আদর্শ ছবি  অঁকা -৩

আদর্শ ছবি  অঁকা -৩

তৃতীয় শ্রেণী 

 

 

 

প্ৰস্তুতকৰ্তা  

গ্ৰুহিলচ্  পাব্লিশ্বিং লিখক সমিতি 

গ্ৰুহিলচ্  পাব্লিশ্বিং

কমলপুৰ, বৰপেটা (অসম)

 

 

 

Adarsha Sabi Anka-III: A Drawing Book for Class -III, Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.

 

 

All Rights Reserved.

Electronic Edition: 2019

Rs: ……/- only.

 

 

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying recording or otherwise.

 

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone in case it is brought to our notice. 

 

 

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ  আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৫০শতাংশই ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে, বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্ৰুহিলচ পাব্লিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে  পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা  বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্ৰুহিলচ পাব্লিশ্বিং পাঠ্যপুথি গৱেষক সমিতি’, ‘গ্ৰুহিলচ্  পাব্লিশ্বিং লিখক সমিতি’ আৰু ‘গ্ৰুহিলচ পাব্লিশ্বিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে  বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসােপক্ষ তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বানানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠনেও সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে । তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ  পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।

 

পাতনি

চিত্ৰাঙ্কন হৈছে এবিধ কলা। আকৌ ‘কলা’ হৈছে মানুহে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ ব্যৱহাৰ কৰি সৃষ্টি কৰা যিকোনো সৃষ্টিশীল কাম। যেনে: গীত গোৱা, কবিতা ৰচনা কৰা, নৃত্য কৰা, অভিনয় কৰা, কাঠৰ আচবাব তৈয়াৰ কৰা, ঘৰ বনোৱা, অট্টালিকা তৈয়াৰ কৰা, চিলাইৰ কাম কৰা, সূতা কটা, মাটিৰ পাত্ৰ তৈয়াৰ কৰা ইত্যাদি। প্ৰাচীন ভাৰতীয় মনীষীসকলে কলাক বাষষ্টিটা ভাগত ভাগ কৰিছিল। সেই বাষষ্টি কলাৰ ভিতৰত ছবি অঁকা (চিত্ৰাঙ্কন) হৈছে এক অন্যতম ললিত কলা ।

অতীজৰে পৰাই ভাৰতবৰ্ষত চিত্ৰাঙ্কন এক বিশেষ মৰ্যদাসম্পন্ন কলা হিচাপে চৰ্চিত হৈ আহিছে। ভাৰতৰ প্ৰাচীন যুগ বিশেষকৈ গুপ্ত যুগত অংকন কৰা অজন্তা আৰু ইলোৰাৰ গুহা চিত্রবোৰ বিশ্ববিখ্যাত। মধ্য যুগত বিশেষকৈ মোগল যুগত এই বিদ্যাই এক নতুন মাত্ৰা লাভ কৰে। মোগল যুগত ৰচিত হোৱা জীৱনীমূলক আৰু বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ আবেদন বৃদ্ধি কৰিবলৈ গ্ৰন্থৰ পৃষ্ঠাৰ মাজে মাজে  প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীৰ দ্বাৰা ছবি অংকন কৰোৱা হৈছিল। বৰ্তমান কম্পিউটাৰৰ যুগতো চিত্ৰ কলাৰ আবেদন অকনো হ্রাস পোৱা নাই। উদাহৰণস্বৰুপে  সাম্প্ৰতিক সময়ৰ ভাৰতীয় চিত্ৰশিল্পী  মায়া বৰ্মন, মানৱ গুপ্ত, মনজিত বাৱা, মহম্মদ ইডছুফ খাকৰী, ফিদা হুছেইন, অসমৰ অতনু বৰুৱা আদিৰ নাম উল্লেখ কৰিব পাৰি।  ইয়াতে বিশেষ উল্লেখ কৰিবলগীয়া যে ভাৰতৰ ফিদা হুছেইনে প্ৰতি মিনিটত একোটাকৈ ছবি অংকন কৰিব পাৰিছিল। এই জন শিল্পীৰ প্ৰতিখন ছবিৰ দাম আছিল ভাৰতীয় মুদ্ৰাত এক কোটি টকা।

জীৱনত চিত্ৰ কলা চৰ্চাৰ অতীৱ গুৰুত্ব আছে। যেনে:

প্ৰথমতে, চিত্ৰাংকন চৰ্চাই কল্পনা শক্তি বৃদ্ধি কৰে।

দ্বিতীয়তে, ই বোধশক্তি বৃদ্ধি আৰু সৃষ্টিশীল মনোবৃত্তি গঠন কৰে।

তৃতীয়তে, ই মনোযোগ দৃঢ় কৰে।

চতুৰ্থতে, ই সৌন্দর্য  বৃদ্ধি কৰে।

পঞ্চমতে, ই মানসিক আনন্দ দান কৰে।

চিত্ৰকলা চৰ্চাৰ তাৎপৰ্য অনুধাৱন কৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰাই চিত্ৰাংকন বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে। 

সাধাৰণতে চিত্ৰাঙ্কন বিদ্যাত বুৎপত্তি থকা শিক্ষক-শিক্ষয়িত্ৰীকহে এই বিষয়টো শিকোৱাৰ দায়িত্ব দিব লাগে। শিক্ষকে ব্লাকবোর্ডত ছবি অংকন কৰাৰ লগতে ছবি অকাঁৰ কৌশলৰ বিষয়েও আলোচনা কৰিব লাগে। বিশেষকৈ তলত উল্লেখ কৰা দিশেবাৰ শিক্ষকে আলোচনা কৰা উচিত। যেনেঃ

প্ৰথমতে, ছবি এটা অংকন কৰোঁতে এটি আৰ্হি অনুসৰণ কৰিব লাগে। 

দ্বিতীয়তে, আৰ্হি ছবিটো খুব মনোযোগেৰে চাব লাগে।

তৃতীয়তে, ছবিটো কোনো ৰেখা চিত্ৰৰ ভিতৰত সুমুৱাই লৈ ছবিৰ কোনটো অংশ ৰেখাচিত্ৰটোৰ কোনফালে বা কোন অংশত পৰিছে বা কোন অংশ চুই গৈছে সেইবোৰ  মনত ৰাখিব লাগে।

চতুৰ্থতে, ছবি কেইবাটাও স্পষ্ট ভাগত ভাগ কৰি অংশ অংশকৈ অংকন কৰিব লাগে।

পঞ্চমতে, ছবি আঁকোতে প্ৰথমতে পাতলকৈ ৰেখাচিত্ৰ আঁকি ল’ব লাগে। এই ক্ষেত্ৰত চিঁয়াহী নোহোৱা কলম বা চিয়াহী নোহোৱা বল পেন ব্যৱহাৰ কৰিব পাৰে। সঘনে ৰবৰ ব্যৱহাৰ কৰিব নালাগে। পাতলকৈ অংকন কৰি পিছত ভুল হোৱা অংশবোৰ এবাৰতেই মচি পেলাব লাগে।

পঞ্চমতে, কোনো এটা ছবি এবাৰ বা দুবাৰ নহয় বাৰে বাৰে মনোযোগেৰে অনুশীলন কৰিব লাগে। 

ইয়াতে বিশেষ মন কৰিবলগীয়া যে এবছৰীয়া পাঠ্যক্ৰমত সাত/আঠটাতকৈ অধিক ছবি কেতিয়াও শিকাব নালাগে। ছবি এটা শিকোতে বা অনুশীলন কৰোঁতে এনেভাৱে কৰিব লাগে যাতে সেই ছবিটো আকৌ পিছৰ বছৰত শিকিব নালাগে। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক এটা ছবি বাৰে বাৰে অনুশীলন কৰিবলৈ দিব লাগে। 

ছবি অংকন কৰাৰ বাবে তলত দিয়া সা-সামগ্ৰীৰ প্ৰয়োজন। যেনে:

প্ৰথমতে, এটি আৰ্হি বুক।

দ্বিতীয়তে, এডাল ভাল কাঠপেঞ্চিল। সাধাৰণতে HP কাঠপেঞ্চিল বহুল ব্যৱহাৰ হয় যদিও ছাত্ৰ-ছাত্ৰীসকলে অভ্যাসৰ বাবে B বা 2B,  পেঞ্চিল ব্যৱহাৰ কৰি ছবিটো পাতলকৈ আঁকি পিছত 4B পেঞ্চিল ব্যৱহাৰ কৰিব ডাঠ কৰি দিব লাগে। কাঠ পেঞ্চিল চোকা হোৱা প্ৰয়োজন।

তৃতীয়তে, এটি ভাল ৰবৰ।

চতুৰ্থতে, সাধাৰণ কাগজতকৈ অলপ বেছি ডাঠ  কাগজ।

পঞ্চমতে, এটি কাঁচৰ স্কেল।

ইয়াৰ উপৰিও শিকাৰু এজনে ছবি অকাঁৰ সময়ত তলত দিয়া দিশবোৰ মানি চলিব লাগে।

প্ৰথমতে, অনুশীলন বহীটো টেবিলৰ ওপৰত ৰাখি চিয়াৰত বহি বা প্ৰয়োজনত থিয় হৈ ছবি অঁকা অনুশীলন কৰিব লাগে।

দ্বিতীয়তে, টেবিলটো পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে আৰু টেবিলৰ ওপৰত প্ৰয়োজনীয় মুকলি ঠাই থাকিব লাগে। কিতাপ-পত্ৰৰে ঠাহ খাই থকা হ’ব নালাগে। 

তৃতীয়তে,  টেবিলৰ উচ্চতা ছাত্ৰজনৰ বুকুলৈ হ’ব লাগে। কেতিয়াও বুকুৰ উচ্চতাতকৈ বেছি উচ্চতাৰ হ’ব নালাগে।

চতুৰ্থতে, পোহৰ সদায় শিকাৰুজনৰ বাও পিনৰ পৰা পৰিবলৈ দিব লাগে।

পঞ্চমতে, ছাত্ৰজনে যিকোনো সময়ত ছবি অঁকা অনুশীলন কৰিব পাৰে। ছবি যে দিনৰ কোনো এক নিৰ্দ্দিষ্ট সময়ত অনুশীলন  কৰিব লাগিব এনে ধাৰণা কৰিব নালাগে।

ষষ্ঠতে, ছাত্ৰজনে ছবি আকোঁতে কেতিয়াও ততাতৈয়া কৰিব নালাগে।  প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক বৈঠকত এটা ছবিহে অনুশীলন কৰিব লাগে। 

সপ্তমতে, এটা ছবি এদিন নহয়, দুদিন নহয়, তিনিদিন নহয়, অতি কমেও এমাহ অনুশীলন কৰিব লাগে।

(২)

আদৰ্শ ছবি অঁকা -তৃতীয় শ্রেণী ‘ কিতাপখন তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুত কৰা হৈছে। এই অভ্যাস পুথিখনত ছাত্ৰ-ছাত্ৰীসকলৰ বয়স আৰু মনস্তত্ত্বৰ লগত সঙ্গতি ৰাখি কিছুমান  সৰল চিত্ৰ সন্নিবিষ্ট কৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীসকলে এই ছবিবোৰ  ব্লাকবোর্ডত ডাঙৰকৈ অংকন কৰি দেখুৱাব। ছবি এটি কিদৰে কিছুমান ৰেখাচিত্ৰৰ সহায়ত সহজে অংকন কৰিব পাৰি সেই বিষয়ে আৰ্হিসহ বুজাই  দিব।

আশা ৰাখিছোঁ এই অভ্যাসপুথিৰ পৰৱৰ্তী সংস্কৰণসমূহ সৰ্বাঙ্গসুন্দৰ কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকলে তেখেতসকলৰ মূল্যৱান পৰামৰ্শ, সমালোচনা আৰু দিহা পৰামৰ্শ আগবঢ়াই আমাৰ সহযোগী হ’ব।

প্ৰকাশক

গ্ৰুহিলচ্  পাব্লিশ্বিং

……………………………………………….

 

To

DOWNLOAD

 the Complete Book Click on the Link Below:

Adarsha Sabi Anka-III pdf

 

 

 

 

 

Related Search:

Leave a Reply

Your email address will not be published. Required fields are marked *