হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ

— ৰাব্বি মছৰুৰ

ধনী আৰু  দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু বনুৱা শ্ৰেণীৰ মাজত চলি থকা অৰ্থনৈতিক বৈষম্য দূৰীকৰণৰ  উপায় চিন্তি উনবিংশ শতাব্দীৰ শেষ ভাগত জাৰ্মানীত জন্ম গ্ৰহণ কৰা কাৰ্ল মাৰ্ক্সয়ে “সাম্যবাদী সমাজবাদ তত্ত্ব” ৰ অবতাৰণা কৰে। ধনী আৰু দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু উৎপাদক শ্ৰেণীৰ মাজত সম্পদৰ সম বিতৰণ আৰু ৰাষ্ট্ৰৰ সকলো সম্পদ উমৈহতীয়াভাবে সমাজৰ হাতত অৰ্পণ অৰ্থাৎ উৎপাদনৰ আহিলাক সামাজিকীকৰণ কৰাই এই সাম্যবাদী সমাজবাদ তত্ত্বৰ মূল আদৰ্শ। কাৰ্লমাৰ্ক্সৰ এই সমাজবাদৰ তত্ত্ব ‘দাচ কেপিটেল’ আৰু ‘কমিউনিষ্ট মেনিফেষ্ট’ নামৰ গ্ৰন্থ দুখনত প্ৰকাশ পোৱাৰ লগে লগেই  বিশ্বৰ পুঁজিপতি শ্ৰেণীৰ হাতত যুগ যুগ ধৰি শোষিত হৈ থকা কৃষক, বনুৱা শ্ৰেণীৰ দৃষ্টি আকৰ্ষণ কৰে। সৰ্বসাধাৰণৰ হৈ মাত মতা শিল্পী সাহিত্যিক সকলো এই সাম্যবাদী সমাজবাদৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়ে সিহঁতৰ সৃষ্ট শিল্প সাহিত্যতো এই আদৰ্শৰ ঢৌ উঠে। প্ৰথমতে ইংৰাজী, ফঁৰাচী আৰু ৰুছ সাহিত্যত সমাজবাদৰ সপক্ষে দুন্দুভি ধবনিৰ অনুৰণন আৰম্ভ হয়  যদিও ক্ৰমে ক্ৰমে এই আদৰ্শ বিশ্ব সাহিত্যত পৰিবলৈ ধৰে। ভাৰতৰ শিল্পী-সাহিত্যিকসকলো এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সিহঁতৰ শিল্প-সাহিত্যৰ জৰিয়তে সমাজবাদী আদৰ্শত সমাজ গঢ়াৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰে। বিংশ শতাব্দীৰ দ্বিতীয় দহকৰ পৰা  ইংৰাজী আৰু বঙালী সাহিত্যৰ যোগেদি  অসমীয়া সাহিত্যত এই সমাজবাদী আদৰ্শৰ আনয়ন হয়। লগে লগে কেইবাজনো অসমীয়া সাহিত্যিকে সমাজবাদী আদৰ্শৰ ভিত্তিত  সমাজ গঠনৰ হকে সাহিত্যৰ যোগেদি বিপ্লৱ আৰম্ভ কৰে। বিষ্ণুৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা সেইসকলৰ মাজৰ অগ্ৰদূত। অসমত এই দুজন কবিৰ আঁত ধৰিয়েই  পৰবৰ্তী বহুতো কবিয়ে সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য ৰচনাত মনোনিেবশ কৰে। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকত হীৰেন ভট্টাচাৰ্য নামৰ কবিজনেও এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কবিতা ৰচনাত হাত দিয়ে।  তেওঁ ভৰিৰ পৰা মূৰলৈকে সমাজবাদী কবি। তেওঁৰ কবিতাৰ শাৰীয়ে শাৰীয়ে, শব্দে শব্দে, সমাজবাদৰ প্ৰতি থকা কবিৰ আন্তৰিক বিশ্বাস, শ্ৰদ্ধা আৰু ভক্তি প্ৰাগলভ কণ্ঠত প্ৰকাশ পাইছে। কবিৰ পূৰ্বৱৰ্তী কবি বিষ্ণুৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে কবি হীৰেন ভট্টাচাৰ্যয়ো বিশ্বাস কৰে যে সমাজৰ পৰা দৰিদ্ৰতা আৰু বৰ্ণ-বৈষম্য দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে সাম্যবাদী সমাজ প্রতিষ্ঠা কৰা। তেওঁ আৰু বিশ্বাস কৰে যে এই সমাজবাদী আদৰ্শৰ সমাজ প্রতিষ্ঠা কৰাৰ বাবে শিল্পী সমাজ আগবাঢ়ি আহিব লাগিব আৰু সিহঁতে কৃষক, বনুৱা, হালোৱা শ্ৰেণীটোক এই আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ কৰিব লাগিব। তেওঁ অকল কাৰ্ল মাৰ্ক্সৰ সমাজবাদী তত্ত্বত বিশাসী নহৈ লেলিনৰ প্ৰায়োগিক সমাজবাদ প্রতিষ্ঠাৰ ওপৰত জোৰ দিছে।  ফলত তেওঁৰ সমাজবাদী কবিতাসমূহ হৈ উঠিছে বিপ্লৱধৰ্মী। তেওঁ বিপ্লৱ কৰিছে সমাজৰ সৰ্বহাৰা বনুৱা, কৃষক আৰু দুখীয়া নিচলা সকলৰ সপক্ষে। কবি হীৰেন ভট্টাচাৰ্য একান্তভাৱেই বিশ্বাস কৰে যে সমাজবাদেই দুখীয়া শ্ৰেণীৰ মুক্তিৰ শেষ উপায়। সেয়ে এই শ্ৰেণীটো সমাজবাদৰ সপক্ষে সৰৱ হৈ উঠিলে এদিন ৰাষ্ট্ৰত সমাজবাদ প্রতিষ্ঠা হ’ব আৰু সমাজৰ পৰা শ্ৰেণী বৈষম্য আঁতৰ হ’ব।

কবি জ্যোতি প্ৰসাদ আগৰৱালাৰ সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজৰ সংকীৰ্ণ গণ্ডিৰ পৰা ওলাই আহি সমাজবাদৰ হকে দুৰ্বাৰ প্ৰতিবাদত বজ্ৰকণ্ঠে গান গাবলৈ কবি  হাবিয়াস কৰিছে। কবিৰ ভাষাত:

“মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধ’ৰা

তোমাৰ স’তে গাবলৈ দিয়া

ধুমুহাৰ গান, বজ্ৰৰ গান।”  (জ্যোতি, সেই জ্যোতি)

কবি আশাবাদী। তেওঁ নিশ্চয় সপোন দেখিছে যে জনগণে সমাজবাদী আদৰ্শ হৃদয়াঙ্গম  কৰিছে আৰু এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ  সিহঁতৰ কিছুমানে প্ৰতিবাদ কৰা আৰম্ভ কৰিছে। কবিয়ে কৈছে:

“কাল সমুদ্ৰত আহিছে জোঁৱাৰ

যেন ক্ষুব্ধ অজগৰ।

জনতাৰ প্ৰগলভ কণ্ঠত

দুৰ্মদ প্ৰতিবাদ।”  (যন্ত্ৰণা)

শোষণৰ বাঘজৰী ছিঙি  মুক্ত হোৱাৰ শেষ আশ্ৰয় সমাজবাদ। সেয়া কবিয়ে  উপলব্ধি কৰিছে এই আদশৰ্ৰ দ্বাৰা যে আফ্রিকা, তেলেঙ্গানাৰ  জনসাধাৰণো এই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছে। কবিয়ে সেই কথা স্বীকাৰ কৰি লিখিছে:

“……. মই কেতিয়াবা

এতিয়াও পোহৰত সাৰ পাই উঠো

আফ্রিকা  নে তেলেঙ্গানা ক’ৰবাত

সেই ঘোঁৰা যেন হিলদ’ল ভাঙি লৰিছে।” (শৰ সন্ধান)

কবিয়ে সমাজত দেখা পাইছে যে এদল যুৱক ইতিমধ্যে সমাজবাদৰ সপক্ষে বিষ্ফোৰণ আৰম্ভ কৰিছেই। সেয়ে কবিয়ে ক’ব পাৰিছে:

“আজি মই 

অনাৰ্বত বহাগৰ স্তব্দতাত

ওঁঠ থৈ  সগৰ্ভা পৃথিৱীৰ

গৰ্ভ সঞ্চাৰিত ইচ্ছাৰ 

যি বিষ্ফোৰণ দেখিছো

তাৰ আঘাতত থানবান হৈ যোৱা মোৰ পৌৰুষ 

নক্ষত্ৰ তৰংগেৰে যেন

জ্বলি উঠিছে।   (স্তম্ভিত বিদ্যুত)

কবিয়ে ভাৱে যে বিপ্লৱৰ দ্বাৰা পৰিবৰ্তন সম্ভৱ। সেয়ে কবিয়ে নিজেই সুন্দৰ পৃথিৱী  গঢ়াৰ মানসেৰে বিপ্লৱৰ জুই জ্বলাইছে। কবিৰ ভাষাত:

“জানো আই, এই জুইৰ পোহৰত 

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ 

উঠিব পৃথিৱীৰ অপৰূপ ৰূপ।

সেয়ে জুইকুৰা ময়েই জ্বলালো।”

(শোভাযাত্ৰাত নিহতজনৰ কবিতা)

কবিয়ে জানে যে দুখীয়া শ্ৰেণীৰ সুখ-শান্তিৰ প্ৰধান অন্তৰায় হৈছে ধনী অৰ্থাং পুঁজিপতিসকল। এই পুঁজিপতি শ্ৰেণীৰ হাতত কৃষক-বনুৱা শ্ৰেণী বন্দী। সেয়ে কবিয়ে দুৰ্বাৰ খঙত চিঞৰি উঠিছে:

“মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।

কেতিয়াবা ভাবো  খুন কৰো, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত।

মোৰ তেজৰ শিখাত বাৰুদ ভ’ৰা স্বপ্নৰ যন্ত্ৰণা।”  (প্ৰস্তাৱনা)

আজি সমাজ ব্যৱস্থাৰ পৰিসীমা সোলোক-ঢোলোক। চাৰিওফালে কেৱল দুৰ্নীতি। অশ্লীল বণিজ, পাপ মুদ্ৰাৰ অবাধ বিচৰণ। এইবোৰৰ পৰা সমাজক ৰক্ষা কৰিবলৈ কবিয়ে কৈছে:

”উচন গ’ল গাঁও। নষ্ট নগৰ

মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ।

পাপ মুদ্ৰাৰ পয়োভৰ।

হে সময় গৰ্জি উঠা, 

নিয়োজিত কৰা সর্বোত্তম প্ৰতিভা।” (সংকট দিন)

কবিতা মাথো শিল্প নহয়। ই হৈছে সমাজবাদৰ সপক্ষে চোকা অস্ত্ৰ। সেয়ে তেওঁৰ কবিতা বিপ্লৱী আদৰ্শৰ দ্বাৰা সিক্ত। কবিৰ ভাষাত:

“কাব্যতো নহয় সহজ পণ্য,

অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,

তেজত প্ৰতিবাদ,সত্ত্বাত বিপ্লৱ।” (প্ৰয়াত কবিৰ স্মৰণত)

কবি হীৰেন ভট্টাচাৰ্য মূলত সমাজবাদী কবি আৰু কবিতাৰ দ্বাৰা তেওঁ সমাজত যি সমাজবাদ প্রতিষ্ঠা কৰাৰ সপোন দেখিছে সেয়া নিশ্চয় প্ৰশংসনীয় যদিও আজি বিশ্বত সাম্যবাদী ঢৌ উঠিবৰ এক শতাব্দী পাৰ হৈ গ’ল, তথাপি পৃথিৱীৰ কোনো দেশত পৰিপূৰ্ণ ৰূপত  সাম্যবাদী সমাজবাদ প্রতিষ্ঠা নহ’ল আৰু ধনী-দুখীয়াৰ বৈষম্যও আঁতৰ নহ’ল। কবি হীৰেন ভট্টাচার্য সমাজবাদৰ হকে কবিতা লিখি শিল্পী হিচাপে সফল হ’লেও আদৰ্শ প্রতিষ্ঠা কৰাত সফল হ’ব পৰা নাই । অৱশ্যে কবি সকলৰ সেয়া দায়িত্বও নহয়। সমাজবাদী কবিসকলে মানৱ সমাজক সমাজবাদী আদৰ্শৰ প্ৰতি সচেতনহে কৰিব বিচাৰে যাতে সৰ্বহাৰা জনসাধাৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তৎপৰ হয়। অৱশেষত ক’ব পাৰি সমাজবাদী বিপ্লৱী কবি হিচাপে হীৰেন ভট্টাচাৰ্য এজন সফল কবি। ০ ০ ০

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *