হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস

হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস

— ৰাব্বি মছৰুৰ

মানৱ জীৱনটো জন্মৰ পৰা মৃত্যুলৈকে কাৰুণ্যৰ এক নিৰৱচ্ছিন্ন প্ৰৱাহ মাথোন। মানৱ শিশু এটাই জন্মৰ সময়তে কান্দি কান্দি চকুলোৰে তিতি ভূমিষ্ট হয় আৰু মৃত্যুৰ সময়তো বহুতো পোৱা আৰু নোপোৱাৰ বেদনা বুকুত সাবটি প্ৰজন্মক কন্দুুৱাই মৃত্যুত শৰণ লয়। দেখা যায় মানৱ জীৱনে কেতিয়াও কান্দোনৰ পৰা হাত সাৰিব নোৱাৰে।  জন্মৰ সময়ৰ কান্দোন আৰু  মৃত্যুৰ সময়ত প্ৰজন্মক কন্দুৱাই যোৱাটোক যদিও আমি সহজাত বা স্বাভাৱিক বুলি কওঁ তথাপি এই জন্ম আৰু মৃত্যুৰ সময়ছোৱাত মানুহে  নকন্দাকৈ থাকিব নোৱাৰে। বাঞ্চিত বা অবাঞ্চিতভাবেই মানুহৰ কাৰুণ্য বা কান্দোনৰ বিভাৱ (substantial /cause of pathos) ধ’ৰা দিয়ে। কিন্তু এই কান্দোনৰ বাহ্যিক, আনুভূতিক, সামাজিক বা মানসিক কাৰণ থাকে। মানৱ জীৱন বহুতো পোৱা আৰু নোপোৱাৰ স’তে অবিৰতভাবে চলা সংগ্ৰামৰ সমষ্টি। সেয়ে মানৱ জীৱনত কাৰুণ্য অৱধাৰিত। কিছুমান কাৰুণ্য বা কান্দোন সমাজৰ পৰা  কোনো ব্যক্তি বা ব্যক্তিসমষ্টিৰ ওপৰত জাপি দিয়া হয়।  উদাহৰণ হিচাপে উনুকিয়াব পাৰি বৰ্ণ বৈষম্য  বা ধৰ্ম বৈষম্যৰ বাবে এক ধৰ্মৰ মানুহে আন এক ধৰ্মৰ মানুহৰ ওপৰত চলোৱা বৈষম্যমূলক আচৰণ বা নিৰ্যাতন।  আন এক কাৰণ হ’ল -মানসিক কাৰণ। মানুহে জীৱনত বহুত কিবা-কিবি পোৱাৰ হাবিয়াস কৰে।  কিন্তু তাৰ ভিতৰত যি পায় তাক এৰি  যি নাপায় তাৰ বাবে নৈৰাশ্য বা দীৰ্ঘ নিশ্বাসত ভূগে।পৰিণাম স্বস্বৰূপে অবাঞ্চিতভাৱেই কাৰুণ্যই মন আৰু শৰীৰত বাঁহ বান্ধে, চকুত চকুলোৰ সোঁত বয়।  গতিকে দেখা যায় যে কোনো মানুহেই কাৰুণ্যৰ পৰা হাত সাৰিব নোৱাৰে।  কিন্তু এই কাৰুণ্যক কিছুমান মানুহে  ভাগ্যৰ লিখন বুলি  কপালক ধিয়াই জীয়াই থকাৰ প্ৰেৰণা আৰু কৰ্তব্যনিষ্ঠাক পাহৰি  হা-হুতাশত দগ্ধ হৈ দুর্বিব্হ  জ্বালা-যন্ত্ৰণা বুকুত লৈ জীৱন কটায়। আন কিছুমান মানুহে এই কাৰুণ্যক বা জীৱনৰ বিফলতাসমূহক সাবটি বহি নাথাকি নৱ উদ্দীপনা আৰু কৰ্তব্য নিষ্ঠাৰে  জীৱন পথত অগ্ৰসৰ হয়। এইসকল লোকেই জীৱনত সফলতা অর্জন কৰে আৰু বালিৰ  পৰা সোণৰ চেকুৰা বিচাৰি লয়। 

সাহিত্য হৈছে সমাজৰ দাপোণ । মানৱ সমাজ তথা মানৱ আচৰণ আৰু মানৱ চৰিত্ৰ সাহিত্যত প্ৰতিফলিত কৰাই যিহেতু সাহিত্যিকৰ ধৰ্ম সেয়ে সাহিত্যত মানৱ জীৱনৰ হতাশা, নিৰাশা, কান্দোন, দুখ-দুৰ্দ্দশা ফুটি উঠাটো সাহিত্যৰ স্বাভাৱিক ধৰ্ম আৰু যিসকল সাহিত্যিকে এইবোৰ বাস্তৱ দিশ সাহিত্যত ফুটাই তুলিব পাৰে, সেইসকল সাহিত্যিকেই সফল সাহিত্যিক হিচাপে জনসাধাৰণৰ আপোন হয়। বিশ্বৰ কালজয়ী সাহিত্য অধ্যয়ন কৰিলে দেখা যায় যে  সেইবোৰ মানৱ জীৱনৰ দুখ-দুৰ্দ্দশা, হাঁহি-কান্দোনৰ প্ৰতিচ্ছবিহে। সাহিত্যিকে যেতিয়া এই দুখ-কষ্ট, জীৱনত পোৱা-নোপোৱাৰ হা-হুতাশ সাহিত্যত কলাত্মকভাৱে ফুটাই তোলাত সমৰ্থ হয় তেতিয়া সি কৰুণ ৰসত পৰিণত হয়। হাঁহিতকৈ কান্দোনেহে  মানৱ মনৰ অনুভূতিক গভীৰভাবে আৰু স্থায়ীভাবে প্ৰভাৱিত কৰে। সেয়ে সাহিত্যত কৰুণ ৰসৰ সোৱাদ লোৱাৰ প্ৰতি মানুহৰ এক সহজাত প্ৰৱণতা আছে।

আধুনিক যুগ হতাশা আৰু নিৰাশাৰ যুগ, নোপোৱাৰ বেদনাৰে জৰ্জৰিত হোৱা নৈৰাশ্যৰ যুগ, চকুলোৰে জীৱনত বাট তিয়াই জীৱন বাটৰ সৈতে চলোৱা সংগ্ৰামৰ যুগ। এক কথাত প্ৰকাশ কৰিবলৈ গ’লে আধুনিক যুগ হৈছে কাৰুণ্যৰ যুগ। কবি সাহিত্যিকসকলে সমাজৰ এই কাৰুণ্যময় দিশটো ফুটাই তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই যদিও সাহিত্যত মানৱ জীৱনৰ কৰুণতাক বা কাৰুণ্যৰ দিশবোৰ ফুটাই তোলাত কিছু সংখ্যক সাহিত্যিকেহে সফল হৈছে। বিংশ শতাব্দীৰ যিসকল কবিৰ  কবিতাত সমাজ তথা মানৱ জীৱনৰ কাৰুণ্যময় দিশটো  ফুটি উঠি কৰুণ ৰসলৈ উন্নীত হৈছে সেইসকল কবিৰ ভিতৰত কবি হীৰেন ভট্টাচাৰ্য অন্যতম। তেওঁৰ কবিতাত ব্যক্তিগত জীৱনৰ হা-হুতাশ, দুখ, শোক আদি কৰুণ দিশবোৰ ফুটি উঠাৰ লগে লগে সমাজৰো কাৰুণ্যময় দিশৰ প্ৰতিফলন ঘটিছে।  কিন্তু তেওঁৰ কৰুণ ৰসৰ অভিব্যক্তি উগ্ৰ নহয়, ই নমনীয়। কবিয়ে জীৱনৰ হাঁহি-কান্দোনত ভাগি পৰি কৰ্তব্য পথৰ পৰা বিচলিত নহৈ কাৰুণ্যক সহজভাৱে গ্ৰহণ কৰি জীৱনৰ বাটত অগ্ৰসৰ হৈছে। অৰ্থাৎ তেওঁৰ মতে কৰুণতা জীৱনৰ কৰ্তব্য পথত অন্তৰায় নহয়; ই কৰ্তব্য পথত সবল প্ৰেৰণাহে।

কৰুণতা কবিৰ বাবে চাৰিও দিশৰ পৰা আগুৰি ধৰিব পৰা এক শক্তিহে। কবিয়ে কিন্তু এই কাৰুণ্যক অভিশাপ দি আঁতৰ কৰিব বিচৰা নাই। তেওঁ সেই কাৰুণ্যক সহজে মানি লৈ তাৰ পৰা নৱ সৃষ্টিৰ প্ৰেৰণাহে লাভ কৰিছে। তেওঁ কৈছে:

“মেঘৰ মাজেৰেও 

বগাই আহে 

সোণোৱালী সাপ!

সহজ কথাত:

দুৰ্যোগৰ দুর্বিপাকেই 

মোৰ বহাগ।

মোৰ সমস্ত সত্বাক 

আহত কৰি

বাজি উঠে তাৰ ৰাগ।” (কতনা বহাগ)

কবিয়ে বুজি পায় যে কাৰুণ্যক কোনেও লগ নোপোৱাকৈ থাকিব নোৱাৰে। তেওঁ  আৰু জানে যে ব্যৰ্থতাই মানৱ জীৱনলৈ অন্ধকাৰ অৰ্থাৎ কাৰুণ্য নমাই আনে। কবিৰ ভাষাত:

“ব্যৰ্থতাৰ আন নাম কি

মই নেজানো, হয়তো

এখন অনুজ্জ্বল 

আকাশ।”  (ব্যৰ্থতা)

কাৰুণ্যক  গ্ৰহণ কৰিব পৰা জনৰ বাবে কাৰুণ্য এক অমোঘ মন্ত্ৰ; ই মানৱ হৃদয়ক  ধুই পখালি নিকা কৰে। কবিয়ে কৈছে:

“মই সুধিছিলো 

দেৱতাৰ মন্দিৰৰ বাট কেনি

তাই আগবঢ়াই  দিলে 

চকুলোৰে সেমেকা হাতখনি।” (কৰুণ হাত)

কবি ভট্টাচাৰ্যই যিকোনো দুখ বহন কৰিবলৈ সাজু। সেয়ে তেওঁ কৈছে:

“যি দুখকেই দিয়া

মই বহন কৰিব পাৰো সেই দাহন।

অটল কৰ্ষিত অমৰ্ত্যৰ মাটিৰে

পূৰ্ণ মোৰ অবাক অৱগাহন।” (জোনাকী মন)

কবিয়ে কাৰুণ্য অৰ্থাৎ দুখক এৰাই চলিব পৰা নাই; যিমানেই সুখৰ ফুলনিলৈ হাত আগবঢ়ায় সিমানেই সি হুলৰ আঘাত পায়। তথাপি কবি কাৰুণ্যত ভাগি পৰা নাই। তেওঁ দুখক ‘ভালপোৱা’ বুলি গ্ৰহণ কৰি লৈছে। কবিৰ ভাষাত:

“গোঁৱাৰ মৗমাখিটোৰ দৰে

উৰি গৈ বাৰে বাৰে ফুল বুলি হুলতেই পৰে

মোৰ দুখ, মোৰ ভালেপাৱা।”

(জোনাকী মন)

কবিৰ বাবে দুখ সহজ আৰু সুনিশ্চিত। সেয়ে কবিয়ে নিজৰ দুখৰ স্বৰূপৰ বিষয়ে কৈছে:

”সহজ এন্ধাৰ, সহজতৰ মোৰ সহজাত দুখ,

প্ৰকৃততে দুখবোৰ সজ, সহজ আৰু সুনিশ্চিত।”

(জোনাকী মন)

কবিয়ে দুখত ভাগি নপৰি দুখৰ মাজতেই ভৱিষ্যতৰ সোণালী সপোন ৰচনা কৰিছে। কবিয়ে কৈছে:

“দুখৰ মাটিত মই শুই আছো:

শিতানত মোৰ সপোনৰ সঁচাৰ কাঠি,

মেহগনি ৰঙৰ আকাশখনত এখুজি দুখুজি

খোজ গণি গণি ৰাতি

দেও দি আহে ৰূপালী ৰঙৰ

হৰিণা পোৱালি।”  (জোনাকী মন)

কবিয়ে দুখৰ সংগ্ৰাম কৰি কৰিয়েই জীৱনৰ বাটত আগবাঢ়ি আছে । এই সংগ্ৰামেই তেওঁৰ আনন্দ; হাৰ জিতৰ কোনো প্ৰশ্ন নাই। সেয়ে কবিয়ে ক’ব পাৰিছে:

“মই দুখৰ লগত খেলো

জিকোৱেই বা হাৰো

অবিচলিত মোৰ আনন্দ।” (স্বপ্নৰ স’তে)

বিষাদৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। ই স্বতঃস্ফূৰ্তভাবে  বন্ধুৰ দৰে আগবাঢ়ি আহে কবিৰ নিচেই কাষলৈ:

”কেতিয়াবা যে বিষাদ

জীৱনৰ ইমান কাষ চাপি আহে বন্ধুৰ  দৰে

ম্লান হাতত তাৰ অন্য পাণ্ডুলিপি।” (অন্য পাণ্ডুলিপি)

কবিয়ে বিষন্নতাক আঁতৰি যাবলৈ কোৱা নাই। তেওঁ বিষন্নতাক অভিনন্দনহে জনাইছে:

“বিষণ্ণতা!

মোক নিৰ্ভৰ কৰা

এনেকৈয়ে গালে মুখে হাত দি বহি নেথাকিবি,

মোৰ মন মৰি যায়।”  (বিষণ্ণতা প্ৰমুখ অন্যান্য)

কবিৰ সুখৰ কোনো প্ৰতিদ্বন্ধী নাই; নাই দুখৰো। কবিয়ে কৈছে:

“কবিতা নামৰ স্তব্ধতাত মোৰ শুকান ওঁঠ

মোৰ সুখৰ কোনো প্ৰতিদ্বন্ধী নাই

দুখৰো।”    (গানৰ দীঘল সুৰ)

কবিয়ে জীৱনত অনেক ৰং-বিৰঙৰ স্বপ্ন ৰচনা কৰিছিল যদিও স্বপ্নবোৰ অকল স্বপ্ন হৈয়ে থাকিল। সেয়ে কবিয়ে সকৰুণ কণ্ঠে চিয়ঁৰি  উঠিছে:

“ৰক্তস্ৰাৱী  হৃদয়ৰ সোনোৱালী ছাঁ

ক্ৰমে সৰ্পিল ৰেখা হৈ

আকাশৰ ইফালে সিফালে বগাই গৈছে।

যৌৱনৰ স্তম্ভিত স্তূপত

থিয় দি মই ভাবিছো:

এদিন মেঘ হ’ব খুজিছিলো।” (ধুমুহা)

কবিৰ কৰুণতা কেৱল নিজৰ পৰাই উদ্ভৱ হোৱা নাই; দেশৰ অৱক্ষয়মান অস্থিৰ অৱস্থাৰ অৱলোকনৰ মাজেদিও কবিয়ে কৰুণতাক উপলব্ধি কৰিছে। কবিৰ ভাষাত:

“মোৰ দেশৰ  ক্লিষ্ট দেহত

পতাকাখনৰ জৰী গছেৰে

তেজৰ টোপাল নিগৰি পৰিছে।” (পতাকা)

কবিৰ কাৰুণ্য প্ৰকাশক কবিতাবোৰত ধীৰ-স্থিৰ আৰু সংযমী কাৰুণ্যৰ প্ৰকাশ আছে; কিন্ত কাৰুণ্য উদয়ৰ বিভাৱ (substantial) নাই। কাৰুণ্যৰ বিভাৱবোৰ  বহু সময়ত উহ্য আছে। অৰ্থাৎ কৰুণ ৰসেৰে সিক্ত কবিৰ কবিতােবাৰৰ পটভূমি প্ৰধানকৈ কবিয়ে বাস কৰি থকা সমাজখনেই।০ ০ ০

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

 

Leave a Reply

Your email address will not be published. Required fields are marked *