শিক্ষা আৰু মূল্যবোধ

আৰম্ভণি: ‘মূল্যবোধ’ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু  নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ—যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক  সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। 

শিক্ষা আৰু মূল্যবোধ: শিক্ষা আৰু মূল্যবোধ ওতঃপ্ৰোতভাৱে জড়িত। কাল, সভ্যতাৰ বিকাশ, বৈজ্ঞানিক  আৱিষ্কাৰ, মানৱ চিন্তাৰ ধাৰা, সমাজৰ প্ৰয়োজন আদিৰ ওপৰত ভিত্তি  কৰি মূল্যবোধৰ পৰিৱৰ্তন হয়। শিক্ষানীতিয়ে সেই পৰিৱৰ্তনসমূহ বাস্তৱায়িত কৰে। কালেভদে মূল্যবোধক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে: প্ৰাচীন মূল্যবোধ আৰু আধুনিক মূল্যবোধ।

প্ৰাচীন শিক্ষা আৰু মূল্যবোধ: প্ৰাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্রতিষ্ঠিত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অৰ্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল। আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা – ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। প্ৰাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 

‘ধৰ্ম’ হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকিয়াই দিয়ে। এই মূল্যবোধ ‘অৰ্থ’ আৰু ‘কৰ্ম’তকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰাচীন মূল্যবোধ অনুসৰি, ‘অৰ্থ’ আৰু ‘কাম’ক পৰিচালিত কৰিব লাগে ধৰ্মই আৰু নৈতিকতাই। আন কথাত  ভাল আৰু বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। ভাৰতীয় মূল্যবোধ মতে ‘মোক্ষ” হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় – যি মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত। আন কথাত কবলৈ গ’লে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্র  হৈছে “সত্যম, শিৱম, স্নু্দৰম”।

আধুনিক শিক্ষা আৰু মূল্যবোধ: ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম, শিৱম আৰু সুন্দৰম: এই  তিনিটা মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত আছিল । অৰ্থাৎ প্ৰাচীন ভাৰতীয় মূল্যবোধে প্ৰকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধৰ ওপৰত কুঠাৰাগত পৰে । সিহঁতে আধুনিক প্ৰাশ্চাত্য  ভোগবাদী মূল্যবোধৰ প্ৰৱৰ্তন কৰে। এই মূল্যবোধে নৈতিকতা আৰু ধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে। ই মানুহৰ বস্তুবাদী প্ৰয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ফলত মানুহৰ আধ্যাত্মিকতা হ্রাস পাবলৈ ধৰে। আকৌ ব্রিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজসকলৰ শাসন কাৰ্যত সহায় কৰিব পাৰে। গতিকে  ইংৰাজসকলৰ শিক্ষা নীতি আছিল অফিচ-আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা। এই নীতি ইংৰাজ শাসন চলি থকা সমসয়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই। বৰ্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকনো গুৰুত্ব দিয়া দেখা নাযায়। এনে শিক্ষানীতিৰ দ্বাৰা শিক্ষিত যুৱক-যুৱতীয়ে কোনো বাস্তৱ আৰু কৰ্মমুখী শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি এনে শিক্ষাত মানৱীয় গুণ যেনে: নৈতিকতা, ধৰ্ম, পৰোপাকাৰীতা, সততা, সহিষ্ণুতা, দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয়। ফলত সমাজৰ পৰা মানৱীয় গুণ  হ্রাস পাই আছে। 

সামৰণি: মানৱ সভ্যতা জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি  আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে। এই অৱক্ষয় বাধা দিবলৈ আমাৰ এটা কৰণীয় কাম হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব। চৰকাৰে শিক্ষানীতি প্ৰস্তুত কৰোতে বিদ্যাৰ্থীসকলৰ তথ্যগত আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আৰু আধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব আৰু শিক্ষকসকলওে সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যাৰ্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰদান কৰা কাৰ্যত ব্রতী হ’ব লাগিব। কিয়নো ধন-সম্পদ, জ্ঞান আৰু পাণ্ডিত্যই নহয়, নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে। ০ ০ ০

Leave a Reply

Your email address will not be published.