হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা

হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা

— ৰাব্বি মছৰুৰ

বিংশ শতাব্দীৰ অসমীয়া কাব্যমোদী পাঠকসমাজৰ সহানুভূতি, মৰম আৰু শ্ৰদ্ধা বুটলি ল’বলৈ সমৰ্থ হোৱা এজন জনপ্ৰিয় কবি হ’ল হীৰেন ভট্টাচাৰ্য। ভাৱ আৰু বিষয়বস্তুত তেওঁ তেওঁৰ নিকটপূৰ্ব আৰু সমসাময়িক কবিসকলৰ  স’তে খোজ মিলাই গতি কৰিলেও আধুনিক অসমীয়া কবিতাত ভাষা আৰু শব্দ প্ৰয়োগৰ দৃষ্টিভঙ্গীত তেওঁ এক নতুনত্ব আনয়ন কৰে। স্বদেশপ্ৰেম, সাম্যবাদ প্রতিষ্ঠাৰ হকে বিপ্লৱ, প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম, ৰঙীন ভৱিষ্যতৰ প্ৰতি আশাবাদ আদি তেওঁৰ কবিতাৰ বিষয়বস্তু। তলত এই বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল।

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ পাত লুটিয়ালেই যিটো বৈশিষ্ট্যই পাঠকৰ আগত স্পষ্টকৈ ধ’ৰা দিয়ে সেয়া হৈছে তেওঁৰ অনুভৱশীল মনৰ শিৰাই শিৰাই প্ৰতিধবনিত হোৱা স্বদেশপ্ৰেম। কবিয়ে স্বদেশক ভাল পায়। কিন্তু তেওঁৰ এই ভালেপাৱা অকল অনুভূতিশীল মনৰ কোঠাতেই আবদ্ধ হৈ থকা নাই; ই বাঢ়নী  পানীৰ দৰে উত্তাল আৰু বলিয়া হৈ  উদাত্ত কণ্ঠত প্ৰকাশ পাইছে। কবিয়ে স্বদেশক ইমানেই ভাল পায় যে তেওঁ মাত্ৰ নিজৰ দেশৰ বাবেই যেন  জীয়াই আছে। কবিৰ বাবে তেওঁৰ স্বদেশ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ। কবিয়ে কৈছে:

”মোৰ প্ৰাণৰো প্ৰাণৰ,  মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী  ভৱিষ্যতৰ সপোন , মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সেপানৰ কলৰোল।

…..

এই দেশৰ বাবে  মই জীয়াই আছো। এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো – মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো।”

(মোৰ দেশ)

কবিয়ে আন এটি কবিতাত কৈছে যে কবিয়ে দেশৰ বাবে  সংগ্ৰাম কৰিবলৈ আৰু  জীৱন দান কৰিবলৈ প্ৰস্তুত। কবিৰ ভাষাত:

“দেশ বুলি ক’লে আদেশ নালাগে,

মোৰ তুমৰুলি তেজত টগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা।”   (দেশ আৰু অন্যান্য বিষয়ক)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটি হৈছে দেশৰ নিঃস্ব, নিষ্পেষিত, দৰিদ্ৰ, শোষিত আৰু লাঞ্ছিত জনসাধাৰণৰ হকে শোষক শ্ৰেণীৰ বিৰুদ্ধে স্পৰ্ধাময় কণ্ঠত প্ৰকাশ কৰা বিপ্লৱৰ সুৰ। তেওঁৰ বিপ্লৱ সাম্যবাদী সমাজ  গঠনৰ সপক্ষে। কবিয়ে ভাবে যে সাম্যবাদী সমাজ গঠন সম্ভৱ অকল বিপ্লৱৰ দ্বাৰাহে।  কবিয়ে কৈছে:

“জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব

পৃথিৱীৰ অপৰূপ ৰূপ

সেয়ে জুইকুৰা ময়েই জ্বলালো।”

(শোভাযাত্ৰাত নিহতজনৰ কবিতা)

কবিয়ে শোষক শ্ৰেণীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আকৌ প্ৰাগলভ কণ্ঠত গৰ্জি উঠিছে:

“মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।

কেতিয়াবা ভাবো  খুন কৰো, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত।

মোৰ তেজৰ শিখাত বাৰুদ ভ’ৰা স্বপ্নৰ যন্ত্ৰণা।”   (প্ৰস্তাৱনা)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ তৃতীয় বৈশিষ্ট্যটি হৈছে প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম। কিন্তু এই প্ৰেম স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ দৰে উদাত্ত নহয়; ই মলয়াৰ দৰে শীতল আৰু ফুলৰ দৰে কোমল। তেওঁৰ বহুতো কবিতাত  প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমভাৱৰ  ঝনঝননি আছে যদিও বহু ক্ষেত্ৰত প্ৰকৃতিৰ দৃশ্যৰাজিক প্ৰতীকি অৰ্থতহে ব্যৱহাৰ কৰিছে।  কবি প্ৰকৃতিৰ নানান সুন্দৰ ৰূপ চাই মোহিত হৈছে, কিন্তু কবিয়ে তেওঁৰ কবিতাত এই অনুভৱটো প্ৰকাশ কৰাত কৃপণতা কৰা যেন দেখা যায়। কিন্তু তেওঁ যে প্ৰকৃতিক অকৃত্ৰিমভাৱে ভাল পায় তলত উদ্বৃত কবিতা ফাঁকিয়ে তাৰ সাক্ষৰ বহন কৰে।

“গুন গুন যেন এজাক মৌমাখি,

মোৰ গাঁৱৰ সিখনি নদী,

যাৰ- সুৱদি সোঁতত

পলৰীয়া মন মোৰ বন্ধী।” (সেই নদী)

তেওঁৰ কবিতাৰ আন এক প্ৰশংসনীয়  বৈশিষ্ট্য হৈছে  এন্ধাৰৰ জোলোঙাৰে দেখা পোৱা ভৱিষ্যতৰ প্ৰতি সোণালী আশাবাদ। তেওঁৰ আশাবাদ সমাজৰ দুখীয়া, নিচলা, দৰিদ্ৰ-পীড়িত সৰ্বসাধাৰণৰ হকে। কবিয়ে আশা কৰে যে যদি জনসাধাৰণ সিহঁতৰ সামাজিক অৱস্থাৰ প্ৰতি সচেতন হয় তেন্তে নিশ্চয় এদিন সমাজত সমাজবাদ প্রতিষ্ঠা হ’ব। সমাজত সাম্য, মৈত্ৰী আৰু শান্তি বিৰাজ কৰিব। কবিয়ে আশা কৰিছে:

“কলঘৰৰ ক’লা ধোঁৱাই

এদিন আকাশত বিজুলী জ্বলাব

ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই 

জীৱনৰ বাটে বাটে ফুল ফুলাব।

ব্যাধিগ্ৰস্ত এই নগৰে এদিন

আকাশলৈ মূৰ তুলি চাব:

আকাশ ইমান বহল!

দকৈ উশাহ লৈ ক’ব:

বতাহ ইমান কোমল।”  (নাগৰিক)

বিষয়-বস্তুৰ পিনৰ পৰা কবি হীৰেনৰ কবিতা যুগোপযোগী আৰু তেওঁৰ সমসাময়িক কবিসকলৰ লগত একেডাল সুৰ আৰু সূতাঁৰে গ্ৰথিত যদিও ভাষাশৈলী আৰু প্ৰকাশভঙ্গীৰ পিনৰ পৰা তেওঁ স্বতন্ত্ৰ, অনন্য আৰু মৌলিক।  তেওঁ কবিতাত ভাৱ আৰু ভাষাৰ মাজত ঐক্য সাধনৰ প্ৰতি অত্যন্ত মনোযোগী আৰু সতৰ্কশীল। কবিতাত তেওঁৰ বাবে শব্দ নিৰ্বাচন অতীব প্ৰয়োজনীয় দিশ বুলি ভাৱে। ভাৱৰ লগত মিলি যোৱকৈ উপযুক্ত আৰু উপাদেয় শব্দ নিৰ্বাচনত গুৰুত্ব দি কবিয়ে লিখিছে:

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত 

জীৱন ধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ উত্তাপ 

মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক,

মই শব্দবোৰ  জিভাত দি চাওঁ

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ

কিমান তপত।

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ 

তেজ-দীপ্ত সন্তান।”  (মোৰ এই শব্দবোৰ )

কবি হীৰেন ভট্টাচাৰ্যই শব্দ নিৰ্বাচনত  ইমানেই গুৰুত্ব দিছে যে তেওঁৰ বহু কবিতাই জটিল শব্দৰ আখৰা যেনহে  লাগে।  তেওঁৰ বহু কবিতাত জটিল শব্দৰ প্ৰয়োগে তেওঁৰ কবিতাৰ ভাৱ আৰু অৰ্থক স্পষ্ট কৰাৰ পৰিবৰ্তে অস্পষ্ট আৰু অবোধগোম্যহে কৰি তুলিছে। উদাহৰণস্বৰূপে তলৰ উদ্বৃত কেইশাৰীমান কবিতালৈ আঙুলিয়াব পাৰি:

“মোৰ অসহায় চকুৰ আগত বিশাল

শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন

শক্তিত স্ফীত শাখা প্ৰশাখাত

উৎসৱান্ত ধুমুহাৰ কোলাহল,

মুক্ত, উদ্ধত আৰু সুস্পষ্ট  বিবেকী 

বজ্ৰৰ নিৰ্ঘোষ।”  (মোৰ আৰু পৃথিৱীৰ)

ওপৰুদ্ধৃত কবিতা কেইফাঁকি পঢ়িবলৈ বা আবৃতি কৰিবলৈ ভাললগা যদিও সাধাৰণ পাঠকৰ বাবে  বোধগম্যতাৰ পিনৰ পৰা জটিল।

তেওঁৰ কবিতাৰ সৰহভাগেই জটিল শব্দৰ ভিৰত ভাৰাক্ৰান্ত যদিও কবিয়ে উপমা, ৰূপক, প্ৰতীক, অনাষক্ত বিশেষণ, অনুপ্ৰাস আদি অৰ্থালংকাৰ আৰু শব্দালংকাৰেৰে  কবিতাক অলংকৃত কৰিছে। উপমাৰ উদাহৰণ হিচাপে তলত উদ্ধৃত কবিতা কেইশাৰীলৈ আঙুলিয়াব পাৰি:

(ক) কাল সমুদ্ৰত আহিছে জোঁৱাৰ

যেন ক্ষুব্ধ অজগৰ।

(খ) মোৰ শৰীৰৰ চেঁচা তেজত 

ফুটুকী হৰিণীৰ দৰে

হঠাৎ জপিয়াই পৰে 

এচেৰেঙা  ৰ’দ: উদগ্ৰীৱ, উৎসুক।

(গ) সংগোপনে মই মোৰ জীৱন 

মোৰ বন্ধুৰ  হাতত তুলি দিলো

যিদৰে আলফুলে প্ৰিয়াৰ খোপাত

পিন্ধাও এপাহ গোলাপ।

ৰূপকৰ উদাহৰণ হিচাপে তলত দিয়া শাৰী কেইটা আগবঢ়াব  পাৰি:

(ক) দেহৰ হুলত এতিয়া মোৰ 

লাগি আছে মাটিৰ কোলাহল।

(খ) ৰোষৰ তেজাল আঙুৰ

সৰে থোকে থোকে।

কবি হীৰেন ভট্টাচাৰ্যই আশা, শান্তি আৰু পোহৰৰ প্ৰতীক হিচাপে ছাঁ, নীলা ৰং, পাৰ চৰাই, ফুল, সূৰ্য আদিক ব্যৱহাৰ কৰিছে  আৰু সাপ, কুঁৱলী, বসন্ত ঋতু, বৰ্ষা আদিক এন্ধাৰ বা অশান্তিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।

কবি হীৰেনৰ কবিতাৰ শব্দ আৰু অৰ্থালংকাৰৰ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে অনাষক্ত বিশেষণৰ প্ৰয়োগ, যেনে – ‘ৰাতিৰ নিটোল শৰীৰ’, ‘চেতনা থৰ থৰ অন্ধকাৰৰ পোহৰ’, ‘নিৰ্জন ৰাতিৰ ক্লীৱতা’ ইত্যাদি।

অনুপ্ৰাস অলংকাৰো তেওঁতৰ কবিতাত বিদ্যমান। উদাহৰণ – ‘দীনতাৰ দাহনত’, পূৰ্ণতাৰে পৰিপূৰ্ণ পৃথিৱীৰ অপৰূপ ৰূপ’, নদীৰ দৰে নিৰ্মল’ ইত্যাদি।

সামৰণিত ক’ব পাৰি, কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা ভাৱ আৰু ভাষাৰ ক্ষেত্ৰত বিংশ শতাব্দীৰ অসমীয়া কাব্যাকাশত এটি পৰিপূৰ্ণ বাগিছা যাৰ কাষত থিয় দি বিংশ শতাব্দীৰ অসমীয়া সমাজখনৰ পোহৰ আৰু এন্ধাৰ, চাৰুতা আৰু কুৎসা – এই আটাইবোৰ  ৰূপেই উপভোগ কৰিব পাৰি। ০ ০ ০

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ   ৰচিত কেইখনমান গ্রন্থ:

Leave a Reply

Your email address will not be published. Required fields are marked *