H.S.L.C. Exam Que Paper Assamese 2015 

HSLC Exam Que Paper Assamese 2015

(Both New and Old Courses)

Full Mark: 100

Pass Mark: 30

Time: 3 Hours

ছাত্ৰ-ছাত্ৰীয়ে একেখন বহীত  ‘ক’ বিভাগ আৰু ‘খ’ বিভাগৰ উত্তৰ  কৰিব লাগিব। নাইবা ‘ক’ বিভাগ আৰু ‘গ’ বিভাগৰ উত্তৰ  একেখন বহীত কৰিব লাগিব। 

 (ক- বিভাগ)

মূল্যাংক : ৭৫

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ  লিখা।১+১+৩=৫

   (ক) “আপোনালোকে যাক ভাল দেখে মোৰ আপত্তি নাই।’ কথাষাৰৰ বক্তা কোন? কি প্ৰসঙ্গত বক্তাই এনেদৰে কৈছিল? ইয়াৰ পৰা বক্তাৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

    (খ) সংসাৰ সোঁতক কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ বিষয়ে চমুকৈ লিখা।

   (গ) “সামান্য লুখুৰাসনৰ ল’ৰা সি, আজি কাৰেং ৰক্ষা কৰে।” উক্তিটোৰ বক্তা কোন?লুখুৰাসনৰ ল’ৰা বুলি কাক কোৱা হৈছে? কি অৱস্থাত পৰি তেওঁ কাৰেং ৰক্ষা কৰিবলগীয়া হৈছে? চমুকৈ বৰ্ণনা কৰা।

২। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা: ৪                   

   (ক) ‘এই সাহিত্যই মানুহৰ ৰুচি উন্নত কৰিলে, এইসকল সাহিত্যিক অসমৰ জনশিক্ষাৰ শক্তিমন্ত অগ্ৰদূত।’ — ‘অসমীয়া সাহিত্যৰ তিনিটা ধাৰা’ নামৰ পাঠটিত থকা এই উক্তি সম্পৰ্কে বিৱৰি লিখা। 

  (খ) “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।” — কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ পাঠৰ আধাৰত চমুকৈ লিখা।

৩। যিকোনো এটা  প্ৰশ্নৰ উত্তৰ  লিখা: ৩                              

    (ক) কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰা প্ৰণালীটোৰ কৌশল সম্পৰ্কে বমুকৈ বুজাই লিখা।

   (খ) “স্বাভাৱিকতাই চলচিত্ৰ অভিনয়ৰ একমাত্ৰ গুণ বুলি ক’লেও বঢ়াই  কোৱা নহয়।” — চমুকৈ লিখা। 

৪।  তলৰ প্ৰতিটো প্ৰশ্নৰ চমু উত্তৰ লিখা: ১×৫=৫

     (ক) কি তিনিটা কথাত মানুহৰ হাত নাই·?

        নাইবা

    ৰুচিনাথে কাক সিংহাসনৰ পৰা নমাই কাক বহুৱাবলৈ ৰাজকাৰেঙত প্ৰৱেশ কৰিছিল?

    (খ)  সমগ্ৰত অসম দেশখন প্ৰাচীন কালৰ পৰা কি কি দুটা বিদ্যাত প্ৰসিদ্ধ আছিল?

নাইবা

   অসমৰ চাহ বনুৱাসকলে ভাৰতবৰ্ষৰ কোনে কোন প্ৰদেশৰ পৰা অহা বুলি ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ পাঠটিত উল্লেখ কৰা হৈছে?

    (গ) দুই প্ৰকাৰৰ কাঁহৰ বাতিৰ নাম লিখা।

    (ঘ) মঞ্চ অভিনেতাৰ তেওঁ প্ৰতিনিধিত্ব কৰা চৰিত্ৰৰ মানসিক ৰূপ দাঙি ধৰিবলৈ  কি কি বিষয়ৰ প্ৰয়োজন হয়?

    (ঙ) জগত স্ৰজোঁতাজনে মানুহক কি গুণ দান কৰি সকলো প্ৰাণীতকৈ শ্রেষ্ঠ কৰি তুলিছে?

৫।  অতি চমুকৈ উত্তৰ লিখা:১×৩=৩

    (ক) কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল?

    (খ) ভগৱান বুদ্ধই জনসাধাৰণৰ মাজত কি ভাষাত ধৰ্মবাণী প্ৰচাৰ কৰিছিল?

   (গ) “মই নিজেই বিচাৰি খামগৈ নহয়, তহঁত ব্যস্ত হ’ব নালাগে” — কথাষাৰ কোনে কৈছিল?

৬।  তলৰ যিকোনো এটা কবিতাৰ সাৰাংশ  লিখা: ৪

    (ক) বৰগীত 

    (খ) আমাৰ নিয়ম

৭।  তলৰ যিকোনো এছোৱা প্ৰসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰা: ৫ 

    (ক) এই দেশ ৰাখিব লাগিব

     এইখন আেপানাৰ দেশ

     এইখন মানুুহৰ দেশ।

     (খ) জগতৰ স্বামী তুমি, মোৰ স্বামী হ’বা সেই বুলি,

     দোষ মোৰ কপালৰ, আছে বহু কলংকৰ মলি।

৮। তলৰ প্ৰশ্ন দুটা চমু উত্তৰ লিখা: ৩×২=৬

    (ক) বহাগীৰ বিয়াত আহি আয়তীসকলে কি কি  কৰিছিল·

অথবা

    “ফুলৰ গৰাকী সেই ফুল গছজুপি,

     ফুল ছিঙা  যেতিয়া গছৰ

   চোৱাঁনে এবাৰ ভাবি, আছেনে তোমাৰ অধিকাৰ ফুল ছিঙিবৰ?” কবিতাফাকিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

   (খ) “নহওঁ পৱিত্ৰ মই, দাসী মই, সেৱিকা তোমাৰ” — দেৱদাসীয়ে নিজকে পৱিত্ৰ নহয় বুলি কয়ি কৈছে আৰু কি হিচাপে দেৱতাৰ ওচৰত শৰণ লৈছে?

নাইবা

    “পাৰ হৈ উচ্ছল বাৰিধি

    পাৰ হৈ গভীৰ অৰণ্য 

    দ্বীপময় ভাৰত গঢ়িছে

    কম্বোজত সাজিছে

    ওঙ্কাৰ ধাম” — কবিতাফাকিৰ সাৰমৰ্ম লিখা।

৯।  পালাশী নাইবা শৰাইঘাটৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখা।২ 

১০।  তলপ্ৰশ্নকেইটাৰ অতি চমুকৈ উত্তৰ লিখা:   ১×৩=৩

    (ক) ‘কাম্পা’ শব্দটোৰ অৰ্থ লিখা।

    (খ) পাটমাদৈয়ে গাত কি মেৰিয়াই আছিল?

    (গ) মানুহৰ দ্বাৰা গঠিত ৰীতি-নীতিত কি জড়িত হৈ আছে?

১১। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ  উত্তৰ লিখা: ২×৫=৫

    (ক)  তলত দিয়া যিকোনো দুটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা:

     ৰাধাকৃষ্ণ, দোমাহী, চক্ৰপাণি, শুক্লপক্ষ

    (খ) তলৰ যিকোনো দুটা শব্দত ‘ণ’ আৰু ‘ষ’ কি কাৰণত হৈছে বুজাই লিখা।

    ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ 

    (গ) তলৰ যিকোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা:

    গহীন, কৃশ, সন্মান, ক্ষয়

    (ঘ) তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা:

    উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকুতি

    (ঙ) তলত দিয়া যিকোনো দুটা শব্দৰ সন্ধি ভাঙা :

    উচ্ছল, কটুক্তি. ইত্যাদি, নিশ্চয় 

   (চ) তলত দিয়া যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা :

    চকু, নদী, ঘৰ, আকাশ

    (ছ) তলৰ যিকোনো দুটাক এটা শব্দত প্ৰকাশ কৰা ঃ

   পনীয়া গাখীৰ দিয়া গাইগৰু, যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই, যি কথাৰ অৰ্থ নাই,  এবাৰ গুটি লাগি মৰা গছ।

    (জ) যথাস্থানত যতি চিহ্ন বহুৱা:

    ৰীণাই ক’লে আজি স্কুল বন্ধনে

    (ঝ) তলত দিয়া জটিল বাক্যটি সৰল বাক্যকৈ পৰিৱৰ্তন কৰা:যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো সন্মান নাপায়।

১২। ভাৱ সম্প্ৰসাৰণ কৰা: ৫

     লাগি থাকিলে মাগি নাখায়।

নাইবা

    অসমীয়া বিষয়ৰ দুই এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই। ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষকলৈ এখন আবে দন পত্ৰ লিখা।

(আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা)

১৩। তলত দিয়া যিকোনো এটা বিষয়লৈ  এখনি ৰচনা লিখা। ৮

    (ক) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

    (আৰম্ভণি — শিক্ষা আৰু কৰ্মজীৱন — সাহিত্যিক অৱদান — সামৰণি)

    (খ) বাতৰি কাকত

    (আৰম্ভণি– চমু ইতিহাস– সমাজ জীৱনত ইয়াৰ প্ৰভাৱ– সামৰণি)

    (গ) তোমাৰ জীৱনৰ লক্ষ্য

   (আৰম্ভণি– জীৱনৰ লক্ষ্য– লক্ষ্য বাছি লোৱাৰ কাৰণ– লক্ষ্যত কেনেদৰে উপনীত হ’বা — সামৰণি)

১৪। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰা: ২×২=২

   (ক) প্ৰেৰণাৰ কণমানি কোঠাটো কিহেৰে ভৰি আছে·? প্ৰেৰণাই বন্ধু-বান্ধৱীৰ জন্মদিনত কি উপহাৰ দিয়ে?

  (খ) “তাইৰ বুকুখন চিৰিংকৈ গ’ল” –‘তাইৰ’ মানে কাক বুজোৱা হৈছে? বুকুখন চিৰিংকৈ উঠাৰ কাৰণটো কি?

    (গ) গানৰ চাৰক দেখিলে প্ৰেৰণাৰ কেনেভাৱ হৈছিল?

১৫।  তলৰ যিকোনো দুটা চৰিত্ৰৰ চমু পৰিচয় দিয়া:   ২×২-২

    (ক) বলাই

    (খ) সুস্মিতা

    (গ) আইতা

    (ঘ) জিলমিল

 

(খ- বিভাগ)

মূল্যাংক:২৫

 

১৬। (ক) স্বৰ্গদেৱে পোতা চিয়ৰীেবাৰ কোনে, কি কাৰণে উভালি দিছিল খৰচি মাৰি বুজাই লিখা।৩  

নাইবা 

    (খ) তীৰ্থ ভ্ৰমণৰ সময়ত গুৰুজনে শিমলুগছৰ ছাঁ নগছকি কিয় গৈছিল?

১৭। চমু উত্তৰ লিখা: (যিকোনো তিনিটা)   ১×৩=৩

    (ক) মহাৰাজ প্ৰতাপসিংহৰ জেঠীয়েক কোন আছিল?

    (খ) শিঙৰীত বেহা কৰা সদাগৰজনৰ নাম কি আছিল?

    (গ) মাধৱদেৱে কোন ঠাইৰ পৰা গুৰু শংকৰদেৱৰ ওচৰলৈ আহিছিল?

    (ঘ) জাঙ্গিত কি লাগি আছিল?

    (ঙ) পাটবাউসী সত্ৰখন কোনে প্রতিষ্ঠা কৰিছিল?

১৮। চিলাৰায়ে আহোম ৰজালৈ পঠোৱা কটকী দুজনৰ নাম কি?  ২

১৯। ‘চিত্ৰকুূট বৰ্ণন’ত উল্লেখ কৰা ফল আৰু পক্ষীৰ এটি বৰ্ণনা দিয়া। ৩

নাইবা

    “কাঠ বাঁজী বুলি জগতে হাঁসয়

    দেখিলে সুমৰি হৰি।

    মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো

    সিটো দুখ দূৰ কৰি।।” — কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা।

২০। “মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।” — কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? বুজাই লিখা। ৩

২১। তলৰ যিকোনো দুটা শব্দৰ অৰ্থ লিখা: ২

    কাণ্ড, শুকসাৰি, চৌপৰ, ৰজনী

২২। তলৰ যিকোনো এটা অশুদ্ধ বাক্য শুদ্ধকৈ লিখা:   ১

    (ক) তোমাৰ মা ঘৰত আছেনে?

    (খ) তুমি মোক কিয় এইদৰে গালি দিছা?

২৩। তলৰ দুটা প্ৰশ্নৰ উত্তৰ লিখা: ১×২=২

    (ক) ‘সম’ উপসৰ্গযুক্ত হোৱা দুটা শব্দ লিখা।

    (খ) ‘দেই’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।

২৪। সমাৰ্থক শব্দ লিখা (যিকোনো এটা): ১

    (ক) পদুম

    (খ) জুই

২৫। তলত দিয়া শব্দেবাৰৰ যিকোনো এটাৰ আধুনিক ৰূপ লিখা: ১

    (ক) শুতিয়া

    (খ) পাশ

    (গ) হস্তে

২৬। যিকোনো দুটাৰ চমু টোকা লিখা লিখা: ২×২=২

    (ক) অমিত্ৰাক্ষৰ

    (খ) পদ ছন্দ

    (গ) দুলড়ী

    (ঘ) লেচাৰি

    (ঙ) চৰণ 0 0 0

N.B. We are grateful to SEBA, Govt. of Assam

 

Similar Searches:

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

 

 

 

 

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *