ফটা কঁথা তিতে মানে গালৈহে গধুৰ

ফটা কঁথা তিতে মানে গালৈহে গধুৰ

নক’বলগীয়া কথা বা নকৰিবলগীয়া কামৰ ফলাফল যে অসহনীয় আৰু কষ্টদায়ক হয়, তাকে বুজাবলৈ অসমীয়া ভাষাত দৃষ্টান্তস্বৰূপ উক্ত প্ৰৱচনটি ব্যক্ত কৰা হয়।

‘কঁথা’ বুলিলে পুৰণি কাপোৰ-কানিৰে চিলাই লোৱা ‘নিহালি’ক বুজোৱা হয়। জাৰৰ পৰা সুৰক্ষা পাবলৈ মানুহে জাৰকালি কঁথা (নিহালি) ব্যৱহাৰ কৰে। কিন্তু কঁথাখন যদি ফটা হয়, তেন্তে  ই আমাক  জাৰৰ পৰা সুৰক্ষা দিব নোৱাৰে। সেই ফটা কঁথাটো যদি কেনেবাকৈ পানীত তিতে, তেতিয়া ই ওজনত গধুৰ হয়। এনে তিতা ফটা কঁথা গাত লোৱা অসহনীয়। কিয়নো ফটা কঁথাই ঠাণ্ডাৰ পৰা আমাক সুৰক্ষা দিব নোৱাৰে বাবে  আমি কষ্ট কৰিবলগীয়া হয়। তাতে যদি ই তিতা হয়, তেন্তে আমাৰ কষ্ট বহুগুণে বঢ়াই দিয়ে। 

ঠিক তেনেদৰে মানুহে কেতিয়াবা কেতিয়াবা এনে কথা কয় বা এনে কাম কৰে যি কাম বা কথাৰ দ্বাৰা কাৰো একো উপকাৰ নহয়। তেনে কথা বা কাম যদি সঘনে কৰি থকা হয় তেন্তে ই অসহনীয় হৈ পৰে। ফলত আমি আনৰ ভৰ্ৎসনা, নিন্দা, কষ্ট আদি ভোগ কৰিবলগা হয়। 

উৎস গ্রন্থঃ অসমীয়া ভাৱ সম্প্ৰসাৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *