অসমৰ কুটিৰ শিল্প

অসমৰ কুটিৰ শিল্প 

আৰম্ভণি: হাতে গঢ়া সাধাৰণ সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ গঢ়ি উঠে সেইবোৰ  উদ্যোগকে ‘কুটিৰ উদ্যোগ’ বা ‘কুটিৰ শিল্প’ বুলি কোৱা হয়। 

প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যৰ তুলনাত অধিক চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাঁহ-পিতলৰ শিল্প, কাঠ শিল্প আদিয়েই প্ৰধান।  

বয়ন শিল্প:  বয়ন শিল্পত বিশ্বৰ ভিতৰতে  অসমৰ এক সুকীয়া আসন আছে।  অসমৰ জীয়ৰী-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমৰ পাট, মুগা, এৰি আদি কাপোৰ  অকল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।  অসমীয়া তিৰোতই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱেৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ  দেখি  জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।’ 

বাঁহ- শিল্প: অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত বাঁহ-বেতৰ শিল্প উল্লেখযোগ্য। অসমীয়াসকলে নিজ ঘৰতে বাঁহ আৰু বেতেৰে ঢাৰি, খালৈ, জাকৈ, ঢলা, কুলা, পাচি, ফুলদানি, পিকদানি, ছাইদানি আদি বহুতো সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। বৰ্তমান অসমৰ বাহিৰলৈয়ো এইবোৰ ৰপ্তানি হৈ আছে। 

মৃৎশিল্প: মৃৎশিল্প বুলিলে বোকা মাটিৰে তৈয়াৰ কৰা সা-সামগ্ৰীক বুজায়। এসময়ত মৃৎশিল্পত অসম চহকী আছিল। অসমীয়া কুমাৰ সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ লগত জড়িত। সিহঁতে বোকা মাটিৰে বিভিন্ন ধৰণৰ পাত্ৰ, যেনে:  কলহ, ভুৰুকা, কেটেলি, কেৰাহী, ঢেকচি, খুলা, পাতিল, খুৰা, গছা, ছামনি, ঘটি আদি বস্তু তৈয়াৰ  কৰাৰ উপৰিও সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে  নানান ধৰণৰ খেলনা যেনে: ঘোঁৰা, হাতী, পুতলা, ফুলৰ আৰ্হি আদি তৈয়াৰ কৰে।

কাঁহ-পিতলৰ শিল্প: অসম কাঁহ-পিতলৰ শিল্পত ভাৰত বিখ্যাত। অসমৰ হাজো আৰু সৰ্থেবাৰী কাঁহ-পিতলৰ বস্তু তৈয়াৰ কৰাত অগ্ৰগণ্য। এসময়ত অসমৰ কাঁহ-পিতলৰ সামগ্ৰী ভাৰতৰ অন্যান্য প্ৰদেশলৈ ৰপ্তানি কৰা হৈছিল। মধ্য যুগত অসমৰ কাঁহ পিতলৰ সামগ্ৰী মোগল দৰবাৰলৈ পঠোৱা হৈছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়। 

হাতীদাঁতৰ শিল্প: অসমৰ এক আপুৰুগীয়া আৰু গৌৰৱময় শিল্প হৈছে হাতীদাঁতৰ শিল্প। অসমৰ শিল্পীয়ে হাতী দাঁতেৰে নানান কাৰুকাৰ্য খচিত অলংকাৰ তৈয়াৰ কৰাৰ উপৰিও বুঢ়া মানুহৰ কাৰণে হাতৰ লাখুটি তৈয়াৰ কৰে। অসমৰ বৰেপটা হাতীদাঁতৰ শিল্পত বিখ্যাত।

কাঠ-শিল্পঃ অসমৰ আন  এবিধ কুটিৰ শিল্প হৈছে কাঠৰ শিল্প। অসমীয়া শিল্পীসকলে কাঠেৰে  বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ লগতে বেদীৰ সিংহাসন, কৃষ্ণমূৰ্তি, মুখা, দেৱ-দেৱীৰ মূৰ্তি আদি তৈয়াৰ কৰাত সিদ্ধহস্ত।

এসময়ত অসম কুটিৰ শিল্পত চহকী  আছিল যদিও বৰ্তমান এই শিল্প বহুত প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই  কৰাণ হৈছে আধুনিক  বিজ্ঞানৰ আৱিষ্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ প্ৰতিযোগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰখানাত উৎপাদিত বস্তুৰ তুলনাত হাতেৰে সাধাৰণ সা-সঁজুলিৰে তৈয়াৰ কৰা বস্তুৰ খৰচ বেছি হয়। ফলত কুটিৰ উদ্যোগজাত বস্তুৰ  চাহিদা কমি গৈছে।।

সামৰণি: কুটিৰ শিল্প অসমৰ এক আচুতীয়া  শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী  পৃষ্ঠপোষকতাৰ প্ৰয়োজন। চৰকাৰ আগবাঢ়ি আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়া লোকসকল সচেতন হ’লে নিশ্চয় এই শিল্প ঠণ ধৰি উঠিব আৰু পুনৰ বিশ্ব দৰবৰত অসমৰ কুটিৰ শিল্পৰ যশ-কীৰ্তি প্রতিষ্ঠিত হ’ব। ০ ০ ০




Leave a Reply

Your email address will not be published. Required fields are marked *