খেল  কুইজ

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ জ্ঞানৰ হাত পুথি

 

সংকলন আৰু সম্পাদনা  

ৰাব্বি মছৰুৰ

 

 

গ্ৰুহিলচ্  পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

……………………………………………………………………………………………………………

 

Khel   Quiz / Krida Quiz / Sports Quiz (A Hand Book of General Knowledge For Students.

 

First Edition 2019

 

 

Published by Growhills Publishing

www.growhillsnet.com

Email: growhillsngo@gmail.com

 

All rights reserved with the Publisher

 

 

 

Price: Rs.  ………………./-

 

 

D.T.P. by Growhills D. T. P Operators.

…………………………………………………………………………….

বৰ্তমানৰ এই  প্ৰতিযোগিতামূলক যুগত সাধাৰণ জ্ঞানৰ পুথিৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি গ্রোহিলচ্¸ লিখক সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ বিভিন্ন বিষয়ৰ ওপৰত এলানি সাধাৰণ জ্ঞানৰ পুথি প্ৰণয়ন কৰিবলৈ এক সাহসী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ এক উদ্যম হিচাপে  আমি ‘খেল কুইজ’ (ক্ৰীড়া কুইজ) নামৰ সাধাৰণ জ্ঞানৰ পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ। পুথিখনত সৰ্বাধুনিক নিখুঁত  তথ্য সন্নিবিষ্ট কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমি আশাবাদী যে  আমাৰ অন্যান্য পুথিসমূহৰ দৰে আমাৰ এই আঁচনিৰ ‘খেল কুইজ’খনে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠক  সমাজৰ উষ্ণ সমাদৰ লাভ কৰিব। 

শেষত মূল্যবান শস্য পথাৰত অলাগতিয়াল ঘাঁহ-বন থকাৰ দৰে আমাৰ এই আঁচনিতো কিবা ভুল-ভ্ৰান্তি থাকিব পাৰে। কোনো  শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদসকলে আমাৰ ভূল-ত্রুটিবোৰ আঙুলিয়াই দি দিহা পৰামৰ্শ আগবঢ়াব বুলি আমি আশাবাদী।ইতি,

ৰাব্বি মছৰুৰ

কমলপুৰ, বৰেপটা 

২০১৯   

……………………………………………………………………………………….

সূচীপত্ৰ

 

অধ্যায় বিষয় 

১ ফুটবল

২ ভলীবল

৩ ক্ৰিকেট 

৪ বেডমিন্টন 

৫ হকী 

৬ গলফ্

৭ দবা 

৮ হেণ্ডবল 

৯ নিছ আৰু টেবুল টেনিছ

১০ মল্লযুদ্ধ

১১ আৰ্চাৰী

১২ বাস্কেটবল

১৩ বক্সিং

১৪ কাবাদী

১৬ নৌকাচালনা

১৭ জিমনাষ্টিকছ্

১৮ সাঁতোৰ

১৯ ভাৰোত্তলন 

২০ শ্বুটিং

২১ মটৰ কাৰ ৰেচিং

২২ সমৰ কলা

২৩ আইচ হকী

২৪ পল’ আৰু ৱাটাৰ পল’

২৬ বিবিধ ক্ৰীড়া কুইজ

২৬ বিবিধ ক্ৰীড়া কুইজ

২৭ অলিম্পিক গেমচ 

২৮ এছিয়ান গেমচ 

 

………………………………………………………………………………………….

অধ্যায়- ১

ফুটবল

প্ৰঃ বিশ্বত কোনবিধ খেল আটাইতকৈ বেছি খেলোৱা হয় ?

উঃ ফুটবল।

প্ৰঃ ‘ফেডাৰেছন অৱ ইন্টাৰনেশ্বনেল ফুটবল এছ’চিয়েশ্বন’ (FIFA) কোন চনত গঠন কৰা হৈছিল ?

উঃ ১৯০৪ চনত।

প্ৰঃ প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেন্টৰ আয়োজক দেশখনৰ নাম কি ?

উঃ উৰুগুৱে।

প্ৰঃ অলিম্পিকত ফুটবল কেতিয়া অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ১৯০০ চনত (পেৰিচ অলিম্পিকত)।

প্ৰঃ বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ পেলে কোন দেশৰ লোক ?

উঃ  ব্রাজিল।

প্ৰঃ জাৰ্মানীত অনুষ্ঠিত ফিফা বিশ্বকাপৰ প্ৰতীক চিহ্নটোৰ নাম কি ?

উঃ ষষ্ঠ গ’লিও।

প্ৰঃ বিশ্বৰ কোনজন ফুটবল খেলুৱৈক ‘কলা মুকুতা’ আখ্যা দিয়া হৈছে ?

উঃ  পেলে।

প্ৰঃ ফুটবল খেলুৱৈ ৰ’নাল্ডো কোন দেশৰ লোক ?

উঃ ব্রাজিল।

প্ৰঃ ফুটবল খেলত কিমানজন অতিৰিক্ত খেলুৱৈ থাকে ?

উঃ ৩ জন।

প্ৰঃ ১৯১৪ চনৰ বিশ্বকাপ ফুটবল কোন দেশত অনুষ্ঠিত হৈছিল ?

উঃ  ব্রাজিল।

প্ৰঃ ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান ?

উঃ ৮ য়াৰ্ড।

প্ৰঃ কোন চনত মহিলাৰ ফুটবল টুৰ্ণামেন্ট অলিম্পিকত অন্তৰ্ভূক্ত হয় ?

উঃ ১৯৯৬ চনত।

প্ৰঃ ফুটবল খেলত প্ৰত্যেকটো দলত পেনাল্টি শ্বুট আউটৰ বাবে কেইটা বল দিয়া হয় ?

উঃ ৬ টা।

প্ৰঃ ভাৰতৰ প্ৰথম ফুটবল টুৰ্ণামেন্টখন কেতিয়া অনুষ্ঠিত হৈছিল ?

উঃ ১৮৮৮ চনত।

প্ৰঃ ভাৰতৰ কোনখন ঠাইক ‘ভাৰতীয় ফুটবলৰ মক্কা’ বুলি কোৱা হয় ?

উঃ ক’লকাতা।

প্ৰঃ ‘অল ইণ্ডিয়া ফুটবল ফেডাৰেছন’ কোন চনত স্থাপিত হৈছিল ?

উঃ ১৯৩৭ চনত।

প্ৰঃ ১৯৫১ চনত অনুষ্ঠিত প্ৰথম এছিয়াডৰ ফুটবল খেলত কোনখন দেশক ভাৰতে পৰাজিত কৰি সোণৰ পদক লাভ কৰিছিল ?

উঃ ইৰাণ।

প্ৰঃ ফুটবলাৰ জাৰগুণ ক্লিনচমেন কোন দেশৰ লোক ?

উঃ জাৰ্মানী।

প্ৰঃ ফুটবলাৰ ডেভৰ চুকাৰ কোন দেশৰ লোক ?

উঃ ক্ৰোৱেচিয়া।

প্ৰঃ পুৰুষৰ ফুটবল এখনৰ সৰ্বাধিক সময় কিমান ?

উঃ ৯০ মিনিট।

প্ৰঃ ফুটবলাৰ বেবেটো  কোন দেশৰ লোক ?

উঃ ব্রাজিল।

প্ৰঃ ‘অটো গ’ল’ মানে কি ?

উঃ আত্মঘাতী গ’ল।

প্ৰঃ গোস্থা বিশ্বকাপ ২০০৬ ত কোনখন দেশে ফ্রান্সক হৰুৱাই চেম্পিয়ন হৈছিল ?

উঃ ইটালী। 

প্ৰঃ  ভাৰতৰ প্ৰথম ফুটবল লীগ কোনখন ?

উঃ ফিলিপচ্ নেচনেল ফুটবল লীগ।

প্ৰঃ  অলিম্পিকত হেটট্ৰিক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় ফুটবল খেলুৱৈজনৰ নাম কি ?

উঃ নেভিলি ডিচুউজা।

প্ৰঃ  কোন চনত ভাৰতে অলিম্পিক ফুটবল খেলত আত্মপ্ৰকাশ কৰে ?

উঃ ১৯৪৮  (লণ্ডন)।

প্ৰঃ  বাৰ্চিলোনা ফুটবল ক্লাৱ কোন দেশত ?

উঃ স্পেইন।

প্ৰঃ  লিভাৰপুল ফুটবল ক্লাৱ কোন দেশত ?

উঃ ইংলণ্ডত।

প্ৰঃ  মানচেষ্টাৰ ইউনাইটেড কোন দেশত ?

উঃ ইংলণ্ডত।

প্ৰঃ কোনজন ফুটবলাৰক ‘ষ্টেটেডিয়ামৰ দেৱতা’ বুলি জনা যায় ?

উঃ পেলে (ব্রাজিল)।

প্ৰঃ অন্তিমখন ফুটবল খেলত পেলেই কোনখন দেশক প্ৰতিনিধিত্ব কৰিছিল ?

উঃ প্ৰথমাৰ্ধত নিউয়ৰ্ক কছমছৰ হৈ আৰু দ্বিতীয়াৰ্ধত চেণ্টুছৰ হৈ খেলিছিল।

প্ৰঃ  মোহনবাগান ফুটবল  ক্লাৱ ক’ত অৱস্থিত ?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ  ‘মহমেদান স্পৰ্টিং ক্লাৱ’ ক’ত অৱস্থিত ?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ  ‘ইষ্ট বেংগল ফুটবল ক্লাৱ’ ক’ত অৱস্থিত ?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ  আন্তৰ্জাতিক প্ৰতিযোগিতাত ‘সোণালী গ’ল’ কৰা প্ৰথমজন ফুটবলাৰজনৰ নাম কি ?

উঃ অলিভাৰ বিয়েৰহ’ফ।

প্ৰঃ  বিশ্বৰ প্ৰাচীনতম ফুটবল টুৰ্ণামেণ্টখনৰ নাম কি ?

উঃ এফ. এ. কাপ।

প্ৰঃ পেলেৰ জাৰ্চি নম্বৰ কিমান আছিল ?

উঃ দহ।

প্ৰঃ  ‘গাজা’ নামেৰে বিখ্যাত ফুটবল খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ পল গেছ্কইগনে।

প্ৰঃ কোন তিনিজন ফুটবল খেলুৱৈয়ে খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে বিশ্বকাপত বিজয় সাব্যস্ত কৰিছিল ?

উঃ মেৰিও জাগালো, মিগুৱেল মাইকেল আৰু ফেঞ্জ বেকেনেবয়াৰ।

প্ৰঃ  বিশ্বকাপ ফুটবল খেলৰ ফাইনেলত প্ৰথম গ’লটো কোনে কৰিছিল ?

উঃ লুচিয়েন লৰেণ্ট (ফ্রান্স)।

প্ৰঃ  ১৯৫৮ চনৰ ষষ্ঠ বিশ্বকাপ ফুটবলত এজন খেলুৱৈয়ে এখন খেলত সর্বোচ্চ ১৩ গ’ল কৰিছিল। এই খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ জাষ্ট ফণ্টেইন।

প্ৰঃ  কেতিয়াৰ পৰা বিশ্বকাপ ফুটবলত প্ৰতীক চিন ব্যৱহাৰ কৰা হয় ?

উঃ ১৯৬৬ চনৰ পৰা।

প্ৰঃ  ১৯৩০ চনত অনুষ্ঠিত প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেণ্টত কিমানখন দেশে ভাগ লৈছিল ?

উঃ ১৩ খন।

প্ৰঃ আন্তৰ্জাতিক ফুটবল খেল অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট খেলপথাৰখনৰ আকাৰ কিমান হ’ব লাগে ?

উঃ দীঘে সৰ্বনিম্ন ৯০ মিটাৰ, সর্বোচ্চ  ১২০ মিটাৰ আৰু প্ৰস্থ সৰ্বনিম্ন ৪৫ মিটাৰ, সর্বোচ্চ ৯০ মিটাৰ।

প্ৰঃ  কোন চনত ফুটবলৰ নিয়মাৱলী প্ৰস্তুত কৰা হয় ?

উঃ ১৮৬২ চনত।

প্ৰঃ  ফুটবল খেলত ‘Battle of Berne’ দুখন নিৰ্দিষ্ট দেশৰ মাজত হোৱা প্ৰতিযোগিতা এখনক  বুজায়। দেশ দুখনৰ নাম কি ?

উঃ ব্রাজিল আৰু হাংগেৰী।

প্ৰঃ আজিলৈকে অনুষ্ঠিত বিশ্বকাপ ফুটবল চেম্পিয়নশ্বিপত জ্যেষ্ঠতম গ’লৰক্ষকজনৰ নাম কি ?

উঃ পিটাৰ শ্বিলটন (ইংলণ্ড)।

প্ৰঃ  বিশ্বকাপ ফুটবল ইতিহাসত জ্যেষ্ঠতম গ’ল স্ক’ৰাৰজনৰ নাম কি ?

উঃ ৰজাৰ মিল্লা (কেমেৰুণ)।

প্ৰঃ  কোনখন লেটিন আমেৰিকীয় দেশৰ ৰাষ্ট্ৰীয় ফুটবল দলে পৰম্পৰাগতভাৱে হালধীয়া আৰু সেউজীয়া বৰণৰ জাৰ্চি পৰিধান কৰে ?

উঃ ব্রাজিল।

প্ৰঃ  জাৰ্মান খেলুৱৈ বেকেনব’ৰৰ উপনাম কি ?

উঃ ডেৰ কাইচাৰ।

প্ৰঃ Blessed: The Autobiography’ কিতাপখন কোনজন খেুলৱৈৰ আত্মজীৱনী ?

উঃ জৰ্জ বেষ্ট।

প্ৰঃ  এজন ব্রাজিলিয়ান ফুটবলাৰৰ উপনাম হ’ল ‘লিটল বাৰ্ড’। তেওঁৰ আচল নাম কি ?

উঃ গেৰিঞ্চা।

প্ৰঃ  ফুটবলৰ মৌলিক নিয়মবোৰ কোনে প্ৰস্তুত কৰিছিল ?

উঃ জে. চি.  থ্ৰিং।

প্ৰঃ  ল’ৰালিকালত পেলেই ফুটবলৰ কোনটো সংস্কৰণ খেলিছিল ?

উঃ পেলাডা।

প্ৰঃ  ২০০৬ চনৰ ফিফা বিশ্বকাপ টুৰ্ণামেন্টত সোণালী জোতা বঁটা পোৱা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ মিৰ’শ্লেভ ক্ল’জ (জাৰ্মানী)।

প্ৰঃ  বিশ্বকাপ ফুটবল খেলত প্ৰথম হেটট্ৰিক অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?

উঃ বােট্ৰণ্ড পেটনউড।

প্ৰঃ  এখন আফ্রিকীয় দেশত সৰ্বাধিক সংখ্যক ফুটবল খেলৰ ষ্টেডিয়াম আছে। দেশখনৰ নাম কি ?

উঃ নাইজেৰিয়া।

প্ৰঃ  কোন দেশৰ ফুটবল দলৰ উপনাম ‘এজুৰি’ ?

উঃ ইটালী।

প্ৰঃ  ১৯৫৮ চনত বিমান দুৰ্ঘটনা ঘটি কোনটো দললৈ বিপৰ্যয় নামি আহিছিল ?

উঃ মানচেষ্টাৰ ইউনাইটেড।

প্ৰঃ  ভাৰতীয় ফুটবল খেলক নিয়ন্ত্ৰণ কৰা ভাৰতৰ সর্বোচ্চ ফুটবল সংস্থাটোৰ নাম কি ?

উঃ অল ইণ্ডিয়া ফুটবল ফেডাৰেছন (AIFF)। 

প্ৰঃ  প্ৰথম আন্তৰ্জাতিক ফুটবল খেলখন কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ?

উঃ ১৮৭২ চনত ইংলণ্ড আৰু স্কটলেণ্ডৰ মাজত।

প্ৰঃ  বিশ্ববিখ্যাত ফুটবলাৰ পেলেই এবাৰ ক’লকতাত খেলিছিল।তেওঁ কোনটো ক্লাৱৰ হৈ খেলিছিল ?

উঃ চি কছমছ।

প্ৰঃ  কোনজন ব্রাজিলিয়ান ফুটবলাৰৰ উপনাম ‘Butcher of Lyon’ ?

উঃ ৰিবাৰ্ট ৰিভে লিন’। 

প্ৰঃ কোন চনত বিশ্বকাপ ফুটবলৰ ট্ৰফীটো চুৰি হৈছিল ?

উঃ  ১৯৬৯ চনত।

প্ৰঃ  বিশ্বকাপ টুৰ্ণামেন্টত ৰঙা  কাৰ্ড দেখুওৱা প্ৰথম খেলুৱৈ কোনজন ?

উঃ কাৰলছ কাৰজেলী (চিলি)। ০ ০ ০

 

অধ্যায়- ২

ভলীবল 

প্ৰঃ  অত্যধিক মাত্ৰাত খেলা খেলৰ তালিকাত কি খেলে দ্বিতীয় স্থান অধিকাৰ কৰি আছে ?

উঃ ভলীবল।

প্ৰঃ আন্তৰ্জাতিক ভলীবল সংস্থা কেতিয়া গঠন কৰা হয় ?

উঃ ১৯৪৭ চনত।

প্ৰঃ ভাৰতৰ ভলীবল ফেডাৰেচন কেতিয়া গঠিত হয় ?

উঃ ১৯৫১ চনত।

প্ৰঃ কোন দেশত ভলীবল খেলৰ উদ্ভাৱন হৈছিল ?

উঃ  আমেৰিকা যুক্তৰাষ্ট্ৰত।

প্ৰঃ কোন চনত ভলীবল অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৬৪ চনত।

প্ৰঃ এটা ভলীবল দলত কিমানজন খেলুৱৈ থাকে ?

উঃ  ৬ জন।

প্ৰঃ প্ৰথম ভলীবল খেল কেতিয়া খেলোৱা হৈছিল ?

উঃ ১৮৯৬ চনৰ ৭ জুলাইত।

প্ৰঃ এখন ভলীবল খেলত কিমানজন বিকল্প খেলুৱৈ থাকে ?

উঃ ৬ জন।

প্ৰঃ পুৰুষৰ বাবে ভলীবল নেটখনৰ উচ্চতা কিমান ?

উঃ  ২.৪৩ মিটাৰ।

প্ৰঃ ছোৱালীৰ বাবে ভলীবলৰ নেটখনৰ উচ্চতা কিমান ?

উঃ ২.২৪ মিটাৰ।

প্ৰঃ এখন ভলীবল ক’ৰ্টৰ আকাৰ কিমান ?

উঃ ১৮ মিটাৰ × ৯ মিটাৰ।

প্ৰঃ ‘ড্ৰিবল’ শব্দটি ভলীবলৰ সৈতে জড়িত হয় নে ?

উঃ নহয়। ০ ০

 

অধ্যায়- ৩

ক্ৰিকেট

প্ৰঃ  কোন দেশত ক্ৰিকেট খেলৰ জন্ম হ ? 

উঃ ইংলণ্ড।

প্ৰঃ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয় ?

উঃ উইল’।

প্ৰঃ এজন বেটচমেনে কেই প্ৰকাৰে আউট হ’ব পাৰে ?

উঃ ১০ প্ৰকাৰে।

প্ৰঃ ক্ৰিকেট পিটছৰ প্ৰস্থ কিমান ?

উঃ  ৩.০৫ মিটাৰ।

প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰ ‘ব্ল্যাক বেডম্যান’  বুলি জনাজাত ?

উঃ  জৰ্জ হেডলি ।

প্ৰঃ টেষ্ট ইনিংচৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন ?

উঃ  ইফৰান পাঠান।

প্ৰঃ অভিষেক টেষ্টখনতে শতৰাণ কৰা প্ৰাক্তন ইংলেণ্ড আৰু আৰ্চেনেল ফুটবলাৰজন কোন ?

উঃ আৰ্থাৰ মিল্টন।

প্ৰঃ বেটিং পক্ষক আম্পায়াৰে ‘অফাৰচ দি লাইট’ কৰা মানে কি ?

উঃ কম পোহৰৰ বাবে খেল খেলাত অসুবিধা হৈছে নেকি সোধে।

প্ৰঃ ওচৰৰ ফিল্ডাৰজনে বলটো ‘কট’ কৰাৰ আগতেই বলটো তেওঁৰ হেলমেটত আঘাত কৰিলে বেটচমেনজন আউট হ’ব নে ?

উঃ  নহয়।

প্ৰঃ যদি খেলুৱৈ এজনে বলটো টুপীৰে ফিল্ডিং কৰে তাৰ ফলাফল কি হ’ব ?

উঃ বেটচমেনজনে পাঁচ ৰাণ পাব।

প্ৰঃ কিমান চনত প্ৰথম মহিলা টেষ্ট মেচ খেলোৱা হৈছিল ?

উঃ ১৯৩৪ চনত।

প্ৰঃ খেলপথাৰত নমাৰ আগতে এজন বেটচমেনে কি কাৰণে আউট হ’ব পাৰে ?

উঃ চেনজিং ৰূমৰ পৰা পিটচলৈ আহোঁতে পাঁচ মিনিটতকৈ অধিক সময় লাগিলে।

প্ৰঃ  বেটচমেনৰ কোবত বল গৈ আম্পায়াৰৰ জেপত সোমালে ফলাফল কি হ’ব ?

উঃ বলটো ‘ডেড বল’ হ’ব।

প্ৰঃ কপিলদেৱৰ অন্তিম নামটো কি ?

উঃ নিখঞ্জ।

প্ৰঃ অষ্ট্ৰেলিয়া আৰু ইংলণ্ডে অংশ গ্ৰহণ কৰা জনপ্ৰিয় টেষ্ট শৃঙ্খলাটোৰ নাম কি ?

উঃ এচেছ শৃঙ্খলা।

প্ৰঃ ইংলণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন ?

উঃ  ৰঞ্জিত সিং।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মাজৰ নামটো কি ?

উঃ  ৰমেশ।

প্ৰঃ ‘কেনিংটন ‘অভেল’ ইংলণ্ডৰ এখন প্ৰসিদ্ধ ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ জনপ্ৰিয় নামটো কি ?

উঃ  অ’ভেল।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰ ‘আইডল’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা ?

উঃ সুনীল গাভাস্কাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত শতক অৰ্জনকাৰী সৰ্বকনিষ্ট ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰাণকাৰী ভাৰতীয় ক্ৰিকেটাৰজন কোন ?

উঃ  অজিত আগাৰকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণকাৰী খেলুৱৈ গৰাকী কোন ?

উঃ চাৰ্লচ বেনাৰমেন (অষ্ট্ৰেলিয়া)।

প্ৰঃ ‘গোল্ডেন ডাক’ মানে কি ?

উঃ প্ৰথম বলতে আউট হোৱা বেটছম্যান মেন।

প্ৰঃ কেনে পৰিস্থিতিত ক্ৰিকেটত এটা বল ‘ৱাইড বল’ হিচাপে বিবেচিত হ’ব পাৰে ?

উঃ বলটো ষ্টাম্পৰ পৰা বহু দূৰেৰে পাৰ হৈ গ’লে।

প্ৰঃ  ভাৰতৰ ক’ত ফিৰোজ ছাহ কোটলা ষ্টেডিয়াম অৱস্থিত ?

উঃ দিল্লী।

প্ৰঃ খেল চলি থকা সময়ত আম্পায়াৰে তেওঁৰ পেটৰ সন্মুখত দুয়োখন হাত জোকাৰি কি বুজায় ?

উঃ ডেড বলৰ সংকেত দিয়ে।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম হেট্ৰিক অৰ্জন কৰা ক্ৰিকেটাৰজনৰ নাম কি ?

উঃ জালালুদ্দিন।

প্ৰঃ টেষ্ট ক্ৰিকেটত অনিল কুম্বলেৰ চিকাৰ হোৱা প্ৰথমজন খেলুৱৈৰ নাম কি ?

উঃ এলান লেম্ব।

প্ৰঃ থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটচমেনৰ নাম কি ?

উঃ  শচীন তেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত ৬০০ টা উইকেট দখলকাৰী প্ৰথমজন অষ্ট্ৰেলিয়ান বলাৰৰ  নাম কি ?

উঃ  শ্বেন ৱাৰ্ণ।

প্ৰঃ টেষ্ট ক্ৰিকেটত ৪০০ টা উইকেট দখলকাৰী প্ৰথমজন ভাৰতীয় বলাৰজন কোন ?

উঃ কপিল দেৱ।

প্ৰঃ ক্ৰিকেটত ‘চাইনামেন’ মানে কি ?

উঃ বাওঁহতীয়া গুগ্লি।

প্ৰঃ শ্ৰীলংকাৰ প্ৰথম টেষ্ট অধিনায়কজনৰ নাম কি ?

উঃ  বান্দুলা ৱাৰ্ণাপুৰ।

প্ৰঃ ভাৰতে কোনখন দেশক পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ অৰ্জন কৰিছিল ?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ প্ৰথম হেলমেট পিন্ধা ক্ৰিকেটাৰজনৰ নাম কি ?

উঃ ডি এমিছ।

প্ৰঃ টেষ্ট মেচত দ্ৰুততম ১০০ টা উইকেট দখলকাৰী বলাৰজনৰ নাম কি ?

উঃ জি ল’হমান।

প্ৰঃ  টেষ্ট মেচত আত্ম প্ৰকাশ কৰা আটাইতকৈ বয়সস্থ খেলুৱৈ গৰাকী কোন ?

উঃ জেমচ চাউদাৰটন (ইংলণ্ড)।

প্ৰঃ কোনজন ক্ৰিকেটাৰৰ উপনাম ‘মাষ্টাৰ ব্লাষ্টাৰ’ ?

উঃ শচীন টেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত ১১,০০০ তকৈ অধিক ৰাণ কৰা প্ৰথম বেট্চমেন গৰাকীৰ নাম কি ?

উঃ এলান ব’ৰ্ডাৰ।

প্ৰঃ মাইকেল বিভানৰ মাজৰ নামটো কি ?

উঃ  গয়েল।

প্ৰঃ ভাৰত আৰু ইংলণ্ড উভয় দেশৰ হৈ ক্ৰিকেট খেলা একমাত্ৰ খেলুৱৈ গৰাকী কোন ?

উঃ  ইফতিখাৰ আলি খান পাটাউদী।

প্ৰঃ কোনখন দেশে ২,০০০ চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল ?

উঃ  বাংলাদেশ।

প্ৰঃ কোনজন খেলুৱৈক ‘এচিয়ান বেডমেন’ বুলি জনা যায় ?

উঃ জাহিৰ আববাছ।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ উপনাম কি ?

উঃ জাম্ব’।

প্ৰঃ প্ৰথমখন সংলগ্ন এদিনীয়া আন্তৰ্জাতিক খেল কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল ?

উঃ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া।

প্ৰঃ  শ্বাৰজাহত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত  হৈছিল ?

উঃ ১৯৮৪ চনত।

প্ৰঃ  অষ্ট্ৰেলিয়াৰ খেলুৱৈ ৰিকী পন্টিংৰ  উপনাম কি ?

উঃ পাণ্টাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমজন ইংৰাজ বলাৰৰ নাম কি ?

উঃ জেমচ এণ্ডাৰছন।

প্ৰঃ  ষ্টেট মেচত কপিল দেৱৰ ৪০০ তম চিকাৰ কোন আছিল ?

উঃ মাৰ্ক টেইলৰ।

প্ৰঃ কোন চনত পাকিস্থানে সৰ্বপ্ৰথম বিশ্বকাপ খিতাপ অৰ্জন কৰিছিল ?

উঃ ১৯৯২ চনত।

প্ৰঃ ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেটত কোনজন ক্ৰিকেটাৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট’ হিচাপে  বিবেচিত হৈছিল ?

উঃ গ্লেন মেকগ্ৰাথ।

প্ৰঃ অধিকবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি ?

উঃ  অষ্ট্ৰেলিয়া।

প্ৰঃ প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেন্টৰ নাম কি আছিল ?

উঃ  প্ৰুডেনছিয়েল কাপ।

প্ৰঃ নাথান এষ্টল নামৰ বিখ্যাত ক্ৰিকেটাৰজন কোন দেশৰ খেলুৱৈ ?

উঃ  নিউজিলেণ্ড।

প্ৰঃ ১৯৯৬ চনত লৰ্ডত অনুষ্ঠিত খেলখনত কোনজন বাওঁহতীয় বেটচমেনে শতক  অৰ্জন কৰিছিল ?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, ‘I had a rubber guard against the chest and a thick pad, that was all’ ?

উঃ ডন ব্রেডমেন।

প্ৰঃ কপিল দেৱৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ  বাই গড্ছ ডিক্ৰী।

প্ৰঃ পাঁচ দিনীয়া মেচৰ টেষ্ট ক্ৰিকেটত পাঁচখন খেলত এটাও ‘বাই ৰাণ’ নিদিয়া একমাত্ৰ উইকেট ৰক্ষকজনৰ নাম কি ?

উঃ মাৰ্ক বাউচাৰ।

প্ৰঃ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ কোনজন ক্ৰিকেটাৰৰ উপনাম ?

উঃ ছোৱাইব আখতাৰ  (পাকিস্থান)।

প্ৰঃ কোনখন ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত সুনীল গাভাস্কাৰে ১০,০০০ তম ৰাণ কৰিছিল ?

উঃ চৰ্দাৰ পেটেল ষ্টেডিয়ামত (আহমেদাবাদ)।

প্ৰঃ  বিভিন্ন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত দুখন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দক্ষিণ আফ্রিকীয় খেলুৱৈজনৰ নাম কি ?

উঃ কেপলাৰ ৱেচেলছ।

প্ৰঃ ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান ?

উঃ ২৮ ইঞ্চি।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্টমেচত সৰ্বাধিক সংখ্যক কেচ ধৰিছে ?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ টেষ্ট মেচত শতৰাণ কৰা প্ৰথম বাংলাদেশী বেটছমেনজনৰ নাম কি ?

উঃ মহম্মদ আশ্ৰাফুল।

প্ৰঃ ১৯৮৩ চনত ভাৰতে ‘প্ৰুডেনছিয়েল বিশ্বকাপ’ জয় কৰাৰ সময়ত ভাৰতীয় দলৰ সহ-অধিনায়ক কোন আছিল ?

উঃ  মহিন্দৰ অমৰনাথ।

প্ৰঃ ১৯৮৩ চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াক পৰাজিত কৰা দেশখনৰ নাম কি ?

উঃ  জিম্বাবুৱে।

প্ৰঃ ১৯৮৩ চনত ভাৰতে পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰিছিল। সেই দলটোৰ অধিনায়ক কোন আছিল ?

উঃ কপিল দেৱ।

প্ৰঃ টেষ্ট মেচত শ্বেণ ৱাৰ্ণৰ ৬০০ তম চিকাৰ হোৱা খেলুৱৈজন কোন আছিল ?

উঃ মাৰ্কাছ ট্রেছক’থিক।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো বল দলিওৱা ভাৰতীয় বলাৰজন কোন ?

উঃ  মদনলাল।

প্ৰঃ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ ‘ৰঞ্জী ট্ৰফী’ কোন চনৰ পৰা আৰম্ভ হয় ?

উঃ ১৯৩৪ চনৰ পৰা।

প্ৰঃ ১৮৫৩ চনত পোন প্ৰথমতে কোনটো বিখ্যাত ক্লাৱে ক্ৰিকেটৰ নিয়মবোৰ সূত্ৰবদ্ধ কৰে ?

উঃ মেৰিলিবোন  ক্ৰিকেট ক্লাৱ।

প্ৰঃ  ভাৰতৰ বিখ্যাত খেলুৱৈ অনিল কুম্বলেই কোনখন ষ্টেডিয়ামত এটা ইনিংছত ১০ টা উইকেট দখল কৰিছিল ?

উঃ ফিৰোজছাহ কোটলা ষ্টেডিয়াম (দিল্লী)।

প্ৰঃ প্ৰথম তিনিওটা টেষ্টমেচত শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈজনৰ নাম কি ?

উঃ মহম্মদ আজাহাৰুদ্দিন।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত কিমানটা উইকেট দখল কৰিছে ?

উঃ ৪৩৪ টা।

প্ৰঃ ডন ব্রিডমেনৰ ‘সপোনপুৰীৰ দল’ত অন্তৰ্ভূক্ত একমাত্ৰ ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ শচীন তেন্ডুলকার ।

প্ৰঃ অন্তিম টেষ্ট ইনিংচৰ আগলৈকে ডন ব্রিডমেনৰ গড় ৰাণ কিমান আছিল ?

উঃ  ১০১.৩৯।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ চেতন শৰ্মাই বিশ্বকাপ ক্ৰিকেটত  কাৰ বিপক্ষে হেট-ট্ৰিক অৰ্জনক ৰিছিল ?

উঃ  নিউজিলেণ্ডৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটৰ বিখ্যাত স্থান ‘ইডেন গাৰ্ডেন’ ক’ত অৱস্থিত ?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ ডন ব্রিডমেনৰ সর্বোচ্চ  ৰাণ ত্ৰিশত ৰাণৰ অনুৰ্দ্ধ কিমান ?

উঃ  ২৯৯ (নট আউট)।

প্ৰঃ ইংলণ্ডৰ বিৰুদ্ধে ১৯২৮ চনত অনুষ্ঠিত  টেষ্ট মেচত ডন ব্রিডমেনে কিমান ৰাণ সংগ্ৰহ কৰিছিল ?

উঃ  ১৯ ৰাণ।

প্ৰঃ মুম্বাইৰ টেষ্ট ক্ৰিকেটৰ ক্ৰীড়াংগনখনৰ নাম কি ?

উঃ ৱাংখেড়ে ষ্টেডিয়াম।

প্ৰঃ মানচেষ্টাৰত অৱস্থিত টেষ্ট ক্ৰিকেটৰ প্ৰধান ক্ৰীড়াংগনখনৰ নাম কি·

উঃ অ’ল্ড ট্রেফৰ্ড।

প্ৰঃ বিশ্বৰ প্ৰচীনতম ক্ৰিকেট ক্লাৱ মেৰিলিবোন  ক্ৰিকেট ক্লাৱ কোন দেশত অৱস্থিত ?

উঃ ইংলণ্ড।

প্ৰঃ  ১৯৭৫ চনত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত কোনটো দলে অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথম বিশ্বকাপ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে ?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ কোন গৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক ১৯৯৬ চনত শিশুৰ কাৰণে UNICEF ৰ জাতীয় ৰাষ্ট্ৰদূত হিচাপে  নিযুক্ত দিয়া হৈছিল ?

উঃ ৰবি শাস্ত্ৰী।

প্ৰঃ এজন প্ৰখ্যাত আম্পায়াৰত পৰিণত হোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ এছ ভেংকট ৰাঘৱন।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলটোৱে কিমান চনত প্ৰথমখন টেষ্ট মেচ খেলিছিল ?

উঃ ১৯৭৬ চনত।

প্ৰঃ কোনখন ষ্টেডিয়ামক ক্ৰিকেটৰ মক্কা বোলে ?

উঃ অ’ল্ড ট্রেফৰ্ড (মানচেষ্টাৰ, ইংলণ্ড)।

প্ৰঃ কোন চনত প্ৰথম ‘বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্ট’ অনুষ্ঠিত হৈছিল ?

উঃ  ১৯৭৫ চনত।

প্ৰঃ ক’ত আৰু কেতিয়া প্ৰথম টেষ্ট মেচ অনুষ্ঠিত  হৈছিল ?

উঃ ১৮৭৭ চন, মেলবৰ্ণ।

প্ৰঃ ২০০৫ চনৰ ১০ ডিচেম্বৰত টেষ্ট মেচত ৩৫ তম শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰে সুনীল গাভাস্কাৰৰ অভিলেখ ভঙ্গ কৰিছিল। তেওঁ  কোন দেশৰ বিৰুদ্ধে খেলি এই অভিলেখ গঢ়ে  ?

উঃ শ্ৰীলংকা।

প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত প্ৰথম শতক অৰ্জনকাৰী বেটছমেনজনৰ নাম কি ?

উঃ  ডেনিছ এমিছ (ইংলণ্ড)।

প্ৰঃ আৰম্ভণিতে এদিনীয়া আন্তৰ্জাতিক খেলত ৬০ অভাৰ খেলোৱা হৈছিল, কিন্তু এখন বিশ্বকাপ  টুৰ্ণামেন্টৰ পৰা ইয়াক ৫০ অভাৰলৈ হ্রাস কৰা হয়। কোনখন বিশ্বকাপৰ পৰা এনে কৰা হয় ?

উঃ ১৯৮৭ বিশ্বকাপ।

প্ৰঃ কোন চনত ভাৰতে টেষ্ট ক্ৰিকেট খেলা দেশৰ মৰ্যদা লাভ কৰে ?

উঃ ১৯৩২ চনত।

প্ৰঃ ক্ৰিকেটত ‘এল. বি. ডব্লিউ’ মানে কি ?

উঃ লেগ বিফ’ৰ উইকেট।

প্ৰঃ কিমান চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড স্থাপন কৰা হৈছিল ?

উঃ ১৯২৭ চনত।

প্ৰঃ মাত্ৰ ৩৭ টা বলতে দ্ৰুততম শতক অৰ্জন কৰা পাকিস্থানী খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ শ্বাহিদ আফ্রিদী।

প্ৰঃ টেষ্ট মেচত প্ৰথম আত্মপ্ৰকাশতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতা-পুত্ৰদ্বয়ৰ নাম কি ?

উঃ  লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ।

প্ৰঃ গ্ৰেগৰি ষ্টিফেন চেপেলৰ জনপ্ৰিয় নাম কি ?

উঃ  গ্ৰেগ চেপেল।

প্ৰঃ অষ্ট্ৰেলিয়াৰ এজন বাওঁহতীয় বেটচমেনৰ নাম কোৱা ?

উঃ  আডাম গিলখ্ৰীষ্ট।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ  ‘ৰঞ্জী ট্ৰফী’ কাৰ কাৰ মাজত খেলোৱা হয় ?

উঃ ৰাজ্যিক দলবোৰৰ মাজত।

প্ৰঃ কোন চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈছিল ?

উঃ ১৯৮২ চনত।

প্ৰঃ ‘Straight from the Heart’ গ্ৰন্থখন কোনজন ক্ৰিকেটাৰে ৰচনা কৰিছিল ?

উঃ কপিল দেৱ।

প্ৰঃ  বিখ্যাত ‘ৰঞ্জী ট্ৰফী’ এজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। তেওঁৰ নাম কি ?

উঃ কে. এছ. ৰঞ্জিত সিং।

প্ৰঃ  পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আসনৰ ব্যৱস্থা থকা ভাৰতৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি ?

উঃ ইডেন গাৰ্ডেন।

প্ৰঃ পৃথিৱীৰ উচ্চতম ক্ৰিকেট খেল পথাৰখন ক’ত অৱস্থিত ?

উঃ চাইল (ভাৰত)।

প্ৰঃ  পোন প্ৰথমে কিমান চনত দূৰদৰ্শনত ক্ৰিকেট টেষ্ট মেচ সম্প্ৰচাৰ কৰা হৈছিল ?

উঃ ১৯৩৮ চনত।

প্ৰঃ সুনীল গাভাস্কৰৰ পূৰ্বৰ চাৰিটা দ্বি-শতকৰ অভিলেখ, পাঁচটা দ্বিশতক অৰ্জন কৰি ভংগ কৰা প্ৰথমজন ভাৰতীয় বেটছমেনৰ নাম কি ?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ  প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত  কৰা হৈছিল ?

উঃ ১৯৭৯ চনত।

প্ৰঃ জীৱনৰ শেষখন টেষ্ট ইনিংছত চাৰ ডনাল্ড ব্রিডমেনে কিমান ৰাণ কৰিছিল ?

উঃ  শূন্য ৰাণ।

প্ৰঃ ICC ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?

উঃ  ডুবাই।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত প্ৰথম উইকেট দখল কৰা ক্ৰিকেটাৰ গৰাকী কোন ?

উঃ  জেফ থমছন।

প্ৰঃ ‘মে বনুংগী মিছ ইণ্ডিয়া’ নামৰ টি. ভি ধাৰাবাহিকখনত অতিথি শিল্পীৰূপে ভূমুকি মৰা ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ অনিল কুম্বলে।

প্ৰঃ ‘ৰেষ্ট ডে’ নামৰ মিউজিক এলবামৰ সৈতে জড়িত ভাৰতীয় ক্ৰিকেটাৰজনৰ নাম কি ?·

উঃ সঞ্জয় মনজ্ৰেকাৰ।

প্ৰঃ ক্ৰিকেট বলটোৰ ওজন কিমান ?

উঃ  ৫.৭৫ অ’জ।

প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, ‘মোৰ এজন বাছ ড্ৰাইভাৰ হোৱাৰহে হাবিয়াস আছিল, কিবা পাকচক্ৰৰ বাবেহে ক্ৰিকেট জগতলৈ প্ৰৱেশ ঘটিল ?’

উঃ কপিল দেৱ।

প্ৰঃ বিদেশত প্ৰথম টেষ্ট শৃঙ্খলা জয়ী হোৱা ভাৰতীয় দলটোৰ অধিনায়ক কোন আছিল ?

উঃ মনচুৰ আলি খান পাটাউদী।

প্ৰঃ সুনীল গাভাস্কাৰে এদিনীয়া আন্তৰ্জাতিক খেলত কিমানটা শতক অৰ্জন কৰিছিল ?

উঃ এটা।

প্ৰঃ  কোনজন ভাৰতীয় ক্ৰিকেটাৰক মুলতানত অনুষ্ঠিত এক টেষ্ট ইনিংছত উল্লেখনীয় ৩০৯ ৰাণ সংগ্ৰহ কৰা বাবে ‘চুলতান অব মুলতান’ ৰূপে জনা যায় ?

উঃ বীৰেন্দ্ৰ সেহৱাগ।

প্ৰঃ ‘ওৱান ম’ৰ অভাৰ’ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনী ?

উঃ ই. এ. এছ. প্ৰসন্ন।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক খেলত সর্বোচ্চ  যুটীয়া ৰাণ হ’ল ৩৩১।  এই অভিলেখ গঢ়া খেলুৱৈ দুগৰাকীৰ নাম কি ?

উঃ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰ।

প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘দ্য ডন’ বুলি কোৱা হয় ?

উঃ  চাৰ ডন ব্রিডমেন।

প্ৰঃ  ক্ৰিকেটত ‘ডাক’ য়ে কি বুজায় ?

উঃ  শূন্য ৰাণ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈগৰাকীৰ  নাম কি ?

উঃ  জন এড্ৰিক।

প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘গুগলি বলিং’ ষ্টাইলৰ উদ্ভাৱক বুলি কোৱা হয় ?

উঃ বি বচানকুৱেট।

প্ৰঃ চাৰ ডন ব্রিডমেন কোন দেশৰ লোক আছিল ?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ ‘গ্ৰেগি পইন্ট’ ৰ দ্বাৰা ক্ৰিকেটৰ কোনটো ফিল্ডিং অৱস্থানক বুজোৱা হয় ?

উঃ  চিলি পইন্ট।

প্ৰঃ প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনৰ নাম কি ?

উঃ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (অষ্ট্ৰেলিয়া)।

প্ৰঃ টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ডন ব্রিডমেনে সর্বোচ্চ বেটিং গড়ৰ সন্মান অৰ্জন কৰিছে। তেওঁৰ টেষ্ট মেচত গড় ৰাণ কিমান আছিল ?

উঃ ৯৯.৯৪।

প্ৰঃ টেষ্টমেচ খেলাৰ বাবে যোগ্যতা সম্পন্ন আটাইবোৰ দেশৰ ভূমিকাত তেওঁলোকৰ বিপক্ষে খেলি শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটচমেন কোন ?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ  এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ক্ৰিকেটাৰ কোন ?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ কোনজন ক্ৰিকেটাৰে ‘Bonaventure of a Flashing Blade’ নামৰ গ্ৰন্থখন ৰচনা কৰিছে ?

উঃ ছাৰ গাফিল্ড চ’বাৰ্ছ।

প্ৰঃ কোনজন ফাষ্ট বলাৰক ‘হুইচপাৰিং ডেথ’ বোলা হয় ?

উঃ মাইকেল হল্ডিং।

প্ৰঃ টাইগাৰ ছদ্ম নামেৰে পৰিচিতি লাভ কৰা ক্ৰিকেটাৰ গৰাকীৰ নাম উল্লেখ কৰা যাৰ পত্নী, পুত্ৰ আৰু কন্যা বলিউডৰ সৈতে জড়িত ?

উঃ  মনচুৰ আলি খান পাটাউদী।

প্ৰঃ টেষ্ট ক্ৰিকেটত ত্ৰি-শতৰাণকাৰী ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ  এণ্ডি ছান্ধাম।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত প্ৰথম ‘মেন অব দ্যা মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ  ডেনিছ এমিছ।

প্ৰঃ ‘Heroes and Contemporaries’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?

উঃ ডেভিদ গ’ৱেৰ।

প্ৰঃ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনীখনৰ নাম’ Cricket Through the Covers’ ?

উঃ টম গ্ৰেভনি।

প্ৰঃ পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি ?

উঃ  মেলবৰ্ণ (অষ্ট্ৰেলিয়া)।

প্ৰঃ কোন চনত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত  হৈছিল ?

উঃ ১৯৭১  চনত।

প্ৰঃ কপিলদেৱে কাৰ অভিলেখ ভংগ কৰি টেষ্ট মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অভিলেখ গঢ়ে  ?

উঃ ৰিচাৰ্ড হেডলি ।

প্ৰঃ জ্যেষ্ঠতম টেষ্ট খেলুৱৈজনৰ নাম কি ?

উঃ জে ছাউদাৰটন।

প্ৰঃ  বৰ্তমানলৈ অনুষ্ঠিত দীৰ্ঘতম টেষ্ট মেচ কোনখন ?

উঃ ১৯৩৯ চনত ইংলণ্ড আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত পঞ্চমখন টেষ্টমেচ। ই ১২ দিন চলিছিল।

প্ৰঃ এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে ১৭৭ টা প্ৰথম শ্ৰেণীৰ শতক সংগ্ৰহ কৰিছিল। তেওঁৰ নাম কি ?

উঃ ছাৰ ডন ব্রিডমেন।

প্ৰঃ ২৫ জুন তাৰিখটো দুটা কাৰণত ভাৰতৰ ক্ৰিকেট ইতিহাসত তাৎপৰ্যপূৰ্ণ। ইয়াৰ কাৰণ কি ?

উঃ ১৯৩২ চনৰ ২৫ জুনত ভাৰতে লৰ্ডচত প্ৰথমবাৰৰ বাবে  টেষ্ট মেচ খেলিছিল। আকৌ ১৯৮৩ চনৰ ২৫ জুনত ভাৰতে তৃতীয় বিশ্বকাপত বিজয় সাব্যস্ত কৰিছিল।

প্ৰঃ ভাৰতৰ দ্বিতীয় প্ৰাচীনতম ক্ৰিকেট ক্লাৱটোৰ নাম কি ?

উঃ কলিকতা ক্ৰিকেট ক্লাৱ।

প্ৰঃ ক্ৰিকেট আম্পায়াৰৰ বাবে সর্বোচ্চ বয়স সীমা কিমান ?

উঃ ৫৫ বছৰ।

প্ৰঃ ‘দি ডেমন’ নামেৰে সুপৰিচিত অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰজনৰ নাম কি ?

উঃ  ফ্রেড স্প’ফ’ট।

প্ৰঃ কোনজন ক্ৰিকেটাৰ ‘Croucher’ উপনামেৰে পৰিচিত ?

উঃ গিলবাৰ্ট যচ’প।

প্ৰঃ ‘Cricket, My Way’ গ্ৰন্থখনৰ লিখক কোন ?

উঃ ইয়ান ব’থাসম।

প্ৰঃ ‘Sobers, Twenty Years at the Top’ কিতাপখন কোনজন ক্ৰিকেটাৰৰ ৰচনা ?

উঃ  গেৰী চেবাৰ্ছ (ৱেষ্ট ইণ্ডিজ)।

প্ৰঃ The Art of Cricket’ কিতাপখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছিল ?

উঃ ছাৰ ডন ব্রিডমেন।

প্ৰঃ ‘My Life and Other Funny Stories’ গ্ৰন্থখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছল ?

উঃ মাৰ্ভ হুগ্ছ।

প্ৰঃ ‘Cricket’ কিতাপখন কোনজন ক্ৰিকেটাৰে লিখিছিল ?

উঃ টনী গ্ৰেগ।

প্ৰঃ আত্মপ্ৰকাশ টেষ্ট মেচত এজন ভাৰতীয় ক্ৰিকেটাৰে ষোল্লটা উইকেট সংগ্ৰহ কৰিছিল· তেওঁৰ নাম কি ?

উঃ নৰেন্দ্ৰ হিৰৱানি।

প্ৰঃ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছক তেওঁৰ সতীৰ্থসকলে এক উপনামেৰে মাতে। উপনামটো কি ?

উঃ স্ম’কিংজ’।

প্ৰঃ ক্ৰিকেটৰ ছয়খন বিশ্বকাপ টুৰ্ণামেন্টত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈ গৰাকীৰ নাম কি ? 

উঃ জােভদ মিয়াঁদাদ।

প্ৰঃ দক্ষিণ আফ্রিকাৰ ক্ৰিকেটাৰ এলান ড’নাল্ডৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ White Lighting.

প্ৰঃ বিখ্যাত ক্ৰিকেটাৰ ডেনিয়েলৰ জনপ্ৰিয় উপনাম কি ?

উঃ  ব্ল্যাক ডায়মণ্ড।

প্ৰঃ ভিভিয়ান ৰিচাৰ্ডছৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ Hitting Across the Line.

প্ৰঃ ক্ৰিকেটৰ ইতিহাসত কনিষ্ঠতম অধিনায়কজন কোন ?

উঃ টাটেণ্ডা টাইবু (২০ বছৰ, ৩৫৮ দিন)।

প্ৰঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ  নবজিত  সিং সিদ্ধুৰ উপনাম কি ?

উঃ শ্বেৰী।

প্ৰঃ ১৯৯৭ চনত সৌৰভ গাংগুলীয়ে এখন ক্ৰিকেট টুৰ্ণামেন্টত চাৰিখন মেচত একেৰাহে চাৰিবাৰকৈ ‘মেন অব দ্য মেচ’ খিতাপ লাভ কৰিছিল। টুৰ্ণামেন্টখনৰ নাম কি ?

উঃ চাহাৰা কাপ।

প্ৰঃ  ‘জু লু’ হ’ল  দক্ষিণ আফ্রিকাৰ এজন ক্ৰিকেটাৰৰ উপনাম। তেওঁৰ আচল নাম কি ?

উঃ লেন্স ক্লুজনাৰ।

প্ৰঃ  ১৯৯৬ চনত বিশ্বকাপত এজন ভাৰতীয় ক্ৰিকেটাৰে পাকিস্থানৰ বিপক্ষে এক অভাৰত ২২ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ কোন আছিল ?

উঃ অজয় জাদেজা।

প্ৰঃ ‘বিগ কেট’ ৱেষ্ট ইণ্ডিজৰ এজন প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ উপনাম। তেওঁৰ আচল নাম কি ?

উঃ ক্লাইভ লয়ড।

প্ৰঃ  কোন তাৰিখৰ পৰা মেলবৰ্ণত পৰম্পৰাগতভাৱে টেষ্ট মেচ খেলা আৰম্ভ হয় ?

উঃ ২৬ ডিচেম্বৰ (বক্সিং দিৱস)।

প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত ধাৰাবাহিকভাৱে দুটা শতক অৰ্জন কৰা একমাত্ৰ  ভাৰতীয় খেলুৱৈজনৰ নাম কি ?

উঃ  ৰাহুল দ্ৰাবিড়।

প্ৰঃ ২০০৭ চনৰ বিশ্বকাপ টুৰ্ণামেন্টত এখন দেশে বাৰ্মুডাৰ বিপক্ষে সৰ্বাধিক ৪১২ ৰাণ সংগ্ৰহ কৰে। দেশখনৰ নাম কি ?

উঃ ভাৰত।

প্ৰঃ ক্ৰিকেটৰ কিমান ৰাণ সংখ্যাক ‘নেলচন’ বুলি জনা যায় ?

উঃ  ১১১ ৰাণ।

প্ৰঃ সুুনীল গাভাস্কাৰে আত্মপ্ৰকাশ কৰা টেষ্ট মেচখন কোন দেশৰ বিৰুদ্ধে খেলিছিল ?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ টেষ্ট ক্ৰিকেট ইতিহাসত দুখন’‘টাই’ টেষ্টত জড়িত একমাত্ৰ দেশখন কি ?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ ১৯৯০ চনৰ উইলচ বিশ্বকাপৰ প্লেয়াৰসকলৰ সাধাৰণ প্ৰথম নামটো কি আছিল ?

উঃ ষ্টিভ।

প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰে শিশুৰ দৰে ষ্টাম্পৰে এটা গলফ বল কোবাই ষ্টোক অনুশীলন  কৰিছিল ?

উঃ ছাৰ ডন ব্রিডমেন।

প্ৰঃ যোগ্যতা থকা সত্বেও ভাৰতীয় খেলুৱৈ যুৱৰাজ সিঙে প’ল’ খেলত অংশ গ্ৰহণ কৰিব নোৱাৰে কিয় ?

উঃ  কাৰণ যুৱৰাজ সিঙ বাওঁহতীয়া খেলুলৈ। বাওঁহতীয় লোকে প’ল’ খেলাটো অবৈধ।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ চৈয়দ কিৰমানিয়ে এখন হিন্দী ছবিত মুখ্য খলনায়কৰ ভূমিকাত অভিনয় কৰিছিল। ছবিখনৰ নাম কি ?

উঃ কভি অজনবী থে।

প্ৰঃ অষ্ট্ৰেলিয়ান ফাষ্ট বলাৰ গ্লেন মেকগ্ৰাথৰ উপনাম কি ?

উঃ পিজন।

প্ৰঃ কে. এছ. ৰঞ্জিত সিং ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এটা জনপ্ৰিয় নাম। তেওঁৰ প্ৰকৃত নাম কি ?

উঃ নোৱানগৰৰ মহাৰাজা জাম চাহিব।

প্ৰঃ ভায়েকৰ সৈতে ‘স্কৰাইট’ নামৰ ক্ৰিকেট ছফটৱেৰটোৰ বিকাশ সাধন কৰা ভাৰতীয় ক্ৰিকেটাৰজনৰ নাম কি ?

উঃ অনিল কুম্বলে।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত অধিনায়কত্বৰ বাবে ‘মেন অব দি মেচ’ খিতাপ অৰ্জনকাৰী প্ৰথমজন ক্ৰিকেটাৰৰ নাম কি ?

উঃ বব উহলচ।

প্ৰঃ ভাৰতৰ হৈ প্ৰথম টেষ্ট উইকেট দখলকাৰী ক্ৰিকেটাৰ গৰাকী কোন ?

উঃ মহম্মদ নিছাৰ।

প্ৰঃ যদি এজন ক্ৰিকেট আম্পায়াৰে বাৰে বাৰে এখন কান্ধত থপৰিয়াই তেন্তে তেওঁ ইয়াৰ দ্বাৰা কি বুজায় ?

উঃ বেটিং পক্ষক পাঁচ ৰাণ দিয়া বুজায়।

প্ৰঃ ফিল্ডাৰ হিচাপে সৰ্বাধিক ‘কেচ’ ধৰাৰ অভিলেখ মাৰ্ক টেইলৰৰ নামত আছে। টেষ্ট নে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ এই  অভিলেখ গঢ়িছে ?

উঃ  টেষ্ট ক্ৰিকেট।

প্ৰঃ ১১১ ৰাণৰ স্ক’ৰৰ সৈতে জড়িত অন্ধবিশ্বাসটো কি ?

উঃ  সাধাৰণতে ১১১সংখ্যাটোৱে বেল নোহোৱা ষ্টাম্প তিনিডালক সূচায় বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ বেটচমেনজন আউট হোৱা বুলি বুজোৱা হয়। সেয়ে এই ৰাণ সংখ্যাটো দুৰ্ভাগ্যজনক বুলি অন্ধবিশ্বাস আছে।

প্ৰঃ  ধাৰাবাহিকভাৱে বিশ্বকাপ ক্ৰিকেট ফাইনালত পৰাভূত হোৱা একমাত্ৰ দেশখনৰ নাম কি ?

উঃ ইংলণ্ড।

প্ৰঃ ১৯৩৩-৩৪ চনত প্ৰথমবাৰ ভাৰত ভ্ৰমণ কৰা ইংলেণ্ড দলটোক নেতৃত্ব প্ৰদান কৰা বিখ্যাত ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ ডগ’লাছ জাৰডাইন।

প্ৰঃ ১৯৫২ চনত অনুষ্ঠিত এখন টেষ্ট মেচত এদিনতে দুবাৰকৈ কেৱল ৫২ আৰু ৮২ ৰাণতে সমগ্ৰ ভাৰতীয় ক্ৰিকেট দলটোক অব্যাহতি দিয়া দেশখনৰ নাম কি ?

উঃ  ইংলণ্ড।

প্ৰঃ ডাৰেণ গ’ফৰ আত্মজীৱনীখনৰ নাম কি ?

উঃ  ডেজলাৰ: দি অট’বাইঅ’গ্ৰাফী।

প্ৰঃ ২০০৩ চনৰ বিশ্বকাপ ক্ৰিকেটত আটাইতকৈ বেগী বলিং কোনে কৰিছিল ?

উঃ ছোৱাইব আখটাৰ (পাকিস্থান)।

প্ৰঃ  শচীন তেণ্ডুকাৰৰ সৈতে আত্মপ্ৰকাশ কৰা পাকিস্থানৰ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ ৱাকাৰ ইউনিছ।

প্ৰঃ জােভদ মিয়াঁদাদ আৰু গৰ্ডন গ্ৰীণিজৰ ক্ৰিকেট কেৰিয়াৰৰ মাজত থকা অনন্য সাদৃশ্যটো কি ?

উঃ দুয়োজন খেলুৱৈয়ে আত্মপ্ৰকাশক খেলখনত আৰু শততম টেষ্ট মেচত ১০০ ৰাণ সংগ্ৰহ কৰিছিল ?

প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত (টেষ্ট মেচ আৰু এদিনীয়া) ২৮,০০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈৰ নাম কি ?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেট খেলৰ ফাইনেলত ‘মেন অব দি মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ আডাম গীলখ্ৰীষ্ট (অষ্ট্ৰেলিয়া)।

প্ৰঃ ১৯৯৬ চনত টেষ্ট ইনিংছ এটাত জিম্বাবুৱেৰ বিপক্ষে ১২ টা ছয় কোবোৱা পাকিস্থানী ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ ৱাচিম আক্ৰাম।

প্ৰঃ আমিৰ ইলাহি, এ. এইচ. কাৰডাৰ আৰু গুল মহম্মদৰ মাজত থকা অনন্য সাদৃশ্যটো কি ?

উঃ  এই তিনিওজন ক্ৰিকেটাৰে ভাৰত আৰু পাকিস্থান উভয়ৰে হৈ টেষ্ট ক্ৰিকেটত প্ৰতিনিধিত্ব কৰিছিল।

প্ৰঃ সুনীল গাভাস্কাৰৰ পুতেকৰ নামটোত কোন তিনিজন ক্ৰিকেটাৰৰ নাম সন্নিবিষ্ট হৈ আছে ?

উঃ ৰোহন কানহাই, এম. এল. জয় সিমহা আৰু জি আৰ বিশ্বনাথ। পুতেকৰ নাম: ৰোহন জয় বিশ্ব গাভাস্কাৰ।

প্ৰঃ পোহৰৰ পৰিৱেশত সীমিত অভাৰৰ অন্তৰ্জাতিক ক্ৰিকেটত মেচ অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় চহৰখনৰ নাম কি ?

উঃ  দিল্লী।

প্ৰঃ কোন চনত ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্সৰ নামটো ইন্টাৰনেচনেল ক্ৰিকেট কনফাৰেন্সলৈ সলনি হয় ? (বৰ্তমান ইয়াক ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল হিচাপে  জনা যায়) ?

উঃ  ১৯৬৫ চনত।

প্ৰঃ কোন চনৰ পৰা মহিলা বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয় ?

উঃ ১৯৭৩ চনত।

প্ৰঃ মন্থৰতম টেষ্ট শতক অৰ্জনেৰে কোনজন ক্ৰিকেটাৰে অভিলেখ গঢ়িছে ?

উঃ মুদাছাৰ নাজাৰ।

প্ৰঃ ইংৰাজ ক্ৰিকেটাৰ এলান লেম্বে কোনজন ভাৰতীয় ক্ৰিকেটাৰক ‘এপ’ল ক্ৰাম্ব’ল’ উপনাম দিছিল ?

উঃ অনিল কুম্বলে।

প্ৰঃ অন্তিমখন খেল এচেছ টেষ্ট শৃঙ্খলাত ডন ব্রিডমেনৰ উইকেট দখলকাৰী বলাৰ গৰাকীৰ নাম কি ?

উঃ এৰিক হলিজ।

প্ৰঃ আত্মপ্ৰকাশক টেষ্টত ষোল্লটা উইকেট দখল কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীৰ নাম কি ?

উঃ বব মাছি।

প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত চাৰিটা হেট-ট্ৰিক (এদিনীয়া আন্তৰ্জাতিক আৰু টেষ্ট ক্ৰিকেটত প্ৰত্যেকতে দুটাকৈ) অৰ্জন কৰা একমাত্ৰ বলাৰজন কোন ?

উঃ ৱাচিম আক্ৰাম।

প্ৰঃ এজন পাকিস্থানী বলাৰৰ বলিং কৰাৰ ধৰণটো সংবাদ মাধ্যমে এনেদৰে বৰ্ণনা কৰিছিিল, ‘হপ, বব, লিক, ফিংগাৰছ, বল আৰু এপীল’। এই  বালাৰজনৰ নাম কি ?

উঃ আব্দুল কাদিৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ফাইনেল খেলত ভাৰতে কাৰ বিপক্ষে পোন প্ৰথমতে ৩০০ ৰাণৰ লক্ষ্য সফলতাৰে পূৰণ কৰে ?

উঃ পাকিস্থান।

প্ৰঃ ১৯৭৯ চনত টেষ্ট মেচ নেখেলা এখন দেশে টেষ্ট মেচ খেলা এখন দেশক হৰুৱাই বিশ্বকাপ ক্ৰিকেট খেলত বিজয় সাব্যস্ত কৰে। ষ্টেট মেচ নেখেলা দেশখনৰ নাম কি ?

উঃ  শ্ৰীলংকা।

প্ৰঃ এজন অধিনায়কে মহম্মদ আজহাৰুদ্দিনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি ভাৰতক অধিক সংখ্যক খেলত অধিনায়কত্ব কৰাৰ অভিলেখ গঢ়ে । তেওঁৰ নাম কি ?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ ১৯৮৩ চনৰ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ এখনো খেলত অংশ গ্ৰহণ নকৰা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ গৰাকীৰ নাম কি ? 

উঃ সুণীল ভালচান।

প্ৰঃ কোনখন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ  শ্লোগান আছিল Carnival of Cricket?

উঃ  ১৯৯৯ বিশ্বকাপ।  ০ ০ ০

অধ্যায়- ৪

বেডমিন্টন

প্ৰঃ কোন দেশত বেডমিন্টন খেলৰ জন্ম হৈছিল ?

উঃ ভাৰত।

প্ৰঃ আন্তৰ্জাতিক বেডমিন্টন ফেডাৰেশ্বন কিমান চনত গঠিত হৈছিল ? 

উঃ ১৯৩৪ চনত।

প্ৰঃ কি দুবিধ প্ৰাচীন খেলৰ পৰা বেডমিন্টন খেলৰ উদ্ভৱ হৈছে ?

উঃ পোনা বেটলড’ৰ আৰু ছাটল কক।

প্ৰঃ ‘বেডমিন্টন এচ’ছিয়েছন অব ইংলণ্ড’ কোন চনত গঠিত হৈছিল ?

উঃ ১৮৯৩ চন।

প্ৰঃ কোন চনত কমনৱেলথ গেমছত বেডমিন্টন খেলক অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৬৬ চনত।

প্ৰঃ বেডমিন্টনত এটা গেম জিকিবলৈ কিমান পইন্টৰ প্ৰয়োজন ?

উঃ ২১ পইন্ট।

প্ৰঃ কিমান চনত কৰাচীত বেডমিন্টনৰ নিয়মেবাৰ প্ৰকাশিত হৈছিল ?

উঃ ১৮৭৭ চনত।

প্ৰঃ মজিয়াৰ পৰা বেডমিন্টন পোষ্টৰ উচ্চতা কিমান ?

উঃ  ১৫৯ ছেঃ মিঃ।

প্ৰঃ বেডমিন্টন খেলত ক’ৰ্টৰ কোনটো পক্ষৰ পৰা প্ৰথমে চাৰ্ভ কৰিব লাগে ?

উঃ সোঁ পক্ষৰ পৰা।

প্ৰঃ বেডমিন্টনত ব্যৱহৃত জালখনৰ প্ৰস্থ কিমান ?

উঃ ৭৬ ছেঃ মিঃ।

প্ৰঃ বেডমিন্টনত ব্যৱহাৰ হোৱা ছাট্ল ককৰ ওজন কিমান ?

উঃ ৪.৭৩ গ্ৰামৰ পৰা ৫.৫০০ গ্ৰাম।

প্ৰঃ বেডমিন্টনৰ ছাটল ককত কেইখন পাখি থাকে ?

উঃ ১৬ খন।

প্ৰঃ ছিংগলছ  প্ৰতিযোগিতাৰ বাবে বেডমিন্টন ক’ৰ্টৰ প্ৰস্থ কিমান হ’ব লাগে ?

উঃ ৫.১৮০ মিটাৰ।

প্ৰঃ বেডমিন্টনৰ ক’ৰ্টৰ ৰ্দ্ঘৈ কিমান ?

উঃ ১৩.৪০ মিটাৰ।

প্ৰঃ বেডমিন্টন খেলৰ জালখনৰ উচ্চতা কিমান ?

উঃ ১.৫৫ মিটাৰ।

প্ৰঃ ডাবলছ প্ৰতিযোগিতাৰ বাবে বেডমিন্টন ক’ৰ্টৰ আকাৰ কেনে হোৱা প্ৰয়োজন ?

উঃ ১৩.৪ মিটাৰ  × ৬.১ মিটাৰ।

প্ৰঃ বেডমিন্টন ছাটল ককৰ পাখিৰ প্ৰকৃত ৰ্দ্ঘৈ কিমান ?

উঃ ৬৪ মিঃ মিঃ ৰ পৰা ৭০ মিঃ মিঃ।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত বেডমিন্টনৰ মহিলাৰ ডাবলছ শাখাত সোণৰ পদকবিজয়ী চীনদেশীয় খেলুৱৈ যুটিটোৰ নাম কি ?

উঃ জেং জিৱান আৰু য়েং ৱেং।

প্ৰঃ কোপা আমেৰিকা কাপ বেডমিন্টন খেলৰ  লগত জড়িত হয় নে ?

উঃ নহয়।

প্ৰঃ ২০০৫ চনৰ অৰ্জুন বঁটা লাভ কৰা ভাৰতীয় বেডমিন্টন খেলুৱৈজনী কোন ?

উঃ  অৰ্পণা পোপাট  ।

প্ৰঃ ‘জোনাল মাৰ্কিং’ শব্দটো বেডমিন্টন খেলৰ লগত জড়িত হয় নে ?

উঃ নহয়।

প্ৰঃ কোনজন বেডমিন্টন খেলুৱৈ ২০০০ চনৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে ?

উঃ পি গোপীচান্দ।

প্ৰঃ কোন চনত পোন প্ৰথমতে বেডমিন্টন খেল অলিম্পিকত অন্তৰ্ভূক্ত হয় ?

উঃ  ১৯৯২ চনত।

প্ৰঃ ফ’ৰ ষ্টাৰ বেডমিন্টন টুৰ্ণামেন্টত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা কোন ?

উঃ চাইনা নেহৱাল। 

প্ৰঃ ১৯৯৮ চনত  অনুষ্ঠিত  ইন্টাৰনেচনেল ৰেংকিং টুৰ্ণামেন্টত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈজনীৰ নাম কি ?

উঃ অৰ্পণা পোপাটি।

প্ৰঃ বেডমিন্টনৰ প্ৰাচীন সংস্কৰণ বেটলড’ৰ আৰু ছাটল ককক ফ্রান্স আৰু ইউৰোপীয় দেশসমূহত অন্য এক নামেৰে জনা গৈছিল।এই নামটো কি ?

উঃ জিউ ডে ভলান্টিছ। ০ ০ ০

 

অধ্যায়- ৫

হকী

প্ৰঃ পুৰুষৰ হকী খেল এখন খেলাৰ সময় কিমান ?

উঃ ৭০ মিনিট।

প্ৰঃ হকী খেলৰ বাবে কিমানজন আম্পায়াৰৰ প্ৰয়োজন ?

উঃ  জন।

প্ৰঃ ভাৰতত খেলোৱা আটাইতকৈ প্ৰাচীনতম হকী টুৰ্ণামেন্ট কোনখন ?

উঃ বেইঘটন কাপ।

প্ৰঃ ক’ত অনুষ্ঠিত  অলিম্পিক খেলত ভাৰতে প্ৰথমে সোণৰ পদক লাভ কৰে ?

উঃ আমষ্টাৰডাম।

প্ৰঃ হকী খেলত কিমানজনলৈকে খেলুৱৈ পৰিৱৰ্তন কৰিব পাৰি ?

উঃ ৩ জন।

প্ৰঃ ১৯৭১ চনত প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্ট অনুষ্ঠিত কৰা হৈছিল। এই টুৰ্ণামেন্টখনৰ আয়োজক মহানগৰখনৰ নাম কি ?

উঃ বাৰ্চিলোনা (স্পেইন)।

প্ৰঃ কোন অলিম্পিকত প্ৰথমবাৰৰ বাবে  মহিলা হকী প্ৰৱৰ্তন কৰা হয় ?

উঃ ১৯৮০ চনত, মস্কো অলিম্পিকত।

প্ৰঃ ফুটবল খেল কিক অফেৰে আৰম্ভ হয়। হকী খেল কিহেৰে আৰম্ভ হয় ?

উঃ বুলি অফ।

প্ৰঃ কোনজন ভাৰতীয় হকী তাৰকাই ২০০০ চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰিছিল ?

উঃ ধনৰাজ পিল্লাই।

প্ৰঃ কোন চনত ভাৰতে পোন প্ৰথম অলিম্পিক হকীত সোণৰ পদক লাভ কৰে ?

উঃ ১৯২৮ চনত।

প্ৰঃ কোনজন ভাৰতীয় হকীৰ খেলুৱৈক ‘হকীৰ যাদুকৰ’ বুলি কোৱা হয় ?

উঃ ধ্যানচান্দ।

প্ৰঃ কোনজন খেলুৱৈয়ে ভাৰতীয় হকী দলটোক দীৰ্ঘতম সময়ৰ বাবে অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিছিল ?

উঃ পাৰ্গত সিং।

প্ৰঃ ভাৰতৰ ক’ত ধ্যানচান্দ হকী ষ্টেডিয়াম অৱস্থিত ?

উঃ লখ্নৌ ।

প্ৰঃ অশোক কুমাৰে ভাৰতৰ হৈ কিমানবাৰ বিশ্বকাপ হকী টুৰ্ণামেন্টত ভাগ লৈছিল ?

উঃ ৪ বাৰ।

প্ৰঃ মহিলা হকী খেলৰ মুঠ সময় কিমান ?

উঃ ৬০ মিনিট।

প্ৰঃ কোন চনত প্ৰথম বিশ্ব হকী টুৰ্ণামেন্ট অনুষ্ঠিত হৈছিল ?

উঃ ১৯৭১ চনত। 

প্ৰঃ প্ৰথম ভাৰতীয় হকী ক্লাৱটোৰ নাম কি ?

উঃ কলিকতা হকী ক্লাৱ।

প্ৰঃ প্ৰথম আন্তৰ্জাতিক পুৰুষৰ হকী খেলখন কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিতহৈছিল ?

উঃ ১৮৯৫চনত ইংলণ্ড আৰু আয়াৰলেণ্ডৰ মাজত।

প্ৰঃ বিশ্বৰ প্ৰথম হকী ক্লাৱটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল ?

উঃ ১৮৬১ চনত ব্লেকহথত।

প্ৰঃ ক’ত আধুনিক হকীৰ বিকাশ হৈছিল ?

উঃ ইংলেণ্ডত।

প্ৰঃ কোনখন মহাদেশক হকীৰ জন্মস্থান বুলি কোৱা হয় ?

উঃ এছিয়া।

প্ৰঃ ‘পদ্মশ্ৰী’ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হকী খেলুৱৈ গৰাকী কোন ?

উঃ বলবীৰ সিং চিনিয়ৰ।

প্ৰঃ ২০০৬ চনত অনুষ্ঠিত বিশ্বকাপ হকী প্ৰতিযোগিতাত কোনখন দেশে অষ্ট্ৰেলিয়াক হৰুৱাই বিজয় সাব্যস্ত কৰে ?

উঃ জাৰ্মানী।

প্ৰঃ বিখ্যাত হকী খেলুৱৈ ধ্যানচান্দৰ জন্মদিনটো ভাৰতত কেনেদৰে উদ্যাপন কৰা হয় ?

উঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ।

প্ৰঃ অলিম্পিকৰ এখন খেলত সৰ্বাধিক গ’ল কৰা ভাৰতীয় খেলুৱৈ গৰাকী কোন ?

উঃ ৰূপসিং।

প্ৰঃ কোন চনত প্ৰথমবাৰৰ বাবে  অলিম্পিকত পুৰুষৰ হকী অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯০৮ চনত, লণ্ডন অলিম্পিকত।

প্ৰঃ কেতিয়াৰ পৰা এচিয়ান গেমছত প্ৰথম হকী প্ৰতিযোগিতা অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৫৮ চনত, তৃতীয় এচিয়ান গেমচত।

প্ৰঃ ইন্দিৰা গান্ধী গ’ল্ড কাপ হকী কোন চনত আৰম্ভ হৈছিল ?

উঃ ১৯৮৭ চনত।

প্ৰঃ ১৮৮৯ চনত স্থাপিত হৈ বৰ্তমানলৈকে বৰ্তি থকা প্ৰাচীনতম মহিলা হকী ক্লাৱটোৰ নাম কি ?

উঃ উইম্বলডন লেডী হকী ক্লাৱ।

প্ৰঃ অলিম্পিকৰ প্ৰথম হকী খেলত ভাৰতে কোনখন দেশক ৬-০ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল ?

উঃ অষ্ট্ৰিয়া।

প্ৰঃ প্ৰথম ভাৰতীয় আন্তৰ্জাতিক হকী আম্পায়াৰ গৰাকীৰ নাম কি ?

উঃ পঙ্কজ গুপ্তা।

প্ৰঃ ১৯৩২ চনত অলিম্পিক হকীত ভাৰতে বৃহৎ সাফল্য লাভ কৰিছিল। ভাৰতে কাৰ বিৰুদ্ধে খেলিছিল ?

উঃ আমেৰিকা।

প্ৰঃ ভাৰতে কেৱল বেংককত অনুষ্ঠিত এছিয়াডতহে হকীত স্বৰ্ণ পদক লাভ কৰিছিল। বেংকক এছিয়াড কোন চনত অনুষ্ঠিত হৈছিল ?

উঃ ১৯৬৬ চনত।

প্ৰঃ কোন চনত ভাৰতে ফাইনেলত পাকিস্থানক হৰুৱাই বিশ্বকাপ হকীত বিজয় সাব্যস্ত কৰিছিল ?

উঃ ১৮৭৫ চনত।

প্ৰঃ হকী খেলত একমাত্ৰ কোনজন খেলুৱৈয়ে ভৰিৰে বল স্পৰ্শ কৰাৰ অনুমতি পায় ?

উঃ গ’লৰক্ষক।

প্ৰঃ বিশ্বকাপ হকী টুৰ্ণামেন্টত সৰ্বাধিক ১২ টা গ’ল কৰি অভিলেখ গঢ়া ভাৰতীয় হকী খেলুৱৈজনৰ নাম কি ?

উঃ ৰাজিন্দৰ সিং।

প্ৰঃ কোন চনত আন্তৰ্জাতিক হকী টুৰ্ণামেন্ট ‘চেম্পিয়নছ  ট্ৰফী’ আৰম্ভ হৈছিল ?

উঃ ১৯৭৮ চনত।

প্ৰঃ অলিম্পিকত একেৰাহে চতুৰ্থবাৰৰ বাবে  ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈজনৰ নাম কি ?

উঃ লেছলি ক্লাউডিয়াছ।

প্ৰঃ কোনখন দেশে প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্টত বিজয় লাভ কৰিছিল ?

উঃ পাকিস্থান। ০ ০ ০

 

অধ্যায়- ৬

গলফ্

প্ৰঃ কোন দেশত গল্ফ খেলৰ জন্ম হয় ?

উঃ স্কটলেণ্ড।

প্ৰঃ গলফ খেলা খেলপথাৰখনক কি বুলি কোৱা হয় ?

উঃ ক’ৰ্ছ।

প্ৰঃ গল্ফ হোলটোৰ ব্যসাৰ্ধ কিমান ?

উঃ ৪.২৫ ইঞ্চি।

প্ৰঃ এখন গলফ টুৰ্ণামেন্টত জিকি খেলুৱৈজনে এটা সেউজীয়া জেকেট পৰিধান কৰিবলৈ লয়। এই টুৰ্ণামেন্টখনৰ নাম কি ?

উঃ আগাস্তা মাষ্টাৰৰ্চ।

প্ৰঃ স্কটলেণ্ডত অৱস্থিত এখন গলফ ক’ৰ্ছক ‘গলফৰ আৱাসগৃহ’ হিচাপে বিবেচনা কৰা হয়। এই গলফ ক’ৰ্ছখনৰ নাম কি ?

উঃ চেন্ট এন্দ্রিউ।

প্ৰঃ ৰেগুলেছন গলফ ক’ৰ্ছত থকা হোলৰ সংখ্যা কিমান ?

উঃ ওঠৰটা।

প্ৰঃ অন্যতম বিশ্ব প্ৰসিদ্ধ গলফ টুৰ্ণামেন্ট ‘ইউ এছ, মাষ্টাৰ্ছ’ কোনখন ক’ৰ্ছত অনুষ্ঠিত হয় ?

উঃ আগাস্তা।

প্ৰঃ পূৰ্বতে গলফ বলৰ ভিতৰত কি ভৰোৱা হৈছিল ?

উঃ পাখি।

প্ৰঃ ২০০২ চনত আঠটা খিতাপ দখল কৰি মহিলাৰ গলফ চাৰ্কিটত গ্ৰেণ্ডশ্লাম সমাপ্ত কৰা প্ৰথম মহিলা গলফাৰ গৰাকীৰ নাম কি ?

উঃ ইৰিণা ব্রাৰ।

প্ৰঃ বিখ্যাত গল্ফাৰ টাইগাৰ উড্ছ কোন দেশৰ নাগৰিক ?

উঃ আমেৰিকা।

প্ৰঃ ২০০৩ চনত জাপানত অনুষ্ঠিত চানটৰি অপেন  চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় পেচাদাৰী গলফ খেলুৱৈজনৰ নাম কি ?

উঃ জ্যোতি ৰান্ধাৱা।

প্ৰঃ ব্রিটিছ অপেন গলফ চেম্পিয়নশ্বিপত প্ৰদান কৰা ট্ৰফীটোৰ নাম কি ?

উঃ ক্লাৰেট জাগ।

প্ৰঃ ২০০৪ চনৰ ‘ইউ এছ পি জি এ’ টুৰত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন ?

উঃ অৰ্জুন আটৱাল। ০ ০ ০ 

 

অধ্যায়- ৭

দবা

প্ৰঃ কোন দেশত দবা খেলৰ জন্ম হয় ?

উঃ ভাৰত।

প্ৰঃ প্ৰাচীন ভাৰতত দবা খেলক কি নামেৰে জনা গৈছিল ?

উঃ চতুৰংগ।

প্ৰঃ এখন দবা ব’ৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে ?

উঃ ৬৪ টা।

প্ৰঃ দবা খেল কিমানজন খেলুৱৈয়ে খেলিব পাৰে ?

উঃ ২ জন।

প্ৰঃ ভাৰতৰ প্ৰথম মহিলা ‘গ্ৰেণ্ডমাষ্টাৰ’ গৰাকীৰ নাম কি ?

উঃ এছ বিজয়লক্ষ্মী।

প্ৰঃ কোন চনত বিশ্বনাথন আনন্দে বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিছিল ?

উঃ ১৯৮৭ চনত।

প্ৰঃ কোনজন দবা খেলুৱৈক মৰ্যদাপূৰ্ণ দবা অস্কাৰ বঁটা ৯ বাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল ?

উঃ এনাটলী কাৰপ’ভ।

প্ৰঃ আটাইতকৈ বেছি গতিশীল দবাৰ গুটি কি ?

উঃ মন্ত্ৰী।

প্ৰঃ ২০০৫ চনৰ ১৬ অক্টোবৰত ভেছেলিন তপালেভ বিশ্ব দবা চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে। তেওঁ কোন দেশৰ লোক ?

উঃ বুলগেৰিয়া।

প্ৰঃ বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়নশ্বিপ খিতাপ দখল কৰা দ্বিতীয় ভাৰতীয় দবা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ পি হৰিকৃষ্ণ।

প্ৰঃ ২০০৫ চনত আন্তৰ্জাতিক গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা কনিষ্ঠতম ভাৰতীয় দবা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ পৰিমাৰ্জন নেগী।

প্ৰঃ কোন চনত বিশ্বনাথন আনন্দই আন্তৰ্জাতিক গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন  কৰিছিল ?

উঃ ১৯৮৭ চনত।

প্ৰঃ এছিয়াৰ প্ৰথম গৰাকী বিশ্ব দবা চেম্পিয়নৰ নাম কি ?

উঃ প্ৰবীণ থিপ্ছে।

প্ৰঃ জাৰ্মান সংস্কৰণত দবা খেলৰ কোনটো গুটিক ‘দি ৰাণাৰ’ বুলি কোৱা হয় ?

উঃ হাতী বা সেনাপতি।

প্ৰঃ স্থানান্তৰকৰণত নাওৰ বাহিৰে কোনটো দবা গুটি লোৱা হয় ?

উঃ ৰজা।

প্ৰঃ দবাৰ সর্বোচ্চ সংস্থাটোৰ নাম কি ?

উঃ ফেডাৰেচন ইন্টাৰনেচনেল ডেচ চেকছ।

প্ৰঃ আন্তৰ্জাতিক দবা প্ৰতিযোগিতাত কিমানটা আৰম্ভণি চাল সম্ভৱ ?

উঃ বিশ টা।

প্ৰঃ ১৯৮৯ চনত অনুষ্ঠিত এখন দবা খেলত গেৰী কাৰ্চপৰেভ পৰাজিত কৰা কম্পিউটাৰটোৰ নাম কি·

উঃ ডীপ থট।

প্ৰঃ এখন দবা ব’ৰ্ডত কোনো এক সময়ত একে ৰঙৰ কেইটা মন্ত্ৰী থাকে ?

উঃ ৯ টা।

প্ৰঃ ২০০০ চনত ভ্লাদিমীৰ  ক্ৰেমনিকে কাক পৰাজিত কৰি নতুন বিশ্ব চেম্পিয়নশ্বিপ হৈছিল ?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ কোনজন দবা খেলুৱৈয়ে এনাটলি কাৰ্পভক পৰাজিত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ দবা খেলৰ আৰম্ভণি কৰা খেলুৱৈজনে কি ৰঙৰ গুটিৰে খেল আৰম্ভ কৰে ?

উঃ বগা।

প্ৰঃ পুৰুষৰ আই এম নৰ্মত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন ?

উঃ এছ বিজয়লক্ষ্মী।

প্ৰঃ  কোন গৰাকী ভাৰতীয় বালিকাই ১৯৯৩ চনত দাণ্ডীত অনুষ্ঠিত কমনৱেলথ দবা খিতাপ (আঠ বছৰৰ অনুৰ্দ্ধ) অৰ্জন কৰে ?

উঃ তনয়া সচদেৱ।

প্ৰঃ মহিলা দবা খেলুৱৈ জুদিথ পলজাৰ কোন দেশৰ নাগৰিক ?

উঃ হাংগেৰী।

প্ৰঃ দবাৰ কোনটো গুটিয়ে যি কোনো স্থান আৰু দিশতে গতি কৰিব পাৰে ?

উঃ মন্ত্ৰী।

প্ৰঃ এজন দবা খেলুৱৈয়ে গেৰী ৱেইনষ্টেইন নামেৰে জন্ম লৈ দেউতাকৰ মৃত্যুৰ পিছত মাকৰ কুমাৰী অৱস্থাৰ নামটো গ্ৰহণ কৰে। তেওঁ কোন ?

উঃ গেৰী কাছপাৰ’ভ।

প্ৰঃ দবাখেলত পদত্যাগ কৰাৰ পৰম্পৰাগত প্ৰথাটো কি ?

উঃ নিজৰ পক্ষৰ ৰজাক অপসাৰণ কৰি।

প্ৰঃ ৱাক অভাৰৰ দ্বাৰা বিশ্ব দবা চেম্পিয়ন হোৱা একমাত্ৰ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ এনাটলি কাৰপ’ভ।

প্ৰঃ ১৯৬৭ চনৰ ফেব্রুয়াৰী এম আই টিৰ প্ৰাক স্নাতক মহলৰ ছাত্ৰ মিষ্টাৰ ৰিচাৰ্ড গ্রেনব্ল্যাটয়ে দবাৰ সৈতে জড়িত এক কম্পিউটাৰ প্ৰগ্ৰেম ৰচনা কৰে। সেই কম্পিউটাৰ প্ৰগ্ৰেমটোৰ নাম কি ?

উঃ ষষ্ট মেকহেক।

প্ৰঃ দবাখেলত ‘J adouble’ বুলিলে কি বুজায় ?

উঃ কোনো এক পক্ষৰ গুটি লৰচৰ নকৰাকৈ গুটিবোৰ মিলোৱা কাৰ্যক বুজায়।

প্ৰঃ দবাত ‘জিৰ’ দেশ্ব জিৰ’ (Zero dash zero) বুলিলে কি বুজায় ?

উঃ কেষ্টলিং (ৰজাৰ পক্ষ)।

প্ৰঃ বিশ্ব দবা চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম আমেৰিকান গৰাকীৰ নাম কি ?

উঃ ববি ফিচাৰ। ০ ০ ০ 

 

অধ্যায়- ৮

হেণ্ডবল

প্ৰঃ হেণ্ডবল খেল কোন দেশত উৎপত্তি  হৈছিল ?

উঃ প্ৰাচীন গ্ৰীচত।

প্ৰঃ হেণ্ডবল দল এটাত কিমানজন খেলুৱৈ থাকে ?

উঃ ৭ জন।

প্ৰঃ হেণ্ডবল খেলৰ  বাবে  নিৰ্ধাৰিত সময় কিমান ?

উঃ ৬০ মিনিট।

প্ৰঃ প্ৰাচীন গ্ৰীচত হেণ্ডবল খেলক কি নামেৰে মতা ছৈিল ?

উঃ ইউৰেনিয়া।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় হেণ্ডবল একাডেমী ক’ত অৱস্থিত ?

উঃ বিহাৰৰ ভিল্লাইত।

প্ৰঃ হেণ্ডবলটোৰ ওজন কিমান ?

উঃ পুৰুষৰ বাবে  ৪২৫ গ্ৰামৰ পৰা ৪৭৫ গ্ৰাম আৰু মহিলাৰ বাবে ৩৭৫ গ্ৰামৰ পৰা ৪০০ গ্ৰাম।

প্ৰঃ হেণ্ডবল ক’ৰ্টৰ জোখ কিমান ?

উঃ ৪০ মিটাৰ × ২০ মিটাৰ।

প্ৰঃ প্ৰাচীন ৰোমত হেণ্ডবলক কি নামৰে জনা গৈছিল ?

উঃ হাৰেপষ্টন।

প্ৰঃ কোনখন দেশে ২০০৫ চনত পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰিছিল ?

উঃ স্পেইন।

প্ৰঃ হেণ্ডবল খেলত কিমান দূৰত্বৰ পৰা পেনাল্টি শ্বট লোৱা হয় ?

উঃ  মিটাৰ।  ০ ০ ০

 

অধ্যায়- ৯

টেনিছ আৰু টেবুল নেটিছ

 

প্ৰঃ টেবুল টেনিছ খেলৰ উদ্ভাৱক কাক কোৱা হয় ?

উঃ জেমছ গিব।

প্ৰঃ উইম্বলডন প্ৰতিযোগিতা কোন দেশত অনুষ্ঠিত  হয় ?

উঃ ইংলণ্ড।

প্ৰঃ টেবুল টেনিছৰ প্ৰকৃত নাম কি ?

উঃ পিং পং।

প্ৰঃ কোনজন খেলুৱৈয়ে এ টি পি ৰেংকিঙত একেৰাহে ৬ বছৰ প্ৰথম স্থানত থকাৰ অভিলেখ গঢ়িছে ?

উঃ পীট ছাপ্ৰাছ।

প্ৰঃ প্ৰথম ফ্রেঞ্চ অপেন  প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত হৈছিল ?

উঃ ১৮৯১ চনত।

প্ৰঃ আন্তৰ্জাতিকভাৱে স্বীকৃত টেনিছ ক’ৰ্ট এখনৰ ৰ্দ্ঘ্যৈ  আৰু প্ৰস্থ কিমান ?

উঃ ৭৮ ফুট × ২৭ ফুট।

প্ৰঃ  আন্তৰ্জাতিক টেনিছ ফেডাৰেচন (পেৰিচত) কেতিয়া স্থাপন কৰা হয় ?

উঃ ১৯১৩ চনত।

প্ৰঃ আন্তৰ্জাতিক লন টেনিছ ফেডাৰেচন কেতিয়া গঠন কৰা হৈছিল ?

উঃ ১৯১৩ চনত।

প্ৰঃ  প্ৰথম উইম্বলডন  টুৰ্ণামেন্ট কেতিয়া আৰম্ভ কৰা হৈছিল ?

উঃ ১৮৭৭ চনৰ ১৯ জুলাই।

প্ৰঃ কোন গৰাকী ভাৰতীয় টেনিছ খেলুৱৈয়ে ২০০০ চনৰ ‘পদ্মশ্ৰী’ বঁটা লাভ কৰিছিল ?

উঃ ছানিয়া মিৰ্জা।

প্ৰঃ  কিমান চনত উইম্বলডন চিডিং পদ্ধতি আৰম্ভ কৰা হয় ?

উঃ ১৯২৭ চনত।

প্ৰঃ কোনজন ভাৰতীয় টেনিছ খেলুৱৈয়ে ১৯৫৪ চনত উইম্বলডনৰ জুনিয়ৰৰ খিতাপ দখল কৰিছিল ?

উঃ ৰামানাথন কৃষ্ণান।

প্ৰঃ উইম্বলডন টুৰ্ণামেন্টত অংশ গ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন ?

উঃ হৰজিৎ সিং।

প্ৰঃ টেনিছ কেৰিয়াৰত ন বাৰ উইম্বলডন খিতাপ দখল কৰা মহিলা টেনিছ  খেলুৱৈ গৰাকী কোন ?

উঃ মাৰ্টিনা নাভ্ৰাটিলোভা।

প্ৰঃ মাৰ্টিনা হিংগিছ টেনিছ খেলুৱৈ গৰাকী কোন দেশৰ ?

উঃ চুইজাৰলেণ্ড।

প্ৰঃ মাৰাট ছাফিন কোন দেশৰ লোক ?

উঃ ৰাছিয়া।

প্ৰঃ মউৰিণ ক’নোলিৰ ছদ্ম নাম ‘লিটল ম’ ইয়াৰ অন্তৰালত থকা কাৰণ কি ?

উঃ ইয়াৰ কাৰণ তেওঁ টেনিছ ক’ৰ্টত মিচউৰি’ নামৰ যুদ্ধ জাহাজৰ দৰে যুযুৎসু কৌশল প্ৰদৰ্শন কৰি খেলিব পাৰিছিল।

প্ৰঃ পাঁচবাৰ উইম্বলডন খিতাপ দখল কৰা প্ৰথম মহিলা গৰাকীৰ নাম কি ?

উঃ চাৰ্লচ ডোডা।

প্ৰঃ কোনখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত সেউজীয়া আৰু বেঙুনীয়াক ষ্টেণ্ডাৰ্ড ৰং হিচাপে ব্যৱহাৰ কৰা হয় ?

উঃ উইম্বলডন।

প্ৰঃ অৰ্জুন বঁটা লাভ কৰা টেনিছ খেলুৱৈ গৰাকী কোন ?

উঃ ৰামানাথন কৃষ্ণান।

প্ৰঃ প্ৰথম মহিলা উইম্বলডন চেম্পিয়ন গৰাকীৰ নাম কি ?

উঃ বড ৱাডচন।

প্ৰঃ  প্ৰথম পুৰুষ উইম্বলডন চেম্পিয়ন গৰাকীৰ নাম কি ?

উঃ স্পেনছাৰ গ’ৰ।

প্ৰঃ ভাৰতত ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল ?

উঃ ক’লকাতা।

প্ৰঃ ‘বিয়ৰ্ৰ্ন বৰ্গ’ টেনিছত এটা বিখ্যাত নাম। তেওঁ কোন দেশৰ লোক ?

উঃ চুইডেন।

প্ৰঃ চিনিয়ৰ গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰা প্ৰথম ভাৰতীয় টেনিছ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ মহেশ ভূপতি।

প্ৰঃ অৰ্জুন বঁটা, পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় টেনিছ খেলুৱৈ জনৰ নাম কি ?

উঃ লিয়েণ্ডাৰ পেজ।

প্ৰঃ ৰেক্স বেলামি টেনিছ জগতৰ লগত জড়িত এজন প্ৰখ্যাত ব্যক্তি। তেওঁ  টেনিছ জগতৰ লগত কেনেদৰে জড়িত ?

উঃ তেওঁ টেনিছ সম্বন্ধীয় স্তম্ভ লেখক।

প্ৰঃ টেনিছত ‘স্ট্রবেৰী চাৰ্কিট’ বুলিলে কি বুজায় ?

উঃ ফ্রেন্স উইম্বলডন আৰু ইটালীয়ান চেম্পিয়নশ্বিপক একেলগে ‘স্ট্রবেৰী চাৰ্কিট’ বুলি কোৱা হয়।

প্ৰঃ কোনজন টেনিছ খেলুৱৈৰ উপনাম  ‘জেন্টেলমেন টিম’ ?·

উঃ টিম মেয়’টি।

প্ৰঃ টেনিছ শব্দটো এটি ফৰাচী শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দটো কি ?

উঃ টেনেজ’।

প্ৰঃ লন টেনিছৰ উদ্ভাৱনৰ সফলতা কোনজন খেলুৱৈয়ে পায় ?

উঃ মেজৰ স্প্ৰীংফিল্ড।

প্ৰঃ  আন্দ্ৰে আগাছীৰ উপনাম কি ?

উঃ দা পানিশ্বাৰ।

প্ৰঃ ২০০৫ চনৰ উইম্বলডনৰ মিক্সড ডাবলছৰ ফাইনেলত মহেশ ভূপতি আৰু কোন খেলুৱৈৰ যুটিয়ে পল হেনলী আৰু টাটিয়ানা পেৰে বাইনিছৰ যুটিক পৰাস্ত কৰে ?

উঃ মেৰী পিয়েৰৰ্চ। 

প্ৰঃ ATP ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Associated Tennis Professionals।

প্ৰঃ কোনজন টেনিছ তাৰকাৰ আত্মজীৱনীৰ নাম A Rage for Perfection ?

উঃ জন মেকেনৰ’।

প্ৰঃ The Voice of Tennis বুলি কাক কোৱা হয় ?

উঃ ডেন মাস্কেল, (এজন টেনিছ ধাৰা ভাষ্যকাৰ)।

প্ৰঃ The Breaker and Break Point নামৰ গ্ৰন্থখন কোনজন টেনিছ খেলুৱৈয়ে লিখিছিল ?

উঃ লি নাচটেচ।

প্ৰঃ My Aches, My Faults  আত্মজীবনীখনৰ লিখক কোন ?

উঃ নিক বলিটাৰি।

প্ৰঃ  Woodies শব্দটিয়ে দুজন বিখ্যাত টেনিছ খেলুৱৈক বুজায়। তেওঁলোক দুজনৰ নাম কি ?

উঃ টড উডব্রিজ আৰু মাৰ্ক উদফ’ৰ্ড।

প্ৰঃ ‘deco’ ৰ পৃষ্ঠভাগত অনুষ্ঠিত  গ্ৰেণ্ডশ্লাম টেনিছ টুৰ্ণামেন্টখনৰ নাম কি ?

উঃ  ইউ এছ অপেন ।

প্ৰঃ কোনজন টেনিছ তাৰকা বিশ্বৰ প্ৰথমজন পেছাদাৰী টেনিছ খেলুৱৈ হিচাপে জনাজাত ?

উঃ  সুজান লেংলেন।

প্ৰঃ  উইম্বলডনত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি ?

উঃ দিলীপ বসু।

প্ৰঃ প্ৰথম প্ৰয়াসতে তিনিটা উইম্বলডন খিতাপ লাভ কৰি পুনৰায় খেলত অংশ গ্ৰহণ নকৰা টেনিছ খেলুৱৈজনৰ নাম কি ?

উঃ ববি ৰিগছ।

প্ৰঃ এগৰাকী টেনিছ খেলুৱৈ ১৫ বছৰ ৯ মাহ বয়সত উইম্বলডনৰ খিতাপ দখল কৰিছিল। তেওঁৰ নাম কি ?

উঃ লটি ড’ড।

প্ৰঃ  ১৯৭৩ চনত বিজয়  অমৃতৰাজে তেওঁৰ প্ৰথম গ্ৰেণ্ড পিক্স খিতাপ ক’ত দখল কৰিছিল ?

উঃ হংকং।

প্ৰঃ ‘Bijoy Amritaraj:An Autobiography নামৰ আত্মজীৱনীখনৰ বিজয় অমৃতৰাজৰ সহযোগী লিখকজনৰ নাম কি ?

উঃ ৰিচাৰ্ড ইভানছ।

প্ৰঃ উইম্বলডন মিক্সড ডাবলছৰ শাখাত বিজয়ী হোৱা প্ৰথম ভায়েক-ভনীয়েকৰ যুটিটোৰ নাম কি ?

উঃ জন আষ্টিন, ট্ৰেচ আষ্টিন।

প্ৰঃ কিমান চনত মহিলা / পুৰুষ ডাবলছ্  প্ৰতিযোগিতা উইম্বলডনত অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ১৮৮৪ চনত।

প্ৰঃ উইম্বলডনৰ খিতাপ দখল কৰা প্ৰথম বাওঁহতীয়া টেনিছ খেলুৱৈজনৰ নাম কি ?

উঃ ন’মেন ব্রোকছ্।

প্ৰঃ গ্ৰেণ্ডশ্লাম অৰ্জন কৰা প্ৰথম টেনিছ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ ড’নাল্ড বাজ।

প্ৰঃ ইউ এছ টেবুল টেনিছ এচ’ছিয়েশ্বন কেতিয়া গঠন কৰা হয় ?

উঃ ১৯৩৩ চনত।

প্ৰঃ টেবুল টেনিছ টুৰ্ণামেন্টৰ পথাৰখনৰ জোখ কিমান ?

উঃ দীঘ ৯ ফুট প্ৰস্থ ৫ ফুট।

প্ৰঃ এজন আমেৰিকান টেনিছ খেলুৱৈৰ উপনাম ‘পিষ্টল’।  আচল নাম কি ?

উঃ পীট ছাম্প্ৰাছ।

প্ৰঃ টেবুল টেনিছৰ ৰেকেটত দুটা বিশেষ ৰং ব্যৱহাৰ কৰা হয়। এই ৰং দুটা কি কি ?

উঃ ৰঙা  আৰু ক’লা।

প্ৰঃ  এ টি পি ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰা প্ৰথম ভাৰতীয় যুটিটোৰ নাম কি ?

উঃ মহেশ ভূপতি আৰু লিয়েণ্ডাৰ পেজ।

প্ৰঃ টেনিছ খেলুৱৈ বৰিছ বেকাৰৰ জনপ্ৰিয় নাম কি ?

উঃ লায়ন অব লেইমেন।

প্ৰঃ ইউ এছ অপেনৰ পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন কৰা কনিষ্টতম টেনিছ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ পীট ছাম্প্ৰাছ।

প্ৰঃ ক্লে ক’ৰ্টত অনুষ্ঠিত  গ্ৰেণ্ডশ্বাম টুৰ্ণামেন্টখনৰ নাম কি ?

উঃ ফ্রেন্স অপেন ।

প্ৰঃ পেছাদাৰী তথা অপেচাদাৰী খেলুৱৈ হিচাপে ডাবল গ্ৰেন্ড শ্লাম সম্পূৰ্ণ কৰা একমাত্ৰ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ ৰ’ড লেভাৰ।

প্ৰঃ কোন গৰাকী মহিলা টেনিছ খেলুৱৈয়ে ১৯২০ চনৰ এণ্টাৰ্প  অলিম্পিকত দুটা সোণৰ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰিছিল ?

উঃ সুজানে লেংলেন।

প্ৰঃ উইম্বলডনত মহিলাৰ ছিংগলছৰ খিতাপ লাভ কৰা কনিষ্টতম খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ মাৰ্টিনা হিংগিছ।

প্ৰঃ বিখ্যাত আন্তৰ্জাতিক টেনিছ তাৰকা গুষ্টাভ কুৱেৰটেনৰ উপনাম কি ?

উঃ গুগা।

প্ৰঃ চাৰিখন গ্ৰেণ্ডশ্লেম টুৰ্ণামেন্ট বিভিন্ন ক’ৰ্টত অনুষ্ঠিত হয়। ইয়াৰ তিনিখন হ’ল ঘাঁহৰ ক’ৰ্ট, ৰিবাউণ্ড এছ আৰু ক্লে ক’ৰ্ট। চতুৰ্থখনৰ নাম কি ?

উঃ ডেক’টাৰ্ফ।

প্ৰঃ ৱৰ্ল্ড টেবুল টেনিছ চেম্পিয়নশ্বিপৰ লগতে ইউম্বলডনত পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন কৰা একমাত্ৰ খেলুৱৈ গৰাকী কোন ?

উঃ ফ্রেড  পেৰী।

প্ৰঃ  ১৯৬৬ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত এগৰাকী আমেৰিকান মহিলা টেনিছ খেলুৱৈয়ে একেৰাহে তিনিবাৰকৈ উইম্বলডনৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছিল। তেওঁৰ নাম কি ?

উঃ বিলি জিন কিং।

প্ৰঃ যদি এজন খেলুৱৈয়ে ৰলেণ্ড গেৰছত খেলি থকা বুলি কোৱা হয়, তেন্তে তেওঁ কোনখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা খেলি আছে বুলি ক’ব লাগিব ?

উঃ ফ্রন্স অপেন।

প্ৰঃ ১৯৯৭   চনত লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিয়ে কোনখন টুৰ্ণামেন্টত প্ৰথম এ টি পি দাবলছৰ খিতাপ দখল কৰে ?

উঃ গ’ল্ড ফ্রেক অপেন ।

প্ৰঃ কোনখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা পূৰ্বতে ৱ’ৰ্পল ৰোডত অনুষ্ঠিত হৈছিল ?

উঃ উইম্বলডন।

প্ৰঃ বিখ্যাত টেনিছ তাৰকা চেবাষ্টিয়ান লেৰিউ কোন দেশৰ লোক ?

উঃ কানাডা।

প্ৰঃ ১৯৯৮ চনত জুৰিকত অনুষ্ঠিত ইউৰোপীয়ান ইনদ’ৰ চেম্পিয়নশ্বিপত এগৰাকী আমেৰিকান মহিলা টেনিছ খেলুৱৈয়ে প্ৰতি ঘন্টাত ১২৭.৪ মিটাৰ বেগেৰে দ্ৰুততম চাৰ্ভকাৰী হিচাপে  অভিলেখ গঢ়িছিল । এই গৰাকী খেলুৱৈৰ নাম কি ?

উঃ ভেনাচ উইলিয়ামছ।

প্ৰঃ প্ৰথম স্থানত সৰ্বাধিক ৩৭৭ সপ্তাহ থকাৰ অভিলেখ গঢ়া টেনিছ তাৰকা গৰাকীৰ নাম কি ?

উঃ ষ্টেফি গ্ৰাফ।

প্ৰঃ কোনখন অলিম্পিকৰ পৰা টেনিছ খেলে পূৰ্ণ পৰ্যায়ৰ অলিম্পিক ক্ৰীড়া হিচাপে পুনৰুজ্জীৱিত হয় ?

উঃ ছিউল অলিম্পিক।

প্ৰঃ  প্ৰাচীনতম গ্ৰেন্ড শ্লাম প্ৰতিযোগিতাৰ নাম উল্লেখ কৰা।

উঃ উইম্বলডন।

প্ৰঃ  লন টেনিছ অৱসৰ লোৱা মাৰ্টিনা নাভ্ৰাটিলোভাই শেহতীয়া তথ্যমতে যিকোনো পুৰুষ আৰু মহিলা খেলুৱৈতকৈ অধিক সংখ্যক খিতাপ দখল  কৰিছে। তেওঁ মুঠতে কিমানটা ছিংগলছৰ খিতাপ দখল কৰিছে ?

উঃ ১৬৭ টা।

প্ৰঃ  উইম্বলডনৰ পুৰুষৰ ছিংগলছত বিজয়ীক দিয়া ট্ৰফীটোৰ নাম কি ?

উঃ কিং জৰ্জ ভি কাপ।

প্ৰঃ ভাৰতে প্ৰথম কেতিয়া ডেভিছ কাপ খেলে ?

উঃ ১৯২১ চনত।

প্ৰঃ ১৯৩৯ চনত এজন পুৰুষ আৰু মহিলা খেলুৱৈয়ে এক ব্যতিক্ৰমী অভিলেখ গঢ়ে । এই দুগৰাকী খেলুৱৈয়ে ছিংগলছ আৰু ডাবলছত বিজয় সাব্যস্ত কৰে। দুয়োজনৰ যুটিয়ে মিক্সড দাবলছতো বিজয়ী হয়। খেলুৱৈ দুগৰাকীৰ নাম কি ?

উঃ ববি ৰিগছ আৰু এলিছ মাৰ্বল।

প্ৰঃ উইম্বলডনৰ মিক্সড ডাবলছ খিতাপ দখল কৰা একমাত্ৰ পতি-পত্নী যুটিটোৰ নাম কি ?

উঃ এল এ গডফ্রে  আৰু তেওঁৰ পত্নী কিটি গডফ্রে।

প্ৰঃ ক’ত আৰু কেতিয়া অল ইণ্ডিয়া লন টেনিছ এছ’চিয়েশ্বন গঠন হৈছিল ?

উঃ ১৯২০ চনত, লাহোৰত।

প্ৰঃ একেটা বৰ্ষতে চাৰিবাৰ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত নোহোৱা প্ৰথম মহিলা টেনিছ খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ মওৰিন কন’লি।

প্ৰঃ ১৯০০ চনত ডেভিছ কাপ ট্ৰফীটো কোনে দান কৰে ?

উঃ ডুয়ইট ডেভিছ। 

প্ৰঃ এটাও পইন্ট নোহোৱাকৈ ৬-০ ছেটত বিজয় সাব্যস্ত কৰা একমাত্ৰ টেনিছ খেলুৱৈজনৰ নাম কি ?

উঃ বিল স্কেনলন। ০ ০ ০

 

অধ্যায়- ১০

মল্ল্যুদ্ধ

 প্ৰঃ পৃথিৱীৰ প্ৰাচীনতম ক্ৰীড়াবিধ কি ?

উঃ মল্লযুদ্ধ।

প্ৰঃ মল্লযুদ্ধৰ ‘আখৰা’ মানে কি ?

উঃ মল্লযোদ্ধাসকলে অনুশীলন কৰা স্থান।

প্ৰঃ কোন চনত মল্লযুদ্ধ অলিম্পিক খেলত অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ১৮৯৬ চনত।

প্ৰঃ আন্তৰ্জাতিক প্ৰতিযোগিতাবোৰত প্ৰচলিত মল্লযুদ্ধৰ দুটা ষ্টাইলৰ নাম উল্লেখ কৰা।

উঃ ফ্রী ষ্টাইল আৰু গ্ৰেকো-ৰোমান।

প্ৰঃ ‘ষ্টন ক’ল্ড’ উপনামেৰে খ্যাত বিশ্ব মল্লযুদ্ধ ফেডাৰেচনৰ সৈতে জড়িত ব্যক্তি গৰাকীৰ নাম কি ?

উঃ ষ্টিভ অষ্টিন।

প্ৰঃ ভাৰতীয় মল্লযুদ্ধ ফেডাৰেছন কোন চনত স্থাপিত হৈছিল ?

উঃ ১৯৬৭ চনত।

প্ৰঃ মল্লযুদ্ধৰ সৈতে জড়িত ভাৰতৰ কেইটামান খিতাপৰ নাম কোৱা।

উঃ হিন্দ কেশৰী, ৰুস্তম-ই-পঞ্জাৱ, নাও শ্বেৰা, ৰুস্ত-ই-হিন্দ, ৰুস্তম-ই-জমানা আদি।

প্ৰঃ কোন দুটা চনৰ অলিম্পিক খেলত ভাৰতে মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল ?

উঃ ১৯৫২ চনত অনুষ্ঠিত হেলচিনকি আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত।

প্ৰঃ কোন চনত এচিয়ান গেমছত মল্লযুদ্ধক অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ১৯৫৪ চনত।

প্ৰঃ গ্ৰেকো-ৰোমান প্ৰকাৰৰ মল্লযুদ্ধৰ বাবে এজন মল্লযোদ্ধাৰ ওজন কমেও কিমান হ’ব লাগে ?

উঃ ৫৫ কি.গ্ৰাঃ।

প্ৰঃ ২০০৬ চনৰ বিশ্বকাপ ফ্রি ষ্টাইল মল্লযুদ্ধত কোনখন দেশ বিজয়ী হৈছিল ?

উঃ ইৰাণ।

প্ৰঃ ২০০৬ চনৰ মহিলাৰ বিশ্বকাপ মল্লযুদ্ধ ক’ত অনুষ্ঠিত  হৈছিল ?

উঃ নগয়া (জাপান)।

প্ৰঃ ১৯৫২ আৰু ২০০৮ চনৰ অলিম্পিক খেলত কোন দুজন ভাৰতীয়ই মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল ?

উঃ কে ডি যাদৱ আৰু সুনীল কুমাৰ।

প্ৰঃ ‘উৱেৰ কাপ’ মল্লযুদ্ধৰ সৈতে জড়িত হয় নে ?

উঃ নহয়।

প্ৰঃ এজন ৰাছিয়ান মল্লযুদ্ধাৰ নাম কোৱা।

উঃ এলেক্সি মিচাইন।

প্ৰঃ আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰ আগৰ ক’ত মল্ল যুজাৰু পুৰুষৰ চিত্ৰ অংকন কৰা আছে ?

উঃ মিছৰৰ পিৰামিডৰ বেৰত। ০ ০ ০

 

অধ্যায়- ১১

আৰ্চাৰী

প্ৰঃ আৰ্চাৰী খেল কাক কয় ?

উঃ ধনু-কাঁড়েৰে লক্ষ্য বস্তুক আঘাত কৰা খেলক ‘আৰ্চাৰী খেল’ বোলে   ?

প্ৰঃ প্ৰথম বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ কেতিয়া অনুষ্ঠিত হৈছিল ?

উঃ ১৯৩১ চনত।

প্ৰঃ ফিল্ড আৰ্চাৰীত কেন্দ্ৰীয় ক্ষেত্ৰৰ পৰা দূৰৱৰ্তী লক্ষ্যস্থললৈ দূৰত্ব কিমান হ’ব লাগে ?

উঃ এক কিল’মিটাৰৰ ভিতৰত হ’ব লাগে।

প্ৰঃ আৰ্চাৰী প্ৰতিযোগিতাৰ লক্ষ্যস্থলৰ কেন্দ্ৰত কি ৰং থাকে ?

উঃ সোণালী।

প্ৰঃ আৰ্চাৰীত ব্যৱহৃত কাঁড়ডালৰ সর্বোচ্চ ব্যাসাৰ্ধ কিমান ?

উঃ ৯.৩ মিলিমিটাৰ।

প্ৰঃ ২০০৬ চনত ডোহা এছিয়াডত পুৰুষৰ দলীয় শাখাত ব্রঞ্জৰ পদক লাভ কৰা ভাৰতীয় আৰ্চাৰী দলটোৰ সদস্য কেইজনৰ নাম কোৱা।

উঃ তৰুণীদ্বীপ ৰায়, চাম্পিয়া, মংগল সিং, জয়ন্ত তালুকদাৰ আৰু বিশ্বাস।

প্ৰঃ ২০০৫ চনত বিশ্বকাপ আৰ্চাৰী প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় আৰ্চাৰীজনৰ নাম কি ?

উঃ জয়ন্ত তালুকদাৰ।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত আৰ্চাৰীৰ মহিলাৰ একক শাখাত সোণৰ পদক অৰ্জন কৰা মহিলা আৰ্চাৰ গৰাকীৰ নাম কি ?

উঃ পাৰ্ক চুং-হুন।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিক আৰ্চাৰীৰ পুৰুষৰ একক শাখাত সোণৰ পদক পোৱা আৰ্চাৰজনৰ নাম কি ?

উঃ মাৰ্ক গেলিয়েজ’।

প্ৰঃ প্ৰাচীন আৰ্চাৰী খেলৰ উদ্ভৱ কোন দেশত হৈছিল ?

উঃ ইজিপ্তত। ০ ০ ০

 

অধ্যায়- ১২

বাস্কেটবল

 প্ৰঃ কেতিয়া বাস্কেটবল খেলৰ উদ্ভাৱন হৈছিল ?

উঃ ১৮৯১ চনত।

প্ৰঃ বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে ?

উঃ পাঁচজন।

প্ৰঃ বাস্কেট বল এটাৰ ওজন কিমান হোৱা উচিত ?

উঃ ৬০০ গ্ৰামৰ পৰা ৬৫০ গ্ৰাম।

প্ৰঃ পোন প্ৰথমতে বাস্কেটবল ক’ত খেলোৱা হৈছিল ?

উঃ আমেৰিকাত।

প্ৰঃ বাস্কেটবল খেলৰ নিয়মাৱলী কোনে প্ৰস্তুত কৰিছিল ?

উঃ জেমচ নাই স্মিথ (কানাডা)

প্ৰঃ বাস্কেটবল এটাৰ ফ্রীথ্ৰ’ৰ বাবে দূৰত্ব কিমান ?

উঃ বাস্কেটৰ পৰা ৪.৬ মিটাৰ।

প্ৰঃ  কোনজন বিখ্যাত বাস্কেটবল খেলুৱৈৰ শাৰীৰিক উচ্চতাৰ বাবে তেওঁ  ‘বিগডিপাৰ’ নামেৰে জনাজাত হয় ?

উঃ উইল্ট চেম্বাৰলেইন।

প্ৰঃ বাস্কেটবল পোষ্টৰ উচ্চতা কিমান ?

উঃ ৩.৫ মিটাৰ।

প্ৰঃ কোন চনত বাস্কেটবলৰ নিয়মাৱলী সন্নিবিষ্ট কিতাপ প্ৰকাশিত হৈছিল· ?

উঃ ১৮৯২ চনত।

প্ৰঃ স্কাই হুক উদ্ভাৱনৰ কৃতিত্ব লাভ কৰা বাস্কেটবল চুপাৰষ্টাৰজনৰ নাম কি ?

উঃ কৰিম আব্দুৰ জববাৰ।

প্ৰঃ ‘ফেডাৰেচন ইন্টাৰনেচনেল ডি বাস্কেটবল এচ’চিয়েশ্বন’ কেতিয়া গঠন হৈছিল ?

উঃ ১৯৩২ চনত।

প্ৰঃ  কোনজন বিখ্যাত আমেৰিকীয় বাস্কেটবল খেলুৱৈৰ উপনাম ‘দি ড্ৰিম’ ?

উঃ হেকিম উলাজুৱন।

প্ৰঃ বাস্কেটবলৰ সৈতে জড়িত দুটা উত্তম ৰক্ষণাত্মক কৌশল কি কি ?

উঃ মেন-টু-মেন আৰু জ’ন আত্মৰক্ষা।

প্ৰঃ বিখ্যাত বাস্কেটবল খেলুৱৈ মেজিক জনচনৰ প্ৰথম নামটো কি ?

উঃ আৰি্ভন।

প্ৰঃ জেমছ নাই স্মিথে কি উদ্দেশ্য লৈ বাস্কেটবল উদ্ভাৱন কৰিছিল ?

উঃ ফুটবল আৰু বেছবল বতৰৰ মধ্যৱৰ্তী কালত ছাত্ৰ-ছাত্ৰীসকলে খেলিবৰ বাবে বাস্কেটবল উদ্ভাৱন কৰিছিল। ০ ০ ০

 

অধ্যায়- ১৩

বক্সিং

 প্ৰঃ কোন চনত ইন্টাৰনেচলেন বক্সিং ফেডাৰেচছন গঠিত হৈছিল ?

উঃ ১৯৮৩ চনত।

প্ৰঃ ইংৰাজ বক্সিঙ ৰ পিতৃস্বৰূপ কোন ?

উঃ জেক ব্রউটন।

প্ৰঃ বিশ্বৰ পেছাদৰী বক্সিং নিয়ন্ত্ৰণকাৰী আন্তৰ্জাতিক সংস্থাটোৰ নাম কি ?

উঃ ৱৰ্ল্ড বক্সিং কাউন্সিল।

প্ৰঃ মহম্দ আলি কিমানবাৰ বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন হৈছিল ?

উঃ তিনিবাৰ।

প্ৰঃ বাডি ডিচুজা হ’ল ‘অৰ্জুন বঁটা’ পোৱা প্ৰথমগৰাকী বক্সাৰ। তেওঁ কোন চনত এই বঁটা পাইছিল ?

উঃ ১৯৬১ চনত।

প্ৰঃ ২০০৫ চনত অৰ্জুন বঁটা পোৱা ভাৰতীয় বক্সাৰজন কোন ?

উঃ অখিল কুমাৰ।

প্ৰঃ অপেছাদাৰী বক্সিং প্ৰতিযোগিতা এখনৰ কালৰ্দ্ঘ্যৈ কিমান ?

উঃ দুই মিনিটকৈ চাৰি ৰাউণ্ড থাকে। প্ৰতিটো ৰাউণ্ডৰ মাজত এক মিনিট সময় বিৰতি থাকে।

প্ৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰা কোনগৰাকী আমেৰিকীয় বক্সাৰক মহান বক্সাৰৰূপে  জনা যায় ?

উঃ মহম্মদ আলি।

প্ৰঃ ১৭৪৩ চনত জেক ব্রাফটনে বক্সিং জগতলৈ কি অৱদান আগবঢ়াইছিল ?

উঃ জেক ব্রাফটনে পোন প্ৰথমতে বক্সিãৰ নিয়মাৱলী সংজ্ঞাবদ্ধ কৰিছিল ?

প্ৰঃ কেছিয়াচ মাৰ্চেলিয়াছ ক্লে হ’ল এগৰাকী বিখ্যাত হেভিৱেট বক্সিং চেম্পিয়নৰ জন্ম নাম। তেওঁ গ্ৰহণ কৰা নাম কি ?

উঃ মহম্মদ আলি।

প্ৰঃ ২০০৫ চনত বিশ্ব বক্সিং পৰিষদৰ বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা আমেৰিকাৰ বক্সাৰজনৰ নাম কি ?

উঃ হাচিম ৰহমান।

প্ৰঃ  কোন চনত বক্সিং অলিম্পিকত অন্তৰ্ভূক্ত হয় ?

উঃ ১৯০৪ চনত।

প্ৰঃ মহিলাৰ প্ৰথমখন বিশ্ব অপেচাদাৰী বক্সিং চেম্পিয়নশ্বিপ কেতিয়া অনুষ্ঠিত হৈছিল ?

উঃ ২০০১ চনত।

প্ৰঃ কোন চনত ইংৰাজ কৰ্তৃপক্ষই বক্সিঙৰ ফ্লাইৱেট শ্ৰেণী প্ৰৱৰ্তন কৰিছিল ?

উঃ ১৯১০ চনত।

প্ৰঃ ২০০৫ চনত মস্কোত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিঃগ্ৰাঃ শাখাত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা গৰাকীৰ নাম কি ?

উঃ এম চি মেৰিকম।

প্ৰঃ ১৯৯৮ চনৰ ত্ৰয়োদশ এচিয়াডত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় বক্সাৰগৰাকীৰ নাম কি ?

উঃ এন জি ডিংকো সিং।

প্ৰঃ কনিষ্ঠতম বিশ্ব প্ৰসিদ্ধ বক্সাৰ মহম্মদ আলিৰ জীয়েকৰ নাম কি ?

উঃ লেইলা আলি।

প্ৰঃ এখন পেচাদাৰী বক্সিং মেচত মহম্মদ আলি ১৯৭১ চনত এজন বক্সাৰৰ দ্বাৰা পৰাভূত হৈছিল। সেইজন বক্সাৰৰ নাম কি ?

উঃ জ’ ফ্রেজিয়াৰ।

প্ৰঃ ১৯৮৬ চনত মাইক টাইছন কনিষ্ঠতম হেভিৱেট চেম্পিয়ন হৈছিল। তেওঁৰ আগতে কনিষ্ঠতম হেভিৱেট চেম্পিয়ন কোন আছিল ?

উঃ ফ্রইড পেটাৰছন।

প্ৰঃ বক্সিঙৰ আটাইতকৈ কম ওজনৰ শাখাটোৰ নাম কি ?

উঃ ফ্লাইৱেট।

প্ৰঃ WBC ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ World Boxing Council.

প্ৰঃ IABF সম্পূৰ্ণ ৰূপটো কি ?

উঃ Indian Amateur Boxing Federation. ০ ০ ০

 

অধ্যায়- ১৪

কাবাদী

 প্ৰঃ কাবাদী দলত কিমানজন খেলুৱৈ থাকে ?

উঃ সাত জন।

প্ৰঃ পুৰুষৰ বাবে কাবাদী খেলপথাৰৰ ৰ্দ্ঘ্যৈ কিমান ?

উঃ ১২.৫০ মিটাৰ।

প্ৰঃ মহিলাৰ বাবে কাবাদী খেলপথাৰখনৰ জোখ কিমান ?

উঃ ১১ মিটাৰ × ৮ মিটাৰ।

প্ৰঃ কাবাদীত ‘কেন্ট’ মানে কি ?

উঃ খেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ নসলোৱাকৈ ‘কাবাদী’ শব্দটো একাধিকবাৰ উচ্চাৰণ কৰি কৰি নিজৰ ক’ৰ্টলৈ উভতি অহাকে ‘কেনট’ বোলে ।

প্ৰঃ কাবাদীত ‘ৰেইডাৰ’ মানে কি ?

উঃ ‘কেনট’ অৱলম্বনেৰে বিপৰীত পক্ষৰ ক’ৰ্টত প্ৰেবশ কৰা খেলুৱৈজনক  ‘ৰেইডাৰ’ বোলে ।

প্ৰঃ ভাৰতৰ বিভিন্ন ঠাইত ‘কাবাদী’ খেলক কি কি নামেৰে জনা যায় ?

উঃ পূৱ ভাৰতত ‘হা-ডু-ডু’ (পুৰুষ), ‘চু-কিট-কিট’ (মহিলা); দক্ষিণ ভাৰতত ‘হু-টু-টু’ বা ‘চেডু গুডু’ আৰু উত্তৰ ভাৰতত ‘কাবাদী’।

প্ৰঃ ২০০৫ চনৰ দ্ৰোণাচাৰ্য বঁটা পোৱা কাবাদী খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ বলবান সিং।

প্ৰঃ কোনখন দক্ষিণ এছীয় ফেডাৰেচন খেলত কাবাদীক অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ দ্বিতীয় (১৯৮৫)। 

প্ৰঃ ২০০৪ চনত কোনখন দেশে প্ৰথম কাবাদী বিশ্বকাপত বিজয় সাব্যস্ত কৰে ?

উঃ ভাৰত।

প্ৰঃ কাবাদী স্ক’ৰ ব’ৰ্ডত ল’না কেনেদৰে সূচোৱা হয় ?

উঃ অনুভূমিক ৰেখাৰ দ্বাৰা।

প্ৰঃ কাবাদীত ‘ল’না’ মানে কি ?

উঃ এটা দলে প্ৰতিপক্ষৰ দলটোৰ আটাইবোৰ খেলুৱৈক আউট কৰিলে ‘ল’না’ পোৱা বুলি কোৱা হয় বা দুই পইন্টৰ বনাচ পায়।

প্ৰঃ  কোন চনত অলিম্পিকত প্ৰদৰ্শনী মূলক ক্ৰীড়া হিচাপে কাবাদীক অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৫৬ চনত।০ ০ ০

 

অধ্যায়- ১৫

এথলেটিছ্

প্ৰঃ কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে ক্ৰীড়া হিচাপে এথলেটিকছৰ সূচনা হয় ?

উঃ ১৯২৪ চনত।

প্ৰঃ কমনৱেলথ গেমছৰ ইতিহাসত এথলেটিকছত সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকী কোন ?

উঃ অঞ্জু  ববী জৰ্জ।

প্ৰঃ AAFI ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Amateur Athletics Federation of India.

প্ৰঃ এছিয়াডত সোণৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন ?

উঃ কলমজিৎ সান্ধু ।

প্ৰঃ আচাফা পাৱেলক ‘পৃথিৱীৰ দ্ৰুততম মানৱ’ ৰূপে জনা যায়। তেওঁ কোন দেশৰ নাগৰিক ?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ ‘পায়লি এক্সেপছ’ নামে জনাজাত মহিলা এথলীট গৰাকীৰ নাম কি ?

উঃ পি টি ঊষা।

প্ৰঃ ইন্দোনেচিয়ানসকলে পি টি ঊষাক এটি উপনাম দিছিল । সেই উপনামটো কি ?

উঃ সোণ উদ্যোগ।

প্ৰঃ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলিটৰ নাম ‘ডেলে থমছন’। তেওঁৰ আচল নাম কি ?

উঃ ফ্রেন্সিছ মৰ্গেন থম্পছন।

প্ৰঃ  ষ্টেণ্ডাৰ্ড এথলেটিক ট্রেকৰ ৰিলে বিনিময় মণ্ডলৰ দৈর্ঘ কিমান হোৱা উচিত ?

উঃ ২০ মিটাৰ।

প্ৰঃ এক ব্যতিক্ৰমী দৌৰ প্ৰতিভাৰ বাবে  মিলখা শিঙে  পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমৰ পৰা এক উপাধি পাইছিল। উপাধিটো কি আছিল ?

উঃ দি ফ্রায়িং শিখ।

প্ৰঃ প্ৰখ্যাত এথলীট ফ্লৰেন্স গ্ৰিফিথ জয়নাৰৰ উপনাম কি ?

উঃ ফ্লোজ ।

প্ৰঃ  ‘দি চেক ল’কমটিভ’ বুলি জনাজাত এথলীট গৰাকীৰ নাম কি ?

উঃ এমিল জেট’পেক । 

প্ৰঃ অলিম্পিকত মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰিবলৈ কোনে প্ৰস্তাৱ উত্থাপন কৰিছিল ?

উঃ মাইকেল ব্রেল ।

প্ৰঃ কোনখন অলিম্পিকত পোন প্ৰথম মাৰাথন দৌৰক অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ১৮৯৬ চনৰ এথেন্স অলিম্পিকত।

প্ৰঃ ১০ চেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা প্ৰথম এথলীট গৰাকীৰ নাম কি ?

উঃ জিম হাইনছ।

প্ৰঃ কোনজন এথলীটক ‘পকেট হাৰকিউলিছ’ ৰূপে জনা যায় ?

উঃ নেইম চুলেমানলু।

প্ৰঃ ভাৰতৰ প্ৰথম গৰকী মহিলা এথলীট কোন ?

উঃ মেৰি লীলা ৰাও।

প্ৰঃ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় এথলীটৰ নাম কি ?

উঃ মিলখা সিং।

প্ৰঃ প্ৰথম বিশ্ব ট্রেক আৰু ফিল্ড ইভেন্ট চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল ?

উঃ হেছিনকিত।

প্ৰঃ  ১৯৬০ চনত অলিম্পিক খেলত এগৰাকী ভাৰতীয় এথলীটে অলিম্পিক অভিলেখ ভংগ কৰিছিল। তথাপি তেওঁ পদক লাভ কৰা নাছিল। তেওঁৰ নাম কি ?

উঃ মিলখা সিং।

প্ৰঃ প’ল ভল্টিঙত তেওঁ নিজৰেই অভিলেখ ৩৪ বাৰ ভংগ কৰে। তেওঁৰ নামটো কি ?

উঃ চাৰ্গেই বাব্কা।

প্ৰঃ বিশ্ব ডিছকাছ  থ্ৰ’ৰ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি ?

উঃ সীমা এন্টিল।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত মহিলাৰ প’ল ভল্টত সোণৰ পদক পোৱা মহিলা গৰাকীৰ নাম কি ?

উঃ এলনা চিনবায়েডা।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত পুৰুষৰ মাৰাথন দৌৰত সোণৰ পদক লাভ কৰা এথলীট গৰাকী কোন ?

উঃ ষ্টেফেনো বালডিনি (ইটালী)।

প্ৰঃ অলিম্পিক ইেভন্টৰ ফাইনেলত উপনীত হোৱা প্ৰথম  ভাৰতীয় মহিলা গৰাকী কোন?

উঃ পি টি ঊষা।

প্ৰঃ ২০০৩ চনৰ ৰাজীব গান্ধী খেলৰত্ন বঁটা কোনে লাভ কৰিছিল ?

উঃ অঞ্জু বেবী জৰ্জ।০ ০ ০

অধ্যায়- ১৬

নৌকাচালনা

 প্ৰঃ নৌকা চালনা খেল কোন দেশত প্ৰথমে উদ্ভৱ হোৱা বুলি কোৱা হয় ?

উঃ প্ৰাচীন গ্ৰীচত।

প্ৰঃ নৌকাচালনাৰ ‘স্কলাৰ’ মানে কি ?

উঃ দুপাত বঠাৰ নৌকাচালনা কৰা নৌকাচালক।

প্ৰঃ ২০০৪ বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকত কোনখন দেশে নৌকাচালনা ইভেন্টত সৰ্বাধিক স্বৰ্ণ পদক লাভ কৰিছিল ?

উঃ ৰোমানিয়া।

প্ৰঃ ২০০০ বৰ্ষত জীৱনজোৰা অৰিহণাৰ বাবে কোনগৰাকী বিখ্যাত নৌকাচালকক সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰা হয় ?

উঃ সুৰেন্দৰ সিং কানৱাচি।

প্ৰঃ বিখ্যাত নৌকাচালক ওলাফ টাফটে কোন দেশৰ নাগৰিক ?

উঃ নৰৱে।

প্ৰঃ নৌকাচালনাৰ কেইটামান গুৰুত্বপূৰ্ণ ইভেন্টৰ নাম কোৱা।

উঃ ছিংগল স্কালছ, ডাবল স্কালছ,  কক্সলেছ পেয়ৰছ, লাইটৱেট ডাবল স্কালছ আদি।

প্ৰঃ থেমছ নদীৰ পাৰত ইংলণ্ডৰ দুখন বিশ্ববিদ্যালয়ৰ মাজত বাৰ্ষিক নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয় দুখনৰ নাম কিকি ?

উঃ অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ৰিজ বিশ্ববিদ্যালয়।

প্ৰঃ  ২০০৪ চনত এথেন্স অলিম্পিকত পুৰুষৰ ছিংগলছ স্কালছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈজনৰ নাম কি ?

উঃ ওলাফ টাফলে।  ০ ০ ০ 

 

অধ্যায়- ১৭

জিমনাষ্টিকচ্

 প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছ ফেডাৰেচন কেতিয়া গঠন কৰা হয় ?

উঃ ১৮৮১ চনত।

প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত জিমনাষ্টিকছত মহিলাই একক শাখাত অংশ গ্ৰহণ কৰিবলৈ লয় ?

উঃ ১৯৫২ চনৰ অলিম্পিকৰ পৰা।

প্ৰঃ জিমনাষ্টিকছত কাক ‘ৰোমানিয়াৰ বিস্ময় বালিকা’ বুলি কোৱা হয় ?

উঃ নাদিয়া কমানেচি।

প্ৰঃ ২০০ ছিডনী অলিম্পিকত শেহতীয়াকৈ অন্তৰ্ভূক্ত কৰা জিমনাষ্টিকছৰ বিষয়টো কি ?

উঃ ট্রেম্পলিন।

প্ৰঃ জিমনাষ্টিকছৰ পাৰফেক্ট  স্ক’ৰ কিমান ?

উঃ দহ।

প্ৰঃ ১৯৭২  আৰু ১৯৭৬ চনৰ অলিম্পিকত ৪ টা সোণৰ পদক আৰু ২ টা ৰূপৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম কি ?

উঃ ওলগা কৰবাট।

প্ৰঃ জিমনাষ্টিকছৰ ‘আজো-ককা’ বুলি কাক জনা যায় ?

উঃ জোহান গাটচ্ মুথছ।

প্ৰঃ  Gymnastics for Youth নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উঃ জোহান গাটচ্ মুথছ। 

প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছ ফেডাৰেচন কেতিয়া গঠন কৰা হয় ?

উঃ ১৮৮১ চনত।

প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছত পুৰুষ আৰু মহিলাৰ দুটাহে উমৈহতীয়া  বিষয় থাকে। তাৰে এটা হ’ল ভল্টিং হৰ্ছ আনটো কি ?

উঃ ফ্ল’ৰ এক্সাৰচাইজ।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত মহিলাৰ আইভেন বাৰ শাখাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ এমিলি লেপেনেক।

প্ৰঃ জীৱনজোৰা অৱদানৰ বাবে কোনগৰাকী ভাৰতীয় জিমনাষ্টিকছ খেলুৱৈক ২০০০ চনত অৰ্জুন বঁটা প্ৰদান কৰা হয় ?

উঃ কল্পনা দেৱনাথ।

প্ৰঃ কোনটো বৰ্ষত ফেডাৰেচন ইন্টাৰনেচনেল ডি জিমনাষ্টিকছ ৰিথমিক জিমনাষ্টিকছ বিভাগীয় বিষয় হিচাপে  ঘোষণা কৰে ?

উঃ ১৯৬১ চনত।

প্ৰঃ যদি জিমনাষ্টিক খেলুৱৈ এজনে সঁজুলিৰ ওপৰৰ পৰা পৰি যায় তেন্তে নিম্নতম কিমান পইন্ট কৰ্তন কৰা হয় ?

উঃ মুঠ পইন্টৰ পাঁচ-দশমাংশ।

প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত জিমনাষ্টিকছত মহিলাই একক শাখাত অংশ গ্ৰহণ কৰিবলৈ লয় ?

উঃ ১৯৫২ চনৰ অলিম্পিকৰ পৰা।

প্ৰঃ বিখ্যাত জিমনাষ্টিকছ খেলুৱৈ নাদিয়া কমানেচিৰ গিৰীয়েক এজন জিমনাষ্টিক খেলুৱৈ। তেওঁ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁৰ নাম কি ?

উঃ বাৰ্ট ক’নাৰ। ০ ০ ০

 

অধ্যায়- ১৮

সাঁতোৰ

 প্ৰঃ কোন চনৰ পৰা পুৰুষৰ বাবে  অলিম্পিকত সাঁতোৰ খেল অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৮৯৬ চনত।

প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত মহিলাৰ বাবে সাঁতোৰ খেল অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯১২ চনৰ ষ্টহ’ম অলিম্পিকৰ পৰা।

প্ৰঃ কেৱল মহিলাৰ সাঁতোৰ ইভেন্টটো কি ?

উঃ চিনক্রো নাইজড সাঁতোৰ।

প্ৰঃ  সাঁতোৰৰ  আটাইতকৈ লেহেমীয়া ষ্ট্ৰোক কোনটো ?

উঃ ব্রেস্ট ষ্ট্ৰোক।

প্ৰঃ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা  প্ৰথমগৰাকী ব্যক্তিৰ নাম কি ?

উঃ কেপ্তেইন মেথিউ ৱেব।

প্ৰঃ সাঁতোৰৰ বিষয়ে পোন প্ৰথমতে কোনে কিতাপ লিখে ?

উঃ নিকোলাচ উইনমেন।

প্ৰঃ পাঁচখন মহাদেশৰ উল্লেখযোগ্য সাগৰীয় প্ৰণালী কেইটা সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলাৰ নাম কি ?

উঃ বুলা চৌধুৰী।

প্ৰঃ কেপ্তেইন মেথিউ ৱেব  ইংলিছ চেনেল পাৰ হ’বলৈ কোনটো ষ্ট্ৰোক অৱলম্বন কৰিছিল ?

উঃ ব্রেস্ট ষ্ট্ৰোক সাঁতোৰ।

প্ৰঃ ১৬৯৬ খ্ৰীষ্টাব্দত ফ্রান্সৰ এজন অপেছাদাৰী বৈজ্ঞানিক এম থেনেভটে সাঁতোৰৰ ওপৰত এখন কিতাপ ৰচনা কৰিছিল। কিতাপখনৰ নাম কি ?

উঃ ‘দি আৰ্ট অব চুইমিং’।

প্ৰঃ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা  এচিয়া মহাদেশৰ প্ৰথমজন ব্যক্তিৰ নাম কি ?

উঃ আৰতি সাহা।

প্ৰঃ আন্তৰ্জাতিক সাঁতোৰ প্ৰতিযোগিতাসমূহ নিয়ন্ত্ৰণ কৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠনটোৰ নাম কি ?

উঃ ফেডাৰেচন ইন্টানেচনেল ডি নেচন।

প্ৰঃ  ইংলিছ চেনেলৰ অন্তিম বিন্দুৰ মহানগৰ দুখন কি কি ?

উঃ ড’ভাৰ আৰু কেলেইছ।

প্ৰঃ  দুবাৰ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম এছিয়ান গৰাকীৰ নাম কি ?

উঃ বুলা চৌধুৰী।

প্ৰঃ ১৮৯৬ চনত (আধুনিক অলিম্পিক খেল আৰম্ভণিৰ পৰা) সাঁতোৰৰ কোনটো ষ্ট্ৰোক অলিম্পিকৰ অপৰিহাৰ্য অংগ আছিল ?

উঃ ফ্রি-ষ্টাইল সাঁতোৰ।

প্ৰঃ ১৯৮৮ চনৰ আগষ্টত জিব্রাল্টৰ প্ৰণালী পাৰ হোৱা প্ৰথম শাৰীৰিক প্ৰতিবন্ধী লোকজনৰ নাম কি ?

উঃ তাৰানাথ শ্বিনয়।

প্ৰঃ কোন চনৰ পৰা অলিম্পিকত ব্রেস্ট ষ্ট্ৰোক এটা পৃথক ইভেন্ট হৈ পৰে ?

উঃ ১৯০৪ চনৰ পৰা।

প্ৰঃ অলিম্পিক খেলত অনুষ্ঠিত কৰা চাৰি প্ৰকাৰৰ সাঁতোৰৰ নাম কোৱা ?

উঃ ফ্রি  ষ্টাইল, বেক ষ্ট্ৰোক, ব্ৰেষ্টষ্ট্ৰোক আৰু বাটাৰফ্লাই ।

প্ৰঃ  সাঁতোৰৰ চাৰিটা ষ্ট্ৰোকৰ ভিতৰত কোনটো ষ্ট্ৰোক আটাইতকৈ বেগী ?

উঃ ফ্রি  ষ্টাইল।

প্ৰঃ ২০০১ চনৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপত ছটা সোণৰ পদক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ সাঁতোৰবিদ গৰাকী কোন ?

উঃ ইয়ান থর্পে ।

প্ৰঃ অলিম্পিকত সকলোবোৰ  সাঁতোৰ ইভেন্ট কিমান মিটাৰ পুলত অনুষ্ঠিত  হয় ?

উঃ ৫০ মিটাৰ।

প্ৰঃ ১০০ মিটাৰ বেক ষ্ট্ৰোকত বিশ্ব অভিলেখ গঢ়া  মহিলা সাঁতোৰবিদৰ নাম কি ?

উঃ নাটালি কাফ্লিন।

প্ৰঃ বিশ্ব সাঁতোৰ চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক পদক অৰ্জন কৰা মহিলা গৰাকীৰ নাম কি ?

উঃ জেনী থম্পছন। ০ ০ ০

 

অধ্যায়- ১৯

ভাৰোত্তলন

 প্ৰঃ পুৰুষৰ ভাৰোত্তলন শাখা কেইটা ?

উঃ ৮ টা।

প্ৰঃ মহিলাৰ ভাৰোত্তলন  শাখা কেইটা ?

উঃ ৭ টা।

প্ৰঃ ভাৰোত্তলনৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকাৰৰ নাম কোৱা।

উঃ জাৰ্ক আৰু স্নোটছ্।

প্ৰঃ  এছিয়াৰ প্ৰথম গৰাকী ভাৰোত্তলন চেম্পিয়ন কোন আছিল ?

উঃ মহম্মদ নামডাজু (ইৰাণ)।

প্ৰঃ প্ৰথম বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল ?

উঃ লণ্ডনত।

প্ৰঃ প্ৰথম ভাৰোত্তলন চেম্পিয়নশ্বিপ কেতিয়া অনুষ্ঠিত  হৈছিল ?

উঃ ১৮৯১ চনত।

প্ৰঃ অলিম্পিক আৰু আন আন্তৰ্জাতিক প্ৰতিযোগিতাৰ ভাৰোত্তলন ইভেন্টত অংশ গ্ৰহণ কৰাৰ বাবে  পুৰুষ-মহিলা উভয়ৰে নিম্নতম বয়স কিমান ?

উঃ ১৬ বছৰ।

প্ৰঃ অলিম্পিকত ৬০০ কিঃ গ্ৰঃত কৈ অধিক ভাৰোত্তলন কৰা প্ৰথম গৰাকী খেলুৱৈৰ নাম কি ?

উঃ ভেছিলি এলেকচেয়েড।

প্ৰঃ  অলিম্পিকত এতিয়া কোন প্ৰকাৰৰ ভাৰোত্তলন অনুষ্ঠিত নহয় ?

উঃ দি প্ৰেছ।

প্ৰঃ ১৯৯৫ চনত কোনজন ভাৰতীয় মহিলা ভাৰোত্তলনক সন্মানীয় ‘ৰাজীৱ গান্ধী খেলৰত্ন বঁটা’ লাভ কৰিছিল ?

উঃ এন কুঞ্জৰাণী দেৱী।

প্ৰঃ ২০০০ চনত কোনজন ভাৰতীয় মহিলাই অৰ্জুন বঁটা লাভ কৰিছিল ?

উঃ চানমাছ চানু।

প্ৰঃ  ২০০০ আৰু ২০০৪ চনৰ অলিম্পিকত পুৰুষৰ ১০৫ কিঃগ্ৰাঃ শাখাত সোণৰ পদক পোৱা ভাৰোত্তলকজনৰ নাম কি ?

উঃ হুছেইন ৰেজা জাদেহ।

প্ৰঃ ১৯৮৯ চনত মানচেষ্টাৰত অনুষ্ঠিত  বিশ্ব ভাৰোত্তলন চেম্পিয়নশ্বিপত এজন ভাৰতীয় ভাৰোত্তলকে তিনিটাকৈ ৰূপৰ পদক লাভ কৰে। তেওঁৰ নাম কি ?

উঃ এন কুঞ্জৰাণী দেৱী।  ০ ০ ০ 

 

 অধ্যায়- ২০

শ্বুটিং

 প্ৰঃ ISSF ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ International Shooting Sports Federation.

প্ৰঃ ISSF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?

উঃ জাৰ্মানী।

প্ৰঃ  বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি ?

উঃ অভিনৱ বিন্দ্ৰা।

প্ৰঃ প্ৰথম বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপ ক’ত আৰু কেতিয়া অনুষ্ঠিত  হৈছিল ?

উঃ ১৮৯৭ চনত ফ্রান্সত।

প্ৰঃ এয়াৰ ৰাইফলৰ সৰ্বমুঠ দূৰত্ব কিমান হ’ব লাগে।

উঃ ৮৫০ মিঃ মিঃৰ ভিতৰত।।

প্ৰঃ মহিলাৰ বাবে পৃথক অলিম্পিক ইভেন্ট হিচাপে শ্বুটিঙক কোন চনত অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৮৪ চনত (লছ এঞ্জেলচত)।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত ৰাজ্যবৰ্ধন সিং ৰাথোড়ে শ্বুটিঙত কি পদক লাভ কৰে ?

উঃ ৰূপৰ পদক।

প্ৰঃ  সংযুক্ত আৰব গণৰাজ্যৰ এজন শ্বুুটাৰে ২০০৪ চনৰ এথেন্স অলিম্পিকত পুৰুষৰ ডাবল ট্রেপ ইভেন্টত সোণৰ পদক লাভ কৰে। তেওঁৰ নাম কি ?

উঃ আহমেদ আল-মেকট’ম।

প্ৰঃ ২০০৪ চনত এজন বিখ্যাত ভাৰতীয় শ্বুটাৰক ৰাজীব গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰা হয়। তেওঁৰ নাম কি ?

উঃ ৰাজ্যবৰ্ধন সিং ৰাথোড়।

প্ৰঃ ডোহাত অনুষ্ঠিত  ২০০৬ চনৰ ১৫ তম এছিয়ান গেমছত তিনিটা সোণৰ পদক পোৱা বিখ্যাত ভাৰতীয় শ্বুটাৰ গৰাকীৰ নাম কি·

উঃ যশপাল ৰাণা।

প্ৰঃ চুইডেনৰ কোনজন বিশ্ব প্ৰসিদ্ধ শ্বুটাৰে ৬০ বছৰ বয়সত ১৯০৮ চনৰ অলিম্পিকত দুটা সোণৰ পদক আৰু ৭২ বছৰ বয়সত ১৯২০ চনৰ অলিম্পিকত এটা ৰূপৰ পদক অৰ্জন কৰে ?

উঃ অস্কাৰ স্বান।

প্ৰঃ ২০০৪ চনৰ এথেন্স অলিম্পিকত শ্বুটিঙৰ কেইটা ইভেন্ট অনুষ্ঠিত  হৈছিল ?

উঃ ১৭ টা।

প্ৰঃ ২০০২ চনৰ সপ্তদশ কমনৱেলথ গেমচত চাৰিটাকৈ সোণৰ পদক অৰ্জন কৰা ভাৰতীয় শ্বুটাৰজনৰ নাম কি ?

উঃ ২০০৬ চনৰ মাৰ্চত গোৱাঙ ঝাওত অনুষ্ঠিত ISSF  বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং ইভেন্টত সোণৰ পদক পোৱা ব্যক্তিজন কোন ?

উঃ গগন নাৰং।

প্ৰঃ অলিম্পিকৰ একক শাখাত ৰূপৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ কোন ?

উঃ ৰাজ্যবৰ্ধন সিং ৰাথোড়।

প্ৰঃ ২০০৫ চনত অৰ্জুন বঁটা লাভ কৰা ভাৰতীয় শ্বুটাৰজন কোন ?

উঃ গগন নাৰ।  ০ ০ ০ 

 

 অধ্যায়- ২১

মটৰকাৰ ৰেচিং

 প্ৰঃ  কোনটো আন্তৰ্জাতিক সংস্থাই গোটেই বিশ্বতে মটৰ কাৰ ৰেচিং নিয়ন্ত্ৰণ কৰে ?

উঃ Federation International Del (Automobiles)

প্ৰঃ ‘লি মেনছ মটৰ কাৰ ৰেচ’ৰ কাল দৈর্ঘ  কিমান ?

উঃ চৌবিবশ ঘন্টা।

প্ৰঃ ফৰ্মূলা ওৱান ৰেচিঙত ‘ফৰ্মূলা’ মানে কি ?

উঃ ‘ফৰ্মূলা হৈছে কিছুমান নীতি-নিয়ম যিবোৰ অংশগ্ৰহণকাৰী চালকসকলে মানি চলিব লাগে।

প্ৰঃ ২০০৫ চনৰ বিশ্ব মটৰ ৰেচিং চেম্পিয়নশ্বিপ ট্ৰফী কোনে অৰ্জন কৰি ফৰ্মূলা ওৱানৰ কনিষ্ঠতম  চেম্পিয়ন হয় ?

উঃ ফাৰ্ণেণ্ডো এলনছ’ (স্পেইন)।

প্ৰঃ ২০০৪ চনৰ জাপান গেণ্ড প্ৰিক্স বিজয়ী হোৱাৰ লগে লগে একোটা ঋতুতে ১৩ টা ৰেচত বিজয় সাব্যস্ত কৰা প্ৰথম গৰাকী ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ নাম কি ?

উঃ মাইকেল চুমাচেৰ।

প্ৰঃ ফৰ্ৰ্মূলা ওৱান ৰেচিঙত অংশ গ্ৰহণ কৰা প্ৰথম ভাৰতীয় গৰাকী কোন ?

উঃ  নাৰায়ণ কাৰ্থিকেয়ান।

প্ৰঃ ‘স্পা ফ্রেঙ্ককৰচাম্প্ৰছ’ হ’ল ফৰ্মূলা ওৱান গ্ৰেণ্ড প্ৰিক্স ট্রেক। ই কোন দেশত অৱস্থিত ?

উঃ বেলজিয়াম।

প্ৰঃ কোনখন দেশৰ গ্ৰেণ্ড প্ৰিক্সক ‘মনজা’ বোলা  হয় ?

উঃ ইটালী।

প্ৰঃ ফৰ্মূলা ওৱান মটৰ কাৰ ৰেচৰ আৰম্ভণি কালত সন্মুখৰ অৱস্থানক কি বোলে ?

উঃ প’ল অৱস্থান।

প্ৰঃ  বিশ্বৰ প্ৰাচীনতম ফৰ্মূলা ওৱান দলটোৰ নাম কি ?

উঃ ফেৰাৰি।

প্ৰঃ ১৯৯৪ চনত টামবুৰেল কৰ্ণাৰত সংঘটিত এক শোকাবহ  দুৰ্ঘটনাত এজন ফৰ্মূলা ওৱান ড্ৰাইভাৰৰ মৃত্যু ঘটে। তেওঁৰ নাম কি ?

উঃ আৰটন চেন্না।

প্ৰঃ ফৰ্মূলা ওৱান ৰেচত ড্ৰাইভাৰ আৰু মটৰ গাড়ী উভয়ৰে ওজন কিমান হোৱা উচিত ?

উঃ ৬০০ কিঃগ্ৰাঃ।

প্ৰঃ ‘A1 ৰিং’ হ’ল এটা ফৰ্মূলা ওৱান চাৰ্কিট। ই ক’ত অৱস্থিত ?

উঃ অষ্ট্ৰিয়া।  ০ ০ ০ 

 

অধ্যায়- ২২

সমৰ কলা

 প্ৰঃ  জাপানী সমৰ কলা ‘আইকাইড’ৰ উদ্ভাৱক কোন ?

উঃ মৰিহেই এছিবা।

প্ৰঃ ‘আইকাইড’ শব্দটো তিনিটা জাপানী পদ আই, কাই আৰু ড’ৰ সমষ্টি। ইহঁতৰ অৰ্থ কি ?

উঃ আই: যোগদান কৰা, কাই: উদ্যান, আৰু ড’: উপায়।

প্ৰঃ কোনবিধ জাপানী খেলৰ অৰ্থ ‘খালী হাত’ ?

উঃ কেৰাটে।

প্ৰঃ ১৮৮২ চনত জাপানত জুডোৰ উদ্ভৱ হৈছিল। ইয়াৰ উদ্ভাৱক কোন ?

উঃ ড০ জিগ’ৰ’ কান’।

প্ৰঃ জুডো খেলত ‘চিয়াজিও’ মানে কি ?

উঃ  প্ৰতিদ্বন্দ্বিতা ক্ষেত্ৰ।

প্ৰঃ জাপানৰ কেৰাটেৰ সর্বোচ্চ নিয়ন্ত্ৰক সংস্থাটোৰ নাম কি ?

উঃ জেন নিহন কেৰাটে-ড’ৰেনমেই।।

প্ৰঃ কল্পকাহিনীৰ বিখ্যাত চাৰ্লক হোমছ এক প্ৰকাৰৰ সমৰ কলাত পাকৈত আছিল। সমৰ কলাবিধৰ নাম কি ?

উঃ জু-জিৎসু।

প্ৰঃ ‘আইকাইড চেইজা’ মানে কি ?

উঃ এক উপৱেশন ভঙ্গিমা যি ভঙ্গিমাত পিঠিখন পোন হৈ থাকে, ভৰি দুখনে ভাঁজ লয়, আঠুদ্বয় আঁতৰত থাকে আৰু ভৰিৰ অঙুলি কেইটা সংলগ্ন থাকে।  ০ ০ ০

 

অধ্যায়- ২৩

আইচ হকী

 প্ৰঃ  আইচ হকী কোন দেশৰ ৰাষ্ট্ৰীয় খেল ?

উঃ কানাডা।

প্ৰঃ এটা আইচ হকী দলত কেইজন খেলুৱৈ থাকে ? 

উঃ ৬ জন।

প্ৰঃ আইচ হকী খেলা খেল পথাৰক কি বোলে ?

উঃ ৰিংক।

প্ৰঃ আইচ হকী খেলত কিমানটা পিৰিয়ড থাকে ?

উঃ তিনিটা।

প্ৰঃ আইচ হকীৰ প্ৰতিটো পিৰিয়ডৰ কাল দৈর্ঘ কিমান ?

উঃ  বিশ মিনিট।

প্ৰঃ আইচ হকীত ‘পাক’ মানে কি ?

উঃ আইচ হকী ডিক্স।

প্ৰঃ ‘পাক’ কিহেৰে তৈয়াৰী ?

উঃ ভালকেনাইজড ৰবৰ।

প্ৰঃ পুৰুষৰ আইচ হকী আৰু মহিলাৰ আইচ হকীৰ মাজত মুখ্য পাৰ্থক্যটো কি ?

উঃ মহিলাৰ আইচ হকীত নিতম্ব অথবা কান্ধেৰে প্ৰতিপক্ষৰ খেলুৱৈক বাধা প্ৰদান কৰা নিষিদ্ধ। কিন্তু পুৰুষৰ হকীত এনে কৰাত বাধা নাই।

প্ৰঃ IIHF ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ International Ice Hockey Federation.  ০ ০ ০ 

 

অধ্যায়- ২৪

পল’ আৰু ওৱাটাৰ পল’

 প্ৰঃ  পল’ খেল কোন দেশত উদ্ভাৱন হৈছিল ?

উঃ ভাৰত।

প্ৰঃ পল’ শব্দৰ উৎপত্তি কেনেদৰে হৈছিল ?

উঃ পল’ তিববতীয় ‘পুলু’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ বল।

প্ৰঃ পল’ খেল কেতিয়া আৰম্ভ হৈছিল ?

উঃ ১৮৭৬ চনত।।

প্ৰঃ পল’ৰ পৰম্পৰাগত ৰূপটোক মণিপুৰত কি বোলে ?

উঃ চাগল কাংজেই।

প্ৰঃ কাক ৱাটাৰ পল’ৰ জনক বুলি জনা যায় ?

উঃ  উইলিয়াম উইলছ’ন।

প্ৰঃ ৱাটাৰ পল’ দল গঠন কৰিবলৈ কিমানজন খেলুৱৈৰ প্ৰয়োজন ?

উঃ ৭ জন।

প্ৰঃ কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম আন্তৰ্জাতিক পল’ খেল অনুষ্ঠিত  হৈছিল ?

উঃ ইংলণ্ড আৰু স্কটলেণ্ডৰ মাজত (১৮৯০ চনত)।

প্ৰঃ মণিপুৰ পল’ এছছিয়েচনৰ ৰাজকীয় পৃষ্ঠপোষক কোন ?

উঃ ৰাজকুমাৰ চাৰ্লচ।

প্ৰঃ  প্ৰথম ইউৰোপীয়ান ৱাটাৰ পল’ চেম্পিয়নশ্বিপ টুৰ্ণামেন্ট কেতিয়া অনুষ্ঠিত  হৈছিল ?

উঃ ১৯২৬ চনত (বুডােপষ্টত)।

প্ৰঃ পল’ খেলত কিমান পিৰিয়ড থাকে ?

উঃ ৬ টা পিৰিয়ড থাকে। প্ৰতিটো পিৰিয়ডৰ কাল দৈর্ঘ  ৭ মিনিট।

প্ৰঃ পল’ খেলৰ প্ৰতিটো পিৰিয়ডক কি বোলে ?

উঃ চাক্কা।

প্ৰঃ পল’ খেলৰ খেল পথাৰৰ জোখ কিমান ?

উঃ  ৩০০ য়াৰ্ড ×  ১৬০ য়াৰ্ড।

প্ৰঃ আন্তৰ্জাতিক ৱাটাৰ পল’ পৰিষদ কেতিয়া গঠন হৈছিল ?

উঃ ১৯২৯  চনত।

প্ৰঃ পল’ দলত কেইজন অশ্বাৰোহী থাকে ?

উঃ চাৰি জন।

প্ৰঃ পল’ গ’ল পোস্টৰ উচ্চতা কিমান ?

উঃ উচ্চতাৰ কোনো সীমাবদ্ধতা নাই।

প্ৰঃ পল’ খেলত ব্যৱহৃত বলটোৰ ৰং কেনেকুৱা ?

উঃ  বগা।

প্ৰঃ ৱাটাৰ পল’ কেতিয়াৰ পৰা অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯০০ চনত।০ ০ ০ 

 

অধ্যায়-২৫

বিবিধ ক্ৰীড়া কুইজ

 প্ৰঃ  দৌৰ খেল প্ৰতিযোগিতাৰ বাহিৰে আটাইতকৈ বেছি স্থানৰ প্ৰয়োজন হোৱা খেলবিধ কি ?

উঃ গলফ্।

প্ৰঃ ৱাটাৰ পল’ত নে হেণ্ডবলত গলকীপাৰে পোষ্টৰ দৈর্ঘ আৱৰি থাকে ?

উঃ হেণ্ডবল।

প্ৰঃ বাস্কেটবল আৰু ভলীবলৰ ভিতৰত কোনবিধৰ ডাঙৰ ক’ৰ্ট লাগে ?

উঃ বাস্কেটবল।

প্ৰঃ আইচ হকীৰ খেল পথাৰৰ কালি, ফিল্ড হকীৰ খেল পথাৰৰ কালিতকৈ বেছি হয় নে ?

উঃ নহয়।

প্ৰঃ ভলীবল ক’ৰ্টৰ আকৃতি ঘূৰণীয়া নে আয়তাকাৰ ?

উঃ  আয়তাকাৰ।

প্ৰঃ ফুটবলৰ গলপোস্ট দুটিৰ মাজৰ দূৰত্ব হকীতকৈ বেছি নে ?

উঃ বেছি।

প্ৰঃ মল্লযুদ্ধৰ এৰেনা বক্সিং ৰিঙতকৈ ডাঙৰ নে ?

উঃ হয়।

প্ৰঃ ছল্ট লেক ষ্টেডিয়াম ক’ত অৱস্থিত ?

উঃ ক’লকাতা।

প্ৰঃ  শিৱাজী ষ্টেডিয়াম ক’ত অৱস্থিত ?

উঃ নতুন দিল্লী।

প্ৰঃ মহালি ষ্টেডিয়াম ক’ত অৱস্থিত ?

উঃ চণ্ডীগড়।

প্ৰঃ নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়াম ক’ত অৱস্থিত ?

উঃ ক’লকাতা।

প্ৰঃ নেহৰু ষ্টেডিয়াম ক’ত অৱস্থিত ?

উঃ নতুন দিল্লী।

প্ৰঃ শিবাজী পাৰ্ক ক’ত অৱস্থিত ?

উঃ মুম্বাই।

প্ৰঃ ‘ডুৰাণ্ড কাপ’ কি খেলৰ লগত জড়িত ?

উঃ ফুটবল।

প্ৰঃ ‘সন্তোষ ট্ৰফী’  কি খেলৰ লগত জড়িত ?

উঃ ফুটবল।

প্ৰঃ ‘ৰঞ্জী ট্ৰফী’ কি খেলৰ লগত জড়িত ?

উঃ ক্ৰিকেট।

প্ৰঃ ‘থমাচ কাপ’ কি খেলৰ লগত জড়িত ?

উঃ  বেডমিন্টন।

প্ৰঃ ‘আৰ্থাৰ ৱাকাৰ ট্ৰফী’ কি খেলৰ লগত জড়িত ?

উঃ বিলিয়াৰ্ড।

প্ৰঃ ‘অফ চাইড’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ ফুটবল।

প্ৰঃ ‘ৰিভাৰ্ছ ফ্লিক’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ হকী।

প্ৰঃ ‘জাৰ্ক’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ ভাৰউত্তোলন ।

প্ৰঃ ‘কেনন’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ  বিলিয়াৰ্ড।

প্ৰঃ  ‘লভ অল’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ বেডমিন্টন।

প্ৰঃ ‘ল’না’ শব্দটো কি খেলৰ সৈতে জড়িত ?

উঃ কাবাডী।

প্ৰঃ ‘চাডেন ডেথ’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ ফুটবল।

প্ৰঃ  ‘এডভান্টেজ’ শব্দটি কোন খেলৰ লগত জড়িত ?

উঃ টেনিছ।

প্ৰঃ ডেকাথলনৰ প্ৰথম ইভেন্টটো কি ?

উঃ ১০০ মিটাৰ।

প্ৰঃ কোনটো হ্রস্বতম ট্রেক ইভেন্টৰ বাবে বিভাগীয়ভাৱে বিশ্ব অভিলেখৰ অনুমোদন কৰা হয় ?

উঃ ৬০ মিটাৰ।

প্ৰঃ এজন বিখ্যাত এথলীটৰ আত্মজীৱনীৰ নাম ‘ইনচাইড ট্রেক’। তেওঁৰ নামটো কি ?

উঃ কাৰ্ল লিৱিছ।

প্ৰঃ গীত শেঠী ভাৰতৰ এজন বিখ্যাত খেলুৱৈ। তেওঁ কি খেলৰ লগত জড়িত ?

উঃ বিলিয়াৰ্ড।

প্ৰঃ কোন গৰাকী এথলীটৰ উপনাম ‘দি ফেন্টম ফিন’ ?

উঃ পাভ’ নাৰ্মি।

প্ৰঃ ত্ৰিপল জামপ্ ক’ত উৎপত্তি হৈছিল ?

উঃ স্কটলেণ্ড।

প্ৰঃ চাফ্ (দক্ষিণ এছীয় ফেডাৰেছন গেমছ ) কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উঃ ১৯৮৪ চনত।

প্ৰঃ এথলেটিকচে তিনিবিধ খেলক বুজায়।ইয়াৰ দুবিধ হ’ল দৌৰা আৰু জঁপিওৱা। আনবিধ কি ?

উঃ  থ্ৰয়িং।

প্ৰঃ কোনবিধ খেলৰ সৈতে ‘স্ক্রেইডাৰ কাপ’ জড়িত ?

উঃ ছী-প্লেন ৰেচিং।

প্ৰঃ  ‘ওৱান ডে ৱাণ্ডাৰ্চ’ গ্ৰন্থখনৰ লেখক কোন ?

উঃ সন্দীপ পাটিল।

প্ৰঃ ‘চাম ইণ্ডিয়ান ক্ৰিকেটাচ’ গ্ৰন্থখনৰ লিখক কোন ?

উঃ ৰুচি মোডী।

প্ৰঃ কোন চনৰ পৰা দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰি অহা হৈছে ?

উঃ ১৯৮৫ চনৰ পৰা।

প্ৰঃ ‘খো-খো’ দলত কিমানজন খেলুৱৈ থাকে ?

উঃ ৯ জন।

প্ৰঃ ‘ক্ৰিকেট মাই ষ্টাইল’ কিতাপখনৰ লিখক কোন ?

উঃ  কপিল দেৱ।

প্ৰঃ  ‘অৰ্জুন বঁটা’ কোন চনৰ পৰা প্ৰদান কৰি অহা হৈছে ?

উঃ ১৯৬১ চনৰ পৰা।

প্ৰঃ  ‘এ কেপ্তেইনচ ডায়েৰী’ কিতাপখনৰ লিখক  কোন ?

উঃ এলেক ষ্টুৱাৰ্ট।

প্ৰঃ ‘ৰাণচ এন ৰুইনচ’ কিতাপখনৰ লিখক কোন ?

উঃ সুনীল গাভাস্কাৰ।

প্ৰঃ  ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ ক্ৰিকেট।

প্ৰঃ জাপানৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ জু-জিৎসু।

প্ৰঃ ‘দ্য বেষ্ট অব দ্য বেষ্ট’ কিতাপখনৰ লিখকজনৰ নাম কি ?

উঃ চাৰ্লচ ডেভিছ।

প্ৰঃ ভাৰতত কোন তাৰিখে ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ উদযাপন কৰা হয় ?

উঃ ২৯ আগষ্ট।

প্ৰঃ প্ৰথম কমনৱেলথ গেমছ  ক’ত অনুষ্ঠিত হৈছিল ?

উঃ হেমিল্টন (কানাডা)।

প্ৰঃ অৰ্জুন বঁটা লাভ কৰা প্ৰথম সাঁতোবিদজনৰ নাম কি ?

উঃ বজৰঙ্গী প্ৰসাদ।

প্ৰঃ ‘দি টাও অব ক্ৰিকেট’ গ্ৰন্থখনৰ লিখক কোন ?

উঃ আশিস নন্দী।

প্ৰঃ ‘অল ইণ্ডিয়া কাউন্সিল অব স্প’ৰ্টচ’ কেতিয়া গঠন কৰা হয় ?

উঃ ১৯৫৪ চনত।

প্ৰঃ ১৯২৭ চনত হোৱা প্ৰথম বিশ্ব টেবুল টেনিছ  প্ৰতিযোগিতা ক’ত অনুষ্ঠিত কৰা হৈছিল ?

উঃ  লণ্ডন।

প্ৰঃ স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ ষাঁড় যুঁজ।

প্ৰঃ ‘স্কীয়িং  ইনড’ৰ খেল হয় নে ?

উঃ নহয়।

প্ৰঃ ৰাগবী খেলৰ প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে ?

উঃ ১৫ জন।

প্ৰঃ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ ক্ৰিকেট।

প্ৰঃ ‘চাৰ্লট স্পাইৰেল’ কি খেলত ব্যৱহাৰ কৰা হয় ?

উঃ  আইচ স্কেটিং।

প্ৰঃ  সংযুক্ত আৰব গণৰাজ্যৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ উট দৌৰ।

প্ৰঃ মহিলাৰ বাবে শ্বুটপুটৰ ওজন কিমান হ’ব লাগে ?

উঃ ৪ কেজি।

প্ৰঃ পুৰুষৰ বাবে জোভলিনৰ দৈর্ঘ  কিমান হোৱা উচিত ?

উঃ ২.৬ – ২.৭ মিটাৰ।।

প্ৰঃ  খো খো খেলৰ খেলপথাৰখনৰ পৰিমাপ কিমান ?

উঃ ২৭ মিটাৰ ×  ১৫ মিটাৰ।

প্ৰঃ ডাৰি্ব ক’ৰ্চৰ দীঘ কিমান ?

উঃ ২.৪ কিঃমিঃ।

প্ৰঃ জেভলিন থ্ৰ’ৰ বাবে ৰাণৱেৰ নিম্নতম দৈর্ঘ কিমান হ’ব লাগে ?

উঃ ৩৩.৫ মিটাৰ।

প্ৰঃ লং জাম্পৰ ৰাণৱেৰ নিম্নতম দৈর্ঘ কিমান ?

উঃ ৪০ মিটাৰ।

প্ৰঃ ভূটানৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ আৰ্চাৰী।

প্ৰঃ স্ক্ৰেবল স্কুৱাৰ ব’ৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে ?

উঃ ২২৫ টা।

প্ৰঃ চীনৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ টেবুল টেনিছ।

প্ৰঃ খো-খো খেলত কিমানজন খেলুৱৈ থাকে ?

উঃ ৯ জন।

প্ৰঃ পুৰুষৰ জেভ্লিনৰ ওজন কিমান ?

উঃ ৮০০ গ্ৰাম।

প্ৰঃ মহিলাৰ জেভ্লিনৰ ওজন কিমান ?

উঃ ৬০০ গ্ৰাম।

প্ৰঃ মহিলাৰ জেভলিনৰ ৰ্দ্ঘৈ কিমান হোৱা উচিত ?

উঃ ২.২ মিঃ × ২.৩ মিঃ।

প্ৰঃ ডিছকাছ থ্ৰ’ ইভেন্টত মহিলাৰ ডিছকাছৰ ওজন কিমান ?

উঃ ১.৫ কিঃগ্ৰাম।

প্ৰঃ স্নুকাৰ খেলৰ উদ্ভাৱক কোন ?

উঃ ছাৰ নেভিলি চেম্বাৰলেইন।

প্ৰঃ পাকিস্থানৰ ৰাষ্ট্ৰীয় খেল কি ?

উঃ হকী।

প্ৰঃ অৰ্জুন বঁটা কি ?

উঃ  খেল জগতলৈ বিশেষ অৰিহনা যোগোৱা ব্যক্তিলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা।

প্ৰঃ স্লোকাৰত কেইটা ৰঙ্গা  ৰং থাকে ?

উঃ পোন্ধৰ টা।

প্ৰঃ দ্ৰোণাচাৰ্য বঁটা কি ?

উঃ দ্ৰোণাচাৰ্য বঁটা হ’ল প্ৰখ্যাত ক্ৰীড়া প্ৰশিক্ষকলৈ প্ৰদান কৰা বাৰ্ষিক বঁটা।

প্ৰঃ ‘ৰঞ্জীঃ এ জেনিয়াছ ৰিচ এণ্ড ষ্ট্ৰাঞ্জ’ নামৰ গ্ৰন্থখনৰ নাম কি ?

উঃ চাইমন ৱাইল্ড।

প্ৰঃ  প্ৰাচীন কালত কোনবিধ খেল ‘মাছ বল’ নামে জনাজাত আছিল ?

উঃ ছফ্টবল।

প্ৰঃ ফেন্সিং কোন দেশত উৎপত্তি হৈছিল ?

উঃ ফ্রান্স।

প্ৰঃ ‘অন টপ ডাউন আণ্ডাৰ’ কিতাপখনৰ ৰচক কোন ?

উঃ ৰে ৰবিনছন।

প্ৰঃ ‘৫০১ ডাউন’ আৰু ‘৩০১ ডাউন’ কি খেলৰ লগত জড়িত ?

উঃ ডাৰ্টছ।

প্ৰঃ কোনো টুৰ্ণামেন্টৰ ‘ৱাইল্ড কাৰ্ড এট্রি’ মানে কি ?

উঃ ‘ৱাইল্ড কাৰ্ড এন্ট্রি’ মানে বাছনি, দলবদ্ধতা আৰু প্রতিষ্ঠা বহিৰ্ভূত প্ৰৱেশ।  ৰেক আউটৰ বিপৰীতে এনে ধৰণৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হয়।

প্ৰঃ জেমছ বণ্ডৰ ছবি ‘অক্টোপাছি’ত এজন ভাৰতীয় খেলুৱৈয়ে ভূমুকি মাৰিছে। তেওঁৰ নাম কি ?

উঃ আনন্দ অমৃতৰাজ।

প্ৰঃ প্ৰামাণিক বিলিয়াৰ্ড টেবুল এখনত কিমানটা পকেট থাকে ?

উঃ ৬ টা।

প্ৰঃ বিলিয়াৰ্ডত বিশ্ব খিতাপ দখল কৰা কনিষ্ঠতম ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ গীত শেঠী।

প্ৰঃ চি কে নাইডু আৰু দিলীপ ভেংচৰকাৰ উভয়ৰে উপনাম কি ?

উঃ  দুয়োজনৰে উপনাম ‘কৰ্ণেল’।

প্ৰঃ ‘অক্টোপাছ’ খেলৰ অনন্য বৈশিষ্ট্য কি ?

উঃ এই খেলবিধ পানীৰ তলত খেলা হয়।

প্ৰঃ কোনবিধ এথলেটিক খেলৰ সৈতে ‘এঞ্চৰ’ শব্দটো জড়িত ?

উঃ ৰিলে দৌৰ।

প্ৰঃ পেছাগতভাৱে মিলখা সিং, ধ্যানচান্দ, ফ্রেন্স পুস্কাৰ আৰু হিমু অধিকাৰীৰ মাজত কিবা এটি মিল আছে। মিলটো কি ?

উঃ আটাইকেইজনে সৈন্য বাহিনীত চাকৰি কৰিছিল।

প্ৰঃ ১৯৬০ চনৰ অলিম্পিকত এবেব বেকেলাই মাৰাথন দৌৰ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰিছিল। তেওঁৰ এই বিজয় কিয় ব্যতিক্ৰমী আছিল ?

উঃ তেওঁ খালী ভৰিৰে দৌৰিছিল।

প্ৰঃ অশ্বাৰোহনত ব্যৱহাৰ হোৱা ঘোঁৰা এটাৰ বৰণ ধোঁৱা বৰণীয়া বুলিলে প্ৰকৃততে কি ৰঙক বুজোৱা হয় ?

উঃ বগা।

প্ৰঃ  ‘আই এম ডিয়েগো’ নামৰ আত্মজীৱনীখন কোনজন খেলুৱৈৰ ?

উঃ ডিয়েগো মাৰাডোনা।

প্ৰঃ ‘মোৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী হ’ল মাধ্যাকৰ্ষণ’: কোনজন খেলুৱৈয়ে কৈছিল ?

উঃ চাৰ্গেই বাব্কা।

প্ৰঃ এজন আমেৰিকীয় এথলীটৰ আত্মজীৱনীৰ নাম ‘ইনচাইড ট্রেক’। এথলীট গৰাকীৰ নাম কি ?

উঃ কাৰ্ল লিৱিছ।

প্ৰঃ  ‘স্পছ জাম’ ছবিত অভিনয় কৰা খেলুৱৈ গৰাকীৰ নাম কি ?

উঃ মাইকেল জৰ্ডান।

প্ৰঃ কোনজন কিংবদন্তী খেলুৱৈৰ উপনাম ‘ইব’নি এক্সপ্ৰেছ’ ?

উঃ জেছে অ’ৱেনছ।

প্ৰঃ নিজৰ লক্ষ্য নিজেই হোৱা একমাত্ৰ খেলবিধৰ নাম কি ?

উঃ বুমেৰাং থ্ৰয়িং।

প্ৰঃ ‘প্ৰিন্স হিটাৰ’ শব্দটি ক্ৰিকেটত ব্যৱহাৰ হোৱাৰ আগতে অইন এবিধ খেলত শব্দটো ব্যৱহাৰ কৰা হৈছিল। খেলবিধৰ নাম কি ?

উঃ বেছবল।

প্ৰঃ বেছবলত ‘অইটছাৰ’ শব্দটোৱে কি বুজায় ?

উঃ বেছবলত বল দলিওৱা খেলুৱৈজন।

প্ৰঃ আফগানিস্থানৰ কোনবিধ স্থানীয় খেলক হিন্দী ছবি ‘খোদা গৱাহ’ত উপস্থাপন কৰা হৈছিল ?

উঃ বাজকাছি।

প্ৰঃ স্লোকাৰ খেলত সাত ৰঙৰ বল আছে। ইয়াৰ ছটা হ’ল: ৰঙা, সেউজীয়া, হালধীয়া, নীলা, মুগা আৰু গুলপীয়া। সপ্তম ৰঙটো কি ?

উঃ ক’লা।

প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত (টেষ্ট আৰু এদিনীয়াত) ১,০০০ টা উইকেট দখল কৰা প্ৰথম বলাৰজনৰ নাম কি ?

উঃ মুথিয়া মুৰলিধৰণ।

প্ৰঃ বিলিয়াৰ্ডত এজন খেলুৱৈয়ে এটা কেনন পকেটত সুমুৱালে কিমান পইন্ট অৰ্জন কৰিব পাৰিব ?

উঃ দুই।

প্ৰঃ বিলিয়াৰ্ডত ৰঙা বলটো পকেটত থলে সংশ্লিষ্ট খেলুৱৈজনে কিমান পইন্ট সংগ্ৰহ কৰিব ?

উঃ তিনি।

প্ৰঃ  প্ৰেমচান্দ ডোগ্ৰা ভাৰতৰ এজন বিখ্যাত শৰীৰচৰ্চাবিদ। তেওঁৰ উল্লেখযোগ্য সাফল্য কি ?

উঃ তেওঁ ৱৰ্ল্ড খিতাপ লাভ কৰা প্ৰথমজন ভাৰতীয় শৰীৰচৰ্চাবিদ।

প্ৰঃ ‘য়াংকিছ’  হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মহানগৰৰ এটা বিখ্যাত বেছবল দল। এই মহানগৰৰ নামটো কি ?

উঃ নিউয়ৰ্ক।

প্ৰঃ এগৰাকী আমেৰিকান দৌৰবিদৰ উপনাম ‘কানচাছ কমেট’। তেওঁৰ প্ৰকৃত নামটো কি ?

উঃ মৰিচ গ্ৰীণ।

প্ৰঃ ডেভিছ কাপৰ ট্ৰফীটোৰ আৰ্হি তৈয়াৰ কৰা ইংৰাজ ডিজাইনাৰজনৰ নাম কি ?

উঃ ৰ’লেন্দ ৰোডছ।

প্ৰঃ ‘লুডু’ এটা লেটিন শব্দ। ইয়াৰ অৰ্থ কি ?

উঃ  মই খেলোঁ।

প্ৰঃ  ‘হোৱাইট শ্লেম’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ কেৰম।

প্ৰঃ  কোনটো আন্তৰ্জাতিক ক্ৰীড়া সংগঠনৰ মূলমন্ত্ৰ ‘আমি একেটা পৰিয়াল’ ?

উঃ ফেডাৰেছন ইন্টাৰনেচনেল দি এচেছ।

প্ৰঃ আমেৰিকাৰ এখন ষ্টেডিয়াম ‘দি হাউচ অব দেঠ ৰাথ বিল্ট’ নামে জনা যায়। ষ্টেডিয়ামখনৰ প্ৰকৃত নাম কি ?

উঃ য়াংকি ষ্টেডিয়াম।

প্ৰঃ  এছিয়াৰ শ্রেষ্ঠ এথলীট প্ৰশিক্ষক হিচাপে  বিবেচিত হোৱা ১৯৭৮ চনত ‘এডিডাছ সোণালী জোতা বঁটা’ অৰ্জন কৰা ভাৰতীয় গৰাকী কোন ?

উঃ মহম্মদ ইয়াজ বাবৰ।

প্ৰঃ ‘কন্টাক্ট ব্রিজ ’ নামৰ খেলবিধৰ উদ্ভাৱকজন কোন ?

উঃ হেৰ’ল্ড’ এছ. ভানডাৰবিল্ট।

প্ৰঃ ‘বেডমেন্স মেনছ বেষ্ট’ কিতাপখনৰ ৰচক কোন ?

উঃ ৰ’ণাল্ড পেৰী।

প্ৰঃ কোনবিধ জলক্ৰীড়াত সম্পূৰ্ণৰূপে  আবৃত এস্কিমো কেন’ৰ ব্যৱহাৰ হয় ?

উঃ কায়া কিং।

প্ৰঃ কোনবিধ খেলত খেলুৱৈয়ে ভৰিত কাঠৰ দীঘল, ঠেক টুকুৰা পিন্ধি বৰফৰ ওপৰেৰে গতি কৰা হয় ?

উঃ স্কীয়িং।

প্ৰঃ কোনটো জনপ্ৰিয় ইনড’ৰ খেলক ‘টেন পিনছ’ বুলিও কোৱা হয় ?

উঃ বলিং।

প্ৰঃ পানীৰ তলত হোৱা হকীক কি বোলা হয় ?

উঃ অক্টোপাছি।

প্ৰঃ এবিধ খেল আয়াৰলেণ্ডত খেলা ‘হাৰ্লি’, স্কটলেণ্ডত খেলা ‘ছিন্টি’  আৰু ইংলেণ্ডত খেলা ‘বেণ্ডি’ খেলৰ পৰা উৎপত্তি হৈছে। খেলবিধৰ নাম কি ?

উঃ আইচ হকী।

প্ৰঃ চুমু মল্লযুদ্ধত ব্যৱহূত ‘য়ুকুজুনা’ শব্দৰ অৰ্থ কি ?

উঃ গ্ৰেণ্ড চেম্পিয়ন।

প্ৰঃ ফিলিপাইনৰ মাৰ্চিয়েল আৰ্টৰ এক ব্যতিক্ৰমী নাম আছে। নামটো কি ?

উঃ এছক্ৰিমা।

প্ৰঃ ‘আজলান শ্বাহ কাপ’ কোনবিধ খেলৰ সৈতে জড়িত ?

উঃ হকী।

প্ৰঃ ‘উবেৰ কাপ’ কি খেলৰ লগত জড়িত ?

উঃ মহিলাৰ বেডমিন্টন।

প্ৰঃ ‘ৱৰ্মছ’ আৰু ‘মানহাট্ৰান চাৰ্ট’ শব্দ দুটা এক বিখ্যাত খেলত লগত জড়িত। খেলবিধৰ নাম কি ?

উঃ ক্ৰিকেট।

প্ৰঃ ‘টি’ শব্দটো কি খেলৰ সৈতে জড়িত ?

উঃ  গল্ফ।

প্ৰঃ  ‘য়ুকু গেৰী’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ কেৰাটে।

প্ৰঃ ক্ৰীড়া বিষয়ক শব্দ ‘কিউ’ কোন খেলৰ লগত জড়িত ?

উঃ বিলিয়াৰ্ড।

প্ৰঃ ‘পুল আউট’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ বেছবল।

প্ৰঃ  ‘নেলছন মেণ্ডেলা ট্ৰফী’ কি খেলৰ লগত জড়িত ?

উঃ এথলেটিকছ।

প্ৰঃ ‘ইজাৰ কাপ’ কোনবিধ খেলৰ লগত জড়িত ?

উঃ পল’।

প্ৰঃ ‘ৰায় ল’পেজ’ আৰু ‘কুইনছ গেমবিট’ কি খেলৰ সৈতে জড়িত শব্দ ?

উঃ দবা।

প্ৰঃ ‘চেকমেট’ শব্দটো কি খেলৰ লগত জড়িত ?

উঃ দবা।০ ০ ০ 

 

অধ্যায়- ২৬

অলিম্পিক গেম্ছ

প্ৰঃ  আধুনিক অলিম্পিক খেল কেতিয়াৰ পৰা আৰম্ভ হয় ?

উঃ ১৮৯৬ চনৰ পৰা।

প্ৰঃ আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয় ?

উঃ বেৰন  পীয়েৰী ডে  ক’বেৰটিন।

প্ৰঃ প্ৰথম আধুনিক অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল ?

উঃ এথেন্স।

প্ৰঃ অলিম্পিক  পতাকাত পৰস্পৰ সংযুক্ত কিমানটা বৃত্ত আছে ?

উঃ ৫ টা।

প্ৰঃ আধুনিক অলিম্পিকৰ মূলমন্ত্ৰ কি ?

উঃ চাইটিয়াছ, অলটিয়াছ, ফৰছিয়াছ।

প্ৰঃ ‘অলিম্পিকৰ মূলমন্ত্ৰ ছাইটিয়াছ, অলটিয়াছ, ফৰটিয়াছ’ ৰ অৰ্থ কি ?

উঃ বেগবান, উৰ্ধবান, বলবান।

প্ৰঃ কোন চনত ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিকত অংশ গ্ৰহণ কৰে ?

উঃ ১৯২৮ চনত।

প্ৰঃ কোন চনৰ পৰা শীতকালীন অলিম্পিক আৰম্ভ হয় ?

উঃ ১৯২৪ চনৰ পৰা।

প্ৰঃ অলিম্পিকৰ পতাকাৰ পৰস্পৰ সংযুক্ত বৃত্তই কি সূচায় ?

উঃ পাঁচখন মহাদেশ।

প্ৰঃ ২০১২ চনৰ লণ্ডন অলিম্পিকত কিামনখন ৰাষ্ট্ৰই অংশ গ্ৰহণ কৰিছিল ?

উঃ ২০৪ খন।

প্ৰঃ কিমান বছৰৰ বিৰতিৰ মূৰত অলিম্পিক খেল অনুষ্ঠিত  হয় ?

উঃ চাৰি বছৰ।

প্ৰঃ ২০১২ চনৰ লণ্ডন অলিম্পিকত সৰ্বাধিক পদক বিজেতা দেশখনৰ নাম কি ?

উঃ ফ্রা ন্স।

প্ৰঃ অলিম্পিক ইভেন্টৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি ?

উঃ পি টি ঊষা।

প্ৰঃ আধুনিক অলিম্পিকৰ পিতৃস্বৰূপ বেৰন পিয়েৰী ডি ক’বেৰটিন কোন দেশৰ লোক ?

উঃ ফ্রান্স।

প্ৰঃ অলিম্পিক খেলত অংশ গ্ৰহণ কৰিবৰ বাবে বয়সৰ সর্বোচ্চ সীমা কিমান ?

উঃ বয়সৰ সর্বোচ্চ সীমা নিৰ্দ্ধাৰণ কৰা নাই।

প্ৰঃ অলিম্পিক খেলৰ আটাইতকৈ দীৰ্ঘতম দৌৰবিধ কি ?

উঃ ৫০ কিঃমিঃ খোজ খোজকঢ়া ।

প্ৰঃ কোনটো চনত অলিম্পিক খেলঅনুষ্ঠিত  হোৱা নাছিল ?

উঃ ১৯১৬ চনত (প্ৰথম বিশ্ব যুদ্ধৰ কাৰণে)।

প্ৰঃ অলিম্পিকত অংশ গ্ৰহণ কৰা প্ৰথম মহিলা এথলীট গৰাকী কোন ?

উঃ  মেৰী লীলা ৰাও।

প্ৰঃ  অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা এথলীট গৰাকীৰ নাম কি ?

উঃ কৰ্ণাম মালেশ্বৰী।

প্ৰঃ  আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?

উঃ চুইজাৰলেণ্ড।

প্ৰঃ কোন চনৰ পৰা মহিলাক অলিম্পিকত অংশ গ্ৰহণ কৰাৰ বাবে অনুমতি দিয়া হয় ?

উঃ ১৯০০ চনৰ পৰা।

প্ৰঃ অলিম্পিক খেলত প্ৰথমজন স্বৰ্ণ পদক বিজয়ীৰ নাম কি ?

উঃ জেমছ কন’লি (আমেৰিকা)।

প্ৰঃ শ্বুুটিঙত অলিম্পিক পদক বিজেতা প্ৰথম মহিলা গৰাকী কোন ?

উঃ মাৰ্গাৰেট মাৰ্ড’ক (আমেৰিকা)।

প্ৰঃ ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিল ?

উঃ ৬ টা।

প্ৰঃ অলিম্পিক পতাকাৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল ?

উঃ পীয়েৰী ডি ক’বাৰটিনে।

প্ৰঃ অলিম্পিকত পুৰুষৰ ক্ৰীড়া এবিধ অন্তৰ্ভূক্ত কৰিবলৈ হ’লে সংশ্লিষ্ট ক্ৰীড়াবিধ অতি কমেও কিমানখন দেশে বিস্তৃতভাৱে অনুশীলন কৰা হব লাগিব ?

উঃ ৭৫ খন।

প্ৰঃ ১৯২৪ চনত পোন প্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিক  খেলখন ক’ত অনুষ্ঠিত হৈছিল ?

উঃ চাম’নিক্স (ফ্রান্স)।

প্ৰঃ পৰম্পৰাগত অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হয় ?

উঃ খ্ৰীঃপূঃ ৭৭৬।

প্ৰঃ অলিম্পিকত দুই প্ৰকাৰৰ মল্লযুদ্ধ খেলোৱা হয়। এবিধ হ’ল গ্ৰেকো-ৰোমান প্ৰকাৰ। আন বিধ কি ?

উঃ ফ্রি ষ্টাইল।

প্ৰঃ আন্তৰ্জাতিক পৰ্যায়ৰ বহু ক্ৰীড়া সন্নিবিষ্ট প্ৰাচীনতম খেল উৎসৱটো  কি ?

উঃ অলিম্পিক।

প্ৰঃ পেনক্ৰেটিয়াম নামৰ প্ৰাচীন অলিম্পিক খেলবিধত দুবিধ আধুনিক খেলৰ বৈশিষ্ট্য আছে। খেল দুবিধ কি ?

উঃ মল্লযুদ্ধ আৰু বক্সিং।

প্ৰঃ  ১৯৪৮ চনৰ অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱা হয়। এই অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল ?

উঃ লণ্ডন।

প্ৰঃ অলিম্পিকত আৰ্টিষ্টিক জিমনাষ্টিকত অংশ গ্ৰহণ কৰিবলৈ পুৰুষৰ নিম্নতম বয়স কিমান ?

উঃ  ষোল্ল বছৰ।

প্ৰঃ ১৯৬৪ চনত কোনখন এছীয় মহানগৰে পোন প্ৰথমবাৰৰ বাবে অলিম্পিক খেলৰ আয়োজন কৰে ?

উঃ টকিঅ’।

প্ৰঃ ১৯৮০ চনত পোন প্ৰথমবাৰৰ বাবে  এখন কমিউনিষ্ট দেশে অলিম্পিক আয়োজন কৰে। দেশখনৰ নাম কি ?

উঃ ৰাছিয়া। ০ ০ ০ 

 

অধ্যায়- ২৭

এছিয়ান গেম্ছ

প্ৰঃ  কেতিয়াৰ পৰা এছিয়ান গেমছৰ  শুভাৰম্ভ হয় ?

উঃ ১৯৫১ চনত।

প্ৰঃ প্ৰথম এছিয়ান গেমছত কেইখন দেশে ভাগ লৈছিল ?

উঃ ১১ খন দেশে।

প্ৰঃ প্ৰথম এছিয়ান গেমচত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ৬ বিধ।।

প্ৰঃ এছিয়ান গেমছৰ মূলমন্ত্ৰ কি ?

উঃ ‘সদায় আগলৈ ধাৱমান হোৱা।’

প্ৰঃ কোনখন দেশে এছিয়ান গেমছ আয়োজন কৰিছিল ?

উঃ ভাৰত।

প্ৰঃ প্ৰথম এছিয়ান গেমছত সৰ্বাধিক পদক পোৱা দেশখনৰ নাম কি ?

উঃ জাপান।

প্ৰঃ এছিয়ান গেমছত ব্যৱহৃত বৃত্তাকাৰ   ট্রেকৰ নিৰূপিত দূৰত্ব কিমান ?

উঃ ৪০০ মিটাৰ।

প্ৰঃ কোনখন দেশক এছিয়ান গেমছৰ জন্মদাতা বুলি জনা যায় ?

উঃ ভাৰত।

প্ৰঃ ২০০৬ চনৰ ডোহা এছিয়ান গেমছত ভাৰতে কিমানটা পদক লাভ কৰিছিল ?

উঃ ৫৩ টা।

প্ৰঃ বেংককত অনুষ্ঠিত  হোৱা ১৩ তম এছিয়ান গেমছৰ শ্লোগানটো কি আছিল ?

উঃ বাধাহীন বন্ধুত্ব।

প্ৰঃ প্ৰথম এছিয়ান গেমছত ভাৰতে কিমানটা সোণৰ পদক অৰ্জন কৰিছিল ?

উঃ ১৫ টা।

প্ৰঃ কোন চনত এছিয়ান গেমছত ভলীবল অন্তৰ্ভূক্ত হয় ?

উঃ ১৯৫৮।

প্ৰঃ কোন চনত এছিয়ান গেমছত বাস্কেটবল অন্তৰ্ভূক্ত হয় ?

উঃ ১৯৫১ চনত।

প্ৰঃ কোনখন এছিয়ান গেমছত কাবাডী খেলক অন্তৰ্ভূক্ত কৰা হয় ?

উঃ ১৯৯০ (বেইজিং)।

প্ৰঃ ২০০২ চনত অনুষ্ঠিত চতুৰ্দশ এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ ৰিলে দৌৰত সোণৰ পদক পোৱা দলটোৰ ভাৰতীয় এথলীট গৰাকীৰ নাম কি ?

উঃ সোমা বিশ্বাস।

প্ৰঃ ১৯৯৮ চনত অনুষ্ঠিত ত্ৰয়োদশ এছিয়ান গেমছত ১৫০০ মিটাৰ ট্রেক আৰু ফিল্ড ইভেন্টত সোনৰ পদক পোৱা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি ?

উঃ জ্যোতিৰ্ময়ী শিকদাৰ।

প্ৰঃ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা এথলীট গৰাকীৰ নাম কি ?

উঃ কমলজিৎ সান্ধু ।

প্ৰঃ প্ৰথম এছিয়ান গেমছ উদ্বোধন কৰা ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ?

উঃ  ড০ ৰাজেন্দ্ৰ প্ৰসাদ।

প্ৰঃ ২০০৬ চনৰ ডোহা এছিয়ান গেমছত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল ?

উঃ ৩৯ বিধ। ০ ০ ০

 

সমাপ্ত 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *