হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা

— ৰাব্বি মছৰুৰ

কৰ্মময় মানৱ জীৱনৰ দুটা দিশ বা গতি আছে – এটা বাহ্যিক অৰ্থাৎ শাৰীৰিক আৰু আনটো মানসিক। সহজ কথাত ক’বলৈ গ’লে এটা লোকচক্ষুৰ সন্মুখত সামাজিক জীৱন আনটো লোকচক্ষুৰ অন্তৰালত থকা মানসিক অনুভৱৰ জীৱন। প্ৰতিজন শিল্পী সাহিত্যিকৰ সৃষ্টিত এই দুটা গতি বা দিশেই  প্ৰত্যক্ষ বা পৰোক্ষভাৱে জানিত বা অজানিতভাৱে প্ৰকাশ পায়। কিয়নো কোনো শিল্পী-সাহিত্যিকেই জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰে।  গতিকে শিল্প সাহিত্য মানে জীৱনৰ অভিব্যক্তি- সি শাৰীৰিক বা বাস্তৱ কৰ্মময় জীৱনৰ অভিব্যক্তি হ’ব পাৰে বা মানসিক (চিন্তা, অনুভৱ)  জগতৰ অভিব্যক্তি হ’ব পাৰে। যেতিয়া কোনো ব্যক্তিয়ে নিজৰ বাস্তৱ কৰ্মময় জীৱনৰ  অৰ্থাৎ লোকচক্ষুৰ আগত থকা সামাজিক জীৱনৰ কাহিনী বা ঘটনা ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰে তেতিয়া তাক ‘আত্মজীৱনী‘ (Autobiography) বুলি কোৱা হয়। কিন্তু এনে কিছুমান শিল্প-সাহিত্য আছে যিবোৰত শিল্পীজনৰ কৰ্মময় বাস্তৱ জীৱনৰ  কাহিনী প্ৰকাশ পোৱাৰ পৰিবৰ্তে লোকচক্ষুৰ অন্তৰালত থকা  আনুভূতিক আৰু চিন্তা জগতৰ কথা প্ৰকাশ পায়- যিবোৰ তেওঁৰেই জীৱনৰ অবিচ্ছেদ্য অংগ।  কিন্তু দুখৰ বিষয় এই যে  তেনে সাহিত্যক আত্ম জীৱনীৰ শ্ৰেণীত পেলোৱাৰ কোনো প্ৰচেষ্টা আজিলৈকে হোৱা নাই।  কাৰ্ল মাৰ্ক্সৰ ‘ডাচ কেপিটেল’ নামৰ গ্ৰন্থখনত লিখকজনৰ  বাস্তৱ কৰ্মময় জীৱনৰ কোনো কথা নাই যদিও কিতাপখন তেওঁৰ মানসিক চিন্তা জগতৰ উৎকৃষ্ট নিদৰ্শন।  কিন্তু সাহিত্যত যেহেতু লিখকৰ আনুভূতিক জগতৰ কথা নুই কৰিব নোৱাৰি গতিকে পৃথিৱীৰ যিকোনো ভাষাৰ  যিকোনো কবিতাই মানসিক জীৱনৰ খণ্ড জীৱনী বুলি ক’ব পাৰি। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া কবিতাৰ সাম্ৰাজ্যত এক বিশেষ আসন দখল কৰা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাও কবিজনৰ জীৱনৰ অঙ্গ। কিন্তু তেওঁৰ কবিতাত তেওঁৰ কৰ্মময় সাংসাৰিক জীৱনৰ কথা প্ৰকাশ পোৱাতকৈ  তেওঁৰ আনুভূতিক জীৱনৰ কথাহে প্ৰকটভাৱে প্ৰকাশ পাইছে। সৰ্বহাৰা দৰিদ্ৰ কৃষক-বনুৱাহতঁৰ আৰ্থিক দূৰৱস্থাৰ প্ৰতি অনুভৱশীল মনৰ অনুভূতি, স্বদেশৰ প্ৰতি থকা কবিৰ আত্মিক ভালপোৱা, প্ৰকৃতিৰ প্ৰতি কবিমনৰ সৌন্দৰ্যসুলভ অনুভৱ আদি মানসিক দিশবোৰ তেওঁৰ কবিতাৰ পাতে পাতে স্বচ্ছ স্ফটিক ধাৰাত প্ৰবাহিত হৈছে। অৱশ্যে কবিজনৰ নিজৰ জীৱনত মুখামুখি হোৱা কিছু কিছু বিক্ষিপ্ত ঘটনাও কাব্যিক ৰূপ লৈছে। বিশেষকৈ তেওঁ যে ধনীক শ্ৰেণীৰ হাতত সৰ্বহাৰা নাগৰিকসকলৰ দৰে অৰ্থনৈতিক শোষণৰ বলি হৈছে তাৰো বাস্তৱ চিত্ৰ কবিজনাই তেওঁৰ কবিতাত ফুটাই তুলিছে।

কবিয়ে বাস্তৱ কৰ্মময় জীৱনত অনেক দুখ বেদনাৰ মুখামুখি হৈছে। কবিয়ে তাৰ এক খণ্ড চিত্ৰ কবিতাৰ মাজেৰে এনেদৰে ফুটাই তুলিছে:

“এনেকৈয়ে আছো: দুখ মোৰ কোলাৰ কেঁচুৱা

বাৰে বাৰে দুহাতেৰে দাঙি ল’ব লাগে।

জিভাত দুখৰ ঘৰৰ লোণ 

ওকালিত ওলাই আহে ভাতৰ নিসনি।”     (মোৰ আৰু পৃথিৱীৰ) 

দুখ কবিৰ জীৱনৰ লগৰীয়া। জীৱনৰ বাটত তেওঁ মাথো দুখকেই পাইছে আৰু দৰিদ্ৰ বেশেই জীৱন-যাপন কৰিব লগা হৈছে।  কবিয়ে এই বাস্তৱ দিশটো কবিতাৰ মাজেদি প্ৰকাশ কৰিছে, এইদৰে:

“কামিজৰ সিঁয়নিত দুখ, দুখৰ স্তুতি,

মোৰ গাত হাত থলেই পাবা

হীৰেন নামৰ কবি

পদাচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।”

(মোৰ আৰু পৃথিৱীৰ)

কবি দুখৰ মাজতে শুই আছে যদিও সুখৰ সপোন ৰচিবলৈ পাহৰা নাই। কবিয়ে কৈছে:

“দুখৰ মাটিত মই শুই আছো:

শিতানত মোৰ সপোনৰ সঁচাৰ কাঠি।”  (মোৰ আৰু পৃথিৱীৰ)

কবিয়ে জীৱনত দৰিদ্ৰতা দূৰীকৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে যদিও দৰিদ্ৰতাক আঁতৰ কৰিব পৰা নাই। সেয়ে গৰখীয়া ল’ৰাৰ গীত শুনি গৰখীয়াজনক  উদ্দ্যেশি কৈছে:

“ভাই সময় বুজি আহিবা এদিন

ফু মাৰি চোতালত 

লগে ভাগে খাম

দুখৰ ধানৰ এসাজ ভাত” (গৰখীয়া ল’ৰাৰ গীত শুনি)

আন এটি কবিতাত কবিয়ে নিজৰ আৰ্থিক দৈন্যতাৰ কথা প্ৰকাশ কৰিছে  এনেদৰে:

“তুমিতো জানাই 

এই কবিৰ আৰু একো নাই।

এটাই মাথো কামিজ

তাৰো ছিগো-ছিগো চিলাই।

প্ৰেম নিশ্চয় এনেকুৱাই

আবৰণ খুলি হৃদয় জুৰায়।”   (ভোগালী)

কবি ইমানেই দৰিদ্ৰ-পীড়িত যে ৰেহাই মূল্যতো খদ্দৰ কিনাৰ সামৰ্থ তেওঁৰ নাই। কবিয়ে এই বাস্তৱ দিশটো অংকন কৰি লিখিছে:

“অক্ষমতাক ক্ষমা কৰিব

মইতো নেজানো।

ৰেহাই মূল্যতো খদ্দৰ কিনাৰ সামৰ্থ মোৰ নাই।”  (আত্মপক্ষ)

কবিয়ে প্ৰকৃতি প্রদত্ত বয়স গচকি গচকি বৃদ্ধ অৱস্থা পোৱাৰ লগে লগে শাৰীৰিক শক্তিও কমি আহিছে। সেয়ে কবিয়ে নিজৰ শাৰীৰিক দুবৰ্বলতাক স্বীকাৰ কৰি লিখিছে:

“মোৰ দেখোন আজিকালি 

বৰ অলপতে হাত ভৰি কঁপে ।

বন্দুকতো দূৰৰ কথা

ধনু কাঁড়ো জুৰিব নোৱাৰো।”  (লখিমী)

কবিতা হৈছে হৃদয়ৰ বস্তু। মনত উদয় হোৱা অনুভূতিৰ শব্দময় অভিব্যক্তিযেই কবিতা। ই বাস্তৱ কৰ্মময় জীৱনৰ হুবহু ডায়েৰী বা কাহিনী নহয়। সেয়ে কবিতাত বাস্তৱ জীৱনৰ কাহিনী বিচাৰি যোৱা মানেই আকাশত জোনাক ধৰিবলৈ যোৱাৰ দৰেই অবাস্তৱ। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাও তেনে।  তেওঁৰ কবিতাত তেওঁৰ মনৰ আনুভূতিক দিশটোৰহে প্ৰতিফলন  ঘটিছে। অৰ্থাৎ তেওঁৰ কবিতা কবিজনৰ মানসিক অনুভৱ জগতৰ খণ্ড চিত্ৰহে, সঁচা অৰ্থত আত্মজীৱনী নহয়।০ ০ ০

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *