হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা

হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা — ৰাব্বি মছৰুৰ বিংশ শতাব্দীৰ অসমীয়া কাব্যমোদী পাঠকসমাজৰ সহানুভূতি, মৰম আৰু শ্ৰদ্ধা বুটলি ল’বলৈ সমৰ্থ হোৱা এজন জনপ্ৰিয় কবি হ’ল হীৰেন ভট্টাচাৰ্য। ভাৱ আৰু বিষয়বস্তুত তেওঁ তেওঁৰ নিকটপূৰ্ব আৰু সমসাময়িক কবিসকলৰ  স’তে খোজ মিলাই গতি কৰিলেও আধুনিক অসমীয়া কবিতাত ভাষা আৰু শব্দ প্ৰয়োগৰ দৃষ্টিভঙ্গীত তেওঁ এক নতুনত্ব আনয়ন কৰে। স্বদেশপ্ৰেম, সাম্যবাদ প্রতিষ্ঠাৰ হকে বিপ্লৱ, প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম, ৰঙীন ভৱিষ্যতৰ প্ৰতি আশাবাদ আদি তেওঁৰ […]

Read More

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা — ৰাব্বি মছৰুৰ কৰ্মময় মানৱ জীৱনৰ দুটা দিশ বা গতি আছে – এটা বাহ্যিক অৰ্থাৎ শাৰীৰিক আৰু আনটো মানসিক। সহজ কথাত ক’বলৈ গ’লে এটা লোকচক্ষুৰ সন্মুখত সামাজিক জীৱন আনটো লোকচক্ষুৰ অন্তৰালত থকা মানসিক অনুভৱৰ জীৱন। প্ৰতিজন শিল্পী সাহিত্যিকৰ সৃষ্টিত এই দুটা গতি বা দিশেই  প্ৰত্যক্ষ বা পৰোক্ষভাৱে জানিত বা অজানিতভাৱে প্ৰকাশ পায়। কিয়নো কোনো শিল্পী-সাহিত্যিকেই জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰে।  গতিকে শিল্প সাহিত্য মানে […]

Read More

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ — ৰাব্বি মছৰুৰ ধনী আৰু  দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু বনুৱা শ্ৰেণীৰ মাজত চলি থকা অৰ্থনৈতিক বৈষম্য দূৰীকৰণৰ  উপায় চিন্তি উনবিংশ শতাব্দীৰ শেষ ভাগত জাৰ্মানীত জন্ম গ্ৰহণ কৰা কাৰ্ল মাৰ্ক্সয়ে “সাম্যবাদী সমাজবাদ তত্ত্ব” ৰ অবতাৰণা কৰে। ধনী আৰু দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু উৎপাদক শ্ৰেণীৰ মাজত সম্পদৰ সম বিতৰণ আৰু ৰাষ্ট্ৰৰ সকলো সম্পদ উমৈহতীয়াভাবে সমাজৰ হাতত অৰ্পণ অৰ্থাৎ উৎপাদনৰ আহিলাক সামাজিকীকৰণ কৰাই এই সাম্যবাদী সমাজবাদ তত্ত্বৰ […]

Read More

হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস

হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস — ৰাব্বি মছৰুৰ মানৱ জীৱনটো জন্মৰ পৰা মৃত্যুলৈকে কাৰুণ্যৰ এক নিৰৱচ্ছিন্ন প্ৰৱাহ মাথোন। মানৱ শিশু এটাই জন্মৰ সময়তে কান্দি কান্দি চকুলোৰে তিতি ভূমিষ্ট হয় আৰু মৃত্যুৰ সময়তো বহুতো পোৱা আৰু নোপোৱাৰ বেদনা বুকুত সাবটি প্ৰজন্মক কন্দুুৱাই মৃত্যুত শৰণ লয়। দেখা যায় মানৱ জীৱনে কেতিয়াও কান্দোনৰ পৰা হাত সাৰিব নোৱাৰে।  জন্মৰ সময়ৰ কান্দোন আৰু  মৃত্যুৰ সময়ত প্ৰজন্মক কন্দুৱাই যোৱাটোক যদিও আমি সহজাত বা স্বাভাৱিক বুলি কওঁ […]

Read More

হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ — ৰাব্বি মছৰুৰ যেতিয়া কোনো এক প্ৰাণী, বস্তু বা চিহ্নই এইটোৰ সাধাৰণ অৰ্থৰ উপৰিও আন কিবা অৰ্থ বা তাৎপৰ্য বুজায়, তেতিয়া সেই প্ৰাণী, বস্তু বা চিহ্নক ‘প্ৰতীক‘ (Symbol) বুলি কোৱা হয় । সহজ কথাত প্ৰতীক হৈছে কেনো এটা বস্তু যিটোৱে অইন কিবা বুজায়। সাহিত্যত প্ৰতীকৰ ব্যৱহাৰ কোনো নতুন বস্তু নহয়।  প্ৰাচীন ভাৰতীয় সাহিত্যিকসকলে প্ৰকৃতিৰ কিছুমান বস্তুক নিৰ্দিষ্ট কিছুমান অৰ্থ বা তাৎপৰ্য প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিছিল। […]

Read More

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ — ৰাব্বি মছৰুৰ মানৱ মন, মানৱ আচৰণ আৰু মানৱ সমাজৰ লগত সম্পৰ্ক থকা যিকোনো অৰ্থপূৰ্ণ ভাষিক অভিব্যক্তিয়েই সাহিত্য। সাহিত্যৰ বিভিন্ন বিভাগ বা শাখা আছে যেনে – কবিতা, গল্প, প্ৰৱন্ধ, উপন্যাস, সমালোচনা ইত্যাদি। এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন, সাৰ্বজনীন আৰু বেছি বিতৰ্কিত শাখাটোৱেই হৈছে কবিতা। কিন্তু কবিতা কি? ইয়াৰ এক সাৰ্বজনীন সংজ্ঞা দিবলৈ বিভিন্ন যুগত বিভিন্ন কবি তথা পণ্ডিতে চেষ্টা কৰিছে যদিও সকলো যুগৰ সকলো […]

Read More

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ — ৰাব্বি মছৰুৰ সমস্যা জৰ্জৰিত এইখন মানৱ পৃথিৱীত কৰ্তব্য পথত আগবাঢ়ি যোৱাৰ প্ৰথম আৰু প্ৰধান প্ৰেৰণা হৈছে জীৱনৰ প্ৰতি এক আশাবাদী দৃষ্টিভঙ্গী। জীৱনৰ প্ৰতি আশা নথকা ব্যক্তি এজনৰ কোনো দৰ্শন নাই, জীৱনৰ কোনো মাদকতা নাই আৰু জীৱনৰ প্ৰতি যাৰ মাদকতা নাই সি জীয়াই থকাৰো যোগ্য নহয়। শত সমস্যাত পোত্ খাই থকা মানৱ সমাজক আশাবাদৰ জিলিকনিৰে জীয়াই ৰাখে শিল্পী সাহিত্যিকসকলে। কাৰণ সমাজৰ প্ৰতি সিহঁতৰ এক সুকীয়া দায়বদ্ধতা […]

Read More

হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজ চিত্ৰ — ৰাব্বি মছৰুৰ শিল্পী-সাহিত্যিকসকল সমাজৰ প্ৰতিনিধি স্বৰূপ। সমাজৰ বিভিন্ন বাস্তৱ দিশ শিল্পসন্মতভাৱে দাঙি ধৰাৰ ওপৰতেই সিহঁতৰ শিল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। হীৰেন ভট্টাচাৰ্য সমাজ সচেতন কবি। সেয়ে তেওঁৰ কবিতাত সমাজৰ নানান দিশ স্পষ্টকৈ ফুটি উঠিছে। তেওঁৰ কবিতাৰ পাতে পাতে, স্তৱকে স্তৱকে অসমীয়া সমাজৰ নিৰাপত্তাহীনতাৰ চিত্ৰ, বিশৃঙ্খলাৰ চিত্ৰ, শোষণৰ চিত্ৰ, সন্ত্ৰাসৰ চিত্ৰ,  মানৱতাৰ অৱক্ষয়ৰ চিত্ৰ,  কলা ধনৰ পয়োভৰৰ চিত্ৰ, অসমীয়া ৰোৱনী-দাৱনীসকলৰ চিত্ৰ আদি নানান চিত্ৰ অকনো […]

Read More

হীৰেন ভট্টাচাৰ্যৰ কবিতা ‘মোৰ দেশ’- এক বিশ্লেষণ

হীৰেন ভট্টাচাৰ্যৰ কবিতা ‘মোৰ দেশ’- এক বিশ্লেষণ — ৰাব্বি মছৰুৰ বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া কাব্য শিল্পক প্ৰতিনিধিত্ব কৰা আৰু কাব্যমোদী পাঠকৰ হৃদয়-মন জয় কৰা সৰ্বজন বিদিত অসমীয়া কবিজনৰ নাম হীৰেন ভট্টাচাৰ্য। কবি হীৰেন ভট্টাচাৰ্য মূলতঃ প্ৰেমৰ কবি- প্ৰেম বাৰিধিত অনাবিল প্ৰেমৰ মুখামূখি হৈ উঠি ভাঁহি যাব নোৱাৰাৰ বেদনাত ক্লান্ত তেওঁৰ প্ৰেমানুভূতি। স্বদেশপ্ৰেম, প্ৰকৃতি প্ৰেম আৰু মানৱ প্ৰেম তেওঁৰ কবিতাত প্ৰকাশ পোৱা প্ৰেমৰ তিনিটা প্ৰধান সুঁতি। প্ৰেমৰ এই তিনিটা […]

Read More

হীৰেন ভট্টাচাৰ্যৰ  কবিতাঃ   এক বিশ্লেষণাত্মক অধ্যয়ন

হীৰেন ভট্টাচাৰ্যৰ  কবিতাঃ   এক বিশ্লেষণাত্মক অধ্যয়ন   ৰাবিব মছৰুৰ     গ্ৰুহিলচ্ পাব্লিশ্বিং কমলপুৰ, বৰেপটা (অসম) Hiren Bhattacharyar Kabita: Ek Bishlekhnatmak Adhayan,  A collection of critcal essays on the poetry of Hiren Bhattacharya by Rabbi Masur, Published by Growhills Publishing .     Rights Reserved Internet Editon: Website: www.growhillsnet.com Email: growhills@growhillsnet.com    Price: Rs. …………..    D. T. P. By  Rabbi Masrur Printed at :    আগকথা মোৰ প্ৰিয় কবিসকলৰ নাম […]

Read More