হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

— ৰাব্বি মছৰুৰ

যেতিয়া কোনো এক প্ৰাণী, বস্তু বা চিহ্নই এইটোৰ সাধাৰণ অৰ্থৰ উপৰিও আন কিবা অৰ্থ বা তাৎপৰ্য বুজায়, তেতিয়া সেই প্ৰাণী, বস্তু বা চিহ্নক ‘প্ৰতীক‘ (Symbol) বুলি কোৱা হয় । সহজ কথাত প্ৰতীক হৈছে কেনো এটা বস্তু যিটোৱে অইন কিবা বুজায়। সাহিত্যত প্ৰতীকৰ ব্যৱহাৰ কোনো নতুন বস্তু নহয়।  প্ৰাচীন ভাৰতীয় সাহিত্যিকসকলে প্ৰকৃতিৰ কিছুমান বস্তুক নিৰ্দিষ্ট কিছুমান অৰ্থ বা তাৎপৰ্য প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু তেনেবোৰ বস্তুৰ সংখ্যা নিচেই কম আছিল আৰু সিবিলাকৰ প্ৰতীকি অর্থবোৰ আছিল গতানুগতিক আৰু নিৰ্দিষ্ট। সেইবোৰৰ  ব্যৱহাৰ পৰম্পৰাগতভাৱে সাহিত্যত চলি আহিছিল। যেনে -‘সূৰ্য’ পোহৰৰ প্ৰতীক ‘বাঘ’ বা ‘সিংহ’ হিংস্ৰতাৰ প্ৰতীক। তেনেবোৰ প্ৰতীকক পৰম্পৰাগত প্ৰতীক (Traditional Symbol) বুলি ক’ব পাৰি।  কিন্তু ১৮৫৭ চনত ফৰাচী শিল্প সাহিত্যত প্ৰতীকবাদৰ আন্দোলন আৰম্ভ হয়। ফলস্বৰুপে  ‘প্ৰতীকবাদী সাহিত্য’ নামেৰে এক স্বতন্ত্ৰ সাহিত্য-শাখাৰ সৃষ্টি হয়।  তেনেবোৰ সাহিত্যত প্ৰতীকৰ বহুল আৰু উভৈনদী  ব্যৱহাৰ লক্ষণীয়। এই আন্দোলনে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ইউৰোপৰ শিল্প-সাহিত্যক প্ৰভাৱিত কৰাৰ লগতে সাহিত্যৰ গতিও সলনি কৰে। এই প্ৰভাৱ কবিতাৰ ওপৰতো সণ্ঢালনিকৈ পৰিবলৈ আৰম্ভ কৰে। এই প্ৰতীকবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হোৱা কবি সাহিত্যিকসকলে  পৰম্পৰাগতভাৱে চলি অহা প্রতীকবোৰৰ বাহিৰেও গাইগুটিয়াকৈ যাৰ যি ইচ্ছা তেনেকৈয়ে নতুন নতুন তাৎপৰ্যৰ সৈতে নতুন নতুন প্ৰতীকৰ জন্ম দিয়ে।  এটা বস্তুই বিভিন্ন শিল্পী সাহিত্যিকৰ শিল্পত বিভিন্ন অৰ্থত ব্যৱহাৰ হ’বলৈ ধৰে। ফলত প্ৰতীকৰ আন এটি শাখাৰ জন্ম হয় যি শাখাক  ‘ব্যক্তিগত প্ৰতীক’ (Personal Symbol) বুলি ক’ব পাৰি। বিংশ শতাব্দীৰ অসমীয়া কাব্য সাহিত্যতো এই প্ৰতীকবাদৰ  প্ৰভাৱ পৰে। অসমীয়া কবিসকলৰ ভিতৰত নীলমণি ফুকন, নৱকান্ত বৰুৱা, অজিত বৰুৱা আদি কবি সকলৰ কবিতাত এই প্ৰতীকবাদৰ প্ৰভাৱ অতি স্পষ্ট। বিংশ শতাব্দীৰ শেষৰ পাঁচোটা দহকত যিজন কবিয়ে অসমীয়া কাব্য সাহিত্যৰ মঞ্চত কবিতা-প্ৰিয় পাঠকৰ মন-প্ৰাণ মোহিত কৰি ৰাখিছে সেইজন কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাতো  প্ৰতীকৰ সণ্ঢালনি প্ৰয়োগ দেখা যায়।  কিন্তু তেওঁ ব্যৱহাৰ কৰা সৰহভাগ প্ৰতীকেই পৰম্পৰাগত; ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰৰ সোৱাদ তেওঁৰ কবিতাত কমেই পোৱা যায়। ভট্টাচাৰ্যই তেওঁৰ কবিতাত পোহৰ আৰু অন্ধকাৰ, আশা আৰু নিৰাশা বা শান্তি আৰু অশান্তি আদি বুজাবলৈ নানান প্ৰতীকৰ  ব্যৱহাৰ কৰিছে। কবিয়ে নীলা ৰং, ছাঁ, ফুল, চৰাই, সূৰ্য আদিক পোহৰ  আৰু শান্তিৰ প্ৰতীক আৰু বসন্ত, সাপ, বৰ্ষা, ৰাতি আদিক অশান্তি, বিশৃঙ্খলতা, এন্ধাৰ আদিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে।

কবিয়ে ‘আশ্ৰয়’ শিৰোনামাৰে লিখা কবিতাত ‘নীলা’ ৰংটো শান্তিৰ প্ৰতীক হিচাপে গ্রহণ কৰি লিখিছে:

“এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলো। 

সেই দেশৰ হৃদয় জুৰি আছিল তাৰকা খচিত

উজ্জ্বল নীলা এখন পতাকা।”  (আশ্ৰয়)

কবিয়ে ব্যৱহাৰ কৰা পোহৰ বা শান্তি বা আশাৰ আন এটি প্ৰতীক হৈছে ‘ছাঁ’।  কবিয়ে লক্ষ্য কৰিছে যে সমাজৰ পৰা ছাঁ’ অৰ্থাৎ  শান্তি বা নিৰাপত্তা ক্ৰমান্বয়ে আঁতৰি আছে। তেওঁ কৈছে:

“গছৰ পৰা ছাঁ

পাতৰ পৰা ছাঁ

ছাঁ মাটিৰ পৰা

উৰি গৈছে।”  (ছাঁ)

কবিয়ে বৰ্তমান অৱক্ষয়মান সমাজৰ চিত্ৰ দাঙি ধৰিবলৈ অৰ্থাৎ সমাজৰ এন্ধাৰ ফালটো উদংকৈ দেখুৱাবলৈ  কিছুমান প্ৰতীক ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত  ‘কুঁৱলি’ক এন্ধাৰ অৰ্থত ব্যৱহাৰ কৰি কবিয়ে লিখিছে:

“কালি ৰাতি খুব কুঁৱলী পৰিছিল।

পাহাৰ তলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই গাই আকাশখনক কন্দুৱাইছিল।”

বসন্ত ঋতু সাধাৰণতে আনন্দৰ প্ৰতীক হিচাপে পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে যদিও কবিয়ে বসন্ত ঋতুক দুখ বা মৃত্যুৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।  এয়া কবি মনৰ নতুনত্ব নহয; ই সামাজিক পৰিস্থিতিৰহে  পৰিবৰ্তন।  কবিয়ে কৈছে যে বসন্ত ঋতুত শান্তি আৰু সৌন্দৰ্যৰ পৰিৱৰ্তে হত্যা, মৰা-মৰি আদিৰহে ৰাজত্ব চলে। কবিৰ ভাষাত:

“এতিয়া বসন্ত কাল

‘ফুলতকৈ কাঁইটেই ভাল’

এই বুলি কৈ মোৰ কোলাত 

আহি পৰিল

তেজ ৰঙা বুলবুলি এহাল।”  (বসন্তৰ স্তৱক)

বৰ্তমান সমাজ আৰু সমাজৰ গতিশীলতাক কবিয়ে সাপৰ প্ৰতীকেৰে বুজাবলৈ চেষ্টা কৰি কৈছে যে সমাজখনৰ লগতে কবিয়েও মৃত্যুৰ গৰাহলৈকে আগবাঢ়ি  গৈ আছে। কবিৰ ভাষাত:

মই এন্ধাৰ সোপানেৰে

গৈ আছোঁ গোপনে-গোপনে

গৈ আছোঁ ……..

সমুখত 

আকবাক এডাল সাপ।

আৰু এটা ঢাপ

আৰু এটা মাথোন ঢাপ ……….

পাৰ হ’ম

বগা- ক’লা পাহ কটা সাপ।”  (এন্ধাৰত সাপ)

অসমৰ বৰ্ষা ঋতুটো দুখ-দুৰ্দ্দশা আৰু হতাশা-নিৰাশাৰ প্ৰতীক। কবিয়ে বৰ্ষাক পৰম্পৰাগত প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰি লিখিছে:

“শাল বনেৰে বৈ  আছে বতাহৰ

কুল কুল বাঁহী।

বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,

বুকু ভৰি থাকে দুখ, দুখৰ সৰল হাঁহি।”  (বৰ্ষা)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ আছে যদিও কবি নীলমণি ফুকন বা নৱকান্ত বৰুৱাৰ দৰে প্ৰতীক সবৰ্বস্ব কবি তেওঁ নহয়। তেওঁ সমাজৰ কবি, সমাজবাদৰ প্ৰতিনিধিত্বশীল কবি।  তেওঁৰ সমসাময়িক অসমীয়া সমাজৰ অৱক্ষয়মান দিশটো জনসাধাৰণৰ আগত দাঙি ধ’ৰাই তেওঁৰ কবিতাৰ উদ্দেশ্য। সেয়ে আন আন প্ৰতীকবাদী কবিসকলৰ দৰে বিশৃঙ্খল প্ৰতীকৰ দুর্বোধ্যতাৰ   পৰা তেওঁৰ কবিতা মুক্ত। ০ ০ ০

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *