স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা  

স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা  

আৰম্ভণি: ‘আলোচনী’ (Magazine) বুলিলে সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, ছয়মহীয়া, বছৰেকীয়া বা কোনো বিশেষ অনুষ্ঠানিকতা  পালনৰ উদ্দেশ্যে বিভিন্ন লিখকৰ নিৰ্বাচিত লিখনি সন্নিবিষ্ট গ্ৰন্থক বুজায়। সংখ্যা হিচাপে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰকাশ পোৱা আলোচনীৰ জন্ম হয় জাৰ্মানীত। ১৬৬৩ চনত প্ৰথমতে জাৰ্মানীত  সাহিত্যিক  আৰু দৰ্শন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনী প্ৰকাশ পায়।  ইংৰাজী ভাষাত প্ৰথম আলোচনী প্ৰকাশ পায় ১৭৭১ চনত। আলোচনীখনৰ নাম আছিল ‘Gentlemen’s Magazine’। আমেৰিকাৰ মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰথম আলোচনী ‘অৰুণোদয়’ প্ৰকাশ কৰে ১৮৪৬ চনত। আনাহতে ১৯১৬ চনত ইংলণ্ডত স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ লিখনি সন্নিবিষ্ট আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ হয়। ভাৰতবৰ্ষতো স্কুল-কলেজত আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰে ইংৰাজসকলে। বৰ্তমান  উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজ, ইউনিভাৰচিটি, কাৰিকৰী বিদ্যালয়  আদি শিক্ষানুষ্ঠানত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাটো এক পৰম্পৰাত পৰিণত হৈছে।

স্কুল আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা: স্কুল-কলেজত আলোচনী প্ৰকাশৰ বিশেষ গুৰুত্ব আৰু প্ৰয়োজন আছে, যেনে :

প্ৰথম, আলোচনীত সৰহভাগ লিখনি ছাত্ৰ-ছাত্ৰীসকলে লিখিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লিখাৰ অভ্যাস বৃদ্ধি হয়।

দ্বিতীয়ত, যিকোনো লিখনিৰ বাবে তথ্য আহৰণ কৰিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলে তথ্য আহৰণৰ বাবে বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়াৰ প্ৰতি উদ্বুদ্ধ হয়।

তৃতীয়ত, আলোচনীত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি, ভাষা শক্তি, কল্পনা শক্তি, উদ্ভাৱন শক্তি আদিৰ বিকাশ ঘটে। 

চতুৰ্থতে, আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা উন্মোচন কৰাৰ লগতে সৃষ্টিশীল কাৰ্য কৰাৰ বাবে  উদ্যোগী হয়।

পঞ্চমতে, আলোচনীত বিভিন্ন ধৰণৰ লিখনি থাকে। সেইবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে একেখন কিতাপৰ পৰাই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। 

ষষ্ঠতে, আলোচনী অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন অভ্যাস গঢ়ি তোলে। 

সপ্তমতে, স্কুল-কলেজৰ আলোচনীত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকল, কোনো প্রতিষ্ঠিত অতিথি লিখকৰ লিখনিও অন্তৰ্ভূক্ত কৰা হয়। বয়সীয়াল ব্যক্তিসকলৰ জ্ঞানগৰ্ভ লিখনি পঢ়ি  ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰে।

অষ্টমতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে আলোচনীত লিখা-মেলা কৰে সিহঁতৰ বাবে ভৱিষ্যত সাহিত্যিক হোৱাৰ পথ মুকলি হয়।

নৱমতে, আলোচনী এখনৰ মানদণ্ডই বিদ্যালয় এখনৰ মানদণ্ডও নিৰূপণ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লিখনি মানদণ্ডসম্পন্ন হোৱাৰ বাবে শিক্ষকসকলে দিহা-পৰামৰ্শ প্ৰদান কৰে। ফলত ছাত্ৰ-ছাত্ৰসকলে সাহিত্যৰ প্ৰশিক্ষণ লাভ কৰে।

আলোচনী প্ৰকাশত সন্মুখীন হোৱা অসুবিধাসমূহ: শৈক্ষিক আৰু বৌদ্ধিক দিশৰ পৰা চাবলৈ গ’লে স্কুল আলোচনীৰ গুৰুত্ব যথেষ্ট যদিও আলোচনী এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যেনেঃ



চতুৰ্থতে, আলোচনী প্ৰকাশৰ প্ৰধান অসুবিধাটো হৈছে ইয়াৰ বাবে প্ৰয়োজনী আৰ্থিক বাজেট। এই বাজেট ছাত্ৰ-ছাত্ৰীসকলেই যোগান ধৰিব লাগে। ফলত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  ই বোজাস্বৰূপ হয়।

সামৰণি: স্কুল আলোচনী প্ৰকাশৰ ক্ষেত্ৰত নানান অসুবিধাৰ সন্মুখীন হ’লেও নিয়মীতভাৱে আলোচনী প্ৰকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক লিখা-মেলাৰ কৰাৰ বাবে দিহা পৰামৰ্শ দিয়াৰ উপৰিও উদ্বুদ্ধ কৰিব লাগে। আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহত শিক্ষকসকলেও বৰঙণি  আগবঢ়াব  লাগে। ০ ০ ০

বিঃ  দ্রঃ 'অসমীয়া ৰচনা শিক্ষা'  গ্রন্থৰ পৰা তুলি দিয়া হৈছে।