হুজুৰ (ছা:)ৰ দোৱা  

(অসমীয়া মাধ্যম) 

 

 

সম্পাদনা 

ৰাবিব মছৰুৰ

 

 

গ্ৰুহিলচ্ পাবলিশ্বিং

কমলপুৰ,  বৰেপটা (অসম)

 

হুজুৰ (ছা:)ৰ দোৱা   সম্পাদনা ৰাবিব মছৰুৰ, গ্ৰুহিলচ্ পাবলিশ্বিং 

 

প্ৰকাশক: গ্ৰুহিলচ্  পাবলিশ্বিং, কমলপুৰ, বৰেপটা

www.growhillsnet.com

Email:growhills@growhillsnet.com 

মোবাইলঃ ৯১০১২৪৯৩২১

সবৰ্বস্বত্ব প্ৰকাশকৰ দ্বাৰা সংৰক্ষিত

 

প্ৰথম প্ৰকাশ: ২০১৯ 

 

 

অক্ষৰ বিন্যাস: গ্ৰুহিলচ্  পাবলিশ্বিং ডিটিপি  অপাৰেটৰচ্

 

 

মূল্য: ……… 

 

প্ৰস্তাৱনা

মানুহ শান্তি প্ৰয়াসী। মানুহে ব্যক্তি জীৱন, পৰিয়াল জীৱন, সামাজিক জীৱন সকলোতে সুখ আৰু শান্তি বিচাৰে। কিন্তু শান্তিৰ সঠিক উপায় বা পথ বিচাৰি নাপাই জীৱনৰ প্ৰতিটো খোজতে উজুটি খাইছে, সুখৰ স্বপ্ন ভাঙি থানবান হৈছে, ৰক্তক্ষয়ী বিবাদ হৈছে, ধবংসাত্মক যুদ্ধ সংঘটিত হৈছে। পৰিণতিত মানৱ জাতিয়ে অবৰ্ণনীয় দুখ, যন্ত্ৰণা ভুগ কৰি আছে। শান্তি পথ অৰ্থাৎ মানৱ সমাজত দেখা দিয়া নানা সমস্যা, দুখ কষ্ট আদিৰ সমাধানৰ উপায় বিচাৰি সময়ে সময়ে বহুত চিন্তা-নায়কৰ আবিৰ্ভাৱ হৈছে যদিও জীৱনত পোৱা দুখ-যন্ত্ৰণা, অশান্তি আদি সমস্যাৰ কোনো স্থায়ী উপায় (সমাধান) বিচাৰি নাপাই হাবাথুৰি খাইছে। কিন্তু বিশ্ব সংসাৰৰ সৃষ্টিকৰ্তা পৰম আল্লাহই তেওঁৰ শ্রেষ্ঠ সৃষ্টি মানৱ জাতিক অতিকৈ ভাল পায়, মৰম কৰে। সেয়ে মানৱ সমাজত শান্তি প্রতিষ্ঠাৰ উদ্দেশ্যে সময়ে সময়ে আল্লাহই নিজৰ প্ৰতিনিধিস্বৰূপ নবী-ৰছুলসকলক শান্তিপূৰ্ণ জীৱন প্ৰণালীৰ বিধান (পথ/উপায়)ৰ চিৰন্তন নিৰ্দ্দেশনা দি মানৱ সমাজলৈ পঠিয়াই দিছে। বহুত লোক সেই চিৰন্তন শান্তিময় জীৱন বিধান অনুসৰণ কৰি ইহকাল আৰু পৰকালৰ শান্তি আৰু কল্যাণৰ অধিকাৰী হৈছে আৰু বহুতেই সেই চিৰন্তন শান্তি পথ অগ্ৰাহ্য কৰি অনন্ত দুখ কষ্ট ভোগ কৰিছে আৰু ইহকাল-পৰকালৰ শান্তি আৰু কল্যাণ বিনষ্ট কৰিছে।

নবী-ৰছুলসকলে দেখুৱাই থৈ যোৱা জীৱন বিধানক ‘ধৰ্ম’ বুলি নামাকৰণ কৰা হৈছে। যেনে: জুদা ধৰ্ম, ইছাঈ ধৰ্ম (খৃষ্টান ধৰ্ম), জোৰষ্টাৰ ধৰ্ম, ইছলাম ধৰ্ম, হিন্দু ধৰ্ম ইত্যাদি। আমি যদি নিৰেপক্ষ দৃষ্টিভংগীত বিচাৰ কৰোঁ তেন্তে দেখিবলৈ পাম যে সময়ে সময়ে মানৱ সমাজলৈ আগমণ হোৱা নবী-ৰছুলসকলে দি থৈ যোৱা জীৱন বিধানৰ মাজত কোনো মৌলিক পাৰ্থক্য নাই। কিন্তু দুখৰ বিষয় যে এই ধৰ্মবোৰৰ সৰহভাগেই কালৰ সোঁতত বিকৃত হৈছে অৰ্থাৎ মূল নীতিৰ পৰা স্খলিত হৈ কলুষিত হৈছে। বৰ্তমানলৈ পৃথিৱীত অস্তিত্ব জীয়াই থকা ধর্মবোৰৰ ভিতৰত  ইছলাম ধৰ্মই হৈছে একমাত্ৰ ধৰ্ম যি আজিলৈকে অকলুষিত অৱস্থাত আছে। বিশেষ সুখৰ কথা যে ইছলাম ধৰ্মই হৈছে এনে এক ধৰ্ম যিয়ে মানৱ জীৱনৰ সকলোবোৰ বিষয়তে পূৰ্ণাঙ্গ বিধানৰ দিহা কৰিছে। অৰ্থাৎ ইছলাম হৈছে এনে এটা ধৰ্ম যি ধৰ্মই আমাৰ ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি বৃহত্তৰ সমাজ জীৱন, ৰাষ্ট্ৰ জীৱন আনকি আন্তৰাষ্ট্ৰীয় জীৱন ব্যৱস্থাৰ বিষয়েও স্পষ্ট বিধান আগবঢ়াইছে। এই ধৰ্মই আল্লাহৰ প্ৰতি থকা উপাসনা বিধি আৰু সামাজিক জীৱনত মানি চলিব লগা মানৱীয় আদেশ-নিষেধৰ নানান বিধান আগবঢ়োৱাৰ লগতে আমাৰ ব্যক্তিগত জীৱনটো সুন্দৰ আৰু সুশৃঙ্খল কৰিবলৈ প্ৰয়োজনীয় প্ৰতিটো সৰু-সুৰা বিষয়ৰো বিজ্ঞানসন্মত বিধি-বিধান আগবঢ়াইছে । উদাহৰণস্বৰূেপ ইছলাম ধৰ্মই  আমাৰ হাতৰ আঙুলিৰ নখ কটা, চুলি কটা, থু পেলোৱা, প্ৰসাৱ-পায়খানা কৰা, পোছাক পৰিধান কৰা, পানী খোৱা, আহাৰ গ্ৰহণ কৰা ইত্যাদি  অতি সৰু বিষয়বোৰৰো সম্পূৰ্ণ বৈজ্ঞানিক নীতি-নিয়ম বান্ধি দিছে। অৰ্থাৎ সৰ্বযুগৰ মানুহৰ বাবে প্ৰয়োজনীয় আনকি ভৱিষ্যতে উদ্ভৱ হ’ব পৰা সমস্যাৰো সমাধানৰ বিধান ইছলাম ধৰ্মত আছে। ইছলাম ধৰ্মৰ পৱিত্ৰ পুথি ‘আল কোৰাণ’ আৰু হাদিছসমূহ বিশ্ব মানৱৰ বাবে এক সাৰ্বজনীন বিতৰ্কহীন সংবিধানস্বৰূপ। মুঠতে ইছলাম ধৰ্ম হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে এক স্বৰ্গীয় আশীৰ্বাদস্বৰূপ। কিন্তু এতিয়া প্ৰশ্ন হ’ল বিশ্ব মানৱৰ বাবে ইছলামৰ দৰে এক চিৰন্তন সাৰ্বজনীন বিজ্ঞানসম্মত জীৱন বিধান থকা সত্বেও  মানৱ জাতিয়ে আজিও চিৰাকাঙ্খিত শান্তি লাভ কৰিব পৰা নাই কিয়? বোধশক্তি থকা যিকোনো ব্যক্তিৰ বাবে ইয়াৰ উত্তৰ  অতি সহজ। 

প্ৰথমতে,আমি অলপ গমি চালেই দেখিম যে সৰ্বযুগৰ মানুহৰ বাবে প্ৰয়োজনীয় জীৱন বিধানসমূহ ইছলাম ধৰ্মৰ মূলগ্ৰন্থ কোৰাণ আৰু ¸হাদিছ গ্রন্থসমূহৰ  মাজতে সন্নিবিষ্ট হৈ আছে। কিন্তু এই বিধানবোৰ জানি বা বুজি গ্ৰহণ কৰিবলৈ মানুহৰ আগ্ৰহ আৰু আহৰি নাই।  মানৱ সমাজত দেখা দিয়া সমস্যাসমূহ সমাধানৰ উপায় কোৰাণ বা হাদিছত বিচাৰি নগৈ কিছুমান মানুহে মনে গঢ়া দৰ্শন (ইজম বা  মতবাদ) ৰ জন্ম দিছে, যি দৰ্শনে সাময়িকভাৱে পখিলাৰ দৰে অল্পায়ু লৈ কিছুদিন তোলপাৰ লগাই সমস্যাৰ কোনো স্থায়ী সমাধান কৰিব নোৱাৰি নতুন সমস্যাৰ সৃষ্টি কৰি মৰহি গৈছে। উদাহৰণস্বৰূপে সমাজবাদ, সাম্যবাদ,  ধাৰণাবাদ, পুঁজিবাদ, সামন্তবাদ, সৰ্বহিতৈষীবাদ ইত্যাদি।

দ্বিতীয়তে, ইছলাম ধৰ্মৰ বহিৰ্ভূত অৰ্থাৎ অন্য ধৰ্মৰ মানুহে ইছলাম ধৰ্মক জানিবলৈ বা বুজিবলৈ চেষ্টা নকৰি ঈৰ্ষাৰ  দৃষ্টি নিক্ষেপ কৰি ইছলামত থকা চিৰন্তন জীৱন বিধানৰ পৰা বঞ্চিত হৈ আদৰ্শহীন বেপেৰুৱা জীৱন যাপন কৰিবলৈ লৈছে। ফলত  চিৰাকাঙ্খিত শান্তি  আৰু চিৰকল্যাণময় জীৱন ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে।

ইয়াতে আৰু এটি প্ৰশ্নৰ উদয় হয় যে ইছলামৰ দৰে পৱিত্ৰ, চিৰন্তন পূৰ্ণাঙ্গ ধৰ্ম (জীৱন বিধান) থকা সত্বেও আজি ইছলাম ধৰ্মৰ অনুগামীসকলে শান্তি পাইছে নে? ইয়াৰ উত্তৰত আমি একাষাৰে নিৰ্দ্বিধাই স্বীকাৰ কৰিব লাগিব যে ইছলামৰ দৰে পূৰ্ণাঙ্গ ধৰ্ম পায়ো ইয়াৰ অনুগামী বুলি দাবী কৰা মুছলমানসকলে সুখ, শান্তি, নিৰাপত্তা আদি পোৱা নাই। ইয়াৰ কাৰণ হ’ল নিজৰ ধৰ্ম ইছলাম বুলি দাবী কৰা  শতকৰা ৯০ জনৰ ইছলাম ধৰ্মৰ মূল  সংবিধান কোৰাণ আৰু হাদিছ সম্পৰ্কে কোনো জ্ঞান নাই। সিহঁত পৈতৃক সূত্ৰে ইছলাম ধৰ্মাৱলম্বী। ইছলামৰ আহকাম বা আদৰ্শ সিহঁতৰ মাজত শূন্য। অৱশ্যে ইছলাম ধৰ্মী (মুছলমান) হিচাপে কলেমাটো উচ্চাৰণ কৰিব পাৰে যদিও ইয়াৰ অৰ্থ বুজি নাপায়। আনকি বহুতৰ উচ্চাৰণতো ভুল হয়। ফলত ইছলামী বিধান মতে জীৱন পৰিচালনা কৰিব নোৱাৰি অশান্তি ভোগ কৰি আছে। 

তাৰোপৰি বৰ্তমান ইছলাম ধৰ্ম বহুতো মাজহাব (বিভাগত) ভাগ হৈ পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি আছে। এইয়া অতি দুৰ্ভাগ্যৰ বিষয়। আমি ভাৱো সত্যৰ কোনো বিকল্প নাই। ইছলাম ধৰ্মটো আমি মহামানৱ হজৰত মহম্মদ (ছাঃ) ৰ পৰা পাইছোঁ। কোনো বিধানৰ মাজত পৰস্পৰ বৈপৰীত্য থকাটো নিজৰ মাজতে আত্মঘাতী অস্ত্ৰস্বৰূপ। মই ভাবো মজহাববোৰেও ইছলাম ধৰ্মীয়লোকসকলৰ মাজত শান্তি আৰু সংহতিৰ বাটত অন্তৰায়ৰ সৃষ্টি কৰিছে।

আমি লক্ষ্য কৰিলে দেখা পাম যে আজি বিশ্বত মুছলমানসকল অন্যান্য জাতি বা ধৰ্মাৱলম্বীসকলৰ হাতত অধিকভাৱে নিগ্ৰহিত আৰু লাঞ্ছিত হৈ আছে। ইছলামৰ নামত সন্ত্ৰাস বিয়পাই আছে। ইয়াৰ কাৰণ কি বা ইয়াৰ বাবে দায়ী কোন?

ইয়াৰ উত্তৰত আমি স্বীকাৰ কৰিব লাগিব যে ইয়াৰ বাবে প্ৰধানতঃ মুছলমানসকলেই দায়ী; অন্য জাতি বা অন্য ধৰ্মাৱলম্বীৰ লোকসকল নহয়। ইছলামধৰ্মী লোকসকলৰ বাহিৰে অন্য ধৰ্মৰ লোকে ইছলাম ধৰ্মক সমালোচনা কৰে ইছলাম ধৰ্মৰ পৱিত্ৰ পুথি আল কোৰাণ আৰু হাদিছ গ্ৰন্থ অধ্যয়ন নকৰি ইছলামধৰ্মী লোকসকলৰ জীৱন প্ৰণালী লক্ষ্য কৰিহে। সিহঁতে যেতিয়া ইছলামৰ বিধান মানি নচলা নামমাত্ৰ মুছলমানসকলৰ জীৱন প্ৰণালীত কোনো আদৰ্শ বিচাৰি পোৱাৰ বিপৰীতে নানান উশৃঙ্খল আৰু ধৰ্মীয় নীতি বহিৰ্ভূত জীৱন শৈলী দেখা পায়, তেতিয়া সিহঁতে ইছলাম ধৰ্মৰ প্ৰতি এক ভুল ধাৰণা পোষণ কৰে। ফলত সিহঁতে ইছলাম ধৰ্ম বেয়া  বুলি ভূল ধাৰণাৰ বশৱৰ্তী হৈ ইছলামৰ বিৰোধিতা কৰিবলৈ লৈছে। আজি যদি মুছলমানসকলে নিজ ধৰ্মৰ নীতি-নিয়মবোৰ সম্পূৰ্ণভাৱে মানি মহম্মদ (ছাঃ) য়ে দেখুৱাই থৈ যোৱা আদৰ্শমতে জীৱন শৈলী গঢ়ি তুলিলেহেঁতেন তেন্তে ইছলাম ধৰ্মৰ প্ৰতি অন্য ধৰ্মৰ লোকসকলৰ মনত ভুল ধাৰণাৰ সৃষ্টি নহ’লহেতেঁন।

ইছলাম ধৰ্ম যে পৱিত্ৰ আৰু  অন্যান্য ধৰ্মৰ তুলনাত যে ই শ্রেষ্ঠ  আৰু নিখুঁত সেয়া এই ধৰ্মৰ মূল গ্ৰন্থ কোৰাণ আৰু ¸হাদিছ গ্ৰন্থ অধ্যয়ন কৰিলে সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হ’ব। অৱশ্যে এটা কথা স্বীকাৰ কৰিবই লাগিব যে পৱিত্ৰ বস্তুক চয়তানে বেয়া পায়। পৃথিৱীত এনেকুৱা কিছুমান লোক সদায়ে আছে অৰ্থাৎ আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব যিসকলে ভাল বা পৱিত্ৰ বস্তুৰ পৰা নিজকে দূৰত ৰাখিব। সিহঁতে ইছলাম ধৰ্ম যে পৱিত্ৰ আৰু পূৰ্ণাঙ্গ সেয়া জানিও  ইছলামৰ বিৰোধিতা কৰি থাকিব। অৱশ্যে তেনে লোকে ইছলামৰ কোনো ক্ষতি কৰিব নোৱাৰিব,  যদিহে বিশ্বৰ মুছলমানসকলে নামধাৰী মুছলমান নহৈ ইছলামৰ বিধি-বিধান মানি চলি পৰিপূৰ্ণ মুছলমান হয়।

সেয়ে আমি ক’ব পাৰোঁ যে বৰ্তমান বিশ্বত চলি থকা সন্ত্ৰাস, হত্যা, দুৰ্নীতি, যুদ্ধ, হিংসা, আদি এশ এবুৰি অশান্তি নাশ কৰি শান্তি শৃঙ্খলা আনয়ন কৰিবলৈ হ’লে এই বিশ্বৰ মুছলমানসকল নামধাৰী মুছলমান নহৈ পৰিপূৰ্ণ ইছলামী জীৱন শৈলী গ্ৰহণ কৰিব লাগিব। কাৰণ বিশ্ব শান্তি স্থাপন কৰিবলৈ মানুহ ধৰ্মৰ অনুশীলন কৰিবই লাগিব, (ইয়াৰ কোনো বিকল্প নাই) আৰু এই কাম একমাত্ৰ এনে এক ধৰ্মৰ দ্বাৰাহে সম্ভৱ যি সম্পূৰ্ণভাৱেই বিজ্ঞান ভিত্তিক, নিখুঁত আৰু স্বয়ং সম্পূৰ্ণ আৰু তেনে একমাত্ৰ স্বয়ংসম্পূর্ণ ধৰ্মটো হৈছে ইছলাম ধৰ্ম।

 

 

পৃথিৱীত কেইবাটাও ধৰ্মৰ অস্তিত্ব আছে যদিও সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত হোৱা ধৰ্মটো হৈছে হজৰত মহম্মদ (ছাঃ) য়ে প্ৰৱৰ্তন কৰা ইছলাম ধৰ্ম। এই ধৰ্মৰ ওপৰতেই আজিলৈকে আটাইতকৈ বেছি কিতাপ ৰচিত হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু পৰিতাপৰ বিয়ষ যে আজিলৈকে অসমীয়া ভাষাত ইছলাম ধৰ্মৰ চৰ্চা হোৱা নাই। মাত্ৰ দুই এখন সৰু-সুৰা কিতাপ ৰচিত হৈছে যদিও সেইবোৰ এপাচি শাকত এটা জালুকৰ দৰে। ইয়াৰ উপৰি সেইবোৰ কিতাপত ভাষা আৰু অৰ্থৰ বিসঙ্গতি লক্ষণীয়। অৱশ্যে মূল আৰবী কোৰাণ আৰু হাদিছ গ্ৰন্থৰ পৰা অসমীয়া ভাষাত কিতাপ প্ৰণয়ন কৰাটো এক জটিল কাম। কাৰণ আৰবী ভাষাটো বৰ্ণমালা, বাক্য প্ৰকৰণ, শব্দ গঠন আৰু ব্যাকৰণিক দিশত এক জটিল ভাষা। এই ভাষাৰ পৰা কোনো গ্ৰন্থ যিকোনো ভাষালৈ অনুবাদ কাৰ্য অতিকৈ জটিল। সম্ভৱতঃ এনে জটিলতাৰ বাবেই আজিলৈকে অসমীয়া ভাষাত ইছলামী কিতাপৰ সংখ্যা অতি কম। এই অভাৱ লক্ষ্য কৰি আমি গ্ৰুহিলচ পাবলিশ্বিংৰ তৰফৰ পৰা অসমীয়া ভাষাত ইছলামী কিতাপ প্ৰণয়ন কৰিবলৈ এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছোঁ। এই অভিযানৰ প্ৰস্তুতিস্বৰূপ আমি কেইজনমান অসমীয়া আৰু আৰবী ভাষাত পাণ্ডিত্য অৰ্জন কৰা বিদ্বজনক লৈ এটি ‘ইছলামী লিখক সমিতি’ গঠন কৰিছোঁ। আমি প্ৰণয়ণ কৰা গ্ৰন্থসমূহৰ ভাষা আৰু অনুবাদ যাতে নিখুঁত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ ইছলামী কিতাপসমূহৰ উৎস গ্ৰন্থ প্ৰধানকৈ মূল আৰবী কোৰাণ আৰু হাদিছসমূহ। 

আমাৰ আঁচনিৰ এক প্ৰচেষ্টা হিচাপে আমি ‘অসমীয়া নামাজ শিক্ষা’  শিৰোনামৰ সৰু পুথিখন প্ৰণয়ন কৰি উলিয়াইছিলোঁ। পুথিখনে পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰাত এইবাৰ আমি হুজুৰ (ছা:)ৰ দোৱা শিৰোনামাৰ এই পুথিখন প্ৰণয়ন কৰি উলিয়ালোঁ।পুথিখন প্ৰণয়ন কৰোঁতে আমি বহু কিতাপ অধ্যয়ন কৰিছো আৰু  প্ৰয়োজনীয় সমল সংগ্ৰহ কৰিছোঁ। আৰবী মূল পাঠৰ অসমীয়া উচ্চাৰণ কৰোঁতে আমি কিছু সমস্যাৰ সন্মুখীন হৈছোঁ যদিও পাৰ্যমানে আমি মূল উচ্চাৰণ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। হয়তো কৰবাত আমি সফল হৈছোঁ আৰু হয়তো কৰবাত আমি দুখঃলগাকৈ বিফল হৈছোঁ। ইয়াৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। উদাহৰণস্বৰূেপ ‘মুহাম্মদ’ /মোহাম্মদ / মহম্মদ ‘অজু’ / অযু’, ৰাকাত / ৰাকায়াত’, ‘সুন্নত’/ ছুন্নত’ আদি বানানবোৰ, ইছলামীয় পণ্ডিতৰ মতে দুয়োটা ৰুপেই শুদ্ধ বুলি মত পোষণ কৰাত আমি দুয়োটা ৰূপেই গ্ৰহণ কৰিছোঁ। বানান (লিপ্যন্তৰ)ৰ ক্ষেত্ৰত পাঠক সমাজৰ নিজা মত আমাক জনালে আমি কৃতজ্ঞতাৰ সৈতে সেয়া বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। 

মুঠতে আমাৰ যৎপৰোনাস্তি সৎ প্ৰচেষ্টা থকা সত্বেও আমাৰ ভুল-ভ্ৰান্তি থাকি যাব পাৰে। সেয়ে আমি ইছলামী পণ্ডিত, ভাষাবিধ, গৱেষক আৰু পাঠক সমাজক আমাৰ ভুল-ভ্রান্তিবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনালোঁ। আপোনালোকৰ  সমালোচনা, গঠনমূলক দিহা পৰামৰ্শ আমাৰ অভিযানৰ বাটত পোহৰৰ বন্তীস্বৰূপ। ইতি

ৰাবিব মছৰুৰ

কমলপুৰ                                                                       

২০১৯ ইংৰাজী চন।

সুচীপত্র 

(হুজুৰ (ছা:)ৰ দোৱা) 

১.

১.  টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে পঢ়া দোৱা

২. পায়খানাত প্ৰৱেশ কৰাৰ আগতে পঢ়া দোৱা

৩. পায়খানাৰ পৰা বাহিৰ হোৱাৰ সময়ত  পঢ়া দোৱা

৪.  গা ধোৱাৰ আগতে পঢ়া দোৱা

৫. অজু কৰিবলৈ লোৱাৰ সময়ত পঢ়া দোৱা

৬. অজুৰ শেষত পঢ়া দোৱা

৭. কাপোৰ পৰিধান কৰাৰ সময়ত পঢ়া দোৱা

৮. আহাৰ গ্ৰহণ কৰাৰ আগতে পঢ়া দোৱা

৯. আহাৰ খোৱা শেষ হোৱাৰ পিছত  পঢ়া দোৱা

১০. মূৰত তেল লোৱাৰ সময়ত পঢ়া দোৱা

১১. আয়না (দাপোণ ) দেখাৰ সময়ত  পঢ়া দোৱা

১২. খাদ্য বস্তু সন্মুখত অহাৰ লগে লগে পঢ়া দোৱা 

১৩. ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত পঢ়া দোৱা

১৪.  ভ্ৰমণৰ ইচ্ছা হ’লে পঢ়া দোৱা

১৫. ভ্ৰমণ আৰম্ভ কৰাৰ সময়ত পঢ়া দোৱা

১৬. মটৰ বা ৰেল ষ্টেচনত উপস্থিত হৈ পঢ়া দোৱা

১৭. গাড়ীত  বহি বা পশুৰ পিঠিত উঠি পঢ়া দোৱা

১৮. সাঁকোত উঠি বা নৌকাত বহি  পঢ়া দোৱা

১৯. গাওঁ বা চহৰত প্ৰৱেশৰ সময়ত পঢ়া দোৱা

২০. ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত পঢ়া দোৱা

২১.  সন্তানৰ মুখ প্ৰথম দেখাৰ সময়ত পঢ়া দোৱা

২২. সন্তানক স্তন পান কৰোৱাৰ সময়ত পঢ়া দোৱা

২৩. সহবাস কৰাৰ সময়ত স্বামী-স্ত্ৰী উভয়ে পঢ়া দোৱা

২৪. মা-দেউতাৰ কাৰণে পঢ়া দোৱা

২৫. বিবাহৰ পিছত প্ৰথম দৰ্শনৰ সময়ত পঢ়া দোৱা

২৬. হাঁচি মৰাৰ পিছত  পঢ়া দোৱা

২৭. পানীয় দ্ৰব্য পান কৰাৰ আগতে পঢ়া দোৱা

২৮. পানী খোৱাৰ সময়ত পঢ়া দোৱা

২৯. ফুলৰ সুঘ্ৰাণ লোৱাৰ সময়ত পঢ়া দোৱা

৩০. সুগন্ধি (আতৰ/ছেন্ট) লোৱাৰ সময়ত পঢ়া দোৱা

৩১. নতুন কাপোৰ পৰিধান কৰাৰ সময়ত পঢ়া দোৱা

৩২. যিকোনো বিপদৰ পৰা উদ্ধাৰ পোৱাৰ বাবে পঢ়া দোৱা

৩৩. মনত শান্তি পোৱাৰ আশাত পঢ়া দোৱা

৩৪. মনত সাহস বৃদ্ধিৰ বাবে পঢ়া দোৱা

৩৫. মনৰ পৰা ভয় নাশ কৰাৰ উদ্দেশ্যত পঢ়া দোৱা

৩৬. মুখৰ বৰকত বৃদ্ধি পোৱাৰ  উদ্দেশ্যে পঢ়া দোৱা

৩৭. মুখৰ লাৱণ্য বৃদ্ধিৰ বাবে পঢ়া দোৱা

৩৮. চকুৰ জ্যোতি বৃদ্ধি পোৱাৰ উদ্দেশ্যত পঢ়া দোৱা

৩৯. চকুৰ পৰা পানী নিগৰা বন্ধ কৰিবলৈ পঢ়া দোৱা

৪০. চকুৰ পোক দূৰ হ’বৰ উদ্দেশ্যে পঢ়া দোৱা

৪১. কাণৰ শ্ৰৱণ শক্তি বৃদ্ধিৰ বাবে  পঢ়া দোৱা

৪২. কাণৰ ব্যাধি দূৰ কৰাৰ উদ্দেশ্যে পঢ়া দোৱা

৪৩. দাঁতৰ যিকোনো বেদনা নাশৰ বাবে পঢ়া দোৱা

৪৪. যিকোনো বাত বেদনা নাশৰ উদ্দেশ্যে পঢ়া দোৱা

৪৫. পেটৰ বিষ উপশম পোৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৪৬. জ্বৰৰ পৰা আৰোগ্য পোৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৪৭. ইছলাম ধৰ্মত দীক্ষিত ব্যক্তিয়ে পঢ়া দোৱা

৪৮. ৰুহানি ছায়েৰৰ বাবে পঢ়া দোৱা

৪৯. টোপনি  বাবে বিছনাত শোৱাৰ সময়ত পঢ়া দোৱা

৫০. অবাধ্য পত্নীক বাধ্য কৰাৰ উদ্দেশ্যে পঢ়া দোৱা

৫১. অবাধ্য স্বামীক বাধ্য কৰাৰ উদ্দেশ্যে পঢ়া দোৱা

৫২. সন্তান-সন্ততিক বহুৱাই ৰাখিবলৈ পঢ়া দোৱা

৫৩. সকলোৰে প্ৰিয়পাত্ৰ হ’বৰ উদ্দেশ্যে পঢ়া দোৱা

৫৪. মিছা মোকৰ্দমাৰ পৰা নিষ্কৃতি পোৱাৰ বাবে পঢ়া দোৱা

৫৫. আহাৰ বৃদ্ধিৰ উদ্দেশ্যে  পঢ়া দোৱা

৫৬. খাদ্য বস্তু সম্মুখত দিয়াৰ সময়ত পঢ়া দোৱা

৫৭. খেতিত শস্য বৃদ্ধি পোৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৫৮. গছত অধিক ফল পোৱাৰ উদ্দেশ্যত পঢ়া দোৱা

৫৯. দোকানত অধিক গ্ৰাহক পোৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৬০. উপাৰ্জন বৃদ্ধি পোৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৬১. দৰিদ্ৰতা দূৰ কৰাৰ উদ্দেশ্যে পঢ়া দোৱা

৬২. ঋণ পৰিশোধৰ উদ্দেশ্যে পঢ়া দোৱা

৬৩. চাকৰীত সাফল্য লাভৰ উদ্দেশ্যে পঢ়া দোৱা

৬৪. চাকৰীত পদোন্নতি লাভৰ বাবে পঢ়া দোৱা

৬৫.  সন্মান আৰু প্ৰভাৱ বৃদ্ধিৰ উদ্দেশ্যে পঢ়া দোৱা

৬৬. সাপ, নেউল থকা স্থানত যোৱাৰ সময়ত পঢ়া দোৱা

৬৭.  জুই লাগিলে নুমুৱাৰ উদ্দেশ্যে পঢ়া দোৱা

৬৮.  কোনো বিশেষ কাম কৰাৰ আগতে  পঢ়া দোৱা

৬৯. ভ্ৰমণৰ পৰা নিজ ঘৰত ঘূৰি আহি  পঢ়া দোৱা

৭০. মূৰ্গা চৰাইৰ মাত শুনিলে পঢ়া দোৱা

৭১. স্মৰণ শক্তি বৃদ্ধিৰ বাবে পঢ়া দোৱা

৭২. পৰীক্ষাত উত্তীর্ণ  হ’বৰ উদ্দেশ্যে  পঢ়া দোৱা

৭৩. চোৰ-ডকাইতৰ পৰা ঘৰ সুৰক্ষাৰ বাবে পঢ়া দোৱা

৭৪. ইচ্ছা অনুযায়ী টোপনিৰ পৰা উঠিবলৈ পঢ়া দোৱা

৭৫. নিমন্ত্ৰণ খোৱাৰ পিছত পঢ়া দোৱা

৭৬. গাখীৰ জাতীয় পানীয় খোৱাৰ সময়ত পঢ়া দোৱা

৭৭. জুই জ্বলোৱাৰ সময়ত  পঢ়া দোৱা

৭৮. দোজখৰ পৰা মুক্তি পোৱাৰ বাবে দোৱা

৭৯. বিহিস্ত পোৱাৰ বাবে পঢ়া দোৱা

৮০.  ভূত-প্ৰেত দেখিলে  পঢ়া দোৱা

৮১. নতুন ফল দেখিলে বা খোৱাৰ সময়ত পঢ়া দোৱা

৮২. কাৰোবাক বিদায় দিয়াৰ সময়ত পঢ়া দোৱা

৮৩. মোছাফা কৰিবৰ সময়ত  পঢ়া দোৱা

৮৪. মোছাফা কৰি হাঁহিলে পঢ়া দোৱা

৮৫. গাধ বা কুকুৰৰ মাত শুনিলে পঢ়া দোৱা

৮৬. কাণ পকিলে আৰোগ্য পোৱাৰ বাবে পঢ়া দোৱা

৮৭. সাঁকো পাৰ হোৱাৰ সময়ত পঢ়া দোৱা

৮৮. দাঁত ঘঁহাৰ সময়ত পঢ়া দোৱা

৮৯. ধৈৰ্য ধাৰণ কৰিবৰ উদ্দেশে পঢ়া দোৱা

৯০. দুখঃ কষ্টৰ পৰা নিস্তাৰ পোৱাৰ বাবে পঢ়া দোৱা

৯১. সূৰ্য উদয় হোৱাৰ সময়ত পঢ়া দোৱা

৯২. সহবাসৰ পিছত বীৰ্যপাতৰ সময়ত  পঢ়া দোৱা

৯৩. পাপী ব্যক্তিৰ তওবাৰ বাবে পঢ়া দোৱা

৯৪. অনাবৃষ্টি হ’লে বৃষ্টিৰ বাবে পঢ়া দোৱা

৯৫. বৃষ্টিপাত হোৱা দেখিলে পঢ়া দোৱা

৯৬. বৃষ্টিৰ বাবে শস্যৰ ক্ষতি নহ’বলৈ পঢ়া দোৱা

৯৭. বজ্ৰৰ গৰ্জন শুনিলে পঢ়া দোৱা

৯৮. ধূলি-বালি উৰি অন্ধকাৰ হৈ আহিলে পঢ়া দোৱা

৯৯. সূৰ্য বা চন্দ্ৰ গ্ৰহণৰ সময়ত পঢ়া দোৱা

১০০. মুমূৰ্ষ ব্যক্তিৰ সন্মুখত পঢ়া দোৱা

১০১. ইমানৰ সৈতে মৃত্যু কামনা কৰি পঢ়া দোৱা

১০২. মৃত ব্যক্তিৰ আত্মীয়ক সান্তনা দিয়াৰ বাবে পঢ়া দোৱা

১০৩.  বেতেৰ নামাজৰ পিছত পঢ়া দোৱা 

১০৪. মৃত ব্যক্তিক কবৰত ৰাখাৰ সময়ত পঢ়া দোৱা

১০৫. কবৰত মাটি দিয়াৰ সময়ত পঢ়া দোৱা

১০৬. কবৰ জিয়াৰত কৰাৰ সময়ত পঢ়া দোৱা

১০৭. হুজুৰ (ছাঃ) ৰ চল্লিশ হাদিছ

…………………………………………………………………………

To

DOWNLOAD 

the complete book click on the link below:

Huzurr Doah pdf

…………………………………………………………

Related Searches:

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *