হীৰেন ভট্টাচাৰ্যৰ কবিতা ‘মোৰ দেশ’- এক বিশ্লেষণ

— ৰাব্বি মছৰুৰ

বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া কাব্য শিল্পক প্ৰতিনিধিত্ব কৰা আৰু কাব্যমোদী পাঠকৰ হৃদয়-মন জয় কৰা সৰ্বজন বিদিত অসমীয়া কবিজনৰ নাম হীৰেন ভট্টাচাৰ্য। কবি হীৰেন ভট্টাচাৰ্য মূলতঃ প্ৰেমৰ কবি- প্ৰেম বাৰিধিত অনাবিল প্ৰেমৰ মুখামূখি হৈ উঠি ভাঁহি যাব নোৱাৰাৰ বেদনাত ক্লান্ত তেওঁৰ প্ৰেমানুভূতি। স্বদেশপ্ৰেম, প্ৰকৃতি প্ৰেম আৰু মানৱ প্ৰেম তেওঁৰ কবিতাত প্ৰকাশ পোৱা প্ৰেমৰ তিনিটা প্ৰধান সুঁতি। প্ৰেমৰ এই তিনিটা সুঁতিৰ ভিতৰত যি সুঁতিটিয়ে সকলো বাধা-বিঘিনী অতিক্ৰমি প্ৰেম সাগৰৰ অতল থলি পাইছেগৈ সেই প্ৰেম সুঁতিটোৰ নাম স্বদেশপ্ৰেম। কবি হীৰেন ভট্টাচাৰ্যই বহুতো স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছে যদিও সেইবোৰৰ ভিতৰত ‘মোৰ দেশ‘ শিৰোনামেৰে লিখা কবিতাটি  এক অনন্য উৎকৃষ্ট স্বদেশপ্ৰেমমূলক কবিতা যি কবিতাটিৰ মাজেদি কবি ভট্টাচাৰ্যই তেওঁৰ হৃদয় মানসত স্বতঃস্ফূর্তিভাবে জাগি উঠা স্বদেশপ্ৰেমৰ অকপট উচ্ছ্বাস সহজ, সৰল, বাস্তৱধৰ্মী ফটফটীয়া কল্পচিত্ৰৰ সহায়ত হৃদয়-মন আলোড়িত কৰিব পৰা স্পন্দিত  ছন্দত ৰচনা কৰিছে।

কবিতাটি পাঁচোটা অনুচ্ছেদত বিভক্ত। প্ৰথম অনুচ্ছেদৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ কাব্যিক অনুভৱ প্ৰকাশ কৰিছে। কবিৰ মতে তেওঁৰ স্বদেশপ্ৰেমৰ অনুভূতি তেওঁৰ অন্তৰাত্মাৰ লগতে তেওঁৰ বাহ্যিক ক্ৰিয়াকাণ্ডৰ লগতো জড়িত। সেয়ে তেওঁৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই স্বদেশৰ সোণোৱালী ভৱিষ্যতৰ ইঙ্গিত বহন কৰে। তেওঁৰ জীৱনৰ আঁহে- আঁহে, যৌৱনৰ কোঁহে-কোঁহে সেই সোণোৱালী সপোনৰ কলৰোল বাজি উঠিছে। কবিৰ ভাষাতঃ 

“মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ- সোণোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আঁহে- আঁহে 

মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল।”

দ্বিতীয় অনুেচ্ছদত কবিয়ে বিদেশত থকা সময়খিনিত স্বদেশৰ প্ৰতি উদয় হোৱা প্ৰাণৰ আকৰ্ষণ প্ৰকাশ কৰি কৈছে যে তেওঁ বহুতো দেশ ভ্ৰমণ কৰিছে। বহু দেশৰ অৰঙে-দৰঙে বহু বন্ধুৰ হাতত ধৰা-ধৰিকৈ ঘূৰি ফূৰিছে। কেতিয়াবা খেজুৰ তলত, কেতিয়াবা সাগৰ পাৰত অথবা পাহাৰৰ তলিত খন্তেক জিৰণি লৈছে কিন্তু ক’তো যেন তেওঁ শান্তি পোৱা নাই। সেয়ে আকৌ যাত্ৰা কৰিছে যি যাত্ৰাৰ শেষ কবিৰ স্বদেশ। অৰ্থাৎ কবিৰ স্বদেশখনেই  হৈছে কবিৰ সৰ্বশেষ আশ্ৰয়। কবিৰ ভাষাতঃ

“দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে

মই ঘূৰিছো। বহু বন্ধুৰ স’তে হাতে-হাতে হাত ধৰি ফুৰিছো। 

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰ তলিত ক্ষন্তেক জিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ 

কথা পাতিছো। তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা।”

কবিয়ে কেৱল কাব্যিক আৱেগৰ তাড়ণাতেই যে স্বদেশক ভাল পায় তেনে নহয়; কবিয়ে স্বদেশক প্ৰাণ ভৰি ভালপোৱাৰ বৈষয়িক কাৰণো আছে। তৃতীয় অনুচ্ছেদত কবিয়ে নিজৰ দেশক ভালেপাৱাৰ এই কাৰণবোৰ উল্লেখ কৰি কৈছে  যে স্বদেশৰ মাটিয়ে কবিক ভালপোৱাৰ আনন্দ দিয়ে, দিয়ে যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ। স্বদেশৰ প্ৰতিটো পুৱাই আৰু প্ৰতিটো সন্ধিয়াই কবিৰ জীৱনলৈ  ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু স্নিগ্ধ ফুলৰ সুভাস কঢ়িয়াাই আনে। আনকি প্ৰতিটো  ঋতুৱে কবিক দিয়ে  জীৱনৰ আশীৰ্বাদ। কবিৰ ভাষাতঃ

“এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ। 

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুভাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ।”

কবি অকল নিজৰ বাবে জীয়াই থকাৰ পক্ষপাতী নহয়। তেওঁ জীয়াই আছে আৰু জীয়াই থাকিব স্বদেশৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধনৰ বাবে । কবি ভট্টাচাৰ্যই চতুৰ্থ অনুেচ্ছদত তেওঁ জীয়াই থকাৰ কাৰণবোৰ উল্লেখ কৰি কৈছে যে কবিৰ অস্তিত্ব দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত। কবি নিজৰ দেশৰ বাবে ৰণুৱা, বনুৱা, হালোৱা সকলোৰে মাজত সাৰ্বজনীনভাবে বিৰাজমান। কবি জীয়াই আছে অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনাৰ প্ৰতীক হৈ। কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে স্বদেশৰ আহ্বান  শুনিছে আৰু শত্ৰু-মিত্ৰ সকলোকে জয় কৰি শান্তিৰ পাৰ চৰাইক আঁজলি ভৰাই ভঁৰালৰ এমুঠি ধান দি শান্তিৰ প্ৰতি কবিৰ গভীৰ আস্থা প্ৰকাশ কৰিছে। কবিৰ ভাষাত :

“এই দেশৰ বাবে  মই জীয়াই আছো। এই দেশৰ বাবে  মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰুণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো- মোৰ দেশৰ বাবে । অনৈক্যৰ

মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো।

জীৱনে-মৰণে, শয়নে-সপোনে  এই দেশৰ আহ্বান মই শুনিছো।

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছো। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে 

জিনিছো। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছো- ভঁৰালৰ 

এমুঠি ধান, পৰাণৰ একোটি গান।

আৰুতো মোৰ একো নাই।”

পঞ্চম অনুেচ্ছদত কবিয়ে কৈছে যে স্বদেশৰ প্ৰতি থকা প্ৰেমানুভূতিয়ে তেওঁক ক্ৰমে আদৰ্শৰ পৰা শ্রেষ্ঠতম আদৰ্শলৈ আগুৱাই লৈ গৈ আছে। কবিৰ ভাষাত:

“মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ  উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ 

কঠিন পৰ্বত-মূললৈ…..”

কবিতাটি গদ্য ছন্দত ৰচিত যদিও এই গদ্য স্বতঃ স্ফূৰ্ত স্পন্দন যুক্ত। প্ৰতিটো শাৰী উচ্চাৰণ কৰাৰ লগে লগে হৃদয় আৰু মন দুয়ো তন্ত্ৰীত আলোড়ণ জাগি উঠে আৰু হৃদয়-মন অজান আনন্দ আৰু আবগেৰে পুলকিত হৈ নাচি উঠে।

কবিতাটিৰ ভাষা আৰু শব্দ চয়ন সৰল আৰু সাৱলীল। অৱশ্যে কবিয়ে কিছুমান ঘৰুৱা শব্দ প্ৰয়োগ কৰিও কবিতাটিৰ সাৰ্বজনীন আবেদন বৃদ্ধি কৰিছে। ‘আঁহে-আঁহে’, ‘কোঁহে-কোঁহে’, ‘অৰেঙে-দৰঙে হাতে-হাতে’ ইত্যাদি নিশ্চয় বহুলভাবে  ব্যৱহাৰ হোৱা ঘৰুৱা অনুকাৰ আৰু অনুৰূপ শব্দ।

কবিতাটি কল্পচিত্ৰ সৰ্বস্ব যদিও কল্পচিত্ৰবোৰ জটিল সাহিত্যিক মেৰপাকত দুর্বোধ্য নহৈ সহজ আৰু ঘৰুৱা হৈ পৰিছে। কবিতাটিৰ দ্বিতীয় অনুচ্ছেদটি ঘৰুৱা আৰু বাস্তৱ কল্পচিত্ৰৰ উৎকৃষ্ট উদাহৰণ।

অসমীয়া ভাষাত স্বদেশপ্ৰেমৰ কবিতা তাকৰ যদিও যিকেইটা উৎকৃষ্ট দেশপ্ৰেমমূলক কবিতা আছে সেই কেইটাৰ ভিতৰত হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামাৰ এই কবিতাটি এক উল্লেখযোগ্য দেশপ্ৰেমমূলক কবিতা। স্বদেশপ্ৰেমৰ দৰে প্ৰশংসনীয় প্ৰসংগ, সহজ সৰল শব্দ বিন্যাস, উচ্চ স্তৰৰ স্পন্দিত ছন্দৰ প্ৰয়োগ আৰু বাস্তৱ কল্পচিত্ৰৰ ব্যৱহাৰত কবিতাটি ইমানেই সাৰ্বজনীন আৰু আবেদনশীল হৈ উঠিছে যে এই কবিতাটি অসমীয়া ভাষাত কবি হীৰেন ভট্টাচাৰ্যৰ হৃদয়াকাশত উদয় হৈ কাপৰ মুখেদি নিগৰিত হোৱা এটি অনন্য আৰু উপমাহীন শ্ৰেষ্ঠতম দেশপ্ৰেমমূলক কবিতা।

অৱশেষত কব পাৰি যে ১৯৬২ চনত ৰচিত কবি হীৰেন ভট্টাচাৰ্যৰ এই কবিতাটি ইমানেই পঠনযোগ্য আৰু সাৰ্বজনীন আবেদনময়ী যে অসমীয়া ভাষা থাকে মানে এই কবিতাটিয়ে অসমীয়া কাব্যপ্ৰেমী পাঠকৰ হৃদয়-মনত দোলা দি থাকিব। 0 0 0

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

  

Leave a Reply

Your email address will not be published. Required fields are marked *