হাঁহিৰ খোৰাক কৌতুক  

 

 

সংকলন আৰু সম্পাদনা

ৰাব্বি  মছৰু

 

 

 

 

গ্ৰুহিলচ 

কমলপুৰ, বৰেপটা (অসম)

Hanhir Khurak Kautok (A Collection of Comics) compiled and edited by Rabbi Masrur, Published by Growhills Publishing, Kamalpur, Barpeta (Assam).

 

First Edition: 2019

 

 

Published By

Growhills Publishing

www.growhillsnet.com

emails:growhillsngo@gmail.com; growhills@growhillsnet.com 

 

All Rights Reserved

 

Price Rs.  …………. /-

 

কৌতুক হৈছে হাঁহি উঠা কথা। কৌতুকে হাঁহি আৰু  আনন্দৰ  খোৰাক  যোগায় যদিও এইবোৰত  জ্ঞানগর্ভ কথাও নিহিত  থাকে। কৌতুকবোৰত  সমাজৰ কলুষ-কালিমাৰ লগতে মানৱ আচৰণৰ বহুত দিশ  প্রতিফলিত হয়। আমাৰ ‘হাঁহিৰ খোৰাক  কৌতুক’ পুথিখনৰ কৌতুকবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে পুথিখন পাঠক সমাজে আদৰি  ল’ব। ইতি 

ৰাব্বি মছৰুৰ

…………………………………………………………………………………………………………………………

হাঁহিৰ খোৰাক কৌতুক

কৌতুক – ১

ৰবিন: (চুবুৰীয়া কনকক  উদ্দেশ্যি) আপুনি  আজি সন্ধিয়া  থিয়েটাৰলৈ যাব, নহয় জানো ?

কনক: হয়, যাম।

ৰফি: তেনেহ’লে আপুনি থিয়েটাৰ চাই থকা সময়খিনিত  মই আপোনাৰ বাইকটো ব্যৱহাৰ কৰিব পাৰিম নিশ্চয়  । ০ ০ ০

 

কৌতুক – ২

পত্নীয়ে ৰাতি দেখা সপোনৰ বিষয়ে পতিক ক’লে, “যোৱা ৰাতি মই সপোনত দেখিলো যে তুমি মোক এখন গহনাৰ দোকানলৈ লৈ গৈ ডিঙিৰ এডাল হাৰ ক্ৰয় কৰি দিছা।”

“তাৰ পিছত কি হ’ল ?” পতিয়ে সুধিলে।

“তুমি কিনি দিয়াৰ লগে লগে মই গম পালোঁ সেয়া সপোনহে।” ০ ০ ০

 

কৌতুক – ৩

বিখ্যাত লিখক এজনে বন্ধুৰ আগত কৈছে: আজি ত্ৰিশ বছৰে লিখি লিখি আঙুলিত দাগ বহুৱালোঁ, পেটৰ ভাতকেইটা মোকলালো। কিন্তু আজি  নিজে পঢ়ি চাই দেখিলোঁ: সেইবোৰ বলিয়াৰ প্ৰলাপৰ বাহিৰে আন একো নহয়।

বন্ধু: কোনো দুখ নকৰিব।  এয়া চাওঁক মোৰ লাইব্রেৰীত আপোনাৰ গোটেই কেইটা কিতাপ আছে। কিন্তু আজিলৈকে এখন কিতােপা পঢ়া  নাই। ০ ০ ০

 

কৌতুক – ৪

শিক্ষয়িত্ৰী: (ছাত্ৰক উদ্দেশ্যি) কোৱাচোন ৰাজেন, কমলা এটা পাঁচ টুকুৰা কৰিলে কি পাবা ?

ৰাজেন: পাঁচ টুকুৰা।

শিক্ষয়িত্ৰী: ভাল কথা। কোৱাচোন আম এটা ছয় টুকুৰা কৰিলে কি পাবা ?

ৰাজেন: ছয় টুকুৰা।

শিক্ষয়িত্ৰী: এতিয়া কোৱাচোন আপেল এটা সাত টুকুৰা কৰিলে কি পাবা ?

ৰাজেন: সাত টুকুৰা।

শিক্ষয়িত্ৰী: বিলাহী এটা তিনি টুকৰা কৰিলে কি পাবা ?

ৰাজেন: তিনি টুকুৰা।

শিক্ষীয়িত্ৰী: ভাল, এতিয়া কোৱাচোন আটাইকেইটা যোগ কৰিলে কি পাবা ?

ৰাজেন: ফলৰ চালাড, ছাৰ। ০ ০ ০

 

কৌতুক – ৫

দিলীপ: (বিদূষকলৈ প্ৰশ্ন) বিদূষক দা, মানুহে কয়, সৃষ্টিৰ মূলতে নাৰী, ধবংসৰ মূলতেও নাৰী। কিন্তু পুৰুষ অবিহনে নাৰীয়ে সৃষ্টি বা ধবংস কৰিব পাৰে জানো ?

বিদূষক: নোৱাৰে। কাৰণ ধবংস কৰে পুৰুষেই। নাৰীয়ে মাত্ৰ উচটাইহে দিয়ে। ০ ০ ০

 

কৌতুক – ৬

ৰক্মিণী: মই ভাবি পোৱা নাই পতিৰ জন্মদিনত কি উপহাৰ দিম !

ৰেখা: তুমি তেওঁক আনন্দিত কৰিব বিচৰা নেকি ?

ৰুক্মিণী: হয়।

ৰেখা: তেন্তে তুমি তোমাৰ পতিক বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিয়া। ০ ০ ০

 

কৌতুক – ৭

নৱবিবাহিতা পত্নী: (স্বামীক উদ্দেশ্যি) আজিৰ পৰা মই তোমাৰ সুখ আৰু দুখৰ সমভাগী হ’ম।

স্বামী: ভাল কথা, কিন্তু মোৰতো কোনো দুখ নাই।

পত্নী: এতিয়াৰ পৰা হ’ব আকৌ ! ০ ০ ০

 

কৌতুক – ৮

বিচাৰক: (কয়েদীৰ প্ৰতি) তুমি এজন উকিল ল’ব পাৰা।

কয়দী: মোক উকিল নালাগে, ছাৰ। উকিল লোৱাতকৈ  মই সঁচা কথাটোকে স্বীকাৰ কৰিম, ছাৰ। ০ ০ ০

 

কৌতুক – ৯

হৰেন: (বন্ধু  ৰাজেশক উদ্দেশ্যি) ৰীণাৰ সৈতে তোমাৰ প্ৰেম বৰ্তমান কেনে  ?

ৰাজেশ: ৰাণীয়ে মোৰ প্ৰেম আধাখিনি ঘূৰাই দিলে।

হৰেন: কেনেকৈ ?

ৰাজেশ: তাই মোৰ চিঠিবোৰ  ঘূৰাই দিলে, কিন্তু উপহাৰবোৰ ৰাখি থলে। ০ ০ ০

 

কৌতুক – ১০

গিৰীয়েকে ঘৈণীয়েকক গাড়ী চলাবলৈ শিকাই আছে। ঘৈণীয়েকে গাড়ীৰ চাইট গ্লাচখনলৈ চাই ক’লে: এই গ্লাচখন ভালকৈ ফিট হোৱা নাই।

গিৰীয়েক: কিয় ?

ঘৈণীয়েক: (অসন্তুষ্টিৰ ভাৱত) গ্লাচখনত মাত্ৰ পিছৰ পৰা আহি থকা গাড়ীবোৰহে দেখা পাইছোঁ, মোৰ মুখখন একেবাৰে দেখা নাই। ০ ০ ০

 

কৌতুক – ১১

আহিন মাহ। প্ৰৱল বানপানী। ঘৰৰ চাললৈকে পানী উঠাত এজন লোকে ঘৰৰ চালৰ ওপৰত থিয় দি থাকিল।  এনেতে উদ্ধাৰকাৰী নাও আহি তেওঁক নাওত উঠিবলৈ ক’লে। 

লোকজনে ক’লে: (উদ্ধাৰকাৰী দলটোক উপেক্ষা কৰি) আপোনালোকে গুচি যাওক। মোক ভগবানে বচাব। 

নাৱৰীয়াসকল গুচি গ’ল।

পানী বাঢ়ি গৈ তেওঁৰ ডিঙিলৈকে উঠিল। এনেতে এটা হেলিকপ্তাৰ ৰচী পেলাই দি তেওঁক ৰচীটো বাই হেলিকপ্তাৰখনলৈ উঠিবলৈ ক’লে।

লোকজনে ক’লে: নহয়। মোক ভগবানে বচাব।

হেলিকপ্তাৰটো গুচি গ’ল।

পানী বাঢ়ি থাকিল। এটা সময়ত মানুহজন পানীত ডুবি মৰি মৰিল ।

মৃত্যৰ পিছত লোকজনে ভগবানৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলে: মই আপোনাক ইমান বিশ্বাস কৰা সত্বেও মোক বিপদৰ পৰা উদ্ধাৰ নকৰিলে, প্ৰভু।

উত্তৰত ভগবানে হাঁহি হাঁহি ক’লে: তোমাক উদ্ধাৰ কৰিবলৈ প্ৰথমে নাও আৰু পিছত হেলিকপ্টাৰ পঠোৱা হৈছিল। তুমিহে সহায় গ্ৰহণ নকৰিলা ! ০ ০ ০

 

কৌতুক – ১২

ডক্টৰৰ চেম্বাবৰলৈ এজন ডেকা ল’ৰা সোমাই আহি ডক্টৰক সেৱা জনাই ক’লে: আপোনাক  কি বুলি যে ধন্যবাদ দিম ভাবি পোৱা নাই। আপোনাৰ চিকিৎসাই মোক যে কিমান উপকাৰ কৰিলে!

ডক্টৰৰ: কেনেকৈ· মই তোমাক চিকিৎসা কৰা বুলি মনত নপৰে।

ডেকা ল’ৰা: মোক চিকিৎসা কৰা নাই। কিন্তু মোৰ বৰদেউতাকক চিকিৎসা কৰিছিল। আপোনাৰ  চিকিৎসাৰ পিছদিনাই সি মৰি থাকিল। আজি মই গম পালোঁ সি মোক তেওঁৰ  গোটেই স্থাৱৰ-অস্থাৱৰ সম্পদৰ উত্তৰাধিকাৰী কৰি থৈ গৈছে। মোৰ আৰু এজন খুৰা আছে। অনুগ্ৰহ কৰি আপুনি চিকিৎসা কৰিব লাগিব। ০ ০ ০

 

কৌতুক – ১৩

এজন ডেকা ল’ৰাই দন্ত চিকিৎসকৰ জীয়েকৰ প্ৰেমত পৰিল। কিন্তু যুৱকজনৰ কাপুৰুষালিত ছোৱালীজীন ক্ষুব্ধ হৈ ক’লে, “তোমাৰ দৰে কাপুৰুষ প্ৰেমিক মোক নালাগে। আজি ইমান দিন হ’ল দেউতাকক বিয়াৰ প্ৰস্তাৱটোৱেই দিব পৰা নাই।”

যুৱক: মই চেষ্টা কৰিছো। কিন্তু মুখ মেলাৰ লগে লগেই মোৰ দাঁত উভালি দিয়ে। (মুখ মেলি) চোৱা মোৰ তিনিখন দাঁত ইতিমধ্যে উঠাই দিছে। ০ ০ ০

 

কৌতুক – ১৪

ককায়েক: (ভায়েকৰ প্ৰতি) ইমানকৈ মদ খাব লাগেনে ? তই দেখোন মৰি যাবি!

ভায়েক: নাই  দাদা, সিহঁত: ৰবি আৰু লবিৰ বাবেহে। 

ককায়েক: কিয়ঃ সিহঁতে তোক জোৰ কৰি খুৱাইছে নেকি ?

ভায়েক: নহয়, সিহঁতে মদত মুখেই নিদিলে। সেয়ে গোটেইখিনি মই  অকলেইে  গলাধকৰণ কৰিব লগা হ’ল । ০ ০ ০

 

কৌতুক – ১৫

পিংকি: অ’ টমী, তুমি ৰাতি কেতিয়া টোপনি যোৱা ?

টমী: সেইটো আকৌ মই কেনেকৈ জানিম ? মই টোপনিৰ  সময়ত ঘড়ী নাচাওঁ নহয়, পিংকি। ০ ০ ০

 

কৌতুক – ১৬

দেউতা: ৰিমি, তুমি ৱালত কি আঁকি আছা ? ৱালটো দেখোন লেতৰা কৰি পেলালা।

ৰিমি: কি দেউতা, তুমি জানো কোৱা নাছিলা, এইখন আমাৰ ড্ৰয়িংৰূম বুলি। ০ ০ ০

 

কৌতুক – ১৭

গ্ৰাহক: যিদৰে আপোনাৰ হোটেলৰ চাইনেবাৰ্ডত লিখা আছে: চাফ-চিকুনৰ সুব্যৱস্থা আছে। সঁচাই মানিবলগীয়া।

মেনেজাৰ: ধন্যবাদ মহাশয়। পিছে আপুনি জানিলে কেনেকৈ ?

গ্ৰাহক: মই হোটেলত সোমোৱাৰ লগে লগে মোৰ দুয়োখন পকেট চাফা হৈ গ’ল। ০ ০ ০

 

কৌতুক – ১৮

জ্যোতিষী: (এজন ব্যক্তিৰ হাত চাই) আপুনি এমাহৰ ভিতৰত বিপত্নীক হ’ব। অৰ্থাৎ আপোনাৰ স্ত্ৰীৰ মৃত্যু হ’ব।

মানুহজন: সেয়াতো জানো। কিন্তু ধৰা পৰিম নেকি তাকে কওঁক। ০ ০ ০

 

কৌতুক – ১৯

আমেৰিকাত বাস কৰা ভাৰতীয় বিহাৰী লোক এজনক  পুলিচে ইংৰাজীত সুধিলে: আপুনি আমেৰিকাৰ নেচাৰেল চিটিজেন নে ?

ভাৰতীয় বিহাৰীজনে ক’লে: নহয ছাৰ, মই এজন চিজাৰিয়ানহে। ০ ০ ০

 

কৌতুক – ২০

মাজ নিশা ৰাস্তাত টহল দি ফুৰোতে এজন সন্দেহজনক ব্যক্তিক পুলিচে সুধিলে: তুমি কিবা কৰা নেকি ?

মানুহজন: অলপ-অচৰপ কৰোঁ।

পুলিচ: কি কৰা ?

মানুহজন: যিহকে-তিহকে।

পুলিচ: ক’ত থাকা ?

মানুহজন: য’তে-ত’তে।

মানুহজনৰ কথা-বতৰাত পুলিচৰ খং উঠিল। ফলত পুলিচে মানুহজনক নি লক-আপত ভৰাই থোৱাত মানুহজনে সুধিলে: কেতিয়া এৰি দিব ?

পুলিচ: লাহে-ধীৰে। ০ ০ ০

 

কৌতুক – ২১

পতি: মোৰ বিয়াৰ আগত কেইবাজনী ছোৱালীৰ লগত সম্পৰ্ক আছিল। পাছত গম পালে তুমি বেয়া পাবা বুলি মই আগতেই কৈ থলোঁ।

ন-কইনা: মোৰো কেইবাজনো ল’ৰাৰ লগত হলি-গলি আছিল। গতিকে কোনো আপত্তি নাই। ০ ০ ০

 

কৌতুক – ২২

এজন তিৰোতাই গাভৰু ছোৱালী এজনীক লগত লৈ ডেকা ডাক্তৰ এজনৰ চেম্বাৰত প্ৰৱেশ কৰিলে। ডাক্তৰজনে মিচিকিয়া হাঁহি মাৰি গাভৰুজনীক ক’লে: এইফালে আহা, ইয়াতে শুই দিয়া আৰু কাপোৰ খুলি দিয়া।

তিৰোতা: মইহে বেমাৰ দেখুৱাবলৈ আহিছোঁ। 

ডাক্তৰ: হয়, নেকি ? তেন্তে ইয়াতে বহক আৰু জিভাখন উলিয়াই দিয়ক। ০ ০ ০

 

কৌতুক – ২৩

দুজন পাগলৰ মাজত কথোপকথন:

প্ৰথম পাগল: ভাই, পৃথিৱীৰ মানুহবোৰ পাগল হ’ল, নহয়নে ?

দ্বিতীয় পাগল: নিশ্চয়। সকলোৱেই পাগল হ’ল। আমিবোৰ পাগল নহ’লেই হ’ল আৰু ! ০ ০ ০

 

কৌতুক – ২৪

শিক্ষয়িত্ৰী: এজন ডাকোৱালে দিনত যদি ৫ খনকৈ চিঠি বিলায়, তেন্তে এক সপ্তাহত কিমান চিঠি বিলাব ?

ৰশ্মি: ৩০ খন।

শিক্ষক: ৰশ্মি, তুমি পূৰণ অংক নাজানে ?

ৰশ্মি: জানোঁ। কিন্তু  ৰবিবাৰ যে বন্ধৰ দিন সেয়া আপুনি পাহৰিলে নিশ্চয়। ০ ০ ০

 

কৌতুক – ২৫

মদ খাই ৰাস্তাত পৰি থকা এজন মদাহীৰ মুখত কুকুৰে প্ৰসাব কৰি দিয়াত মদাহীয়ে নিজকে নিজে ক’বলৈ ধৰিলে, “কি দিনকাল পৰিল! মানুহেবাৰো বেয়া হ’ল আৰু বৰষুণৰ পানীও গৰম হোৱা আৰম্ভ কৰিলে! ০ ০ ০

 

কৌতুক – ২৬

তিনিজন ল’ৰাই নিজৰ নিজৰ দেউতাকৰ বিষয়ে প্ৰশংসা কৰি আছিল এনেদৰে:

প্ৰথম ল’ৰা: মোৰ দেউতা এজন ৰিক্সা ড্ৰাইভাৰ।

দ্বিতীয় ল’ৰা: মোৰ দেউতাক এজন মাৰুতি ড্ৰাইভাৰ।

তৃতীয় ল’ৰা: (ফিতাহি মাৰি) কি কোৱাহে তোমালোকে, মোৰ দেউতা এজন স্ক্রু-ড্ৰাইভাৰ। ০ ০ ০

 

কৌতুক – ২৭

ভিক্ষাৰী: মহাজন মোক কেইটামান পইচা দিয়ক।

মহাজন: মোৰ লগত পইচা নাই।

ভিক্ষাৰী: তেনেহ’লে খাবলৈ কিবা দিয়ক।

মহাজন: খোৱা বস্তুও নাই।

ভিক্ষাৰী: তেন্তে মোৰ লগত আহক।

মহাজন: ক’লৈ ?

ভিক্ষাৰী: ভিক্ষা মাগিবলৈ। ০ ০ ০

 

কৌতুক – ২৮

এজনী নৱবিবাহিতা মহিলাই নিজৰ কাম-কাজৰ প্ৰশংসা কৰি বান্ধৱী এজনীক ক’লে: আমি ঘৰত দুয়ো মিলিজুলি কাম কৰোঁ। আজি ৰাতিপুৱাৰ কথাই ধৰক। মই ক’লো চাহ খাম। তেওঁ বনাই আনিলে। মই খালো। আকৌ মই ক’লো: কাপটো ধোৱা।  সি  ধুই থলে। ০ ০ ০

 

কৌতুক – ২৯

পাৰ্কৰ পুখুৰী এটাত এজন মানুহ পৰি পানী খাই মৃত্যৰ সতে সংগ্ৰাম কৰি থকা সময়ত চকীদাৰে দেখা পাই খঙত চিঞৰি চিঞৰি ক’লে: এই, কোন ? চাইনেবাৰ্ড দেখা নাই জানো — ইয়াত সাঁতুৰিবলৈ মানা আছে ।

মানুহজন: মই সাঁতোৰা নাই, ডুবি আছোহে।।

চকীদাৰ: অ’ হয় নেকি, অৱশ্যে ডুবি মৰাত কোনো বাধা নাই। ০ ০ ০

 

কৌতুক – ৩০

নৱবিবাহিত ব্যক্তি এজনে বৈবাহিক জীৱন সুখময় কৰিবলৈ ডক্টৰৰ শৰণাপন্ন হ’ল। ডাক্তৰে ক’লে: তুমি নিতৌ আধাঘন্টাকৈ খোজ কাঢ়া আৰম্ভ কৰা। এমাহ মান পিছত ফলাফল জনাবা।

এমাহ পিছত মানুহজনে ডক্টৰক ফোন কৰাত ডাক্তৰে সুধিলে: কিবা সুফল পালানে ?

মইনো কেনেকৈ কম, ডাক্তৰ চাহাব · আজি এমাহে  ঘৰৰ পৰা  খোজ কাঢ়ি প্ৰায় পাঁচশ কিলোমিটাৰ আঁতৰি আহিছোঁ। ০ ০ ০

 

কৌতুক – ৩১

বাদল: (বাকীৰ টকা খুজিবলৈ ক্ৰেতাৰ ঘৰলৈ) ৰমেনদা ঘৰত আছেনে ?

চাকৰ: আপুনি কোন ?

বাদল: মই এজন দোকানী। 

চাকৰ: অ’ সেই বাদল নামৰ দোকানী তেন্তে আপুনিয়েই।

বাদল: হয়।

চাকৰ: মোৰ মালিক ঘৰত নাই।

বাদল: ক’লৈ গৈছে ? 

চাকৰ: ঘৰৰ পিছফালে লুকাই আছে।

বাদল: কিয় ?

চাকৰ: আপনাক বৰ ভয় পায় হেনো ! ০ ০ ০ 

 

কৌতুক – ৩২

পত্নী: (পতিক উদ্দেশ্য কৰি) তুমি মিছা কথা কোৱাৰ অভ্যাসটো এৰিব নোৱাৰিলা দেখোন।

পতি: কোনে ক’লে মই মিছা কথা কোৱা বুলি ?

পত্নী: তুমি ৰাতিপুৱা ভৃগুৰ আগত কোৱা নাছিলা জানো, “মই কাকো ভয় নকৰো” বুলি ?

পতি: দুঃখিত। সেই মূহুৰ্তত মই তোমাক পাহৰি আছিলোঁ। ০ ০ ০

 

কৌতুক – ৩৩

পুত্ৰ: দেউতা, মোক পাঁচ টকা দিয়ক।

দেউতা: কিয় 

পুত্ৰ: চকলেট খাম।

দেউতা: যোৱাকালি দেখোন তোমাক এপেকেট চকলেট আনি দিলোঁ। কি কৰিলাঁ ?

পুত্ৰ: খাই পেলাইছোঁ।

দেউতাক: ইমানবোৰ চকলেট এদিনতে খাই শেষ কৰিলা ! আজিৰ কাৰণে কিছু ৰাখি নথলা কিয় ?

পুত্ৰ: আপুনিয়েইতো কয়, আজিৰ কাম কাইলৈ পেলাই থব নালাগে। ০ ০ ০

 

কৌতুক – ৩৪

নগেন: কেইটামান পৰুৱা প্লেটত থকা কেক কেইটুকুৰালৈ আহি আছে। কিন্তু এটা মাত্ৰ পৰুৱা কেকটুকুৰাৰ পৰা আঁতৰি আছে কিয় ?

মৃগেন: সম্ভৱত পৰুৱাটো বহুমূত্ৰ ৰোগত আক্ৰান্ত। ০ ০ ০

 

কৌতুক – ৩৫

প্ৰণৱে যোৰহাটলৈ যাবৰ বাবে হেমন্তৰ পৰা পাঁচশমান টকা ধাৰে ললে আৰু ক’লে, “মই যোৰহাটৰ পৰা ঘূৰি আহিয়েই তোমাৰ টকাখিনি পৰিশোধ কৰিম।

এমাহ পিছত ৰাজেশে প্ৰণৱক টকা  খোজাত প্ৰণৱে ক’লে: মই তোমাক যোৰহাটৰ পৰা ঘূৰি আহি টকাখিনি ঘূৰাই দিম বুলিহে কৈছিলো।

হেমন্ত: তুমি কেতিয়ালৈ যোৰহাটলৈ যাবা ?

প্ৰণৱ: এতিয়াও ডেট কৰা নাই। কিন্তু অহা দুবছৰত যে যোৱা নহ’ব সেয়া খাটাং। ০ ০ ০

 

কৌতুক – ৩৬

প্ৰশ্ন: পত্নীৰ দৃষ্টিত পতি কেতিয়ালৈ পৰমেশ্বৰ হৈ থাকে ?

উত্তৰ: যেতিয়ালৈকে মোৰ পত্নীজনী আন পূজাৰিনীসকলে দিয়া ভোগখিনিৰ বিষয়ে অজ্ঞাত হৈ থাকে। ০ ০ ০

 

কৌতুক – ৩৭

শিক্ষক: যিজনে নিজকে জ্ঞানী বুলি ভাবে তেওঁতকৈ মূৰ্খ পৃথিৱীত দ্বিতীয় এজন নাই। কিন্তু  যিজনে নিজকে মূৰ্খ বুলি ভাবে তেওঁক কি বুলি কবা ?

ছাত্ৰ: জধা-মূৰ্খ। ০ ০ ০

 

কৌতুক – ৩৮

মদপীৰ প্ৰতি এজন বন্ধু: বন্ধু, তুমি মদ খোৱা এৰি দিয়া। তেতিয়াহ’লে ৮০ বছৰ জীয়াই থাকিব পাৰিবা।

মদপী: ধেৎ, একেবাৰেই মিছা কথা।

বন্ধু: মই এনে বহুতো লোকক জানোঁ।

মদপী: একদম ফাল্টু কথা। মোৰ বয়স ৮২ বছৰ। ০ ০ ০

 

কৌতুক – ৩৯

শ্ৰীমতী হাজৰিকাই (স্বামীৰ মৃত্যু হোৱাত কান্দি আছে। এনেতে বান্ধৱী উৰ্মিলা আহি সান্ত্বনা  দি ক’লে, “তুমিনো ইমান কান্দি আছা কিয় ? মোৰোতো স্বামী মৰিছে, মইতো কন্দা নাই।

শ্ৰীমতী হাজৰিকা: তোমাৰ স্বামীৰ নামত থকাৰ দৰে মোৰ স্বামীৰ নামত কোনো জীৱন বীমা নাই। ০ ০ ০

 

কৌতুক – ৪০

পতিয়ে পত্নীক উদ্দেশ্যি: মই টুৰত গ’লে প্ৰায়েই তোমাৰ কথা মনত পৰে।

পত্নী: (আনন্দিত হৈ ) হয় নেকি ? কেনেকৈ ?

পতি: হোটেলৰ ভাত খাওঁতে দাঁতত শিল পৰিলেই। ইমান মিল ! ০ ০ ০

 

কৌতুক – ৪১

এদিনাখন এখন কলেজৰ বুৰঞ্জীৰ অধ্যাপক আৰু গণিতৰ অধ্যাপকৰ মাজত কিবা বিষয় লৈ তৰ্ক লাগিল। তৰ্কত নিজৰ যুক্তি প্ৰদৰ্শন কৰি ওৰ নোপোৱাত বুৰঞ্জীৰ শিক্ষকজনে ক’লে: মই তোমাৰ লগত যুদ্ধ কৰিবলৈ মৰাঠা বীৰ শিৱাজীৰ সৈন্যদল লগাই দিম।

তাকে শুনি গণিতৰ অধ্যাপকজনে ক’লে: মই তোমাৰ সৈন্যদলক কুটিল বন্ধনীৰ ভিতৰত বন্ধী কৰিম আৰু শূন্যৰ লগত হৰণ কৰি পূৰণ কৰিম। ০ ০ ০

 

কৌতুক – ৪২

পত্নী: (পতিৰ বন্ধুৰ ওচৰত পতিৰ আৰ্থিক অৱস্থাৰ অভিযোগ কৰি) চোৱা, তোমাৰ এই বন্ধুৰ ঘৰত একো নাই। টি. ভি. নাই, ফ্রিজ নাই, বাইক নাই ……….

বন্ধু : সেইবোৰ নাথাকিলে কি হ’ল, তোমাৰ দৰে ধুনীয়া পত্নীতো আছে। ০ ০ ০

 

কৌতুক – ৪৩

পতি: (পত্নীক উদ্দেশি), শুনাচোন আজি মই চকু বিশেষজ্ঞ এজনৰ ওচৰলৈ যাবই লাগিব। চকুৰে দূৰৰ বস্তু মণিব নোৱাৰো।

পত্নী: কি কয়হে! মিছাতে কিয় টকা খৰচ কৰিব লাগে ? মইতো সদায় তোমাৰ ওচৰতেই থাকো। দূৰৰ বস্তুবোৰলৈনো কিয় চাব লাগে। ০ ০ ০

 

কৌতুক – ৪৪

শিক্ষক: ৰাজু, তুমি তোমাৰ প্ৰিয় বন্ধুলৈ এখন চিঠি লিখি তলত এখন লেফাফাৰ ছবি অংকন কৰা।

ৰাজুয়ে কিছু সময় পিছত বহিটো জমা দিয়াত শিক্ষকে চাই ক’লে: তুমি দেখোন কেৱল লেফাফাৰ ছবিখনহে আঁকিলা। চিঠিখনতো নিলিখিলা যে ? 

ৰাজু: চিঠিখন লেফাফাখনৰ ভিতৰতে আছে, ছাৰ। ০ ০ ০

 

কৌতুক – ৪৫

টুৰিষ্ট: ইমান বিপদজনক ঠাই। যিকোনো মূহুৰ্তত ইয়াৰ পৰা তললৈ পৰি মানুহৰ মৃত্যু হ’ব পাৰে।

গাইড: বহুদিনৰ পৰাই ইয়াত চাইনব’ৰ্ড আছিল। আজিলৈকে কোনো মানুহৰ মৃত্যু নোহোৱা বাবে  আজি ৰাতিপুৱা সেইখন আঁতৰাই পেলাইছোঁ। ০ ০ ০

 

কৌতুক – ৪৬

মিন্টো: (বন্ধু তপনৰ হাতত নতুন ছাতি এখন দেখা পাই প্ৰশংসা কৰি) বা! তোমাৰ ছাতিটো বৰ ধুনীয়া।ক’ৰ পৰানো আনিলা ? 

তপন: ত্ৰিপাঠীৰ পৰা। 

মিন্টো: মই জনাত আমাৰ নগৰখনত’ ত্ৰিপাঠী’ নামৰ কোনো ছাতিৰ দোকান নাই।

তপন: ত্ৰিপাঠী নামৰ হোটেলখনৰ পৰা। বাহিৰত পাই লৈ আহিলোঁ। ০ ০ ০

 

কৌতুক – ৪৭

ৰোগীৰ প্ৰতি ডাক্তৰ: আপোনাৰ পেটত বহুত পানী জমা হৈছে।

ৰোগী: পানীতো মই নাখাওঁ বুলিবই পাৰি। হয়তো হুইস্কিত দিয়া বৰফৰ টুকুৰা কেইটাই এনে কৰিলে। ০ ০ ০

 

কৌতুক – ৪৮

পতি: এই ড্ৰাইভাৰজনক খেদিবই লাগিব। এতিয়ালৈকে সি তিনিবাৰ এক্সিডেন্ট কৰিছে। মই মৰাৰ পৰা কোনোমতেহে বাচিছোঁ।

পত্নী: প্লিজ তাক নেখেদিব। অন্ততঃ তাক আৰু এটা চান্স দিয়ক। ০ ০ ০

 

কৌতুক – ৪৯

ৰেষ্টুৰা এখনৰ মালিকে ৰান্ধনিশালৰ ভিতৰত সোমাই ৰান্ধনীজীনক ক’লে: দিয়াচোন একাপ চাহ। মই টেষ্ট কৰি চাওঁ।

ৰান্ধনীজনী: কিন্তু ছাৰ….।

মালিক: কোনো কিন্তু নাই। (এই বুলি কৈ ওচৰতে থকা কাপটো হাতত লৈ শোহা মাৰিলে। প্ৰথম শোহাতেই মুখখন কোঁচাই আনি গৰ্জি উঠিল, “এইয়া চাহ নে হাত ধোৱা পানী ?”

ৰান্ধনিজনী: ছাৰ, মই তাকেইতো ক’ব বিচাৰিছিলোঁ। ০ ০ ০

 

কৌতুক – ৫০

শিক্ষক: ৰফি ক’ত?  সি আজি স্কুললৈ অহা নাই কিয়?

ৰাতুল: সি চিকিৎসালয়ত আছে ।

শিক্ষক: কিয় ?

ৰাতুল: যোৱাকালি আমি দুয়োজনে এক বাজি মাৰিছিলোঁ এইবুলি যে কোনে আগতে খিৰিকীৰে বেছি দূৰলৈ জপিয়াব পাৰে। মই সাৰিলো, কিন্তু সি বিজয়ী হ’ল। অৱশ্যে হাত-ভৰি ভাগিল। ০ ০ ০

 

কৌতুক – ৫১

কৰিম: মোৰ আজিলৈকে পত্নীৰ সৈতে কোনো কাজিয়া লগা নাই ?

ৰহিম: হয় নেকি ? ই কেনেকৈ সম্ভৱ ?

কৰিম: তাই নিজৰ মতে চলে আৰু মই তাইৰ মতে চলোঁ।। ০ ০ ০

 

কৌতুক – ৫২

শিশু: মা, মোক তুমিয়েই কথা ক’বলৈ শিকাইছিলা, নহয় জানোঁ ?

মাক: হয়, মোৰ বাহিৰেনো তোমাক আৰু কোনে শিকাব ?

শিশু: তেন্তে, তুমি মোক মনে মনে বহি থাকিবলৈ কোৱা কিয়, মা ০ ০ ০

 

কৌতুক – ৫৩

বাপেক: (পুত্ৰক উদ্দেশ্যি) ডাঙৰ হৈ তুমি কি কৰিবা ?

পুত্ৰ: মই ডক্টৰ  হ’ম।

বাপেক: ডক্টৰ হৈ তুমি কি কৰিবা ?

পুত্ৰ: ৰোগীক এটা ভিজিটতে ভাল কৰি দিম।

বাপেক: তেনেহ’লে তুমি ডক্টৰ  হ’ব নালাগে। আমিবোৰ নাখাই মৰিব লাগিব ! ০ ০ ০

 

কৌতুক – ৫৪

ডক্টৰ: (মৃত্যুমূখী ৰোগীৰ প্ৰতি) ঠিক আছে। মই কাইলৈ আকৌ তোমাক ভালকৈ  চাম।

ৰোগী: আপুনিতো চাবই। পিছে, মই জানো আপনাক  চাবলৈ অহাকালিলৈ জীয়াই থাকিম ?  ০ ০ ০

 

কৌতুক – ৫৫

ৰাজেশ: ছাৰ, সিদিনা আমাৰ বিউটিচিয়ান বাইদেৱে আপোনাৰ  স্কুললৈ কিয়নো গৈছিল ?

শিক্ষক: আমাৰ শিক্ষয়িত্ৰীসকলে এটা বেশ-ভূষাৰ পৰীক্ষা দি আছিল। ০ ০ ০

 

কৌতুক – ৫৬

“তুমি বৰ যধে-মধে টকা খৰচ কৰা। কাইলৈ মোৰ কিবা এটা হ’লে তুমি ভিক্ষা কৰি ফুৰিব লাগিব।” স্বামীয়ে পত্নীক উদ্দেশ্যি ক’লে।

“সেই লৈ কোনো টেনচন নাই। এতিমধ্যে মোৰ অভ্যাস হৈ গৈছে।” পত্নীয়ে লগে লগে উত্তৰ দিলে। ০ ০ ০

 

কৌতুক – ৫৭

এখন অফিচৰ কৰ্মচাৰী: (দুখ কৰি এজন বন্ধুৰ  ওচৰত কৈ আছে)  শুনিছা বন্ধু, মোৰ একেবাৰে শান্তি নাই। অফিচত গোটেই দিন কেৱল কাম, কাম আৰু কাম। ইফালে ঘৰত পত্নীক লাগে কেৱল টকা, টকা আৰু টকা।

বন্ধু: ইমান টকাৰে তোমাৰ পত্নীয়েনো কি কৰে ?

কৰ্মচাৰী: নাজানোঁ। আজিলৈকে মই কিন্তু এটকাও দিয়া নাই। ০ ০ ০

 

কৌতুক – ৫৮

বিবাহ বিচ্ছেদৰ মোকৰ্দমাত গিৰীয়েকে অভিযোগ কৰিলে: জজ চাহাব, মই ল’ৰাৰ বাপেক হ’বলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু ঘৈনীয়েকে মোক ছোৱালীৰ বাপেকহে বনালে।

লগে লগে ঘৈনীয়েকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ক’লে: আপুনি মোৰ ওচৰত কৃতজ্ঞ থকা উচিত। আপোনাৰ ভৰসাত থাকিলে ছোৱালীজনীও নহ’লেহেঁতেন। ০ ০ ০

 

কৌতুক – ৫৯

ৰমেশে বন্ধু ৰাকেশক ক’লে, “শুনিছা ৰাকেশ, কলিতাই দুৱাৰ বিয়া কৰাইছে আৰু দুয়োবাৰেই হেনো হতাশ হৈছে।

“কাৰণটোনো কি ?” ৰাকেশে সুধিলে।

“কাৰণ, প্ৰথমা পত্নী গুচি গ’ল। কিন্তু দ্বিতীয়জনী গুচি নগ’ল।” ৰমেশে ক’লে। ০ ০ ০

 

কৌতুক – ৬০

ভূগোলৰ শিক্ষক: পৃথিৱীৰ অক্ষৰেখা এডাল কাল্পনিক ৰেখা। ইয়াত তোমালোকে কাপোৰ  মেলি দিব নোৱাৰা।

ছাত্ৰ: পাৰিম, ছাৰ। কাল্পনিক কাপোৰ মেলি দিব পাৰিম নিশ্চয়। ০ ০ ০

 

কৌতুক – ৬১

প্ৰশ্ন: অসম-বাংলাদেশ সীমান্ত আৰু তিৰোতাৰ মুখ—এই দুটাৰ মাজত কি আচৰিত মিল আছে ?

উত্তৰ: এটাকো বন্ধ কৰি ৰাখিব নোৱাৰি। ০ ০ ০

 

কৌতুক – ৬২

শল্য চিকিৎসক প্ৰেমিকৰ প্ৰতি প্ৰেমিকা: মোৰ কথা যদি বিশ্বাস নকৰা মোৰ হৃদয়খন ফালি চাব পাৰা। তাতো তোমাৰ ছবিয়েই দেখা পাবা।

ডক্টৰ  প্ৰেমিক: দুখিতঃ মই আজিকালি অপেন  হাৰ্ট চাৰ্জাৰি’ কৰিবলৈ এৰিছোঁ। ০ ০ ০

 

কৌতুক – ৬৩

চিনেমাৰ ডিৰেক্টৰ: (অভিনেতাৰ প্ৰতি) তুমি দহ মহলাৰ পৰা জপিয়াব লাগিব।

অভিনেতা: ভয় লাগে ছাৰ, যদি মৰি যাওঁ!

চিনেমাৰ ডিৰেক্টৰ: কেনো চিন্তা নাই। আমাৰ ভাৰতবৰ্ষত অভিনেতাৰ অভাৱ নাই। ০ ০ ০

 

কৌতুক – ৬৪

কলিতাৰ ঘৈনীয়েকে শাৰী কিনাৰ বাবে ঠেহ পাতি থকাত কলিতাই ক’লে, “আমাৰ আলনাটো দেখোন তোমাৰ শাৰীৰেই ভৰ্তি হৈ আছে। আকৌ কিয় শাৰী লাগে ?”

কলিতানীয়ে প্ৰত্যুত্তৰ কৰি ক’লে, “সেই আটাইবোৰেই আমাৰ কলনিটোৰ সকলোৱে দেখিছে।”

“তেনেহ’লে আমি ঘৰটোকে সলাও।” কলিতাই উত্তৰ দিলে।” ০ ০ ০

 

কৌতুক – ৬৫

অকনে সুধিলে: মা, তুমি কি বিচাৰি আছা ?”

মাকে ক’লে: নাই , একো নহয়।

নিশ্চয় তুমি কিবা বিচাৰি আছা। সেইটো পাই যাবা। যদিয়ে চকলেটৰ পেকেটটো ক’ত থৈছা সেয়া মোক জনোৱা। ০ ০ ০

 

কৌতুক – ৬৬

কলিতানী: (বৰুৱানীক উদ্দেশ্যি) শুনিছো আপোনাৰ ল’ৰাজনৰ নাম সন্তোষ ৰাখিলে।

বৰুৱানী: হয়। কিয় বা সুধিলে ?

কলিতানী: মোৰো এটা ল’ৰাৰ নাম সন্তোষ।  আপোনাৰটো কেই নম্বৰ ?

বৰুৱানী: তেৰ নম্বৰ।

কলিতা: মোৰটো আঠ নম্বৰ। ০ ০ ০

 

কৌতুক – ৬৭

শইকীয়ানীয়ে সিদিনা দুয়োজন ল’ৰাক লগত লৈ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। বান্ধৱীয়ে সৰু ল’ৰাটো দেখা পাই ক’লে, “ই একেবাৰে বাপেকৰ চকু কেইটা পালে।”

শইকীয়ানীয়ে ক’লে, “নাকটো কিন্তু খুৰায়েকৰটোহে পালে।”

ওচৰতে থকা ডাঙৰ ল’ৰাজনে ক’লে, “সি পিন্ধি থকা জোতাযোৰ কিন্তু মোৰ পৰাহে ধাৰ কৰিলে।” ০ ০ ০

 

কৌতুক – ৬৮

অফিচৰ মুৰববী: (এজন কৰ্মচাৰীৰ প্ৰতি) মই ভাবো  তোমাৰ বিয়া কৰোৱাৰ বয়স হৈছে। তুমি সোনকালে বিয়া পাতি লোৱা।

কৰ্মচাৰী: কিয়· মই নমিতা বাইদেউৰ লগত হাঁহি-মাতি থকাটো পছন্দ নকৰে নেকি, ছাৰ ? ০ ০ ০

 

কৌতুক – ৬৯

শিক্ষক: (শ্ৰেণীত নতুনকৈ অহা এজন ছাত্ৰৰ প্ৰতি) কোৱাচোন ল’ৰা — তোমাৰ নাম কি ?

ছাত্ৰ: মোৰ নাম মাখন লাল চৰকাৰ।

শিক্ষক: মোৰ নাম মাখন লাল চৰকাৰ —- বাক্যটো ইংৰাজীলৈ অনুবাদ কৰাচোন।

ছাত্ৰ: মাই নেম ইজ বাটাৰ ৰেড গৱৰ্ণন্টমেন্ট, ছাৰ। ০ ০ ০

 

কৌতুক – ৭০

এহাল প্ৰেমিক-প্ৰেমিকা নলবাৰীৰ ‘মিষ্টান্ন হোটেল’ত বহি আছে। প্ৰেমিকে বহু সময় বাহিৰলৈ চাই থকা দেখি প্ৰেমিকাই ক’লে: কিবা এটাৰ অৰ্ডাৰ দিয়া। এনেকৈ বহি থাকিম নে ?

প্ৰেমিক: তোমাৰ যি খোৱাৰ ইচ্ছা হয় সেয়া অৰ্ডাৰ দিয়া। মই এম্বোলেন্সৰ অৰ্ডাৰ দিব লাগিব যেনহে পাইছোঁ।

প্ৰেমিকা: কিয় ?

প্ৰেমিক: তোমাৰ গুণ্ডা দাদাই আমাৰ পিনেই চাই আছে, চোৱা ! ০ ০ ০

 

কৌতুক – ৭১

বৰুৱা: পত্নীৰ স্মৰণ শক্তিৰ বাবে  বৰ বিপদত পৰিছোঁ।

ডক্টৰ: তাই কথা মনত ৰাখিব নোৱাৰে নেকি ?

বৰুৱা: নাথাকিলেতা আপোনাৰ ওচৰলৈ নাহোঁৱেই। তাই কোনো কথাই নাপাহৰে। সেয়েহে সমস্যাত পৰিছোঁ। ০ ০ ০

 

কৌতুক – ৭২

পত্নী: (পতিক উদ্দেশ্যি) মোৰ ৰূপ-লাবণ্য  আঁতৰি যোৱাৰ পিছতো আপুনি মোক মৰম কৰিব নে ?

পতি: কৰিয়েতো আছোঁ। ০ ০ ০

 

কৌতুক – ৭৩

শিক্ষক: কোৱাচোন ৰাকেশ, কুৰি শতিকাৰ  আটাইতকৈ ডাঙৰ সামাজিক পৰিৱৰ্তনটো কি ?

ৰাকেশ: কুৰি শতিকাৰ আগলৈকে ঘৈনীয়েকে গিৰীয়েকলৈ ভয় কৰিছিল। এতিয়া গিৰীয়েকে ঘৈনীয়েকক ভয় কৰা হ’ল। ০ ০ ০

 

কৌতুক – ৭৪

দূৰৱৰ্তী ঠাইলৈ চাকৰিৰ বদলি হোৱাত ঘৰ এৰাৰ সময়ত পতিয়ে পত্নীক ক’লে: ভাল পত্নীয়ে সদায় গিৰীয়েকলৈ চিঠি লিখে, টকা খুজিয়েই হওঁক বা নুখুজিয়েই হওঁক।

পত্নী: ভাল পতিয়েও ঘৈনীয়েকলৈ সদায় টকা পঠাই থাকে, চিঠি লিখক বা নিলিখক। ০ ০ ০

 

কৌতুক – ৭৫

পুতেক: বিৰক্তিয়ে মনত উদ্বেগৰ সৃষ্টি কৰে। কথাটো সঁচানে, দেউতা ?

দেউতা: অ’ সঁচা।

পুতেক: উদ্বেগে হৃদৰোগ বৃদ্ধি কৰে। সঁচানে, দেউতা ?

দেউতা: সঁচা।

পুতেক: সেয়ে মই লিখা-পঢ়াৰ বাবে কোনো  উদ্বেগ নকৰোঁ, দেউতা। ০ ০ ০

 

কৌতুক – ৭৬

ৰজতৰ পুতেকে চহৰত চাকৰি কৰে। এবাৰ হঠাৎ পুতেকে ঘৰলৈ ডাকযোগে চিঠি পঠোৱাৰ লগতে কিছু টকাও পঠালে। ডাকোৱালে ৰজতক টকাৰ কথা কৈ চহী বিচৰাত ৰজতে ক’লে: মোৰ হাতত চহী নাই।

ডাকোৱালে ৰজতৰ সোঁহাতখনত ধৰি ক’লে: চহী নহ’লেও হ’ব। আপুনি সোঁহাতখন আগবঢ়াই দিয়ক।

ৰজতে ভয় পাই ক’লে: নাই, নাই, মই কেইটামান টকাৰ বিনিময়ত হাতখন দিব নোৱাৰিম। ০ ০ ০

 

কৌতুক – ৭৭

দলৈ: মহিলাৰ হাঁহি আৰু চকুলোৰ মাজত পাৰ্থক্য কি ?

ডেকা: মই  নাজানো দে। মোৰ সিজনীয়ে দুয়োবিধেৰেই কাম হাচিল কৰি লয়। ০ ০ ০

 

কৌতুক – ৭৮

মিচেচ কলিতা: (চুবুৰীয়া মিচেচ বৰুৱানীক উদ্দেশ্যি)  তোমাৰ মানুহজন লাকী। সিদিনা বডি ইঞ্চিওৰেন্স কৰিলে পিছদিনাই আঙুলি এটা হেৰুৱালে।

মিচেচ বৰুৱা: তোমাৰ জনে ?

মিচেচ কলিতা: সি আৰু ক’ৰ পৰা আঘাত পাব,  ইঞ্চিওৰেন্সেই কৰা নাই ! ০ ০ ০

 

কৌতুক – ৭৯

শিক্ষক: হাঁহ-মুৰ্গীৰ বিশেষত্বনো কি ?

ছাত্ৰ: সিহঁতক জন্ম হোৱাৰ আগতেও খাব পাৰি, পিছতো খাব পাৰি। ০ ০ ০

 

কৌতুক – ৮০

বাবুল: আজি মোৰ ঘৰলৈ তোমাৰ নিমন্ত্ৰণ থাকিল। জৰুৰ আহিবা কিন্তু।

ৰকিব: ধন্যবাদ, যাম বাৰু। কিন্তু তোমাৰ কুকুৰটোৱে কামোৰে নেকি ?

বাবুল: সেয়া প্ৰমাণ কৰিবলৈয়েইতো তোমাক নিমন্ত্ৰণ জনালোঁ। ০ ০ ০

 

কৌতুক – ৮১

ৰংমন আৰু ৰবিন দুজন নলে-গলে লগা বন্ধু। সিহঁতে এদিন এখন হোটেললৈ গ’ল। হোটেলৰ ল’ৰা এজনে সিহঁতক এখন প্লেটত দুটা মিঠাই দিলে। ইয়াৰ এটা ডাঙৰ আনটো সৰু। ৰবিনে তৎক্ষণাত প্লেটৰ পৰা ডাঙৰ মিঠাইটো মুখত লোৱাত ৰংমনে ক’লে: তই অকনো শিষ্টাচাৰ নাজান দেই।

ৰবিনে ক’লে: কিয় ?

ৰংমন: এনেকৈ প্ৰথমে ডাঙৰটো  লব নালাগে।

ৰবিন: ঠিক আছে। তই  প্ৰথমে ললে কোনটো ললিহেঁতেন ?

ৰংমন: সৰুটো।

ৰবিন: এতিয়া কোনটো খাই আছ ?

ৰংমন: সৰুটো।

ৰবিন: তেন্তে ক’ত মহাভাৰতটো অশুদ্ধ হ’ল। ০ ০ ০

 

কৌতুক – ৮২

অসমীয়া চিনেমাৰ অভিনেতা এজনৰ পত্নীয়ে কেঁচুৱাক চামুচেৰে গাখীৰ খুৱাই থকা দেখি চুবুৰীয়া এজনীয়ে ক’লে, “ তুমি চামুচৰ সলনি বটলেৰে গাখীৰ নুখুওৱা কি ?

“বাপেকৰ দৰে কেঁচুৱাটোৰো বটলৰ নিচা লাগে বুলি মোৰ ভয় লাগে।” অভিনেতাজনৰ পত্নীয়ে উত্তৰ দিলে। ০ ০ ০

 

কৌতুক – ৮৩

এদিনাখন ৰণজিতে হাঁহি হাঁহি বজাৰলৈ গৈ থকা দেখা পাই বন্ধু অকলেশে সুধিলে: তোৰ আজি দেখো বৰ ৰং। কথাটোনো কি ?

ৰণজিত: মোৰ ঘোঁৰাটো হেৰাল।

অকলেশ: ঘোঁৰাটো হেৰাল বুলি হাঁহিব লাগেনে, মূৰ্খ ?

ৰণজিত: তই পাগল নেকি ? তই নাজান নে মই যদি ঘোঁৰাৰ পিঠিত থাকিলোহেঁতেন তেন্তে ময়ো দেখোন হেৰাই থাকিলোহেঁতেন। ০ ০ ০

 

কৌতুক – ৮৪

গাঁৱলৈ মাছ বেপাৰী আহিল। বাটত এজন বৃদ্ধক লগ পাই সুধিলে: ছিলভাৰ কাপ ল’ব নেকি, ছিলভাৰ কাপ ?

বৃদ্ধ: নালোগ বোপা, ঘৰত চীনামাটি আৰু ষ্টিলৰ কাপ বহুত আছে। ০ ০ ০

 

কৌতুক – ৮৫

দাস: মহাভাৰতৰ অভিনয়খন যদি আকৌ এবাৰ চাব পাৰিলোহেঁতেন ………………!

বৰুৱা: চিন্তা নকৰিবা। কেইদিনমান পিছতে মোৰ সেইজনী আহি পাব। ০ ০ ০

 

কৌতুক – ৮৬

ব্রজেন: (সংগীসকলক উদ্দেশ্যি) জধা-মূৰ্খক কেনেদৰে কৌতুহলত ৰাখিব পাৰি, তোমালোকে জানানে ?

সংগীসকল: নাজানোঁ, তুমিয়েই কোৱাচোন।

ব্রজেনঃ গোটেই দিনটো কৌতুহলত থাকা। উত্তৰটো অহাকালি ক’ম। ০ ০ ০

 

কৌতুক – ৮৭

এটা ব্যৱসায়িক প্রতিষ্ঠানে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিলে এই বুলি: আপুনি চাপৰ নেকি ? তেন্তে উপায়ৰ বাবে এশ টকা মনি অৰ্ডাৰ কৰি যোগাযোগ কৰক।

বিজ্ঞাপনটো চাই এজন ভদ্ৰলোকে এশ টকা মণি অৰ্ডাৰ কৰি নিৰ্দিষ্ট ঠিকনাত পঠাই দিলে। কিছুদিন পিছত এটি চিঠিত পৰামৰ্শ আহিল: সদায় সৰু-সৰু ল’ৰা-ছোৱালীৰ মাজত থাকক। ০ ০ ০

 

কৌতুক – ৮৮

শিক্ষক: (ছাত্ৰৰ প্ৰতি) ঐ বাবলু ৩৩ সংখ্যাটো বহীত লিখাচোন।

ছাত্ৰ: কেনেদৰে লিখিম ছাৰ ?

শিক্ষক: ৩ লিখি কাষত আৰু এটি ৩ লিখা।

ছাত্ৰজনে ৩ এটা লিখি ৰৈ যোৱাত শিক্ষকে সুধিলে: ৰৈ গ’লা কিয় ?

ছাত্ৰ: আনটো ৩ কোনফালে লিখিব লাগে সেয়া নাজানোঁ, ছাৰ। ০ ০ ০

 

কৌতুক – ৮৯

ৰীনা: (প্ৰেমিকাক উদ্দেশ্যি) উস্ আৰুনো কিমান দিন অপেক্ষা কৰিম! তুমি জানো কথাটো দেউতাৰাক ক’লা ?

প্ৰেমিক: হয়, কৈছিলোঁ।

ৰীনা: কি ক’লে ?

প্ৰেমিক: আমাৰ এইবাৰ ব্যৱসায়ত ঘাটি হৈছে। সেয়ে কোনো নতুন ব্যৱসায়ত হাত নিদিয়ে।

ৰীনা: মই জানো যে তোমাৰ দেউতাৰাই বাধাৰ সৃষ্টি কৰিবই। আহা আমি নিজেই কিবা এটি কৰোঁ।

প্ৰেমিক: মোৰ ভয় লাগে। হয়তো ময়ো ঘাটি খাও ! ০ ০ ০

 

কৌতুক – ৯০

পথ দুৰ্ঘটনাত বেয়াকৈ আহত হোৱা নেতা এজনক দলৰ কৰ্মী কিছুমানে হস্পিটালত দেখা কৰিবলৈ গৈ ক’লে: আমিতো দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগেলগেই আপোনাৰ জীয়াই থকাৰ আশাই এৰি দিছিলোঁ।

আহত নেতা: হাই কমাণ্ডৰ অনুমতি অবিহনে কেনেকৈনো মৰোঁ। ০ ০ ০

 

কৌতুক – ৯১

ৰাকেশে বন্ধু জিতেনক সুধিলে, “পত্নীৰ সংজ্ঞা কচোন।”

জিতেনে উত্তৰত ক’লে, “পতিৰ পতনৰ কাৰণ যি সেয়ে পত্নী।” ০ ০ ০

 

কৌতুক – ৯২

প্ৰথম বন্ধু : অবৈধ সন্তানবোৰ জিনিয়াচ হয়।

দ্বিতীয় বন্ধু : কেনেকৈ জানিলাঁ ?

প্ৰথম বন্ধু : গৱেষণাত প্ৰমাণ হৈছে।

দ্বিতীয় বন্ধু : নিশ্চয় সঁচা হ’ব। কাৰণ তুমিতো ৰিয়েলি এটা জিনিয়াচ। ০ ০ ০

 

কৌতুক – ৯৩

ৰবুল: ব্রেইনটো বৰ আচৰিত বস্তু, নহয় নে, মা ?

মাক: কিয় ?

ৰবুল: শ্ৰেণীকোঠাত থকা সময়খিনিৰ বাহিৰে ই সকলো সময়তে সক্ৰিয় হৈ থাকে। ০ ০ ০

 

কৌতুক – ৯৪

এগৰাকী চিত্ৰাভিনেত্ৰীয়ে ঘৰৰ কাম-কাজ কৰিবলৈ লগুৱা এজনক নিযুক্তি দি ক’লে: মোৰ ৰূমত সোমোৱাৰ সময়ত দুৱাৰত টোকৰ মাৰিহে সোমাবি।

: কিয় ?

: মই তেতিয়া কাপোৰ সলাই থাকিবওতো পাৰোঁ !

পিছদিনা লগুৱাজনে দুৱাৰত টোকৰ নিদিয়াকৈয়ে ৰূমত সোমোৱাত অভিনেত্ৰীজনীয়ে ধমকি দিয়াত লগুৱাজনে ক’লে: বাইদেউ খং নকৰিব। মই দুৱাৰৰ ফাঁকেৰে চাই আছিলোঁ। আপোনাৰ  কাপোৰ সলোৱা শেষ হোৱাতহে সোমাইছোঁ। ০ ০ ০

 

কৌতুক – ৯৫

কেছিয়াৰৰ পৰা দৰমহাৰ টকা লৈ হিচাপ কৰি বাবুলে দেখা পালে যে দুইশ টকা কম আছে। সি কেছিয়াৰক কথাটো জনোৱাত কেছিয়াৰে ক’লে:

“যোৱা মাহত মই আপোনাকতো দুশ টকা বেছিকৈ দিছিলোঁ, তেতিয়া নক’লে কিয় ?”

“প্ৰথম ভুল সহ্য কৰিব পাৰি। কিন্তু বাৰে বাৰে হিচাপৰ ভুল সহ্য কৰিব পাৰি জানো ?” বাবুলে উত্তৰ  দিলে। ০ ০ ০

 

কৌতুক – ৯৬

এহাল পতি-পত্নীয়ে সদায় তৰ্কা-তৰ্কি কৰি থকাত বন্ধু  ৰাজেনে সুধিলে, “তোমালোকে কিয় ইমান তৰ্কা-তৰ্কি কৰি থকা ?”

সিহঁতে ক’লে, “আমাৰ চিনাকি হৈছিল এক তৰ্ক প্ৰতিযোগিতাতহে।” ০ ০ ০

 

কৌতুক – ৯৭

এখন চেলুনৰ গ্ৰাহক এজনে নাপিতক সুধিলে: কম চুলি থকা মানুহ এজনে চুলি কটালেও তোমালোকে একে দামেই লোৱা নেকি ?

নাপিত: হয়। আৰু যদি চুলি কাটিবলৈ মূৰত চুলি বিচাৰিব লগা হয়, তেন্তে দুগুণ লওঁ। ০ ০ ০

 

কৌতুক – ৯৮

অফিচৰ পৰা ঘূৰি আহি গিৰীয়েকে ঘৈনীয়েকক ক’লে: আজি অফিচৰ পৰা কেইজনমান বন্ধু চাহ খাবলৈ আমাৰ ঘৰলৈ আহিব। তুমি চাহৰ কাপ-প্লেটবোৰ  লুকুৱাই থবা।

ঘৈনীয়েক: কিয়· সিহঁতৰ কোনোৱা হাতলৰ স্বভাৱৰ নেকি ?

গিৰীয়েক: নহয়। সেইবোৰ  দেখা পালে অফিচৰ বুলি চিনি পাব। ০ ০ ০

 

কৌতুক – ৯৯

ৰবি: (স্কুলৰ পৰা ঘূৰি আহি) মা, আজি আমাৰ বাইদেৱে কি সুধিছিল, জানা ?

মাক: কি ?

ৰবি: স্কুলত নাম লগাব পৰা মোৰ ভাইটি বা ভন্টি আছে নে সুধিছিল। মই ‘নাই’ বুলি ক’লোঁ।

মাক: বাইদেউৱে পাছত কি ক’লে ?

ৰবি: ‘বাচিলোঁ আৰু’— বুলি ক’লে। ০ ০ ০

 

কৌতুক – ১০০

ৰজন: আজি এলাৰ্ম ঘড়ীটোৱে মোৰ পুৱাৰ টোপনি ভাঙিলে, লগতে মোৰ মূৰটোও ভাঙিল।

ৰিন্টু: কেনেকৈ ?

ৰজন: দেৰিলৈকে শুই থকাত পত্নীয়ে এলাৰ্ম ঘড়ীটো মোৰ মূৰলৈকে মাৰি পঠালে। ০ ০ ০

 

কৌতুক – ১০১

ৰোগী: ডাক্টৰ চাহাব, মোৰ পেটটোৱে সাংঘাতিক গণ্ডগোল কৰি আছে। ভাপ ইঞ্জিনৰ দৰে।

ডাক্টৰ: (পৰীক্ষা কৰি) মই দেখোন একো শুনা নাই।

ৰোগী: সম্ভৱতঃ ৰেলখন আজি পলমকৈ আহিব। ০ ০ ০

 

কৌতুক – ১০২

বিদূষকলৈ ৰিজুমণিৰ প্ৰশ্ন: বিদূষক ডাঙৰীয়া, সকলো প্ৰকাৰৰ ৰোগৰ হস্পিটাল আছে। কিন্তু প্ৰেম ৰোগৰ হস্পিটাল নাই কিয় ?

বিদূষক: এইটো প্ৰকৃততে ৰোগ নহয়। ই ৰোগৰ প্ৰাথমিক লক্ষণহে। ০ ০ ০

 

কৌতুক – ১০৩

ৰণীয়ে দেউতাকৰ লগত দৌৰ প্ৰতিযোগিতা চাই আছিল। প্ৰতিযোগীসকলে দৌৰি থকা দেখা পাই ৰণীয়ে দেউতাকক  সুধিলে, “দেউতা, সিহঁত আটায়ে কিয় দৌৰি আছে ?”

”কাৰণ সিহঁতৰ ভিতৰত যিজনে প্ৰতিযোগিতাত বিজয়ী হ’ব সেইজনে ট্ৰফীটো লাভ কৰিব।” দেউতাকে ক’লে।

“বিজয়ী নোহোৱা সকলে কি পাব ?” ৰণীয়ে সুধিলে।

“একো নাপায়।” 

“তেন্তে বাকীসকলে কিয় দৌৰিছে, দেউতা ?” ০ ০ ০

 

কৌতুক – ১০৪

মাজৰাতি হঠাৎ দেৱকান্ত টোপনিৰ পৰা সাৰ পাই চিঞৰি চিঞৰি ঘৈনীয়েকক ক’লে: বৰ বেয়া সেপান এটি দেখিলো।

ঘৈনীয়েক: কি বেয়া সপোন ?

দেৱকান্ত: সপোনত দেখিলোঁ যে তুমি ঢুকাইছা আৰু মই নতুন এজনী বিয়া কৰাই আনিছোঁ।

ঘৈনীয়েক: ছি: ছি: মই মৰাৰ লগেই লগেই তুমি বিয়া কৰালা। ০ ০ ০

 

কৌতুক – ১০৫

অনুপে বৰ বেছি বেগত গাড়ী চলায়। এবাৰ সি শ্বিলংলৈ যোৱাৰ সময়ত দেউতাকক সেৱা কৰি আৰ্শীবাদ বিচৰাত দেউতাকে ক’লে,  “মনত ৰাখিবি বোপা, মোৰ আশীৰ্বাদৰ গতিবেগ ঘন্টাত সর্বোচ্চ চল্লিশ কিলোমিটাৰহে। ০ ০ ০

 

কৌতুক – ১০৬

ৰমজান: (বন্ধু হামিদক উদ্দেশ্যি) তুমি কিয় বয়সীয়াল লোকসকলক তোমাৰ জন্মদিনলৈ নিমন্ত্ৰণ কৰিছা ? তোমাৰ সমবয়সীয়া বন্ধু-বান্ধৱীকহে নিমন্ত্ৰণ কৰিব লাগে।

হামিদ: মোৰ সমবয়সীয়া সকলো বন্ধু-বান্ধীয়েই বেকাৰ। সেয়ে টকা-পইচা থকা বয়সীয়ালসকলকহে নিমন্ত্ৰণ কৰিলোঁ যাতে সিহঁতে কিছু উপহাৰ আনিব পাৰে। ০ ০ ০

 

কৌতুক – ১০৭

বিবাহৰ উপযুক্ত ডেকা ল’ৰা এজনে সিহঁতৰ গাওঁৰে এজনী ছোৱালী পছন্দ কৰি দেউতাকক কথাটো জনোৱাত দেউতাকে খং কৰি ক’লে, “নহয়, তুমি সেইজনী বিয়া কৰাব নোৱাৰা। সি তোমাৰ ভনীহে হ’ব।”

এনেদৰে কেইবাবাৰো ছোৱালীৰ প্ৰস্তাৱ অনাত বাপেকে আটাইবোৰ ছোৱালী তেওঁৰ ভনীয়েক হ’ব বুলি কোৱাত পুতেকে কথাটো মাকক জনালে। মাকে ল’ৰাৰ কথা ভালদৰে শুনি ক’লে, “তই সেইকেইজনী ছোৱালীৰ ভিতৰত যিকোনো এজনীকে বিয়া কৰাব পাৰ। কাৰণ তই দেউতাৰৰ ল’ৰাই নহয়।” ০ ০ ০

 

কৌতুক – ১০৮

মকিব: (প্ৰেয়সী মাধবীক উদ্দেশ্যি ) কিমান দিন যে তোমাক বিয়াৰ প্ৰস্তাৱ দিলোঁ। প্লিজ, মান্তি হৈ যোৱানা।

মাধবী: মোৰ মাত্ৰ এটা চৰ্ত আছে—দুটাৰ ওপৰত তুমি কিন্তু ল’ৰা-ছোৱালী বিচাৰিব নোৱাৰিবা।

মকিব: তাকে কোৱা নাই কিয় ইমান দিনে ? মোৰতো ল’ৰা-ছোৱালী দুটাই। ০ ০ ০

 

কৌতুক – ১০৯

ডক্টৰ: (বহু সময় ৰোগীক পৰীক্ষা কৰি) আপুনি ড্ৰিংক কৰেনে ?

ৰোগী: এয়া প্ৰশ্ন নে নিমন্ত্রণ ! ০ ০ ০

 

কৌতুক – ১১০

হাজৰিকাই তেওঁৰ জন্মদিনৰ পাৰ্টিৰ বাবে বহুত বন্ধুক নিমন্ত্ৰণ জনাইছিল। নিমন্ত্ৰণলৈ নহা কেইজনমানৰ ভিতৰত ভি পি বৰুৱাও আছিল। পাৰ্টিৰ দুদিনৰ পিছত বৰুৱাক বাটত লগ পাই সুধিলে, “কিহে বৰুৱা, আপুনি পাৰ্টিলৈ নাহিল দেখোন। আমি খুব স্ফূর্তি  কৰিলোঁ।”

বৰুৱাই উত্তৰ দিলে, “মই আকৌ যোৱাকালিহে স্ফূর্তি কৰিলোঁ। আপোনাৰ তাত পাৰ্টি খাই অসুস্থ হোৱাত কালি কেইজনমান  বন্ধু  মোৰ ঘৰলৈ আহিছিল।” ০ ০ ০

 

কৌতুক – ১১১

বাণিজ্যিক মেলাত ঘূৰি-ফুৰাৰ সময়ত হঠাৎ এজন ভদ্ৰলোকে গম পালে যে তেওঁৰ পত্নী তেওঁৰ লগত নাই। বহু সময় ইফালে-সিফালে বিচাৰিও পত্নীক নাপাই ওচৰতে থকা এজনী চেলচ গাৰ্লৰ ওচৰলৈ গৈ সহায় বিচৰাত গাৰ্লজনীয়ে ক’লে “মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ।”

“আপুনি মাথো কিছুসময় মোক আপোনাৰ সৈতে কথা পতাৰ সুযোগ দিয়ক।  মই আপোনাৰ লগত কথা পাতি থাকিলেই তাই  মোৰ ওচৰলৈ দৌৰি আহিব।” ০ ০ ০

 

কৌতুক – ১১২

সাঁতোৰ শিকাৰ উদ্দেশ্যে শিখৰ নামৰ ল’ৰাজন পুখুৰীটোত নামিল। হঠাৎ ভৰি পিছলি সি পানীত পৰি কক্বক কৰিবলৈ লোৱাত ওচৰতে থকা খুৰায়েকে তেওঁক উদ্ধাৰ কৰিলে। সি সকাহ পোৱাৰ  পিছত শপত খাই ক’লে, “ভালদৰে সাঁতোৰ নিশিকালৈকে  মই কেতিয়াও পানীত নানামো।” ০ ০ ০  

 

কৌতুক – ১১৩

মহেশৰ মূৰত বেণ্ডেজ বন্ধা দেখা পাই বন্ধু অকলেশে সুধিলে, “বন্ধু, তোৰ মূৰত আকৌ কি হ’ল ?”

“মূৰত কি হ’ব আৰু ? বান্ধবী এজনীয়ে ফুল এপাহ দলিয়াই দিয়াত মূৰত লাগিল।” মহেশে উত্তৰ  দিলে।

“ফুল দলিয়াই দিলে মূৰ ফাটে জানো ?”

“ফুলৰ লগতে পিতলৰ ফুলদানিটোও আছিল।” মহেশে ক’লে। ০ ০ ০

 

কৌতুক – ১১৪

শইকীয়ানীয়ে হেৰুৱা  জলকীয়াৰ গুৰিৰ টেমাটো চুবুৰীয়া বৰুৱানীৰ ঘৰত দেখা পাই বৰুৱানীক সুধিলে, “টেমাটো ইয়াত কেনেকৈ আহিল ?”

বৰুৱানীয়ে ক’লে, “আপুনি প্ৰায়েই ঘৰত নাথাকে। সেয়ে হেৰাব পাৰে বুলি মই লৈ আনি ইয়াতে সযতনে ৰাখিছোঁ।” ০ ০ ০

 

কৌতুক – ১১৫

এদিনাখন সন্ধিয়া দেবযানী আৰু শইকীয়ানীয়ে কথা পাতি আছিল। এনেতে দেবযানীয়ে ক’লে: পৰস্ত্ৰীগমন আৰু নৰহত্যা দুয়োটাই সমান অপৰাধ।

শইকীয়ানী: মই সঠিক নাজানো। দ্বিতীয়টোৰ অভিজ্ঞতা মোৰ নাই। ০ ০ ০

 

কৌতুক – ১১৬

শৰ্মা হাই স্কুলৰ বিজ্ঞান শিক্ষক। সিহঁতৰ চুবুৰীয়া ড্ৰাইভাৰ এজনৰ পত্নীয়ে আহি শৰ্মাৰ পত্নীক সুধিলে, “শৰ্মানী, বংশ পৰম্পৰা মানেনো কি ?”

শৰ্মানীয়ে উত্তৰ দিলে, “এই ধৰক আপোনাৰ পিতৃ-মাতৃৰ কোনো সন্তান নাই, তেন্তে আপোনাৰো সন্তান নাথাকিব পাৰে। সেয়াই বংশ পৰম্পৰা।” ০ ০ ০

 

কৌতুক – ১১৭

নগেন: কলিতাজী, বৰ বেয়া খবৰ এটা আছে।

কলিতা: কিনো ?

নগেন: আপোনাৰ পত্নী চুবুৰীয়া বৰাৰ লগত পলাই গ’ল।

কলিতা: (মনে মনে ক’লে: ৰক্ষা পৰিলোঁ, হে ভগৱান) বাজে কথা বাদ দিয়ক হে, কলিতা। এতিয়া বেয়া খবৰটোনো কি, সেয়া ক’ব পাৰে। ০ ০ ০

 

কৌতুক – ১১৮

তিনিজন শিশুয়ে নিজৰ নিজৰ দেউতাকৰ বিষয়ে তলত দিয়া ধৰণে প্ৰশংসা কৰি আছিল:

১ম শিশু: মোৰ দেউতাই ইমান বেগেৰে দৌৰিব পাৰে যে তেওঁ ধুনকাড়ৰ সৈতে একেলগে দৌৰ আৰম্ভ কৰি ধনুকাড় ডালৰ লগতে লক্ষ্যস্থানত উপনীত হয়।

২য় শিশু: সেয়া কিনো ডাঙৰ কথা হ’ল ? মোৰ দেউতাই নিজে বন্দুক চলাই গুলিতকৈয়ো আগতেই লক্ষ্যস্থানত উপনীত হয়।

৩য় শিশু: মোৰ দেউতা সন্ধিয়া তিনি বজাত কাম সামৰি বাৰ বজাতে ঘৰ পায়হি। ০ ০ ০

 

কৌতুক – ১১৯

দুজনী ভদ্ৰ মহিলাৰ মাজত চলা কথোপকথন:

প্ৰথম মহিলা: মোৰ ল’ৰাই চাৰি বছৰ বয়সৰ পৰাই চাইকেল চলাব পৰা হ’ল।

দ্বিতীয় মহিলা: মোৰ ল’ৰা পাঁচ বছৰ বয়সৰ পৰাই স্কুটাৰ চলাব পৰা হ’ল।

প্ৰথম মহিলা: তলত উঠি নে ওপৰত উঠি। ০ ০ ০

 

কৌতুক – ১২০

পাঁচ বছৰীয়া ছোৱালী নমিতাই চকলেটৰ কাৰণে মাকক আমনি কৰি থকাত মাকে ক’লে, “তুমি সৌ দোকানখনলৈ গৈ  দুটামান চকলেট লৈ আহাগৈ। পইচা খুজিলে আম্মীয়ে  পিছত দিব বুলি ক’বা।”

ছোৱালীজনীয়ে দৌৰি দোকানলৈ গৈ  দুটামান চকলেট লৈ দোকানীক সুধিলে, “দাম কিমান হ’ল ?”

দোকানীয়ে ক’লে, “নমিতা, পইচা দিব নালাগে। মোক দুটামান চুমা দি যোৱা।”

“মই এতিয়া  চুমা লৈ অহা নাই। আম্মীয়ে পিছত আহি দি যাব।” ০ ০ ০

 

কৌতুক – ১২১

ৰুমটো গোন্ধাই থকা বাবে  নতুনকৈ  ৰখা চাকৰটোক ফেনাইলৰ বটল এটা আনিবলৈ কৈ সুধিলে, “তুমি ফেনাইলৰ বটল চিনি পোৱা জানোঁ ?”

চাকৰ: হে হে দেউতা, আপুনি যে কথা কয় আৰু, যেন মই ফেনাইল কোনো দিনেই খাই পোৱা নাই ! ০ ০ ০

 

কৌতুক – ১২২

এজন সৰু ল’ৰা: দেউতা, তুমি ক’ত জন্ম গ্ৰহণ কৰিছিলা ?”

দেউতা: গোৱালপাৰাত ?

সৰু ল’ৰা: মা, তুমি ক’ত জন্ম গ্ৰহণ কৰিছিলা ?

মাক: গুৱাহাটীত ?

সৰু ল’ৰা: মোৰ ক’ত জন্ম  হৈছিল ? 

দেউতাক: ধেমাজীত।

সৰু ল’ৰা: (আচৰিত হৈ) তেনেহ’লে আমি তিনিওটাই কেনেদৰে একেলগ হ’লোঁ, দেউতা ?০ ০ ০

 

কৌতুক – ১২৩

মনোজে  বাটত এজন  দাগী অপৰাধীৰ ছবি থকা পোষ্টাৰ দেখা পাই লৰা-লৰিকৈ স্কুললৈ গৈ বাইদেউক সুধিলে, “বাইদেউ সেইজন অপৰাধীক সঁচাকৈয়ে পুলিচে বিচাৰি আছে জানোঁ ?”

শিক্ষয়িত্ৰী: হয়, সঁচাকৈয়ে বিচাৰি আছে বাবেই চিনাক্তকৰণৰ বাবে ফটোৰ সৈতে পোষ্টাৰটো মাৰি দিছে।

মনোজ: পুলিচবোৰ ইমানেই অকামিলা আৰু বুৰ্বকনে ? সিহঁতে ফটো তোলাৰ সময়ত তাক নধৰিলে কিয় ! ০ ০ ০

 

কৌতুক – ১২৪

স্বামী: হেৰা, শুনিছানে, আমাৰ মইনাই যে পেনেপন কৰি কান্দি আছে। কি খোজে নিদিয়া কিয় ?

পত্নী: কি লাগে আৰু, আপুনিয়ে যে নাৰিকলৰ পুলিটো ৰুবৰ বাবে পদূলিত গাতটো খান্ধিছিল, সেয়া আনি তাক ঘৰৰ মজিয়াত খেলিবলৈ দিব লাগে। ০ ০ ০

 

কৌতুক – ১২৫

 পুত্ৰ: দেউতা, দেউতা, ডক্টৰ  আংকোল আহিছে।

দেউতা: যা, মোৰ গা ভাল নহয় বুলি কগৈ। অহা সপ্তাহত দেখা কৰিম। ০ ০ ০

 

কৌতুক – ১২৬

ভৰিত বেণ্ডেজ দেখা পাই এজন বন্ধুয়ে ৰাহুলক সুধিলে, “তোৰ ভৰিত কি হ’ল ?”

“সিদিনা ছিগাৰেট খাই শেষ হোৱাত মেনহলত পেলাই দি অভ্যাসবশতঃ ভৰিৰে মোহাৰি দিবলৈ যাওঁতে মোৰ এনে অৱস্থা হ’ল বন্ধু । ০ ০ ০

 

কৌতুক – ১২৭

কনকে  স্কুলৰ পৰা আহি মাকক ক’লে: মই  নকৰা ভুলৰ বাবে শিক্ষকে মোক শাস্তি দিলে।

মাকে ক’লে, “তুমি নকৰা ভুলৰ বাবে কিয় শিক্ষকে শাস্তি দিব ? ৰ’বা মই তোমালোকৰ হেড ছাৰৰ লগত কথা পাতিম। পিছে তুমিনো কি কৰা নাছিলা ?”

কনকে উত্তৰত ক’লে: “মা, মই মাত্ৰ মোৰ হোমৱৰ্কখিনি কৰা নাছিলোঁ।”  ০ ০ ০

 

কৌতুক – ১২৮

শ্ৰেণীকোঠাত এজন শিক্ষকে ছাত্ৰসকলক উদ্দেশ্যি ক’লে: তোমালোকৰ ভিতৰত যিসকল নিজকে মূৰ্খ বুলি ভাবা সিহঁত থিয় হোৱা।

কিছু সময় পিছত এজন ছাত্ৰই থিয় হোৱাত শিক্ষকে ক’লে: তেনেহ’লে তুমি নিজকে মূৰ্খ বুলি ভাবা, নহয়নে ?

ছাত্ৰ: নহয় ছাৰ, শ্ৰেণীটোত অকল আপুনিয়েই থিয় হৈ থকা দেখি মই ভাবিলো অকল আপুনিয়েই মূৰ্খ । মোৰ বেয়া লাগিল। সেয়ে ছাৰ,  মই  থিয় হ’লোঁ। আমি লাজ পাই আছোঁ। অনুগ্ৰহ কৰি আপুনি বহক ছাৰ। ০ ০ ০

 

কৌতুক – ১২৯

শিক্ষক: (এজন ছাত্ৰক উদ্দেশ্যি) ধৰি লোৱা তোমাৰ মায়ে তোমাক চাৰিটা কণী আনিবলৈ ১২ টকা দিলে। তুমি  বাটত দুটা কণী ভাঙি পেলালা। তোমাৰ কিমান টকা লোকচান হ’ল ?

ছাত্ৰ: (কান্দি কান্দি) ছাৰ, ঘৰত গ’লে আয়ে মোক চিকনীৰে কোবাব। ০ ০ ০

 

কৌতুক – ১৩০

গৃহস্থিনী (ভিক্ষাৰীক উদ্দেশ্যি): আদলিটো লোৱা । মোৰ ভৰিটো খোৰা হোৱা বাবে আগুৱাবলৈ কষ্ট হয়। কিন্তু কপাল ভাল যে তুমি অন্ধ নহয়।

ভিক্ষাৰী: (আগবাঢ়ি আহি) হয় বাইদেউ, মই অন্ধ। চকুৰে দেখা কেইদিন চলিব পৰা নাছিলোঁ। ০ ০ ০

 

কৌতুক – ১৩১

বৰা: আপোনাৰ পদূলিমুখত এজন মানুহ মৰি আছে।

দাস: মানুহজন বৰ ওখ নেকি ?

বৰা: হয়, ওখ।

দাস: কলা কোট পিন্ধি আছে নেকি ?

বৰা: হয়। 

দাস: বগা পেন্ট পিন্ধি আছে নেকি ? 

বৰা: নহয়।

দাস: ৰক্ষা ! তেনেহ’লে মই নহয়। নিশ্চয় আন কোনোবা  এজন হ’ব। ০ ০ ০

 

কৌতুক – ১৩২

ককায়েক: (ছয় বছৰীয়া সৰু ভাইটিক উদ্দেশ্যি) তুমি ঢোলটো লৈ বাহিৰলৈ যোৱা। দেউতাই বাতৰি কাকতখন পঢ়িব পৰা নাই।

ভাইটি: কি যে লাজৰ কথা ! মই ইমান সৰু হৈয়ো পঢ়িব পাৰোঁ আৰু দেউতাই ইমান ডাঙৰ হৈয়ো পঢ়িব  নোৱাৰে ! ০ ০ ০ 

 

কৌতুক – ১৩৩

কাৰাগাৰৰ অধীক্ষক: এই কাৰাগাৰৰ পঁচিশ বছৰ পূৰ্ণ হোৱাৰ বাবে  জেলৰ কয়েদীসকলৰ মাজত অহাকালিৰ পৰা খেল-ধেমালিৰ প্ৰতিযোগিতা পতা হ’ব। (বন্ধীসকলক উদ্দেশ্যি) তোমালোকে কি খেল খেলিব খোজা ?

কয়েদীসকল: (সমস্বৰে) মাৰাথন দৌৰ, ছাৰ। ০ ০ ০

 

কৌতুক – ১৩৪

নতুনকৈ বিয়া কৰোৱা বন্ধুৰ প্ৰতি প্ৰাঞ্জলে ক’লে “তোমাৰ পত্নীয়ে ইমান ধুনীয়া ধুনীয়া কথা ক’ব জানে যে গোটেই ৰাতি শুনি থাকিবৰ মন যায়।”

“সেই দায়িত্ব এতিয়া মোৰ ওপৰতে এৰি দিয়া। তোমাৰ কষ্ট কৰিব নালাগে।” প্ৰাঞ্জলে ক’লে। ০ ০ ০

 

কৌতুক – ১৩৫

শিক্ষক (ৰাজুক উদ্দেশ্যি): কোৱাচোন তোমাৰ অহাত কিয় পলম হ’ল ?

ৰাজু: ছাৰ, মোৰ মা দেউতাই কাজিয়া কৰি আছিল।

শিক্ষক: তুমি তাকে চাই আছিলা হ’বলা ?

ৰাজু: নহয় ছাৰ, মই স্কুললৈ পিন্ধি অহা জোতাজোৰৰ এপাত দেউতাৰ হাতত আৰু আনপাত মাৰ হাতত আছিল। সেয়ে পলম হ’ল, ছাৰ। ০ ০ ০

 

কৌতুক – ১৩৬

এজন সাহিত্যিকৰ গুণমুগ্ধ পাঠকে সাহিত্যিকজনৰ পত্নীলৈ চাই ক’লে: সঁচাই আপোনাৰ পত্নীক এই যোৰ পোছাকত ধুনীয়া দেখাইছে। এনে লাগিছে যেন এটি সুন্দৰ কবিতাহে।

সাহিত্যিকজনে উত্তৰ দিলে: তুমি ভুল বুজিছা। কবিতা নহয়। এইযোৰ সাজ কিনিবলৈ মোৰ এখন উপন্যাস, এখন গল্পৰ পুথি আৰু এখন শোকজনক নৃত্য নাটিকা লিখিব লগা হৈছিল। ০ ০ ০

 

কৌতুক – ১৩৭

দুজন বন্ধুৰ  মাজত নাৰী সম্বন্ধে আলোচনাৰ মাজত প্ৰথম বন্ধুয়ে সুধিলে, “কোৱাচোন বন্ধু  নাৰী আৰু পুৰুষৰ প্ৰকৃতিৰ মাজত পাৰ্থক্য কি ?”

দ্বিতীয় বন্ধুৱে উত্তৰত ক’লে: পুৰুষে এটা কথা দুয়োখন কাণেদি শুনি এখন কাণেদি বাহিৰ কৰি দিয়ে। কিন্তু নাৰীয়ে দুয়োখন কাণেদি শুনি মুখেদি বাহিৰ কৰি দিয়ে। ০ ০ ০

 

কৌতুক – ১৩৮

দশম শ্ৰেণীত পঢ়ি  ছোৱালীয়ে  স্কুলৰ পৰা আহি মাকক ক’লে: সেই ল’ৰাটোৰ  ইমান সাহস যে সি মোক চুমা খায় !

মাক: গালি নাপাৰিলি কিয় ?

ছোৱালী: কিয় গালি পাৰিম মা ? সি দেখোন মোকো খাবলৈ দিয়ে। ০ ০ ০

 

কৌতুক – ১৩৯

গিৰীয়েক আৰু ঘৈণীয়েকৰ মাজত কাথোপকথন:

ঘৈণীয়েক: মই যদি হঠাৎ মৰি যাওঁ ?

গিৰীয়েক: তেনেহ’লে মই পাগল হৈ যাম।

ঘৈণীয়েক: তুমি দ্বিতীয়বাৰ বিবাহ নকৰাতো ?

গিৰিয়েক: কৰিবওতো পাৰোঁ। ছাগলীয়ে নাখায় কি, পাগলে নকৰে কি ! ০ ০ ০

 

কৌতুক – ১৪০

দুজন মদপীৰ মাজত কথোপকথন।

প্ৰথম মদপী: (দ্বিতীয়জনক উদ্দেশ্যি) বন্ধু, তোমাৰ দৰে ভাল বন্ধু মোৰ আৰু দ্বিতীয় এজন নাই। তোমাৰ বাবে মই জান দিব পাৰোঁ।

দ্বিতীয় মদপী: বাৰু ভাল কথা, জান পিছত দিবি। এতিয়া মোক তোৰ বটলৰ পৰা এপেগ মদ দে চোন।

প্ৰথম মদপী: নাই, নহ’ব। মই তোৰ কাৰণে জানহে দিম, মদ দিব নোৱাৰোঁ। ০ ০ ০

 

কৌতুক – ১৪১

নিশা এজন মদাহীয়ে থানালৈ ফোন কৰি ক’লে, “হেল্ল’ পুলিচ ষ্টেচন, মই খানাপাৰাৰ পৰা কৈছোঁ। মোৰ গাড়ীৰ ষ্টেয়াৰিং, গীয়েৰ, ব্রেক আদি সকলো চুৰি হৈ গৈছে।”

ৰিপোর্ট  লোৱাৰ বাবে থানাৰ পৰা সোনকালে কেইজনমান পুলিচ  গৈ তাত উপস্থিত হ’ল। লগে লগে মানুহজন গাড়ীৰ ভিতৰৰ পৰা ওলাই আহি পুলিচক ক’লে: দুঃখিত ছাৰ, মোৰ ভুল হৈছিল। মই গাড়ীখনৰ পিছৰ ছিটতহে বহি আছিলোঁ। ০ ০ ০

 

কৌতুক – ১৪২

এজন ডেকা মন্ত্ৰী জে কে নাৰ্চিং হোমৰ বাৰাণ্ডাত বহি উচপিচাই আছে। অফিচত বহু কাম পৰি আছে। পত্নী ডেলিভাৰী কেচত আছে। উদ্বিগ্ন মন লৈ বহুত সময় বহি থাকি অৱশেষত লগত থকা ব্রিফকেচৰ পৰা মানুহে তেওঁলৈ পঠোৱা আবেদনপত্ৰবোৰ উলিয়াই পঢ়িবলৈ  ল’লে। কেইখনমানত চহী কৰিলে। এনেতে নাৰ্চজনী আহি ক’লে, “এজন ল’ৰা, ছাৰ।”

“ল’ৰা ? ভাল কথা। সুধাচোন, দৰ্খাস্ত কেতিয়া দিছিল ?” মন্ত্ৰীজনে ক’লে। ০ ০ ০

 

কৌতুক – ১৪৩

এজন ভদ্ৰলোক যেতিয়া ঘৰলৈ আহিল, তেওঁক জনোৱা হ’ল যে তেওঁৰ পত্নীৰ দুজনী যঁজা ছোৱালীৰ জন্ম হৈছে।

পতিয়ে  উশাহ এৰি হাত দুখন ওপৰলৈ তুলি ক’লে: ধন্যবাদ ঈশ্বৰ। ঠিক দুটা বজাত ঘৰলৈ আহি দুজনী ছোৱালী জন্ম হোৱাৰ বাতৰি পালোঁ। ভালেই হ’ল যে মই বাৰ বজাত ঘৰলৈ অহা নাছিলোঁ। ০ ০ ০

 

কৌতুক – ১৪৪

এজন সৰু ল’ৰাই টেবিলৰ ওপৰত বিস্কুটৰ পেকেট এটা পালে। পেকেটটোৰ ওপৰত লিখা আছে, ”পেকেটটোৰ মুখখন খুলিলে জন্তুয়ে খোৱাৰ অনুপযোগী হ’ব।”

ল’ৰাজনে লগে লগে পেকেটটোৰ মুখখন খুলি পেলালে। এনেতে মাক আহি উপস্থিত হৈ  (খং কৰি) ক’লে, “বিস্কুটৰ পেকেটটোৰ মুখখন কিয় খুলিলা ?”

ল’ৰাজনে ক’লে, “পেকেটটোৰ মুখখন এই কাৰণেই খুলিলোঁ যে ইয়াৰ মুখখন খোলাৰ লগে লগে জন্তুয়ে খোৱা অনুপযোগী হ’ব। গতিকে মুখখন খুলি থলো যাতে মানুহে খাব পাৰে। ০ ০ ০

 

কৌতুক – ১৪৫

কনক: কোৱাচোন ৰমেন, আমি কেনেকৈ দেশৰ পৰা দূৰ্ণীতি দূৰ কৰিব পাৰি ?

ৰমনে: দূৰ্ণীতি দূৰ কৰা একেবাৰে সহজ। দূৰ্ণীতিক আইনমতে বৈধ ঘোষণা কৰিলেই হ’ল আৰু । ০ ০ ০

 

কৌতুক – ১৪৬

ৰৌশনাৰা: (নয়নীক উদ্দেশ্যি) কোৱাচোন তোমাৰ জন্ম স্থান আৰু জন্মৰ সময় কি আছিল ? 

নয়নী: আইয়ে কোৱা মতে মোৰ জন্মৰ তাৰিখত, হস্পিটালত মোৰ জন্ম হৈছিল। ০ ০ ০

 

কৌতুক – ১৪৭

চাউণ্ডপ্ৰুফ ৰূম এটিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মালিকজনে পৰীক্ষা কৰিবলৈ ৰূমটোলৈ সোমাই  মিস্ত্ৰিজনক উদ্দেশ্যি ক’লে, “মিস্ত্ৰী,  মই কি কৈ আছোঁ তুমি শুনিছানে?”

“নাই শুনা, ছাৰ।” মিস্ত্ৰীজনে উত্তৰ  দিলে।

“তেন্তে ঠিকেই আছে।” মালিকে সস্তুষ্টচিত্তে  ক’লে। ০ ০ ০

 

কৌতুক – ১৪৮

যদু আৰু মধু সহপাঠী। সিহঁতে এদিন চিৰিয়াখানা চাবলৈ গ’ল। সিহঁতে সিংহ, বাঘ, হাতী আদি দেখিলে। হঠাতে যদুয়ে ক’লে, “মোৰ দেউতা সিংহৰ দৰে সাহসী, বাঘৰ দৰে শক্তিশালী আৰু গড়ৰ দৰে শান্ত।”

“তেন্তে তোমাৰ দেউতাক চাবলৈ কিমান টকাৰ টিকট লাগিব ?” মধুয়ে সুধিলে। ০ ০ ০

 

কৌতুক – ১৪৯

মাক: (ল’ৰাক উদ্দেশ্যি) তুমি আকৌ মাৰ-পিট কৰিবলৈ লৈছা নেকি ? ইতিমধ্যে দাঁত দুটা হেৰুৱালা ।

ল’ৰা: (পকেটত হাত দি) নহয় মা, দাঁত দুটা মোৰ পকেটতেই আছে। ০ ০ ০

 

কৌতুক – ১৫০

এজন ছাত্ৰৰ বাৰ্ষিক ৰিপোর্টত শিক্ষকে লিখিলে, “ ল’ৰাজন পঢ়াত ভাল, খেলা-ধূলাতো ভাল। তেওঁৰ একমাত্ৰ দোষটো হ’ল সি ছোৱালীৰ লগত হলি-গলি কৰি ভাল পায়। আমি সংশোধনৰ চেষ্টা কৰি আছোঁ।”

ল’ৰাৰ মাকে উত্তৰত লিখি পঠালে, “আপোনাক ধন্যবাদ। ল’ৰাজনৰ সংশোধনৰ কিবা এটা উপায় বিচাৰি পালে মোকো জনাব। পদ্ধতিটো তাৰ দেউতাকৰ ওপৰতো প্ৰয়োগ কৰিব লাগিব। ০ ০ ০

 

কৌতুক – ১৫১

চাহাৰা মৰুভূমিৰ এটি তেল শোধনাগৰৰ মালিকে পানীৰ ৰেচন বৰ কমকৈ দিয়া বাবে কৰ্মচাৰীসকলে অভিযোগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰা সময়ত মালিকজনে জাঙুৰ খাই উঠি ক’লে, “সিহঁতক পানীয়েও নাটে ।”

মালিকজনৰ সহকাৰীজনে ক’লে, “ছাৰ, এইবাৰ ঘটনাটো সঁচাই যেনহে লাগিছে। চাওঁক খামৰ ওপৰত সিহঁতে  টিকটটোও আলপিন মাৰিহে লগাই দিছে।” ০ ০ ০

 

কৌতুক – ১৫২

ডাক্তৰ (বৃদ্ধ ৰোগীলৈ চাই ): মই আপোনাক এনে ঔষধ দিম যে আপুনি সোনকালেই ডেকা হৈ যাব।

ৰোগী: নাই, নাই, তেনে ঔষধ নিদিব, মোৰ পেঞ্চন বন্ধ হৈ যাব। ০ ০ ০

 

কৌতুক – ১৫৩

ৰাতুল আৰু ৰিতুল দুয়ো বন্ধু। সিহঁতে বাটেৰে গৈ আছে আৰু ইজনে সিজনক প্ৰশ্ন কৰি আছে—

ৰাতুল: কোৱাচোন বন্ধু, আমাৰ তৰুন গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত —-এই দুয়োজনৰ মাজত পাৰ্থক্য কি ?

ৰিতুল: বিশেষ কোনো পাৰ্থক্য নাই। এজনৰ দাড়ি  আছে, আন জনৰ নাই। ০ ০ ০

 

কৌতুক – ১৫৪

শিক্ষয়িত্ৰী: (এজন ছাত্ৰৰ প্ৰতি ) বিশ্বৰ এটি আচৰিত বস্তুৰ নাম কোৱাচোন।

ছাত্ৰ: বগা গাখীৰ দিয়া ক’লা বৰণৰ গাই, বাইদেউ। ০ ০ ০

 

কৌতুক – ১৫৫

ছামিমা: মা, মই গা ধোম। 

মাক: নহয়, তুমি গা ধুব নোৱাৰা, ঠাণ্ডা লাগিব।

ছামিমা: কিয় · মই চুয়েটাৰ পিন্ধিহে গা ধুম, মা। ০ ০ ০

 

কৌতুক – ১৫৬

পত্নী: (নতুনকৈ জন্ম হোৱা কেঁচুৱাটোলৈ চাই) পতিক ক’লে, “আমাৰ শিশুটোৰ কিবা এটা নাম থওঁক।

পতি: ৰিংকু, পিংকু, ডিংকু আদি কিবা এটা থলেই হ’ল।

পত্নী: তেনেকুৱা নাম নহ’ব। এনেকুৱা নাম ৰাখিব লাগিব যি সমগ্ৰ বিশ্বৰ মানুহে জানে।

পতি: তেন্তে ‘মোডী লাডেন’ নামেৰে  মাতিলে কেনে হ’ব ! ০ ০ ০

 

কৌতুক – ১৫৭

তৰুণ কুমাৰ: প্ৰিয় ধন্বন্তৰি, আশা কৰিছোঁ আপুনি মোৰ নিম্ন লিখিত প্ৰশ্নটোৰ উত্তৰ দিব:

“মহাত্মা গান্ধীয়ে কৈছিল— মোক যদি ষাঠি মিনিটৰ কাৰণে হ’লেও দেশৰ একনায়কত্বৰ ভাৰ দিয়া হয়, তেন্তে মোৰ প্ৰথম আৰু প্ৰধান কাম হ’ব দেশৰ পৰা মদৰ দোকানবোৰ বন্ধ কৰা।

এতিয়া মোৰ প্ৰশ্ন: আপোনাক যদি তেনেদৰে একনায়কত্ব দিয়া হয়, তেন্তে আপুনি কি কৰিব ?

ধন্বন্তৰি: ষাঠি মিনিটৰ পৰা কেনেদৰে ষাঠি বছৰ ৰাজত্বত থাকিব পাৰো তাৰ ব্যৱস্থা কৰিম। ০ ০ ০

 

কৌতুক – ১৫৮

এজন গ্ৰাহক: (গোৱালক উদ্দেশ্যি) ঐ, তোৰ গাইজনীয়ে তিনিলিটাৰ গাখীৰ দিয়ে। তই ছয় লিটাৰ কেনেকৈ বিক্ৰী কৰ ?

গোৱাল: বাকীখিনি মিউনিচিপলিটিৰ দমকলে দিয়ে, দেউতা। ০ ০ ০

 

কৌতুক – ১৫৯

মাক: (সৰু ছোৱালীজনীক উদ্দেশ্যি) তুমি পৰুৱাৰ পিছে পিছে কিয় লৰি আছা ?

ছোৱালী: তুমি মোৰ চকলেটবোৰ ক’ত লুকাই ৰাখিছা তাক জানিবৰ বাবে । ০ ০ ০

 

কৌতুক – ১৬০

পত্নী: (পতিক উদ্দেশ্যি) মই তোমাক কিয় বিয়া কৰালো জানা ? তোমাৰ ওপৰত মোৰ দয়া উপজিছিল সেয়ে।

পতিঃ এতিয়া মোৰ ওপৰত তোমাৰ বাহিৰে সকলোৱেই  দয়া দেখুৱাইছে। ০ ০ ০

 

কৌতুক – ১৬১

প্ৰথম ব্যক্তি: (এটি কুঁৱাৰ ওচৰত থিয় দি) মাতি আছে— তিনি, তিনি, তিনি ………….।

দ্বিতীয় ব্যক্তি: হেৰি, কি হৈছে ?

প্ৰথম ব্যক্তি: ওচৰলৈ আহিলেহে গম পাব।

দ্বিতয় ব্যক্তিজন ওচৰ চাপি যোৱাৰ লগে লগে প্ৰথম ব্যক্তিজনে তেওঁক গতা মাৰি কুঁৱাত পেলাই দি ক’বলৈ ধৰিলে — চাৰি, চাৰি, চাৰি ……….। ০ ০ ০

 

কৌতুক – ১৬২

পান দোকান এখনত প্ৰায়েই দিনৰ দিনটো এজন যুৱকক বহি বহি আড্ডা মাৰি থকা দেখা পাই বয়সীয়াল দোকানীজনে ক’লে: বোপা,  তুমি যে সদায় এনকৈ সময় নষ্ট কৰা কিবা এটা কাম কৰি দু-এ পইচা ঘটাৰ চিন্তা নকৰা কিয় ?

যুৱক: কিয় ?

দোকানী: বিয়া ক’ৰাবলৈ।

যুৱক: বিয়া কৰোৱা হৈ গৈছে।

দোকানী: বিয়া যে কৰিলা তোমাৰ দেখো একো ইনকাম নাই।

যুৱক: মুখ্যমন্ত্ৰীৰ কন্যাদান যোজনাৰ অধীনত মোৰ বিয়া হৈছে।

দোকানী: ভাল কথা। তেন্তে ল’ৰা-ছোৱালীৰ কাৰণে টকা ঘটাৰ চিন্তা কৰা।

যুৱক: জননী সুৰক্ষাৰ অধীনত ছোৱালী এজনীৰ জন্ম হ’ল আৰু লগতে জন্মৰ আগত ৫০০ টকা আৰু  জন্মৰ পিছৰ ৫০০০ টকাৰ চেক এখন পাইছোঁ।

দোকানী: তেন্তে ল’ৰা-ছোৱালীক পঢ়াবৰ কাৰণে টকা ঘটাৰ চেষ্টা কৰা।

যুৱক: ল’ৰা-ছোৱালীৰ স্কুলৰ ইউনিফৰ্ম, কিতাপ-পত্ৰ, দুপৰীয়াৰ আহাৰ আদি সকলো চৰকাৰে ফ্রি দিয়ে দেখোন।

দোকানী: তুমিনো ঘৰ কেনেকৈ চলোৱা ?

যুৱক: তিনি টকা দৰৰ চাউল পাওঁ চৰকাৰৰ পৰা।

দোকানী: তেন্তে মা-দেউতাক তীৰ্থলৈ পঠোৱাৰ বাবে  টকা উপাৰ্জন কৰা।

যুৱক: কিয় লাগে ? বৃদ্ধসকলৰ বাবে দেখোন ‘মুখ্যমন্ত্ৰী তীৰ্থযাত্ৰা আঁচনি’ আছেই।

দোকানী: অলপ মাটি-বাৰী কিনিবলৈয়োতো কিবা কাম-বন কৰিৰব পাৰা।

যুৱক: দৰকাৰ নাই। চৰকাৰে এবিঘাকৈ মাটি দিছেই। আৰু লাগিলে চৰকাৰী মাটি দখল কৰিম।

দোকানী: কিবা জৰুৰী কামত যদি টকাৰ প্ৰয়োজন হয় ?

যুৱক: বন্ধন গোটৰ পৰা ধাৰে আনিম।

দোকানী: বন্ধন গোটৰ টকা কেনেদৰে পৰিশোধ কৰিবা ?

যুৱক: বেংকৰ পৰা কে চি চি লোণ ল’ম।

দোকানী: কে চি চি লোণ কেনেকৈ ঘূৰাই দিবা ?

যুৱক: কে চি চি লোণ ঘূৰাই নিদিলেও হয়।

দোকানী: ঠিক আছে বোপা, তোমাৰ ভৰিখন আগবঢ়াই দিয়া, সেৱা এটা কৰি লওঁ। ০ ০ ০

 

কৌতুক – ১৬৩

মাক: ৰিজুমণি, তুমি কিয় আজি পঢ়া নাই।

ৰিজুমণি: আজি বন্ধৰ দিন, মা। ০ ০ ০

 

কৌতুক – ১৬৪

শিক্ষক: (এজন ছাত্ৰক উদ্দেশ্যি) কচোন, মহাত্মা গান্ধীৰ পুতেক কোন ?

ছাত্ৰ: ভাৰতবৰ্ষ

শিক্ষক: কেনেকৈ·

ছাত্ৰ: কাৰণ, মহাত্মা গান্ধী যে জাতিৰ পিতা। ০ ০ ০

 

কৌতুক – ১৬৫

দেউতাক: (পুত্ৰক উদ্দেশ্যি) স্কুলৰ ভিতৰত কোনটো দৃশ্য তোমাৰ বেছি ভাল লাগে ?

পুত্ৰ: চকীদাৰে ছুটিৰ বেল কোবাবলৈ ধৰা দৃশ্যটো বেছি ভাল লাগে, দেউতা। ০ ০ ০

 

কৌতুক – ১৬৬

মৃগেন: (বন্ধু হৰেণক উদ্দেশ্যি) যোৱাকালি মই হাবিৰ পৰা এটা বাঘৰ নেজ কাটি আনিলোঁ।

হৰেণ: বাপৰে! ইমান সাহস! তুমি বাঘটোৰ মূৰটো কাটি নানিলা কিয় ?

মৃগেন: বাঘটোৰ মূৰটো আগতেই কোনোবাই কাটি লৈ গৈছিল। ০ ০ ০

 

কৌতুক – ১৬৭

শইকীয়ানীয়ে ঘৰত কাম কৰা ল’ৰাটোক এক কিলোগ্ৰাম আঙুৰ আনিবলৈ বজাৰলৈ পঠাই দিলে। ল’ৰাটোৱে আঙুৰ আনিলত শইকীয়ানীয়ে জুখি ২০০ গ্ৰাম কম পালে। সেয়ে তাই দোকানখনলৈ গৈ দোকানীক ক’লে, “তোমাৰ তুলাচনীত নিশ্চয় ফেৰ আছে। নহ’লে এক কিলোত ২০০ গ্ৰাম কম হয়নে ?

দোকানী: আগতে আপুনি ল’ৰাটোক জোখক। যদি ২০০ গ্ৰাম বেছি নহয়, তেন্তে মই জৰিমনা  দিম। ০ ০ ০

 

কৌতুক – ১৬৮

এজন শিক্ষকে শ্ৰেণীত বান্দৰৰ বিষয়ে দীৰ্ঘ বক্তৃতা দি আছে। কিন্তু তৰুন নামৰ ল’ৰাজনক অন্য মনস্ক দেখি শিক্ষকে তৰুনক উদ্দেশ্যি ক’লে: ঐ তৰুন, মোৰ ওপৰত মনোযোগ নিদিয়া হ’লে বান্দৰৰ বিষয়ে নাজানিবি।

তৰুন: হয় নেকি, বান্দৰ আপোনাৰ দৰেনে, ছাৰ। ০ ০ ০

 

কৌতুক – ১৬৯

মালিক: (এজন গাখীৰৰ বেপাৰীক উদ্দেশ্যি) হেৰা, তুমি গাখীৰত পানী মিহলোৱা নেকিহে ?

বেপাৰী: দায় নধৰিব, দেউতা। বহুতে এক লিটাৰ গাখীৰত তিনি লিটাৰ পানী মিহলায়। মই মাত্ৰ দুই গুণহে কৰোঁ, বেছি নকৰো। ০ ০ ০

 

কৌতুক – ১৭০

শিক্ষয়িত্ৰী: (ছাত্ৰক উদ্দেশ্যি) তই গাধৰ দৰে বুৰ্বক — এই বাক্যটোৰ উদ্দেশ্য কোনটো ?

ছাত্ৰ: তই, বাইদেউ । ০ ০ ০

 

কৌতুক – ১৭১

বিচাৰত ছয়  বছৰৰ কাৰাদণ্ড বিহাৰ হুকুম দি বিচাৰকে অপৰাধীক ক’লে: তুমি অকল টকাই চোৰ কৰা নাই, সোণৰ গহনা, ৰেডিঅ’, ঘড়ী, চাইকেল আদি বহুতো বস্তু চোৰ কৰিছা, নহয়নে ?

অপৰাধী: (দোষ স্বীকাৰ কৰি) হয়, মানুহে কোৱা শুনিছোঁ— অকল টকা-পইচাই মানুহক সুখ দিব নোৱাৰে, ছাৰ। ০ ০ ০

 

কৌতুক – ১৭২

ৰঞ্জন: বিমল, মোৰ জন্ম দিনত তুমি কি উপহাৰ দিবা ?

বিমল: যোৱাকালি তুমি দেখোন নতুন জোতা কিনিলা। সেয়ে মই ভাবিছো– তোমাক পলিচৰ টেমা এটা দিম। ০ ০ ০

 

কৌতুক – ১৭৩

এজন যাত্ৰীয়ে তেওঁ যাবলগীয়া ৰেলখন কেইবা ঘন্টা পলম হোৱাত অধৈৰ্য হৈ ৰেলৰ কৰ্মচাৰীক অভিযোগৰ সুৰত ক’লে: আপোনালোকে যদি ঠিক সময়ত ৰেল চলাব নোৱাৰে তেন্তে টাইম-টেবুলখন বনাইছে কিয় ?

ৰেল কৰ্মচাৰী: এৰা, আমি যদি টাইম-টেবুলখন নবনাও, আপুনি কেনেকৈ জানিব পাৰিব যে আমাৰ ৰেলখন ঠিক সময়ত চলা নাই। ০ ০ ০

 

কৌতুক – ১৭৪

চাইকেল চলাওতে এজন আৰোহীয়ে এজন বাটৰুৱাক খুন্দিয়ালে। আৰোহীজনে আথে-বেথে তেওঁক তুলি ধৰি ক’লে: তুমি বৰ ভাগ্যবান। এতিয়া মোক মিঠাই খুওৱা।

বাটৰুৱা: কিয় ?

আৰোহী: কিয় মানে, মই প্ৰতিদিন ট্ৰাক চলাওঁ। আপোনাৰ ভাগ্য ভাল যে মই আজি ট্ৰাক চলোৱা নাই,  চাইকেলহে চলাইছো। নহ’লে আপুনি শশ্মানলৈ যাব লগা হ’লহেঁতেন। ০ ০ ০

 

কৌতুক – ১৭৫

শিক্ষক: বাৰু কোৱাচোন, পৃথিৱীয়ে কাক পৰিভ্ৰমণ কৰে ?

ছাত্ৰ: সূৰ্যক পৰিভ্ৰমণ কৰে, ছাৰ।

শিক্ষক: এতিয়া কোৱাচোন — পৃথিৱীক কোনে পৰিভ্ৰমণ কৰে ?

ছাত্ৰ: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, ছাৰ। ০ ০ ০

 

কৌতুক – ১৭৬

শিক্ষক: তুমি  A ৰ পৰা Z লৈকে ইংৰাজী বৰ্ণবোৰ  কোৱাচোন, ৰুবুল।

ৰুবুলে P আৰু M  ৰ বাদে ইংৰাজী বৰ্ণবোৰ  মাতি যোৱাত শিক্ষকে ধমক দি সুধিলে:  P আৰু M বৰ্ণ দুটা ক’ত গ’ল ?·

ৰুবুল: ছাৰ, বিদেশলৈ। ০ ০ ০

 

কৌতুক – ১৭৭

অফিচৰ মুৰববী: (এজন তলতীয়া কৰ্মচাৰীক উদ্দেশ্যি) মই থাকোতে তোমাক কোনেও একো কৰিব নোৱাৰে।

কৰ্মচাৰী: অহা মাহত আপুনি অৱসৰ ল’ব। তেতিয়া মোৰ কি হ’ব ?

মুৰববী: তেন্তে তুমি এই মাহতে চাকৰিৰ পৰা ৰিজাইন দিব পাৰা। ০ ০ ০

 

কৌতুক – ১৭৮

বন্ধু: (এজন শিক্ষক বন্ধুলৈ চাই) মই যেতিয়াই আহোঁ তেতিয়াই তুমি টিউচন কৰি থাকা। তোমাৰ ভাগৰ নালাগেনে ?

শিক্ষক বন্ধু : নাই, নালাগে। স্কুলত গৈ মই কেৱল আৰামেই কৰো। ০ ০ ০

 

কৌতুক – ১৭৯

এজনী তিৰোতাই তাইৰ পতিক লৈ ডাক্তৰৰ ওচৰলৈ গৈ ক’লে: মোৰ এইজনে ইমান বলকি থাকে যে ৰাতি শুব নোৱাৰা হৈছোঁ। কিবা এটা চিকিৎসা কৰক।

ডাক্তৰ: (এপেগ শ্লিপিং টেবলেট আগবঢ়াই দি) শোৱাৰ আগতে এইবোৰৰ এটা খাই আৰামত শুই থাকক। স্বামীয়ে যিমানেই বলকি থাকক  একো গম নাপায়। ০ ০ ০

 

সমাপ্ত

 

Leave a Reply

Your email address will not be published. Required fields are marked *