‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে — ভাব সম্প্রসাৰণ

‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে

— ভাব সম্প্রসাৰণ

অথবা 

সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়

— ভাব সম্প্রসাৰণ

কোনো কামত সফলতা লাভ কৰাৰ বাবে  যে অনুশীলনৰ প্ৰয়োজন হয় তাকে বুজাবলৈ উক্ত কথাষাৰ প্ৰৱচনস্বৰূপ কোৱা হয়। 

লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লোডাল জুইশালত গৰম কৰিব লাগে। লো গৰম নকৰাকৈ কমাৰশালত তাৰ কোনো গঢ় (আকৃতি) দিব নোৱাৰি। এনেদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে প্ৰথমতে পানীত নামিব লাগিব। পানীত নিতিতাকৈ সাঁতোৰ শিকাটো অসম্ভৱ। ঠিক তেনেকৈ আমি কোনো কামত কৃতাকৰ্যতা লাভ কৰিবলৈ হ’লে  অনুশীলন কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আমি কাম এটাত সফলতা লাভ কৰিবলৈ হ’লে স্তৰে স্তৰে আগবাঢ়ি যাব লাগিব। একেদিনতে বা এবাৰৰ চেষ্টাতেই সফলতা আশা কৰিব নোৱাৰি।

উৎস গ্রন্থঃ অসমীয়া ভাৱ সম্প্ৰসাৰণ

 

Leave a Reply

Your email address will not be published. Required fields are marked *