।

প্ৰঃ কেইবাৰ হজ কৰা ফৰজ ?

উঃ একবাৰ। বেছি কৰিলে নফল হ’ব।

প্ৰঃ হুজুৰ (ছাঃ) য়ে কেইবাৰ হজ কৰিছিল ?

উঃ ১ বাৰ (৬৩২ খ্ৰীঃত)।

প্ৰঃ সৰ্বপ্ৰথম কোনে হজৰ ঘোষণা কৰে ?

উঃ হজৰত ইব্রাহিম (আঃ) কাবা ঘৰ নিৰ্মাণৰ কাম শেষ কৰি আল্লাহৰ আদেশত ওচৰৰ এক পাহাৰৰ ওপৰত উঠি মানুহক উদ্দেশ্যি হজৰ বাবে  আহ্বান জনায়।

প্ৰঃ সৰ্বপ্ৰথম হাজী কোন কোন ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)।

প্ৰঃ হজ আৰু উমৰাৰ ফজিলত কি ?

উঃ উভয় হজকাৰীৰ গোনাহসমূহ দূৰ কৰি দিয়ে আৰু বিহিস্ত ওৱাজিব হয়।

প্ৰঃ হজ নকৰাৰ শাস্তি কি ?

উঃ হুজৰ (ছাঃ) কৈছে যে যি ব্যক্তি সামৰ্থ থকা সত্বেও হজ নকৰে তেওঁৰ লগত আল্লাহৰ কোনো সংশ্ৰৱ নাই।

প্ৰঃ হজ কেইপ্ৰকাৰৰ আৰু কি কি ?

উঃ হজ তিনি প্ৰকাৰৰ যথা: ইফৰাদ, কিৰান আৰু তামাত্তু ।

প্ৰঃ ইৰফাদ হজ কাক কয় ?

উঃ কেৱল মাত্ৰ হজৰ কাৰণে ইহৰাম বান্ধিলে সেই হজক ‘ইফৰাদ হজ’ বোলে ।

প্ৰঃ কিৰান হজ কি ?

উঃ এক ইহৰামত হজ আৰু উমৰাৰ নিয়েত কৰিলে তাক কিৰান হজ বোলে ?

প্ৰঃ ‘তামাত্তু  হজ’ কাক বোলে  ?

উঃ অকল উমৰাৰ উদ্দেশ্যে ইহৰাম বন্ধাকে ‘তামাত্তু হজ’ বোলে ।

প্ৰঃ হুজুৰ (ছাঃ)কি হজ কৰিছিল ?

উঃ কিৰান হজ।

প্ৰঃ হজত ফৰজ কেইটা ?

উঃ তিনিটা, যথা: ইহৰাম বন্ধা, তাওয়াফে জিয়াৰত কৰা আৰু আৰাফাৰ ময়দানত উপস্থিত হোৱা।

প্ৰঃ  হজৰ মাজত ওৱাজিব কেইটা আৰু কি কি ?

উঃ ছয় টা যেনে: সাফা আৰু মাৰওৱা পাহাৰত দৌৰা, মুজদালিফাত ৰাতি যাপন কৰা, শিল নিক্ষেপ কৰা, কুৰবানী কৰা, মস্তক মুণ্ডন কৰা, বিদায়ী তাওয়াফ কৰা।

প্ৰঃ ৰমল কাক বোলে  ?

উঃ কাবা শ্বৰিফ তাওয়াফ কৰা (প্ৰদক্ষিণ কৰা) ৰ সময়ত দ্ৰুত খোজত যোৱাক ৰমল বোলে ।

প্ৰঃ ছায়ী কাক বোলে ?

উঃ সাফা আৰু মাৰওৱা  পাহাৰৰ মধ্যৱৰ্তী স্থানত দৌৰাক ছায়ী বোলে।

প্ৰঃ ৰমী কাক বোলে ?

উঃ মিনাত চয়তানৰ উদ্দেশ্যে শিলগুটি দলিওৱাকে ৰমী বোলে।

প্ৰঃ মিকাত কাক বোলে ?

উঃ বহিৰাগত হজযাত্ৰীসকলৰ বাবে যি স্থানৰ পৰা ইহৰাম বান্ধিব লাগে তাকে ‘মিকাত’ বোলে।

প্ৰঃ তাওয়াফ (প্ৰদক্ষিণ) কেই প্ৰকাৰৰ আৰু কি কি ?

উঃ তিনি প্ৰকাৰৰ, যেনে: কুদুম, জিয়াৰত আৰু বিদা।

প্ৰঃ হাজীসকলে ক’ত কুৰবানী কৰিব লাগে ?

উঃ মিনাত।

প্ৰঃ কুৰবানীৰ আচল উদ্দেশ্য কি ?

উঃ লোভ, মোহ, সংসাৰাসক্তি আদি ত্যাগ কৰি অন্তৰত আল্লাহ ভীতি বৃদ্ধি কৰি আল্লাহৰ সন্তুষ্টি লাভ কৰা।

প্ৰঃ তাওৱাজ ক’ৰ পৰা কেনেদৰে আৰম্ভ  কৰা হয় ?

উঃ বায়তুল্লাহক বাওঁঁপিনে ৰাখি হাজৰে আছওৱাদৰ পৰা তাওৱাফ কৰিব লাগে। 

প্ৰঃ হাজৰে আসওৱাদ শব্দৰ অৰ্থ কি ?

উঃ ক’লা পাথৰ।

প্ৰঃ হাজৰে আসওৱাদ কোনে ক’ৰ পৰা আনিছিল ?

উঃ হজৰত আদম (আঃ) জান্নাতৰ পৰা এই পাথৰটো আনিছিল।

প্ৰঃ বৰ্তমান হাজৰে আসওৱাদ পাথৰটো কাবা শ্বৰিফৰ ক’ত আছে ?

উঃ কাবা শ্বৰিফৰ দক্ষিণ-পূৰ্ব কোণৰ দেৱালত গঁথা অৱস্থাত আছে।

প্ৰঃ সৰ্বপ্ৰথম মছজিদ কোনটো ?

উঃ কাবা শ্বৰিফ।

প্ৰঃ কোৰাণত কাবা ঘৰক কি বুলি কৈছে ?

উঃ  মাছজিদুল হাৰাম।

প্ৰঃ হাৰাম শ্বৰিফৰ মুঠ আয়তন কিমান ?

উঃ ৩ লাখ ৯০ হাজাৰ বৰ্গমিটাৰ।

প্ৰঃ বছৰৰ কোন সময় কাবা শ্বৰিফক কি দি ধুই দিয়া হয় ?

উঃ হজৰ সময়ত গোলাপৰ নিৰ্যাস দি।

প্ৰঃ মাকামে ইব্রাহিম  কি ?

উঃ হজৰত ইব্রাহিম (আঃ) য়ে যি পাথৰৰ ওপৰত থিয় হৈ নতুন কাবা ঘৰ নিৰ্মাণ কৰিছিল সেই পাথৰৰ ওপৰত  তাৰ ভৰিৰ ছাপ পৰে। সেই পদচিহ্ন সম্বলিত পাঁচ হাজাৰ বছৰ আগৰ পাথৰটোক ‘মাকামে ইব্রাহিম’ বোলে ।

প্ৰঃ মাকামে ইব্রাহিম এতিয়া ক’ত আছে ?

উঃ কাবা গৃহৰ পূৱপিনে।

প্ৰঃ ‘জাকাত’ শব্দৰ অৰ্থ কি ?

উঃ পৱিত্ৰকৰণ।

প্ৰঃ জাকাত কেতিয়া ফৰজ হয় ?

উঃ দ্বিতীয় হিজৰীত।

প্ৰঃ পৱিত্ৰ কোৰাণত জাকাতৰ বিষয়ে কেইবাৰ উল্লেখ আছে ?

উঃ ৫২ বাৰ।

প্ৰঃ জাকাত দিয়াৰ ফজিলত (তাৎপৰ্য) কি ?

উঃ জাকাত প্ৰদান কৰিলে ইবাদত কবুল (মঞ্জুৰ), অমঙ্গলৰ ৭০ টা দৰজা বন্ধ হৈ যায়, জাকাত প্ৰদানকাৰীৰ ঘৰত ৰহমত (দয়াৰ) ফিৰিস্তা অৱতীৰ্ণ হয় আৰু অপমৃত্যুৰ হাতৰ পৰা ৰক্ষা পায়।

প্ৰঃ জাকাত নিদিলে তাৰ কি শাস্তি হয় ?

উঃ জাকাত প্ৰদান নকৰিলে তাৰ কোনো ইবাদত মঞ্জুৰ নহয়, মহামাৰী, দুর্ভিক্ষ আদিয়ে দেখা দিয়ে আৰু মৃত্যুৰ পিছত যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰে।

প্ৰঃ কোনসকল লোকে জাকাত গ্ৰহণ কৰিব নোৱাৰে বা কোনসকল লোকক জাকাত প্ৰদান কৰিব নালাগে ?

উঃ অমুছলমান, চৈয়দ বংশীয় লোক, ধনী ব্যক্তি, পিতা-মাতা, নানা-নানী,  পুত্ৰ-কন্যা আৰু স্বামী-স্ত্ৰী। 

প্ৰঃ মছজিদ’ শব্দৰ অৰ্থ কি ?

উঃ সিজদাৰ স্থান।

প্ৰঃ আল্লাহৰ ওচৰত সকলোতকৈ পৱিত্ৰ স্থান কি ?

উঃ মছজিদ।

প্ৰঃ মছজিদৰ ভিতৰত পাৰ্থিৱ বিষয়ে কথা-বতৰা পাতিব পাৰিনে ?

উঃ নহয়। আল্লাহ ৰাগাম্বিত হয় আৰু ফিৰিস্তাসকলে অভিসম্পাদ কৰি থাকে।

প্ৰঃ আৰবৰ বাহিৰত সৰ্বপ্ৰথম কোনে মছজিদ নিৰ্মাণ কৰে ?

উঃ হজৰত উৎবাহ বিন গাজওৱান (ৰাঃ) য়ে বছৰাত, ৬৩৫ খ্ৰীঃত।

প্ৰঃ সৰ্বপ্ৰথম মিনাৰ নিৰ্মাণ কৰা হয় কোন মছজিদত ?

উঃ মিছৰৰ ফুছতাত, আমৰ বিন আছ মছজিদত, ৬৭৩ খ্ৰীঃত।

প্ৰঃ ভাৰতৰ বৃহৎ মছজিদ কোনটো ?

উঃ মোগল সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰা দিল্লীৰ জামে মছজিদ।

প্ৰঃ বিশ্বৰ কোন নগৰীক মছজিদ নগৰী বোলা  হয় ?

উঃ ঢাকা নগৰীক।

প্ৰঃ বিশ্বৰ প্ৰথম মাদ্ৰাছা কোনটো ?

উঃ সাফা পাহাৰৰ পাদদেশত অৱস্থিত  দাৰে আৰকান মাদ্ৰাছা।

প্ৰঃ মধ্যযুগৰ বিখ্যাত মাদ্ৰাছাৰ নাম কি ?

উঃ বাগদাদৰ নিজামীয়া মাদ্ৰাছা।

প্ৰঃ বিশ্বৰ ডাঙৰ মাদ্ৰাছাখনৰ নাম কি ?

উঃ মিছৰৰ জামে আজহাৰ মাদ্ৰাছা।

প্ৰঃ ‘ওৱাকফ’ শব্দৰ অৰ্থ কি ?

উঃ  নিৰ্দিষ্টকৰণ।

প্ৰঃ দূৰবীণ কোনে আৱিষ্কাৰ কৰে ?

উঃ  আবুল হাছান, নৱম শতিকা।

প্ৰঃ  কোনে সৰ্বপ্ৰথম বন্দুক তৈয়াৰ কৰে ?

উঃ হাছান অৰ ৰমৰাহ।

প্ৰঃ  কেতিয়া ঘড়ী উদ্ভাৱন হয় ?

উঃ খলিফা অলিদৰ সময়ত, অষ্টম শতিকা। 

প্ৰঃ কোনো ব্যক্তিৰ এবাৰ বসন্ত ৰোগ হ’লে তেওঁৰ জীৱন কালত দ্বিতীয়বাৰ এই ৰোগ নহয় বুলি কোনে আৱিষ্কাৰ কৰে ?

উঃ আৰ ৰাজী।

প্ৰঃ তাপ যন্ত্ৰ বা এয়াৰ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰে ?

উঃ আবু আলি ছীনা।

প্ৰঃ কোনে প্ৰথমে তেজ সঞ্চালনৰ ব্যাখ্যা আগবঢ়ায় ?

উঃ ইবনে নাফিল।

প্ৰঃ চিকিৎসা বিজ্ঞানৰ জনক কোন ?

উঃ আবু আলি ছীনা।

প্ৰঃ ওৱাকফি সম্পদ  বুলিলে কি বুজায় ?

উঃ আল্লাহৰ সম্পদ।এনে সম্পদ  কোনেও বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰে।

প্ৰঃ সৰ্বপ্ৰথম ওৱাকফ কোনে কৰিছিল ?

উঃ হজৰত ওচমান গণি (ৰাঃ)। তেওঁ ৩৫ হাজাৰ ৰূপৰ মুদ্ৰাৰে তোফাৰ গোত্ৰৰ পৰা ৰূমা নামে এক কুপ ক্ৰয় কৰি নবীজীৰ অনুমোদনক্ৰমে জনসাধাৰণৰ বাবে তাওয়াফ কৰি দিয়ে

প্ৰঃ ৰসায়ন বিজ্ঞানৰ জনক কোন ?

উঃ জাবিৰ ইবনে হাইয়ান।

প্ৰঃ বিজ্ঞান জগতলৈ জাবিৰ ইবনে হাইয়ানৰ অৱদান কি কি ?

উঃ ইস্পাত, মামৰ ৰোধক বাৰ্নিচ, চৰ্মৰঞ্জন, চুলিৰ কলপ, ছালফাউৰিক এছিড, নাইট্ৰিক এছিড, এলকোহল, বাৰুদ বোমা আদিৰ আৱিষ্কাৰ।

প্ৰঃ তুলট কাগজ সৰ্বপ্ৰথম কোনে আৱিষ্কাৰ কৰিছিল ?

উঃ ইউছুফ বিন ওমৰ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে পানী বৰফলৈ ৰূপান্তৰ কৰা কৌশল উলিয়ায়।

উঃ আৰ ৰাজী।

প্ৰঃ মেঙ্গানিজ ডাই-অক্সাইডৰ পৰা কোনে সৰ্বপ্ৰথম কাঁচ তৈয়াৰ কৰে ?

উঃ আৰ ৰাজী।

প্ৰঃ সৰ্বপ্ৰথম মানৱ জাতিক কোনে অক্ষৰ জ্ঞান দিয়ে ?

উঃ হজৰত ইদ্ৰিছ (আঃ)।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম বিশ্বকোষ কোনে ৰচনা কৰে ?

উঃ আবু মুছা জাবিৰ ইবনে হাইহান।

প্ৰঃ জ্যামিতিৰ আৱিষ্কাৰক কোন ?

উঃ নাছিৰুদ্দিন তুসী।

প্ৰঃ বীজ গণিত আৰু গণিত বিজ্ঞানৰ জন্মদাতা কোন ?

উঃ আল খাওৱাৰিজমী।

প্ৰঃ অংক শাস্ত্ৰত শূন্যৰ আৱিষ্কাৰক কোন ?

উঃ আল খাওৱাৰিজমী।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীৰ আকৃতি গোলাকাৰ বুলি কোনে প্ৰমাণ কৰে ?

উঃ শাকিৰ বিন মুছা, নৱম শতিকা।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীৰ দীঘ আৰু প্ৰস্থ কোনে পৰিমাপ কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ কোনে  প্ৰথমে পৃথিৱীৰ মানচিত্ৰ অংকন কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ দিক নিৰ্ণয় যন্ত্ৰ (কম্পাচ) কোনে আৱিষ্কাৰ কৰে ?

উঃ আহমদ ইবনে মাজিদ।

প্ৰঃ বৰ্গমূল আৰু ঘনমূলৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰে ?

উঃ ওমৰ খৈয়াম।

প্ৰঃ ৰাশিচক্ৰ আৰু ৩৬৫ দিনত যে এবছৰ হয় সেয়া কোনে আৱিষ্কাৰ কৰে ?

উঃ শাকিৰ বিন মুছা।

প্ৰঃ কোনে চুম্বক আৱিষ্কাৰ কৰে ?

উঃ হজৰত দাউদ (আঃ)। 

প্ৰঃ বয়স্কসকলৰ মাজত প্ৰথম কোনে ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিশোৰসকলৰ মাজত প্ৰথম ইছলাম গ্ৰহণ কৰে কোনে ?

উঃ হজৰত আলি (ৰাঃ), দহ বছৰ বয়সত।

প্ৰঃ পৃথিৱীৰ একমাত্ৰ কোনজন ব্যক্তি কাবা ঘৰত জন্ম গ্ৰহণ কৰিছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ কোনজন দাস (গোলাম) য়ে প্ৰথম ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত জায়েদ (ৰাঃ)।

প্ৰঃ উম্মতে মুহাম্মদীৰ মাজত সৰ্বপ্ৰথম কোনে বিহিস্ত পাব ?

উঃ আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিয়ামতৰ পিছত আল্লাহ সৰ্বপ্ৰথম কাক জীৱিত কৰিব ?

উঃ হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ ইছলামৰ ইতিহাসত সৰ্বপ্ৰথম পতাকা তুলিছিল কোনে ?

উঃ হজৰত বাৰীদাহ আছলামী (ৰাঃ)।

প্ৰঃ ইছলাম জগতত সৰ্বপ্ৰথম তীৰ নিক্ষেপকাৰীৰ নাম কি ?

উঃ হজৰত ছাদ বিন আবি আক্কাছ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ সৰ্বপ্ৰথম অহি লেখক কোন আছিল ?

উঃ খালিদ বিন ছাইদ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন কোন ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ)ৰ যুগত সৰ্বপ্ৰথম হিজৰত কোনে ক’লৈ কৰিছিল ?

উঃ হজৰত উচমান গণি (ৰাঃ), আবিছিনিয়ালৈ।

প্ৰঃ ইছলামৰ সৰ্বপ্ৰথম স্বহীদ কোন ?

উঃ হাৰছ বিন আবি হালা।

প্ৰঃ মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে মুছলমান হয় ?

উঃ আবু সুফিয়ান (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) সৰ্বপ্ৰথম কোন কবিক পুৰস্কৃত কৰে?

উঃ কায়াব বিন মুহাইৰ।

প্ৰঃ কোন সম্ৰাট প্ৰথমতে হুজুৰ (ছাঃ)লৈ  বাদশাহী নজৰানা (উপহাৰ) প্ৰেৰণ কৰে ?

উঃ সম্ৰাট নাজ্জাছী।

প্ৰঃ ইছলামী শিক্ষক হিচাপে হুজুৰ (ছাঃ) য়ে সৰ্বপ্ৰথম কাক মদিনালৈ প্ৰেৰণ কৰে ?

উঃ হজৰত মাছআব ইবনে উমাইৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কাৰ লগত সৰ্বপ্ৰথম বিদেশ ভ্ৰমণ কৰে ?

উঃ নিজৰ খুড়া আবু তালিবৰ লগত ছিৰিয়া ভ্ৰমণ কৰে।

প্ৰঃ কোন নবীয়ে পৃথিৱীৰ সকলোকে ভোজ সভালৈ নিয়ন্ত্ৰণ জনাইছিল।

উঃ হজৰত চুলেইমান (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন গোলাম সেনাপতি হয় ?

উঃ হজৰত দাহিয়া কলবী (ৰাঃ)।

প্ৰঃ হিজৰতৰ পিছত সৰ্বপ্ৰথম কোনে ইন্তেকাল কৰিছিল ?

উঃ হজৰত উচমান বিন মাছউন (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন পৰিয়ালৰ আটাইবোৰ  সদস্যই ইছলাম গ্ৰহণ কৰিছিল ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পৰিয়াল।

প্ৰঃ সৰ্বপ্ৰথম কোনে ছুফী নামে পৰিচিত হয় ?

উঃ আবু হাশেম ছুফী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনী সৰ্বপ্ৰথম কোনে লিখে ?

উঃ  ইবনে ইছহাক (উমাইয়া শাসন কালত)।

প্ৰঃ  ইছলামৰ প্ৰথম জাতীয় বীৰ কোন ?

উঃ হজৰত খালিদ বিন অলিদ (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ মাজত আমিন কাক কোৱা হয় ?

উঃ হজৰত আবু উবাইদা (ৰাঃ)।

প্ৰঃ কোনে প্ৰথমতে ইছলাম ত্যাগ কৰি ধৰ্মত্যাগী হয় ?

উঃ উবাইদুল্লাহ বিন জাহাছ।

প্ৰঃ পৃথিৱীৰ সৰ্বপ্ৰথম নৰহত্যাকাৰী কোন ?

উঃ কাবিল (হজৰত আদম আলাইহে ৱাছাল্লামৰ পুত্ৰ। তেওঁ তেওঁৰ ডাঙৰ ভাই হাবিলক হত্যা কৰিছিল।)

প্ৰঃ কোন চাহাবী কাবা ঘৰত উচ্চ স্বৰত কালিমা পাঠ কৰাৰ বাবে মাৰ খাইছিল ?

উঃ হজৰত ছালমান ফাৰছী।

প্ৰঃ ইছলামত খিলাফত ব্যৱস্থাৰ অৱসান কৰি কোনে সৰ্বপ্ৰথম ৰাজতন্ত্ৰৰ পাতনি মেলে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ  পৃথিৱীত সৰ্বপ্ৰথম কাৰ দাফন কাপন কৰা হৈছিল ?

উঃ আদম (আঃ) ৰ পুত্ৰ হাবিলৰ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম খাতনা (লিঙ্গৰ অগ্ৰছাল ছেদন) হৈছিল ?

উঃ হজৰত ইব্রাহিম  (আঃ)।

প্ৰঃ কোন ইহুদি পণ্ডিত সৰ্বপ্ৰথম ইছলাম কবুল কৰিছিল ?

উঃ হজৰত আব্দুল্লাহ বিন ছালাম। 

প্ৰঃ কাবা শ্বৰিফত প্ৰথম কোনে গিলাফ (চাদৰ) ৰ প্ৰচলন কৰে ?

উঃ ইয়ামনৰ বাদশা আউৱাল হামিৰী।

প্ৰঃ মছজিদে নববীৰ প্ৰথম সম্প্ৰসাৰণ আৰু সংস্কাৰ কোনে কৰিছিল ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ কোন চাহাবী যুদ্ধক্ষেত্ৰত ভুলবশতঃ কোন মুছলমান ভাইক শ্বহীদ কৰে?

উঃ হজৰত উবাদাহ বিন ছামিত (ৰাঃ) য়ে ভুল বশতঃ হিছাম বিন উছাবাহ (ৰাঃ) ক শ্বহীদ কৰিছিল।

প্ৰঃ সৰ্বপ্ৰথম কোন খলিফা মদ্ৰাত নিজৰ নাম অঙ্কিত কৰে ?

উঃ আব্দুল্লাহ বিন মাৰোৱান।

প্ৰঃ সৰ্বপ্ৰথম বায়তুল মালৰ প্রতিষ্ঠাতা  কোন ?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিনৰ দৰমহা দিয়াৰ ব্যৱস্থা কোনে কৰে ?

উঃ তৃতীয় খলিফা হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ  সৰ্বপ্ৰথম ভয়ৰ বাবে  ছালাতুল খৌফ কেতিয়া পঢ়া হৈছিল ?

উঃ আছদান যুদ্ধত।

প্ৰঃ সৰ্বপ্ৰথম কোন যুদ্ধত  নামাজ কাজা হৈছিল ?

উঃ খন্দক (পৰিখা) ৰ যুদ্ধত।

প্ৰঃ কাবা শ্বৰিফৰ ওপৰত উঠি সৰ্বপ্ৰথম কোনে আজান দিছিল ?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ মানৱ জাতিৰ প্ৰথম নাৰী কোন ?

উঃ হজৰত হাওৱা।

প্ৰঃ কোন নাৰীৰ জন্ম পিতৃ-মাতৃ অবিহনে হয় ?

উঃ হজৰত হাওৱা।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰীৰ নাক, কাণ ছিদ্ৰ কৰা হয় ?

উঃ হজৰত ইব্রাহিম (আঃ)ৰ দ্বিতীয়া পত্নী হাজেৰাৰ।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী স্বয়ং পাক কোৰাণ ?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সতীত্বৰ সাক্ষী তাইৰ ৪০ দিনৰ শিশু পুত্ৰ ?

উঃ হজৰত মৰিয়ম (ঈছা আলাইহে ৱাছাল্লামৰ মাতৃ)।

প্ৰঃ কোন পুণ্যময়ী নাৰীৰ গৃহত কোৰাণৰ ছুৰা অৱতীৰ্ণ হৈছিল ?

উঃ হজৰত আয়েশা (ৰাঃ)।

প্ৰঃ কোন নাৰী বিহিস্তত নাৰীসকলৰ নেতৃী হ’ব ?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ কঠোৰ বিপদতো পতিব্রতা আছিল ?

উঃ হজৰত আয়ুব (আঃ)ৰ কনিষ্ঠা স্ত্ৰী হজৰত ৰহিমা।

প্ৰঃ কোন নাৰী প্ৰথম ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত খাদিজা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ জীৱনত হায়েজ নেফাজ হোৱা নাছিল ?

উঃ হজৰত ফাতিমা (ৰাঃ)।

প্ৰঃ কোন নাৰীৰ সন্তান হৈছিল কিন্তু নেফাজ হোৱা নাছিল ?

উঃ হজৰত মৰিয়ম (আঃ)।

প্ৰঃ কোন মৃতা নাৰীৰ গোছল অছিহত অনুযায়ী তাৰ স্বামীয়ে দিছিল ?

উঃ হজৰত ফাতিমা (ৰাঃ)। 

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কোনে সংবিধান ৰচনা কৰে ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ পৃথিৱীত কোনে প্ৰথমতে ৰাষ্ট্ৰৰ লোক গণনা কৰে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ আধুনিক ইছলামী নাটকৰ অগ্ৰদূত কোন ?

উঃ নাজিৰ আল কালিন।

প্ৰঃ কোন নাৰী প্ৰথম খন্দক যুদ্ধৰ সময়ত একজন অভিশপ্ত ইহুদীক হত্যা কৰে ?

উঃ হজুৰ (ছাঃ)ৰ পেহী হজৰত ছুফিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মহিলা শ্বহীদ কোন ?

উঃ ছুমাইয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন নাৰী কাবা গৃহত ৰেশমী চাদৰ লগাইছিল ?

উঃ হজৰত আববাছ (ৰাঃ)ৰ মাতৃ নাতলা বিন্তে হিববান (ৰাঃ)।

প্ৰঃ কোন পুণ্যৱতী নাৰীৰ কাৰণে তায়াম্মুমৰ আয়াত অৱতীৰ্ণ হয় ?

উঃ হজৰত আয়েশা ছিদ্দিকা (ৰাঃ)।

প্ৰঃ কোন নাৰী লাঠিৰে আঘাত কৰি আবু লাহাবৰ মূৰ  দুফাল কৰিছিল ?

উঃ হজৰত আববাছ (ৰাঃ)ৰ পত্নী উম্মুল ফজল (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে মাতৃ আমিনাৰ পিছত সৰ্বপ্ৰথম কাৰ বুকুৰ গাখীৰ পান কৰিছিল ?

উঃ আবু লাহাবৰ দাসী সুবাইয়াৰ।

প্ৰঃ হজৰত ফাতিমাৰ দাসীৰ নাম কি আছিল ?

উঃ হজৰত ফিজজাহ (ৰাঃ)।

প্ৰঃ  কোন নাৰী হজৰত আবু তালহাক ইছলাম গ্ৰহণৰ চৰ্তত বিবাহ কৰে ?

উঃ হজৰত উম্মে সুলাইমা (ৰাঃ)।

প্ৰঃ আবু লাহাবৰ কোন কন্যা ইছলাম গ্ৰহণ কৰে ?

উঃ হজৰত দুৰ্ৰাহ বিন্তে আবু লাহাব (ৰাঃ)।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম কাপোৰ তৈয়াৰ কৰে কোনে ?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)। 

প্ৰঃ সৰ্বপ্ৰথম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্রতিষ্ঠাতা কোন ?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ইছলামী মুদ্ৰা আৰু চেক প্ৰথাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেচন কাৰ্ডৰ প্ৰচলন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম প্ৰেমজনিত কাব্যৰচনা নিষিদ্ধ কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ পেঞ্চন আৰু প্ৰতিবন্ধীসকলৰ বাবে ভাট্টা দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ উমাইয়া বংশৰ প্রতিষ্ঠাতা  কোন ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ আববাচীয়া বংশৰ প্রতিষ্ঠাতা  কোন ?

উঃ আবু আববাছ আছছাহফ্ফাহ (৭৫০-১২৫৮ খ্ৰীঃ)।

প্ৰঃ সৰ্বপ্ৰথম ৰেজিষ্ট্ৰি আইনৰ প্ৰচলন কৰে কোনে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম আঙুৰ বাগান তৈয়াৰ কৰে কোনে ?

উঃ হজৰত নূহ (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম পৃথিৱীত কোন ফলৰ গছ জন্মিছিল ?

উঃ খেজুৰ গছ।

প্ৰঃ কোন নবী সৰ্বপ্ৰথম চাবোন  তৈয়াৰ কৰে ?

উঃ হজৰত ছালেহ (আঃ)।

প্ৰঃ কোন ৰজাই সৰ্বপ্ৰথম নিজকে প্ৰভু বুলি দাবী কৰিছিল ?

উঃ বাদশা নমৰুদ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম ডাক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে কোনে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ বিশ্বত সৰ্বপ্ৰথম হাস্পাতাল নিৰ্মাণ কৰে কোনে ?

উঃ খলিফা হাৰুণ অল ৰাশিদ।

প্ৰঃ মুছলমানসকলে পৃথিৱীত সৰ্বপ্ৰথম ক’ত বিশ্ববিদ্যালয় স্থাপন কৰে ?

উঃ কৰ্ডোভাত।

প্ৰঃ মুছলমান জগতৰ সৰ্বপ্ৰথম ইতিহাসবিদ কোন ?

উঃ ইবনে খালদুন।

প্ৰঃ ভূগোল শাস্ত্ৰৰ জনক কোন ?

উঃ আবু আব্দুল্লাহ ইয়াকুব।

প্ৰঃ সমাজ বিজ্ঞানৰ  জনক কোন ?

উঃ ইবনে খালদুন।

প্ৰঃ মুছলমান জগতৰ শ্রেষ্ঠ দাৰ্শনিক কোন ?

উঃ আল কিনদি।

প্ৰঃ ৰাষ্ট্ৰ বিজ্ঞানৰ জনক কোন ?

উঃ আল মাৱাৰ্দী।

প্ৰঃ কোন ঐতিহাসিকবিদক আৰবৰ ‘হেৰোডটাছ’ বুলি কোৱা হয় ?

উঃ আল মাছউদীক।

প্ৰঃ সৰ্বপ্ৰথম জাহাজ নিৰ্মাণৰ কাৰখানা স্থাপন কৰে কোনে ?

উঃ আমিৰ মুৱাবিয়া।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম জেলখানা স্থাপন কৰে কোনে ?

উঃ হজৰত ওমৰ  (ৰাঃ)।

প্ৰঃ পৃথিৱীৰ কোন সেনাপতিৰ কোনো যুদ্ধতেই পৰাজয় হোৱা নাছিল ?

উঃ খালিদ বিন ওৱালিদ (ৰাঃ)।

প্ৰঃ কোন ব্যক্তিৰ জীৱনত কোনো দিন স্বপ্নদোষ হোৱা নাছিল ?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম সামুদ্ৰিক যুদ্ধ জাহাজ কোনে নিৰ্মাণ কৰে ?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ কোন মুছলমান বৈজ্ঞানিক প্ৰথমতে নেবল বঁটা লাভ কৰে ?

উঃ আব্দুছ ছালাম (পাকিস্থান, ১৯৭৯ খ্ৰীঃ)।

প্ৰঃ সাহিত্যত কোনজন মুছলমান সাহিত্যিকে প্ৰথম নেবল বঁটা লাভ কৰে ?

উঃ মিছৰৰ নাজিৰ মাহফুজ।

0 0 0

                                                       

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *