HSLC Exam Que Paper Social Science 2017

HSLC Exam Que Paper Social Science 2017

Full Mark: 80

Pass Mark: 24

Time: 3 Hours The Figures in the margin indicate full marks for the questions:

‘ক’ – শাখা

১. ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা বৃটিছ প্ৰশাসকজন কোন আছিল? ১

(ক ) লৰ্ড মিন্টো

(খ ) লৰ্ড কাৰ্জন

(গ) লর্ড  কৰ্ণৱালিচ

(ঘ) লর্ড  ৰিপন।

২. তলৰ কোনটো অ-নৱীকৰণ সম্পদ? ১

(ক) পানী

(খ) সূৰ্যৰ ৰশ্মি

(গ) গছ-গছনি

(ঘ) প্ৰকৃতিক গেছ

৩. কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে? ১

(ক) ভূমধ্য সাগৰে

(খ) লোহিত সাগৰে

(গ) কাস্পিয়ান সাগৰে

(ঘ) আৰব সাগৰে।

৪. আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ’ল ………।১

(গ) ১১

(গ) ১৫

(গ) ৯

(গ) ৫

৫. কাৰ কাৰ্যকালত ‘বংগ বিভাজন’ কাৰ্যকৰী হৈছিল? ১

(ক) লৰ্ড মাউন্টেবেটেন

(খ) লৰ্ড উইলিয়াম বেন্টিংক

(গ) লৰ্ড ডেলহাউচী

(ঘ) লৰ্ড কাৰ্জন।

৬. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে  নিযুক্তি দিয়ে………….।১

(ক) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্ৰীক

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন ৰাজ্যপালক

(গ) ৰাজ্যসমূহৰ এজন বিত্ত মন্ত্ৰীক

(ঘ) ৰাজ্যসমূহৰ এজন মুখ্য সচিবক।

৭. তলৰ সম্পদসমূহৰ কোনবিধ অজীৱীয়? ১

(ক) বায়ু

(খ)  উদ্ভিদ 

(গ) জন্তুবোৰ 

(ঘ) শস্য

৮. গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল …………………। ১

(ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(ঘ) ৩১ নং ৰাষ্ট্ৰীয়  ঘাইপথ।

৯. ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক  স্থাপন কৰা হৈছিল? ১

(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক 

(ক) বেংক অব হিন্দুস্থান

(ক) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক 

(ক) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ  বেংক।

১০. কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? ১

(ক) ২৪  অক্টোবৰ ।

(ক) ২৭ চেপ্তেম্বৰ

(ক) ৫ জুন

(ক) ১০ ডিচেম্বৰ।

‘খ’ – শাখা

প্ৰথম খণ্ড

১১. কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? ২

১২. অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। ২

১৩. প্ৰাচীন ভাৰতৰ দুজন দাৰ্শনিকৰ নাম লিখা।২

নাইবা

ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি?

১৪. বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল? ২

নাইবা

স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে বৃটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?

১৫. বংগ বিভাজনে সৃষ্টি  কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।২

১৬. ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ বিষয়ে এটি চমুটোকা লিখা।৩

নাইবা

১৮৫০ চনত বৃটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমুটোকা লিখা।

১৭. উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু  বিবৰ্তন কিয় অধিকতৰ হৈছে? চমুটোকা লিখা। ৩

১৮. অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল? ৪

নাইবা

অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ  আলোচনা কৰা।

১৯. বৃটিছ শাসনাধীন অসমত আসাম এছ’চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।৪

২০. মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা।৫

২১. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? ৫

নাইবা

অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰিছিল?

 

দ্বিতীয় খণ্ড

২২.  প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা। ২

২৩. পৃথিৱীৰ বৃহত্বম মহাসাগৰ কি? এই মহাসাগৰখনৰ মুঠ মাটিকালি কিমান উল্লেখ কৰা।২

২৪. পৃথিৱীত সবৰ্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্বম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম লিখা।২

২৫. মৰুকৰণ কি? মৰুকৰণৰ দুটি কাৰণ লিখা।৩

নাইবা

প্ৰদূষণ কি·? বায়ু কনেকৈ প্ৰদূষিত হয় লিখা।

২৬. পৰিবেশিক সমস্যা কি? পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা।৪

২৭. অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোলৰ তিনটিা প্ৰধান শাখাৰ নাম উল্লেখ কৰা।৪

২৮. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। ৪

২৯. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা।৫

নাইবা

ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসহ নাম লিখা।

৩০. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।৫

৩১. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়া সমূহ যথাস্থানত বহুৱা:

এখন ৰাষ্ট্ৰীয় উদ্যান, মোনাবাৰী চাহ বাগিছা, লোকপ্ৰিয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।৫

নাইবা

(কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবে )

অসমৰ ঔদ্যোগিকৰণৰ সমস্যাসমূহ আলোচনা কৰা।

 

তৃতীয় খণ্ড

৩২. অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা।২

নাইবা

নিটি আয়োগ কেতিয়া গঠন কৰা হয়? নিটি আয়োগৰ অধ্যক্ষ কোন ·?

৩৩. আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য উল্লেখ কৰা।২

৩৪. বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা।২

৩৫. ৰাষ্ট্রসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে? মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য কি? ২

৩৬. বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিখন আইনগত ব্যৱস্থা উল্লেখ কৰা।৩

৩৭. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে চমুকৈ লিখা।৩

নাইবা

অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য উল্লেখ কৰা।

৩৮. ব্রিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্রেন্সিছ জেনকিন্সে কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা।২

০ ০ ০

N.B. We are grateful to SEBA, Govt. of Assam

Similar Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

Leave a Reply

Your email address will not be published. Required fields are marked *