আদর্শ অসমীয়া হস্তলিপি -৪

আদর্শ

অসমীয়া হস্তলিপি -৪  

চতুর্থ  শ্ৰেণীৰ বাবে 

প্ৰস্তুতকৰ্তা

গ্ৰুহিলচ্  পাব্লিশ্বিং লিখক সমিতি 

গ্ৰুহিলচ্  পাব্লিশ্বিং

কমলপুৰ, বৰপেটা (অসম)

Adarsha Asomiya Hastalipi-IV. A Book on Assamese Handwriting Practice For Class-IV Prepared by Growhills Publishing Writers Board, edited by Growhills Publishing Editorial Board and Published by Growhills Publishing.

All Rights Reserved.

Electronic Edition

Rs: ……/- only.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying recording or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone in case it is brought to our notice. 

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ  আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৫০শতাংশই ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে, বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্ৰুহিলচ পাব্লিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা  বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্ৰুহিলচ পাব্লিশ্বিং পাঠ্যপুথি গৱেষক সমিতি’, ‘গ্ৰুহিলচ্  পাব্লিশ্বিং লিখক সমিতি’ আৰু ‘গ্ৰুহিলচ পাব্লিশ্বিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে  বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসােপক্ষ তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বানানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠনেও সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে । তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ  পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।

পাতনি

কলম বা পেঞ্চিলৰ সহায়ত হাতেৰে লিখা আখৰেই হাতৰ আখৰ। হাতৰ আখৰ হৈছে শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। হাতৰ আখৰ নিশিকাকৈ কোনোৱে প্ৰকৃত অৰ্থত শিক্ষিত বুলি দাবী কৰিব নোৱাৰে। পৃথিৱীত বৰ্তি থকা সৰহভাগ ভাষাৰ ছপা আখৰ আৰু হাতে লিখা আখৰৰ শৈলীৰ মাজত কিছু পাৰ্থক্য দেখা যায়। হাতৰ আখৰ ভাল হোৱা উচিত। মহাত্মা গান্ধীয়ে হাতৰ আখৰক শিক্ষাৰ এক প্ৰধান অংগ বুলি স্বীকাৰ কৰি নিজৰ বেয়া হাতৰ আখৰৰ বাবে আজীৱন শোক কৰিছিল। ভাল হাতৰ আখৰৰ বিশেষ গুৰুত্ব আৰু তাৎপৰ্য আছে। যেনে:

প্ৰথমতে, হাতৰ আখৰ ভাল হ’লে শিক্ষণ কাৰ্যত মনোযোগ আৰু আগ্ৰহ বৃদ্ধি পায়।

দ্বিতীয়তে,  ভাল হাতৰ আখৰে বোধধশক্তি আৰু স্মৃতি শক্তি বৃদ্ধি কৰে।

তৃতীয়তে,  ভাল হাতৰ আখৰে এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত ইতিবাচক প্ৰভাৱ পেলায়।

চতুৰ্থতে,  ভাল হাতৰ আখৰৰ অধিকাৰী ছাত্ৰ বা ছাত্ৰী এজনে অতি সোনকালে শিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

পঞ্চমতে, হীনমন্যতােবাধত ভূগি থকা ছাত্ৰ এজনে ভাল হাতৰ আখৰৰ অধিকাৰী হ’লে হীনমন্যতােবাধ ৰোগৰ পৰা প্ৰতিকাৰ পাব পাৰে।

ষষ্টতে, ভাল হাতৰ আখৰে মানসিক সন্তুষ্টি  প্ৰদান কৰে।

সেয়ে ভাল হাতৰ আখৰৰ  গুৰত্ব অনুধাৱন কৰি ইয়াক শিক্ষাৰ ‘কী-বোৰ্ড’ বুলি ক’ব পাৰি।

ইয়াতে বিশেষ লক্ষণীয় যে হাতৰ আখৰ ব্যক্তি ভেদে ভিন ভিন শৈলীৰ হয়। আজিকালি কম্পিউটাৰত আখৰৰ বহুত শৈলী পোৱা যায় যদিও সকলোবোৰ শৈলীক আদৰ্শ শৈলী বুলি আমি ক’ব নোৱাৰোঁ। কিন্তু আমি যি শৈলী অনুসৰণ নকৰোঁ কিয়, হাতৰ আখৰ ভাল হোৱা উচিত। হাতৰ আখৰ ভাল কৰাৰ বাবে বহুত অনুশীলনৰ প্ৰয়োজন যদিও ভাল হাতৰ আখৰৰ কিছুমান বৈশিষ্ট্য আছে। যেনে:

প্ৰথমতে, হাতেৰে লিখাৰ সময়ত এটা শব্দৰ ভিতৰত থকা আটাইবোৰ বৰ্ণ সংলগ্ন থাকিব লাগে।

দ্বিতীয়তে,  হাতৰ আখৰ পোন বা সোঁফালে সামান্য হেলনীয়া হ’ব লাগে। বাওঁপিনে হেলনীয়া হোৱা উচিত  নহয়।

তৃতীয়তে, হাতৰ আখৰ অতি সৰু বা অতি ডাঙৰ হ’ব নালাগে।

চতুৰ্থতে, হাতৰ আখৰ সদায় এটা শৈলীত লিখিব লাগে।

ইয়াৰ উপৰিও হাতৰ আখৰ অনুশীলন কৰাৰ সময়ত তলত উল্লেখ কৰা দিশবোৰ মানি চলা উচিত।

প্ৰথমতে, শিকাৰু এজনে তেওঁৰ ভাল লগা আৰু সহজ যেন লগা এটি আৰ্হি অনুকৰণ কৰিব লাগে।

দ্বিতীয়তে, প্ৰাথমিক স্তৰত ছাত্ৰ-ছাত্ৰীসকলে বা যিকোনো শিকাৰুৱে  কাঠ পেঞ্চিল বা ফাউন্টেইন পেন (নিব থকা কলম) ব্যৱহাৰ কৰিব লাগে। কেতিয়াও বল (ডট) পেন ব্যৱহাৰ কৰিব নালাগে।

তৃতীয়তে, অনুশীলনৰ সময়ত চাৰি-আঁচ বিশিষ্ট বহী ব্যৱহাৰ কৰিব লাগে।

চতুৰ্থতে, হাতৰ আখৰ অভ্যাস কৰোঁতে শিকাৰু এজনে চিয়াৰত বহি টেবিলৰ ওপৰত বহী থৈ আৰ্হি চাই অনুশীলন কৰিব লাগে। কেতিয়াও বিচনাৰ ওপৰত বহি তপিনাত ভৰ দি অনুশীলন কৰিব নালাগে।

পঞ্চমতে, টেবিলৰ উচ্চতা ছাত্ৰজনৰ বুকুলৈকে হ’ব লাগে। 

ষষ্টতে, পোহৰ ছাত্ৰজনৰ বাওঁপিনৰ পৰা পৰিবলৈ দিব লাগে।

সপ্তমতে, ছাত্ৰজনে ব্যৱহাৰ কৰা টেবিলখন পৰিপাটি হোৱাৰ লগতে মুকলি স্থান থাকিব লাগে। কিতাপ-পত্ৰৰে ঠাহ খাই থকা হ’ব নালাগে।

অষ্টমতে, ছাত্ৰজনে প্ৰত্যেক দিনেই হাতৰ আখৰ অনুশীলন কৰিব লাগে।

নৱমতে, ছাত্ৰজনে হাতৰ আখৰ অনুশীলন কৰাৰ সময়ত কেতিয়াও ততাতৈয়া কৰিব নালাগে।

দশমতে, ছাত্ৰজনে ধৈৰ্য ধৰি একেলেথাৰিয়ে বহুত দিন হাতৰ আখৰ অভ্যাস কৰিব লাগে।

আদৰ্শ অসমীয়া হস্তলিপি- ৪ নামৰ অভ্যাস পুথিখন চতুর্থ  শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছে। এই অভ্যাস পুথিখনত ছাত্ৰ-ছাত্ৰীসকলে চতুর্থ শ্ৰেণীত পোৱা নতুন শব্দবোৰ দিয়া হৈছে যাতে হাতৰ আখৰ অভ্যাস কৰাৰ লগে লগে এই শ্ৰেণীত পোৱা নতুন শব্দ আৰু সেইবোৰৰ বানানৰ লগতো পৰিচয় হয়। গতিকে এই অভ্যাস পুথিখন অসমীয়া বিষয়ৰ পৰিপূৰক পুথি হিচাপে গ্ৰহণ কৰা অৱশ্যই প্ৰয়োজন। হাতৰ আখৰ শিকাওঁতে শিক্ষক / শিক্ষয়িত্ৰীয়ে এটা বৰ্ণ কেইবাবাৰো ডাঙৰ ডাঙৰকৈ ব্লাকবোর্ডত লিখি বৰ্ণটো লিখোতে ক’ৰ পৰা আৰম্ভ কৰিব লাগে, কোনটো পাক বা চুক আগতে লিখিব লাগে আদি দিশ স্পষ্টকৈ বুজাই দিব লাগে। পিছত ছাত্ৰ-ছাত্ৰীক কেইবাবাৰো অনুশীলন কৰিবলৈ দিব লাগে। ভাল হাতৰ আখৰৰ তাৎপৰ্যৰ বিষয়ে প্ৰেৰণাদায়ক আলোচনাৰে ছাত্ৰ-ছাত্ৰীক ভাল হাতৰ আখৰৰ অধিকাৰী হ’বলৈ উৎসাহিত কৰিব লাগে।

শেষত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদসকলৰ পৰা গঠনমূলক সমালোচনা আৰু দিহাপৰামৰ্শ  প্ৰত্যাশা কৰিলোঁ।

প্ৰকাশক

গ্ৰুহিলচ্  পাব্লিশ্বিং

……………………………………………….

To

DOWNLOAD

 the Complete Book Click on the Link Below:

Adarsh Asomiya Hastalipi-IV pdf

 

Related Search:

Leave a Reply

Your email address will not be published. Required fields are marked *