হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

— ৰাব্বি মছৰুৰ

শিল্পী-সাহিত্যিকসকল সমাজৰ প্ৰতিনিধি স্বৰূপ। সমাজৰ বিভিন্ন বাস্তৱ দিশ শিল্পসন্মতভাৱে দাঙি ধৰাৰ ওপৰতেই সিহঁতৰ শিল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। হীৰেন ভট্টাচাৰ্য সমাজ সচেতন কবি। সেয়ে তেওঁৰ কবিতাত সমাজৰ নানান দিশ স্পষ্টকৈ ফুটি উঠিছে। তেওঁৰ কবিতাৰ পাতে পাতে, স্তৱকে স্তৱকে অসমীয়া সমাজৰ নিৰাপত্তাহীনতাৰ চিত্ৰ, বিশৃঙ্খলাৰ চিত্ৰ, শোষণৰ চিত্ৰ, সন্ত্ৰাসৰ চিত্ৰ,  মানৱতাৰ অৱক্ষয়ৰ চিত্ৰ,  কলা ধনৰ পয়োভৰৰ চিত্ৰ, অসমীয়া ৰোৱনী-দাৱনীসকলৰ চিত্ৰ আদি নানান চিত্ৰ অকনো কেনা নলগাকৈয়ে সৰল আৰু পঠনযোগ্য ভাষিক মাধুৰ্যতাৰে ফুটি উঠিছে।

অসমত আজি নিৰাপত্তাৰ অভাৱ। অসমীয়া সমাজক আজি নিৰাপত্তাহীনতাৰ ভয়ে কুহুকি কুহুকি খাইছে। দিনৰ ভাগতো জনসাধাৰণে নিৰাপত্তাহীনতাৰ ভয়ত দুৱাৰ-খিৰিকী বন্ধ কৰি শংকাতুৰহৈ বহি থাকিব লগা হয়। কবি নিজেই এই অভিজ্ঞতাৰ মুখামুখি হৈ কৈছে:

 “মই দুৱাৰ খিৰিকী বন্ধ কৰি 

দিলো। হৃদয়ৰ দীনতাৰ দাহনত

অকলে অকলে মই কান্দো:

কি যে ভয়াবহভাৱে আমি অসহায়”   (সি)

অসমত আজি কোন কাৰ হাতত নিহত হয় তাৰ কোনো ইয়ত্তা নাই। সমাজত অবাধে হত্যা লীলা চলে। কবিয়ে এই হত্যালীলাৰ দিশটোলৈ দৃষ্টি দি লিখিছে:

“মোৰ দেশৰ ক্লিষ্ট দেহত

পতাকাখনৰ জৰী গছেৰে

তেজৰ টোপাল নিগৰি পৰিছে।

 

সুদূৰত 

মোৰ পতাকাখন 

দপদপাই জ্বলিছে ………… ।”  (পতাকা)

কবিয়ে লক্ষ্য কৰিছে যে অসমীয়া সমাজৰ চিৰাচৰিত সংহতিৰ বান্ধোন ছিঙি গৈছে। ইয়াত অবাঞ্ছীতভাৱেই  বহুত কিবা কিবি ঘটি থাকে। নিমিষতে নগৰত জুই জ্বলি উঠিব পাৰে। নিমিষতে সকলো শৃঙ্খলতাক পুৰি  নিঃশেষ কৰিব পাৰে। কবিৰ ভাষাত: 

“নগৰখন নিমিষতে 

দপদপাই জ্বলি উঠিল।

ভস্মীভূত নগৰৰ

ছায়ে পুতি থলে

শেষ নিশাৰ শেঁতা জোন।”    (নিয়তি)

অসমীয়া সমাজত উচ্চ-নীচৰ ভেদ-ভাৱ ক্ৰমান্বয়ে বাঢ়ি আহিছে। দুখীয়াসকল ধনীসকলৰ শোষণৰ বলি হৈছে। কৃষক-বনুৱাই হাড়ভগা পৰিশ্ৰম কৰি পথাৰত সোণ ফলিয়ায় যদিও ধানৰ ডাঙৰি গোট খায় ডাঙৰীয়াৰ  চোতালত। কবিয়ে অতি প্ৰাঞ্জল আৰু অকনো লুক-ঢাক নকৰাকৈ এই চিত্ৰটো ফুটাই তুলিবলৈ গৈ লিখিছে:

“মেটমৰা ধানৰ ডাঙৰি 

ডাঙৰীয়াৰ চোতালত থ’লো।

এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া। 

আইজনীৰ মাকৰ গাত লেঠা, 

এই বেলি ল’ৰা এটা হ’লে ভাল হয় বৰ। 

জানাইতো খেতিয়কৰ ল’ৰাৰ

হাত বৰ চিধা।”     (লখিমী)

অসমৰ গাঁৱে-ভূয়ে, নগৰে-চহৰে, বাটে-পথে সকলোতে সন্ত্ৰাসৰ ৰাজত্ব। সন্ত্ৰাসবাদীয়ে অবাধে হত্যা কৰি আছে সহজ সৰল হোজা নাগৰিকসকলক। বনৰীয়া পশু-পক্ষীও অবাধে ধবংস-যজ্ঞৰ চিকাৰ হৈছে। কবিয়ে  এই দিশটোৰ চিত্ৰ দাঙি  ধৰিবলৈ গৈ লিখিছে:

“আহা কি নির্ভুল 

চিকাৰী হাত!

এটা বনৰ চৰাইৰ 

সাতোটা গুলিৰে 

হৰিলা মাত!

আহা! কি নিৰ্দয় 

চিকাৰী দাঁত!” (চিকাৰী)

অসমীয়া মানুহৰ হৃদয়ৰ পৰা মানৱতাবোধ কেনিবা উৰি গৈছে। মানুহবোৰ হৈ উঠিছে পৰস্পৰে পৰস্পৰৰ প্ৰতি হিংসুক আৰু নিৰ্দয়। কবিয়ে অৱক্ষয়মান মানৱতাৰ চিত্ৰ আঁকিছে এইদৰে:

“গছৰ পৰা ছাঁ 

এনেকৈ তেনেকৈ উৰি গৈছে

যেন ক’ৰবালৈ গুচি যাব …….

গছৰ পৰা ছাঁ

এনেকৈ যেনেকৈ উৰি গৈছে

যেন আন ছায়াত মুখ থৈ ক’ব:

বুকুখন মোৰ মৰুভূমি

হাতদি চোৱা তুমি: পুৰি নিব।” (ছাঁ )

ভাৰতৰ আন আন প্রদেশবোৰৰ  দৰে অসমতো কলা ধনৰ প্ৰয়োভৰে ছানি ধৰিছে । অফিচ-আদালত, গাওঁ-ভূই সকলোতে উৎকোচ  প্ৰথা যেন আইনসন্মত বেহা। কবিয়ে  এই দিশটো অৱলোকন কৰি বিপ্লৱী কণ্ঠেৰে গৰ্জি উঠিছে:

“…….. উছন গ’ল গাওঁ। নষ্ট নগৰ। 

মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ। পাপ মুদ্ৰাৰ পয়োভৰ।

হে সময়, গৰ্জি উঠা নিয়োজিত কৰা সর্বোত্তম  প্ৰতিভা।”  (সংকট দিন)

অসমীয়া সমাজ দৰিদ্ৰ-পীড়িত। গোটেই দিন পৰিশ্ৰম কৰাজনে দুবেলা দুমুঠি পেট-ভৰাই খাবলৈ নাপায়। সেয়ে কবিয়ে ভোগালীতেও লঘোণে থাকিব লগা গৰখীয়া ল’ৰাটোক উদ্দেশ্যি কৈছে:

“ভাই সময় বুজি আহিবি এদিন, ফু মাৰি চোতালত 

লগে-ভাগে খাম দুখৰ ধানৰ এসাজ ভাত।”

(গৰখীয়া ল’ৰাৰ গীত শুনি)

অসমীয়া তিৰোতাসকলে পথাৰত পুৰুষৰ সমানে কঠিয়া ৰুৱা আনকি ধান দাৱনিৰ কামো কৰে পুৱাৰ পৰা সন্ধিয়ালৈকে অথচ সিহঁতৰ পেট উদং। কবিয়ে লিখিছে:

“শস্যৰ সময়। ৰোৱনীৰ ভৰি উঠে বুকু!

বেলি বুৰ দিবলৈহে পালে

ধানৰ শীহে- শীহে সুহুৰি বজাই বৈ গ’ল

বতাহৰ নিছিগা ধাৰ।

সাঁজৰ এন্ধাৰে মোৰ বাহুত মূৰ থৈ

যিমানলৈ চাব পাৰে চালে:

ৰোৱনীৰ ধুক্ ধুক্ বুকুৰ শব্দই শব্দই কঁপি উঠে

গোটেই পথাৰ।” (পথাৰ)

উপৰি উক্ত আলোচনাৰ পৰা দেখা গ’ল যে কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজৰ প্ৰায় প্ৰতিটি দিশেই মূৰ্তমান হৈ ধ’ৰা দিছে। তেওঁৰ যিকোনো কবিতা সংকলনৰ  পাত লুটিয়ালেই কবিৰ যুগৰ অসমীয়া সমাজৰ সম্পূৰ্ণ পৰিচয় পাব পাৰি। সেয়ে ক’ব পাৰি হীৰেন ভট্টাচাৰ্যৰ কবিতাবোৰ বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া সমাজৰ বিভিন্ন দিশৰ ফটোৰ চলন্ত চিত্ৰহে।0 0 0

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

 

Leave a Reply

Your email address will not be published. Required fields are marked *